আলহী যোৱাৰ পিছত অনুপমাই
নিৰৱে নিজৰ বস্তু বাহানিবোৰ সামৰিবলৈ আৰম্ভ কৰিলে। কাৰো সৈতে কথা পাতিবলৈ তাইৰ মন
নগ’ল। ক্লাৰাই বাৰাণ্ডাতে আমন জিমনকৈ বহি থাকিল। কেভিনে
খোজ কাঢ়িবলৈ ওলাই গ’ল।
দেউতাকে অনুপমাক আলেঙে
আলেঙে চালে। তাই মন মাৰি থকা দেখিলে তেওঁৰ বুকুখন বিষাই যায়।
তেওঁ শোৱনি কোঠাত
অৰুণিমাৰ ফটোখনৰ ওচৰত অকণমান বহিল।
“অৰু, মই বৰ অসহায় অনুভৱ
কৰিছোঁ। তুমিয়েই কোৱা, মই কি কৰোঁ। মাজনীয়ে মনটো
মাৰি পেলাইছে”। তেওঁ অৰুণিমাৰ মুখখনলৈ বহুপৰ চাই থাকিল।
অৰুণিমাৰ চকুজুৰিয়ে
বহুদিনৰ মূৰত যেন তেওঁক কিবা এটা ইংগিত দিলে।
পেকিং বোৰ শেষবাৰলৈ ঠিক
ঠাক কৰি সামৰি থকাৰ সময়ত দেউতাক অনুপমাৰ
ওচৰলৈ আহিল। তাইৰ ওচৰতে বহি তেওঁ কিছুপৰ তাইলৈ একে থিৰে চাই থাকিল।
তেওঁ মন কৰিলে, তাইৰ মুখখন বিষন্ন হৈ আছে। তাইৰ মুখত সদায় লাগি থকা হাঁহিটো হেৰাই গৈছে। তেওঁৰ
বুকুখন কিহবাই হেঁচা মাৰি ধৰিলে। তাই দুখ পোৱাটো তেওঁ
কেতিয়াও সহ্য কৰিব নোৱাৰে।
“মাজনী, তই কাইলৈ যাবিগৈয়ে নহয়নে”? কৰুণ ভাৱে তাইলৈ চাই তেওঁ সুধিলে।
“যাম দেউতা। যাবতো লাগিবই”। থুতৰিৰে হেঁচা দি হাতেৰে কাপোৰ জাপি তাই লাহেকৈ ক’লে।
“তই দুখ কৰিছ নেকি মাজনী? তোৰ মনটো বেয়া লাগিছে নেকি”। তাইৰ মুখলৈ চাই তেওঁ ক’লে।
“নাই দেউতা। কিয় দুখ কৰিম। মোৰ কাৰণে চিন্তা নকৰিবা।
মই ঠিকেই আছোঁ”। সেমেকি থকা চকুহাল মচি মুখত জোৰকৈ হাঁহি বিৰিঙাই তাই
ক’লে।
“মাজনী, মোক এটা কথা ক’। কেভিনৰ লগত তই বিয়া হ’লে সুখী হ’বি নে”?
তাই একো নামাতিলে। মনে
মনে নিজৰ কাম কৰি থাকিল।
দেউতাকে তাইৰ মুখলৈ চাই
থকা দেখি এটা সময়ত তাই ক’লে, “মই নাজানো দেউতা। সকলো খেলি মেলি হৈ গ’ল। মই একো সিদ্ধান্ত ল’ব নোৱাৰোঁ। তুমি যি বিচৰা সেইমতেই সকলো হ’ব”।
দেউতাকৰ দুচকু ভৰি আহিল। তেওঁ হঠাতে অনুভৱ কৰিলে তাইৰ ইচ্ছা, তাইৰ সুখেই তেওঁৰ সুখ। তাইৰ সুখৰ বাহিৰেনো তেওঁৰ
বিচাৰিবলৈ জীৱনত আছে কি? তেওঁৰ এনে লাগিল, আইতাক জনীয়ে বিচৰা ধৰণে সকলো হ’লেই চাগে তাই সুখী হ’ব।
তেওঁ তাইক লাহে লাহে ক’বলৈ ধৰিলে, “মাজনী।
মোৰ কাৰণে তই দুখ পালে মাৰে মোক খুব বেয়া পাব”।
তাই উচপ খাই উঠিল। তাই
দেখিলে, দেউতাকৰ চকুযুৰি চলচলীয়া হৈ
পৰিছে।
“তই যদি আইতাৰৰ শেষ ইচ্ছা পূৰণ কৰাৰ কাৰণে চিন্তা কৰ, তাত মই আপত্তি নকৰোঁ। তোৰ মাৰেও হয়তো ইয়াকেই কৰিলেহেঁতেন। আমাৰ দুয়োৰো
বাবে তয়েই সকলো। তোৰ সুখেই আমাৰ সুখ”।
কথাটো শুনি অনুপমা ৰৈ গ’ল। তাইৰ যেন কথাটো বিশ্বাসেই নহ’ল।
“তুমি সঁচাকৈয়ে কৈছানে দেউতা”? তাইৰ মুখেৰে হাঁহি আৰু দুচকুৰে চকুপানী ওলাই আহিল। তাই দেউতাকক সাৱটি ধৰিলে।
“সঁচাকৈয়ে কৈছোঁ অ’ মাজনী। তোৰ মুখৰ হাঁহিটোৰ কাৰণে মই সকলো কৰিব পাৰোঁ”।
ৰাতি ভাত খোৱা টেবুলত
অনুপমাৰ দেউতাকে ক্লাৰা আৰু কেভিনৰ সন্মুখত ঘোষণা কৰিলে, “আমাৰ দেশত যদিও বিয়াত মাক দেউতাকৰ সন্মতিৰ প্ৰয়োজন হয়, মই আজি অনুপমাক এই বান্ধোনৰ পৰা মুক্ত কৰিছোঁ। তাই জীৱনত যাৰ লগতেই সুখী হ’ব বুলি ভাবে তেওঁকেই বিয়া কৰাব পাৰিব”।
ক্লাৰাই উল্লাসত চিঞৰি
উঠিল, “আপোনালৈ বহুত ধন্যবাদ আংকল।
এতিয়া কেভিনৰ লগত অনুপমাৰ বিয়াখনৰ দায়িত্ব আপুনি মোৰ ওপৰত এৰি দিয়ক”।
অনুপমা আৰু কেভিন দুয়ো
তলমুৰ কৰিলে।
পিছদিনা ডিব্ৰুগড়
বিমানকোঠত কেভিন, অনুপমা আৰু ক্লাৰাক বিদায়
দিবলৈ অনুপমাৰ দেউতাক, হৰিকাই, ৰুবী আৰু প্ৰশান্ত আহিল। ক্লাৰাই ফালৰি কাটি
প্ৰশান্তৰ ওচৰলৈ আহি ক’লে, “প্ৰশান্ত, তুমি যে আহিলা, বহুত ধন্যবাদ। কালিৰ ঘটনাটোৰ পিছত মই ভাবিছিলোঁ, তুমি মোক কেতিয়াও মোক বিদায় দিবলৈ নাহিবা”।
প্ৰশান্তই ক’লে, “নাই, নাই ক্লাৰা। মই তোমাক বেয়া পাবলগীয়া কি আছে। তুমিতো
সঁচা কথা খিনিকে কৈছা”।
“কিন্তু প্ৰশান্ত, তোমাৰ মা দেউতাই মোক গ্ৰহণ কৰা নাই। তেওঁলোকৰ কথা, চাৱনি আৰু ভাৱ ভংগীতে মই অনুভৱ কৰিব পাৰিছোঁ। মোক তেওঁলোকে ভাল পোৱা নাই। তুমি
ভাৰতীয় সংস্কৃতিত ডাঙৰ দীঘল হোৱা ল’ৰা। তুমি মা দেউতাৰ অমতত
একো নকৰিবা। যদি পাৰা মোক পাহৰি যোৱা”। এই বুলি কৈ ক্লাৰাই তলমুৰ কৰিলে।
প্ৰশান্তই তাইৰ হাত দুখনত
ধৰি ক’লে, “মোক তেনেকৈ নক’বা ক্লাৰা। মই আহিম। এদিন
তোমাৰ ওচৰলৈ নিশ্চয় আহিম”। ক্লাৰাৰ চকু দুটা চলচলীয়া হ’ল। ক’লা গগলছ জোৰেৰে তাই চকু দুটা
ঢাকি ধৰিলে।
“প্লিজ কাম ডাৰ্লিং । আই উইল ৱেইট ফ’ৰ ইউ”। ক্লাৰাৰ মাতটো থোকাথুকি
হৈ গ’ল।
অনুপমাৰ দেউতাকে কেভিনৰ
পিঠিত হাত থৈ ক’লে, “এইজনী মোৰ একমাত্ৰ ছোৱালী। তাইৰ সুখেই মোৰ সুখ। তাইক তুমি সুখত ৰাখিবা”। কেভিনে তেওঁৰ হাত দুখনত ধৰি আশ্বাস দিলে।
কেভিনে বৰুৱাৰ হাতখন ধৰি ক’লে, “আপুনি নিশ্চিন্ত থাকক”।
হৰিকাই আৰু ৰুবীৰ লগত
কেভিন আৰু ক্লাৰা দুয়ো হাত মিলালে।
কেভিনে ক্লাৰালৈ চাই ক’লে, “চোৱাচোন, তেওঁলোকৰ যুতি কি সুন্দৰ লাগিব”।
ক্লাৰাই হাঁহিলে। ক্লাৰাই
ক’লে, “আমাক
বিয়ালৈ মাতিবা। আমি আহিম”। অনুপমাই কথাখিনি বুজাই দিয়াত দুয়ো লাজ কৰিলে।
অনুপমাৰ দেউতাকে
তাইক ওচৰ চপাই আনি ক’লে, “মা
জনী। তই যাবৰ দিনা সদায় মনটো বেয়া লাগে। তই অকলে গৈ ক’ৰবাত হেৰাই যাবি বুলি বৰ ভয় লাগে। আজি কিন্তু মোৰ ভয় লগা নাই। মোৰ কান্ধৰ বোজা
আজি বহুত খিনি পাতল হ’ল যেন লাগিছে। এটা কথা
ভাবি ভাল লাগিছে, তই এজন সংগী পাইছ। হৰিয়েও
এজনী সংগী গোটাই ল’লে। মোৰ চোন কামেই নোহোৱা হ’ল”, এইবুলি তেওঁ নিজৰ ৰসিকতাত নিজেই
হাঁহিলে।
পিছ মূহুৰ্ততে তেওঁ
চিন্তাক্লিষ্ট হৈ ক’লে, “কেভিনক এই কেইদিন লগ পাই বৰ ভাল ল’ৰা যেনেই লাগিছে। কিন্তু তথাপি মোৰ চিন্তা হয়। হাজাৰ
হ’লেও বিদেশী ল’ৰা। তই জনা বুজা ছোৱালী। নিজকে বচাই চলিবি”।
অনুপমাই ক’লে, “মই
বুজি পাওঁ দেউতা। তোমাৰ সন্মান মই কেতিয়াও লাঘৱ হ’বলৈ নিদিওঁ। মোৰ ওপৰত বিশ্বাস ৰাখিবা দেউতা”।
এসময়ত বিমানখন ডিব্ৰুগড়
বিমান বন্দৰৰ পৰা উৰা মাৰিলে। উৰি যোৱা বিমান খনলৈ চাই চাই বৰুৱাৰ মনটো বৰ উৰুঙা
উৰুঙা লাগিল। তেওঁ ঈশ্বৰক খাটিলে ছোৱালীজনীক যেন ভালকৈ ৰাখে। বিমান বন্দৰৰ পৰা এৰা
এৰি হ’বৰ সময়ত বৰুৱাই প্ৰশান্তক ক’লে, “মাজে
সময়ে আমাৰ ঘৰলৈ আহি থাকিবা। খবৰ কৰি থাকিবা”।
প্ৰশান্তই মুৰ দুপিয়ালে।
ডিব্ৰুগড়ৰ পৰা দুলীয়াজানলৈ অহা বাটটোত তাৰ মনটো বৰ উদাস উদাস লাগিল। বৰ আপুৰুগীয়া
কিবা এটা বস্তু হেৰুওৱাৰ দৰে অনুভৱ হ’ল তাৰ। সঁচাকৈয়ে যেন
জাহাজ এখন সাগৰৰ পানীত ডুব গ’ল আৰু সি অসহায় ভাৱে পাৰৰ
পৰা চাই থাকিল। তাক এক অনিশ্চিত ভৱিষ্যতৰ সপোন দেখুৱাই, তাৰ জীৱনটো ৰঙেৰে উপচাই ক্লাৰা গ’লগৈ। তাৰ হাতত থাকিল
মাথোন এটা ফোন নম্বৰ আৰু এটা ই-মেইল এড্ৰেছ।
তাৰ এনে লাগিল, সাগৰত মেলি দিয়া তাৰ নাওখন যেন টুলুং ভুটুং কৰিবলৈ
লৈছে। সি মনে প্ৰাণে প্ৰাৰ্থনা কৰিলে যেন সেই নাওখন কেতিয়াও নুডুবে।
সেই দিনটো তাৰ বাৰে বাৰে
মনলৈ আহি থাকিল, ক্লাৰাই বা এতিয়া কি ভাবিছে, কি কৰিছে।
দিল্লীৰ পৰা লণ্ডন
অভিমূখে উৰা বিশালকায় আন্ত:ৰাষ্ট্ৰীয় বিমানখনত
উঠিয়েই ক্লাৰাই ক’লে, “মই আজি যিমান পাৰোঁ মদ খাই শুই থাকিম। তোমালোকে যি কৰা কৰি থাকিবা”। এই বুলি তাই পৰিচাৰিকা জনীক ওচৰলৈ মাতি আনি সুৰা
অৰ্ডাৰ কৰিলে।
কেভিনে ক’লে, “বেছিকৈ
মদ খাই বেহুছ হৈ পৰি থাকিলে লণ্ডনত তোমাক কোনে ডাঙি লৈ নমাব”।
“কোনে আৰু নমাব? তুমি মোক কোচত লৈ নমাবা। পমা, এবাৰলৈ কেভিনক মোক কোচত
লৈ নমাবলৈ অনুমতি দিবা নহয়। তোমাৰ জ্বলন নহয়তো?”, এই বুলি তাই হো হোৱাই হাঁহি দিলে।
দুটা পেগ খোৱাৰ পিছত
ক্লাৰাৰ সঁচাকৈয়ে অলপ নিচা হ’ল। দীঘলীয়া শাৰী এটাৰ
এমুৰত কেভিনক মাজত লৈ একাষে অনুপমা আৰু একাষে ক্লাৰা বহিছিল। নিচা হোৱাৰ পিচত
ক্লাৰাই কেভিনৰ বাহুটোতে মুৰটো থ’লে।
“কেভিন, মোৰ ‘ডিগ্ বয় ডিগ্’
চিনেমাখন আধৰুৱা হৈ থাকিল নহয়। আৰু কেইবাটাও দৃশ্য বাকী আছে। সেইখন সম্পূৰ্ণ
নোহোৱালৈকে মোক তোমাৰ ঘৰৰ পৰা খেদি নিদিবা প্লিজ। মই তোমালোকৰ খোৱা বনাই দিম, বাচন ধুই দিম, কাপোৰ ইস্ত্ৰী কৰি দিম। কিন্তু চিনেমাখন হোৱালৈকে মোক থাকিবলৈ দিবা। তোমাৰ
সহায় নহ’লে সেইখন মই কেনেকৈ সম্পূৰ্ণ
কৰিম”।
কেভিনে কিবা কোৱাৰ আগতে
অনুপমাই ক’লে, “তোমাক কোনে ঘৰৰ পৰা ওলাই যোৱাৰ কথা কৈছে ক্লাৰা। তুমি যিমান দিন মন যায় কেভিনৰ লগতে থাকিবা। ময়ো এতিয়া
মোৰ হোষ্টেলতে থাকিম। সময়ত যি হয় দেখা যাব। নে কি কোৱা কেভিন?”
কেভিনে হাঁহিলে। “চিন্তা নকৰিবা। আমি
গৈ পাই আগতে অলপ ছেট্ল হৈ লওঁচোন”। সি ক’লে।
ক্লাৰাই কৈ গ’ল, “মই
ইয়াৰ পিচত কোনটো দৃশ্য কৰিম জানা, মই কৰিম ডিগ্ বয় ডিগ্
দৃশ্যটো। বাহঁ আৰু খেৰেৰ সজা চাঙত উঠি কেনেদৰে কষ্ট কৰি মানুহে তেল উলিয়াইছিল
তাকেই মই এইবাৰ দেখুৱাম। ‘ডিগ্ বয় ডিগ্’ এই মন্ত্ৰই মানুহক কেনেদৰে কাম কৰিবলৈ পাগল কৰি
পেলাইছিল তাকে মই দেখুৱাম। মোক তোমালোকে সহায় কৰিব লাগিব। মই মোৰ চিনেমাখন
সম্পূৰ্ণ কৰিবই লাগিব”।
হিথৰো বিমান বন্দৰত নমাৰ
সময়লৈ ক্লাৰাৰ নিচা ফাটি গৈছিল। কেভিনে পাৰ্কিং লটত থোৱা গাড়ীখন উলিয়াই আনিলে।
তিনিও প্ৰথমতে আইতাকৰ ঘৰটোলৈ গ’ল।
এঞ্জেলাই আইতাকৰ মৃত্যুৰ
খবৰটো পোৱা নাছিল। তাই আইতাক আহিব বুলি ঘৰটো সজাই পৰাই আইতাকক আদৰিবলৈ ৰৈ আছিল।
খবৰটো পাই তাইৰ চকুপানী ওলাল। এঞ্জেলাক বিদায় দি তিনিও অক্সফোৰ্ড অভিমুখে ওলাল।
অনুপমাই অনুভৱ কৰিলে আইতাক নোহোৱা লণ্ডনখন তাইৰ যেন ভাল লগা নাই।
প্ৰায় এমাহ পিছত লণ্ডনৰ
পাইনউড ষ্টুডিঅ’ত ক্লাৰাই তাইৰ পৰিকল্পনা
অনুসৰি ‘ডিগ্ বয় ডিগ্’ৰ দৃশ্যপট সজাই তুলিলে। পেছাদাৰী কলা কুশলী থকা কাৰনে
দৃশ্যৰ সাজ সজ্জা নিয়াৰিকৈ হৈ গ’ল। ডিগবৈৰ মিউজিয়ামত তুলি
অনা ফটোৰ আৰ্হিত বাহঁ আৰু খেৰৰ ড্ৰিলিং কৰা চাং খন বনোৱা হ’ল। কেইজনমান বাংলাদেশী বনুৱাক অনা হ’ল ভাৰতীয় মজদুৰৰ ভাও দিবলৈ। মিষ্টাৰ লেকৰ মুল ভাওটো
কেভিনেই ল’লে। চিত্ৰনাট্য খন লিখিলে
অনুপমাই। আলোক আৰু শব্দ যন্ত্ৰী সকলে ষ্টুডিঅ’ৰ ভিতৰতে এখন ডাঠ হাবিৰ মাজত ড্ৰিলিং কৰিবলৈ লোৱা
পৰিৱেশ গঢ়ি তুলিলে।
দৃশ্যপট সাজু হোৱাৰ পিছত
ভাগৰুৱা ক্লাৰাই মুৰৰ টুপিটো খুলি অনুপমাৰ ওচৰত বহিল।
“কেনেকুৱা লাগিছে পমা। একদম তোমাৰ ডিগবৈ যেন লাগিছেনে”?
“খুব ধুনীয়া হৈছে ক্লাৰা। তুমি খুব কষ্ট কৰিছা। মই
সঁচাকৈয়ে ইমপ্ৰেছড”।
“কেমেৰাৰ কাম ভাল হ’লেই হয়। আগৰ বাৰ আমাৰ লগত প্ৰশান্ত আছিল। এইবাৰ কি হয় জানো”?
“কেমেৰাৰ কাম ভালেই হ’ব লাগে। মই জনাত আটাইকেইজন কেমেৰামেন প্ৰফেছনেল”।
“মই এডিটিং পাৰ্টটোৰ কাৰণেহে চিন্তাত আছোঁ। এডিটিঙৰ
কাৰনে ঠাইখনৰ বিষয়ে জ্ঞান থকাটো দৰকাৰ। প্ৰশান্তই কামটো ধুনীয়াকৈ কৰিছিল”।
“প্ৰশান্তক তুমি মতাই পঠিওৱাৰ কথা ভবা নাছিলা জানো”?
“অ’ তোমাক কোৱা হোৱাই নাই। মই
কেইবাজনো প্ৰফেছনেল এডিটৰক প্ৰশান্তৰ কাম দেখুৱাইছোঁ। তেওঁলোকে খুব ভাল পাইছে। দুসপ্তাহ
পিছত এটা মিউজিক মেকাৰ কোম্পানীত এডিটৰৰ বাবে ইণ্টাৰভিউ হ’ব। মই প্ৰশান্তলৈ খবৰ পঠিয়াইছোঁ। মোৰ বিশ্বাস সি কামটো পাবই। সি যদি আহে, মোৰ এডিটিং কামখিনি তাৰ হতুৱাই কৰাব পাৰিম”। ক্লাৰাৰ মুখ খন উজ্বলি উঠিল।
“এইটো খুব ভাল খবৰ ক্লাৰা। তোমালোক দুয়োলৈ মোৰ শুভেচ্ছা
থাকিল”। অনুপমাই হাঁহি ক’লে।
“প্ৰশান্তই যদি চাকৰিটো পাই যায়, আমি দুয়ো মিলি এটা এপাৰ্টমেণ্ট এটা লব পাৰিম”। ক্লাৰাৰ চকুত যেন বহুত সপোন আহি থুপ খালেহি।
কেভিনে অভিনয়ৰ পোচাক
পিন্ধিয়েই ক্লাৰাক বিচাৰি সেইখিনিলৈ আহিল। “ছুটিঙৰ বাবে সকলো সাজু আৰু তোমালোক দুয়ো ইয়াত বহি আছা। সোনকালে ব’লা”। দুয়ো ততাতৈয়াকৈ কেভিনৰ পিছে পিছে গ’ল।
দৃশ্যটোত মিষ্টাৰ লেকে
কাম কৰা মানুহবোৰৰ হেমাহি আৰু ধীৰ গতিৰ কামত অসন্তুষ্ট হৈ পৰে। তেওঁ ইমান লেহেমীয়া
কামৰ কাৰন বিচাৰ কৰোঁতে জানিবলৈ পাৰিলে যে বেছিভাগ স্থানীয় মানুহে খেতিৰ কাম এৰি
খননৰ কামত আহিবলৈ টান পায়। সেয়েহে কাকো নোকোৱাকৈ বা ছুটী নোলোৱাকৈ তেওঁলোক
অন্তৰ্ধান হয়। ইয়াৰ ফলত কাম কৰা মানুহ কমি যোৱাৰ কাৰনে কাম লেহেমীয়া হৈ যায়।
মিষ্টাৰ লেকে কথাটোত চিন্তিত হৈ পৰে। তেওঁ সহকাৰী ড্ৰিলাৰ জনৰ লগত এই সম্পৰ্কে
আলোচনা কৰে।
দৃশ্যটোত সহকাৰী ড্ৰিলাৰ
জনাথনে ক’লে, “ভাৰতীয় বনুৱা বোৰ কামত বৰ লেহেমীয়া। বেছিভাগেই কামত ফাঁকি দিয়ে। কোনেও কষ্ট
কৰা কাম কৰিব নিবিচাৰে। কানাডাত মই ড্ৰিলিং কৰি আহিছোঁ, কিন্তু এনে এলেহুৱা মানুহ মই দেখা নাই”।
মিষ্টাৰ লেক চিন্তিত হ’ল। তেওঁৰ সন্মুখত কম সময়ৰ ভিতৰত ড্ৰিলিং সম্পূৰ্ণ
কৰাৰ টাৰ্গেট। এইখিনি মানুহৰ হতুৱাৱেই কাম কৰোৱাব লাগিব। তেওঁ কামত দক্ষ বনুৱা
হঠাতে ক’ৰ পৰা পাব। এইখিনি মানুহকেই
ডিগ্ বয় বা মাটিখন্দা ল’ৰা কৰিব লাগিব।
“আমি মানুহ খিনিক কামত আগ্ৰহী কৰি তুলিবলৈ কিবা এটা
উপায় কৰিব লাগিব। এনে এটা উপায় যিটোৰ দ্বাৰা মানুহ খিনিক কামৰ সময়ত মন্ত্ৰমুগ্ধ
কৰি ৰাখিব পৰা যাব”। তেওঁ ক’লে।
“এইবোৰ মানুহৰ লগত এনে উপায় কৰি একো লাভ নাই। সকলোবোৰ
মহা বুৰ্বক। কাম কৰাতকৈ ঘৰতে মদ খাই পৰি থাকিবলৈ বৰ ভাল পায়। ইয়াৰ যি স্থানীয় ৰাইচ
বিয়েৰ আছে, সেইটো বৰ সোৱাদ, সাঁজপানী বুলি কয়। ময়ো খাই পাইছোঁ। ইহঁতে সাঁজপানী খাবলৈ
পালে আৰু একো নালাগে”। জনাথনে ক’লে।
“ইমান নিৰাশ নহ’বাচোন। কিবা নহয় কিবা উপায় এটা উলিয়াব লাগিব। মানুহখিনিক কামত উদ্ধুদ্ধ কৰি
তেওঁলোকক পাৰ্গত ডিগ্ বয় কৰিবলৈ এটা নতুন টেকনিকৰ কথা ভাবিব লাগিব”।
মিষ্টাৰ লেকে হঠাতে
টুপীটো পিন্ধি জনাথনক ক’লে, “ব’লা এবাৰ খাদৰ পৰা আহোঁ।
আজিৰ দিনটোত কিমান খান্দিব পাৰিলে চাই আহোঁ”।
পিচৰ দৃশ্যটোত মিষ্টাৰ
লেক আৰু জনাথন আহি থকা দেখি শুই বহি থকা বনুৱাবোৰে খৰখেদাকৈ কামত লাগে। মিষ্টাৰ
লেকে খনন অধীক্ষক জনক মাতি আনিলে।
“আজি দিনটোত এতিয়ালৈ কিমান ড্ৰিলিং কৰিলা”? মিষ্টাৰ লেকে সুধিলে।
“গোটেই দিনটোত মাত্ৰ ১০ ফুট গ’ল”। সেমেনা সেমেনিকৈ অধীক্ষক জনে ক’লে।
“মাত্ৰ ১০ ফুট?” মিষ্টাৰ লেকে গৰজি উঠিল। “আমি ৭০০ ফুটলৈকে খান্দিব
লাগিব। এনে গতিত খান্দিলে আমাৰ এটা খাদ খান্দোতেই তিনিমাহ লাগিব। আমাৰ টাৰ্গেট
মাত্ৰ এমাহ। এইটো বৰ বেয়া কথা হৈছে”।
অধীক্ষক জনে ক’লে, “কি
কৰিম চাৰ, মানুহবোৰে তো কাম কৰিয়েই আছে।
এতিয়া কাম কৰি কৰি মানুহবোৰ ভাগৰি পৰিছে। মাজে মাজে অলপ অলপ জিৰণি ল’ব বিচাৰে”।
“জিৰণি? জিৰণিৰ কাৰনে কোম্পানীয়ে
পইচা নিদিয়ে”। মিষ্টাৰ লেকে আকৌ গৰজি উঠিল। “মানুহবোৰে যিমান সময় খাদত থাকে, কাম কৰিবই লাগিব। তুমি যদি মানুহ চলাব নোৱাৰা, মোক দিয়া মই কাম কৰোৱাম”।
এই বুলি মিষ্টাৰ লেকে
ড্ৰিলিং পাইপত নিজে হাত দি সকলোকে ক’লে,“আহা আমি খান্দি যাওঁ, ডিগ্ বয় সকল, তোমালোক আগবাঢ়ি আহা। খান্দা। ডিগ্ বয় ডিগ্। সোনকালে খান্দা
ডিগ্ বয়। ভালকৈ খান্দা। ডিগ্ বয়, ডিগ্”।
মিষ্টাৰ লেকে নিজেই পাইপত
হাত লগোৱা দেখি দেখি বনুৱা বোৰ দৌৰা দৌৰিকৈ আগবাঢ়ি আহি কামত ধৰিলে। মিষ্টাৰ লেকে
অবিৰত ভাবে গাই গ’ল, “ডিগ বয়, ডিগ। ডিগ্ বয় ডিগ্ ”।
মিষ্টাৰ লেকে “ডিগ্ বয়,
ডিগ্” বুলি উচ্ছাহিত কৰাত বনুৱাবোৰ কামত লাগিল। মিষ্টাৰ লেকে পাইপ এৰি অলপ আঁতৰি
আহি হাত চাপৰি বজাই গাই গ’ল। “ডিগ্ বয় ডিগ্, ডিগ্ বয় ডিগ্”।
মূহুৰ্তৰ ভিতৰতে
মানুহবোৰৰ মাজত যেন নতুন উত্সাহ আহি পৰিল। মিষ্টাৰ লেকৰ লগে লগে জনাথন আৰু অধীক্ষক
জনেও গাবলৈ আৰম্ভ কৰিলে, “ডিগ্
বয় ডিগ্, ডিগ্ বয় ডিগ্”। লাহে লাহে এই বাক্যশাৰী আন আন কামত ব্যস্ত বনুৱা
সকললৈকো বিয়পি গ’ল। বনুৱা বোৰেও একে সুৰতে
গাবলৈ ধৰিলে, ‘ডিগ্ বয় ডিগ্, ডিগ্ বয় ডিগ্’।
“ডিগ্ বয় ডিগ্, ডিগ্ বয় ডিগ্” বাক্যত সমগ্ৰ অঞ্চলটো
মুখৰিত হ’বলৈ ধৰিলে। সকলোৰে মুখে মুখে
কেৱল “ডিগ্ বয় ডিগ্, ডিগ্ বয় ডিগ্”। এই মন্ত্ৰফাঁকিয়ে যেন
লেহেমীয়া গতিত কাম কৰা বনুৱা বোৰক সলনি কৰি পেলালে। সকলোৱে নিজৰ সৰ্বশক্তি প্ৰয়োগ
কৰি কামত লাগি গ’ল। মিষ্টাৰ লেকে ভবাতকৈও
দ্ৰুতগতিত খনন হ’বলৈ ধৰিলে। এডালৰ পিছত
এডাল খনন কৰা পাইপ ভূগৰ্ভৰ ভিতৰলৈ সোমাই গৈ থাকিল।
৬৬২ ফুট যোৱাৰ পিছত হঠাতে
প্ৰচণ্ড শব্দ কৰি ভূ গৰ্ভৰ পৰা ফোৱাৰাৰ দৰে ওলাই আহিল ক’লা, মটীয়া বৰণৰ খনিজ তেল। মিষ্টাৰ
লেকে ফূৰ্তিতে চিঞৰিলে “ডিগ্ বয়, ডিগ্ বয়”। সকলোৱে সঁহাৰি দিলে, “ডিগ্ বয়, ডিগ্ বয়”।
দৃশ্যগ্ৰহণ শেষ হোৱাৰ
পিছতো মিষ্টাৰ লেকৰ ভাও লোৱা কেভিনৰ মুখেৰে বাৰে বাৰে প্ৰতিধ্বনিত হৈ থাকিল, “ডিগ্ বয় ডিগ্, ডিগ্ বয় ডিগ্”।
অনুপমাই মন্ত্ৰমুগ্ধৰ দৰে
কেভিনৰ মুখলৈ চাই থাকিল।
দুবছৰ পিছত:
“শনিবাৰে আবেলি তোমালোক
দুয়ো আহিবা”। অনুপমাই ক্লাৰালৈ ফোন কৰিলে।
“পমা, মই ভাবিয়েই আছিলোঁ
আমাক কেতিয়া মাতিবা। কনমাণিটোৰ জন্মদিনত আমাক নমতাকৈ থাকিবানে”, ক্লাৰাই ফোনতে
খিলখিলাই হাঁহিলে।
“সৰুকৈ পাৰ্টী এটাৰ আয়োজন
কৰিছোঁ। দেউতাও অসমৰ পৰা আগদিনা আহি পাব। কেভিনৰ মাকো সেইদিনা পাবহি। তোমালোক
থাকিবা। কেভিনৰ বন্ধু এজনৰ পৰিয়াল থাকিব। বচ ইমানেই”। অনুপমাই ক’লে।
“তোমাৰ দেউতা কেনে আছে
পমা? আংকলক বহুদিনৰ মূৰত লগ পাই ভাল লাগিব”।
“দেউতা ভালেই আছে। হৰিকাই
আৰু ৰুবীয়ে দেউতাৰ ভালদৰে চোৱাচিতা কৰি আছে”।
“অসমৰ কথা মনত পৰিলেই
আইতাৰ কথা মনলৈ আহে। আমি তেওঁক তাতেই এৰি থৈ আহিলোঁ”।
“এৰা ক্লাৰা। আমি
সোনকালেই আকৌ অসমলৈ যাম। আইতাৰ সমাধিস্থলত স্মাৰকটো নিৰ্মাণৰ কাম আৰম্ভ কৰিম। তুমি
আৰু প্ৰশান্তও ওলাবা। খুব ভাল লাগিব”। অনুপমাই উচ্ছাহেৰে ক’লে।
“প্ৰশান্তই অসমলৈ যোৱাৰ
কথা কৈয়েই থাকে। একেলগে যোৱাৰ কথা ক’লে সি খুব ভাল পাব”, ক্লাৰাই খিলখিলাই হাঁহি
দিলে।
“তোমালোকক লগ পাই দেউতায়ো
খুব ভাল পাব। শনিবাৰে আহিবা”, অনুপমাই আকৌ মনত পেলাই দিলে।
“প্ৰশান্তক কৈ মই উপহাৰ
এটা অনায়েই থৈছোঁ। আমি কিন্তু সোনকালেই গৈ ওলাম”। ক্লাৰাই উচ্ছাসেৰে ক’লে।
“নিশ্চয়। তোমালোক সোনকালে
আহিবই লাগিব। বিয়াৰ পিছত তোমালোক আমাৰ ঘৰলৈ অহাই নাই”। অনুপমাই হাঁহিলে।
কেভিন আৰু অনুপমাই
তেওঁলোকে বাস কৰা ‘পাটকাই ভিলা’ত তেওঁলোকৰ একমাত্ৰ কন্যা সন্তানৰ এবছৰীয়া জন্মদিনৰ
আয়োজন কৰিছে। তালৈ নৱ বিবাহিত ক্লাৰা আৰু প্ৰশান্তক নিমন্ত্ৰণ কৰিছে। জন্ম দিনৰ
কাৰণে ঘৰটো ধুনীয়াকৈ সজোৱা হৈছে।
তেওঁলোকৰ বহা কোঠাত সকলো
সাজ-সজ্জাৰ মাজত চকুত লগা হৈ আছে এখন পেইণ্টিং। সঁজাৰ দুৱাৰ মেলি চৰাই এজনী উৰি
যোৱাৰ ছবি। সেই ছবিখন কেভিনে নতুনকৈ অঁকাই আনিছে হুবহু আইতাকে অঁকা খনৰ দৰেই।
আইতাকে নিজ হাতেৰে অঁকা
ছবিখন সজাই থোৱা আছে শোৱনি কোঠাত, সদায় চকুত পৰাকৈ।
কেভিনৰ মৰমৰ মাজত ডুবি
থকা অনুপমাই অনুভৱ কৰে সি কুটুৰি কুটুৰি যেন এতিয়াও সোমাই গৈ আছে তাইৰ মনৰ অটল
গহ্বৰলৈ। হেলেমেটটো পিন্ধি সি যেন এটা ওখ ৰিগত উঠি খান্দি খান্দি মুকলি কৰি গৈছে
এখন এখনকৈ তাইৰ মনৰ দুৱাৰ বোৰ। কেভিন আৰু তাইক মৰমেৰে উপচাই ৰাখিবলৈ দুয়োৰে জীৱনলৈ
আহিছে কন্যা ‘নেন্সি’।
এৰা, কন্যাৰ ৰূপত আইতাক নেন্সি
আকৌ দুয়োৰে মাজলৈ আহিছে।
তাই যেন এতিয়াও ৰিণি ৰিণি
দুৰণিত শুনা পাই আছে সেই অমোঘ মন্ত্ৰধ্বনি “ডিগ্ বয় ডিগ্, ডিগ্ বয় ডিগ্”।