Thursday, March 2, 2017

খণ্ড ৭

অনুপমাৰ চকুৰ আগত যেন লাহে লাহে মুকলি হ'ল এক গৌৰৱোজ্জ্বল ইতিহাস।
১৮২৫ চনৰ ছেপ্তেম্বৰ মাহৰ কোনোবা এটা দিন। বতৰটো ফৰকাল।
বুঢ়ী দিহিং নদীয়েদি দুখন ডাঙৰ নাও একেলগে উজাই আহি আছে। নাও দুখনত বেছিভাগেই বগা ছালৰ ইউৰোপীয়ান লোক। আগত যোৱা নাও খনত দুজন স্থানীয় লোক আছে। এজন চিংফৌ আৰু আনজন খামতি জনগোষ্ঠীৰ। তেওঁলোকে নাও দুখনক বাট দেখুৱাই লৈ গৈ আছে। বুঢ়ী দিহিং নৈ খনে ঘনাই সুঁতি সলায়। মাজে মাজে কোনখন মূল নৈ, কোনটো সুঁতি একো ধৰিব নোৱাৰি। পিচে স্থানীয় লোক দুজনে সকলো চিনি পায়
একা বেঁকা পথেৰে গতি কৰা বুঢ়ী দিহিঙৰ দুয়োকাষে ডাঠ সেইজীয়া হাবি। কোনোবা কোনোবা ঠাইত নৈ খন ঠেক, পাৰৰ হাবিৰ গছ বোৰ দুইফালে হাউলি নাৱৰ পথ ৰুদ্ধ কৰিব বিচাৰে। গছৰ পাতৰ পৰা ওলমি থকা জোক বোৰ মানুহৰ গাত আহি বগাইহিকেইবাজনো বগা সৈনিকৰ গাত জোকে খাই গাৰ সেই অংশটো ৰঙচুৱা কৰি থৈছে।
অটব্য হাবিয়নি মহ ডাঁহেৰে ভৰি আছে। ওচৰেৰে পাৰ হৈ যাওঁতে মহৰ কামোৰ খাব লগীয়া হয়। মহৰ কামোৰলৈ বগা ছালৰ চাহাব বোৰে বৰ ভয় কৰে। কলিকতাতে তেওঁলোকক সঁকিয়াই দিয়া হৈছে মহৰ পৰা বাচি থাকিবলৈ। কাৰণ মেলেৰিয়া হৈ এই অঞ্চলত বহুত মানুহ মৰে। সেয়ে আগত যোৱা নাও খনত থকা স্থানীয় লোক দুজনে হাতত দুখন তৰোৱাল লৈ হাউলি পৰা গছৰ ডাল পাত বোৰ কাটি গৈ আছে। মাজে মাজে তেওঁলোকে সাৱধান কৰি দিলে দুইখন নাৱে একেলগে গতি কমাই দিয়ে।
কিছুমান ঠাইত নৈ খনৰ সোঁত বৰ বেছি। নাও লাহে লাহে চলাব লগীয়া হয়। নাৱত যোৱা মিলিটাৰী পোচাক পিন্ধা বগা ছালৰ সৈনিক সকলে হাতৰ বন্দুক বোৰ অনবৰতে সষ্টম কৰি ৰাখিছে। কোন সময়ত বাৰ্মিজ সৈন্য আহি ওলাই ঠিকনা নাই। বাৰ্মিজ সৈন্যবোৰ উগ্ৰ, নিয়ম নীতি নমনা বিধৰ।
আহোম ৰজাৰ এতিয়া নাজল নাথল অৱস্থা। বাৰ্মাৰ পৰা অহা মানৰ অত্যাচাৰত আহোম ৰাজ্যৰ মানুহে ত্ৰাহি মধুসুদন দেখিছে। মান সকলৰ কোনো দয়া মমতা নাই। তেওঁলোকৰ বশ্যতা স্বীকাৰ নকৰা সকলক খাপৰ পৰা তৰোৱাল উলিয়াই কাটি পেলায়। তেওঁলোকৰ বিৰোধিতা কৰা মানুহৰ গাৱঁত গৈ মাইকী মানুহ বোৰক বলাত্কাৰ কৰে, গৰ্ভৱতী মহিলাৰ পেট কাটি সন্তান উলিয়াই মাৰে, মতা মানুহ বোৰক জন্তুৰ দৰে খটুৱায়। এই মুলুকত তেওঁলোকে একচ্ছত্ৰী শাসন বলবৎ কৰি সমগ্ৰ আহোম ৰাজ্যক বাৰ্মাৰ অন্তৰ্ভূক্ত কৰিব বিচাৰে।
দুবছৰ মান আগতে ১৮২৩ চনত ৰবাৰ্ট ব্ৰুছ এই বাটেদিয়েই আহিছিল। তেওঁ বুঢ়ী দিহিং নদীয়েদি উজাই গৈ চিংফৌ ৰজা বিছাগামৰ পৰা চাহ গছ আৰু চাহ পাতৰ নমুনা সংগ্ৰহ কৰিছিল। বুঢ়ীদিহিং নদীৰে কোনো বৃটিছ সৈনিকৰ সেয়াই হয়তো আছিল প্ৰথম দু:সাহসিক যাত্ৰা।
আহোম ৰজা গৌৰীনাথ সিংহই মানৰ অত্যাচাৰৰ পৰা প্ৰজাক ৰক্ষা কৰিবলৈ কলিকতাৰ কোম্পানী বাহাদুৰৰ সহায় ভিক্ষা কৰিছে। বংগ দেশৰ শাসনত থকা ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাবে আহোম ৰাজ্য এখন আচহুৱা, দুৰণিবটীয়া দেশ। ৰবাৰ্ট ব্ৰুছৰ অভিযানৰ সময়ৰ কিছুমান তথ্যৰ বাহিৰে সেই দেশ খনৰ বিষয়ে তেওঁলোকৰ বিশেষ ধাৰণা নাই।
কোম্পানীৰ বৰমূৰীয়া সকলে বংগৰ ভাৰতীয় কৰ্মচাৰী সকলৰ মুখত শুনিবলৈ পাইছে সেই আজব দেশ খনৰ অনেক কাহিনী। মোগলে বহুবাৰ আক্ৰমণ কৰিও অধিকাৰ কৰিব নোৱাৰা আহোম ৰাজ্যৰ বিষয়ে অধিক কথা জানিবলৈ তেওঁলোক উত্সুক হৈ পৰিছেসেয়েহে সেই দেশখনৰ বিষয়ে কিছু তথ্য আহৰণ কৰিবলৈ কেইজনমান সাহসী সামৰিক বিষয়াৰ নেতৃত্বত কেইবাটাও অভিযান চলাইছে।
অৱশ্যে চিংফৌ ৰাজ্যত পোৱা চাহ গছৰ কথা ইতিমধ্যে যথেষ্ট প্ৰচাৰ হৈছে। চাহ খেতিত এতিয়াও চীন দেশৰ একচেতিয়া আধিপত্য বৰ্তি আছে। চীন দেশৰ ৰজাই নিজৰ ইচ্ছামতে নিৰ্ধাৰণ কৰা দাম দি বৃটিছ সকলে চাহ কিনিব লগীয়া হয়। পানীয় হিচাপে চাহে সমগ্ৰ ইউৰোপত চমকপ্ৰদ সমাদৰ লাভ কৰিছে। চিংফৌ ৰাজ্যত পোৱা চাহ গছৰ ব্যৱসায়িক খেতি কৰিবলৈ কোম্পানী আগ্ৰহী হৈ পৰিছে। সেয়েহে চিংফৌ ৰাজ্যত শান্তিৰ পৰিৱেশ বিৰাজ কৰাটো কোম্পানীয়ে বিচাৰিছে
চিংফৌ ৰাজ্যত শান্তি বাহাল আৰু আহোম ৰাজ্যৰ বিষয়ে সঠিক তথ্য সংগ্ৰহ কৰাৰ দ্বায়িত্ব আহি পৰিছে বংগ দেশৰ সেনাৰ ৪৬ নং নেটিভ ইনফ্ৰেণ্টি ৰেজিমেণ্টৰ ওপৰত। বংগদেশৰ পৰা নদীয়েদি নাৱেৰে এই অভিযান আৰম্ভ কৰিছিল। এমাহৰ কাৰণে খোৱা বস্তুৰ ভাণ্ডাৰ, অস্ত্ৰ শস্ত্ৰৰে সু সজ্জিত হৈ বংগদেশৰ পৰা ব্ৰহ্মপুত্ৰৰে উজাই আহি তেওঁলোকে বুঢ়ী দিহিং নদীৰে আহোম ৰাজ্যত প্ৰৱেশ কৰিলে।
এই অভিযানটো নানান কাৰণত বিপদ সংকুল বুলি বিবেচিত হৈছে। প্ৰথমতেই মানৰ আক্ৰমণৰ ফলত হোৱা অস্থিৰ পৰিস্থিতিৰ কাৰনে স্থানীয় লোক সকলে অচিনাকী মানুহক সন্দেহৰ চকুৰে চায়। নাৱেৰে অভিযানলৈ অহা বিদেশী সকলৰ লগত সহযোগিতা কৰাৰ সলনি তেওঁলোকৰ বিৰূদ্ধে আক্ৰমণাত্মক হোৱাৰ হে সম্ভাৱনা বেছি থাকে।
দ্বিতীয়তে সংযোগী ভাষাৰ অভাৱত স্থানীয় লোক সকলৰ লগত ভাব বিনিময় কৰাটো অতি দুৰূহ কাম হৈ পৰিছেসংযোগ আৰু শিক্ষাৰ অভাৱত স্থানীয় লোক সকল বাহিৰৰ পৃথিৱীৰ বিষয়ে অজ্ঞ বুলিব পাৰি। তেওঁলোক অতি হোজা, নিৰীহ লোক। তেওঁলোকৰ লগত সংযোগ স্থাপন কৰি ভাব বিনিময় কৰাটো সহজসাধ্য নহয়।
তৃতীয়তে আহোম ৰাজ্যৰ ওপৰত প্ৰভুত্ব চলোৱা বাৰ্মিজ বা মান সকলে বৃটিছ সৈনিক সকল এইদৰে তেওঁলোকৰ অধিকৃত অঞ্চলৰ অভ্যন্তৰলৈ সোমাই অহাটো পচন্দ নকৰে। সেয়ে বৃটিছ সৈনিকৰ দল দেখিলেই তেওঁলোকে খড়্গহস্ত হৈ আক্ৰমণাত্মক হৈ পৰিব পাৰে।
চতুৰ্থতে আহোম ৰাজ্যৰ ভিতৰুৱা পাটকাই পৰ্বতৰ সীমান্তৰ অঞ্চল সমুহ অটব্য হাবিৰে আগুৰা বৰ্ষাৰণ্য। পূৰ্বৰ অভিজ্ঞতা নহলে এইবোৰ অঞ্চলত অভিযান চলোৱাটো এক ডাঙৰ প্ৰত্যাহ্বান। মহ, জোক, নানান পোক পতঙ্গ, জীৱ জন্তু আদিৰ আক্ৰমণত নতুন মানুহৰ থৰকাচুটি হেৰাই যায়। তদুপৰি সমগ্ৰ অঞ্চলটো মেলেৰিয়া অধ্যুষিত, সেমেকা বতৰৰ ৰোগৰ স্থলী। অটব্য অৰণ্য আৰু সঘনে হোৱা দবা পিটা বৰষুণৰ কাৰণে ৰাতি হলে কোনোবা এঠাইত কেম্প কৰি জিৰোৱাটোও অতি বিপদ সংকুল।
বেংগল আৰ্মীৰ ৪৬ নং নেটিভ ইনফ্ৰেণ্টিৰ নেতৃত্বত আছে লেফটেনেণ্ট উইলকক্স। তেওঁ এজন অতি সাহসী আৰু জিজ্ঞাসু মনৰ ডেকা মানুহ। আগতেও কেইবাটাও দু:সাহসিক অভিযানৰ তেওঁ নেতৃত্ব দিছিল। স্বভাৱতে তেওঁ আছিল অত্যন্ত জ্ঞানপিপাসুনতুন কথা জানিবলৈ, নতুন বস্তু চাবলৈ তেওঁৰ উত্সাহ অতুলনীয়। কোনো নতুন দৃশ্য বা কোনো নতুন বস্তু দেখিলে সূক্ষ্ম ভাৱে লক্ষ্য কৰাৰ তেওঁৰ দক্ষতা আছে। নতুন, নজনা ঠাইলৈ প্ৰথম আগবাঢ়ি যাবলৈ সৈনিক সকল দ্বিধাগ্ৰস্ত হয়, শংকিত হয়। কিন্তু লেফটেনেন্ট উইলকক্সে তেওঁৰ অদম্য সাহসেৰে সকলোৰে মনোবল বজাই ৰাখে।
দ্বিতীয় নাও খনৰ সোঁমাজত এখন চকীত লেফটেনেণ্ট উইলকক্স বহি আছে। ডিঙিত ওলোমাই লোৱা আছে এটা দূৰবীণ আৰু হাতত আছে এখন টোকা বহী। যি দেখিছে সকলো লিখি গৈছে।
বুঢ়ী দিহিঙৰ দুয়োপাৰে প্ৰকৃতিৰ ৰূপ দেখি তেওঁ তবধ মানিছে। প্ৰকৃতিৰ এনে বিনন্দীয়া ৰূপ তেওঁ পৃথিৱীৰ কতো দেখা পোৱা নাই। এজাৰ, নাহৰৰ গছ বোৰে নদীৰ দুয়োকাষ মন ভূলোৱাকৈ সুন্দৰ কৰি ৰাখিছে। মাজে মাজে গছৰ ডাল বোৰত ধুনীয়া চৰাইবোৰ দেখি তেও মতলীয়া হৈছে। কিমান যে বিভিন্ন প্ৰকাৰৰ চৰাই। ভাটৌ, বাঢ়ৈটোকা, চিলনী, মাছৰোকা, বগলী, হাড়গিলা আদি চৰাই তেওঁ চিনি পালে। চৰাই দেখিলেই তেওঁ নাওৰ গতি কমাই দিবলৈ কৈ চকুত দুৰবীণ লৈ চৰাইটো ভালদৰে চায় আৰু টোকা বহীত চৰাই টোৰ বিষয়ে লিখি লয়। সকলো চৰাইৰ নামবোৰ তেওঁ নাজানে। নাজানিলে নাৱৰ কোনোবাই জানে নেকি সুধি লয়।
ছেপ্টেম্বৰ মাহৰ এই দিনটো আন দিন বোৰতকৈ যেন অলপ বেলেগ যেন লাগিল লেফেটেনেণ্ট উইলকক্সৰউজ্জ্বল ৰ'দৰ উত্তাপৰ মাজতো এচাটি বতাহে পৰিৱেশটো মোহনীয় কৰি ৰাখিছে। তেওঁৰ মনটো ৰাতিপুৱাৰ পৰা কিবা নজনা কাৰণত পুলকিত হৈ আছে। মনটো এনে হৈ থাকিলে তেওঁৰ পৰ্যবেক্ষণ শক্তি বৃদ্ধি পায় বুলি তেওঁ জানে। তেওঁৰ এনে লাগিবলৈ ধৰিলে আজি যেন নতুন কিবা তেওঁ দেখিবলৈ পাব।
এটা বেলেগ ধৰণৰ গোন্ধ পাইছানে”? উইলকক্সে তেওঁৰ সহযোগী এলবাৰ্টক সুধিলে।
এলবাৰ্টে দীঘলকৈ উশাহ ললে। গছ বন, মেটেকাৰ সেমেকা গোন্ধ এটাৰ বাহিৰে মই আন একো গোন্ধ পোৱা নাই
উইলকক্সে চকু দুটা মুদি আকৌ দীঘলকৈ উশাহ ললে।
মই পাইছোঁ এটা বেলেগ ধৰণৰ গোন্ধ। বতাহত ভাঁহি আহিছে এটা নতুন ধৰণৰ গোন্ধ
এলবাৰ্টে জানে উইলকক্সে কৈছে যেতিয়া নিশ্চয় এটা বেলেগ ধৰণৰ গোন্ধ বতাহত ভাঁহি আহিছে। গভীৰ নিশা টেণ্টত সকলো মানুহ টোপনিত লাল কাল হৈ থকা সময়তো ওচৰত জন্তু জানোৱাৰ বিচৰণ কৰি থাকিলে উইলকক্সে গোন্ধত গম পাই যায়। বহত বাৰ উইলকক্সৰ এই গুণটোৰ বাবে দলটো সাম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰিছে
নাও দুখন কিছুদূৰ আগুৱাই যোৱাৰ পিছত লাহে লাহে গোন্ধটো এলবাৰ্টৰ নাকতো লাগিল। পাইছোঁ, পাইছোঁ, ময়ো গোন্ধটো পাইছোঁবুলি এলবাৰ্টে চিঞৰি উঠিল।
উইলকক্সে তেতিয়া নাৱত উৰুৱাই থোৱা পতাকা খন লক্ষ্য কৰি বতাহৰ দিশ নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছে। তেওঁ জানিব বিচাৰে এই গোন্ধটো কোন দিশৰ পৰা আহিছে।
উইলকক্সে এলবাৰ্টক নিৰ্দেশ দিলে, “সকলোকে কোৱা আমি এই গোন্ধটোৰ উত্সৰ পিনে যাব লাগিব। সকলোকে সুধি চোৱা কোনোবাই কব পাৰিব নেকি এইটো কিহৰ গোন্ধ। স্থানীয় মানুহ দুজনকো সোধাতেওঁক যেন এই গোন্ধ টোৱে লাহে লাহে বলিয়া কৰিলে। এক যেন চিনাকী চিনাকী মাদকতা ভৰা গোন্ধ। ক'ৰবাত যেন পাইছিল তেওঁ এই সুবাস।
অলপ পিছতে এলবাৰ্ট ঘূৰি আহিল।
লেফটেনেণ্ট, কেৱল স্থানীয় মানুহ দুজনে গোন্ধটো চিনি পাইছেএলবাৰ্টে কলে।
উইলকক্সৰ মুখত হাঁহি বিৰিঙি উঠিল
কিন্তু তেওঁলোকে ভালদৰে বুজাব পৰা নাই। বাৰে বাৰে নৈৰ পাৰৰ মাটি আৰু পানীলৈ আঙুলিয়াইছে। মই যিটো বুজিছোঁ, তেওঁলোকে বুজাব বিচাৰিছে মাটি আৰু পানীৰ পৰা সেই গোন্ধটো ওলাই আছে
হঠাতে যেন উইলকক্সৰ মনত বিজুলী খেলি গল। লাহে লাহে তীব্ৰ হৈ অহা গোন্ধটো তেওঁ যেন চিনিব পাৰিলে।
তেওঁ যদি ভুল কৰা নাই সেয়া খনিজ তেলৰ গোন্ধ।
খনিজ তেলৰ গোন্ধ অনুপমাই চিনি পায়। নাকত ধৰা এক তীব্ৰ গোন্ধ। ডিগবৈৰ পুৰণি তেলৰ খাদ অঞ্চললৈ গ'লে এতিয়াও গোন্ধটোৱে নাকত ধৰে। পঢ়ি যাওঁতে তাই যেন অনুভৱ কৰিলে সেই উগ্ৰ গোন্ধটোৰ মাদকতা, যি মাদকতাই অস্থিৰ কৰি তুলিছিল লেফটেনেণ্ট উইলকক্সক।
কিছুপৰ চকু দুটা মুদি বিচনাখনত পৰি তাই অনুভৱ কৰিব বিচাৰিলে সেইদিনা লেফটেনেণ্ট উইলকক্সৰ এক অভাৱনীয় আৱিষ্কাৰৰ প্ৰত্যাশাত আন্দোলিত হৈ উঠা মনৰ ভাৱনাতাই যেন ৰোমাঞ্চিত হৈ উঠিল।
অলপ পিছতে তাই আকৌ উইলকক্সৰ ওচৰলৈ উভতি গ'ল।
লেফটেনেণ্ট উইলকক্স এগৰাকী সাহসী, কৰ্মোদ্যমী আৰু বুদ্ধিবান ব্যক্তি। খনিজ তেলৰ গোন্ধ চিনি পোৱাৰ লগে লগে তেওঁৰ মন থৌকি বাথৌ হৈ পৰিল।
বহুদিন আগতে তেওঁ সৰু হৈ থাকোঁতে ৰাছিয়াত কলা পাথৰৰ পৰা নিগৰি থকা খনিজ তেল আগতে দেখিছে। সেই খনিজ তেলৰ গোন্ধ তেওঁ পাইছে। ৰবাৰ্ট ব্ৰুছে চাহ পাত বিচাৰি বুঢ়ী দিহিং নদিয়েদি অভিযান চলাওঁতেও কৰবাত এনে নিগৰি ওলোৱা খনিজ তেল প্ৰত্যক্ষ কৰাৰ কাহিনী তেওঁ শুনিছে।
নতুন কিবা এটা আৱিষ্কাৰ কৰাৰ উন্মাদনাত তেওঁৰ মন প্ৰাণ ৰোমাঞ্চিত হৈ উঠিল। আগৰ নাও খনত নিৰ্দেশ দিলে সেই গোন্ধটোৰ উত্সৰ পিনে নাও পোনাই দিবলৈ।
দূৰৰ পৰাই দেখা পোৱা গল নৈৰ পাৰৰ পানীত বুৰবুৰণি উঠিছে।
গছে পাতে আৱৰি থকা সেই অঞ্চলটোত এক যেন অস্বাভাৱিক পৰিৱেশে বিৰাজ কৰিছে। ৰৈ ৰৈ মাজে মাজে শুনিবলৈ পোৱা বিষ্ফোৰণৰ দৰে একোটা বিকট শব্দই সমগ্ৰ অঞ্চলটো যেন ৰহস্যময় কৰি তুলিছে।
দুয়োখন নাও গোন্ধটোৰ পিনে আগবাঢ়ি গল। সন্মুখৰ নাৱত থকা থলুৱা লোক দুজনে খুব আগ্ৰহেৰে আঙুলি টোৱাই অলপ দূৰত থকা নদীৰ পাৰৰ এটা অঞ্চললৈ নাওদুখনক আগবাঢ়িবলৈ সংকেত দিলে।
অলপ পিছতে নাৱৰ আৰোহী সকলে দেখা পালে এক মন পৰশা দৃশ্য।
ঝিৰ ঝিৰ শব্দ কৰি পানীত গেছৰ বুৰবুৰণি উঠিছে। ফোৱাৰাৰ দৰে ওলাই আহিছে কলা সেউজীয়া বৰণৰ জুলীয়া পদাৰ্থ। বিষ্ফোৰণৰ দৰে শব্দ কৰি অলপ সময় ওলাই আকৌ ৰৈ গৈছে। বুঢ়ীদিহিঙৰ পানী কলা - সেউজীয়া হৈ পৰিছে।
উইলকক্সে নাও ৰখাবলৈ কলে। চকুত দুৰবীণ লগাই নিৰ্গত হৈ থকা জুলীয়া পদাৰ্থ বিধ ভালদৰে চালে। ক'লা সেউজীয়া বৰণ লোৱা নৈৰ পানী চুই চালেতেওঁৰ শৰীৰৰ মাজেদি এক মধুৰ শিহৰণ পাৰ হৈ গ'ল। তেওঁৰ চকু দুটা আনন্দত চলচলীয়া হৈ উঠিলতেওঁ যেন বিশ্বাস কৰিবলৈকে টান পালে। তেওঁৰ সন্মুখত সেয়া পেট্ৰ'লিয়াম, খনিজ তেল, বিশ্বৰ আপুৰুগীয়া সম্পদ, শক্তিৰ উত্স।
তেওঁ অনুভৱ কৰিব পাৰিলে এই আৱিষ্কাৰৰ মহত্ত্ব কিমান। সমগ্ৰ পৃথিৱীতে মাত্ৰ কেইখন মান দেশতহে পোৱা গৈছে এই আপুৰুগীয়া শক্তিৰ ভাণ্ডাৰ। ধনী দেশ সমূহে মুক্ত হস্তে খৰচ কৰিছে পেট্ৰলিয়াম অন্বেষণত। মাটিৰ তলত হাজাৰ হাজাৰ ফুট খান্দিছে এই পেট্ৰলিয়ামৰ সন্ধানত। সেই পেট্ৰলিয়াম তেওঁৰ চকুৰ সন্মুখত আপোনা আপুনি নিৰ্গত হৈ আছে। তেওঁৰ মন গল এতিয়াই যেন তেওঁ সমগ্ৰ বিশ্বকে চিঞৰি চিঞৰি জনাই দিব, “চোৱাঁ , মই কি আৱিষ্কাৰ কৰিলোঁ, তোমালোকে বিশ্বাস কৰিবানে, এয়া মাটিৰ ওপৰত আপোনা আপুনি ওলাই থকা পেট্ৰলিয়াম
স্থানীয় মানুহ দুজনক সুধি এলবাৰ্টে জনালে যে সেই ঠাই খিনিৰ নাম চুপখং।
লেফেটেনেণ্ট উইলকক্সে তেওঁৰ টোকা বহীত এই অভূতপূৰ্ব দৃশ্যৰ বৰ্ণনা লিপিবদ্ধ কৰিলে। তেওঁ লিখিলে, ‘চুপখঙত দেখিলোঁ বিশাল বুৰবুৰণিৰে গেছ আৰু সেউজীয়া পেট্ৰলিয়াম মাটিৰ ওপৰলৈ উঠি আহিছে(Rising to the surface at Supkhong with great bubbling of gas and green petroleum).
সেই দৃশ্যটো উপভোগ কৰি তেওঁলোক আটায়ে মন্ত্ৰমুগ্ধ হৈ বহু সময় ৰৈ থাকিলউইলকক্সৰ এনে লাগিল, তেওঁ যেন এতিয়াই কলিকতালৈ লৱৰি যাব আৰু নিজৰ আৱিস্কাৰৰ কথা কোম্পানীক জনাব। তেওঁৰ হাতত সেই অভুতপূৰ্ব দৃশ্য বন্দী কৰাৰ বাবে কেমেৰা নাছিল। কেৱল চকুৰে হেঁপাহ পলুৱাই চাই থাকিল।
কি যে মনোমোহা দৃশ্য এয়া -
মাটি আৰু পানীত বুৰবুৰনি তুলি নিৰন্তৰ খনিজ তেল ওলাবলৈ ধৰিছে।
ঝিৰ ঝিৰ কৈ শব্দ কৰি প্ৰাকৃতিক গেছ অবিৰাম ওপৰলৈ উঠি আহিছে।
ঝিৰ ঝিৰ শব্দ। ঝিৰ ঝিৰ, চেৰ চেৰ। চেৰ চেৰ শব্দ।
চেৰ চেৰ কৈ ওলোৱা টেলিভিচনৰ শব্দত হঠাতে অনুপমা বাস্তৱলৈ ঘূৰি আহিল। টেলিভিচনত কিবা বিজুতি ঘটি চেৰ চেৰ শব্দ ওলাইছিল।
তাই তেতিয়াহে অনুভৱ কৰিলে ইমান পৰে তাই বিচৰণ কৰি আছিল লেফটেনেণ্ট উইলকক্সৰ লগত, অসমৰ বুকুত প্ৰথম খনিজ তেল চিনাক্ত হোৱা সেই ঐতিহাসিক ক্ষণটোৰ লগত বিলীন হৈ।
অনুপমাই পঢ়ি থকা কাগজবোৰ জপাই চকু দুটা মুদি দিলে।
তাই সপোনত দেখা পালে এক নতুন আৱিষ্কাৰৰ আনন্দত মতলীয়া হোৱা লেফটেনেণ্ট উইলকক্সৰ মুখ খন
তাইৰ হঠাতে এনে লাগিল সেই মুখ খন যেন তাইৰ চিনাকী মুখ।
সেয়া যেন কেভিনৰ মুখ।

অসমৰ খনিজ তেল আৱিষ্কাৰৰ আনন্দত সি মতলীয়া হৈ পৰিছে। তাইৰ মনটো কিবা যেন এক অবুজ আনন্দত ভৰি পৰিল।