দেশ বিদেশ বুলি কথা নাই, সকলোতে একেই পুৱা, একেই আমেজ।
চৰায়ে কলকলায়, আকাশ ৰঙচুৱা হয়, প্ৰভাতৰ প্ৰথম কিৰণে মন পুলকিত কৰি তোলে।
অনুপমাই খিৰিকীখন খুলি দিলে। এচাটি মলয়া বতাহে তাইৰ দেহ মন চুই গ’ল !!!
জুলাই মাহৰ এটা সুন্দৰ দেওবাৰৰ ৰাতিপুৱা।
ব্ৰিটেইনৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ এটা
চৌহদৰ বাকৰিত সেউজীয়া ঘাঁহৰ ওপৰত কোমল ৰ’দে
দলিচা পাৰিছে। চৰাইৰ কিচমিচনিৰে গোটেইখন মুখৰিত হৈ আছে। ঘাঁহনিডৰাত কেইটামান চৰায়ে
ইফালে সিফালে ঘূৰি ফুৰিছে।
ৰাতিপুৱাৰ এই সময়খিনি অনুপমাৰ বৰ প্ৰিয়।
খিৰিকীখন খুলি তাই ৰৈ নাথাকিল। সদায় ওলাই
যোৱাৰ দৰে দুৱাৰখন খুলি কোমল ৰ’দজাকৰ লগত উমলিবলৈ,
নানা বৰণৰ চৰাইবোৰ চাবলৈ মুকলি ঘাহঁনি ডৰালৈ ওলাই আহিল। কেইটামান ঘনচিৰিকা, শালিকা, চাকৈচকোৱা, পাৰ আৰু নাম নজনা ৰঙচঙীয়া চৰাই সেউজীয়া
ঘাহঁনিডৰাত ডেও দি দি ঘূৰি ফুৰিছে।
ঘাহঁনিত সুদাভৰিৰে খোজ কাঢ়ি অনুপমাই এক অজান
পুলক অনুভৱ কৰে। তাইৰ মন উৰি যাব খোজে তাই সৰুৰে পৰা ডাঙৰ হোৱা সেই নিৰিবিলি
চহৰখনলৈ।
সেইখন চহৰ, তাইৰ প্ৰাণৰো প্ৰাণৰ, আপোন চহৰ। সেইখন চহৰৰ
সেউজীয়াখিনি তাই যেন ইয়াতো বিচাৰি ফুৰে।
দেওবাৰে ৰাতিপুৱাৰ এই সময়খিনিত খুব কম ল’ৰা-ছোৱালীয়ে অনুপমাৰ দৰে এইদৰে মুকলিলৈ অকলে ওলাই আহি খোজকাঢ়ি
ফুৰে। বেছিভাগেই দেওবাৰটোত বহুত বেলিকৈ শুই উঠে। সপ্তাহৰ প্ৰায় গোটেই কেইদিন
পঢ়া-শুনা, প্ৰজেক্ট, প্ৰেজেণ্টেচন আদি
কামত ব্যস্ত হৈ থকাৰ পিছত শনিবাৰৰ আবেলিটো আৰু গোটেই দেওবাৰটো সকলোৱে যেন নিজৰ মতে
কটাব খোজে।
শনিবাৰে ৰাতি হোষ্টেলৰ কোঠাবোৰত বহু ৰাতিলৈ
হাঁহি-খিকিন্দালি, আড্ডা, খানা-পিনা, ৰং-ৰহইচ চলে। এটা সপ্তাহ শেষ হোৱাৰ পাৰ্টি,
সপ্তাহটোৰ দুখ-ভাগৰ পাহৰি আনন্দত মগন হোৱাৰ পাৰ্টি, যৌৱনৰ উচ্ছাসত মতলীয়া হোৱা পাৰ্টি।
এনে পাৰ্টিবোৰলৈ অনুপমাও কেতিয়াবা নিমন্ত্ৰিত
হয়। তাই পিছে পৰাপক্ষত নোযোৱাকৈ থাকে। তাইৰ কিবা এটা ভাল নালাগে। সংগীত আৰু সুৰাৰ
বন্যাত উটি ভাঁহি যোৱা এই উত্তাল পাৰ্টীবোৰ তাই যেন উপভোগ কৰিব নোৱাৰে। তাইৰ ভাল
লগা পৃথিৱীখনত ইমান হুলস্থুল, ইমান কোলাহল
নাথাকে। এখন শান্ত, সমাহিত, মৰম,
চেনেহ ভৰা জগত তাই যেন বিচাৰি ফুৰে।
খোজকাঢ়ি থাকোঁতে মুখত গান এটা গুণগুণাই থকা
তাইৰ অভ্যাস। জোতাজোৰ খুলি থৈ সেউজীয়া ঘাঁহনিত খোজ দি তাই অজানিতে গান এটা
গুণগুণাবলৈ ধৰিলে।
“হাই” - পিচফালৰপৰা
এটা অপৰিচিত পুৰুষ কণ্ঠৰ মাতত সচকিত হৈ উঠিল। সেই সময়ত তাইৰ বাহিৰে ঘাঁহনিত আৰু
কোনো নাই। তাই ঘূৰি চাই দেখিলে এজন ইংৰাজ যুৱকে হাতত কিতাপ এখন লৈ তাইৰ পিনে চাই
ৰৈ আছে। তাই ঘূৰি চোৱা দেখি সি আগবাঢ়ি আহি তাৰ সোঁ হাতখন তাইৰ পিনে আগবঢ়াই দিলে।
“হাই, মই
কেভিন, তুমি ইণ্ডিয়াৰ পৰা আহিছা?” হাঁহি
মাৰি সি ক’লে।
কেভিনৰ লগত কৰমৰ্দন কৰি অনুপমাই ক’লে, “হয়। ইণ্ডিয়াৰ পৰা। মোৰ নাম অনুপমা।
আৰু তুমি?”
অনুপমাৰ নামটো কেইবাৰমান আওৰাই লৈ কেভিনে ক’লে, “অ-নু-প-মা। তোমাৰ নামটো ধুনীয়া। মই
ইয়াত গৱেষণা কৰি আছোঁ। সমগ্ৰ বিশ্বৰ অয়ল এক্সপ্ল’ৰেশ্যনৰ ইতিহাসৰ ওপৰত মই গৱেষণা
কৰি আছোঁ । ইণ্ডিয়াৰ প্ৰথম অয়ল এক্সপ্ল’ৰেশ্যনৰ ওপৰতো মই মোৰ থেচিচৰ এটা পাৰ্ট
লিখিব লাগে”।
“মই এম ফিলৰ ছাত্ৰী। মই
ছচিয়ল’জি বিভাগৰ”, অনুপমাই নিজৰ পৰিচয় দি ক’লে।
“তোমাক লগ পাই খুব ভাল লাগিল।
তুমি ডিগবৈ ক’ত জানানে?” ইংৰাজ ল’ৰাজনৰ অপ্ৰত্যাশিত প্ৰশ্নত অনুপমা যেন উচপ খাই উঠিল।
“ডিগবৈ? মানে
অসমৰ ডিগবৈ?” অনুপমাৰ মাতটো যেন অলপ কঁপি উঠিল। তাই যেন নিজৰ
কাণ দুখনকে বিশ্বাস কৰিবলৈ টান পালে। লণ্ডন চহৰৰ ওচৰৰ এখন বিখ্যাত বিশ্ববিদ্যালয়ৰ
এটা চৌহদৰ বাকৰিত এজন বিদেশী ল’ৰাই তাইক তাইৰ মৰমৰ চহৰ
ডিগবৈৰ কথা সুধিছে।
“হয়, হয়।
মই অসমৰ ডিগবৈৰ কথাই কৈছোঁ”, কেভিনে প্ৰত্যয়েৰে ক’লে।
অনুপমাৰ ওঁঠত হাঁহি বিৰিঙি উঠিল। তাইৰ মৰমৰ
চহৰখনৰ সেউজীয়াখিনি যেন তাইৰ দুচকুত ভাঁহি উঠিল।
তাই ক’লে,
“তুমি বিশ্বাস কৰিবানে নাই নাজানো। মই সেই ডিগবৈ চহৰৰ পৰাই আহিছোঁ”।
কেভিনৰ চকু দুটা উজ্জ্বল হৈ উঠিল। “অ’ মাই গড। তুমি সঁচাকৈয়ে কৈছানে? মই
সঁচাকৈয়ে খুব লাকী”। আনন্দতে তাৰ চকু দুটা যেন চলচলীয়া হৈ গ’ল। স্ফূৰ্তিতে সি অনুপমাৰ পিনে নিজৰ সোঁ হাতখন আগবঢ়াই দি আকৌ
এবাৰ তাইৰ লগত কৰমৰ্দন কৰিলে।
“মোক এবাৰ লৈ যাবানে ডিগবৈ
দেখুৱাবলৈ?” কেভিনৰ চকু দুটা জিলিকি উঠিল।
অনুপমা আচৰিত হ’ল। “তুমি ডিগবৈলৈ যাবা? কিয়?”
“মই মোৰ গৱেষণাৰ সমল বিচাৰি
যাম। মোৰ গৱেষণাৰ বাবে মই ডিগবৈলৈ যাবই লাগিব। তদুপৰি ব্যক্তিগত কিছুমান কথা
জানিবলৈ মই এদিন নহয় এদিন অসমলৈ যাবই লাগিব”। কেভিনৰ দুচকুত যেন বহুত সপোন একেলগে থুপ
খালেহি।
অনুপমা আচৰিত হ’ল। এজন অচিনাকী ইংৰাজ ল’ৰা। তাই প্ৰথম লগ
পাইছে। লগ পায়েই কৈছে তাইৰ লগত ডিগবৈ চাবলৈ যাব। ক’ব
নোৱাৰাকৈয়ে তাইৰ যেন বুকুখন দুৰুদুৰুকৈ কঁপি উঠিল।
তাইৰ মুখৰ ভাৱৰ পৰিৱৰ্তন কেভিনে ধৰিব পাৰিলে।
সি ক’লে, “তুমি হয়তো ভয়
খাইছা। মই তোমাক আজি প্ৰথম লগ পাইছোঁ আৰু প্ৰথম চিনাকীতে তোমাৰ লগত ডিগবৈলৈ যোৱাৰ
প্ৰস্তাৱ দিছোঁ। তোমাৰ মনৰ কথা মই বুজিব পাৰিছোঁ। পিছে তুমি যদি মোৰ আইতাক লগ পোৱা তোমাৰ মোৰ
ওপৰত থকা শংকাও টিলিকতে দুৰ হ’ব”।
“তোমাৰ আইতা?” অনুপমাই অবাক হৈ কেভিনলৈ চাই ৰ’ল।
কেভিনে আইতা বুলি কোৱাৰ লগে লগে তাইৰ মনত
ভাঁহি উঠিল তাইৰ নিজৰ আইতাকৰ ছবি। শুধ বগা মেখেলা চাদৰ পিন্ধা বৰ মৰম লগা আছিল
তাইৰ আইতাক। তাই সৰু থাকোঁতে লগ পাইছিল, বহু
দিনৰ আগতে। নলবাৰীৰ ওচৰৰ এখন সৰু গাওঁ পকোৱাত আইতাকৰ ঘৰ আছিল।
“মোৰ আইতা লণ্ডনত থাকে।” কেভিনৰ কথাত অনুপমা বাস্তৱলৈ ঘূৰি আহিল। “আইতাক লগ
পাই তুমি খুব ভাল পাবা। মোৰ আইতা তোমাৰ কাৰণে হ’ব এক ‘ছাৰপ্ৰাইজ’। তুমি যদি মান্তি হোৱা আজি আবেলিয়েই তেওঁক লগ
কৰিবলৈ আমি যাব পাৰোঁ। ৰেলত উঠিয়েই যাব পাৰিম”।
তাই যেন মূহুৰ্তৰ বাবে কেভিনে ক’লৈ যোৱাৰ কথা কৈছে, কাক লগ ধৰাৰ কথা কৈছে
বুজিব নোৱাৰিলে। সেইখন চহৰত ডেকা এজনে গাভৰু ছোৱালী এজনীক ফুৰিবলৈ লগ ধৰাটো একো
ডাঙৰ কথা নহয়। কিন্তু এনেকৈ ফুৰিবলৈ যোৱাটোকে একোটা বিশেষ সম্পৰ্কৰ সূত্ৰপাত বুলি
গণ্য কৰা হয়। তেনে সংস্কৃতি অনুপমাৰ বাবে আচহুৱা। এজন অচিনাকী ইংৰাজ ডেকাৰ লগত
ফুৰিবলৈ ওলাই যোৱাটো অনুপমাৰ বাবে সপোনৰ অগোচৰ।
“মই তেনেকৈ আউটিঙলৈ নাযাওঁ।
মোক বেয়া নাপাবা”। তাই পোনপেটীয়াকৈ ক’লে।
কেভিনে লগে লগে মাত লগালে। “মই বুজিছোঁ। পিছে তোমাক মই নিশ্চয়কৈ ক’ব
পাৰোঁ, আইতাক লগ পালে তুমি অবাক হৈ যাবা। আইতায়ো তোমাক লগ
পাই খুব ভাল পাব। মই আজিয়েই আইতাক ক’ম তোমাৰ কথা। আইতাই
অহা-যোৱা কৰিব পৰা অৱস্থাত থাকিলে ময়েই তেওঁক লৈ আহিলোঁহেতেন। পিছে আজি দুবছৰৰ পৰা
তেওঁ বিছনাতে পৰি আছে।”
অনুপমাই ঠিক বুজিব নোৱাৰিলে কেভিনৰ আইতাকে
তাইক লগ পাই কিয় খুব ভাল পাব। কেভিনে কি কাৰণে তাৰ আইতাকক তাইৰ বাবে এক ছাৰপ্ৰাইজ
বুলি ক’লে? কিহৰ কাৰণে আইতাকক
লগ পাই তাই অবাক হৈ যাব? কিবা যেন এক ৰহস্যৰ আৱৰ্তলৈ কেভিনে
তাইক লৈ যাবলৈ বিচাৰিছে।
কিন্তু কিয় জানো, কেভিনৰ প্ৰত্যয়ভৰা কথাখিনিত তাইৰ বিশ্বাস হ’ল। তাৰ ‘ছাৰপ্ৰাইজ’ আইতাকক
এবাৰ লগ পাবলৈ তাইৰ মন গ’ল। তাই অনুভৱ কৰিলে কেভিনৰ আইতাকৰ
বিষয়ে জানিবলৈ তাইৰ আগ্ৰহ উপজিছে।
অনুপমাই একো নমতা দেখি কেভিনে ক’লে, “ঠিক আছে, আজিয়েই
বাৰু যাব নালাগে। তুমি কথাটো ভাবি চোৱা। এইটো লোৱা মোৰ ফোন নম্বৰ। তুমি মন ঠিৰাং
কৰিলে মোলৈ ফোন কৰিবা”। কেভিনে জেপৰ পৰা তাৰ নাম, ঠিকনা, ফোন নম্বৰ থকা কাৰ্ড এখন উলিয়াই
তাইৰ হাতত দিলে।
কাৰ্ডখন হাতত লৈ অনুপমাই ক’লে, “মই এতিয়াই নিশ্চয়তা নিদিওঁ। মোক
ভাবি চাবলৈ সময় লাগিব”।
“কোনো অসুবিধা নাই। তুমি নিজৰ
সময় লোৱা। মই পিছে বৰ আশা কৰিছোঁ যে তোমাৰ পৰা সহায় পাম”।
অনুপমা অলপ অপ্ৰস্তুত হ’ল। “মই যে বিশেষ কিবা সহায় কৰিব পাৰিম, মই নাভাবোঁ”।
কেভিনে তাইৰ পিনে চাই হাঁহিলে।
“তুমি হয়তো নিজেও ডিগবৈৰ কথা
কিছু জানা। মই সেই কথাবোৰকে তোমাৰ পৰা শুনিব বিচাৰো। পিছে আজি নহয়। এতিয়া মই গিৰ্জালৈ
প্ৰাৰ্থনাৰ কাৰণে যাম। অহা সপ্তাহত তোমাৰ হাতত যেতিয়াই সময় থাকিব, মোলৈ এটা ফোন কৰিবা। তোমাৰ লগত মই কথা পাতিম”।
কথাখিনি কৈ তাইৰ প্ৰতিক্ৰিয়ালৈ অপেক্ষা নকৰি
কেভিনে তাৰ গহীন খোজ কেইটাৰে গিৰ্জাৰ পিনে পোনালে। অনুপমাই কিছুপৰ সি যোৱাৰ পিনে
চাই থাকিল। ওখ-পাখ সোণালী চুলিৰ দেখনিয়াৰ ডেকা ল’ৰা কেভিন। মুখমণ্ডলত পাতলকৈ ট্ৰিম কৰা দাঢ়ি। কথা-বতৰা মাৰ্জিত। তাৰ দুচকুত
যেন কিবা এটা সন্মোহিনী শক্তি আছে।
অনুপমাই মনতে ভাবিলে, অহা সপ্তাহত সময় অলপ উলিয়াব লাগিব।
সোমবাৰৰ পৰা বুধবাৰলৈ অনুপমাৰ সময় অতি
ব্যস্ততাৰ মাজেৰে পাৰ হয়। ইটোৰ পিছত সিটো ক্লাছ, প্ৰজেক্ট, ছেমিনাৰ, কুইজ এই
আটাইবোৰে জুমুৰি দি ধৰি তাইৰ উশাহ নোপোৱা অৱস্থা এটা কৰে।
সোমবাৰে ৰাতি খোৱা-বোৱা কৰাৰ পিছত তাই ওচৰৰ
কোঠাৰ মেলিনাৰ দুৱাৰত টুকুৰিয়ালে। মেলিনা শ্ৰীলংকাৰ ছোৱালী। মাজে সময়ে তাই মেলিনাৰ
লগত মনৰ কথা পাতে।
অনুপমাক দেখি মেলিনা পঢ়া মেজৰ পৰা উঠি আহিল।
দুয়ো মেলিনাৰ বিচনাখনতে বহি ল’লে। মেলিনাই মাজে সময়ে
নাৰিকলৰ গাখীৰেৰে কিছুমান সুস্বাদু আহাৰ প্ৰস্তুত কৰে। তেতিয়া তাই অনুপমাক জুতি
ল’বলৈ মাতে। তাই বয়ফ্ৰেণ্ড ৰাজাৰ লগতো অনুপমাৰ পৰিচয় কৰাই দিছে। ৰাজা ভাৰতীয়, তামিলনাডুৰ যুৱক।
খোলা খুলিকৈ মনৰ কথা পাতিবলৈ অনুপমাৰ মেলিনাই
এগৰাকী সংগী। মেলিনাই তাইৰ একান্ত গোপনীয় কথাবোৰো লুক-ঢাক নকৰাকৈ তাইক কয়। অনুপমাৰ
পিছে ক’বলৈ তেনেকুৱা গোপন কথা নাথাকেই। সেয়েহে তাইৰ
কেভিনৰ কথাকে মেলিনাক কওঁ কওঁ লাগি আছিল। কথাটো তায়েই উলিয়ালে।
“যোৱা দেওবাৰে এজন ইংৰাজ ল’ৰা মোৰ লগত চিনাকী হ’ল”।
মেলিনাই কথাটোত ৰস পাই মূৰটো অনুপমাৰ পিনে
আগবঢ়াই দি ক’লে, “ৱাও,
কোন ল’ৰা? কি ক’লে? হেণ্ডচাম নে?”
অনুপমাই কেভিনৰ বিষয়ে ক’লে। “ল’ৰাজন
দেখিবলৈ ভাল। কথা বতৰা ভদ্ৰ। পিছে সি মোক প্ৰথম চিনাকী হোৱাৰ দিনাই বাহিৰলৈ যাবলৈ
লগ ধৰিছিল”, তাই ক’লে।
“তুমি কি কৰিলা। কি ক’লা তাক”? মেলিনাই উত্কণ্ঠাৰে সুধিলে।
“মই সময় বিচাৰিলোঁ। এনেদৰে ল’ৰা এজনৰ লগত ওলাই যোৱাৰ অভ্যাস মোৰ নাই”।
“তুমি ঠিকেই কৰিছা। প্ৰথম
দিনাই কোনোবা ডেটিঙলৈ যায় নেকি? যাবা, লাহেকৈ
পিছত যাবা। পিছে ইংৰাজ ল’ৰা বোৰৰ পৰা অলপ সাৱধান হ’বা। সিহঁতে দ্বিতীয় বা তৃতীয় ডেটিঙতে ৰাতি লগত শুবলৈ বিচাৰিব”।
মেলিনাৰ খাৰাংখাচ কথাত অনুপমাৰ লাজ লাগিল।
তাই ভাবিলে, কেভিনক তেনে ল’ৰা যেন লগা নাই তাইৰ। তথাপি তাই সাৱধান হ’ব লাগিব।
মেলিনাই কোৱাৰ দৰে তেনে কিবা ইংগিত দিলে তাই নিজেই তাৰ পৰা আঁতৰি থাকিব।
“বেলেগ বেলেগ ছোৱালীৰ সোৱাদ লৈ
ফুৰাটো সিহঁতৰ স্বভাৱ। ইংৰাজবোৰক বিশ্বাস কৰিব নোৱাৰি। তুমি মোৰ দৰে এজন ইণ্ডিয়ান
বয়ফ্ৰেণ্ড বিচাৰি লোৱা। ইণ্ডিয়ান বয়ফ্ৰেণ্ড হ’লে এনজয়ো কৰিব
পাৰিবা আৰু পিচলৈ বিয়া পতাৰ কথাও ভাবিব পাৰিবা”। মেলিনাই উপদেশ দিলে। অনুপমাই ভাবিলে, এইবোৰ সম্পৰ্ক এইদৰে মানুহৰ ইচ্ছা অনুযায়ী হয় জানো? এনেদৰে নিজৰ প্ৰয়োজন অনুসৰি বয়ফ্ৰেণ্ড বিচাৰি লোৱাৰ কথা কেতিয়াও তাইৰ মনলৈ
অহা নাই।
“সেই ল’ৰাটো
পিছে মোৰ বেয়া যেন লগা নাই। সি মোক তাৰ আইতাকক লগ ধৰিবলৈ লৈ যাব বিচাৰিছে। তাৰ
আইতাকক লগ পালে হেনো মই আচৰিত হৈ যাম”, অনুপমাই ক’লে।
মেলিনাই জোৰেৰে হাঁহি মাৰি ক’লে, “মই ধৰিব পাৰিছোঁ, হয় সি তোমাৰ প্ৰেমত পৰিছে, নহয় তুমি তাৰ প্ৰেমত
পৰিছা”।
অনুপমাই প্ৰতিবাদ কৰি উঠিল, “মই এনেদৰে ইমান সহজে প্ৰেমত পৰা বিধৰ ছোৱালী নহয়”।
“মই তোমাৰ মনৰ কথা বুজিছোঁ। মই
ল’ৰাজনক লগ নোপোৱাকৈয়ে তাৰ বিষয়ে মন্তব্য দিয়াটো অনুচিত।
তুমি বুজন ছোৱালী। তুমি যি ভাল দেখা কৰিবা। মোৰ মতে ল’ৰাজনৰ
বিষয়ে অলপ ভালদৰে জানি লোৱাটো ভাল হ’ব”।
সেইদিনা ৰাতি কোঠালৈ আহি অনুপমাই কথাবোৰ
ভাবিলে। তাই কিছুমান মানুহক লগ পালেই মানুহজনৰ বিষয়ে বহুত কথা অনুমান কৰি ল’ব পাৰে। তাই জীৱনত তাইৰ সান্নিধ্য বিচৰা অনেক লোকক লগ পাইছে।
বহুতেই তাইক বহু ধৰণৰ প্ৰস্তাৱ দিছে। কিন্তু সেই প্ৰতিজন মানুহৰ মাজত তাই দেখিছিল
তাইৰ শৰীৰটোৰ আকৰ্ষণত তাইৰ ওচৰ চাপিব বিচৰাৰ গোপন হাবিয়াস।
তাই নিজকে ৰূপহী বুলি নাভাবিলেও তাইৰ লগৰ
বহুতেই তাইক আকৰ্ষণীয় বুলি কয়। তাই আনৰ দৰে প্ৰসাধন ব্যৱহাৰ নকৰে, নিজৰ শৰীৰ, চুলি বা ছালৰ অতিৰিক্ত যত্ন
নলয়, পিন্ধা-উৰাতো খুব সচেতন নহয়। তথাপি তাইৰ প্ৰতি আকৰ্ষিত
হোৱা বহুতো পুৰুষক তাই লগ পাইছে। কিন্তু সেইসকলৰ মাজত তাই বিচাৰি পোৱা নাছিল তাইক
আকৰ্ষণ কৰিব পৰা কোনো বিশেষত্ব। ইংৰাজ ল’ৰাজনে প্ৰথমবাৰ লগ
পায়েই তাইক বাহিৰলৈ যাবলৈ লগ ধৰিছে। কিন্তু ল’ৰাজনৰ চকুত তাই
দেখা নাপালে তাইৰ শৰীৰৰ প্ৰতি কোনো দুৰ্বলতা। সেই ল’ৰাজনে
তাইৰ সান্নিধ্য বিচাৰিছে এক বিশেষ উদ্দেশ্যত। তাই এতিয়ালৈ লগ পোৱা বহুতো মানুহতকৈ
যেন এই ল’ৰাজন কিছু ব্যতিক্ৰম।
বৃহস্পতিবাৰে পিছবেলা ‘ফিল্ড ভিজিট’ৰ তিনিটা পিৰিয়ড থাকে।
অধ্যয়নৰ বিভিন্ন বিষয়ৰ বাবে ব্যৱহাৰিক জগতৰ পৰা তথ্য সংগ্ৰহ কৰিব লাগে। পিছে নতুন
ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে ‘ফিল্ড ভিজিট’ৰ
কাম আৰম্ভ হোৱা নাই। সেই কাৰণে অনুপমাৰ বৃহস্পতিবাৰে শেষৰ পিৰিয়ড কেইটা ফ্ৰী থাকে।
সেয়ে প্ৰয়োজনীয় বজাৰ সমাৰ বোৰ ক্লাছৰ সকলোৱে বৃহস্পতিবাৰৰ আবেলি কৰে। অনুপমাই
প্ৰায়ে ওলাই যাবলৈ মেলিনাক লগ ধৰে।
বৃহস্পতিবাৰে দুপৰীয়াৰ আহাৰ কৰাৰ পিছত পঢ়া
মেজত থকা কেভিনৰ কাৰ্ডখনলৈ অনুপমাৰ চকু গ’ল।
কাৰ্ড খন হাতত লওঁতে তাইৰ মনত পৰিল কেভিনে তাইক সময় পালে ফোন এটা কৰিবলৈ অনুৰোধ
কৰিছিল।
অনুপমাই কথাবোৰ আকৌ এবাৰ ভাবিলে। তাই ইচ্ছা
কৰিলেই এই কাৰ্ডখন অৱজ্ঞা কৰি ডাষ্ট বিনত পেলাই দিব পাৰে। আন বহুতকে কোৱাৰ দৰে
কেভিনক পুনৰ তাইক আমনি নকৰিবলৈ সকীয়াই দিব পাৰে। কিন্তু তেনে কৰিবলৈ তাইৰ মন নগ’ল। কেভিনে কোৱা কথাবোৰ তাই আকৌ মনতে পাগুলিবলৈ ধৰিলে। কি ‘ছাৰপ্ৰাইজ’ৰ কথা কৈছিল বাৰু কেভিনে? সি কৈছিল, তাৰ আইতাক তাইৰ কাৰণে এক ‘ছাৰপ্ৰাইজ’”। কথাটো মনত পৰাৰ লগে লগে তাইৰ উত্কণ্ঠা যেন
বাঢ়ি গ’ল। তাইৰ জানিবলৈ বৰ মন গ’ল কেভিনৰ ‘ছাৰপ্ৰাইজ’ৰ বিষয়ে,
তাৰ আইতাকৰ বিষয়ে।
তাই ম’বাইল ফোনটো লৈ কেভিনৰ নম্বৰটো ডায়েল
কৰিলে। ফোনটো বাজি বাজি এসময়ত বন্ধ হৈ গ’ল।
কেভিনে ফোনটো ৰিচিভ নকৰিলে। তাই কাৰ্ডখনৰ লগত ডায়েল কৰা নম্বৰটো আকৌ মিলাই চালে।
নাই, নম্বৰটো ভুল হোৱা নাই।
কিন্তু কেভিনে ফোনটো ৰিচিভ কৰা নাই কিয়? কেভিনে বাৰু কথাবোৰ মিছাকৈয়ে কৈছিল নেকি? মানুহটো ঠগবাজ নহয়টো? পাছ মুহূৰ্ততে তাইৰ মনত পৰিল,
কেভিনে তাইৰ নম্বৰ নাজানে। গতিকে সি অচিনাকী নম্বৰৰ পৰা অহা ফোন
নধৰিবও পাৰে। নতুবা সি হয়তো কিবা কামত ব্যস্ত হৈ থাকিব পাৰে। পিছে আকৌ এবাৰ ডায়েল
কৰিবলৈ তাইৰ মন নগ’ল। তাই ভাবিলে কেভিনে যদি আধা ঘণ্টাৰ ভিতৰত
তাইলৈ উভতি ফোন নকৰে, তাই মেলিনাৰ লগত বজাৰ কৰিবলৈ ওলাই যাব।
আধা ঘণ্টা ৰ’ব লগীয়া নহ’ল। বিশ মিনিটমান পিচতে কেভিনৰ ফোন আহিল।
অনুপমাই “হেল’ ”
বুলি কোৱাৰ লগে লগে সি তাইৰ মাতটো চিনি পালে। সি প্ৰথমতে
দুখ প্ৰকাশ কৰিলে যে সি ফোনটো ধৰিব নোৱাৰিলে, কাৰণ সেই সময়ত
সি নিজৰ গাইডৰ লগত গৱেষণাৰ বিষয়ে আলোচনা কৰি আছিল। ইংৰাজ সকল তেওঁলোকৰ ভদ্ৰতা আৰু
শিষ্টাচাৰৰ কাৰণে জগত বিখ্যাত। কথাই কথাই তেওঁলোকৰ মুখত ‘ছৰি’, ‘থেংক ইউ’ আখৈ
ফুটাদি ফুটে। কেভিনে তাইক আইতাকৰ ওচৰলৈ যোৱাৰ কথা নকৈ সাধাৰণ শিষ্টতাসুলভ কথা-বতৰা কেইটামান
পাতিলে,
তাইৰ পঢ়া-শুনাৰ খবৰ ল’লে। অনুপমাই
আশা কৰি আছিল, সি নিজেই কথাটো উলিয়াব। কিন্তু সি নুলিয়ালে।
উপায় নাপাই তাই নিজেই কৈ পেলালে, “আজি মোৰ হাতত অলপ সময় আছে। এতিয়াই ওলাই গ’লে ৰাতি দহ
বজাৰ ভিতৰত তোমাৰ আইতাক লগ পাই উভতি আহিব পৰা যাবনে”?
তাইৰ কথাটো শুনি কেভিনে বিশেষ উত্সাহ
নেদেখুৱালে। সি কিবা এটা চিন্তা কৰি ক’লে, “তুমি আইতাক লগ কৰিবলৈ সিদ্ধান্ত লোৱা বাবে অশেষ ধন্যবাদ। পিছে আজি এতিয়া ওলাই
গ’লে বৰ দৌৰাদৌৰি হ’ব। আইতাক তুমি ভালকৈ লগেই
নাপাবা। তেখেতৰ যথেষ্ট বয়স হৈছে। কাণেৰে কমকৈ শুনে। কথা-বতৰা লাহে লাহে কয়। তেওঁৰ
লগত কথা পাতিবলৈ বহুত সময়ৰ প্ৰয়োজন হয়। তুমি যদি বেয়া নোপোৱা অহা দেওবাৰে
ৰাতিপুৱাই ওলাবা। গোটেই দিনটো থাকি আমি সন্ধিয়া উভতি আহিম”।
অনুপমাই কথাটো শলাগিলে। এনেয়ো দেওবাৰে তাইৰ
কৰিবলগীয়া বিশেষ কাম নাথাকে। লণ্ডনলৈ ওলাই যোৱাও হোৱা নাই বহুদিন। ঠিক হ’ল যে দেওবাৰে ৰাতিপুৱা সাত বজাত কেভিনে অনুপমাক হোষ্টেলৰ
বাটচৰাত লগ ধৰিব আৰু তাৰ পিচত দুয়োটা ওলাই যাব।
ফোনটো থোৱাৰ পিছত অনুপমাই কেলেণ্ডাৰ খন চালে।
মাজত দুটা দিন আছে। কিবা এটা অবুজ উত্কণ্ঠাৰ ভাৱে তাইক যেন আৱৰি ধৰিলে।
শনিবাৰে ৰাতি আঠমান বজাত অনুপমাই কেভিনক আকৌ
এবাৰ ফোন কৰিলে। তাইৰ চিন্তা হৈছিল আন কামৰ হেঁচাত সি পৰিকল্পনাটো সলনি কৰা নাইতো
বা কথাটো পাহৰি যোৱা নাইতো। নাই পাহৰা। তাই নিশ্চিন্ত হ’ল। তাইৰ ভাৱ হ’ল ল’ৰাটো যথেষ্ট
বিশ্বাসযোগ্য। কথা দিলে কথা পাহৰা ধৰণৰ নহয়।
দেওবাৰে ৰাতিপুৱা অনুপমা সোনকালে শুই উঠি
গা-পা ধুই পিন্ধি-উৰি সাত বজাৰ আগে আগে সাজু হ’ল। আগদিনা ৰাতি
ৰন্ধা খিচিৰি এবাটি ফ্ৰিজৰ পৰা উলিয়াই গৰম কৰি তাই খাই ল’লে।
সাত বাজি কেইমিনিটমান যোৱাৰ পিচত কেভিন আহি
হাজিৰ হ’ল। সি এখন নীলা ৰঙৰ ওপৰ ফালে খোলা ষ্পোৰ্টচ কাৰ লৈ আহিছিল। এনে গাড়ী অনুপমাই
ইংৰাজী চিনেমাতহে দেখিছে। বহুদিনৰ পৰা এনে এখন গাড়ীত উঠি চোৱাৰ সপোন তাই মনত সাঁচি
ৰাখিছিল।
তাইক দেখি সি নামি আহি গাড়ীৰ দুৱাৰখন খুলি
দিলে। সামান্য পলম হোৱা কাৰণে সি ক্ষমা বিচাৰিলে। ইংৰাজসকল কিছুমান কথাত আমনি
লগাকৈ ফৰ্মেল।
গাড়ীত বহাৰ পিচত সি এটা কাগজৰ বেগৰ পৰা দুটা
হট ডগ (hot
dog) উলিয়ালে। লগতে সৰু টমেট’ ছছৰ বটল এটা।
“তুমিতো চাগে ব্ৰেকফাষ্ট কৰা নাই। এইটো খাই
লোৱা। আমাক লণ্ডন পাবলৈ ডেৰ ঘণ্টামান লাগিব”।
“নাই, নাই।
মই ব্ৰেকফাষ্ট কৰি আহিছোঁ। তুমিয়েই খোৱা। মোৰ ভোক নাই”। হট ডগ তাইৰ প্ৰিয় খাদ্যৰ তালিকাত নাই।
“এইটো তোমাৰ কাৰণেই আনিছোঁ। লৈ
থোৱা। পিছত খাবা”।
কেভিনে এহাতত হট ডগ লৈ খাই খাই গাড়ী ষ্টাৰ্ট
কৰিলে। সি ক’লে, “এইখন
মোৰ গাড়ী নহয়। মোৰ বন্ধু পিটাৰৰ পৰা এদিনৰ কাৰণে খুজি লৈছোঁ। আমি ৰেলত যাব
পাৰিলোঁহেতেন, পিছে মই ভাবিলোঁ গাড়ীত তুমি বেছি ভাল পাবা।
তদুপৰি খোলা গাড়ীত যোৱাটো এটা থ্ৰিল”। মসৃণ পথত গাড়ী চেকুৰাই কেভিনে ক’লে।
হাই ৱে’ পাই
কেভিনে তীব্ৰ গতিত গাড়ী চলাই দিলে। অনুপমাই জীৱনত কেতিয়াও খোলা গাড়ীত উঠি পোৱা
নাছিল। তাই অনুভৱ কৰিলে মুৰৰ ওপৰত সচৰাচৰ থকা ঢাকনিখন নাথাকিলে নিজকে বৰ অসুৰক্ষিত
যেন লাগে। গাড়ীৰ গতি বৃদ্ধি পোৱাৰ লগে লগে গাত লগা বতাহৰ বেগো বৃদ্ধি হোৱা যেন
তাইৰ অনুমান হ’ল। বতাহৰ সোঁ সোঁৱনিত তাইৰ কাণ তাল মাৰি যোৱা
যেন অনুভৱ হ’ল। মেলি থোৱা চুলিবোৰ যেনি তেনি উৰিবলৈ ধৰিলে।
মাজে মাজে চুলিয়ে তাইৰ চকু মুখ আগচি ধৰিলে। তাইৰ ভয় লাগিবলৈ ধৰিলে। তাইৰ এনে লাগিল
পিছ মূহুৰ্ততে যেন গাড়ী খনৰ এটা ডাঙৰ দুৰ্ঘটনা হ’ব। তাইৰ
বুকুখন ঢিপঢিপাবলৈ ধৰিলে। কেভিনৰ ওপৰতে তাইৰ খং উঠিল। কিয় সি এনে এখন গাড়ী লৈ
আহিল। তাকো বন্ধুৰ গাড়ী। এয়া তাইক ইম্প্ৰেছ কৰাৰ চেষ্টা নেকি?
হাই ৱে’ৰ ঠায়ে ঠায়ে
থকা বিশাল ফলক বোৰত তাই চাই গৈ থাকিল লণ্ডন পাবলৈ আৰু কিমান দুৰ। যিমান সোনকালে
পাব পাৰি সিমানেই যেন তাইৰ কাৰণে ভাল। হঠাতে তাইৰ মুৰ আচন্দ্ৰাই কৰা যেন লাগি গ’ল। চকুত ছান গ্লাছ পিন্ধি একান্ত মনে গান শুনি গাড়ী চলাই থকা
কেভিনৰ বাউসীত ধৰি তাই কৈয়ে পেলালে, “প্লিজ গাড়ী ৰখোৱা,
মোৰ মূৰ ঘুৰাই গৈছে”।
ইমান পৰে কেভিনে মুখেৰে মাত এটাও মতা নাছিল। “অ: ছৰি। হাই ৱে’ত গাড়ী ৰখাব নোৱাৰি। ইয়াৰ পিছৰ
এক্সিটটোত আমি হাই-ৱে’ৰ পৰা ওলাই ক’ৰবাত অলপ জিৰণি ল’ম”।
“নাই, নাই।
বেছি সময় জিৰণি ল’ব নালাগে। অলপ ৰৈ মুখ হাত ধুই ল’লে ভাল লাগিব”।
পিছৰ এক্সিটটোত কেভিনে গাড়ী সুমুৱাই দিলে আৰু
কেইটামান কেঁকুৰি পাৰ হৈ এখন ৰেষ্টোৰেণ্টৰ সন্মুখত গাড়ী ৰখাই দিলে।
অনুপমাই ৱাছ ৰুমলৈ গৈ মুখ হাত ধুলে। আইনাত
তাইৰ চুলিকোঁচা দেখি নিজৰে হাঁহি উঠিল। তাই হোষ্টেলৰ পৰা ওলাওঁতে চুলিকোচা মেলি
আহিছিল। এতিয়া তীব্ৰ বতাহত চুলিকোঁচা চৰাইৰ বাঁহৰ দৰে হৈ পৰিছে। তাই বেগৰ পৰা
ব্ৰাছডাল উলিয়াই চুলিখিনি আচুঁৰি জঁটবোৰ ভাঙিলে।
ব্ৰাছডালৰ পৰা চিঙি পৰা চুলিবোৰ লাৰু এটাৰ
দৰে কৰি থু অলপ লগাই ওচৰৰ ডাষ্ট বিনটোত পেলাই দিলে। মুৰৰ চুলিবোৰ এইদৰে লাৰু কৰি
পেলাব লগীয়া হ’লে থু লগাই পেলাব লাগে বুলি
তাইক আইতাকে সৰুতে শিকাইছিল। ৰাবাৰ বেণ্ড এডালেৰে চুলিকোঁচা বান্ধি লৈ হে তাইৰ
সকাহ লাগিল।
কেভিনে এটা ডাঙৰ ঠোঙাত পপকৰ্ণ লৈ গাড়ীত বহিল।
অনুপমা আহি বহাৰ পিছত সি আশ্বাসৰ সুৰত ক’লে,
“আৰু বেছি দূৰ নাই। মই এইচোৱা লাহে লাহে চলাম। তুমি চিন্তা নকৰিবা”।
অনুপমাই ভাবি আহিছিল কেভিনৰ লগত আইতাকৰ বিষয়ে
কিছু কথা পাতিব। কিন্তু তাইৰ সাহস নহ’ল। কথা কৈ
কেভিনক গাড়ী চলাওঁতে আমনি কৰিবলৈকো মন নগ’ল। তাই পপকৰ্ণ
খাই মনে মনে গৈ থাকিল। এইবাৰ কেভিনে গাড়ীৰ গতিবেগ কমাই দিলে।
লণ্ডন চহৰ পোৱাৰ কিছুদূৰ আগৰ পৰা উপনগৰ বোৰ
আৰম্ভ হৈ যায়। বাটত গাড়ীৰ সংখ্যা বৃদ্ধি হয়। মাজে মাজে যানজঁটৰ সমস্যাৰো সৃষ্টি
হয়। ফলত গাড়ীৰ গতি মন্থৰ হ’বলৈ বাধ্য হয়। গাড়ীৰ গতি কমাৰ পিছতহে যেন
অনুপমাই অলপ সকাহ পালে।
হাই-ৱে’ৰ পৰা ফালৰি
কাটি যেতিয়া গাড়ীখন আন এটা ৰাস্তাৰে চলিবলৈ ধৰিলে, তেতিয়া অনুপমাই বুজিলে যে গন্তব্য স্থান পাবলৈ বেছি সময় নাই। তাই বতাহত পুনৰ
অবিন্যস্ত হৈ যোৱা চুলিখিনি ঠিক ঠাক কৰাত লাগিল।
এসময়ত কেভিনে গাড়ীখন এটা সৰু আটোমটোকাৰীকৈ
সজোৱা ঘৰৰ আগত আনি ৰাখি দিলে। কাঠেৰে সজোৱা এটা ধুনীয়া সৰু ঘৰ। সন্মুখত সেউজীয়া
ঘাঁহনি।
গাড়ীৰ পৰা নামিয়েই ঘৰটোত আঁৰি থোৱা এখন ফলকত
তাইৰ চকু পৰিল।
ফলক খনত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে ‘পাটকাই ভিলা’।
পাটকাই ভিলা !!???
অনুপমা শিহৰিত হৈ উঠিল। লণ্ডন চহৰত এটা
ধুনীয়া ঘৰৰ নাম পাটকাই ভিলা ! তাই সৰুৰে পৰা শুনি অহা এটা অসমীয়া শব্দ পাটকাই, তাই জনাত পাটকাই এখন পাহাৰৰ নাম, যিখন বগাই এদিন
চুকাফাই ব্ৰহ্মদেশৰ পৰা অসমলৈ আহি আহোম ৰাজ্য স্থাপন কৰিছিল। তাৰ বাহিৰে পাটকাই
শব্দটোৰ আন একো অৰ্থ তাই নাজানে। পাটকাই শব্দটো আন ভাষাত ব্যৱহাৰ হোৱাও তাই শুনা
নাই।
কেভিনক এই বিষয়ে সুধিব খুজিও তাইৰ সোধা নহ’ল।
ঘৰটোৰ দুৱাৰদলিত থিয় হৈ কেভিনে কলিং বেলটো
বজাই দিলে। এগৰাকী মহিলাই দুৱাৰ খুলি দিলে। অনুপমাই মন কৰিলে আনুমানিক ত্ৰিছ বছৰ
অতিক্ৰম কৰা মহিলা গৰাকী দেখিবলৈ শুৱনি।
কেভিনে মহিলা গৰাকীক অনুপমাৰ লগত চিনাকী কৰি
দিলে,
“এয়া এঞ্জেলা। আইতাৰ পৰিচাৰিকা। এওঁ দিনে ৰাতিয়ে আইতাৰ
চোৱা-চিতা কৰে। আৰু এঞ্জেলা, এয়া অনুপমা। আমি
একেখন বিশ্ববিদ্যালয়ত আছোঁ”।
এঞ্জেলাই হাঁহি মাৰি অনুপমাৰ লগত কৰমৰ্দন
কৰিলে। “আহা,
ভিতৰলৈ আহা। আইতাই তোমালোকলৈকে অপেক্ষা কৰি আছে”, এই বুলি তাই দুয়োকে ভিতৰলৈ লৈ গ’ল।
কেভিনৰ পিছে পিছে অনুপমা পোনে পোনে আইতাকৰ
শোৱনি কোঠালৈ সোমাই গ’ল।
“আইতা, মোৰ মৰমৰ আইতা”, এই বুলি কেভিনে বিচনাত পৰি থকা আইতাকক সাৱট মাৰি ধৰিলে। আইতাকে “মোৰ সোণটো” বুলি কৈ তাক কেইবাটাও চুমা খালে।
অনুপমাৰ পিনে চকু পৰাত আইতাকে ক’লে, “অ’, এইজনীয়েই
অসমৰ পৰা অহা অসমীয়া ছোৱালী জনী নহয় নে? অলপ ওচৰলৈ আহাঁচোন”।
অনুপমাই দেখিলে কেভিনৰ আইতাক বিচনাত শুই থকা
এগৰাকী মৰম লগা বৃদ্ধা। পিন্ধনত এটা ফুট ফুটীয়া দীঘল গাউন। গালৰ ছাল সোঁতোৰা
সোঁতৰি। বয়স কিমান হৈছে ধৰিব নোৱাৰি যদিও এশ বছৰৰ ওচৰা ওচৰিও হ’ব পাৰে যেন লাগিল তাইৰ। পিছে চকু দুটা অতি উজ্জ্বল। হাঁহি থকা
মুখ খনে মানুহ জনীক অতি শুৱনি কৰি তুলিছে।
“এয়া মোৰ আইতা। আইতাৰ বয়স
হৈছে। কিন্তু আইতাৰ মগজুটো এতিয়াও যথেষ্ট ভালে আছে। আইতাৰ এতিয়াও বহুত পুৰণি কথা
মনত আছে। তুমি আইতাৰ ওচৰতে বহা”। কেভিনে অনুপমাক আইতাকৰ ওচৰত সহজ কৰি দিবলৈ
চেষ্টা কৰিলে। তাই ধীৰ খোজেৰে বুঢ়ী মানুহ গৰাকীৰ ওচৰ পালেগৈ।
অনুপমাৰ গায়ে মুৰে হাত ফুৰাই আইতাকে ক’লে, “মোৰ নাম নেন্সি। তুমি মোক আইতা বুলিয়ে
মাতিবা। তোমাৰ নামটো মোক কেভিনে কৈছিল। কি আছিল জানো….। অনু…অনু…..”। তেওঁ নামটো মনত পেলাবলৈ যত্ন কৰিলে।
‘অনুপমা, মোৰ নাম অনুপমা’, অনুচ্ছ স্বৰত অনুপমাই ক’লে।
“অনুপমা। বৰ ধুনীয়া নাম”। আইতাকৰ চকু দুটা যেন কিবা এক অবুজ আবেগত সেমেকি উঠিল। তেওঁ লাহে লাহে ক’লে,
“মোৰ এজনী বন্ধু আছিল। তাইৰ নাম আছিল অনুৰাধা। আমি ৰাধা বুলি
মাতিছিলোঁ। সেয়া বহু যুগৰ আগৰ কথা”।
“অনুৰাধা”? অনুপমাৰ দেহৰ
মাজেৰে যেন এসোঁতা বিজুলী পাৰ হৈ গ’ল।
“অনুৰাধা ভাৰতীয় আছিল নেকি? আপুনি কেতিয়াবা ভাৰতলৈ গৈছে নেকি আইতা”? বয়সিয়াল মানুহ
জনীৰ কাষতে বহি লৈ অনুপমাই সুধিলে।
অনুপমাৰ হাত এখন নিজৰ হাতৰ মুঠিত লৈ আইতা
গৰাকীয়ে ক’লে, “এৰা অনুৰাধা
ভাৰতীয় আছিল, তাই অসমীয়া আছিল। এসময়ত তাই মোৰ বেষ্ট ফ্ৰেণ্ড
আছিল”।
“অসমীয়া আছিল? তাৰ মানে আপুনি আগতে অসমলৈ গৈছে ?” - অনুপমাৰ কণ্ঠত
বিস্ময়।
“মই বহুদিন অসমতে আছিলোঁ। মোৰ
জন্মই হৈছিল অসমত। ডিব্ৰুগড়ত”, অনুপমাক আচৰিত কৰি তেওঁ
অসমীয়াতে কৈ পেলালে - “মই অসমক খুব ভাল পাওঁ”।
অশীতিপৰ মানুহগৰাকীৰ মুখত অসমীয়া শুনি
অনুপমাৰ ভৰিৰ তলৰ মাটিখিনি যেন কঁপি উঠিল। তাইৰ সৰ্ব শৰীৰ শিহঁৰিত হৈ উঠিল। তাই
যেন এক পুৰণি ইতিহাসৰ পাত লুটিয়াবলৈ আগবাঢ়িছে, এনে লাগিল
তাইৰ।
আকৌ ইংৰাজীতে তেওঁ লাহে লাহে কৈ গ’ল, “মোৰ শৈশৱ পাৰ হৈছিল ডিব্ৰুগড়ত,
মাকুম, ডিগবৈত”। কথা কোৱাৰ লগে লগে তেওঁ যেন এখন বেলেগ
পৃথিৱীত প্ৰৱেশ কৰিবলৈ ধৰিলে। তেওঁৰ মন যেন উভতি গ’ল বহু বছৰ আগৰ অসমলৈ।
“অসমত এতিয়া আপোনাৰ কোনোবা
আপোন মানুহ আছেনে”? অনুপমাই সুধিলে।
বুঢ়ী মানুহজনীয়ে ইতিমধ্যে এখন বেলেগ জগতত
বিচৰণ কৰিবলৈ আৰম্ভ কৰিছিল।
“মোৰ দেউতা আছিল ডাক্তৰ। আমাৰ
পৰিয়ালটো প্ৰথমতে ডিগবৈত আছিল। সেই সময়ত ডিগবৈৰ আশে পাশে তেল খাদ খন্দাৰ কাৰণে এক
অভিনৱ ব্যস্ততা হৈছিল”।
“তাৰ মানে আইতা, সেয়া হয়তো ডিগবৈ শোধনাগাৰ স্থাপন হোৱাৰো আগৰ সময়ৰ কথা। ১৯০০ চনত ডিগবৈ
শোধনাগাৰ আৰম্ভ হৈছিল”। অনুপমাই ক’লে।
আইতাকে মুৰ দুপিয়ালে। তেওঁ কৈ গ’ল। “মই চন, তাৰিখ বোৰ
পাহৰিলোঁ। সেই সময়ত তেলৰ কাৰণে মাটি খন্দা কাম কৰিবলৈ বহুতো বনুৱা ভাৰতৰ বিভিন্ন
ঠাইৰ পৰা আহিছিল। অসমৰ মানুহো আছিল। মানুহ বোৰে খেতি বাতি এৰি কোম্পানীৰ কাম
কৰিবলৈ আহিছিল”।
অনুপমাৰ মনৰ চকুত ভাঁহি উঠিল তাই সৰুৰে পৰা
শুনি অহা সেই হাতীৰ ভৰিত তেল লাগি অহাৰ ঘটনাটো। হাতীৰ ভৰিত লাগি অহা তেল বিচাৰি গৈ
অৰণ্যৰ মাজত খনিজ তেলৰ সন্ধান পোৱা গৈছিল। তাই কল্পনা কৰিলে এজাক বনুৱাই ডাঙৰ ডাঙৰ
পাইপ মাটিৰ তললৈ সুমুৱাই গৈ আছে আৰু এসময়ত ফোৱাৰাৰ দৰে মাটিৰ তলৰ তেল বাহিৰ হৈ
আহিছে। সেই তেলত তিতি বুৰি বনুৱা সকল আনন্দত মতলীয়া হৈছে।
“কোম্পানিৰ বিষয়াবোৰৰ বেমাৰ হ’লে মোৰ দেউতাই
চোৱা-চিতা কৰিছিল। দেউতাক তেওঁলোকে লেম চাহাব বুলি কৈছিল। দেউতাক তেওঁলোকে খুব ভাল
পাইছিল”। আইতাকে কৈ গ’ল।
“তাৰ মানে আপোনালোকে ডিগবৈত
বহুদিন আছিল নহয়নে আইতা”, অনুপমাই সুধিলে।
“নাই, দেউতা
ডিগবৈত বেছিদিন থকা নাছিল। ডিগবৈত থকাটো মোৰ জন্মৰ আগৰ কথা”। এই বুলি আইতাক অলপ ৰ’ল।
“ডিব্ৰুগড়ত এখন মেডিকেল স্কুল
এখন আৰম্ভ হৈছিল। কি নাম আছিল জানো মোৰ মনতেই নপৰে”, আইতাকে
বহুদিনৰ পুৰণি কথা মনত পেলাবলৈ চেষ্টা কৰিলে।
“বেৰী হোৱাইট মেডিকেল স্কুল
নেকি আইতা?”
আইতাকৰ মুখ খন উজ্বলি উঠিল। “তুমি ঠিকেই কৈছা। সেইখন বেৰী হোৱাইট মেডিকেল স্কুলেই আছিল।
সেইখন আৰম্ভ হোৱাৰ পিছত দেউতাই তাত যোগদান কৰিলে আৰু আমাৰ পৰিয়ালটো ডিব্ৰুগড়ত
থাকিবলৈ লয়। মোৰ জন্মও ডিব্ৰুগড়তে”।
অনুপমাই মন কৰিলে ডিব্ৰুগড়ৰ নাম লোৱাৰ লগে
লগে তেওঁৰ মুখমণ্ডল যেন পোহৰ হৈ উঠিল।
“ডিব্ৰুগড় চাহ বাগিচাৰ মাজত
নদীৰ পাৰত থকা এখন মনোৰম ঠাই আছিল। এতিয়া চাগে ডিব্ৰুগড় বহুত ডাঙৰ হ’ল”। তেওঁৰ এটা হুমুনিয়াহ ওলাই আহিল। হয়তো
ডিব্ৰুগড়ৰ স্মৃতিয়ে আমনি কৰিলে।
পাছ মূহুৰ্ততে তেওঁ আকৌ উচ্ছাসত ক’বলৈ ধৰিলে, “আমি ডিব্ৰুগড়তে ডাঙৰ দীঘল
হৈছিলোঁ। দেউতাই কামৰ কাৰণে মাকুম, ডিগবৈ, চাবুৱা, মাৰ্ঘেৰিটা আদিতো ঘুৰি ফুৰিছিল। আমিও দেউতাৰ
লগত সেইবোৰ ঠাই দেখা পাইছিলোঁ”। কথা কেইটা কোৱাৰ লগে লগে অতীতৰ ঘটনা বোৰ এটা
এটাকৈ যেন তেওঁৰ চকুত ভাঁহি আহিল।
“দেউতা ডাক্তৰ হোৱা কাৰণে বহুত
ধৰণৰ মানুহ আমাৰ ঘৰলৈ আহিছিল। হস্পিটেলৰপৰা আহি ঘৰতো দেউতাই ৰোগী চাব লগীয়া হৈছিল।
স্থানীয় মানুহ বোৰে দেউতাক আৰু আমাৰ পৰিয়ালটোক খুব ভাল পাইছিল। প্ৰায় সকলো উত্সৱতে
সকলোতে আমাক নিমন্ত্ৰণ কৰিছিল। পূজাৰ প্ৰসাদ, পায়স, বিহুৰ পিঠা এইবোৰৰ যে কি অপূৰ্ব সোৱাদ আছিল”। সেই অপূৰ্ব সোৱাদ যেন তেওঁ জিভাৰে আকৌ এবাৰ
অনুভৱ কৰিবলৈ চেষ্টা কৰিলে।
“তুমি বিহু নাচিব জানানে”?
আইতাকৰ প্ৰশ্নটোত অনুপমা যেন উচপ খাই উঠিল। এটা আবেগে তাইৰ ডিঙিলৈ
আহি যেন তাইক বাকৰুদ্ধ কৰি পেলালে। তাই মূৰ দুপিয়ালে। তাই বিহু নাচিব জানে। আইতাকৰ
চকু দুটাই যেন আনন্দত তিৰবিৰাই উঠিল।
অনুপমাই যেন নিজৰ কাণ দুখনকে বিশ্বাস কৰিবলৈ
টান পালে যেতিয়া “ময়ো বিহু নাচিব জানো” বুলি বুঢ়ী মানুহজনীয়ে এখন হাত ডাঙি বিহু নাচৰ হাতৰ মুদ্ৰা এটা কৰি
দেখুৱালে। তাই মানুহজনীক ‘আইতা’ বুলি
কৈ সাৱটি ধৰিলে। তাইৰ চকু পানী ওলাই গ’ল।
“মোক এপাক বিহু নাচি দেখুৱাবা
নে?” মানুহজনীয়ে মুখত এটা হাঁহি লৈ অনুপমাৰ পিনে চাই ৰ’ল।
“মই কেভিনক কৈ কেইটামান
বিহুগীত ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰি ৰাখিছোঁ। কেভিন, তুমি
কম্পিউটাৰটো খুলি বিহুগীত এটা বজাই দিয়াচোন। তাই নাচিব”।
কিছু সময়ৰ কাৰণে অনুপমা যেন স্তব্ধ হৈ ৰ’ল। লণ্ডনৰ এটা ইংৰাজ পৰিয়ালৰ শোৱনি কোঠাৰ কম্পিউটাৰৰ স্পিকাৰত
বিহুগীত বাজি উঠিল।
ভুপেন হাজৰিকাৰ গান। ‘বিহুৰে বিৰিণা অ’ আইতা, কেৰুমণি থুৰীয়া…..’।
অনুপমাই কেতিয়াও কল্পনা কৰিব নোৱাৰা এক ঘটনা।
কেভিনে কোৱাৰ দৰে তাইৰ কাৰণে সঁচাকৈয়ে এটা ডাঙৰ ‘ছাৰপ্ৰাইজ’। গীতটোৰ তালে তালে কেভিনে হাত চাপৰি মাৰিলে।
তাইক সি নাচিবলৈ উত্সাহ দিলে। তাই অলপ সময়ৰ কাৰণে আবেগ বিহ্বল হৈ উঠিল।
গাত মেৰিয়াই লৈ যোৱা চুটি স্কাৰ্ফ খন ককালত
গামোচাৰে টঙালি বন্ধাৰ দৰে মেৰিয়াই তাই বিহু নাচিবলৈ ল’লে। আইতাকৰ ওঁঠত হাঁহি বিৰিঙি উঠিল।
বিহুগীতৰ তালে তালে অনুপমাই নাচি থাকোঁতে
কেভিন আইতাকৰ ওচৰ চাপি আহিল। আইতাকৰ চকুজুৰি জাপ খাই গৈছিল। কেভিনে ভাবিছিল, গান শুনি শুনি মগন হৈ তেওঁ চকু দুটা মুদি দিছিল। গাত হেঁচুকি
দিহে সি গম পালে যে আইতাক টোপনিত ঢলি পৰিছে। বয়স বেছি হোৱা বাবে এটা নিৰ্দিষ্ট
সময়ৰ মুৰে মুৰে অৱসাদে তেওঁক গ্ৰাস কৰি টোপনিৰ কোলাত শুৱাই দিয়ে।
আইতাকৰ গাত লোৱা কাপোৰখন ভালদৰে জাপি দি
কেভিনে অনুপমালৈ ইঙ্গিত কৰিলে যে আইতাক ইতিমধ্যে শুই পৰিছে। অনুপমাই নাচি থকাৰ পৰা
ৰৈ দিলে। তাইৰ ককালত বান্ধি লোৱা স্কাৰ্ফ খন গাত মেৰিয়াই ল’লে।
শুই থকা বুঢ়ী মানুহ জনীৰ ওচৰলৈ আহি তাই
কিছুপৰ তেওঁলৈ চাই ৰ’ল। তাই যেন মনে মনে তেওঁক
নিজৰ আইতাকৰ লগত ৰিজাই চালে।
কেভিনে বাজি থকা গানটো বন্ধ কৰি দিলে। “ব’লা আমি বহা কোঠালৈ গৈ কথা পাতোঁ”,
এইবুলি সি অনুপমাক বহা কোঠালৈ লৈ গ’ল।
এঞ্জেলাক সি আইতাকৰ শোৱনি কোঠাত থাকিবলৈ নিৰ্দেশ দিলে।
বহা কোঠাত সি অনুপমাৰ মুখলৈ চাই সুধিলে, “মোৰ ‘ছাৰপ্ৰাইজ’ কেনে
লাগিল তোমাৰ”?
অনুপমাই চকুৰ চেলাউৰি যোৰ ওপৰলৈ কৰি মুখ
টিপিয়াই হাঁহি মূৰ দুপিয়ালে। তাই বুজালে যে তাই মানি লৈছে যে সেয়া সঁচাকৈয়ে এটা
ডাঙৰ ‘ছাৰপ্ৰাইজ’ আছিল। তাই
নিজৰ গাটো চোফা খনত এৰি দিলে। তাই যেন মনৰ মাজত এক অপূৰ্ব আমেজ অনুভৱ কৰিলে। তাই
চকু দুটা মুদি দিলে। সেই আমেজতে তাই যেন কিছুপৰ থাকিব বিচাৰিলে।
কেভিনে ক’লে,
“আইতা এতিয়া কিছু পৰ শুব। তুমি মুখ হাত ধুই ফ্ৰেছ হৈ লোৱা। মই
কিচ্চেনত কিবা এটা ৰান্ধো”।
অনুপমাই বিচাৰিছিল কেভিনে তাইৰ ওচৰতে অলপ সময়
বহক, আইতাকৰ বিষয়ে আৰু কিছু কথা তাইক কওক।
কিন্তু সি হয়তো ব্যস্ত হৈ থাকি ভাল পায়। কথা পাতি বহি থকা বিধৰ ল’ৰা সি নহয়।
“ঠিক আছে, মই ফ্ৰেছ হৈ লওঁ। পিছে কিচ্চেনত কিবা এটা মই ৰান্ধিম। তুমি মোক কেৱল সহায় কৰি দিবা। মোৰ আইতাক কিবা এটা ৰান্ধি খুৱাবলৈ বৰ মন গৈছে”, চোফাখনৰ পৰা উঠি তাই ক’লে।
অনুপমাই কেভিনৰ উত্তৰলৈ বাট নাচাই ৱাছ ৰুমৰ
পিনে আগবাঢ়িল।
মুখ হাত ধুই আহি তাই দেখিলে কেভিনে ফ্ৰীজৰ
পৰা ব্ৰেড, বন্ধাকবি, ছীজ,
মেয়োনিজ উলিয়াইছে। তাই বুজিলে সি ছেণ্ডুইছ জাতীয় কিবা এটা বনোৱাৰ
আয়োজন কৰিছে। পিছে তাইৰ বেলেগ ধৰণৰ কিবা এবিধ ৰান্ধিবলৈ মন গ’ল।
“ফ্ৰীজত গাখীৰ আছেনে? মোক চেনিও অলপ লাগিব? চাউল কি আছে চাওঁ। ড্ৰাই ফ্ৰুট
আছেনে”? তাই নিৰ্দেশ দিয়া আৰম্ভ কৰিলে। কেভিনে তাই বিচৰা
ধৰণে এপদ এপদ কৈ বস্তু উলিয়াই দিলে।
চাউল কেইটা হাতত লৈ তাইৰ মুখত হাঁহি বিৰিঙি
উঠিল। তাই এনে আকাৰৰ চাউলেই বিচাৰিছিল। সৰু সৰু, জহা চাউলৰ দৰে। হৈ যাব। ইলাচি, ডালচিনি, কাজু নাই যদিও একো কথা নাই। তাই আইতাকক এবাটি পায়স ৰান্ধি খুৱাব পাৰিব।
কেভিনে কেতিয়াও পায়স খাই পোৱা নাই। বস্তুটো
কেনেকুৱা তাৰ কোনো ধাৰণাও নাই। কিন্তু অনুপমাৰ উত্সাহ দেখি তাৰ মনত স্ফূৰ্তি
লাগিল। সি বেলেগ বেলেগ ধৰণৰ খাদ্যৰ সোৱাদ লৈ ভাল পায়। এক নতুন ধৰণৰ খাদ্যৰ সোৱাদ ল’ব পাৰিব বুলি তাৰ ভাল লাগিল। ছছপেন এটাত পায়স খিনি উতলি থকাৰ
সময়ত এঞ্জেলায়ো এবাৰ চাবলৈ আহিল।
কেভিনে ৰগৰ কৰি তাইক ক’লে, “আজি তোমাক ভাৰতীয় মচলাদাৰ ষ্পাইছি
খাদ্য খুৱাই নাক মুখৰ বৰণ ৰঙা কৰোৱাৰ পৰিকল্পনা চলিছে”।
এঞ্জেলাই লগে লগে হাঁহি মাৰি ক’লে, “ষ্পাইছি খাদ্য খালে তুমি কেইবাৰ
পায়খানালৈ দৌৰ মাৰা মোৰ জনা আছে”। কথাটোত তিনিওটাই হাঁহিলে।
“মই যি ঠাইৰ পৰা আহিছোঁ,
সেই ঠাইৰ মানুহে ষ্পাইছি খাদ্য নাখায়, গতিকে
চিন্তা নকৰিবা”, এই বুলি কৈ অনুপমাই ছছপেনটো নমাই থলে।
অনুপমাৰ পায়স তৈয়াৰ হ’ল। আইতাকৰ তেতিয়ালৈকে সাৰ সুৰ নাই।
কেভিনে ক’লে,
“আমি কেইজনে খাই দিওঁ দিয়া। আইতা উঠিলে খাব”।
অনুপমাই ক’লে - তাই নাখায়। আইতাকক খুৱাই হে তাই খাব। কেভিনৰ ভোক লাগিছিল। অনুপমাই
কেভিন আৰু এঞ্জেলাক ডাইনিং টেবুলত এবাটি এবাটি পায়স খাবলৈ দিলে। কেভিনে পায়স মুখত লৈ ভালেই পোৱা যেন লগিল। এঞ্জেলাই পিছে বৰ ভাল নাপালে। কেই
চামুচ মান মুখলৈ নি তাই খাবলৈ মন নাই বুলি কৈ উঠি গ’ল। কেভিনে শেষ কৰি খালে। অনুপমাই মন কৰিলে পায়সেৰে এঞ্জেলা আৰু কেভিনৰ পেট
নভৰে। তাই দুয়োৰে কাৰণে কেইটামান ছেণ্ডুইছো কৰিলে।
খোৱা হোৱাৰ পিচত কেভিনে অনুপমাক বহা কোঠাটোত
জিৰণি ল’বলৈ ক’লে। আইতাকৰ
কাৰণে এনেদৰে নোখোৱা নোবোৱাকৈ তাই ৰৈ থকা কথাটোত সি ভাল নাপালে। দুপৰীয়া সেইটো
সময়ত ভোক লগাটো স্বাভাৱিক। সি ভাৰতীয় সংস্কাৰৰ বিষয়ে শুনিছে। ভাৰতত জ্যেষ্ঠ জনক
পৰিয়ালত আটাইতকৈ বেছি সন্মান দিয়া হয়। কিন্তু এনেদৰে নিজকে কষ্ট দি আনক সন্মান
দিয়া উচিত জানো। এইবোৰ কথা তাৰ যুক্তিয়ে ঢুকি নাপায়। অৱশ্যে সি বিশ্বাস কৰে আনৰ
সংস্কাৰৰ সমালোচনা কৰাটো উচিত নহয়।
সি তাইক ক’লে, “তুমি অসুবিধা পাইছা যদি মই আইতাক জগাই দিওঁ।
ভোকত থাকিলে তোমাৰ অসুখ হ’ব পাৰে”।
অনুপমাই হাঁহি মাৰি ক’লে, “মোৰ কাৰণে চিন্তা নকৰিবা। মোৰ
উপবাসে থকাৰ অভ্যাস আছে। মই মাহত দুই এদিন এনেয়ো উপবাসে থাকোঁ”।
অনুপমা বহা কোঠাটোলৈ গ’ল। তাই কোঠাটোৰ ছোফা খনত বহিল।
অনুপমাই কোঠাটোত চকু ফুৰালে। কোঠাটোত বেছি
বস্তু নাই। এখন তিনিজনীয়া ছোফা, এখন মেজ আৰু এখন
আৰামী চকী। বেৰত বন্ধাই থোৱা কেইখন মান ধুনীয়া পেইণ্টিং। চুকত জুহাল এটা আছে। আগৰ
দিনত শীতকালি ঘৰ তপতাই ৰাখিবলৈ এনে জুহাল ব্যৱহাৰ হৈছিল। অনুপমাই ডিগবৈত কোনো কোনো
পুৰণি ঘৰত এনে জুহাল দেখিছে। তাই ভাবিলে, এই ঘৰটোও হয়তো
যথেষ্ট পুৰণি।
কেভিনে কাপোৰ এখন আনি মেজ, চকী আৰু চোফাৰ ওপৰত পৰি থকা ধুলিবোৰ মচিলে। এঠাইত এটা ডাগ
দেখি ঘঁহি ঘঁহি ডাগটো আতৰালে। অ’ত ত’ত
সিঁচৰিত হৈ থকা কাগজ, আলোচনী বোৰ চিজিল কৰি থ’লে।
“এঞ্জেলাই এই কেইদিন কোঠাটো
ভালদৰে পৰিষ্কাৰ কৰা নাই যেন লাগিছে। এই খবৰ কাগজ, আলোচনীবোৰ
তাইৰ কাৰণেই অনা হয়” - সি ভোৰভোৰালে। অনুপমাই কাগজবোৰ চিজিল
কৰাত তাক সহায় কৰি দিলে।
সকলো চিজিল হোৱাৰ পিছত এচুকত থকা হেলনীয়া
আৰামী চকী খনত কেভিন বহিল। সি কিবা কোৱালৈ অনুপমাই বাট চাই ৰ’ল।
“অনুপমা, আইতাই তোমালোকৰ দেশ খন, বিশেষকৈ অসম খনক খুব ভাল পায়
জানা। তেওঁৰ অন্তৰত এতিয়াও তোমালোকৰ সুন্দৰ দেশ খনৰ ছবি অঁকা আছে। মোৰো বৰ মন যায়,
সেই দেশখন এবাৰ নিজে গৈ চাই আহিবলৈ”।
“মই যদি যাওঁ, বহুতো ফটো তুলিম, ভিডিঅ’ কৰিম।
সেইবোৰ আনি আইতাক দেখুৱাম” - কেভিনে ৰং মনেৰে অনুপমাৰ পিনে
চাই ক’লে।
অনুপমাই তাৰ কথা মন দি শুনিলে। তাই যেন প্ৰথম
বাৰৰ কাৰণে বুজি পালে সি ডিগবৈলৈ যাবলৈ কিয় ইমান আগ্ৰহী। তাইৰ মনটো হঠাতে যেন ভাল
লাগি গ’ল।
কিন্তু পিছ মূহুৰ্ততে সি গম্ভীৰ হৈ পৰিল, “অৱশ্যে মোৰ ভয় লাগে, আইতা যদি তাৰ
আগতেই মৰি যায়”।
অনুপমাৰ বুকুখন চিৰিংকৈ গ’ল। তাই নিজৰ আইতাকক মৃত্যুশয্যাত দেখিছে। কিমান যে হৃদয় বিদাৰক
আছিল সেই দৃশ্যটো। দেউতাক, খুৰাকহঁতে কান্ধত তুলি আইতাকক
শ্মশানলৈ লৈ যাওঁতে তাই ফেঁকুৰি ফেঁকুৰি পিছে পিছে গৈ থকা কথাটো তাইৰ এতিয়াও মনত
পৰে।
এতিয়া তাইৰ জীৱনলৈ আন এজনী আইতাক আহিছে। এই
গৰাকী আইতাকো ইমান সোনকালে মৰি যাব নেকি? তাই
বুকুৰ মাজত যেন অলপ বিষ অনুভৱ কৰিলে।
কেভিনে কিছুপৰ ওপৰৰ ছিলিঙৰ পিনে চাই থাকিল।
অনুপমাৰ এনে লাগিল সি যেন নিৰৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে আইতাকক যেন সোনকালে
মাৰি নিনিয়ে। তায়ো মনে মনে প্ৰাৰ্থনা কৰিলে কেভিনৰ ইচ্ছা যেন পূৰ্ণ হয়। তাৰ আইতাক
যেন দীৰ্ঘজীৱি হয়।
কিছুপৰ নিৰৱে থাকি কেভিনে ক’লে, “মোক সৰুৰে পৰা আইতাই তোমালোকৰ দেশ
খনৰ কথা কয়। আইতাই যি সময়ৰ কথা কয়, সেয়া আজি বহুদিনৰ অতীত।
এতিয়া হয়তো বহুত সলনি হ’ল। কিন্তু আইতাই ভাবে এতিয়াও একো
সলনি হোৱা নাই, সকলোবোৰ একেই আছে। ১৯১০ চনত আইতাৰ জন্ম আৰু
এতিয়া ২০০৩ চন। আইতাৰ বয়স এতিয়া নব্বৈ বছৰ পাৰ হৈ গৈছে। তুমি বিশ্বাস কৰিবা”?
অনুপমাই ভাবিলে, নব্বৈ বছৰ বহুত দীঘলীয়া সময়। ইমান বছৰে এগৰাকী মানুহে বুকুৰ
মাজত সেই তাহানিৰ অসম খন কঢ়িয়াই লৈ ফুৰিছে। কিমান যে কথা হয়তো তেওঁৰ মনৰ মাজত
এতিয়াও সোমাই আছে। সেই কথাবোৰ তাই জানিব পৰা হ’লে !
কেভিনে কৈ গ’ল - “মই মোৰ গৱেষণাৰ বিষয় হিচাপে বাচি লৈছোঁ ‘বিশ্বৰ তৈল অন্বেষণৰ ইতিহাস’, এই গৱেষণাৰ এটা অংশ
হিচাপে মই পৃথিৱীৰ বহুতো দেশলৈ যাব লাগিব। মই প্ৰথমতে যাম ভাৰতলৈ, তোমালোকৰ অসমলৈ। আইতাই ইমান ভাল পোৱা দেশ খনৰ বিষয়ে, সেই ঠাইৰ মানুহ বোৰৰ বিষয়ে, সেই ঠাইত গঢ়ি উঠা তৈল
উদ্যোগৰ বিষয়ে মই জানিব খোজোঁ”।
অনুপমাই মাত লগালে, “খুব ভাল বিষয় লৈছা কেভিন। তুমি জানানে, অসমৰ তৈল অন্বেষণৰ ইতিহাসৰ বিষয়ে আমাৰ অসমীয়া মানুহেই ভালদৰে নাজানে। আনকি
ডিগবৈৰ ছোৱালী হৈ ময়ো নাজানো”।
কেভিনে হাঁহিলে। “অতীতৰ কথা জানিবলৈ মানুহে আজিকালি আগ্ৰহ নকৰে অনুপমা। কিন্তু
অতীতৰ মাজতে আমাৰ বৰ্তমানৰ সমস্যা সমুহ সমাধান কৰাৰ পথ লুকাই থাকে, এই কথা কোনেও উপলব্ধি নকৰে”, সি নিজকে কোৱাদি কৈ গ’ল।
অনুপমাই ক’লে, “মই ইউৰোপলৈ অহাৰ পিছত উপলব্ধি কৰিছোঁ, তোমালোক ইউৰোপিয়ান সকলে অতীতক শ্ৰদ্ধা কৰিব জানা। অতীতৰ সকলোবোৰ গৌৰৱময়
প্ৰাসাদ, স্মৃতি চিহ্ন, ঐতিহ্য
তোমালোকে খুব সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছা। অতীতৰ প্ৰতি শ্ৰদ্ধাশীলতাই তোমালোকক
মহান কৰিছে”।
কেভিনে তাইৰ কথাত মূৰ তল কৰি হাঁহিলে। তাইৰ
প্ৰশংসাত সি যেন নতশিৰ হৈ গ’ল।
প্ৰসংগ সলনি কৰিবলৈ সি ক’লে, “এই বিষয়টো বাচি লোৱাৰ কাৰণে মই
ভাৰতলৈ গৈ গৱেষণা কৰিবলৈ আৰ্থিক সাহাৰ্য্য পাম। কিন্তু মই এনে এজন সাৰথি বিচাৰি
আছিলোঁ যাৰ ওপৰত নিৰ্ভৰ কৰি মই মোৰ কাৰণে আচহুৱা, অচিনাকী
দেশ খনত ভুমুকি মাৰিব পাৰোঁ। আৰু এয়া চোৱা, মই তোমাক পাই গ’লোঁ”।
হাউলি থকাৰ পৰা উঠি অনুপমাৰ চকুলৈ পোন
দৃষ্টিৰে চাই কেভিনে সুধিলে, ‘তুমি মোক সহায়
কৰিবানে অনুপমা’?
এছাটি শীতল বতাহ যেন হঠাতে অনুপমাৰ বুকুৰ
ভিতৰলৈ সোমাই আহিল। একো নভবাকৈয়ে তাইৰ মুখেৰে ওলাই আহিল - ‘নিশ্চয় কৰিম’।
পঢ়ি বৰ ভাল লাগিল৷ কাহিনীটোৰ পাতনি বৰ মনোগ্ৰাহী হৈছে৷ উপন্যাসখনৰ বিভিন্ন অংশত বহুতো নতুন কথাও জানিব পাৰিম যেন লাগিছে৷ মই প্ৰতিটো খণ্ড পঢ়িবলৈ উৎকণ্ঠাৰে বাট চাই থাকিম৷
ReplyDeleteধন্যবাদ, পঢ়ি যাবা ।
Deleteউপন্যাসখনে বহুতো কথাই শিকাই যাব বুলি আশা থাকিল।লণ্ডন,তেল,গৱেষণা…আৰু বহুতো।আশাৰে ৰৈ থাকিম।
ReplyDeleteToo good Dipangkar!
ReplyDeleteধন্যবাদ
ReplyDeleteKhub dhuniya patoni.Moi bahut dinor pora porhiboloi bisari asilu arombhonir pora. Maa-Deota oi Prantik ot porhi koi.
ReplyDelete