আইতাক শুই উঠাত পলম হ’ল। আবেলি সময়ত তেওঁ সাৰ পালে।
এঞ্জেলাই তেওঁৰ মুখ ধুৱাই দিলে। তেওঁ কেভিন আৰু অনুপমাৰ খবৰ ল’লে। সেই সময়ত বহা কোঠাত হেলনীয়া
চকীত পৰি কেভিনে আৰু আৰামী চোফাত আউজি অনুপমায়ো তন্দ্ৰাৰ আমেজ লৈ আছিল। এঞ্জেলাই
জানিছিল যে আইতাকক খুৱাইহে খাবলৈ অনুপমা ৰৈ আছিল। সেয়ে তাই পোনেই গৈ অনুপমাক জগাই
দিলে আৰু আইতাকক আহি ক’লে, “ভাৰতীয় ছোৱালী
জনীয়ে আপোনাৰ কাৰণে বৰ সুন্দৰ খাদ্য এটা ৰান্ধিছে। ভাৰতীয় খাদ্য। আপোনাক খুৱাবলৈ
তাই নোখোৱা নোবোৱাকৈ ৰৈ আছে”। খোৱাৰ বাবে সাজু কৰিবলৈ তাই বিচনাখনৰ মুৰৰ পিনে থকা অংশটো হেন্দেল এডাল পকাই
অলপ উঠাই এঢলীয়া কৰি দিলে।
অনুপমাই এবাটি পায়স লৈ আইতাকৰ ওচৰ পালেহি।
“মই বুঢ়ী মানুহ।
টোপনি ধৰে। তুমি মোৰ কাৰণে কিয় ৰৈ আছা?” অনুপমাক দেখি আইতাকে মাত লগালে।
তাই একো নকৈ তেওঁৰ ওচৰত বহিল। খোৱাৰ বাবে
এঞ্জেলাই বুকুৰ ওপৰত পিন্ধাই দিয়া প্লাষ্টিকৰ আৱৰণ খন খন ঠিক ঠাক কৰি লৈ তাই
এচামুচ পায়স আইতাকৰ মুখত ভৰাই দিলে। এক স্বৰ্গীয় তৃপ্তিত আইতাকে চকু দুটা মুদি দিলে।
মুখত থকা পায়স খিনি চোবাই খাওঁতে তেওঁৰ কিছু সময় লাগিল।
তেওঁ অনুপমাৰ মুখলৈ চাই হাঁহি এটা মাৰি
সুধিলে, “পায়স”? অনুপমাই মুৰ দুপিয়ালে।
তাইৰ বৰ ৰং লাগিল, ইমান বছৰৰ পিছতো পায়সৰ সোৱাদ আইতাকৰ মনত আছে। তাইৰ চকুজুৰি আবেগত সেমেকি উঠিল।
দুচামুচমান খাই তেওঁ অনুপমাক ক’লে, “কিমান দিনৰ পিছত যে পায়সৰ সোৱাদ পাইছোঁ।
তোমাক বহুত ধন্যবাদ, অনুপমা”। অনুপমাৰ চকুজুৰি চলচলীয়া হৈ উঠিল। তাই আৰু এচামুচ পায়স আগবঢ়াই দিলে।
আইতাকে ক’লে, ‘তুমি কষ্ট কৰিব নালাগে। মোক এঞ্জেলাই লাহে লাহে খুৱাই দিব। তুমি খাই লোৱা’। অনুপমাই তথাপিও চামুচ
খন আইতাকৰ মুখত ভৰাই দি থোকা থুকি মাতেৰে ক’লে, ‘মই আপোনাক এইদৰে খুৱাবলৈ পাই কিমান যে তৃপ্তি পাইছোঁ, সেয়া কেনেকৈ বুজাম আইতা”?
কেইচামুচ মান খুৱাই দি নিজৰ বাতিটো লৈ অনুপমা
আইতাকৰ ওচৰতে বহিল। এচামুচ এচামুচ কৈ তাই আইতাকক খুৱাই থাকিল আৰু নিজেও খাই থাকিল।
পায়স খিনি তেওঁ তৃপ্তিৰে খাই থকালৈ চাই তাইৰ মন ভৰি পৰিল। কেই চামুচ মান খোৱাৰ
পাছত আইতাকে তাইক ইঙ্গিত কৰিলে যে তেওঁ আৰু খাব নোৱাৰে। এঞ্জেলাই বাতিটো ঢাকন মাৰি
কাষৰ টেবুলত থৈ দিলে।
অনুপমাই আইতাকৰ মুখ খন মচি দি পানী খুৱাই
দিলে। আইতাকে গাত অলপ বল পাই বহিবলৈ বিচাৰিলে। এঞ্জেলা আৰু কেভিনৰ সহায়ত অনুপমাই
তেওঁক পিঠিত গাৰুৰ ভেজা দি বহুৱাই দিলে।
আইতাকৰ ওচৰত আৰামকৈ বহি লৈ অনুপমাই ক’লে, “আইতা, আজি মোৰ আপোনাক লগ পাই সঁচাকৈয়ে খুব ভাল
লাগিল। আপোনাৰ কথা আৰু শুনিবলৈ মন গৈ আছে"।
আইতাকে মিচিকিয়াই হাঁহিলে। “মোৰ কথা কি শুনিবা। মোৰ হে অসমৰ
কথা শুনিবলৈ মন গৈছে”।
“আপুনি কেতিয়া
ভাৰতৰ পৰা ইংলেণ্ডলৈ আহিল”? বৰ আগ্ৰহেৰে অনুপমাই তেখেতৰ মুখলৈ চাই ক’লে।
তাইৰ গাত হাত বুলাই তেওঁ ক’বলৈ ধৰিলে, “সেয়া বহুত পুৰণি কথা। আমেৰিকাই জাপানত যে
বোমা পেলাইছিল, সেইখন যুদ্ধৰ
সময়ৰ কথা”।
“আইতা, সেয়া চাগে দ্বিতীয়
বিশ্ব যুদ্ধৰ সময় আছিল”। অনুপমাই মাত লগালে।
“এৰা। ঠিকেই
কৈছা। সেয়া আছিল দ্বিতীয় বিশ্ব যুদ্ধৰ সময়। সেই সময়ত গোটেই পৃথিৱীতে যুদ্ধৰ
হাহাকাৰ, ইংলেণ্ডতো।
আনপিনে তেতিয়া ভাৰতত ইংৰাজৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা আন্দোলন হৈছিল। কুইট ইণ্ডিয়া
আন্দোলন। আমাক ভাৰত এৰি যাবলৈ কোৱা হৈছিল”।
আইতাক অকণ মান সময় ৰ’ল। অনুপমাই তেওঁৰ ওঁঠৰ কাষৰ লেলাৱতি খিনি
কাপোৰ এখনেৰে মচি দিলে। তাই অনুভৱ কৰিবলৈ চেষ্টা কৰিলে কিছুমান মানুহৰ কাৰণে
ভালপোৱা মৰমৰ দেশ এখন এৰি অহাটো কিমান চাগে হৃদয় বিদাৰক হ’ব পাৰে। ভাৰতক ভাল পোৱা কিমান ইংৰাজে হয়তো
এবুকু দুখ বুকুত বান্ধি লৈ ভাৰত এৰি আহিব লগীয়া হৈছিল।
“ভাৰততকৈ
ইংলেণ্ডত যুদ্ধৰ প্ৰকোপ বহুত বেছি আছিল। জাৰ্মান সকলে ইংৰাজ সকলৰ অৱস্থা শোচনীয়
কৰি পেলাইছিল। বহুত মানুহ মৰিছিল। বহুতো সৈনিক, সাধাৰণ মানুহ কেম্প বোৰত চিকিত্সাধীন হৈ
আছিল। সেই সময়ত যুদ্ধত আহত লোক সকলৰ চিকিত্সাৰ কাৰণে বহুতো ডাক্তৰ, নাৰ্ছৰ দৰকাৰ হৈছিল।
মোৰ দেউতা আছিল ডাক্তৰ, মই আছিলোঁ নাৰ্ছ। আমালৈও ইংলেণ্ডৰ পৰা তলব আহিছিল। আমি ইংলেণ্ডলৈ আহিবলৈ বাধ্য
হৈছিলোঁ”, কৈ কৈ তেওঁ অলপ
পৰ চকু মুদি দিলে। অনুপমাৰ এনে লাগিল, তেওঁ যেন উভতি গৈছে নিজৰ বৰ্ণময় অতীতলৈ।
“আপুনি বাধ্যত
পৰিহে ঘূৰি আহিছিল নহয়নে আইতা”?
“এৰা, আমি ঘূৰি আহিম বুলি
কেতিয়াও ভবাই নাছিলোঁ। অসমত থকা দিন কেইটা মোৰ এনে লাগিছিল যেন সেইখনেই মোৰ নিজৰ
দেশ। দেউতা ডাক্তৰ আছিল কাৰণে বহুত অসমীয়া মানুহ তেওঁৰ ওচৰলৈ আৰু আমাৰ ঘৰলৈ
আহিছিল। তুমি বিশ্বাস কৰিবানে? আমি অসমত থকা সময়চোৱাত মোৰ দেউতাই অসমীয়া মাত কথা শিকি প্ৰায় অসমীয়া হৈ পৰিছিল”।
অনুপমাৰ মুখত হাঁহি বিৰিঙি উঠিল। অসমীয়াত কথা কোৱা ইংৰাজ এজনৰ কল্পনা কৰি তাই যেন ৰোমাঞ্চিত হৈ পৰিল। তাইৰ
মনটোও যেন উৰি যাব বিচাৰিলে অতীতৰ সেই দিন বোৰলৈ।
“আপুনি লগ পোৱা
অসমীয়া মানুহ বোৰৰ কথা মনত আছেনে”?
“আছে, আছে। কেইজনমানৰ কথা
মনত আছে। কিন্তু বেছিভাগৰ কথাই পাহৰিলোঁ। মোৰ আটাইতকৈ ভাল বান্ধৱী আছিল অনুৰাধা”। তেওঁ অনুপমাৰ মুখলৈ
চাই হাঁহিলে।
“তুমি জানানে, অনুৰাধা আৰু মই একেলগে
বিহুও নাচিছিলোঁ”। বিহু নচা কথাটো কওঁতে যেন তেওঁ লাজ লাজকৈ হাঁহিলে।
অনুপমাই আগ্ৰহেৰে তেওঁৰ মুখলৈ চালে। “অনুৰাধা এতিয়াও জীয়াই আছেনে? তেওঁৰ কিবা খবৰ পায়নে?”
“নাই, নাপাওঁ। তাই কেতিয়াবাই
হেৰাই গ’ল”। তেওঁৰ মুখেৰে এটা
হুমুনিয়াহ ওলাই আহিল।
তেওঁ হঠাতে অনুপমাৰ হাতখন নিজৰ হাতৰ মুঠিত লৈ
ক’লে, “তুমি মোক অনুৰাধাৰ খবৰ
এটা আনি দিব পাৰিবানে”?
ভাষাহীন কৰুণ দৃষ্টিৰে তেওঁ অনুপমালৈ চাই ৰ’ল। অনুপমাই একো উত্তৰ দিব
নোৱাৰিলে। আইতাকৰ চকুজুৰিলৈ চাই তাই ভাবিলে, সঁচাকৈয়ে পাৰিবনে তাই অনুৰাধাৰ কিবা খবৰ আনি
দিব?
কেভিনে অনুপমাক চকুৰে ইঙ্গিত দিলে যাতে
আইতাকৰ লগত বেছিকৈ কথা নাপাতে। মানুহজনী আৱেগিক হৈ পৰিলে অসুবিধা হ’ব পাৰে। তেওঁৰ হৃদ যন্ত্ৰ দুৰ্বল।
অনুপমাৰ এনে লাগিল যেন তাইৰ বহুত কথা শুনিবলৈ
থাকি গ’ল। কেভিনে হয়তো
তাইৰ মনৰ কথা বুজিব পাৰিলে। সি তাইৰ ওচৰলৈ আহি ক’লে, “বলা এতিয়া মই তোমাক বস্তু এটা দেখুৱাওঁ। আইতাই অলপ জিৰণি লওক। আমি আকৌ আইতাৰ
ওচৰলৈ আহিম”।
অনুপমাই বুজিলে। তাই আইতাকৰ গাত ধৰি ক’লে, “আইতা, আপুনি এতিয়া অলপ জিৰণি লওক। মই আকৌ এদিন আহিম
আপোনাৰ লগত কথা পাতিবলৈ”।
আইতাকক শুৱাই দি কেভিনে তাইক ঘৰটোৰ এটা সৰু
কোঠালৈ লৈ গ’ল। এটা পুৰণি
আলমাৰিৰ পৰা কাগজেৰে মেৰিয়াই থোৱা বস্তু এটা উলিয়ালে। সি ক’লে, “এয়া চোৱা, আইতাৰ দেউতাকে অসমৰ পৰা আহোঁতে হেনো এই
বস্তুটো উপহাৰ হিচাপে পাইছিল”। কাগজৰ পৰা বস্তুটো উলিয়াই তাই দেখিলে সেইটো তামৰ অসমীয়া জাপি। তাই জাপিটো
আলফুলে চুই চালে। তাই মনতে ভাবিলে, ইমান পুৰণি এই জাপিটোৱে বা আৰু কিমান কাহিনী কঢ়িয়াই লৈ ফুৰিছে !
আইতাকক মাত দি ওলাই অহাৰ সময়ত অনুপমাৰ মনটো
বিষাদেৰে ভৰি পৰিল। অকল এগৰাকী পৰিচাৰিকাৰ ওপৰত ভৰসা কৰি সেই আলৰ বৃদ্ধা আইতাকক
অকলে ঘৰটোত এৰি যাবলৈ যেন তাইৰ সত নগ’ল। ভাৰতত হোৱা হ’লে তাই কেভিনকে গালি পাৰিলেহেতেন, তাৰ অন্তৰত দয়া মমতা নাই নেকি! এনেদৰে আইতাকক এৰি যাবলৈ তাৰ অলপো বেয়া
নালাগেনে? তাৰ মাক
দেউতাকে বুঢ়ী মানুহ গৰাকীৰ একো খবৰ নাৰাখে নেকি? পিছে এইখন দেশত এইবোৰ ব্যক্তিগত কথাত মাত
মতাটো এক প্ৰকাৰ অভদ্ৰামি। কোনোবাই মাত মাতিব বিচাৰিলেও “ইটচ নান অৱ ইয়ৰ বিজনেচ” বুলি কথাই কথাই কৈ
দিয়া মানুহৰ ইয়াত অভাৱ নাই।
তাই বিষন্ন অনুভৱ কৰিলেও কেভিনে অহাৰ সময়ৰ
দৰেই গাড়ীৰ ডেকত গান বজাই গানৰ সুৰত সুহুৰিয়াই সুহুৰিয়াই গাড়ী চলাবলৈ ধৰিলে। হাই
ৱে’ত উঠাৰ আগে আগে
এঠাইত গেছ (পেট্ৰ’ল) ভৰাবলৈ সি গাড়ীখন ৰখালে। স্বয়ংক্ৰিয় মেচিন এটাত কাৰ্ডৰ যোগেদি পইচা দি সি
গাড়ীত গেছ ভৰালে।
সি অনুপমাক ক’লে, “মই ইয়াত বিয়েৰ ল’ম। তোমাক লাগিব নেকি”?
তাই উচপ খাই উঠিল। তাই মূৰ জোকাৰিলে। তাইক
নালাগে। তাইৰ সেইবোৰ অভ্যাস নাই।
কিন্তু এই সময়ত বিয়েৰ কিয়? নিচাশক্ত হৈ গাড়ী
চলোৱাটো সেইখন দেশত এটা অপৰাধ। তাইৰ এনে লাগিল, ইমান পৰে আপোন যেন লাগি থকা কেভিন যেন হঠাতে
এজন বেলেগ মানুহ হৈ পৰিল।
কেভিনে দুটা বিয়েৰৰ বটল কিনি আনিলে। গাড়ীত বহি সি এটা বটল খুলি দুঢোক মান খালে। অনুপমাই অন্য পিনে চাই ৰোৱা দেখি
সি ক’লে, “বেয়া নাপাবা। এতিয়া
মোৰ বিয়েৰ খাবলৈ মন গৈছে। পিছে মই বেছি খাব নোৱাৰিম। মদ খাই গাড়ী চলোৱা বুলি ধৰা
পৰিলে মই জেললৈ যাব লাগিব”। তাইৰ উত্তৰলৈ বাট নাচাই সি গাড়ী চেঁকুৰাই দিলে।
বাটত বতাহে আকৌ আমনি কৰিবলৈ ধৰিলে। ৰাবাৰ
বেণ্ডেৰে বান্ধি অনা স্বত্বেও অনুপমাৰ চুলিবোৰ যেনি তেনি উৰি তাইৰ মুখৰ আগত পৰি
আমনি দিবলৈ ধৰিলে। সেইবোৰলৈ তাইৰ যেন মন-কাণ নাই। তাইৰ মন চিন্তাত বিভোৰ হৈ থাকিল।
তাই কেভিনক গাড়ী ৰখাবলৈ বা গাড়ীৰ গতিবেগ কমোৱাৰ কথাও নকলে।
অনুপমাই নিৰৱে গহীন ভাৱে থকা দেখি বাজি থকা
গানটোৰ ভলিউমটো কমাই দি কেভিনে মাত লগালে, “তুমি থিকে আছাতো”?
কেভিনৰ প্ৰশ্নটো তাই যেন বুজি নাপালে। তাইৰ
মনৰ মাজত তেতিয়া কেইবাটাও কথাই তোলপাৰ কৰি আছিল। কেভিনৰ মাতত তাই যেন চক খাই উঠিল।
তাই একো নুবুজাৰ দৰে কেভিনলৈ অলপ সময় চাই ৰ’ল।
তাই হঠাতে তাক সুধি পেলালে, “আইতাৰ ঘৰটোৰ নাম ‘পাটকাই ভিলা’ কিয়”?
কেভিনে প্ৰথমতে তাইৰ কথা ভালদৰে নুশুনিলে।
খোলা গাড়ীখনত বতাহৰ সোঁ সোঁৱনিয়ে কথা পাতিবলৈ অসুবিধা দিছিল।
“কি কৈছা, আকৌ এবাৰ কোৱা” বুলি সি কাণখন তাইৰ
পিনে আগবঢ়াই দিলে।
কেভিনৰ কাণৰ ওচৰলৈ মুখখন নি তাই ক’লে, “আইতাৰ ঘৰটোৰ নাম পাটকাই ভিলা কিয়”?
কেভিনে একো নকৈ তাইৰ পিনে চাই হাঁহিলে।
সন্মুখৰ ৰাষ্টাত চকু ৰাখিয়েই সি ক’লে, “সেয়া এক
দীঘলীয়া কাহিনী। আইতাইহে ভালদৰে ক’ব পাৰিব”।
অক্সফোৰ্ড সোমোৱাৰ পিচতে পাতল কিনকিনীয়া
বৰষুণ এজাক আৰম্ভ হ’ল। কেভিনে টুপী এটা পিন্ধি ল’লে। অনুপমাকো পিন্ধিবলৈ টুপী এটা দিলে।
“কফি একাপ খাবা
নেকি? ভাল লাগিব”। হোষ্টেললৈ ঘুৰা
কেঁকুৰিটো পোৱাৰ সময়তে কফি শ্বপ এখনৰ সন্মুখত কেভিনে ক’লে।
“নাই, নাখাওঁ, মই গৈ ৰান্ধিব লাগিব”।
“অ: মই কথাটো
চিন্তাই নকৰিলোঁ। মই মোৰ ৰুমমেটক তোমাৰ কাৰণেও ৰান্ধিবলৈ ক’ব লাগিছিল”।
অনুপমাই একো নামাতিলে। তাই ভাবিলে, কেভিনৰ বিষয়ে তাইৰ
বহুতো কথা জানিবলৈ বাকী আছে। সি ক’ত থাকে, কাৰ লগত থাকে
একোকেই নাজানে তাই। অথচ এটা সম্পূৰ্ণ দিন তাই তাৰ লগত কটাই আহিল। তাই যেন নিজকেই
বিশ্বাস কৰিব নোৱাৰিলে।
হোষ্টেলৰ সন্মুখ পাই কেভিনক “শুভ ৰাত্ৰি” বুলি কৈ তাই গাড়ীৰ পৰা
নামি নিজৰ কোঠালীলৈ খোজ ল’লে।
সোমবাৰৰ পৰা বৃহস্পতিবাৰৰ দুপৰীয়ালৈ আন কথা
চিন্তা কৰাৰ সময় নাথাকে অনুপমাৰ হাতত। এই দিন কেইটাৰ ভীষণ ব্যস্ততাৰ মাজতো তাইৰ
মাজে মাজে কেভিন আৰু তাৰ আইতাকৰ কথা মনলৈ আহি থাকিল।
তাই এনে অনুভৱ কৰিলে তাই যেন ইতিমধ্যে এখন
নতুন দেশত প্ৰৱেশ কৰিছে। সেই দেশখনৰ এটা মুখ্য চৰিত্ৰ হ’ল নেন্সি, কেভিনৰ আইতাক। আনটো চৰিত্ৰ কেভিন। সেই দেশখনৰ
বহুত কথা তাইৰ যেন জানিবলৈ থাকি গ’ল।
কিন্তু কি প্ৰয়োজন তাইৰ সেই দেশ খনৰ কথা জনাৰ?
আছে, কিবা প্ৰয়োজন হয়তো আছে। সেই দেশখনৰ লগত তাইৰ
জন্মভূমিৰ কথাও জড়িত হৈ আছে। এক ৰহস্যময় অতীতে তাইক যেন হাত বাউল দি মাতিছে। তাইৰ
মন গ’ল আকৌ এবাৰ
আইতাকক লগ পাবলৈ, কেভিনৰ লগত আইতাকৰ বিষয়ে কথা পাতিবলৈ।
বৃহস্পতিবাৰে আবেলি তাই কেভিনলৈ ফোন কৰিলে।
তাই তাক পোনপেটীয়াকৈ ক’লে, “মোৰ লগত
ফুৰিবলৈ যাবা? খোজকাঢ়ি।
কেম্পাছতে ফুৰিম। কথা পাতিম”। এই ধৰণৰ কথা কেনেদৰে ক’ব লাগে সেই কথা অনুপমাই নাজানে। কথাখিনি কোৱাৰ পিছতে এটা লাজ ভাৱে তাইক আগচি
ধৰিলে।
কেভিন ৰাজী হ’ল। সেইদিনা তাৰো বিশেষ দৰকাৰী কাম নাই। সি ক’লে, “পিছে মোৰ লগত মোৰ বান্ধৱী এজনীও
আহিব। তাইৰ নাম ক্লাৰা। তাই ইয়াতে চিনেমাটোগ্ৰাফি শিকি আছে”।
বান্ধৱী!! কেভিনৰ বান্ধৱী? তাই নিৰিবিলিকৈ কেভিনৰ লগত আইতাকৰ বিষয়ে কথা পাতিব বিচাৰিছিল। আন এজন ব্যক্তিৰ
উপস্থিতিত সকলো কথা পাতিব নোৱাৰি।
অনুপমাৰ কথাটো কিবা এটা ভাল নালাগিল। তাই
কেভিনক ক’লে, “তুমি যদি কিবা কামত
ব্যস্ত আছা আমি অন্য এদিন লগ পাম”।
কেভিনে তাইৰ মনৰ কথা যেন ধৰিব পাৰিলে। সি
হাঁহি হাঁহি ক’লে, “নাই, নাই মই ব্যস্ত নহয়।
ক্লাৰাক লগ পাই তুমি ভাল পাবা। ইণ্ডিয়ালৈ গ’লে তায়ো আমাৰ লগত যাব। মই তাইক তোমাৰ লগত
চিনাকী কৰাই দিব খোজোঁ”।
অনুপমাৰ মনটো কোঁচ খাই আহিল। কেভিনৰ বান্ধৱীও
ইণ্ডিয়ালৈ যাব বুলি কেভিনে কোৱা কথাটোৱে তাইক অলপ ভবাই তুলিলে। কিয় যাব সেই
ছোৱালীজনী ইণ্ডিয়ালৈ?
তাইৰ মনলৈ আহিল, সেই ছোৱালীজনী হয়তো কেভিনৰ প্ৰেয়সী। হয়তো
তায়েই এতিয়া কেভিনৰ লগত একেলগে থকা ৰুমমেট। এইখন দেশত কেভিনৰ বয়সৰ ল’ৰাৰ কোনো প্ৰেয়সী নথকাটোহে আচৰিত
কথা।
কেভিনক এইদৰে ফোন কৰি ফুৰিবলৈ লগ ধৰাৰ কাৰণে
তাইৰ মনত অনুতাপ হ’ল। তাই নিজকে প্ৰশ্ন কৰিলে - তাই কিয় এনেকুৱা কাম কৰিলে?
এসময়ত কেভিন আৰু ক্লাৰা তাইৰ হোষ্টেললৈ আহিল।
এটা ৰঙা ফুটফুটীয়া ফ্ৰক পিন্ধা ক্লাৰা এজনী তজবজীয়া ৰাংঢালী গাভৰু।
কেভিনে অনুপমাৰ লগত ক্লাৰাৰ পৰিচয় কৰাই দিলে।
“এয়া ক্লাৰা, আৰু ক্লাৰা এয়া অনুপমা”।
“তোমাক লগ পাই
খুব ভাল লাগিল”, বুলি ক্লাৰাই
অনুপমাক সাৱটি ধৰিলে। তাই অনুপমালৈ দোকানৰ বস্তু চোৱাদি ইফালে সিফালে হাওলি চালে।
“তুমি ইমান
ধুনীয়া। কেভিনে সদায় ইণ্ডিয়ালৈ যাওঁ যাওঁ কিয় কৈ থাকে মই এতিয়াহে বুজিলোঁ।
ইণ্ডিয়ান ছোৱালীবোৰ সঁচাকৈয়ে ধুনীয়া”। এই বুলি কৈ তাই খিল খিলাই হাঁহিবলৈ ধৰিলে।
অনুপমাৰ লাজ লাগিল। কি যে কয় এই ছোৱালীজনীয়ে।
তাই মিচিকিয়াই হাঁহিলে।
“ব’লা, আমি আজি প্ৰতিযোগিতা কৰোঁ, যিজনে সকলোতকৈ বেগাই
যাব পাৰে তেৱেঁ জিকিব। মই জানো মোক তোমালোক কোনেও নোৱাৰা, মই জিকিমেই”, ক্লাৰাই শব্দ কৰি হাঁহি ক’লে।
অনুপমাই ভাবিলে, কি যে প্ৰাণ-প্ৰাচুৰ্য্যৰে ভৰা এই ছোৱালীজনী।
যেন পাহাৰৰ পৰা কলকলাই নামি অহা এটা নিজৰা। এনে মানুহে নিজৰ লগতে আনৰ মনো আনন্দেৰে
ভৰাই তুলিব পাৰে। তাইৰ ক্লাৰাক ভাল লাগিল।
সিদিনা বতৰ ডাৱৰীয়া। চেঁচা বতাহ এজাক বৈ থকাৰ কাৰণে অলপ ঠাণ্ডা পৰিছে। বৰষুণ অহাৰ আগজাননী যেন
লাগিছে। অনুপমাই জীনচ টি ছাৰ্টৰ ওপৰত কোট এটা
পিন্ধিছে।
কোটতো চুই ক্লাৰাই ক’লে, “ৱাও, তোমাৰ কোটতো
ইমান ধুনীয়া। মই এনেকুৱা কোট এটা বিচাৰি ফুৰিছোঁ, পোৱাই নাই। পিছে, মই যে ঠাণ্ডাত কঁপি আছোঁ, দেখা নাই”? ক্লাৰাই অনুপমালৈ চাই
ধেমালিৰ সুৰত ক’লে।
“ৰ’বা, মই তোমাৰ কাৰণে কিবা এটা লৈ আহোঁ,” এই বুলি অনুপমাই
ক্লাৰাৰ কাৰণে তাইৰ কোঠাৰ পৰা জেকেট এটা লৈ আহিল। কেভিনে এটা উইণ্ড ছিটাৰ
পিন্ধিয়েই আহিছিল।
জেকেট টো পিন্ধি লৈ খিলখিলাই হাঁহি ক্লাৰাই ক’লে, “ব’লা আজি আমি চাওঁ, ল’ৰা বোৰে তোমাক
বেছিকৈ চায় নে মোক চায়। কেভিনে হিচাপ ৰখাৰ কাম কৰিব”। অনুপমাৰ তাইৰ কথাত আকৌ লাজ লাগিল।
সিহঁত তিনিওটা খোজকাঢ়িয়েই ওলাই গ’ল। আহল বহল ফুটপাথ। মাজে মাজে বহাৰ
বাবে বেঞ্চ আছে। ফুটপাথৰ দাঁতিয়েদি চাইকেল চলোৱাৰ বাবে পৃথক লেন আছে।
অক্সফোৰ্ডৰ বাটলৈ যেন সোনকালে আন্ধাৰ নামি
আহিছিল। কেইবাদিনো ৰ’দ দিয়াৰ পিছত বৰষুণ অহাৰ সময়। গতিকে বেছি দূৰ যোৱাটো ঠিক নহ’ব বুলি আটাইকেইটাই বুজি পালে।
দাঁতিৰ বেঞ্চত বহি এহাল প্ৰেমিক প্ৰেমিকাই
বাহু বন্ধনত আৱদ্ধ হৈ এজনে আনজনৰ মাজত নিমগ্ন হৈ আছিল। ওচৰতে বুঢ়ী মানুহ এজনীয়ে
গোলাপ ফুল বেচি আছিল। ক্লাৰাই পাঁচ পেনি দি দুপাহ গোলাপ কিনিলে। বাহু বন্ধনত আৱদ্ধ
ডেকা গাভৰু হালৰ ওচৰলৈ গৈ মূৰ দোৱাই তাই ফুল দুপাহ আগবঢ়াই ক’লে, “আপোনালোকৰ প্ৰেমত সন্তুষ্ট হৈ
প্ৰভু যীচুৱে আপোনালোকলৈ এয়া মৰমৰ উপহাৰ পঠিয়াইছে। অনুগ্ৰহ কৰি গ্ৰহণ কৰক”। ডেকা গাভৰু হাল
অপ্ৰস্তুত হৈ পৰিল। তাইৰ কাণ্ড দেখি অনুপমা অবাক হ’ল। কেভিনে হাঁহিবলৈ ধৰিলে।
ডেকা গাভৰু হালক বাই বাই দি ক্লাৰা আহি কেভিন
আৰু অনুপমাৰ লগ লাগিল। তিনিও আগবাঢ়িল।
এঠাইত বুঢ়া মানুহ এজনে জাৰত কঁপি কঁপি বেঞ্চ
এখনত বহি থকা দেখি ক্লাৰা তেওঁৰ ওচৰ পালেগৈ। তাই তেওঁৰ লগত কথা পাতিবলৈ ধৰিলে।
“কেভিন, সেই আংকল জনৰ ঠাণ্ডা
লাগিছে, তেওঁ খুব
দুখীয়া। আমি তেওঁক এটা ছিগাৰেট বা অলপ মদ কিনি দিয়া উচিত”। তাই আহি ক’লে।
কেভিনে ওচৰতে থকা দোকান এখনত সোমাই এপেকেট
ছিগাৰেট কিনি আনিলে। কেভিনৰ হাতৰ পৰা থাপ মাৰি ছিগাৰেট পেকেট লৈ পেকেটটো খুলি
ক্লাৰাই এটা ছিগাৰেট সেই বুঢা মানুহ জনক দি আহিল। মানুহ জনে তাইৰ হাত দুখনত ধৰি
ধন্যবাদ জনালে। অনুপমাই তাইৰ কাণ্ড বোৰ বিমুগ্ধ নয়নেৰে চাই থাকিল।
ক্লাৰাই হাতৰ পেকেট টোৰ পৰা এটা ছিগাৰেট নিজে
লৈ কেভিন আৰু অনুপমাকো যাচিলে। কেভিনে এটা ল’লে।
অনুপমাই ক’লে, “মই ছিগাৰেট নাখাওঁ”।
ক্লাৰাই ক’লে, “এনে বতৰত ছিগাৰেট খোৱাৰ মজাই বেলেগ। এটা খাই চোৱা। এইটো ছিগাৰেট খুব লাইট।
তোমাৰ একো অসুবিধা নহয়”।
অনুপমাই তথাপিও ইতস্তত কৰা দেখি ক্লাৰাই
হাঁহি মাৰি ক’লে, “মই তোমাক শিকাই দিম।
চেষ্টা এটা কৰি চোৱা”।
ইতিমধ্যে কেভিনে তাৰ ছিগাৰেটটো জ্বলাইছিল।
ক্লাৰাই তাৰ ছিগাৰেটটো টান মাৰি আনি সেইটোৰে নিজৰটো জ্বলালে আৰু সেই ছিগাৰেটটোকে
অনুপমাৰ ওঁঠৰ ওচৰলৈ নি ক’লে, “হোঁ। এবাৰ হোপা
মাৰি চোৱা চোন”।
অনুপমাই অন্যফালে মুখ ঘুৰালে। ক্লাৰাই নেৰিলে, “আজি সেই আংকল জনৰ
স্বাস্থ্যৰ বাবে এহোপা মাৰি দিয়া। আমাৰ বিশ্বাস এইদৰে আনৰ মংগল কামনা কৰি ছিগাৰেটত
হোপা মাৰিলে মানুহ জনৰ সঁচাকৈয়ে মংগল হয়”।
অনুপমাই এইবাৰ ক্লাৰাৰ অনুৰোধ আওকাণ কৰিব
নোৱাৰিলে। তাই ওঁঠত ছিগাৰেট টো লৈ লাহেকৈ শোহা এটা মাৰিলে। তাইৰ কাহ উঠি গ’ল। ক্লাৰাই দেখি হাত চাপৰি বজালে। “বা: বা:, তুমি পাৰিছা। খুব ভাল পাৰিছা”।
কেভিনে আঁতৰৰ পৰা মন কৰি থাকিল। সি ভাবিলে
এইদৰে কাকো জোৰ কৰা উচিত নহয় । ক্লাৰাই যেতিয়া অনুপমালৈ আগবঢ়োৱা ছিগাৰেট টো
জ্বলাবলৈ ল’লে কেভিনে বাধা
দি ক’লে, “আজিৰ কাৰণে এওঁৰ
এইখিনিয়েই যথেষ্ট। লাহে লাগে আৰু খাব পৰা হ’ব”।
ছিগাৰেট হুপি হুপি কেভিন আৰু ক্লাৰাই দীঘল
দীঘল খোজেৰে নিজৰ ভাবতে বিভোৰ হৈ ফুটপাথেৰে গৈ থাকিল। অনুপমায়ো খোজত খোজ মিলাই গৈ থাকিল। তাই ভাবিলে, কিমান সুখী হ’লে মানুহ ক্লাৰাৰ দৰে
হ’ব পাৰে বাৰু?
অলপ দুৰ যোৱাৰ পিছত অলপ জিৰাবৰ মন গ’ল। কেভিন আৰু ক্লাৰা দুয়ো দীৰ্ঘ কায়, সুঠাম দেহৰ গৰাকী, পিছে অনুপমা তুলনামূলক ভাৱে চাপৰ আৰু লাহী দেহৰ। তাইৰ ইমান খৰকৈ খোজ কঢ়াৰ
অভ্যাস নাই। তাইৰ ভাগৰ লাগে। এটা কেঁকুৰিত এখন কফি হাউছ দেখি অনুপমাই ক’লে, “বলা অলপ বহি কফি খাওঁ”।
কফি হাউছত তিনিও এখন ঘূৰণীয়া মেজ মাজত লৈ
বহিল। কেভিনে কাউণ্টাৰলৈ গৈ তিনিকাপ ফেন ওলাই থকা এক্সপ্ৰেছো কফি আৰু তিনিটা
ছেণ্ডুইছ লৈ আহিল। অনুপমাই জোৰ কৰি তাইৰ ক্ৰেডিট কাৰ্ডখন কেভিনৰ হাতত দিলে। এই
আবেলিটোৰ খোৱা খিনিৰ কাৰণে তাই পে’ কৰিব খোজে।
“অ’ আজি তোমাৰ বিশেষ কিবা
দিন নেকি? জন্মদিন?”, ক্লাৰাই মুৰৰ টুপি আৰু
গাৰ জেকেটটো সোলোকাই থৈ সুধিলে।
“একো নাই, এনেয়ে”, অনুপমাই লাহেকৈ হাঁহি
ক’লে। অনুপমা আৰু
কেভিনেও কোট আৰু উইণ্ড ছিটাৰ খুলিলে। দোকান বোৰৰ ভিতৰখন শীত তাপ নিয়ন্ত্ৰিত হৈ
থাকে।
অনুপমাই তেতিয়াহে ক্লাৰাৰ মুখ খন ভালদৰে
চালে। টুপিটো খুলি তাইৰ সোণালী চুলিকোচা মেলি দিয়াৰ পিচত তাইক অপূৰ্ব সুন্দৰী যেন
দেখা গ’ল। তাই হাঁহিলে
এফালে থকা বেৰীয়া দাঁত এটা ওলাই যায়। তেতিয়া তাইক আৰু ধুনীয়া লাগে। তাই মনে মনে
নিজকে ক্লাৰাৰ লগত তুলনা কৰিলে। তাইৰ নিজৰ ওপৰতে হাঁহি উঠি গ’ল। হেজাৰ চেষ্টা কৰিলেও তাই ক্লাৰাৰ দৰে সুন্দৰী হ’ব নোৱাৰে।
“অনুপমা। কেভিনে মোক ইণ্ডিয়া যাবলৈ বৰকৈ লগ
ধৰিছে। তুমিয়ে কোৱাচোন মই তালৈ গৈ কৰিম কি”? কিলাকুটিৰ ওপৰত ভেজা দি মেজত হাত দুখন ওপৰলৈ থৈ তাত থুতঁৰিটো লগাই ক্লাৰাই
অনুপমালৈ চাই ক’লে।
“কি আৰু কৰিবা। আমি এছিয়াৰ বুকুত প্ৰথম তেল
আৱিস্কাৰ হোৱা এখন সুন্দৰ ঠাইলৈ গৈ আছোঁ। চাহ বাগিচাৰ মাজত থকা এখন মনোৰম ঠাই। তাত
তুমি ফটো তুলিবা, ভিডিঅ’ ৰেকৰ্ডিং কৰিবা। সেই সমল খিনিৰে তুমি এখন ভাল ডকুমেণ্টৰি ছিনেমা নিৰ্মাণ কৰিব
পাৰিবা। তেনেকুৱা এখন ডকুমেণ্টৰী ছিনেমা কেইবা হেজাৰ পাউণ্ডত বিক্ৰী হ’ব”। কেভিনে ক’লে।
“ডকুমেণ্টৰি”? অনুপমাই ক্লাৰাৰ মুখলৈ
চালে।
“এৰা। এইটো
কেভিনৰ আইডিয়া। তাৰ মতে এইটো কাৰণত মই ইণ্ডিয়া যাবই লাগিব”। বেগৰ পৰা লিপ ষ্টিকডাল উলিয়াই ওঁঠত ভালকৈ
লগাই লৈ ক্লাৰাই ক’লে।
কফিৰ কাপত চুমুক মাৰি অনুপমাই ক’লে, “তোমালোকে কেতিয়ালৈ ইণ্ডিয়ালৈ যাবা বুলি
ভাবিছা”?
তাইৰ কথা শুনি কেভিন আৰু ক্লাৰাই ইজনে সিজনলৈ চোৱা-চুই কৰিলে।
তাইৰ কথা শুনি কেভিন আৰু ক্লাৰাই ইজনে সিজনলৈ চোৱা-চুই কৰিলে।
“ইণ্ডিয়ালৈ গ’লেতো আমি তোমাৰ লগতে যাম। তুমিয়েই
আমাৰ সাৰথি। যেতিয়াই তুমি বন্ধ-চন্ধত ঘৰলৈ যাবা, আমাক কেইদিনমান আগতে জনাবা। আমি সেইমতে প্লেন
কৰিম”, কেভিনে ক’লে।
“মই চাগে এইবাৰ
ডিছেম্বৰ মাহত খ্ৰিষ্টমাছৰ সময়ত কেইদিনমানৰ কাৰণে ইণ্ডিয়ালৈ যাম। সেই সময়ত
তোমালোকৰ কাৰণে উত্সৱৰ সময়। সেই সময়ত তোমালোক যাব পাৰিবা জানো”?
কেভিনে লগে লগে ক’লে, “ৱাহ বঢ়িয়া হ’ব। এইবাৰ আমি ইণ্ডিয়াত খ্ৰিষ্টমাছ ছেলিব্ৰেট কৰিম”।
ক্লাৰাৰ পিনে চাই সি সুধিলে,“ৰাজী”? তাই মুৰ দুপিয়াই ক’লে, “ৰাজী”।
এসপ্তাহ মান পিছত এদিন আবেলি অনুপমাৰ
মোবাইলটোলৈ কেভিনৰ পৰা এছ এম এছ এটা আহিল।
“যোৱা দুদিনমানৰ পৰা আইতাৰ খুব অসুখ। তুমি
এবাৰ খবৰ কৰিবলৈ যাবা নেকি”?
সেইটো সময়ত অনুপমা ভীষণ ব্যস্ত হৈ আছিল
প্ৰজেক্ট এটাৰ কামত। মোবাইল ফোনটো শব্দহীন কৰি থোৱা আছিল। তাই লগে লগে এছ এম এছটোৰ
সঁহাৰি দিব নোৱাৰিলে।
ৰাতি বাৰ বজাত তাই মোবাইল ফোনটোত কেভিনৰ
মেছেজ দেখিলে। মেছেজটো পঢ়ি তাইৰ মনটো কেনেবা কেনেবা লাগিল। লগে লগে মেছেজটো চোৱা হ’লে তাই হয়তো এবাৰ খবৰ কৰি আহিব পাৰিলেহেঁতেন। ৰাতি ভালেমান হোৱা বাবে তাইৰ
কেভিনলৈ ফোন কৰিবলৈকো সংকোচ হ’ল।
তথাপি কৌতুহল দমাব নোৱাৰি তাই কেভিনলৈ ফোন
কৰিলে। তেতিয়া সি হস্পিটেলত।
“এঞ্জেলাই খবৰ দিছিল যে দুপৰীয়াৰ পৰা আইতাৰ
মুৰ ঘূৰাইছিল আৰু গাটো বেয়া লাগিছিল। মই আহি দেখোঁ যে আইতাৰ ব্লাড প্ৰেছাৰ খুব
বেছি হৈ গৈছে। লগে লগে মই ছিটী মেডিকেলত এডমিট কৰাই দিলোঁ”, কেভিনে ক’লে।
“মই খুব ব্যস্ত
আছিলোঁ, মোবাইল ফোনটোও
চোৱা নাছিলোঁ। নহ’লে ময়ো তোমাৰ লগতে গ’লোহেঁতেন”।
“ডাক্তৰে কৈছে, এতিয়া চিন্তাৰ কোনো
কাৰণ নাই। ছি ইজ আউট অৱ ডেঞ্জাৰ। তেওঁক সঠিক সময়তে হস্পিতাললৈ আনিলোঁ”।
কেভিনে চিন্তাৰ বিশেষ কাৰণ নাই বুলি ক’লেও আইতা জনীক এবাৰ চাই আহিবৰ
অনুপমাৰ মন গ’ল। তাইৰ বুকুখন
কিবা যেন অজান আশংকাত ধপধপাই উঠিল।
“মোৰ এবাৰ আইতাক
চাবলৈ মন গৈছে কেভিন”, আবেগিক হৈ অনুপমাই ক’লে।
“আইতা ঘৰলৈ
যোৱাৰ পিছত এদিন তুমি আহিবা। তুমি চিন্তা নকৰিবা, আইতা সোনকালেই ভাল হ’ব”, কেভিনে আশ্বাস দিলে।
অনুপমাই ভাবিলে, আইতাকৰ পৰা বহুত কথা শুনিবলৈ তাইৰ যেন বাকী
থাকিল। মানুহ গৰাকী মৰি থাকিলে বহুত কথা তেওঁৰ লগতে শেষ হৈ যাব। সেইবোৰ কথা আৰু
কোনেও নাজানিব।
তাই লণ্ডনলৈ যোৱা বাছ, ৰে’লৰ খবৰ কৰিলে। তাইৰ কাষৰ কোঠাত থকা মেলিনা প্ৰায়েই লণ্ডনলৈ গৈ থাকে। তাই
তেতিয়াই মেলিনাৰ কোঠা পালেগৈ। মেলিনাক কথাটো বিৱৰি ক’লে। মেলিনাই তাইক ৰে’লত যাবলৈ উপদেশ দিলে। প্ৰতি ৩০ মিনিটৰ মুৰে মুৰে লণ্ডনৰ
বাৰ্মিংহামলৈ ৰে’ল চলে। ৰে’লৰ যাত্ৰা বৰ আৰামদায়ক আৰু কম খৰচী। পিছে লণ্ডন চহৰ খন
তাই ভালকৈ চিনি নাপায়। বাৰ্মিংহামত নামি কেভিনৰ আইতাকক থোৱা ছিটী মেডিকেল বিচাৰি
উলিয়াবলৈ তাই টেক্সীকে লোৱাৰ কথা ভাবিলে।
পিছদিনাই নিজৰ প্ৰজেক্টৰ কাম পেলাই থৈ ৰেল, বাছ, টেক্সী বগাই এসময়ত
অনুপমা চিটী মেডিকেলত উপস্থিত হ’ল। চিকিত্সালয় খনৰ সপ্তম মহলাত আইতাকৰ কোঠাৰ বাহিৰত বেঞ্চ এখনত বহি থকা কেভিনৰ
কান্ধত ধৰি অনুপমাই যেতিয়া “আইতা কেনে আছে” বুলি সুধিলে সি উচপ খাই উঠিল। সি অনুপমাক সেই সময়ত তাত আশা কৰা নাছিল।
“একো খবৰ
নিদিয়াকৈয়ে এনেকৈ ওলালাহি যে”? সি উভতি তাইক সুধিলে।
তাই তাৰ কাষতে বহি ক’লে, “আইতাক চাবলৈ বৰ মন গ’ল। গুচি আহিলোঁ। তুমি আইতাৰ লগত লাগি আছা বুলি জানিছোঁ। গতিকে তোমাক আমনি দিব
নিবিচাৰিলোঁ”।
কেভিনে তাইক আইতাকৰ কোঠাটোলৈ লৈ গ’ল। এসোপামান তাঁৰ, নলী, যন্ত্ৰ পাতিৰ মাজত
ধুনীয়া মানুহজনী শুই আছে। এগৰাকী নাৰ্ছে যন্ত্ৰ পাতিবোৰত ওলাই থকা বিভিন্ন তথ্য
পৰ্য্যবেক্ষণ কৰি আছে। অনুপমাই চকুৰ পলক নেপেলোৱাকৈ মানুহজনীলৈ ৰ’ লাগি কিছু পৰ চাই থাকিল। তাই মনে মনে প্ৰাৰ্থনা কৰিলে অতি সোনকালেই যেন তাই
আইতাকৰ মুখৰ মাত শুনিব পাৰে।
কেভিনে হাতত ধৰি ইঙ্গিত দিয়াত তাই কোঠাটোৰ
পৰা ওলাই আহিল।
“আইতাৰ অৱস্থা এতিয়া সুস্থিৰ। ডাক্তৰে কোৱা
মতে এটা মাইল্ড ষ্ট্ৰোক হৈছিল। বিশেষ কোনো চিন্তাৰ কাৰণ নাই”, কেভিনে অনুপমাৰ চকুত চকু থৈ ক’লে।
“কিন্তু ইমান বোৰ যন্ত্ৰ পাতি কিয় লগাই থৈছে? তুমি মোৰ পৰা একো লুকুওৱা নাইতো কেভিন!” তাই যেন কেভিনৰ কথাত নিশ্চিত হ’ব নোৱাৰিলে।
কেভিনে তাইৰ হাত এখনৰ ওপৰত তাৰ হাত খন থৈ
আশ্বাসৰ হাঁহি মাৰিলে। মুখেৰে একো নকলেও সি যেন ক’ব বিচাৰিলে -মোৰ ওপৰত বিশ্বাস ৰাখা।
অনুপমা স্থিৰেৰে থাকিব নোৱাৰিলে। তাই বাৰে
বাৰে আইতাকক থোৱা কোঠাটোৰ ওচৰতে অহা যোৱা কৰি থাকিল।
“ব’লা, আমি কিবা এটা খাই লওঁ। তুমি ইমান দূৰ জাৰ্নি
কৰি আহিছা। ময়ো ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই”। কেভিনে ক’লে। অনুপমাই মূৰ দুপিয়াই তাৰ কথা শলাগিলে। সি
লিফটৰ পিনে আগুৱাই গ’ল। পিছে পিছে অনুপমা। দুয়ো লিফটেৰে গৈ আটাইতকৈ ওপৰ মহলাত থকা কেফেটেৰিয়া
পালেগৈ।
কেফেটেৰিয়াত বহি কেভিনে দুয়োৰে কাৰণে খোৱাৰ
অৰ্ডাৰ কৰিলে। বাৰ্গাৰ, পটেট’ চিপচ আৰু কোক।
খাবলৈ আৰম্ভ কৰি অনুপমাই সুধি পেলালে, “তোমাৰ মা দেউতাহঁতে
আইতাৰ খবৰ কৰিবলৈ আহিছে নে”?
তাইৰ প্ৰশ্নটো শুনি কেভিন কিছু সময় ৰৈ গ’ল। সি মুখেৰে নামাতিলে। বাৰ্গাৰটোৰ
মুখত সোমাই থকা খিনি সি লাহে লাহে চোবালে। এঢোক কোক খাই সি মুখত থকা অৱশিষ্ট খিনি
ডিঙিত ভৰাই দিলে। অনুপমাই যেন ধৰিব নোৱাৰিলে সি তাইৰ প্ৰশ্নটো ভালদৰে শুনিলেনে
নাই।
সি মুখেৰে নমতা দেখি একেটা প্ৰশ্নকে অনুপমাই
বেলেগ ধৰণে কৰিলে, “তোমাৰ মা দেউতায়ো চাগে আইতাৰ এইকেইদিন খবৰ লৈ আছে”।
আৰু কেইটামান নিৰৱ মূহুৰ্ত পাৰ হৈ গ’ল।
তলমুৰকৈ কেভিনে ক’লে, “মোৰ মায়ে ফোনত খবৰ লৈছে। মোৰ দেউতাই নাজানে মই ক’ত আছোঁ”।
হঠাতে কেভিনৰ মুখখন ৰঙা পৰি আহিল। তাত মুখ খন
যেন হঠাতে এক ৰহস্যময় মুখত পৰিণত হ’ল। সি কি ভাবিছে অনুপমাই নাজানিলেও তাই বুজিলে যে সি মনৰ মাজত খং এটা জোৰকৈ
দমাই ৰাখিবলৈ চেষ্টা কৰিছে। তাৰ নাকৰ পাহি দুটা ফুলি উঠিল। চকু দুটা ডাঙৰ হ’ল। কোকৰ বটলটো কিছু সময় সি জোৰেৰে
খামুচি ধৰি থাকিল।
হঠাতে তাৰ চকু জুৰি কৰুণ হৈ পৰিল। সি অনুপমালৈ
চাই ক’লে, “বিশ্বাস কৰিবানে
অনুপমা? মা আৰু আইতাৰ
বাহিৰে এই পৃথিৱীত মোৰ কোনোৱে নাই”।
অনুপমাৰ বুকুত যেন কোনোবাই হাতুৰিৰে কোবাই
দিলে।
তাইৰ অনুভৱ হ’ল, প্ৰতিজন মানুহেই নিজৰ বুকুত কঢ়িয়াই লৈ ফুৰে
আনৰ চকুত সহজে ধৰা নপৰা কিছুমান অলিখিত, অব্যক্ত বেদনা। মাজে মাজে ৰং ধেমালি কৰা, শান্ত ভদ্ৰ ল’ৰাটোৰ বুকুৰ মাজত বৈ
থকা দুখৰ নদীখনৰ তাই যেন উমান পালে। তাইৰ সেই নদীখনৰ বিষয়ে আৰু কথা জানিবলৈ মন গ’ল। তাই তাৰ পিনে চাই ৰ’ল।
অনুপমাই কথাবোৰ ভালদৰে বুজিবলৈ কেভিনক সুধিলে, “কোনোৱে নাই মানে? তোমাৰ দেউতা এতিয়া ক’ত আছে”?
বহি থকাৰ পৰা উঠি গৈ কেভিন কোঠাটোৰ এমূৰত থকা
ডাঙৰ আইনাৰ খিৰীকি খনৰ ওচৰত থিয় হ’ল। সেই আইনা
খনৰ পৰা বাহিৰৰ পৃথিৱীখন দেখা পোৱা যায়। সি আইনাৰ মাজেদি বাহিৰলৈ চাবলৈ ধৰিলে।
অনুপমাৰ বেয়া লাগিল। তাই তাৰ মাক দেউতাকৰ
বিষয়ে জানিব বিচৰাটো হয়তো সি সহজভাৱে লব পৰা নাই। এইখন দেশত মানুহে সকলো বোজা নিজৰ
বুকুৰ মাজতে কঢ়িয়াই ফুৰি কি জানো ভাল পায়। কেতিয়াও কোনেও নিজৰ বোজাবোৰ পাতলাবলৈ
খোলা মনেৰে কথা পাতিব নিবিচাৰে।
তাই তাৰ ওচৰত গৈ থিয় হ’ল। বাহিৰত সেয়া সদাব্যস্ত লণ্ডন চহৰৰ এটা ব্যস্ত আলিবাটৰ দৃশ্য। হেজাৰ হেজাৰ
গাড়ী আহিছে, গৈছে। কাৰো ৰ’বলৈ এখন্তেকো সময় নাই। অনুপমা কাষত থিয় হোৱাৰ উমান পাই কেভিনে হঠাতে তাইৰ পিনে
চাই দাঁত মুখ কৰচি কৈ উঠিল, “মোৰ দেউতা এটা চয়তান। তেওঁৰ নাম মোৰ আগত নল’বা। জানা, মোক আৰু মাক
এখন অচিনাকী চহৰত অকলে এৰি থৈ তেওঁ নিৰুদ্দেশ হৈ গৈছিল। তেতিয়া মই মাত্ৰ পাঁচ
বছৰীয়া”। আবেগবোৰ ঢাকিবলৈ কেভিনে অন্য পিনে চকু ঘুৰালে। তাই বুজি পালে সি তাৰ চকুলো
বাধা দিবলৈ চেষ্টা কৰিছে।
কেভিনৰ এই ৰূপ দেখি অনুপমাৰ মনটো হাহাকাৰ কৰি
উঠিল। তাইৰ এনে লাগিল যেন কেভিনৰ মাজত থকা সেই পাঁচ বছৰীয়া পিতৃয়ে এৰি যোৱা ল’ৰাটোৱে যেন হঠাতে বিদ্ৰোহ কৰি
উঠিছে।
তাই তাৰ হাত এখন খামুচি ধৰি তাক খোৱা মেজলৈ ঘূৰাই
আনিলে। সি প্ৰকৃতিস্থ হোৱালৈ তাই অপেক্ষা কৰিলে।
কেফেটেৰিয়াত আন কোনো নাছিল। পৰিচাৰিকাগৰাকীক
অনুপমাই ইঙ্গিত কৰিলে মিউজিক অন কৰি দিবৰ বাবে। এটা সুন্দৰ আৱহ সঙ্গীত স্পিকাৰত
বাজি উঠিল।
“মোক তুমি সকলো
কথা ক’ব পাৰা কেভিন।
মোৰ এনে লাগিছে, কথাবোৰ কৈ দিলে
তোমাৰ মনটো পাতল লাগিব” - অনুপমাই তালৈ চাই কোমল সুৰত ক’লে।
কেভিনে শান্ত ভাৱে তাইৰ পিনে চাই ক’লে, “মোৰ কথা কি শুনিবা অনুপমা। মই এজন অতি
দুৰ্ভগীয়া ল’ৰা। মোক দেউতাই সৰুতে এৰি গৈছিল, কিশোৰ হৈ থাকোঁতে মায়ে এৰি গ’ল, আৰু এতিয়া যুৱক
অৱস্থাত হয়তো আইতায়ো এৰি যাব। আইতা গুচি গ’লে মই যে বৰ অকলশৰীয়া হৈ যাম অনুপমা”। কেভিনৰ এটা হুমুনিয়াহ
ওলাই আহিল।
অনুপমাই কেভিনৰ মুখলৈ চাই ৰ’ল। তাক কি বুলি সকাহ দিব তাই ভাবি
নাপালে। তাই লাহেকৈ ক’লে, “তোমাৰ দেউতা আৰু মাৰ বিষয়ে জানিবলৈ মোৰ মন গৈছে।
কেভিনে অলপ সময় ৰ’ল। সি কিবা এটা চিন্তা কৰি লাহে লাহে ক’বলৈ ধৰিলে, “যিজনক মোৰ দেউতা বুলি কোৱা হয়, তেওঁৰ নাম আছিল কেৰোল।
সেই মানুহজন পোলেণ্ডৰ লোক আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীৰ আক্ৰমণত
পোলেণ্ড বিদ্ধস্ত হৈছিল। সেই সময়তে তেওঁলোকৰ পৰিয়ালটো পলাই ইংলেণ্ডলৈ আহিছিল। কেৰোলে কাৰখানা এটাত মজদুৰৰ কাম কৰিছিল। মাই কুৰি বছৰ বয়সতে তেওঁক লগ পাইছিল।
দুয়োৰে প্ৰেম হৈছিল। দ্বিতীয় বিশ্বযুদ্ধ
শেষ হোৱাৰ পিছত পোলেণ্ডৰ পুনৰ নিৰ্মাণৰ কাম অৰম্ভ হৈছিল। এসময়ত তাত কয়লা খনিত কাম
ওলাইছিল। কেৰোলে কামৰ বাবে পোলেণ্ডলৈ উভতি যাবলৈ ওলাল। মাক কথা দি গ’ল যে তেওঁ ঘুৰি আহি মাক বিয়া কৰাব।
মাৰ তেতিয়া তেইছ বছৰ বয়স, আৰু মাৰ গৰ্ভত আছিলোঁ মই”। কেভিনে কৈ থাকোঁতে ডিঙিত চৰচৰনি খালে। তাৰ কাঁহ উঠিল। অনুপমাই পানী এগিলাচ তাৰ
হাতত দিলে।
পানী গিলাচ খাই কেভিনে ক’লে, “মোৰ জন্ম হোৱাৰ পিছতো কেৰোল ঘুৰি নাহিল। মায়ে
তেওঁৰ কাৰণে বহু দিন বাট চালে। মই যেতিয়া পাঁচ বছৰীয়া, এদিন মায়ে মোক লৈ তেওঁক বিচাৰি পোলেণ্ডৰ
বেলচাটো চহৰ পালেগৈ। তাৰে কয়লা খনিত খবৰ কৰি আমি বহুদিন পিছত তেওঁক বিচাৰি উলিয়াব
পাৰিলোঁ। তেওঁ মাক চিনি পাবলৈ অস্বীকাৰ কৰিলে। তেতিয়া
তেওঁ আন এজনী ছোৱালীক বিয়া কৰাই নতুন সংসাৰ কৰিছিল। মায়ে মোক লৈ লাজে অপমানে ঘূৰি
আহিবলৈ ওলাইছিল। কিন্তু সেই পাষণ্ডটোৱে আমাক ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰিম বুলি কৈ
মাৰ পৰা টকা পইচা সকলো লৈ আমাক ৱাৰশ্ব’ চহৰত অকলশৰীয়াকৈ এৰি থৈ গুচি গ’ল”। কেভিনৰ চকুপানী বিৰিঙি
উঠিল।
“তুমি জানানে? উভতি আহিবলৈ তেতিয়া
মাৰ হাতত কি ৰাস্তা আছিল”? কেভিন যেন উত্তেজিত হৈ উঠিল।
“মায়ে লণ্ডনলৈ
উভতি আহিবৰ কাৰণে বলিয়াৰ দৰে সহায় বিচাৰি ঘূৰি ফুৰিছিল। আমাৰ খাবলৈকো একো নাছিল।
শেষত পোলেণ্ডৰ সামৰিক বিষয়া এজনৰ ওচৰত মাই নিজকে বিক্ৰী কৰি আমি উভতি অহাৰ খৰচ
উলিয়াইছিল। সেই বিষয়াজনে মোৰ সমুখতে মাক …….”। কেভিনে খং আৰু দুখত
চকুদুটা মুদি দিলে।
অনুপমাৰ গাৰ নোম শিয়ঁৰি উঠিল। তাই যেন অনুভৱ
কৰিবলৈ চেষ্টা কৰিলে নিজৰ আৰু সন্তানৰ জীৱন ৰক্ষা কৰিবলৈ এগৰাকী মাতৃৰ মনৰ
হাহাকাৰৰ কথা। জীৱন মৰণৰ সন্ধিক্ষণত কেতিয়াবা মানুহৰ হেৰুৱাবলৈ একোকে নাথাকে।
কেভিনৰ মাকৰ প্ৰতি তাইৰ অজানিতে শ্ৰদ্ধা উপজিল।
“তোমাৰ মা এতিয়া
ক’ত”? অনুপমাই সুধি পেলালে।
তাইৰ এনে অনুভৱ হ’ল কিছুমান কথা এতিয়াই নুসুধিলে কেভিনক কাহানিও সোধা নহ’ব।
“মা এতিয়া
পেৰিছত। আমি পোলেণ্ডৰ পৰা উভতি অহাৰ পিছত আইতাই মা আৰু মোক আঁকোৱালি কৈ খুব
কান্দিলে। তাৰ পিছত আইতা আৰু মায়ে মিলি মোক ডাঙৰ দীঘল কৰিছিল। মায়ে ইয়াৰে ছপিং মল
এটাত টেইলৰৰ কাম যোগাৰ কৰি ল’লে। আইতাই আগৰে পৰা এখন হস্পিতালত নাৰ্ছৰ কাম কৰিছিল”। কেভিনে কৈ গ’ল।
“মই যেতিয়া এঘাৰ
বছৰীয়া হ’লোঁ, এদিন মায়ে কাম কৰা
ছপিং মল খন বন্ধ হৈ গ’ল। আনহাতে আইতা শাৰীৰিক ভাৱে দুৰ্বল হৈ পৰাত
বাধ্যতামূলক অৱসৰ লব লগীয়া হ’ল। আমাৰ তিনিটা প্ৰাণী জীয়াই থকাই সমস্যা হৈ পৰিল। মোৰ পঢ়া শুনা বন্ধ হৈ গ’ল। আমাৰ একমাত্ৰ সম্পদ আছিল আইতাৰ
ঘৰটো, তুমি দেখা সেই ‘পাটকাই ভিলা’। খোৱাৰ যোগাৰ উলিয়াবলৈ
মা আৰু আইতাই ঘৰত থকা বস্তু বাহানি বিক্ৰী কৰিবলগীয়া হৈছিল। সেই সময়ত কেতিয়াবা
এটুকুৰা মাত্ৰ ব্ৰেড আমি তিনিও ভগাই খাব লগীয়া হৈছিল”। কেভিনে যেন নিজৰ দুখৰ দিনবোৰৰ কথা মনত
পেলাবলৈ চেষ্টা কৰিলে।
অনুপমাই মন দি শুনিলে। তাইৰ মনত পৰিল ভাৰতৰ চহৰ বোৰত বাটৰ কাষত এটুকুৰা ব্ৰেড বা ৰুটিৰ বাবে হাত পাতি
ভিক্ষা কৰি থকা অৰ্ধ উলংগ ল’ৰা ছোৱালীবোৰলৈ। কেতিয়াবা এটুকুৰা
ৰুটিও মানুহৰ বাবে অমৃত সমান হ’ব পাৰে।
“তেনেতে পেৰিছৰ
এটা অপেৰা ক’ম্পেনিত টেইলৰৰ
কাম ওলাল। মায়ে মোক আইতাৰ লগত এৰি পেৰিছলৈ গুচি গ’ল। তাত মায়ে কাম পালে, ভাল দৰমহা পালে। মা
পেৰিছতে থাকি গ’ল। দুবছৰ মান
পিছত মায়ে সেই অপেৰা কোম্পেনীটোৰ মালিক জনে দিয়া ঘৰত থাকিবলৈ ল’লে - তেওঁৰ ৰক্ষিতা হিচাপে”! কেভিনে চকু দুটা মুদি দীঘলকৈ উশাহ ল’লে। অনুপমাৰ বুকুৰ মাজেৰে যেন এচাটি হিমচেঁচা বতাহ বৈ গ’ল।
কেভিনে হাত দুখন ওপৰলৈ তুলি এঙামুৰি কাঢ়ি ক’লে, “মই জানো মায়ে যি কৰিছে মোৰ কাৰণেই কৰিছে, কাৰণ আমি তিনিটা
প্ৰাণী বাচি থাকিবলৈ অন্য কোনো উপায় নাছিল। মায়ে পইচা নপঠিয়ালে মোৰ চাগে পঢ়া শুনাও
নহ’লহেঁতেন”।
অনুপমাই ঠিয় হৈ লাহেকৈ কেভিনৰ কান্ধত লাহেকৈ
হাত এখন থলে। তাইৰ হাত খনত ধৰি কেভিনো ঠিয় হ’ল। সি ক’লে, “ব’লা, আইতাক এবাৰ চাই আহোঁ”।
আইতাকে চকু দুটা মুদি
শান্তিৰে শুই আছিল। অনুপমাই তেওঁক জগাবলৈ নিবিচাৰিলে। কেভিনে তাইক ক’লে, “তুমি এতিয়া যোৱাগৈ অনুপমা। সন্ধিয়া ভিৰ হোৱাৰ
আগতে ওলাই যাব পাৰিলে ভাল। আইতাৰ কাৰণে চিন্তা নকৰিবা”।
উভতি অহাৰ বাটত
অনুপমাই অনুভৱ কৰিলে পৃথিৱীৰ সকলো দেশৰে মানুহৰ বুকুৰ ভিতৰত একেবোৰ দুখ, একেবোৰ বেদনা, একেবোৰ আনন্দ, একেবোৰ কথাই থাকে।
কেভিনৰ কথাবোৰ ভাবি
ভাবি গৈ থাকোঁতে তাইৰ নিজৰ ঘৰখনৰ কথা মনত পৰিল। তাই মাকৰ কথা, দেউতাকৰ কথা ভাবিলে। তাই অনুভৱ কৰিলে, কিছুমান ক্ষেত্ৰত তাই কেভিনৰ দৰে দুৰ্ভগীয়া নহয়। কেভিনৰ দুখ বোৰৰ কথা গম পাই
তাইৰ নিজৰ দুখবোৰ পাতল হোৱা যেন লাগিল।
অনুপমাই প্ৰতি ৰবিবাৰে ঘৰলৈ ফোন কৰে। পিছে
তাই যোৱা দুটা সপ্তাহ ঘৰলৈ ফোন কৰা নাই। এই দুটা সপ্তাহত তাইৰ বহুত কথা গোট খাইছে। তাই নভবাকৈ বহুতো নতুন ঘটনা তাইৰ জীৱনত ঘটিবলৈ লৈছে। বহুতো নতুন মুখৰ তাইৰ
জীৱনলৈ আগমন হৈছে। তাই ভাবিলে, তাই সোনকালেই ঘৰলৈ ফোন এটা কৰিব লাগিব।
ইপিনে তাই বহুদিন ফোন নকৰা কাৰণে তাইৰ ঘৰত দেউতাক
যোগেন বৰুৱাৰ চিন্তা হৈ গ’ল।
তাইলৈ ফোন কৰিবলৈ দুবাৰ মান চেষ্টা কৰিও তেওঁ বিফল হৈছে।
ডিগবৈ চহৰৰ পিছিঅ’কেইটাৰ পৰা কি কাৰণে কব নোৱাৰি বিদেশলৈ ফোন নোযোৱা হৈছে। সেয়ে তেওঁ চিঠি এখনে
লিখাৰ কথা ভাবিছে। তাইৰ কিবা অসুখ বিসুখ হোৱা বুলি তেওঁৰ সন্দেহ হৈছে। অৱশ্যে তেওঁ
জানে যে তাই দ্বায়িত্ব বুজা ছোৱালী। তাই ফোন নকৰিলে দেউতাকে যে চিন্তা কৰিব সেই
কথা তাই ভালদৰে জানে।
ফোনটো আহিব আহিব বুলি তেওঁ কেইদিনমান ঘৰৰ
পৰাই ওলোৱা নাই। মাজে মাজে ফোনটো ঠিকে আছে নে নাই তাকো
পৰীক্ষা কৰি চায়। অনুপমাই ফোন কৰা প্ৰতিটো দিন তেওঁ শোৱনি কোঠাৰ কেলেণ্ডাৰ খনত দাগ
দি যায়। সেয়ে এটা দাগ দিয়াৰ পিছত আন এটা দাগ দিয়াৰ ব্যৱধান বেছি হ’লে তেওঁৰ উচপিচনি লাগে। ডাঙৰ ডাঙৰ
সংখ্যা থকা কেলেণ্ডাৰ খনত ২০০৩ চনৰ জুন মাহটো ওলাই আছে। জুন মাহৰ ২৯ তাৰিখ ৰবিবাৰে
অনুপমাই শেষ বাৰ ফোন কৰিছিল। তাৰ পিছত পোন্ধৰ দিন হ’ল, তাই ফোন কৰা নাই।
বৰুৱাই আবেলি লগৰ দুজনমানৰ লগত খোজ কাঢ়িবলৈ
যায়। এই কেইদিন সেয়াও হোৱা নাই। লগৰ কেইজনে খোজ কাঢ়ি আহি মাজে-সময়ে তেওঁৰ খবৰ এটা
কৰাৰ চলেৰে তেওঁৰ ঘৰলৈ আহি কথাৰ মহলা মাৰে। জগত খনৰ সকলো খবৰ এই আড্ডাৰ সময়ত ওলায়।
কোন অফিচাৰে ভুৱা বিল দি ধৰা পৰিল, কাৰ ল’ৰাই আবেলি
বাইকত ছোৱালী উঠাই ঘূৰি ফুৰে, কোন জনী মাইকী মানুহে সন্দেহ কৰি গিৰীয়েকক ঘৰৰ পৰা ওলাবলৈ নিদিয়ে সকলো কথাৰ
সৰস আলোচনা চলে এই আড্ডাত। সন্ধিয়া ছয় বজাত ফিকা চাহ একাপেৰে আৰম্ভ হোৱা আড্ডা
কেতিয়াবা শেষ হয় দহ বজাত হুইস্কিৰ গিলাচেৰে। হৰিকায়ে বিভিন্ন প্ৰকাৰৰ খোৱা বস্তু
যোগান ধৰি ধৰি ভাগৰি পৰে। এজনক যদি সিজোৱা
কাবুলী বুট লাগে, আন এজনক লাগে মচমচীয়াকৈ ভজা বৰিয়লা মাছ, এজনে আকৌ দীঘল দীঘলকৈ কটা আলুৰ ফ্ৰেন্স ফ্ৰাই
বিচাৰে। মুঠতে ঘৰখন সৰু-সুৰা ক্লাবঘৰ হৈ পৰে। সন্ধিয়াৰ এই পাৰ্টীবোৰৰ কাৰণে
হৰিকাইৰ হতুৱাই বৰুৱাই বন্ধুবোৰৰ প্ৰিয় বস্তুবোৰৰ যোগাৰ কৰি থয়। অনুপমা পঢ়িবলৈ
ওলাই যোৱাৰ পিছত অকলশৰীয়া হৈ পৰা যোগেন বৰুৱাৰ জীৱনটো এই সময় খিনিত যেন কিছু জীপাল
হৈ উঠে।
লগৰবোৰ নহা দিন কেইটাত বা ৰাতি তেওঁলোক যোৱাৰ
পিছত এক নিৰ্জনতাই ঘৰখন আগুৰি ধৰে। হৰিকায়ে পাকঘৰত খুটুং খাটাং কিবা কিবি কৰি থকাৰ
বাহিৰে ঘৰটো নিজম পৰি যায়। মাজে মাজে কেৱল হাবিৰ মাজৰ পৰা ঝিলীৰ মাত, হাতীৰ চিঞৰ শুনিবলৈ
পোৱা যায়।
সেই সময় খিনিত বৰুৱাই শোৱনি কোঠাৰ আৰামী
চকীখনত বহি লৈ অৰুণিমাৰ লগত কথা পাতে। অৰুণিমাক তেওঁ দিনটোৰ কথাবোৰ কয়। দিনটোত
তেওঁ কি কৰিলে, অফিচত কি হ’ল, কি কথাত তেওঁ ৰস পাই হাঁহিলে, কাৰ লগত কাজিয়া লাগিল, কাৰ ঘৰত কেতিয়া কি
পাতিছে, চিনাকী মানুহৰ
কাৰ কাৰ ল’ৰা ছোৱালী কিমান
ডঙৰ হ’ল, ক’ত কি কৰি আছে সকলো কথা তেওঁ অৰুণিমাক কয়।
তেওঁ জানে তেওঁ কেতিয়াবা অৰুণিমাই ভাল নোপোৱা
কাম কিছুমানো কৰে। সেইবোৰৰ কাৰণে তেওঁ অৰুণিমাৰ ওচৰত ক্ষমা
বিচাৰে। তেওঁৰ বিশ্বাস, অৰুণিমাই তেওঁৰ কথা বুজি পাব।
তেওঁ অৰুণিমাক আশ্বাস দিয়ে, অনুপমাৰ তেওঁ ভালদৰেই
চোৱা চিতা কৰি আছে। মাক নোহোৱাৰ অভাৱ ছোৱালী জনীক অনুভৱ কৰিবলৈ দিয়া নাই। কেতিয়াবা
একোটা দুৰ্বল মূহুৰ্তত তেওঁৰ দুচকুৰে দুধাৰি লোতক ওলাই আহে।
This comment has been removed by the author.
ReplyDeleteTouchy story
ReplyDelete