Friday, January 20, 2017

খণ্ড ৪

জৰ্জৰ সহায়ত কলিকতাত ছেইণ্ট জন ডায়োছেছান কনভেণ্ট স্কুলত সহজেই দুয়োজনী ছোৱালীৰ এডমিছন হৈ গনেন্সি আৰু মাৰ্গাৰেট দুয়োৰে স্কুলত প্ৰৱেশ কৰাৰ বয়স পাৰ হৈছিল। সেয়ে দুয়ো একেটা শ্ৰেণীতে নামভৰ্তি কৰিলে। ছোৱালী দুজনীয়ে স্কুললৈ যোৱা আৰম্ভ কৰাৰ পিছত ডাক্তৰ বাৰ্ড নিজৰ কৰ্মভূমিলৈ উভতি আহিল।
কলিকতালৈ আহি নেন্সিৰ আকৌ বন্ধ সঁজাত সোমাই পৰা যেন লাগিল। ইমান হুলস্থুল, গাড়ী-মটৰ, কোলাহল ভৰা চহৰ তাইৰ ভাল নালাগে। ঘড়ীৰ কাঁটাৰ লগত ছন্দ মিলাই চলা যান্ত্ৰিক জীৱন তাইৰ পছণ্ড নহয়। পঢ়া শুনাতো তাইৰ মন নাই। কিতাপৰ মাজত মূৰ গুঁজি থকাতকৈ তাই আকাশত শাৰী পাতি উৰি যোৱা চৰাই বোৰ, ফুলনিত ফুলি থকা নানা বৰণীয়া ফুলবোৰ, পোহনীয়া কুকুৰ আৰু মেকুৰীবোৰৰ লগত উমলি ভাল পায়। আজৰি সময়ত তাই তুলিকা আৰু ৰং হাতত লৈ আঁকে সেউজীয়া পথাৰ, নীলা আকাশ আৰু আকাশত উৰি ফুৰা চৰাইবোৰ। মাৰ্গাৰেট এনে নহয়। তাই পঢ়াত ভাল। পঢ়া শুনাত লাগি থাকিব পাৰে। কোনোবা এটা শ্ৰেণীত মাৰ্গাৰেটে নেন্সিক অতিক্ৰম কৰি আগুৱাই গল।
পৰীক্ষাৰ ফলাফলক লৈ নেন্সি মুঠেও উদ্বিগ্ন নহয়। সৰু ভনীয়েক মাৰ্গাৰেট ওপৰ শ্ৰেণীত পঢ়িলেও পঢ়ক, সেইটো কাৰণত তাই অসন্তুষ্ট নহয়। কিন্তু তাই অসন্তুষ্ট হয় কেৱল টকা-পইচা, বস্তুৰ পিছত দৌৰি ফুৰা মানুহৰ জীৱনশৈলী দেখি। অকল ধন, সম্পত্তিয়েই জানো মানুহক সুখ শান্তি দিব পাৰে?
তাইৰ মনে বিচাৰি ফুৰে প্ৰকৃতিৰ কোলাত কটোৱা নিৰিবিলি জীৱন। তাইৰ খুব মনত পৰে ডিব্ৰুগড়লৈ, অনুৰাধালৈ, অনুৰাধাহঁত থকা চাহ বাগিচা খনলৈ। ডিব্ৰুগড়লৈ উভতি যাবলৈ তাইৰ মন উচপিচ কৰি থাকে। দীঘলীয়া বন্ধ পালেই তাই মাক বা ভনীয়েকৰ লগত গুচি গৈছিল দেউতাকৰ ওচৰলৈ, লৱৰি গৈছিল অনুৰাধাৰ ওচৰলৈ।
প্ৰৱেশিকা পৰীক্ষা দি উঠিয়েই নেন্সিয়ে দেউতাকলৈ চিঠি লিখিলে’, “দেউতা, মইতো প্ৰৱেশিকা পৰীক্ষা দিলোঁৱেই। আগলৈ আৰু পঢ়া শুনা কৰি থকাৰ একেবাৰে মন নাই। মাৰ্গাৰেট পঢ়া শুনাত ভাল। তাই পঢ়ক। মই তোমাৰ লগত থাকিব বিচাৰোঁ, ডিব্ৰুগড়ত
ডাক্তৰ ৱিলিয়ামৰ বয়স হৈ আহিছিল। নেন্সি লগত থাকিলে তেওঁৰো সুবিধা হয়। তদুপৰি নেন্সিক তেওঁ ৰোগী চোৱাত তেওঁৰ সহায়ক হিচাপে কামত লগাব পাৰিব। এইটো কাম কৰিলে নেন্সিৰো লাভ হব। কামটোত যদি তাই আগ্ৰহ পায়, ভৱিষ্যতে তাই নাৰ্ছৰ প্ৰশিক্ষণ লব পাৰিব।
প্ৰৱেশিকা পৰীক্ষাৰ ফলাফল ওলোৱাৰ দুদিন পিছতে নেন্সি ডিব্ৰুগড়ত দেউতাকৰ ওচৰলৈ উভতি আহিল মাৰ্গাৰেট আৰু মাক কলিকতাতে থাকি গ, মাৰ্গাৰেটৰ পঢ়া-শুনাৰ বাবে।
নেন্সি ডিব্ৰুগড়লৈ উভতি অহাৰ কেই বছৰমান পিছতে সমগ্ৰ ভাৰততে মহাত্মা গান্ধীৰ নেতৃত্বত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে অসহযোগ আৰু আইন অমান্য আন্দোলন আৰম্ভ হৈছিল। ডিব্ৰুগড়তো সেই আন্দোলনৰ প্ৰভাৱ পৰিছিল।
আন্দোলনটো আৰম্ভ হোৱাৰ পিছতে নেন্সিৰ দেউতাকক তেওঁৰ ওপৰৱালাই সকীয়নি দিছিল যাতে তেওঁ সাধাৰণ মানুহৰ লগত মিলা-মিছা নকৰে। তেওঁক অকল ইউৰোপিয়ান আৰু বৃটিছ চৰকাৰৰ অনুগত ভাৰতীয় সকলৰ চিকিত্সা কৰিবলৈ চোকা নিৰ্দেশ দিয়া হল।
ডাক্তৰ ৱিলিয়াম বাৰ্ড এই কথাটোত ব্যথিত হল। সাধাৰণ মানুহ খিনিৰ বাবেই তেওঁ কলিকতালৈ নগৈ ডিব্ৰুগড়তে থাকি গ, অথচ সেই মানুহ খিনিৰ লগত মিলা-মিছা কৰাতেই বাধা আহি পৰিল। তেওঁ ওপৰৱালাৰ নিৰ্দেশ মতে বঙলাৰ চৌহদৰ গেটত দাৰোৱান ৰাখিবলৈ বাধ্য হল। বিনা অনুমতিত তেওঁৰ বঙলালৈ সাধাৰণ মানুহৰ প্ৰৱেশ কৰা বন্ধ কৰা হল।
লেম চাহাবৰ ওচৰলৈ চিকিত্সাৰ বাবে অহা মানুহক পদুলিৰ পৰাই দাৰোৱানে বিদায় দিবলৈ ললে। মানুহবোৰ লাহে লাহে লেম চাহাবৰ ওপৰত বিতুষ্ট হআন্দোলনকাৰী কিছুমানেও আহি তেওঁৰ বঙলাৰ সন্মুখলৈ আহি ধৰ্ণা দিলে। তেওঁক ভাবুকি দিলে যে সাধাৰণ মানুহৰ চিকিত্সা নকৰিলে তেওঁ ডিব্ৰুগড় এৰি যাব লাগিব।
আন্দোলনটো জোৰদাৰ হৈ পৰাত ডাক্তৰ বাৰ্ডৰ পাট গাভৰু নেন্সিক অকলে ঘৰত ৰাখিবলৈ শংকা হল। তেওঁ ঘৰৰ বাহিৰত থকা সময়খিনিত নেন্সিক আহি কোনোবাই অপকাৰ কৰিব পাৰে বুলি তেওঁৰ ভয় হল। সেই সময়তে এটা জৰুৰী কামত তেওঁ কিছুদিনৰ কাৰণে ডিগবৈলৈ যাব লগীয়া হল। সেইটো সময়ত নেন্সিক লগত লৈ যোৱাটোও সম্পূৰ্ন নিৰাপদ নাছিল।
সেয়ে তেওঁ এদিন নেন্সিক কিছুদিনৰ কাৰণে থাকিবলৈ তাইৰ বান্ধৱী অনুৰাধাৰ ঘৰত থৈ অহাৰ কথা ভাবিলে। চাহ বাগিচাৰ মাজত আন্দোলনটোৰ বিশেষ প্ৰভাৱ পৰা নাই। তেওঁ অনুৰাধাৰ দেউতাক গোঁহাইক মতাই পঠিয়ালে।
আপুনি একো চিন্তা নকৰিব। আপোনাৰ ছোৱালীজনী মোৰ নিজৰ ছোৱালীৰ দৰেই। তাই আমাৰ ঘৰত থাকিলে কোনেও তাইৰ একো অপকাৰ কৰিব নোৱাৰে”। - জীৱন গোহাঁয়ে অভয় দিলে।
এদিন ৰাতিপুৱাই দেউতাকে গাড়ীৰে নেন্সিক অনুৰাধা হঁতৰ ঘৰত নমাই থৈ আহিল। নেন্সিক পাই অনুৰাধা আনন্দতে জঁপিয়াই উঠিল। নেন্সিয়ে যেন হাততে সৰগ ঢুকি পালে। এই কেইটা দিন তাই সেউজীয়া চাহ বাগিচা খনৰ মাজত নিজৰ ইচ্ছা মতে প্ৰকৃতিৰ বুকুত উমলি জামলি কটাব পাৰিব।
মধুপুৰ চাহ বাগিচা। সেউজীয়া পাতেৰে আৱৰি থকা এখন নিৰিবিলি চাহ বাগিচা।
অনুৰাধাই নেন্সিৰ লগত বাগিচা খন এফালৰ পৰা চাবলৈ ওলাই গ, এপদ এপদকৈ, তন্ন তন্নকৈ। নেন্সিয়ে অনুৰাধাৰ দৰে তাইৰ মেখেলা চাদৰ এজোৰ পিন্ধি ললে।
বাগিচা খনৰ এটা চুকত আছে বাগানত কাম কৰা শ্ৰমিকৰ বস্তি। শাৰী শাৰী সৰু সৰু ঘৰবোৰৰ পৰা মতা, তিৰোতা সকলোৱে ৰাতিপুৱা পিঠিত টুকুৰি লৈ পাত তুলিবলৈ ওলাই আহে। দিনটো পাত তোলাৰ পিচত টুকৰিৰ পাত বোৰ এঠাইত জমা কৰেতাত পাত বোৰৰ ওজন কৰা হয়। ওজন মতে সিহঁতক দৈনিক মজুৰি দিয়া হয়। পাতবোৰ ওজন কৰি সেইমতে পইচা দিয়া এই দৈনিক প্ৰক্ৰিয়াটো তদাৰক কৰাৰ দায়িত্ব অনুৰাধাৰ দেউতাকৰ। তেওঁক সহায় কৰে বাদল নামৰ এজন পাহুৱাল ডেকাই। ভালকৈ চকু নিদিলে পাত বোৰ ওজন কৰাত গন্দগোল হয়; পাতৰ লগত ইটাৰ টুকুৰা, শিলগুটিৰো ওজন হয়।
অনুৰাধা হতঁৰ ঘৰটো বস্তিৰ পৰা কিছু নিলগত। কিন্তু সন্ধিয়া হোৱাৰ লগে লগে বস্তিৰ পৰা হাই-উৰুমি, হাঁহি খিকিন্দালিৰ শব্দবোৰ ভাহি আহে। সেইটো সময়ত মানুহবোৰে হাৰিয়া খাই ফূৰ্তি কৰে। ভাল বতৰত মুকলি ঠাই এডোখৰত আটাইবোৰ মানুহ গোট খাই নাচ-গান কৰে। মাদলৰ শব্দ বাগিচাৰ চুকে-কোণে বিয়পি পৰে। কিবা উত্সৱ থাকিলে তেওঁলোকে বাগানৰ মেনেজাৰ, মহৰী সকলোকে নিমন্ত্ৰণ কৰে। এনে উত্সৱত তেওঁলোকে মেন্থল লাইট জ্বলাই ৰাতি বহু পৰলৈ ঝুমুৰ নাচে। অভ্যাগত সকলেও এনে নাচত যোগ দিয়ে।
দুদিনমানৰ ভিতৰতে নেন্সি সকলোৰে মাজত গোড়ী মেমনামেৰে পৰিচিত হৈ পৰিল। মেখেলা-চাদৰ পিন্ধি অনুৰাধাৰ লগত ঘূৰি ফুৰা চাহাবৰ ছোৱালী জনীক সকলোৱে চিনি পোৱা হল।
নেন্সিয়ে সেই কেইদিনত যেন এখন বেলেগ পৃথিৱীৰ সোৱাদ পালে। অনুৰাধা হঁতৰ লগত তাই মজদুৰ সকলৰ উত্সৱত ভাগ লবলৈ যায়। ইমান মুকলিমুৰীয়াকৈ মনৰ আনন্দত নাচি, গাই, ফূৰ্তি কৰি তাই কেতিয়াও পোৱা নাছিল। মাক দেউতাকৰ কঠোৰ বান্ধোনৰ মাজত, ইউৰোপিয়ান সমাজ খনৰ অলিখিত কিছুমান নিয়ম-নীতিৰ মাজত ডাঙৰ হোৱা ছোৱালী তাই। মুকলি আকাশৰ তলত সাধাৰণ মানুহৰ লগত দোভাগ ৰাতিলৈ এনেদৰে নাচি-বাগি থকাটো তাইৰ সমাজ খনৰ কাৰণে ভাবিব নোৱাৰা কথা
এদিন অনুৰাধাই নেন্সিক কলে, “পৱিত্ৰ কোৱাইদেৱে (ককাইদেৱে) তোমাৰ লগত চিনাকী হবলৈ বিচাৰিছে
কোন পৱিত্ৰ কোৱাইদেউ”?
পৱিত্ৰ কোৱাইদেউ ওচৰৰ ৰঙাজান গাৱঁত থাকে। কোৱাইদেৱে বহুত কিতাপ পঢ়ে। বহুত কথা জানে। তুমি লগ পাই ভাল পাবা
তেওঁ কি কৰে, কিয় চিনাকী হব বিচাৰিছে”? - নেন্সি অলপ শংকিত হল।
তেওঁ খেতিয়েই কৰে। আজৰি সময়ত তেওঁ ৰঙাজান গাৱঁত নিজাববীয়াকৈ সৰু লৰা-ছোৱালীবোৰক ইংৰাজী শিকায়। আমাৰ বস্তিৰ লৰা ছোৱালীও যায় তালৈ পঢ়িবলৈ। হয়তো সেই বিষয়েই তোমাৰ লগত কথা পাতিব খুজিছে
অনুৰাধাহঁতৰ ঘৰৰ পিৰালিত পৱিত্ৰ নামৰ ডেকা জনে অনুৰাধাৰ দেউতাকৰ লগত কথা পাতি আছিল। অনুৰাধাই নেন্সিক লগত লৈ বাহিৰলৈ আহিল। পৱিত্ৰই নেন্সিক দেখি নমস্কাৰ কৰিলে।
মোৰ নাম পৱিত্ৰ। আপোনাক লগ পাবলৈ আহিলোঁ। আমাৰ গাৱঁলৈ অপোনাক এপাক নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ
অনুৰাধাই খিল খিলাই হাঁহি দিলে। তাই কলে, “কি আপুনি আপুনি কৰি আছে পৱিত্ৰ কোৱাইদেউ। নেন্সি মোৰ লগৰে। তাইক ডাঙৰ মানুহৰ দৰে নমস্কাৰ কৰি আপুনি, আপুনি কোৱাৰ কোনো দৰকাৰ নাইনেন্সিয়েও হাঁহিলে
ঠিক আছে। তুমিয়েই কম। নেন্সি, আমাৰ গাৱঁলৈ আহিবা। মই সৰু লৰা ছোৱালীবোৰক যিখিনি পাৰোঁ ইংৰাজী শিকাওঁ। কিন্তু সিহঁতক ইংৰাজী কবিতা, ৰাইম এইবোৰো শিকাব খোজোঁ। এইবোৰ তুমি ভালদৰে জানিবা। তুমি সৰু লৰা ছোৱালীবোৰক এইবোৰকে অলপ শিকাই দি আহিবাপৱিত্ৰই নম্ৰভাৱে কোৱা কথাখিনি নেন্সিৰ ভাল লাগিল। এখন অসমীয়া গাওঁ চাবলৈ যোৱাৰ হেপাহ তাইৰ আছিলেই। এতিয়া তাই এটা সুযোগ পালে।
পিচদিনাই পৱিত্ৰই অনুৰাধা আৰু নেন্সিক ৰঙাজান গাৱঁলৈ লৈ গল। দুয়ো বান্ধৱীয়ে সেউজীয়া কপাহী মেখেলা-চাদৰ পিন্ধি সাজি-কাচি ওলাই গল।
সৰু লৰা-ছোৱালীবোৰক ইংৰাজী শিকোৱা কামটো নেন্সিয়ে ভালেই পালে। তাই অনুৰাধাক লগত লৈ পৱিত্ৰৰ ঘৰৰ চোতালত তাইৰ ভঙা ভঙা অসমীয়া ব্যৱহাৰ কৰি গাৱঁৰ লৰা-ছোৱালীবোৰক ইংৰাজী বৰ্ণমালা শিকাবলৈ ললে। শিকোৱাৰ মাজে মাজে সৰু সৰু ৰাইম আৰু কবিতা কিছুমান গাই তাই সোনকালেই লৰা-ছোৱালীবোৰৰ অতি আপোন হৈ পৰিল। গাৱঁৰ মানুহ বোৰেও চাহাবৰ ছোৱালীয়ে লৰা-ছোৱালী পঢ়ুওৱা চাই বৰ ৰং পালে।
প্ৰথম দিনাই নেন্সিয়ে পৱিত্ৰক কলে, “পৱিত্ৰ কোৱাইদেউ, ইহঁতক শিকাবলৈ মই সদায় আহিম। এদিনত ইহঁতৰ একো মনত নাথাকে
মইতো সেই কথাটোকে কওঁ কওঁকৈ আছিলোঁ। মই তোমাক আমাৰ গাওঁখন ভালদৰে দেখুৱাম। ভৱিষ্যতে কেতিয়াবা এই গাওঁ খনৰ কথা মনত পৰিবনে?” - পৱিত্ৰই কলে।
পৱিত্ৰ্ৰ আৰু অনুৰাধাৰ লগত গাৱঁৰ ঘৰ, ভৰাল, পুখুৰী, খেতি পথাৰ চাবলৈ পাই নেন্সিয়ে বৰ ৰং পালে। গাৱঁত ইফালে-সিফালে যাওঁতে পৱিত্ৰ তাইৰ গাইডৰ দৰে হল। পথাৰত ৰোৱনিয়ে ধান ৰোৱা দেখি তাই ফূৰ্তি পালে। এডোখৰ মাটিত গৰু এহালেৰে মাটি চহোৱা কামটো তাই মনোযোগেৰে চালে। পুখুৰীত বৰশী বাই মাছ ধৰা, নৈত জাল পতা, তামোল গছত উঠি তামোল পৰা আদি তাই চাই তাই খুব ভাল পালেগাৱঁৰ মানুহেও চাহাবৰ বগী ছোৱালীজনীয়ে পিত পিতাই সকলো পিনে চাই ফুৰা দেখি তাইক ৰৈ ৰৈ চালে। এনেদৰে কিবা নেদেখা বস্তু চোৱাৰ দৰে সকলোৱে তাইৰ পিনে চোৱা কাৰণে মাজে মাজে তাইৰ লাজ লাগি গল।
পৱিত্ৰই দুয়োকে এদিন লুইতৰ পাৰলৈ লৈ গল। বাৰিষাৰ ভৰা ব্ৰহ্মপুত্ৰই এক অনন্য ৰূপ লয়সৰু ডাঙৰ অনেক ঢৌৱে পাৰত কোবাই যায়।
পৱিত্ৰই নৈৰ বুকুলৈ আঙুলিয়াই দেখুৱালে, “সৌৱা চোৱা, শিহু
ত কত। কি শিহু”? নেন্সিয়ে আগতে কেতিয়াও শিহুৰ নাম শুনা নাই।
নদীৰ বুকুলৈ চাই থাকিবা। মাজে মাজে দেখিবা এটা জন্তুৱে উঠি আহি আকৌ পানীত বুৰ মাৰিছে। সেইটোৱেই শিহু”, অনুৰাধাই বুজালে।
নৈৰ বুকুলৈ চাই থাকি সঁচাকৈয়ে নেন্সিয়ে দেখিলে কলা, ধোঁৱাবৰণীয়া প্ৰাণী কিছুমান ভুটুংকৈ ওলাই আকৌ পানীত বুৰ মাৰিছে। তাই কিৰিলি পাৰি চিঞৰি উঠিল, “দেখিছোঁ, দেখিছোঁ। ময়ো দেখিছোঁ
এইবোৰ নদীত থকা ডলফিন। সকলো ঠাইতে পোৱা নাযায়। ব্ৰহ্মপুত্ৰত পিছে বহুত আছে” - পৱিত্ৰই কলে।
মই এদিন মা দেউতা আৰু মাৰ্গাৰেটক নদীৰ ডলফিন দেখুৱাবলৈ লৈ আহিম”, -তাই হাত চাপৰি বজাই বজাই কলে।
অনুৰাধা আৰু নেন্সিক নৈৰ পাৰত এৰি পৱিত্ৰই গছ এজোপাৰ ফেৰেঙনিত বহি লৈ বৰ ধুনীয়াকৈ বাঁহী বজালে। বাঁহীও কোনোবাই ইমান ধুনীয়াকৈ বজাব পাৰেনে? ইমান মিঠা নে বাঁহীৰ সুৰ? নেন্সিৰ কাণত সেই সুৰটো বহু সময়লৈ বাজি থাকিল।
নৈৰ পাৰত বহি বৈ থকা পানীবোৰ চাই নেন্সি যেন ভাবুক হৈ পৰিল। তাই ভাবিলে, “কিমান যে বিশাল এই ব্ৰহ্মপুত্ৰ নদী। এই বিশাল নৈ খনে কঢ়িয়াই অনা পানীবোৰ গৈ কোনোবা সাগৰত পৰিব। সেই সাগৰৰ পানীতেতো মিহলি হয় সুদুৰ ইংলেণ্ডৰ নদীৰ পানী। সাগৰৰ পানীত থাকে জানো দেশ-বিদেশৰ চিন
পৱিত্ৰই নেন্সিৰ কথা মাকক কৈছিল ।
মা, চাহাবৰ ছোৱালী হৈয়ো তাইৰ অকণো ভেম নাই। মই এবাৰ অনুৰোধ কৰোঁতেই তাই গাৱঁৰ লৰা ছোৱালী বোৰক পঢ়ুৱাবলৈ বিনা বাক্যব্যয়ে মান্তি হৈ গমাকে কেতিয়াও আগতে তাৰ মুখত কোনো ছোৱালীৰ এনে প্ৰশংসা শুনা নাই।
ছোৱালীজনীক এবাৰ আমাৰ ঘৰলৈ লৈ আহিবিচোন। মোৰো তাইক এবাৰ ভালদৰে লগ পাবৰ মন গৈছেভাত ৰান্ধি থকা চৌকাটোত দুডাল খৰি সুমুৱাই দি মাকে কলে।
ব দে মা। মই কলে তাই নিশ্চয় আহিব
পৱিত্ৰৰ কাৰণে মাকৰ চিন্তা হয়। দেশৰ কাৰণে, মানুহৰ কাৰণে, দুখীয়াৰ কাৰণে চিন্তা কৰোঁতে কৰোঁতে সি নিজৰ কাৰণে চিন্তা কৰিবলৈ সময়েই নাপায়। পৱিত্ৰৰ একেজনী ভনীয়েক পুতলী। তাইয়ো ডাঙৰ হৈ আহিছে। চকু মুদাৰ আগতে দুয়োৰে ঘৰ দুখন পাতি দিয়াটো তেওঁৰ কৰ্তব্য। দেউতাক থকা হলে তেওঁ হয়তো ইমান কথা চিন্তা কৰিব নালাগিল হেঁতেন।
পৱিত্ৰই এদিন দুপৰীয়া অনুৰাধা আৰু নেন্সিক ঘৰলৈ লৈ আহিল।
মাকে দুয়োজনী ছোৱালীকে আদৰ সাদৰ কৰি চুমা খালে। অনুৰাধাক তেওঁ আগতে পাইছে, কিন্তু নেন্সিক প্ৰথম লগ পালে। তেওঁ নেন্সিলৈ একেথৰে চাই থকিল, একেবাৰে গাখীৰত সেন্দুৰ মিহলোৱা যেন গাৰ ৰং ছোৱালীজনীৰচকু-মুখবোৰ যেন কুণ্ডত কটা। একেবাৰে গোঁসানী যেন। এনে এজনী ছোৱালী তেওঁলোকৰ পঁজাত পদাৰ্পন কৰাটোৱে যেন ভাগ্যৰ কথা। তেওঁ ওপৰৰজনলৈ মনে মনে সেৱা জনাই কলে তুমিহে জানা প্ৰভু
পৱিত্ৰৰ মাকে কোমল চাউল, দৈ আৰু গুৰ মিঠৈৰে জলপান খুৱালে। ইমান সোৱাদ জলপান নেন্সিয়ে আগতে কেতিয়াও খোৱা নছিল। খোৱৰ পিছতো সেই সুস্বাদু জলপানৰ সোৱাদ নেন্সিৰ জিভাত যেন লাগি থাকিল।
পৱিত্ৰৰ মাকে আটাইৰে বাবে দুপৰীয়াৰ খোৱাৰ আয়োজন কৰিছিল। জালুকীয়াকৈ ৰন্ধা পাৰৰ মাংসৰে ভাত খাওঁতে নেন্সিৰ জ্বলা পাই চকুৱে নাকে পানী ওলাল। কিন্তু সোৱাদ টো তাই ভাল পালে।
আহিবৰ সময়ত পৱিত্ৰৰ মাকে নেন্সিক কলে, “আহি থাকিবা আইনেন্সিয়ে হাঁহিলে। অনুৰাধাই মাত লগালে, “এই কেইদিনমানৰ কাৰণেহে আহিছে। তাইৰ উভতিবৰ হবই
দুয়োজনী ওলাই যাওঁতে পৱিত্ৰৰ মাকৰ চকু দুটা সেমেকি উঠিল। তেওঁ ভাবিলে আৰু বা এই ছোৱালীজনীৰে দেখা হয় নে নহয়।
পৱিত্ৰই দুয়োকে ঘৰলৈকে আগবঢ়াই থৈ যায়গৈ থাকোঁতে ওলোটাপিনৰ পৰা চাইকেল মাৰি অহা একোজনে এনেয়ে ৰিঙিয়াই থৈ যায়, “বোলো পৱিত্ৰ, ভাল নে”? খোজকাঢ়ি অহা একোজনে আগবাঢ়ি কথা পাতে, নেন্সিৰ লগত চিনাকী হয়। মেখেলা চাদৰ পিন্ধা চাহাবৰ ছোৱালী আগতে কোনেও দেখা নাই। সকলোৱে কোৱা-কুই কৰে - পৱিত্ৰই ভাল চাহাবৰ ছোৱালী এজনী মুহিলে।
কথাবোৰ কাণত পৰিলে পৱিত্ৰৰ কেনেবা কেনেবা লাগে। মানুহবোৰে সকলো কথাতে লৰা-ছোৱালীৰ মাজত কেৱল একেটা সম্পৰ্ক দেখে। সেইটো সম্পৰ্কৰ বাহিৰে আন সম্পৰ্ক যেন একোৱেই নাই।
কিন্তু কি সম্পৰ্ক সেয়া। সেই কথা সিও নাজানে।
এদিন খোজকাঢ়ি গৈ থাকোঁতে সি নেন্সিক সুধিলে, “আমাৰ গাৱঁৰ কথা তোমাৰ মনত থাকিবনে? পাছত কেতিয়াবা আকৌ ইয়ালৈ আহিবানে”?
প্ৰশ্নটো শুনি নেন্সিয়ে যেন থতমত খালে। কি উত্তৰ দিব তাই যেন বিচাৰি নাপালে। তাই নিজকেই প্ৰশ্ন কৰিলে - সঁচাকৈয়ে তাই আৰু কেতিয়াবা এইখন গাৱঁলৈ আহিব পাৰিবনে? এনেদৰে মুকলিমূৰীয়াকৈ খোজকাঢ়ি ঘুৰি ফুৰিব পাৰিবনে?
ৰাতি শুবৰ সময়ত অনুৰাধাই সুধিলে, “তুমি পৱিত্ৰ কোৱাইদেউৰ প্ৰশ্নটোৰ কিয় উত্তৰ নিদিলা? আহিবা নে নাহা কিবা এটা কব লাগিছিলনেন্সিয়ে হুমুনিয়াহ কাঢ়ি কলে, “মই সকলো কাম নিজৰ মতে কৰিব নোৱাৰো অনুৰাধা। মই ইমান সৌভাগ্যৱতী নহয়। কেনেকৈ কম মই আহিব পাৰিম নে নোৱাৰিম
দিনবোৰ কেনেকৈ পাৰ হল নেন্সিয়ে গমেই নাপালে। তাই মনে-প্ৰাণে বিচৰিছিল, দেউতাকৰ কাম আৰু দীঘলীয়া হওক।
কিন্তু নহসাত দিনৰ পিছতে নেন্সিৰ দেউতাকে তাইক নিবলৈ আহিল। এই কেইদিনতে তাই বস্তিৰ মানুহৰ, সৰু লৰা ছোৱালীবোৰৰ আৰু বিশেষকৈ অনুৰাধাৰ ঘৰখনৰ আপোন মানুহৰ দৰে হৈ গৈছিল। তাই যাবলৈ ওলোৱাত সকলোৰে মন যেন দুখৰ ডাৱৰে আৱৰি ধৰিলে। অনুৰাধাৰ চকু সেমেকি উঠিল।
খবৰ পাই পৱিত্ৰও আহিল তাইক মাত লগাবলৈ। মাকে তাইৰ কাৰণে গামোচা এখনত জলপান বান্ধি দি পঠিয়াইছিল। তাকে সি কঁপা কঁপা হাতেৰে নেন্সিৰ হাতত টোপোলাটো তুলি দিলে। টোপোলাটো হাতত লওঁতে তাই অনুভৱ কৰিলে তাৰ দুচকুৱে যেন তাইক বহুত কথা কবলৈ বিচাৰিছিল।
কেতিয়াবা আকৌ আহিবাতাৰ অনুভূতিৰে সিক্ত মাত নেন্সিৰ কাণত পৰিল। তাই তাৰ চকুলৈ চাই ৰতাৰ চকুৰ ভাষা পঢ়ি যেন তাই থমকি ৰল। কিবা কিবি কব খুজিও তাই একো কব নোৱাৰিলে। তাইৰ বুকুখন কিবা এক অবুজ বেদনাত যেন মোচৰ খাই গল।
সেইদিনা মই অনুভৱ কৰিছিলোঁ মুখেৰে একো নোকোৱাকৈ চকুৱে চকুৱেও মানুহে বহুতো কথা কব পাৰে
আইতাকৰ কথাত অনুপমাই ভাবিলে, হৃদয়ৰ কথা কবৰ কাৰণে সদায় শব্দৰ প্ৰয়োজন নহয়।
অনৰ্গল কথা কৈ কৈ এসময়ত আইতাক ভাগৰি পৰিল। অনুপমাই হাত ঘড়ীটোলৈ চালে। ৰাতি দুটা বাজিছেভাগৰত আইতাকৰ মাত সৰু হৈ আহিছে। অনুপমাৰ আগলৈ কি হল জানিবৰ বৰ মন গল যদিও তাই অনুভৱ কৰিলে আইতাকৰ এতিয়া জিৰণিৰ প্ৰয়োজন।
আইতাকৰ কথাবোৰত তাই যেন গুচি গৈছিল এক ৰোমাঞ্চকৰ অতীতলৈ। তাই যেন শুনা পাইছিল সেই চাহ বাগিচাৰ বস্তিৰ মাদলৰ শব্দ, ঝুমুৰৰ গুঞ্জন, নৈৰ পাৰৰ সেই প্ৰাণ উতলোৱা বাঁহীৰ সুৰ।
অনুপমাৰ গায়ে মূৰে হাত ফুৰাই আইতাকে কলে, “তোমাক মই ভাষাৰে বুজাব নোৱাৰিম অনুপমা, মোৰ কিমান ভাল লাগিছেআজি ইমান দিনৰ মূৰত এইবোৰ কথা পাতি আকৌ মোৰ লৰালি কাললৈ উভতি যোৱা যেন লাগিছে
তাই আইতাকক লাহেকৈ কলে, “আপুনি এতিয়া অলপ শুই যাওক আইতা। ৰাতি বহুত হ
আইতাকৰ চকু মুদ খাই আহিছিল। তেওঁ লাহেকৈ কলে - “এতিয়া তুমিও শোৱাগৈ। ৰাতি পুৱাবৰে হল চাগে
আইতাকৰ গাৰ কাপোৰ ভালদৰে দি অনুপমা তাইৰ বিচনালৈ আহিল।
পিছে চকু দুটা মুদাৰ লগে লগে তাইৰ মনটো যেন উৰি গল সেই বাইছ বছৰীয়া নেন্সিৰ কাষলৈ, যি জনী নেন্সিয়ে অসমৰ চাহ বাগিচাৰ মাজত জীৱনৰ প্ৰথম সেউজীয়াখিনি অনুভৱ কৰিছিল, প্ৰথম বাৰৰ কাৰণে পৱিত্ৰ নামৰ এজন অসমীয়া ডেকাৰ মাজত হয়তো এজন মনৰ মানুহ বিচাৰি পাইছিল।

Thursday, January 5, 2017

খণ্ড ৩

কেভিনৰ আইতাক সুস্থ হৈ হস্পিটেলৰ পৰা ঘৰলৈ ওভতাৰ পাছত এদিন কেভিনে অনুপমাৰ ক্লাছৰ বাহিৰত তাইক লগ ধৰি কলে -এই শনিবাৰে আইতাৰ জন্মদিন। মই ভাবিছোঁ সেইদিনা আবেলি গৈ ৰাতিটো আইতাৰ লগত তেওঁৰ ঘৰতে কটাই দেওবাৰে আবেলি ঘূৰি আহিম। তুমিও ওলাবানেকি”?

আইতাকক আকৌ এবাৰ লগ পাবলৈ অনুপমাৰ মন গৈয়েই আছিল। তাই এই কথাটো কবলৈ কেভিনক ফোন কৰিব বুলি ভাবিছিলেই। পিছে ৰাতি থাকিবলগীয়া কথাটোত তাত অলপ চিন্তা কৰিলে। মই যামেই। পিছে একেদিনাই ঘুৰিব নোৱাৰি নে? নহলে মই অকলে আহি যাম

সামান্য হাঁহি মাৰি কেভিনে কলে, “সেয়া তোমাৰ কথা। পিছে আইতাই থাকিলে বৰ ভাল পাব। ক্লাৰাকো মই ওলাবলৈ কৈছোঁ

ক্লাৰাও যাব বুলি জানিব পাৰি অনুপমাৰ ভাল লাগিলহাজাৰ হওক, লগত এজনী ছোৱালী থাকিলে তাই কেভিনৰ আইতাকৰ ঘৰত থাকিবলৈ বেয়া নালাগিব। সৰুৰে পৰা তাই অচিনাকী পৰিৱেশত ৰাতি থাকিবলৈ অস্বস্তি বোধ কৰে।

শনিবাৰে আবেলি কেভিনে মটিয়া ৰঙৰ গাড়ী এখনত আহি অনুপমাৰ হোষ্টেলৰ আগত ৰল।

তাৰ কাষৰ ছিটত ক্লাৰা। অনুপমাই হাতত বেগ এটা লৈ ৰৈয়েই আছিল। কেভিনে নামি গৈ বেগটো লৈ পিছপিনৰ বস্তু থোৱা ঠাইত থলে আৰু পিছৰ ছিটৰ দুৱাৰ অনুপমাৰ কাৰণে খুলি দিলে।

কেভিনে গাড়ী ষ্টাৰ্ট কৰি কলে - “এইখন মোৰ নিজৰ গাড়ী। ছেকেণ্ড হেণ্ড সস্তীয়া গাড়ী। সেইদিনা পিটাৰৰ ষ্প’ৰ্টছ কাৰ খনৰ দৰে বেগী গাড়ী নহয়সেইদিনা পিটাৰৰ গাড়ীখনত উঠি তুমি পিচে বেছ ভয় খালাসামান্য ঘূৰি অনুপমালৈ চাই সি কলে

ক্লাৰাই কলে - “হয় নেকি? মই পিচে খোলা গাড়ীত গৈহে বেছি ভাল পাওঁ। আজিলৈকে কেভিনে মোক খোলা গাড়ীত ফুৰাবলৈ নিয়া নাইকেভিনৰ প্ৰতি খং দেখুৱাই তাই কলে - “এদিন মই পিটাৰকে কম তাৰ গাড়ীত মোক ফুৰাবলৈ নিবলৈঅনুপমাই হাঁহিলে।

ক্লাৰাই উচ্চ স্বৰৰ পাশ্চাত্য সংগীত বজাই দিলে। হাৰ্ড ৰকএইবোৰ সংগীত অনুপমাই বুজি নাপায়ক্লাৰাই নিজৰ আসনতে বহি সংগীতৰ তালে তালে মাজে মাজে নাচিবলৈ ধৰিলে।

হেই পমা। তুমি খুব ভাল ডান্স কৰা বুলি মোক কেভিনে কৈছে। আজি ৰাতি কম্পিটিশ্যন হব দেই কোনে ভাল ডান্স কৰে। মোক পিছে তুমি নোৱৰিবাক্লাৰাই অনুপমাক উদ্দেশ্যি কলে। ক্লাৰাই মতা পমা নামটো তাইৰ ভাল লাগিল।

নাই, নাই। মই একেবাৰে নাচিব নাজানো। কেভিনে এইবোৰ এনেই কৈছে। ক্লাৰা, মই তোমাৰ লগত কম্পিটিশ্যন একেবাৰে কৰিব নোৱাৰোঁ। তুমি জিকিলাইঅনুপমাই কলে।

পমা, তুমি মোক তোমালোকৰ ফক ডেন্সটো শিকাই দিবা দেই। তোমালোকৰ ফ'ক ডেন্সটোৰ নাম বিহু নহয়নে? চোৱা মই কেভিনৰ পৰা তোমালোকৰ দেশৰ বিষয়ে শিকিবলৈ আৰম্ভ কৰিছোঁৱেই। তালৈ গলে মই বিহু নাচি সকলোকে আচৰিত কৰি দিম”, এই বুলি ক্লাৰাই খিল খিলকৈ হাঁহিবলৈ ধৰিলে।

আগৰ আসনত বহি কেভিন আৰু ক্লাৰাই হাঁহি হাঁহি কথা পাতি গল। অনুপমাই ভাবিলে, ক্লাৰা জোৱাৰ-ভাটাৰ দৰে। এই জোৱাৰত ওফন্দি আহে, এই ভাটাত জামৰি যায়। তাইক চম্ভালিবলৈ কেভিনৰ দৰে স্থিৰ মনৰ মানুহ এজনৰ প্ৰয়োজন।

প্ৰায় ডেৰঘণ্টা যোৱাৰ পিছত তেওঁলোক তিনিও আইতাকৰ ঘৰ পালে। কেভিনে আইতাকলৈ বুলি টিউলিপ ফুলৰ থোপা এটা আনিছিলক্লাৰাই এটা ছেম্পেইনৰ বটল আনিছিল। অনুপমায়ো খবৰ কাগজত মেৰিয়াই আইতাকলৈ এটা উপহাৰ আনিছিল। কি আনিছিল কেভিন আৰু ক্লাৰাই বাৰে বাৰে সোধাতো তাই একো নকলে। মাথোন কলে, “এয়া এটা ছাৰপ্ৰাইজ

এঞ্জেলাই আইতাকৰ জন্মদিন বুলি ঘৰখন বেলুন, ৰংচঙীয়া ফিটা আদিৰে ধুনীয়াকৈ সজাই ৰাখিছিল।

আইতাক নেন্সি শোৱনি কোঠাত হুইল ছেয়াৰ এখনত বহি আছিল। কেভিনে প্ৰথমতে সোমাই গৈ হাতত নিয়া ফুলৰ থোপাটো আইতাকৰ হাতত দি মোৰ ডাৰ্লিংবুলি কৈ আইতাকক সাৱটি ধৰি দুই গালে দুটা চুমা খালে। আইতাকৰ চকু চলচলীয়া হকেভিনৰ পিছে পিছে ক্লাৰা সোমাই গৈ আইতাকৰ হাতত ধৰি জন্মদিনৰ শুভেচ্ছা নেন্সিবুলি কৈ ছেম্পেইনৰ বটলটো দিলে। গধুৰ বটলটো আইতাকে ধৰি ৰাখিব নোৱাৰিব বুলি ভাবি তাই বটলতো কাষৰ মেজ এখনত থলে। তায়ো তেওঁৰ দুয়োগালে দুটা চুমা খালে।

শেষত অনুপমা আইতাকৰ ওচৰলৈ গৈ তেওঁৰ দুই চৰণত ধৰি সেৱা কৰিলে। আইতাকে এমোকোৰা হাঁহিৰে দুৰ্বল সোঁহাত খন তাইৰ মুৰত থলে। তাই লগত নিয়া কাগজেৰে মেৰিয়াই নিয়া টোপোলাটোৰ পৰা এখন অসমীয়া গামোচা উলিয়াই আইতাকৰ কান্ধত পিন্ধাই দিলে। আইতাক নেন্সিৰ চকুদুটা যেন উজ্বলি উঠিল।

গামোচা খন হাতেৰে লিৰিকি বিদাৰি চাই তেওঁ কৈ উঠিল, “এয়া অসমৰ বিহুত লোৱা কাপোৰ খন নহয়নে”?

হয় আইতা। এয়া আপোনালৈ মই বিহুৱান আনিছোঁ

বি হু ৱা নআইতাকে মুখৰ ভিতৰতে আওৰালে। তেওঁ যেন বহুত দিনৰ মুৰত শুনা চিনাকী শব্দ এটা মনত পেলাবলৈ চেষ্টা কৰিলে।

তেওঁ হঠাতে কৈ উঠিল, “মোৰ অসমলৈ উভতি যোৱা যেন লাগিছে অনুপমা। তোমাক বহুত ধন্যবাদ

ক্লাৰা আগবাঢ়ি আহি গামোচা খন হাতত লৈ লিৰিকি বিদাৰি চালে। তাই কলে, “খুব ধুনীয়া কাপোৰ। তুমি মোৰ জন্মদিনত এনে এখন উপহাৰ দিবা দেই পমা

কেভিনে কলে, “এনে কাপোৰ মই দেখিছোঁ। মই পঢ়িছিলোঁ কৰবাত, এই কাপোৰ খন মানুহক সম্ভাষণ জনাবলৈ বা মৰমৰ চিন হিচাপে ব্যৱহাৰ কৰা হয়অনুপমাই কথাটো শলাগিলে।

আবেলি অনুপমা এঞ্জেলাৰ লগত পাকঘৰত সোমাল। এঞ্জেলাই আটাইৰে কাৰণে পিজ্জা তৈয়াৰ কৰি আছিল। কেভিন আৰু ক্লাৰাই খোজকাঢ়ি ছিগাৰেট খাবলৈ গল। আইতাক টোপনি গল।

মই তোমাক অলপ সহায় কৰোঁনে এঞ্জেলা

নাই, নাই, নালাগে। তুমি আৰাম কৰাগৈ। এয়া মোৰ হে কাম

অনুপমাই নামানিলে। পিজ্জাৰ ওপৰত স্প্ৰেডিং বোৰ লগোৱাত তাই সহায় কৰি দিলে। তুমি কেতিয়া ঘৰলৈ যোৱা এঞ্জেলা। তোমাৰ ঘৰত কোন কোন আছে’? অনুপমাই সুধিলে।

মোৰ ঘৰত মা আৰু এটা পংগু ভাইটি আছে। মোৰ এই চাকৰিটোৰেই আমাৰ পৰিয়ালটো চলি আছে। মই মাহত দুদিন ছুটি পাওঁ। এই মাহৰ ছুটি কেভিনৰ আইতাক হস্পিটেলত থাকোঁতে লৈ লোৱা হল। সেয়েহে মই কিছুদিনলৈ ঘৰলৈ যাব নোৱাৰোঁ। কিন্তু মোৰ এবাৰ ঘৰলৈ যোৱাটো খুব প্ৰয়োজন। ভাইটিৰ আজি কেইবাদিনো ধৰি জ্বৰএঞ্জেলাই কলে।

অনুপমাই ভাবিলে, সকলো নিয়মৰ মাজেদি চলা এইখন দেশত মানুহ বোৰো হয়তো যন্ত্ৰৰ দৰে হৈ যায়।

সন্ধিয়া হৈ অহাৰ পিছত কেভিনে মজলীয়া ভলিউমত মিউজিক বজাই দিলে। ক্লাৰা আৰু কেভিনে মিলি ছেম্পেইনৰ বটল খুলিলে। আইতাককো এঢোক ছেম্পেইন যাঁচিলে। অনুপমাকো জোৰ কৰি ছেম্পেইন খুৱালে। এটা সময়ত কম পোহৰৰ লাইট জ্বলাই মিউজিকৰ তালে তালে কেভিন আৰু ক্লাৰাই নাচিবলৈ ধৰিলে। অনুপমাই হাত চাপৰি বজাই তেওঁলোক দুয়োকে উত্সাহিত কৰিলে।
হেই পমা, তুমি আজি নানাচিলে নহক্লাৰাই তাইক হাত এখনত ধৰি টানিলে।

মই তোমাক কৈছোঁৱেই, মই নাচিব নাজানো

একো জানিব নালাগে। আহা, আমাক চাই চাই নাচি থাকাএই বুলি ক্লাৰাই তাইক জোৰ কৰি নচুৱালে। এঞ্জেলাও আহি নাচত যোগ দিলেহি। আইতাকে চুকত বহি আটায়ে ফূৰ্তি কৰা চাই থাকিল। মাজে মাজে আটাইকেইটা আহি আইতাকৰ হাতত ধৰিও নাচিবলৈ ধৰিলে।

এটা সময়ত নাচি নাচি আটাইৰে ভাগৰ লাগিল। কেভিনে গিটাৰ খন উলিয়াই মজিয়াতে বহি গান এটা গুণগুণাবলৈ ধৰিলেক্লাৰাই বাকচ এটাৰ ওপৰতে হাতেৰে বজাই আৰু অনুপমাই হাত চাপৰি বজাই কেভিনৰ সহযোগ কৰিলে। এঞ্জেলা ডাইনিং টেবুলত খোৱা বস্তু সজোৱাৰ কামত ধৰিলেগৈ। খোৱা বস্তু বাহিৰৰ পৰা অৰ্ডাৰ কৰা হৈছিল। আইতাকৰ কাৰণে চুপ আৰু সিজোৱা তৰকাৰী এঞ্জেলাই নিজে তৈয়াৰ কৰিছিল।

সকলোৰে খোৱা বোৱা হোৱাৰ পিছত কেভিন, অনুপমা আৰু ক্লাৰা সমুখৰ বহা কোঠাত বহিল। এঞ্জেলাই আইতাকক দৰৱ খুৱাই শুৱাই দিয়াৰ যো জা কৰিলে।

আজি ৰাতি মই আইতাৰ ওচৰত থকা বিচনা খনত শুম”, অনুপমাই কেভিনলৈ চাই কলে।

কিন্তু অনুপমা, সেইখনত এঞ্জেলা শোৱে। তুমি আৰু ক্লাৰা গেষ্ট ৰূমত শোৱা, মই ইয়াত চোফাত শুম”, কেভিনে কলে।

কেভিন, আজি ৰাতিটোৰ কাৰণে এঞ্জেলাক ছুটি দিয়া। আমিটো আছোঁৱেই

কিন্তু অনুপমা, এঞ্জেলাক তাইৰ কামৰ কাৰণে যথেষ্ট পইচা দিয়া হয়। তাইৰ লগত থকা কণ্ট্ৰেক্ট মতে তাই এতিয়া কোনো ছুটী নাপায়” - কেভিনে গহীন ভাৱত কলে।

এঞ্জেলাৰ ঘৰলৈ যোৱাটো খুব প্ৰয়োজন। তাইক এৰাতিৰ বাবে যাবলৈ দিয়া কেভিন। আমিটো আছোঁৱেই। আমি সকলোৱে মিলি চম্ভালিব পাৰিম

কিন্তু তাই কণ্ট্ৰেক্ট মতে তাই …”

কণ্ট্ৰেক্টৰ কথা আজিৰ কাৰণে পাহৰি যোৱা কেভিন। মানৱীয়তাৰ খাতিৰত তাইক এবাৰ যাবলৈ দিয়া। তাইৰ ভায়েকৰ খুব অসুখ। মোৰ তোমালৈ এয়া এটা অনুৰোধ

কেভিন মান্তি হল। সি ভাবিলে, মানৱীয়তাৰ মুল্য বুজা মানুহ এতিয়াও পৃথিৱীত আছে।

ৰাতিপুৱা সোনকালে অহাৰ প্ৰতিশ্ৰুতি দি সকলোকে শুভৰাত্ৰি জনাই এঞ্জেলা গলগৈ। তাই অনুপমাক ধন্যবাদ দিলে। যোৱাৰ আগতে তাই আলহী থকা কোঠাটোত ক্লাৰাৰ বিচনা আৰু বহা কোঠাত কেভিনৰ বিচনা ঠিক কৰি থৈ গল। আইতাকৰ লব লগা যতন আৰু খোৱা দৰৱ বোৰৰ বিষয়ে অনুপমাই এঞ্জেলাৰ পৰা জানি ললে। ৰাতি দৰকাৰ হব পৰা বস্তুবোৰ বিচনাৰ ওচৰতে সাজু কৰি থলে। এঞ্জেলা যোৱাৰ আগতে আইতাকত বিছনাত শুৱাই দিলে।

কেভিন আৰু ক্লাৰা বিচনালৈ যোৱাৰ পিছত অনুপমাই আইতাকৰ বিছনাৰ ওচৰত বহি তেওঁৰ মূৰত হাত ফুৰাবলৈ ধৰিলে। আইতাক টোপনি যোৱা নাছিল। কিন্তু কিবা এক তৃপ্তিৰ আৱেশত তেওঁৰ যেন চকু দুটা জাপ খাই আহিছিল।

আইতা, আপোনাৰ অসমত থকা দিন বোৰৰ বিষয়ে মোক কবনে”? অনুপমাই কলে।

আইতাকে চকু দুটা মেলি তাইৰ পিনে চালে। তাইৰ হাত এখনত ধৰি তেওঁ কলে, “আজি ইমান দিনৰ মুৰত তোমাক লগ পাই মোৰ নিজৰ মানুহক লগ পোৱা যেন লাগিছে। মোৰ বুকুৰ মাজত এতিয়াও অসম খন লৈ ফুৰিছোঁ। আজি মই তোমাক সকলো কম। মোৰ বিচনাখনৰ গাৰুৰ ফালটো অলপ ওখ কৰি দিব পাৰিবানে? মোৰ কথা কবলৈ সুবিধা হ

অনুপমাৰ মনটো উত্কণ্ঠাৰে ভৰি পৰিল। তাই যেন সময় বিমানত বহি ছিট বেল্ট বান্ধি ওভতনি যাত্ৰাৰ বাবে সাজু হৈছে। অচিৰেই তাই উৰি ফুৰিব কেইবাটাও দশক আগৰ অসমৰ ওপৰেৰে, ডিব্ৰুগড়ৰ ওপৰেৰে, তাইৰ মৰমৰ চহৰ ডিগবৈৰ ওপৰেৰে।


আইতাকৰ লগত অনুপমাৰ প্ৰৱেশ ঘটিল এখন চিনাকী দেশত।

ব্ৰহ্মপুত্ৰ নদীৰ সমীপত, চাহ বাগিচাৰ মাজত তেতিয়া এখন চহৰ বহিবলৈ আৰম্ভ হৈছে। ৰাস্তা ঘাট নিৰ্মান হৈছে, চৰকাৰী আদালত, ঘৰ-দুৱাৰ নিৰ্মান হৈছে।

কয়লা, চাহপাত, খনিজ তেলেৰে ভৰা এই অঞ্চলটোলৈ সোঁত ববলৈ লৈছে বৃটিছ চৰকাৰৰ ইংৰাজ বিষয়া কৰ্মচাৰী, ভাৰতীয় আমোলা-মহৰী, বনুৱা-মজদুৰৰ।

এইখন চহৰতে গঢ়ি উঠিছে এখন মেডিকেল স্কুল।

বেৰি হোৱাইট মেডিকেল স্কুল!!!

বেৰি হোৱাইট চাহাবৰ সপোনৰ চিকিত্সা বিদ্যালয়। এই বিদ্যালয়ৰ পৰাই ওলাই আহিব লাগিব চিকিত্সক, চিকিত্সা কৰ্মী। প্ৰায়েই বৰষুণ হৈ থকা এই সেমেকা অঞ্চলত মেলেৰীয়া, কলেৰা, হাইজা আদি কিমান যে ৰোগ। চিকিত্সাৰ অভাৱত ৰোগে সোনকালেই মহামাৰীৰ ৰূপ লয়। গতিকে চিকিত্সকৰ খুবেই প্ৰয়োজন।

১৯১০ চনৰ জুলাই মাহৰ ২০ তাৰিখ। ডিব্ৰুগড় চহৰ

সেইদিনা বেৰি হোৱাইট মেডিকেল বিদ্যালয় গৃহৰ ওচৰতে থকা ডাক্তৰ ৱিলিয়াম বাৰ্ডৰ কোৱাৰ্টাৰত তেওঁৰ পত্নী কেথেৰিণ প্ৰসৱ যন্ত্ৰণাত ছটফটাই আছিল। এগৰাকী নাৰ্চ আৰু এজন কনিষ্ঠ চিকিত্সকে তেওঁক চোৱাচিতা কৰি আছিল

তুমি আজিও ওলাই যোৱানে? মোৰ এই অৱস্থাত তুমি ঘৰত থাকিব নোৱাৰানে ৱিলি”? কেথেৰিনে যন্ত্ৰণাত সেহাই সেহাই উইলিয়ামক কলে।

মই যাবই লাগিব কেথি। এক্স-ৰে মেছিন কেইটা আজি টেষ্ট কৰা হব। মই থাকিবই লাগিব। তুমি চিন্তা নকৰিবা। ৰিচাৰ্ড আৰু নিকি ইয়াত আছেই। ইমাৰজেন্সী হলে মোক মাতি দিবইৱিলিয়ামৰ কাৰণে তেওঁৰ কামৰ গুৰুত্ব আটাইতকৈ বেছি। ৰিচাৰ্ড আৰু নিকিয়ে সহায়ক হিচাপে তেওঁৰ লগত কাম কৰিছে। তেওঁলোকে চম্ভালি ল'ব পাৰিব।

ৱিলিয়ামে ভাবিলে, এই দিনটো তেওঁৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। এফালে তেওঁ প্ৰথম সন্তানৰ বাবে অপেক্ষা কৰিছে, আনহাতে বেৰি হোৱইট মেডিকেল স্কুলে অপেক্ষা কৰিছে প্ৰথম এক্স-ৰে মেছিনৰ। এক্স-ৰে মেছিন দুটা ইংলেণ্ডৰ পৰা আহিছে।

উইলিয়ামে গৌৰৱ অনুভৱ কৰিলে যে সমগ্ৰ ভাৰততে এনে অত্যাধুনিক এক্স-ৰে মেছিন কতো নাই। এই মেচিন দুটা কাৰ্য্যক্ষম হলে বেৰি হোৱাইট মেডিকেল স্কুল সমগ্ৰ ভাৰততে জিলিকি উঠিব। এই মেছিন দুটাৰ সহায়ত বেৰী হোৱাইট মেডিকেল স্কুলত এটা ৰেডিঅলজী বিভাগ আৰম্ভ হব। এই ৰেডিঅলজী বিভাগটোৱেই ভাৰতৰ কোনো চিকিত্সা বিদ্যালয়ত স্থাপন কৰা প্ৰথম এনে বিভাগ হব।

মেছিন দুটা কাৰ্য্যক্ষম কৰি দেশৰ প্ৰথমটো ৰেডিঅলজী বিভাগআৰম্ভ কৰিবলৈ এটা চিকিত্সকৰ দলে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰি আছে। ডাক্তৰ ৱিলিয়াম বাৰ্ড হল এই দলটোৰ এজন সদস্য। তেওঁৰ কাৰণে সোনকালে মেছিন দুটা কাৰ্যক্ষম কৰি তোলাটো এক সপোন।

সেইদিনাই আবেলি সময়ত ৰিচাৰ্ড আৰু নিকিৰ সহায়ত কেথেৰিণে সুকলমে এজনী ধুনীয়া কন্যা সন্তান প্ৰসৱ কৰিলে। জন্মৰ পিছত লব লগীয়া যতন খিনি লোৱাৰ পিছত কেঁচুৱাটো নিকিয়ে মাকৰ ওচৰলৈ লৈ আহিল।

ৰিচাৰ্ডে নিকিক কেথেৰিনৰ লগত থাকিবলৈ কৈ ৱিলিক খবৰ দিলেগৈ। ‘ৱিলিৰ মনত বৰ ৰং লাগিল। কিন্তু কাম এৰি থৈ তেওঁ যাব নোৱাৰে। কাম শেষ হোৱাৰ পিছত তেওঁ গৈ যেতিয়া কেথেৰিণৰ ওচৰ পালে, ছোৱালী জনী মাকৰ ওচৰত শুই আছিল।

তুমি শেষত সময় পালা তাইক চাবলৈ আহিবলৈ - কেথেৰিনে অভিমান কৰি কলে।

ৱিলিয়ে হাঁহি হাঁহি ছোৱালীজনী কোলাত লৈ কলে, “এই দেখিবলৈ একেবাৰে মোৰ আইতা নেন্সিৰ দৰে ধুনীয়া হৈছে। এইক আমিও নেন্সি বুলিয়েই মাতিম

মৰম লগা নেন্সি একলা দুকলাকৈ ডাঙৰ হবলৈ ধৰিলে।

নেন্সিৰ জন্মৰ দুবছৰ পিছত ডিব্ৰুগড়তে ভনীয়েক মাৰ্গাৰেটৰ জন্ম হয়। মাৰ্গাৰেটৰ জন্মৰ দিনা নেন্সিয়ে কণমানি পুতলা যেন ভনীয়েকক চুমাৰে উপচাই দিলে

ব্ৰহ্মপুত্ৰ নৈৰ সমীপত, সেউজীয়া চাহ বাগিচা বোৰৰ মাজত উমলি জামলি দুই ভনী ডাঙৰ হৈ আহিল। বৰষুণত তিতি, আকাশৰ ৰামধেনু চাই, ৰাতি জোনাকী পৰুৱাৰ পিচ লৈ দুই ভনীয়ে খুব ভাল পাইছিল।

সাধাৰণ স্থানীয় মানুহে নেন্সিৰ দেউতাকৰ ৱিলিয়াম নামটো লেমবুলি উচ্চাৰণ কৰিছিল। সেয়ে তেওঁ লেম চাহাববুলি খ্যাত হৈ পৰিছিল।

লেম চাহাবে ৰোগী চাবলৈ চাবুৱা, মাকুম, ডুমডুমা, ডিগবৈ, মাৰ্ঘেৰিটা আদি বিস্তৃত অঞ্চলত ঘূৰি ফুৰিছিল। তেওঁৰ মুল কাম আছিল ব্ৰিটিছ বিষয়া সকলৰ চিকিত্সক হিচাপে কাম কৰা। কেতিয়াবা তেল কোম্পানীত আৰু চাহ বাগিচাত কাম কৰা বনুৱা সকলকো চাব লাগিছিল। তেওঁৰ ওচৰলৈ অহা কোনো মানুহকে তেওঁ নিৰাশ নকৰিছিল।

চাবুৱা-পানীতোলা আদি চাহ বাগিচালৈ গলে কেতিয়াবা ইমানেই বেছি মানুহ তেওঁৰ ওচৰলৈ আহিছিল যে তেওঁ বাগিচাতে ৰাতি থাকি দিব লগীয়া হৈছিল। ৰাতি বাগিচাত তেওঁৰ আপ্যায়নত উত্সৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল। মাজে সময়ে তেওঁ পৰিয়ালটোকো লগতে লৈ গৈছিল চাহ বাগিচাৰ পৰিৱেশত সময় কটাবলৈ।

কিছুমান বৃটিছ বিষয়াই ৱিলীয়ে এনেদৰে চাহ বাগিচাত কাম কৰা কুলীবিলাকৰ মাজত নিশা কটোৱা কামটো ভাল পোৱা নাছিল। ৱিলীয়ে তেওঁৰ উপৰৱালাৰ পৰা কথা শুনিব লগীয়াও হৈছিল।

ডিব্ৰুগড় সেই সময়ত এখন সৰু চহৰ আছিল। ষ্টিমাৰ ঘাট আছিল জাহাজৰ জৰিয়তে অহা যোৱা কৰা আৰু বস্তু সৰবৰাহ কৰা কেন্দ্ৰ। এই ষ্টিমাৰ ঘাটৰ জৰিয়তেই তেল খনন, শোধন, কয়লা খনন, চাহ বাগিচা বোৰত ব্যৱহাৰ হোৱা সা সঁজুলি বোৰ আহিছিল। সেয়েহে ডিব্ৰুগড় হৈ পৰিছিল উজনি অসমৰ যোগাযোগৰ প্ৰধান কেন্দ্ৰ।

শিক্ষা দীক্ষাৰ পিনৰ পৰা ডিব্ৰুগড় অসমৰ আন অঞ্চলতকৈ আগবঢ়া আছিল। স্ত্ৰী শিক্ষাৰ কাৰণে ১৮৮৫ চনতে ৰাধানাথ চাংকাকতি আৰু দ্বাৰকানাথ সেনে ডিব্ৰুগড়ত অসমৰ প্ৰথম ছোৱালী বিদ্যালয় স্থাপন কৰিছিল১৯০৯ চনৰ পৰা এই বিদ্যালয় খন মধ্য ইংৰাজী বিদ্যালয় হয়গৈ

নেন্সি আৰু মাৰ্গাৰেট ডাঙৰ হৈ অহাৰ লগে লগে দুয়োজনীৰ শিক্ষা দীক্ষাক লৈ কেথেৰিনৰ চিন্তা হল। প্ৰায় সকলো সময়তে ৰোগী আৰু চিকিত্সাৰ কামত ব্যস্ত ৱিলিৰ এইবোৰ কথাত মন-কাণ নাছিলসেই সময়ত বৃটিছ বিষয়া সকলে নিজৰ সন্তানক সাধাৰণ মানুহে পঢ়োৱা ভাৰতীয় বিদ্যালয়লৈ নপঠিয়াই ব্যক্তিগতভাৱে স্থাপন কৰা মিছনেৰি পদ্ধতিৰ বিদ্যালয়লৈ পঠিয়াইছিল। সেই সময়ত ছোৱালীৰ শিক্ষাৰ কাৰণে মিছনেৰি সকলৰ উদ্যোগত ঘৰে ঘৰে গৈ ইউৰোপিয়ান সকলৰ ছোৱালীহঁতক শিক্ষা দিয়াৰো এক ব্যৱস্থা গঢ়ি উঠিছিল। এনেকৈ ঘৰে ঘৰে শিক্ষা দিয়া কামত মিছেছ হেলেন নামৰ এগৰাকী শিক্ষয়ত্ৰী অতি জনপ্ৰিয় আছিল।

এদিন ৱিলি কামৰ পৰা আহি পোৱাৰ পিছত কেথেৰিনে কলে -মই মিছেছ হেলেনক মাতি পঠিয়াইছোঁ। নেন্সি সাত বছৰীয়া হল। ইহঁত দুয়োজনীকে পঢ়া শুনা নকৰোৱাকৈ ৰাখিব বিচাৰিছা নেকি”?

ৱিলিয়ে কলে -মই ভাবিছোঁ, ইহঁতক ওচৰৰ প্ৰাথমিক বিদ্যালয় খনতে নাম লগাই দিওঁ। স্থানীয় মানুহৰ লৰা ছোৱালীৰ লগত পঢ়া শুনা কৰিলে ইহঁতে মিছেছ হেলেনে পঢ়োৱাতকৈ জীৱনৰ কথা বেছি ভালকৈ শিকিব পাৰিব

কেথেৰিনে চিঞৰি উঠিল -নাই কেতিয়াও নহব। সেই লেতেৰা ভাৰতীয় লৰা ছোৱালীৰ লগত পঢ়া শুনা কৰিবলৈ মোৰ ছোৱালীক কেতিয়াও নপঠিয়াওঁ

ৱিলিয়ে কলে -তেনেকুৱা ভাব ইহঁতৰ মনৰ পৰা নাইকিয়া কৰিবলৈহে মই ইহঁতক সাধাৰণ মানুহৰ লৰা ছোৱালীৰ লগ হোৱাটো বিচাৰিছোঁ। আমি এই ঠাই খনতে ইমান বছৰ আছোঁ যেতিয়া এই ঠাইখনৰ স্থানীয় মানুহ বোৰ আমাৰ পৰ হব কেনেকৈস্থানীয় লৰা-ছোৱালী বোৰ পঢ়া বিদ্যালয়লৈ গলে ইহঁতে স্থানীয় ভাষা, সংস্কৃতি, পৰিৱেশ আদিৰ বিষয়েও জানিব পাৰিব

কিন্তু ইহঁতক তো আমি আমাৰ ভাষা, সংস্কৃতিৰ কথা হে শিকাব লাগিব

আমাৰ ভাষা, সংস্কৃতিতো ইহঁতে এনেয়ো শিকিব। ইহঁতে এতিয়া ভাৰতৰ কথাহে শিকা উচিত

ৱিলিৰ যুক্তিৰ আগত কেথেৰিনে হাৰ মানিলেদুয়োজনী ছোৱালীক এটা শ্ৰেণী অগা পিছাকৈ অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় এখনত ভৰ্তি কৰি দিলে।

কম সময়ৰ ভিতৰতে নেন্সি আৰু মাৰ্গাৰেট অসমীয়া ছোৱালীবোৰৰ লগত মিলি পৰিছিল। দুয়ো অসমীয়া আখৰ পঢ়িবলৈ, অসমীয়া কবলৈ শিকিছিল।

নেন্সিৰ আটাইতকৈ প্ৰিয় সহপাঠী আছিল অনুৰাধা। অনুৰাধা আছিল ডিব্ৰুগড়ৰ ওচৰৰে মধুপুৰচাহ বাগিচাৰ বৰবাবু জীৱন গোহাঁইৰ ছোৱালী। তাই সেই বয়সতে খুব ধুনীয়া বিহু নাচিছিল। বিদ্যালয়তে তাই মাজে মাজে বিহুনাচি দেখুৱাইছিল।

নেন্সিৰো খুব ভাল লাগিছিল বিহুনাচ। তাই অনুৰাধাক সুধিছিল, “তোমাক কোনে শিকাইছে বিহুনাচ”?

মোৰ মায়ে শিকাইছে

মোকো শিকাবনে”?

শিকাব, তুমি আমাৰ ঘৰলৈ আহিবা

নেন্সিয়ে দেউতাকক কুটুৰিছিল অনুৰাধা হঁতৰ ঘৰলৈ লৈ যোৱাৰ বাবে। দেউতাকে তাইৰ কথা পেলাব নোৱাৰি অনুৰাধাৰ দেউতাক জীৱন গোহাঁইৰ লগত চিনাকী হৈছিল। এদিন নেন্সি দেউতাকৰ লগত অনুৰাধাৰ ঘৰলৈ আহিল।

অনুৰাধাৰ মাকে নেন্সিক এজোৰ ঘৰত বোৱা সৰু ছোৱালীৰ জোখৰ কপাহী মেখেলা চাদৰ উপহাৰ দিলে। সেইজোৰ পিন্ধাই বিহু গাই গাই তাইক নাচৰ ভাঁজ দিবলৈ শিকালে। অলপ শিকি লৈয়েই নেন্সিয়ে অনুৰাধাৰ লগত ঘুৰি ঘুৰি বিহু নাচিলে

দুয়োৰে নাচ চাই জীৱন গোহাঁয়ে নেন্সিৰ দেউতাকক কলে, “মাজে সময়ে ছোৱালী জনীক লৈ আহিব। সোনকালেই তাই ভালদৰে বিহু নাচিব পৰা হ

নেন্সিয়ে অনুৰাধাৰ ঘৰখনত যেন আনন্দৰ সঁফুৰা বিচাৰি পাইছিল  এক নিৰ্দিষ্ট জীৱন শৈলীত মাকৰ কঢ়া শাসনৰ মাজত ডাঙৰ দীঘল হোৱা নেন্সিয়ে বিচাৰি পাইছিল এজাক মুকলি বতাহ। তাই দেউতাকৰ লগত মাজে সময়ে অনুৰাধা হঁতৰ ঘৰলৈ আহিছিল। কব নোৱাৰাকৈয়ে অনুৰাধা হঁতৰ ঘৰখন নেন্সিৰ বাবে আপোন ঘৰৰ দৰেই হৈ পৰিছিলআত্মীয়তাৰ বান্ধোনেৰে বান্ধ খাই গৈছিল নেন্সি আৰু অনুৰাধা।

দুবছৰ বিদ্যালয়লৈ যোৱাৰ পিছত কেথেৰিনে অনুভৱ কৰিলে যে ছোৱালী দুজনীৰ শিক্ষা বিশেষ আগবাঢ়িব পৰা নাই। অসমীয়া আখৰ কেইটা আৰু সংখ্যা কেইটা চিনি পোৱাৰ বাহিৰে বিদ্যালয়ত একো নতুন কথা শিকা নাছিলনেন্সিয়ে জোঁটাই জোঁটাই অসমীয়া পঢ়িব পৰা হৈছিল। তেতিয়ালৈ ইংৰাজী বৰ্ণমালাৰ লগত ছোৱালী দুজনীৰ পৰিচয় হোৱা নাছিল। কথাটো তেওঁ ৱিলিয়ামৰ লগত আলোচনা কৰিলে।

এৰা ময়ো কথাটো নভবা নহয়। বিদ্যালয়লৈ অহা বেছিভাগ লৰা ছোৱালীৰে পঢ়া শুনাত বৰ বেছি মন নাই। সেয়ে স্কুলৰ পঢ়া শুনা আগুৱাব পৰা নাই। ইহঁতক এইখন স্কুলত আৰু পঢ়ুৱাই লাভ নহৱিলিয়ামে চিন্তাক্লিষ্ট ভাৱে কলে।
মই সেই কাৰণেই তোমাক কৈছিলোঁ এইবোৰ স্কুলত দি একো লাভ নাই। ইহঁতক স্থানীয় মানুহে পঢ়া স্কুলত দিয়া কাৰণে আমাক সকলোৱে বেয়া পাইছে। মিছেচ হেলেনেও। তেওঁ হেনো ইহঁতক কেতিয়াও নপঢ়ায় বুলি কৈ ফুৰিছেএতিয়া আমি কি কৰিম কোৱাচোন

ৱিলিয়ামে মুখেৰে একো নামাতিলে। তেওঁ কিছু সময় চিন্তা কৰি কলে, “এতিয়া মই এটাই উপায় দেখিছোঁ। ছোৱালী দুজনীক লৈ তুমি কলিকতালৈ যোৱা। কলিকতাত ভাল কনভেণ্ট স্কুল আছে। ইয়াত মিছেচ হেলেনৰ ওচৰত পঢ়াতকৈ কনভেণ্ট স্কুলত পঢ়িব ইহঁত

কেথেৰিনৰ মনটো ফৰকাল হল। কিবা এটা চিন্তা কৰি তেওঁ কলে, “মই অকলে কিয় কলিকতাত থাকিম। তুমি অকলে ইয়াত কি কৰিবা। বলা আমি সকলোৱে কলিকতাত থাকিম

মই যাব নোৱাৰিম কেথি। ইমান বোৰ মানুহে বেমাৰ আজাৰ হলে মোকে ভৰসা কৰি আহিছে। মানুহে মোক ইয়াত ঈশ্বৰ জ্ঞান কৰে। মই গুচি গলে তেওঁলোকৰ কোনে চিকিত্সা কৰিব”?

কেথেৰিন অকলেই ছোৱালী দুজনীৰ লগত কলিকতাত থকাটো ঠিক হল। কলিকতাত কেথেৰিনৰ সম্বন্ধীয় ভাতৃ জৰ্জ আছে। গতিকে কেথেৰিন ছোৱালী দুজনীৰ লগত জৰ্জৰ ঘৰতে থাকিব পাৰিব।

ডিব্ৰুগড়ৰ ষ্টিমাৰ ঘাটৰ পৰা জাহাজত উঠি পৰিয়ালটো এদিন কলিকতালৈ ৰাওনা হল।