জৰ্জৰ সহায়ত কলিকতাত ছেইণ্ট জন
ডায়োছেছান কনভেণ্ট স্কুলত সহজেই দুয়োজনী ছোৱালীৰ এডমিছন হৈ গ’ল। নেন্সি আৰু মাৰ্গাৰেট দুয়োৰে স্কুলত প্ৰৱেশ কৰাৰ বয়স পাৰ হৈছিল। সেয়ে দুয়ো
একেটা শ্ৰেণীতে নামভৰ্তি কৰিলে। ছোৱালী দুজনীয়ে স্কুললৈ যোৱা আৰম্ভ কৰাৰ পিছত
ডাক্তৰ বাৰ্ড নিজৰ কৰ্মভূমিলৈ উভতি আহিল।
কলিকতালৈ আহি নেন্সিৰ আকৌ বন্ধ
সঁজাত সোমাই পৰা যেন লাগিল। ইমান হুলস্থুল, গাড়ী-মটৰ, কোলাহল ভৰা চহৰ তাইৰ ভাল নালাগে। ঘড়ীৰ কাঁটাৰ
লগত ছন্দ মিলাই চলা যান্ত্ৰিক জীৱন তাইৰ পছণ্ড নহয়। পঢ়া শুনাতো তাইৰ মন নাই। কিতাপৰ
মাজত মূৰ গুঁজি থকাতকৈ তাই আকাশত শাৰী পাতি উৰি যোৱা চৰাই বোৰ, ফুলনিত ফুলি থকা নানা
বৰণীয়া ফুলবোৰ, পোহনীয়া কুকুৰ
আৰু মেকুৰীবোৰৰ লগত উমলি ভাল পায়। আজৰি সময়ত তাই তুলিকা আৰু ৰং হাতত লৈ আঁকে
সেউজীয়া পথাৰ, নীলা আকাশ আৰু
আকাশত উৰি ফুৰা চৰাইবোৰ। মাৰ্গাৰেট এনে নহয়। তাই পঢ়াত ভাল। পঢ়া শুনাত লাগি থাকিব
পাৰে। কোনোবা এটা শ্ৰেণীত মাৰ্গাৰেটে নেন্সিক অতিক্ৰম কৰি আগুৱাই গ’ল।
পৰীক্ষাৰ ফলাফলক লৈ নেন্সি মুঠেও
উদ্বিগ্ন নহয়। সৰু ভনীয়েক মাৰ্গাৰেট ওপৰ শ্ৰেণীত পঢ়িলেও পঢ়ক, সেইটো কাৰণত তাই
অসন্তুষ্ট নহয়। কিন্তু তাই অসন্তুষ্ট হয় কেৱল টকা-পইচা, বস্তুৰ পিছত দৌৰি ফুৰা মানুহৰ জীৱনশৈলী দেখি।
অকল ধন, সম্পত্তিয়েই
জানো মানুহক সুখ শান্তি দিব পাৰে?
তাইৰ মনে বিচাৰি ফুৰে প্ৰকৃতিৰ
কোলাত কটোৱা নিৰিবিলি জীৱন। তাইৰ খুব মনত পৰে ডিব্ৰুগড়লৈ, অনুৰাধালৈ, অনুৰাধাহঁত থকা চাহ বাগিচা খনলৈ। ডিব্ৰুগড়লৈ
উভতি যাবলৈ তাইৰ মন উচপিচ কৰি থাকে। দীঘলীয়া বন্ধ পালেই তাই মাক বা ভনীয়েকৰ লগত
গুচি গৈছিল দেউতাকৰ ওচৰলৈ, লৱৰি গৈছিল অনুৰাধাৰ ওচৰলৈ।
প্ৰৱেশিকা পৰীক্ষা দি উঠিয়েই
নেন্সিয়ে দেউতাকলৈ চিঠি লিখিলে’, “দেউতা, মইতো প্ৰৱেশিকা
পৰীক্ষা দিলোঁৱেই। আগলৈ আৰু পঢ়া শুনা কৰি থকাৰ একেবাৰে মন নাই। মাৰ্গাৰেট পঢ়া
শুনাত ভাল। তাই পঢ়ক। মই তোমাৰ লগত থাকিব বিচাৰোঁ, ডিব্ৰুগড়ত”।
ডাক্তৰ ৱিলিয়ামৰ বয়স হৈ আহিছিল।
নেন্সি লগত থাকিলে তেওঁৰো সুবিধা হয়। তদুপৰি নেন্সিক তেওঁ ৰোগী চোৱাত তেওঁৰ সহায়ক
হিচাপে কামত লগাব পাৰিব। এইটো কাম কৰিলে নেন্সিৰো লাভ হ’ব। কামটোত যদি তাই আগ্ৰহ পায়, ভৱিষ্যতে তাই নাৰ্ছৰ
প্ৰশিক্ষণ ল’ব পাৰিব।
প্ৰৱেশিকা পৰীক্ষাৰ ফলাফল ওলোৱাৰ
দুদিন পিছতে নেন্সি ডিব্ৰুগড়ত দেউতাকৰ ওচৰলৈ উভতি আহিল । মাৰ্গাৰেট আৰু মাক কলিকতাতে থাকি গ’ল, মাৰ্গাৰেটৰ পঢ়া-শুনাৰ
বাবে।
নেন্সি ডিব্ৰুগড়লৈ উভতি অহাৰ কেই
বছৰমান পিছতে সমগ্ৰ ভাৰততে মহাত্মা গান্ধীৰ নেতৃত্বত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে
অসহযোগ আৰু আইন অমান্য আন্দোলন আৰম্ভ হৈছিল। ডিব্ৰুগড়তো সেই আন্দোলনৰ প্ৰভাৱ
পৰিছিল।
আন্দোলনটো আৰম্ভ হোৱাৰ পিছতে
নেন্সিৰ দেউতাকক তেওঁৰ ওপৰৱালাই সকীয়নি দিছিল যাতে তেওঁ সাধাৰণ মানুহৰ লগত মিলা-মিছা
নকৰে। তেওঁক অকল ইউৰোপিয়ান আৰু বৃটিছ চৰকাৰৰ অনুগত ভাৰতীয় সকলৰ চিকিত্সা কৰিবলৈ
চোকা নিৰ্দেশ দিয়া হ’ল।
ডাক্তৰ ৱিলিয়াম বাৰ্ড এই কথাটোত
ব্যথিত হ’ল। সাধাৰণ
মানুহ খিনিৰ বাবেই তেওঁ কলিকতালৈ নগৈ ডিব্ৰুগড়তে থাকি গ’ল, অথচ সেই মানুহ খিনিৰ লগত মিলা-মিছা কৰাতেই বাধা আহি পৰিল। তেওঁ ওপৰৱালাৰ
নিৰ্দেশ মতে বঙলাৰ চৌহদৰ গেটত দাৰোৱান ৰাখিবলৈ বাধ্য হ’ল। বিনা অনুমতিত তেওঁৰ বঙলালৈ সাধাৰণ মানুহৰ
প্ৰৱেশ কৰা বন্ধ কৰা হ’ল।
লেম চাহাবৰ ওচৰলৈ চিকিত্সাৰ বাবে
অহা মানুহক পদুলিৰ পৰাই দাৰোৱানে বিদায় দিবলৈ ল’লে। মানুহবোৰ লাহে লাহে লেম চাহাবৰ ওপৰত
বিতুষ্ট হ’ল। আন্দোলনকাৰী কিছুমানেও আহি তেওঁৰ বঙলাৰ সন্মুখলৈ আহি ধৰ্ণা দিলে। তেওঁক ভাবুকি
দিলে যে সাধাৰণ মানুহৰ চিকিত্সা নকৰিলে তেওঁ ডিব্ৰুগড় এৰি যাব লাগিব।
আন্দোলনটো জোৰদাৰ হৈ পৰাত ডাক্তৰ
বাৰ্ডৰ পাট গাভৰু নেন্সিক অকলে ঘৰত ৰাখিবলৈ শংকা হ’ল। তেওঁ ঘৰৰ বাহিৰত থকা সময়খিনিত নেন্সিক আহি
কোনোবাই অপকাৰ কৰিব পাৰে বুলি তেওঁৰ ভয় হ’ল। সেই সময়তে এটা জৰুৰী কামত তেওঁ কিছুদিনৰ
কাৰণে ডিগবৈলৈ যাব লগীয়া হ’ল। সেইটো সময়ত নেন্সিক লগত লৈ যোৱাটোও সম্পূৰ্ন নিৰাপদ নাছিল।
সেয়ে তেওঁ এদিন নেন্সিক কিছুদিনৰ
কাৰণে থাকিবলৈ তাইৰ বান্ধৱী অনুৰাধাৰ ঘৰত থৈ অহাৰ কথা ভাবিলে। চাহ বাগিচাৰ মাজত
আন্দোলনটোৰ বিশেষ প্ৰভাৱ পৰা নাই। তেওঁ অনুৰাধাৰ দেউতাক গোঁহাইক মতাই পঠিয়ালে।
“আপুনি একো চিন্তা নকৰিব। আপোনাৰ ছোৱালীজনী মোৰ নিজৰ ছোৱালীৰ দৰেই। তাই আমাৰ
ঘৰত থাকিলে কোনেও তাইৰ একো অপকাৰ কৰিব নোৱাৰে”। - জীৱন গোহাঁয়ে অভয় দিলে।
এদিন ৰাতিপুৱাই দেউতাকে গাড়ীৰে
নেন্সিক অনুৰাধা হঁতৰ ঘৰত নমাই থৈ আহিল। নেন্সিক পাই অনুৰাধা আনন্দতে জঁপিয়াই
উঠিল। নেন্সিয়ে যেন হাততে সৰগ ঢুকি পালে। এই কেইটা দিন তাই সেউজীয়া চাহ বাগিচা খনৰ
মাজত নিজৰ ইচ্ছা মতে প্ৰকৃতিৰ বুকুত উমলি জামলি কটাব পাৰিব।
মধুপুৰ চাহ বাগিচা। সেউজীয়া পাতেৰে
আৱৰি থকা এখন নিৰিবিলি চাহ বাগিচা।
অনুৰাধাই নেন্সিৰ লগত বাগিচা খন
এফালৰ পৰা চাবলৈ ওলাই গ’ল, এপদ এপদকৈ, তন্ন তন্নকৈ। নেন্সিয়ে
অনুৰাধাৰ দৰে তাইৰ মেখেলা চাদৰ এজোৰ পিন্ধি ল’লে।
বাগিচা খনৰ এটা চুকত আছে বাগানত
কাম কৰা শ্ৰমিকৰ বস্তি। শাৰী শাৰী সৰু সৰু ঘৰবোৰৰ পৰা মতা, তিৰোতা সকলোৱে ৰাতিপুৱা পিঠিত টুকুৰি লৈ পাত
তুলিবলৈ ওলাই আহে। দিনটো পাত তোলাৰ পিচত টুকৰিৰ পাত বোৰ এঠাইত জমা কৰে। তাত পাত বোৰৰ ওজন কৰা হয়। ওজন মতে সিহঁতক দৈনিক মজুৰি দিয়া হয়। পাতবোৰ ওজন কৰি
সেইমতে পইচা দিয়া এই দৈনিক প্ৰক্ৰিয়াটো তদাৰক কৰাৰ দায়িত্ব অনুৰাধাৰ দেউতাকৰ।
তেওঁক সহায় কৰে বাদল নামৰ এজন পাহুৱাল ডেকাই। ভালকৈ চকু নিদিলে পাত বোৰ ওজন কৰাত
গন্দগোল হয়; পাতৰ লগত ইটাৰ
টুকুৰা, শিলগুটিৰো ওজন
হয়।
অনুৰাধা হতঁৰ ঘৰটো বস্তিৰ পৰা কিছু
নিলগত। কিন্তু সন্ধিয়া হোৱাৰ লগে লগে বস্তিৰ পৰা হাই-উৰুমি, হাঁহি খিকিন্দালিৰ
শব্দবোৰ ভাহি আহে। সেইটো সময়ত মানুহবোৰে হাৰিয়া খাই ফূৰ্তি কৰে। ভাল বতৰত মুকলি
ঠাই এডোখৰত আটাইবোৰ মানুহ গোট খাই নাচ-গান কৰে। মাদলৰ শব্দ বাগিচাৰ চুকে-কোণে
বিয়পি পৰে। কিবা উত্সৱ থাকিলে তেওঁলোকে বাগানৰ মেনেজাৰ, মহৰী সকলোকে নিমন্ত্ৰণ কৰে। এনে উত্সৱত
তেওঁলোকে মেন্থল লাইট জ্বলাই ৰাতি বহু পৰলৈ ঝুমুৰ নাচে। অভ্যাগত সকলেও এনে নাচত
যোগ দিয়ে।
দুদিনমানৰ ভিতৰতে নেন্সি সকলোৰে
মাজত ‘গোড়ী মেম’ নামেৰে পৰিচিত হৈ
পৰিল। মেখেলা-চাদৰ পিন্ধি অনুৰাধাৰ লগত ঘূৰি ফুৰা চাহাবৰ ছোৱালী জনীক সকলোৱে চিনি
পোৱা হ’ল।
নেন্সিয়ে সেই কেইদিনত যেন এখন
বেলেগ পৃথিৱীৰ সোৱাদ পালে। অনুৰাধা হঁতৰ লগত তাই মজদুৰ সকলৰ উত্সৱত ভাগ লবলৈ যায়।
ইমান মুকলিমুৰীয়াকৈ মনৰ আনন্দত নাচি, গাই, ফূৰ্তি কৰি তাই
কেতিয়াও পোৱা নাছিল। মাক দেউতাকৰ কঠোৰ বান্ধোনৰ মাজত, ইউৰোপিয়ান সমাজ খনৰ অলিখিত কিছুমান নিয়ম-নীতিৰ
মাজত ডাঙৰ হোৱা ছোৱালী তাই। মুকলি আকাশৰ তলত সাধাৰণ মানুহৰ লগত দোভাগ ৰাতিলৈ
এনেদৰে নাচি-বাগি থকাটো তাইৰ সমাজ খনৰ কাৰণে ভাবিব নোৱাৰা কথা।
এদিন অনুৰাধাই নেন্সিক ক’লে, “পৱিত্ৰ কোৱাইদেৱে (ককাইদেৱে) তোমাৰ লগত
চিনাকী হ’বলৈ বিচাৰিছে”।
“কোন পৱিত্ৰ কোৱাইদেউ”?
“পৱিত্ৰ কোৱাইদেউ ওচৰৰ ৰঙাজান গাৱঁত থাকে। কোৱাইদেৱে বহুত কিতাপ পঢ়ে। বহুত কথা
জানে। তুমি লগ পাই ভাল পাবা”।
“তেওঁ কি কৰে, কিয় চিনাকী হ’ব বিচাৰিছে”? - নেন্সি অলপ
শংকিত হ’ল।
“তেওঁ খেতিয়েই কৰে। আজৰি সময়ত তেওঁ ৰঙাজান গাৱঁত নিজাববীয়াকৈ সৰু ল’ৰা-ছোৱালীবোৰক ইংৰাজী শিকায়। আমাৰ
বস্তিৰ ল’ৰা ছোৱালীও যায়
তালৈ পঢ়িবলৈ। হয়তো সেই বিষয়েই তোমাৰ লগত কথা পাতিব খুজিছে”।
অনুৰাধাহঁতৰ ঘৰৰ পিৰালিত পৱিত্ৰ
নামৰ ডেকা জনে অনুৰাধাৰ দেউতাকৰ লগত কথা পাতি আছিল। অনুৰাধাই নেন্সিক লগত লৈ
বাহিৰলৈ আহিল। পৱিত্ৰই নেন্সিক দেখি নমস্কাৰ কৰিলে।
“মোৰ নাম পৱিত্ৰ। আপোনাক লগ পাবলৈ আহিলোঁ। আমাৰ গাৱঁলৈ অপোনাক এপাক নিমন্ত্ৰণ
কৰিবলৈ আহিছোঁ”।
অনুৰাধাই খিল খিলাই হাঁহি দিলে।
তাই ক’লে, “কি আপুনি আপুনি কৰি
আছে পৱিত্ৰ কোৱাইদেউ। নেন্সি মোৰ লগৰে। তাইক ডাঙৰ মানুহৰ দৰে নমস্কাৰ কৰি আপুনি, আপুনি কোৱাৰ কোনো
দৰকাৰ নাই”। নেন্সিয়েও হাঁহিলে।
“ঠিক আছে। তুমিয়েই ক’ম। নেন্সি, আমাৰ গাৱঁলৈ
আহিবা। মই সৰু ল’ৰা ছোৱালীবোৰক যিখিনি পাৰোঁ ইংৰাজী শিকাওঁ। কিন্তু সিহঁতক ইংৰাজী কবিতা, ৰাইম এইবোৰো শিকাব খোজোঁ।
এইবোৰ তুমি ভালদৰে জানিবা। তুমি সৰু ল’ৰা ছোৱালীবোৰক এইবোৰকে অলপ শিকাই দি আহিবা”। পৱিত্ৰই নম্ৰভাৱে কোৱা কথাখিনি নেন্সিৰ ভাল
লাগিল। এখন অসমীয়া গাওঁ চাবলৈ যোৱাৰ হেপাহ তাইৰ আছিলেই। এতিয়া তাই এটা সুযোগ পালে।
পিচদিনাই পৱিত্ৰই অনুৰাধা আৰু
নেন্সিক ৰঙাজান গাৱঁলৈ লৈ গ’ল। দুয়ো বান্ধৱীয়ে সেউজীয়া কপাহী মেখেলা-চাদৰ পিন্ধি সাজি-কাচি ওলাই গ’ল।
সৰু ল’ৰা-ছোৱালীবোৰক ইংৰাজী শিকোৱা কামটো নেন্সিয়ে
ভালেই পালে। তাই অনুৰাধাক লগত লৈ পৱিত্ৰৰ ঘৰৰ চোতালত তাইৰ ভঙা ভঙা অসমীয়া ব্যৱহাৰ
কৰি গাৱঁৰ ল’ৰা-ছোৱালীবোৰক
ইংৰাজী বৰ্ণমালা শিকাবলৈ ল’লে। শিকোৱাৰ মাজে মাজে সৰু সৰু ৰাইম আৰু কবিতা কিছুমান গাই তাই সোনকালেই ল’ৰা-ছোৱালীবোৰৰ অতি আপোন হৈ পৰিল।
গাৱঁৰ মানুহ বোৰেও চাহাবৰ ছোৱালীয়ে ল’ৰা-ছোৱালী পঢ়ুওৱা চাই বৰ ৰং পালে।
প্ৰথম দিনাই নেন্সিয়ে পৱিত্ৰক ক’লে, “পৱিত্ৰ কোৱাইদেউ, ইহঁতক শিকাবলৈ মই সদায় আহিম। এদিনত ইহঁতৰ একো
মনত নাথাকে”।
“মইতো সেই কথাটোকে কওঁ কওঁকৈ আছিলোঁ। মই তোমাক আমাৰ গাওঁখন ভালদৰে দেখুৱাম।
ভৱিষ্যতে কেতিয়াবা এই গাওঁ খনৰ কথা মনত পৰিবনে?” - পৱিত্ৰই ক’লে।
পৱিত্ৰ্ৰ আৰু অনুৰাধাৰ লগত গাৱঁৰ
ঘৰ, ভৰাল, পুখুৰী, খেতি পথাৰ চাবলৈ পাই নেন্সিয়ে
বৰ ৰং পালে। গাৱঁত ইফালে-সিফালে যাওঁতে পৱিত্ৰ তাইৰ গাইডৰ দৰে হ’ল। পথাৰত ৰোৱনিয়ে ধান ৰোৱা দেখি
তাই ফূৰ্তি পালে। এডোখৰ মাটিত গৰু এহালেৰে মাটি চহোৱা কামটো তাই মনোযোগেৰে চালে।
পুখুৰীত বৰশী বাই মাছ ধৰা, নৈত জাল পতা, তামোল গছত উঠি তামোল পৰা আদি তাই চাই তাই খুব ভাল পালে। গাৱঁৰ মানুহেও চাহাবৰ বগী ছোৱালীজনীয়ে পিত পিতাই সকলো পিনে চাই ফুৰা দেখি তাইক
ৰৈ ৰৈ চালে। এনেদৰে কিবা নেদেখা বস্তু চোৱাৰ দৰে সকলোৱে তাইৰ পিনে চোৱা কাৰণে মাজে
মাজে তাইৰ লাজ লাগি গ’ল।
পৱিত্ৰই দুয়োকে এদিন লুইতৰ পাৰলৈ
লৈ গ’ল। বাৰিষাৰ ভৰা
ব্ৰহ্মপুত্ৰই এক অনন্য ৰূপ লয়। সৰু ডাঙৰ অনেক
ঢৌৱে পাৰত কোবাই যায়।
পৱিত্ৰই নৈৰ বুকুলৈ আঙুলিয়াই
দেখুৱালে, “সৌৱা চোৱা, শিহু”।
“ক’ত ক’ত। কি শিহু”? নেন্সিয়ে আগতে কেতিয়াও
শিহুৰ নাম শুনা নাই।
“নদীৰ বুকুলৈ চাই থাকিবা। মাজে মাজে দেখিবা এটা জন্তুৱে উঠি আহি আকৌ পানীত বুৰ
মাৰিছে। সেইটোৱেই শিহু”, অনুৰাধাই বুজালে।
নৈৰ বুকুলৈ চাই থাকি সঁচাকৈয়ে
নেন্সিয়ে দেখিলে ক’লা, ধোঁৱাবৰণীয়া
প্ৰাণী কিছুমান ভুটুংকৈ ওলাই আকৌ পানীত বুৰ মাৰিছে। তাই কিৰিলি পাৰি চিঞৰি উঠিল, “দেখিছোঁ, দেখিছোঁ। ময়ো দেখিছোঁ”।
“এইবোৰ নদীত থকা ডলফিন। সকলো ঠাইতে পোৱা নাযায়। ব্ৰহ্মপুত্ৰত পিছে বহুত আছে” - পৱিত্ৰই ক’লে।
“মই এদিন মা দেউতা আৰু মাৰ্গাৰেটক নদীৰ ডলফিন দেখুৱাবলৈ লৈ আহিম”, -তাই হাত চাপৰি বজাই
বজাই ক’লে।
অনুৰাধা আৰু নেন্সিক নৈৰ পাৰত এৰি
পৱিত্ৰই গছ এজোপাৰ ফেৰেঙনিত বহি লৈ বৰ ধুনীয়াকৈ বাঁহী বজালে। বাঁহীও কোনোবাই ইমান
ধুনীয়াকৈ বজাব পাৰেনে? ইমান মিঠা নে বাঁহীৰ সুৰ? নেন্সিৰ কাণত সেই সুৰটো বহু সময়লৈ বাজি থাকিল।
নৈৰ পাৰত বহি বৈ থকা পানীবোৰ চাই
নেন্সি যেন ভাবুক হৈ পৰিল। তাই ভাবিলে, “কিমান যে বিশাল এই ব্ৰহ্মপুত্ৰ নদী। এই বিশাল নৈ খনে কঢ়িয়াই অনা পানীবোৰ গৈ
কোনোবা সাগৰত পৰিব। সেই সাগৰৰ পানীতেতো মিহলি হয় সুদুৰ ইংলেণ্ডৰ নদীৰ পানী। সাগৰৰ
পানীত থাকে জানো দেশ-বিদেশৰ চিন”।
পৱিত্ৰই নেন্সিৰ কথা মাকক কৈছিল ।
“মা, চাহাবৰ ছোৱালী
হৈয়ো তাইৰ অকণো ভেম নাই। মই এবাৰ অনুৰোধ কৰোঁতেই তাই গাৱঁৰ ল’ৰা ছোৱালী বোৰক পঢ়ুৱাবলৈ বিনা
বাক্যব্যয়ে মান্তি হৈ গ’ল”। মাকে কেতিয়াও আগতে তাৰ মুখত কোনো ছোৱালীৰ এনে প্ৰশংসা শুনা নাই।
“ছোৱালীজনীক এবাৰ আমাৰ ঘৰলৈ লৈ আহিবিচোন। মোৰো তাইক এবাৰ ভালদৰে লগ পাবৰ মন
গৈছে”। ভাত ৰান্ধি থকা চৌকাটোত দুডাল খৰি সুমুৱাই দি মাকে ক’লে।
“হ’ব দে মা। মই ক’লে তাই নিশ্চয় আহিব”।
পৱিত্ৰৰ কাৰণে মাকৰ চিন্তা হয়।
দেশৰ কাৰণে, মানুহৰ কাৰণে, দুখীয়াৰ কাৰণে চিন্তা
কৰোঁতে কৰোঁতে সি নিজৰ কাৰণে চিন্তা কৰিবলৈ সময়েই নাপায়। পৱিত্ৰৰ একেজনী ভনীয়েক
পুতলী। তাইয়ো ডাঙৰ হৈ আহিছে। চকু মুদাৰ আগতে দুয়োৰে ঘৰ দুখন পাতি দিয়াটো তেওঁৰ
কৰ্তব্য। দেউতাক থকা হ’লে তেওঁ হয়তো ইমান কথা চিন্তা কৰিব নালাগিল হেঁতেন।
পৱিত্ৰই এদিন দুপৰীয়া অনুৰাধা আৰু
নেন্সিক ঘৰলৈ লৈ আহিল।
মাকে দুয়োজনী ছোৱালীকে আদৰ সাদৰ
কৰি চুমা খালে। অনুৰাধাক তেওঁ আগতে পাইছে, কিন্তু নেন্সিক প্ৰথম লগ পালে। তেওঁ নেন্সিলৈ
একেথৰে চাই থকিল, একেবাৰে গাখীৰত সেন্দুৰ মিহলোৱা যেন গাৰ ৰং ছোৱালীজনীৰ। চকু-মুখবোৰ যেন কুণ্ডত কটা। একেবাৰে গোঁসানী যেন। এনে এজনী ছোৱালী তেওঁলোকৰ পঁজাত
পদাৰ্পন কৰাটোৱে যেন ভাগ্যৰ কথা। তেওঁ ওপৰৰজনলৈ মনে মনে সেৱা জনাই ক’লে ‘তুমিহে জানা প্ৰভু’।
পৱিত্ৰৰ মাকে কোমল চাউল, দৈ আৰু গুৰ মিঠৈৰে
জলপান খুৱালে। ইমান সোৱাদ জলপান নেন্সিয়ে আগতে কেতিয়াও খোৱা নছিল। খোৱৰ পিছতো সেই
সুস্বাদু জলপানৰ সোৱাদ নেন্সিৰ জিভাত যেন লাগি থাকিল।
পৱিত্ৰৰ মাকে আটাইৰে বাবে দুপৰীয়াৰ
খোৱাৰ আয়োজন কৰিছিল। জালুকীয়াকৈ ৰন্ধা পাৰৰ মাংসৰে ভাত খাওঁতে নেন্সিৰ জ্বলা পাই
চকুৱে নাকে পানী ওলাল। কিন্তু সোৱাদ টো তাই ভাল পালে।
আহিবৰ সময়ত পৱিত্ৰৰ মাকে নেন্সিক ক’লে, “আহি থাকিবা আই”। নেন্সিয়ে হাঁহিলে। অনুৰাধাই মাত লগালে, “এই কেইদিনমানৰ কাৰণেহে
আহিছে। তাইৰ উভতিবৰ হবই”।
দুয়োজনী ওলাই যাওঁতে পৱিত্ৰৰ মাকৰ
চকু দুটা সেমেকি উঠিল। তেওঁ ভাবিলে আৰু বা এই ছোৱালীজনীৰে দেখা হয় নে নহয়।
পৱিত্ৰই দুয়োকে ঘৰলৈকে আগবঢ়াই থৈ
যায়। গৈ থাকোঁতে ওলোটাপিনৰ পৰা চাইকেল মাৰি অহা
একোজনে এনেয়ে ৰিঙিয়াই থৈ যায়, “বোলো পৱিত্ৰ, ভাল নে”? খোজকাঢ়ি অহা
একোজনে আগবাঢ়ি কথা পাতে, নেন্সিৰ লগত চিনাকী হয়। মেখেলা চাদৰ পিন্ধা চাহাবৰ ছোৱালী আগতে কোনেও দেখা
নাই। সকলোৱে কোৱা-কুই কৰে - পৱিত্ৰই ভাল চাহাবৰ ছোৱালী এজনী মুহিলে।
কথাবোৰ কাণত পৰিলে পৱিত্ৰৰ কেনেবা
কেনেবা লাগে। মানুহবোৰে সকলো কথাতে ল’ৰা-ছোৱালীৰ মাজত কেৱল একেটা সম্পৰ্ক দেখে। সেইটো সম্পৰ্কৰ বাহিৰে আন সম্পৰ্ক
যেন একোৱেই নাই।
কিন্তু কি সম্পৰ্ক সেয়া। সেই কথা
সিও নাজানে।
এদিন খোজকাঢ়ি গৈ থাকোঁতে সি
নেন্সিক সুধিলে, “আমাৰ গাৱঁৰ কথা
তোমাৰ মনত থাকিবনে? পাছত কেতিয়াবা আকৌ ইয়ালৈ আহিবানে”?
প্ৰশ্নটো শুনি নেন্সিয়ে যেন থতমত
খালে। কি উত্তৰ দিব তাই যেন বিচাৰি নাপালে। তাই নিজকেই প্ৰশ্ন কৰিলে - সঁচাকৈয়ে তাই আৰু
কেতিয়াবা এইখন গাৱঁলৈ আহিব পাৰিবনে? এনেদৰে মুকলিমূৰীয়াকৈ খোজকাঢ়ি ঘুৰি ফুৰিব পাৰিবনে?
ৰাতি শুবৰ সময়ত অনুৰাধাই সুধিলে, “তুমি পৱিত্ৰ কোৱাইদেউৰ
প্ৰশ্নটোৰ কিয় উত্তৰ নিদিলা? আহিবা নে নাহা কিবা এটা ক’ব লাগিছিল”। নেন্সিয়ে হুমুনিয়াহ কাঢ়ি ক’লে, “মই সকলো কাম
নিজৰ মতে কৰিব নোৱাৰো অনুৰাধা। মই ইমান সৌভাগ্যৱতী নহয়। কেনেকৈ ক’ম মই আহিব পাৰিম নে নোৱাৰিম”।
দিনবোৰ কেনেকৈ পাৰ হ’ল নেন্সিয়ে গমেই নাপালে। তাই মনে-প্ৰাণে
বিচৰিছিল, দেউতাকৰ কাম
আৰু দীঘলীয়া হওক।
কিন্তু নহ’ল। সাত দিনৰ পিছতে নেন্সিৰ দেউতাকে তাইক নিবলৈ আহিল। এই কেইদিনতে তাই বস্তিৰ
মানুহৰ, সৰু ল’ৰা ছোৱালীবোৰৰ আৰু বিশেষকৈ
অনুৰাধাৰ ঘৰখনৰ আপোন মানুহৰ দৰে হৈ গৈছিল। তাই যাবলৈ ওলোৱাত সকলোৰে মন যেন দুখৰ
ডাৱৰে আৱৰি ধৰিলে। অনুৰাধাৰ চকু সেমেকি উঠিল।
খবৰ পাই পৱিত্ৰও আহিল তাইক মাত
লগাবলৈ। মাকে তাইৰ কাৰণে গামোচা এখনত জলপান বান্ধি দি পঠিয়াইছিল। তাকে সি কঁপা
কঁপা হাতেৰে নেন্সিৰ হাতত টোপোলাটো তুলি দিলে। টোপোলাটো হাতত লওঁতে তাই অনুভৱ
কৰিলে তাৰ দুচকুৱে যেন তাইক বহুত কথা কবলৈ বিচাৰিছিল।
“কেতিয়াবা আকৌ আহিবা”। তাৰ অনুভূতিৰে সিক্ত মাত নেন্সিৰ কাণত পৰিল। তাই তাৰ চকুলৈ চাই ৰ’ল। তাৰ চকুৰ ভাষা পঢ়ি যেন তাই থমকি ৰ’ল। কিবা কিবি ক’ব খুজিও তাই একো ক’ব নোৱাৰিলে। তাইৰ বুকুখন কিবা এক অবুজ বেদনাত যেন মোচৰ খাই গ’ল।
“সেইদিনা মই অনুভৱ কৰিছিলোঁ মুখেৰে একো নোকোৱাকৈ চকুৱে চকুৱেও মানুহে বহুতো কথা
ক’ব পাৰে”।
আইতাকৰ কথাত অনুপমাই ভাবিলে, হৃদয়ৰ কথা কবৰ কাৰণে
সদায় শব্দৰ প্ৰয়োজন নহয়।
অনৰ্গল কথা কৈ কৈ এসময়ত আইতাক
ভাগৰি পৰিল। অনুপমাই হাত ঘড়ীটোলৈ চালে। ৰাতি দুটা বাজিছে। ভাগৰত আইতাকৰ মাত সৰু হৈ আহিছে। অনুপমাৰ আগলৈ কি হ’ল জানিবৰ বৰ মন গ’ল যদিও তাই অনুভৱ কৰিলে আইতাকৰ এতিয়া জিৰণিৰ
প্ৰয়োজন।
আইতাকৰ কথাবোৰত তাই যেন গুচি গৈছিল
এক ৰোমাঞ্চকৰ অতীতলৈ। তাই যেন শুনা পাইছিল সেই চাহ বাগিচাৰ বস্তিৰ মাদলৰ শব্দ, ঝুমুৰৰ গুঞ্জন, নৈৰ পাৰৰ সেই প্ৰাণ
উতলোৱা বাঁহীৰ সুৰ।
অনুপমাৰ গায়ে মূৰে হাত ফুৰাই
আইতাকে ক’লে, “তোমাক মই ভাষাৰে বুজাব
নোৱাৰিম অনুপমা, মোৰ কিমান ভাল
লাগিছে। আজি ইমান দিনৰ মূৰত এইবোৰ কথা পাতি আকৌ মোৰ ল’ৰালি কাললৈ উভতি যোৱা যেন লাগিছে”।
তাই আইতাকক লাহেকৈ ক’লে, “আপুনি এতিয়া অলপ শুই যাওক আইতা। ৰাতি বহুত হ’ল”।
আইতাকৰ চকু মুদ খাই আহিছিল। তেওঁ
লাহেকৈ ক’লে - “এতিয়া তুমিও শোৱাগৈ।
ৰাতি পুৱাবৰে হ’ল চাগে”।
আইতাকৰ গাৰ কাপোৰ ভালদৰে দি অনুপমা
তাইৰ বিচনালৈ আহিল।
পিছে চকু দুটা মুদাৰ লগে লগে তাইৰ
মনটো যেন উৰি গ’ল সেই বাইছ
বছৰীয়া নেন্সিৰ কাষলৈ, যি জনী নেন্সিয়ে অসমৰ চাহ বাগিচাৰ মাজত জীৱনৰ প্ৰথম সেউজীয়াখিনি অনুভৱ কৰিছিল, প্ৰথম বাৰৰ কাৰণে
পৱিত্ৰ নামৰ এজন অসমীয়া ডেকাৰ মাজত হয়তো এজন মনৰ মানুহ বিচাৰি পাইছিল।
No comments:
Post a Comment