এদিন ৰাতিপুৱাই ক্লাৰা অনুপমাৰ হোষ্টেল ওলালহি। কোঠাত
সোমায়েই তাই হাতৰ বেগটো দলি মাৰি দি বেপৰোৱা ভাবত বিচনাখনত বহি ক’বলৈ
ধৰিলে - “এই কেভিনটো বলিয়া হ’ল। মই
আৰু তাৰ লগত নোৱাৰিছোঁ”।
অনুপমাই তাইক আগতে এনে অবিন্যস্ত অৱস্থাত দেখা নাছিল। তাইৰ পিন্ধনত
এটা বগা ছাৰ্ট, তাৰ ওপৰত এটা পাতল চুৱেটাৰ আৰু চুটি হাফ
পেণ্ট। অনুপমাই তাইৰ কান্ধত হাত দি সুধিলে - “কি হ’ল
ক্লাৰা”?
তাই বেগৰ পৰা কাগজ এসোপা উলিয়াই বিচনা খনত সিঁচৰিত কৰি দি ক’লে -
“চোৱা, এইবোৰ চোৱা । এইবোৰত তোমালোকৰ অসমৰ অয়ল
এক্সপ্লোৰেচনৰ বুৰঞ্জী আছে। কেভিনে লাইব্ৰেৰী আৰু ইণ্টাৰনেটৰ পৰা বিচাৰি বিচাৰি
এইবোৰ উলিয়াইছে। সি মোক কৈছে ইণ্ডিয়ালৈ যোৱাৰ আগতে এইবোৰ পঢ়ি মই এখন ডকুমেণ্টৰীৰ
কাৰণে স্ক্ৰিপ্ট এখন লিখিব লাগে। তুমিয়ে কোৱাচোন মাত্ৰ দুমাহৰ ভিতৰত ইমানবোৰ পঢ়ি
এখন স্ক্ৰিপ্ট লিখা সম্ভৱ নেকি”?
অনুপমাই ক্লাৰাই সিঁচৰিত কৰি দিয়া কাগজ খিনি চিজিল কৰিবলৈ ল’লে।
ক্লাৰাই বলকি গ’ল -
“মই তাক ইমানকৈ ক’লো, এইবোৰ
কাগজত থকা কথাতকৈ অনুপমাই অসমৰ অয়ল এক্সপ্ল’ৰেশ্যনৰ কথা বেছি ভালকৈ জানিব। সি
নামানে। তাৰ মতে কাগজত লিখা কথাবোৰ বেছি শুদ্ধ”।
“পিছে তোমাৰ ইমান খং উঠিছে কিয়”?
- কাগজখিনি গোটাই টেবুলত থৈ অনুপমাই হাঁহি মাৰি সুধিলে।
“এই কেভিনটো এটা সম্পূৰ্ণ নিৰস
মানুহ। এই দুনীয়াত তাৰ নিজৰ কামৰ বাহিৰে সি একোকে চিনি নাপায়। তুমিয়েই কোৱাচোন, কেৱল
কাম কৰি থকাই মানুহৰ জীৱন হ’ব পাৰেনে? কামৰ
পিছত সময় পালে সি আইতাকৰ ওচৰত যায়। পিছে মোৰ কাৰণে তাৰ অকণো সময় নাই। কেতিয়াবা মোৰ
বিতৃষ্ণা লাগে জানা। এতিয়া আকৌ তাৰ ওস্তাদি, ইণ্ডিয়ালৈ
যোৱাৰ আগতে তাক হেনো স্ক্ৰিপ্ত খন ৰেডি লাগিবই”, মুখ
বিকটাই ক্লাৰাই ক’লে।
“এতিয়া মই তোমাক কি সহায় কৰিব পাৰোঁ”?
অনুপমাৰ কথাত ক্লাৰাই যেন সৰগ ঢুকি পালে। তাইৰ মুখলৈ হাঁহি ঘূৰি
আহিল।
তাই ক’লে - “তুমিতো
পঢ়া শুনা কৰি ভাল পোৱা ছোৱালী। তুমি এইবোৰ পঢ়ি মূল কাহিনীটো মোক থুলমুলকৈ কৈ দিলেই
হ’ল। তদুপৰি তুমি নিজেও চাগে বহুত কথা জানা। সেইখিনিও যোগ
দিবা। কাহিনীটো জানিব পাৰিলে মই এখন স্ক্ৰিপ্ত লিখি উলিয়াব পাৰিম”।
“হ’ব। মই
যি পাৰোঁ, কৰিম। তুমি কাগজবোৰ মোৰ ওচৰত থৈ যোৱা”।
অনুপমাৰ কথা শুনি ক্লাৰাই টপ টপকৈ তাইৰ দুগালে দুটা চুমা
খালে। বেগটোৰ অৱশিষ্ট কাগজখিনি অনুপমাৰ পঢ়া মেজত উবুৰিয়াই থৈ তাই ক’লে -
“ভালদৰে পঢ়িবা। কেভিন এইবোৰত সাংঘাটিক চিৰিয়াছ। মুল কাহিনীটো
ওলট পালট হ’লে সি মোক সুদাই নেৰিব”।
“তুমি বহা, মই কফি
কৰোঁ” - অনুপমাই ক’লে।
ক্লাৰাৰ মুৰৰ পৰা ডাঙৰ বোজা এটা পাতল হৈ মুকলিমূৰীয়া হোৱা
যেন লাগিল। আনন্দতে গুণগুণাই তাই অনুপমাৰ কোঠাটো পিতপিতাই চাবলৈ ধৰিলে। তাই আগতে
অনুপমাৰ কোঠালৈ অহা নাই।
আলমাৰিত আচাৰৰ বটলটো দেখি তাই ক’লে, “হেই, ইণ্ডিয়ান
আচাৰ। মই খুব ভাল পাওঁ। মোক এজন ইণ্ডিয়ান বন্ধুৱে এবাৰ খুৱাইছিল। ক’ত পালা
এইটো”?
“কেভিনে আনি দিছিল। মই আচাৰ ভাল
পাওঁ বুলি কোৱাত সি কোনোবা ইণ্ডিয়ান ষ্ট’ৰৰ পৰা অনাইছিল”, কফিৰ
পানী উতলাই থকা অনুপমাই ক’লে।
“চোৱাচোন, কেভিনটো
কিমান বদমাছ। সি মোক আজিলৈকে কথাটো কোৱাই নাই। ময়ো এবটল অনালোহেঁতেন”, ক্লাৰাৰ
কথাত অনুপমাই হাঁহিলে। তাই ক’লে - “মোৰ
বটলটোৰ পৰা তোমাক মই অলপ দি পঠিয়াম দিয়া”।
অলপ ৰৈ অনুপমাই সুধিলে - “কেভিনেও
আচাৰ ভাল পায় নেকি”?
ক্লাৰাই ক’লে, “মই কি
জানো। মোক সি এই বিষয়ে কেতিয়াও একো কোৱা নাই”। তাইৰ কথাত
অভিমানৰ সুৰ।
অনুপমাৰ কোঠাত সংলগ্ন এটা সৰু পাকঘৰ আছে। পাকঘৰটোত
বিজুলীত চলা ষ্টোভ, এটা অ’ভেন, এটা
সৰু ফ্ৰিজ আছে। লগতে আছে এটা বেছিন আৰু এটা আলমাৰি। হোষ্টেলৰ প্ৰতিটো কোঠাতে এই
সুবিধা আছে। সমুহীয়া
খোৱা বোৱাৰ ব্যৱস্থা নোহোৱা বাবে আবাসী সকলে নিজেই নিজৰ খাদ্য প্ৰস্তুত কৰে। তাই
সপ্তাহত এবাৰ শ্বপিং ছেন্টাৰলৈ গৈ প্ৰয়োজনীয় চাউল, পাচলি, মাংস, কণী, গাখীৰ
আনি থয়। ক্লাৰাই তাইৰ ফ্ৰিজটো খুলি কি আছে চালে।
“তুমি চকলেট, আইচক্ৰিম, চিজ
একো নোখোৱা নেকি? ৱাইন, বিয়েৰ, চেম্পেইন
নোখোৱা বুলি বাৰু মই জানো”, ক্লাৰাই আচৰিত হোৱাৰ দৰে সুধিলে।
“আমাৰ ভাৰতীয় খাদ্যত এইবোৰ নহ’লেও হয়”, অনুপমাই
ক’লে।
কিবা এটা মনত পৰাৰ দৰে ক্লাৰাই ক’লে, “হেই ৰ’বা, ৰ’বা।
কথা এটা কোৱাচোন। ইণ্ডিয়ালৈ গৈ মই খাম কি? মইতো
চাগে তোমালোকৰ খাদ্য খাব নোৱাৰিম। তাতে সকলোৱে কয় ইণ্ডিয়ান খানা খুব স্পাইছি”।
“তোমালোকক অসমীয়া খাদ্য খুৱাম। আমাৰ
অসমীয়া খাদ্য একদম স্পাইছি নহয়। তুমি নিশ্চয় ভাল পাবা”, দুটা
কফি মাগত কফি বাকি দি অনুপমাই ক’লে।
আলমাৰিটোৰ ওচৰলৈ গৈ ক্লাৰাই অনুপমালৈ চাই সুধিলে -
“খুলি চাব পাৰোঁনে”? অনুপমাই মূৰ দুপিয়াই তাইক বুজালে
যে তাইৰ কোনো আপত্তি নাই। প্ৰায় সম বয়সীয়া ছোৱালী এজনীৰ আগত লুকুৱাব লগীয়া একো
বস্তু তাইৰ নাই। আলমাৰিটো খুলি ক্লাৰাই তাইৰ কাপোৰ বোৰ লিৰিকি বিদাৰি চালে।
“তোমাৰ পোছাক বোৰ ধুনীয়া। ইণ্ডিয়াত
তোমালোকে সদায় এনে হাত-ভৰি ঢাকি থোৱা পোছাক পিন্ধা নেকি? এনে পোছাক
পিন্ধিবলৈ আৰামদায়ক নে”? নিজৰ পোছাকটো দেখুৱাই তাই ক’লে, “মই
এইবোৰ পোছাক ইণ্ডিয়াত পিন্ধিব পাৰিম নে”?
“ইণ্ডিয়াত তোমাক মই ইণ্ডিয়ান পোছাক
পিন্ধাম। ছেলোৱাৰ কুৰ্তা পিন্ধি তুমি বেচ আৰামেই পাবা। তোমাৰ কাৰণে দুটামান কুৰ্তা
ইণ্ডিয়ান ষ্ট’ৰৰ পৰা অনাব লাগিব। আমি যেতিয়া যাম তেতিয়া ইণ্ডিয়াতো শীতকাল পৰিব।
তুমি এনেয়ো হাত ভৰি ঢকা পোছাক পিন্ধিব লাগিব। লং পেণ্ট হ’লে
চলিব”। অনুপমাই ক্লাৰালৈ এটা কফি মাগ আগবঢ়াই দিলে।
কফিৰ মাগটো হাতত লৈ ক্লাৰা ভৰি তুলি অনুপমাৰ বিছনাত বহিল।
কোঠাটোত এখন এজনীয়া ছোফা আছে যদিও সেইখনত কেইখনমান কিতাপ, বহী, ইস্ত্ৰি
কৰা কাপোৰ, টেনিছ ৰেকেট, ছাটি, ফণী, মুখত
ঘঁহা ক্ৰীমৰ টেমা আদিৰে ভৰ্তি হৈ থাকে। সাধাৰণতে তাইৰ কোঠালৈ কোনো নাহে কাৰণে সেই
বস্তুবোৰ ভালদৰে ক’ৰবাত চিজিল কৰি থোৱাৰ কথা অনুপমাই ভবাই নাই। কোঠাত কাপোৰ, কিতাপ
থ’বলৈ আলমাৰি এটা, মুখ চাবলৈ আইনা এখন আছে। সদায় লাগি
থকা বস্তুবোৰ তাই চোফা খনতে পেলাই থয়। তেনেকৈয়ে তাই বস্তুবোৰ থাউকতে বিচাৰি পায়।
অনুপমাই প্লেট এখনত দিয়া বিস্কুট চোবাই চোবাই ক্লাৰাই ক’লে -
“অনুপমা তুমি সঁচাকৈয়ে বৰ ছুইট। তোমাৰ দৰে শান্ত ছোৱালী মই দেখাই নাই। আইতা
নেন্সিয়ে চাগে সেই কাৰণেই তোমাক ইমান ভাল পায়”।
কফি অলপ গিলি তাই কৈ গ’ল -
“মোৰো মন আছিল তোমাৰ দৰে ছিম্পল ছোৱালী এজনী হ’বলৈ।
পিছে নোৱাৰিলোঁ জানা”।
ক্লাৰা অনুপমাৰ কাৰণে এক সাথঁৰ হৈয়ে আছিল। তাইক কেইবা
বাৰো লগ পাইছে যদিও তাইৰ ব্যক্তিগত জীৱনৰ কথা একো নাজানে। যিদৰে তাই কেভিনৰ
ব্যক্তিগত জীৱনৰ কথাও বিশেষ একো নাজানে। তাইৰ জানিবৰ মন যায়। পিছে এইখন দেশত
নিজে নোকোৱালৈকে লোকৰ ব্যক্তিগত জীৱনৰ বিষয়ে সোধা-পোছা কৰাটো শিষ্টাচাৰৰ পৰিপন্থী।
হঠাতে অনুপমাৰ বিচনাখনত দীঘল দি পৰি এক উদাসীন দৃষ্টিৰে
ওপৰলৈ চাই ক্লাৰাই ক’লে - “মই
বহুত কষ্ট কৰি আজিৰ অৱস্থা পাইছোঁহি জানা। তুমি হয়তো তেনে কষ্ট জীৱনত কেতিয়াও দেখা
নাই”।
“তোমাৰ কথা মই একোৱেই নাজানো
ক্লাৰা। তুমি যদি বেয়া নোপোৱা মোক ক’ব পাৰা” -
সুবিধা এটা পাই অনুপমাই লৰালৰিকৈ ক’লে। ক্লাৰাই কিছুপৰ
অনুভূতিহীন দৃষ্টিৰে অনুপমালৈ চাই ৰ'ল।
ক্লাৰাই সৰু মাতেৰে ক'বলৈ
আৰম্ভ কৰিলে - “মই বৰ দুৰ্ভগীয়া জানা। লণ্ডনৰ ওচৰৰ এখন সৰু
চহৰত মোৰ ঘৰ। মোৰ দেউতা এজন মদাহী আৰু নষ্ট চৰিত্ৰৰ লোক। দেউতাই কাৰখানা এটাত কাম
কৰিছিল, কিন্তু বেছিভাগ পইচা মদ খাই উৰুৱাই দিছিল। সৰুতে আমি
তিনিটা ল’ৰা-ছোৱালী প্ৰায়ে ভোকত থাকিছিলোঁ”। অতীতৰ কথা মনত
পৰি তাইৰ মাতটো যেন সেমেকি উঠিল।
অনুপমায়ো ভৰি তুলি বহিল। তাইৰ যেন বিশ্বাস কৰিবলৈ টান পালে
ইমান ৰঙিয়াল, কথাই কথাই হাঁহিত বাগৰি পৰিব খোজা
ছোৱালীজনীৰো ইমান দুখজনক এটা অতীত থাকিব পাৰে।
তাইৰ এনে লাগিল, সকলো মানুহে
বুকুৰ ভিতৰত একোখন লোকে নেদেখা জগত কঢ়িয়াই লৈ ফুৰে।
“ঘৰৰ খৰচ আৰু মোৰ পঢ়া খৰচ উলিয়াবলৈ
মোৰ মায়ে আজৰি সময়ত মদৰ বাৰত ৱেইট্ৰেছৰ কাম কৰিছিল। তুমি নুবুজিবা
কিমান যে ঘৃণনীয় আছিল সেই দিনবোৰ। মদ ছাৰ্ভ কৰাৰ উপৰিও গ্ৰাহকৰ ওচৰলৈ গৈ তেওঁ
তেওঁলোকৰ কোলাত বহি, তেওঁলোকৰ ডিঙিত সাৱটি, গাত গা
ঘঁহাই তেওঁলোকক আপ্যায়িত কৰিব লগীয়া হৈছিল কেৱল কেই পাউণ্ড মান টিপছ পোৱাৰ আশাত”। ক্লাৰাৰ চকু
চলচলীয়া হৈ গৈছিল। সেই চকুজুৰিলৈ চাই থাকিবলৈ অনুপমাৰ কষ্ট হ’ল।
“মায়ে প্ৰায়ে ৰাতি ৰাতি কান্দিছিল।
মই ঘৰৰ ডাঙৰ আছিলোঁ। মায়ে মোক সকলো খোলা-খুলিকৈ কৈছিল। মোক কৈছিল, মই যেন
পঢ়া শুনা কৰি জীৱনত কিবা এটা হওঁ। তেওঁ নিজৰ জীৱনটোক ঘিণ কৰিছিল। কিন্তু আমাৰ জীৱন
ভাল হোৱাটো বিচাৰিছিল”।
“তাৰ পাছত”?
“মই স্কুলীয়া শিক্ষা শেষ কৰি
লণ্ডনলৈ গুচি আহিছিলোঁ। এখন ডিপাৰ্টমেন্টেল ষ্ট’ৰত ছেলছ গাৰ্লৰ চাকৰি পালোঁ।
চাকৰিটো কৰি অতি কম ভাড়াৰ একোঠলীয়া ঘৰ এটা লৈ বস্তি এটাত থাকিবলৈ ল’লোঁ।
পইচা বেছি পোৱা নাছিলোঁ। সেই দিন কেইটাত বৰ কষ্ট হৈছিল। পোৱা পইচা কেইটাৰ পৰা নিজে
নাখায়ো ৰাহি কৰি মালৈ পইচা পঠিয়াইছিলোঁ তেওঁৰ কষ্ট লাঘৱ হওক বুলি”। ক্লাৰাৰ কথাৰ
পৰা অনুপমাই অনুমান কৰিব পাৰিলে তাইৰ জীৱনৰ কষ্টকৰ দিন বোৰৰ কথা।
“মায়ে সদায় পঢ়া শুনাৰ ওপৰত জোৰ
দিছিল কাৰণে পঢ়াৰ কথা সদায় মনত আছিল। পিছে পইচাৰ অভাৱত পঢ়িব পৰা নাছিলোঁ। অভাৱৰ মাজতো
পইচা সাঁচি গৈছিলোঁ ভৱিষ্যতে সুবিধা পালে পঢ়িম বুলি” - গাৰু
এটাৰ ওপৰত হাতেৰে ভেজা দি অনুপমাৰ পিনে চাই ক্লাৰাই ক’লে।
অনুপমাই ভাবিলে, সঁচাকৈয়ে
এগৰাকী মাতৃৰ ডাঙৰ ভূমিকা থাকে সন্তানৰ ভৱিষ্যত গঢ়াত। ক্লাৰাৰ মাকলৈ তাইৰ শ্ৰদ্ধা
উপজিল। তাইৰ নিজৰ মাকৰ কথা মনত পৰি গ'ল। অকালতে মাকক
হেৰুওৱাৰ দুখটো যেন তাই হঠাতে অনুভৱ কৰিব পাৰিলে।
“আৰু অলপ কফি খাবা নেকি”?
- তাই সুধিলে।
“নাই নাখাওঁ। বৰ্তমান পিছে মোৰ
ছিগাৰেট এটা খাবৰ মন গৈছে” - ক্লাৰাই ক’লে।
অনুপমাৰ কোঠাটোৰ সংলগ্ন সৰু বেলকনিটোলৈ দুয়ো ওলাই গ’ল।
বেলকনিটোত কেতিয়াবা অনুপমাই কাপোৰ ধুই মেলি দিয়ে। বেলকনিটোৰ পৰা এখন মুকলি পথাৰ
দেখা যায়। সেই পথাৰ খনত মাজে মাজে ল’ৰাবোৰে ফুটবল
খেলে। ছিগাৰেট এটা জ্বলাই মুখৰ পৰা এসোপা মান ধোৱাঁ উলিয়াই ক্লাৰাই ক’লে, “মই
কেতিয়াবা এনেদৰে ইউনিভাৰ্ছিটিত পঢ়িবলৈ পাম বুলি ভবাই নাছিলোঁ। এয়া মোৰ কাৰণে যেন
এক বিস্ময়, এটা মিৰাকল। এয়া সকলো সম্ভৱ হ’ল
কেভিনৰ কাৰনে”।
“কেভিনৰ কাৰনে”? অনুপমা
আচৰিত হ’ল।
“ডিপাৰ্টমেণ্টেল ষ্ট’ৰত চাকৰি কৰি
মই ব’ৰ হৈ গৈছিলোঁ। সেইটো কামত একো নতুনত্ব নাছিল।
ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ ওঁঠত লিপষ্টিক আৰু মুখত মিছা হাঁহি লৈ মানুহক আপ্যায়ন কৰি
কৰি মোৰ আমনি লাগি গৈছিল। মোৰ নতুন কিবা এটা, নিজৰ
ভাল লগা কাম কৰিবলৈ মন গৈছিল”।
অনুপমাই ভাবিলে, প্ৰতিকূল
পৰিস্থিতিত বিতত নহৈ নিজে কিবা এটা কৰিবলৈ মন কৰাটো ক্লাৰাৰ এটা ডাঙৰ গুণ।
ছিগাৰেটত আৰু এসোহা মাৰি ক্লাৰাই ক’লে, “এদিন
বাতৰি কাকতত এটা বিজ্ঞাপন দেখিলোঁ, অপেৰা কোম্পানী
এটাত অভিনেত্ৰী লাগে। মোৰ সৰুৰে পৰা অভিনয় কৰিবলৈ খুব মন আছিল। পিছে মোৰ অভিনয়ৰ
কোনো অভিজ্ঞতা নাছিল। তথাপি আবেদন কৰি দিলোঁ। নাজানো কেনেকৈ, মই
কামটো পাই গ’লোঁ। পিছে মোৰ অভিনয়ৰ অভিজ্ঞতা নোহোৱা বাবে
মোক অভিনয়ৰ ক’ৰ্ছ এটা কৰিবলৈ পঠিয়ালে। সেই ক’ৰ্ছতে মই কেভিনক লগ পালোঁ”।
“কেভিনেও অভিনয় শিকিছিল নেকি? এই কথা
মই নাজানিছিলোঁ”। অনুপমাৰ চকুত বিস্ময়।
“এৰা, সিও
অভিনয় শিকিছিল।
তাৰ মাষ্টাৰ্ছৰ ফাইনেল ছেমিষ্টাৰৰ পৰীক্ষা দিয়াৰ পিছত ছমাহ মান তাৰ কাম নাছিল।
সেই সময়ত সি অভিনয়ৰ ক’ৰ্ছটো কৰিছিল। তুমি নাজানা, সি খুব
ভাল অভিনয় কৰে”।
অনুপমাই কেভিনক দেখিয়েই ভাবিছিল, ওখ পাখ
দেখনিয়াৰ ল’ৰাজন আচলতে চিনেমাৰ নায়ক হ’ব
লাগিছিল।
“তাৰ পিছত”? - অনুপমাৰ
আগ্ৰহ বাঢ়ি গ’ল।
“কেভিনৰ লগত মোৰ বন্ধুত্ব হ’ল। ক’ৰ্ছটো
কৰাৰ পিছত মই কোম্পানীটোলৈ উভতি আহিলোঁ যদিও কামটো মই ভাল নাপালোঁ”।
“কিয় ভাল নাপালা”?
“তেওঁলোকে মোৰ হতুৱাই অপেৰাত নাটক
কৰোৱাৰ সলনি সস্তীয়া যৌনগন্ধী ছবিত অভিনয় কৰোৱাব বিচাৰিছিল। ব্লু ফিল্ম কৰাৰো
প্ৰস্তাৱ দিছিল। এনে বেইমানী কাম কৰিলে মোৰ ভীষণ খং উঠে। মোৰ মাৰ কথা
মনত পৰিছিল। তেওঁকো পাষণ্ড কিছুমানে ঠগি এনে ধৰণৰ নিজৰ কামত ব্যৱহাৰ কৰিছিল। মই তেওঁৰ কষ্ট
দেখিছিলোঁ”। তাই জোৰ জোৰকৈ ছিগাৰেটত কেইটামান শোহা মাৰিলে, খঙত
নাকৰ পাহি কেইটা ফুলি উঠিল।
“মালিকৰ লগত কাজিয়া কৰিলোঁ। তিনি
মাহৰ পাছত মোৰ চাকৰি গ’ল। কেভিনৰ নম্বৰটো আছিল। উপাই
নাপাই তাকে ফোন মাৰি সহায় বিচাৰিলোঁ। নাজানো কিয়, মোৰ
এনে লাগিছিল, মোৰ দুৰ্দশাৰ কথা জানিব পাৰিলে সি কিবা এটা
সহায় কৰিব। কেইদিনমানৰ চিনাকীতে তাৰ ইতিবাচক দৃষ্টিভংগীৰ প্ৰতি মই আকৰ্ষিত হৈছিলোঁ”।
অনুপমাই ভাবিলে, কিছুমান মানুহৰ
ব্যক্তিত্বত সঁচাকৈয়ে এক সন্মোহিনী শক্তি থাকে, যি
কাৰণে আন মানুহ তেওঁৰ প্ৰতি আকৰ্ষিত হয়।
ক্লাৰাই কৈ গ’ল, “কেভিনে
ক’লে যে অভিনয়ত সুযোগ নাপালোঁ নাই, জীৱনত
এখন দুৱাৰ বন্ধ হ’লে আন এখন দুৱাৰ খোল খাই যায়। সি
আইডিয়া দিলে যে যিহেতু মই অভিনয়, চিনেমা এইবোৰৰ প্ৰতি আগ্ৰহী, সেয়ে
মই চিনেমাটোগ্ৰাফি শিকিব লাগে। চিনেমাটোগ্ৰাফি শিকিলে মই নিজে চিনেমা বনাই লোকৰ
হতুৱাই অভিনয় কৰোৱাব পাৰিম। এই কথাটোৱে মোক ভীষণভাৱে আকৰ্ষিত কৰিলে। মায়ে সদায় পঢ়া
শুনাৰ কথা কৈ আছিল। আকৌ পঢ়া শুনা কৰাৰ কথা ভাবি মনটো পুলকিত হৈ উঠিল”। ক্লাৰাই
গাৰুটো পিঠিত লগাই আউজি বহি ল’লে।
“সেয়ে কেভিনৰ পৰামৰ্শ মতেই একো নভবা-নিচিন্তাকৈ
এই ছৰ্ট টাৰ্ম ক’ৰ্ছটোত নাম লগাই ল’লোঁ। ভাগ্য ভাল মোৰ
হাতত কিছু সাঁচতীয়া ধন আছিল। কিন্তু মই দেখিলোঁ খাই-বৈ, পঢ়াৰ
খৰচ উলিয়াই ঘৰ ভাৰা লৈ থাকিবলৈ মোৰ সাঁচতীয়া পইচা কেইটাৰে নোজোৰে”।
অনুপমাই তাইৰ পৰিস্থিতি অনুভৱ কৰিব পাৰিলে। এইখন চহৰত চলি
থাকিবলৈ হ’লে সকলো কথাতে পইচা-পাতিৰ অংক কৰিব লাগে।
“কেভিনক ক’লোঁ, মোৰ
দ্বাৰা ক’ৰ্ছ কৰা নহ’ব। হাতত ভাৰা ঘৰ ল’বলৈ
পইচা নাই। সি ক’লে ক’ৰ্ছ শেষ নোহোৱালৈকে তাৰ এপাৰ্টমেণ্টতে
থাকিব পাৰিম। এতিয়ালৈ সি দয়া কৰি মোক তাৰ লগত তাৰ এপাৰ্টমেণ্টত থাকিবলৈ দিছে।
বিনিময়ত মই তাৰ কাপোৰ-কানি ধুই দিওঁ, ঘৰ চফা কৰোঁ, খোৱা
তৈয়াৰ কৰোঁ”।
অনুপমা আচৰিত হ’ল। এয়া তাই
সপোনতো নভবা কিছুমান কথা। ক্লাৰাৰ কাৰণে তাইৰ বেয়া লাগিল।
“পিছে এই ক’ৰ্ছটো শেষ হ’লে মই
ক’লৈ যাম মই নিজেই নাজানো”, ক্লাৰাই
বিষন্ন ভাৱত হাঁহিলে।
“ক’ৰ্ছটো শেষ হ’লে মই
জানো তুমি ক’লৈ যাবা। তুমি মোৰ লগত ইণ্ডিয়ালৈ যাবা আৰু
এখন ডকুমেণ্টৰি তৈয়াৰ কৰিবা”, অনুপমাই পৰিৱেশটো পাতল কৰিবৰ কাৰণে
কথাখিনি কৈ হাঁহি দিলে। ক্লাৰায়ো হাঁহিলে।
“তোমাক দেখিলে মোৰ ভাৱ হয় তোমাৰ মনত
একো বেদনা নাই, তুমি সদায় সুখী”, ক্লাৰাই
অনুপমালৈ চাই ক’লে।
“মোৰ দুখ লাগিলেও নিজকে কওঁ, দুখ
কৰিবলৈ কিটো আছে। আজি দুখ, কাইলৈ আকৌ সুখ আহিব” -
এই বুলি অনুপমাই হাঁহি দিলে। হাঁহিটো ক্লাৰাৰ ওঁঠলৈকো বিয়পি গ’ল।
“তোমাৰ মা-দেউতাই তোমাক খুব ভালকৈ
ডাঙৰ কৰিছে অনুপমা। তুমি এই বয়সতে জীৱনৰ বিষয়ে বহুত কথা জানা”।
“মোৰ মা সৰুতে ঢুকাল ক্লাৰা। এতিয়া
মোৰ দেউতাহে আছে”।
“ও: মই নাজানিছিলোঁ”। ক্লাৰা দু:খিত
হ’ল।
“তোমাৰ দেউতাই আৰু বিয়া পতা নাই”?
“নাই। তেওঁ সেই কথা কেতিয়াও
নাভাবিলে। তেওঁ মোক লৈয়েই জীয়াই আছে” - অনুপমাৰ মাতটো
গদ গদ হৈ গ’ল।
“হেই অনুপমা, সঁচাকৈয়ে
কৈছোঁ তোমাৰ প্ৰতি মোৰ ঈৰ্ষা হয়। তোমাক সকলোৱে ইমান মৰম কৰে। কেতিয়াবা ভয় হয়
কেভিনে মোক এৰি তোমাৰ ওচৰলৈ গুচি আহিব নেকি”, ক্লাৰাই
হঠাতে খিলখিলাই হাঁহিবলৈ ধৰিলে।
অনুপমাৰ বুকুখনলৈ এজাক গৰম বতাহ সোমাই অহা যেন লাগিল।
“তুমি কেভিনক খুব ভাল পোৱা
নহয়নে"? - অনুপমাই ক্লাৰাৰ চকুলৈ চালে। ক্লাৰাৰ চকু
দুটা তিৰবিৰাই উঠিল।
"চিন্তা নকৰিবা
ক্লাৰা, কেভিন কেতিয়াও মোৰ ওচৰলৈ আহিব নোৱাৰে। মোৰ
জীৱন সংগী মোৰ দেউতাইহে নিৰ্বাচন কৰিব। তেওঁৰ ইচ্ছামতেহে মই বিয়াত বহিম”। তাই মিচিকিয়া
হাঁহিৰে ক’লে।
“এৰেঞ্জ মেৰেজ? তোমাৰ
সংগী তোমাৰ দেউতাই পছন্দ কৰিব? হে ভগৱান। আচৰিত”। ক্লাৰাৰ চকু
দুটা ডাঙৰ ডাঙৰ হৈ গ’ল।
তেনেতে অনুপমাৰ ফোনটো বাজিল। কেভিনৰ ফোন।
“অনুপমা, আজি
তোমাক লগ পাব পাৰোঁনে”?
“পাৰিবা। ক্লাৰা মোৰ লগতে হোষ্টেলত
আছে। তুমিও ইয়ালৈ আহি যোৱা”।
ফোনটো থোৱাৰ পিছত ক্লাৰাই ধেমালিৰ সুৰত ক’লে, “হেই
কেভিনে তোমাক ক’ৰবালৈ ফুৰাবলৈ নিব বিচাৰিছিল নেকি বাৰু”?
অনুপমাই হাঁহি হাঁহি ক’লে, “নাই, নাই।
তেনে কোনো কথা নাই। আজিৰ পৰা তোমাক নোকোৱাকৈ মই কেভিনৰ লগত ফুৰিবলৈ নাযাওঁ। হ’ব নে”?
ক্লাৰাই ক’লে, “ধেৎ, মই
এনেয়েহে কৈছোঁ। আচলতে কি জানা অনুপমা, সি আঁতৰি যাব
বুলি মোৰ খুব ভয় হয়। সি গুচি গ’লে মই আকৌ বৰ অকলশৰীয়া হৈ যাম”। তাইৰ এটা
হুমুনিয়াহ ওলাই আহিল। চকুযুৰি হঠাতে চলচলীয়া হৈ গ'ল।
অনুপমাই অনুভৱ কৰিলে কেভিনৰ ওপৰত ক্লাৰা কিমান নিৰ্ভৰশীল।
সি আঁতৰি গ’লে তাইৰ পৃথিৱীখন যেন উকা হৈ পৰিব।
অলপ সময় পিছতে কোঠাটোৰ বেল বাজিল। অনুপমাই দুৱাৰ খুলি দিলে। কেভিন সোমাই
আহিল।
“দুয়ো একেলগে আছা যেতিয়া ভালেই হ’ল। আমি
আজি কিছুমান কথা আলোচনা কৰিব লাগিব”। কেভিনে ক’লে।
ছোফাৰ বয় বস্তুবোৰ যিমান পাৰি আঁতৰাই অনুপমাই কেভিনৰ কাৰনে
বহা ঠাই উলিয়াই দিলে। ক্লাৰা আৰু তাই বিচনাতে বহিল।
“ইণ্ডিয়া টুৰটো আমি ভালদৰে প্লেন
কৰি ল’ব লাগিব। আমাৰ হাতত সময় বহুত কম থাকিব। মাত্ৰ
দুসপ্তাহ মান। সেইখিনি সময়ৰ ভিতৰতে মই মোৰ গৱেষণাৰ সমল গোটাব লাগিব। ক্লাৰাৰ
ডকুমেণ্টৰিখন হ’ব লাগিব”।
“তুমি মিছাতে ইমান টেনছন লৈ থাকা
কেভিন। এতিয়াও বহুত দিন আছে। সময়ত সকলো হৈ যাব” - ক্লাৰাই
ক’লে।
“কেভিনে ঠিকেই কৈছে ক্লাৰা, প্লেনটো
ভালদৰে কৰাটো দৰকাৰ। আমি আইতাকো কিছু সময় দিব লাগিব। তেওঁৰ অতীতৰ চিনাকী ঠাইবোৰ
তেওঁক দেখুৱাব লাগিব”, অনুপমাই ক’লে।
"ভাবিলে আচৰিত
লাগে নহয়নে, আইতায়ো এই বয়সত ইমান দিনৰ মূৰত তেওঁ অতীতত দেখা
ঠাইবোৰ চাবলৈ যাব", ক্লাৰাই ক'লে।
বহি লৈ কেভিনে ক’লে, “আমি
কেইবাটাও কাম হাতত লৈ যাম। সেই কাৰণে এই দিন কেইটা আমি অলপ ছিৰিয়াছ হৈ কথাবোৰ
জুকিয়াই ল’ব লাগিব। অলপ কষ্ট কৰি অসমৰ প্ৰথম তৈল
অন্বেষনৰ বুৰঞ্জী অধ্যয়ন কৰিব লাগিব। অনুপমাই এই বিষয়ে যিমানখিনি কথা জানা, তাকো
আমি লিখি ল’ব লাগিব। মই যিখিনি মেটেৰিয়েল লাইব্ৰেৰী আৰু
নেটৰ পৰা উলিয়াইছোঁ, সেইখিনি ক্লাৰাক পঢ়িবলৈ দিছোঁ”।
ক্লাৰাই লগে লগে কৈ উঠিল, “গোটেইখিনি
মেটেৰিয়েল ইয়াতে অনুপমাৰ ওচৰতে আছে। তাই আগতে পঢ়ি লওক। তৰ পাছত মই পঢ়িম”।
“ঠিক আছে। অনুপমাই পঢ়ি লোৱা। মই
ইতিমধ্যে পঢ়িছোঁ। আমি গোটেই কাহিনীটোৰ ওপৰত এখন ভাল ডকুমেণ্টৰি কৰিম। একেবাৰে
কেপ্তেইন উইলকক্সে দিহিং নদীৰে উজাই গৈ প্ৰথম সেউজীয়া পেট্ৰ’লিয়াম
প্ৰত্যক্ষ কৰাৰ পৰা একেবাৰে ডিগবৈত প্ৰথমটো কমাৰ্ছিয়েল ৱেল ড্ৰিলিং কৰালৈকে। প্ৰায়
আশী বছৰৰ কাহিনী। এয়া আমাৰ কাৰনে এটা ডাঙৰ চেলেঞ্জ”, কেভিনে
ক’লে।
“আশী বছৰৰ কাহিনী আশী মিনিটত
দেখুৱাব লাগিব। সহজ কাম নহয় দেই”, ক্লাৰাই ক’লে।
কাগজবোৰ গোটাই লৈ অনুপমাই ক’লে, “মোক
অলপ সময় দিয়া কেভিন। ভালদৰে পঢ়িবলৈ অলপ সময় লাগিব। এই কেইদিন মোৰ প্ৰজেক্টৰ কামৰো
হেঁচা বাঢ়িছে”।
“কোনো কথা নাই অনুপমা, মোৰ
বিশ্বাস সোনকালেই তোমাৰ পঢ়া শেষ হ’ব” - কেভিনে ক’লে।
অনুপমাই কেভিনৰ কাৰণে কফি তৈয়াৰ কৰিলে। কেভিনে অনুপমাৰ পঢ়া
কিতাপৰ এখন টান মাৰি আনি পঢ়িবলৈ ধৰিলে। লিও টলষ্টয়ৰ কিতাপ ‘ৱাৰ
এণ্ড পিছ’।
"এইখন মোৰ খুব
ভাল লগা কিতাপ। তুমি টলষ্টয়ৰ কিতাপ পঢ়ি ভাল পোৱা বুলি জানি ভাল লাগিছে"। কেভিনে
অনুপমালৈ চাই ক'লে।
ক্লাৰাই ক’লে, “এইজনক
চোৱা, কিতাপহে এখেতৰ একমাত্ৰ প্ৰিয়তমা। আমি দুজনীকৈ
ধুনীয়া ছোৱালী সন্মুখত আছোঁ, কিন্তু তেওঁৰ চকু পৰিছে কিতাপত”। এইবুলি তাই খিল
খিলাই হাঁহি দিলে।
অনুপমা আৰু কেভিনেও হাঁহিত যোগ দিলে।
কেভিন আৰু ক্লাৰা অলপ সময়ৰ পিছতে গ’ল।
অনুপমাই বেলকনিৰ পৰা দুয়ো হাতত ধৰা ধৰিকৈ ওলাই যোৱাটো চাই থাকিল। তাইৰ মনৰ পৰা
নিজে নিজে ওলাল, “তুমি সুখী হোৱা ক্লাৰা। কেভিনৰ লগত তুমি খুব
সুখী হোৱা"।
অজানিতে তাইৰ চকুযুৰি যেন সেমেকি গ'ল।
তাই কোঠাটো অলপ থানথিত কৰাত লাগিল। তাইৰ পঢ়িবলগীয়া, কৰিবলগীয়া
বহুত কাম আছিল। নতুন প্ৰফেছৰ এজন আহিছে, বৰ কাঢ়া। তেওঁ
তিনিদিনৰ ভিতৰত এখন কিতাপ পঢ়ি শেষ কৰিবলৈ দিছে। ইউৰোপৰ সমাজ গঠনৰ ইতিবৃত্ত বিষয়ৰ
কিতাপ।
কিন্তু তাইৰ সেই কিতাপখন পঢ়িবলৈ মন নগ'ল।
বৰং তাই কেভিনে দি যোৱা কাগজবোৰ মেলি ল’লে।
এইখিনি কামৰ কাৰণে কেভিন আৰু ক্লাৰা দুয়ো তাইৰ ওপৰতে ভাৰসা কৰিছে। কষ্ট কৰি হ'লেও
তাই দুয়োৰে আস্থা ৰাখিবই লাগিব।
কিছুমান কাম কৰিবলৈ মনে যেন কোনো শিকনি বুজনি নামানে।
কেভিনে দি যোৱা কাগজবোৰ থুপ খুৱাই লৈ তাই এফালৰ পৰা পঢ়ি
যাবলৈ ধৰিলে।
পঢ়ি যোৱাৰ লগে লগে এক অতীতৰ গৰ্ভত বিলীন হ’বলৈ
ধৰা ইতিহাসে যেন সাৰ পাই উঠিল।
সেয়া এক ৰোমাঞ্চকৰ ইতিহাস।
No comments:
Post a Comment