ৰাতিপুৱা অনুপমাই বহুত দেৰীকৈ সাৰ
পালে। পুৱতি নিশাহে তাই টোপনি গৈছিল। তাই উঠি দেখিলে কেভিন
আৰু ক্লাৰাই বাহিৰৰ ঘাঁহনিত ৰ’দ পুৱাইছে। আইতাকে হুইল ছেয়াৰত বহি বাৰাণ্ডাৰ পৰা চাই আছে। এঞ্জেলাই কিচ্চেনত
সোমাই ব্ৰেকফাষ্ট তৈয়াৰ কৰিছে। তাই মুখ ধুই বাহিৰলৈ অহাত আটাইকেইজনে তাইক ‘গুড মৰ্ণিং’ বুলি ক’লে।
“কালি ৰাতি তুমি আইতাৰ ওপৰত কি যাদু কৰিলা অনুপমা? আজি ৰাতিপুৱা আইতা একেবাৰে সতেজ হৈ পৰিছে”, কেভিনে ক’লে।
“নিশ্চয় কিবা ইণ্ডিয়ান মেজিক” - এই বুলি কৈ ক্লাৰাই খিলখিলকৈ হাঁহিলে। অনুপমাই একো নকৈ মিচিকিয়া হাঁহি মাৰি
আইতাকৰ ওচৰত বহিল।
“আচৰিত কথা কি জানা অনুপমা। আইতায়ো আমাৰ লগত ইণ্ডিয়ালৈ যাবলৈ বিচাৰিছে। এয়া সঁচাকৈয়ে আচৰিত কথা। কাৰণ যোৱা কেইবা বছৰ ধৰি আইতা লণ্ডনৰ বাহিৰেই হোৱা
নাই”। কেভিনে ক’লে।
অনুপমাই আচৰিত হোৱাৰ দৰে আইতাকলৈ
চালে। তেওঁ পাতল হাঁহি এটা মাৰি ক’লে - “এই বয়সত মই
সঁচাকৈয়ে ইণ্ডিয়ালৈ যাত্ৰা কৰিব পাৰিমনে”?
“কিয় নোৱাৰিব আইতা? প্ৰয়োজন হ’লে আপোনাক
বোকোচাত দাঙি হ’লেও লৈ যাবলৈ
আমি তিনিটা চোন আছোঁৱেই”। অনুপমাই উচ্ছাসিত হৈ আইতাকৰ কাষ চাপি আহিল।
“পিছে মই কিতাপত পঢ়িছোঁ, ইণ্ডিয়াত বৃদ্ধ, শাৰীৰিক ভাৱে অক্ষম লোক সকলৰ কাৰণে ক’তো একো বিশেষ ব্যৱস্থা নাথাকে। আমাৰ দেশত এজন
মানুহে হুইল ছেয়াৰত বহিও বাছে, ৰেলে উঠি ঘূৰি ফুৰিব পাৰে। তেনে মানুহৰ অসুবিধা নহ’বৰ কাৰণে সকলো ঠাইতে টেকন’ল’জী ব্যৱহাৰ কৰিছে। কিন্তু ইণ্ডিয়াত সেইটো
সুবিধা নাই”। - ক্লাৰাই ক’লে।
“মই মানিছোঁ ক্লাৰা। ইণ্ডিয়াত কিছুমান সুবিধা এতিয়াও গঢ়ি উঠা নাই। ইণ্ডিয়াত
টেকন’ল’জীৰ প্ৰয়োগ ইয়াৰ দৰে হোৱা নাই।
কিন্তু তাত সহায় কৰা মানুহৰ হাত আছে। হুইল ছেয়াৰত বহা মানুহক সহায় কৰিবলৈ আগবাঢ়ি
অহা মানুহ আছে। ভয় নকৰিবা। আইতা আমাৰ লগত ওলালে আইতাৰ সকলো দায়িত্ব মই ল’ম। তেওঁ আমাৰ লগত ওলালে কিমান যে
ভাল লাগিব” - অনুপমা
কথাটো ভাবিয়েই যেন ৰোমাঞ্চিত হৈ পৰিল।
ইতিমধ্যে ব্ৰেকফাষ্ট তৈয়াৰ হ’ল। এঞ্জেলাই আটাইকে ভিতৰলৈ মাতিলে।
অনুপমাই হুইল ছেয়াৰ খন চলাই আইতাককো ভিতৰলৈ লৈ গ’ল। হুইল ছেয়াৰ খনতে সৰু খোৱা মেজ এখন লগোৱাৰ
ব্যৱস্থা আছে। এঞ্জেলাই আইতাকৰ কাৰণে সাজু কৰা ফলৰ ৰস আৰু অ’টছৰ বাটিটো সেই মেজখনতে
থলে। ক্লাৰা আৰু কেভিন ডাইনিং টেবুলত বহিল। অনুপমাই ক’লে, “তোমালোকে আৰম্ভ কৰা।
মই আইতাক খুৱাই লওঁ আগতে”।
“সেয়া তোমাৰ কাম নহয়। তাৰ কাৰণে এঞ্জেলা আছে”, কেভিনে অনুপমাই এঞ্জেলাৰ কাম কৰিব বিচৰাটো
ভাল নাপালে। এঞ্জেলাই হিচাপৰ কাম কৰে। সেইখিনি কামত আনে সহায় কৰাৰ দৰকাৰ নাই।
“এঞ্জেলাইতো মোক সদায়ে খুৱায়। আজি অনুপমাৰ হাতেৰেই খাওঁ চোন”, কেভিনৰ প্ৰতিক্ৰিয়াত
অনুপমা হতভম্ব হোৱা যেন দেখি আইতাকে মাত লগালে।
আইতাকৰ খাবলৈ সময় লাগে। এচামুচ
এচামুচ কৈ খাদ্য মুখত ভৰাই দিয়াৰ পিছত চোবাই গিলিবলৈ সময় লাগে। ইতিমধ্যে কেভিন আৰু
ক্লাৰাই ব্ৰেকফাষ্ট সমাপ্ত কৰি আগপিনে ওলাই গ’ল।
আইতাকে এচামুচ গিলি অটোৱাৰ পিছত
অনুপমাই লাহেকৈ সুধিলে, “আপুনি পৱিত্ৰক আকৌ লগ পালেনে? আকৌ গাৱঁলৈ যোৱা হ’ল নে”?
আইতাকৰ চকু দুটা যেন উজলি উঠিল। “পাইছিলোঁ। পৱিত্ৰই ডিব্ৰুগড়লৈ
আহিলে আমাৰ ঘৰত সোমইছিল। মাজে মাজে গাৱঁৰ ঘৰৰ পৰা কোমল চাউল, দৈ, বাৰীৰ শাক পাচলি, ফল মূল লৈ আহিছিল। তাৰ
লগত কেতিয়াবা অনুৰাধাও আহিছিল। দেউতায়ো তাক বৰ মৰম কৰিছিল। দেউতাই কৈছিল অসমীয়া মানুহৰ মাজত ইমান পৰিশ্ৰমী, স্বাৱলম্বী ডেকা পাবলৈ টান”।
অনুপমাই গিলাচৰ পৰা অলপ পানী খুৱাই
দিলে।
“গাৱঁৰ পৰা অহাৰ পিছত দেউতাই মোক ডিব্ৰুগড়ত নাৰ্চিঙৰ চমু প্ৰশিক্ষণ এটা কৰিবলৈ
দিছিল। সেয়েহে মই ব্যস্ত হৈ পৰিছিলোঁ। সেয়ে গাৱঁলৈ
আৰু দুনাই যোৱা নহ’ল”। আইতাকে কিছু সময় ৰোৱা দেখি অনুপমাই আৰু এচামুচ মুখত ভৰাই দিলে।
“আইতা, কথা এটা সোধো” - অনুপমা অলপ ৰ’ল।
“পৱিত্ৰই আপোনাক ভাল পাই পেলাইছিল নেকি”? আইতাকে মুখত ভৰোৱা খিনি গিলাৰ পিছত তাই
সুধিলে।
আইতাকে কিছু পৰ তাইৰ মুখৰ পিনে চাই
থাকি ক’লে, “মই সেই কথা কেতিয়াও
নাজানিলোঁ। কিন্তু তাৰ চকুত মই কিবা এটা দেখিছিলোঁ, যাৰ অৰ্থ মই কেতিয়াও বুজিব নোৱাৰিলোঁ”।
“আৰু আপুনি? আপুনিও তেওঁক…..”, কৈ থাকোঁতে অনুপমা ৰৈ
গ’ল। আইতাকে
ডিঙিত চৰ্চৰণি খালে। তাই পানী এগিলাচ আনি লাহে লাহে তেওঁক খুৱাই দিলে। প্ৰকৃতিস্থ
হোৱাৰ পিচত তেওঁ চকু দুটা মুদি দিলে। চকীখনত আউজি তেওঁ কিছু সময় নিৰৱে থাকিল।
“মধুপুৰ চাহ বাগিচা খন এতিয়াও আছেনে? আৰু মধুপুৰ বাগিচাৰ গাতে লাগি থকা ৰঙাজান গাওঁখন”? হঠাতে মনত পৰাৰ দৰে আইতাকে কৈ উঠিল।
“মই নাজানো আইতা। কিন্তু আমি দুয়ো এবাৰ বিচাৰি যাম। সেই কাৰণে আপুনি ভাৰতলৈ
যাবই লাগিব আইতা”, অনুপমাৰ কথাত আইতাকে হাঁহি মাৰি মূৰ দুপিয়ালে।
আইতাকৰ গাটো অলপ ভাল হোৱা যেন দেখি
কেভিনে প্ৰস্তাৱ দিলে, “ব’লা। আমি সকলোৱে
আজি অলপ আউটিঙলৈ যাওঁ। টেমছ নদীৰ পাৰলৈ যাওঁ। লান্স কৰি পোনেই ওলাই যাওঁ। দুঘণ্টামানত
ঘূৰি আহি পাম”।
ক্লাৰাই চিঞৰি উঠিল, “ফেণ্টাষ্টিক আইডিয়া।
আমি বোটিং কৰিম। লণ্ডন আইত উঠিম। সোনকালেই ওলাই যাওঁ ব’লা”।
অনুপমাই ক’লে, “আইতাকো লৈ যাম দেই। আইতাই ভাল পাব”।
“নিশ্চয় অনুপমা। আইতাক আজি বহুত দিনৰ পিছত ফুৰাবলৈ নিম”, প্ৰত্যয়েৰে ক’লে কেভিনে।
লান্সৰ পিছত কেভিনে গেৰেজৰ পৰা
গাড়ী এখন উলিয়ালে। সেইখন কেভিনৰ মাকে আইতাকক দিয়া গাড়ী। নিছান কোম্পানীৰ গাড়ীখন
কেভিনৰ খনতকৈ আহল বহল। আইতাক শয্যাগত হোৱাৰ পিছৰ পৰা সেইখনৰ ব্যৱহাৰ খুব কমকৈ হয়।
মাজে-সময়ে কেৱল এঞ্জেলাই বজাৰ সমাৰ কৰোঁতে ব্যৱহাৰ কৰে।
গাড়ীখনৰ পিছৰ ছীটৰ মাজত আইতাকক ধৰা
ধৰিকৈ বহুৱাই দিয়া হ’ল। এঞ্জেলা আৰু অনুপমা দুয়োকাষে বহিল। সমুখত কেভিনৰ কাষৰ ছিটত বহিল ক্লাৰা।
ব্ৰায়ান আডামচৰ “ছামাৰ অৱ ছিক্সটি নাইন” গানটো ডেকত লগাই দি কেভিনে টেমছ নদীৰ পাৰ অভিমুখে গাড়ী চেঁকুৰাই দিলে।
অলপ সময়ৰ পিছতে টেমছৰ পাৰে পাৰে
গাড়ী আগবাঢ়িল। বতৰটো গোমা কৰি আহিছিল।
বৰষুণ এজাক আহোঁ আহোঁ কৰিছিল।
বাৰ্কছায়াৰৰ এঠাইত কেভিনে গাড়ী ৰখালে। সেইখিনিতে পৰ্য্যটকৰ কাৰণে নৌকা বিহাৰৰ
ব্যৱস্থা আছিল। লগতে ল’ৰা-ছোৱালীয়ে খেলিবৰ কাৰণে, মানুহ বহিবৰ কাৰণে এখন পাৰ্ক আছিল। কেভিনে ক’লে, “আমি প্ৰথমতে পাৰ্কত বহোঁ। অনুপমা, ক্লাৰা আৰু এঞ্জেলা নৌকা বিহাৰলৈ যোৱাগৈ। মই আইতাৰ লগত থাকিম”।
অনুপমাই আকাশ খনলৈ চাই পঠিয়ালে।
ইতিমধ্যে এটোপ-দুটোপকৈ বৰষুন পৰিবলৈ আৰম্ভ কৰিছিল। তাই ক’লে, “এনে বতৰত আইতা গাড়ীৰ পৰা নামিব নালাগে দিয়া। তোমালোক অলপ ফুৰি আহা। মই আইতাৰ
লগত ইয়াতে ৰৈছোঁ”। অনুপমাই অনুভৱ কৰিলে তাইক আৰু অলপ সময় আইতাকৰ লগত অকলশৰীয়াকৈ লাগে।
“তুমি নিশ্চিত নে তুমি যাব নোখোজা”? কেভিনে অনুপমালৈ চাই সুধিলে। অনুপমাই মিচিকিয়াই ক’লে, “যোৱা, তোমালোক
সোনকালে যোৱা, বৰষুণ আৰম্ভ হ’লেই”। অলপ পাছতে তিনিও আগবাঢ়ি গ’ল।
টেমছ নদীৰ পাৰলৈ চাই আইতাকে ক’লে, “টেমছ খন ব্ৰহ্মপুত্ৰৰ দৰে বিশাল নহয়। কিন্তু টেমচৰ পাৰলৈ আহিলে মোৰ ব্ৰহ্মপুত্ৰলৈ মনত পৰে”।
অনুপমাই ভাবিলে - পৃথিৱীৰ সকলো
নদীৰ পাৰ যেন একেই। একেই অনুৰাগ, একেই আবেগ।
ইতিমধ্যে কিনকিনিয়া বৰষুণ আৰম্ভ
হৈছিল। অনুপমাই খিৰীকিৰ আইনাবোৰ অলপ উঠাই দিলে।
আইতাকে কৈ গ’ল, “ব্ৰহ্মপুত্ৰত দেখা পোৱাৰ দৰে শিহু টেমছত দেখা নাযায়। কিন্তু কেতিয়াবা সাগৰৰ পৰা সাগৰীয় ডলফিন টেমছলৈ উজাই আহে। ব্ৰহ্মপুত্ৰত সেই আগৰ দৰেই শিহু পোৱা যায় নে”?
আইতাকে কৈ গ’ল, “ব্ৰহ্মপুত্ৰত দেখা পোৱাৰ দৰে শিহু টেমছত দেখা নাযায়। কিন্তু কেতিয়াবা সাগৰৰ পৰা সাগৰীয় ডলফিন টেমছলৈ উজাই আহে। ব্ৰহ্মপুত্ৰত সেই আগৰ দৰেই শিহু পোৱা যায় নে”?
“পায় আইতা। এতিয়াও কোনো কোনো ঠাইত শিহু দেখা যায়। আপুনি অসমলৈ গ’লে মই পাৰিলে আপোনাক শিহু
দেখুৱাবলৈ লৈ যাম”।
অনুপমাৰ কথাত আইতাকে হাঁহিলে। “অসমলৈ গ’লে মই কি দেখিম নো? এতিয়া চাগে সকলো সলনি হৈ গ’ল। চিনাকী মানুহ কাকোতো লগ নাপাম”।
অনুপমাই ভাবিলে, সঁচাকৈয়ে যদি আইতাকৰ
সময়ৰ কোনোবা মানুহ এতিয়াও জীৱিত থাকিলহেঁতেন। সঁচাকৈয়ে কিজানি পৱিত্ৰ বা অনুৰাধা
এতিয়াও জীয়াই আছে।
“আপুনি অসমৰ পৰা কেতিয়া গুচি আহিলে”? আইতাকলৈ চাই অনুপমাই সুধিলে।
“মই যি বছৰ অসমৰ পৰা গুচি আহিছিলোঁ তাৰ আগৰ বছৰ প্ৰথম অসমীয়া টকি ওলাইছিল।
নামটো কি আছিল জানো”? আইতাকে মনত পেলাবলৈ চেষ্টা কৰিলে।
“জয়মতী, সেয়া ১৯৩৫ চনৰ
কথা”, অনুপমাই মনত
পেলাই দিলে।
“অ’ অ’ জয়মতী। মই পিছে সেইখন
চাবলৈ নাপালোঁ। ডিব্ৰুগড়ত সুবিধাই নাপালোঁ টকি চাবলৈ”।
এজাক চেঁচা বতাহ বলিবলৈ আৰম্ভ
কৰিছিল। অনুপমাই আইতাকৰ গাৰ চাদৰ খন ভালদৰে উৰাই দিলে।
“সেই বছৰতে মাৰ্গাৰেট উচ্চ শিক্ষাৰ কাৰণে লণ্ডনলৈ গ’ল। মা কলিকতাত অকলশৰীয়া হ’ল। তেওঁ আকৌ অসমলৈ ঘূৰি আহিবলৈ মন
নকৰিলে”, আইতাকে কৈ গ’ল।
“কলিকতা এৰি পুনৰ অসমলৈ আহিবলৈ তেওঁৰ চাগে মন নগ’ল”।
“সেই সময়ত অসমত স্বাধীনতা সংগ্ৰাম জোৰদাৰ হৈছিল। ডিব্ৰুগড়ত থাকি ইউৰোপিয়ান লোক
সকলে সুৰক্ষিত অনুভৱ কৰা নাছিল। দেউতাক স্থানীয় মানুহৰ চিকিত্সা কৰিবলৈ বাৰণ কৰাৰপৰা
তেওঁৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাইছিল। মোক লৈও দেউতাই শংকাত ভুগিছিল। ইফালে মোৰ
নাৰ্চিঙৰ প্ৰশিক্ষণটোও শেষ হৈছিল। সেয়ে দেউতাই এদিন সুৰক্ষাৰ বাবেই কলিকতালৈ যোৱাৰ
সিদ্ধান্ত ল’লে”, খিৰিকীৰে বাহিৰলৈ চাই
আইতাকে কৈ গ’ল।
“ডিব্ৰুগড়ৰ পৰা যাবলৈ ওলাওঁতে আপোনাৰ চাগে বেয়া লাগিছিল, নহয়নে আইতা? আপোনাক বিদায় জনাবলৈ
অনুৰাধা, পৱিত্ৰ হঁত
আহিছিল নে”?- অনুপমাই
আইতাকৰ বুকুৰ মাজত যেন আকৌ এবাৰ কুৰুকি চাব বিচাৰিলে।
তেওঁৰ চকুহাল পুনৰ উজলি উঠিল - “আহিছিল, আহিছিল। অনুৰাধা, পৱিত্ৰ, গোলাপী, নাহৰ, - মই গাৱঁত লগ
পোৱা কেইবাটাও আহিছিল। আটায়ে আমি যাবলৈ ওলোৱা কাৰণে দুখ কৰিছিল”।
“পৱিত্ৰই কি ক’লে আইতা”?
আইতাকে এটা হুমুনিয়াহ কাঢ়িলে। “তেওঁ একো কোৱা নাছিল। মোক এযোৰ
মুগাৰ মেখেলা-চাদৰ উপহাৰ দিছিল। সেইযোৰ এতিয়াও মোৰ বাকচৰ ভিতৰত বিচাৰিলে ওলাব। সেইযোৰ
কোনোদিনে পিন্ধাই নহ’ল। মই তোমাক এদিন দেখুৱাম”। কথাখিনি কৈ থাকোঁতে তেওঁৰ চকুজুৰি যেন পুনৰ এবাৰ উজলি উঠিল।
বাহিৰত বৰষুণ জাক টান হৈছিল। কেভিন
হঁত তেতিয়াও উভতি অহা নাছিল। বৰষুণৰ পিনে চাই আইতাকে ক’লে, “এই বৰষুণ জাকে মোক বাৰে বাৰে অসমৰ কথা মনত পেলাই দিয়ে। বাৰিষাত লণ্ডনৰ বৰষুণ
আৰু অসমৰ বৰষুণ একেবাৰে একে। হঠাত কেতিয়া আহে কোনেও ক’ব নোৱাৰে”।
অনুপমাই ভাবিলে, বৰষুণে হয়তো পৃথিৱীৰ
কোনো দেশতে একো নিয়ম-কানুন নামানে। যেতিয়াই মন যায়, তেতিয়াই আহে। মানুহৰ মনৰ মাজত একেই আবেগ, একেই অনুভূতি জগাই
তোলে।
“তাৰ পিছত কি হ’ল আইতা”? - অনুপমাই পুনৰ আইতাকক অতীতলৈ লৈ যাবলৈ বিচাৰিলে।
“দেউতা আৰু মই কলিকতালৈ আহিলোঁ। তাত আমি চাৰি বছৰ মান থাকিলোঁ। সেই চাৰিটা বছৰ
মোৰ চাৰিটা যুগ যেন লাগিছিল। এক মুকলি পৰিৱেশৰ পৰা আহি আকৌ যেন বন্ধ সঁজাত সোমাই
পৰিলোঁ। কলিকতাত কি নাছিল? ৰং ৰহইচ, পাৰ্টী, নাইট ক্লাৱ সকলোবোৰ
আছিল। ইউৰোপিয়ান সমাজে লাগতিয়াল বুলি ভবা সকলো আছিল। কিন্তু মোৰ কি হৈছিল নাজানো, মই তাত খাপ খাব
নোৱাৰিলোঁ। মোৰ একো ভাল নলগা হৈছিল। কলিকতা চহৰৰ
ভিৰৰ মাজত মোৰ উশাহ নোপোৱা যেন লাগিছিল”।
“মই বুজিছোঁ আইতা, আপোনাৰ হয়তো অসমলৈ বৰকৈ মনত পৰিছিল”।
“কলিকতাত মই নাৰ্ছিঙৰ এটা উচ্চ পৰ্য্যায়ৰ প্ৰশিক্ষণ ল’লোঁ। কেইদিনমান এখন নাৰ্ছিং হোমতো কাম
কৰিলোঁ। কলিকতাত মই প্ৰায়ে ওলাই গৈছিলোঁ গংগাৰ পাৰলৈ। গংগাৰ পাৰত মাছ মৰীয়া নাও
বোৰ চাই বহি ৰৈছিলোঁ। মাছ মৰীয়া বোৰে কি যে সুন্দৰ সুৰীয়া গীত গাইছিল। সেইবোৰ সুৰ যেন এতিয়াও কেতিয়াবা কাণত বাজি উঠে। তুমি শুনিছানে সেই ভাটিয়ালি
সুৰৰ মাছমৰীয়াসকলৰ গান”?
“নাই শুনা। মোৰ সেই ভাগ্য হোৱা নাই আইতা” - অনুপমাই ক’লে।
আইতাকে কৈ গ’ল, “বৰ উদাস হৈ পৰিছিলোঁ মই। কি কাৰণে ইমান উদাসীনতাত
ভুগিছিলোঁ, নিজেই
নাজানিলোঁ। অনুৰাধালৈ এখন চিঠি লিখিছিলোঁ, কিন্তু সেই চিঠিখনৰ কোনো উত্তৰ নাহিল। লাহে
লাহে মোৰ ভাৰতত থাকিবলৈ মন নোযোৱা হৈ আহিল। মাৰ্গাৰেটৰ চিঠিৰ পৰা লণ্ডনৰ কথাবোৰ
পঢ়ি বৰ মন গৈছিল নিজৰ অস্তিত্ব বিচাৰি গুচি আহিবলৈ। মই যেন অনুভৱ কৰিছিলোঁ মই ইমান
দিনে নিজৰ শিপাডাল পাহৰি ভুল কৰি আছিলোঁ”। অনুপমাই আইতাকৰ চেহেৰাৰ উদাসীনতা খিনি যেন অনুভৱ কৰিব পৰিলে।
“বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পিছতে যুদ্ধৰ আহত সৈনিক সকলৰ চিকিত্সা কৰিবলৈ ইউৰোপৰ
বহুতো ঠাইত ডাক্তৰ, নাৰ্চৰ প্ৰয়োজন হ’ল। দেউতা ডাক্তৰ আছিল, আৰু মই আছিলোঁ নাৰ্ছ। সেয়ে আমালৈও নিমন্ত্ৰণ
আহিল। ময়েই জোৰ কৰিলোঁ ইংলেণ্ডলৈ আহিবলৈ। ১৯৪০ চন মানত আমি আটায়ে জাহাজেৰে আহি
লণ্ডন বন্দৰত নামিলোঁ”।
অনুপমাই যেন অনুভৱ কৰিব পাৰিলে
জন্মভূমি এৰি নিজৰ অস্তিত্বৰ শিপা বিচাৰি যাবলৈ ওলোৱা নেন্সিৰ মনৰ ধুমুহা খিনিৰ
কথা। জীৱনৰ কিছুমান ঘটনাই প্ৰতিজন মানুহকে কোনোবা নহয় কোনোবা সময়ত হয়তো নিজৰ
অস্তিত্ব বিচাৰি চাবলৈ অনুপ্ৰাণিত কৰে।
“মোক তোমাৰ কথা কোৱা
অনুপমা। তোমাৰ ঘৰত কোন কোন আছে? মই নিজৰ কথাহে কৈ আছোঁ, তোমাৰ ঘৰৰ কথা একো মোৰ সোধাই হোৱা নাই” - আইতাকে তাইৰ পিনে ঘূৰি চাই ক’লে।
“মই মা-দেউতাৰ একেজনী ছোৱালী। মা কেইবা বছৰ আগতে ঢুকাল। দেউতা আছে। তেওঁ ডিগবৈত
থাকে, ডিগবৈ
শোধনাগাৰত চাকৰি কৰে”। অনুপমাই ক’লে।
“তোমাৰ দেউতাক ক’বা, মই তেওঁক
অভিনন্দন জনাইছোঁ যে তেওঁ এজনী বৰ ভাল ছোৱালীৰ পিতৃ হ’ব পাৰিছে। তোমাক দিয়া সংস্কাৰ বোৰৰ কাৰণে তোমাৰ মা-দেউতা ধন্যবাদৰ পাত্ৰ”।
তেনেতে কেভিন, ক্লাৰা আৰু এঞ্জেলা
হঠাতে তিতি বুৰি আহি গাড়ীত সোমালহি। “তোমালোকে নগৈ খুব ভাল কৰিলা, কিযে বৰষুণ”, এই বুলি কেভিনে
গাড়ী ষ্টাৰ্ট দি ক’লে, “এতিয়া উভতি
যাওঁ ব’লা”।
উভতি আহোঁতে বাটত কেভিনে ক’লে - “আমি ইণ্ডিয়ালৈ যোৱা দিন-বাৰ ঠিক কৰিবৰ হ’ল। অনুপমা তুমিয়েই কোৱা চোন কোন
তাৰিখে আমি যাম, কেতিয়া ঘূৰিম”?
“১৩ ডিছেম্বৰত মোৰ ছেমিষ্টাৰ পৰীক্ষা শেষ হ’ব। মই ভাবিছিলোঁ ১৪ ডিছেম্বৰত গৈ নতুন বছৰৰ দিনতো কটাই জানুৱাৰী মাহৰ ২ তাৰিখে
উভতি আহিম। তোমালোকে কেনে দেখা এই সময় খিনি”?
“মোৰ কাৰণে অসুবিধা নাই। মই গৱেষণাৰ কামত যেতিয়াই মন যায় ছুটী লব পাৰিম।
ক্লাৰাই কি কোৱা”? কেভিনে ক্লাৰাৰ মুখলৈ চালে।
ক্লাৰাই চিন্তা কৰিলে, “খ্ৰিষ্টমাছৰ আগে আগে
উভতি আহিব নোৱাৰিনে”?
“খ্ৰিষ্টমাছৰ আগতে আহিবলৈ হ’লে বৰ লৰালৰি হ’ব। আমিচোন সিদিনা ঠিক কৰিছোৱেই এইবাৰ খ্ৰিষ্টমাছ আমি ইণ্ডিয়াত কৰিম”, - কেভিনে ক’লে।
ক্লাৰাই ক’লে, “ঠিক আছে। মোৰো আন অসুবিধা নাই। মোৰ ক’ৰ্ছটোও তেতিয়ালৈ শেষ হ’ব”।
কেভিনে চিন্তা কৰি ক’লে, “তেনেহ’লে আমি প্ৰগ্ৰামটো অনুপমাই কোৱাৰ দৰেই কৰিম।
১৪ ডিছেম্বৰত গৈ ২ জানুৱাৰীত ঘূৰি আহিম। মই টিকেটৰ খবৰ কৰিম। অনুপমাই মোক সহায়
কৰিবা”।
“নিশ্চয় কৰিম। আইতাৰ গাটো ভালে থাকিলেই হয়” - অনুপমাই ক’লে।
“হেই অনুপমা। তুমি সঁচাকৈয়ে তেওঁ যাব বুলি ভাবিছা নেকি? আইতাই তেতিয়া ধেমালি কৰিছে। আইতাই ইমান দূৰ
কেনেকৈ যাব। তেওঁৰ চিকিত্সকক নোসোধাকৈ আমি একো কৰিব নোৱৰোঁ”, কেভিনে ক’লে।
কেভিনৰ কথাত অনুপমাই হুলস্থূল কৰি
উঠিল। “নহয় কেভিন, আমি আইতাক লৈ যামেই। আইতাৰ এই ইচ্ছা আমি পূৰণ কৰিবই লাগিব”।
আইতাকৰ পিনে চাই তাই সুধিলে - “আপুনি আমাৰ লগত যাব
নহয়নে আইতা”।
আইতাকে কৰুণ দৃষ্টিৰে কিছু সময়
অনুপমাৰ পিনে চাই ৰ’ল। তেওঁ লাহে লাহে ক’লে - “মই গ’লে তোমালোক আটাইৰে বৰ অসুবিধা হ’ব”।
“একো অসুবিধা নহয় আইতা। মই থাকোঁতে আপুনি চিন্তাই নকৰিব”। - আইতাকৰ হাতত ধৰি আশ্বাস দি অনুপমাই ক’লে। “কেভিন, তুমি চিকিত্সকৰ পৰামৰ্শ লোৱা। চিকিত্সকে যেনে
ধৰণে সাৱধানতা লবলৈ কয়, আমি সকলো ল’ম” - অনুৰাধাই কৰ্তৃত্বৰ
সুৰত ক’লে।
কেভিনে তাইলৈ চাই হাঁহিলে। সি ক’লে, “হ’ব অনুপমা। তুমি কোৱা ধৰণেই হ’ব। এই যাত্ৰাত তুমি আমাৰ গাইড”।
এটা সুদৃশ্য টিলাৰ ওপৰত থকা যোগেন
বৰুৱাৰ চাং বঙলাটো বৃটিছৰ দিনতে সজা। ডিগবৈ শোধনাগাৰত তেওঁৰ চাকৰি সূত্ৰে সেই বঙলাটো
তেওঁক থাকিবলৈ পাইছে। একা-বেঁকা সৰ্পিল পথ এটা বঙলাৰ সমূখেৰে পাৰ হৈ গৈছে আৰু এই
পথটোৱে আন কেইবাটাও একেধৰণৰ বঙলা সংযোগ কৰিছে। সমূখৰ পথটোৰে আগলৈ গৈ থাকিলে ডিগবৈ
তৈল ক্ষেত্ৰত সোমাব পাৰি। অইল ইণ্ডিয়া লিমিটেডৰ তত্বাৱধানত থকা ডিগবৈ তৈলক্ষেত্ৰত
এতিয়াও কেইটামান সক্ৰিয় তৈল খাদৰ পৰা খনিজ তেল উত্পাদন হৈ আছে। ডিগবৈৰ উপৰিও আন
কেইবাখনো তৈলক্ষেত্ৰৰ তেল ডিগবৈ শোধনাগাৰত শোধন কৰা হয় । বৃটিছৰ শাসনৰ সময়তে খনন
আৰম্ভ কৰা শ শ তৈল কুপৰ অৱশিষ্ট আৰু ছিহ্ন বুকুত সাৱটি ডিগবৈ তৈলক্ষেত্ৰ এক
ঐহিহাসিক স্থানত পৰিণত হৈছে। সেউজীয়া টিলা বোৰৰ মাজে মাজে সিচঁৰিত হৈ থকা খাদ বোৰ, পুৰণি হৈ যোৱা যন্ত্ৰ
পাতি বোৰ দেখিলে এনে লাগে যেন সেইবোৰৰ মাজত এচাম মানুহৰ কষ্ট আৰু কৰ্মোদ্যমৰ অনেক
কাহিনী লুকাই আছে। এশ বছৰতকৈও বেছি পুৰণি এই তৈলক্ষেত্ৰ খন বিশ্বৰ এক মহান
ঐতিহ্যপূৰ্ণ স্থান।
অনুপমাই কেইবাদিনো ফোন নকৰা বাবে
বৰুৱাৰ চিন্তা হৈছিল। বাৰ দিন যোৱাৰ পিছত এদিন ৰাতি বৰুৱাই ভাত-পানী খাই শুই পৰাৰ
পিছত হঠাতে ফোনটো বাজি উঠিল। বৰুৱাই লাইটটো জ্বলাই দেৱালত থকা ঘড়ীটোত সময়তো চালে।
ৰাতি বাৰ বাজিবৰ হৈছে। তেওঁ লৰ মাৰি গৈ ফোনটো ধৰিলে। অনুপমাৰ ফোন।
“দেউতা, তুমি কেনে আছা।
তুমি শুই গৈছিলা নেকি?”
“মাজনী, তই ইমান দিন
কিয় ফোন কৰা নাছিলি? তোৰ গা বেয়া হৈছে নেকি”?
“নাই দেউতা, মই ঠিকেই আছোঁ।
এই কেইদিন খুব ব্যস্ত আছিলোঁ। মোৰ প্ৰজেক্টৰ কাম চলি আছে”।
“তই ফোন নকৰিলে মোৰ চিন্তা হয়। খোৱা-বোৱা ভালদৰে কৰিছ নে মাজনী”?
“মোৰ কাৰণে চিন্তা নকৰিবা দেউতা। হৰিকাই ভালে আছে নে? আমাৰ লাইকা ভালে আছে নে”?
বৰুৱাৰ মনটো ভাল লাগি যায়। তাই
হৰিকাই আৰু পোহনীয়া কুকুৰ জনীৰো খবৰ লয়। তাই হয়তো জানে হৰিকাই আৰু লাইকায়ো তাই
অহালৈকে বাট চাই থাকে।
“তই কেতিয়া আহিবি মাজনী?” বৰুৱাই প্ৰতিবাৰেই সোধা এটা প্ৰশ্ন।
“এইবাৰ খ্ৰিষ্টমাছত যাম দেউতা। মোৰ লগত ইয়াৰ পৰা দুজন বন্ধুও মোৰ লগত যাব।
কেভিন আৰু ক্লাৰা। তেওঁলোকে আমাৰ ডিগবৈ চাব খুজিছে। ডিগবৈ তৈলক্ষেত্ৰ চাব”।
বৰুৱাই অলপ চিন্তা কৰিলে। “তোৰ বন্ধু? তেওঁলোক আমাৰ ঘৰতে
থাকিবনে”?
“থাকিব দেউতা। দুয়ো আমাৰ ঘৰতে থাকিব। সিহঁত দুয়ো খুব ভাল। তুমিও লগ পাই ভাল
পাবা”।
বৰুৱাৰ মনটো ফৰকাল হ’ল। তেওঁ ক’লে, “ভালে হ’ব দে।
কেইদিনমান আমি সকলোৱে মিলি ফূৰ্তি কৰিব পাৰিম”।
জীয়েকৰ লগত কথা পতাৰ পিছত বৰুৱাৰ
বহুত সময় টোপনি নাহিল। তেওঁ ভাবিলে, আলহী থকা কোঠাকেইটা বহুদিনৰ পৰা তলা লগাই থোৱা আছে। সেই কোঠাকেইটা খোলাব
লাগিব।
পিছদিনা ৰাতিপুৱা উঠিয়েই বৰুৱাই
হৰি কাইক নিৰ্দেশ দিলে, “আলহী থকা দুয়োটা কোঠা খুলি ভালদৰে চাফা কৰি থ’বি। দুৱাৰ-খিৰিকী কিবা মেৰামতি
কৰিব লগীয়া আছে নেকি চাবি। আমাৰ ঘৰলৈ বিদেশৰ পৰা আলহী আহিব”।
হৰিকাইৰ মুখেৰেও হাঁহি ওলাই আহিল, “কেতিয়াকে আহিব ছাৰ”?
“ডিছেম্বৰত আহিব। আমাৰ মাজনীৰ লগৰ এটা ল’ৰা আৰু এজনী ছোৱালী”।
“কিন্তু ডিছেম্বৰলৈ চোন বহুত দিন আছে”। আঙুলিৰ ঠাৰত কিবা এটা গণি হৰিকায়ে ক’লে।
“ময়ো জানো আছে, দিন আছে। পিছে কিবা মেৰামতি কৰিব লগীয়া কাম থাকিলে এতিয়াই কৰি থব লাগিব।
বিদেশৰ পৰা অহা আলহী। কোঠা দুটা টিপ টপ হ’ব লাগিব”, বৰুৱাই দঢ়াই দঢ়াই ক’লে।
মাজে মাজে অনুপমাক বিয়া দি উলিয়াই
দিয়াৰ কথাও বৰুৱাৰ মনলৈ আহে। ঘৰৰ বাহিৰত থাকি পঢ়া শুনা কৰিলেও তাই ঘৰখনৰ এটা অংগ
হৈ থকাৰ কাৰণে তাই যিকেইটা দিন ঘৰত থাকে সেইকেইদিন ঘৰখন সঁচাকৈয়ে ঘৰ যেন হৈ পৰে।
তাই ঘৰত থকা কেইদিন তাই ফুলনিত ফুল বোৰৰ যত্ন লয়, মানুহ লগাই বাৰীৰ মাটিডোখৰত কিবা কিবি কাম
কৰোৱায়, বাৰীৰ কাষতে
থকা সৰু পুখুৰীটোৰ পানীত মাছৰ পোনা বোৰৰ যতন লয়, ঘৰৰ প্ৰতিটো কোঠা শুৱনি কৰি ৰাখিবলৈ বেলেগ
বেলেগ ধৰণে সাজ সজ্জা কৰে। পোহনীয়া কুকুৰ লাইকাজনীও তাই আহিলে নেজ জোকাৰি আনন্দত
মতলীয়া হৈ পৰে। সেইজনী ছোৱালী বিয়া হৈ যদি কোনোবা দূৰ দেশলৈ গুচি যায়, ঘৰখন যেন একেবাৰে
মৰিশালী হৈ যাব। সেয়ে তাইক দূৰলৈ বিয়া দিয়াৰ কথা তেওঁ ভাবিবই নোৱাৰে। তেওঁ মনে মনে
আশা কৰে যেন তাইৰ কাৰণে এটা ওচৰতে থকা ভাল ল’ৰা পায়।
অনুপমাৰ লগত যিহাল ল’ৰা ছোৱালী আহিব খুজিছে, তেওঁলোকৰ বিষয়েও
বৰুৱাই চিন্তা কৰিলে। তেওঁ ভাবিলে, ল’ৰা ছোৱালী হালে
কেৱল ডিগবৈ চাবলৈকে ইমান দুৰ ঢপলিয়াই আহিবনে? ছোৱালীজনী বাৰু অনুপমাৰ লগৰে হ’ব, কিন্তু ল’ৰাটো কোন হয়? বৰুৱাই ভাবিলে, সেই ল’ৰা-ছোৱালী হালৰ বিষয়ে অনুপমাক সুধিব লাগিব।
আনপিনে দেউতাকৰ লগত কথা পতাৰ পাছত
অনুপমাই ভাবিলে, কেভিনৰ আইতাকৰ
কথা দেউতাকক ক’বলৈ থাকি গ’ল। কিন্তু তেওঁৰ কথা দেউতাকক ক’ব লাগিব। দেউতাকে ভাল পাব।
কিছুদিন পাছত পুনৰ ঘৰলৈ ফোন কৰোঁতে
তাই কথাটো উলিয়ালে, “দেউতা, আমাৰ লগত
কেভিনৰ আইতাকো আহিব”।
কথাটো শুনি দেউতাক যোগেন বৰুৱা
কিছু সময় তভক মাৰি ৰ’ল। তেওঁ যেন কথাটো ভালকৈ টলকিব নোৱৰিলে।
“কেভিনৰ আইতাক আহিব? কিন্তু কিয় আহিব? তেৱোঁ ডিগবৈ চাবলৈ আহিব নেকি’?
“নহয় দেউতা, তেওঁ ব্যক্তিগত
কাৰণত হে আহিব”।
ব্যক্তিগত কাৰণত ? বিদেশী মহিলা এগৰাকীৰ
কি এনে ব্যক্তিগত কাৰণ থাকিব পাৰে যে তেওঁ ইমান দুৰ ঢপলিয়াই আহিব। বৰুৱাৰ সন্দেহ হ’ল।
“তই মোক খোলা খুলিকৈ সকলো ক’ মাজনী। মোৰ পৰা একো নুলুকুৱাবি”।
“মই একো লুকুওৱা নাই দেউতা। লুকুৱাব লগীয়া একো কথা নায়েই”।
অনুপমাক তেওঁ ইমান দিনে বিশ্বাস
কৰি আহিছে। মাক নোহোৱা ছোৱালীজনীয়ে কেতিয়াও তেওঁৰপৰা একো লুকুওৱা নাই। বাটত স্কুলৰ
পৰা আহোঁতে কোনোবা ল’ৰাই বেয়া মাত মাতি জোকালেও দেউতাকক বিনা সংকোচে কৈ দিয়া ছোৱালী তাই। কলেজত কোনোবা লগৰ ল’ৰাই কিতাপৰ মাজত গুঁজি দিয়া দুশাৰীৰ প্ৰেম পত্ৰ দেউতাকক তাই বিনা দ্বিধাই
পঢ়িবলৈ দিব পাৰে।
এতিয়া তাই লুকুৱাব লগীয়া একো নাই
বুলি ক’লেও যোগেন
বৰুৱাৰ মনটোৱে যেন নামানিলে। তেওঁৰ মনটোৱে যেন তেওঁক বাৰে বাৰে ক’বলৈ ধৰিলে আইতাক জনী অহাৰ বিশেষ
কিবা উদ্দেশ্য আছে।
তেওঁৰ মনলৈ আহিল, জানোচা অনুপমাই সেই
বিলাতী ল’ৰাটোকে জীৱন
সংগী হিচাপে পচন্দ কৰিছে আৰু সেই কাৰণে তাৰ আইতাকে তেওঁৰ লগত বিয়া-বাৰু সম্পৰ্কীয়
কথা বতৰা পাতিবলৈ আহিব। তেওঁৰ কাণ-মূৰ গৰম হৈ
আহিল। একমাত্ৰ ছোৱালী জনীক এনেদৰে বিদেশী, ফিৰিঙি এটালৈ তেওঁ কেতিয়াও বিয়া নিদিয়ে।
সমাজত তেওঁৰ এক প্ৰতিপত্তি আছে, ভাল চোকা ছোৱালী বুলি অনুপমাৰো এটা সুনাম আছে। তেওঁ বিজতৰীয়া বিদেশী এটালৈ
ছোৱালীজনী উলিয়াই দি সমাজত বদনামৰ ভাগী হ’ব নোৱাৰে।
অনুপমাৰ লগত কথা পতাৰে পৰা বৰুৱাৰ
মনটো উগুল-থুগুল লাগি থাকিল। একো কামতে তেওঁৰ মন নবহা হ’ল। অফিছৰপৰাও তেওঁ সোনকালে উভতি আহিল।
হৰিকাইক গা টো ভাল নলগা বুলি কৈ আবেলিতে শুই থাকিল। খোজ কাঢ়িবলৈ লগৰ বোৰে মাতিবলৈ
আহোঁতেও ওলাই নগ’ল। সন্ধিয়া সাৰ পাই তেওঁ হৰিকাইক সৰু বৰিয়লা মাছ কেইটামান ভাজিবলৈ ক’লে।
আলমাৰীৰ পৰা আধা ভৰ্তি হুইস্কীৰ
বটল এটা উলিয়ালে। হৰিকাইক মদ খোৱা গিলাচটো আৰু এক জগ পানী
আনিবলৈ ক’লে।
তেওঁ অনুভৱ কৰিলে মনটো স্থিৰ
কৰিবলৈ তেওঁৰ নিচাৰ প্ৰয়োজন।
শোৱনি কোঠাৰ মিউজিক ছিষ্টেমত কম
ভলিউমত জগজিত সিঙৰ গজল বজাই দি তেওঁ আৰামী চকী খনত বহি ল’লে। ভজা মাছ চোবাই চোবাই গিলাচৰ পৰা মদ খাবলৈ
ল’লে। তিনি পেগ
মান খোৱাৰ পিছত তেওঁৰ অলপ নিচা হ’ল। নিচা হোৱাৰ পিছত তেওঁৰ হঠাতে অৰুণিমাৰ লগত কথা পাতিবলৈ মন গ’ল।
অৰুণিমাৰ ফটোখনলৈ চাই তেওঁ ক’বলৈ ধৰিলে - “আই এম ছ’ৰী অৰুণিমা। তোমাক দিয়া কথা মই
ৰাখিব নোৱাৰিলোঁ। মই হাৰি যাম যেন লাগিছে। মই মাজনীক দিয়া মৰমত কিজানি কিবা অভাৱ
থাকি গ’ল। মাজনী কিয়
ইমান অবুজন হ’ল? তাই কেনেকৈ মোক
নোসোধাকৈ এনে এটা ডাঙৰ সিদ্ধান্ত লৈ পেলালে? তাই ভাবিব নোৱাৰিলে নেকি যে তাইক বিদেশলৈ
বিয়া দি ইয়াত মই অকলে শান্তিৰে থাকিব নোৱাৰিম”।
চোলাৰ আস্তিনেৰে ওলাই অহা চকুলো
মোহাৰি তেওঁ আকৌ ক’লে, “মই জানো মই মদ
খালে তুমি বেয়া পোৱা। কিন্তু আজি মই খাম বুলিয়ে খাইছোঁ। মনৰ দুখত খাইছোঁ। কি কৰিম
কোৱা। তুমি থাকিলে তুমিয়ে মোক সান্ত্বনা দিলাহেঁতেন। আজি মই তোমাৰ অভাৱ বৰকৈ অনুভৱ
কৰিছোঁ। তুমি কিয় এনেকৈ অকালতে মোক এৰি থৈ গুচি গ’লা”? অৰুণিমাৰ ফটো খনৰ ওচৰলৈ উঠি আহি তেওঁ ফটোত থকা অৰুণিমাৰ মুখ খনত হাত ফুৰাই
দিলে।
অনুপমা ক্লাছ নাইনত থাকোঁতে
অৰুণিমাৰ স্তনৰ কেনছাৰ ধৰা পৰিছিল। ধৰা পৰাৰ পিছতে পলম নকৰাকৈ তেওঁক মুম্বাইলৈ লৈ
যোৱা হৈছিল। টাটা মেম’ৰিয়েল হস্পিতালত তেওঁৰ চিকিত্সা হৈছিল। পিছে ইতিমধ্যে পলম হৈ গৈছিল, তেওঁৰ লিভাৰলৈ কেনছাৰ
সংক্ৰমিত হৈছিল। কেম’থেৰাপি দিয়া হৈছিল। অস্ত্ৰোপচাৰো কৰা হৈছিল। মুম্বাইত
কেইবামাহ ধৰি চিকিত্সা হৈছিল। ডাক্তৰে বৰুৱাক ধৈৰ্য্য ধৰি ভগৱানক প্ৰাৰ্থনা কৰিবলৈ
উপদেশ দিছিল।
অৰুণিমা দিনে দিনে বেছি দুৰ্বল হৈ
গৈছিল। দুৰ্বল মাতেৰে এদিন তেওঁ বৰুৱাক কৈছিল, “ছোৱালীজনীক ভালদৰে চাবা। তাইক অকলশৰীয়া হ’বলৈ নিদিবা। মই চাগে বেছি দিন
নাথাকিম”।
এদিন সকলো প্ৰাৰ্থনা, শুভ কামনা, অনুপমাৰ আকুল মিনতিৰ
অন্ত পেলাই কফিন এটাত শুই অৰুণিমা মুম্বাইৰ পৰা ঘূৰি আহিছিল। সেইদিনা বৰুৱাৰ
ভগৱানক বৰ নিষ্ঠুৰ যেন লাগিছিল। নতুন কাপোৰ এজোৰ পিন্ধাই শিৰত আৰু কপালত সেন্দূৰৰ
ফোঁট দি অৰুণিমাক যেতিয়া সজাই পৰাই শেষ যাত্ৰাৰ কাৰণে সাজু কৰা হৈছিল, বৰুৱাৰ এনে লাগিছিল
যেন মানুহজনী শান্তিত শুই আছে। তেওঁ যেন আকৌ উঠি আহিব। আকৌ অনুপমাক সাৱটি ধৰি
তেওঁৰ ওচৰত বহিব। পিছে নাহিল। অনুপমাৰ হিয়া ঢাকুৰা কান্দোনেও অৰুণিমাক আকৌ উঠাই
আনিব নোৱাৰিলে। জুইৰ লেলিহান শিখাৰ মাজত অৰুণিমাৰ দেহাটো পুৰি ছাই হৈ গ’ল।
মদৰ নিচাত এটা সময়ত বৰুৱাৰ টোপনি
আহি গ’ল। হৰিকায়ে ভাত খাবলৈ মাতি মাতিও তেওঁক উঠাব নোৱাৰিলে। হৰিকায়ে তেওঁক বিচনাত
ভালদৰে শুৱাই থৈ পিন্ধি থকা চছমাজোৰ খুলি দিলে। গিলাচ, পানীৰ জগ, ভজা মাছৰ প্লেট আদি আতঁৰাই কোঠাটো চাফা কৰি
থলে।
ৰাতিপুৱা অফিচলৈ যোৱা সময় হোৱাত
হৰিকায়ে বৰুৱাক জগাই দিলে। তেওঁ মূৰটো অলপ টিং টিঙোৱা যেন পালে। অফিছলৈ যাবলৈ
তেওঁৰ মন নগ’ল। গা বেয়া
হোৱা বাবে ছুটী ল’ব বুলি অফিচত ফোন কৰি জনাই দিলে।
আগফালৰ বাৰাণ্ডাত থকা আৰামী চকী
খনত বহি তেওঁ কথাবোৰ আকৌ ভাবিবলৈ ধৰিলে। অনুপমাৰ বিয়াৰ কথাই তেওঁৰ মনলৈ আহিল। তেওঁ
ভাবিলে, তাই মন কৰিলে
বুলিয়েই এইদৰে বিলাতী ল’ৰা এটাৰ লগত বিয়া হ’বলৈ দিব নোৱাৰি। তাই নিজে কিবা এটা কৰাৰ আগতে তেওঁ তাইৰ কাৰণে ল’ৰা এটা বিচাৰিব। ল’ৰা এটা ঠিক কৰি তেওঁৰ পছন্দৰ কথা
তাইক জনাব।
তেওঁৰ মনলৈ আহিল তেওঁৰ বন্ধু
দুলীয়াজানৰ প্ৰবীৰ দত্তৰ ল’ৰা প্ৰশান্তৰ কথা। প্ৰশান্ত ভাল ল’ৰা। সি কোনোবা এখন ৰিজিঅ’নেল ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাছ কৰি দুলীয়াজানৰ অইল
ইণ্ডিয়াত চাকৰিত সোমাইছে। অইল ইণ্ডিয়াৰ চাকৰিত দৰমহা, সা-সুবিধা ভাল। তেওঁ ভাবিলে বয়সত প্ৰায় সম
সাময়িক হ’লেও প্ৰশান্ত
অনুপমাৰ কাৰণে উপযুক্ত পাত্ৰ হ’ব। তাই দুলীয়াজানত থাকিলে মাজে সময়ে ঘৰলৈ আহি থাকিবও পাৰিব।
তেওঁ আবেলি গাড়ী লৈ দুলীয়াজানৰ
প্ৰবীৰ দত্তৰ ঘৰ পালেগৈ।
ডিগবৈৰ পৰা দুলীয়াজান এঘণ্টাৰ বাট।
বৰুৱা হঠাতে আহি ওলোৱা দেখি দত্ত
আৰু তেওঁৰ পৰিবাৰ খুব আনন্দিত হ’ল। পুৰণি চিনাকী মানুহ এনেদৰে আহি ওলালে তেওঁলোকে ভাল পায়। নতুন, পুৰণি বহুতো কথা
পাগুলি সময় বোৰ ভালদৰে পাৰ হৈ যায়।
কথাই কথাই বৰুৱাই দত্তক কৈয়ে
পেলালে, “মোৰ ছোৱালী জনী
এবছৰ পাছত পঢ়া-শুনা সাং কৰি ঘূৰি আহিব। তাইক এইবাৰ বিয়া দিয়াৰ কথা চিন্তা
কৰিছোঁ"।
“বৰ ভাল কথাহে। তাই মৰ অমায়িক, দেখনিয়াৰ ছোৱালী। পিছে ক’ৰবাত ল’ৰা ঠিক কৰিলা
নেকি হে”? - দত্তই সুধিলে।
“তোমাৰ যদি আপত্তি নাই, তাইক তোমাৰ ল’ৰাটোলৈকে দিওঁ দিয়া”।
“কি কোৱাহে”, কথাটোৰ
আকস্মিকতাত দত্তই উত্সাহিত হৈ উঠিল।
“ভালেই হ’ব হে, তোমাৰ ছোৱালীজনী আনিলে
আমি বন্ধুৰ পৰা বিয়ৈ হৈ পৰিম। হা: হা: হা:”। তেওঁ ঢেক ঢেককৈ হাঁহিবলৈ ধৰিলে। বৰুৱাৰ মুখতো
হাঁহি ওলাল।
পিছ মূহুৰ্তত দত্তই ক’লে, “আজিকালি পিছে যুগ সলনি হ’লহে। আমাৰ দিন আৰু নাই। ল’ৰা ছোৱালীৰ মত আমি ল’ব লাগিব হে। সিহঁতৰো পছন্দ-অপছন্দৰ
কথা আছে”।
যোগেন বৰুৱা দাং খাই উঠিল - “বাদ দিয়া হে সিহঁতৰ পছন্দ, অপছন্দ। আজিৰ ল’ৰা ছোৱালীয়ে নিজৰ পইচাকেইটা কেনেকৈ
মিতব্যয়িতাৰে খৰচ কৰিব লাগে তাকে নাজানে আৰু সিহঁতে বিয়াৰ কি নিজৰ সিদ্ধান্ত ল’ব। মই অনুপমাক মোৰ পছন্দ অনুসৰিহে
বিয়া দিম”।
“এ: ৰবাহে। তুমি ইমান উত্তেজিত হ’ব নালাগে। সিহঁত বোৰ শিক্ষিত, জনা বুজা ল’ৰা-ছোৱালী।
সিহঁতক আমি জোৰ কৰি তো একো কৰাব নোৱাৰোঁহে”।
“নহয় হে। ইহঁতক বেছিকৈ পঢ়াই শুনাই আমি ভুলেই কৰিলোঁ নেকি? আজিকালি ল’ৰা-ছোৱালীবোৰে গুৰু-গোসাঁই নমনা হ’ল”।
প্ৰবীৰ দত্তৰ পত্নী লীনাই চাহ
জলপান আগবঢ়াই দিলেহি। কথাবোৰ তেওঁ ভিতৰৰ পৰা শুনিয়েই আছিল তেওঁ ক’লে, “মাজনী আহিলে আমাৰ ঘৰলৈ লৈ আনিব চোন। বহুত দিন
তাইক দেখাই নাই”।
বৰুৱাই ক’লে, “এইবাৰ আহিলে তাইক ফুৰাবলৈ লৈ আহিম ইয়ালৈ। এইবাৰ তাইৰ লগত বিদেশী বন্ধু-বান্ধৱী
এহালো আহিব বুলি কৈছে।”
বৰুৱা যোৱাৰ পিছত লীনাই ক’লে, “প্ৰশান্তৰ অনুপমাৰ কথা মনত আছে নে নাই জানো”?
“কিয় নাথাকিব হে। সৰুতে সিঁহতে একেলগে খেলা ধুলা কৰিছিল নহয়”। দত্তই ক’লে। “ছোৱালীজনী প্ৰশান্তৰ কাৰণে ভালেই হ’ব যেন লাগিছেহে”।
“আপুনি ইমান সোনকালে উত্তেজিত নহ’ব চোন। এইবোৰ কথাত বেছি খৰখেদা কৰিব নালাগে”।
“এৰা বিদেশত পঢ়া শুনা কৰা ছোৱালী। তাইৰ বা আকৌ কি মত” দত্তই চিন্তাক্লিষ্ট ভাৱত ক’লে।
ইফালে অনুপমাই দেউতাকৰ লগত কথাপাতি
বুজিব পাৰিলে যে দেউতাকে যে আইতাকক লগতে যাবলৈ ওলোৱা কথাটোত বৰ ভাল পোৱা নাই। তাই
ভাবিলে যিকোনো প্ৰকাৰে দেউতাকক পতিয়ন নিয়াব লাগিব।
তাই পাছদিনা আকৌ ফোন কৰিলে, “দেউতা, আইতাৰ কাৰণে এখন হুইল চেয়াৰ
যোগাৰ কৰিব লাগিব”।
“হুইল চেয়াৰ? কিয়?” বৰুৱাৰ খংটো টিঙিচকৈ
উঠিল।
“আইতাই ভালদৰে খোজ কাঢ়িব নোৱাৰে। তেওঁৰ কাৰণে এখন হুইল ছেয়াৰৰ প্ৰয়োজন হ’ব”।
“একো দৰকাৰ নাই। কষ্ট কৰি বুঢ়ী মানুহজনীক লগত লৈ অহাৰ কোনো প্ৰয়োজন নাই। ইমান দূৰৰপৰা
খোজ কাঢ়িব নোৱাৰা বুঢ়ী এজনীক লগত লৈ অহাটো তই ধেমালি কথা বুলি ভাবিছ নেকি”?
“নাই দেউতা, একো অসুবিধা
নহয়, কেভিন আৰু
ক্লাৰাটো লগত থাকিবই। যিকোনো প্ৰকাৰে তেওঁক আনিবই লাগিব”।
অনুপমাই এনে ধৰণে কথা ক’লে দেউতাকৰ ভয় লাগি যায়। সৰুৰে পৰা তাই যিটো কৰিম বুলি ভাবিছে সেইটো কৰিবই। কোনেও বাধা দি তাইক ৰখাব
নোৱাৰে।
অনুপমাই ক’লে, “দেউতা কেভিনৰ আইতাকক লগ পালে তুমি অবাক হৈ যাবা। মই তোমাক সকলো কথা এতিয়াই কৈ
নিদিওঁ। মোৰ কাৰণেও তেখেত এক ডাঙৰ ছাৰপ্ৰাইজ”।
“ছাৰপ্ৰাইজ, কিহৰ ছাৰপ্ৰাইজ?” তাইৰ কথাত দেউতাকৰ খং
উঠিল। তেওঁ তাইক কৈ দিলে, “তই মোক সৰু ল’ৰা বুলি ভাবিছ নেকি? সৰু ল’ৰাৰ দৰে মোক ছলাহী
কথাৰে ভুলাবলৈ নাহিবি”।
শেষত তেওঁ তাইক সকীয়নি দি কয়, “মই তোৰ কথাকাণ্ড ভাল
দেখা নাই মাজনী। এনেকুৱা হ’লে তই বিদেশত পঢ়াৰ কোনো দৰকাৰ নাই”।
অনুপমাই দেউতাকৰ খঙৰ কাৰণ বুজি পায়। সেই খঙৰ মাজত তাইৰ কাৰণে থকা মৰমবোৰেইতো সোমাই আছে।
কেভিনৰ লগত মাজে-সময়ে আইতাকৰ ওচৰলৈ
যোৱাটো অনুপমাৰ এটা ভাল লগা কাম হৈ পৰিছে। কেতিয়াবা ক্লাৰাও যায়। আইতাকৰ লগত কথা
পাতি অনুপমাই এক অজান পুলক অনুভৱ কৰে।
এদিন আইতাকৰ ঘৰৰ পৰাই তাই দেউতাকলৈ
ফোন কৰিলে, “দেউতা, কেভিনৰ আইতাকৰ লগত
তুমি কথা পাতি চোৱাচোন”।
দেউতাকে আপত্তি কৰিলে, -“মোৰ কি কথা পাতিব লগীয়া আছে। মইতো
তেখেতক চিনি নাপাওঁ”।
“সেই কাৰণেই কৈছোঁ, চিনাকী হৈ লোৱাচোন”, এই বুলি তাই ফোনটো আইতাকৰ হাতত দিলে।
আইতাকে ফোনটো লৈ শুদ্ধ অসমীয়াত ক’লে, “মিষ্টাৰ বৰুৱা। আপুনি ভালে আছে”?
এক মুহূৰ্তৰ কাৰণে বৰুৱাই যেন নিজৰ
কাণ খনক বিশ্বাস কৰিব নোৱাৰিলে। এগৰাকী বিদেশী বৃদ্ধা মহিলাই বিদেশৰ পৰা তেওঁৰ লগত
অসমীয়াত কথা পাতিছে। তেওঁৰ থোতা-মোজা লাগিল।
তেওঁ ক’লে, “আছোঁ, মই ভালে আছোঁ। আপুনি অসমীয়া………?”।
আইতাকে হাঁহি মাৰি অসমীয়াতে ক’লে, “অলপ অলপ জানো। বুজি পাওঁ”।
অসমীয়াত বেছি দেৰী কথা পাতিবলৈ
তেওঁ অপাৰগ আছিল। সেয়ে পিচৰ খিনি তেওঁ ইংৰাজীতে ক’লে, “পিছে মই এতিয়া সলসলীয়াকৈ অসমীয়া ক’ব নোৱাৰো। আপোনাৰ ছোৱালীজনী খুব ভাল। তাই মোক খুব মৰম কৰে। মই বহু দিন আগতে
অসমত আছিলোঁ। মই ডিগবৈ দেখিছোঁ। আপোনাক লগ পাবলৈ বাট চাই আছোঁ”।
“নিশ্চয়, নিশ্চয়। আপুনি আহিব।
বৰ ভাল লাগিব”, বৰুৱাৰ মুখৰ
পৰা কথাবোৰ যেন আপোনা আপুনি ওলাই আহিল। ফোনটো থোৱাৰ পিছতো কিছু পৰ তেওঁ যেন তভক
মাৰি থাকিল।
অনুপমাই যেন সঁচাকৈয়ে এইবাৰ বহুত ‘ছাৰপ্ৰাইজ’ লগত লৈ আহিব, এনে লাগিল তেওঁৰ।
তেওঁ অনুপমাক এদিন সুধিলে, “এই কেভিন ল’ৰাজন কেনেকুৱা”?
“ভাল দেউতা, কেভিন এজন বৰ ভদ্ৰ ল’ৰা। তুমি লগ পাই ভাল পাবা”।
কিয় জানো, অনুপমাৰ মুখত কেভিনৰ প্ৰশংসা শুনিলে তেওঁৰ
বুকুখন বিষাই যায়। কিন্তু তেওঁৰ এনে লাগে অনুপমাই ভাল বুলিছে যেতিয়া কেভিন নিশ্চয়
ভাল ল’ৰাই হ’ব। তেওঁৰো মন যায় ল’ৰাজনক এবাৰ লগ পাবলৈ।
অনুপমাই এদিন কেভিনক ক’লে, “আমি এদিন বজাৰলৈ যাম। আইতাৰ কাৰণে কেইযোৰমান
ভাল পোছাক কিনিব লাগিব”।
“পোছাক? কিয়?” কেভিন যেন অলপ আচৰিত হ’ল।
“তুমি আইতাৰ পোছাক বোৰ দেখিছানে? তেওঁৰ পোছাকবোৰ বাহিৰলৈ যাব পৰা হৈ থকা নাই। পুৰণি হৈ গৈছে। মই ভাবিছোঁ ফ্ৰক
বা গাউন জাতীয় কেইটামান চোলা কিনিব লাগিব। ভাৰতত লণ্ডনৰ দৰে ঠাণ্ডা নপৰে। গতিকে ভাৰতত
ডিছেম্বৰৰ শীতত পিন্ধিব পৰাকৈ দুটা জেকেট লব লাগিব”।
কেভিনে তাইৰ কথাত হয়ভৰ দিলে। সি
অনুভৱ কৰিলে অনুপমাই লাহে লাহে আইতাকৰ কথা তাতকৈ বেছি জনা হৈছে।
দিন যোৱাৰ লগে লগে কেভিনৰ লগত
অনুপমা সহজ হৈ পৰিল। তাক তাই এজন ভাল বন্ধু হিচাপে গ্ৰহণ কৰিলে। তাইৰ অকলশৰীয়া মুহূৰ্তবোৰত
কেভিনৰ কথা তাইৰ মনলৈ আহিবলৈ ধৰিলে।
সেই মুহূৰ্তবোৰত তাইৰ এনে লাগে যে
ক্লাৰা হয়তো পৃথিৱীৰ আটাইতকৈ ভাগ্যৱতী ছোৱালী। তাইৰ ক্লাৰালৈ ঈৰ্ষা হয়।
কিন্তু যিয়েই নহওক, তাই এই বুলিয়েই
সন্তুষ্টি লাভ কৰে যে বিপদে-আপদে সহায়ৰ বাবে মাতিব পৰা মানুহ এজন তাইৰ জীৱনত আছে।
এদিন অকলে বজাৰ কৰিবলৈ যাওঁতে তাইৰ
পইচাৰ বেগটো কোনোবাই বেগৰ পৰা উলিয়াই লৈ গ’ল। ইউৰোপৰ পকেটমাৰৰ কথা তাই শুনিছিল, কিন্তু এইবাৰ নিজেই
দেখিলে। তাইৰ হাতত উভতি অহাৰ পইচাও নাছিল। তাইৰ কান্দো কান্দো অৱস্থা হ’ল। সেই বেগটো তাইৰ বৰ মৰমৰ আছিল।
মাকে দিয়া সেই উপহাৰটো তাইৰ বাবে আপুৰুগীয়া আছিল। সেই সময়ত তাই সহায় বিচাৰিব পৰা
মানুহ কেভিনেই আছিল।
তাই কেভিনক ফোন কৰি কথাটো কোৱাত সি
গাড়ী লৈ আহি ওলাল।
“ইয়াত এনেকুৱা ঘটনা হৈয়েই থাকে। ব’লা পুলিছ ষ্টেশ্যনলৈ”। সি হাঁহি মাৰি ক’লে।
“পুলিছ ষ্টেশ্যন কিয়”? পুলিছ ষ্টেছনৰ কথা শুনি অনুপমাই ভয় খালে। এইবোৰ ঘটনাৰ বাবে মানুহে পুলিছৰ
ওচৰলৈ যোৱা তাই কেতিয়াও দেখা নাই।
“পুলিছে আমাক সহায় কৰিব। ইয়াত পুলিছ খুব সক্ৰিয়, জনতাৰ বন্ধু”, সি অভয় দিলে।
সি তাইক ওচৰৰ পুলিছ ষ্টেশ্যন এটালৈ
লৈ গ’ল। পুলিছ ষ্টেশ্যনৰ
বিষয়ে তাইৰ মনত ভাল ধাৰণা নাছিল। পুলিছ ষ্টেশ্যন বোৰ তাই ভয় লগা, দাগী, অপৰাধীৰে ভৰি থকা ঠাই
বুলি ভাবিছিল। হিন্দী চিনেমাবোৰ চাই তাইৰ পুলিছ ষ্টেশ্যনৰ বিষয়ে এনে ধাৰণা হৈছিল।
পুলিছ ষ্টেশ্যনত সেয়া আছিল তাইৰ প্ৰথম পদাৰ্পণ।
পিছে পুলিছ ষ্টেশ্যনৰ ভিতৰ সোমাই
তাই আচৰিত হৈ গ’ল। তাই চিনেমাত
দেখা ভাৰতৰ পুলিছ ষ্টেশ্যনআৰু ইউৰোপৰ পুলিছ ষ্টেশ্যনৰ কোনো তুলনাই নহয়। তালৈ গৈ
তাইৰ কোনোবা হোটেলৰ লবিলৈ অহা যেনহে লাগিল। তাইক প্ৰথমতে লৈ যোৱা হ’ল এটা কম্পিউটাৰৰ ওচৰলৈ। তাইক তাত বহুৱাই অফিচাৰ এজনে কম্পিউটাৰটোত স্বয়ংক্ৰিয়
ভাৱে মেনুৰ আকাৰত ওলাই থকা পেজবোৰত কম্পিউটাৰে নিৰ্দেশ কৰা মতে কথাবোৰ লিখিবলৈ ক’লে। তাই নিজৰ নাম, ঠিকনা, ফোন নম্বৰ, পাছপোৰ্ট নম্বৰ, ভিছাৰ সবিশেষ আদি
ব্যক্তিগত তথ্যবোৰ দিয়াৰ উপৰিও হৈ যোৱা ঘটনাটোৰ সবিশেষ কম্পিউটাৰত টাইপ কৰিবলগীয়া
হ’ল। অফিচাৰ জনে
লগত থাকি তাইৰ খোকোজাবোৰ দূৰ কৰাত সহায় কৰিলে।
তাইৰ লিখা হৈ যোৱাৰ পিছত অফিচাৰ
জনে তাই কোৱা কথা খিনিৰ এটা প্ৰিণ্ট উলিয়ালে। তাৰ পিছত দুয়োকে এটা কোঠালৈ মতা হ’ল। সেইটো কোঠাত আন এজন অফিচাৰে
দুয়োকে ছোফাত বহুৱাই লৈ অতি সৌহাদ্যপূৰ্ণ পৰিৱেশত কথা পাতিলে। তাই লিখা বিৱৰণীৰ
ওপৰত ভিত্তি কৰি ঘটনাটোৰ খুঁটি-নাটি তেওঁ জানিব খুজিলে। তাই কোৱা কথাবোৰ তেওঁ নোট
কৰি গ’ল। সামান্য
পকেট মৰা ঘটনা এটাকে ইমান গুৰুত্ব দিয়া কাৰণে তাই আচৰিত হ’ল।
“চিন্তা নকৰিব। আমি আশা কৰিছোঁ যে সোনকালেই আমি অপৰাধীক বিচাৰি উলিয়াব পাৰিম”, পুলিছ বিষয়া জনে ছিল
মোহৰ মৰা কাগজ এখন অনুপমাৰ হাতত দিলে। সেই কাগজ খনত ঘটনাটোৰ সবিশেষ, অনুপমাৰ ঠিকনা, ফোন নং আদি লিখা আছিল।
তেওঁলোকে অভিযোগ পঞ্জীয়ন কৰাৰ প্ৰমাণ পত্ৰ আছিল সেইখন।
অনুপমাই ভাবিছিল, সেইবোৰ পুলিছৰ ভেকো
ভাওনা। ক’ত তেওঁলোকে
বিদেশী ছোৱালী এজনীৰ হেৰোৱা সামান্য পইচাৰ বেগ বিচাৰি যাব।
কিন্তু তাই আচৰিত হ’ল যেতিয়া এসপ্তাহ পিছতে বেগটো
চিনাক্ত কৰিবলৈ তাইক আকৌ পুলিছ ষ্টেশ্যনলৈ মাতিলে। তাই বেগটো পালে। এজন নামজ্বলা
পকেট মাৰৰ ঘৰৰ পৰা পুলিচে তাইৰ বেগটো উদ্ধাৰ কৰিলে।
অনুপমাই উচ্ছাসতে কেভিনক ফোন কৰিলে, “কেভিন, মই মোৰ বেগটো ঘূৰাই
পালোঁ, তুমি বিশ্বাস
কৰিবানে”?
সেইদিনাই আবেলি কেভিন আৰু ক্লাৰাই
অনুপমাক লগ ধৰিবলৈ আহিল। ক্লাৰাই অনুপমাক দেখিয়েই চিঞৰি উঠিল, “তুমি আজি পাৰ্টী দিব
লাগিব। তোমাৰ মূল্যবান বস্তুটো আজি ঘুৰাই পাইছা। কেভিনৰো কিমান যে ফূৰ্তি। তুমি ফোন কৰা সময়ৰ পৰাই তোমাক লগ পাবলৈ ব্যাকুল হৈ
আছে”।
অনুপমাই বুজিলে, কেভিনে হয়তো তাইৰ লগত
পতা প্ৰতিটো কথাই ক্লাৰাক কয়। তাইৰ লগত কেভিনে কটোৱা প্ৰতিটো মুহূৰ্তৰ খবৰ ক্লাৰাই
পায়। তাইৰ মনটো আনন্দৰ পৰিৱেশতো হঠাতে যেন উদাস হৈ গ’ল।
কেভিনে অনুপমাৰ লগত কৰমৰ্দন কৰি
হাঁহি হাঁহি ক’লে, “মোৰ বৰ ভাল লাগিল, তুমি যে তোমাৰ মায়ে
দিয়া উপহাৰটো ঘূৰাই পালা”।
তাইৰ মাকে দিয়া উপহাৰটো ঘূৰাই
পোৱাৰ কথাটো তাই যেন তেতিয়াহে অনুভৱ কৰিব পাৰিলে। মাকে দিয়া উপহাৰ বাবেই ঘূৰাই
পোৱা বেগটোৰ যে এক বিশেষ গুৰুত্ব আছে, কেভিনেহে যেন তাইক বুজাই দিলে।
“ব’লা আজি
চেম্পেইন খাওঁ। ছিয়েৰ্ছ ফৰ অনুপমা”। ক্লাৰাই একেই উচ্ছাসত ক’লে।
অনুপমাৰো মন গ’ল দুয়োকে পাৰ্টী দিবলৈ। তাই বেগটো ঘূৰাই
পোৱাৰ আনন্দত সিহঁত দুয়ো ফুৰ্তি কৰক। তাতেই তাই সন্তোষ পাব।
তিনিও ওলাই গ’ল। ক্লাৰাৰ কথামতেই অনুপমাই এটা
চেম্পেইনৰ বটল কিনিলে। ক্লাৰাই বটলটো খুলি আটাইৰে গাত চেম্পেইন ছটিয়াই লগে লগেই
উদযাপন কৰিব বিচাৰিছিল।
অনুপমাই ক’লে, “এই বটলটো তোমালোকে মোৰ নামত ঘৰত খুলিবা। মোৰ আজি বহুত কৰিব লগীয়া কাম আছে।
তোমালোক দুয়ো আজি মোৰ বাবে ফূৰ্তি কৰা”।
“সেইটো কেনেকৈ হ’ব। আমি তিনিও চেলিব্ৰেট কৰিম” - ক্লাৰাই ফেপেৰি পাতি ধৰিলে।
“নাই ক্লাৰা, আজি মোক অকলে
থাকিবলৈ দিয়া। মোৰ সঁচাকৈয়ে বহুত কাম আছে”।
কেভিন আৰু ক্লাৰাৰ সম্পৰ্ক
সম্বন্ধে অনুপমাই কেতিয়াও কেভিনক বা ক্লাৰাক সোধা নাই। এনে কথা সুধিবলৈ তাইৰ সংকোচ
হয়। তাতে এইখন দেশত কোনেও কাকো ব্যক্তিগত কথা নোসোধে। কিছুমান কথা নোসোধাকৈয়ে
অনুমান কৰিব পাৰি।
অকলশৰীয়া মূহুৰ্তত কেভিনৰ কথা তাইৰ
মনলৈ আহে। তাৰ বয়স হয়তো ত্ৰিছৰ উচৰা-উচৰি। এনে বয়সত
ইংৰাজ ল’ৰা এজনৰ গাৰ্লফ্ৰেণ্ড
নথকাটোহে আচৰিত কথা। এনে বয়সত বহুত ল’ৰা-ছোৱালীয়ে একেলগে সহবাস কৰি সন্তানৰো জন্ম দিয়ে। বিয়াৰ কথা পাছতহে ভাবে।
ক্লাৰা তাইৰ সম বয়সৰ, চৌবিছ – পঁচিছ বছৰীয়া
যেন লাগে। নীলাভ চকু আৰু সোণালী চুলিকোচাৰে ক্লাৰা ধুনীয়া, মৰমলগা ছোৱালী।
ক্লাৰাৰ কথা-বতৰাৰ পৰা তাই অনুমান
কৰিব পাৰিছে যে ক্লাৰাই কেভিনক খুব ভাল পায় আৰু তাক এৰি থাকিব নোৱাৰে। সেই কাৰণেই
তাই তাৰ লগত ভাৰতলৈ যাবলৈ ওলাইছে। অনুপমাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে, দুয়োকো যেন সুখী কৰে।
নিজৰ কোঠালৈ উভতি আহি অনুপমাই তাইৰ
বিছনাখনত বাগৰি দিলে। তাই ধৰিব নোৱাৰিলে তাইৰ বেগটো ঘূৰাই পোৱাৰ আনন্দ হঠাতে কিয়
জানো নাইকীয়া হৈ গ’ল। পাঁচ পাউণ্ড খৰচ কৰি আনন্দ কৰিবলৈ ক্লাৰা আৰু কেভিনক চেম্পেইনৰ বটল এটা
কিনি উপহাৰ দিয়াৰ পিছতো তাইৰ মনটো যেন উদাস হৈ থাকিল।
নিজৰ পঢ়া শুনাৰ লগতে অনবৰত ব্যস্ত
থকা অনুপমাৰ কোনো বিশেষ বন্ধু নাই। মন বেয়া লাগিলে তাই কাষৰ কোঠাত থকা মেলিনাৰ
কোঠাত সোমায়।
দুবাৰ মান টুকুৰিওৱাৰ পিছত মেলিনাই
দুৱাৰ খুলি দিলে।
“টেনিছ খেলিবলৈ যাবা নেকি?” সেইটো সময়ত অনুপমাক দেখি মেলিনাই সুধিলে। মাজে মাজে সন্ধিয়া দুয়ো টেনিছ
খেলিবলৈ ওলাই যায়। মেলিনাৰ লগত অনুপমাই জিকিব নোৱাৰে যদিও খেলৰ পিছত কেফেটেৰিয়াত
বহি তাইৰ লগত কথা পাতি সময় পাৰ কৰিবলৈ তাইৰ ভাল লাগে।
“নাই নাযাওঁ। আজি একো কৰিবলৈ মন যোৱা নাই”।
অনুপমা আৰু মেলিনা একেলগে বহিল।
মেলিনা সাংঘাটিক ফূৰ্তিবাজ ছোৱালী। জীৱনটো উপভোগ কৰি ভাল পায়।
“আজি ৰাজা আহিছিল, সি মোক ছুইজাৰলেণ্ডলৈ যাবলৈ লগ ধৰিছে”, মেলিনাৰ চকুত উচ্ছাস। ৰাজা তাইৰ বয়ফ্ৰেণ্ড, চেন্নাইৰ ল’ৰা। ছফটৱেৰ কোম্পানীত কাম কৰে।
“খুব ভাল কথা মেলিনা। দুয়ো খুব এনজয় কৰিবা”। মুখত হাঁহি আনিবলৈ চেষ্টা কৰি অনুপমাই ক’লে।
“হেই অনুপমা, তোমাৰ সেই
ইংৰাজ বয়ফ্ৰেণ্ডৰ কি খবৰ। ডেটিং কৰি আছা নে নাই?” কিবা এটা মনত পৰাৰ দৰে উচ্ছাসেৰে মেলিনাই ক’লে।
“নাই, নাই। মোৰ কোনো
বয়ফ্ৰেণ্ড নাই মেলিনা”।
মেলিনাই অনুপমাৰ মুখৰ উদাসীনতা
খিনি ধৰিব পাৰিলে। তাই ক’লে, “তোমাৰো
বয়ফ্ৰেণ্ড থাকিলে ভাল আছিল অনুপমা, আমি দুটা কাপল একেলগে ফুৰিবলৈ গ’লোহেঁতেন”।
অনুপমাই ক্ষীণ হাঁহি এটা মাৰি কয় -
“আগতে পঢ়া শুনা
বোৰ শেষ কৰি লওঁ ৰ’বা। তোমালোকে এতিয়া ফূৰ্তি কৰা, মই বিয়াৰ পিছত ফূৰ্তি কৰিম”।
No comments:
Post a Comment