Friday, July 28, 2017

খণ্ড ১৬

পিচদিনা অনুপমাই দেউতাকলৈ ফোন কৰিলে। কথাৰ মাজতে তাই হাতীৰ কথা উলিয়ালে।
হাতী? তোক হাতী আকৌ কিয় লাগে”? বৰুৱাই জাপ মাৰি উঠিল।
মোক নালাগে দেউতা, ক্লাৰাই যে ডকুমেণ্টৰী এখন কৰিব বুলি কৈছিলোঁ, সেইখনৰ কাৰণে লাগে
অনুপমাৰ কথা কাণ্ডবোৰ যোগেন বৰুৱাই সঁচাকৈয়ে বুজি নোপোৱা হৈছে। তেওঁ ভাবিলে, এই ইংৰাজ লৰা ছোৱালী দুটাই তাইৰ মূৰটো খালে। এতিয়া তাইৰ কিছুমান কথাত তেওঁৰ খং উঠি আহে।
মই নোৱাৰোঁ এই হাতী চাতী বন্দোবস্ত কৰিবলৈ। সেইবোৰ কথা মোক নকবি”, তেওঁ খঙতে কৈ পেলালে।
দেউতা, তোমাক নকৈ মই আৰু কাক কমনো? মোৰ আৰুনো কোন আছেঅনুপমাৰ মৰম সনা কথাত তেওঁৰ মন গলি যায়। তেওঁ আৱেগিক হৈ উঠে। শেষত তেওঁ উপায় নাপাই কৈ পেলায়্, “ব দে মাজনী, মই কিবা এটা কৰিম। তই চিন্তা নকৰিবি
বন বিভাগৰ ৰেঞ্জাৰ শইকীয়া তেওঁৰ চিনাকি। ডিগবৈত বন বিভাগৰ হাতত কেইটামান হাতী আছে। যোৰাজানৰ পৰা পাটকাই পৰ্বতলৈ বিস্তৃত হৈ থকা বিশাল সংৰক্ষিত বনাঞ্চল পহৰা দিবলৈ বন বিভাগে হাতীৰ ব্যৱহাৰ কৰে। বন বিভাগত খবৰ কৰিলে হয়তো হাতী পোৱা যাব পাৰে।
পিছদিনা তেওঁ বন বিভাগৰ অফিচলৈ গৈ শইকীয়াক কথাটো বিৱৰি কলে। শইকীয়াই সমগ্ৰ কাৰণ দৰ্শাই এখন আবেদন কৰিবলৈ পৰামৰ্শ দিলে। তেওঁ এদিনৰ কাৰণে দুটা হাতী দিব পৰা যাব বুলি মৌখিক আশ্বাস দিলে।
দুদিন পিছতে অনুপমাই আকৌ ফোন কৰিলে। দেউতা, পূজা ফিল্ডৰ ওচৰত যে এটা ক্লাব ঘৰ আছিল, এতিয়াও আছেনে”?
ক্লাব ঘৰ? আছে কিজানি। পিছে কিয় সুধিলি”?
সেই ক্লাবৰ লৰা বিলাকে দুৰ্গাপূজাত খুব ধুনীয়া নাটক কৰিছিল যে তোমাৰ মনত আছেনে”?
আছে আছে। এতিয়াও তেওঁলোকে দুৰ্গা পূজাত নাটক কৰে
সেইটো ক্লাবত পাৰ্থ বুলি বঙালী লৰা এজন আছেসৰুতে আমাৰ স্কুলতে পঢ়িছিলসি খুব ভাল নাটক কৰে। তুমি চিনি পোৱানে”?
তই কি কব বিচাৰিছ পোনে পোনে ক। কোন পাৰ্থৰ কথা কৈ আছ তইবৰুৱাৰ আকৌ খংটো চুলিৰ আগ পালেহি। কোন এই পাৰ্থৰ উলিয়াব বিচাৰিছে বাৰু তাই? কোনো পাৰ্থক তেওঁ চিনি নাপায়।
দেউতা, তুমি এদিন আবেলি গৈ পাৰ্থক লগ কৰিবাচোন। সেই ক্লাবটোত খবৰ কৰিলেই পাবা। মোৰ কথা কলে সি তোমাক চিনি পাব। তাক কবা ডিচেম্বৰৰ শেষ সপ্তাহত আমি এখন চুটি চিনেমাৰ শ্বুটিং কৰিম। সেই খনত অভিনয় কৰিবলৈ ছয় সাত জন লৰা লাগিব। অভিনয়ৰ বিনিময়ত তেওঁলোকক পাৰিশ্ৰমিকো দিয়া হ
অনুপমাৰ বহুতো কথা বৰুৱাই অনিচ্ছা সত্ত্বেও শুনিব লগীয়া হয়তাই কোৱা মতেই কৰিব লগীয়া হয়। অনুপমাই কোৱা মতেই পিছদিনা আবেলি তেওঁ ক্লাবঘৰটো বিচাৰি উলিয়ালে আৰু তাত পাৰ্থ নামৰ ল'ৰাজনক লগ কৰিলে। পাৰ্থই অনুপমাৰ কথা কওঁতে চিনি পালে। সি অনুপমাতকৈ বয়সত সৰু, তাইক বাইদেউ বুলি মাতে। সি আশ্বাস দিলে যে যেতিয়াই বিচাৰে সি ছয় সাতজন লৰা অভিনয়ৰ বাবে যোগাৰ কৰি দিব পাৰিব।
আন এদিন ফোন কৰি তাই কলে, “দেউতা আমাৰ ফিয়েট গাড়ীখন হাবিয়ে জংগলে চলাই নিব পৰা হৈ আছেনে”?
হাবি জংগলত গাড়ী নিবি কিয়? আমাৰ গাড়ীখন লৈ হাবিয়ে জংগলে যোৱাৰ কথা মোৰ আগত নকবি। গাড়ীখন এইবোৰ কামৰ বাবে মই নিদিওঁদেউতাকে খাৰাংখাচকৈ কৈ দিলে।
সেইটোতো ময়ো জানো দেউতা। গাড়ীখন তোমাৰ কিমান যে মৰমৰ। আমি যে অসমত কেভিনৰ ৰিছাৰ্চৰ কামত হাবি জংগললৈ যাব লগীয়া হব পাৰে দেউতা। সেইকাৰণে তোমাৰ গাড়ীখন একেবাৰেই ব্যৱহাৰ নকৰোঁ। তুমি আমাৰ কাৰণে এখন অলপ ডাঙৰ ছুমোৰ দৰে গাড়ী ব্যৱস্থা কৰিব পাৰিবা নহয়”?
ডাঙৰ গাড়ী? কিয় লাগে তোক ডাঙৰ গাড়ী”? দেউতাকৰ লাহে লাহে খং উঠাৰ কথা অনুপমাই উপলব্ধি কৰিলে।
লাগে দিয়াচোন। আমাৰ ঘৰত লণ্ডনৰ পৰা আলহী যাব। তেওঁলোকেতো ইয়াত প্ৰকাণ্ড প্ৰকাণ্ড গাড়ীত ঘূৰি ফুৰে। তেওঁলোকৰ আগত আমি আমাৰ সন্মান ৰাখিব নালাগিব জানো। তাতে তেওঁলোকে গৱেষণা আৰু চিনেমাৰ কামত হাবিয়ে জংগলে ঘূৰি ফুৰিব। আমাৰ সেই পুৰণি ফিয়েট খনেৰে হব জানো? সেইকাৰণে দহ দিন মানৰ কাৰণে ডাঙৰ গাড়ী এখন ঠিক ঠাক কৰি থবা”, অনুপমাই কৈ গল।
অনুপমাৰ কথা মতেই বৰুৱাই স্থানীয় বাছ ষ্টেণ্ডত খবৰ কৰিলেদৈনিক হিচাপত ছুমো বা বলেৰো এখন ভাড়াত লোৱাটো একো ডাঙৰ কথা নহয়। পিছে দহ বাৰ দিনৰ কাৰণে একেখন গাড়ী বন্দোবস্ত কৰিলে মূল ভাড়াটো অলপ উনৈশ বিশ কৰিব পৰা যায়। এজনৰ লগত তেওঁ বলেৰো এখনৰ কাৰণে কথাও পাতিলে।
অনুপমাই আন এদিন ফোন কৰি কলে, “দেউতা তুমি তো উজনি অসমৰ বহুতো ঠাই দেখিছা। ডিব্ৰুগড় তুমি প্ৰায়েই গৈ থাকা নহয়নেঅনুপমাই এনে সুৰত কথা কলেই তেওঁ সাৱধান হৈ পৰে। অনুপমাই যে কিবা বিচাৰিব তেওঁ বুজি পায়। সৰুৰে পৰা তাই কিবা বিচাৰিব লগীয়া হলে এনেদৰে ঘূৰাই পকাই কথা কয়।
ওঁ , মই ডিব্ৰুগড়লৈ মাজে সময়ে গৈ থাকোঁ। তোৰ কি কব লগীয়া আছে কৈ দেবৰুৱাই পোন কথাত কলে।
দেউতা তুমি ডিব্ৰুগড়ৰ মধুপুৰ চাহ বাগানৰ নাম শুনিছানে”?
মধুপুৰ বাগিচা? নাই শুনা কেতিয়াও। মধুটিং নামৰ বাগিচা এখন দুলীয়াজানৰ পিনে থকা কথা জানো
তুমি ৰঙাজান গাঁৱৰ নামতো নিশ্চয় শুনিছা দেউতা”, অনুপমাই আগ্ৰহেৰে কলে।
ৰঙাজান গাঁও? থাকিব পাৰে। গোলাঘাটৰ পিনে আছে নেকি তেনে নামৰ গাঁও এখনবৰুৱাই চিন্তা কৰি কলে।
দেউতা, ডিব্ৰুগড়ৰ ৰঙাজান গাঁও, একেবাৰে মধুপুৰ বাগিচাৰ গাতে লগা। শুনিছানে নামটো”?
নাই, কেতিয়াও শুনা নাই। কিয় সুধিলি”?
মই যে কেভিনৰ আইতাকৰ কথা কৈছিলোঁ, তেওঁৰ চিনাকি, মানুহ কোনোবা মধুপুৰ বাগিচাত বা ৰঙাজান গাঁৱত ওলাব পাৰে। সম্ভাৱনা খুব কম। তথাপি যদি কিবাকৈ গাঁওখন বিচাৰি উলিয়াব পাৰি
মই সোধা পোচা কৰি তোক পিছত জনামবৰুৱাই কলে। বৰুৱাৰ মনত পৰিল ডিব্ৰুগড়ৰ মাজ মজিয়াতে থকা জালান নগৰ বাগিচাৰ মেনেজাৰ হিচাপে বহুদিন কাম কৰা তেওঁৰ বন্ধু অপূৰ্বৰ কথা। অপূৰ্বৰ ফোন নম্বৰটো ক'ৰবাত লিখি থোৱা আছিল। তেওঁ ফোনৰ নম্বৰ লিখি থোৱা বহী খন লুটিয়াই মেলি চাই এঠাইত অপূৰ্বৰ নম্বৰ পালে।
অপূৰ্বৰ পৰা কিছু অনুসন্ধান কৰি তেওঁ গম পালে বৰ্তমান ডিব্ৰুগড়ৰৰ সমীপৱৰ্তী মাইজান চাহ বাগিচাৰ কোনোবা এটা অংশই হয়তো এসময়ত মধুপুৰ নামেৰে জনাজাত আছিলএই বাগিচা খনৰ ওচৰে পাজৰে থকা গাঁওবোৰৰে হয়তো কোনোবা এখন এসময়ত ৰঙাজান গাওঁ আছিল। বহুতো গাঁও হেনো গৰাখহনীয়াত লুইতৰ বুকুত সোমাল। আন কিছুমান গাঁও ডিব্ৰুগড় চহৰে সাঙুৰি ললে। হয়তো ৰঙাজান তেনে এখন গাঁৱেই আছিল। তেওঁ কথাবোৰ অনুপমাক কলে আৰু তাইক জনালে যে বহুদিনৰ পুৰণা কথাবোৰৰ আঁত উলিওৱাটো সহজ নহয়।
আন এদিন ফোন কৰি কেভিনৰ আইতাকৰ  কাৰণে এখন হুইল চেয়াৰৰ ব্যৱস্থা কৰাৰ কথাও অনুপমাই দেউতাকক কলে।
দেউতা তেখেত দুৰ্বল, বয়সো ভালেখিনি হৈছে। ভালদৰে খোজ কাঢ়িব নোৱাৰে। তেওঁৰ কাৰণে এখন হুইল চেয়াৰৰ প্ৰয়োজন হব। তুমি এবাৰ আই অচি হস্পিতালত খবৰ কৰি চাব পাৰাঅনুপমাই বৰ কোমলকৈ দেউতাকক কথাখিনি ক'লে।
সেই বুঢ়ী মানুহ জনীক লগত আনি বিপদ চপাই লবলৈ কিয় বিচাৰিছ? তাতে আমাৰ ঘৰত আলপৈচান ধৰিবলৈ মানুহ আছে কেইটামই তোক বাৰে বাৰে কৈ আছোঁ এইটো কথা”, এনেবোৰ কথাত বৰুৱাৰ খং উঠে। তেওঁ ভাবে, কিনো দৰকাৰ বাটৰ কচু গাত ঘঁহি লোৱাৰ। অৰুণিমা জীয়াই থাকিলেও কথা আছিল যেন তেন
দেউতা, মোৰ আইতা যদি জীয়াই থাকিল হেঁতেন আৰু তেওঁৰ কাৰণে যদি এখন হুইল চেয়াৰ দৰকাৰ হল হেঁতেন, তেতিয়াও তুমি এনেকৈ কলা হেঁতেন নে”?
অনুপমাৰ এই ধৰণৰ কথাবোৰে তেওঁক দুৰ্বল কৰি পেলায়। জীয়েকৰ লগত কথাত দেউতাকে নোৱাৰেসেয়েহে সদায় তাই বিচৰাটোৱেই হয়গৈ।
লোকৰ অনুগ্ৰহ বিচাৰি  অনুৰোধ কৰি ফুৰা কামটো বৰুৱাই ভাল নাপায়। কিন্তু অনুপমাৰ পৰা তেওঁৰ উপায় নাই।  তেওঁ হুইল চেয়াৰ এখনৰ বাবে ডিগবৈ আই অচি হস্পিতালত খবৰ কৰিলে। তেওঁক কোৱা হল যে এখন হুইল চেয়াৰ মেৰামতিৰ অভাৱত অব্যৱহৃত হৈ পৰি আছে। সেইখনকে মেৰামতি কৰি কেইদিনমানৰ কাৰণে কামত লগাব পাৰে।
এদিন তেওঁ লগত এজন ভাল বুলি নাম থকা চাইকেল মেকানিকক লৈ সেইখন চাই আহিলগৈ। মেকানিক জনে কলে সেইখনৰ মেৰামতি তিনিচুকীয়াতহে কৰিব পৰা হব। ডিগবৈত সেই সুবিধা নাই। বৰুৱাই টকা পাঁচশ হাতত দি মেকানিক জনক সেইখন মেৰামতি কৰি আনিবলৈ তিনিচুকীয়ালৈ পঠিয়াই দিলে
মুঠতে নৱেম্বৰ মাহৰ শেষৰ পিনৰ পৰা বৰুৱা ব্যস্ত হৈ পৰিল অনুপমা আৰু তাইৰ লগত আহিবলগীয়া আলহী সকলৰ আগমনৰ যা যোগাৰততেওঁ বুজিলে, এইবাৰ অনুপমাৰ ঘৰত থকা সময়খিনি বেছ ব্যস্ততাৰ মাজেৰে পাৰ হব। গৱেষণা কৰিবলৈ অহা ল'ৰা ছোৱালী হালৰ লগতে হয়তো তাই ব্যস্ত হৈ থাকিব। তদুপৰি সেই আলৰ বুঢ়ীজনীতো আছেই।
তেওঁ শংকিত হল এই ব্যস্ততাৰ মাজত এটা অতি প্ৰয়োজনীয় কাম কৰিবলৈ থাকি যাব নেকি?
তেওঁ থিৰাং কৰিলে, জীয়েকৰ যিমানে ব্যস্ততা নাথাকক কিয় প্ৰশান্তৰ লগত তাইৰ বিয়াৰ কথা তেওঁ আগবঢ়াবই লাগিবপ্ৰশান্তৰ কথা তেওঁ তাইক কবলৈ সুবিধাই পোৱা নাই। তেওঁৰ ভয় হয়, তাই পোনচাটেই কথাটো নাকচ কৰি দিলে বৰ বেয়া কথা হব। তাই নিজৰ মতে চলা ছোৱালী। কোনো এটা কথা এবাৰ নাকচ কৰিলে তাইক সৈমান কৰোৱাটো সহজ কাম নহয়। সেয়েহে তেওঁ ভাবিলে, তাই অহাৰ পিছতে তেওঁ চেগ বুজি কথাটো উলিয়াব। প্ৰবীৰ দত্ত হঁতৰ ঘৰলৈকো তাইক এবাৰ লৈ যাব। তেওঁলোককো মাতিব
ইপিনে হৰিকাইৰো চিন্তা হল। ঘৰলৈ প্ৰথম বাৰৰ বাবে বিদেশী আলহী আহিব। বিদেশী কেইজনে খায় বা কি? তেওঁলোকে অসমীয়া মানুহে খোৱাৰ দৰে ভাত, দাইল, মাছ তৰকাৰী বা খায়নে নাখায়। তেওঁ কথাটো এদিন বৰুৱাৰ আগত উলিয়ালে
ছাৰ, বিদেশী আলহীয়ে বা কি খাই ভাল পায়, মইতো একো নাজানো। আমি ৰন্ধা বস্তু তেওঁলোকে বা খায় নে নাখায়
আমি যেনেকৈ খাওঁ, তেনেকৈয়ে বনাবি। কিমান বিদেশী ডিগবৈলৈ আহি আমাৰে ভাত, দাইল, খাৰ , টেঙা টকালি পাৰি খাই গৈছে। এইকেইজনে নোৱাৰিব নে? সেই কেইদিন কুকুৰা, ছাগলীৰ মাংস সঘনে বনাব লগীয়া হব পাৰেকাৰণ বিদেশী বোৰে খুব মাংস খায়। মাংস থাকিলে লগত যিয়েই নিদিয়, সকলো খাই দিব পাৰে”, বৰুৱাই কৈ গল।
আৰু তই ভয় খাইছ কিয়, মাজনী চোন থাকিবই। তাই তেওঁলোকৰ খোৱা বোৱাৰ দায়িত্ব নিজেই ল, তই চিন্তাই নকৰিবি। তই মাথোন তাই কোৱা মতে বনাই গলেই হবৰুৱাই হৰিকাইক অভয় দিলে।
হৰিকাইৰ আন এটা চিন্তা হ, “ছাৰ, মইতো ইংৰাজী বুজি নাপাওঁ। তেওঁলোকে কিবা ক'লে মই একো ধৰিবই নোৱাৰিম। মই কিবা কলেও তেওঁলোকে বুজি নাপাব
তই তেনেহলে কি ইংৰাজী শিকিব খুজিছ নেকি”? বৰুৱাই তাৰ পিনে পেন্দোৱাকৈ চাই সুধিলে।
হৰিকায়ে লাজ কৰিলে। নাই ছাৰ, মই টিভি চাই চাই অলপ চলপ ইংৰাজী  কব পৰা হৈছোঁৱেই। ইয়েছ চাৰ, নো চাৰ, কাম, গো এইবোৰ মই জানোৱেই
বৰুৱাৰ হাঁহি উঠিল। "আৰু কি কি জান কচোন"
"ব্লাডি ফুল, ডেম ফুল, ' টু হেল, বাষ্টাৰ্ড এইবোৰ কথা বিদেশী চিনেমাবোৰ চাই শিকিছোঁ"। হৰিকায়ে লাজ লাজকৈ ক'লে।
বৰুৱাই তাৰ কথা শুনি ঢেক ঢেক কৈ হাঁহি কলে, “'ব দে। তই ইংৰাজী জানিব নালাগে। সেই কেইদিনত সিহঁতেহে তোৰ পৰা অসমীয়া শিকি ল
আনপিনে যাত্ৰাৰ দিন চমু চাপি অহাৰ লগে কেভিনৰ ব্যস্ততা বাঢ়িল। ভাৰতলৈ যাবলৈ হলে যোৱাৰ আগে আগে কেইটামান প্ৰতিষেধক বেজী লৈ যাবলৈ চিকিত্সকে সেইখন দেশত পৰামৰ্শ দিয়ে।
চাফ-চিকুণতাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিচ্ছবি বিদেশত দুখ লগা। ভাৰতলৈ যাবলৈ ওলোৱা বুলি গম পালেই লণ্ডনৰ চিকিত্সকে খুব সাৱধান হবলৈ কয়। বসন্ত, কলেৰা, ডিফটেৰিয়া, 'লিঅ আদি কেইবাপ্ৰকাৰৰ বেমাৰৰ প্ৰতিষেধক বেজী লবলৈ পৰামৰ্শ দিয়ে। এই বেজী সমূহ যাত্ৰা আৰম্ভ কৰাৰ অন্তত: ছয় সপ্তাহ আগতেই ল'ব লাগে। অসম আৰু উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিবলৈ হলে অতিৰিক্ত ভাৱে মেলেৰিয়াৰ প্ৰতিষেধক বেজী লোৱাটো বাধ্যতামূলক।
কেভিনে এদিন আইতাকক লৈ হস্পিটেল এখনলৈ ওলাল। লগত অনুপমা আৰু ক্লাৰাও ওলাল। সকলোৱে চিকিত্সকৰ পৰামৰ্শ মতে কিছুমান দৰৱ আৰু প্ৰতিষেধক বেজী ললে। ক্লাৰাই ইমানবোৰ প্ৰতিষেধক একেলগে ল'ব লগীয়া হোৱা বাবে নাক কোঁচালে।
তাই অনুপমাক ভেঙুচালিৰ সুৰত ক'লে, "আমি লগতে লণ্ডনৰ পৰা এজন ডাক্তৰকো লৈ যাব লাগিছিল নেকি পমা। মোৰতো ভয়েই লাগিছে গৈয়েই যদি বেমাৰত পৰোঁ, কি হ'ব কোৱাঁচোন"।
নিজৰ দেশখনক লৈ অনুপমাই সদায় গৌৰৱ কৰে। সেয়েহে ক্লাৰাৰ এনেবোৰ কথাই অনুপমাক অস্বস্তিত পেলায়। সেইবোৰ কথাৰ প্ৰতিবাদ কৰিবলৈকো তাই ভাষা বিচাৰি নাপায়।
অনুপমাই প্ৰতিষেধক বেজী লবলৈ বিচৰা নাছিল। জন্মসূত্ৰে ভাৰতীয় হোৱাৰ বাবে তাইৰ শৰীৰত প্ৰাকৃতিক ভাৱে কিছুমান ৰোগ প্ৰতিৰোধী ক্ষমতা আছে বুলি তাই জানে। কিন্তু চিকিত্সকে তাইকো বেজী  লবলৈ পৰামৰ্শ দিলে। কাৰণ লণ্ডনত দীঘলীয়া সময় থকাৰ পিছত তাইৰ দেহৰ প্ৰতিৰোধী ক্ষমতাৰ তাৰতম্যও হব পাৰে।
কেভিনে লাগতিয়াল সামগ্ৰীসমূহ গোটাবলৈ আৰম্ভ কৰিলে। তাৰ গৱেষণাৰ কিতাপ, কাগজ বোৰ চিজিল লগালে। পিঠিত নিব পৰা দুটা ডাঙৰ বেগ পেক কিনি আনিলে। তাৰ গৱেষণাত প্ৰয়োজন হ'ব পৰা সকলোবোৰ বস্তু গোটাই সুকীয়াকৈ পেক কৰিলে।
আটাইৰে বাবে  টুথপেষ্ট, চাবোন, শ্বেম্পু, টয়লেট পেপাৰ, ছান স্ক্ৰিণ ক্ৰীম আদি গোটোৱাৰ দায়িত্ব ক্লাৰাক দিলে। আইতাকৰ বাবে প্ৰয়োজনীয় বস্তুবোৰ ঠিক ঠাক কৰি লোৱাৰ দায়িত্ব অনুপমাক দিলে। আইতাকৰ লাগতিয়াল দৰৱ পাতি আৰু কাপোৰ কানি এঞ্জেলাই ঠিক ঠাক কৰিলে। মাজতে এদিন অনুপমাই গৈ আইতাকৰ কাৰণে লব লগীয়া যতন আৰু দৰৱ পাতি খুওৱাৰ সময়ৰ বিষয়ে এঞ্জেলাৰ পৰা জানি আহিলগৈ। আইতাকৰ কাৰণে খোজ কঢ়াত সহায় হোৱাকৈ তাই এডাল ভাল লাখুটিৰ যোগাৰ কৰিলে। এঞ্জেলাৰ সহায়ত আইতাকৰ ভাল কাপোৰ বোৰ উলিয়াই ধুই ইস্ত্ৰি কৰি বেগত ভৰাবলৈ সাজু কৰি থৈ আহিল।
ক্লাৰাই এদিন অনুপমাক লগ ধৰি কলে, “হেই পমা, তুমি পাহৰিলা, মোক যে তুমি ইণ্ডিয়ান ড্ৰেছ দিম বুলি কৈছিলা। কেভিনে কি কৈ আছে জানা, মোৰ যিবোৰ ড্ৰেছ আছে, সেইবোৰ পিন্ধি ইণ্ডিয়ালৈ যোৱাটো হেনো সুৰক্ষিত নহয়। তাত হেনো মানুহে বগা ছালৰ ছোৱালী দেখিলে চিৰিয়াখানাৰ জন্তু চোৱাদি চায়। তাতে মই যদি চুটি স্কাৰ্ট, হাফ পেণ্ট পিন্ধি ঘূৰি ফুৰোঁ, মোক কিজানি খায়েই পেলাব। মই টেলিভিচনত দেখিছোঁ, ইণ্ডিয়াত বিদেশী মহিলা বোৰে চেলোৱাৰ কুৰ্তা পিন্ধি ঘূৰি ফুৰে। মোকো তেনেকুৱা ড্ৰেছ দুজোৰ মান লাগে। ব'লানা এদিন ইণ্ডিয়ান ষ্টোৰলৈ গৈ মোৰ কাৰণে ড্ৰেছ বিচাৰোঁ"।
অনুপমাই তাইক নিজৰ কোঠালৈ মাতি নি দুযোৰ চেলোৱাৰ কুৰ্তা উলিয়াই দি কলে, “ইণ্ডিয়ান ষ্টোৰলৈ যাব নালাগে ক্লাৰা। মোৰ ওচৰত এই দুযোৰ নতুন চেলোৱাৰ কুৰ্তা আছে। মই নিজে পিন্ধিম বুলি আনিছিলোঁ যদিও এদিনো পিন্ধা হোৱা নাই। সদ্যহতে মই তোমাক এই দুযোৰহে দিব পাৰিম। ইণ্ডিয়া পোৱাৰ পিছত মই তোমাক বজাৰলৈ লৈ যাম। তুমি নিজৰ পচণ্ড মতে লব পাৰিবা
পোছাক দুযোৰ ক্লাৰাই পিন্ধি চালে। তাইৰ গাত ঠিকেই হৈছে। তাই খুব ফূৰ্তি পালে। "পমা, এনে পোছাক পিন্ধিলে ইণ্ডিয়ান ল'ৰা এজন পটাব পাৰিম চাগে, কি কোৱাঁ"?
অনুপমাই হাঁহিলে, "তেনে কৰিলে কেভিনে তোমাক এৰিব কিন্তু, ভাবি চাবা"।
"মই তাক দেখুৱাই ইণ্ডিয়ান ল'ৰা এটাক বয়ফ্ৰেণ্ড কৰি ল'ম ৰ'বা। সি অলপ জ্বলি পুৰি মৰক। সি মোৰ কাৰণে জ্বলিলে মোৰ খুব ফূৰ্তি লাগিব জানানে"? ক্লাৰাই  উচ্ছ্বাসতে ক'লে।
অনুপমাই ক্লাৰালৈ চালে। আনৰ বুকুত পোৰণি তুলি ক্লাৰাই কি ৰং পায় তাই বুজি নাপায়। কেভিনৰ কাৰণে বাউলি হৈ থকা ছোৱালীজনীয়ে আকৌ তাক মনত দুখ দি আনন্দ পাব !!
তাই মাথোন আশা কৰে কেভিন যেন ক্লাৰাৰ লগত সুখী হয়।
ডিচেম্বৰ মাহ পৰাৰ লগে লগে লণ্ডন আৰু পাৰ্শ্বৱৰ্তী চহৰ অক্সফোৰ্ড খন অতি শীতল হৈ পৰিল। ৰাতি অলপ অলপ বৰফ পৰা আৰম্ভ হল। ৰাতিপুৱালৈ বাহিৰৰ ঘাঁহনি, গছ, ঘৰৰ মুধচ সকলোতে শুকুলা বৰফৰ চামনি এখন পৰে। আবেলিৰ পৰা বাট পথত খোজ কাঢ়ি ফুৰা মানুহৰ সংখ্যা কমি যায়। নিতান্তই আৱশ্যক নহলে কোনেও আবেলিৰ পৰা ঘৰৰ পৰা নোলায়।
ক্লাৰাৰ কোৰ্চটোৰ শেষ পৰ্য্যায় আৰম্ভ হল। সেই কেইদিন তাই কেইবাটাও প্ৰেক্টিকেল কামত ব্যস্ত হৈ থাকিব লগীয়া হল। আনপিনে অনুপমাৰ পৰীক্ষা আৰম্ভ হকেভিন ব্যস্ত হল তাৰ গৱেষণাৰ কাগজ পত্ৰ বোৰ ঠিক ঠাক কৰা কামত।
সি সমগ্ৰ বিশ্বৰে তৈল অন্বেষণৰ ইতিহাসৰ ওপৰত এখন থেছিছ লিখিবলৈ আৰম্ভ কৰিছে। ভাৰতৰ তৈল অন্বেষণৰ ইতিহাস তাৰ থেছিছখনৰ এটা গুৰুত্বপূৰ্ণ অংশ। ভাৰতৰ পিছত তৈল অন্বেষণৰ ইতিহাস উন্মোচন কৰিবলৈ সি আজাৰবাইজানৰ বাকু, পোলেণ্ডৰ বোব্ৰকা, কানাডাৰ অন্টেৰিও আৰু আমেৰিকাৰ পেনছিলভেনিয়ালৈ যোৱাৰ পৰিকল্পনাও আছে। পিছে ভাৰতৰ প্ৰতি তাৰ আকৰ্ষণ আটাইতকৈ বেছি। ভাৰতৰ কথা, বিশেষকৈ অসমৰ কথা সি যিমান শুনিছে, আন কোনো দেশৰ কথা সি সিমান শুনা নাই। সেয়েহে প্ৰথমতেই সি ভাৰতলৈ যাব।
ভৰতৰ তৈল উদ্যোগৰ আৰম্ভণি হোৱা ডিগবৈৰ ছোৱালী অনুপমাক সহযোগী হিচাপে পোৱাটো তাৰ বাবে বৰ ভাগ্যৰ কথা। যাত্ৰাৰ দিন চমু চাপি অহাৰ লগে লগে তাৰ মনৰ উত্তেজনাও যেন বাঢ়ি গল।
আইতাক নেন্সিৰ কাৰণে কেভিনৰ চিন্তা আটাইতকৈ বেছি হল। নিজৰ কাম নিজে কৰিব  নোৱৰা আইতাকৰ কাৰণে প্ৰায় অনবৰতে এগৰাকী পৰিচাৰিকাৰ দৰকাৰ হয়ইমান দিনে এঞ্জেলাই তেওঁৰ পিন্ধা উৰা, খোৱা বোৱা, বাথৰূমৰ কাম সকালোৰে যত্ন লৈ আছিল। এতিয়া এঞ্জেলাৰ অবিহনে সেই দায়িত্ব আন কোনোবাই লব লাগিব।
কেভিনে এদিন অনুপমাক ক'লে, "আইতাক চোৱা চিতা কৰিবলৈ ডিগবৈত আমি এঞ্জেলাকতো নাপাম। মই ভাবিছোঁ, আইতাৰ বাবে এগৰাকী পৰিচাৰিকা বা নাৰ্চৰ প্ৰয়োজন হ'ব। মই এই বিষয়ত হয়তো তোমাৰ দেউতাৰ সহায় ল'ব লাগিব। নাৰ্চ এগৰাকী বিচাৰি বাতৰি কাকতত বিজ্ঞাপন দিব লাগিব। কিমান দৰমহা দিব লাগিব তুমি ভালদৰে জানিবা"।
"তুমি এই বিষয়ত চিন্তা কৰিবলৈ এৰি দিয়া কেভিন। তুমি ভয় নকৰিবা, মই  আইতাৰ কাৰণে প্ৰয়োজনীয় সকলোখিনি কৰিম। তুমি তোমাৰ গৱেষণাৰ কামত মনোনিৱেশ কৰা"। অনুপমাই তাক শাসনৰ সুৰত  ক'লে।
আইতাকৰ প্ৰতি তাইৰ দায়িত্ববোধ আৰু সমৰ্পণৰ মনোভাৱ দেখি সি আচৰিত হয়। এই কেইদিন অনুপমাই আইতাকৰ কাৰণে যিমান খিনি কৰিছে, সি নিজেও কেতিয়াও সিমান খিনি কেতিয়াও কৰা নাই। আইতাকক এইদৰে ভাৰতলৈ লৈ যোৱাৰ কথা তাৰ বাবে সপোনৰো অগোচৰ আছিল। কেৱল অনুপমাৰ বাবেই সি এইখিনি সাহস কৰিব পাৰিছে। অনুপমাৰ কথা কাণ্ড দেখিলে তাৰ এনে লাগে যেন তাইৰ আৰু আইতাকৰ মাজত বহু দিনৰ এক নিবিড় সম্পৰ্ক আছে।
অনুপমাক লগ পোৱাৰ পিছত ক্লাৰাৰ লগত অনুপমাৰ স্বভাৱৰ পাৰ্থক্য খিনিও তাৰ চকুত ধৰা পৰিছে। ক্লাৰাক সি বহু দিনৰ পৰা জানে। তাই তাৰ লগত একেটা ঘৰতে বাস কৰে। কিন্তু তাইৰ জীৱন যাপনৰ পদ্ধতি আৰু জীৱন বোধৰ বহুখিনি তাৰ লগত নিমিলে। জীৱনটো খাই বৈ, ফূৰ্তি-তামাচাৰ মাজেৰে পাৰ কৰি দিয়াই যেন তাইৰ জীৱনৰ লক্ষ্য। সি জানে তাইৰ জীৱনটো সংঘাতেৰে ভৰা, তাই হাঁহি ধেমালি কৰি দুখবোৰ পাহৰি থাকিব বিচাৰে। সি বিচাৰে তাই নিজৰ প্ৰতি দায়িত্বশীল হওক, কিন্তু তাই যেন কেতিয়াও ছিৰিয়াছ হবলৈ নিশিকিলে। নিজৰ কামৰ প্ৰতি সমৰ্পণ আৰু কৰ্তব্যনিষ্ঠা তাইৰ গঢ়ি নুঠিল। আনৰ ভৰসাতে জীৱনটো পাৰ কৰিব বিচৰা ছোৱালী তাই।
সি ক্লাৰাক ভাৰতলৈ লগ ধৰিছে, তাইৰে উপকাৰ হওক বুলি। চিনেমাটোগ্ৰাফিৰ ওপৰত শ্বৰ্ট টাৰ্ম কোৰ্চটো কৰাৰ পিছত এইটো লাইনত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ তাই এখন ভাল, অগতানুগতিক, ব্যতিক্ৰমী ছবি নিৰ্মাণ কৰাটো দৰকাৰ। প্ৰতিযোগিতাৰ এই পৃথিৱীখনত কষ্ট কৰি কিছু ব্যতিক্ৰমী কাম নকৰিলে আগুৱাই যোৱাটোৱেই মস্কিল। ভাৰতত তাই ছবি খনৰ বাবে কিছু অগতানুগতিক সমল পাব। সি বিচাৰে, তাই এক সংঘাতপূৰ্ণ জীৱনৰ পিছত আত্ম প্ৰতিষ্ঠিত হওক।
আনহাতে অনুপমা যেন ক্লাৰাৰ পৰা সম্পূৰ্ণ বিপৰীত। তাই শান্ত, চিন্তা শক্তি থকা, নিজৰ দায়িত্ব বুজা ছোৱালীতাই নিজৰ কামত সদায় ছিৰিয়াছ আৰু দায়িত্বশীল। যিকোনো কামতে তাইৰ ওপৰত ভৰসা কৰিব পাৰি। আইতাকৰ সমস্ত দায়িত্ব সি বিনা দ্বিধাই তাইৰ হাতত সি  অৰ্পণ কৰিব পাৰিছে। তাইৰ চিন্তাবোৰ পৰিপক্ক, প্ৰয়োজনত তাইৰ পৰা উপদেশো ল'ব পাৰি।
তাৰ মাজে মাজে ভাব হয়, অনুপমাক লগ পোৱাটো আৰু তাইক বান্ধৱী হিচাপে পোৱাটো তাৰ জীৱনৰ এটা লেখত লবলগীয়া ঘটনা
এদিন আইতাকে কেভিনৰ  মূৰত হাত বুলাই ক'লে, “ক্লাৰা তোমাৰ বান্ধৱী, তুমি তাইৰ লগত সুখী নে"?
আইতাকৰ এই অপ্ৰত্যাশিত প্ৰশ্নত সি থতমত খালে। নিৰুত্তৰ হৈ বহুপৰ সি আইতাকৰ পিনে চাই ৰ'ল।
"তুমি তাইক বিয়া কৰাবা নে”? আইতাকে যেন তাৰ মনটোৰ বুজ ল'ব বিচাৰিলে।
সি তত্ক্ষণাত কোনো উত্তৰ দিব নোৱাৰিলে। কিবা এক অবুজ আবেগে যেন তাৰ ডিঙিত সোপা মাৰি ধৰিলে।
ক্লাৰাৰ কথা তাৰ মনলৈ আহিল। ক্লাৰা তাৰ বান্ধৱী, তাৰ লগত একেটা ঘৰত থকা সহবাসী। তাৰ জীৱনৰ এছোৱা তাইৰ লগত জড়িত হৈ আছে। তাইৰ সুখ দুখৰ সি সমভাগী। বহু ক্ষেত্ৰত তাই তাৰ ওপৰত নিৰ্ভৰশীল।
ক্লাৰা দেখিবলৈ ধুনীয়া। যিকোনো এজন যুৱকে তাইক নিজৰ বান্ধৱী বুলি পৰিচয় কৰাই দি গৌৰৱ অনুভৱ কৰিব পাৰে। সি নিজেও ক্লাৰাৰ সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত। বন্ধু বোৰৰ আগত সুন্দৰী ক্লাৰাক নিজৰ বান্ধৱী বুলি পৰিচয় কৰি দি সি গৌৰৱ বোধ কৰে।
কিন্তু তাইৰ লগত একেলগে থাকিবলৈ লোৱাৰ কিছুদিন পিছৰে পৰা সুন্দৰী ক্লাৰাৰ  মাজত আন এজনী ক্লাৰা আৱিষ্কাৰ কৰিছে। কথাই কথাই আৱেগিক হোৱা, খং উঠিলে ঘৰৰ বয় বস্তু দলিয়াই চিঞৰ বাখৰ কৰা, মদ খাই মাতলামি কৰা সেইজনী ক্লাৰাক যেন সি চিনিবই পৰা নাছিল।  সেইজনী ক্লাৰা যেন তাৰ বাবে তেনেই অচিনাকি।
বহু সময় পিছত আইতাকৰ হাতখন নিজৰ হাতত লৈ সি ক'লে, “মই একো সিদ্ধান্ত লোৱা নাই আইতা
আইতাকৰ চকুজুৰি যেন তিৰবিৰাই উঠিল। তেওঁৰ ওঁঠত হঠাতে হাঁহি বিৰিঙি ওলাল।
"তোমাৰ মায়ে মোক সদায় কৈ আছে। তোমাৰ বিয়াখন পাতি দিব লাগে। তোমাৰ এতিয়া সাংসাৰিক জীৱন আৰম্ভ কৰিবৰ হ'ল। তুমি আন কোনোবা ছোৱালীৰ কথা ভাবিছা নেকি"? আইতাকে আগ্ৰহেৰে কেভিনৰ মুখলৈ চালে।
"তোমাৰ দৰে ধুনীয়া ছোৱালী এজনী থাকোঁতে মই আন ছোৱালীৰ কথা কিয় ভাবিম আইতা"কেভিনে ধেমালি কৰি নিজেই হাঁহি দিলে।
"মই পিছে তোমাৰ বাবে এজনী ধুনীয়া ছোৱালীৰ কথা ভাবিছোঁতুমি সন্মতি দিবানে"? আইতাকে তাৰ মুখলৈ চালে।
"তুমি মোৰ কাৰণে ছোৱালী চাইছা। বাহ, বৰ বঢ়িয়া কথা আইতা। তুমি চোন ক'লৈকো অহা যোৱা নকৰা। তুমি মোৰ বাবে ক'ত ছোৱালী বিচাৰি পালা"। কেভিনে হাঁহি হাঁহি ক'লে।
"মই কেনেকৈ বিচাৰি পালোঁ সেইটো বেলেগ কথা। তুমি আগতে কোৱা, তুমি মই পচন্দ কৰা ছোৱালীজনীক বিয়া কৰাবলৈ সন্মতি দিবানে"? আইতাকে আকৌ তালৈ চাই ক'লে।
"তুমি পচন্দ কৰিছা যেতিয়া নিশ্চয় ভালেই হ'ব আইতা। তাইৰ নাম কি, 'ত থাকে"? কেভিনে আগ্ৰহেৰে সুধিলে।
"তাইৰ নাম অনুপমা" !!!
আইতাকৰ কথা শুনি কেভিনৰ দেহৰ মাজেৰে যেন এক  শিহৰণ পাৰ হৈ গ'ল।
"অনুপমা?" সি আচৰিত হোৱাৰ দৰে কৈ উঠিল।
অনুপমা খুব ভাল ছোৱালী কেভিন। তাইৰ লগত তুমি সুখী হ'বা। তুমি তাইৰ কথাও এবাৰ চিন্তা কৰি চালে মই বৰ ভাল পামআইতাকে তাৰ গাত হাত থৈ ক'লে।
কেভিনে বহুত সময় আইতাকৰ মুখলৈ চাই ৰ'ল। তাৰ মনৰ মাজত বহুতো চিন্তাই ভিৰ কৰিলেহি। আইতাকৰ মুখত অনুপমাৰ নামটো শুনাৰ পিছতে তাৰ দেহৰ মাজেৰে বৈ যোৱা বিজুলীৰ জিনজিননি যেন বহুপৰ বাজি থাকিল।
কেভিনৰ এনে লাগে, অনুপমাক লগ পালে সদায় যেন সি এক মিঠা আমেজ অনুভৱ কৰে। থেমচৰ পাৰত থিয় হ'লে নদীৰ পৰা বৈ অহা মলয়াজাকে যিদৰে দেহ মন শাঁত পেলাই যায়, সেইদৰে অনুপমাৰ সান্নিধ্যই তাৰ মন মগজু জুৰ পেলায়। সি এক অজান পুলক অনুভৱ কৰে। কেইদিনমান তাইক লগ নাপালে তাৰ লগ পাবলৈ মন যায়তাইৰ লগত কথা পাতি সি আনন্দ পায়। তাইক এগৰাকী অতি ভাল বন্ধু হিচাপে সি ভাল পায়। কিন্তু তাইক জীৱন সংগী কৰাৰ কথা ভাবিবলৈ তাৰ কেতিয়াও সাহস হোৱা নাই।
অনুপমাৰ কথা তাৰ মনলৈ আহে। তেনে এজনী ছোৱালীক জীৱন সংগী হিচাপে পালে যিকোনো পুৰুষেই হয়তো বহুত সুখী হ'ব। তাই আনৰ মনৰ কথা বুজিব পাৰে আৰু নিজৰ সকলো ত্যাগ কৰি হ'লেও আনক সহায় কৰি ভাল পায়।
কিন্তু তাই যে ভাৰতীয় ছোৱালী। অক্সফোৰ্ডত থাকিলেও তাইৰ মাজত ভাৰতীয় সংস্কৃতি বিদ্যমান।  তাইৰ লগত তাৰ ভাষা, ধৰ্ম, দেশ একোৰে মিল নাই।  কোৰ্ছটো শেষ হ'লেই তাই ভাৰতলৈ উভতি যাবগৈ। তাৰ পিছতেই তাই ভাৰতত বিয়াত বহিব। তাই ক্লাৰাক কৈছে যে তাইৰ বিয়া দেউতাকেহে ঠিক কৰিব। দেউতাকে পচন্দ কৰি দিয়া লৰা এজনৰ লগতে তাই বিয়া হব। সেয়াই ভাৰতীয় প্ৰথা।
ভাব-সাগৰত বুৰ যোৱা কেভিনৰ মুখলৈ আইতাকে চাই আছিল। তেওঁ তাৰ পৰা এটা উত্তৰ আশা কৰিছিল।
কিন্তু আইতা, এয়া জানো সম্ভৱ”, সি অসহায় ভাৱত আইতাকলৈ চালে।
"কিয় অসম্ভৱ কেভিন"? আইতাকে তাৰ চকুলৈ চালে।
"তাই যে এখন বেলেগ দেশৰ, বেলেগ ধৰ্মৰ, বেলেগ সংস্কৃতিৰ ছোৱালী আইতা। তাই জানো মোক স্বীকাৰ কৰিব"? অনুচ্ছ স্বৰত কেভিনে ক'লে।
যীশুৱে আশীৰ্বাদ কৰিলে সকলো সম্ভৱ কেভিন। মই তোমালোক দুয়োৰে বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিমবুকুত পিন্ধি থকা যীশুৰ ক্ৰছটো চুই চুই আইতাকে ক'লে। তেওঁৰ চকু দুটা চলচলীয়া হৈ গ'ল।
আইতাকৰ কোলাত মূৰ থৈ কেভিনে চকু দুটা মুদি দিলে।


Friday, July 7, 2017

খণ্ড ১৫

হিটাৰটো বহু সময় চলি থকাৰ কাৰণে কোঠাটোৰ ভিতৰৰ বতাহ খিনি গৰম হৈ উশাহ লব নোৱাৰা যেন অৱস্থা হল। অনুপমাই উঠি গৈ খিৰিকী এখন অলপ খুলি দিলে। চেঁচা বতাহ এছাটি কোঠাটোলৈ সোমাই আহিল। বাহিৰৰ ঘাঁহ বোৰত নিয়ৰৰ টোপাল বোৰ জিলিকি আছে। লাইটৰ পোহৰত নিয়ৰৰ টোপালবোৰ মুকুতা যেন লাগিছে।
অনুপমা খিৰিকী খনৰ মুখত অলপ সময় ৰল। তাইৰ মনটো যেন ডিগবৈলৈ উৰি গ’ল। এনে নিয়ৰৰ মুকুতা তাইৰ ঘৰৰ চোতালতো সৰে।
মই দেউতাৰ লগত হাতীৰ কাৰণে কথা পাতিম, ডিগবৈৰ ওচৰৰ হাবিত বনৰীয়া হাতী বহুত আছে। পিছে আমাকতো ভাল দৰে প্ৰশিক্ষণ দিয়া পোহনীয়া হাতী লাগিবকিবা এটা কৰিম, তুমি চিন্তা নকৰিবা”, আশ্বাসৰ সুৰত বাহিৰলৈ চাই অনুপমাই কলে।
মইতো জানোৱেই, তুমি কিবা এটা কৰিবাই। তুমি আৰু কেভিন নথকা হলে মোৰ যে কি গতি হল হেতেন”, নিজে ৰগৰ কৰি ক্লাৰাই নিজেই হাঁহিলে।
অনুপমায়ো হাঁহিলে। কেভিন আৰু ক্লাৰাক তেওঁলোকৰ কামত সহায় কৰিব পাৰিলে তাই সুখী হ'ব। দুয়ো ভালে কুশলে থাকক, তাই মনে মনে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে।
কোঠাৰ ভিতৰখনত সতেজ বতাহেৰে ভৰি পৰাৰ পিছত অনুপমাই খিৰিকীখন বন্ধ কৰি আকৌ ক্লাৰাৰ ওচৰত বহিল। তাই দুয়োৰে কাৰণে আৰু দুকাপ কফি বনাই আনিলে।
কফি হাতত লৈ ক্লাৰাই কলে, “হাতীৰ ভৰিত তেল লাগি অহাৰ পম খেদি গৈ মাটিৰ তলৰ পৰা নিজ নিজে নিগৰি তেল ওলাই থকা ঠাইখিনি আৱিস্কাৰ হল বুজিলোঁ বাৰু। তাৰ পিছত কি হল। তেওঁলোকে ৰেলপথ নিৰ্মাণৰ কাম বাদ দি তেল উলিওৱা কামত ধৰিলে নেকি”?
অনুপমা নিজৰ ভাবত বিভোৰ হৈ আছিল। ক্লাৰাৰ কথাত সচকিত হৈ তাই ল'লে, "গোটেই কাহিনীটো আজিয়েই শুনিবা নেকি"?
"শুনিমতো। আৰু বা কেতিয়া সময় পাওঁ। কেইদিনমানৰ পিছত পৰীক্ষাৰ কাৰণে তুমিও ব্যস্ত হ'বা, ময়ো ব্যস্ত হ'ম। কেভিনে সদায় মোক কথা শুনাই আছেই। সেইকাৰণে যিমান পাৰা কোৱাঁ"
কফি কাপত সোহা মাৰি অনুপমাই কৈ গ',  “আছাম ৰেইলৱে এণ্ড ট্ৰেডিং কোম্পানীটোৱে ৰেলপথ বহুওৱা কাম কৰিবলৈহে অসমলৈ আহিছিল। তেওঁলোকৰ খনিজ তেলৰ কাৰণে খনন কৰাৰ বা তেল উত্পাদন কৰাৰ কাৰণে চৰকাৰী অনুমতিপত্ৰ নাছিল"।
"অ' বুজিছোঁ। ৰেলপথৰ কাম কৰোঁতে খনিজ তেল পাব বুলি তেওঁলোকেও ভবা নাছিল। সেই দিনতো খনিজ তেল উত্পাদন কৰিবলৈ অনুমতিপত্ৰৰ প্ৰয়োজন আছিল"। ক্লাৰাই মূৰ দুপিয়ালে
"১৮৮৮ চনৰ মাৰ্চ মাহত অসমৰ চীফ কমিছনাৰৰ ওচৰত তেওঁলোকে খনিজ তেলৰ খনন আৰু উত্পাদনৰ লাইচেন্সৰ কাৰণে আবেদন কৰিলে। পিছে তেওঁলোকৰ আবেদন চীফ কমিছনাৰে নাকচ কৰিলে"।
"কিয় নাকচ কৰিলে"। ক্লাৰা আচৰিত হ'
"কিয় নাকচ কৰিলে কাৰণটো বৰ ইণ্টাৰেষ্টিং।  চীফ কমিচনাৰে ভাবিলে খনিজ তেলৰ উত্পাদনৰ প্ৰচেষ্টাত অঞ্চলটোৰ বহুমূলীয়া জৈৱিক সম্পদ আৰু পৰিৱেশ বিনষ্ট হোৱাৰ আশংকা আছে। চোৱাচোন সেই সময়তে পৰিৱেশ আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ কাৰণে চৰকাৰ কিমান সচেতন আছিল”, অনুপমাই কলে।
এৰা উন্নয়নৰ কাৰণে প্ৰাকৃতিক ভাৰসাম্য হেৰুওৱাৰ ফল এতিয়াহে মানুহে উপলব্ধি কৰিব পাৰিছে”, ক্লাৰাই হয়ভৰ দি কলে।
কিন্তু আছাম ৰেইলৱে এণ্ড ট্ৰেডিং কোম্পানীটৰ বৰমূৰীয়া সকলে ইমান সহজতে খনিজ তেল উদ্ঘাটনৰ প্ৰচেষ্টা এৰি নিদিলেতেওঁলোকে জানিছিল যে এই আপুৰুগীয়া প্ৰাকৃতিক সম্পদ উদ্ঘাটন কৰাৰ কাম অনতিপলমে আৰম্ভ কৰিবই লাগিব। কাৰণ সেই সময়ত খনিজ তেল শক্তিৰ এক অবিসম্বাদী উত্স বুলি প্ৰতিপন্ন হৈছিল আৰু সমগ্ৰ বিশ্বতে খনিজ তেল উত্পাদনৰ কাৰণে এক প্ৰতিযোগিতা আৰম্ভ হৈছিল। তেওঁলোকে অনুমতি নোহোৱা স্বত্বেও খননৰ কাৰণে আৱশ্যকীয় যন্ত্ৰ-পাতি, সা-সঁজুলি যোগাৰ কৰিবলৈ আৰম্ভ কৰিলে
ইয়াকে কয় কম্পিটিটিভ এডভাণ্টেজ। আনতকৈ আগুৱাই থকাৰ কিটিপ। নিজৰ চেষ্টাতে নিজকে আনতকৈ আগুৱাই ৰাখিব পাৰিলে ভৱিষ্যতৰ প্ৰত্যাহ্বান সমুহ গ্ৰহণ কৰিবলৈ উজু হয়ক্লাৰাই কলে।
এৰাতেওঁলোক ইমান দুৰদৰ্শী আছিল যে, চীফ কমিছনাৰৰ অনুমতি নোপোৱা স্বত্বেও তেওঁলোকে বিশ্বাস কৰিছিল যে সোনকালেই খনিজ তেলৰ খননৰ কাম আৰম্ভ হবই। কাৰণ খনিজ তেল তেতিয়া সোণৰ দৰে মূল্যবান আছিল। সেয়েহে আগধৰি তেওঁলোকে সাজু হৈ আছিল যাতে চৰকাৰে তেনে সিদ্ধান্ত ললেই তেওঁলোকে সুবিধাটো লব পাৰেঅনুপমাই কলে।
তাৰ পিছত কি হ? তেওঁলোকে অনুমতি পালেনে"?
খুব মজাৰ কথা কি জানা। চীফ কমিছনাৰে নাকচ কৰা প্ৰস্তাৱ এটাৰ বাবে আকৌ আবেদন কৰাৰ সলনি তেওঁলোকে অন্য উপায়ৰ কথা চিন্তা কৰিলে। কোম্পানীৰ অধ্যক্ষই পোনপেটীয়াকৈ বৃটিছ ভাইচৰয় লৰ্ড লেন্সডাউনলৈ এই বুলি এখন স্মাৰক পত্ৰ পঠিয়ালে যে তেওঁলোকে বৰবিল অঞ্চলত খনিজ তেলৰ খনন আৰু উত্পাদনৰ কাম আৰম্ভ কৰিব আৰু এই সংক্ৰান্তত সেই সময়ত বলবৎ থকা সকলো আইন আৰু চৰকাৰী আদেশ মান্য হব। চৰকাৰৰ অনুমতিলৈ বাট নাচাই তেওঁলোকে খননৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিলে”, অনুপমাই  কৈ গল।
"কথাটো মোক ভালদৰে বুজাই দিয়াচোন। চৰকাৰৰ অনুমতি নোহোৱাকৈ কেনেকৈ কাম কাজ আৰম্ভ কৰিব পাৰে"?
তেওঁলোকে এটা খুব ধুনীয়া বুদ্ধি কৰিলে।  তেওঁলোকে চৰকাৰক জনালে যে তেওঁলোকে খনন কৰিব, যদি সেয়া নীতিবিৰূদ্ধ হয়, চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা লব পাৰে । কিন্তু  সেই সময়ত তৈল খাদ খননৰ ওপৰত কোনো আইনেই প্ৰণয়ন হোৱা নাছিল। গতিকে চৰকাৰে নো কি আইনী ব্যৱস্থা লব পাৰিলে হেঁতেন?”
"ব্ৰিলিয়েণ্ট মুভ। ইয়াকে কয় আউট অৱ ডা বক্স ছলিউচন"। ক্লাৰাই উচ্ছাসত চিঞৰি উঠিল।
অনুপমাই তাইৰ নোট বুক খন উলিয়াই ললে। তাই পঢ়ি পঢ়ি কৈ গ, “তেওঁলোকে খননৰ কাৰণে উপযুক্ত স্থানৰ সন্ধান কৰিলে। বৰবিলৰ পৰা অলপ নিলগত, বৰ্তমান যি ঠাইত ডিগবৈ ৰেল ষ্টেচনটো আছে, তাৰ ওচৰত এটা অঞ্চলত বহুদিন খনিজ তেল ওলাই থকাৰ ফলত তেল গোট মাৰি এটা পেৰাফিনৰ তৰপ সৃষ্টি কৰিছিল
পেৰাফিনৰ তৰপ মানে? দেখিবলৈ কেনেকুৱা”?
খনিজ তেল নিগৰি ওলাই থকা ঠাইত তেলবোৰ জমা হৈ এটা সময়ত ডাঠ তৰপ এটাৰ সৃষ্টি কৰে। কলা, মটীয়া বৰণৰ এই তৰপবোৰৰ জুইশলা মাৰিলে জ্বলি উঠে। এইটোৱেই পেৰাফিন তৰপ। তেনেকুৱা তৰপ ডিগবৈৰ কিছুমান ঠাইত এতিয়াও দেখিবলৈ পোৱা যায়
তাৰমানে তেওঁলোকে তৰপ টো দেখি তেওঁলোকে ভাবিলে সেই ঠাইত তেলৰ উত্স আছে
এৰা। সেই তৰপটোৰ তলতে খনিজ তেলৰ ভাণ্ডাৰ থকা বুলি তেওঁলোকে অনুমান কৰিলে। সেই এলেকাটো ডাঠ হাবিয়ে আগুৰি আছিল বাবে প্ৰথমতে স্থানীয় বনুৱা লগাই ঠাইখিনি হাবি বন কটাই পৰিষ্কাৰ কৰি ললে
তেওঁলোকে খননৰ জ্ঞান থকা মানুহ কত পালে। কেৱল সঁজুলি আনিলেইতো নহব। সঁজুলিবোৰ ব্যৱহাৰ কৰিব জনা মানুহোতো লাগিবক্লাৰাই কলে।
এৰা। তুমি ঠিকেই কৈছা। আছাম ৰেইলৱে এণ্ড ত্ৰেডিং কোম্পানীয়ে খনিজ তেলৰ খনন প্ৰকল্পটো বৰ গুৰুত্ব সহকাৰে লৈছিল। এই প্ৰকল্পটোৰ নেতৃত্ব দিবলৈ তেওঁলোকে উপযুক্ত ব্যক্তিৰ সন্ধান কৰিছিল। তেওঁলোকে বিচাৰি উলিয়াইছিল ডবলিউ এল লেক নামৰ এজন অতি উত্সাহী আৰু কৰ্মপটু ব্যক্তিক। আগৰ অভিজ্ঞতা আৰু সাফল্যৰ ভিত্তিত মিষ্টাৰ লেক আছিল এনে এটা প্ৰকল্প নেতৃত্ব দিবলৈ আটাইতকৈ উপযুক্ত ব্যক্তি
মিষ্টাৰ লেকৰ নাম মই কেভিনৰ মুখত শুনিছোঁ। মোক এটা কথা কোৱাচোন। মিষ্টাৰ লেকে আগতে কৰবাত এনেকুৱা তৈল অন্বেষনৰ কাম কৰিছিল নেকি”? ক্লাৰাই সুধিলে
অনুপমাই তাইৰ নোট বুক খনৰ পাত লুটিয়াই চাবলৈ ধৰিলে। বিচৰা তথ্য বিচাৰি নাপাই তাই কাগজ কিছুমান উলিয়াই তাতে বিচাৰিবলৈ ধৰিলে। হঠাতে তাইৰ মুখ খন উজ্বলি উঠিল। তাই কৈ গ, “মিষ্টাৰ লেক আছিল আছিল এজন খনিজ পদাৰ্থৰ সন্ধান অনুৰাগী ব্যক্তি। বিভিন্ন খনিজ পদাৰ্থৰ খনন কাৰ্যত তেওঁৰ বৰ ৰাপ আছিল। ভাৰতলৈ আহি প্ৰথমতে তেওঁ বঙ্গ আৰু বিহাৰত মাইকা, এছবেষ্টচ আৰু কয়লাৰ খননৰ কামত ব্ৰতী আছিল। মাটিৰ তলৰ জগত খনৰ বিষয়ে জানিবলৈ তেওঁৰ আছিল অসীম আগ্ৰহ
কিন্তু খনিজ তেলৰ খনন কয়লা খননৰ দৰে একেতো নহয়ক্লাৰাই কলে
একে নহলেও সেই সময়ত খননৰ প্ৰতি অনুৰাগেই ডাঙৰ কথা আছিল। কাৰণ এই কাম কৰিবলৈ আগ্ৰহী মানুহৰ বৰ অভাৱ আছিল। প্ৰতিটো খন কাৰ্য আছিল বিপদজনক আৰু সাংঘাটিক প্ৰত্যাহ্বানপূৰ্ণ"।
"মিষ্টাৰ লেকৰ বিষয়ে আৰু কোৱাচোন। মই তেওঁৰ বিষয়ে কিছু কথা জানিব লাগিব মোৰ ডকুমেণ্টৰী খনৰ কাৰণে"ক্লাৰাই আগ্ৰহেৰে ক'লে।
"১৮৮৪ চনত মিষ্টাৰ লেকে আছাম ৰেইলৱে এণ্ড ট্ৰেডিং কোম্পানীত ৰেলপথ নিৰ্মান কামৰ তদাৰকী বিষয়া হিচাপে যোগদান কৰিছিল। অলপ দিনৰ ভিতৰতে তেওঁ মাটিৰ পৰা নিগৰি ওলোৱা খনিজ তেল দেখি খনিজ তেলৰ উত্সৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ পৰে। বৰবিলৰ অৰণ্যৰ মাজত প্ৰচুৰ পৰিমাণে খনিজ তেল নিগৰি ওলাই থকা প্ৰত্যক্ষ কৰি তেওঁ কোম্পানীৰ বৰমূৰীয়া সকলক খনিজ তেলৰ কাৰণে তাত খনন কৰিবলৈ পৰামৰ্শ দিছিল। কোম্পানীয়ে খননৰ অলপ অচৰপ অভিজ্ঞতা থকা ব্যক্তি হিচাপে তেওঁকেই খনন প্ৰকল্পটোৰ নেতৃত্ব দিবলৈ আটাইতকৈ উপযুক্ত বুলি বিবেচিত কৰিলে
ইতিমধ্যে ৰাতি হৈ আহিছিল। অনুপমাৰ ভাত ৰন্ধাৰ সময় হৈ আহিছিল। তাই ক্লাৰাক কলে, “তুমি আজি মোৰ লগতে ৰাতিৰ সাজ খাই যোৱা। ফ্ৰীজত টাৰ্কি আছেই। অলপ ফ্ৰাইড ৰাইচ বনাই দিওঁ। বেছি সময় নালাগিব
ভালেই হব দিয়া। ষ্পাঘেটি আৰু বাৰ্গাৰ খাই খাই মোৰ আমনি লাগি গৈছে। কেভিনক মই ফোন কৰি কৈ দিওঁ। সি পিজ্জা অৰ্ডাৰ কৰি খাব। মই আজি গোটেই কাহিনীটো শুনিহে যামক্লাৰাই কলে।
অনুপমাই ভাবিলে, কেভিনকো খাবলৈ মাতি দিব নেকি? কিন্তু সি আহিলে তাৰ বাবে টাৰ্কি কম হ'ব। ক্লাৰাই ইতিমধ্যে কেভিনৰ লগত ফোনত কথা পাতিলেই।
কেভিনৰ লগত তুমি এইটো বিষয়ত আলোচনা নকৰা নেকি? মইতো সি দিয়া মেটেৰিয়েল বোৰ পঢ়িহে কথাবোৰ জানিছোঁ”, ফ্ৰিজৰ পৰা টাৰ্কিৰ পাত্ৰটো উলিয়াই অনুপমাই কলে।
কেভিনে মোৰ লগত আলোচনা কৰিব? সি টো মোৰ এটা কথাও সহ্য কৰিব নোৱাৰে। তাৰ মতে মই একো কামৰে নহয়। তাৰ খালি এটাই কথা, মোৰ ডকুমেণ্টৰী খনৰ কাৰণে মই নিজে সকলো কৰিব লাগিব। নিজে পঢ়া শুনা কৰিব লাগিব, স্ক্ৰিপ্ত লিখিব লাগিব।ক্লাৰাৰ মাতলৈ উষ্মা ঘুৰি আহিল।
অনুপমাৰ ভাব হ, ক্লাৰাই কেভিনৰ কথাবোৰ কেতিয়াও ভালদৰে বুজিবলৈ চেষ্টা কৰা নাই। নিজে পঢ়াশুনা কৰিলে তাইৰ যে উপকাৰহে হব এই কথা তাই কেতিয়াও অনুভৱ কৰা নাই।
অনুপমাই খোৱাৰ যোগাৰ কৰি থকা সময়খিনি ক্লাৰাই কম্পিউটাৰটো অন কৰি ইণ্টাৰনেটত কিবা কিবি চাই থাকিল। কোনোবা এটা ৱেব ছাইটত ভাৰতৰ খবৰ এটা পাই তাই চিঞৰি উঠিল, “তোমালোকৰ দেশ খন খুব ভয়লগা দেই। চোৱাঁ ইয়াত খবৰ ওলাইছে, ছুইছ ডিপ্লোমেট এগৰাকীক দিল্লীত চিৰি ফোৰ্ট অডিটৰিয়ামৰ ওচৰত দলবদ্ধ ধৰ্ষণ কৰিছে। ঘটনাটোৰ কাৰণে খুব গণ্ডগোল হৈছে
অনুপমা ক্লাৰাৰ ওচৰলৈ আহি কম্পিউটাৰৰ মণিটৰত বাতৰিটো পঢ়িলে। তাই ম্লান হাঁহি এটা মাৰি কলে, "এশ কোটি মানুহৰ দেশ খনত কৰবাত দুই এটা এনে ঘটনা নঘটা নহয়। তাতে ভাৰতৰ মানুহৰ শিক্ষা আৰু জীৱন ধাৰণৰ মান উন্নত দেশতকৈ বহুত পিছপৰা। সেয়ে এনেবোৰ ঘটনা ঘটে। কিন্তু এটা কথা জানিবা, আমাৰ দেশত মহিলাক যথেষ্ট সন্মানো দিয়া হয়
মই শুনিছোঁ, তোমালোকৰ হেনো মহিলা ভগৱানো আছেক্লাৰাই অনুপমাৰ পিনে ঘূৰি চাই ক'লে
আছে। ভাৰতৰ শক্তি হিচাপে মহিলাকেই পূজা কৰা হয়। ভাৰতত মহিলাই হল শক্তিৰ প্ৰতীককথা কেইটা কওঁতে অনুপমাৰ গৰ্বৰ ভাৱ ফুটি উঠিল।
ক্লাৰা জাপ মাৰি উঠিল, “সঁচা? মোৰ মহিলা ভগৱানৰ মূৰ্তি চাবলৈ বৰ মন গৈছে। তোমালোকৰ তো সকলো ভগৱানৰে একোটা মূৰ্তি থাকে নহয়নে”?
তুমি ইণ্টাৰনেটত দুৰ্গা পূজা বুলি বিচাৰিলেই ভাৰতৰ মহিলা ভগৱানৰ মূৰ্তিৰ ছবি পাবা। লণ্ডনতো আজিকালি দুৰ্গা পূজা পাতে বুলি শুনিছোঁ। কেতিয়াবা সুবিধা পালে মই তোমাক মহিলা ভগৱানৰ আচল মূৰ্তি দেখুৱাম
"চাম, মই আজিয়েই চাম। মোকো এগৰাকী মহিলা ভগৱান লাগে"। এই বুলি তাই ইণ্টাৰনেটত 'গুগল' খুলি ল'লে।
পিছ মুহূৰ্ততে ক্লাৰাই অনুপমালৈ ঘূৰি চাই সুধিলে, "মহিলা ভগৱানক পূজা কৰা দেশখনত মহিলাক ধৰ্ষণ কৰে কেনেকৈ"?
ক্লাৰাৰ প্ৰশ্নৰ উত্তৰ অনুপমাৰ হাতত নাছিল। তাই ভাবিলে এনেবোৰ ঘটনাৰ কাৰণে তাই কেইবাবাৰো বিদেশী লোকৰ সন্মুখত শিৰনত কৰিব লগীয়া হৈছে।
কথা সলাবলৈ তাই ধেমালি কৰি সুধিলে, “ক্লাৰা, ভাৰতলৈ যাবলৈ তোমাৰ ভয় লাগিছে নেকি”?
নাজানো অনুপমাএখন নজনা নুশুনা দেশলৈ যাবলৈ মোৰ শংকা নোহোৱা নহয়। মই এই বিষয়ে পৰামৰ্শ ল'বলৈ মোৰ ঘৰৰ মানুহ কোনো নাই। তুমি লগত আছা কাৰণেই মই ভাৰতলৈ যাবলৈ সাহস কৰিব পাৰিছোঁক্লাৰাই লাহেকৈ ক'লে।
তোমাৰ মা দেউতা হঁতে জানেনে তুমি যে ভাৰতলৈ যাবাক্লাৰাৰ চকুলৈ চাই অনুপমাই ক'লে।
নাই, নাজানে। জানিলেও কি নো হব। মই কেনেকৈ আছোঁ, কি কৰিছোঁ সেইবোৰ তেওঁলোক কোনেও চিন্তা নকৰে"। ক্লাৰাৰ মুখখন বিষণ্ণতাৰ ডাৱৰে আগুৰি ধৰিলে। "তুমি জানানে মায়ে মোক খুব বেয়া পাই আছে। কাৰণ মই বহুদিন মা লৈ পইচা পঠিয়াব পৰা নাই। নিজৰেই অৱস্থা নাই, মই ক'ৰ পৰা পঠিয়াম। পইচা দি থাকিব পাৰিলে মাৰ কাৰণে মই ভাল, নহলে মই বেয়াতাই উষ্মাৰে ক'লে।
অনুপমাই অনুভৱ কৰিলে ক্লাৰাৰ নি:সংগ, নিঃস্ব: পৃথিৱীখনৰ ভয়াবহতাৰ কথা। তাই যেন ব্যাকুল হৈ আছে সেই পৃথিৱীখন এৰি হিয়া উপচোৱা মৰমেৰে ভৰা আন এখন পৃথিৱীৰ বাবে
অলপ সময়ৰ ভিতৰতে অনুপমাৰ ৰন্ধা বঢ়া হল। দুয়ো বিছনা খনতে কাগজ পাৰি লৈ খাবলৈ বহিল। খাই থাকোঁতে ক্লাৰাই কলে, “তোমাৰ কোঠাত আৰু এখন বিছনা থকা হলে মই আজি ৰাতি তোমাৰ ইয়াতেই থাকি গ'লোহেঁতেন
অনুপমাই কলে, “একেখন বিছনাতে মোৰ লগত থাকিবলৈ তোমাৰ যদি অসুবিধা নহয়, তুমি অজি ইয়াতে থাকিব পাৰা
নালাগে দিয়া। মই যামগৈ। আমি দুয়ো একেলগে একেখন বিছনাতে থকা বুলি গম পালে লোকে আমাক লেজবিয়ান বুলি ভাবিব আৰু হোষ্টেলৰ কৰ্তৃপক্ষই সমকামী অপবাদ দি তোমাক হোষ্টেলৰ পৰা উলিয়াই দিব”, এই বুলি কৈ তাই খিলখিলাই হাঁহি উঠিল।
অনুপমায়ো হাঁহিলেতাই ভাবিলে এইখন দেশত দুজনী ছোৱালী একেলগে এখন বিছনাতে থকাটো চাগে অস্বাভাৱিক কথা বুলি ভবা হয়। অথচ ভাৰতত দুজনী ছোৱালীৰ কাৰণে সেইটো একো ভাবিব লগীয়া কথাই নহয়। তাই নিজেও বহুতো সমবয়সীয়া ছোৱালীৰ লগত একেখন বিছনাতে শুইছে। কোনোদিনে একো সমস্যা হোৱা নাই, এইবোৰ কথা কেতিয়াও তাইৰ মনলৈ অহা নাই।
"পমা, তুমি লেজবিয়ানৰ পাল্লাত কেতিয়াবা পৰিছানে"? হঠাতে কিবা এটা মনত পৰাৰ দৰে ক্লাৰাই সুধিলে
ক্লাৰাৰ কথাত অনুপমা হঠাতে থতমত খোৱাৰ দৰে হ'ল। তাই ক'লে, "নাই, মই পৰা নাই। কিন্তু দিল্লীত থাকোঁতে হোষ্টেলৰ দুজনী ছোৱালী সমকামী বুলি শুনিছিলোঁ"
"মই পৰিছিলোঁ জানা। এবাৰ এজনীৰ পাল্লাত পৰি এৰাতি কটায়ো পাইছোঁবেপৰোৱা সুৰত ক্লাৰাই ক'লে।
কি কোৱাঁ? সঁচানে”? অনুপমাই আচৰিত হৈ চকু ডাঙৰ কৰি ক্লাৰালৈ চালে।
মই যেতিয়া অভিনয়ৰ প্ৰশিক্ষণ লবলৈ গৈছিলোঁ, আফ্ৰিকান ছোৱালী এজনী মোৰ ৰূমমেট আছিল। মই পিছতহে জানিলোঁ, তাই আছিল এজনী লেজবিয়ান"।
ইণ্টাৰেষ্টিং। কি হল কোৱাঁচোন”? কথাটোত অনুপমাই আমোদ পালে।
কি আৰু হব। তুমিতো জানাই, মোৰ মদৰ প্ৰতি দুৰ্বলতা আছে। এদিন মদ খুৱাই মোক তাইৰ বিছনাত শুবলৈ সৈমান কৰালে। মোৰ টোপনি যাওঁ যাওঁ হোৱাৰ সময়তে তাই মোৰ শৰীৰটোক লৈ খেলিবলৈ আৰম্ভ কৰি দিলে নহয়ময়ো প্ৰথমতে ভাবিলোঁ এইজনীয়ে কি কৰে চাওঁচোন। তাই মোক উলংগ কৰি……”
ইছ। তুমি কি কৰিলা? কেনে লাগিছিল তোমাৰ”? অনুপমাৰ কথাটো শুনিবলৈকে যেন লাজ লাগিল।
ধুৰ, কি যে বিভত্স কাৰবাৰ। খুব ঘিণ লাগি গৈছিল। অলপ সময়ৰ ভিতৰতে মই গম পাই গ'লো সেইবোৰ মোৰ দ্বাৰা নহ'ব"। তাই খিলখিলাই হাঁহি দিলে
সেইজনীয়ে তাৰ পিছতো মোক আৰু বহুত জ্বলালে। ভাগ্যে তেতিয়াই কেভিনক লগ পালোঁ। নহলে মই তেতিয়াই পগলা হৈ গ'লোহেঁতেনক্লাৰাই কৈ গল।
কেভিনে তোমাৰ বৰ সহায় কৰিলে নহয়েনে’? অনুপমাই সহানুভূতিৰ সুৰত ক'লে।
কেভিন খুব ভাল ল'ৰা। মই তাক লগ পায়েই খুব ইম্প্ৰেছড হৈছিলোঁ। তাৰ দৰে এজন হেণ্ডচাম হাংকৰ প্ৰতি কোন ছোৱালী আকৰ্ষিত নোহোৱাকৈ থাকিব কোৱাচোনএটা কথাতে তাক মোৰ খুব ভাল লাগিছিল, সি হল এজন প্ৰকৃত ভদ্ৰলোক। মই নিবিচৰালৈকে সি এদিনো মোৰ বিছনাত শুবলৈ বিচৰা নাছিল
অনুপমাই ভাবিলে, সকলো কথা খোলাখুলিকৈ কৈ দিয়ে বাবেই চাগে ক্লাৰাক তাইৰ ইমান ভাল লাগে।
কথা পতি পাতি খাই থাকোঁতে অনুপমাই ক্লাৰালৈ মাজে মাজে চাই ভাবিলে, এইজনী ছোৱালীয়ে কেভিনক সুখত ৰাখিব পাৰিবনে? পাৰিব চাগে। তাইতো তাক এতিয়াও খুব ভাল পায়।
খোৱা হোৱাৰ পিছত দুয়ো আকৌ হিটাৰৰ ওচৰত বহিল।
ক্লাৰাই কলে, “মিষ্টাৰ লেকৰ কাহিনী আগলৈ কি হল কোৱাঁ
অনুপমাই ঘড়ীটোলৈ চাই কলে, “তোমাৰ পলম নহব জানো। এতিয়া দহ বাজিলেইতাতে বাহিৰত খুব ঠাণ্ডা পৰিছে
ক্লাৰাই হাঁহি মাৰি কলে, “এইখন ইণ্ডিয়া পাইছা নেকি? ৰাতি বাৰ বজাতো অকলে চাইকেল চলাই যোৱাত মোৰ কোনো অসুবিধা নাই। ইয়াত মোক ধৰ্ষণ কৰিবলৈ কোনো ৰৈ থকা নাই বুজিছা। আমাৰ দেশৰ মানুহবোৰ বৰ ভদ্ৰ। ধুনীয়া ছোৱালী দেখিলেও ঘূৰি চাব নিবিচাৰে"। তাই আকৌ খিলখিলাই হাঁহিলে।
অনুপমাই জানে কথাটো সম্পূৰ্ণ সত্য নহয়। পৃথিৱীৰ সকলো ঠাইতে হয়তো ধুনীয়া ছোৱালীয়ে পুৰুষৰ চকু আকৰ্ষণ কৰে। তাই এইখন দেশতো সেই কথা অনুভৱ কৰিছে।
"পমা, কেৱল এতিয়া মোৰ অলপ মদ খাবলৈ মন গৈছে। মদ খাবলৈ পালে মই গোটেই ৰাতি বহি থাকিব পাৰিমহঠাতে ক্লাৰাই অনুৰোধৰ সুৰত কলে।
অনুপমাই কলে, “মই কোঠাত মদ আনি নথওঁ নহয়। তুমি আকৌ কেতিয়াবা আহিলে মোক আগতীয়াকৈ খবৰ দিবা। মই তুমি খাই ভালপোৱা মদৰ বটল এটা আনি থ'
তাইৰ কথাত ক্লাৰাই হাঁহি হাঁহি কলে, “তুমি আনিব নালাগে। আকৌ আহিলে মই নিজেই লৈ আহিম দিয়াএদিন তোমাৰ লগত মদ খাই তোমাক আউট কৰি দিবৰ বৰ মন যায়"
ক্লাৰাৰ কথাবোৰ শুনিলে অনুপমাৰ তাইলৈ বৰ মৰম লাগি যায়। কেতিয়াবা একেবাৰে সৰু ছোৱালী এজনী যেন লাগে তাইক।
অনুপমাই তাইৰ মুখলৈ চাই থকা দেখি ক্লাৰাই ক'লে, "কি চাই আছা মোলৈ। মোক তোমাতকৈ বেছি ধুনীয়া বুলি ভাবিছা নেকি? ঈৰ্ষা নকৰিবা, মই তোমাতকৈ ধুনীয়া নহয় দিয়া"। এই বুলি তাই আকৌ খিলখিলকৈ হাঁহিলে।
"এনেয়ে চাইছোঁ ক্লাৰা। ভাবিছোঁ, তোমালোক দুয়োকে বন্ধু হিচাপে পোৱাটো মোৰ বাবে ভাগ্যৰ কথা। আৰু বা কিমানদিন তোমাৰ সৈতে বহি এইদৰে আড্ডা মাৰিব পাৰোঁ। অনুপমাৰ মাতত বিষাদৰ সুৰ বাজি উঠিল।
"'ব দিয়া, অসমখন ভাল লাগিলে মই তাতেই থাকি যাম। মই এনেয়ে তোমাৰ লগত ওলাইছোঁ বুলি ভাবিছা নেকি"? এইবুলি তাই আকৌ হাঁহিলে।
"তোমাৰ দৰে বান্ধৱী এজনী চিৰকাল যদি পাওঁ মোক আৰু কি নো লাগিছে"। এই বুলি অনুপমাই আকৌ ক্লাৰালৈ চালে।
"মোৰ মুখলৈ চাই থাকিব নালাগে, মোক অতীতৰ কাহিনীবোৰ কোৱাঁ"।
অনুপমাই আকৌ নিজৰ নোট বুক খন মেলি ললে। "আমি মিষ্টাৰ লেকৰ কথা পাতি আছিলোঁ নহয়নে"? ক্লাৰাই মূৰ দুপিয়ালে
"মিষ্টাৰ লেক, মিষ্টাৰ গুডিনাফৰ দৰেই কৰ্মপটু আৰু সাহসী আছিলনে"? ক্লাৰাই সুধিলে।
"সাহসী নহ'লে সেই সময়ত তৈল অন্বেষণৰ দৰে বিপদজনক কাম কৰাটো অসম্ভৱ আছিল। নিজৰ দায়িত্ব লোৱাৰ পিছতেই মিষ্টাৰ লেকে খননৰ বাবে আৱশ্যক হোৱা যন্ত্ৰ পাতি, আহিলা, এঠাইৰ পৰা আন এঠাইলৈ নিব পৰা বইলাৰ, স্থানীয় বনুৱা আদিৰ যোগাৰত ব্যস্ত হৈ পৰিল। গধুৰ যন্ত্ৰ পাতিৰ পৰিবহন কৰিবলৈ হাতীয়ে টনা গাড়ীৰ ব্যৱহাৰ কৰা হল। মানুহ অহা যোৱা কৰিবলৈ ঘোঁৰা ব্যৱহাৰ কৰিলে। মানুহৰ শাৰীৰিক শ্ৰমেৰেও নিৰ্মাণৰ বহুতো কাম কৰোৱা হঅনুপমাই কৈ গ'ল।
সেই ঠাই ডোখৰ কেনেকুৱা আছিল? মানুহৰ ঘৰ ওচৰে পাজৰে আছিলনে”? ক্লাৰাই যেন পৰিৱেশটো অনুমান কৰিবলৈ চেষ্টা কৰিলে।
নাই, মানুহ দুনুহ তেনেকৈ নাছিল। তেলৰ উত্কট গোন্ধৰ কাৰণে সেই অঞ্চলটোৰ ওচৰে পাজৰে মানুহে বসতি পতা নাছিল। ঠাইডোখৰ অটব্য হাবি জংগলেৰে ভৰা আছিল"
আগতে খননৰ কোনো অভিজ্ঞতা নোহোৱাকৈ মিষ্টাৰ লেকে কেনেকৈ প্ৰযুক্তি, যন্ত্ৰ পাতিৰ যোগাৰ কৰিলে? মোৰ অনুমান মতে মিষ্টাৰ গুডিনাফে খনন কৰাৰ সময়তকৈ মিষ্টাৰ লেকৰ সময়ত উন্নত প্ৰযুক্তি ব্যৱহাৰ হৈছিল”, ক্লাৰাই আগ্ৰহেৰে কলে।
অনুপমাই হাঁহি মাৰি কলে, "তুমি খুব ধুনীয়া প্ৰশ্ন কৰিছা দেই। এই কথাটো ময়ো ভাবিছিলোঁ। সাহসী হোৱাৰ লগতে মিষ্টাৰ লেক খুব বুধিয়ক আৰু চতুৰ লোক আছিল। কোনো পৰিস্থিতিতে তেওঁ হাৰ মানিব বিচৰা নাছিল"।
"একেবাৰে মোৰ হিৰো মিষ্টাৰ গুডিনাফৰ দৰে নহয়েনে"? ক্লাৰাই খিলখিলাই হাঁহি দিলে।
"একদম ঠিক কথা কৈছা। মিষ্টাৰ লেকে জানিছিল যে উন্নত দেশ বোৰত খননৰ বাবে লোহাৰে নিৰ্মিত ৰিগ ব্যৱহাৰ কৰা হৈছিল। কিন্তু অসমত কত পাব তেনেকুৱা লোহা নিৰ্মিত ৰিগ? বিদেশৰ পৰা বিশাল আকৃতিৰ ৰিগ একোটা আমদানি কৰাটোও সম্ভৱ নাছিল। সেয়েহে লোহাৰ অভাৱত তেওঁ কাঠ ব্যৱহাৰ কৰাৰ সিন্ধান্ত ললে"। অনুপমাই মিচিকিয়া হাঁহিৰে ক'লে।
"কাঠ? সেয়াটো চাগে এক নতুন ইনোভেচন আছিল। কোনেও চাগে কাঠৰ কথা ভবাই নাছিল"। ক্লাৰাই সহযোগ কৰিলে।
"এৰা, অসমৰ হাবিত কাঠৰ অভাৱ নাছিল। তেওঁ মানুহ লগাই মাকৈ আৰু নাহৰ কাঠেৰে ৬৪ ফুট ওখ ড্ৰিলিং ৰিগ সাজিছিল। ক্ৰমান্বয়ে ১০ ফুট, ৩৬ ফুট আৰু ৬২ ফুটৰ উচ্চতাত থকা তিনিখন অতিৰিক্ত প্লেটফৰ্মে ৰিগৰ অৱয়ব টোক নপৰাকৈ ধৰি ৰখাত সহায় কৰিছিলনাহৰ কাঠেৰেই সাজি উলিয়াইছিল খনন কাৰ্য্যত ব্যৱহাৰ হোৱা ট্ৰেভেলিং ব্লকঅনুপমাই বৰ্ণনা কৰি গ'ল।
ক্লাৰাই হঠাতে সুধিলে, “তুমি ড্ৰিলিং ৰিগ দেখিছানে? অসমত চাগে এতিয়াও বহুত ড্ৰিলিং ৰিগ আছে
দেখিছোঁ, ডিগবৈত সেই তাহানিতে ব্যৱহাৰ কৰা ৰিগ বোৰৰ অৱশেষ এতিয়াও আছে। প্ৰথম তেল আৱিষ্কাৰ হোৱাৰ পিছত সময়ত ঘন ঘন কৈ কম ব্যৱধানত বহুতো খাদ খন্দা হৈছিল। তেতিয়া আজিকালিৰ দৰে ভ্ৰাম্যমান ৰিগৰ ব্যৱস্থা নাছিল। প্ৰতিটো খাদৰ বাবে একোটা স্থায়ী ৰিগ নিৰ্মাণ কৰিব লগীয়া হৈছিল। আজিকালিৰ ৰিগ বোৰ আগৰ ৰিগৰ তুলনাত বহুগুণে উন্নতমই ডিগবৈৰ ওচৰে পাজৰে নতুন ৰিগেৰে ড্ৰিলিং কৰা দেখিছোঁ”, অনুপমাই কলে।
মই এতিয়াও সঁচা সচি ড্ৰিলিং ৰিগ দেখা নাই, ছবিতহে দেখিছোঁ। অসমলৈ গলে মোক ড্ৰিলিং ৰিগ দেখুৱাবা দেই। তেতিয়াহে মিষ্টাৰ লেকে সজা ৰিগটোৰ বিষয়ে বুজিবলৈ মোৰ সুবিধা হ”, ক্লাৰাই কলে
অনুপমাই নোট বুক খন চাই চাই কৈ গ, “নিশ্চয় তোমাক দেখুৱামডিগবৈৰ ওচৰে পাজৰে বিভিন্ন ঠাইত অয়ল ইণ্ডিয়া নামৰ কোম্পানীয়ে ড্ৰিলিং কৰে"
"সেই সময়ত ড্ৰিলিং কৰাৰ কাৰণে ইঞ্জিন কেনেকুৱা আছিল"। ক্লাৰাই উত্সুকতাৰে সুধিলে।
"সেই সময়ত ড্ৰিলিং কৰাৰ কাৰণে ১০ ইঞ্চি আৰু ১২ ইঞ্চি জোখৰ এটা চিলিণ্ডাৰ যুক্ত ৮০ পাউণ্ড প্ৰতি ঘণ ইঞ্চি চাপ উত্পন্ন কৰা ইঞ্জিন ব্যৱহাৰ হোৱা বুলি মই জানিবলৈ পাইছোঁ। এই ইঞ্জিন বোৰ আছিল কয়লাৰে চলোৱা ভাপ ইঞ্জিন
এই ইঞ্জিন বোৰ আগৰ দিনৰ ৰেল টনা কয়লাৰ ইঞ্জিন বোৰৰ দতে আছিল নেকি? মই তেনে ইঞ্জিন কোনোবা এটা মিউজিয়ামত দেখা পাইছোঁ”, ক্লাৰাই কলে
ঠিক তেনে নহয়, কিন্তু মূল পদ্ধতিটো একেই আছিল। ভাপ ইঞ্জিনৰ শক্তিতে ট্ৰেভেলিং ব্লকটো উঠা নমা কৰোৱা হৈছিল আৰু খননৰ কাৰনে পাইপ মাটিৰ তললৈ ঠেলি দিয়া হৈছিল
আৰু কি কি আছিল”, ক্লাৰাৰ আৰু জানিবলৈ মন যায়।
ইয়াৰ উপৰিও কয়লাৰে চলোৱা বয়লাৰ কিছুমান আছিল। এই বয়লাৰ বোৰৰ মাজেৰে ভূগৰ্ভৰ ওৰা ওলাই অহা খনিজ পাৰ হৈ যাবলৈ দিলে খনিজ তেলৰ লগত মিহলি হৈ থকা গেছ আৰু পানী ধোঁৱা হৈ আঁতৰি গৈছিল। বয়লাৰৰ পৰা ওলাই আহিছিল বিশুদ্ধ খনিজ তেল। এই বয়লাৰ বোৰ আছিল ভ্ৰাম্যমান, অৰ্থাত এঠাইৰ পৰা আন ঠাইলৈ নিব পৰা হৈছিল
বয়লাৰ বোৰ চাগে আমি পানী গৰম কৰা কেটলিটোৰ দৰে নহয়নে”? ক্লাৰাই কলে।
অনুপমাৰ হাঁহি উঠিল। আচলতে কেটলিৰ দৰে পনীয়া সমগ্ৰী গৰম কৰাই বয়লাৰৰ মুল কাম। কিন্তু কেটলিতকৈ বহুৰ ডাঙৰ। বয়লাৰৰ মাজৰ নলীৰে খনিজ তেল পাৰ হৈ যাব পাৰে”, তাই বুজাই দিলে।
ক্লাৰাই বুজি পোৱাৰ দৰে মূৰ দুপিয়ালে। তাই সুধিলে, "তেনেকুৱা বয়লাৰ এতিয়াও আছেনে"?
"আছে আছে। ডিগবৈৰ পুৰণি খাদ সমূহৰ পৰা তেল উত্পাদন কৰিবলৈ এতিয়াও বয়লাৰৰ সহায় লোৱা হয়। ডিগবৈলৈ গ'লে তুমি নিজেই চাব পাৰিবা। তোমাক দেখুৱাম কেনেদৰে এতিয়াও বহু দশক পুৰণি খাদ সমূহৰ পৰা মানুহে কষ্ট কৰি খনিজ তেল উলিয়াই আছে"। অনুপমাই ক'লে।
মিষ্টাৰ লেকৰ সময়ত কাম কৰা বনুৱাবোৰ কেনে আছিল? তেওঁলোকৰো চাগে খননৰ একো অভিজ্ঞতা নাছিল নহয়নে”? ক্লাৰাই চিন্তাক্লিষ্ট ভাৱত সুধিলে।
তুমি একেবাৰে সঠিক প্ৰশ্ন কৰিছা”, অনুপমাই হাঁহি মাৰি কলে, “প্ৰয়োজনীয় সা সঁজুলিৰ অভাৱেই মিষ্টাৰ লেকৰ মূল সমস্যা নাছিলতেওঁৰ সমস্যা হৈছিল বনুৱা সকলক এই কঠিন কামটোত আগ্ৰহী কৰি ৰখাটো। বেছিভাগ বনুৱাই আগতে গাঁৱত খেতি বাতি কৰি থকা লোক আছিল। খেতিৰ কামৰ পৰা তেওঁলোকক জোৰ কৰি আনি খননৰ কামত লগোৱা হৈছিল। কিন্তু খননৰ হাড়ভঙা পৰিশ্ৰম তেওঁলোকে মুঠেও ভাল পোৱা নাছিল। তদুপৰি ঘৰৰ খেতি খোলা এৰি মজুৰি পোৱা শ্ৰমিকৰ কাম কৰিবলৈ তেওঁলোক আগ্ৰহী নাছিল। বেমাৰ আজাৰৰ অজুহাত দেখুৱাই, ঘৰত কিবা উত্সৱ পাৰ্বন আছে বুলি ফাঁকি মাৰি বনুৱাবোৰ প্ৰায়ে কামৰ পৰা সাৰিব বিচাৰিছিল। খেতি চপোৱাৰ বতৰত সিহঁতক ধৰি ৰখা আটাইতকৈ কঠিন কাম হৈছিল। কোনো খবৰ নিদিয়াকৈ সিহঁত হঠাতে অন্তৰ্ধান হৈছিল
বনুৱা বোৰক ভালদৰে মজুৰি দিয়া হৈছিল নে নাই? মজুৰি ভাল দিলে কিয় কাম নকৰিব"? ক্লাৰাই সুদিলে।
সেই সময়ত বনুৱা বোৰক দৈনিক হাজিৰা দিয়া হৈছিল। বনুৱা বোৰৰ বাবে কোনো ধৰা বন্ধা মজুৰিৰ কথা নাছিল। যাক যিদৰে সৈমান কৰিব পাৰে, সেই দৰেই মজুৰি দিয়া হৈছিল। তদুপৰি অসমৰ গাঁৱৰ মানুহবোৰৰ বাবে মজুৰি কিমান পায় সেয়া ডাঙৰ কথা নাছিল, তেওঁলোকৰ বাবে আনৰ বহতীয়া হৈ কাম কৰাটো আত্মসন্মান লাঘৱ হোৱাৰ দৰে কথা আছিল। আৰু আটাতকৈ ডাঙৰ কথা আছিল, তেওঁলোকৰ বেছিভাগেই আছিল সোৰোপা, এলেহুৱা। কষ্ট কৰি কাম কৰাতকৈ ঘৰতে কানি খাই বহি থাকিবলৈ ভাল পাইছিল"।
"তেনেহ'লে খননৰ কাম কেনেদৰে কৰিছিল? স্থানীয় মানুহেই যদি বনুৱাৰ কাম নকৰে, কোনে কৰিব"?
"বনুৱাৰ কাম কৰিবলৈ অসমৰ বাহিৰৰ প্ৰদেশৰ পৰা বনুৱা আনিবলগীয়া হৈছিল। সেই সময়তে বংগ, বিহাৰ, ওড়িষা, অন্ধ্ৰ আদি ৰাজ্যৰ পৰা বহুতো বনুৱা অসমলৈ আহিছিল। সেই বনুৱা বোৰকো বহুত প্ৰলোভন দি আনিবলগীয়া হৈছিল"। অনুপমাই ক'লে।
"তাৰ মানে মাইগ্ৰেণ্ট লেবাৰ"? ক্লাৰাই প্ৰশ্নবোধক চাৱনিৰে অনুপমালৈ চালে।
"ওঁ, অসমত ইতিমধ্যে চাহ বাগিছা বোৰত কাম কৰিবলৈ পূব ভাৰতৰ আদিবাদী অধ্যুষিত ৰাজ্যবোৰৰ পৰা বহুতো মাইগ্ৰেণ্ট লেবাৰ অনা হৈছিল। তেল খননৰ কাম কৰিবলৈও পিছলৈ বাহিৰৰ পৰা নতুনকৈ বনুৱা আহিছিল"।
হে ভগৱান। ভাবিলেই বেয়া লাগে। কিমান কষ্ট কৰি যে খননৰ কাম কৰিব লগীয়া হৈছিল। মিষ্টাৰ লেকৰ চাগে কিমান সমস্যা হৈছিল”, ক্লাৰাই কল্পনা কৰিবলৈ চেষ্টা কৰিলে
অনুপমাৰ মনটোৱে কল্পনা কৰিলে হাবিৰ মাজত এদল অনভিজ্ঞ, কৰ্মবিমুখ বনুৱাক লৈ মিষ্টাৰ লেকে কৰা সংগ্ৰামৰ দৃশ্য। তাই ভাবিলে সেই সমস্যাৰ মাজত সাহস হেৰুৱাই নেপেলোৱাটোৱেই মিষ্টাৰ লেকৰ কৃতিত্ব।
এৰা, সমস্যাই সমস্যা আছিল। কিন্তু মিষ্টাৰ লেক আছিল দুৰন্ত আশাবাদী। কোনো পৰিস্থিতিতে তেওঁ আশা হেৰুওৱা নাছিল। তেওঁৰ লক্ষ্য আছিল যিকোনো প্ৰকাৰে খনন সম্পন্ন কৰাটো"। ক্লাৰালৈ চাই অনুপমাই ক'লে।
"তেওঁ সফল হ'ব পাৰিলেনে"? উত্সুকতাৰে ক্লাৰাই সুধিলে।
অনুপমাই হাঁহিলে। "আশাবাদী আৰু সাহসী মানুহক ঈশ্বৰেও সহায় কৰে। এনেবোৰ পৰিস্থিতিৰ মাজতে মিষ্টাৰ লেকে ১৮৮৯ চনৰ ছেপ্টেম্বৰ মাহত এটা খাদৰ খনন আৰম্ভ কৰিছিল। প্ৰায় এমাহ পিচতে ১৮৮৯ চনৰ ১৯ অক্টোবৰত ১৭৮ ফুট গভীৰতাত আশাব্যঞ্জক পৰিমাণৰ তেলৰ সন্ধান পোৱা হৈছিল আৰু খাদটোৰ পৰা কিছু পৰিমাণে তেল উত্পাদন হৈছিলঅনুপমাই ক'লে।
ওৱাও। প্ৰথম প্ৰচেষ্টাতে সফল। গুডিনাফেতো কেইবাটাও খাদ খন্দাৰ পিছতহে সফলতা পাইছিল”, ক্লাৰাৰ মুখ উজ্জ্বল হৈ উঠিল।
কিন্তু তেওঁৰ সেই সফলতা বেছি দিন নাথাকিলে। দুদিনমান পিচতে সেই তেলখিনি ঢুকাই থাকিলঅনুপমাৰ মুখত যেন তেলখিনি শেষ হৈ যোৱাৰ বিষাদ ষ্পষ্টকৈ জিলিকি উঠিল।
ইচ ৰাম। এনেকুৱাও হয়নে? তেল ইমান সোনকালে কেনেকৈ শেষ হৈ গ”? ক্লাৰাই সুধিলে।
"তেলৰ ভাণ্ডাৰ সকলোতে একে গভীৰতাত একে নাথাকে। মাজে মাজে কিছুমান অতি কম পৰিমাণৰ তেলৰ পকেট থাকে, সেইবোৰৰ পৰা কম পৰিমাণৰ তেলহে আহৰণ কৰিব পাৰি"। অনুপমাই বুজাই দিলে।
"মিষ্টাৰ লেকে তেতিয়া কি কৰিলে"? ক্লাৰাই সুধিলে।
মিষ্টাৰ লেক ভাঙি পৰা বিধৰ লোক নাছিল। তেলৰ উত্পাদন হঠাতে নাইকিয়া হৈ যোৱাত তেওঁ বিতত হোৱা নাছিল। কিবা কাৰণত তেওঁৰ দৃঢ় বিশ্বাস আছিল যে অধিক গভীৰতাত অধিক পৰিমাণৰ তেলৰ ভাণ্ডাৰ আছে। সেয়েহে তেওঁ আৰু অধিক গভীৰতালৈ খনন চলোৱাৰ নিৰ্দেশ দিলে
"এয়া তেওঁৰ ছিক্সথ ছেন্স আছিল নেকি"? ক্লাৰাই সুধিলে।
"তেনেকুৱাই অছিল চাগে। সাহসী মানুহক ভাগ্যয়ো সহায় কৰে বুলি কোৱা হয়"।
মই অনুমান কৰিব পাৰিছোঁ, কিমান আশাৰে তেওঁলোকে খনন কৰি গৈছিল। মোৰ ডকুমেণ্টৰী খনত মই তেওঁলোকে বিফলতাক আওকাণ কৰি দুগুণ আশাৰে কাম কৰি যোৱাৰ কথাটোত গুৰুত্ব দিব লাগিবক্লাৰাই কলে।
ঠিকেই কৈছা ক্লাৰা। মানৱীয় দিশটো দেখুৱাবই লাগিবসেই সময়ত প্ৰতিকূল পৰিস্থিতিত অধিক গভীৰতালৈ খনন কৰি যোৱাটো সহজ কাম নাছিল। খননৰ কাম অতি ধীৰ গতিত হৈছিল। মাহৰ পিচত মাহ কঠোৰ শ্ৰম কৰি বনুৱাবোৰ ভাগৰি পৰিছিল। তেল উত্পাদনৰ কোনো লক্ষণ নেদেখি তেওঁলোক বৰ নিৰুত্সাহিত হৈ পৰিছিলঅনুপমাই কৈ গ
সেয়াতো স্বাভাৱিক কথা। ইমান কষ্টৰ পিছতো ফল নাপালে মানুহ নিৰাশ হবইক্লাৰাই যেন ঘটনাটো ভালদৰে বুজি পাই গ'ল তেনে সুৰত ক'লে।
মিষ্টাৰ লেক কিন্তু সহজে এৰি দিয়া ভকত নাছিল। তেওঁ বনুৱা বোৰৰ মাজত ঘূৰি ফুৰি তেওঁলোকক কাম কৰি যাবলৈ প্ৰেৰণা যোগাইছিল। তেল খননৰ বাবে কাম কৰি থকা বনুৱাবোৰক সেই সময়ত কি বুলি কোৱা হৈছিল জানানে? তেওঁলোকক ডিগ্ বয় বুলি কোৱা হৈছিল"।
"ডিগ্ বয়"? ক্লাৰাৰ চকু দুটা ডাঙৰ ডাঙৰ হৈ পৰিল।
"এৰা ডিগ্ বয়, মানে মাটি খন্দা মানুহ। সেই ডিগ্ বয় সকলক উত্সাহিত কৰি ৰাখিবলৈ মিষ্টাৰ লেকে এটা অগতানুগতিক উপায় উলিয়ালেযিটো আজিকালিৰ ভাষাত আউট অৱ ডা বক্স ছলিউচন বুলি কব পৰা যায়। অনুমান কৰি কোৱাচোন তেওঁ কি উপায় উলিয়ালেঅনুপমাই ক্লাৰাৰ পিনে চালে।
মই কেনেকৈ ক? সোনকালে কোৱানা। মোৰ জানিবৰ বৰ মন গৈছেক্লাৰাই মূৰ খজুৱাই ক'লে।
তেওঁ সুৰীয়াকৈ এটা গান আৰম্ভ কৰিলে, ‘Dig boy, Digডিগ বয় ডিগঅনুপমাৰ ওঁঠত হাঁহি বিৰিঙি উঠিল।
গান? খনন কৰাৰ মাজত গান? ডিগ বয় ডিগ”? ক্লাৰাই চকু দুটা ডাঙৰ কৰি অনুপমালৈ চাই ৰল।
এৰা ডিগ বয় ডিগ, ডিগ বয় ডিগগাই গাই, চাপৰি বজাই বজাই তেওঁ বনুৱাবোৰৰ মাজত ঘূৰি ফুৰিবলৈ ধৰিলে। তেওঁৰ উত্সাহ দেখি বনুৱা বোৰ প্ৰথমতে আচৰিত হ'ল। কিন্তু লাহে লাহে তেওঁলোকেও গাবলৈ ধৰিলে, ‘ডিগ বয় ডিগ, ডিগ বয় ডিগ’”
ডিগ বয় ডিগ, ডিগ বয় ডিগ”, ক্লাৰায়ো হাত চাপৰি বজাই গাই দিলে।
মিষ্টাৰ লেকৰ এই গানে ডিগ্ বয় সকলৰ কাণত মন্ত্ৰৰ দৰে কাম কৰিলে। তেওঁলোকক উদ্দেশ্য কৰি বৰ চাহাবে গান গাইছে, সেইটোৱেই তেওঁলোকৰ বাবে বহুত ডাঙৰ কথা হৈ পৰিল। তেওঁলোকে বৰ চাহাবে গানৰ মাজেৰে দিয়া বাৰ্তা অনুভৱ কৰিব পাৰিলে। তেওঁলোকে কাম কৰি যাবলৈ সাংঘাতিক উত্সাহ পালে। তেওঁলোকে নতুন উদ্যমেৰে খনন কৰি গল"।
"এইটো সঁচাকৈয়ে ইণ্টাৰেষ্টিং দেইমই মোৰ ছবিখনত ভালদৰে দেখুৱাব লাগিব"ক্লাৰাই উচ্ছ্বাসেৰে ক'লে।
"মিষ্টাৰ লেকৰ এই গান ইমানেই জনপ্ৰিয় হল যে স্থানীয় মানুহ বোৰেও ডিগ বয় ডিগ, ডিগ বয় ডিগগাই হাত চাপৰি বজাই বজাই বনুৱা বোৰক উত্সাহ দিবলৈ ধৰিলে। ওচৰ পাজৰৰ মানুহ বোৰে ঠাইখিনিৰ নামেই ডিগ বয় ডিগ, ডিগ বয় ডিগবুলি কবলৈ আৰম্ভ কৰিলেএই ডিগ বয় ডিগগানৰ পৰই মোৰ নিজৰ চহৰখনৰ নাম ডিগবৈ হঅনুপমাই ক্লাৰাৰ মুখলৈ চাই হাঁহি মাৰি ক'লে।
ডিগ্ বয় ডিগ্, তাৰ পৰা এখন চহৰৰ নাম ডিগ বই। এমেজিং। মোৰ এই কথাটো খুব ভাল লাগিছে। মোৰ কি কথা মনলৈ আহিছে জানা পমা, মই মোৰ ডকুমেণ্টৰী খনৰ নাম ৰাখিম ডিগ্ বয় ডিগ্। কেনেকুৱা হব কোৱানা”? ক্লাৰাই বৰ উত্সাহেৰে কলে।
বঢ়িয়া হব। মানুহক একেচাটে আকৰ্ষণ কৰিব নামটোৱে"অনুপমাই হাত চাপৰি বজাই ক'লে।
মই এনেকুৱা এটা নামেই বিচাৰি আছিলোঁ। যিটো নাম শুনিলেই মানুহ আকৰ্ষিত গ'ব। আজি মই কেভিনক কম চোৱাঁ মই মোৰ ডকুমেণ্টৰী খনৰ বাবে কিমান ধুনীয়া নাম এটা পাই গলোঁ। এই নামটো সিও নিশ্চয় বৰ ভাল পাব, নহয়নে পমাক্লাৰাই অনুপমালৈ চালে।
ডিগ্ বয় ডিগ্ নামটোৰ কথা ভবাৰ কাৰণে তোমাক ধন্যবাদ ক্লাৰা। তোমাৰ ডকুমেণ্টৰীখন চালে মোৰ চহৰখনৰ বিষয়ে জানিবলৈও মানুহে আগ্ৰহ প্ৰকাশ কৰিব। সেইখন দেশে বিদেশে সফল হলে মোৰ ডিগবৈ চৰহখনো বিখ্যাত হৈ পৰিবঅনুপমাই মিচিকিয়া হাঁহিৰে কলে।
ইমান আশা নকৰিবা পমা। মই প্ৰথম বাৰৰ কাৰণে চিনেমা কৰিম। মোৰ চিনেমা কেনেকৈ ইমান বিখ্যাত হ'ব। তথাপি যিমান পাৰি মই ভালদৰে বনামডিগ্ বয় ডিগৰ পিছত কি হল লোৱাঁ আকৌ? মিষ্টাৰ লেক সফল হলনে”? ক্লাৰাই সুধিলে।
ল। সেইটো কথাকেই মই তোমাক কওঁ কওঁ বুলি ৰৈ আছোঁ। ডিগ্ বয় ডিগ্ এই বাক্যশাৰীৰ যাদুত বনুৱাবোৰৰ কাম কৰাৰ গতি খৰ হ'ল। তেওঁলোকে অধিকৰ পৰা অধিকতৰ গভীৰতালৈ খান্দি যাবলৈ ধৰিলে। অশেষ কষ্ট আৰু আশাশুধীয়া প্ৰচেষ্টাৰ ফলত ৬৬২ ফুট গভীৰতালৈ খনন কৰাৰ পিচত হঠাতে এই খাদটোৰ পৰা প্ৰচুৰ পৰিমাণে তেল ওলাবলৈ ধৰিলেঅনুপমাই ক'লে।
ওৱাও, বঢ়িয়া। প্ৰচুৰ পৰিমাণে মানে”? ক্লাৰাই অনুপমাৰ মুখলৈ চালে।
এই খাদটোৰ পৰা হেনো দৈনিক ২০০ গেলনকৈ খনিজ তেল উত্পাদিত হৈছিল। সেই সময়ত এটা খাদৰ পৰা দৈনিক ২০০ গেলন তেলৰ উত্পাদন প্ৰচুৰ পৰিমাণেই আছিল২০০ গেলন মানে লিটাৰৰ হিচাপত প্ৰায় ৭৫০ লিটাৰ
বুজিছোঁ সেই সময়ত এটা খাদৰ পৰা সিমানখিনি তেল পোৱাই ডাঙৰ কথা আছিলক্লাৰাই বুজি পোৱাৰ দৰে ক'লে।
সেয়া আছিল ১৮৯০ চনৰ নৱেম্বৰ মাহ। এই খাদটোৱেই হল বিখ্যাত ডিগবৈৰ ৱেল নং ১অনুপমাই হাঁহি মাৰি ক'লে।
ক্লাৰাই উচ্ছাসেৰে কলে, “এই কাহিনীটো ডকুমেণ্টৰী খনত আমি খুব ভালদৰে দেখুৱাব লাগিব। ডিগবৈ ৱেল নং ১ ৰ দৃশ্য চাগে আমি অসমলৈ গলে পাম। মোক লৈ যাবা দেই পমা এই খাদটোলৈ
নিশ্চয়, তোমালোকক সেই খাদটো দেখুৱাবই লাগিব। তুমি জানানে, ডিগবৈ ৱেল নং ১ এতিয়াও ধুনীয়াকৈ সংৰক্ষণ কৰা আছে। শুনিলে আচৰিত হবা যে আজি কিছু বছৰ আগলৈকে এই খাদটোৰ পৰা কম পৰিমানৰ খনিজ তেল ওলায়েই আছিল
হে ভগৱান। এয়া সঁচাকৈয়ে আচৰিত কথা নহয়নে? মোৰ এতিয়া এনে লাগিছে জানা পমা, মোৰ ডকুমেণ্টৰীখন সঁচাকৈয়ে খুব ভাল হব। ডিগ্ বয় ডিগ্ খুব হিট হ
কিয় নহব ক্লাৰা। তুমি ইমান মনোযোগ দিছা কামটোত। কাম ভাল হবইঅনুপমায়ো উত্সাহেৰে কলে।
বাহিৰত গুড়ি গুড়ি বৰফ পৰা আৰম্ভ হৈছিল। ক্লাৰাই ঘড়ীটো চাই জাপ মাৰি উঠিল। মই যাওঁ পমা। কাইলৈ ৰাতিপুৱা সোনকালে মোৰ ক্লাছ আছে। মই পাহৰিছিলোঁৱেই
ক্লাৰাৰ কথাত অনুপমাও সচকিত হৈ উঠিল। "ইচ, সঁচাকৈয়ে বহুত দেৰী হৈ গ'ল। এতিয়া মাজনিশা হ'লহি। তোমাক আকৌ কৈছোঁ, অসুবিধা নহয় যদি আজি ইয়াতেই থাকি যোৱা"।
"মোৰ কাৰণে চিন্তা নকৰিবা ছুইট হাৰ্ট। মই যাব পাৰিম"। এই বুলি গাত অভাৰকোটটো পিন্ধি লৈ ক্লাৰা ওলাই গল। অনুপমাই বেলকনিলৈ ওলাই তাই যোৱাৰ পিনে চাই ৰল। বাহিৰত নিয়ন লাইটৰ পোহৰত তাইক গায়ে মূৰে ঢকা এটা ছায়ামূৰ্তি যেন লগিল। চাইকেল খনত পৰা বৰফবোৰ জোকাৰি লৈ তাই সেইখন খন চলাই লাহে লাহে গলগৈ।