হিটাৰটো বহু সময় চলি থকাৰ কাৰণে কোঠাটোৰ ভিতৰৰ বতাহ
খিনি গৰম হৈ উশাহ ল’ব নোৱাৰা যেন অৱস্থা হ’ল। অনুপমাই উঠি গৈ খিৰিকী এখন অলপ খুলি দিলে। চেঁচা বতাহ এছাটি কোঠাটোলৈ
সোমাই আহিল। বাহিৰৰ ঘাঁহ বোৰত নিয়ৰৰ টোপাল বোৰ জিলিকি আছে। লাইটৰ পোহৰত নিয়ৰৰ
টোপালবোৰ মুকুতা যেন লাগিছে।
অনুপমা খিৰিকী খনৰ মুখত অলপ সময় ৰ’ল।
তাইৰ মনটো যেন ডিগবৈলৈ উৰি গ’ল। এনে নিয়ৰৰ মুকুতা তাইৰ ঘৰৰ চোতালতো সৰে।
“মই দেউতাৰ লগত হাতীৰ কাৰণে কথা পাতিম,
ডিগবৈৰ ওচৰৰ হাবিত বনৰীয়া হাতী বহুত আছে। পিছে আমাকতো ভাল দৰে
প্ৰশিক্ষণ দিয়া পোহনীয়া হাতী লাগিব। কিবা এটা কৰিম, তুমি চিন্তা নকৰিবা”, আশ্বাসৰ সুৰত বাহিৰলৈ চাই অনুপমাই ক’লে।
“মইতো জানোৱেই, তুমি
কিবা এটা কৰিবাই। তুমি আৰু কেভিন নথকা হ’লে মোৰ যে কি গতি হ’ল হেতেন”, নিজে ৰগৰ কৰি ক্লাৰাই নিজেই হাঁহিলে।
অনুপমায়ো হাঁহিলে। কেভিন আৰু ক্লাৰাক তেওঁলোকৰ কামত
সহায় কৰিব পাৰিলে তাই সুখী হ'ব। দুয়ো ভালে কুশলে থাকক, তাই মনে মনে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে।
কোঠাৰ ভিতৰখনত সতেজ বতাহেৰে ভৰি পৰাৰ পিছত অনুপমাই
খিৰিকীখন বন্ধ কৰি আকৌ ক্লাৰাৰ ওচৰত বহিল। তাই দুয়োৰে কাৰণে আৰু দুকাপ কফি বনাই
আনিলে।
কফি হাতত লৈ ক্লাৰাই ক’লে,
“হাতীৰ ভৰিত তেল লাগি অহাৰ পম খেদি গৈ মাটিৰ তলৰ পৰা নিজ নিজে নিগৰি
তেল ওলাই থকা ঠাইখিনি আৱিস্কাৰ হ’ল বুজিলোঁ বাৰু। তাৰ পিছত
কি হ’ল। তেওঁলোকে ৰেলপথ নিৰ্মাণৰ কাম বাদ দি তেল উলিওৱা কামত
ধৰিলে নেকি”?
অনুপমা নিজৰ ভাবত বিভোৰ হৈ আছিল। ক্লাৰাৰ কথাত সচকিত
হৈ তাই ল'লে, "গোটেই কাহিনীটো আজিয়েই শুনিবা
নেকি"?
"শুনিমতো। আৰু বা কেতিয়া সময় পাওঁ। কেইদিনমানৰ
পিছত পৰীক্ষাৰ কাৰণে তুমিও ব্যস্ত হ'বা, ময়ো ব্যস্ত হ'ম। কেভিনে সদায় মোক কথা শুনাই আছেই।
সেইকাৰণে যিমান পাৰা কোৱাঁ"।
কফি কাপত সোহা মাৰি অনুপমাই কৈ গ'ল, “আছাম ৰেইলৱে এণ্ড ট্ৰেডিং
কোম্পানীটোৱে ৰেলপথ বহুওৱা কাম কৰিবলৈহে অসমলৈ আহিছিল। তেওঁলোকৰ খনিজ তেলৰ কাৰণে
খনন কৰাৰ বা তেল উত্পাদন কৰাৰ কাৰণে চৰকাৰী অনুমতিপত্ৰ নাছিল"।
"অ' বুজিছোঁ।
ৰেলপথৰ কাম কৰোঁতে খনিজ তেল পাব বুলি তেওঁলোকেও ভবা নাছিল। সেই দিনতো খনিজ তেল উত্পাদন
কৰিবলৈ অনুমতিপত্ৰৰ প্ৰয়োজন আছিল"। ক্লাৰাই মূৰ দুপিয়ালে।
"১৮৮৮ চনৰ মাৰ্চ মাহত অসমৰ চীফ কমিছনাৰৰ ওচৰত
তেওঁলোকে খনিজ তেলৰ খনন আৰু উত্পাদনৰ লাইচেন্সৰ কাৰণে আবেদন কৰিলে। পিছে তেওঁলোকৰ
আবেদন চীফ কমিছনাৰে নাকচ কৰিলে"।
"কিয় নাকচ কৰিলে"। ক্লাৰা আচৰিত হ'ল।
"কিয় নাকচ কৰিলে কাৰণটো বৰ ইণ্টাৰেষ্টিং। চীফ কমিচনাৰে ভাবিলে খনিজ তেলৰ উত্পাদনৰ
প্ৰচেষ্টাত অঞ্চলটোৰ বহুমূলীয়া জৈৱিক সম্পদ আৰু পৰিৱেশ বিনষ্ট হোৱাৰ আশংকা আছে।
চোৱাচোন সেই সময়তে পৰিৱেশ আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ কাৰণে চৰকাৰ কিমান সচেতন
আছিল”, অনুপমাই ক’লে।
“এৰা উন্নয়নৰ কাৰণে প্ৰাকৃতিক ভাৰসাম্য
হেৰুওৱাৰ ফল এতিয়াহে মানুহে উপলব্ধি কৰিব পাৰিছে”, ক্লাৰাই
হয়ভৰ দি ক’লে।
“কিন্তু আছাম ৰেইলৱে এণ্ড ট্ৰেডিং
কোম্পানীটৰ বৰমূৰীয়া সকলে ইমান সহজতে খনিজ তেল উদ্ঘাটনৰ প্ৰচেষ্টা এৰি নিদিলে। তেওঁলোকে জানিছিল যে এই আপুৰুগীয়া প্ৰাকৃতিক সম্পদ
উদ্ঘাটন কৰাৰ কাম অনতিপলমে আৰম্ভ কৰিবই লাগিব। কাৰণ সেই সময়ত খনিজ তেল শক্তিৰ এক
অবিসম্বাদী উত্স বুলি প্ৰতিপন্ন হৈছিল আৰু সমগ্ৰ বিশ্বতে খনিজ তেল উত্পাদনৰ কাৰণে
এক প্ৰতিযোগিতা আৰম্ভ হৈছিল। তেওঁলোকে অনুমতি নোহোৱা স্বত্বেও খননৰ কাৰণে আৱশ্যকীয়
যন্ত্ৰ-পাতি, সা-সঁজুলি যোগাৰ কৰিবলৈ আৰম্ভ কৰিলে”।
“অ’ ইয়াকে কয়
কম্পিটিটিভ এডভাণ্টেজ। আনতকৈ আগুৱাই থকাৰ কিটিপ। নিজৰ চেষ্টাতে নিজকে আনতকৈ আগুৱাই
ৰাখিব পাৰিলে ভৱিষ্যতৰ প্ৰত্যাহ্বান সমুহ গ্ৰহণ কৰিবলৈ উজু হয়”। ক্লাৰাই ক’লে।
“এৰা। তেওঁলোক ইমান দুৰদৰ্শী আছিল যে, চীফ কমিছনাৰৰ
অনুমতি নোপোৱা স্বত্বেও তেওঁলোকে বিশ্বাস কৰিছিল যে সোনকালেই খনিজ তেলৰ খননৰ কাম
আৰম্ভ হ’বই। কাৰণ খনিজ তেল তেতিয়া সোণৰ দৰে মূল্যবান আছিল।
সেয়েহে আগধৰি তেওঁলোকে সাজু হৈ আছিল যাতে চৰকাৰে তেনে সিদ্ধান্ত ল’লেই তেওঁলোকে সুবিধাটো ল’ব পাৰে”। অনুপমাই ক’লে।
“তাৰ পিছত কি হ’ল?
তেওঁলোকে অনুমতি পালেনে"?
“খুব মজাৰ কথা কি জানা। চীফ কমিছনাৰে
নাকচ কৰা প্ৰস্তাৱ এটাৰ বাবে আকৌ আবেদন কৰাৰ সলনি তেওঁলোকে অন্য উপায়ৰ কথা চিন্তা
কৰিলে। কোম্পানীৰ অধ্যক্ষই পোনপেটীয়াকৈ বৃটিছ ভাইচৰয় লৰ্ড লেন্সডাউনলৈ এই বুলি এখন
স্মাৰক পত্ৰ পঠিয়ালে যে তেওঁলোকে বৰবিল অঞ্চলত খনিজ তেলৰ খনন আৰু উত্পাদনৰ কাম
আৰম্ভ কৰিব আৰু এই সংক্ৰান্তত সেই সময়ত বলবৎ থকা সকলো আইন আৰু চৰকাৰী আদেশ মান্য হ’ব। চৰকাৰৰ অনুমতিলৈ বাট নাচাই তেওঁলোকে খননৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ
কৰিলে”, অনুপমাই কৈ
গ’ল।
"কথাটো মোক ভালদৰে বুজাই দিয়াচোন। চৰকাৰৰ অনুমতি
নোহোৱাকৈ কেনেকৈ কাম কাজ আৰম্ভ কৰিব পাৰে"?
“তেওঁলোকে এটা খুব ধুনীয়া বুদ্ধি
কৰিলে। তেওঁলোকে চৰকাৰক জনালে যে তেওঁলোকে
খনন কৰিব, যদি সেয়া নীতিবিৰূদ্ধ হয়, চৰকাৰে
তেওঁলোকৰ ওপৰত ব্যৱস্থা ল’ব পাৰে । কিন্তু সেই সময়ত তৈল খাদ খননৰ ওপৰত কোনো আইনেই প্ৰণয়ন
হোৱা নাছিল। গতিকে চৰকাৰে নো কি আইনী ব্যৱস্থা ল’ব পাৰিলে
হেঁতেন?”
"ব্ৰিলিয়েণ্ট মুভ। ইয়াকে কয় আউট অৱ ডা বক্স
ছলিউচন"। ক্লাৰাই উচ্ছাসত চিঞৰি উঠিল।
অনুপমাই তাইৰ নোট বুক খন উলিয়াই ল’লে।
তাই পঢ়ি পঢ়ি কৈ গ’ল, “তেওঁলোকে খননৰ
কাৰণে উপযুক্ত স্থানৰ সন্ধান কৰিলে। বৰবিলৰ পৰা অলপ নিলগত, বৰ্তমান
যি ঠাইত ডিগবৈ ৰেল ষ্টেচনটো আছে, তাৰ ওচৰত এটা অঞ্চলত বহুদিন
খনিজ তেল ওলাই থকাৰ ফলত তেল গোট মাৰি এটা পেৰাফিনৰ তৰপ সৃষ্টি কৰিছিল”।
“পেৰাফিনৰ তৰপ মানে? দেখিবলৈ কেনেকুৱা”?
“খনিজ তেল নিগৰি ওলাই থকা ঠাইত তেলবোৰ
জমা হৈ এটা সময়ত ডাঠ তৰপ এটাৰ সৃষ্টি কৰে। ক’লা, মটীয়া বৰণৰ এই তৰপবোৰৰ জুইশলা মাৰিলে জ্বলি উঠে। এইটোৱেই পেৰাফিন তৰপ।
তেনেকুৱা তৰপ ডিগবৈৰ কিছুমান ঠাইত এতিয়াও দেখিবলৈ পোৱা যায়”।
“অ’ তাৰমানে
তেওঁলোকে তৰপ টো দেখি তেওঁলোকে ভাবিলে সেই ঠাইত তেলৰ উত্স আছে”।
“এৰা। সেই তৰপটোৰ তলতে খনিজ তেলৰ
ভাণ্ডাৰ থকা বুলি তেওঁলোকে অনুমান কৰিলে। সেই এলেকাটো ডাঠ হাবিয়ে আগুৰি আছিল বাবে
প্ৰথমতে স্থানীয় বনুৱা লগাই ঠাইখিনি হাবি বন কটাই পৰিষ্কাৰ কৰি ল’লে”।
“তেওঁলোকে খননৰ জ্ঞান থকা মানুহ ক’ত পালে। কেৱল সঁজুলি আনিলেইতো নহ’ব। সঁজুলিবোৰ
ব্যৱহাৰ কৰিব জনা মানুহোতো লাগিব”। ক্লাৰাই ক’লে।
“এৰা। তুমি ঠিকেই কৈছা। আছাম ৰেইলৱে
এণ্ড ত্ৰেডিং কোম্পানীয়ে খনিজ তেলৰ খনন প্ৰকল্পটো বৰ গুৰুত্ব সহকাৰে লৈছিল। এই
প্ৰকল্পটোৰ নেতৃত্ব দিবলৈ তেওঁলোকে উপযুক্ত ব্যক্তিৰ সন্ধান কৰিছিল। তেওঁলোকে
বিচাৰি উলিয়াইছিল ডবলিউ এল লেক নামৰ এজন অতি উত্সাহী আৰু কৰ্মপটু ব্যক্তিক। আগৰ
অভিজ্ঞতা আৰু সাফল্যৰ ভিত্তিত মিষ্টাৰ লেক আছিল এনে এটা প্ৰকল্প নেতৃত্ব দিবলৈ
আটাইতকৈ উপযুক্ত ব্যক্তি”।
“মিষ্টাৰ লেকৰ নাম মই কেভিনৰ মুখত
শুনিছোঁ। মোক এটা কথা কোৱাচোন। মিষ্টাৰ লেকে আগতে কৰবাত এনেকুৱা তৈল অন্বেষনৰ কাম
কৰিছিল নেকি”? ক্লাৰাই সুধিলে।
অনুপমাই তাইৰ নোট বুক খনৰ পাত লুটিয়াই চাবলৈ ধৰিলে।
বিচৰা তথ্য বিচাৰি নাপাই তাই কাগজ কিছুমান উলিয়াই তাতে বিচাৰিবলৈ ধৰিলে। হঠাতে
তাইৰ মুখ খন উজ্বলি উঠিল। তাই কৈ গ’ল, “মিষ্টাৰ লেক আছিল আছিল এজন খনিজ পদাৰ্থৰ সন্ধান অনুৰাগী ব্যক্তি। বিভিন্ন
খনিজ পদাৰ্থৰ খনন কাৰ্যত তেওঁৰ বৰ ৰাপ আছিল। ভাৰতলৈ আহি প্ৰথমতে তেওঁ বঙ্গ আৰু
বিহাৰত মাইকা, এছবেষ্টচ আৰু কয়লাৰ খননৰ কামত ব্ৰতী আছিল।
মাটিৰ তলৰ জগত খনৰ বিষয়ে জানিবলৈ তেওঁৰ আছিল অসীম আগ্ৰহ”।
“কিন্তু খনিজ তেলৰ খনন কয়লা খননৰ দৰে
একেতো নহয়”। ক্লাৰাই ক’লে।
“একে নহ’লেও সেই
সময়ত খননৰ প্ৰতি অনুৰাগেই ডাঙৰ কথা আছিল। কাৰণ এই কাম কৰিবলৈ আগ্ৰহী মানুহৰ বৰ
অভাৱ আছিল। প্ৰতিটো খন কাৰ্য আছিল বিপদজনক আৰু সাংঘাটিক প্ৰত্যাহ্বানপূৰ্ণ"।
"মিষ্টাৰ লেকৰ বিষয়ে আৰু কোৱাচোন। মই তেওঁৰ
বিষয়ে কিছু কথা জানিব লাগিব মোৰ ডকুমেণ্টৰী খনৰ কাৰণে"। ক্লাৰাই আগ্ৰহেৰে ক'লে।
"১৮৮৪ চনত মিষ্টাৰ লেকে আছাম ৰেইলৱে এণ্ড
ট্ৰেডিং কোম্পানীত ৰেলপথ নিৰ্মান কামৰ তদাৰকী বিষয়া হিচাপে যোগদান কৰিছিল। অলপ
দিনৰ ভিতৰতে তেওঁ মাটিৰ পৰা নিগৰি ওলোৱা খনিজ তেল দেখি খনিজ তেলৰ উত্সৰ বিষয়ে
জানিবলৈ আগ্ৰহী হৈ পৰে। বৰবিলৰ অৰণ্যৰ মাজত প্ৰচুৰ পৰিমাণে খনিজ তেল নিগৰি ওলাই
থকা প্ৰত্যক্ষ কৰি তেওঁ কোম্পানীৰ বৰমূৰীয়া সকলক খনিজ তেলৰ কাৰণে তাত খনন কৰিবলৈ
পৰামৰ্শ দিছিল। কোম্পানীয়ে খননৰ অলপ অচৰপ অভিজ্ঞতা থকা ব্যক্তি হিচাপে তেওঁকেই খনন
প্ৰকল্পটোৰ নেতৃত্ব দিবলৈ আটাইতকৈ উপযুক্ত বুলি বিবেচিত কৰিলে”।
ইতিমধ্যে ৰাতি হৈ আহিছিল। অনুপমাৰ ভাত ৰন্ধাৰ সময় হৈ
আহিছিল। তাই ক্লাৰাক ক’লে, “তুমি আজি
মোৰ লগতে ৰাতিৰ সাজ খাই যোৱা। ফ্ৰীজত টাৰ্কি আছেই। অলপ ফ্ৰাইড ৰাইচ বনাই দিওঁ।
বেছি সময় নালাগিব”।
“ভালেই হ’ব দিয়া।
ষ্পাঘেটি আৰু বাৰ্গাৰ খাই খাই মোৰ আমনি লাগি গৈছে। কেভিনক মই ফোন কৰি কৈ দিওঁ। সি
পিজ্জা অৰ্ডাৰ কৰি খাব। মই আজি গোটেই কাহিনীটো শুনিহে যাম”। ক্লাৰাই ক’লে।
অনুপমাই ভাবিলে, কেভিনকো খাবলৈ
মাতি দিব নেকি? কিন্তু সি আহিলে তাৰ বাবে টাৰ্কি কম হ'ব। ক্লাৰাই ইতিমধ্যে কেভিনৰ লগত ফোনত কথা পাতিলেই।
“কেভিনৰ লগত তুমি এইটো বিষয়ত আলোচনা
নকৰা নেকি? মইতো সি দিয়া মেটেৰিয়েল বোৰ পঢ়িহে কথাবোৰ জানিছোঁ”,
ফ্ৰিজৰ পৰা টাৰ্কিৰ পাত্ৰটো উলিয়াই অনুপমাই ক’লে।
“কেভিনে মোৰ লগত আলোচনা কৰিব? সি টো মোৰ এটা কথাও সহ্য কৰিব নোৱাৰে। তাৰ মতে মই একো কামৰে নহয়। তাৰ খালি
এটাই কথা, মোৰ ডকুমেণ্টৰী খনৰ কাৰণে মই নিজে সকলো কৰিব
লাগিব। নিজে পঢ়া শুনা কৰিব লাগিব, স্ক্ৰিপ্ত লিখিব লাগিব।”
ক্লাৰাৰ মাতলৈ উষ্মা ঘুৰি আহিল।
অনুপমাৰ ভাব হ’ল, ক্লাৰাই কেভিনৰ কথাবোৰ কেতিয়াও ভালদৰে বুজিবলৈ চেষ্টা কৰা নাই। নিজে
পঢ়াশুনা কৰিলে তাইৰ যে উপকাৰহে হ’ব এই কথা তাই কেতিয়াও অনুভৱ
কৰা নাই।
অনুপমাই খোৱাৰ যোগাৰ কৰি থকা
সময়খিনি ক্লাৰাই কম্পিউটাৰটো অন কৰি ইণ্টাৰনেটত কিবা কিবি চাই থাকিল। কোনোবা এটা
ৱেব ছাইটত ভাৰতৰ খবৰ এটা পাই তাই চিঞৰি উঠিল, “তোমালোকৰ
দেশ খন খুব ভয়লগা দেই। চোৱাঁ ইয়াত খবৰ ওলাইছে, ছুইছ
ডিপ্লোমেট এগৰাকীক দিল্লীত চিৰি ফোৰ্ট অডিটৰিয়ামৰ ওচৰত দলবদ্ধ ধৰ্ষণ কৰিছে।
ঘটনাটোৰ কাৰণে খুব গণ্ডগোল হৈছে”।
অনুপমা ক্লাৰাৰ ওচৰলৈ আহি
কম্পিউটাৰৰ মণিটৰত বাতৰিটো পঢ়িলে। তাই ম্লান হাঁহি এটা মাৰি ক’লে, "এশ কোটি মানুহৰ দেশ খনত কৰবাত
দুই এটা এনে ঘটনা নঘটা নহয়। তাতে ভাৰতৰ মানুহৰ শিক্ষা আৰু জীৱন ধাৰণৰ মান উন্নত
দেশতকৈ বহুত পিছপৰা। সেয়ে এনেবোৰ ঘটনা ঘটে। কিন্তু এটা কথা জানিবা, আমাৰ দেশত মহিলাক যথেষ্ট সন্মানো দিয়া হয়”।
“মই শুনিছোঁ, তোমালোকৰ হেনো মহিলা ভগৱানো আছে”। ক্লাৰাই অনুপমাৰ পিনে ঘূৰি চাই ক'লে।
“আছে। ভাৰতৰ শক্তি হিচাপে
মহিলাকেই পূজা কৰা হয়। ভাৰতত মহিলাই হ’ল শক্তিৰ প্ৰতীক”। কথা কেইটা কওঁতে অনুপমাৰ গৰ্বৰ ভাৱ ফুটি উঠিল।
ক্লাৰা জাপ মাৰি উঠিল, “সঁচা? মোৰ মহিলা ভগৱানৰ মূৰ্তি চাবলৈ
বৰ মন গৈছে। তোমালোকৰ তো সকলো ভগৱানৰে একোটা মূৰ্তি থাকে নহয়নে”?
“তুমি ইণ্টাৰনেটত দুৰ্গা পূজা
বুলি বিচাৰিলেই ভাৰতৰ মহিলা ভগৱানৰ মূৰ্তিৰ ছবি পাবা। লণ্ডনতো আজিকালি দুৰ্গা পূজা
পাতে বুলি শুনিছোঁ। কেতিয়াবা সুবিধা পালে মই তোমাক মহিলা ভগৱানৰ আচল মূৰ্তি
দেখুৱাম”।
"চাম, মই আজিয়েই চাম। মোকো এগৰাকী মহিলা ভগৱান লাগে"। এই বুলি তাই
ইণ্টাৰনেটত 'গুগল' খুলি ল'লে।
পিছ মুহূৰ্ততে ক্লাৰাই অনুপমালৈ ঘূৰি
চাই সুধিলে, "মহিলা ভগৱানক পূজা কৰা
দেশখনত মহিলাক ধৰ্ষণ কৰে কেনেকৈ"?
ক্লাৰাৰ প্ৰশ্নৰ উত্তৰ অনুপমাৰ
হাতত নাছিল। তাই ভাবিলে এনেবোৰ ঘটনাৰ কাৰণে তাই কেইবাবাৰো বিদেশী লোকৰ সন্মুখত
শিৰনত কৰিব লগীয়া হৈছে।
কথা সলাবলৈ তাই ধেমালি কৰি সুধিলে, “ক্লাৰা, ভাৰতলৈ যাবলৈ তোমাৰ ভয় লাগিছে
নেকি”?
“নাজানো অনুপমা। এখন নজনা নুশুনা দেশলৈ যাবলৈ মোৰ শংকা নোহোৱা নহয়। মই এই বিষয়ে পৰামৰ্শ ল'বলৈ মোৰ ঘৰৰ মানুহ কোনো নাই। তুমি লগত আছা কাৰণেই মই ভাৰতলৈ
যাবলৈ সাহস কৰিব পাৰিছোঁ”। ক্লাৰাই লাহেকৈ
ক'লে।
“তোমাৰ মা দেউতা হঁতে জানেনে
তুমি যে ভাৰতলৈ যাবা”। ক্লাৰাৰ চকুলৈ
চাই অনুপমাই ক'লে।
“নাই, নাজানে।
জানিলেও কি নো হ’ব। মই কেনেকৈ আছোঁ, কি
কৰিছোঁ সেইবোৰ তেওঁলোক কোনেও চিন্তা নকৰে"। ক্লাৰাৰ মুখখন বিষণ্ণতাৰ ডাৱৰে
আগুৰি ধৰিলে। "তুমি জানানে মায়ে মোক খুব বেয়া পাই আছে। কাৰণ মই বহুদিন মা লৈ
পইচা পঠিয়াব পৰা নাই। নিজৰেই অৱস্থা নাই, মই ক'ৰ পৰা পঠিয়াম। পইচা দি থাকিব পাৰিলে মাৰ কাৰণে মই ভাল, নহ’লে মই বেয়া”। তাই উষ্মাৰে ক'লে।
অনুপমাই অনুভৱ কৰিলে ক্লাৰাৰ
নি:সংগ, নিঃস্ব: পৃথিৱীখনৰ ভয়াবহতাৰ কথা। তাই যেন
ব্যাকুল হৈ আছে সেই পৃথিৱীখন এৰি হিয়া উপচোৱা মৰমেৰে ভৰা আন এখন পৃথিৱীৰ বাবে।
অলপ সময়ৰ ভিতৰতে অনুপমাৰ ৰন্ধা বঢ়া
হ’ল। দুয়ো বিছনা খনতে কাগজ পাৰি লৈ খাবলৈ
বহিল। খাই থাকোঁতে ক্লাৰাই ক’লে, “তোমাৰ
কোঠাত আৰু এখন বিছনা থকা হ’লে মই আজি ৰাতি তোমাৰ ইয়াতেই থাকি
গ'লোহেঁতেন”।
অনুপমাই ক’লে, “একেখন বিছনাতে মোৰ লগত থাকিবলৈ
তোমাৰ যদি অসুবিধা নহয়, তুমি অজি ইয়াতে থাকিব পাৰা”।
“নালাগে দিয়া। মই যামগৈ। আমি
দুয়ো একেলগে একেখন বিছনাতে থকা বুলি গম পালে লোকে আমাক লেজবিয়ান বুলি ভাবিব আৰু
হোষ্টেলৰ কৰ্তৃপক্ষই সমকামী অপবাদ দি তোমাক হোষ্টেলৰ পৰা উলিয়াই দিব”, এই বুলি কৈ তাই খিলখিলাই হাঁহি উঠিল।
অনুপমায়ো হাঁহিলে। তাই ভাবিলে এইখন দেশত দুজনী ছোৱালী একেলগে এখন বিছনাতে থকাটো চাগে অস্বাভাৱিক
কথা বুলি ভবা হয়। অথচ ভাৰতত দুজনী ছোৱালীৰ কাৰণে সেইটো একো ভাবিব লগীয়া কথাই নহয়।
তাই নিজেও বহুতো সমবয়সীয়া ছোৱালীৰ লগত একেখন বিছনাতে শুইছে। কোনোদিনে একো সমস্যা
হোৱা নাই, এইবোৰ কথা কেতিয়াও তাইৰ মনলৈ অহা নাই।
"পমা, তুমি লেজবিয়ানৰ পাল্লাত কেতিয়াবা পৰিছানে"? হঠাতে
কিবা এটা মনত পৰাৰ দৰে ক্লাৰাই সুধিলে।
ক্লাৰাৰ কথাত অনুপমা হঠাতে থতমত
খোৱাৰ দৰে হ'ল। তাই ক'লে, "নাই, মই পৰা নাই।
কিন্তু দিল্লীত থাকোঁতে হোষ্টেলৰ দুজনী ছোৱালী সমকামী বুলি শুনিছিলোঁ"।
"মই পৰিছিলোঁ জানা। এবাৰ
এজনীৰ পাল্লাত পৰি এৰাতি কটায়ো পাইছোঁ”। বেপৰোৱা সুৰত ক্লাৰাই ক'লে।
“কি কোৱাঁ? সঁচানে”? অনুপমাই আচৰিত হৈ চকু ডাঙৰ কৰি ক্লাৰালৈ
চালে।
“মই যেতিয়া অভিনয়ৰ প্ৰশিক্ষণ ল’বলৈ গৈছিলোঁ, আফ্ৰিকান ছোৱালী এজনী মোৰ ৰূমমেট আছিল।
মই পিছতহে জানিলোঁ, তাই আছিল এজনী লেজবিয়ান"।
“ইণ্টাৰেষ্টিং। কি হ’ল কোৱাঁচোন”? কথাটোত অনুপমাই আমোদ পালে।
“কি আৰু হ’ব। তুমিতো জানাই, মোৰ মদৰ প্ৰতি দুৰ্বলতা আছে। এদিন
মদ খুৱাই মোক তাইৰ বিছনাত শুবলৈ সৈমান কৰালে। মোৰ টোপনি যাওঁ যাওঁ হোৱাৰ সময়তে তাই
মোৰ শৰীৰটোক লৈ খেলিবলৈ আৰম্ভ কৰি দিলে নহয়। ময়ো প্ৰথমতে ভাবিলোঁ এইজনীয়ে কি কৰে চাওঁচোন। তাই মোক উলংগ কৰি……”
“ইছ। তুমি কি কৰিলা? কেনে লাগিছিল তোমাৰ”? অনুপমাৰ কথাটো শুনিবলৈকে যেন
লাজ লাগিল।
“ধুৰ, কি
যে বিভত্স কাৰবাৰ। খুব ঘিণ লাগি গৈছিল। অলপ সময়ৰ ভিতৰতে মই গম পাই গ'লো সেইবোৰ মোৰ দ্বাৰা নহ'ব"। তাই খিলখিলাই
হাঁহি দিলে।
“সেইজনীয়ে তাৰ পিছতো মোক আৰু
বহুত জ্বলালে। ভাগ্যে তেতিয়াই কেভিনক লগ পালোঁ। নহ’লে মই
তেতিয়াই পগলা হৈ গ'লোহেঁতেন”। ক্লাৰাই কৈ গ’ল।
“কেভিনে তোমাৰ বৰ সহায় কৰিলে
নহয়েনে’? অনুপমাই সহানুভূতিৰ সুৰত ক'লে।
“কেভিন খুব ভাল ল'ৰা। মই তাক লগ পায়েই খুব ইম্প্ৰেছড হৈছিলোঁ। তাৰ দৰে এজন হেণ্ডচাম হাংকৰ
প্ৰতি কোন ছোৱালী আকৰ্ষিত নোহোৱাকৈ থাকিব কোৱাচোন। এটা কথাতে তাক মোৰ খুব ভাল লাগিছিল, সি হ’ল এজন প্ৰকৃত ভদ্ৰলোক। মই নিবিচৰালৈকে সি এদিনো মোৰ বিছনাত শুবলৈ বিচৰা
নাছিল”।
অনুপমাই ভাবিলে, সকলো কথা খোলাখুলিকৈ কৈ দিয়ে বাবেই চাগে ক্লাৰাক তাইৰ ইমান
ভাল লাগে।
কথা পতি পাতি খাই থাকোঁতে অনুপমাই
ক্লাৰালৈ মাজে মাজে চাই ভাবিলে, এইজনী ছোৱালীয়ে
কেভিনক সুখত ৰাখিব পাৰিবনে? পাৰিব চাগে। তাইতো তাক এতিয়াও
খুব ভাল পায়।
খোৱা হোৱাৰ পিছত দুয়ো আকৌ হিটাৰৰ
ওচৰত বহিল।
ক্লাৰাই ক’লে, “মিষ্টাৰ লেকৰ কাহিনী আগলৈ কি হ’ল কোৱাঁ”।
অনুপমাই ঘড়ীটোলৈ চাই ক’লে, “তোমাৰ পলম নহ’ব
জানো। এতিয়া দহ বাজিলেই। তাতে বাহিৰত
খুব ঠাণ্ডা পৰিছে”।
ক্লাৰাই হাঁহি মাৰি ক’লে, “এইখন ইণ্ডিয়া পাইছা নেকি? ৰাতি বাৰ বজাতো অকলে চাইকেল চলাই যোৱাত মোৰ কোনো অসুবিধা নাই। ইয়াত মোক
ধৰ্ষণ কৰিবলৈ কোনো ৰৈ থকা নাই বুজিছা। আমাৰ দেশৰ মানুহবোৰ বৰ ভদ্ৰ। ধুনীয়া ছোৱালী
দেখিলেও ঘূৰি চাব নিবিচাৰে"। তাই আকৌ খিলখিলাই হাঁহিলে।
অনুপমাই জানে কথাটো সম্পূৰ্ণ সত্য
নহয়। পৃথিৱীৰ সকলো ঠাইতে হয়তো ধুনীয়া ছোৱালীয়ে পুৰুষৰ চকু আকৰ্ষণ কৰে। তাই এইখন
দেশতো সেই কথা অনুভৱ কৰিছে।
"পমা, কেৱল এতিয়া মোৰ অলপ মদ খাবলৈ মন গৈছে। মদ খাবলৈ পালে মই গোটেই ৰাতি বহি
থাকিব পাৰিম”। হঠাতে ক্লাৰাই অনুৰোধৰ
সুৰত ক’লে।
অনুপমাই ক’লে, “মই কোঠাত মদ আনি নথওঁ নহয়। তুমি আকৌ
কেতিয়াবা আহিলে মোক আগতীয়াকৈ খবৰ দিবা। মই তুমি খাই ভালপোৱা মদৰ বটল এটা আনি থ'ম”।
তাইৰ কথাত ক্লাৰাই হাঁহি হাঁহি ক’লে, “তুমি আনিব নালাগে। আকৌ আহিলে মই
নিজেই লৈ আহিম দিয়া। এদিন তোমাৰ লগত
মদ খাই তোমাক আউট কৰি দিবৰ বৰ মন যায়"।
ক্লাৰাৰ কথাবোৰ শুনিলে অনুপমাৰ
তাইলৈ বৰ মৰম লাগি যায়। কেতিয়াবা একেবাৰে সৰু ছোৱালী এজনী যেন লাগে তাইক।
অনুপমাই তাইৰ মুখলৈ চাই থকা দেখি
ক্লাৰাই ক'লে, "কি চাই আছা
মোলৈ। মোক তোমাতকৈ বেছি ধুনীয়া বুলি ভাবিছা নেকি? ঈৰ্ষা
নকৰিবা, মই তোমাতকৈ ধুনীয়া নহয় দিয়া"। এই বুলি তাই আকৌ
খিলখিলকৈ হাঁহিলে।
"এনেয়ে চাইছোঁ ক্লাৰা।
ভাবিছোঁ, তোমালোক দুয়োকে বন্ধু হিচাপে পোৱাটো মোৰ বাবে
ভাগ্যৰ কথা। আৰু বা কিমানদিন তোমাৰ সৈতে বহি এইদৰে আড্ডা মাৰিব পাৰোঁ। অনুপমাৰ
মাতত বিষাদৰ সুৰ বাজি উঠিল।
"হ'ব
দিয়া, অসমখন ভাল লাগিলে মই তাতেই থাকি যাম। মই এনেয়ে তোমাৰ
লগত ওলাইছোঁ বুলি ভাবিছা নেকি"? এইবুলি তাই আকৌ
হাঁহিলে।
"তোমাৰ দৰে বান্ধৱী এজনী
চিৰকাল যদি পাওঁ মোক আৰু কি নো লাগিছে"। এই বুলি অনুপমাই আকৌ ক্লাৰালৈ চালে।
"মোৰ মুখলৈ চাই থাকিব
নালাগে, মোক অতীতৰ কাহিনীবোৰ কোৱাঁ"।
অনুপমাই আকৌ নিজৰ নোট বুক খন মেলি
ল’লে। "আমি মিষ্টাৰ লেকৰ কথা পাতি আছিলোঁ
নহয়নে"? ক্লাৰাই মূৰ দুপিয়ালে।
"মিষ্টাৰ লেক, মিষ্টাৰ গুডিনাফৰ দৰেই কৰ্মপটু আৰু সাহসী আছিলনে"? ক্লাৰাই সুধিলে।
"সাহসী নহ'লে সেই সময়ত তৈল অন্বেষণৰ দৰে বিপদজনক কাম কৰাটো অসম্ভৱ আছিল। নিজৰ
দায়িত্ব লোৱাৰ পিছতেই মিষ্টাৰ লেকে খননৰ বাবে আৱশ্যক হোৱা যন্ত্ৰ পাতি, আহিলা, এঠাইৰ পৰা আন এঠাইলৈ নিব পৰা বইলাৰ, স্থানীয় বনুৱা আদিৰ যোগাৰত ব্যস্ত হৈ পৰিল। গধুৰ যন্ত্ৰ পাতিৰ পৰিবহন
কৰিবলৈ হাতীয়ে টনা গাড়ীৰ ব্যৱহাৰ কৰা হ’ল। মানুহ অহা যোৱা
কৰিবলৈ ঘোঁৰা ব্যৱহাৰ কৰিলে। মানুহৰ শাৰীৰিক শ্ৰমেৰেও নিৰ্মাণৰ বহুতো কাম কৰোৱা হ’ল”। অনুপমাই কৈ গ'ল।
“সেই ঠাই ডোখৰ কেনেকুৱা আছিল?
মানুহৰ ঘৰ ওচৰে পাজৰে আছিলনে”? ক্লাৰাই যেন
পৰিৱেশটো অনুমান কৰিবলৈ চেষ্টা কৰিলে।
“নাই, মানুহ
দুনুহ তেনেকৈ নাছিল। তেলৰ উত্কট গোন্ধৰ কাৰণে সেই অঞ্চলটোৰ ওচৰে পাজৰে মানুহে বসতি
পতা নাছিল। ঠাইডোখৰ অটব্য হাবি জংগলেৰে ভৰা আছিল"।
“আগতে খননৰ কোনো অভিজ্ঞতা
নোহোৱাকৈ মিষ্টাৰ লেকে কেনেকৈ প্ৰযুক্তি, যন্ত্ৰ পাতিৰ যোগাৰ
কৰিলে? মোৰ অনুমান মতে মিষ্টাৰ গুডিনাফে খনন কৰাৰ সময়তকৈ
মিষ্টাৰ লেকৰ সময়ত উন্নত প্ৰযুক্তি ব্যৱহাৰ হৈছিল”, ক্লাৰাই
আগ্ৰহেৰে ক’লে।
অনুপমাই হাঁহি মাৰি ক’লে, "তুমি খুব ধুনীয়া প্ৰশ্ন কৰিছা
দেই। এই কথাটো ময়ো ভাবিছিলোঁ। সাহসী হোৱাৰ লগতে মিষ্টাৰ লেক খুব বুধিয়ক আৰু চতুৰ
লোক আছিল। কোনো পৰিস্থিতিতে তেওঁ হাৰ মানিব বিচৰা নাছিল"।
"একেবাৰে মোৰ হিৰো
মিষ্টাৰ গুডিনাফৰ দৰে নহয়েনে"? ক্লাৰাই খিলখিলাই হাঁহি
দিলে।
"একদম ঠিক কথা কৈছা।
মিষ্টাৰ লেকে জানিছিল যে উন্নত দেশ বোৰত খননৰ বাবে লোহাৰে নিৰ্মিত ৰিগ ব্যৱহাৰ কৰা
হৈছিল। কিন্তু অসমত ক’ত পাব তেনেকুৱা লোহা নিৰ্মিত ৰিগ?
বিদেশৰ পৰা বিশাল আকৃতিৰ ৰিগ একোটা আমদানি কৰাটোও সম্ভৱ নাছিল।
সেয়েহে লোহাৰ অভাৱত তেওঁ কাঠ ব্যৱহাৰ কৰাৰ সিন্ধান্ত ল’লে"।
অনুপমাই মিচিকিয়া হাঁহিৰে ক'লে।
"কাঠ? সেয়াটো চাগে এক নতুন ইনোভেচন আছিল। কোনেও চাগে কাঠৰ কথা ভবাই নাছিল"।
ক্লাৰাই সহযোগ কৰিলে।
"এৰা, অসমৰ হাবিত কাঠৰ অভাৱ নাছিল। তেওঁ মানুহ লগাই মাকৈ আৰু নাহৰ কাঠেৰে ৬৪ ফুট
ওখ ড্ৰিলিং ৰিগ সাজিছিল। ক্ৰমান্বয়ে ১০ ফুট, ৩৬ ফুট আৰু ৬২
ফুটৰ উচ্চতাত থকা তিনিখন অতিৰিক্ত প্লেটফৰ্মে ৰিগৰ অৱয়ব টোক নপৰাকৈ ধৰি ৰখাত সহায়
কৰিছিল। নাহৰ কাঠেৰেই সাজি উলিয়াইছিল খনন কাৰ্য্যত
ব্যৱহাৰ হোৱা ট্ৰেভেলিং ব্লক”। অনুপমাই বৰ্ণনা কৰি গ'ল।
ক্লাৰাই হঠাতে সুধিলে, “তুমি ড্ৰিলিং ৰিগ দেখিছানে? অসমত চাগে
এতিয়াও বহুত ড্ৰিলিং ৰিগ আছে”।
“দেখিছোঁ, ডিগবৈত সেই তাহানিতে ব্যৱহাৰ কৰা ৰিগ বোৰৰ অৱশেষ এতিয়াও আছে। প্ৰথম তেল
আৱিষ্কাৰ হোৱাৰ পিছত সময়ত ঘন ঘন কৈ কম ব্যৱধানত বহুতো খাদ খন্দা হৈছিল। তেতিয়া
আজিকালিৰ দৰে ভ্ৰাম্যমান ৰিগৰ ব্যৱস্থা নাছিল। প্ৰতিটো খাদৰ বাবে একোটা স্থায়ী ৰিগ
নিৰ্মাণ কৰিব লগীয়া হৈছিল। আজিকালিৰ ৰিগ বোৰ আগৰ ৰিগৰ তুলনাত বহুগুণে উন্নত। মই ডিগবৈৰ ওচৰে পাজৰে নতুন ৰিগেৰে ড্ৰিলিং কৰা দেখিছোঁ”, অনুপমাই ক’লে।
“মই এতিয়াও সঁচা সচি ড্ৰিলিং
ৰিগ দেখা নাই, ছবিতহে দেখিছোঁ। অসমলৈ গ’লে মোক ড্ৰিলিং ৰিগ দেখুৱাবা দেই। তেতিয়াহে মিষ্টাৰ লেকে সজা ৰিগটোৰ বিষয়ে
বুজিবলৈ মোৰ সুবিধা হ’ব”, ক্লাৰাই ক’লে।
অনুপমাই নোট বুক খন চাই চাই কৈ গ’ল, “নিশ্চয় তোমাক দেখুৱাম। ডিগবৈৰ ওচৰে পাজৰে বিভিন্ন ঠাইত অয়ল ইণ্ডিয়া নামৰ কোম্পানীয়ে ড্ৰিলিং
কৰে"।
"সেই সময়ত ড্ৰিলিং কৰাৰ
কাৰণে ইঞ্জিন কেনেকুৱা আছিল"। ক্লাৰাই উত্সুকতাৰে সুধিলে।
"সেই সময়ত ড্ৰিলিং কৰাৰ
কাৰণে ১০ ইঞ্চি আৰু ১২ ইঞ্চি জোখৰ এটা চিলিণ্ডাৰ যুক্ত ৮০ পাউণ্ড প্ৰতি ঘণ ইঞ্চি
চাপ উত্পন্ন কৰা ইঞ্জিন ব্যৱহাৰ হোৱা বুলি মই জানিবলৈ পাইছোঁ। এই ইঞ্জিন বোৰ আছিল
কয়লাৰে চলোৱা ভাপ ইঞ্জিন”।
“এই ইঞ্জিন বোৰ আগৰ দিনৰ ৰেল
টনা কয়লাৰ ইঞ্জিন বোৰৰ দতে আছিল নেকি? মই তেনে ইঞ্জিন কোনোবা
এটা মিউজিয়ামত দেখা পাইছোঁ”, ক্লাৰাই ক’লে।
“ঠিক তেনে নহয়, কিন্তু মূল পদ্ধতিটো একেই আছিল। ভাপ ইঞ্জিনৰ শক্তিতে ট্ৰেভেলিং ব্লকটো উঠা
নমা কৰোৱা হৈছিল আৰু খননৰ কাৰনে পাইপ মাটিৰ তললৈ ঠেলি দিয়া হৈছিল”।
“আৰু কি কি আছিল”, ক্লাৰাৰ আৰু জানিবলৈ মন যায়।
“ইয়াৰ উপৰিও কয়লাৰে চলোৱা বয়লাৰ
কিছুমান আছিল। এই বয়লাৰ বোৰৰ মাজেৰে ভূগৰ্ভৰ ওৰা ওলাই অহা খনিজ পাৰ হৈ যাবলৈ দিলে
খনিজ তেলৰ লগত মিহলি হৈ থকা গেছ আৰু পানী ধোঁৱা হৈ আঁতৰি গৈছিল। বয়লাৰৰ পৰা ওলাই
আহিছিল বিশুদ্ধ খনিজ তেল। এই বয়লাৰ বোৰ আছিল ভ্ৰাম্যমান, অৰ্থাত
এঠাইৰ পৰা আন ঠাইলৈ নিব পৰা হৈছিল”।
“বয়লাৰ বোৰ চাগে আমি পানী গৰম
কৰা কেটলিটোৰ দৰে নহয়নে”? ক্লাৰাই ক’লে।
অনুপমাৰ হাঁহি উঠিল। “আচলতে কেটলিৰ দৰে পনীয়া সমগ্ৰী গৰম কৰাই বয়লাৰৰ মুল কাম।
কিন্তু কেটলিতকৈ বহুৰ ডাঙৰ। বয়লাৰৰ মাজৰ নলীৰে খনিজ তেল পাৰ হৈ যাব পাৰে”, তাই বুজাই দিলে।
ক্লাৰাই বুজি পোৱাৰ দৰে মূৰ
দুপিয়ালে। তাই সুধিলে, "তেনেকুৱা বয়লাৰ এতিয়াও
আছেনে"?
"আছে আছে। ডিগবৈৰ পুৰণি
খাদ সমূহৰ পৰা তেল উত্পাদন কৰিবলৈ এতিয়াও বয়লাৰৰ সহায় লোৱা হয়। ডিগবৈলৈ গ'লে তুমি নিজেই চাব পাৰিবা। তোমাক দেখুৱাম কেনেদৰে এতিয়াও বহু দশক পুৰণি
খাদ সমূহৰ পৰা মানুহে কষ্ট কৰি খনিজ তেল উলিয়াই আছে"। অনুপমাই ক'লে।
“মিষ্টাৰ লেকৰ সময়ত কাম কৰা
বনুৱাবোৰ কেনে আছিল? তেওঁলোকৰো চাগে খননৰ একো অভিজ্ঞতা নাছিল
নহয়নে”? ক্লাৰাই চিন্তাক্লিষ্ট ভাৱত সুধিলে।
“তুমি একেবাৰে সঠিক প্ৰশ্ন
কৰিছা”, অনুপমাই হাঁহি মাৰি ক’লে,
“প্ৰয়োজনীয় সা সঁজুলিৰ অভাৱেই মিষ্টাৰ লেকৰ মূল সমস্যা নাছিল। তেওঁৰ সমস্যা হৈছিল বনুৱা সকলক এই কঠিন কামটোত আগ্ৰহী কৰি ৰখাটো। বেছিভাগ
বনুৱাই আগতে গাঁৱত খেতি বাতি কৰি থকা লোক আছিল। খেতিৰ কামৰ পৰা তেওঁলোকক জোৰ কৰি
আনি খননৰ কামত লগোৱা হৈছিল। কিন্তু খননৰ হাড়ভঙা পৰিশ্ৰম তেওঁলোকে মুঠেও ভাল পোৱা
নাছিল। তদুপৰি ঘৰৰ খেতি খোলা এৰি মজুৰি পোৱা শ্ৰমিকৰ কাম কৰিবলৈ তেওঁলোক আগ্ৰহী
নাছিল। বেমাৰ আজাৰৰ অজুহাত দেখুৱাই, ঘৰত
কিবা উত্সৱ পাৰ্বন আছে বুলি ফাঁকি মাৰি বনুৱাবোৰ প্ৰায়ে কামৰ পৰা সাৰিব বিচাৰিছিল।
খেতি চপোৱাৰ বতৰত সিহঁতক ধৰি ৰখা আটাইতকৈ কঠিন কাম হৈছিল। কোনো খবৰ নিদিয়াকৈ সিহঁত
হঠাতে অন্তৰ্ধান হৈছিল”।
“বনুৱা বোৰক ভালদৰে মজুৰি দিয়া
হৈছিল নে নাই? মজুৰি ভাল দিলে কিয় কাম নকৰিব"? ক্লাৰাই সুদিলে।
“সেই সময়ত বনুৱা বোৰক দৈনিক
হাজিৰা দিয়া হৈছিল। বনুৱা বোৰৰ বাবে কোনো ধৰা বন্ধা মজুৰিৰ কথা নাছিল। যাক যিদৰে
সৈমান কৰিব পাৰে, সেই দৰেই মজুৰি দিয়া হৈছিল। তদুপৰি অসমৰ
গাঁৱৰ মানুহবোৰৰ বাবে মজুৰি কিমান পায় সেয়া ডাঙৰ কথা নাছিল, তেওঁলোকৰ
বাবে আনৰ বহতীয়া হৈ কাম কৰাটো আত্মসন্মান লাঘৱ হোৱাৰ দৰে কথা আছিল। আৰু আটাতকৈ
ডাঙৰ কথা আছিল, তেওঁলোকৰ বেছিভাগেই আছিল সোৰোপা, এলেহুৱা। কষ্ট কৰি কাম কৰাতকৈ ঘৰতে কানি খাই বহি থাকিবলৈ ভাল
পাইছিল"।
"তেনেহ'লে খননৰ কাম কেনেদৰে কৰিছিল? স্থানীয় মানুহেই যদি
বনুৱাৰ কাম নকৰে, কোনে কৰিব"?
"বনুৱাৰ কাম কৰিবলৈ অসমৰ
বাহিৰৰ প্ৰদেশৰ পৰা বনুৱা আনিবলগীয়া হৈছিল। সেই সময়তে বংগ, বিহাৰ,
ওড়িষা, অন্ধ্ৰ আদি ৰাজ্যৰ পৰা বহুতো বনুৱা
অসমলৈ আহিছিল। সেই বনুৱা বোৰকো বহুত প্ৰলোভন দি আনিবলগীয়া হৈছিল"। অনুপমাই ক'লে।
"তাৰ মানে মাইগ্ৰেণ্ট
লেবাৰ"? ক্লাৰাই প্ৰশ্নবোধক চাৱনিৰে অনুপমালৈ চালে।
"ওঁ, অসমত ইতিমধ্যে চাহ বাগিছা বোৰত কাম কৰিবলৈ পূব ভাৰতৰ আদিবাদী অধ্যুষিত
ৰাজ্যবোৰৰ পৰা বহুতো মাইগ্ৰেণ্ট লেবাৰ অনা হৈছিল। তেল খননৰ কাম কৰিবলৈও পিছলৈ
বাহিৰৰ পৰা নতুনকৈ বনুৱা আহিছিল"।
“হে ভগৱান। ভাবিলেই বেয়া লাগে।
কিমান কষ্ট কৰি যে খননৰ কাম কৰিব লগীয়া হৈছিল। মিষ্টাৰ লেকৰ চাগে কিমান সমস্যা
হৈছিল”, ক্লাৰাই কল্পনা কৰিবলৈ চেষ্টা কৰিলে।
অনুপমাৰ মনটোৱে কল্পনা কৰিলে হাবিৰ
মাজত এদল অনভিজ্ঞ, কৰ্মবিমুখ বনুৱাক লৈ মিষ্টাৰ
লেকে কৰা সংগ্ৰামৰ দৃশ্য। তাই ভাবিলে সেই সমস্যাৰ মাজত সাহস হেৰুৱাই নেপেলোৱাটোৱেই
মিষ্টাৰ লেকৰ কৃতিত্ব।
“এৰা, সমস্যাই
সমস্যা আছিল। কিন্তু মিষ্টাৰ লেক আছিল দুৰন্ত আশাবাদী। কোনো পৰিস্থিতিতে তেওঁ আশা
হেৰুওৱা নাছিল। তেওঁৰ লক্ষ্য আছিল যিকোনো প্ৰকাৰে খনন সম্পন্ন কৰাটো"।
ক্লাৰালৈ চাই অনুপমাই ক'লে।
"তেওঁ সফল হ'ব পাৰিলেনে"? উত্সুকতাৰে ক্লাৰাই সুধিলে।
অনুপমাই হাঁহিলে। "আশাবাদী
আৰু সাহসী মানুহক ঈশ্বৰেও সহায় কৰে। এনেবোৰ পৰিস্থিতিৰ মাজতে মিষ্টাৰ লেকে ১৮৮৯
চনৰ ছেপ্টেম্বৰ মাহত এটা খাদৰ খনন আৰম্ভ কৰিছিল। প্ৰায় এমাহ পিচতে ১৮৮৯ চনৰ ১৯
অক্টোবৰত ১৭৮ ফুট গভীৰতাত আশাব্যঞ্জক পৰিমাণৰ তেলৰ সন্ধান পোৱা হৈছিল আৰু খাদটোৰ
পৰা কিছু পৰিমাণে তেল উত্পাদন হৈছিল”। অনুপমাই ক'লে।
“ওৱাও। প্ৰথম প্ৰচেষ্টাতে সফল।
গুডিনাফেতো কেইবাটাও খাদ খন্দাৰ পিছতহে সফলতা পাইছিল”, ক্লাৰাৰ
মুখ উজ্জ্বল হৈ উঠিল।
“কিন্তু তেওঁৰ সেই সফলতা বেছি
দিন নাথাকিলে। দুদিনমান পিচতে সেই তেলখিনি ঢুকাই থাকিল”। অনুপমাৰ মুখত যেন তেলখিনি শেষ হৈ যোৱাৰ বিষাদ ষ্পষ্টকৈ জিলিকি উঠিল।
“ইচ ৰাম। এনেকুৱাও হয়নে?
তেল ইমান সোনকালে কেনেকৈ শেষ হৈ গ’ল”? ক্লাৰাই সুধিলে।
"তেলৰ ভাণ্ডাৰ সকলোতে একে
গভীৰতাত একে নাথাকে। মাজে মাজে কিছুমান অতি কম পৰিমাণৰ তেলৰ পকেট থাকে, সেইবোৰৰ পৰা কম পৰিমাণৰ তেলহে আহৰণ কৰিব পাৰি"। অনুপমাই বুজাই দিলে।
"মিষ্টাৰ লেকে তেতিয়া কি
কৰিলে"? ক্লাৰাই সুধিলে।
“মিষ্টাৰ লেক ভাঙি পৰা বিধৰ
লোক নাছিল। তেলৰ উত্পাদন হঠাতে নাইকিয়া হৈ যোৱাত তেওঁ বিতত হোৱা নাছিল। কিবা কাৰণত
তেওঁৰ দৃঢ় বিশ্বাস আছিল যে অধিক গভীৰতাত অধিক পৰিমাণৰ তেলৰ ভাণ্ডাৰ আছে। সেয়েহে
তেওঁ আৰু অধিক গভীৰতালৈ খনন চলোৱাৰ নিৰ্দেশ দিলে”।
"এয়া তেওঁৰ ছিক্সথ ছেন্স
আছিল নেকি"? ক্লাৰাই সুধিলে।
"তেনেকুৱাই অছিল চাগে।
সাহসী মানুহক ভাগ্যয়ো সহায় কৰে বুলি কোৱা হয়"।
“মই অনুমান কৰিব পাৰিছোঁ,
কিমান আশাৰে তেওঁলোকে খনন কৰি গৈছিল। মোৰ ডকুমেণ্টৰী খনত মই
তেওঁলোকে বিফলতাক আওকাণ কৰি দুগুণ আশাৰে কাম কৰি যোৱাৰ কথাটোত গুৰুত্ব দিব লাগিব”। ক্লাৰাই ক’লে।
“ঠিকেই কৈছা ক্লাৰা। মানৱীয়
দিশটো দেখুৱাবই লাগিব। সেই সময়ত
প্ৰতিকূল পৰিস্থিতিত অধিক গভীৰতালৈ খনন কৰি যোৱাটো সহজ কাম নাছিল। খননৰ কাম অতি
ধীৰ গতিত হৈছিল। মাহৰ পিচত মাহ কঠোৰ শ্ৰম কৰি বনুৱাবোৰ ভাগৰি পৰিছিল। তেল উত্পাদনৰ
কোনো লক্ষণ নেদেখি তেওঁলোক বৰ নিৰুত্সাহিত হৈ পৰিছিল”। অনুপমাই কৈ গ’ল।
“সেয়াতো স্বাভাৱিক কথা। ইমান
কষ্টৰ পিছতো ফল নাপালে মানুহ নিৰাশ হ’বই”। ক্লাৰাই যেন ঘটনাটো ভালদৰে বুজি পাই গ'ল তেনে
সুৰত ক'লে।
“মিষ্টাৰ লেক কিন্তু সহজে এৰি
দিয়া ভকত নাছিল। তেওঁ বনুৱা বোৰৰ মাজত ঘূৰি ফুৰি তেওঁলোকক কাম কৰি যাবলৈ প্ৰেৰণা
যোগাইছিল। তেল খননৰ বাবে কাম কৰি থকা বনুৱাবোৰক সেই সময়ত কি বুলি কোৱা হৈছিল
জানানে? তেওঁলোকক ডিগ্ বয় বুলি কোৱা হৈছিল"।
"ডিগ্ বয়"? ক্লাৰাৰ চকু দুটা ডাঙৰ ডাঙৰ হৈ পৰিল।
"এৰা ডিগ্ বয়, মানে মাটি খন্দা মানুহ। সেই ডিগ্ বয় সকলক উত্সাহিত কৰি ৰাখিবলৈ মিষ্টাৰ
লেকে এটা অগতানুগতিক উপায় উলিয়ালে। যিটো আজিকালিৰ ভাষাত আউট অৱ ডা বক্স ছলিউচন বুলি ক’ব পৰা যায়। অনুমান কৰি কোৱাচোন তেওঁ কি উপায় উলিয়ালে”। অনুপমাই ক্লাৰাৰ পিনে চালে।
“মই কেনেকৈ ক’ম? সোনকালে কোৱানা। মোৰ জানিবৰ বৰ মন গৈছে”। ক্লাৰাই মূৰ খজুৱাই ক'লে।
“তেওঁ সুৰীয়াকৈ এটা গান আৰম্ভ
কৰিলে, ‘Dig boy, Dig। ডিগ বয় ডিগ”। অনুপমাৰ ওঁঠত হাঁহি বিৰিঙি উঠিল।
“গান? খনন
কৰাৰ মাজত গান? ডিগ বয় ডিগ”? ক্লাৰাই
চকু দুটা ডাঙৰ কৰি অনুপমালৈ চাই ৰ’ল।
“এৰা ‘ডিগ
বয় ডিগ, ডিগ বয় ডিগ’ গাই গাই, চাপৰি বজাই বজাই তেওঁ বনুৱাবোৰৰ মাজত ঘূৰি ফুৰিবলৈ ধৰিলে। তেওঁৰ উত্সাহ
দেখি বনুৱা বোৰ প্ৰথমতে আচৰিত হ'ল। কিন্তু লাহে লাহে
তেওঁলোকেও গাবলৈ ধৰিলে, ‘ডিগ বয় ডিগ, ডিগ
বয় ডিগ’”।
“ডিগ বয় ডিগ, ডিগ বয় ডিগ”, ক্লাৰায়ো হাত চাপৰি বজাই গাই দিলে।
“মিষ্টাৰ লেকৰ এই গানে ডিগ্ বয়
সকলৰ কাণত মন্ত্ৰৰ দৰে কাম কৰিলে। তেওঁলোকক উদ্দেশ্য কৰি বৰ চাহাবে গান গাইছে,
সেইটোৱেই তেওঁলোকৰ বাবে বহুত ডাঙৰ কথা হৈ পৰিল। তেওঁলোকে বৰ চাহাবে
গানৰ মাজেৰে দিয়া বাৰ্তা অনুভৱ কৰিব পাৰিলে। তেওঁলোকে কাম কৰি যাবলৈ সাংঘাতিক
উত্সাহ পালে। তেওঁলোকে নতুন উদ্যমেৰে খনন কৰি গ’ল"।
"এইটো সঁচাকৈয়ে
ইণ্টাৰেষ্টিং দেই। মই মোৰ ছবিখনত ভালদৰে দেখুৱাব
লাগিব"। ক্লাৰাই উচ্ছ্বাসেৰে ক'লে।
"মিষ্টাৰ লেকৰ এই গান
ইমানেই জনপ্ৰিয় হ’ল যে স্থানীয় মানুহ বোৰেও ‘ডিগ বয় ডিগ, ডিগ বয় ডিগ’ গাই
হাত চাপৰি বজাই বজাই বনুৱা বোৰক উত্সাহ দিবলৈ ধৰিলে। ওচৰ পাজৰৰ মানুহ বোৰে
ঠাইখিনিৰ নামেই ‘ডিগ বয় ডিগ, ডিগ বয়
ডিগ’ বুলি ক’বলৈ আৰম্ভ কৰিলে। এই ‘ডিগ বয় ডিগ’ গানৰ পৰই
মোৰ নিজৰ চহৰখনৰ নাম ডিগবৈ হ’ল”। অনুপমাই ক্লাৰাৰ মুখলৈ চাই হাঁহি মাৰি ক'লে।
“ডিগ্ বয় ডিগ্, তাৰ পৰা এখন চহৰৰ নাম ডিগ বই। এমেজিং। মোৰ এই কথাটো খুব ভাল লাগিছে। মোৰ
কি কথা মনলৈ আহিছে জানা পমা, মই মোৰ ডকুমেণ্টৰী খনৰ নাম ৰাখিম
ডিগ্ বয় ডিগ্। কেনেকুৱা হ’ব কোৱানা”? ক্লাৰাই
বৰ উত্সাহেৰে ক’লে।
“বঢ়িয়া হ’ব। মানুহক একেচাটে আকৰ্ষণ কৰিব নামটোৱে"। অনুপমাই হাত চাপৰি বজাই ক'লে।
“মই এনেকুৱা এটা নামেই বিচাৰি
আছিলোঁ। যিটো নাম শুনিলেই মানুহ আকৰ্ষিত গ'ব। আজি মই কেভিনক
ক’ম চোৱাঁ মই মোৰ ডকুমেণ্টৰী খনৰ বাবে কিমান ধুনীয়া নাম এটা
পাই গ’লোঁ। এই নামটো সিও নিশ্চয় বৰ ভাল পাব, নহয়নে পমা”। ক্লাৰাই
অনুপমালৈ চালে।
“ডিগ্ বয় ডিগ্ নামটোৰ কথা ভবাৰ
কাৰণে তোমাক ধন্যবাদ ক্লাৰা। তোমাৰ ডকুমেণ্টৰীখন চালে মোৰ চহৰখনৰ বিষয়ে জানিবলৈও
মানুহে আগ্ৰহ প্ৰকাশ কৰিব। সেইখন দেশে বিদেশে সফল হ’লে মোৰ
ডিগবৈ চৰহখনো বিখ্যাত হৈ পৰিব”। অনুপমাই
মিচিকিয়া হাঁহিৰে ক’লে।
“ইমান আশা নকৰিবা পমা। মই
প্ৰথম বাৰৰ কাৰণে চিনেমা কৰিম। মোৰ চিনেমা কেনেকৈ ইমান বিখ্যাত হ'ব। তথাপি যিমান পাৰি মই ভালদৰে বনাম। ডিগ্ বয় ডিগৰ পিছত কি হ’ল লোৱাঁ আকৌ?
মিষ্টাৰ লেক সফল হ’লনে”? ক্লাৰাই সুধিলে।
“হ’ল।
সেইটো কথাকেই মই তোমাক কওঁ কওঁ বুলি ৰৈ আছোঁ। ডিগ্ বয় ডিগ্ এই বাক্যশাৰীৰ যাদুত
বনুৱাবোৰৰ কাম কৰাৰ গতি খৰ হ'ল। তেওঁলোকে অধিকৰ পৰা অধিকতৰ
গভীৰতালৈ খান্দি যাবলৈ ধৰিলে। অশেষ কষ্ট আৰু আশাশুধীয়া প্ৰচেষ্টাৰ ফলত ৬৬২ ফুট
গভীৰতালৈ খনন কৰাৰ পিচত হঠাতে এই খাদটোৰ পৰা প্ৰচুৰ পৰিমাণে তেল ওলাবলৈ ধৰিলে”। অনুপমাই ক'লে।
“ওৱাও, বঢ়িয়া।
প্ৰচুৰ পৰিমাণে মানে”? ক্লাৰাই অনুপমাৰ মুখলৈ চালে।
“এই খাদটোৰ পৰা হেনো দৈনিক ২০০
গেলনকৈ খনিজ তেল উত্পাদিত হৈছিল। সেই সময়ত এটা খাদৰ পৰা দৈনিক ২০০ গেলন তেলৰ উত্পাদন
প্ৰচুৰ পৰিমাণেই আছিল । ২০০ গেলন মানে
লিটাৰৰ হিচাপত প্ৰায় ৭৫০ লিটাৰ”।
“বুজিছোঁ সেই সময়ত এটা খাদৰ
পৰা সিমানখিনি তেল পোৱাই ডাঙৰ কথা আছিল”। ক্লাৰাই বুজি পোৱাৰ দৰে ক'লে।
“সেয়া আছিল ১৮৯০ চনৰ নৱেম্বৰ
মাহ। এই খাদটোৱেই হ’ল বিখ্যাত ডিগবৈৰ ৱেল নং ১”। অনুপমাই হাঁহি মাৰি ক'লে।
ক্লাৰাই উচ্ছাসেৰে ক’লে, “এই কাহিনীটো ডকুমেণ্টৰী খনত আমি খুব
ভালদৰে দেখুৱাব লাগিব। ডিগবৈ ৱেল নং ১ ৰ দৃশ্য চাগে আমি অসমলৈ গ’লে পাম। মোক লৈ যাবা দেই পমা এই খাদটোলৈ”।
“নিশ্চয়, তোমালোকক সেই খাদটো দেখুৱাবই লাগিব। তুমি জানানে, ডিগবৈ
ৱেল নং ১ এতিয়াও ধুনীয়াকৈ সংৰক্ষণ কৰা আছে। শুনিলে আচৰিত হ’বা
যে আজি কিছু বছৰ আগলৈকে এই খাদটোৰ পৰা কম পৰিমানৰ খনিজ তেল ওলায়েই আছিল”।
“হে ভগৱান। এয়া সঁচাকৈয়ে আচৰিত
কথা নহয়নে? মোৰ এতিয়া এনে লাগিছে জানা পমা, মোৰ ডকুমেণ্টৰীখন সঁচাকৈয়ে খুব ভাল হ’ব। ডিগ্ বয়
ডিগ্ খুব হিট হ’ব”।
“কিয় নহ’ব
ক্লাৰা। তুমি ইমান মনোযোগ দিছা কামটোত। কাম ভাল হ’বই”। অনুপমায়ো উত্সাহেৰে ক’লে।
বাহিৰত গুড়ি গুড়ি বৰফ পৰা আৰম্ভ
হৈছিল। ক্লাৰাই ঘড়ীটো চাই জাপ মাৰি উঠিল। “মই
যাওঁ পমা। কাইলৈ ৰাতিপুৱা সোনকালে মোৰ ক্লাছ আছে। মই পাহৰিছিলোঁৱেই”।
ক্লাৰাৰ কথাত অনুপমাও সচকিত হৈ
উঠিল। "ইচ, সঁচাকৈয়ে বহুত দেৰী হৈ গ'ল। এতিয়া মাজনিশা হ'লহি। তোমাক আকৌ কৈছোঁ, অসুবিধা নহয় যদি আজি ইয়াতেই থাকি যোৱা"।
"মোৰ কাৰণে চিন্তা নকৰিবা
ছুইট হাৰ্ট। মই যাব পাৰিম"। এই বুলি গাত অ’ভাৰকোটটো
পিন্ধি লৈ ক্লাৰা ওলাই গ’ল। অনুপমাই বেলকনিলৈ ওলাই তাই যোৱাৰ
পিনে চাই ৰ’ল। বাহিৰত নিয়ন লাইটৰ পোহৰত তাইক গায়ে মূৰে ঢকা
এটা ছায়ামূৰ্তি যেন লগিল। চাইকেল খনত পৰা বৰফবোৰ জোকাৰি লৈ তাই সেইখন খন চলাই লাহে
লাহে গ’লগৈ।
No comments:
Post a Comment