পিচদিনা অনুপমাই দেউতাকলৈ ফোন
কৰিলে। কথাৰ মাজতে তাই হাতীৰ কথা উলিয়ালে।
“হাতী? তোক
হাতী আকৌ কিয় লাগে”? বৰুৱাই জাপ মাৰি উঠিল।
“মোক নালাগে দেউতা, ক্লাৰাই যে ডকুমেণ্টৰী এখন কৰিব বুলি কৈছিলোঁ, সেইখনৰ
কাৰণে লাগে”।
অনুপমাৰ কথা কাণ্ডবোৰ যোগেন বৰুৱাই
সঁচাকৈয়ে বুজি নোপোৱা হৈছে। তেওঁ ভাবিলে, এই
ইংৰাজ ল’ৰা ছোৱালী দুটাই তাইৰ মূৰটো খালে। এতিয়া তাইৰ
কিছুমান কথাত তেওঁৰ খং উঠি আহে।
“মই নোৱাৰোঁ এই হাতী চাতী
বন্দোবস্ত কৰিবলৈ। সেইবোৰ কথা মোক নকবি”, তেওঁ খঙতে কৈ
পেলালে।
“দেউতা, তোমাক
নকৈ মই আৰু কাক ক’মনো? মোৰ আৰুনো কোন
আছে”। অনুপমাৰ মৰম সনা কথাত তেওঁৰ মন গলি যায়। তেওঁ
আৱেগিক হৈ উঠে। শেষত তেওঁ উপায় নাপাই কৈ পেলায়্, “হ’ব দে মাজনী, মই কিবা এটা
কৰিম। তই চিন্তা নকৰিবি”।
বন বিভাগৰ ৰেঞ্জাৰ শইকীয়া তেওঁৰ
চিনাকি। ডিগবৈত বন বিভাগৰ হাতত কেইটামান হাতী আছে। যোৰাজানৰ পৰা পাটকাই পৰ্বতলৈ
বিস্তৃত হৈ থকা বিশাল সংৰক্ষিত বনাঞ্চল পহৰা দিবলৈ বন বিভাগে হাতীৰ ব্যৱহাৰ কৰে।
বন বিভাগত খবৰ কৰিলে হয়তো হাতী পোৱা যাব পাৰে।
পিছদিনা তেওঁ বন বিভাগৰ অফিচলৈ গৈ
শইকীয়াক কথাটো বিৱৰি ক’লে। শইকীয়াই সমগ্ৰ কাৰণ
দৰ্শাই এখন আবেদন কৰিবলৈ পৰামৰ্শ দিলে। তেওঁ এদিনৰ কাৰণে দুটা হাতী দিব পৰা যাব
বুলি মৌখিক আশ্বাস দিলে।
দুদিন পিছতে অনুপমাই আকৌ ফোন
কৰিলে। “দেউতা, পূজা ফিল্ডৰ
ওচৰত যে এটা ক্লাব ঘৰ আছিল, এতিয়াও আছেনে”?
“ক্লাব ঘৰ? আছে কিজানি। পিছে কিয় সুধিলি”?
“সেই ক্লাবৰ ল’ৰা বিলাকে দুৰ্গাপূজাত খুব ধুনীয়া নাটক কৰিছিল যে তোমাৰ মনত আছেনে”?
“আছে আছে। এতিয়াও তেওঁলোকে
দুৰ্গা পূজাত নাটক কৰে”।
“সেইটো ক্লাবত পাৰ্থ বুলি
বঙালী ল’ৰা এজন আছে। সৰুতে আমাৰ স্কুলতে পঢ়িছিল। সি খুব ভাল
নাটক কৰে। তুমি চিনি পোৱানে”?
“তই কি ক’ব বিচাৰিছ পোনে পোনে ক। কোন পাৰ্থৰ কথা কৈ আছ তই”। বৰুৱাৰ আকৌ খংটো চুলিৰ আগ পালেহি। কোন এই পাৰ্থৰ উলিয়াব বিচাৰিছে বাৰু তাই? কোনো পাৰ্থক তেওঁ চিনি নাপায়।
“দেউতা, তুমি
এদিন আবেলি গৈ পাৰ্থক লগ কৰিবাচোন। সেই ক্লাবটোত খবৰ কৰিলেই পাবা। মোৰ কথা ক’লে সি তোমাক চিনি পাব। তাক ক’বা ডিচেম্বৰৰ শেষ
সপ্তাহত আমি এখন চুটি চিনেমাৰ শ্বুটিং কৰিম। সেই খনত অভিনয় কৰিবলৈ ছয় – সাত জন ল’ৰা লাগিব। অভিনয়ৰ বিনিময়ত তেওঁলোকক
পাৰিশ্ৰমিকো দিয়া হ’ব”।
অনুপমাৰ বহুতো কথা বৰুৱাই অনিচ্ছা
সত্ত্বেও শুনিব লগীয়া হয়। তাই কোৱা মতেই কৰিব
লগীয়া হয়। অনুপমাই কোৱা মতেই পিছদিনা আবেলি তেওঁ ক্লাবঘৰটো বিচাৰি উলিয়ালে আৰু তাত
পাৰ্থ নামৰ ল'ৰাজনক লগ কৰিলে। পাৰ্থই
অনুপমাৰ কথা কওঁতে চিনি পালে। সি অনুপমাতকৈ বয়সত সৰু, তাইক
বাইদেউ বুলি মাতে। সি আশ্বাস দিলে যে যেতিয়াই বিচাৰে সি ছয় সাতজন ল’ৰা অভিনয়ৰ বাবে যোগাৰ কৰি দিব পাৰিব।
আন এদিন ফোন কৰি তাই ক’লে, “দেউতা আমাৰ ফিয়েট গাড়ীখন হাবিয়ে
জংগলে চলাই নিব পৰা হৈ আছেনে”?
“হাবি জংগলত গাড়ী নিবি কিয়?
আমাৰ গাড়ীখন লৈ হাবিয়ে জংগলে যোৱাৰ কথা মোৰ আগত নকবি। গাড়ীখন এইবোৰ
কামৰ বাবে মই নিদিওঁ”। দেউতাকে
খাৰাংখাচকৈ কৈ দিলে।
“সেইটোতো ময়ো জানো দেউতা।
গাড়ীখন তোমাৰ কিমান যে মৰমৰ। আমি যে অসমত কেভিনৰ ৰিছাৰ্চৰ কামত হাবি জংগললৈ যাব
লগীয়া হ’ব পাৰে দেউতা। সেইকাৰণে তোমাৰ গাড়ীখন একেবাৰেই
ব্যৱহাৰ নকৰোঁ। তুমি আমাৰ কাৰণে এখন অলপ ডাঙৰ ছুমোৰ দৰে গাড়ী ব্যৱস্থা কৰিব পাৰিবা
নহয়”?
“ডাঙৰ গাড়ী? কিয় লাগে তোক ডাঙৰ গাড়ী”? দেউতাকৰ লাহে লাহে খং উঠাৰ
কথা অনুপমাই উপলব্ধি কৰিলে।
“লাগে দিয়াচোন। আমাৰ ঘৰত
লণ্ডনৰ পৰা আলহী যাব। তেওঁলোকেতো ইয়াত প্ৰকাণ্ড প্ৰকাণ্ড গাড়ীত ঘূৰি ফুৰে।
তেওঁলোকৰ আগত আমি আমাৰ সন্মান ৰাখিব নালাগিব জানো। তাতে তেওঁলোকে গৱেষণা আৰু
চিনেমাৰ কামত হাবিয়ে জংগলে ঘূৰি ফুৰিব। আমাৰ সেই পুৰণি ফিয়েট খনেৰে হ’ব জানো? সেইকাৰণে দহ দিন মানৰ কাৰণে ডাঙৰ গাড়ী এখন
ঠিক ঠাক কৰি থবা”, অনুপমাই কৈ গ’ল।
অনুপমাৰ কথা মতেই বৰুৱাই স্থানীয়
বাছ ষ্টেণ্ডত খবৰ কৰিলে। দৈনিক হিচাপত ছুমো বা
বলেৰো এখন ভাড়াত লোৱাটো একো ডাঙৰ কথা নহয়। পিছে দহ বাৰ দিনৰ কাৰণে একেখন গাড়ী
বন্দোবস্ত কৰিলে মূল ভাড়াটো অলপ উনৈশ বিশ কৰিব পৰা যায়। এজনৰ লগত তেওঁ বলেৰো এখনৰ
কাৰণে কথাও পাতিলে।
অনুপমাই আন এদিন ফোন কৰি ক’লে, “দেউতা তুমি তো উজনি অসমৰ বহুতো ঠাই
দেখিছা। ডিব্ৰুগড় তুমি প্ৰায়েই গৈ থাকা নহয়নে”। অনুপমাই এনে সুৰত কথা ক’লেই তেওঁ সাৱধান হৈ
পৰে। অনুপমাই যে কিবা বিচাৰিব তেওঁ বুজি পায়। সৰুৰে পৰা তাই কিবা বিচাৰিব লগীয়া হ’লে এনেদৰে ঘূৰাই পকাই কথা কয়।
“ওঁ , মই
ডিব্ৰুগড়লৈ মাজে সময়ে গৈ থাকোঁ। তোৰ কি ক’ব লগীয়া আছে কৈ দে”। বৰুৱাই পোন কথাত ক’লে।
“দেউতা তুমি ডিব্ৰুগড়ৰ মধুপুৰ
চাহ বাগানৰ নাম শুনিছানে”?
“মধুপুৰ বাগিচা? নাই শুনা কেতিয়াও। মধুটিং নামৰ বাগিচা এখন দুলীয়াজানৰ পিনে থকা কথা জানো”।
“তুমি ৰঙাজান গাঁৱৰ নামতো
নিশ্চয় শুনিছা দেউতা”, অনুপমাই আগ্ৰহেৰে ক’লে।
“ৰঙাজান গাঁও? থাকিব পাৰে। গোলাঘাটৰ পিনে আছে নেকি তেনে নামৰ গাঁও এখন”। বৰুৱাই চিন্তা কৰি ক’লে।
“দেউতা, ডিব্ৰুগড়ৰ
ৰঙাজান গাঁও, একেবাৰে মধুপুৰ বাগিচাৰ গাতে লগা। শুনিছানে
নামটো”?
“নাই, কেতিয়াও
শুনা নাই। কিয় সুধিলি”?
“মই যে কেভিনৰ আইতাকৰ কথা
কৈছিলোঁ, তেওঁৰ চিনাকি, মানুহ কোনোবা
মধুপুৰ বাগিচাত বা ৰঙাজান গাঁৱত ওলাব পাৰে। সম্ভাৱনা খুব কম। তথাপি যদি কিবাকৈ
গাঁওখন বিচাৰি উলিয়াব পাৰি”।
“মই সোধা পোচা কৰি তোক পিছত
জনাম”। বৰুৱাই ক’লে। বৰুৱাৰ
মনত পৰিল ডিব্ৰুগড়ৰ মাজ মজিয়াতে থকা জালান নগৰ বাগিচাৰ মেনেজাৰ হিচাপে বহুদিন কাম
কৰা তেওঁৰ বন্ধু অপূৰ্বৰ কথা। অপূৰ্বৰ ফোন নম্বৰটো ক'ৰবাত
লিখি থোৱা আছিল। তেওঁ ফোনৰ নম্বৰ লিখি থোৱা বহী খন লুটিয়াই মেলি চাই এঠাইত অপূৰ্বৰ
নম্বৰ পালে।
অপূৰ্বৰ পৰা কিছু অনুসন্ধান কৰি
তেওঁ গম পালে বৰ্তমান ডিব্ৰুগড়ৰৰ সমীপৱৰ্তী মাইজান চাহ বাগিচাৰ কোনোবা এটা অংশই
হয়তো এসময়ত মধুপুৰ নামেৰে জনাজাত আছিল। এই বাগিচা খনৰ
ওচৰে পাজৰে থকা গাঁওবোৰৰে হয়তো কোনোবা এখন এসময়ত ৰঙাজান গাওঁ আছিল। বহুতো গাঁও
হেনো গৰাখহনীয়াত লুইতৰ বুকুত সোমাল। আন কিছুমান গাঁও ডিব্ৰুগড় চহৰে সাঙুৰি ল’লে। হয়তো ৰঙাজান তেনে এখন গাঁৱেই আছিল। তেওঁ কথাবোৰ অনুপমাক ক’লে আৰু তাইক জনালে যে বহুদিনৰ পুৰণা কথাবোৰৰ আঁত উলিওৱাটো সহজ নহয়।
আন এদিন ফোন কৰি কেভিনৰ আইতাকৰ কাৰণে এখন হুইল চেয়াৰৰ ব্যৱস্থা কৰাৰ কথাও
অনুপমাই দেউতাকক ক’লে।
“দেউতা তেখেত দুৰ্বল, বয়সো ভালেখিনি হৈছে। ভালদৰে খোজ কাঢ়িব নোৱাৰে। তেওঁৰ কাৰণে এখন হুইল
চেয়াৰৰ প্ৰয়োজন হ’ব। তুমি এবাৰ আই অ’ চি
হস্পিতালত খবৰ কৰি চাব পাৰা”। অনুপমাই বৰ
কোমলকৈ দেউতাকক কথাখিনি ক'লে।
“সেই বুঢ়ী মানুহ জনীক লগত আনি বিপদ
চপাই ল’বলৈ কিয় বিচাৰিছ? তাতে আমাৰ ঘৰত
আলপৈচান ধৰিবলৈ মানুহ আছে কেইটা? মই তোক বাৰে বাৰে কৈ আছোঁ এইটো কথা”, এনেবোৰ কথাত
বৰুৱাৰ খং উঠে। তেওঁ ভাবে, কিনো দৰকাৰ বাটৰ কচু গাত ঘঁহি
লোৱাৰ। অৰুণিমা জীয়াই থাকিলেও কথা আছিল যেন তেন।
“দেউতা, মোৰ আইতা
যদি জীয়াই থাকিল হেঁতেন আৰু তেওঁৰ কাৰণে যদি এখন হুইল চেয়াৰ দৰকাৰ হ’ল হেঁতেন, তেতিয়াও তুমি এনেকৈ ক’লা হেঁতেন নে”?
অনুপমাৰ এই ধৰণৰ কথাবোৰে তেওঁক দুৰ্বল কৰি পেলায়।
জীয়েকৰ লগত কথাত দেউতাকে নোৱাৰে। সেয়েহে সদায় তাই
বিচৰাটোৱেই হয়গৈ।
লোকৰ অনুগ্ৰহ বিচাৰি
অনুৰোধ কৰি ফুৰা কামটো বৰুৱাই ভাল নাপায়। কিন্তু অনুপমাৰ পৰা তেওঁৰ উপায়
নাই। তেওঁ হুইল চেয়াৰ এখনৰ বাবে ডিগবৈ আই
অ’ চি হস্পিতালত খবৰ কৰিলে। তেওঁক কোৱা হ’ল
যে এখন হুইল চেয়াৰ মেৰামতিৰ অভাৱত অব্যৱহৃত হৈ পৰি আছে। সেইখনকে মেৰামতি কৰি
কেইদিনমানৰ কাৰণে কামত লগাব পাৰে।
এদিন তেওঁ লগত এজন ভাল বুলি নাম থকা চাইকেল মেকানিকক লৈ
সেইখন চাই আহিলগৈ। মেকানিক জনে ক’লে সেইখনৰ মেৰামতি তিনিচুকীয়াতহে কৰিব
পৰা হ’ব। ডিগবৈত সেই সুবিধা নাই। বৰুৱাই টকা পাঁচশ হাতত দি
মেকানিক জনক সেইখন মেৰামতি কৰি আনিবলৈ তিনিচুকীয়ালৈ পঠিয়াই দিলে।
মুঠতে নৱেম্বৰ মাহৰ শেষৰ পিনৰ পৰা বৰুৱা ব্যস্ত হৈ
পৰিল অনুপমা আৰু তাইৰ লগত আহিবলগীয়া আলহী সকলৰ আগমনৰ যা যোগাৰত। তেওঁ বুজিলে, এইবাৰ অনুপমাৰ
ঘৰত থকা সময়খিনি বেছ ব্যস্ততাৰ মাজেৰে পাৰ হ’ব। গৱেষণা
কৰিবলৈ অহা ল'ৰা ছোৱালী হালৰ লগতে হয়তো তাই ব্যস্ত হৈ থাকিব।
তদুপৰি সেই আলৰ বুঢ়ীজনীতো আছেই।
তেওঁ শংকিত হ’ল এই ব্যস্ততাৰ
মাজত এটা অতি প্ৰয়োজনীয় কাম কৰিবলৈ থাকি যাব নেকি?
তেওঁ থিৰাং কৰিলে, জীয়েকৰ যিমানে
ব্যস্ততা নাথাকক কিয় প্ৰশান্তৰ লগত তাইৰ বিয়াৰ কথা তেওঁ আগবঢ়াবই লাগিব। প্ৰশান্তৰ কথা তেওঁ তাইক ক’বলৈ
সুবিধাই পোৱা নাই। তেওঁৰ ভয় হয়, তাই পোনচাটেই কথাটো নাকচ কৰি
দিলে বৰ বেয়া কথা হ’ব। তাই নিজৰ মতে চলা ছোৱালী। কোনো এটা
কথা এবাৰ নাকচ কৰিলে তাইক সৈমান কৰোৱাটো সহজ কাম নহয়। সেয়েহে তেওঁ ভাবিলে, তাই অহাৰ পিছতে তেওঁ চেগ বুজি কথাটো উলিয়াব। প্ৰবীৰ দত্ত হঁতৰ ঘৰলৈকো তাইক
এবাৰ লৈ যাব। তেওঁলোককো মাতিব।
ইপিনে হৰিকাইৰো চিন্তা হ’ল।
ঘৰলৈ প্ৰথম বাৰৰ বাবে বিদেশী আলহী আহিব। বিদেশী কেইজনে খায় বা কি? তেওঁলোকে অসমীয়া মানুহে খোৱাৰ দৰে ভাত, দাইল,
মাছ তৰকাৰী বা খায়নে নাখায়। তেওঁ কথাটো এদিন বৰুৱাৰ আগত উলিয়ালে।
“ছাৰ, বিদেশী
আলহীয়ে বা কি খাই ভাল পায়, মইতো একো নাজানো। আমি ৰন্ধা বস্তু
তেওঁলোকে বা খায় নে নাখায়”।
“আমি যেনেকৈ খাওঁ, তেনেকৈয়ে বনাবি। কিমান বিদেশী ডিগবৈলৈ আহি আমাৰে ভাত, দাইল, খাৰ , টেঙা টকালি পাৰি
খাই গৈছে। এইকেইজনে নোৱাৰিব নে? সেই কেইদিন কুকুৰা, ছাগলীৰ মাংস সঘনে বনাব লগীয়া হ’ব পাৰে, কাৰণ বিদেশী বোৰে খুব মাংস খায়।
মাংস থাকিলে লগত যিয়েই নিদিয়, সকলো খাই দিব পাৰে”, বৰুৱাই কৈ গ’ল।
“আৰু তই ভয় খাইছ কিয়, মাজনী চোন থাকিবই। তাই তেওঁলোকৰ খোৱা বোৱাৰ দায়িত্ব নিজেই ল’ব, তই চিন্তাই নকৰিবি। তই মাথোন তাই কোৱা মতে বনাই গ’লেই হ’ল”। বৰুৱাই হৰিকাইক অভয় দিলে।
হৰিকাইৰ আন এটা চিন্তা হ’ল,
“ছাৰ, মইতো ইংৰাজী বুজি নাপাওঁ। তেওঁলোকে কিবা
ক'লে মই একো ধৰিবই নোৱাৰিম। মই কিবা ক’লেও
তেওঁলোকে বুজি নাপাব”।
“তই তেনেহ’লে কি
ইংৰাজী শিকিব খুজিছ নেকি”? বৰুৱাই তাৰ পিনে পেন্দোৱাকৈ চাই
সুধিলে।
হৰিকায়ে লাজ কৰিলে। “নাই
ছাৰ, মই টিভি চাই চাই অলপ চলপ ইংৰাজী ক’ব পৰা হৈছোঁৱেই। ইয়েছ
চাৰ, নো চাৰ, কাম, গো এইবোৰ মই জানোৱেই”।
বৰুৱাৰ হাঁহি উঠিল। "আৰু কি কি জান কচোন"।
"ব্লাডি ফুল, ডেম ফুল,
গ' টু হেল, বাষ্টাৰ্ড
এইবোৰ কথা বিদেশী চিনেমাবোৰ চাই শিকিছোঁ"। হৰিকায়ে লাজ লাজকৈ ক'লে।
বৰুৱাই তাৰ কথা শুনি ঢেক ঢেক কৈ হাঁহি ক’লে,
“হ'ব দে। তই ইংৰাজী জানিব নালাগে। সেই কেইদিনত
সিহঁতেহে তোৰ পৰা অসমীয়া শিকি ল’ব”।
আনপিনে যাত্ৰাৰ দিন চমু চাপি অহাৰ লগে কেভিনৰ
ব্যস্ততা বাঢ়িল। ভাৰতলৈ যাবলৈ হ’লে যোৱাৰ আগে আগে কেইটামান প্ৰতিষেধক
বেজী লৈ যাবলৈ চিকিত্সকে সেইখন দেশত পৰামৰ্শ দিয়ে।
চাফ-চিকুণতাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিচ্ছবি বিদেশত দুখ
লগা। ভাৰতলৈ যাবলৈ ওলোৱা বুলি গম পালেই লণ্ডনৰ চিকিত্সকে খুব সাৱধান হ’বলৈ
কয়। বসন্ত, কলেৰা, ডিফটেৰিয়া, প'লিঅ আদি কেইবাপ্ৰকাৰৰ বেমাৰৰ প্ৰতিষেধক বেজী লবলৈ
পৰামৰ্শ দিয়ে। এই বেজী সমূহ যাত্ৰা আৰম্ভ কৰাৰ অন্তত: ছয় সপ্তাহ আগতেই ল'ব লাগে। অসম আৰু উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিবলৈ হ’লে
অতিৰিক্ত ভাৱে মেলেৰিয়াৰ প্ৰতিষেধক বেজী লোৱাটো বাধ্যতামূলক।
কেভিনে এদিন আইতাকক লৈ হস্পিটেল এখনলৈ ওলাল। লগত
অনুপমা আৰু ক্লাৰাও ওলাল। সকলোৱে চিকিত্সকৰ পৰামৰ্শ মতে কিছুমান দৰৱ আৰু প্ৰতিষেধক
বেজী ল’লে। ক্লাৰাই ইমানবোৰ প্ৰতিষেধক একেলগে ল'ব
লগীয়া হোৱা বাবে নাক কোঁচালে।
তাই অনুপমাক ভেঙুচালিৰ সুৰত ক'লে,
"আমি লগতে লণ্ডনৰ পৰা এজন ডাক্তৰকো লৈ যাব লাগিছিল নেকি পমা।
মোৰতো ভয়েই লাগিছে গৈয়েই যদি বেমাৰত পৰোঁ, কি হ'ব কোৱাঁচোন"।
নিজৰ দেশখনক লৈ অনুপমাই সদায় গৌৰৱ কৰে। সেয়েহে
ক্লাৰাৰ এনেবোৰ কথাই অনুপমাক অস্বস্তিত পেলায়। সেইবোৰ কথাৰ প্ৰতিবাদ কৰিবলৈকো তাই
ভাষা বিচাৰি নাপায়।
অনুপমাই প্ৰতিষেধক বেজী ল’বলৈ
বিচৰা নাছিল। জন্মসূত্ৰে ভাৰতীয় হোৱাৰ বাবে তাইৰ শৰীৰত প্ৰাকৃতিক ভাৱে কিছুমান ৰোগ
প্ৰতিৰোধী ক্ষমতা আছে বুলি তাই জানে। কিন্তু চিকিত্সকে তাইকো বেজী ল’বলৈ পৰামৰ্শ দিলে। কাৰণ
লণ্ডনত দীঘলীয়া সময় থকাৰ পিছত তাইৰ দেহৰ প্ৰতিৰোধী ক্ষমতাৰ তাৰতম্যও হ’ব পাৰে।
কেভিনে লাগতিয়াল সামগ্ৰীসমূহ গোটাবলৈ আৰম্ভ কৰিলে।
তাৰ গৱেষণাৰ কিতাপ, কাগজ বোৰ চিজিল লগালে। পিঠিত নিব পৰা
দুটা ডাঙৰ বেগ পেক কিনি আনিলে। তাৰ গৱেষণাত প্ৰয়োজন হ'ব পৰা
সকলোবোৰ বস্তু গোটাই সুকীয়াকৈ পেক কৰিলে।
আটাইৰে বাবে
টুথপেষ্ট, চাবোন, শ্বেম্পু,
টয়লেট পেপাৰ, ছান স্ক্ৰিণ ক্ৰীম আদি গোটোৱাৰ
দায়িত্ব ক্লাৰাক দিলে। আইতাকৰ বাবে প্ৰয়োজনীয় বস্তুবোৰ ঠিক ঠাক কৰি লোৱাৰ দায়িত্ব
অনুপমাক দিলে। আইতাকৰ লাগতিয়াল দৰৱ পাতি আৰু কাপোৰ কানি এঞ্জেলাই ঠিক ঠাক কৰিলে।
মাজতে এদিন অনুপমাই গৈ আইতাকৰ কাৰণে লব লগীয়া যতন আৰু দৰৱ পাতি খুওৱাৰ সময়ৰ বিষয়ে
এঞ্জেলাৰ পৰা জানি আহিলগৈ। আইতাকৰ কাৰণে খোজ কঢ়াত সহায় হোৱাকৈ তাই এডাল ভাল
লাখুটিৰ যোগাৰ কৰিলে। এঞ্জেলাৰ সহায়ত আইতাকৰ ভাল কাপোৰ বোৰ উলিয়াই ধুই ইস্ত্ৰি কৰি
বেগত ভৰাবলৈ সাজু কৰি থৈ আহিল।
ক্লাৰাই এদিন অনুপমাক লগ ধৰি ক’লে,
“হেই পমা, তুমি পাহৰিলা, মোক যে তুমি ইণ্ডিয়ান ড্ৰেছ দিম বুলি কৈছিলা। কেভিনে কি কৈ আছে জানা,
মোৰ যিবোৰ ড্ৰেছ আছে, সেইবোৰ পিন্ধি ইণ্ডিয়ালৈ
যোৱাটো হেনো সুৰক্ষিত নহয়। তাত হেনো মানুহে বগা ছালৰ ছোৱালী দেখিলে চিৰিয়াখানাৰ
জন্তু চোৱাদি চায়। তাতে মই যদি চুটি স্কাৰ্ট, হাফ পেণ্ট
পিন্ধি ঘূৰি ফুৰোঁ, মোক কিজানি খায়েই পেলাব। মই টেলিভিচনত
দেখিছোঁ, ইণ্ডিয়াত বিদেশী মহিলা বোৰে চেলোৱাৰ কুৰ্তা পিন্ধি
ঘূৰি ফুৰে। মোকো তেনেকুৱা ড্ৰেছ দুজোৰ মান লাগে। ব'লানা এদিন
ইণ্ডিয়ান ষ্টোৰলৈ গৈ মোৰ কাৰণে ড্ৰেছ বিচাৰোঁ"।
অনুপমাই তাইক নিজৰ কোঠালৈ মাতি নি দুযোৰ চেলোৱাৰ
কুৰ্তা উলিয়াই দি ক’লে, “ইণ্ডিয়ান
ষ্টোৰলৈ যাব নালাগে ক্লাৰা। মোৰ ওচৰত এই দুযোৰ নতুন চেলোৱাৰ কুৰ্তা আছে। মই নিজে
পিন্ধিম বুলি আনিছিলোঁ যদিও এদিনো পিন্ধা হোৱা নাই। সদ্যহতে মই তোমাক এই দুযোৰহে
দিব পাৰিম। ইণ্ডিয়া পোৱাৰ পিছত মই তোমাক বজাৰলৈ লৈ যাম। তুমি নিজৰ পচণ্ড মতে ল’ব পাৰিবা”।
পোছাক দুযোৰ ক্লাৰাই পিন্ধি চালে। তাইৰ গাত ঠিকেই
হৈছে। তাই খুব ফূৰ্তি পালে। "পমা, এনে পোছাক
পিন্ধিলে ইণ্ডিয়ান ল'ৰা এজন পটাব পাৰিম চাগে, কি কোৱাঁ"?
অনুপমাই হাঁহিলে, "তেনে
কৰিলে কেভিনে তোমাক এৰিব কিন্তু, ভাবি চাবা"।
"মই তাক দেখুৱাই ইণ্ডিয়ান ল'ৰা
এটাক বয়ফ্ৰেণ্ড কৰি ল'ম ৰ'বা। সি অলপ
জ্বলি পুৰি মৰক। সি মোৰ কাৰণে জ্বলিলে মোৰ খুব ফূৰ্তি লাগিব জানানে"? ক্লাৰাই উচ্ছ্বাসতে ক'লে।
অনুপমাই ক্লাৰালৈ চালে। আনৰ বুকুত পোৰণি তুলি ক্লাৰাই
কি ৰং পায় তাই বুজি নাপায়। কেভিনৰ কাৰণে বাউলি হৈ থকা ছোৱালীজনীয়ে আকৌ তাক মনত দুখ
দি আনন্দ পাব !!
তাই মাথোন আশা কৰে কেভিন যেন ক্লাৰাৰ লগত সুখী হয়।
ডিচেম্বৰ মাহ পৰাৰ লগে লগে লণ্ডন আৰু পাৰ্শ্বৱৰ্তী
চহৰ অক্সফোৰ্ড খন অতি শীতল হৈ পৰিল। ৰাতি অলপ অলপ বৰফ পৰা আৰম্ভ হ’ল।
ৰাতিপুৱালৈ বাহিৰৰ ঘাঁহনি, গছ, ঘৰৰ
মুধচ সকলোতে শুকুলা বৰফৰ চামনি এখন পৰে। আবেলিৰ পৰা বাট পথত খোজ কাঢ়ি ফুৰা মানুহৰ
সংখ্যা কমি যায়। নিতান্তই আৱশ্যক নহ’লে কোনেও আবেলিৰ পৰা ঘৰৰ
পৰা নোলায়।
ক্লাৰাৰ কোৰ্চটোৰ শেষ পৰ্য্যায় আৰম্ভ হ’ল।
সেই কেইদিন তাই কেইবাটাও প্ৰেক্টিকেল কামত ব্যস্ত হৈ থাকিব লগীয়া হ’ল। আনপিনে অনুপমাৰ পৰীক্ষা আৰম্ভ হ’ল। কেভিন ব্যস্ত হ’ল তাৰ গৱেষণাৰ
কাগজ পত্ৰ বোৰ ঠিক ঠাক কৰা কামত।
সি সমগ্ৰ বিশ্বৰে তৈল অন্বেষণৰ ইতিহাসৰ ওপৰত এখন
থেছিছ লিখিবলৈ আৰম্ভ কৰিছে। ভাৰতৰ তৈল অন্বেষণৰ ইতিহাস তাৰ থেছিছখনৰ এটা
গুৰুত্বপূৰ্ণ অংশ। ভাৰতৰ পিছত তৈল অন্বেষণৰ ইতিহাস উন্মোচন কৰিবলৈ সি আজাৰবাইজানৰ
বাকু, পোলেণ্ডৰ বোব্ৰকা, কানাডাৰ অন্টেৰিও আৰু
আমেৰিকাৰ পেনছিলভেনিয়ালৈ যোৱাৰ পৰিকল্পনাও আছে। পিছে ভাৰতৰ প্ৰতি তাৰ আকৰ্ষণ
আটাইতকৈ বেছি। ভাৰতৰ কথা, বিশেষকৈ অসমৰ কথা সি যিমান শুনিছে,
আন কোনো দেশৰ কথা সি সিমান শুনা নাই। সেয়েহে প্ৰথমতেই সি ভাৰতলৈ
যাব।
ভৰতৰ তৈল উদ্যোগৰ আৰম্ভণি হোৱা ডিগবৈৰ ছোৱালী অনুপমাক
সহযোগী হিচাপে পোৱাটো তাৰ বাবে বৰ ভাগ্যৰ কথা। যাত্ৰাৰ দিন চমু চাপি অহাৰ লগে লগে
তাৰ মনৰ উত্তেজনাও যেন বাঢ়ি গ’ল।
আইতাক নেন্সিৰ কাৰণে কেভিনৰ চিন্তা আটাইতকৈ বেছি হ’ল।
নিজৰ কাম নিজে কৰিব নোৱৰা আইতাকৰ কাৰণে
প্ৰায় অনবৰতে এগৰাকী পৰিচাৰিকাৰ দৰকাৰ হয়। ইমান দিনে এঞ্জেলাই তেওঁৰ পিন্ধা উৰা, খোৱা বোৱা,
বাথৰূমৰ কাম সকালোৰে যত্ন লৈ আছিল। এতিয়া এঞ্জেলাৰ অবিহনে সেই
দায়িত্ব আন কোনোবাই ল’ব লাগিব।
কেভিনে এদিন অনুপমাক ক'লে,
"আইতাক চোৱা চিতা কৰিবলৈ ডিগবৈত আমি এঞ্জেলাকতো নাপাম। মই
ভাবিছোঁ, আইতাৰ বাবে এগৰাকী পৰিচাৰিকা বা নাৰ্চৰ প্ৰয়োজন হ'ব। মই এই বিষয়ত হয়তো তোমাৰ দেউতাৰ সহায় ল'ব লাগিব।
নাৰ্চ এগৰাকী বিচাৰি বাতৰি কাকতত বিজ্ঞাপন দিব লাগিব। কিমান দৰমহা দিব লাগিব তুমি
ভালদৰে জানিবা"।
"তুমি এই বিষয়ত চিন্তা কৰিবলৈ এৰি দিয়া কেভিন।
তুমি ভয় নকৰিবা, মই
আইতাৰ কাৰণে প্ৰয়োজনীয় সকলোখিনি কৰিম। তুমি তোমাৰ গৱেষণাৰ কামত মনোনিৱেশ
কৰা"। অনুপমাই তাক শাসনৰ সুৰত ক'লে।
আইতাকৰ প্ৰতি তাইৰ দায়িত্ববোধ আৰু সমৰ্পণৰ মনোভাৱ দেখি
সি আচৰিত হয়। এই কেইদিন অনুপমাই আইতাকৰ কাৰণে যিমান খিনি কৰিছে, সি
নিজেও কেতিয়াও সিমান খিনি কেতিয়াও কৰা নাই। আইতাকক এইদৰে ভাৰতলৈ লৈ যোৱাৰ কথা তাৰ
বাবে সপোনৰো অগোচৰ আছিল। কেৱল অনুপমাৰ বাবেই সি এইখিনি সাহস কৰিব পাৰিছে। অনুপমাৰ
কথা কাণ্ড দেখিলে তাৰ এনে লাগে যেন তাইৰ আৰু আইতাকৰ মাজত বহু দিনৰ এক নিবিড়
সম্পৰ্ক আছে।
অনুপমাক লগ পোৱাৰ পিছত ক্লাৰাৰ লগত অনুপমাৰ স্বভাৱৰ
পাৰ্থক্য খিনিও তাৰ চকুত ধৰা পৰিছে। ক্লাৰাক সি বহু দিনৰ পৰা জানে। তাই তাৰ লগত
একেটা ঘৰতে বাস কৰে। কিন্তু তাইৰ জীৱন যাপনৰ পদ্ধতি আৰু জীৱন বোধৰ বহুখিনি তাৰ লগত
নিমিলে। জীৱনটো খাই বৈ, ফূৰ্তি-তামাচাৰ মাজেৰে পাৰ কৰি দিয়াই
যেন তাইৰ জীৱনৰ লক্ষ্য। সি জানে তাইৰ জীৱনটো সংঘাতেৰে ভৰা, তাই
হাঁহি ধেমালি কৰি দুখবোৰ পাহৰি থাকিব বিচাৰে। সি বিচাৰে তাই নিজৰ প্ৰতি দায়িত্বশীল
হওক, কিন্তু তাই যেন কেতিয়াও ছিৰিয়াছ হ’বলৈ নিশিকিলে। নিজৰ কামৰ প্ৰতি সমৰ্পণ আৰু কৰ্তব্যনিষ্ঠা তাইৰ গঢ়ি নুঠিল।
আনৰ ভৰসাতে জীৱনটো পাৰ কৰিব বিচৰা ছোৱালী তাই।
সি ক্লাৰাক ভাৰতলৈ লগ ধৰিছে, তাইৰে
উপকাৰ হওক বুলি। চিনেমাটোগ্ৰাফিৰ ওপৰত শ্বৰ্ট টাৰ্ম কোৰ্চটো কৰাৰ পিছত এইটো লাইনত
নিজকে প্ৰতিষ্ঠিত কৰিবলৈ তাই এখন ভাল, অগতানুগতিক, ব্যতিক্ৰমী ছবি নিৰ্মাণ কৰাটো দৰকাৰ। প্ৰতিযোগিতাৰ এই পৃথিৱীখনত কষ্ট কৰি
কিছু ব্যতিক্ৰমী কাম নকৰিলে আগুৱাই যোৱাটোৱেই মস্কিল। ভাৰতত তাই ছবি খনৰ বাবে কিছু
অগতানুগতিক সমল পাব। সি বিচাৰে, তাই এক সংঘাতপূৰ্ণ জীৱনৰ
পিছত আত্ম প্ৰতিষ্ঠিত হওক।
আনহাতে অনুপমা যেন ক্লাৰাৰ পৰা সম্পূৰ্ণ বিপৰীত। তাই
শান্ত, চিন্তা শক্তি থকা, নিজৰ দায়িত্ব বুজা
ছোৱালী। তাই নিজৰ কামত সদায় ছিৰিয়াছ আৰু
দায়িত্বশীল। যিকোনো কামতে তাইৰ ওপৰত ভৰসা কৰিব পাৰি। আইতাকৰ সমস্ত দায়িত্ব সি বিনা
দ্বিধাই তাইৰ হাতত সি অৰ্পণ কৰিব পাৰিছে।
তাইৰ চিন্তাবোৰ পৰিপক্ক, প্ৰয়োজনত তাইৰ পৰা উপদেশো ল'ব পাৰি।
তাৰ মাজে মাজে ভাব হয়, অনুপমাক
লগ পোৱাটো আৰু তাইক বান্ধৱী হিচাপে পোৱাটো তাৰ জীৱনৰ এটা লেখত লবলগীয়া ঘটনা।
এদিন আইতাকে কেভিনৰ
মূৰত হাত বুলাই ক'লে, “ক্লাৰা
তোমাৰ বান্ধৱী, তুমি তাইৰ লগত সুখী নে"?
আইতাকৰ এই অপ্ৰত্যাশিত প্ৰশ্নত সি থতমত খালে।
নিৰুত্তৰ হৈ বহুপৰ সি আইতাকৰ পিনে চাই ৰ'ল।
"তুমি তাইক বিয়া কৰাবা নে”? আইতাকে যেন তাৰ মনটোৰ বুজ ল'ব বিচাৰিলে।
সি তত্ক্ষণাত কোনো উত্তৰ দিব নোৱাৰিলে। কিবা এক অবুজ
আবেগে যেন তাৰ ডিঙিত সোপা মাৰি ধৰিলে।
ক্লাৰাৰ কথা তাৰ মনলৈ আহিল। ক্লাৰা তাৰ বান্ধৱী, তাৰ
লগত একেটা ঘৰত থকা সহবাসী। তাৰ জীৱনৰ এছোৱা তাইৰ লগত জড়িত হৈ আছে। তাইৰ সুখ দুখৰ
সি সমভাগী। বহু ক্ষেত্ৰত তাই তাৰ ওপৰত নিৰ্ভৰশীল।
ক্লাৰা দেখিবলৈ ধুনীয়া। যিকোনো এজন যুৱকে তাইক নিজৰ
বান্ধৱী বুলি পৰিচয় কৰাই দি গৌৰৱ অনুভৱ কৰিব পাৰে। সি নিজেও ক্লাৰাৰ সৌন্দৰ্যৰ
প্ৰতি আকৰ্ষিত। বন্ধু বোৰৰ আগত সুন্দৰী ক্লাৰাক নিজৰ বান্ধৱী বুলি পৰিচয় কৰি দি সি
গৌৰৱ বোধ কৰে।
কিন্তু তাইৰ লগত একেলগে থাকিবলৈ লোৱাৰ কিছুদিন পিছৰে
পৰা সুন্দৰী ক্লাৰাৰ মাজত আন এজনী ক্লাৰা
আৱিষ্কাৰ কৰিছে। কথাই কথাই আৱেগিক হোৱা, খং উঠিলে ঘৰৰ
বয় বস্তু দলিয়াই চিঞৰ বাখৰ কৰা, মদ খাই মাতলামি কৰা সেইজনী
ক্লাৰাক যেন সি চিনিবই পৰা নাছিল। সেইজনী ক্লাৰা যেন তাৰ বাবে
তেনেই অচিনাকি।
বহু সময় পিছত আইতাকৰ হাতখন নিজৰ হাতত লৈ সি ক'লে,
“মই একো সিদ্ধান্ত লোৱা নাই আইতা”।
আইতাকৰ চকুজুৰি যেন তিৰবিৰাই উঠিল। তেওঁৰ ওঁঠত হঠাতে
হাঁহি বিৰিঙি ওলাল।
"তোমাৰ মায়ে মোক সদায় কৈ আছে। তোমাৰ বিয়াখন পাতি
দিব লাগে। তোমাৰ এতিয়া সাংসাৰিক জীৱন আৰম্ভ কৰিবৰ হ'ল।
তুমি আন কোনোবা ছোৱালীৰ কথা ভাবিছা নেকি"? আইতাকে
আগ্ৰহেৰে কেভিনৰ মুখলৈ চালে।
"তোমাৰ দৰে ধুনীয়া ছোৱালী এজনী থাকোঁতে মই আন
ছোৱালীৰ কথা কিয় ভাবিম আইতা"? কেভিনে ধেমালি কৰি নিজেই হাঁহি
দিলে।
"মই পিছে তোমাৰ বাবে এজনী ধুনীয়া ছোৱালীৰ কথা
ভাবিছোঁ। তুমি সন্মতি দিবানে"? আইতাকে
তাৰ মুখলৈ চালে।
"তুমি মোৰ কাৰণে ছোৱালী চাইছা। বাহ, বৰ
বঢ়িয়া কথা আইতা। তুমি চোন ক'লৈকো অহা যোৱা নকৰা। তুমি মোৰ
বাবে ক'ত ছোৱালী বিচাৰি পালা"। কেভিনে হাঁহি হাঁহি ক'লে।
"মই কেনেকৈ বিচাৰি পালোঁ সেইটো বেলেগ কথা। তুমি
আগতে কোৱা, তুমি মই পচন্দ কৰা ছোৱালীজনীক বিয়া কৰাবলৈ সন্মতি
দিবানে"? আইতাকে আকৌ তালৈ চাই ক'লে।
"তুমি পচন্দ কৰিছা যেতিয়া নিশ্চয় ভালেই হ'ব
আইতা। তাইৰ নাম কি, ক'ত থাকে"?
কেভিনে আগ্ৰহেৰে সুধিলে।
"তাইৰ নাম অনুপমা" !!!
আইতাকৰ কথা শুনি কেভিনৰ দেহৰ মাজেৰে যেন এক শিহৰণ পাৰ হৈ গ'ল।
"অনুপমা?" সি আচৰিত
হোৱাৰ দৰে কৈ উঠিল।
“অনুপমা খুব ভাল ছোৱালী কেভিন। তাইৰ
লগত তুমি সুখী হ'বা। তুমি তাইৰ কথাও এবাৰ চিন্তা কৰি চালে মই
বৰ ভাল পাম”। আইতাকে তাৰ গাত হাত থৈ ক'লে।
কেভিনে বহুত সময় আইতাকৰ মুখলৈ চাই ৰ'ল।
তাৰ মনৰ মাজত বহুতো চিন্তাই ভিৰ কৰিলেহি। আইতাকৰ মুখত অনুপমাৰ নামটো শুনাৰ পিছতে
তাৰ দেহৰ মাজেৰে বৈ যোৱা বিজুলীৰ জিনজিননি যেন বহুপৰ বাজি থাকিল।
কেভিনৰ এনে লাগে, অনুপমাক লগ
পালে সদায় যেন সি এক মিঠা আমেজ অনুভৱ কৰে। থেমচৰ পাৰত থিয় হ'লে
নদীৰ পৰা বৈ অহা মলয়াজাকে যিদৰে দেহ মন শাঁত পেলাই যায়, সেইদৰে
অনুপমাৰ সান্নিধ্যই তাৰ মন মগজু জুৰ পেলায়। সি এক অজান পুলক অনুভৱ কৰে। কেইদিনমান
তাইক লগ নাপালে তাৰ লগ পাবলৈ মন যায়। তাইৰ লগত কথা পাতি সি আনন্দ পায়। তাইক এগৰাকী অতি ভাল বন্ধু হিচাপে সি ভাল
পায়। কিন্তু তাইক জীৱন সংগী কৰাৰ কথা ভাবিবলৈ তাৰ কেতিয়াও সাহস হোৱা নাই।
অনুপমাৰ কথা তাৰ মনলৈ আহে। তেনে এজনী ছোৱালীক জীৱন
সংগী হিচাপে পালে যিকোনো পুৰুষেই হয়তো বহুত সুখী হ'ব।
তাই আনৰ মনৰ কথা বুজিব পাৰে আৰু নিজৰ সকলো ত্যাগ কৰি হ'লেও
আনক সহায় কৰি ভাল পায়।
কিন্তু তাই যে ভাৰতীয় ছোৱালী। অক্সফোৰ্ডত থাকিলেও
তাইৰ মাজত ভাৰতীয় সংস্কৃতি বিদ্যমান। তাইৰ লগত তাৰ ভাষা, ধৰ্ম,
দেশ একোৰে মিল নাই। কোৰ্ছটো
শেষ হ'লেই তাই ভাৰতলৈ উভতি যাবগৈ। তাৰ পিছতেই তাই ভাৰতত
বিয়াত বহিব। তাই ক্লাৰাক কৈছে যে তাইৰ বিয়া দেউতাকেহে ঠিক কৰিব। দেউতাকে পচন্দ কৰি
দিয়া ল’ৰা এজনৰ লগতে তাই বিয়া হ’ব।
সেয়াই ভাৰতীয় প্ৰথা।
ভাব-সাগৰত বুৰ যোৱা কেভিনৰ মুখলৈ আইতাকে চাই আছিল।
তেওঁ তাৰ পৰা এটা উত্তৰ আশা কৰিছিল।
“কিন্তু আইতা, এয়া
জানো সম্ভৱ”, সি অসহায় ভাৱত আইতাকলৈ চালে।
"কিয় অসম্ভৱ কেভিন"? আইতাকে
তাৰ চকুলৈ চালে।
"তাই যে এখন বেলেগ দেশৰ, বেলেগ
ধৰ্মৰ, বেলেগ সংস্কৃতিৰ ছোৱালী আইতা। তাই জানো মোক স্বীকাৰ
কৰিব"? অনুচ্ছ স্বৰত কেভিনে ক'লে।
“যীশুৱে আশীৰ্বাদ কৰিলে সকলো সম্ভৱ
কেভিন। মই তোমালোক দুয়োৰে বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম”। বুকুত পিন্ধি থকা যীশুৰ ক্ৰছটো চুই চুই আইতাকে ক'লে।
তেওঁৰ চকু দুটা চলচলীয়া হৈ গ'ল।
আইতাকৰ কোলাত মূৰ থৈ কেভিনে চকু দুটা মুদি দিলে।
No comments:
Post a Comment