Friday, October 27, 2017

খণ্ড ২২

আঠমান বজাত ক্লাৰাই সাৰ পালে সমুখৰ বাৰাণ্ডা খনলৈ ওলাই আহি তাই চৌপাশে চাই পঠিয়ালে শীতৰ কুৱঁলীৰ আৱৰণ খহাই লাহে লাহে উজ্জ্বল ৰদে চৌপাশৰ সেইজীয়া খিনি যেন আৰু ধুনীয়া কৰি তুলিছে বতাহত ভাঁহি আহিছে নাম নজনা বনৰীয়া ফুলৰ সুঘ্ৰাণ তাই এক স্বৰ্গীয় আমেজত বাৰাণ্ডাৰ ৰেলিঙত ধৰি চকু দুটা মুদি দিলে কেভিনে উঠি আহি কাষত থিয় হোৱা তাই গমকে পোৱা নাছিল
এই ঠাই খিনি একেবাৰে স্কটলেণ্ড যেন লাগিছে কেভিনে কলে
সঁচাকৈয়ে চোৱাচোন কিমান বিচিত্ৰ ধৰণৰ গছ গছনি, পাত লতা আছে চৰাইৰ মাত শুনিছা? মই কেইবাটাও বৰ ধুনীয়া চৰাই দেখিলোঁ ক্লাৰাই কলে
কেভিনে ৰ লাগি চাৰিওপিনে চালে ওখ গছ এজোপাৰ পৰা পাখিৰ ধপ ধপ শব্দ কৰি দীগল ঠোঁটৰ ধনেশ পখী এটা উৰি গ কেভিনে ক্লাৰাক আঙুলিয়াই দেখুৱালে, “সৌটো চোৱা, হৰ্ণবিল
আইতাকে সাৰ পাইছিল অনুপমাই ৰুবীক লগত লৈ আইতাকক মুখ হাত ধুই প্ৰাত: কাৰ্য সমাপন কৰাত সহায় কৰি দিলে অনুপমাই ৰুবীক কেভিন আৰু ক্লাৰাৰ লগতো চিনাকী কৰি দিলে
চোৱা কেভিন, তেওঁলোক কিমান ভাগ্যবান ইমান বোৰ সহায় কৰি দিয়া মানুহ আছে তেওঁলোকে সঁচাকৈয়ে ৰজাৰ দৰে বাস কৰে আমাৰ দেশত সকলো কাম আমি নিজেই কৰিব লাগে ক্লাৰাই কেভিনক কলে
তুমি ইয়াতেই থাকি যোৱা ক্লাৰা তুমিও সহায় কৰা মানুহ পাবা ৰাণীৰ দৰে থাকিব পাৰিবা কেভিনে জোকালে
মই জানো নহয়, তুমি মোক এৰি থাকিব পাৰিলেই ভাল পোৱা এইবুলি তাই মুখ কোঁচালে
দহমান বজাত আটাইৰে ব্ৰেকফাষ্ট খোৱা হ ক্লাৰা, কেভিন আৰু অনুপমা ওলাই যাবলৈ সাজু হ অনুপমাৰ দেউতাকে বন্দোবস্ত কৰি থোৱা বলেৰগাড়ীখন ন বজাতে আহি বঙলাৰ সমুখত ৰৈ আছিল অনুপমাই ৰুবীক আইতাকৰ কি কি যতন লব লাগিব সকলো বুজাই দিলে দৰৱ বোৰ কোনটো কি সময়ত খাব লাগিব, কাগজ এখনত লিখি দিয়াৰ লগতে দৰৱৰ পেকেট কেইটাৰ ওপৰতো ষ্টিকাৰ লগাই লিখি থলে হৰিকাইকো এই বিষয়ে সঁকিয়াই থলে বাথৰুমত লব লগা সাৱধানতাবোৰৰ বিষয়ে বুজাই দিলে
আইতাকৰ যতন লবলৈ অনুপমাৰ লৰা ধপৰা দেখি কেভিনে এবাৰ আহি তাইক কলে, “মই নাজানো মই তোমাক কিদৰে ধন্যবাদ জনাম অনুপমা আইতাৰ বিষয়ে মই একো ভাবিব লগীয়াই হোৱা নাই
অনুপমাই মিচিকিয়াই কলে, “তুমি এই কেইদিন তোমাৰ কামৰ বিষয়ে ভাবিলেই হ
ওলাওঁতে দেৰী হোৱাৰ কাৰনে অনুপমাই অনুমান কৰিলে যে সময়মতে তেওঁলোকে ডিব্ৰুগড় এয়াৰপোৰ্ট নাপাবগৈ পাৰে তাই ক্লাৰাৰ কেমেৰাৰ বেগটোৰ বিষয়ে খবৰ কৰাৰ উপায় এটা ভাবিলে প্ৰশান্ত হঁতৰ অফিচৰ বাছ যিহেতু নিতৌ এয়াৰপোৰ্টলৈ যায়, সেয়ে বাছ খনত যোৱা কোনোবা মানুহক বেগটোৰ খবৰ কৰিবলৈ অনুৰোধ কৰিব পৰা যায় বেগটো আহি পোৱাটো সঠিককৈ গম পালে এয়াৰপোৰ্টলৈ গৈ হয়তো বেগটো ক্লাৰাই নিজেই আনিব লাগিব কিন্তু কিবা কাৰণত বেগটো নাহিলে কেভিনৰ এটা দিন নষ্ট হ সেয়ে তাই প্ৰশান্তলৈ ফোন কৰিলে
প্ৰশান্ত যোৱাকালি তুমি আমাক যিমান সহায় কৰিলা, তাৰ পিছত তোমাক কবলৈ বেয়াই লাগিছে কথাটো পোনেই কবলৈ অনুপমাৰ সংকোচ হ
ধেৎ, মইনো কি ইমান ডাঙৰ কামটো কৰিলোঁ? কোৱাচোন কি কথা আছে”?
আজি এয়াৰপোৰ্টত ছাহাৰাৰ বিমান যোগে ক্লাৰাৰ বেগটো আহি পোৱাৰ কথা তোমালোকৰ অফিচৰ গাড়ী এয়াৰপোৰ্টলৈ তো গৈয়েই থাকে তুমি বেগটো খবৰ এটা লৈ সংগ্ৰহ কৰাব পাৰিবানে”?
আজি মোৰ লগৰ এজন এয়াৰপোৰ্ট যাবই একো চিন্তা নকৰিবা মই সংগ্ৰহ কৰাই দিব পাৰিম কেৱল মোক লাগেজ টেগৰ নম্বৰটো আৰু ক্লাৰাৰ টিকটৰ সবিশেষ দিয়া
অনুপমাই ততাতৈয়াকৈ টিকটৰ নম্বৰ, লাজেজ টেগৰ নম্বৰ ফোনতে প্ৰশান্তক কলেবেয়া নাপাবা প্ৰশান্ত সময়ৰ নাটনিৰ কাৰণে তোমাক আমনি দিব লগীয়া হ তাই কলে
গাড়ীত বহাৰ পিছত অনুপমাই কেভিনক কলে, “আমি ডিগবৈ তৈলক্ষেত্ৰৰ পৰাই আৰম্ভ কৰোঁ বলা সেই সময়ত যিটো অঞ্চলত ব্যাপক ভাৱে তেলৰ সন্ধান কৰা হৈছিল আৰু কেইবাটাও তৈল খাদৰ খনন কৰা হৈছিল, সেই অঞ্চলটো আমাৰ ঘৰৰ একেবাৰে ওচৰত আচলতে আমি এতিয়া ডিগবৈ তৈলক্ষেত্ৰৰ ওপৰতে আছোঁ
কেভিনে আচৰিত হোৱাৰ দৰে কলে, “ওৱাও, আমি সঁচাকৈয়ে ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰৰ ওপৰতে আছোঁ নেকি? তুমি কব বিচাৰিছা যে মই যি ঠাইত থিয় হৈ আছোঁ, সেই ঠাইত খান্দিলে মাটিৰ তলৰ পৰা তেল ওলাব তাৰ মুখত হাঁহি বিৰিঙি উঠিলএয়া মোৰ কাৰনে সঁচাকৈয়ে এক আচৰিত অনুভূতি বঢ়িয়া অনুপমা, তুমি কোৱা মতেই হ আজি আমি ডিগবৈ তৈলক্ষেত্ৰ চাম
ক্লাৰাই কলে, “আমি হাতীৰ ভৰিত তেল লাগি অহাৰ পিছত সেই তেল বিচাৰি গৈ অৰণ্যৰ মাজত তেলৰ সন্ধান পোৱা সেই দৃশ্যটো ছুটিং কৰিবলৈ উপযুক্ত ঠাই এডোখৰৰো সন্ধান কৰিব লাগিব আজি ঠাইবোৰ ভালদৰে চাই ললে মই নিজে সিদ্ধান্ত লব পাৰিম পমাই হাতী দুটাৰ বিষয়ে কথা পাতিয়েই থৈছে মাত্ৰ মোৰ কেমেৰা আহি পালেই হয়
ডিচেম্বৰ মাহৰ শীতৰ কুঁৱলীৰ চাদৰ ফালি ওলোৱা কোমল ৰদজাকত ডিগবৈৰ ওখ চাপৰ টিলাবোৰ বৰ সুন্দৰ দেখা যায় টিলাবোৰত থকা ধুনীয়া চাংবঙলাবোৰে অঞ্চলটোৰ শোভা আৰু বঢ়াই তোলে কেভিনে কলে, “এই দৃশ্য একেবাৰে স্কটলেণ্ডৰ গাওঁবোৰৰ নিচিনা ইমান ধুনীয়া ক্লাৰা, এইখিনিৰ ফটো তুমি সংগ্ৰহ কৰিবই লাগিব
হে প্ৰভু যীশু, মোৰ কেমেৰাৰ বেগটো যেন আজি আহি পায়”, ক্লাৰাই মনে মনে প্ৰাৰ্থনা  কৰিলে
গাড়ীৰে অলপ দূৰ গৈয়েই তৈলক্ষেত্ৰৰ সংৰক্ষিত অঞ্চলটোলৈ যোৱা গেট খন পালে অনুপমাই ভিতৰলৈ যোৱা অনুমতি পত্ৰ সংগ্ৰহ কৰিয়েই থৈছিল গেটত থকা বহী এখনত নাম ঠিকনা লিখিহে ভিতৰ সোমাব পাৰি
ভিতৰলৈ অলপ সোমোৱাৰ পিছতে আৰম্ভ হৈছে ওখ টিলা এটালৈ অকোৱা পকোৱা বাট এটা সেই বাটটোৰ কাষত অসংখ্য ড্ৰিলিং ৰিগৰ লোহাৰ জুমুধি কেভিনৰ এনে লাগিল যেন সি ড্ৰিলিং ৰিগৰ এখন সমাধিস্থলীত প্ৰৱেশ কৰিছে, ত প্ৰতিটো ৰিগৰে এক অলিখিত ইতিহাস আছে
কি যে অপূৰ্ব দৃশ্য, এনে অপৰূপ তৈলক্ষেত্ৰৰ দৃশ্য নেদেখিলে বিশ্বাস কৰাই টান”, ৰিজ ৰোডেৰে আহি ডিগবৈ তৈলক্ষেত্ৰৰ আটাইতকৈ ওখ টিলাটোত থকা দৰ্শন গৃহটোৰ ৰেলিঙত ভেজা দি তলৰ শাৰী শাৰী ড্ৰিলিং ৰিগৰ অৱশিষ্ট বোৰলৈ চাই কেভিনে মন্তব্য কৰিলে।
সুবিশাল এলেকা জুৰি বিস্তৃত হৈ থকা এই তৈলখাদ সমূহত এতিয়াও যে প্ৰাণ আছে তাৰ প্ৰমান দিয়ে কেইটামান খাদত চলি থকা পাম্প বোৰে। বহু বছৰ ধৰি তেল উত্পাদন কৰাৰ পিছত তৈল খাদ সমুহৰ নিজস্ব চাপ কমি যায়। তেতিয়া পাম্পৰ সহায়েৰে তেল টানি উলিয়াব লগীয়া হয়। ডিগবৈ তৈলক্ষেত্ৰৰ পৰা এতিয়াও যে যথেষ্ট পৰিমানৰ খনিজ তেল উত্পাদন হয়, তাৰ প্ৰমান দিয়ে দৰ্শন গৃহটোৰ অলপ আঁতৰত অহৰ্নিশে চলি থকা বয়লাৰ টোৱে। এই বয়লাৰটোত খাদৰ পৰা অহা আঠালেটীয়া মমযুক্ত খনিজ তেল তাপৰ জৰিয়তে জুলীয়া কৰা হয়
মোক এটা কথা কোৱাচোন কেভিন, ইমানবোৰ খাদ যে ইয়াত খন্দা হ, সকলোবোৰ খাদৰ পৰাই খনিজ তেল উত্পাদন হৈছিল নেকি”? ক্লাৰাই সুধিলে।
কেভিনে হাঁহি মাৰি কলে, “আচলতে প্ৰথম অৱস্থাত কোনো বৈজ্ঞানিক অনুসন্ধান নকৰাকৈয়ে এই তৈলখাদৰ সমূহ খনন কৰা হৈছিল। যি ঠাইতে মাটিৰ পৰা তেল নিগৰি ওলোৱা দেখিছিল, সেই ঠাইতে ৰিগ এটা বহুৱাই ড্ৰিলিং কৰিছিল। গতিকে কিছুমানত তেল পাইছিল, কিছুমানত পোৱা নাছিল
অনুপমাই কথাত যোগ দি কলে, “এটা মজাৰ কথা কি জানা, ডিগবৈৰ বহুতো খাদত আনকি ডিগবৈৰ ১ নং খাদটোৰ ওচৰৰ মাটিৰ পৰা এতিয়াও বিৰিঙি বিৰিঙি তেল ওলাই থাকে। পিছে যথেষ্ট মাত্ৰাত নোলায় কাৰনে ব্যৱসায়িক ভাৱে সেই তেল ব্যৱহাৰ কৰা নহয়
ক্লাৰাই কিবা এটা চিন্তা কৰি কলে, “এই অঞ্চলত সেই সময়ত তেলৰ খাদ খন্দা কোম্পানীটোকো মানিছো দেই। তেওঁলোকে চাগে কিমান যে কষ্টৰ সন্মুখীন হব লগীয়া হৈছিল
কেভিনে কলে, “মই জনা মতে ডিগবৈত খাৰুৱা তেলৰ আৱিস্কাৰ আছাম ৰেইলৱে এণ্ড ট্ৰেডিং কোম্পানীৰ কাৰণে ডাঙৰ সফলতা আছিল। ইতিমধ্যে দুৰ্গম অসমত সফলতাৰে ৰেলপথ নিৰ্মান কৰাৰ গৌৰৱ কোম্পানীটোৱে লাভ কৰিছিল। এই সফলতাত উদ্ধুদ্ধ হৈ তেওঁলোকে অধিক খননৰ কাৰনে যন্ত্ৰ পাতি, সা সঁজুলিবোৰ আনিবলৈ সুবিধা হোৱাকৈ বৰবিলৰ ৰেল ষ্টেচনটো ভাঙি ইতিমধ্যে ডিগবই হিচাপে জনাজাত হোৱা এলেকাটোত এটা ৰেল ষ্টেচন সাজিলে। ডিগবৈ ৰেল ষ্টেচন। সেইটো ষ্টেচনটো হেনো আজিও আছে
ঠাণ্ডা বতাহ এজাকে তেওঁলোকক চুই গৈছিল। ক্লাৰাই ছিগাৰেট এটা জ্বলালে। কেভিনকো এটা যাচিলে যদিও সি নললে। ছিগাৰেটত হোপা মাৰি ক্লাৰাই কেভিনক কলে, “তাৰ পিছত কি হল কৈ যোৱাচোন। এই ঠাইডোখৰত অলপ সময় কটাই মোৰ বৰ ভাল লাগিছে
কেভিনে কলে, “ডিগবৈ ১ নং খাদটোত আশাতীত সফলতা লাভ কৰিলেও ১৮৯১ চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰা ডিগবৈ ২ নং খাদটো ৭২০ ফুট খনন কৰাৰ পিচত শুকান বুলি প্ৰমাণিত হয়
খাদ এটা শুকান কেনেকৈ হব পাৰে? মাটি খান্দিলে পানী হলেও তো ওলাবইক্লাৰাই মুখেৰে ধোঁৱা উৰুৱাই সুধিলে।
কেভিনে হাঁহিলে, “খাদ এটা শুকান মানে এইটো নহয় যে তাত পানীও নোলাব। শুকান খাদ মানে এইটো বুজায় যে সেইটো খাদত খনিজ তেল পোৱা সম্ভৱ নহ
ক্লাৰাই মুৰ দুপিয়াই বুজালে যে তাই কথাটো বুজিছে। খাদত একো নাপালে কি কৰে”? তাই সুধিলে।
মই জনাত এটা খাদত একো নাপালে সেই খাদটোৰ ওপৰত কেপ লগাই খাদটো পৰিত্যাগ কৰে। হয়নে নহয় কেভিন”? অনুপমাই কেভিনলৈ চাই কলে।
এৰা একো নাপালে খাদটো বন্ধ কৰি পৰিত্যাগ কৰা হয়কেপ লগোৱাৰ আগতে খনন কৰা গাতটো ভালদৰে বন্ধ কৰি থোৱাৰ ব্যৱস্থা কৰা হয় যাতে ভৱিষ্যতে খন্দা ঠাইৰ পৰা কোনো কাৰণতে ভূগৰ্ভৰ জুলীয়া দ্ৰব্য ওলাই নাহে। আজিকালি  খাদ বন্ধ কৰিবলৈ ৰবৰৰ সোপা লগাই তাৰ ওপৰত চিমেণ্ট ঢালি থোৱা হয়কেভিনে কলে।
বুজিলোঁ, দ্বিতীয় খাদটোত তেল নাপাই খাদটো পৰিত্যাগ কৰিব লগীয়া হল। নহয় জানো”? অনুপমাই কলে।
ঠিকেই কৈছা অনুপমা। এই খাদটো পৰিত্যাগ কৰাৰ পিচত ১৮৯২ চনত ৩ নং খাদটোৰ খনন আৰম্ভ হয়। ৩ নং খাদটোতোৰ বিষয়ে এটা আমোদজনক কাহিনী আছে। এই খাদটোতো খনিজ তেল উত্পাদন হোৱাৰ কোনো আশা নেদেখি খাদটোৰ অধীক্ষক অভিযন্তা মি: স্লেকে এই খাদটোও হেনো পৰিত্যক্ত বুলি ঘোষণা কৰিবলৈ যো জা চলাইছিল। খনন কাৰ্যত নেৰানেপেৰাকৈ লাগি থাকি তেওঁৰ অলপ বিৰতি লবৰো মন গৈছিল। তেওঁ নিজৰ ভাতৃক খাদটোৰ কাম চাবলৈ কৈ ওচৰৰ মাৰ্ঘেৰিটালৈ গল। খাদটো বন্ধ কৰিবলৈ কেইপদ মান সঁজুলিও আনিবলগীয়া আছিল
মাৰ্ঘেৰিটাত কি সঁজুলি পোৱা গৈছিল। সেই সময়ত মাৰ্ঘেৰিটা ইমান উন্নত আছিল নে”? অনুপমাৰ প্ৰশ্ন।
কেভিনে আকৌ হাঁহিলেমাৰ্ঘেৰিটা সেই সময়ত কয়লা খননৰ কেন্দ্ৰ হৈ পৰিছিল। কয়লা খনিত কাম কৰিবলৈ ইউৰোপৰ পৰাও শ্ৰমিক কৰ্মচাৰী অনা হৈছিল। সেই সকল লোকৰ উপস্থিতিত মাৰ্ঘেৰিটা এখন উন্নত ঠাই হৈ পৰিছিল। মাৰ্ঘেৰিটাত কয়লা খননৰ সঁজুলি বনোৱা সৰু সৰু কাৰখানা গঢ়ি উঠিছিল। এইবোৰত খননৰ বাবে প্ৰয়োজনীয় সঁজুলিও তৈয়াৰ কৰা হৈছিল
বুজিলোঁ। ককায়েক যোৱাৰ পিচত ভায়েকে কি কৰিলে”? ক্লাৰাই আগ্ৰহেৰে সুধিলে।
ককায়েক ওলাই যোৱাৰ পিচত ভায়েকৰ কৰিবলৈ একো কাম নাছিল। তেওঁ এনেয়ে ইফাল সিফাল কৰি আছিল। পিছে অসহ্য মহৰ কামোৰ আৰু অনবৰত শুনি থকা ভেকুলীৰ মাতত তেওঁ আতিস্থ হৈ পৰিলককায়েকে বহুত সময় লগোৱাত তেওঁৰ আমনি লাগিল, কিবা এটা কৰিবৰ মন গল। কৰিবলৈ একো নথকাত তেওঁ পুনৰ কেইফুট মান খনন কৰাৰ সিদ্ধান্ত ললে
মই অনুমান কৰিব পাৰিছোঁ। চাৰিওপিনে মহৰ কামোৰ, বনৰীয়া জন্তুৰ চিঞৰ, ভেকুলীৰ মাত। কিন্তু কৰিবলৈ একো কাম নাই। এনে অৱস্থাত থকা মানুহে কিবা এটা কাম কৰিব পাৰিলেহে শান্তি পাবক্লাৰাই কলে।
এৰা, তেওঁ সময় কটাবলৈকে খান্দিবলৈ ধৰিলে। কেই ফুট মান খন্দাৰ পিছতে খন্দা পাইপত খাদৰ ভিতৰত কিহবাই জোৰেৰে খুন্দিয়ালে। পাইপ ডাল জোকাৰ খাই লৰিবলৈ ধৰিলে। ককায়েকৰ অনুপস্থিতিত এনে অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈ তেওঁৰ ভয় লাগিল। কিন্তু যি হয় হওক বুলি তেওঁ পুনৰ অধিক গভীৰতালৈ খনন কৰিবলৈ ধৰিলে
এয়া একেবাৰে মিষ্টাৰ গুডিনাফে প্ৰথম তেল পোৱাৰ ঘটনাটোৰ দৰেই লাগিছেঅনুপমাই কলে।
এৰা তেলৰ বৃহৎ ভাণ্ডাৰত উপনীত হোৱাৰ অনুভৱ সকলোৰে বাবে একেই। আৰু মাত্ৰ দুফুট মান খনন কৰাৰ পিচতে তেওঁ খনিজ তেলৰ এটা বৃহত ভাণ্ডাৰত উপনীত হল। হঠাতে ভূ গৰ্ভৰ পৰা বিকট শব্দ কৰি তেল উঠি আহি পাইপ ওফৰাই পঠিয়ালে। তেলৰ ফোৱাঁৰা প্ৰায় ৪০ ফুট ওপৰলৈ উঠিল। তেলৰ বৰষুণে কাম কৰি থকা বনুৱা বোৰক বুৰাই পেলালে। সেই খাদটোৰ পৰা প্ৰচুৰ পৰিমানৰ খনিজ তেল উত্পাদিত হল। ইয়াৰ পিচত ডিগবৈ খাদ নং ৪ ৰ পৰাও ৯১০ ফুট গভীৰতাৰ পৰা তেল উত্পাদিত হয়
অনুপমাই কলে, “মোক সৰুতেই দেউতাই শিকাইছিল যে মানুহে কেতিয়াও আশা এৰি দিব নালাগে। যিবোৰ মানুহে প্ৰথমতে সফল হব নোৱাৰিলেও আশা এৰি নিদি কামত লাগি থাকে, তেওঁলোককহে সৌভাগ্যই সহায় কৰে। এই কাহিনীটোৰ পৰাও আমি ইয়াকেই শিকিব পাৰোঁ
সেইদিনা আৰু কেইফুট মান খনন নকৰা হলে তাহানিতে ডাৰ্বি নামৰ ব্যক্তিজনে মাত্ৰ তিনি ফুট অধিক খনন নকৰাৰ বাবে আমেৰিকাৰ সৰ্ব বৃহৎ সোণৰ খনি আৱিস্কাৰ কৰিবলৈ ব্যৰ্থ হোৱাৰ দৰেই হল হেঁতেন। সৌভাগ্যৰ কথাই আছিল যে সেইদিনা মিষ্টাৰ স্লেকৰ ভাতৃয়ে আৰু কেইফুট মান খন্দাৰ সিদ্ধান্ত ললেকেভিনে কলে।
তাৰ মানে সেই সময়ত বেছিভাগ আৱিস্কাৰেই সৌভাগ্যক্ৰমে হোৱা আৱিস্কাৰ আছিল”, ক্লাৰাই কলে।
কেভিনে কলে, “এৰা, সেই সময়ত খননৰ কাৰণে স্থান নিৰ্বাচন কৰোঁতে কোনো ধৰণৰ ভূ তাত্বিক জৰীপ বা আন বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ হোৱা নাছিল। বহুত ক্ষেত্ৰত মাটিৰ পৰা আপোনা আপুনি তেল নিগৰি থকা এলেকা বোৰতে খনন কৰা হৈছিল। অৱশ্যে খনিজ তেল উত্পাদনত ধাৰাবাহিক সফলতা লাভ কৰি থকাৰ কাৰণে এই বিষয়ত কোম্পানীটোক কোনেও প্ৰশ্ন কৰা নাছিল। ১৮৯৩ চনৰ শেষ ভাগলৈ মুঠতে দহটা খাদৰ পৰা তেলৰ উত্পাদন কৰিব পৰা হৈছিল। দুস্প্ৰাপ্য খনিজ তেলৰ আৱিস্কাৰে ব্ৰিটিছ চৰকাৰক আনন্দিত কৰিলে। চৰকাৰে ডিগবৈ অঞ্চলত আৰু অধিক খনন কাৰ্য্য কৰি যাবলৈ কোম্পানীক অনুমোদন দিলে
অনুপমাই কলে, “সেই সময়ত এই খনন কাৰ্য্য কিমান যে চাগে প্ৰত্যাহ্বান পূৰ্ণ আছিল নহয়নে? আৰু তেতিয়াতো অসমত শোধনাগাৰেই নাছিল। তেল উত্পাদন কৰি তেওঁলোকে ব্যৱহাৰ কেনেকৈ কৰিছিল”?
কেভিনে হাঁহি মাৰি কলে, “ডিগবৈ চহৰৰ ছোৱালী হৈ তুমি সেই সময়ৰ শোধনাগাৰৰ কথা নাজানা নেকি”?
নাই, মই সঁচাকৈয়ে নাজানো। তেওঁলোকে চাগে বিশেষ ধৰণে শোধনৰ কাম কৰিছিলনজনা কথা নাজানো বুলি কবলৈ অনুপমাই লাজ নকৰে।
কেভিনে আকৌ কলে, “তুমি ঠিকেই ধৰিছা, উত্পাদিত তেল ব্যৱহাৰৰ কাৰনে কোম্পানীটোৱে এটা শোধনাগাৰ নিৰ্মাণৰ কথাও চিন্তা কৰিবলগীয়া হল। মই কৈছোঁৱেই সেই সময়ত কয়লা খনিৰ কাম আৰম্ভ হোৱা বাবে মাৰ্ঘেৰিটা অঞ্চলটো এখন সৰু নগৰৰ ৰূপ লৈছিল। ১৮৯৪ চনত মাৰ্ঘেৰিটাত এটা সৰু শোধনাগাৰ স্থাপন কৰা হল আৰু ডিগবৈৰ পৰা ৰেল যোগে খাৰুৱা তেল এই শোধনাগাৰটোলৈ পঠিওৱাৰ ব্যৱস্থা হল। প্ৰায় ৭ বছৰ কাল এই শোধনাগাৰটোত খাৰুৱা তেলৰ প্ৰাথমিক শোধনৰ ব্যৱস্থা কৰা হল। ডিগবৈ শোধনাগাৰ ১৯০১ চনৰ পৰাহে কাৰ্য্যক্ষম হৈ উঠিছিল
অনুপমা, মন কৰিছানে, কেভিনে ডিগবৈৰ কথা তোমাতকৈও বেছিকৈ জানে। মই এতিয়াহে বুজিলোঁ, অনবৰত কিতাপৰ মাজত মুৰ গুজি সি এইবোৰকে পঢ়ি থাকে”, খিলখিলকৈ হাঁহি ক্লাৰাই কলে।
সেই ঠাইৰ পৰা দেখা পোৱা ডিগবৈ শোধনাগাৰটোলৈ আঙুলিয়াই অনুপমাই কলে, “সেয়া চোৱা ডিগবৈ শোধনাগাৰ। এশ বছৰ সম্পূৰ্ণ কৰা এই শোধনাগাৰটো বোলে এতিয়া বিশ্বৰ আটাইতকৈ পুৰণি কাৰ্য্যক্ষম শোধনাগাৰ। শোধনাগাৰটো তোমালোকক দেখুৱাবলৈ নিলে কেভিনে মোক চাগে আৰু লাজ দিব, কাৰণ ডিগবৈৰ ছোৱালী হৈও মই শোধনাগাৰটোৰ বিষয়ে বিশেষ একো নাজানো
কেভিনে হাঁহি মাৰি কলে, “চিন্তা নকৰিবা অনুপমা, আমি দুয়োৱে দুয়োৰে পৰা বহুত কথা শিকিব লগীয়া আছে

সেইটো অঞ্চলতে থকা ডিগবৈ খাদ নং ১ লৈয়ো তেওঁলোক গল। খাদটো এটা স্মাৰক হিচাপে সুৰক্ষিত কৰা আছে। পিছে খাদটো একেবাৰে ওচৰৰ পৰা চাবলৈ হলে অয়ল ছেণ্টিনেৰী মিউজিয়ামৰ প্ৰৱেশ পথেদি সোমাব লগীয়া হয়।  মিউজিয়াম চোৱাৰ কাৰ্য্যসূচী পিছলৈ ৰখা বাবে সেইদিনা তালৈ তেওঁলোক নগল। তৈলক্ষেত্ৰ অঞ্চলত কিছু সময় ঘুৰি ফুৰি দুপৰীয়াৰ আহাৰ কৰিবলৈ তেওঁলোক অনুপমাৰ ঘৰলৈ আহিল।

Friday, October 6, 2017

খণ্ড ২১

ৰাতি মুকলি ঠাইত কুঁৱলীৰ প্ৰকোপ বেছি হয় বৰুৱাই প্ৰায় খুপি খুপি কম বেগত গাড়ী চলাবলগীয়া হৈছে কেভিনে তেওঁৰ দিগদৰ্শীৰ ভূমিকা লৈ মাজে মাজে বাটত শুই থকা গৰু, বাটৰ গতিৰোধক, ৰাস্তাৰ গাঁত আদিৰ বিষয়ে সাৱধান কৰি দিছে
জোৰাজান হাবিৰ মাজত কুৱঁলীৰ প্ৰকোপ মুকলি ঠাইতকৈ কম দুয়োপিনে ওখ ওখ গছ আৰু ডাঠ হাবি দেখি কেভিনে সুধিলে, “আমি গভীৰ অৰণ্যৰ মাজেৰে গৈ থকা যেন লাগিছে এনে অৰণ্যত বনৰীয়া জীৱ জন্তু নোলায়নে”?
ইমান পৰে কোনেও কথা কোৱা নাছিল পিছৰ আসনত আটাই কেইগৰাকীৰ চকু তন্দ্ৰাত জাপ খাই আহিছিল কেভিনৰ প্ৰশ্নটো শুনি বৰুৱাই অলপ চক খোৱাৰ দৰে হৈ কলে, “ওলায়, ওলায় এইখন হাবিত বনৰীয়া হাতী ওলায়েই থাকে
বৰুৱাই কথাটো কোৱাৰ পিছত অলপ দূৰ গৈয়েই গাড়ীখন ব্ৰেক মাৰি ৰখাব লগীয়া হ কেভিনে ভালদৰে চাই দেখিলে ৫০ ফুট মান দূৰত ৰাস্তাৰ ওপৰত বিপৰীত ফালে মুখ কৰি থকা এজনী হাতী আৰু এটা পোৱালি
বৰুৱাই কলে, “মই কৈছিলোঁহে মাত্ৰ, চোৱা দেখা দিলেই সেইজনী লগত পোৱালি থকা মাইকী হাতী এনেকৈ লগত পোৱালি থকা হাতী খুব হিংস্ৰ হয় সিহঁতে ৰাস্তাৰ পৰা আঁতৰি নোযোৱালৈকে আমি অলপ পৰ ৰৈ দিব লাগিব
কেভিনে কলে, “হাতীকেইটাই যদি আমাক আক্ৰমণ কৰে”?
বৰুৱাই কলে, “সিহঁতক নোজোকালে সাধাৰণতে একো অপকাৰ নকৰে মই এইটো ৰাস্তাৰে আহোঁতে বহুত বাৰ হাতী পাইছোঁ শীত কালৰ এই সময়টো পথাৰত ধান পকাৰ সময় সেই কাৰনে পকা ধান খাবলৈ সিহঁত হাবিৰ পৰা ওলাই আহে
এইটো মই নতুন কথা শিকিলোঁ হাতীয়ে পকা ধান খায় বুলি নাজানিছিলোঁ
হাতীৰ লুণীয়া পানীও বৰ প্ৰিয় যিবোৰ ঠাইত ড্ৰিলিং কৰা হয়, সেইবোৰ ঠাইত ভূগৰ্ভৰ পৰা ওলাই অহা লুণীয়া পানী ৰখা পুখুৰী কিছুমান থাকে সেই লুণীয়া পানী খাবলৈ হাতীবোৰ অৰণ্যৰ পৰা ওলাই আহে কেতিয়াবা পানী বিচাৰি আহি খাদৰ সা সৰঞ্জাম আৰু মানুহৰ ক্ষতি সাধনো কৰে
মই আশা কৰিছোঁ আজি আমি যেন হাতীৰ আক্ৰমণৰ সন্মুখীন হব লগীয়া নহওঁ খঙাল হাতীয়ে সকলো মহতিয়াই মানুহ আৰু সা সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন কৰে বুলি শুনিছোঁ
এতিয়া আমি গাড়ীৰ হেড লাইট জ্বলাই ৰাখি, গাড়ী ষ্টাৰ্ট বন্ধ নকৰাকৈ সিহঁতে বাটটো এৰি দিয়ালৈ অপেক্ষা কৰিব লাগিব গাড়ীৰ হেড লাইটৰ পোহৰে চকুত চাট মাৰি ধৰে কাৰনে সিহঁতে সাধাৰণতে গাড়ীৰ ওচৰলৈ আহিবলৈ ভয় কৰে যদি সুবিধা পাওঁ তত্ক্ষণাত  পলাবলৈও আমি সাজু থাকিব লাগিব সেই কাৰনে গাড়ীখন ষ্টাৰ্টত ৰাখি থৈছোঁ
ইতিমধ্যে পিছৰ আসনত বহি যোৱা আটায়ে সাৰ পালে
ক্লাৰা, চোৱা আমাৰ সন্মুখত সৌটো এটা মাইকী হাতী আৰু পোৱালি কেভিনে উচ্ছাসেৰে কলে
ক্লাৰাই ঘটনাটোত আমোদ পালেৱাহ অৰণ্যৰ মাজত আমি সমুখত এটা পোৱালিৰ সৈতে এজনী হাতী কিযে ৰোমাঞ্চকৰ ঘটনা ইচ আজি মোৰ কেমেৰাটো থকা হলে এটা আপুৰুগীয়া দৃশ্য সংগ্ৰহ কৰিব পাৰিলোঁহেতেন মই প্ৰশান্তক খুজি তাৰ কেমেৰাটোকে লৈ আহিব লাগিছিল
অনুপমাই কলে, “এনেকৈ বাটত হাতী ওলালে আমি ভগৱান গণেশক প্ৰাৰ্থনা কৰোঁ হাতীমূৰীয়া ভগৱান গণেশৰ কথা শুনিছানে ক্লাৰা”?
ক্লাৰাই উচ্ছাসেৰে কলে, “শুনিছোঁ, শুনিছোঁ মোৰ এজন ইণ্ডিয়ান বন্ধু আছিল, বোম্বেৰ তেওঁ লগত এটা সৰু গণেশৰ মুৰ্তি ৰাখিছিল
আইতাকে ক্ষীণ মাতেৰে কলে, “আমি যেতিয়া সৰুতে ডিগবৈলৈ আহিছিলোঁ, তেতিয়া দেউতাৰ মুখত হাতীৰ উপদ্ৰৱৰ কথা শুনিছিলোঁ হাতীয়ে কেতিয়াবা জাক পাতি আহি বোলে গাওঁ বোৰ তহিলং কৰিছিল হাবিৰ মাজত থকা তেলৰ খাদ বোৰত থকা বয় বস্তু, ঘৰ ভাঙি চিঙি থৈ গৈছিল জুই দেখিলে বোলে হাতীয়ে ভয় খায় সেয়ে তেতিয়া ওৰে ৰাতি জোৰ জ্বলাই হাতীৰ অত্যাচাৰৰ পৰা ৰক্ষা পোৱাৰ উপায় কৰিছিল
হাতী দুটা কাষৰ হাবিলৈ সোমাই যোৱাৰ উম ঘাম নাছিল সময় যেন ৰৈ গৈছিল দুটা থম থমকৈ ৰৈ থকা বন্য প্ৰাণী আৰু অসহায় গাড়ীৰ ভিতৰত কেইজনমান মানুহ
হঠাতে কেভিনেহেৰা হাতী, শুনিছানে, আমাক যাবলৈ দিয়া”, বুলি কৈ গাড়ীৰ হৰ্ণটো বজাই দিলে
বৰুৱাইহেই কি কৰিছাবুলি চিঞৰ মাৰি উঠিল তেওঁ লগে লগে কলে, “এনে সময়ত সৰু গাড়ীত থাকিলে কেতিয়াও হৰ্ণ মাৰিব নালাগে হৰ্ণ মাৰিলে হাতীয়ে সিহঁতক আক্ৰমণ কৰিবলৈ ওলোৱা বুলি ভাবে আৰু চোঁচা লৈ আহিব পাৰে অৱশ্যে ডাঙৰ গাড়ীত থাকিলে হৰ্ণ বজালে কেতিয়াবা ৰাস্তা এৰি দিয়ে
বৰুৱাৰ অনুমান সঁচা হ হৰ্ণ মৰাৰ পিছতে বিপৰীত দিশে মুৰ কৰি থকা মাখুন্দী জনীয়ে ঘুৰি ললে আৰু পোনে পোনে গাড়ীখনৰ দিশত আগুৱাই আহিবলৈ ধৰিলে পিছে পিছে পোৱালিটো শুৰ ডাল ডাঙি এটা বিকট শব্দ কৰি হাতী জনীয়ে খং উঠাৰ ইংগিত দিলে
ও মাই গডবুলি ক্লাৰাই চিঞৰি উঠিল
কেভিনে ভয়ত চিঞৰ মাৰি দিলে, “আংকল, কি হব এতিয়া”?
বৰুৱাই একো নকৈ গাড়ীত বেক গিয়েৰ লগালে আৰু পিছ পিনে ঘুৰি চাই গাড়ীখন পিছুৱাবলৈ ধৰিলে পিছ পিনে আৰু এখন গাড়ী আছিল বৰুৱাই গাড়ীখন বেক কৰা দেখি সেইখন গাড়ীয়েও পিছুৱাবলৈ ধৰিলে আগপিনে ক্ৰমশ: বেগাই খোজ লৈ খেদি অহা এজনী ক্ৰুদ্ধা মাইকী হাতী আৰু পিছপিনে আন এখন পিছুৱাবলৈ ধৰা গাড়ী শ্বাসৰুদ্ধকাৰী মূহুৰ্ত কেইটামান কেভিনে ঘুৰি লৈ পিছপিনে চাই বৰুৱাক গাড়ী চলাবলৈ নিৰ্দেশ দি থাকিল ক্লাৰাই ভয়তে মুৰটো দুই হাত আৰু আঠুৰ মাজত গুঁজি দিলে অনুপমাই হাত জোৰ কৰি গণেশক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে নেন্সিয়ে ডিঙিত অঁৰি লোৱা ক্ৰছটো চুই থাকিল
ভাগ্য ভাল আছিল তেনেতে বিপৰীত দিশৰ পৰা এখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী চাইৰেন বজাই বজাই আহি সেইখিনি পালে সেই গাড়ীখনৰ তীব্ৰ পোহৰৰ হেড লাইট আৰু চাইৰেণৰ শব্দত মাইকী হাতী জনী ভয় খাই ৰৈ গ তাই পুনৰ ঘুৰি বিপৰীত দিশৰ পৰা আহি ৰৈ যোৱা ডাঙৰ আকাৰৰ গাড়ীখনলৈ চালে হয়তো দুয়োদিশৰ পৰা অহা হেডলাইটৰ পোহৰে তাইক বিমূঢ় কৰি তুলিলে তাই শুৰ ডাল ডাঙি আৰু এটা বিকট চিঞৰ মাৰি লাহেকৈ কাষৰ হাবিডৰালৈ সোমাই গ পিছে পিছে পোৱালিটোও নামি গ
হাতী কেইটা হাবিলৈ সোমাই যোৱা দেখি আটায়ে স্বস্তিৰ নিশ্বাস পেলালে বৰুৱাই তেতিয়াহে অনুভৱ কৰিলে জাৰৰ দিনতো তেওঁৰ সৰ্ব শৰীৰ ঘামি গৈছে হাতী কেইটা আঁতৰি যোৱাৰ পিছতো প্ৰকৃতিস্থ হবলৈ তেওঁৰ যেন অলপ সময় লাগিল চশমা জোৰ ৰুমালেৰে এবাৰ মচি ললে
কেভিনে কলে, “আংকল, আপুনি ঠিকে আছেনে”? বৰুৱাই বুকুত ঢিপঢিপনিটো তেতিয়ালৈ অনুভৱ কৰি আছিল যদিওমই ঠিকে আছোঁ”, বুলি কৈ তেওঁ গিয়েৰ সলনি কৰি গাড়ী সমুখলৈ চলাই দিলে অনুপমাই দেউতাকক গাড়ী লাহে লাহে চলাবলৈ কলে তাই নিজে গাড়ী চলাব জানে যদিও ৰাতি অৰণ্যৰ মাজত চলাবলৈ তাইৰ আত্মবিশ্বাসৰ অভাৱ
জোৰাজান হাবি পাৰ হোৱাৰ পিছতহে বৰুৱাই গাড়ীৰ গতি বঢ়ালে
হৰিকায়ে কেতিয়াবাৰ পৰা ভাত পানী ৰান্ধি ৰখি আছিল বৰুৱাই মুৰ্গীৰ মাংসৰে বেছি মছলা নিদিয়াকৈ ভাত বনাই ৰাখিবলৈ কৈ গৈছিল বৰুৱাই আঠ মান বজাতে পাবহি বুলি কৈ গৈছিল যদিও দহ বজালৈকে আহি নোপোৱাত তাৰ অলপ চিন্তা হ বাটত আন কিবা অসুবিধা হব পাৰে বুলিও তাৰ শংকা হ ৰন্ধা আঞ্জাবোৰ ঠাণ্ডা হৈ যোৱা দেখি সি আকৌ সেইবোৰ গৰম কৰিবলৈ যো জা কৰিবলৈ ধৰিলে
চাৰে দহ বজাৰ লগে লগে গেটৰ সমুখত গাড়ীৰ হৰ্ণ শুনি হৰিকায়ে লৱৰি গৈ গেটখন খুলি দিলে
হৰিকাইৰ গাটো সাতখন আঠখন হ এই ঘৰখনত বহুত আলহী পাইছে যদিও ঘৰত থাকিবলৈ অহা বিদেশী আলহী সি কেতিয়াও পোৱা নাই
এয়া হৰি আমাৰ ঘৰখন এৱেঁই চোৱা চিতা কৰে”, বৰুৱাই হৰিকাইক দেখুৱাই কলে
ৱাও হেৰী মোৰ এটা ভাইটীৰ নাম”, ক্লাৰাই কলে তাই হৰি নামটো হেৰী বুলি শুনিলে
ঠিক আছে ক্লাৰা, তুমি এওঁক হেৰী বুলিয়েই মাতিবা তেওঁ ইংৰাজী নুবুজে কিন্তু তেওঁ তোমালোকৰ সকলো প্ৰকাৰে খেয়াল ৰাখিব
হৰিকাই আৰু কেভিনে মিলি বস্তু বাহানিবোৰ ভিতৰ সুমুৱালে গাড়ীৰ পৰা নামি খটখটীৰে ওপৰলৈ যাওঁতে অনুপমা আৰু ক্লাৰাই আইতাকক ধৰি লৈ গ ওপৰৰ বাৰণ্ডাত থকা চোফাতে ক্লাৰা আৰু আইতাক বহিল কেভিন আৰু দেউতাকো আহি সেইখিনিতে ৰলহি
এইটোৱেই মোৰ ঘৰ ৱেলকাম টু ডিগবৈ অনুপমাই এক বিশেষ ভংগিমাত কলে
ঘৰটোৰ চাৰিওপিনে চকু ফুৰাই ক্লাৰাই কলে, “মোৰ গভীৰ অৰণ্যৰ মাজত এখন ধুনীয়া ৰিজৰ্টত আহি পোৱা যেন লাগিছে সঁচাকৈয়ে বৰ ধুনীয়া পৰিৱেশ ঘৰটোও ইমান ভাল লাগিছে
কাইলৈ ৰাতিপুৱা বাৰাণ্ডাৰ পৰা চাৰিওফালে চালে তোমাৰ আৰু ভাল লাগিব অনুপমাই কলে
এইবোৰ কথা শুনিলেই মোৰ কেমেৰাটোৰ কথা মনলৈ আহে মই কেমেৰাটো কিমান যে মিছ কৰিছোঁ
তোমালোকে আটায়ে ভিতৰলৈ বলা ইয়াত বাহিৰত খুব ঠাণ্ডা বেছি সময় বাহিৰত থাকিলে বেমাৰ হৈ যাব অনুপমাৰ দেউতাকে কলে
আইতাকক বহা কোঠাতে বহিবলৈ দি অনুপমাই ঘৰৰ কোঠা কেইটা ক্লাৰা আৰু কেভিনক দেখুৱালে আলহী থকা কোঠাত আইতাক আৰু কেভিনৰ বিচনা কৰা হৈছিল অনুপমাৰ কোঠাত তাইৰ লগত ক্লাৰাৰ শোৱাৰ ব্যৱস্থা কৰা হৈছিল ঢকঢকীয়া বগা বিচনা চাদৰ পাৰি থোৱা বিচনা খন দেখি ক্লাৰাই ভাল পালে
বিচনাখন দেখিয়েই মোৰ বাগৰি দিবলৈ মন গৈছে ইমান ধুনীয়কৈ পৰা আছে এয়া নিশ্চয় হেৰীৰ কাম নহয়নে”?
অনুপমাই হাঁহিলেতুমি ঠিকেই ধৰিছা ক্লাৰা
হৰিকায়ে দুইটা বাথৰূমতে বাল্টিত কুহুমীয়া পানী আৰু গা মচিবলৈ একোখন নতুন টাৱেল থৈ দিছিল অনুপমাই দেখুৱাই দিলে এটা এটাকৈ ক্লাৰা আৰু কেভিনে কাপোৰ সলাই গা ধুলে আইতাকক তাই নিজেই কাপোৰ সলাই গা ধোৱাত সহায় কৰি দিলে
আলহীক কিবা লাগিব নেকি সেইটো ভাবত সি কেইবা বাৰো অহা যোৱা কৰি থাকিল অনুপমাকো দুবাৰ মান সুধিলে পাকঘৰতো ঠাণ্ডা হবলৈ ধৰা ভাত আঞ্জাবোৰ সি এবাৰ গৰম কৰিলে ডাইনিং টেবুলখনত খোৱা বস্তুবোৰ ধুনীয়াকৈ সজাই থলে নেপকিন আৰু চামোচবোৰ অনুপমাই দেখুৱাই দিয়া ধৰণে সজালে
সি ভাবিলে, আজি আইদেউ থাকিলে কিমান যে ভাল পালেহেঁতেন
মছলা নিদিয়াকৈ লাই শাকেৰে ৰন্ধা মুৰ্গীৰ ব্যঞ্জন, বেঙেনা পোৰা, ঢেকীয়া শাকৰ ভাজি আৰু আলু পিটিকাৰে ভাত খাই আটাইকেইজন আলহীয়ে বৰ ভাল পালে আইতাকক বেছিকৈ সিজোৱা ভাতৰ লগত মাংসৰ জোল ফেনেকি খুৱালে তেওঁ বৰ তৃপ্তিৰে খালে
ক্লাৰাই অনুপমাক কলে, “মই অহাৰ আগলৈকে শুনি আছিলোঁ, ইণ্ডিয়ান খাদ্যত খুব মছলা থাকে, খুব স্পাইছি সেই কাৰনে মোৰ খোৱা বোৱাকলৈ খুব চিন্তা হৈছিল কিন্তু তোমালোকৰ খাদ্যটো একেবাৰে স্পাইছি নহয় লগতে ইমান সোৱাদো
অনুপমাই কলে, “ময়ো ভয় খাই আছিলোঁ, আমাৰ খাদ্য খাই তোমালোকে কেনে পোৱা মোৰ সঁচাকৈয়ে ভাল লাগিছে যে তোমালোকে খাই ভাল পাইছা
কেভিনে কলে, “মই এতিয়ালৈ বহুতো বেলেগ বেলেগ খাদ্যৰ জুটি লৈছোঁ, মোৰ বোধেৰে থাই আৰু চীনা খাদ্যৰ পিছতে অসমীয়া খাদ্য খাবলৈ ভাল
অনুপমাই কলে, “মই তোমালোকক আমাৰ জনজাতিবোৰৰ পৰম্পৰাগত খাদ্যও খুৱাম ৰবা তেওঁলোকৰ কিছুমান খাদ্যই থাই আৰু চীনা খাদ্যৰ লগতো ফেৰ মাৰিব পাৰে
খোৱা বোৱা হোৱাৰ পিছত হৰিকায়ে বটা এখনত তামোল পান উলিয়ালে আইতাকৰ চকু দুটা উজ্বলি উঠিল তামোল পান খিনি চাই তেওঁ কলে, “এয়া পৃথিৱীৰ আটাইতকৈ ভাল মাউথ ফ্ৰেছনাৰ মই তাহানিতে দেখিছিলোঁ
কেভিনে আগ্ৰহ দেখুওৱা কাৰণে অনুপমাই তামোলৰ টুকুৰা এটা পান এখনত এচমকা চুণ লগাই খাবলৈ শিকাই দিলে কেভিনে চোবাই চালে তাৰ খুব ভাল নালাগিল
তামোল পানৰ এই যুটিটো ইয়াত খুব জনপ্ৰিয় খালে কেতিয়াবা অলপ নিচা ধৰাৰ দৰে হয় আৰু কেতিয়াবা মুৰ ঘূৰায় সেই কাৰণে সোৱাদ লৈ চোবাটো পেলাই দিয়া তাই কেভিনক কলে
কেভিনে ক্লাৰাক দেখুৱাই সুধিলে তাই খাই চাব নেকি? তাই নাখায় তাই কেভিনলৈ ইছাৰা কৰিলে যে তাই ছিগাৰেট এটা খোৱাৰহে আৱশ্যকতা অনুভৱ কৰিছে কেভিনে তাইক সংগ দিব লাগে
কেভিনে খোজ কাঢ়ি আহোঁ বুলি কৈ ক্লাৰাৰ লগত ওলাই গৈ চৌহদতে খোজ কঢ়িলে দুয়ো দুটা ছিগাৰেট জ্বলাই ললে
অনুপমাৰ দেউতাকে তামোল চোবাই চোবাই কেভিনৰ আইতাকৰ ওচৰত বহিল অনুপমাই হৰিকাইক অলপ সহায় কৰিলে
আপোনাক লগ পাই বৰ ভাল লাগিছে অসমৰ কথা আপোনাৰ কি কি মনত আছে”?
আইতাকৰ মুখ খন উজ্বলি উঠিল, “আছে, আছে বহুত কথাই মনত আছে এয়া মোৰ জন্মভূমি পিছে এতিয়া সকলো সলনি হৈ গ
বৰুৱাই কলে, “অনুপমাই মোক মধুপুৰ বাগিচা আৰু ৰঙাজান গাৱঁৰ কথা কৈছিল
হয় হয় মই সৰুতে দেখা এই দুখন ঠাইৰ কথা মই অনুপমাক কৈছিলোঁ তেওঁ আগ্ৰহেৰে বৰুৱাৰ মুখলৈ চালে
মই খবৰ কৰিছিলোঁ পিছে এতিয়া দুয়োখনৰে কোনো অস্তিত্ব নাই মধুপুৰ বাগিচাক এখন ডাঙৰ বাগিচাই আৰু ৰঙাজান গাৱঁক  ডিব্ৰুগড় চহৰে সাঙুৰি ললে
এৰা বহুত দিন পাৰ হৈ গ তথাপিও এবাৰ সেইবোৰ ঠাই চাই আহিবলৈ বৰ মন আছে মই ডাঙৰ দীঘল হোৱা ডিব্ৰুগড় চহৰ খন এবাৰ চাবলৈ পোৱাৰ হেপাহতে মই ইমান দুৰ ঢপলিয়াই আহিছো্ঁ
বৰুৱাই কলে, “নিশ্চয়, মোক অনুপমাই কৈছে আপোনাক ডিব্ৰুগড়লৈ এদিন লৈ যোৱাৰ কথা
অনুপমা আহি আইতাকৰ ওচৰতে বহিলআপুনি এতিয়া জিৰণি লওক আইতা ৰাতি ভালেখিনি হ তাই কলে
আইতাকক অনুপমাই বিচনাত শুৱাই থৈ আহিল দেউতাকো তেওঁৰ কোঠালৈ গ
কেভিন আৰু ক্লাৰাই বাৰাণ্ডাৰ চোফাত বহিল
ক্লাৰা, তুমি আহি পোৱাৰ কথা তোমাৰ মা দেউতাক জনালানে”? ক্লাৰালৈ চাই কেভিনে সুধিলে
নাই, জনোৱাৰ একো প্ৰয়োজনো নাই জনালেনো কি হ? মই মৰি যোৱা খবৰ পালেও তেওঁলোকৰ অকণো দুখ নালাগে তাইৰ এটা হুমুনিয়াহ ওলাই আহিল
তথাপিও এবাৰ জনাই দিয়া ক্লাৰা এইটো তোমাৰ কৰ্তব্য তোমাৰ মায়ে চিন্তা কৰি থাকিব পাৰে
কেভিনৰ ফোনটো লৈ ক্লাৰাই তাইৰ মাকৰ লগত কথা পাতিলে তাই ইমান দুৰ আহি পোৱাৰ খবৰটোৱে তাইৰ মাকৰ মনত কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰিলে
তোমালোকৰ টোপনি ধৰা নাই নে? আমি সকলোৱে এতিয়া বিচনালৈ যোৱা উচিত অনুপমাই ওলাই আহি কলে
তুমিও অলপ বহাচোন অনুপমা আমি কাইলৈৰ কাৰণে এটা পৰিকল্পনা কৰি লওঁ
অনুপমা বহিল কেভিনে যে পৰিকল্পনাক খুব গুৰুত্ব দিয়ে তাই জানে
আমি ডিগবৈৰ পৰা এফালে লিডুলৈ আৰু আনফালে মাকুমলৈ এই সমগ্ৰ অঞ্চলটো এবাৰ ভালদৰে চাব লাগিব সমগ্ৰ অঞ্চলটোৰ লগত পৰিচিত হব পাৰিলেহে আমাৰ কাম আগবাঢ়িব এয়া কাইলৈ সম্ভৱ হবনে অনুপমা কেভিনে কলে
কাইলৈ ৰাতিপুৱা ন বজাত গাড়ী এখন আহিব মই ভাবিছোঁ কাইলৈ তোমালোকে ডিগবৈ তৈলক্ষেত্ৰকে চোৱা ডিগবৈ তৈলক্ষেত্ৰ চাবলৈকো কিছু সময় লাগিব আমি আকৌ পিছবেলা ক্লাৰাৰ কেমেৰাটোৰ কাৰণে এয়াৰপোৰ্ট যোৱা কামটো আছে
অ কেমেৰাৰ বেগটো আনিবলৈ আমিতো যাবই লাগিব তুমি ঠিকেই ভাবিছা পমা কাইলৈ খুব বেছি ঘূৰি ফুৰিবলৈ মোৰ এনেয়ো মন নাই আইতাৰো ঘূৰি ফুৰিবলৈ ভাগৰ লাগিব ক্লাৰাই কলে
মই ভাবিছোঁ, কাইলৈ আইতাই ঘৰতে জিৰণি লওক আইতা ঘৰত থাকিলে ময়ো আইতাৰ লগতে থাকিব লাগিব তোমালোক দুয়ো চাই আহিবা ড্ৰাইভাৰ জনে তোমালোকক সহায় কৰিব
নহয় অনুপমা তুমি কাইলৈ আমাৰ লগত ওলাবা আমাৰ বাবে এইখন একেবাৰে নতুন ঠাই আমি একো আও ভাও নাপাওঁ স্থানীয় ভাষাটোও আমি নাজানো তুমি লগত থাকিলে আমাৰ বৰ সুবিধা হ কেভিনে কলে
কিন্তু আইতাক ঘৰত অকলে হৰিকাইৰ লগতে কেনেকৈ এৰি যাম অনুপমাই চিন্তা কৰিলে
প্ৰয়োজন হলে আইতাকো লৈ যাম দিয়া আমি ওচৰতেই ঘূৰি ফুৰিম নহয় জানো কেভিনে কলে
মই কিবা এটা ব্যৱস্থা কৰিম ৰবা আইতাক অলপ জিৰণি দিয়াটোও প্ৰয়োজন কেভিন
কেভিন আৰু ক্লাৰা নিজৰ নিজৰ বিচনালৈ যোৱাৰ পিছত অনুপমা হৰিকাইৰ ওচৰলৈ গ ঘৰৰ পোহনীয়া কুকুৰ লাইকাক ইমান সময় নেদেখি তাইৰ চিন্তা হৈছিল হৰিকায়ে তাইক তেতিয়াহে খবৰ দিলে, কেইদিনমান আগতে লাইকা জনী মৰিল অনুপমাৰ পৰীক্ষা চলি থকা কাৰণে দেউতাকে তাইৰ মন বিচলিত হব পাৰে বুলি ভাবি খবৰটো নিদিলে লাইকা মৰাৰ খবৰ পাই তাইৰ দুখ লাগিল
কি কৰিবা আইজনী, আমি তুমি আহি পোৱালৈ তাইক বচাবলৈ চেষ্টা কৰিছিলোঁ, পিছে তাই নাবাচিল হৰিকায়ে কলে
এৰা হৰিকাই ময়ো এই কেইদিন কামৰ হেঁচাত এদিনো তাইৰ খবৰ নললোঁ
যি হব লগীয়া আছিল, হৈ গ এতিয়া তুমি আগলৈ কি কৰিবা তাকেহে চিন্তা কৰা হৰিকায়ে কেতিয়াবা বৰ বিজ্ঞ লোকৰ দৰে কথা কয়
অনুপমাই হৰিকাইৰ লগত আইতাকৰ আলপৈচানৰ বিষয়ে আলোচনা কৰিলে তাই অনুভৱ কৰিলে যে আইতাকৰ সহায়ৰ কাৰনে এগৰাকী মাইকী মানুহৰ প্ৰয়োজন তাই হৰিকাইক যেনে তেনে এজনী আল ধৰা ছোৱালী বিচাৰিবলৈ কলে হৰিকাই কেও কিছু নোহোৱা মানুহ সিনো ফটকৈ কৰ পৰা ছোৱালী এজনী বিছাৰি আনে?
হৰিকাইৰ আচল ঘৰ ধেমাজিত সৰুতে ডাঙৰ বানপানী এটাত তাৰ ঘৰৰ সকলো মানুহ নৈৰ সোঁতত উটি গৈ মৰি থাকিল সিহে ঘৰৰ মুধচত উঠি কোনোমতে ৰক্ষা পৰিল তাক উদ্ধাৰকাৰীৰ দলে উদ্ধাৰ কৰি ডিব্ৰুগড়লৈ লৈ আহিছিল কেইদিনমান আশ্ৰয় শিবিৰত থকাৰ পিছত যেতিয়া বান পানী শুকাল, তাক নিজৰ ঘৰলৈ উভতি যাবলৈ কোৱা হৈছিল পিছে সি নগ মাক, দেউতাক, দুটা ভায়েক আৰু ভনীয়েক জনী নোহোৱা, বানে উছন কৰা ঘৰলৈ উভতি যাবলৈ তাৰ সত নগ ডিব্ৰুগড়তে সি হোটেলৰ বাচন ধোৱা, মাটি কটা আদি সৰু সুৰা কাম কৰি থাকিবলৈ ললে এদিন হাজিৰা কৰিবলৈ সি দেৱীচৰণ সেন উকিলৰ ঘৰলৈ গৈছিল তাৰ অমায়িক ব্যৱহাৰত মুগ্ধ হৈ দেৱীচৰণ উকিলে তাক তেওঁৰ ঘৰতে আলধৰা হিচাপে ৰাখি থলে উকিলৰ ঘৰতে তেওঁৰ পৰিবাৰৰ তত্বাৱধানত সি ঘৰুৱা কাম কাজ বোৰ শিকি ললে সি অতি বিশ্বাসী আৰু নিপুন লগুৱা হিচাপে পৰিগণিত হ
দেৱীচৰণ উকিলে ডিব্ৰুগড় এৰি কলিকতালৈ নিগাজীকৈ যাবলৈ ওলোৱাত তাকো লগতে লৈ যাবলৈ বিচাৰিছিল পিছে সি ইমান দূৰ ঠাইলৈ যাবলৈ নিবিচাৰিলে দেৱীচৰণ সেন যোগেন বৰুৱাৰ চিনাকী আছিল চাকৰি সূত্ৰে কোম্পানীৰ বিভিন্ন কেছ লৈ বৰুৱা মাজে মাজে ডিব্ৰুগড়লৈ গৈ সেনক লগ কৰিব লগীয়া হৈছিল এদিন সেনে বৰুৱাক হৰিৰ কথা কলে সেই সময়ত বৰুৱাৰ পৰিবাৰ অৰুণিমা সন্তান সম্ভৱা আছিল সেয়ে ঘৰত এটা সহায় কৰা লৰাৰ প্ৰয়োজন হৈছিল সেনে ভাল লৰা বুলি কোৱাৰ কাৰনে একো নাভাৱি নিচিন্তি বৰুৱাই তেতিয়া কুৰি বছৰীয়া হৰিক ঘৰলৈ লৈ আহিছিল সেই দিন ধৰি হৰি বৰুৱাৰ ঘৰতে আছে অনুপমাই কথা কবলৈ শিকাৰ পিছত দেউতাকে হৰিক হৰিকাই বুলি মাতিবলৈ শিকালে তেতিয়াৰ পৰা হৰি হৈ পৰিল হৰিকাই মানুহজনে এইখন ঘৰকে আপোন বুলি লৈ থাকি গ তাৰ বিয়া বাৰুও পতা নহ তাৰ পঞ্চল্লিছ বছৰ বয়স হ এতিয়া আৰু বিয়া পতাৰ চিন্তা সি বাদ দিছে
অনুপমাৰ অনুৰোধটোৱে হৰিকাইক সমস্যাত পেলালে সি তাইৰ কোনো অনুৰোধ কেতিয়াও পেলোৱা নাই তাই তাৰ কোলাত উঠি, বোকোচাত খেলি ডাঙৰ হোৱা ছোৱালী তাইক সি নিজৰ জীৰ দৰেই মৰম কৰে তাৰ এনে লাগে, তাৰ নিজৰ পৰিয়াল থাকিলে তাৰ ছোৱালীও আজি ইমান ডাঙৰেই হল হেতেন
সি ভাত পানী খোৱাৰ পিছত জেকেট টুপি পিন্ধি ওলাই গ ৰাতি তেতিয়া ভালেমান হৈছে সি শুনিছে জংগলৰ মাজেদি যোৱা ৰাস্তা নিৰ্মানৰ কাৰনে বনুৱা কিছুমান আহি শিবিৰ পাতি আছে তেওঁলোকৰ কিছুমানে লগত পৰিয়াল লৈও আহিছে তাৰ চিনাকী ৰোড মহলাৰ মহৰী চন্দনে কৈছিল, বনুৱা বোৰৰ ঘৈণীয়েক, ছোৱালীবোৰো কামত পাৰ্গত সিহঁতে অস্থায়ী কাম বিচাৰিয়ে ফুৰে সি ভাবিলে চন্দনক কলে তেনে এজনী ছোৱালী বা মাইকী মানুহ কেইদিনমানৰ কাৰণে কাম কৰিবলৈ বন্দোবস্ত কৰিব পৰা যায়
হৰি যেতিয়া চন্দনৰ ওচৰ পালে, চন্দনে ভাত পানী খাই উঠি শুবলৈ যো জা কৰিছিল সেই সময়ত হৰিক দেখি তেওঁ আচৰিত হইমান ৰাতি আহিলা যে হৰি”?
হৰিয়ে কথাটো বিবৰি কলে তাক যেনে তেনে ঘৰত কাম বন কৰা মাইকী মানুহ এজনী লাগে
লাচোন এজনী মাইকী মানুহে কাম বিচাৰি আছে বুলি জানো কথা পাতি চাওঁ কি হয় চন্দনে জোতাজোৰ পিন্ধি হাতত টৰ্চটো লৈ ওলাল
পইচা পাতিৰ কাৰণে চিন্তা নকৰিবা সেইবোৰ তুমিয়েই ঠিক কৰিবা আমাক কেৱল মানুহ এজনী লাগে হৰিয়ে ৰাষ্টাত যাওঁতে কৈ গ
কেম্পৰ নাতি দুৰত হৰিক ৰবলৈ কৈ চন্দন কেম্পলৈ সোমাই গ পোন্ধৰ বিশ মিনিটৰ পিছত তেওঁ ওলাই আহি হৰিক লগত লৈ সেই ঠাই ত্যাগ কৰিলে তেওঁ কলে যে তেওঁ মানুহ এজনী বন্দোবস্ত কৰিলে তাই ৰাস্তাত বনুৱা হিচাপে কাম কৰিবলৈকে ধুবুৰীৰ পৰা আহিছিল, কিন্তু ঠিকাদাৰে মাইকী বনুৱা নৰখা কাৰনে তাইৰ কোনো কাম নাছিল দিনটো খাই বৈ পঞ্চাশ টকা হাজিৰাত তাই মান্তি হৈছে পিছে তাইক থাকিবলৈ ব্যৱস্থা কৰি দিব লগীয়া হব পাৰে
হৰিকাইৰ চিন্তা হ, চাৰে বা কি কয় কাৰণ তাই পমুৱা মুছলমান সম্প্ৰদায়ৰ নামটো হেনো ৰাবেয়া খাটুন
পিছদিনা ৰাতিপুৱাই সাত বজাতে ৰাবেয়া আহি বঙলাত হাজিৰ হ হৰিকায়ে তাইক মাতি নি পিছফালে বহুৱালে সি অনুপমাৰ কোঠাই দুৱাৰত লাহে লাহে টোকৰ মাৰিলে
চকুত টোপনিৰ ভাৱ লৈ অনুপমা ওলাই আহিলকি হল হৰিকাই? ইমান ৰাতিপুৱাই জগাইছা যে”?
হৰিকায়ে কলে, “আইজনী, মই আইতাজনীক আলপৈচান ধৰিবলৈ মানুহ এজনী ঠিক কৰিছোঁ চাৰক কথাটো কোৱাই নাই তুমি চাই লোৱাহি চোন অনুপমাৰ মনটো ভাল লাগি গ তাই কোঠালৈ সোমাই গৈ চুলি ফণিয়াই আকৌ ওলাই আহি হৰিকাইৰ লগত পিছফাললৈ গ
পিছফালৰ বাৰাণ্ডাত মানুহ এজনী কুঁচি মুচি বহি আছে পিন্ধনত এখন মলিয়ন শাৰী তাইৰ গাত উৰা কাপোৰ এখন আছে যদিও সেইখনে ঠাণ্ডা ঢাকিব পৰা নাই অনুপমাই মানুহ জনীৰ মুৰৰ পৰা ভৰিলৈ এবাৰ চালে মানুহজনীৰ বয়স ত্ৰিশ বছৰ মান হব যেন লাগিল তাইৰ তাইৰ শাৰী পিন্ধাৰ ধৰণটোৰ পৰাই কব পাৰি যে তাই পূৰ্ব বঙ্গৰ মুছলমান সম্প্ৰদায়ৰ
অনুপমাই তাইক সুধিলে, “তুমি আগতে ঘৰুৱা কাম কাজ কৰি পাইছানে”?
তাই লাজ লাজকৈ উত্তৰ দিলে, “ঘৰুৱা কাম কাজ নকৰিলে কেনেকৈ হব বাইদেউ ঘৰৰ সমস্ত কাম কাজ ময়েই কৰিছিলোঁ তাই অসমীয়াতে কলে যদিও কোৱাৰ সুৰত পূৰ্ব বঙ্গৰ মানুহৰ কথা কোৱাৰ সুৰ ষ্পষ্টকৈ ধৰিব পৰা যায়
অনুপমাই পুনৰ সুধিলে, “তোমাৰ লৰা ছোৱালী কেইটা? ত থাকে”?
তাই এইবাৰ কলে, “নাই বাইদেউ ৰা ছোৱালী নহল কাৰনেই মোৰ মৰদে মোক ঘৰৰ পৰা খেদি দি আৰু এজনীক বিয়া পাতিছে সেই কাৰনে কাম বিচাৰি ইয়ালৈ আহিছোঁ
অনুপমাই মানুহজনীক ঠিকেই পালে তাই কলে, “মই তোমাক পিন্ধিবলৈ ভাল কাপোৰ দিম আমাৰ ইয়াত ভালদৰে পিন্ধা উৰা কৰি চাফ চিকুন হৈ থাকিব লাগিব কামবোৰ মই দেখুৱাই দিম হৰিকায়ে তোমাক কত কি আছে দেখুৱাই দিব
হৰিকায়ে একাষৰীয়াকৈ মাতি নি অনুপমাক কলে, “আইজনী তাইক একেদিনাই চব দি নিদিবা ইহঁত অঘৰীৰ দৰে মানুহ কেতিয়া নাইকীয়া হৈ যায়, কোনো ঠিকনা নাই আৰু মুছলমান মাইকী মানুহ জনীক ৰাখিলে দেউতাই বা কি কয়”?
অনুপমাই কিবা এটা ভাবি মানুহজনীক সুধিলে, “তোমাৰ নাম কি”?
ৰাবেয়া খাতুন”, তাই উত্তৰ দিলে
অনুপমাই অলপ পৰ ৰৈ কলে, “আজিৰ পৰা তোমাৰ নাম ৰাবেয়া নহয়, ৰুবী তোমাৰ নাম সুধিলে চবকে ৰুবী বুলি কবা আৰু তোমাৰ ঘৰ ওচৰৰে বঙালী গাওঁত  শাৰীখন তুমি পিন্ধাৰ দৰে পিন্ধিলে নহ কেনেকৈ পিন্ধিবা মই দেখুৱাই দিম ”?
”, মানুহ জনীয়ে মুৰ দুপিয়ালে
ইতিমধ্যে দেউতাক শুই উঠি সমূখৰ ঘাঁহনিত খোজ কাঢ়িছিল অনুপমাই গৈ তেওঁক কলে, “দেউতা, মই হৰিকাইক কৈ বঙালী গাওঁৰ পৰা ছোৱালী এজনী অনাইছোঁ, আইতাক অলপ চোৱা চিতা কৰিবলৈ আমি আটাইকেইটা ওলাই গলে হৰিকাইৰ আইতাক অকলে আলপৈচান ধৰিবলৈ অসুবিধা হ সেই কাৰনে এই কেইদিনৰ কাৰনেহে অনাইছোঁ তুমি বেয়া পোৱা নাই তো”?
দেউতাকে কলে, “তই যি ভাল দেখিছ, তাকে কৰ পিছে চাবি পিছত যাতে একো গন্দগোল নহয় আজিকালিৰ দিনত বিশ্বাসী মানুহ পোৱাই মস্কিল
অনুপমাই ৰুবীক পিন্ধিবলৈ শাৰী দুখন দিলে মাকে এৰি যোৱা এবাকচ শাৰী আছে কিছুমান নতুনেই হৈ আছে তাইক গা পা ধুবলৈ দি মুখত ঘঁহা পাউডাৰ, স্নোৰ টেমা দিলে তাইক শাৰীখন ভালদৰে পিন্ধাত সহায় কৰি দিলে