ৰাতি মুকলি ঠাইত কুঁৱলীৰ প্ৰকোপ বেছি হয়। বৰুৱাই প্ৰায় খুপি খুপি কম বেগত গাড়ী চলাবলগীয়া হৈছে। কেভিনে তেওঁৰ দিগদৰ্শীৰ ভূমিকা লৈ মাজে মাজে বাটত শুই
থকা গৰু, বাটৰ গতিৰোধক, ৰাস্তাৰ
গাঁত আদিৰ বিষয়ে সাৱধান কৰি দিছে।
জোৰাজান হাবিৰ মাজত কুৱঁলীৰ প্ৰকোপ মুকলি ঠাইতকৈ কম। দুয়োপিনে ওখ ওখ গছ আৰু ডাঠ হাবি দেখি কেভিনে সুধিলে, “আমি গভীৰ অৰণ্যৰ মাজেৰে গৈ থকা যেন লাগিছে। এনে অৰণ্যত বনৰীয়া জীৱ জন্তু নোলায়নে”?
ইমান পৰে কোনেও কথা কোৱা নাছিল। পিছৰ আসনত আটাই কেইগৰাকীৰ
চকু তন্দ্ৰাত জাপ খাই আহিছিল। কেভিনৰ প্ৰশ্নটো শুনি
বৰুৱাই অলপ চক খোৱাৰ দৰে হৈ ক’লে,
“ওলায়, ওলায়। এইখন হাবিত বনৰীয়া
হাতী ওলায়েই থাকে”।
বৰুৱাই কথাটো কোৱাৰ পিছত অলপ দূৰ গৈয়েই গাড়ীখন ব্ৰেক মাৰি
ৰখাব লগীয়া হ’ল। কেভিনে ভালদৰে চাই
দেখিলে ৫০ ফুট মান দূৰত ৰাস্তাৰ ওপৰত বিপৰীত ফালে মুখ কৰি থকা এজনী হাতী আৰু এটা পোৱালি।
বৰুৱাই ক’লে,
“মই কৈছিলোঁহে মাত্ৰ, চোৱা দেখা দিলেই। সেইজনী লগত পোৱালি থকা মাইকী হাতী। এনেকৈ লগত পোৱালি থকা হাতী খুব হিংস্ৰ হয়। সিহঁতে ৰাস্তাৰ পৰা আঁতৰি নোযোৱালৈকে আমি অলপ পৰ ৰৈ দিব
লাগিব”।
কেভিনে ক’লে,
“হাতীকেইটাই যদি আমাক আক্ৰমণ কৰে”?
বৰুৱাই ক’লে,
“সিহঁতক নোজোকালে সাধাৰণতে একো অপকাৰ নকৰে। মই এইটো ৰাস্তাৰে আহোঁতে বহুত বাৰ হাতী পাইছোঁ। শীত কালৰ এই সময়টো পথাৰত ধান পকাৰ সময়। সেই কাৰনে পকা ধান খাবলৈ সিহঁত হাবিৰ পৰা ওলাই আহে”।
“এইটো মই নতুন কথা শিকিলোঁ। হাতীয়ে পকা ধান খায় বুলি নাজানিছিলোঁ”।
“হাতীৰ লুণীয়া পানীও বৰ প্ৰিয়। যিবোৰ ঠাইত ড্ৰিলিং কৰা হয়, সেইবোৰ ঠাইত ভূগৰ্ভৰ পৰা ওলাই অহা লুণীয়া পানী ৰখা পুখুৰী কিছুমান
থাকে। সেই লুণীয়া পানী খাবলৈ হাতীবোৰ অৰণ্যৰ পৰা ওলাই আহে। কেতিয়াবা পানী বিচাৰি আহি খাদৰ সা সৰঞ্জাম আৰু মানুহৰ
ক্ষতি সাধনো কৰে”।
“মই আশা কৰিছোঁ আজি আমি যেন হাতীৰ আক্ৰমণৰ
সন্মুখীন হ’ব লগীয়া নহওঁ। খঙাল হাতীয়ে সকলো
মহতিয়াই মানুহ আৰু সা সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন কৰে বুলি শুনিছোঁ”।
“এতিয়া আমি গাড়ীৰ হেড লাইট জ্বলাই ৰাখি,
গাড়ী ষ্টাৰ্ট বন্ধ নকৰাকৈ সিহঁতে বাটটো এৰি দিয়ালৈ অপেক্ষা কৰিব লাগিব। গাড়ীৰ হেড লাইটৰ পোহৰে চকুত চাট মাৰি ধৰে কাৰনে সিহঁতে
সাধাৰণতে গাড়ীৰ ওচৰলৈ আহিবলৈ ভয় কৰে। যদি সুবিধা পাওঁ তত্ক্ষণাত পলাবলৈও আমি সাজু থাকিব
লাগিব। সেই কাৰনে গাড়ীখন ষ্টাৰ্টত ৰাখি থৈছোঁ”।
ইতিমধ্যে পিছৰ আসনত বহি যোৱা আটায়ে সাৰ পালে।
“ক্লাৰা, চোৱা আমাৰ
সন্মুখত সৌটো এটা মাইকী হাতী আৰু পোৱালি”। কেভিনে উচ্ছাসেৰে
ক’লে।
ক্লাৰাই ঘটনাটোত আমোদ পালে। “ৱাহ। অৰণ্যৰ মাজত আমি। সমুখত এটা পোৱালিৰ সৈতে এজনী হাতী। কিযে ৰোমাঞ্চকৰ ঘটনা। ইচ আজি মোৰ কেমেৰাটো
থকা হ’লে এটা আপুৰুগীয়া দৃশ্য সংগ্ৰহ কৰিব পাৰিলোঁহেতেন। মই প্ৰশান্তক খুজি তাৰ কেমেৰাটোকে লৈ আহিব লাগিছিল”।
অনুপমাই ক’লে,
“এনেকৈ বাটত হাতী ওলালে আমি ভগৱান গণেশক প্ৰাৰ্থনা কৰোঁ। হাতীমূৰীয়া ভগৱান গণেশৰ কথা শুনিছানে ক্লাৰা”?
ক্লাৰাই উচ্ছাসেৰে ক’লে,
“শুনিছোঁ, শুনিছোঁ। মোৰ এজন ইণ্ডিয়ান বন্ধু আছিল, বোম্বেৰ। তেওঁ লগত এটা সৰু
গণেশৰ মুৰ্তি ৰাখিছিল”।
আইতাকে ক্ষীণ মাতেৰে ক’লে,
“আমি যেতিয়া সৰুতে ডিগবৈলৈ আহিছিলোঁ, তেতিয়া দেউতাৰ
মুখত হাতীৰ উপদ্ৰৱৰ কথা শুনিছিলোঁ। হাতীয়ে কেতিয়াবা জাক
পাতি আহি বোলে গাওঁ বোৰ তহিলং কৰিছিল। হাবিৰ মাজত থকা তেলৰ
খাদ বোৰত থকা বয় বস্তু, ঘৰ ভাঙি চিঙি থৈ
গৈছিল। জুই দেখিলে বোলে হাতীয়ে ভয় খায়। সেয়ে তেতিয়া ওৰে ৰাতি
জোৰ জ্বলাই হাতীৰ অত্যাচাৰৰ পৰা ৰক্ষা পোৱাৰ উপায় কৰিছিল”।
হাতী দুটা কাষৰ হাবিলৈ সোমাই যোৱাৰ উম ঘাম নাছিল। সময় যেন ৰৈ গৈছিল। দুটা থম থমকৈ ৰৈ থকা
বন্য প্ৰাণী আৰু অসহায় গাড়ীৰ ভিতৰত কেইজনমান মানুহ।
হঠাতে কেভিনে “হেৰা
হাতী, শুনিছানে, আমাক যাবলৈ দিয়া”,
বুলি কৈ গাড়ীৰ হৰ্ণটো বজাই দিলে।
বৰুৱাই “হেই
কি কৰিছা” বুলি চিঞৰ মাৰি উঠিল। তেওঁ লগে লগে ক’লে, “এনে সময়ত সৰু গাড়ীত থাকিলে কেতিয়াও হৰ্ণ
মাৰিব নালাগে। হৰ্ণ মাৰিলে হাতীয়ে
সিহঁতক আক্ৰমণ কৰিবলৈ ওলোৱা বুলি ভাবে আৰু চোঁচা লৈ আহিব পাৰে। অৱশ্যে ডাঙৰ গাড়ীত থাকিলে হৰ্ণ বজালে কেতিয়াবা ৰাস্তা
এৰি দিয়ে”।
বৰুৱাৰ অনুমান সঁচা হ’ল। হৰ্ণ মৰাৰ পিছতে বিপৰীত দিশে মুৰ কৰি থকা মাখুন্দী জনীয়ে
ঘুৰি ল’লে আৰু পোনে পোনে গাড়ীখনৰ দিশত আগুৱাই
আহিবলৈ ধৰিলে। পিছে পিছে পোৱালিটো। শুৰ ডাল ডাঙি এটা বিকট শব্দ কৰি হাতী জনীয়ে খং উঠাৰ ইংগিত
দিলে।
“ও মাই গড” বুলি ক্লাৰাই
চিঞৰি উঠিল।
কেভিনে ভয়ত চিঞৰ মাৰি দিলে, “আংকল, কি হ’ব এতিয়া”?
বৰুৱাই একো নকৈ গাড়ীত বেক গিয়েৰ লগালে আৰু পিছ পিনে ঘুৰি
চাই গাড়ীখন পিছুৱাবলৈ ধৰিলে। পিছ পিনে আৰু এখন
গাড়ী আছিল। বৰুৱাই গাড়ীখন বেক কৰা দেখি সেইখন গাড়ীয়েও পিছুৱাবলৈ ধৰিলে। আগপিনে ক্ৰমশ: বেগাই
খোজ লৈ খেদি অহা এজনী ক্ৰুদ্ধা মাইকী হাতী আৰু পিছপিনে আন এখন পিছুৱাবলৈ ধৰা গাড়ী। শ্বাসৰুদ্ধকাৰী মূহুৰ্ত কেইটামান। কেভিনে ঘুৰি লৈ পিছপিনে চাই বৰুৱাক গাড়ী চলাবলৈ নিৰ্দেশ
দি থাকিল। ক্লাৰাই ভয়তে মুৰটো দুই হাত আৰু আঠুৰ মাজত গুঁজি দিলে। অনুপমাই হাত জোৰ কৰি গণেশক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। নেন্সিয়ে ডিঙিত অঁৰি লোৱা ক্ৰছটো চুই থাকিল।
ভাগ্য ভাল আছিল। তেনেতে বিপৰীত দিশৰ
পৰা এখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী চাইৰেন বজাই বজাই আহি সেইখিনি পালে। সেই গাড়ীখনৰ তীব্ৰ পোহৰৰ হেড লাইট আৰু চাইৰেণৰ শব্দত মাইকী
হাতী জনী ভয় খাই ৰৈ গ’ল। তাই পুনৰ ঘুৰি বিপৰীত দিশৰ পৰা আহি ৰৈ যোৱা ডাঙৰ আকাৰৰ
গাড়ীখনলৈ চালে। হয়তো দুয়োদিশৰ পৰা অহা হেডলাইটৰ পোহৰে তাইক বিমূঢ় কৰি
তুলিলে। তাই শুৰ ডাল ডাঙি আৰু এটা বিকট চিঞৰ মাৰি লাহেকৈ কাষৰ
হাবিডৰালৈ সোমাই গ’ল। পিছে পিছে পোৱালিটোও নামি গ’ল।
হাতী কেইটা হাবিলৈ সোমাই যোৱা দেখি আটায়ে স্বস্তিৰ নিশ্বাস
পেলালে। বৰুৱাই তেতিয়াহে অনুভৱ কৰিলে জাৰৰ দিনতো তেওঁৰ সৰ্ব শৰীৰ
ঘামি গৈছে। হাতী কেইটা আঁতৰি যোৱাৰ পিছতো প্ৰকৃতিস্থ হ’বলৈ তেওঁৰ যেন অলপ সময় লাগিল। চশমা জোৰ ৰুমালেৰে
এবাৰ মচি ল’লে।
কেভিনে ক’লে,
“আংকল, আপুনি ঠিকে আছেনে”? বৰুৱাই বুকুত ঢিপঢিপনিটো তেতিয়ালৈ অনুভৱ কৰি আছিল যদিও “মই ঠিকে আছোঁ”, বুলি কৈ তেওঁ গিয়েৰ সলনি কৰি গাড়ী সমুখলৈ
চলাই দিলে। অনুপমাই দেউতাকক গাড়ী লাহে লাহে চলাবলৈ ক’লে। তাই নিজে গাড়ী চলাব
জানে যদিও ৰাতি অৰণ্যৰ মাজত চলাবলৈ তাইৰ আত্মবিশ্বাসৰ অভাৱ।
জোৰাজান হাবি পাৰ হোৱাৰ পিছতহে বৰুৱাই গাড়ীৰ গতি বঢ়ালে।
হৰিকায়ে কেতিয়াবাৰ পৰা ভাত পানী ৰান্ধি ৰখি আছিল। বৰুৱাই মুৰ্গীৰ মাংসৰে বেছি মছলা নিদিয়াকৈ ভাত বনাই ৰাখিবলৈ
কৈ গৈছিল। বৰুৱাই আঠ মান বজাতে পাবহি বুলি কৈ গৈছিল যদিও দহ বজালৈকে
আহি নোপোৱাত তাৰ অলপ চিন্তা হ’ল। বাটত আন কিবা অসুবিধা হ’ব পাৰে বুলিও তাৰ শংকা হ’ল। ৰন্ধা আঞ্জাবোৰ ঠাণ্ডা হৈ যোৱা দেখি সি আকৌ সেইবোৰ গৰম
কৰিবলৈ যো জা কৰিবলৈ ধৰিলে।
চাৰে দহ বজাৰ লগে লগে গেটৰ সমুখত গাড়ীৰ হৰ্ণ শুনি হৰিকায়ে
লৱৰি গৈ গেটখন খুলি দিলে।
হৰিকাইৰ গাটো সাতখন আঠখন হ’ল। এই ঘৰখনত বহুত আলহী
পাইছে যদিও ঘৰত থাকিবলৈ অহা বিদেশী আলহী সি কেতিয়াও পোৱা নাই।
“এয়া হৰি। আমাৰ ঘৰখন এৱেঁই চোৱা
চিতা কৰে”, বৰুৱাই হৰিকাইক দেখুৱাই ক’লে।
“ৱাও হেৰী মোৰ এটা ভাইটীৰ নাম”,
ক্লাৰাই ক’লে। তাই হৰি নামটো হেৰী
বুলি শুনিলে।
“ঠিক আছে ক্লাৰা, তুমি এওঁক হেৰী বুলিয়েই মাতিবা। তেওঁ ইংৰাজী নুবুজে। কিন্তু তেওঁ তোমালোকৰ সকলো প্ৰকাৰে খেয়াল ৰাখিব”।
হৰিকাই আৰু কেভিনে মিলি বস্তু বাহানিবোৰ ভিতৰ সুমুৱালে। গাড়ীৰ পৰা নামি খটখটীৰে ওপৰলৈ যাওঁতে অনুপমা আৰু ক্লাৰাই
আইতাকক ধৰি লৈ গ’ল। ওপৰৰ বাৰণ্ডাত থকা চোফাতে ক্লাৰা আৰু আইতাক বহিল। কেভিন আৰু দেউতাকো আহি সেইখিনিতে ৰ’লহি।
“এইটোৱেই মোৰ ঘৰ। ৱেলকাম টু ডিগবৈ”। অনুপমাই এক বিশেষ ভংগিমাত ক’লে।
ঘৰটোৰ চাৰিওপিনে চকু ফুৰাই ক্লাৰাই ক’লে, “মোৰ গভীৰ অৰণ্যৰ মাজত এখন ধুনীয়া ৰিজৰ্টত
আহি পোৱা যেন লাগিছে। সঁচাকৈয়ে বৰ ধুনীয়া
পৰিৱেশ। ঘৰটোও ইমান ভাল লাগিছে”।
“কাইলৈ ৰাতিপুৱা বাৰাণ্ডাৰ পৰা চাৰিওফালে
চালে তোমাৰ আৰু ভাল লাগিব”। অনুপমাই ক’লে।
“এইবোৰ কথা শুনিলেই মোৰ কেমেৰাটোৰ কথা মনলৈ
আহে। মই কেমেৰাটো কিমান যে মিছ কৰিছোঁ”।
“তোমালোকে আটায়ে ভিতৰলৈ ব’লা। ইয়াত বাহিৰত খুব ঠাণ্ডা। বেছি সময় বাহিৰত থাকিলে
বেমাৰ হৈ যাব”। অনুপমাৰ দেউতাকে ক’লে।
আইতাকক বহা কোঠাতে বহিবলৈ দি অনুপমাই ঘৰৰ কোঠা কেইটা ক্লাৰা
আৰু কেভিনক দেখুৱালে। আলহী থকা কোঠাত আইতাক
আৰু কেভিনৰ বিচনা কৰা হৈছিল। অনুপমাৰ কোঠাত তাইৰ
লগত ক্লাৰাৰ শোৱাৰ ব্যৱস্থা কৰা হৈছিল। ঢকঢকীয়া বগা বিচনা
চাদৰ পাৰি থোৱা বিচনা খন দেখি ক্লাৰাই ভাল পালে।
“বিচনাখন দেখিয়েই মোৰ বাগৰি দিবলৈ মন গৈছে। ইমান ধুনীয়কৈ পৰা আছে। এয়া নিশ্চয় হেৰীৰ
কাম নহয়নে”?
অনুপমাই হাঁহিলে। “তুমি ঠিকেই ধৰিছা ক্লাৰা”।
হৰিকায়ে দুইটা বাথৰূমতে বাল্টিত কুহুমীয়া পানী আৰু গা
মচিবলৈ একোখন নতুন টাৱেল থৈ দিছিল। অনুপমাই দেখুৱাই দিলে। এটা এটাকৈ ক্লাৰা আৰু কেভিনে কাপোৰ সলাই গা ধুলে। আইতাকক তাই নিজেই কাপোৰ সলাই গা ধোৱাত সহায় কৰি দিলে।
আলহীক কিবা লাগিব নেকি সেইটো ভাবত সি কেইবা বাৰো অহা যোৱা
কৰি থাকিল। অনুপমাকো দুবাৰ মান সুধিলে। পাকঘৰতো ঠাণ্ডা হ’বলৈ ধৰা ভাত আঞ্জাবোৰ সি এবাৰ গৰম কৰিলে। ডাইনিং টেবুলখনত খোৱা বস্তুবোৰ ধুনীয়াকৈ সজাই থলে। নেপকিন আৰু চামোচবোৰ অনুপমাই দেখুৱাই দিয়া ধৰণে সজালে।
সি ভাবিলে, আজি
আইদেউ থাকিলে কিমান যে ভাল পালেহেঁতেন।
মছলা নিদিয়াকৈ লাই শাকেৰে ৰন্ধা মুৰ্গীৰ ব্যঞ্জন, বেঙেনা পোৰা, ঢেকীয়া শাকৰ ভাজি আৰু আলু পিটিকাৰে
ভাত খাই আটাইকেইজন আলহীয়ে বৰ ভাল পালে। আইতাকক বেছিকৈ সিজোৱা
ভাতৰ লগত মাংসৰ জোল ফেনেকি খুৱালে। তেওঁ বৰ তৃপ্তিৰে
খালে।
ক্লাৰাই অনুপমাক ক’লে,
“মই অহাৰ আগলৈকে শুনি আছিলোঁ, ইণ্ডিয়ান খাদ্যত
খুব মছলা থাকে, খুব স্পাইছি। সেই কাৰনে মোৰ খোৱা
বোৱাকলৈ খুব চিন্তা হৈছিল। কিন্তু তোমালোকৰ খাদ্যটো
একেবাৰে স্পাইছি নহয়। লগতে ইমান সোৱাদো”।
অনুপমাই ক’লে,
“ময়ো ভয় খাই আছিলোঁ, আমাৰ খাদ্য খাই তোমালোকে কেনে
পোৱা। মোৰ সঁচাকৈয়ে ভাল লাগিছে যে তোমালোকে খাই ভাল পাইছা”।
কেভিনে ক’লে,
“মই এতিয়ালৈ বহুতো বেলেগ বেলেগ খাদ্যৰ জুটি লৈছোঁ, মোৰ বোধেৰে থাই আৰু চীনা খাদ্যৰ পিছতে অসমীয়া খাদ্য খাবলৈ ভাল”।
অনুপমাই ক’লে,
“মই তোমালোকক আমাৰ জনজাতিবোৰৰ পৰম্পৰাগত খাদ্যও খুৱাম ৰ’বা। তেওঁলোকৰ কিছুমান খাদ্যই থাই আৰু চীনা খাদ্যৰ লগতো ফেৰ
মাৰিব পাৰে”।
খোৱা বোৱা হোৱাৰ পিছত হৰিকায়ে বটা এখনত তামোল পান উলিয়ালে। আইতাকৰ চকু দুটা উজ্বলি উঠিল। তামোল পান খিনি চাই
তেওঁ ক’লে, “এয়া পৃথিৱীৰ
আটাইতকৈ ভাল মাউথ ফ্ৰেছনাৰ। মই তাহানিতে দেখিছিলোঁ”।
কেভিনে আগ্ৰহ দেখুওৱা কাৰণে অনুপমাই তামোলৰ টুকুৰা এটা
পান এখনত এচমকা চুণ লগাই খাবলৈ শিকাই দিলে। কেভিনে চোবাই চালে। তাৰ খুব ভাল নালাগিল।
“তামোল পানৰ এই যুটিটো ইয়াত খুব জনপ্ৰিয়। খালে কেতিয়াবা অলপ নিচা ধৰাৰ দৰে হয় আৰু কেতিয়াবা মুৰ
ঘূৰায়। সেই কাৰণে সোৱাদ লৈ চোবাটো পেলাই দিয়া”। তাই কেভিনক ক’লে।
কেভিনে ক্লাৰাক দেখুৱাই সুধিলে তাই খাই চাব নেকি? তাই নাখায়। তাই কেভিনলৈ ইছাৰা
কৰিলে যে তাই ছিগাৰেট এটা খোৱাৰহে আৱশ্যকতা অনুভৱ কৰিছে। কেভিনে তাইক সংগ দিব
লাগে।
কেভিনে খোজ কাঢ়ি আহোঁ বুলি কৈ ক্লাৰাৰ লগত ওলাই গৈ চৌহদতে
খোজ কঢ়িলে। দুয়ো দুটা ছিগাৰেট জ্বলাই ল’লে।
অনুপমাৰ দেউতাকে তামোল চোবাই চোবাই কেভিনৰ আইতাকৰ ওচৰত
বহিল। অনুপমাই হৰিকাইক অলপ সহায় কৰিলে।
“আপোনাক লগ পাই বৰ ভাল লাগিছে। অসমৰ কথা আপোনাৰ কি কি মনত আছে”?
আইতাকৰ মুখ খন উজ্বলি উঠিল, “আছে, আছে। বহুত কথাই মনত আছে। এয়া মোৰ জন্মভূমি। পিছে এতিয়া সকলো সলনি
হৈ গ’ল”।
বৰুৱাই ক’লে,
“অনুপমাই মোক মধুপুৰ বাগিচা আৰু ৰঙাজান গাৱঁৰ কথা কৈছিল”।
“হয় হয়। মই সৰুতে দেখা এই
দুখন ঠাইৰ কথা মই অনুপমাক কৈছিলোঁ”। তেওঁ আগ্ৰহেৰে বৰুৱাৰ মুখলৈ চালে।
“মই খবৰ কৰিছিলোঁ। পিছে এতিয়া দুয়োখনৰে কোনো অস্তিত্ব নাই। মধুপুৰ বাগিচাক এখন ডাঙৰ বাগিচাই আৰু ৰঙাজান গাৱঁক ডিব্ৰুগড় চহৰে সাঙুৰি ল’লে”।
“এৰা। বহুত দিন পাৰ হৈ গ’ল। তথাপিও এবাৰ সেইবোৰ
ঠাই চাই আহিবলৈ বৰ মন আছে। মই ডাঙৰ দীঘল হোৱা
ডিব্ৰুগড় চহৰ খন এবাৰ চাবলৈ পোৱাৰ হেপাহতে মই ইমান দুৰ ঢপলিয়াই আহিছো্ঁ”।
বৰুৱাই ক’লে,
“নিশ্চয়, মোক অনুপমাই কৈছে আপোনাক ডিব্ৰুগড়লৈ এদিন
লৈ যোৱাৰ কথা”।
অনুপমা আহি আইতাকৰ ওচৰতে বহিল। “আপুনি এতিয়া জিৰণি লওক আইতা। ৰাতি ভালেখিনি হ’ল”। তাই ক’লে।
আইতাকক অনুপমাই বিচনাত শুৱাই থৈ আহিল। দেউতাকো তেওঁৰ কোঠালৈ গ’ল।
কেভিন আৰু ক্লাৰাই বাৰাণ্ডাৰ চোফাত বহিল।
“ক্লাৰা, তুমি আহি
পোৱাৰ কথা তোমাৰ মা দেউতাক জনালানে”? ক্লাৰালৈ চাই কেভিনে সুধিলে।
“নাই, জনোৱাৰ একো
প্ৰয়োজনো নাই। জনালেনো কি হ’ব? মই মৰি যোৱা খবৰ পালেও তেওঁলোকৰ অকণো দুখ
নালাগে”। তাইৰ এটা হুমুনিয়াহ ওলাই আহিল।
“তথাপিও এবাৰ জনাই দিয়া ক্লাৰা। এইটো তোমাৰ কৰ্তব্য। তোমাৰ মায়ে চিন্তা
কৰি থাকিব পাৰে”।
কেভিনৰ ফোনটো লৈ ক্লাৰাই তাইৰ মাকৰ লগত কথা পাতিলে। তাই ইমান দুৰ আহি পোৱাৰ খবৰটোৱে তাইৰ মাকৰ মনত কোনো প্ৰতিক্ৰিয়াৰ
সৃষ্টি নকৰিলে।
“তোমালোকৰ টোপনি ধৰা নাই নে? আমি সকলোৱে এতিয়া বিচনালৈ যোৱা উচিত”। অনুপমাই ওলাই আহি
ক’লে।
“তুমিও অলপ বহাচোন অনুপমা। আমি কাইলৈৰ কাৰণে এটা পৰিকল্পনা কৰি লওঁ”।
অনুপমা বহিল। কেভিনে যে পৰিকল্পনাক
খুব গুৰুত্ব দিয়ে তাই জানে।
“আমি ডিগবৈৰ পৰা এফালে লিডুলৈ আৰু আনফালে
মাকুমলৈ এই সমগ্ৰ অঞ্চলটো এবাৰ ভালদৰে চাব লাগিব। সমগ্ৰ অঞ্চলটোৰ লগত
পৰিচিত হ’ব পাৰিলেহে আমাৰ কাম আগবাঢ়িব। এয়া কাইলৈ সম্ভৱ হ’বনে
অনুপমা”। কেভিনে ক’লে।
“কাইলৈ ৰাতিপুৱা ন বজাত গাড়ী এখন আহিব। মই ভাবিছোঁ কাইলৈ তোমালোকে ডিগবৈ তৈলক্ষেত্ৰকে চোৱা। ডিগবৈ তৈলক্ষেত্ৰ চাবলৈকো কিছু সময় লাগিব। আমি আকৌ পিছবেলা ক্লাৰাৰ কেমেৰাটোৰ কাৰণে এয়াৰপোৰ্ট যোৱা
কামটো আছে”।
“অ কেমেৰাৰ বেগটো আনিবলৈ আমিতো যাবই লাগিব। তুমি ঠিকেই ভাবিছা পমা। কাইলৈ খুব বেছি ঘূৰি
ফুৰিবলৈ মোৰ এনেয়ো মন নাই। আইতাৰো ঘূৰি ফুৰিবলৈ
ভাগৰ লাগিব”। ক্লাৰাই ক’লে।
“মই ভাবিছোঁ, কাইলৈ
আইতাই ঘৰতে জিৰণি লওক। আইতা ঘৰত থাকিলে ময়ো
আইতাৰ লগতে থাকিব লাগিব। তোমালোক দুয়ো চাই
আহিবা। ড্ৰাইভাৰ জনে তোমালোকক সহায় কৰিব”।
“নহয় অনুপমা। তুমি কাইলৈ আমাৰ লগত ওলাবা। আমাৰ বাবে এইখন একেবাৰে
নতুন ঠাই। আমি একো আও ভাও নাপাওঁ। স্থানীয় ভাষাটোও আমি
নাজানো। তুমি লগত থাকিলে আমাৰ বৰ সুবিধা হ’ব”। কেভিনে ক’লে।
“কিন্তু আইতাক ঘৰত অকলে হৰিকাইৰ লগতে কেনেকৈ
এৰি যাম”। অনুপমাই চিন্তা কৰিলে।
“প্ৰয়োজন হ’লে আইতাকো
লৈ যাম দিয়া। আমি ওচৰতেই ঘূৰি ফুৰিম
নহয় জানো”। কেভিনে ক’লে।
“মই কিবা এটা ব্যৱস্থা কৰিম ৰ’বা। আইতাক অলপ জিৰণি দিয়াটোও প্ৰয়োজন কেভিন”।
কেভিন আৰু ক্লাৰা নিজৰ নিজৰ বিচনালৈ যোৱাৰ পিছত অনুপমা
হৰিকাইৰ ওচৰলৈ গ’ল। ঘৰৰ পোহনীয়া কুকুৰ লাইকাক ইমান সময় নেদেখি তাইৰ চিন্তা
হৈছিল। হৰিকায়ে তাইক তেতিয়াহে খবৰ দিলে, কেইদিনমান আগতে লাইকা জনী মৰিল। অনুপমাৰ পৰীক্ষা চলি
থকা কাৰণে দেউতাকে তাইৰ মন বিচলিত হ’ব
পাৰে বুলি ভাবি খবৰটো নিদিলে। লাইকা মৰাৰ খবৰ পাই
তাইৰ দুখ লাগিল।
“কি কৰিবা আইজনী, আমি তুমি আহি পোৱালৈ তাইক বচাবলৈ চেষ্টা কৰিছিলোঁ, পিছে
তাই নাবাচিল”। হৰিকায়ে ক’লে।
“এৰা হৰিকাই। ময়ো এই কেইদিন কামৰ হেঁচাত এদিনো তাইৰ খবৰ নল’লোঁ”।
“যি হ’ব লগীয়া আছিল,
হৈ গ’ল। এতিয়া তুমি আগলৈ কি
কৰিবা তাকেহে চিন্তা কৰা”। হৰিকায়ে কেতিয়াবা
বৰ বিজ্ঞ লোকৰ দৰে কথা কয়।
অনুপমাই হৰিকাইৰ লগত আইতাকৰ আলপৈচানৰ বিষয়ে আলোচনা কৰিলে। তাই অনুভৱ কৰিলে যে আইতাকৰ সহায়ৰ কাৰনে এগৰাকী মাইকী মানুহৰ
প্ৰয়োজন। তাই হৰিকাইক যেনে তেনে এজনী আল ধৰা ছোৱালী বিচাৰিবলৈ ক’লে। হৰিকাই কেও কিছু নোহোৱা
মানুহ। সিনো ফটকৈ ক’ৰ
পৰা ছোৱালী এজনী বিছাৰি আনে?
হৰিকাইৰ আচল ঘৰ ধেমাজিত। সৰুতে ডাঙৰ বানপানী
এটাত তাৰ ঘৰৰ সকলো মানুহ নৈৰ সোঁতত উটি গৈ মৰি থাকিল। সিহে ঘৰৰ মুধচত উঠি
কোনোমতে ৰক্ষা পৰিল। তাক উদ্ধাৰকাৰীৰ দলে
উদ্ধাৰ কৰি ডিব্ৰুগড়লৈ লৈ আহিছিল। কেইদিনমান আশ্ৰয় শিবিৰত
থকাৰ পিছত যেতিয়া বান পানী শুকাল, তাক
নিজৰ ঘৰলৈ উভতি যাবলৈ কোৱা হৈছিল। পিছে সি নগ’ল। মাক, দেউতাক, দুটা ভায়েক আৰু ভনীয়েক জনী নোহোৱা,
বানে উছন কৰা ঘৰলৈ উভতি যাবলৈ তাৰ সত নগ’ল। ডিব্ৰুগড়তে সি হোটেলৰ বাচন ধোৱা, মাটি কটা আদি সৰু সুৰা কাম কৰি থাকিবলৈ ল’লে। এদিন হাজিৰা কৰিবলৈ সি দেৱীচৰণ সেন উকিলৰ ঘৰলৈ গৈছিল। তাৰ অমায়িক ব্যৱহাৰত মুগ্ধ হৈ দেৱীচৰণ উকিলে তাক তেওঁৰ
ঘৰতে আলধৰা হিচাপে ৰাখি থলে। উকিলৰ ঘৰতে তেওঁৰ
পৰিবাৰৰ তত্বাৱধানত সি ঘৰুৱা কাম কাজ বোৰ শিকি ল’লে। সি অতি বিশ্বাসী আৰু নিপুন লগুৱা হিচাপে পৰিগণিত হ’ল।
দেৱীচৰণ উকিলে ডিব্ৰুগড় এৰি কলিকতালৈ নিগাজীকৈ যাবলৈ ওলোৱাত
তাকো লগতে লৈ যাবলৈ বিচাৰিছিল। পিছে সি ইমান দূৰ
ঠাইলৈ যাবলৈ নিবিচাৰিলে। দেৱীচৰণ সেন যোগেন
বৰুৱাৰ চিনাকী আছিল। চাকৰি সূত্ৰে কোম্পানীৰ
বিভিন্ন কেছ লৈ বৰুৱা মাজে মাজে ডিব্ৰুগড়লৈ গৈ সেনক লগ কৰিব লগীয়া হৈছিল। এদিন সেনে বৰুৱাক হৰিৰ কথা ক’লে। সেই সময়ত বৰুৱাৰ পৰিবাৰ
অৰুণিমা সন্তান সম্ভৱা আছিল। সেয়ে ঘৰত এটা সহায়
কৰা ল’ৰাৰ প্ৰয়োজন হৈছিল। সেনে ভাল ল’ৰা
বুলি কোৱাৰ কাৰনে একো নাভাৱি নিচিন্তি বৰুৱাই তেতিয়া কুৰি বছৰীয়া হৰিক ঘৰলৈ লৈ আহিছিল। সেই দিন ধৰি হৰি বৰুৱাৰ ঘৰতে আছে। অনুপমাই কথা ক’বলৈ
শিকাৰ পিছত দেউতাকে হৰিক হৰিকাই বুলি মাতিবলৈ শিকালে। তেতিয়াৰ পৰা হৰি হৈ
পৰিল হৰিকাই। মানুহজনে এইখন ঘৰকে আপোন বুলি লৈ থাকি গ’ল। তাৰ বিয়া বাৰুও পতা
নহ’ল। তাৰ পঞ্চল্লিছ বছৰ
বয়স হ’ল। এতিয়া আৰু বিয়া পতাৰ
চিন্তা সি বাদ দিছে।
অনুপমাৰ অনুৰোধটোৱে হৰিকাইক সমস্যাত পেলালে। সি তাইৰ কোনো অনুৰোধ কেতিয়াও পেলোৱা নাই। তাই তাৰ কোলাত উঠি, বোকোচাত
খেলি ডাঙৰ হোৱা ছোৱালী। তাইক সি নিজৰ জীৰ
দৰেই মৰম কৰে। তাৰ এনে লাগে, তাৰ
নিজৰ পৰিয়াল থাকিলে তাৰ ছোৱালীও আজি ইমান ডাঙৰেই হ’ল হেতেন।
সি ভাত পানী খোৱাৰ পিছত জেকেট টুপি পিন্ধি ওলাই গ’ল। ৰাতি তেতিয়া ভালেমান
হৈছে। সি শুনিছে জংগলৰ মাজেদি যোৱা ৰাস্তা নিৰ্মানৰ কাৰনে বনুৱা
কিছুমান আহি শিবিৰ পাতি আছে। তেওঁলোকৰ কিছুমানে
লগত পৰিয়াল লৈও আহিছে। তাৰ চিনাকী ৰোড মহলাৰ
মহৰী চন্দনে কৈছিল, বনুৱা বোৰৰ ঘৈণীয়েক,
ছোৱালীবোৰো কামত পাৰ্গত। সিহঁতে অস্থায়ী কাম
বিচাৰিয়ে ফুৰে। সি ভাবিলে চন্দনক ক’লে
তেনে এজনী ছোৱালী বা মাইকী মানুহ কেইদিনমানৰ কাৰণে কাম কৰিবলৈ বন্দোবস্ত কৰিব পৰা যায়।
হৰি যেতিয়া চন্দনৰ ওচৰ পালে, চন্দনে ভাত পানী খাই উঠি শুবলৈ যো জা কৰিছিল। সেই সময়ত হৰিক দেখি তেওঁ আচৰিত হ’ল। “ইমান ৰাতি আহিলা যে হৰি”?
হৰিয়ে কথাটো বিবৰি ক’লে। তাক যেনে তেনে ঘৰত কাম বন কৰা মাইকী মানুহ এজনী লাগে।
“ব’লাচোন। এজনী মাইকী মানুহে কাম বিচাৰি আছে বুলি জানো। কথা পাতি চাওঁ কি হয়”। চন্দনে জোতাজোৰ পিন্ধি হাতত টৰ্চটো লৈ ওলাল।
“পইচা পাতিৰ কাৰণে চিন্তা নকৰিবা। সেইবোৰ তুমিয়েই ঠিক কৰিবা। আমাক কেৱল মানুহ এজনী
লাগে”। হৰিয়ে ৰাষ্টাত যাওঁতে
কৈ গ’ল।
কেম্পৰ নাতি দুৰত হৰিক ৰ’বলৈ কৈ চন্দন কেম্পলৈ সোমাই গ’ল। পোন্ধৰ বিশ মিনিটৰ পিছত তেওঁ ওলাই আহি হৰিক লগত লৈ সেই
ঠাই ত্যাগ কৰিলে। তেওঁ ক’লে
যে তেওঁ মানুহ এজনী বন্দোবস্ত কৰিলে। তাই ৰাস্তাত বনুৱা
হিচাপে কাম কৰিবলৈকে ধুবুৰীৰ পৰা আহিছিল, কিন্তু
ঠিকাদাৰে মাইকী বনুৱা নৰখা কাৰনে তাইৰ কোনো কাম নাছিল। দিনটো খাই বৈ পঞ্চাশ
টকা হাজিৰাত তাই মান্তি হৈছে। পিছে তাইক থাকিবলৈ
ব্যৱস্থা কৰি দিব লগীয়া হ’ব পাৰে।
হৰিকাইৰ চিন্তা হ’ল,
চাৰে বা কি কয়। কাৰণ তাই পমুৱা মুছলমান
সম্প্ৰদায়ৰ। নামটো হেনো ৰাবেয়া খাটুন।
পিছদিনা ৰাতিপুৱাই সাত বজাতে ৰাবেয়া আহি বঙলাত হাজিৰ হ’ল। হৰিকায়ে তাইক মাতি
নি পিছফালে বহুৱালে। সি অনুপমাৰ কোঠাই
দুৱাৰত লাহে লাহে টোকৰ মাৰিলে।
চকুত টোপনিৰ ভাৱ লৈ অনুপমা ওলাই আহিল। “কি
হ’ল হৰিকাই? ইমান ৰাতিপুৱাই জগাইছা যে”?
হৰিকায়ে ক’লে,
“আইজনী, মই আইতাজনীক আলপৈচান ধৰিবলৈ মানুহ এজনী
ঠিক কৰিছোঁ। চাৰক কথাটো কোৱাই নাই। তুমি চাই লোৱাহি চোন”। অনুপমাৰ মনটো ভাল লাগি গ’ল। তাই কোঠালৈ সোমাই
গৈ চুলি ফণিয়াই আকৌ ওলাই আহি হৰিকাইৰ লগত পিছফাললৈ গ’ল।
পিছফালৰ বাৰাণ্ডাত মানুহ এজনী কুঁচি মুচি বহি আছে। পিন্ধনত এখন মলিয়ন শাৰী। তাইৰ গাত উৰা কাপোৰ
এখন আছে যদিও সেইখনে ঠাণ্ডা ঢাকিব পৰা নাই। অনুপমাই মানুহ জনীৰ
মুৰৰ পৰা ভৰিলৈ এবাৰ চালে। মানুহজনীৰ বয়স ত্ৰিশ
বছৰ মান হ’ব যেন লাগিল তাইৰ। তাইৰ শাৰী পিন্ধাৰ ধৰণটোৰ পৰাই ক’ব পাৰি যে তাই পূৰ্ব বঙ্গৰ মুছলমান সম্প্ৰদায়ৰ।
অনুপমাই তাইক সুধিলে, “তুমি আগতে ঘৰুৱা কাম কাজ কৰি পাইছানে”?
তাই লাজ লাজকৈ উত্তৰ দিলে, “ঘৰুৱা কাম কাজ নকৰিলে কেনেকৈ হ’ব বাইদেউ। ঘৰৰ সমস্ত কাম কাজ ময়েই কৰিছিলোঁ”। তাই অসমীয়াতে ক’লে
যদিও কোৱাৰ সুৰত পূৰ্ব বঙ্গৰ মানুহৰ কথা কোৱাৰ সুৰ ষ্পষ্টকৈ ধৰিব পৰা যায়।
অনুপমাই পুনৰ সুধিলে, “তোমাৰ ল’ৰা ছোৱালী কেইটা? ক’ত থাকে”?
তাই এইবাৰ ক’লে,
“নাই বাইদেউ। ল’ৰা ছোৱালী নহ’ল কাৰনেই মোৰ মৰদে মোক ঘৰৰ পৰা
খেদি দি আৰু এজনীক বিয়া পাতিছে। সেই কাৰনে কাম বিচাৰি
ইয়ালৈ আহিছোঁ”।
অনুপমাই মানুহজনীক ঠিকেই পালে। তাই ক’লে, “মই তোমাক পিন্ধিবলৈ ভাল কাপোৰ দিম। আমাৰ ইয়াত ভালদৰে পিন্ধা উৰা কৰি চাফ চিকুন হৈ থাকিব লাগিব। কামবোৰ মই দেখুৱাই দিম। হৰিকায়ে তোমাক ক’ত কি আছে দেখুৱাই দিব”।
হৰিকায়ে একাষৰীয়াকৈ মাতি নি অনুপমাক ক’লে, “আইজনী। তাইক একেদিনাই চব
দি নিদিবা। ইহঁত অঘৰীৰ দৰে মানুহ। কেতিয়া নাইকীয়া হৈ
যায়, কোনো ঠিকনা নাই। আৰু মুছলমান মাইকী মানুহ জনীক ৰাখিলে দেউতাই বা কি কয়”?
অনুপমাই কিবা এটা ভাবি মানুহজনীক সুধিলে, “তোমাৰ নাম কি”?
“ৰাবেয়া খাতুন”, তাই
উত্তৰ দিলে।
অনুপমাই অলপ পৰ ৰৈ ক’লে,
“আজিৰ পৰা তোমাৰ নাম ৰাবেয়া নহয়, ৰুবী। তোমাৰ নাম সুধিলে চবকে ৰুবী বুলি ক’বা। আৰু তোমাৰ ঘৰ ওচৰৰে
বঙালী গাওঁত। শাৰীখন তুমি পিন্ধাৰ দৰে
পিন্ধিলে নহ’ব। কেনেকৈ পিন্ধিবা মই
দেখুৱাই দিম। হ’ব”?
“হ’ব”, মানুহ জনীয়ে মুৰ দুপিয়ালে।
ইতিমধ্যে দেউতাক শুই উঠি সমূখৰ ঘাঁহনিত খোজ কাঢ়িছিল। অনুপমাই গৈ তেওঁক ক’লে,
“দেউতা, মই হৰিকাইক কৈ বঙালী গাওঁৰ পৰা ছোৱালী
এজনী অনাইছোঁ, আইতাক অলপ চোৱা চিতা কৰিবলৈ। আমি আটাইকেইটা ওলাই গ’লে
হৰিকাইৰ আইতাক অকলে আলপৈচান ধৰিবলৈ অসুবিধা হ’ব। সেই কাৰনে এই কেইদিনৰ কাৰনেহে অনাইছোঁ। তুমি বেয়া পোৱা নাই তো”?
দেউতাকে ক’লে,
“তই যি ভাল দেখিছ, তাকে কৰ। পিছে চাবি পিছত যাতে একো গন্দগোল নহয়। আজিকালিৰ দিনত বিশ্বাসী মানুহ পোৱাই মস্কিল”।
অনুপমাই ৰুবীক পিন্ধিবলৈ শাৰী দুখন দিলে। মাকে এৰি যোৱা এবাকচ শাৰী আছে। কিছুমান নতুনেই হৈ
আছে। তাইক গা পা ধুবলৈ দি মুখত ঘঁহা পাউডাৰ, স্নোৰ টেমা দিলে। তাইক শাৰীখন ভালদৰে
পিন্ধাত সহায় কৰি দিলে।
No comments:
Post a Comment