আঠমান বজাত ক্লাৰাই সাৰ পালে। সমুখৰ বাৰাণ্ডা খনলৈ ওলাই আহি তাই চৌপাশে চাই পঠিয়ালে। শীতৰ কুৱঁলীৰ আৱৰণ
খহাই লাহে লাহে উজ্জ্বল ৰ’দে চৌপাশৰ সেইজীয়া খিনি যেন আৰু ধুনীয়া কৰি তুলিছে। বতাহত ভাঁহি আহিছে
নাম নজনা বনৰীয়া ফুলৰ সুঘ্ৰাণ। তাই এক স্বৰ্গীয় আমেজত বাৰাণ্ডাৰ ৰেলিঙত ধৰি চকু দুটা
মুদি দিলে। কেভিনে উঠি আহি কাষত
থিয় হোৱা তাই গমকে পোৱা নাছিল।
“এই
ঠাই খিনি একেবাৰে স্কটলেণ্ড যেন লাগিছে”। কেভিনে ক’লে।
“সঁচাকৈয়ে
চোৱাচোন কিমান বিচিত্ৰ ধৰণৰ গছ গছনি, পাত লতা আছে। চৰাইৰ মাত শুনিছা? মই
কেইবাটাও বৰ ধুনীয়া চৰাই দেখিলোঁ”। ক্লাৰাই ক’লে।
কেভিনে ৰ লাগি চাৰিওপিনে চালে। ওখ গছ এজোপাৰ পৰা পাখিৰ ধপ ধপ শব্দ কৰি দীগল ঠোঁটৰ ধনেশ
পখী এটা উৰি গ’ল। কেভিনে ক্লাৰাক আঙুলিয়াই দেখুৱালে, “সৌটো চোৱা, হৰ্ণবিল”।
আইতাকে সাৰ পাইছিল। অনুপমাই ৰুবীক লগত লৈ আইতাকক মুখ হাত ধুই প্ৰাত: কাৰ্য
সমাপন কৰাত সহায় কৰি দিলে। অনুপমাই ৰুবীক কেভিন আৰু ক্লাৰাৰ লগতো চিনাকী কৰি দিলে।
“চোৱা
কেভিন, তেওঁলোক কিমান ভাগ্যবান। ইমান বোৰ সহায় কৰি দিয়া মানুহ আছে। তেওঁলোকে সঁচাকৈয়ে
ৰজাৰ দৰে বাস কৰে। আমাৰ দেশত সকলো কাম আমি নিজেই কৰিব লাগে”। ক্লাৰাই কেভিনক ক’লে।
“তুমি
ইয়াতেই থাকি যোৱা ক্লাৰা। তুমিও সহায় কৰা মানুহ পাবা। ৰাণীৰ দৰে থাকিব পাৰিবা”। কেভিনে জোকালে।
“মই
জানো নহয়, তুমি মোক এৰি থাকিব পাৰিলেই ভাল পোৱা”। এইবুলি তাই মুখ কোঁচালে।
দহমান বজাত আটাইৰে ব্ৰেকফাষ্ট খোৱা হ’ল। ক্লাৰা, কেভিন আৰু অনুপমা ওলাই যাবলৈ সাজু হ’ল। অনুপমাৰ দেউতাকে বন্দোবস্ত কৰি থোৱা বলেৰ’ গাড়ীখন
ন বজাতে আহি বঙলাৰ সমুখত ৰৈ আছিল। অনুপমাই ৰুবীক আইতাকৰ কি কি যতন ল’ব
লাগিব সকলো বুজাই দিলে। দৰৱ বোৰ কোনটো কি সময়ত খাব লাগিব, কাগজ
এখনত লিখি দিয়াৰ লগতে দৰৱৰ পেকেট কেইটাৰ ওপৰতো ষ্টিকাৰ লগাই লিখি থলে। হৰিকাইকো এই বিষয়ে
সঁকিয়াই থলে। বাথৰুমত লব লগা সাৱধানতাবোৰৰ
বিষয়ে বুজাই দিলে।
আইতাকৰ যতন লবলৈ অনুপমাৰ লৰা ধপৰা দেখি কেভিনে এবাৰ আহি তাইক ক’লে,
“মই নাজানো মই তোমাক কিদৰে ধন্যবাদ জনাম অনুপমা। আইতাৰ বিষয়ে মই একো
ভাবিব লগীয়াই হোৱা নাই”।
অনুপমাই মিচিকিয়াই ক’লে, “তুমি এই কেইদিন তোমাৰ কামৰ বিষয়ে ভাবিলেই
হ’ব”।
ওলাওঁতে দেৰী হোৱাৰ কাৰনে অনুপমাই অনুমান কৰিলে যে সময়মতে তেওঁলোকে ডিব্ৰুগড় এয়াৰপোৰ্ট
নাপাবগৈ পাৰে। তাই ক্লাৰাৰ কেমেৰাৰ বেগটোৰ বিষয়ে খবৰ কৰাৰ উপায় এটা ভাবিলে। প্ৰশান্ত হঁতৰ অফিচৰ
বাছ যিহেতু নিতৌ এয়াৰপোৰ্টলৈ যায়, সেয়ে বাছ খনত যোৱা কোনোবা মানুহক বেগটোৰ
খবৰ কৰিবলৈ অনুৰোধ কৰিব পৰা যায়। বেগটো আহি পোৱাটো সঠিককৈ গম পালে এয়াৰপোৰ্টলৈ গৈ হয়তো
বেগটো ক্লাৰাই নিজেই আনিব লাগিব। কিন্তু কিবা কাৰণত বেগটো নাহিলে কেভিনৰ এটা দিন নষ্ট হ’ব। সেয়ে তাই প্ৰশান্তলৈ
ফোন কৰিলে।
“প্ৰশান্ত। যোৱাকালি তুমি আমাক
যিমান সহায় কৰিলা, তাৰ পিছত তোমাক কবলৈ বেয়াই লাগিছে”। কথাটো পোনেই ক’বলৈ
অনুপমাৰ সংকোচ হ’ল।
“ধেৎ,
মইনো কি ইমান ডাঙৰ কামটো কৰিলোঁ? কোৱাচোন কি কথা
আছে”?
“আজি
এয়াৰপোৰ্টত ছাহাৰাৰ বিমান যোগে ক্লাৰাৰ বেগটো আহি পোৱাৰ কথা। তোমালোকৰ অফিচৰ গাড়ী
এয়াৰপোৰ্টলৈ তো গৈয়েই থাকে। তুমি বেগটো খবৰ এটা লৈ সংগ্ৰহ কৰাব পাৰিবানে”?
“আজি
মোৰ লগৰ এজন এয়াৰপোৰ্ট যাবই। একো চিন্তা নকৰিবা। মই সংগ্ৰহ কৰাই দিব পাৰিম। কেৱল মোক লাগেজ টেগৰ নম্বৰটো আৰু ক্লাৰাৰ টিকটৰ সবিশেষ
দিয়া”।
অনুপমাই ততাতৈয়াকৈ টিকটৰ নম্বৰ, লাজেজ টেগৰ নম্বৰ ফোনতে প্ৰশান্তক ক’লে। “বেয়া নাপাবা প্ৰশান্ত। সময়ৰ নাটনিৰ কাৰণে তোমাক আমনি দিব লগীয়া হ’ল”। তাই ক’লে।
গাড়ীত বহাৰ পিছত অনুপমাই কেভিনক ক’লে, “আমি ডিগবৈ তৈলক্ষেত্ৰৰ
পৰাই আৰম্ভ কৰোঁ ব’লা। সেই সময়ত যিটো অঞ্চলত ব্যাপক ভাৱে তেলৰ সন্ধান কৰা হৈছিল
আৰু কেইবাটাও তৈল খাদৰ খনন কৰা হৈছিল, সেই অঞ্চলটো আমাৰ ঘৰৰ একেবাৰে ওচৰত। আচলতে আমি এতিয়া ডিগবৈ
তৈলক্ষেত্ৰৰ ওপৰতে আছোঁ”।
কেভিনে আচৰিত হোৱাৰ দৰে ক’লে, “ওৱাও,
আমি সঁচাকৈয়ে ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰৰ ওপৰতে আছোঁ নেকি?
তুমি ক’ব বিচাৰিছা যে মই যি ঠাইত থিয় হৈ আছোঁ,
সেই ঠাইত খান্দিলে মাটিৰ তলৰ পৰা তেল ওলাব”। তাৰ মুখত হাঁহি বিৰিঙি
উঠিল। “এয়া
মোৰ কাৰনে সঁচাকৈয়ে এক আচৰিত অনুভূতি। বঢ়িয়া অনুপমা, তুমি কোৱা মতেই হ’ব। আজি আমি ডিগবৈ তৈলক্ষেত্ৰ চাম”।
ক্লাৰাই ক’লে, “আমি হাতীৰ ভৰিত তেল লাগি অহাৰ পিছত সেই
তেল বিচাৰি গৈ অৰণ্যৰ মাজত তেলৰ সন্ধান পোৱা সেই দৃশ্যটো ছুটিং কৰিবলৈ উপযুক্ত ঠাই
এডোখৰৰো সন্ধান কৰিব লাগিব। আজি ঠাইবোৰ ভালদৰে চাই ল’লে
মই নিজে সিদ্ধান্ত ল’ব পাৰিম। পমাই হাতী দুটাৰ বিষয়ে কথা পাতিয়েই থৈছে। মাত্ৰ মোৰ কেমেৰা
আহি পালেই হয়”।
ডিচেম্বৰ মাহৰ শীতৰ কুঁৱলীৰ চাদৰ ফালি ওলোৱা কোমল ৰ’দজাকত
ডিগবৈৰ ওখ চাপৰ টিলাবোৰ বৰ সুন্দৰ দেখা যায়। টিলাবোৰত থকা ধুনীয়া চাংবঙলাবোৰে অঞ্চলটোৰ শোভা আৰু বঢ়াই
তোলে। কেভিনে ক’লে,
“এই দৃশ্য একেবাৰে স্কটলেণ্ডৰ গাওঁবোৰৰ নিচিনা। ইমান ধুনীয়া। ক্লাৰা, এইখিনিৰ
ফটো তুমি সংগ্ৰহ কৰিবই লাগিব”।
“হে
প্ৰভু যীশু, মোৰ কেমেৰাৰ বেগটো যেন আজি আহি পায়”, ক্লাৰাই মনে মনে প্ৰাৰ্থনা
কৰিলে।
গাড়ীৰে অলপ দূৰ গৈয়েই তৈলক্ষেত্ৰৰ সংৰক্ষিত অঞ্চলটোলৈ যোৱা গেট খন পালে। অনুপমাই ভিতৰলৈ যোৱা
অনুমতি পত্ৰ সংগ্ৰহ কৰিয়েই থৈছিল। গেটত থকা বহী এখনত নাম ঠিকনা লিখিহে ভিতৰ সোমাব পাৰি।
ভিতৰলৈ অলপ সোমোৱাৰ পিছতে আৰম্ভ হৈছে ওখ টিলা এটালৈ অকোৱা পকোৱা বাট এটা। সেই বাটটোৰ কাষত অসংখ্য
ড্ৰিলিং ৰিগৰ লোহাৰ জুমুধি। কেভিনৰ এনে লাগিল যেন সি ড্ৰিলিং ৰিগৰ এখন সমাধিস্থলীত
প্ৰৱেশ কৰিছে, য’ত প্ৰতিটো ৰিগৰে এক অলিখিত ইতিহাস আছে।
“কি যে অপূৰ্ব দৃশ্য, এনে অপৰূপ
তৈলক্ষেত্ৰৰ দৃশ্য নেদেখিলে বিশ্বাস কৰাই টান”, ৰিজ ৰোডেৰে
আহি ডিগবৈ তৈলক্ষেত্ৰৰ আটাইতকৈ ওখ টিলাটোত থকা দৰ্শন গৃহটোৰ ৰেলিঙত ভেজা দি তলৰ
শাৰী শাৰী ড্ৰিলিং ৰিগৰ অৱশিষ্ট বোৰলৈ চাই কেভিনে মন্তব্য কৰিলে।
সুবিশাল এলেকা জুৰি বিস্তৃত হৈ থকা এই তৈলখাদ সমূহত
এতিয়াও যে প্ৰাণ আছে তাৰ প্ৰমান দিয়ে কেইটামান খাদত চলি থকা পাম্প বোৰে। বহু বছৰ
ধৰি তেল উত্পাদন কৰাৰ পিছত তৈল খাদ সমুহৰ নিজস্ব চাপ কমি যায়। তেতিয়া পাম্পৰ
সহায়েৰে তেল টানি উলিয়াব লগীয়া হয়। ডিগবৈ তৈলক্ষেত্ৰৰ পৰা এতিয়াও যে যথেষ্ট
পৰিমানৰ খনিজ তেল উত্পাদন হয়, তাৰ প্ৰমান দিয়ে দৰ্শন গৃহটোৰ অলপ
আঁতৰত অহৰ্নিশে চলি থকা বয়লাৰ টোৱে। এই বয়লাৰটোত খাদৰ পৰা অহা আঠালেটীয়া মমযুক্ত
খনিজ তেল তাপৰ জৰিয়তে জুলীয়া কৰা হয়।
“মোক এটা কথা কোৱাচোন কেভিন, ইমানবোৰ খাদ
যে ইয়াত খন্দা হ’ল, সকলোবোৰ খাদৰ পৰাই
খনিজ তেল উত্পাদন হৈছিল নেকি”? ক্লাৰাই সুধিলে।
কেভিনে হাঁহি মাৰি ক’লে, “আচলতে
প্ৰথম অৱস্থাত কোনো বৈজ্ঞানিক অনুসন্ধান নকৰাকৈয়ে এই তৈলখাদৰ সমূহ খনন কৰা হৈছিল।
যি ঠাইতে মাটিৰ পৰা তেল নিগৰি ওলোৱা দেখিছিল, সেই ঠাইতে ৰিগ
এটা বহুৱাই ড্ৰিলিং কৰিছিল। গতিকে কিছুমানত তেল পাইছিল, কিছুমানত
পোৱা নাছিল”।
অনুপমাই কথাত যোগ দি ক’লে, “এটা মজাৰ
কথা কি জানা, ডিগবৈৰ বহুতো খাদত আনকি ডিগবৈৰ ১ নং খাদটোৰ
ওচৰৰ মাটিৰ পৰা এতিয়াও বিৰিঙি বিৰিঙি তেল ওলাই থাকে। পিছে যথেষ্ট মাত্ৰাত নোলায়
কাৰনে ব্যৱসায়িক ভাৱে সেই তেল ব্যৱহাৰ কৰা নহয়”।
ক্লাৰাই কিবা এটা চিন্তা কৰি ক’লে,
“এই অঞ্চলত সেই সময়ত তেলৰ খাদ খন্দা কোম্পানীটোকো মানিছো দেই। তেওঁলোকে
চাগে কিমান যে কষ্টৰ সন্মুখীন হ’ব লগীয়া হৈছিল”।
কেভিনে ক’লে, “মই জনা মতে
ডিগবৈত খাৰুৱা তেলৰ আৱিস্কাৰ আছাম ৰেইলৱে এণ্ড ট্ৰেডিং কোম্পানীৰ কাৰণে ডাঙৰ সফলতা
আছিল। ইতিমধ্যে দুৰ্গম অসমত সফলতাৰে ৰেলপথ নিৰ্মান কৰাৰ গৌৰৱ কোম্পানীটোৱে লাভ
কৰিছিল। এই সফলতাত উদ্ধুদ্ধ হৈ তেওঁলোকে অধিক খননৰ কাৰনে যন্ত্ৰ পাতি, সা সঁজুলিবোৰ আনিবলৈ সুবিধা হোৱাকৈ বৰবিলৰ ৰেল ষ্টেচনটো ভাঙি ইতিমধ্যে
ডিগবই হিচাপে জনাজাত হোৱা এলেকাটোত এটা ৰেল ষ্টেচন সাজিলে। ডিগবৈ ৰেল ষ্টেচন।
সেইটো ষ্টেচনটো হেনো আজিও আছে”।
ঠাণ্ডা বতাহ এজাকে তেওঁলোকক চুই গৈছিল। ক্লাৰাই
ছিগাৰেট এটা জ্বলালে। কেভিনকো এটা যাচিলে যদিও সি নল’লে।
ছিগাৰেটত হোপা মাৰি ক্লাৰাই কেভিনক ক’লে, “তাৰ পিছত কি হ’ল কৈ যোৱাচোন। এই ঠাইডোখৰত অলপ সময়
কটাই মোৰ বৰ ভাল লাগিছে”।
কেভিনে ক’লে, “ডিগবৈ ১ নং
খাদটোত আশাতীত সফলতা লাভ কৰিলেও ১৮৯১ চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰা ডিগবৈ ২ নং
খাদটো ৭২০ ফুট খনন কৰাৰ পিচত শুকান বুলি প্ৰমাণিত হয়”।
“খাদ এটা শুকান কেনেকৈ হ’ব পাৰে? মাটি খান্দিলে পানী হ’লেও তো ওলাবই”। ক্লাৰাই মুখেৰে
ধোঁৱা উৰুৱাই সুধিলে।
কেভিনে হাঁহিলে, “খাদ এটা শুকান মানে এইটো নহয় যে তাত
পানীও নোলাব। শুকান খাদ মানে এইটো বুজায় যে সেইটো খাদত খনিজ তেল পোৱা সম্ভৱ নহ’ল”।
ক্লাৰাই মুৰ দুপিয়াই বুজালে যে তাই কথাটো বুজিছে। “খাদত
একো নাপালে কি কৰে”? তাই সুধিলে।
“মই জনাত এটা খাদত একো নাপালে সেই খাদটোৰ ওপৰত কেপ লগাই খাদটো
পৰিত্যাগ কৰে। হয়নে নহয় কেভিন”? অনুপমাই কেভিনলৈ চাই ক’লে।
“এৰা একো নাপালে খাদটো বন্ধ কৰি পৰিত্যাগ কৰা হয়। কেপ লগোৱাৰ আগতে
খনন কৰা গাতটো ভালদৰে বন্ধ কৰি থোৱাৰ ব্যৱস্থা কৰা হয় যাতে ভৱিষ্যতে খন্দা ঠাইৰ
পৰা কোনো কাৰণতে ভূগৰ্ভৰ জুলীয়া দ্ৰব্য ওলাই নাহে। আজিকালি খাদ বন্ধ কৰিবলৈ ৰবৰৰ সোপা লগাই তাৰ ওপৰত
চিমেণ্ট ঢালি থোৱা হয়”। কেভিনে ক’লে।
“বুজিলোঁ, দ্বিতীয় খাদটোত তেল নাপাই খাদটো
পৰিত্যাগ কৰিব লগীয়া হ’ল। নহয় জানো”? অনুপমাই
ক’লে।
“ঠিকেই কৈছা অনুপমা। এই খাদটো পৰিত্যাগ কৰাৰ পিচত ১৮৯২ চনত ৩ নং
খাদটোৰ খনন আৰম্ভ হয়। ৩ নং খাদটোতোৰ বিষয়ে এটা আমোদজনক কাহিনী আছে। এই খাদটোতো
খনিজ তেল উত্পাদন হোৱাৰ কোনো আশা নেদেখি খাদটোৰ অধীক্ষক অভিযন্তা মি: স্লেকে এই খাদটোও হেনো পৰিত্যক্ত বুলি ঘোষণা কৰিবলৈ যো – জা চলাইছিল। খনন কাৰ্যত নেৰানেপেৰাকৈ লাগি থাকি তেওঁৰ অলপ বিৰতি লবৰো মন
গৈছিল। তেওঁ নিজৰ ভাতৃক খাদটোৰ কাম চাবলৈ কৈ ওচৰৰ মাৰ্ঘেৰিটালৈ গ’ল। খাদটো বন্ধ কৰিবলৈ কেইপদ মান সঁজুলিও আনিবলগীয়া আছিল”।
“মাৰ্ঘেৰিটাত কি সঁজুলি পোৱা গৈছিল। সেই সময়ত মাৰ্ঘেৰিটা ইমান
উন্নত আছিল নে”? অনুপমাৰ প্ৰশ্ন।
কেভিনে আকৌ হাঁহিলে। “মাৰ্ঘেৰিটা সেই সময়ত কয়লা খননৰ
কেন্দ্ৰ হৈ পৰিছিল। কয়লা খনিত কাম কৰিবলৈ ইউৰোপৰ পৰাও শ্ৰমিক কৰ্মচাৰী অনা হৈছিল।
সেই সকল লোকৰ উপস্থিতিত মাৰ্ঘেৰিটা এখন উন্নত ঠাই হৈ পৰিছিল। মাৰ্ঘেৰিটাত কয়লা
খননৰ সঁজুলি বনোৱা সৰু সৰু কাৰখানা গঢ়ি উঠিছিল। এইবোৰত খননৰ বাবে প্ৰয়োজনীয়
সঁজুলিও তৈয়াৰ কৰা হৈছিল”।
“বুজিলোঁ। ককায়েক যোৱাৰ পিচত ভায়েকে কি কৰিলে”? ক্লাৰাই আগ্ৰহেৰে সুধিলে।
“ককায়েক ওলাই যোৱাৰ পিচত ভায়েকৰ কৰিবলৈ একো কাম নাছিল। তেওঁ
এনেয়ে ইফাল সিফাল কৰি আছিল। পিছে অসহ্য মহৰ কামোৰ আৰু অনবৰত শুনি থকা ভেকুলীৰ মাতত
তেওঁ আতিস্থ হৈ পৰিল। ককায়েকে বহুত সময় লগোৱাত তেওঁৰ আমনি লাগিল, কিবা
এটা কৰিবৰ মন গ’ল। কৰিবলৈ একো নথকাত তেওঁ পুনৰ কেইফুট মান
খনন কৰাৰ সিদ্ধান্ত ল’লে”।
“মই অনুমান কৰিব পাৰিছোঁ। চাৰিওপিনে মহৰ কামোৰ, বনৰীয়া জন্তুৰ চিঞৰ, ভেকুলীৰ মাত। কিন্তু কৰিবলৈ একো
কাম নাই। এনে অৱস্থাত থকা মানুহে কিবা এটা কাম কৰিব পাৰিলেহে শান্তি পাব”। ক্লাৰাই ক’লে।
“এৰা, তেওঁ সময় কটাবলৈকে খান্দিবলৈ ধৰিলে।
কেই ফুট মান খন্দাৰ পিছতে খন্দা পাইপত খাদৰ ভিতৰত কিহবাই জোৰেৰে খুন্দিয়ালে। পাইপ
ডাল জোকাৰ খাই লৰিবলৈ ধৰিলে। ককায়েকৰ অনুপস্থিতিত এনে অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন
হৈ তেওঁৰ ভয় লাগিল। কিন্তু যি হয় হওক বুলি তেওঁ পুনৰ অধিক গভীৰতালৈ খনন কৰিবলৈ
ধৰিলে”।
“এয়া একেবাৰে মিষ্টাৰ গুডিনাফে প্ৰথম তেল পোৱাৰ ঘটনাটোৰ দৰেই
লাগিছে”। অনুপমাই ক’লে।
“এৰা তেলৰ বৃহৎ ভাণ্ডাৰত উপনীত হোৱাৰ অনুভৱ সকলোৰে বাবে একেই।
আৰু মাত্ৰ দুফুট মান খনন কৰাৰ পিচতে তেওঁ খনিজ তেলৰ এটা বৃহত ভাণ্ডাৰত উপনীত হ’ল। হঠাতে ভূ গৰ্ভৰ পৰা বিকট শব্দ কৰি তেল উঠি আহি পাইপ ওফৰাই পঠিয়ালে।
তেলৰ ফোৱাঁৰা প্ৰায় ৪০ ফুট ওপৰলৈ উঠিল। তেলৰ বৰষুণে কাম কৰি থকা বনুৱা বোৰক বুৰাই
পেলালে। সেই খাদটোৰ পৰা প্ৰচুৰ পৰিমানৰ খনিজ তেল উত্পাদিত হ’ল।
ইয়াৰ পিচত ডিগবৈ খাদ নং ৪ ৰ পৰাও ৯১০ ফুট গভীৰতাৰ পৰা তেল উত্পাদিত হয়”।
অনুপমাই ক’লে, “মোক সৰুতেই
দেউতাই শিকাইছিল যে মানুহে কেতিয়াও আশা এৰি দিব নালাগে। যিবোৰ মানুহে প্ৰথমতে সফল
হ’ব নোৱাৰিলেও আশা এৰি নিদি কামত লাগি থাকে, তেওঁলোককহে সৌভাগ্যই সহায় কৰে। এই কাহিনীটোৰ পৰাও আমি ইয়াকেই শিকিব পাৰোঁ”।
“সেইদিনা আৰু কেইফুট মান খনন নকৰা হ’লে তাহানিতে
ডাৰ্বি নামৰ ব্যক্তিজনে মাত্ৰ তিনি ফুট অধিক খনন নকৰাৰ বাবে আমেৰিকাৰ সৰ্ব বৃহৎ
সোণৰ খনি আৱিস্কাৰ কৰিবলৈ ব্যৰ্থ হোৱাৰ দৰেই হ’ল হেঁতেন।
সৌভাগ্যৰ কথাই আছিল যে সেইদিনা মিষ্টাৰ স্লেকৰ ভাতৃয়ে আৰু কেইফুট মান খন্দাৰ
সিদ্ধান্ত ল’লে”। কেভিনে ক’লে।
“তাৰ মানে সেই সময়ত বেছিভাগ আৱিস্কাৰেই সৌভাগ্যক্ৰমে হোৱা
আৱিস্কাৰ আছিল”, ক্লাৰাই ক’লে।
কেভিনে ক’লে, “এৰা,
সেই সময়ত খননৰ কাৰণে স্থান নিৰ্বাচন কৰোঁতে কোনো ধৰণৰ ভূ তাত্বিক
জৰীপ বা আন বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ হোৱা নাছিল। বহুত ক্ষেত্ৰত মাটিৰ পৰা আপোনা
আপুনি তেল নিগৰি থকা এলেকা বোৰতে খনন কৰা হৈছিল। অৱশ্যে খনিজ তেল উত্পাদনত
ধাৰাবাহিক সফলতা লাভ কৰি থকাৰ কাৰণে এই বিষয়ত কোম্পানীটোক কোনেও প্ৰশ্ন কৰা নাছিল।
১৮৯৩ চনৰ শেষ ভাগলৈ মুঠতে দহটা খাদৰ পৰা তেলৰ উত্পাদন কৰিব পৰা হৈছিল। দুস্প্ৰাপ্য
খনিজ তেলৰ আৱিস্কাৰে ব্ৰিটিছ চৰকাৰক আনন্দিত কৰিলে। চৰকাৰে ডিগবৈ অঞ্চলত আৰু অধিক
খনন কাৰ্য্য কৰি যাবলৈ কোম্পানীক অনুমোদন দিলে”।
অনুপমাই ক’লে, “সেই সময়ত
এই খনন কাৰ্য্য কিমান যে চাগে প্ৰত্যাহ্বান পূৰ্ণ আছিল নহয়নে? আৰু তেতিয়াতো অসমত শোধনাগাৰেই নাছিল। তেল উত্পাদন কৰি তেওঁলোকে ব্যৱহাৰ
কেনেকৈ কৰিছিল”?
কেভিনে হাঁহি মাৰি ক’লে, “ডিগবৈ চহৰৰ
ছোৱালী হৈ তুমি সেই সময়ৰ শোধনাগাৰৰ কথা নাজানা নেকি”?
“নাই, মই সঁচাকৈয়ে নাজানো। তেওঁলোকে চাগে
বিশেষ ধৰণে শোধনৰ কাম কৰিছিল”। নজনা কথা নাজানো বুলি কবলৈ অনুপমাই লাজ নকৰে।
কেভিনে আকৌ ক’লে, “তুমি ঠিকেই
ধৰিছা, উত্পাদিত তেল ব্যৱহাৰৰ কাৰনে কোম্পানীটোৱে এটা
শোধনাগাৰ নিৰ্মাণৰ কথাও চিন্তা কৰিবলগীয়া হ’ল। মই কৈছোঁৱেই
সেই সময়ত কয়লা খনিৰ কাম আৰম্ভ হোৱা বাবে মাৰ্ঘেৰিটা অঞ্চলটো এখন সৰু নগৰৰ ৰূপ
লৈছিল। ১৮৯৪ চনত মাৰ্ঘেৰিটাত এটা সৰু শোধনাগাৰ স্থাপন কৰা হ’ল
আৰু ডিগবৈৰ পৰা ৰেল যোগে খাৰুৱা তেল এই শোধনাগাৰটোলৈ পঠিওৱাৰ ব্যৱস্থা হ’ল। প্ৰায় ৭ বছৰ কাল এই শোধনাগাৰটোত খাৰুৱা তেলৰ প্ৰাথমিক শোধনৰ ব্যৱস্থা
কৰা হ’ল। ডিগবৈ শোধনাগাৰ ১৯০১ চনৰ পৰাহে কাৰ্য্যক্ষম হৈ
উঠিছিল”।
“অনুপমা, মন কৰিছানে, কেভিনে ডিগবৈৰ কথা তোমাতকৈও বেছিকৈ জানে। মই এতিয়াহে বুজিলোঁ, অনবৰত কিতাপৰ মাজত মুৰ গুজি সি এইবোৰকে পঢ়ি থাকে”, খিলখিলকৈ
হাঁহি ক্লাৰাই ক’লে।
সেই ঠাইৰ পৰা দেখা পোৱা ডিগবৈ শোধনাগাৰটোলৈ আঙুলিয়াই
অনুপমাই ক’লে, “সেয়া চোৱা ডিগবৈ শোধনাগাৰ। এশ বছৰ
সম্পূৰ্ণ কৰা এই শোধনাগাৰটো বোলে এতিয়া বিশ্বৰ আটাইতকৈ পুৰণি কাৰ্য্যক্ষম
শোধনাগাৰ। শোধনাগাৰটো তোমালোকক দেখুৱাবলৈ নিলে কেভিনে মোক চাগে আৰু লাজ দিব,
কাৰণ ডিগবৈৰ ছোৱালী হৈও মই শোধনাগাৰটোৰ বিষয়ে বিশেষ একো নাজানো”।
কেভিনে হাঁহি মাৰি ক’লে, “চিন্তা
নকৰিবা অনুপমা, আমি দুয়োৱে দুয়োৰে পৰা বহুত কথা শিকিব লগীয়া
আছে”।
সেইটো অঞ্চলতে থকা ডিগবৈ খাদ নং ১ লৈয়ো তেওঁলোক গ’ল।
খাদটো এটা স্মাৰক হিচাপে সুৰক্ষিত কৰা আছে। পিছে খাদটো একেবাৰে ওচৰৰ পৰা চাবলৈ হ’লে অয়ল ছেণ্টিনেৰী মিউজিয়ামৰ প্ৰৱেশ পথেদি সোমাব লগীয়া হয়। মিউজিয়াম চোৱাৰ কাৰ্য্যসূচী পিছলৈ ৰখা বাবে
সেইদিনা তালৈ তেওঁলোক নগ’ল। তৈলক্ষেত্ৰ অঞ্চলত কিছু সময় ঘুৰি
ফুৰি দুপৰীয়াৰ আহাৰ কৰিবলৈ তেওঁলোক অনুপমাৰ ঘৰলৈ আহিল।
No comments:
Post a Comment