Saturday, January 20, 2018

খণ্ড ২৮

ৰাতি ভাতপানী খাই প্ৰশান্তই কেভিনক তাৰ কোৱাৰ্টাৰলৈ লৈ গল। আইতাকক শোৱাই থৈ অনুপমা আহি ক্লাৰাৰ ওচৰত বিচনাত পৰিল। ক্লাৰাই চকু দুটা মুদি বিচনাত পৰি আছিল।
তাই অনুপমাক কলে, “আজি খ্ৰিষ্টমাছ ইভ। মই আজি এই সময়ত গীৰ্জালৈ গলোঁহেতেন
তোমাৰ চাগে খুব বেয়া লাগিছে। আজি ঘৰৰ মানুহৰ কথা চাগে মনত পৰিছে
নাই, মোৰ বেয়া লাগিলে নো কি হব। মোৰ কথা কোনেনো চিন্তা কৰে। আজি অৱশ্যে মোৰ ঘৰত খাই বৈ শুই থকাৰ মন নাছিল। অলপ উলহ মালহেৰে সময় কটোৱাৰ মন আছিল। আজিৰ দিনটোত আমাৰ ঠাইত ইমান সোনকালে কোনেও নোশোৱে
এৰা ক্লাৰা। মই বুজিছোঁ। তুমি মনে বিচৰা মতে ইয়াত বহুত কিবা কিবি পোৱা নাই। কিন্তু কিনো কৰিবা। ইয়াত এনেকুৱাই। লণ্ডনত পোৱা কিছুমান বস্তু ইয়াত নোপোৱা
হঠাতে কিবা এটা মনত পৰাৰ দৰে ক্লাৰাই অনুপমাৰ পিনে চাই কলে, “অনুপমা, আজি প্ৰশান্তৰ হঠাতে ইমান খং কিয় উঠিছিল বাৰু। মোৰ এনে লাগিছিল, কথাটো তুমি কোৱাৰ দৰে নাছিল। তুমি নিশ্চয় মোৰ পৰা কথা লুকুৱাইছিলা। সেয়া কেৱল টকা ঘূৰাই দিয়াৰ কথা আছিলনে?”
অনুপমাই ক্লাৰাক আৰু ফাঁকি দিব নোৱাৰিলে। পুৰুষৰ কিছুমান কাৰ্য দেখিলে নাৰীয়ে হয়তো নিজে নিজেই বহুত কথা গম পাই যায়।
খাদত এজন মানুহে তোমাৰ বিষয়ে এটা বেয়া মন্তব্য কৰিছিল। সেই কাৰনে তাৰ ইমান খং উঠিছিল
কথাটো শুনি ক্লাৰা থত মত খোৱাৰ দৰে হল। কি বেয়া মন্তব্য কৰিছিল”?
ময়ো ভালদৰে নুশুনিলোঁ কি কৈছিল। কিন্তু কিবা এটা অসভ্য কথা কৈছিল
মোৰ বিষয়ে কোনোবা এজনে কোৱা বেয়া কথা এটা শুনিয়েই সি ইমান উগ্ৰ হৈ উঠিছিল নে? তাতে মই মানুহজনক চিনি নাপাও আৰু ভৱিষ্যতেও মোৰ মানুহজনৰ লগত দেখা হোৱাৰ কোনো সম্ভাৱনা নাই। এইবোৰ কথা পাত্তাই দিব নালাগে। মোৰ কথা কোনোবাই বেয়াকে কোৱা বুলি শুনিলে কেভিনেও চাগে ইমান খং নকৰিলেহেতেনঅনুপমাই তাইৰ কথা শুনি অলপ পৰ তাইৰ মুখলৈ চাই ৰল।
অনুপমাই সোধো নোসোধোকৈ ক্লাৰাক সুধিলে, “তুমি প্ৰশান্ত লৰাটো কেনে বুলি ভাবা ক্লাৰা”?
ক্লাৰাৰ মুখখন উজ্বলি উঠিল। তাই কলে, “প্ৰশান্ত যথেষ্ট ভাল লৰা। সি এটা জিনিয়াছ। সি জীৱনত বহুত ওপৰলৈ যাব। মোৰ তাক বৰ ভাল লাগে
ক্লাৰাৰ মুখত তাৰ প্ৰশংসা শুনি অনুপমাৰ ভাল লাগিল। অন্তত: তাইৰ চকুত সি এজন ভাল লৰা।
প্ৰশান্তই কিয় একেকুৱা কৰিছিল মই বুজিব পৰা নাই পমাক্লাৰাই অনুপমালৈ চালে।
তোমাক কিজানি সি ভাল পায় সেই কাৰনে সি তেনেকুৱা কৰিছিল অনুপমাই দুষ্টামি ভৰা হাঁহিৰে কলে।
ক্লাৰাই কথাটো শুনি হো হোৱাই হাঁহি দিলে। মই ভবাত তেনেকুৱা একো কথা নাই। এয়া অসম্ভৱ। সি কিয় মোক ভাল পাব?”
তাই অলপ পৰ ৰৈ কলে,  “পিছে মই কথা এটা ভাবিছোঁ পমা। মোৰ মতে সি তোমাৰ কাৰনেহে বৰ উপযুক্ত হব। তোমালোক দুয়ো একে ঠাইৰে, একে ভাষা, একে ধৰ্ম, একে সংস্কৃতিৰ। তাতে তোমাৰ বয়ফ্ৰেণ্ড নাই। তুমি তাক বয়ফ্ৰেণ্ড কৰি নোলোৱা কিয়”?
অনুপমাৰ মুখৰ হাঁহিটো কিছু ম্লান হল। তাই কলে, “আমাৰ সমাজত বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ সম্পৰ্কবোৰ তোমালোকৰ নিচিনা নহয় ক্লাৰা। আমাৰ ইয়াত এনে সম্পৰ্ক অকল বিয়া পতাৰ প্ৰতিশ্ৰুতিত হে কৰা হয়
ক্লাৰাই অলপ পৰ মনে মনে থাকিল। তুমি প্ৰশান্তক বিয়া পতাত আপত্তি কি আছে। বিয়া পতাটো সকলো ছোৱালীৰে সপোন। মোক পিছে আজিলৈকে কোনেও বিয়া পাতিম বুলি কোৱাই নাই। কলে মই ইমানদিনে পাতিলোৱে হেতেন
মই কেভিনক কম নেকি তোমাক বিয়াৰ প্ৰস্তাৱ দিবলৈ”? অনুপমাই ক্লাৰাক জোকাই চালে।
তেনেকুৱা কাম ভুলতো নকৰিবা। সি যিদিনা তাৰ জীৱনত মোৰ মূল্য বুজি পাব, সি নিজেই মোক প্ৰস্তাৱ দিব। কিন্তু যদি সি নুবুজে মই আঁতৰি যামগৈ। মোৰ কাকো কাবৌ কাকূতি কৰিবলৈ নাইক্লাৰাই অভিমানেৰে কলে।
তোমাৰ মা দেউতা হঁতে কেভিনৰ কথা জনেনে? তেওঁলোকে কেভিনৰ লগত তোমাৰ বিয়া হলে চাগে সুখীয়েই হব নহয়নে”?
ক্লাৰাৰ হাঁহি উঠি গ, “তুমি কি কথাবোৰ কৈছা। মোৰ মা দেউতাই এইবোৰ কথাত মুৰ নঘমায়। মই কাৰ লগত ঘুৰিছোঁ, কাৰ লগত শুইছোঁ, কাক বিয়া পাতিছোঁ এইবোৰ তেওঁলোকৰ কাৰণে দৰকাৰী কথা নহয়। মই যদি উপাৰ্জন কৰি দুপইচা ঘৰলৈ পঠিয়াব পাৰোঁ, তাতেই তেওঁলোক সন্তুষ্ট
আমাৰ ইয়াত পিছে মাক দেউতাকে লৰা ছোৱালীৰ বিয়া বাৰুত এতিয়াও হস্তক্ষেপ কৰে। বিয়া পাতিবলৈ হলে মাক দেউতাকৰ সন্মতি প্ৰয়োজনীয় বুলি ভবা হয়
আচলতে সেইটোৱেই ভাল জানা। আমাৰ সম্পৰ্কবোৰৰ কোনো শক্তিশালী বান্ধোন নাথাকে। আজি সকলোৱে জানে কেভিন মোৰ বয়ফ্ৰেণ্ড, কিন্তু কাইলৈ সি আন এজনী ছোৱালীক ভাল পাই পেলালে মোৰ তাত কব লগীয়া একো নাথাকে। মই তাৰ পৰা একো দাবী কৰিবও নোৱাৰোঁ। তেতিয়া মই তাৰ জীৱনৰ পৰা নিৰৱে আঁতৰি গৈ আন এজন বয়ফ্ৰেণ্ড বিচাৰিব লাগিব। তোমালোকৰ ইয়াত হয়তো সেই সমস্যাটো নাই
কথাখিনি কৈ ক্লাৰা অলপ সময় মনে মনে থাকিল। অনুপমায়ো কথাবোৰ মনতে জুকিয়াই চালে।
তুমি নিশ্চিত নে ক্লাৰা, কেভিনে তোমাক ভাল পায় আৰু তোমাকে বিয়া কৰাবনীৰৱতা ভংগ কৰি অনুপমাই সুধিলে।
ক্লাৰাই আকৌ হাঁহি দিলে। মই কেতিয়াও নিশ্চিত নাছিলোঁ অনুপমা, আজিও নহয় মোৰ প্ৰতি কেভিনৰ ভালপোৱা আছে নে কেৱল দয়া আছে। মই তাৰ ওচৰত কেইবাটাও কাৰনত ঋণী। সি মোক জীৱনত বহুত সহায় কৰিছে। কিন্তু আজিও মোৰ এনে লাগে যিকোনো সময়তে আমাৰ সম্পৰ্কটো ভাগি যাব পাৰে
মই তোমালোকৰ সম্পৰ্কটো চিৰস্থায়ী কৰিবলৈ কিবা কৰিব পাৰিমনে ক্লাৰা?মোক কোৱা মই যদি কিবা সহায় কৰিব পাৰোঁ। মই জানো কেভিনৰ অবিহনে তুমি ভাঙি পৰিবাঅনুপমাই সহানুভূতিৰ সুৰত কলে।
ক্লাৰাই অনুপমাৰ হাত এখন নিজৰ হাতত লৈ কলে, “তোমাক বহুত ধন্যবাদ পমা। তুমি মোৰ কাৰণে যে ইমানখিনি চিন্তা কৰিছা। মইতো ভাবিছিলোঁ এই পৃথিৱীত মোৰ কাৰণে চিন্তা কৰা মানুহ কোনোৱেই নাইতাইৰ চকু দুটা যেন অলপ সেমেকি উঠিল।
পিছ মূহুৰ্ততে মুখলৈ হাঁহি ঘুৰাই আনি তাই কলে, “পিছে মই এটা কথা বিশ্বাস কৰোঁ, কোনোবা এজন ব্যক্তি যদি তোমাৰ জীৱনত আহিব লগীয়া আছে, তেওঁ আহিবই। আৰু কোনোবা যদি আঁতৰি যাব লগীয়া আছে আঁতৰি যাবই। ইয়াত কোনেও একো কৰিব নোৱাৰে। এতিয়া মোৰ ইমান খিনি আত্ম বিশ্বাস হৈছে যে কেভিন নহলেও মই চলিব পাৰিম
অনুপমাৰ ৰাতি ভাল টোপনি নহল। তাইৰ মনটো যেন এটা চেপা উত্তেজনাই গ্ৰাস কৰি পেলালে। তাইৰ মনলৈ আহিল, আৰু মাত্ৰ কেইটামান দিনৰ পিছতে এই সময়বোৰ শেষ হব। আকৌ তাই বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ মাজত সোমাই পৰি পঢ়া শুনা, প্ৰজেক্ট, এছাইনমেণ্টৰ বোজাত মুৰ ডাঙিব নোৱাৰা হব। কেভিন, ক্লাৰা সকলো নিজৰ নিজৰ কক্ষপথলৈ উভতি যাব, নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিব। কেভিনৰ গৱেষণাৰ কাম শেষ হোৱাৰ পিছত সি তাইৰ ওচৰলৈ  অহাৰ, তাইৰ লগত সময় কটোৱাৰ কোনো কাৰণ নাথাকিব। কেভিন নাহিলে ক্লাৰাও হয়তো নাহিব। ইমানদিনে তাই আইতাকক অসমখন এবাৰ দেখুওৱাৰ সপোনতে বিভোৰ হৈ আছিল। আইতাকৰ এই সপোন পূৰ হোৱাৰ পিছত হয়তো তাই আইতাকৰ ওচৰলৈ ঘনাই গৈ থকাৰ আৰু কাৰণ নোহোৱা হব। এটা উদাস ভাৱে তাইক যেন আৱৰি পেলালে।
তাই ভাবিবলৈ ধৰিলে, এদিন পঢ়া শুনা সামৰি সকলোকে ইংলেণ্ডতে এৰি তাই ভাৰতলৈ গুচি আহিব। ইয়াতেই তাই কোনোবা এজন মানুহক জীৱন সংগীৰূপে বাচি লৈ গতানুগতিক বিবাহিত জীৱন এটা অতিবাহিত কৰিব। হয়তো লাহে লাহে আইতাক, কেভিন, ক্লাৰা সকলো তাইৰ অতীত হৈ পৰিব। সকলো পাহৰণিৰ গৰ্ভত জীণ যাব।
ইমান দিনে নিজৰ বন্ধু বান্ধৱ, সহপাঠী, আত্মীয় সকলোৰে পৰা আঁতৰি তাই আইতাকৰ জীৱনটোৰ লগত কব নোৱাৰাকৈয়ে জড়িত হৈ পৰিছিল। সময় পালেই আইতাকৰ ওচৰলৈ লৱৰি গৈছিল। কিন্তু তাই যেন উমান পাইছে, তাইৰ সেই পৃথিৱীখন যেন লাহে লাহে সলনি হৈ যাব। তাইৰ বুকুৰ মাজত কিবা এটাই যেন খুন্দা মাৰি ধৰিলে।
তাই নিজকে বুজালে, এই ক্ষণস্থায়ী সম্পৰ্কবোৰত আৱেগিক ভাৱে বেছি সংপৃক্ত হৈ পৰিলে তাইৰ পিছলৈ বৰ কষ্ট হব। তাই ক্লাৰাৰ দৰে ইমান অনুভূতিবিহীন আৰু নিৰুদ্দেগী হব নোৱাৰে। ক্লাৰাৰ দৰে তাই পোনচাটেই এটা সম্পৰ্কৰ কথা পাহৰি আন এটা সম্পৰ্ক গঢ়িব নোৱাৰে। কোনোবাই তাইৰ লগত সম্পৰ্ক শেষ কৰি দিয়াটোকো তাই ক্লাৰাৰ দৰে সহজভাৱে লব নোৱাৰে। নিৰাপত্তাৰ পৰিশ্ৰুতি নোহোৱাকৈ সম্পৰ্ক গঢ়াটো তাইৰ বাবে অৰ্থহীন।
শেষলৈ তাইৰ মনলৈ ভাৱ আহিল যে দেউতাকে তাইৰ জীৱনৰ বিষয়ে উচিত সিদ্ধান্তই কৰিছে। দেউতাকৰ চকুত প্ৰশান্ত ভাল লৰা, তাইৰ কাৰণে সি উপযুক্ত। হয়তো তেওঁৰ কথাই ঠিক। এনে এজন লৰাই হয়তো তাই জীৱন সংগী হিচাপে গ্ৰহণ কৰিব লাগিব।
কিন্তু তাইৰ এনে লাগিল, তাইৰ মনটোৱে যেন প্ৰশান্তক জীৱন সংগী ৰূপে স্বীকাৰ কৰিব পৰা নাই। তাইৰ এনে লাগিছে তাৰ লগত তাইৰ মনৰ কোনোবা খিনিত এতিয়াও খোকোজা ৰৈ গৈছে। তাৰ লগত সম্পৰ্ক স্থাপন হলেও সেয়া যেন জোৰকৈ গঢ়ি লোৱা সম্পৰ্কহে হবগৈ। যেন এখন স্বাভাৱিক ভাৱে বৈ থকা নদীক ভেটা দি অন্য ফালে বোৱাই নিয়া হব। তাই নিজেই বুজি নাপালে তাইৰ কিয় এনেকুৱা হৈছে। দেউতাককো হয়তো তাই এইবোৰ কথা কেতিয়াও বুজাব নোৱাৰিব। দেউতাকৰ সিদ্ধান্ত অনুসৰি নিজকে এৰি দি ওৰে জীৱন সুখী হোৱাৰ অভিনয় কৰি যাবলৈ তাৰ সংকোচ হয়।
ৰাতি ভাল টোপনি নহলেও অনুপমাই ৰাতিপুৱাই সাৰ পালে। উঠি গা পা ধুই কাপোৰ সলাই ললে। ৰাতি টোপনি কম হোৱা বাবে মুৰটো অলপ বিষোৱা যেন অনুভৱ কৰিলে। তাই পাকঘৰত সোমাই একাপ কঢ়াকৈ ফিকা চাহ বনালে।
পাক ঘৰত টুং টাং শব্দ শুনি প্ৰশান্তৰ মাক উঠি আহিল।
তুমি উঠিলাই নেকি অনুপমা? গা পা ধুই একেবাৰে সাজু হৈ আছা
চাহ খাবলৈ মন গল। আপুনি একাপ খাব নেকি খুড়ী”? অনুপমাই কলে।
তোমাক পাক ঘৰত সোমোৱা দেখি বৰ ভাল লাগিছে। তোমাৰ হাতেৰে চাহ খাবলৈ মন গৈছে। খুড়াৰায়ো খাব। দুকাপ চাহ কৰা আইজনীপ্ৰশান্তৰ মাকে কলে।
চাহ বনাই থাকোঁতে অনুপমাই ভাবিলে, মানুহে হয়তো লাহে লাহে সকলো পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই লব লগীয়া হয়। তায়ো হয়তো এদিন মনৰ সকলো কথা জাৰি জোকাৰি পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই লব পৰা হব। কথাবোৰ বেছিকৈ চিন্তা নকৰি জীৱনটোৰ যেনেদৰে সন্মুখীন হোৱা যায়, ঠিক তেনেদৰে গ্ৰহন কৰিব পৰাটোৱেই হয়তো মানুহৰ সুখী হোৱাৰ এটা উপায়।
চাহ খাই উঠাৰ পৰাই তাই আইতাকক যাত্ৰাৰ কাৰনে সাজু কৰাত ব্যস্ত হৈ পৰিল। তাই আইতাকৰ তাহানিৰ পৰা সংৰক্ষণ কৰি ৰখা মেখেলা চাদৰ জোৰ পিন্ধিবৰ কাৰনে সাজু কৰি ৰাখিছিল। আইতাকৰ জোখৰ ব্লাউজ আৰু পেটীকোটো তাই বনোৱাই থৈছিলপুৱাই তাই কাপোৰবোৰ তাই ইস্ত্ৰী কৰি থলে। আইতাকক বাথৰূমৰ কামত সহায় কৰি দিয়াৰ পিছত গা পা ধুৱাই দিলে। মেখেলা চাদৰ জোৰ পিন্ধাওঁতে প্ৰশান্তৰ মাকে সহায় কৰি দিলে। ঢকঢকীয়া বগা বুঢ়ী মানুহ গৰাকী মুগাৰ মেখেলা চাদৰ জোৰে একেবাৰে শুৱাই তুলিলে। প্ৰশান্তৰ মাকে তেওঁৰ কপালৰ সৰু ৰঙা ফোঁট এটাও লগাই দিলে।
আইতাকক ইমান ধুনীয়াকৈ সজাই পৰাই তোলা দেখি ক্লাৰাই বৰ ৰং পালে। তাই কেমেৰাটোৰে আইতাকৰ কেইবাখনো ফটো তুলিলে। তাই কলে, “অসমীয়া মেখেলা চাদৰ মোৰ খুব পচন্দ হৈছে। মোকো এনে এজোৰ কাপোৰ লাগে
প্ৰশান্তৰ মাকে তাইৰ কথা বুজিব পাৰি ধেমালি কৰি কলে, “তোমাৰ বিয়াত এনে এজোৰ কাপোৰেই তোমাক উপহাৰ স্বৰূপে দিম
অনুপমাই কথাটো তাইক বুজাই দিয়াত তাই বৰ ফূৰ্তি পালে। তাই কলে, “আণ্টি, মোৰ বিয়া খুব ধুম ধামকৈ পাতিম। বিয়ালৈ আপোনালোকক মই নিমন্ত্ৰণ কৰিমেই। আপোনালোক সকলোৱে আহিব লাগিব কিন্তু
সাত বজাত প্ৰশান্ত আৰু কেভিন পালেহি। আটায়ে একেলগে ব্ৰেকফাষ্ট কৰিলে। কেভিন আৰু প্ৰশান্তই আটাইৰে বেগ কেইটা গাড়ীত উঠালে। প্ৰশান্তৰ মাক আৰু দেউতাকে আইতাকৰ ভৰি চুই সেৱা কৰি শৰাই এখনত গামোচা আৰু এৰী চাদৰ এখন উপহাৰ স্বৰূপে আগবঢ়ালে। আইতাকে দুয়োকে মুৰ চুই আশীৰ্বাদ দিলে।
আইতাকক গাড়ীত উঠাই দিয়াৰ সময়ত প্ৰশান্তৰ মাকে থোকা থুকি মাতেৰে কলে, “আকৌ এদিন আমাৰ ইয়ালৈ থকাকৈ আহিবআইতাকৰ চকু দুটাও চলচলীয়া হল। তেওঁ প্ৰশান্তৰ মাকৰ হাত দুখনত ধৰি মুৰ দুপিয়ালে।
অনুপমাৰ দেউতাকে ৰাতিপুৱা সাত বজাতে ঘৰৰ পৰা গাড়ী লৈ ডিব্ৰুগড়লৈ ওলালহৰিকাই আৰু ৰুবীক ঘৰখন চাবলৈ কৈ তেওঁ নিজে গাড়ী চলাই ওলাই আহিল।
অনুপমা আৰু আলহী কেইজন দুলীয়াজানলৈ যোৱাৰ পিছত হঠাতে ঘৰখন নিজম হৈ পৰিছিল। আটাইবোৰ থকা কেইদিন মানুহৰ কথা বতৰা, হাঁহি খিকিন্দালিৰে ঘৰখন মুখৰ হৈ আছিল। হৰিকায়ে বহুদিনৰ মুৰত ঘৰখনলৈ প্ৰাণ ঘুৰি অহা যেন পাইছিল। বুঢ়ী আইতা জনীৰ লগতো লাগি থাকিবলৈ পাই হৰিকাই আৰু ৰুবীয়ে বৰ ভাল পাইছিল। কেইদিনমানৰ ভিতৰতে হাঁহিমুখীয়া আইতা জনীক হৰিকাই আৰু ৰুবীৰ একেবাৰে আপোন মানুহ যেন লগা হৈছিল।
কেভিন চাহাবে হৰি আৰু ৰুবী দুয়োকে মৰম কৰে। কেভিনে হৰিকাইক এটা বিদেশী কলম আৰু ৰুবীক এটা বিদেশী ছাবিৰ ৰিং উপহাৰ দিছে। কথা বুজি নাপালেও কেভিনে অংগী ভংগীৰেই কথা পাতিবলৈ চেষ্টা কৰে। হৰিকায়ে কেভিনৰ পৰা দুটামান ইংৰাজী শব্দ আৰু কেভিনে হৰিকাইৰ পৰা দুটামান অসমীয়া শব্দ শিকি লৈছে। ক্লাৰা মেম চাহাব অৱশ্যে নিজৰ দুনীয়াতে থাকে। তেওঁ বৰকৈ ওচৰ চাপিব নিদিয়ে বা অংগী ভংগীৰেও কথা পতিব নিবিচাৰে। তেওঁ কেতিয়াবা অৱশ্যে পাকঘৰত সোমাই ইটো সিটো বনোৱা চাই থাকে। কেতিয়াবা নিজেও বনাবলৈ চেষ্টা কৰি চায়। মুঠতে আলহী কেইজন হৰিকাই আৰু ৰুবী দুয়োৰে ভাল লাগিছে।
অনুপমাহঁত দুলীয়াজানলৈ ওলাই যোৱাৰ পিছত ৰুবীৰ কোনো কাম নাইকীয়া হল। তাই হৰিকাইক কলে, “আজি তুমি আৰাম কৰা। কামবোৰ আজি ময়েই কৰোঁ
সি কলে, “, তই এই দুদিনৰ কাৰনে মোৰ কাম কৰি দি মোক এলেহুৱা নকৰিবি। মোৰ কাম মোকে কৰিবলৈ দে। তয়েই আৰাম কৰ
তাৰ কথাত তাই হঠাৎ বিমৰ্ষ হৈ পৰিল। তাই তলমুৰ কৰি এঠাইত বহি পৰিল। সি ওচৰ চাপি গল।
সি সুধিলে, “কি হল তোৰ। হঠাতে মনটো মাৰি পেলালি যে”? তাই মুখেৰে নামাতি তলমুৰ হৈ থাকিল।
সি আকৌ সুধিলে, “তোক মই কিনো ডাঙৰ কথাটো কলোঁ, মোৰ কাম কৰি তই কষ্ট কৰি মৰিব লাগিছে কিয়? মোৰ কাম মোকে কৰিব দিবলৈহে কৈছোঁ। কালি পৰহি তই গুচি যাবি। তেতিয়া কোনে কাম কৰিব? ময়েইতো কৰিব লাগিবতাতে কিনো বেয়া পালি”?
তাই কৰুণ চকুজুৰিৰে তাৰ পিনে চাই কলে, “মই পাহৰিয়ে গৈছিলোঁ, মই যে মাত্ৰ কেইদিনমানৰ কাৰণেহে ইয়াত কাম কৰিবলৈ আহিছোঁ। এই কেইদিন ভালকৈ খাবলৈ, পিন্ধিবলৈ পাই ময়ো ইয়াতেই থাকি যাম বুলি ভাবি পেলাইছিলোঁ। বাইদেউহঁত যোৱাৰ পিছত মোৰ কাম শেষ হলে মোকতো পঠিয়াই দিবা নহয়নে? মইতো আকৌ সেই নৰকলৈ ঘুৰি যাবই লাগিবতাই চাদৰেৰে চকু দুটা ঢাকি উচুপি উঠিল।
নৰক”?
তাইৰ কথাত হৰিকাই চক খোৱাৰ দৰে হল। সি তাইৰ কাষতে বহি ললে। তই কি নৰকৰ কথা কৈছ ৰুবী। মোক ভালদৰে ভাঙি পাতি কচোন
আমাৰ সমাজত গিৰিয়েকে ঘৰৰ পৰা খেদি দিয়া তিৰোতাৰ কি গতি হব পাৰে তোমাক মই কি বুজাই কম। তাতে মই লৰা ছোৱালী জন্ম দিব নোৱাৰা মাইকীএই বুলি তাই কান্দি পেলালে।
হৰি কায়ে ইছ আছ কৰি উঠিল। কোনো তিৰোতা মানুহে তাৰ ওচৰত বহি কেতিয়াও কন্দা নাই।
তই নাকান্দিবিচোন ৰুবী। কচোন, মোক সকলো কথা খুলি ক’”
মোৰ মানুহজনে মোৰ লৰা ছোৱালী নোহোৱা দেখি আৰু এজনী বিয়া পাতিলে। তাইৰ লগত তাৰ লৰা ছোৱালী হল। লৰা ছোৱালী নোহোৱাটো মোৰেই দোষ। মোক বাজী বুলি ঘৰৰ পৰা উলিয়াই দিলে। বাচি থাকিবলৈ পেটৰ তাড়নাত পৰি ইয়ালৈ বহুত কষ্ট কৰি কাম কৰিবলৈ আহিছিলোঁ। কিন্তু হাৰামজাদা হঁতে মোক লেবাৰৰ কাম কৰিব নিদিয়ে। ইফালে মোৰ গা টোৰ ওপৰত ঠিকাদাৰৰ পৰা আমাৰ চৰ্দাৰলৈকে চবৰে চকু
তাই আকৌ উচুপি উঠিলহৰিকায়ে শিল পৰা কপৌৰ দৰে তাইলৈ একেঠিৰে চাই থাকিল।
অলপ পৰ পিছত তাই আকৌ আৰম্ভ কৰিলে, “পেটৰ ভোক বৰ বেয়া বস্তু জানা। কাম নাথাকিলে মোক কোনে খুৱাব। এদিন চৰ্দাৰে কলে তাৰ লগত শুলে মোক খাবলৈ দিব। পেটৰ ভোকত কলমলাই থাকি উপাই নাপাই এদিন চৰ্দাৰৰ বিচনাত উঠিলোঁগৈ। তাৰ ক্ষুধা পুৰন কৰাৰ পিচত সি মোক ভাত খাবলৈ দিলে। তেতিয়া সি মোৰ লগত বন্দোবস্ত কৰিলে ভাত খাবলৈ দিয়াৰ বিনিময়ত সি যেতিয়াই বিচাৰে, যাৰ লগতে বিচাৰে মই ৰাতি শুব লাগিব
তাইৰ কথা শুনি হৰিকাই শিয়ঁৰি উঠিল। বাস্তৱৰ এনে নিষ্ঠুৰ ঘটনা সি কেতিয়াও আগতে কেতিয়াও শুনা নাই। কথাখিনি কৈ ৰুবী ৰৈ গল। তাইৰ ডিঙিত যেন শোকে খুন্দা মাৰি ধৰিলে। হৰিকায়ে তাইক পানী এগিলাচ আগবঢ়াই দিলে। পানী গিলাচ তাই কোঁট কোঁটকৈ পি খালে।
তাই শান্ত হোৱাৰ পিছত হৰিকায়ে সুধিলে, “তাৰ পিছত কি হল ৰুবী
ৰুবীয়ে আচলেৰে চকুপানী মচি কলে, “তাৰ পিছত আৰু কি হব। তাৰ পিছত এৰাতি ঠিকাদাৰৰ লগত, এৰাতি মহৰীৰ লগত, এৰাতি চৰ্দাৰৰ লগত এইদৰে মই ৰাতি কটাবলগীয়া হল। বিনিময়ত মই কেৱল ভাত খাবলৈ পাওঁ। কেতিয়াবা কোনোবা বাবুৰ ঘৰতো যাব লাগে। বাবু বোৰে ঘৰত মাইকী নাথাকিলে মোক বিচাৰে। বাবু বোৰৰ ঘৰত মই আৰামী বিচনাত শুবলৈ পাওঁ, এৰাতি ধুনীয়া ঘৰত থাকিবলৈ পাওঁ, কেতিয়াবা ভালকৈ ভাত এসাজো খাবলৈ পাওঁ। এনেকৈয়ে চলি আছিল। সিদিনা তুমি যাওঁতে মই কোনোবা বাবুৰ কাৰনে মোক বিচাৰি অহা বুলিয়েই ভাবিছিলোঁপিছত কথা পাতি চন্দন মহৰীৰ পৰা যেতিয়া জানিলোঁ ঘৰুৱা কামৰ কাৰণেহে বিচাৰি আহিছা, মই লগে লগে ঠিক কৰিলোঁ এয়াই মোৰ সেই নৰকৰ পৰা ওলাই অহাৰ সুযোগ। চন্দন মহৰী ভাল মানুহ। তেওঁ সকলো জানি শুনিয়েই মোক সেই নৰকৰ পৰা ওলাই অহাৰ ৰাস্তা এটা দিলে
তাইৰ কথা শুনি হৰিকাইৰ মুখৰ মাত হৰিল। সি কোনোদিনে কল্পনা কৰিব নোৱাৰা নিৰ্লজ সত্য এটাৰ মুখামুখি হৈ সি যেন কঁপি উঠিল। সি ৰুবীক কলে, “তোক ইয়াৰ পৰা যাবলৈ দিলে তই আকৌ সেইবোৰ মানুহৰ মাজলৈকে উভতি যাব লাগিব নেকি”?
ৰুবীয়ে কলে, “তুমি নাজানা, মই ইয়ালৈ অহাৰ পিচত কিমান বাৰ মোক বিচাৰি চৰ্দাৰৰ মানুহ বঙলাৰ আগত ঘূৰা ঘূৰি কৰি থাকে। মই আহোঁতে চৰ্দাৰক কৈ আহিছিলোঁ দিনত কাম কৰি ৰাতি ৰাতি মই উভতি যাম। কাৰন সেই হাৰামজাদা কেইটাক মোৰ প্ৰয়োজন ৰাতিহে। চৰ্দাৰ টোৱে ভাবিছিল দিনত মই ইয়াতে কাম কৰি পইচা ঘটিম আৰু ৰাতি সেই পইচা কেইটাৰে সি মদ খাই মোৰ ওপৰতে জপিয়াই পৰিবসেই কাৰনে তুমি ডিব্ৰুগড়লৈ যোৱাৰ দিনা ভয়তে মই শুব পৰা নাছিলোঁ। ভাগ্যে বাইদেউ সিদিনা ৰাতি মোৰ ওচৰলৈ আহিছিল
এপদ এপদ কৈ ৰুবীৰ চেহেৰাৰ সমুখত থকা আঁৰ কাপোৰ বোৰ যেন উঠিবলৈ ধৰিলে। তাই হঠাতে হৰিকাইৰ গা টোত ধৰি উচুপি উঠিল, “মোক তালৈ ঘূৰাই নপঠিয়াবা। মই মৰি থাকিম
গাত তাইৰ হাতৰ ষ্পৰ্শত হৰিকাইৰ সৰ্বশৰীৰ যেন কঁপি উঠিল। কঁপা কঁপা হাতেৰে সি তাইৰ হাত খন ধৰি কলে, “মইনো তোক কি প্ৰতিশ্ৰুতি দিম। তই তো জানই ময়ো এইখন ঘৰত চাকৰহে। মোৰো কেও কিছু নাই। মই নো কেনেকৈ তোক ইয়াতেই থাকি যা বুলি কওঁ। অনুপমা আইজনীৰ অন্তৰখন বৰ ভাল। তাই তোৰ কথাবোৰ গম পালে তোক থাকিব দিবও পাৰে
ৰুবীয়ে কিছু পৰ তলমুৰ কৰি থাকিল। তাই হঠাতে তাৰ মুখলৈ চাই কাবৌ কৰাৰ দৰে কলে, “মোকদৰমহা, পইচা পাতি একো নালাগে। মোক মাথোন তোমাৰ নিচিনা মানুহ এজনক সাৰথি হিচাপে লাগে। মোক তোমাৰ লগত থাকিবলৈ দিবা নে? মই তোমাৰ ঘৈণী হব নিবিচাৰোঁ। মই জানো মই তাৰ যোগ্য নহওঁ। মই তোমাৰ চাকৰণী হৈ থাকিম। মই তোমাৰ সকলো কামতে সহায় কৰি দিম। কেৱল মোক তোমাৰ লগত থাকিবলৈ দিয়া
হৰিকাই বিবুধিত পৰিল। তাইক কি কব সি ভাবি উলিয়াব নোৱাৰিলে। সি কলে, “আইজনী আহিলে মই কথাটো উলিয়াম। ছাৰে এতিয়া কথাটো কেনে ধৰণে লয় সেয়াহে মোৰ চিন্তা হৈছে
পিছদিনা ৰাতিপুৱা ব্ৰেকফাষ্টৰ সময়ত ৰুবীয়ে চাহ জলপান আনি দিয়াত বৰুৱাই সুধিলে, “ই হৰি কলৈ গ”?
ৰুবীয়ে কলে, “তেওঁ শুই আছে, গাটো ভাল লগা নাই বোলে
বৰুৱাই কলে, “তই থকা কাৰনে সি অলপ জিৰণি পাইছে। ভালেই হৈছে দে
মই আজি ডিব্ৰুগড়লৈ যাম। হৰি আৰু তই দুয়োৱে মিলি ঘৰখন চাবিবৰুৱাৰ কথাত ৰুবীয়ে অনুভৱ কৰিলে ছাৰে তাইকো হৰিকাইৰ দৰে বিশ্বাস কৰিবলৈ লৈছে।
হঠাতে যেন তাইৰ মনটোত যেন এচাটি ৰং লাগিলহি। তাইৰ মনটো ভাল লাগি গল।


খণ্ড ২৭

ঘৰ আহি পোৱাৰ পিছত প্ৰশান্তৰ মাকে অনুপমাক কলে, “তোমালোকে ভাগৰি জুগৰি আহিছা। হাত ভৰি কেইটা ধুই লোৱা। এই আবেলি মই ভাত খাবলৈ নকওঁ। দৈ আৰু গুড়ৰ সৈতে কোমল চাউলৰ জলপান সজাই থৈছোঁ। সেইখিনিকে খোৱা। আলহী কেইজনে কেনেকুৱা পায় জানো আমাৰ অসমীয়া জলপান
অনুপমাৰ বৰ মন আছিল আলহী কেইজনক অসমীয়া জলপানৰ জুতি দিয়াবলৈ। কিন্তু ডিগবৈত সেয়া হৈ উঠা নাছিল। এতিয়া অসমীয়া জলপান খাবলৈ দিয়া কাৰণে তাই ভালেই পালে।
এইবিধ খাদ্যও কেভিন আৰু ক্লাৰাৰ কাৰনে একেবাৰে নতুন আছিল।
এয়া ছুইট ডিছ যেন লাগিছে। মোৰ অনুমান ঠিকে আছে নে পমাক্লাৰাই সুধিলে।
এয়া ঠিক ছুইট ডিছ নহয়। এয়া অসমীয়া জলপান, ৰাতিপুৱা বা আবেলিৰ আহাৰ বুলি কব পাৰাঅনুপমাই কলে।
কোমল চাউল দুটামান পিটিকি চাই কেভিনে কলে, “এয়া বেলেগ ধৰণৰ চাউল যেনেই লাগিছে
এৰা এইবিধ ষ্পেছিয়েল চাউল। এইবিধ চাউল গৰম পানীত দিলেও সিজি যায়, প্ৰেছাৰ কুকাৰত সিজাব নালাগে। আমি কোমল চাউল মানে ছফ্ট ৰাইচ বুলি কওঁদৈ আৰু গুড়ৰ লগত খাবলৈ বঢ়িয়া
এইবাৰো প্ৰশান্ত আৰু অনুপমাই তেওঁলোকক খোৱাত সহায় কৰি দিব লগীয়া হল। প্ৰথমতে খাই ওকাইছিল যদিও পিছলৈ ক্লাৰাই খাই ভালেই পালে। কেভিনে লাহে লাহে চোবাই চোবাই তৃপ্তিৰে খালে।
খাই থাকোতে কেভিনে কলে মই জনাত থাইলেণ্ডৰ পিনে এনে এবিধ চাউল পোৱা যায়। মই এজন থাই বন্ধুৰ মুখত এনে চাউলৰ ব্যৱহাৰৰ কথা শুনিছোঁ
মই আইতাৰাকো এই জলপানেই দিছোঁ। তেওঁ খুব তৃপ্তিৰে খাইছেপ্ৰশান্তৰ মাকে অনুপমালৈ চাই কলে।
চাহ জলপান খোৱাৰ পিছতেই ক্লাৰাই প্ৰশান্তক সোনকালে এডিটিঙৰ কাম আৰম্ভ কৰিবলৈ কুটুৰিবলৈ ধৰিলে। প্ৰশান্ত, আমি আৰু দেৰী কৰা উচিত নহয়। সোনকালে আৰম্ভ নকৰিলে শেষ কৰিবই নোৱাৰিম। এইবোৰ কামত কিমান সময় লাগে মই জানো, মোৰ ভাল অভিজ্ঞতা আছে
কামটো আৰম্ভ কৰিবলৈ হলে মোৰ কোৱাৰ্টাৰলৈ যাব লাগিব। বলা আমি চাৰিও মোৰ কোৱাৰ্টাৰলৈকে যাওঁপ্ৰশান্তই কলে।
তোমালোক তিনিও যোৱা। মই আইতাৰ লগত থাকোঁ। ইয়াত হৰিকাই, ৰুবীহঁত নাই কাৰণে আইতা অকলশৰীয়া হৈ আছে। মই পাৰিলে অলপ দেৰীকৈ যামঅনুপমাই কলে।
সেইমতেই কেভিন আৰু ক্লাৰা প্ৰশান্তৰ লগত তাৰ কোৱাৰ্টাৰলৈ বুলি ওলাল।
এটা কাম কৰিবি বাবা”, প্ৰশান্তৰ মাকে তাক উদ্দেশ্যি কলে। সন্ধিয়া এবাৰ আটাইকে লৈ গৈ টিলিঙা মন্দিৰটো দেখুৱাই আনিবি। এজোপা গছত ইমান টিলিঙা লাগি থকা এওঁলোকে হয়তো কতো দেখা নাই। চাই ভাল পাব। আৰুনো দুলীয়াজানত ফুৰাবলৈ নিবি কত। টিলিঙা মন্দিৰৰ পৰা আহোঁতে বাটতে তহঁতৰ জালনী ক্লাৱটোকে দেখুৱাই আনিবি
জালনী ক্লাৱত এপাক মাৰিবই লাগিবআজি খ্ৰিষ্টমাছ ইভৰ প্ৰগ্ৰাম আছেপ্ৰশান্তই কলে।
তোমালোকে ইয়াতো ডাঙৰকৈ খ্ৰিষ্টমাছ ইভ পাতানে”? ক্লাৰা আচৰিত হল।
আমি সকলো উত্সৱেই চেলিব্ৰেট কৰোঁ। খ্ৰিষ্টমাছো কৰোঁ। তোমালোকে জালনী ক্লাৱৰ খ্ৰিষ্টমাছ ইভ চাই ভাল পাবা। ছাণ্টা ক্লজকো লগ পাই যাব পাৰাএই বুলি কৈ প্ৰশান্তই হাঁহিলে।
কোৱাৰ্টাৰলৈ আহি কেভিন আৰু ক্লাৰাক দুয়োকাষে বহুৱাই প্ৰশান্তই কম্পিউটাৰলৈ ট্ৰান্সফাৰ কৰি থোৱা ভিডিঅখিনি দেখুৱালে। সীমিত সুবিধাৰ মাজতে ছুটিং কৰা হৈছিল যদিও দৃশ্যগ্ৰহণ বৰ ধুনীয়া হৈছিল। প্ৰশান্তই ইতোমধ্যে এটা আৱহ সংগীতৰ অডিঅসংযোজিত কৰি ৰাখিছে
অৰণ্যৰ মাজৰ পৰা এটা, এটাকৈ হাতী দুটা ওলাই অহা দৃশ্যটো বৰ সুন্দৰ হৈছে”, ক্লাৰাই মন্তব্য কৰিলে। তাত পিছৰ দৃশ্যত কেভিন আৰু পাৰ্থৰ কথোপকথনৰ অংশটো ক্লাৰাৰ বৰ পচন্দ নহল। কেভিনৰ মাতটো ষ্পষ্টকৈ ওলাইছে যদিও পাৰ্থৰ মাত ষ্পষ্ট হোৱা নাই। শব্দ গ্ৰহন বৰ ভাল নহল। পাৰ্থৰ ইংৰাজী উচ্চাৰন আসোঁৱাহ পূৰ্ণ হোৱা কাৰনে কথাবোৰ বুজিবলৈ আৰু অসুবিধা হৈছে। এই অংশটো দেখি ক্লাৰা নিৰাশ হৈ পৰিল।
কেভিনে সুধিলে, “পাৰ্থৰ চৰিত্ৰটোৰ সংলাপ খিনি বেলেগ এজনৰ হতুৱাই কোৱাই ডাব কৰিব পৰা যাবনে”?
প্ৰশান্তই হাঁহি মাৰি কলে, “সেইটো একো ডাঙৰ কথাই নহয়। মই কথাটো ভাবি থৈছোঁৱেই। সংলাপ খিনিও মই লিখি ৰাখিছোঁ। ক্লাৰাই যদি মান্তি হোৱা, কথাখিনি মোৰ কণ্ঠতে ডাব কৰি চাব পাৰোঁ
ক্লাৰাই লগে লগে কৈ উঠিল, “ইয়াত মান্তি হবলৈ কি আছে। তোমাৰ বাহিৰে মই ডাব কৰিবলৈ উপযুক্ত মানুহ আৰু এতিয়া কাক বিচাৰি পাম
প্ৰশান্তই কলে, “ডাবিং আমি পিছতো কৰিব পাৰিম। এতিয়া দৃশ্যবোৰ ভালদৰে সজাই তোলাতোহে ডাঙৰ কথা। মোৰ আৰু ক্লাৰা দুয়োৰে কেমেৰাত থকা ৰেকৰ্ডিং বোৰৰ পৰা মনত লগা দৃশ্যবোৰ বাচি উলিয়াব লাগিব। মই ভাবিছোঁ আজি দৃশ্যবোৰ বাচি উলিয়াম। সেইবোৰ সজাই লওঁ। কাইলৈ দিনটোৰ ভিতৰত ডাবিঙকে ধৰি আন সকলো কাম শেষ কৰিব লাগিব
ক্লাৰা জপিয়াই উঠিল, “নহয় প্ৰশান্ত, আজি ৰাতিৰ ভিতৰতে সকলো শেষ কৰিব লাগিব। কাইলৈ আকৌ কি প্ৰগাম ওলায় ঠিক নাই
প্ৰশান্তই কেভিনৰ পিনে চাই কলে, “কাইলৈ কি প্লেন কৰিছা কেভিন”’?
কেভিনে কলে, “কাইলৈ আইতাক লৈ ডিব্ৰুগড়লৈ যোৱাৰ কথা আছে। আইতা ডিব্ৰুগড়তে জন্ম হৈ ডাঙৰ দীঘল হোৱা। ডিব্ৰুগড়ত তেওঁৰ বহুতো পুৰণি স্মৃতি আছে। সেইবোৰকে বিচাৰি কাইলৈ আমি ডিব্ৰুগড়লৈ যোৱাৰ কথা
মই ডিব্ৰুগড়লৈ গৈ কি কৰিম কেভিন। তুমিতো জানাই মোৰ কাৰণে এইটো কাম বেছি জৰুৰীক্লাৰাই কেভিনৰ পিনে অনুৰোধৰ দৃষ্টিৰে চালে
প্ৰশান্তই কলে, “ক্লাৰা নগলেও হয় যদি তাই কাইলৈৰ দিনটো ইয়াতে থাকক। কাইলৈ আমাৰো খ্ৰিষ্টমাছৰ বন্ধ। আমি দুয়ো মিলি কাম খিনি শেষ কৰি থম। তোমালোকে উভতি যাওঁতে তাইক ইয়াৰ পৰা লৈ যাবা
ঠিক আছে। কোনো কথা নাই। ক্লাৰাৰ কাৰনে এইটো বেছি দৰকাৰী কাম। তাই ডিব্ৰুগড়লৈ যাব নালাগে
ক্লাৰাৰ মুখখন উজ্বলি উঠিল। তাই হয়ভৰ দি কলে, “সঁচাকৈয়ে মোৰতো ডিব্ৰুগড়ত একো কাম নাই। তাতকৈ আমি দুয়ো বহি ক্লিপটো কাইলৈ ফাইনেল কৰি পেলাম
সেইটোৱে ভাল হ”, বুলি কৈ প্ৰশান্তই তাৰ কম্পিউটাৰত থকা ক্লিপ বোৰ সজাবলৈ আৰম্ভ কৰিলে।
আনপিনে সন্ধিয়া অনুপমাই দেউতাকলৈ ফোন কৰিলে। কাইলৈ আমি ডিব্ৰুগড়লৈ ওলাম দেউতা। কেনেকৈ কলৈ যাম একো ধৰিবই পৰা নাই। তুমিও ওলাবা নহয়নে ডিব্ৰুগড়লৈ
মাজনী, মই মানুহ এজনৰ খবৰ পাইছোঁ। তেওঁ কমৰেড খুড়াৰ লগত কাম কৰিছিল। আমি তেওঁক লগ কৰি ঘৰটো বিচাৰি যামদেউতাকৰ কথা শুনি অনুপমাৰ মন উলাহেৰে ভৰি পৰিল।
আমি কেইবজাত গৈ পালে ভাল হব দেউতা? তুমি কেই বজাত ডিব্ৰুগড় পাবাহি? আমি কত লগ ধৰিম তোমাক”? অনুপমাই একেলগে কেইবাটাও প্ৰশ্ন সুধি পেলালে।
মই পোনে পোনে গাড়ী লৈ ডিব্ৰুগড়লৈ ওলাম। তহঁতে ৰাতিপুৱা ন বজাত ডিব্ৰুগড় পোৱাকৈ ওলাবি। চৌকিডিঙি খেলপথাৰৰ ওচৰতে আমি লগ পামদেউতাকে কলে।
দেউতাকৰ লগত কথা পতাৰ পিছতে তাই পোনে পোনে আইতাকৰ ওচৰলৈ লৱৰি গল।
আইতা, কাইলৈ আমি ডিব্ৰুগড়লৈ যাম। পৱিত্ৰৰ লগত কাম কৰা মানুহ এজনৰ সন্ধান ওলাইছে আইতা। কাইলৈ আমি তেওঁক বিচাৰি যাম। মোৰ কিমান যে আনন্দ লাগিছে তোমাক কেনেকৈ বুজামআইতাকক সাৱটি ধৰি তাই কলে।
“‘আইতা, কাইলৈ তুমি তোমাৰ মেখেলা চাদৰ জোৰ পিন্ধি যাব লাগিব। মই তোমাক কাইলৈ একেবাৰে অসমীয়া পোচাকত সজাই পৰাই নিমআইতাকলৈ চাই তাই কলে। আইতাকৰ মুখেৰে হাঁহি বিৰিঙি ওলাল।
আইতাকৰ প্ৰতি থকা অনুপমাৰ আদৰ সাদৰ দেখি প্ৰশান্তৰ মাকে বৰ আনন্দ পালে।
তোমালোকে কি নো কথাত ইমান ৰং পাইছা মোকো কোৱাচোনএই বুলি তেওঁ অনুপমাৰ ওচৰলৈ আহিল।
খুড়ী, কাইলৈ আমি ডিব্ৰুগড়লৈ যাম নহয়। আপুনি জানেই নহয়, আইতা সৰুতে ডিব্ৰুগড়তে ডাঙৰ দীঘল হৈছিল। ইমান দিনৰ মুৰত ডিব্ৰুগড়খন দেখা পাব কাৰণে আইতাৰ ফূৰ্তি লাগিছেঅনুপমাৰ কথাত প্ৰশান্তৰ মাকে হাঁহিলে।
তোমালোক সিদিনা ড্ৰিলিং ৰিগ চাবলৈ যোৱাৰ দিনা মই এখেতৰ লগত বহুত কথা পাতিলোঁ নহয়। মইতো ইংৰাজী ভালদৰে কব নাজানো। তেওঁ ভঙা ভঙা অসমীয়াতে মোৰ লগত কথা পাতিলে। তাহানি ডিব্ৰুগড়ত কটোৱা দিনবোৰৰ বহুত কথা মোক কলে। তেওঁৰ বহুত পুৰণি কথাই মনত আছেমোক এদিনতে একেবাৰে আপোন কৰি ললে নহয়। বৰ সাদৰী মানুহজনীপ্ৰশান্তৰ মাকে আইতাকৰ আগতে প্ৰশংসা কৰি কলে। আইতাকে কথাবোৰ ভালদৰে নুবুজিলে যদিও তেওঁৰ বিষয়ে কোৱা বুলি ধৰিব পাৰি মিচিকিয়াই হাঁহিলে।
অনুপমা, তুমিও পিছে সঁচাকৈয়ে লখিমী ছোৱালীআজি কালিৰ দিনৰ লৰা ছোৱালীয়ে নিজৰ ককাক আইতাককে সন্মান নকৰে। অথচ তুমি আনৰ আইতাককে নিজৰ আইতাৰ দৰে চোৱা চিতা কৰিছা, যত্ন লৈছ
খুড়ী, মই মোৰ নিজৰ আইতাক বেছিদিনলৈ পোৱাৰ সৌভাগ্য নহল। মাকো কম বয়সতে হেৰুৱালোঁ। সেয়ে এই আইতাক মই নিজৰ আইতা হিচাপেই ধৰি লৈছোঁ। আইতাৰ সকলো ইচ্ছা মই পূৰণ কৰিব বিচাৰোঁ
আপোনাৰ ভাগ্য ভাল। আপুনি অনুপমাৰ দৰে এজনী নাতিনী ছোৱালী পাইছেপ্ৰশান্তৰ মাকে আইতাকলৈ চাই কলে।
প্ৰশান্তৰ মাকে অসমীয়াত কলেও আইতাকে কথাখিনি যেন ভালদৰে বুজি পালে। অনুপমাক কাষলৈ চপই আনি তেওঁ কলে, “এইজনী মোৰ নাতিনী নহয়, মোৰ আপোন জী হয়। মই মৰিলেও মই তাইক সদায় আশীৰ্বাদ দি থাকিম, তাইৰ মনৰ সকলো বাঞ্চা যেন পূৰণ হয়
আইতাকৰ কাষৰ পৰা উঠি অহাৰ পিছত প্ৰশান্তৰ মাকে অকলশৰীয়াকৈ পাই অনুপমাক সুধিলে, “আমাৰ ঘৰখন তোমাৰ ভাল লাগিছেনে অনুপমা”?
এই প্ৰশ্নৰ অৰ্থ অনুপমাই বুজি পালে। হঠাতে এক অদ্ভূত লাজে তাইক আৱচি ধৰিলে। তাই একো উত্তৰ দিব নোৱাৰিলে। প্ৰশান্তৰ মাকৰ পিনে চাবলৈ তাইৰ লাজ লাগিলতেওঁৰ প্ৰশ্নটো নুশুনাৰ দৰে তাই বহা কোঠাৰ চোফাৰ ইফাল সিফাল হৈ থকা কুচন কেইটা ঠিক কৰাত লাগিল।
প্ৰশান্তৰ ঘৰখন অনুপমাৰ বেয়া লগা নাই। মাক দেউতাক যথেষ্ট মৰমিয়াল আৰু সহৃদয় লোক। দেউতাকে হয়তো এইবোৰ কাৰণতে তাইক এইখন ঘৰলৈ বিয়া হৈ অহাটো বিচাৰিছে। তাইৰ বিয়াৰ বাবে দেউতাকৰ এইখন ঘৰৰ কথা মনলৈ অহটো স্বাভাৱিক।
কিন্তু তথাপিও কথাটো তাইৰ যেন ভাল লগা নাই। তাইৰ নিজৰ জীৱন সংগীৰ বিষয়ে একো ষ্পষ্ট ধাৰণা বা অভিমত নাই। কিন্তু তাই অনুভৱ কৰে, প্ৰশান্তৰ মাজত মনে বিচৰা জীৱন সংগী জন যেন তাই  বিচাৰি পোৱা নাই। তাৰ ৰুচি, পচন্দ, জীৱন শৈলী তাইৰ বাবে যেন কিছু আচহুৱা। সি সকলোৰে চকুত এজন মাৰ্জিত, ভদ্ৰ, ভাল উপাৰ্জন কৰা লৰা। তাৰ মাজত এজনী ছোৱালীয়ে জীৱন সংগীৰ পৰা বিচাৰিব পৰা সকলো উপাদানেই হয়তো আছে।
কিন্তু অনুপমাই যেন নিজেই নাজানে তাই বিচাৰে কি?
ভিডিঅএডিটিঙৰ প্ৰাথমিক কাম খিনি শেষ কৰি সন্ধিয়া সাত মান বজাত কেভিন আৰু ক্লাৰাৰ লগত প্ৰশান্ত ঘৰলৈ আহিল। মাকৰ কথা মতে সি আটাইকে লৈ টিলিঙা মন্দিৰ আৰু জালনী ক্লাৱ দেখুৱাবলৈ বুলি ওলাল। আইতাকক অনুপমাই ভাল পোচাক এজোৰ পিন্ধাই সাজু কৰি ৰাখিছিলেই। গতিকে ওলাই আহিবলৈ বেছি সময় নালাগিল।
গাড়ীখন দুলীয়াজানৰ চহৰ অঞ্চলৰ পৰা ওলাই কিছু দুৰ চাহ বাগিচাৰ মাজে মাজে গৈ টিলিঙা মন্দিৰৰ সমুখত ৰৈ গল প্ৰশান্ত, কেভিন আৰু ক্লাৰা গাড়ীৰ পৰা নামিল। 
অনুপমাই আইতাকক গাড়ীৰ পৰাই দেখুৱালে চাৰিওপিনে টিলিঙা আঁৰি থোৱা বৃহৎ গছ জোপা।
মানুহে বিশ্বাস কৰে যে এই গছজোপাত ভগৱান আছে। সেয়ে টিলিঙা এটা গছজোপাত বান্ধি নিজৰ মনৰ কামনা গছ জোপাৰ আগত কলে মানুহৰ মনোকামনা হেনো পূৰ্ণ হয়গছজোপা দেখুৱাই অনুপমাই কলে।
সঁচানে? তুমি নিজে প্ৰমাণ পাইছানে”? ক্লাৰাই সুধিলে।
মই নিজে এইবোৰ বিশ্বাস নকৰোঁ। কিন্তু শুনিছোঁ বিশ্বাস কৰা মানুহে ফল পায়
আইতাকে মিচিকিয়া হাঁহিৰে কলে, “তেনে এজোপা গছ মই তাহানিতে মধুপুৰ বাগিচাতো দেখিছিলোঁ। সেই গছ জোপাত মানুহে ৰঙা কাপোৰ মেৰিয়াই দিলে মনৰ কামনা সিদ্ধি হয় বুলি বিশ্বাস কৰিছিল। কথাটো ময়ো বিশ্বাস কৰা নাছিলোঁ। কিন্তু বাগিচাৰ মানুহবোৰে খুব বিশ্বাস কৰিছিল। ময়ো কিজানি বিশ্বাস কৰিব লাগিছিল
তুমি আজি এই গছজোপাত টিলিঙা এটা বান্ধি নিজৰ মনৰ কামনা কৈ চাবা নেকি আইতা”? অনুপমাই সুধিলে।
মোৰ হৈ তুমিয়েই টিলিঙা এটা বান্ধি দিয়া অনুপমা। মই কেৱল প্ৰাৰ্থনা কৰিম
ক্লাৰাই গছ জোপা আৰু সংলগ্ন মন্দিৰটোৰ ফটো ললে। কেভিনে মন্দিৰটোৰ লগত জড়িত লোকবিশ্বাস আৰু টিলিঙা বন্ধা নিয়মৰ বিষয়ে প্ৰশান্তৰ লগত কথা পাতিলে। অনুপমাই ক্লাৰাৰ সহায়ত আইতাকক লাহে লাহে ধৰি গাড়ীৰ পৰা নমালে।
আইতাই এই গছ জোপাত টিলিঙা বান্ধি প্ৰাৰ্থনা কৰিব বিচাৰিছে। আৰু কোনোবাই বান্ধিবা নেকি”?
ইমান মানুহে বিশ্বাস কৰে যেতিয়া ময়ো এটা টিলিঙা বান্ধিম। কিজানি মোৰ ভাগ্য সলনি হয়েইক্লাৰাই কলে।
এৰা, আজি খ্ৰিষ্টমাছ ইভ। আজি প্ৰাৰ্থনাৰ দিন। ভগৱান হয়তো ইয়াতেও আছে। বলা আমিও একেলগে ইয়াতেই প্ৰাৰ্থনা কৰোঁকেভিনে কলে।
প্ৰশান্তই মন্দিৰটোৰ ওচৰতে থকা  দোকান এখনৰ পৰা পূজাৰ সামগ্ৰী, দুটা টিলিঙা, ধুপ, চাকি আদি কিনি লৈ আহিল। অনুপমাই দেখুৱাই দিয়া মতে মন্দিৰৰ চৌহদত থকা পানীৰ নল টোতে মুখ হাত ধুই জোতা খুলি তেওঁলোকে গছজোপাৰ পিনে আগবাঢ়িল।
শীতকালি ৰাতি ইমান দেৰীকৈ মন্দিৰটোলৈ সাধাৰণতে কোনো নাহে। পূজাৰী জন যাবলৈকে ওলাইছিল। বিদেশী ভক্ত কেইজন অহা দেখি তেওঁ ৰৈ গল। প্ৰশান্তই পূজাৰীজনক মাননি এটা দি আটাইকে প্ৰাৰ্থনা কৰাই দিবলৈ কলে। আইতাকক মূঢ়া এটাত বহোৱাৰ ব্যৱস্থা কৰি আটায়ে আঠু ললে। পূজাৰী জনে মন্ত্ৰ মাতি আটাইকে আশীৰ্বাদ দিলে আৰু হালধীয়া সেন্দুৰৰ তিলক একোটা আটাইৰে কপালত আঁকি দিলে।
পূজাৰী জনৰ টিলিঙা বজাই, মন্ত্ৰ মাতি পূজা কৰাৰ গোটেই প্ৰক্ৰিয়াটোত আৰু আটাইৰে কপালৰ দিয়া তিলক কেইটা চাই ক্লাৰাই বৰ আমোদ পালে।
কপালত দিয়া তিলকটো হাতেৰে চুই ক্লাৰাই প্ৰশান্তক সুধিলে। কপালত কিয় এইবোৰ লগাইছে? তোমালোক মতা মানুহ কেইজনকো লগাইছে যে”?
মানুহে বিশ্বাস কৰে যে এই তিলক টোৱে মানুহক বিপদ বিঘিনীৰ পৰা ৰক্ষা কৰে। তিলকটো যিমান সময় তোমাৰ কপালত থাকিব, সিমান সময় তুমি ঈশ্বৰৰ ওচৰত থকা যেন অনুভৱ কৰি থাকিবাপ্ৰশান্তই কলে।
তোমালোকৰ হিন্দু ধৰ্মটো বৰ বৈচিত্ৰপূৰ্ণ, মোৰ বৰ ভাল লাগেপুজাৰী জনলৈ কেমেৰা টোৱাই এটা ক্লিক কৰি ক্লাৰাই কলে।
অনুপমাই চাকি বোৰ আৰু ধুপ খিনি জ্বলাই দিলে। তাই ক্লাৰাৰ লগত আইতাকক ধৰি লৈ গৈ এঠাইত টিলিঙাটো বান্ধিলে। ক্লাৰায়ো তাইৰ টিলিঙাটো বান্ধিলে।
এতিয়া তোমালোকে ঈশ্বৰৰ পৰা যি বিচাৰিছা টিলিঙাটো চুই গছ ডালৰ আগত মনে মনে কৈ দিয়া। কথাখিনি পিছে কাকো নকবা। তেনে কৰিলে মানুহৰ মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস আছে
আইতাকে টিলিঙাটো চুই চকু মুদি কিবা ভাবিলে। ক্লাৰাই টিলিঙাটো কপালত লগাই মনে মনে প্ৰাৰ্থনা কৰিলে।
মন্দিৰটোৰ পৰা উভতি অহাৰ বাটত ক্লাৰাই সুধিলে, “গছত বাৰু ভগৱান থাকিব পাৰেনে? হিন্দু ধৰ্মই এতিয়াও সেই আদিম মানুহে ভবাৰ দৰে গছ, নদী, পাহাৰ আদি সকলোতে ভগৱান আছে বুলি ধৰি আছে কিয়? বিজ্ঞানেতো প্ৰমান কৰিছে এইবোৰ মিছা বুলি। মই টিলিঙাটো বান্ধিলোঁ যদিও নিজকে অন্ধ বিশ্বাসী যেন লাগিছে
হিন্দু ধৰ্মটো এই খিনিতে আন ধৰ্মতকৈ পৃথক। এই ধৰ্মত ভগৱান অকল মন্দিৰতে থাকিব বুলি কোনো কথা নাই। হিন্দু ধৰ্ম মতে ভগৱান সকলো প্ৰাণীতে আৰু সকলো বস্তুতে আছে। বিশ্বাসটোহে আচল কথা। বিশ্বাস কৰিলে হেনো ভগৱানক যিকোনো বস্তুতে বিচাৰি পায়প্ৰশান্তই কলে।
এইটো খুব সুন্দৰ যুক্তি। কথাটো মোৰ বৰ ভাল লাগিছে। মই এদিন হিন্দু ধৰ্মৰ লোকবিশ্বাস বোৰৰ ওপৰতো এখন ডকুমেণ্টৰী বনাম
কেভিনে ক্লাৰালৈ চাই কলে, “মই এতিয়াহে বুজিছোঁ, তুমি টিলিঙা বান্ধি গছ জোপা আৰু মন্দিৰটোৰ ইমান ছবি কিয় লৈছা। খুব ভাল পৰিকল্পনা কৰিছা ক্লাৰা। মই ভবাত এই বিষয়টোত কৰা ডকুমেণ্টৰী মানুহে চাই খুব ভাল পাব
কেভিন, ক্লাৰাৰ সকলো কথাতে তুমি কমেণ্ট নিদিবা। এদিন চাবা তাই খুব ভাল চিনেমা নিৰ্মান কৰিবঅনুপমাই ক্লাৰাৰ হৈ মাত লগালে।
কিছুদুৰ আহি প্ৰশান্তই গাড়ীখন জালনী ক্লাৱ অভিমুখে ঘুৰালে। জালনী ক্লাৱত তেতিয়া এক উত্সৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছিল। খ্ৰিষ্টমাছ ইভ উপলক্ষে হোৱা অনুস্থানত ভাগ লবলৈ ক্লাৱত বহুত মানুহে ভিৰ কৰিছিল।
ইমান ভিৰৰ মাজত আইতাকক নিবলৈ অনুপমাই অলপ ইতস্তত: কৰিলে। তাই প্ৰশান্তক কলে, “তোমালোকে ভিতৰৰ পৰা আহা গৈ। মই আইতাৰ লগত ইয়াতে ৰৈছোঁ
কেভিনে কলে, “সেয়াই ভাল হব। আমি বেছি দেৰী নকৰোঁ দেই প্ৰশান্ত
ক্লাৱৰ চৌহদত সোমোৱাৰ লগে লগে ছাণ্টা ক্লজৰ পোচাক পিন্ধা এজনে আগবাঢ়ি আহি আটাইকে কৰমৰ্দন কৰিলে।  ক্লাৰাই ফুৰ্তিত চিঞৰি দিলে, “হেই ছাণ্টা, তুমি ইয়াতো আছা, মই ভাবিছিলোঁ তুমি বৰফৰ মাজত হে থাকা। তোমাৰ শ্লেজ গাড়ীখন ক?”
প্ৰশান্তই কলে, “আমাৰ ইয়াত বৰফ নপৰে কাৰণে ছাণ্টাই গাড়ীত উঠিয়েই আহেছাণ্টাৰ পোচাক পিন্ধা জনে পিঠিত লোৱা মোনাটোৰ পৰা উলিয়াই আটাইকে টফী কেইটামান দিলে।
বিদেশী ডেকা গাভৰু হাল দেখি ক্লাৱৰ মানুহৰ চকু কেভিন আৰু ক্লাৰাৰ পিনে গল। কেভিনে দুয়োকে ক্লাৱৰ ভিতৰখন দেখুৱালে। অডিটৰিয়ামৰ ভিতৰত ছাণ্টা ক্লজৰ পোচাক পিন্ধা অন্য এজনে সৰু লৰা ছোৱালী বোৰক উপহাৰ বিতৰণ কৰি আছিলসুসজ্জিত বাৰ খন দেখি দুয়ো খুব ভাল পালে। বাৰ খনত সোমায়েই ক্লাৰাই কলে, “আজি মোৰ অলপ ফূৰ্তি কৰিবলৈ মন গৈছে। বলা আমি দুটামান পেগ লওঁ
আমি ইয়াত বেছি সময় কৰিব নোৱাৰিম ক্লাৰা। বাহিৰত আইতা আৰু অনুপমাই আমনি পাবকেভিনে কলে।
তুমি সদায় কিবা এটা কৰিব বিচাৰিলেই মোক বাধা দিয়া। ইমান বাধাৰ মাজত থাকিব লগীয়া হব বুলি জানিলে মই ইণ্ডিয়ালৈ কেতিয়াও নাহিলোঁহেতেনক্লাৰাৰ খঙত নাকৰ পাহি দুটা ফুলি উঠিল। 
প্ৰশান্ত, তুমিতো মোক বাধা নিদিয়া। আমি ঘৰত খাবলৈ বিয়েৰ লৈ লওঁ বলাপ্ৰশান্তলৈ চাই ক্লাৰাই কলে।
আমি পিছে মোৰ কোৱাৰ্টাৰত বহিহে ড্ৰিংক কৰিব পাৰিম। মায়ে এইবোৰ ঘৰলৈ নিলে বেয়া পাবআমাৰ ঘৰত এইবোৰ নচলেপ্ৰশান্তই কলে।
আজি নালাগে দিয়া ক্লাৰা, কাইলৈ উভতি যাওঁতে আমি প্ৰশান্তৰ কোৱাৰ্টাৰত সোমাই বিয়েৰ খাই ফুৰ্তি কৰিম। কাইলৈ অনুপমা আৰু আইতা অনুপমাৰ দেউতাকৰ গাড়ীতে পোনে পোনে ডিগবৈলৈ যাব পাৰিব। আইতাক আকৌ ইয়ালৈ অনাৰ দৰকাৰ নাই। মই তোমাক নিবলৈ ইয়ালৈ আহিমে। আমি ৰাতি পাৰ্টী কৰি উভতি যামকেভিনে ক্লাৰাক বুজনিৰ সুৰত কলে।
কিন্তু কাইলৈ ডিব্ৰুগড়ত তোমালোকৰ কিমান বা দেৰী হয়ক্লাৰাৰ চিন্তা হল।
বেছি দেৰী হব নালাগে। অনুপমাই মোক কোৱা মতে ৰাতিপুৱা সোনকালে গৈ ৰাতি হোৱাৰ আগতে উভতি অহাৰ পৰিকল্পনা কৰিছে। মই আশা কৰিছোঁ সাত আঠ মান বজাৰ ভিতৰত মই আহি দুলীয়াজান পাই যাম। তোমাৰতো একো অসুবিধা নহয় প্ৰশান্তকেভিনে প্ৰশান্তৰ মুখলৈ চালে।
নাই, নাই কিয় অসুবিধা হ? সেইটোৱেই ভাল হব। মই বটল কেইটামান আগতিয়াকৈ অনাই থমপ্ৰশান্তই মাত লগালে।
প্ৰশান্তই কেভিন আৰু ক্লাৰাক ক্লাৱত থকা ছুইমিং পুল, টেনিছ কোৰ্ট, জিমনেছিয়াম, বেডমিণ্টন হল এইবোৰ দেখুৱালে।
অডিটৰিয়ামৰ সমুখত থিয় হৈ প্ৰশান্তই কলে, “আজি ৰাতি ইয়াত খ্ৰিষ্টমাছ ইভৰ পাৰ্টিত মিউজিকৰ লগে লগে ডান্স হব। এটা লাইভ বেণ্ড আহিব
ক্লাৰা উচ্ছাসিত হৈ কলে, “আমি ৰাতি আহিম দেই। মোৰ খুব ডান্স কৰিবলৈ মন গৈছে। অনুপমা নাহিলেও নাই
নাই ক্লাৰা, আমি আজি ৰাতি পলম কৰা ঠিক নহব। কাইলৈ ৰাতিপুৱা সোনকালে উঠি ডিব্ৰুগড়লৈ ওলাব লাগিবকেভিনে কলে।
ডিব্ৰুগড়লৈ তুমিহে যাবা, মই নাযাওঁ নহয়। ঠিক আছে নালাগে, তুমিও আহিব নালাগে। তুমি অনুপমা আৰু আইতাৰ লগত শুই থাকিবাগৈ। মই প্ৰশান্তৰ লগতে আহিম। মই তোমাৰ লগত আহিব পাৰিম, নহয়নে প্ৰশান্ত”? ক্লাৰাই বৰ আশাৰে প্ৰশান্তৰ পিনে চালে।
প্ৰশান্ত বিবুধিত পৰিল। ক্লাৰাৰ দৰে সুন্দৰী ছোৱালী এজনীৰ লগত নাচিবলৈ পোৱাটো তাৰ কাৰণে এটা সৌভাগ্যৰ কথা। সি লগে লগে তাৰ বন্ধু মহলৰ ঈৰ্ষাৰ পাত্ৰ হৈ পৰিব। কথাটো ভাবিয়েই তাৰ মনত ৰিমজিম ভাব এটা খেলি গল।
কিন্তু সি ক্লাৰাক অকলে ডান্স ফ্লোৰলৈ লৈ গলে কথাটো ৰাতিৰ ভিতৰতে সমগ্ৰ দুলীয়াজান ফাটি ফুটি যাবনানান মুখত নানান কথা ওলাব। কেভিন লগত থাকিলে অৱশ্যে কোনো কথা নাই।
আমি আটায়ে আহিলেহে মই আহিম। কেভিন, আমি ৰাতি দহ বজাত আহি এঘাৰ বজাত উভতি যামগৈ। বেছি দেৰী নকৰোঁ। হবনে”? প্ৰশান্তই কেভিনলৈ চালে।
মোৰ কিন্তু পাৰ্টীলৈ আহিব পৰা পোচাক নাই। মই দেখিলোঁ ইয়াত সকলোৱে পৰিপাটীকৈ ছুট টাই পিন্ধি আহিছে। মইতো ইয়ালৈ ছুট অনাই নাইকেভিনে কলে।
ময়োতো এক ভাল পোচাক লৈ অহা নাই। মইতো সেই কথাটো চিন্তাই কৰা নাইক্লাৰাই কলে।
কিন্তু ক্লাৰা, কেভিনে ঠিক কথাই কৈছে। ৰাতি নাচৰ সময়ত পুৰুষে পৰিপাটীকৈ ছুট টাই পিন্ধি যোৱাটো ক্লাৱটোৰ এটা পৰম্পৰা। সেই পৰম্পৰা ভংগ কৰি কেজুৱেল পোচাকত গলে মানুহে ভাল নাপাবও পাৰেপ্ৰশান্তই কলে।
ক্লাৰাৰ মনটো মৰহি গল। মই বিচৰা মতে কেতিয়াও একো নহয়। মোৰ কথা কোনেও নুবুজেতাই ভোৰভোৰালে। প্ৰশান্ত আজিৰ কাৰণে তোমাৰ পোচাক এজোৰ কেভিনক দিব নোৱাৰানে”?
প্ৰায় ছয় ফুট ওখ কেভিনৰ মঙহাল দেহত তাতকৈ চাপৰ মধ্যমীয়া দেহৰ প্ৰশান্তৰ পোচাক যে নোসোমাব সেই কথা যি কোনো মানুহে দেখিলেই কৈ দিব পাৰে। ক্লাৰাৰ কথা শুনি কেভিনৰ হাঁহি উঠিল। সি কলে, “প্ৰশান্তৰ কোট পিন্ধিলে মোক চাৰ্লি চেপলিন যেন লাগিব
ক্লাৰাৰ মুখ ওফন্দি থাকিল। তেনেহলে বলাইয়াত থাকি কি হব। কাইলৈ তোমালোক ডিব্ৰুগড় যাবা। গতিকে ময়ো তোমালোকৰ কথা মতে সোনকালে খাই বৈ শুই থাকিব লাগিবতাই উষ্মাৰে কলে।
কালি আমি চোন পাৰ্টী কৰিমেই। প্ৰশান্তৰ ঘৰত ভাল মিউজিক ছিষ্টেম আছে। আমি তিনিও তাতেই নাচিব পাৰিম। হবনে প্ৰশান্তকেভিনে প্ৰশান্তৰ মুখলৈ চালে। প্ৰশান্তই বুজিলে ৰাতি নাচিবলৈ অহাটো নহব।
সেইটোৱেই ভাল হব ক্লাৰা। আজি মোৰো খুব ভাগৰ লাগিছে। এই ঠাণ্ডা ৰাতি ক্লাৱত ডান্স কৰাতকৈ লেপৰ তলত শুই থাকিবলৈহে মই বেছি ভাল পামপ্ৰশান্তই কলে।
জালনী ক্লাৱৰ পৰা ঘৰমুখী হোৱাৰ সময়ত প্ৰশান্তই জালনী গল্ফ কোৰ্ছ খন দেখুৱালে।
ল্ফৰ অনুৰাগী কেভিনে কলে, “মই মোৰ গল্ফ ছেটটো কিয় যে লৈ নাহিলোঁ। মই ইয়াত ইমান বোৰ গল্ফ কোৰ্ছ থকা কথাটো জনাই নাছিলোঁ। অনুপমা, তুমিও মোক কোনোদিনেই নকলা গল্ফ কোৰ্ছৰ কথা
অনুপমাই কলে, “তুমি গল্ফ খেলিবলৈ ভাল পাবা বুলি মই জনা নাছিলোঁ। আৰু মইতো ভাবিছিলোঁ তুমি আমাৰ এই অঞ্চলটোৰ সকলো কথাই জানা। গল্ফটোহে কেৱল বাদ পৰি ৰ প্ৰশান্তই কেভিনক কলে, “তুমি অহা শনি বা দেওবাৰে গল্ফ খেলোঁ বুলিয়েই ইয়ালৈ আহিবা। মই তোমাৰ কাৰণে গল্ফ ছেট এটা সাজু কৰি থম
কেভিনে কলে, “পাৰিলে মই নিশ্চয় আহিম। ডিগবৈ গল্ফ কোৰ্ছখনো খুব সুন্দৰ। পিছে সময় মিলাব পাৰোঁ নে নোৱাৰোঁ কব পৰা নাই
ক্লাৰাই প্ৰশান্তক কলে, “তুমিয়েই শনি দেওবাৰে ডিগবৈলৈ আহি যোৱা। অনুপমাই চেষ্টা কৰিলে তাতো চাগে গল্ফ ছেট এটা যোগাৰ হৈ যাব। কেমেৰাটোও লৈ আহিবা। আমি বন্য জীৱ জন্তু, চৰাই চিৰিকতিৰো ফটো ল

প্ৰশান্তই কলে, “ঠিক আছে, শনিবাৰটো আহিলেহে মই যাব পাৰিম নে নাই কব পাৰিম