ৰাতি ভাতপানী খাই প্ৰশান্তই কেভিনক তাৰ কোৱাৰ্টাৰলৈ
লৈ গ’ল। আইতাকক শোৱাই থৈ অনুপমা আহি
ক্লাৰাৰ ওচৰত বিচনাত পৰিল। ক্লাৰাই চকু দুটা মুদি বিচনাত পৰি আছিল।
তাই অনুপমাক ক’লে, “আজি খ্ৰিষ্টমাছ ইভ। মই আজি এই সময়ত গীৰ্জালৈ গ’লোঁহেতেন”।
“তোমাৰ চাগে খুব বেয়া লাগিছে।
আজি ঘৰৰ মানুহৰ কথা চাগে মনত পৰিছে”।
“নাই, মোৰ বেয়া লাগিলে নো কি হ’ব। মোৰ কথা কোনেনো চিন্তা কৰে। আজি অৱশ্যে মোৰ ঘৰত
খাই বৈ শুই থকাৰ মন নাছিল। অলপ উলহ মালহেৰে সময় কটোৱাৰ মন আছিল। আজিৰ দিনটোত আমাৰ
ঠাইত ইমান সোনকালে কোনেও নোশোৱে”।
“এৰা ক্লাৰা। মই বুজিছোঁ। তুমি
মনে বিচৰা মতে ইয়াত বহুত কিবা কিবি পোৱা নাই। কিন্তু কিনো কৰিবা। ইয়াত এনেকুৱাই।
লণ্ডনত পোৱা কিছুমান বস্তু ইয়াত নোপোৱা”।
হঠাতে কিবা এটা মনত পৰাৰ দৰে ক্লাৰাই অনুপমাৰ পিনে
চাই ক’লে, “অনুপমা, আজি প্ৰশান্তৰ হঠাতে ইমান খং কিয় উঠিছিল বাৰু। মোৰ এনে লাগিছিল, কথাটো তুমি কোৱাৰ দৰে নাছিল। তুমি নিশ্চয় মোৰ পৰা কথা
লুকুৱাইছিলা। সেয়া কেৱল টকা ঘূৰাই দিয়াৰ কথা আছিলনে?”
অনুপমাই ক্লাৰাক আৰু ফাঁকি দিব নোৱাৰিলে। পুৰুষৰ
কিছুমান কাৰ্য দেখিলে নাৰীয়ে হয়তো নিজে নিজেই বহুত কথা গম পাই যায়।
“খাদত এজন মানুহে তোমাৰ বিষয়ে
এটা বেয়া মন্তব্য কৰিছিল। সেই কাৰনে তাৰ ইমান খং উঠিছিল”।
কথাটো শুনি ক্লাৰা থত মত খোৱাৰ দৰে হ’ল। “কি বেয়া মন্তব্য কৰিছিল”?
“ময়ো ভালদৰে নুশুনিলোঁ কি কৈছিল।
কিন্তু কিবা এটা অসভ্য কথা কৈছিল”।
“মোৰ বিষয়ে কোনোবা এজনে কোৱা
বেয়া কথা এটা শুনিয়েই সি ইমান উগ্ৰ হৈ উঠিছিল নে? তাতে মই মানুহজনক চিনি নাপাও আৰু ভৱিষ্যতেও মোৰ
মানুহজনৰ লগত দেখা হোৱাৰ কোনো সম্ভাৱনা নাই। এইবোৰ কথা পাত্তাই দিব নালাগে। মোৰ
কথা কোনোবাই বেয়াকে কোৱা বুলি শুনিলে কেভিনেও চাগে ইমান খং নকৰিলেহেতেন”। অনুপমাই তাইৰ কথা শুনি অলপ পৰ তাইৰ মুখলৈ চাই ৰ’ল।
অনুপমাই সোধো নোসোধোকৈ ক্লাৰাক সুধিলে, “তুমি প্ৰশান্ত ল’ৰাটো কেনে বুলি ভাবা ক্লাৰা”?
ক্লাৰাৰ মুখখন উজ্বলি উঠিল। তাই ক’লে, “প্ৰশান্ত যথেষ্ট ভাল ল’ৰা। সি এটা জিনিয়াছ। সি জীৱনত বহুত ওপৰলৈ যাব। মোৰ তাক বৰ ভাল লাগে”।
ক্লাৰাৰ মুখত তাৰ প্ৰশংসা শুনি অনুপমাৰ ভাল লাগিল।
অন্তত: তাইৰ চকুত সি এজন ভাল ল’ৰা।
“প্ৰশান্তই কিয় একেকুৱা কৰিছিল
মই বুজিব পৰা নাই পমা”। ক্লাৰাই অনুপমালৈ চালে।
“তোমাক কিজানি সি ভাল পায় সেই
কাৰনে সি তেনেকুৱা কৰিছিল”। অনুপমাই দুষ্টামি ভৰা হাঁহিৰে ক’লে।
ক্লাৰাই কথাটো শুনি হো হোৱাই হাঁহি দিলে। “মই ভবাত তেনেকুৱা একো কথা নাই। এয়া অসম্ভৱ। সি কিয়
মোক ভাল পাব?”
তাই অলপ পৰ ৰৈ ক’লে, “পিছে মই কথা এটা ভাবিছোঁ
পমা। মোৰ মতে সি তোমাৰ কাৰনেহে বৰ উপযুক্ত হ’ব। তোমালোক দুয়ো একে ঠাইৰে, একে ভাষা, একে ধৰ্ম, একে সংস্কৃতিৰ। তাতে তোমাৰ
বয়ফ্ৰেণ্ড নাই। তুমি তাক বয়ফ্ৰেণ্ড কৰি নোলোৱা কিয়”?
অনুপমাৰ মুখৰ হাঁহিটো কিছু ম্লান হ’ল। তাই ক’লে, “আমাৰ সমাজত বয়ফ্ৰেণ্ড
গাৰ্লফ্ৰেণ্ডৰ সম্পৰ্কবোৰ তোমালোকৰ নিচিনা নহয় ক্লাৰা। আমাৰ ইয়াত এনে সম্পৰ্ক অকল
বিয়া পতাৰ প্ৰতিশ্ৰুতিত হে কৰা হয়”।
ক্লাৰাই অলপ পৰ মনে মনে থাকিল। “তুমি প্ৰশান্তক বিয়া পতাত আপত্তি কি আছে। বিয়া পতাটো
সকলো ছোৱালীৰে সপোন। মোক পিছে আজিলৈকে কোনেও বিয়া পাতিম বুলি কোৱাই নাই। ক’লে মই ইমানদিনে পাতিলোৱে হেতেন”।
“মই কেভিনক ক’ম নেকি তোমাক বিয়াৰ প্ৰস্তাৱ দিবলৈ”? অনুপমাই ক্লাৰাক জোকাই চালে।
“তেনেকুৱা কাম ভুলতো নকৰিবা। সি
যিদিনা তাৰ জীৱনত মোৰ মূল্য বুজি পাব, সি নিজেই মোক প্ৰস্তাৱ দিব। কিন্তু যদি সি নুবুজে মই আঁতৰি যামগৈ। মোৰ কাকো
কাবৌ কাকূতি কৰিবলৈ নাই”। ক্লাৰাই অভিমানেৰে ক’লে।
“তোমাৰ মা দেউতা হঁতে কেভিনৰ কথা
জনেনে? তেওঁলোকে কেভিনৰ লগত তোমাৰ বিয়া
হ’লে চাগে সুখীয়েই হ’ব নহয়নে”?
ক্লাৰাৰ হাঁহি উঠি গ’ল, “তুমি কি কথাবোৰ কৈছা। মোৰ মা দেউতাই এইবোৰ কথাত মুৰ নঘমায়। মই কাৰ লগত ঘুৰিছোঁ, কাৰ লগত শুইছোঁ, কাক বিয়া পাতিছোঁ এইবোৰ তেওঁলোকৰ কাৰণে দৰকাৰী কথা
নহয়। মই যদি উপাৰ্জন কৰি দুপইচা ঘৰলৈ পঠিয়াব পাৰোঁ, তাতেই তেওঁলোক সন্তুষ্ট”।
“আমাৰ ইয়াত পিছে মাক দেউতাকে ল’ৰা ছোৱালীৰ বিয়া বাৰুত এতিয়াও হস্তক্ষেপ কৰে। বিয়া
পাতিবলৈ হ’লে মাক দেউতাকৰ সন্মতি
প্ৰয়োজনীয় বুলি ভবা হয়”।
“আচলতে সেইটোৱেই ভাল জানা। আমাৰ
সম্পৰ্কবোৰৰ কোনো শক্তিশালী বান্ধোন নাথাকে। আজি সকলোৱে জানে কেভিন মোৰ বয়ফ্ৰেণ্ড, কিন্তু কাইলৈ সি আন এজনী ছোৱালীক ভাল পাই পেলালে মোৰ
তাত ক’ব লগীয়া একো নাথাকে। মই তাৰ পৰা
একো দাবী কৰিবও নোৱাৰোঁ। তেতিয়া মই তাৰ জীৱনৰ পৰা নিৰৱে আঁতৰি গৈ আন এজন বয়ফ্ৰেণ্ড
বিচাৰিব লাগিব। তোমালোকৰ ইয়াত হয়তো সেই সমস্যাটো নাই”।
কথাখিনি কৈ ক্লাৰা অলপ সময় মনে মনে থাকিল। অনুপমায়ো
কথাবোৰ মনতে জুকিয়াই চালে।
“তুমি নিশ্চিত নে ক্লাৰা, কেভিনে তোমাক ভাল পায় আৰু তোমাকে বিয়া কৰাব”। নীৰৱতা ভংগ কৰি অনুপমাই সুধিলে।
ক্লাৰাই আকৌ হাঁহি দিলে। “মই কেতিয়াও নিশ্চিত নাছিলোঁ অনুপমা, আজিও নহয় মোৰ প্ৰতি কেভিনৰ ভালপোৱা আছে নে কেৱল দয়া
আছে। মই তাৰ ওচৰত কেইবাটাও কাৰনত ঋণী। সি মোক জীৱনত বহুত সহায় কৰিছে। কিন্তু আজিও
মোৰ এনে লাগে যিকোনো সময়তে আমাৰ সম্পৰ্কটো ভাগি যাব পাৰে”।
“মই তোমালোকৰ সম্পৰ্কটো
চিৰস্থায়ী কৰিবলৈ কিবা কৰিব পাৰিমনে ক্লাৰা?মোক কোৱা মই যদি কিবা সহায় কৰিব পাৰোঁ। মই জানো কেভিনৰ
অবিহনে তুমি ভাঙি পৰিবা”। অনুপমাই সহানুভূতিৰ সুৰত ক’লে।
ক্লাৰাই অনুপমাৰ হাত এখন নিজৰ হাতত লৈ ক’লে, “তোমাক বহুত ধন্যবাদ পমা। তুমি মোৰ কাৰণে যে ইমানখিনি চিন্তা কৰিছা। মইতো
ভাবিছিলোঁ এই পৃথিৱীত মোৰ কাৰণে চিন্তা কৰা মানুহ কোনোৱেই নাই”। তাইৰ চকু দুটা যেন অলপ সেমেকি উঠিল।
পিছ মূহুৰ্ততে মুখলৈ হাঁহি ঘুৰাই আনি তাই ক’লে, “পিছে মই এটা কথা বিশ্বাস কৰোঁ, কোনোবা এজন ব্যক্তি যদি তোমাৰ জীৱনত আহিব লগীয়া আছে, তেওঁ আহিবই। আৰু কোনোবা যদি আঁতৰি যাব লগীয়া আছে
আঁতৰি যাবই। ইয়াত কোনেও একো কৰিব নোৱাৰে। এতিয়া মোৰ ইমান খিনি আত্ম বিশ্বাস হৈছে
যে কেভিন নহ’লেও মই চলিব পাৰিম”।
অনুপমাৰ ৰাতি ভাল টোপনি নহ’ল। তাইৰ মনটো যেন এটা চেপা উত্তেজনাই গ্ৰাস কৰি
পেলালে। তাইৰ মনলৈ আহিল, আৰু মাত্ৰ কেইটামান দিনৰ পিছতে এই সময়বোৰ শেষ হ’ব। আকৌ তাই বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ মাজত সোমাই পৰি
পঢ়া শুনা, প্ৰজেক্ট, এছাইনমেণ্টৰ বোজাত মুৰ ডাঙিব নোৱাৰা হ’ব। কেভিন, ক্লাৰা সকলো নিজৰ নিজৰ কক্ষপথলৈ উভতি যাব, নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিব। কেভিনৰ গৱেষণাৰ কাম
শেষ হোৱাৰ পিছত সি তাইৰ ওচৰলৈ অহাৰ, তাইৰ লগত সময় কটোৱাৰ কোনো কাৰণ নাথাকিব। কেভিন নাহিলে
ক্লাৰাও হয়তো নাহিব। ইমানদিনে তাই আইতাকক অসমখন এবাৰ দেখুওৱাৰ সপোনতে বিভোৰ হৈ
আছিল। আইতাকৰ এই সপোন পূৰ হোৱাৰ পিছত হয়তো তাই আইতাকৰ ওচৰলৈ ঘনাই গৈ থকাৰ আৰু কাৰণ
নোহোৱা হ’ব। এটা উদাস ভাৱে তাইক যেন আৱৰি
পেলালে।
তাই ভাবিবলৈ ধৰিলে, এদিন পঢ়া শুনা সামৰি সকলোকে ইংলেণ্ডতে এৰি তাই ভাৰতলৈ
গুচি আহিব। ইয়াতেই তাই কোনোবা এজন মানুহক জীৱন সংগীৰূপে বাচি লৈ গতানুগতিক বিবাহিত
জীৱন এটা অতিবাহিত কৰিব। হয়তো লাহে লাহে আইতাক, কেভিন, ক্লাৰা সকলো তাইৰ অতীত হৈ পৰিব। সকলো পাহৰণিৰ গৰ্ভত জীণ যাব।
ইমান দিনে নিজৰ বন্ধু বান্ধৱ, সহপাঠী, আত্মীয় সকলোৰে পৰা আঁতৰি তাই আইতাকৰ জীৱনটোৰ লগত ক’ব নোৱাৰাকৈয়ে জড়িত হৈ পৰিছিল। সময় পালেই আইতাকৰ ওচৰলৈ
লৱৰি গৈছিল। কিন্তু তাই যেন উমান পাইছে, তাইৰ সেই পৃথিৱীখন যেন লাহে লাহে সলনি হৈ যাব। তাইৰ বুকুৰ মাজত কিবা এটাই যেন
খুন্দা মাৰি ধৰিলে।
তাই নিজকে বুজালে, এই ক্ষণস্থায়ী সম্পৰ্কবোৰত আৱেগিক ভাৱে বেছি সংপৃক্ত
হৈ পৰিলে তাইৰ পিছলৈ বৰ কষ্ট হ’ব। তাই ক্লাৰাৰ দৰে ইমান অনুভূতিবিহীন আৰু নিৰুদ্দেগী হ’ব নোৱাৰে। ক্লাৰাৰ দৰে তাই পোনচাটেই এটা সম্পৰ্কৰ কথা
পাহৰি আন এটা সম্পৰ্ক গঢ়িব নোৱাৰে। কোনোবাই তাইৰ লগত সম্পৰ্ক শেষ কৰি দিয়াটোকো তাই
ক্লাৰাৰ দৰে সহজভাৱে ল’ব নোৱাৰে। নিৰাপত্তাৰ পৰিশ্ৰুতি নোহোৱাকৈ সম্পৰ্ক গঢ়াটো তাইৰ বাবে অৰ্থহীন।
শেষলৈ তাইৰ মনলৈ ভাৱ আহিল যে দেউতাকে তাইৰ জীৱনৰ
বিষয়ে উচিত সিদ্ধান্তই কৰিছে। দেউতাকৰ চকুত প্ৰশান্ত ভাল ল’ৰা, তাইৰ কাৰণে সি উপযুক্ত। হয়তো তেওঁৰ কথাই ঠিক। এনে এজন ল’ৰাই হয়তো তাই জীৱন সংগী হিচাপে গ্ৰহণ কৰিব লাগিব।
কিন্তু তাইৰ এনে লাগিল, তাইৰ মনটোৱে যেন প্ৰশান্তক জীৱন সংগী ৰূপে স্বীকাৰ
কৰিব পৰা নাই। তাইৰ এনে লাগিছে তাৰ লগত তাইৰ মনৰ কোনোবা খিনিত এতিয়াও খোকোজা ৰৈ
গৈছে। তাৰ লগত সম্পৰ্ক স্থাপন হ’লেও সেয়া যেন জোৰকৈ গঢ়ি লোৱা সম্পৰ্কহে হ’বগৈ। যেন এখন স্বাভাৱিক ভাৱে বৈ থকা নদীক ভেটা দি
অন্য ফালে বোৱাই নিয়া হ’ব। তাই নিজেই বুজি নাপালে তাইৰ কিয় এনেকুৱা হৈছে। দেউতাককো হয়তো তাই এইবোৰ কথা
কেতিয়াও বুজাব নোৱাৰিব। দেউতাকৰ সিদ্ধান্ত অনুসৰি নিজকে এৰি দি ওৰে জীৱন সুখী
হোৱাৰ অভিনয় কৰি যাবলৈ তাৰ সংকোচ হয়।
ৰাতি ভাল টোপনি নহ’লেও অনুপমাই ৰাতিপুৱাই সাৰ পালে। উঠি গা পা ধুই কাপোৰ
সলাই ল’লে। ৰাতি টোপনি কম হোৱা বাবে
মুৰটো অলপ বিষোৱা যেন অনুভৱ কৰিলে। তাই পাকঘৰত সোমাই একাপ কঢ়াকৈ ফিকা চাহ বনালে।
পাক ঘৰত টুং টাং শব্দ শুনি প্ৰশান্তৰ মাক উঠি আহিল।
“তুমি উঠিলাই নেকি অনুপমা? গা পা ধুই একেবাৰে সাজু হৈ আছা”।
“চাহ খাবলৈ মন গ’ল। আপুনি একাপ খাব নেকি খুড়ী”? অনুপমাই ক’লে।
“তোমাক পাক ঘৰত সোমোৱা দেখি বৰ
ভাল লাগিছে। তোমাৰ হাতেৰে চাহ খাবলৈ মন গৈছে। খুড়াৰায়ো খাব। দুকাপ চাহ কৰা আইজনী”। প্ৰশান্তৰ মাকে ক’লে।
চাহ বনাই থাকোঁতে অনুপমাই ভাবিলে, মানুহে হয়তো লাহে লাহে সকলো পৰিস্থিতিৰ লগত নিজকে খাপ
খুৱাই ল’ব লগীয়া হয়। তায়ো হয়তো এদিন মনৰ
সকলো কথা জাৰি জোকাৰি পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই ল’ব পৰা হ’ব। কথাবোৰ বেছিকৈ চিন্তা নকৰি জীৱনটোৰ যেনেদৰে সন্মুখীন হোৱা যায়, ঠিক তেনেদৰে গ্ৰহন কৰিব পৰাটোৱেই হয়তো মানুহৰ সুখী
হোৱাৰ এটা উপায়।
চাহ খাই উঠাৰ পৰাই তাই আইতাকক যাত্ৰাৰ কাৰনে সাজু
কৰাত ব্যস্ত হৈ পৰিল। তাই আইতাকৰ তাহানিৰ পৰা সংৰক্ষণ কৰি ৰখা মেখেলা চাদৰ জোৰ
পিন্ধিবৰ কাৰনে সাজু কৰি ৰাখিছিল। আইতাকৰ জোখৰ ব্লাউজ আৰু পেটীকোটো তাই বনোৱাই
থৈছিল। পুৱাই তাই কাপোৰবোৰ তাই ইস্ত্ৰী কৰি থ’লে। আইতাকক বাথৰূমৰ কামত সহায় কৰি দিয়াৰ পিছত গা পা
ধুৱাই দিলে। মেখেলা চাদৰ জোৰ পিন্ধাওঁতে প্ৰশান্তৰ মাকে সহায় কৰি দিলে। ঢকঢকীয়া
বগা বুঢ়ী মানুহ গৰাকী মুগাৰ মেখেলা চাদৰ জোৰে একেবাৰে শুৱাই তুলিলে। প্ৰশান্তৰ
মাকে তেওঁৰ কপালৰ সৰু ৰঙা ফোঁট এটাও লগাই দিলে।
আইতাকক ইমান ধুনীয়াকৈ সজাই পৰাই তোলা দেখি ক্লাৰাই বৰ
ৰং পালে। তাই কেমেৰাটোৰে আইতাকৰ কেইবাখনো ফটো তুলিলে। তাই ক’লে, “অসমীয়া মেখেলা চাদৰ মোৰ খুব পচন্দ হৈছে। মোকো এনে এজোৰ কাপোৰ লাগে”।
প্ৰশান্তৰ মাকে তাইৰ কথা বুজিব পাৰি ধেমালি কৰি ক’লে, “তোমাৰ বিয়াত এনে এজোৰ কাপোৰেই তোমাক উপহাৰ স্বৰূপে দিম”।
অনুপমাই কথাটো তাইক বুজাই দিয়াত তাই বৰ ফূৰ্তি পালে।
তাই ক’লে, “আণ্টি, মোৰ বিয়া খুব ধুম ধামকৈ পাতিম। বিয়ালৈ আপোনালোকক মই নিমন্ত্ৰণ কৰিমেই।
আপোনালোক সকলোৱে আহিব লাগিব কিন্তু”।
সাত বজাত প্ৰশান্ত আৰু কেভিন পালেহি। আটায়ে একেলগে
ব্ৰেকফাষ্ট কৰিলে। কেভিন আৰু প্ৰশান্তই আটাইৰে বেগ কেইটা গাড়ীত উঠালে। প্ৰশান্তৰ
মাক আৰু দেউতাকে আইতাকৰ ভৰি চুই সেৱা কৰি শৰাই এখনত গামোচা আৰু এৰী চাদৰ এখন উপহাৰ
স্বৰূপে আগবঢ়ালে। আইতাকে দুয়োকে মুৰ চুই আশীৰ্বাদ দিলে।
আইতাকক গাড়ীত উঠাই দিয়াৰ সময়ত প্ৰশান্তৰ মাকে থোকা
থুকি মাতেৰে ক’লে, “আকৌ এদিন আমাৰ ইয়ালৈ থকাকৈ আহিব”। আইতাকৰ চকু দুটাও চলচলীয়া হ’ল। তেওঁ প্ৰশান্তৰ মাকৰ হাত দুখনত ধৰি মুৰ দুপিয়ালে।
অনুপমাৰ দেউতাকে ৰাতিপুৱা সাত বজাতে ঘৰৰ পৰা গাড়ী লৈ
ডিব্ৰুগড়লৈ ওলাল। হৰিকাই আৰু ৰুবীক ঘৰখন চাবলৈ কৈ তেওঁ নিজে গাড়ী চলাই ওলাই আহিল।
অনুপমা আৰু আলহী কেইজন দুলীয়াজানলৈ যোৱাৰ পিছত হঠাতে
ঘৰখন নিজম হৈ পৰিছিল। আটাইবোৰ থকা কেইদিন মানুহৰ কথা বতৰা, হাঁহি খিকিন্দালিৰে ঘৰখন মুখৰ হৈ আছিল। হৰিকায়ে
বহুদিনৰ মুৰত ঘৰখনলৈ প্ৰাণ ঘুৰি অহা যেন পাইছিল। বুঢ়ী আইতা জনীৰ লগতো লাগি থাকিবলৈ
পাই হৰিকাই আৰু ৰুবীয়ে বৰ ভাল পাইছিল। কেইদিনমানৰ ভিতৰতে হাঁহিমুখীয়া আইতা জনীক
হৰিকাই আৰু ৰুবীৰ একেবাৰে আপোন মানুহ যেন লগা হৈছিল।
কেভিন চাহাবে হৰি আৰু ৰুবী দুয়োকে মৰম কৰে। কেভিনে
হৰিকাইক এটা বিদেশী কলম আৰু ৰুবীক এটা বিদেশী ছাবিৰ ৰিং উপহাৰ দিছে। কথা বুজি
নাপালেও কেভিনে অংগী ভংগীৰেই কথা পাতিবলৈ চেষ্টা কৰে। হৰিকায়ে কেভিনৰ পৰা দুটামান
ইংৰাজী শব্দ আৰু কেভিনে হৰিকাইৰ পৰা দুটামান অসমীয়া শব্দ শিকি লৈছে। ক্লাৰা মেম
চাহাব অৱশ্যে নিজৰ দুনীয়াতে থাকে। তেওঁ বৰকৈ ওচৰ চাপিব নিদিয়ে বা অংগী ভংগীৰেও কথা
পতিব নিবিচাৰে। তেওঁ কেতিয়াবা অৱশ্যে পাকঘৰত সোমাই ইটো সিটো বনোৱা চাই থাকে।
কেতিয়াবা নিজেও বনাবলৈ চেষ্টা কৰি চায়। মুঠতে আলহী কেইজন হৰিকাই আৰু ৰুবী দুয়োৰে
ভাল লাগিছে।
অনুপমাহঁত দুলীয়াজানলৈ ওলাই যোৱাৰ পিছত ৰুবীৰ কোনো
কাম নাইকীয়া হ’ল। তাই হৰিকাইক ক’লে, “আজি তুমি আৰাম কৰা। কামবোৰ আজি ময়েই কৰোঁ”।
সি ক’লে, “থ, তই এই দুদিনৰ কাৰনে মোৰ কাম কৰি দি মোক এলেহুৱা
নকৰিবি। মোৰ কাম মোকে কৰিবলৈ দে। তয়েই আৰাম কৰ”।
তাৰ কথাত তাই হঠাৎ বিমৰ্ষ হৈ পৰিল। তাই তলমুৰ কৰি
এঠাইত বহি পৰিল। সি ওচৰ চাপি গ’ল।
সি সুধিলে, “কি হ’ল তোৰ। হঠাতে মনটো মাৰি পেলালি
যে”? তাই মুখেৰে নামাতি তলমুৰ হৈ
থাকিল।
সি আকৌ সুধিলে, “তোক মই কিনো ডাঙৰ কথাটো ক’লোঁ, মোৰ কাম কৰি তই কষ্ট কৰি মৰিব লাগিছে কিয়? মোৰ কাম মোকে কৰিব দিবলৈহে কৈছোঁ। কালি পৰহি তই গুচি
যাবি। তেতিয়া কোনে কাম কৰিব? ময়েইতো কৰিব লাগিব। তাতে কিনো বেয়া পালি”?
তাই কৰুণ চকুজুৰিৰে তাৰ পিনে চাই ক’লে, “মই পাহৰিয়ে গৈছিলোঁ, মই যে মাত্ৰ কেইদিনমানৰ কাৰণেহে ইয়াত কাম কৰিবলৈ আহিছোঁ। এই কেইদিন ভালকৈ
খাবলৈ, পিন্ধিবলৈ পাই ময়ো ইয়াতেই থাকি
যাম বুলি ভাবি পেলাইছিলোঁ। বাইদেউহঁত যোৱাৰ পিছত মোৰ কাম শেষ হ’লে মোকতো পঠিয়াই দিবা নহয়নে? মইতো আকৌ সেই নৰকলৈ ঘুৰি যাবই লাগিব”। তাই চাদৰেৰে চকু দুটা ঢাকি উচুপি উঠিল।
“নৰক”?
তাইৰ কথাত হৰিকাই চক খোৱাৰ দৰে হ’ল। সি তাইৰ কাষতে বহি ল’লে। “তই কি নৰকৰ কথা কৈছ ৰুবী। মোক ভালদৰে ভাঙি পাতি ক’ চোন”।
“আমাৰ সমাজত গিৰিয়েকে ঘৰৰ পৰা
খেদি দিয়া তিৰোতাৰ কি গতি হ’ব পাৰে তোমাক মই কি বুজাই ক’ম। তাতে মই ল’ৰা ছোৱালী জন্ম দিব নোৱাৰা মাইকী”। এই বুলি তাই কান্দি পেলালে।
হৰি কায়ে ইছ আছ কৰি উঠিল। কোনো তিৰোতা মানুহে তাৰ
ওচৰত বহি কেতিয়াও কন্দা নাই।
“তই নাকান্দিবিচোন ৰুবী। ক’চোন, মোক সকলো কথা খুলি ক’”।
“মোৰ মানুহজনে মোৰ ল’ৰা ছোৱালী নোহোৱা দেখি আৰু এজনী বিয়া পাতিলে। তাইৰ
লগত তাৰ ল’ৰা ছোৱালী হ’ল। ল’ৰা ছোৱালী নোহোৱাটো মোৰেই দোষ। মোক বাজী বুলি ঘৰৰ পৰা উলিয়াই দিলে। বাচি
থাকিবলৈ পেটৰ তাড়নাত পৰি ইয়ালৈ বহুত কষ্ট কৰি কাম কৰিবলৈ আহিছিলোঁ। কিন্তু
হাৰামজাদা হঁতে মোক লেবাৰৰ কাম কৰিব নিদিয়ে। ইফালে মোৰ গা টোৰ ওপৰত ঠিকাদাৰৰ পৰা
আমাৰ চৰ্দাৰলৈকে চবৰে চকু”।
তাই আকৌ উচুপি উঠিল। হৰিকায়ে শিল পৰা কপৌৰ দৰে তাইলৈ একেঠিৰে চাই থাকিল।
অলপ পৰ পিছত তাই আকৌ আৰম্ভ কৰিলে, “পেটৰ ভোক বৰ বেয়া বস্তু জানা। কাম নাথাকিলে মোক কোনে
খুৱাব। এদিন চৰ্দাৰে ক’লে তাৰ লগত শুলে মোক খাবলৈ দিব। পেটৰ ভোকত কলমলাই থাকি উপাই নাপাই এদিন
চৰ্দাৰৰ বিচনাত উঠিলোঁগৈ। তাৰ ক্ষুধা পুৰন কৰাৰ পিচত সি মোক ভাত খাবলৈ দিলে।
তেতিয়া সি মোৰ লগত বন্দোবস্ত কৰিলে ভাত খাবলৈ দিয়াৰ বিনিময়ত সি যেতিয়াই বিচাৰে, যাৰ লগতে বিচাৰে মই ৰাতি শুব লাগিব”।
তাইৰ কথা শুনি হৰিকাই শিয়ঁৰি উঠিল। বাস্তৱৰ এনে
নিষ্ঠুৰ ঘটনা সি কেতিয়াও আগতে কেতিয়াও শুনা নাই। কথাখিনি কৈ ৰুবী ৰৈ গ’ল। তাইৰ ডিঙিত যেন শোকে খুন্দা মাৰি ধৰিলে। হৰিকায়ে
তাইক পানী এগিলাচ আগবঢ়াই দিলে। পানী গিলাচ তাই কোঁট কোঁটকৈ পি খালে।
তাই শান্ত হোৱাৰ পিছত হৰিকায়ে সুধিলে, “তাৰ পিছত কি হ’ল ৰুবী”।
ৰুবীয়ে আচলেৰে চকুপানী মচি ক’লে, “তাৰ পিছত আৰু কি হ’ব। তাৰ পিছত এৰাতি ঠিকাদাৰৰ লগত, এৰাতি মহৰীৰ লগত, এৰাতি চৰ্দাৰৰ লগত এইদৰে মই ৰাতি কটাবলগীয়া হ’ল। বিনিময়ত মই কেৱল ভাত খাবলৈ পাওঁ। কেতিয়াবা কোনোবা
বাবুৰ ঘৰতো যাব লাগে। বাবু বোৰে ঘৰত মাইকী নাথাকিলে মোক বিচাৰে। বাবু বোৰৰ ঘৰত মই
আৰামী বিচনাত শুবলৈ পাওঁ, এৰাতি ধুনীয়া ঘৰত থাকিবলৈ পাওঁ, কেতিয়াবা ভালকৈ ভাত এসাজো খাবলৈ পাওঁ। এনেকৈয়ে চলি আছিল। সিদিনা তুমি যাওঁতে
মই কোনোবা বাবুৰ কাৰনে মোক বিচাৰি অহা বুলিয়েই ভাবিছিলোঁ। পিছত কথা পাতি চন্দন মহৰীৰ পৰা যেতিয়া জানিলোঁ ঘৰুৱা কামৰ কাৰণেহে বিচাৰি
আহিছা, মই লগে লগে ঠিক কৰিলোঁ এয়াই মোৰ
সেই নৰকৰ পৰা ওলাই অহাৰ সুযোগ। চন্দন মহৰী ভাল মানুহ। তেওঁ সকলো জানি শুনিয়েই মোক
সেই নৰকৰ পৰা ওলাই অহাৰ ৰাস্তা এটা দিলে”।
তাইৰ কথা শুনি হৰিকাইৰ মুখৰ মাত হৰিল। সি কোনোদিনে
কল্পনা কৰিব নোৱাৰা নিৰ্লজ সত্য এটাৰ মুখামুখি হৈ সি যেন কঁপি উঠিল। সি ৰুবীক ক’লে, “তোক ইয়াৰ পৰা যাবলৈ দিলে তই আকৌ সেইবোৰ মানুহৰ মাজলৈকে উভতি যাব লাগিব নেকি”?
ৰুবীয়ে ক’লে, “তুমি নাজানা, মই ইয়ালৈ অহাৰ পিচত কিমান বাৰ মোক বিচাৰি চৰ্দাৰৰ
মানুহ বঙলাৰ আগত ঘূৰা ঘূৰি কৰি থাকে। মই আহোঁতে চৰ্দাৰক কৈ আহিছিলোঁ দিনত কাম কৰি
ৰাতি ৰাতি মই উভতি যাম। কাৰন সেই হাৰামজাদা কেইটাক মোৰ প্ৰয়োজন ৰাতিহে। চৰ্দাৰ
টোৱে ভাবিছিল দিনত মই ইয়াতে কাম কৰি পইচা ঘটিম আৰু ৰাতি সেই পইচা কেইটাৰে সি মদ
খাই মোৰ ওপৰতে জপিয়াই পৰিব। সেই কাৰনে তুমি ডিব্ৰুগড়লৈ যোৱাৰ দিনা ভয়তে মই শুব পৰা নাছিলোঁ। ভাগ্যে বাইদেউ
সিদিনা ৰাতি মোৰ ওচৰলৈ আহিছিল”।
এপদ এপদ কৈ ৰুবীৰ চেহেৰাৰ সমুখত থকা আঁৰ কাপোৰ বোৰ
যেন উঠিবলৈ ধৰিলে। তাই হঠাতে হৰিকাইৰ গা টোত ধৰি উচুপি উঠিল, “মোক তালৈ ঘূৰাই নপঠিয়াবা। মই মৰি থাকিম”।
গাত তাইৰ হাতৰ ষ্পৰ্শত হৰিকাইৰ সৰ্বশৰীৰ যেন কঁপি
উঠিল। কঁপা কঁপা হাতেৰে সি তাইৰ হাত খন ধৰি ক’লে, “মইনো তোক কি প্ৰতিশ্ৰুতি দিম। তই তো জানই ময়ো এইখন ঘৰত চাকৰহে। মোৰো কেও কিছু
নাই। মই নো কেনেকৈ তোক ইয়াতেই থাকি যা বুলি কওঁ। অনুপমা আইজনীৰ অন্তৰখন বৰ ভাল।
তাই তোৰ কথাবোৰ গম পালে তোক থাকিব দিবও পাৰে”।
ৰুবীয়ে কিছু পৰ তলমুৰ কৰি থাকিল। তাই হঠাতে তাৰ মুখলৈ
চাই কাবৌ কৰাৰ দৰে ক’লে, “মোকদৰমহা, পইচা পাতি একো নালাগে। মোক মাথোন তোমাৰ নিচিনা মানুহ
এজনক সাৰথি হিচাপে লাগে। মোক তোমাৰ লগত থাকিবলৈ দিবা নে? মই তোমাৰ ঘৈণী হ’ব নিবিচাৰোঁ। মই জানো মই তাৰ যোগ্য নহওঁ। মই তোমাৰ
চাকৰণী হৈ থাকিম। মই তোমাৰ সকলো কামতে সহায় কৰি দিম। কেৱল মোক তোমাৰ লগত থাকিবলৈ
দিয়া”।
হৰিকাই বিবুধিত পৰিল। তাইক কি ক’ব সি ভাবি উলিয়াব নোৱাৰিলে। সি ক’লে, “আইজনী আহিলে মই কথাটো উলিয়াম। ছাৰে এতিয়া কথাটো কেনে ধৰণে লয় সেয়াহে মোৰ
চিন্তা হৈছে”।
পিছদিনা ৰাতিপুৱা ব্ৰেকফাষ্টৰ সময়ত ৰুবীয়ে চাহ জলপান
আনি দিয়াত বৰুৱাই সুধিলে, “ই হৰি কলৈ গ’ল”?
ৰুবীয়ে ক’লে, “তেওঁ শুই আছে, গাটো ভাল লগা নাই বোলে”।
বৰুৱাই ক’লে, “তই থকা কাৰনে সি অলপ জিৰণি
পাইছে। ভালেই হৈছে দে”।
“মই আজি ডিব্ৰুগড়লৈ যাম। হৰি আৰু
তই দুয়োৱে মিলি ঘৰখন চাবি”। বৰুৱাৰ কথাত ৰুবীয়ে অনুভৱ কৰিলে ছাৰে তাইকো হৰিকাইৰ দৰে বিশ্বাস কৰিবলৈ লৈছে।
হঠাতে যেন তাইৰ মনটোত যেন এচাটি ৰং লাগিলহি। তাইৰ
মনটো ভাল লাগি গ’ল।
No comments:
Post a Comment