ঘৰ আহি পোৱাৰ পিছত প্ৰশান্তৰ মাকে অনুপমাক ক’লে, “তোমালোকে ভাগৰি জুগৰি আহিছা। হাত ভৰি কেইটা ধুই লোৱা। এই আবেলি মই ভাত খাবলৈ
নকওঁ। দৈ আৰু গুড়ৰ সৈতে কোমল চাউলৰ জলপান সজাই থৈছোঁ। সেইখিনিকে খোৱা। আলহী কেইজনে
কেনেকুৱা পায় জানো আমাৰ অসমীয়া জলপান”।
অনুপমাৰ বৰ মন আছিল আলহী কেইজনক অসমীয়া জলপানৰ জুতি
দিয়াবলৈ। কিন্তু ডিগবৈত সেয়া হৈ উঠা নাছিল। এতিয়া অসমীয়া জলপান খাবলৈ দিয়া কাৰণে
তাই ভালেই পালে।
এইবিধ খাদ্যও কেভিন আৰু ক্লাৰাৰ কাৰনে একেবাৰে নতুন
আছিল।
“এয়া ছুইট ডিছ যেন লাগিছে। মোৰ
অনুমান ঠিকে আছে নে পমা”। ক্লাৰাই সুধিলে।
“এয়া ঠিক ছুইট ডিছ নহয়। এয়া
অসমীয়া জলপান, ৰাতিপুৱা বা আবেলিৰ আহাৰ বুলি ক’ব পাৰা”। অনুপমাই ক’লে।
কোমল চাউল দুটামান পিটিকি চাই কেভিনে ক’লে, “এয়া বেলেগ ধৰণৰ চাউল যেনেই লাগিছে”।
“এৰা এইবিধ ষ্পেছিয়েল চাউল।
এইবিধ চাউল গৰম পানীত দিলেও সিজি যায়, প্ৰেছাৰ কুকাৰত সিজাব নালাগে। আমি কোমল চাউল মানে ছফ্ট ৰাইচ বুলি কওঁ। দৈ আৰু গুড়ৰ লগত খাবলৈ বঢ়িয়া”।
এইবাৰো প্ৰশান্ত আৰু অনুপমাই তেওঁলোকক খোৱাত সহায় কৰি
দিব লগীয়া হ’ল। প্ৰথমতে খাই ওকাইছিল যদিও
পিছলৈ ক্লাৰাই খাই ভালেই পালে। কেভিনে লাহে লাহে চোবাই চোবাই তৃপ্তিৰে খালে।
খাই থাকোতে কেভিনে ক’লে “মই জনাত থাইলেণ্ডৰ পিনে এনে এবিধ চাউল পোৱা যায়। মই এজন থাই বন্ধুৰ মুখত এনে
চাউলৰ ব্যৱহাৰৰ কথা শুনিছোঁ”।
“মই আইতাৰাকো এই জলপানেই দিছোঁ।
তেওঁ খুব তৃপ্তিৰে খাইছে”। প্ৰশান্তৰ মাকে অনুপমালৈ চাই ক’লে।
চাহ জলপান খোৱাৰ পিছতেই ক্লাৰাই প্ৰশান্তক সোনকালে
এডিটিঙৰ কাম আৰম্ভ কৰিবলৈ কুটুৰিবলৈ ধৰিলে। “প্ৰশান্ত, আমি আৰু দেৰী কৰা উচিত নহয়। সোনকালে আৰম্ভ নকৰিলে শেষ কৰিবই নোৱাৰিম। এইবোৰ
কামত কিমান সময় লাগে মই জানো, মোৰ ভাল অভিজ্ঞতা আছে”।
“কামটো আৰম্ভ কৰিবলৈ হ’লে মোৰ কোৱাৰ্টাৰলৈ যাব লাগিব। ব’লা আমি চাৰিও মোৰ কোৱাৰ্টাৰলৈকে যাওঁ”। প্ৰশান্তই ক’লে।
“তোমালোক তিনিও যোৱা। মই আইতাৰ
লগত থাকোঁ। ইয়াত হৰিকাই, ৰুবীহঁত নাই কাৰণে আইতা অকলশৰীয়া হৈ আছে। মই পাৰিলে অলপ দেৰীকৈ যাম”। অনুপমাই ক’লে।
সেইমতেই কেভিন আৰু ক্লাৰা প্ৰশান্তৰ লগত তাৰ
কোৱাৰ্টাৰলৈ বুলি ওলাল।
“এটা কাম কৰিবি বাবা”, প্ৰশান্তৰ মাকে তাক উদ্দেশ্যি ক’লে। “সন্ধিয়া এবাৰ আটাইকে লৈ গৈ টিলিঙা মন্দিৰটো দেখুৱাই আনিবি। এজোপা গছত ইমান
টিলিঙা লাগি থকা এওঁলোকে হয়তো ক’তো দেখা নাই। চাই ভাল পাব। আৰুনো দুলীয়াজানত ফুৰাবলৈ নিবি ক’ত। টিলিঙা মন্দিৰৰ পৰা আহোঁতে বাটতে তহঁতৰ জালনী
ক্লাৱটোকে দেখুৱাই আনিবি”।
“জালনী ক্লাৱত এপাক মাৰিবই লাগিব। আজি খ্ৰিষ্টমাছ ইভৰ প্ৰগ্ৰাম আছে”। প্ৰশান্তই ক’লে।
“তোমালোকে ইয়াতো ডাঙৰকৈ
খ্ৰিষ্টমাছ ইভ পাতানে”? ক্লাৰা আচৰিত হ’ল।
“আমি সকলো উত্সৱেই চেলিব্ৰেট
কৰোঁ। খ্ৰিষ্টমাছো কৰোঁ। তোমালোকে জালনী ক্লাৱৰ খ্ৰিষ্টমাছ ইভ চাই ভাল পাবা।
ছাণ্টা ক্ল’জকো লগ পাই যাব পাৰা”। এই বুলি কৈ প্ৰশান্তই হাঁহিলে।
কোৱাৰ্টাৰলৈ আহি কেভিন আৰু ক্লাৰাক দুয়োকাষে বহুৱাই
প্ৰশান্তই কম্পিউটাৰলৈ ট্ৰান্সফাৰ কৰি থোৱা ভিডিঅ’ খিনি দেখুৱালে। সীমিত সুবিধাৰ মাজতে ছুটিং কৰা হৈছিল
যদিও দৃশ্যগ্ৰহণ বৰ ধুনীয়া হৈছিল। প্ৰশান্তই ইতোমধ্যে এটা আৱহ সংগীতৰ অডিঅ’ সংযোজিত কৰি ৰাখিছে।
“অৰণ্যৰ মাজৰ পৰা এটা, এটাকৈ হাতী দুটা ওলাই অহা দৃশ্যটো বৰ সুন্দৰ হৈছে”, ক্লাৰাই মন্তব্য কৰিলে। তাত পিছৰ দৃশ্যত কেভিন আৰু
পাৰ্থৰ কথোপকথনৰ অংশটো ক্লাৰাৰ বৰ পচন্দ নহ’ল। কেভিনৰ মাতটো ষ্পষ্টকৈ ওলাইছে যদিও পাৰ্থৰ মাত
ষ্পষ্ট হোৱা নাই। শব্দ গ্ৰহন বৰ ভাল নহ’ল। পাৰ্থৰ ইংৰাজী উচ্চাৰন আসোঁৱাহ পূৰ্ণ হোৱা কাৰনে কথাবোৰ বুজিবলৈ আৰু
অসুবিধা হৈছে। এই অংশটো দেখি ক্লাৰা নিৰাশ হৈ পৰিল।
কেভিনে সুধিলে, “পাৰ্থৰ চৰিত্ৰটোৰ সংলাপ খিনি বেলেগ এজনৰ হতুৱাই কোৱাই
ডাব কৰিব পৰা যাবনে”?
প্ৰশান্তই হাঁহি মাৰি ক’লে, “সেইটো একো ডাঙৰ কথাই নহয়। মই কথাটো ভাবি থৈছোঁৱেই। সংলাপ খিনিও মই লিখি
ৰাখিছোঁ। ক্লাৰাই যদি মান্তি হোৱা, কথাখিনি মোৰ কণ্ঠতে ডাব কৰি চাব পাৰোঁ”।
ক্লাৰাই লগে লগে কৈ উঠিল, “ইয়াত মান্তি হ’বলৈ কি আছে। তোমাৰ বাহিৰে মই ডাব কৰিবলৈ উপযুক্ত
মানুহ আৰু এতিয়া কাক বিচাৰি পাম”।
প্ৰশান্তই ক’লে, “ডাবিং আমি পিছতো কৰিব পাৰিম। এতিয়া দৃশ্যবোৰ ভালদৰে সজাই তোলাতোহে ডাঙৰ কথা।
মোৰ আৰু ক্লাৰা দুয়োৰে কেমেৰাত থকা ৰেকৰ্ডিং বোৰৰ পৰা মনত লগা দৃশ্যবোৰ বাচি
উলিয়াব লাগিব। মই ভাবিছোঁ আজি দৃশ্যবোৰ বাচি উলিয়াম। সেইবোৰ সজাই লওঁ। কাইলৈ দিনটোৰ
ভিতৰত ডাবিঙকে ধৰি আন সকলো কাম শেষ কৰিব লাগিব”।
ক্লাৰা জপিয়াই উঠিল, “নহয় প্ৰশান্ত, আজি ৰাতিৰ ভিতৰতে সকলো শেষ কৰিব লাগিব। কাইলৈ আকৌ কি
প্ৰ’গাম ওলায় ঠিক নাই”।
প্ৰশান্তই কেভিনৰ পিনে চাই ক’লে, “কাইলৈ কি প্লেন কৰিছা কেভিন”’?
কেভিনে ক’লে, “কাইলৈ আইতাক লৈ ডিব্ৰুগড়লৈ
যোৱাৰ কথা আছে। আইতা ডিব্ৰুগড়তে জন্ম হৈ ডাঙৰ দীঘল হোৱা। ডিব্ৰুগড়ত তেওঁৰ বহুতো
পুৰণি স্মৃতি আছে। সেইবোৰকে বিচাৰি কাইলৈ আমি ডিব্ৰুগড়লৈ যোৱাৰ কথা”।
“মই ডিব্ৰুগড়লৈ গৈ কি কৰিম
কেভিন। তুমিতো জানাই মোৰ কাৰণে এইটো কাম বেছি জৰুৰী”। ক্লাৰাই কেভিনৰ পিনে অনুৰোধৰ দৃষ্টিৰে চালে।
প্ৰশান্তই ক’লে, “ক্লাৰা নগ’লেও হয় যদি তাই কাইলৈৰ দিনটো
ইয়াতে থাকক। কাইলৈ আমাৰো খ্ৰিষ্টমাছৰ বন্ধ। আমি দুয়ো মিলি কাম খিনি শেষ কৰি থ’ম। তোমালোকে উভতি যাওঁতে তাইক ইয়াৰ পৰা লৈ যাবা”।
“ঠিক আছে। কোনো কথা নাই। ক্লাৰাৰ
কাৰনে এইটো বেছি দৰকাৰী কাম। তাই ডিব্ৰুগড়লৈ যাব নালাগে”।
ক্লাৰাৰ মুখখন উজ্বলি উঠিল। তাই হয়ভৰ দি ক’লে, “সঁচাকৈয়ে মোৰতো ডিব্ৰুগড়ত একো কাম নাই। তাতকৈ আমি দুয়ো বহি ক্লিপটো কাইলৈ
ফাইনেল কৰি পেলাম”।
“সেইটোৱে ভাল হ’ব”, বুলি কৈ প্ৰশান্তই তাৰ কম্পিউটাৰত থকা ক্লিপ বোৰ সজাবলৈ আৰম্ভ কৰিলে।
আনপিনে সন্ধিয়া অনুপমাই দেউতাকলৈ ফোন কৰিলে। “কাইলৈ আমি ডিব্ৰুগড়লৈ ওলাম দেউতা। কেনেকৈ ক’লৈ যাম একো ধৰিবই পৰা নাই। তুমিও ওলাবা নহয়নে
ডিব্ৰুগড়লৈ”।
“মাজনী, মই মানুহ এজনৰ খবৰ পাইছোঁ। তেওঁ ‘কমৰেড খুড়া’ৰ লগত কাম কৰিছিল। আমি তেওঁক লগ কৰি ঘৰটো বিচাৰি যাম”। দেউতাকৰ কথা শুনি অনুপমাৰ মন উলাহেৰে ভৰি পৰিল।
“আমি কেইবজাত গৈ পালে ভাল হ’ব দেউতা? তুমি কেই বজাত ডিব্ৰুগড় পাবাহি? আমি ক’ত লগ ধৰিম তোমাক”? অনুপমাই একেলগে কেইবাটাও প্ৰশ্ন সুধি পেলালে।
“মই পোনে পোনে গাড়ী লৈ
ডিব্ৰুগড়লৈ ওলাম। তহঁতে ৰাতিপুৱা ন বজাত ডিব্ৰুগড় পোৱাকৈ ওলাবি। চৌকিডিঙি খেলপথাৰৰ
ওচৰতে আমি লগ পাম”। দেউতাকে ক’লে।
দেউতাকৰ লগত কথা পতাৰ পিছতে তাই পোনে পোনে আইতাকৰ
ওচৰলৈ লৱৰি গ’ল।
“আইতা, কাইলৈ আমি ডিব্ৰুগড়লৈ যাম। পৱিত্ৰৰ লগত কাম কৰা মানুহ
এজনৰ সন্ধান ওলাইছে আইতা। কাইলৈ আমি তেওঁক বিচাৰি যাম। মোৰ কিমান যে আনন্দ লাগিছে
তোমাক কেনেকৈ বুজাম”। আইতাকক সাৱটি ধৰি তাই ক’লে।
“‘আইতা, কাইলৈ তুমি তোমাৰ মেখেলা চাদৰ জোৰ পিন্ধি যাব লাগিব।
মই তোমাক কাইলৈ একেবাৰে অসমীয়া পোচাকত সজাই পৰাই নিম”। আইতাকলৈ চাই তাই ক’লে। আইতাকৰ মুখেৰে হাঁহি বিৰিঙি ওলাল।
আইতাকৰ প্ৰতি থকা অনুপমাৰ আদৰ সাদৰ দেখি প্ৰশান্তৰ
মাকে বৰ আনন্দ পালে।
“তোমালোকে কি নো কথাত ইমান ৰং
পাইছা মোকো কোৱাচোন”। এই বুলি তেওঁ অনুপমাৰ ওচৰলৈ আহিল।
“খুড়ী, কাইলৈ আমি ডিব্ৰুগড়লৈ যাম নহয়। আপুনি জানেই নহয়, আইতা সৰুতে ডিব্ৰুগড়তে ডাঙৰ দীঘল হৈছিল। ইমান দিনৰ
মুৰত ডিব্ৰুগড়খন দেখা পাব কাৰণে আইতাৰ ফূৰ্তি লাগিছে”। অনুপমাৰ কথাত প্ৰশান্তৰ মাকে হাঁহিলে।
“তোমালোক সিদিনা ড্ৰিলিং ৰিগ
চাবলৈ যোৱাৰ দিনা মই এখেতৰ লগত বহুত কথা পাতিলোঁ নহয়। মইতো ইংৰাজী ভালদৰে ক’ব নাজানো। তেওঁ ভঙা ভঙা অসমীয়াতে মোৰ লগত কথা পাতিলে।
তাহানি ডিব্ৰুগড়ত কটোৱা দিনবোৰৰ বহুত কথা মোক ক’লে। তেওঁৰ বহুত পুৰণি কথাই মনত আছে। মোক এদিনতে একেবাৰে আপোন কৰি ল’লে নহয়। বৰ সাদৰী মানুহজনী”। প্ৰশান্তৰ মাকে আইতাকৰ আগতে প্ৰশংসা কৰি ক’লে। আইতাকে কথাবোৰ ভালদৰে নুবুজিলে যদিও তেওঁৰ বিষয়ে
কোৱা বুলি ধৰিব পাৰি মিচিকিয়াই হাঁহিলে।
“অনুপমা, তুমিও পিছে সঁচাকৈয়ে লখিমী ছোৱালী। আজি কালিৰ দিনৰ ল’ৰা ছোৱালীয়ে নিজৰ ককাক আইতাককে সন্মান নকৰে। অথচ তুমি আনৰ আইতাককে নিজৰ আইতাৰ
দৰে চোৱা চিতা কৰিছা, যত্ন লৈছ”।
“খুড়ী, মই মোৰ নিজৰ আইতাক বেছিদিনলৈ পোৱাৰ সৌভাগ্য নহ’ল। মাকো কম বয়সতে হেৰুৱালোঁ। সেয়ে এই আইতাক মই নিজৰ
আইতা হিচাপেই ধৰি লৈছোঁ। আইতাৰ সকলো ইচ্ছা মই পূৰণ কৰিব বিচাৰোঁ”।
“আপোনাৰ ভাগ্য ভাল। আপুনি
অনুপমাৰ দৰে এজনী নাতিনী ছোৱালী পাইছে”। প্ৰশান্তৰ মাকে আইতাকলৈ চাই ক’লে।
প্ৰশান্তৰ মাকে অসমীয়াত ক’লেও আইতাকে কথাখিনি যেন ভালদৰে বুজি পালে। অনুপমাক
কাষলৈ চপই আনি তেওঁ ক’লে, “এইজনী মোৰ নাতিনী নহয়, মোৰ আপোন জী হয়। মই মৰিলেও মই তাইক সদায় আশীৰ্বাদ দি
থাকিম, তাইৰ মনৰ সকলো বাঞ্চা যেন পূৰণ
হয়”।
আইতাকৰ কাষৰ পৰা উঠি অহাৰ পিছত প্ৰশান্তৰ মাকে
অকলশৰীয়াকৈ পাই অনুপমাক সুধিলে, “আমাৰ ঘৰখন তোমাৰ ভাল লাগিছেনে অনুপমা”?
এই প্ৰশ্নৰ অৰ্থ অনুপমাই বুজি পালে। হঠাতে এক অদ্ভূত
লাজে তাইক আৱচি ধৰিলে। তাই একো উত্তৰ দিব নোৱাৰিলে। প্ৰশান্তৰ মাকৰ পিনে চাবলৈ
তাইৰ লাজ লাগিল। তেওঁৰ প্ৰশ্নটো নুশুনাৰ দৰে তাই বহা কোঠাৰ চোফাৰ ইফাল সিফাল হৈ থকা কুচন কেইটা
ঠিক কৰাত লাগিল।
প্ৰশান্তৰ ঘৰখন অনুপমাৰ বেয়া লগা নাই। মাক দেউতাক
যথেষ্ট মৰমিয়াল আৰু সহৃদয় লোক। দেউতাকে হয়তো এইবোৰ কাৰণতে তাইক এইখন ঘৰলৈ বিয়া হৈ
অহাটো বিচাৰিছে। তাইৰ বিয়াৰ বাবে দেউতাকৰ এইখন ঘৰৰ কথা মনলৈ অহটো স্বাভাৱিক।
কিন্তু তথাপিও কথাটো তাইৰ যেন ভাল লগা নাই। তাইৰ নিজৰ
জীৱন সংগীৰ বিষয়ে একো ষ্পষ্ট ধাৰণা বা অভিমত নাই। কিন্তু তাই অনুভৱ কৰে, প্ৰশান্তৰ মাজত মনে বিচৰা জীৱন সংগী জন যেন তাই বিচাৰি পোৱা নাই। তাৰ ৰুচি, পচন্দ, জীৱন শৈলী তাইৰ বাবে যেন কিছু আচহুৱা। সি সকলোৰে চকুত এজন মাৰ্জিত, ভদ্ৰ, ভাল উপাৰ্জন কৰা ল’ৰা। তাৰ মাজত এজনী ছোৱালীয়ে জীৱন সংগীৰ পৰা বিচাৰিব পৰা সকলো উপাদানেই হয়তো
আছে।
কিন্তু অনুপমাই যেন নিজেই নাজানে তাই বিচাৰে কি?
ভিডিঅ’ এডিটিঙৰ প্ৰাথমিক কাম খিনি শেষ কৰি সন্ধিয়া সাত মান বজাত কেভিন আৰু ক্লাৰাৰ
লগত প্ৰশান্ত ঘৰলৈ আহিল। মাকৰ কথা মতে সি আটাইকে লৈ টিলিঙা মন্দিৰ আৰু জালনী ক্লাৱ
দেখুৱাবলৈ বুলি ওলাল। আইতাকক অনুপমাই ভাল পোচাক এজোৰ পিন্ধাই সাজু কৰি ৰাখিছিলেই।
গতিকে ওলাই আহিবলৈ বেছি সময় নালাগিল।
গাড়ীখন দুলীয়াজানৰ চহৰ অঞ্চলৰ পৰা ওলাই কিছু দুৰ চাহ
বাগিচাৰ মাজে মাজে গৈ টিলিঙা মন্দিৰৰ সমুখত ৰৈ গ’ল প্ৰশান্ত, কেভিন আৰু ক্লাৰা গাড়ীৰ পৰা নামিল।
অনুপমাই আইতাকক
গাড়ীৰ পৰাই দেখুৱালে চাৰিওপিনে টিলিঙা আঁৰি থোৱা বৃহৎ গছ জোপা।
“মানুহে বিশ্বাস কৰে যে এই
গছজোপাত ভগৱান আছে। সেয়ে টিলিঙা এটা গছজোপাত বান্ধি নিজৰ মনৰ কামনা গছ জোপাৰ আগত ক’লে মানুহৰ মনোকামনা হেনো পূৰ্ণ হয়”। গছজোপা দেখুৱাই অনুপমাই ক’লে।
“সঁচানে? তুমি নিজে প্ৰমাণ পাইছানে”? ক্লাৰাই সুধিলে।
“মই নিজে এইবোৰ বিশ্বাস নকৰোঁ।
কিন্তু শুনিছোঁ বিশ্বাস কৰা মানুহে ফল পায়”।
আইতাকে মিচিকিয়া হাঁহিৰে ক’লে, “তেনে এজোপা গছ মই তাহানিতে মধুপুৰ বাগিচাতো দেখিছিলোঁ। সেই গছ জোপাত মানুহে ৰঙা
কাপোৰ মেৰিয়াই দিলে মনৰ কামনা সিদ্ধি হয় বুলি বিশ্বাস কৰিছিল। কথাটো ময়ো বিশ্বাস
কৰা নাছিলোঁ। কিন্তু বাগিচাৰ মানুহবোৰে খুব বিশ্বাস কৰিছিল। ময়ো কিজানি বিশ্বাস
কৰিব লাগিছিল”।
“তুমি আজি এই গছজোপাত টিলিঙা এটা
বান্ধি নিজৰ মনৰ কামনা কৈ চাবা নেকি আইতা”? অনুপমাই সুধিলে।
“মোৰ হৈ তুমিয়েই টিলিঙা এটা
বান্ধি দিয়া অনুপমা। মই কেৱল প্ৰাৰ্থনা কৰিম”।
ক্লাৰাই গছ জোপা আৰু সংলগ্ন মন্দিৰটোৰ ফটো ল’লে। কেভিনে মন্দিৰটোৰ লগত জড়িত লোকবিশ্বাস আৰু টিলিঙা
বন্ধা নিয়মৰ বিষয়ে প্ৰশান্তৰ লগত কথা পাতিলে। অনুপমাই ক্লাৰাৰ সহায়ত আইতাকক লাহে
লাহে ধৰি গাড়ীৰ পৰা নমালে।
“আইতাই এই গছ জোপাত টিলিঙা
বান্ধি প্ৰাৰ্থনা কৰিব বিচাৰিছে। আৰু কোনোবাই বান্ধিবা নেকি”?
“ইমান মানুহে বিশ্বাস কৰে যেতিয়া
ময়ো এটা টিলিঙা বান্ধিম। কিজানি মোৰ ভাগ্য সলনি হয়েই”। ক্লাৰাই ক’লে।
“এৰা, আজি খ্ৰিষ্টমাছ ইভ। আজি প্ৰাৰ্থনাৰ দিন। ভগৱান হয়তো
ইয়াতেও আছে। ব’লা আমিও একেলগে ইয়াতেই
প্ৰাৰ্থনা কৰোঁ’। কেভিনে ক’লে।
প্ৰশান্তই মন্দিৰটোৰ ওচৰতে থকা দোকান এখনৰ পৰা পূজাৰ সামগ্ৰী, দুটা টিলিঙা, ধুপ, চাকি আদি কিনি লৈ আহিল। অনুপমাই দেখুৱাই দিয়া মতে মন্দিৰৰ চৌহদত থকা পানীৰ নল
টোতে মুখ হাত ধুই জোতা খুলি তেওঁলোকে গছজোপাৰ পিনে আগবাঢ়িল।
শীতকালি ৰাতি ইমান দেৰীকৈ মন্দিৰটোলৈ সাধাৰণতে কোনো
নাহে। পূজাৰী জন যাবলৈকে ওলাইছিল। বিদেশী ভক্ত কেইজন অহা দেখি তেওঁ ৰৈ গ’ল। প্ৰশান্তই পূজাৰীজনক মাননি এটা দি আটাইকে
প্ৰাৰ্থনা কৰাই দিবলৈ ক’লে। আইতাকক মূঢ়া এটাত বহোৱাৰ ব্যৱস্থা কৰি আটায়ে আঠু ল’লে। পূজাৰী জনে মন্ত্ৰ মাতি আটাইকে আশীৰ্বাদ দিলে আৰু
হালধীয়া সেন্দুৰৰ তিলক একোটা আটাইৰে কপালত আঁকি দিলে।
পূজাৰী জনৰ টিলিঙা বজাই, মন্ত্ৰ মাতি পূজা কৰাৰ গোটেই প্ৰক্ৰিয়াটোত আৰু আটাইৰে
কপালৰ দিয়া তিলক কেইটা চাই ক্লাৰাই বৰ আমোদ পালে।
কপালত দিয়া তিলকটো হাতেৰে চুই ক্লাৰাই প্ৰশান্তক
সুধিলে। “কপালত কিয় এইবোৰ লগাইছে? তোমালোক মতা মানুহ কেইজনকো লগাইছে যে”?
“মানুহে বিশ্বাস কৰে যে এই তিলক
টোৱে মানুহক বিপদ বিঘিনীৰ পৰা ৰক্ষা কৰে। তিলকটো যিমান সময় তোমাৰ কপালত থাকিব, সিমান সময় তুমি ঈশ্বৰৰ ওচৰত থকা যেন অনুভৱ কৰি থাকিবা”। প্ৰশান্তই ক’লে।
“তোমালোকৰ হিন্দু ধৰ্মটো বৰ
বৈচিত্ৰপূৰ্ণ, মোৰ বৰ ভাল লাগে”। পুজাৰী জনলৈ কেমেৰা টোৱাই এটা ক্লিক কৰি ক্লাৰাই ক’লে।
অনুপমাই চাকি বোৰ আৰু ধুপ খিনি জ্বলাই দিলে। তাই
ক্লাৰাৰ লগত আইতাকক ধৰি লৈ গৈ এঠাইত টিলিঙাটো বান্ধিলে। ক্লাৰায়ো তাইৰ টিলিঙাটো
বান্ধিলে।
“এতিয়া তোমালোকে ঈশ্বৰৰ পৰা যি
বিচাৰিছা টিলিঙাটো চুই গছ ডালৰ আগত মনে মনে কৈ দিয়া। কথাখিনি পিছে কাকো নকবা। তেনে
কৰিলে মানুহৰ মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস আছে”।
আইতাকে টিলিঙাটো চুই চকু মুদি কিবা ভাবিলে। ক্লাৰাই
টিলিঙাটো কপালত লগাই মনে মনে প্ৰাৰ্থনা কৰিলে।
মন্দিৰটোৰ পৰা উভতি অহাৰ বাটত ক্লাৰাই সুধিলে, “গছত বাৰু ভগৱান থাকিব পাৰেনে? হিন্দু ধৰ্মই এতিয়াও সেই আদিম মানুহে ভবাৰ দৰে গছ, নদী, পাহাৰ আদি সকলোতে ভগৱান আছে বুলি ধৰি আছে কিয়? বিজ্ঞানেতো প্ৰমান কৰিছে এইবোৰ মিছা বুলি। মই
টিলিঙাটো বান্ধিলোঁ যদিও নিজকে অন্ধ বিশ্বাসী যেন লাগিছে”।
“হিন্দু ধৰ্মটো এই খিনিতে আন
ধৰ্মতকৈ পৃথক। এই ধৰ্মত ভগৱান অকল মন্দিৰতে থাকিব বুলি কোনো কথা নাই। হিন্দু ধৰ্ম
মতে ভগৱান সকলো প্ৰাণীতে আৰু সকলো বস্তুতে আছে। বিশ্বাসটোহে আচল কথা। বিশ্বাস
কৰিলে হেনো ভগৱানক যিকোনো বস্তুতে বিচাৰি পায়”। প্ৰশান্তই ক’লে।
“এইটো খুব সুন্দৰ যুক্তি। কথাটো
মোৰ বৰ ভাল লাগিছে। মই এদিন হিন্দু ধৰ্মৰ লোকবিশ্বাস বোৰৰ ওপৰতো এখন ডকুমেণ্টৰী
বনাম”।
কেভিনে ক্লাৰালৈ চাই ক’লে, “মই এতিয়াহে বুজিছোঁ, তুমি টিলিঙা বান্ধি গছ জোপা আৰু মন্দিৰটোৰ ইমান ছবি কিয় লৈছা। খুব ভাল
পৰিকল্পনা কৰিছা ক্লাৰা। মই ভবাত এই বিষয়টোত কৰা ডকুমেণ্টৰী মানুহে চাই খুব ভাল
পাব”।
“কেভিন, ক্লাৰাৰ সকলো কথাতে তুমি কমেণ্ট নিদিবা। এদিন চাবা
তাই খুব ভাল চিনেমা নিৰ্মান কৰিব”। অনুপমাই ক্লাৰাৰ হৈ মাত লগালে।
কিছুদুৰ আহি প্ৰশান্তই গাড়ীখন জালনী ক্লাৱ অভিমুখে
ঘুৰালে। জালনী ক্লাৱত তেতিয়া এক উত্সৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছিল। খ্ৰিষ্টমাছ ইভ
উপলক্ষে হোৱা অনুস্থানত ভাগ লবলৈ ক্লাৱত বহুত মানুহে ভিৰ কৰিছিল।
ইমান ভিৰৰ মাজত আইতাকক নিবলৈ অনুপমাই অলপ ইতস্তত: কৰিলে। তাই প্ৰশান্তক ক’লে, “তোমালোকে ভিতৰৰ পৰা আহা গৈ। মই আইতাৰ লগত ইয়াতে ৰৈছোঁ”।
কেভিনে ক’লে, “সেয়াই ভাল হ’ব। আমি বেছি দেৰী নকৰোঁ দেই প্ৰশান্ত”।
ক্লাৱৰ চৌহদত সোমোৱাৰ লগে লগে ছাণ্টা ক্ল’জৰ পোচাক পিন্ধা এজনে আগবাঢ়ি আহি আটাইকে কৰমৰ্দন
কৰিলে। ক্লাৰাই ফুৰ্তিত চিঞৰি দিলে, “হেই ছাণ্টা, তুমি ইয়াতো আছা, মই ভাবিছিলোঁ তুমি বৰফৰ মাজত হে থাকা। তোমাৰ শ্লেজ গাড়ীখন ক’ত?”
প্ৰশান্তই ক’লে, “আমাৰ ইয়াত বৰফ নপৰে কাৰণে ছাণ্টাই গাড়ীত উঠিয়েই আহে”। ছাণ্টাৰ পোচাক পিন্ধা জনে পিঠিত লোৱা মোনাটোৰ পৰা
উলিয়াই আটাইকে টফী কেইটামান দিলে।
বিদেশী ডেকা গাভৰু হাল দেখি ক্লাৱৰ মানুহৰ চকু কেভিন
আৰু ক্লাৰাৰ পিনে গ’ল। কেভিনে দুয়োকে ক্লাৱৰ ভিতৰখন দেখুৱালে। অডিটৰিয়ামৰ ভিতৰত ছাণ্টা ক্ল’জৰ পোচাক পিন্ধা অন্য এজনে সৰু ল’ৰা ছোৱালী বোৰক উপহাৰ বিতৰণ কৰি আছিল। সুসজ্জিত বাৰ খন দেখি দুয়ো খুব ভাল পালে। বাৰ খনত
সোমায়েই ক্লাৰাই ক’লে, “আজি মোৰ অলপ ফূৰ্তি কৰিবলৈ মন
গৈছে। ব’লা আমি দুটামান পেগ লওঁ”।
“আমি ইয়াত বেছি সময় কৰিব নোৱাৰিম
ক্লাৰা। বাহিৰত আইতা আৰু অনুপমাই আমনি পাব”। কেভিনে ক’লে।
“তুমি সদায় কিবা এটা কৰিব
বিচাৰিলেই মোক বাধা দিয়া। ইমান বাধাৰ মাজত থাকিব লগীয়া হ’ব বুলি জানিলে মই ইণ্ডিয়ালৈ কেতিয়াও নাহিলোঁহেতেন”। ক্লাৰাৰ খঙত নাকৰ পাহি দুটা ফুলি উঠিল।
“প্ৰশান্ত, তুমিতো মোক বাধা নিদিয়া। আমি ঘৰত খাবলৈ বিয়েৰ লৈ লওঁ
ব’লা”। প্ৰশান্তলৈ চাই ক্লাৰাই ক’লে।
“আমি পিছে মোৰ কোৱাৰ্টাৰত বহিহে
ড্ৰিংক কৰিব পাৰিম। মায়ে এইবোৰ ঘৰলৈ নিলে বেয়া পাব। আমাৰ ঘৰত এইবোৰ নচলে”। প্ৰশান্তই ক’লে।
“আজি নালাগে দিয়া ক্লাৰা, কাইলৈ উভতি যাওঁতে আমি প্ৰশান্তৰ কোৱাৰ্টাৰত সোমাই
বিয়েৰ খাই ফুৰ্তি কৰিম। কাইলৈ অনুপমা আৰু আইতা অনুপমাৰ দেউতাকৰ গাড়ীতে পোনে পোনে
ডিগবৈলৈ যাব পাৰিব। আইতাক আকৌ ইয়ালৈ অনাৰ দৰকাৰ নাই। মই তোমাক নিবলৈ ইয়ালৈ আহিমে।
আমি ৰাতি পাৰ্টী কৰি উভতি যাম”। কেভিনে ক্লাৰাক বুজনিৰ সুৰত ক’লে।
“কিন্তু কাইলৈ ডিব্ৰুগড়ত
তোমালোকৰ কিমান বা দেৰী হয়”। ক্লাৰাৰ চিন্তা হ’ল।
“বেছি দেৰী হ’ব নালাগে। অনুপমাই মোক কোৱা মতে ৰাতিপুৱা সোনকালে গৈ
ৰাতি হোৱাৰ আগতে উভতি অহাৰ পৰিকল্পনা কৰিছে। মই আশা কৰিছোঁ সাত – আঠ মান বজাৰ ভিতৰত মই আহি দুলীয়াজান পাই যাম। তোমাৰতো
একো অসুবিধা নহয় প্ৰশান্ত”। কেভিনে প্ৰশান্তৰ মুখলৈ চালে।
“নাই, নাই কিয় অসুবিধা হ’ব? সেইটোৱেই ভাল হ’ব। মই বটল কেইটামান আগতিয়াকৈ অনাই থম”। প্ৰশান্তই মাত লগালে।
প্ৰশান্তই কেভিন আৰু ক্লাৰাক ক্লাৱত থকা ছুইমিং পুল, টেনিছ কোৰ্ট, জিমনেছিয়াম, বেডমিণ্টন হল এইবোৰ দেখুৱালে।
অডিটৰিয়ামৰ সমুখত থিয় হৈ প্ৰশান্তই ক’লে, “আজি ৰাতি ইয়াত খ্ৰিষ্টমাছ ইভৰ পাৰ্টিত মিউজিকৰ লগে লগে ডান্স হ’ব। এটা লাইভ বেণ্ড আহিব”।
ক্লাৰা উচ্ছাসিত হৈ ক’লে, “আমি ৰাতি আহিম দেই। মোৰ খুব ডান্স কৰিবলৈ মন গৈছে। অনুপমা নাহিলেও নাই”।
“নাই ক্লাৰা, আমি আজি ৰাতি পলম কৰা ঠিক নহ’ব। কাইলৈ ৰাতিপুৱা সোনকালে উঠি ডিব্ৰুগড়লৈ ওলাব লাগিব”। কেভিনে ক’লে।
“ডিব্ৰুগড়লৈ তুমিহে যাবা, মই নাযাওঁ নহয়। ঠিক আছে নালাগে, তুমিও আহিব নালাগে। তুমি অনুপমা আৰু আইতাৰ লগত শুই
থাকিবাগৈ। মই প্ৰশান্তৰ লগতে আহিম। মই তোমাৰ লগত আহিব পাৰিম, নহয়নে প্ৰশান্ত”? ক্লাৰাই বৰ আশাৰে প্ৰশান্তৰ পিনে চালে।
প্ৰশান্ত বিবুধিত পৰিল। ক্লাৰাৰ দৰে সুন্দৰী ছোৱালী
এজনীৰ লগত নাচিবলৈ পোৱাটো তাৰ কাৰণে এটা সৌভাগ্যৰ কথা। সি লগে লগে তাৰ বন্ধু মহলৰ
ঈৰ্ষাৰ পাত্ৰ হৈ পৰিব। কথাটো ভাবিয়েই তাৰ মনত ৰিমজিম ভাব এটা খেলি গ’ল।
কিন্তু সি ক্লাৰাক অকলে ডান্স ফ্লোৰলৈ লৈ গ’লে কথাটো ৰাতিৰ ভিতৰতে সমগ্ৰ দুলীয়াজান ফাটি ফুটি যাব। নানান মুখত নানান কথা ওলাব। কেভিন লগত থাকিলে অৱশ্যে
কোনো কথা নাই।
“আমি আটায়ে আহিলেহে মই আহিম।
কেভিন, আমি ৰাতি দহ বজাত আহি এঘাৰ বজাত
উভতি যামগৈ। বেছি দেৰী নকৰোঁ। হ’বনে”? প্ৰশান্তই কেভিনলৈ চালে।
“মোৰ কিন্তু পাৰ্টীলৈ আহিব পৰা
পোচাক নাই। মই দেখিলোঁ ইয়াত সকলোৱে পৰিপাটীকৈ ছুট টাই পিন্ধি আহিছে। মইতো ইয়ালৈ
ছুট অনাই নাই”। কেভিনে ক’লে।
“ময়োতো এক ভাল পোচাক লৈ অহা নাই।
মইতো সেই কথাটো চিন্তাই কৰা নাই”। ক্লাৰাই ক’লে।
“কিন্তু ক্লাৰা, কেভিনে ঠিক কথাই কৈছে। ৰাতি নাচৰ সময়ত পুৰুষে
পৰিপাটীকৈ ছুট টাই পিন্ধি যোৱাটো ক্লাৱটোৰ এটা পৰম্পৰা। সেই পৰম্পৰা ভংগ কৰি
কেজুৱেল পোচাকত গ’লে মানুহে ভাল নাপাবও পাৰে”। প্ৰশান্তই ক’লে।
ক্লাৰাৰ মনটো মৰহি গ’ল। “মই বিচৰা মতে কেতিয়াও একো নহয়। মোৰ কথা কোনেও নুবুজে”। তাই ভোৰভোৰালে। “প্ৰশান্ত আজিৰ কাৰণে তোমাৰ পোচাক এজোৰ কেভিনক দিব
নোৱাৰানে”?
প্ৰায় ছয় ফুট ওখ কেভিনৰ মঙহাল দেহত তাতকৈ চাপৰ
মধ্যমীয়া দেহৰ প্ৰশান্তৰ পোচাক যে নোসোমাব সেই কথা যি কোনো মানুহে দেখিলেই কৈ দিব
পাৰে। ক্লাৰাৰ কথা শুনি কেভিনৰ হাঁহি উঠিল। সি ক’লে, “প্ৰশান্তৰ কোট পিন্ধিলে মোক চাৰ্লি চেপলিন যেন লাগিব”।
ক্লাৰাৰ মুখ ওফন্দি থাকিল। “তেনেহ’লে ব’লা। ইয়াত থাকি কি হ’ব। কাইলৈ তোমালোক ডিব্ৰুগড় যাবা। গতিকে ময়ো তোমালোকৰ কথা মতে সোনকালে খাই বৈ
শুই থাকিব লাগিব”। তাই উষ্মাৰে ক’লে।
“কালি আমি চোন পাৰ্টী কৰিমেই।
প্ৰশান্তৰ ঘৰত ভাল মিউজিক ছিষ্টেম আছে। আমি তিনিও তাতেই নাচিব পাৰিম। হ’বনে প্ৰশান্ত”। কেভিনে প্ৰশান্তৰ মুখলৈ চালে। প্ৰশান্তই বুজিলে ৰাতি
নাচিবলৈ অহাটো নহ’ব।
“সেইটোৱেই ভাল হ’ব ক্লাৰা। আজি মোৰো খুব ভাগৰ লাগিছে। এই ঠাণ্ডা ৰাতি
ক্লাৱত ডান্স কৰাতকৈ লেপৰ তলত শুই থাকিবলৈহে মই বেছি ভাল পাম”। প্ৰশান্তই ক’লে।
জালনী ক্লাৱৰ পৰা ঘৰমুখী হোৱাৰ সময়ত প্ৰশান্তই জালনী
গ’ল্ফ কোৰ্ছ খন দেখুৱালে।
গ’ল্ফৰ অনুৰাগী কেভিনে ক’লে, “মই মোৰ গ’ল্ফ ছেটটো কিয় যে লৈ নাহিলোঁ। মই ইয়াত ইমান বোৰ গ’ল্ফ কোৰ্ছ থকা কথাটো জনাই নাছিলোঁ। অনুপমা, তুমিও মোক কোনোদিনেই নক’লা গ’ল্ফ কোৰ্ছৰ কথা”।
অনুপমাই ক’লে, “তুমি গ’ল্ফ খেলিবলৈ ভাল পাবা বুলি মই জনা নাছিলোঁ। আৰু মইতো
ভাবিছিলোঁ তুমি আমাৰ এই অঞ্চলটোৰ সকলো কথাই জানা। গ’ল্ফটোহে কেৱল বাদ পৰি ৰ’ল”। প্ৰশান্তই কেভিনক ক’লে, “তুমি অহা শনি বা দেওবাৰে গ’ল্ফ খেলোঁ বুলিয়েই ইয়ালৈ আহিবা। মই তোমাৰ কাৰণে গ’ল্ফ ছেট এটা সাজু কৰি থম”।
কেভিনে ক’লে, “পাৰিলে মই নিশ্চয় আহিম। ডিগবৈ গ’ল্ফ কোৰ্ছখনো খুব সুন্দৰ। পিছে সময় মিলাব পাৰোঁ নে
নোৱাৰোঁ ক’ব পৰা নাই”।
ক্লাৰাই প্ৰশান্তক ক’লে, “তুমিয়েই শনি দেওবাৰে ডিগবৈলৈ আহি যোৱা। অনুপমাই চেষ্টা কৰিলে তাতো চাগে গ’ল্ফ ছেট এটা যোগাৰ হৈ যাব। কেমেৰাটোও লৈ আহিবা। আমি
বন্য জীৱ জন্তু, চৰাই চিৰিকতিৰো ফটো ল’ম”।
প্ৰশান্তই ক’লে, “ঠিক আছে, শনিবাৰটো আহিলেহে মই যাব পাৰিম
নে নাই ক’ব পাৰিম”।
No comments:
Post a Comment