মৃতকৰ সত্কাৰ হৈ যোৱাৰ পিছত ডিম্ব ফুকনৰ ঘৰত আটায়ে
গোট খালেহি। নেন্সিৰ সখীয়েক অনুৰাধাক ঢাৰি পাটী পাৰি বহা কোঠাৰ মাজতে বহুৱাই থোৱা
হ’ল।
“নেন্সি তই অকলে কিয় গুচি গ’লি। মোকো কেলেই লগত লগতে নিনিলি”, এই বুলি মাজে মাজে ৰৈ ৰৈ তেওঁ কপালত চপৰিয়াই চপৰিয়াই
কান্দি থাকিল।
অনুপমাই তেওঁৰ কাষতে বহি সান্তনা দিবলৈ চেষ্টা কৰিলে।
“নাকান্দিব আইতা। নেন্সি আইতা ক’লৈনো যাব? তেওঁ আমাৰ মনত, আমাৰ মাজতে আছে। তেওঁ হয়তো নিজৰ জন্মভূমিলৈ আহি আমাৰ মাজৰ পৰা আঁতৰি যাব লগীয়া
আছিল। পিছে আমি আইতাক জীয়াই ৰাখিম। তেওঁৰ সমাধি স্থলত এটা স্মাৰক নিৰ্মান কৰিম, আমি সময় পালেই তালৈ আহিম। তেওঁৰ নাতি কেভিনে কৈছে সেই মাটিডোখৰত সি এখন
ফুলনি সাজিব। সিও লণ্ডনৰ পৰা মাজে সময়ে ইয়ালৈ আহি থাকিব। আমি নেন্সি আইতাৰ স্মৃতি
জীয়াই ৰাখিম”।
প্ৰশান্তই অনুপমাই কোৱা কথাখিনি ক্লাৰা আৰু কেভিনক
ভাঙনি কৰি বুজাই দিলে।
বয়বস্তুবোৰ গাড়ীত তুলি দি এসময়ত আটায়ে যাবলৈ ওলাল।
অনুপমাই আইতাকৰ সখীয়েক অনুৰাধাৰ ওচৰলৈ গৈ ক’লে, “আইতা, মই আপোনাৰ পৰা বস্তু এটা
বিচাৰিম, আপুনি দিবনে”?
অনুৰাধাই ক’লে, “আই, তই নেন্সিৰ মৰমৰ নাতিনী। তোকনো মই কিবা নিদিওঁ বুলি ক’ব পাৰোঁনে? পিছে মোৰ নো তোক দিবলগীয়া আছে কি”?
অনুপমাই ক’লে, “আছে আইতা, আপোনাৰ ওচৰত নেন্সি আইতাৰ আটাইতকৈ ডাঙৰ স্মৃতি মিহলি
বস্তুটো আছে। আপুনি মোক নেন্সি আইতাই অঁকা পেইণ্টিং খন দিবনে? মই সেইখন সযতনে মোৰ লগতে ৰাখিব খুজিছোঁ”।
অনুৰাধা অলপ সময় মনে মনে ৰ’ল। “মই পৱিত্ৰ কোৱাইদেউক কথা দিছিলোঁ মই মৰালৈকে সেই পেইণ্টিং খন নিজৰ লগতে ৰাখিম”। এই বুলি কৰুন দৃষ্টিৰে তেওঁ
অনুপমালৈ চালে।
“ঠিক আছে আইতা। মই জানো এইখনৰ
লগত আপোনাৰ পৱিত্ৰ কোৱাইদেউৰ স্মৃতিও বিজড়িত হৈ আছে। সেইখন আপোনাৰ ওচৰতে থাকক”। অনুপমাই ক’লে।
পিছ মুহুৰ্ততে আইতাক অনুৰাধাই কৈ উঠিল, “নহয় সেইখন তয়েই লৈ যা আই। মই জানো সেইখন তই বৰ আদৰেৰে
ৰাখিবি। পৱিত্ৰ কোৱাইদেউৰ আত্মায়ো সেইখন
তোক দিলে বেয়া নাপায়। মইনো আৰু কিমান দিন থাকিম। তোৰ হাতত থাকিলে আৰু বহুদিন সেইখন
ভালে থাকিব। সেইখন তয়েই ৰাখ”।
অনুপমাৰ চকুপানী নিগৰি আহিল। তাই অনুৰাধা আইতাকৰ ভৰিত
ধৰি সেৱা কৰিলে। বন্ধাই থোৱা পেইণ্টিং খন কেভিনে আনি বৰ সাৱধানতাৰে গাড়ীৰ পিছৰ
ছীটত বহুৱাই দিলে। আইতাকৰ ভৰিৰ চাপ থকা কাগজখন অনুপমাই অতি সাৱধানতাৰে নিজৰ
হাতবেগটোত সুমুৱাই ল’লে।
ডিম্ব ফুকনৰ পৰিয়ালৰ পৰা বিদায় লৈ আটায়ে আইতাকৰ সমাধি
স্থললৈ আকৌ এবাৰ আহিল। আটায়ে মৌন হৈ আইতাকৰ আত্মাৰ শান্তিৰ কাৰনে প্ৰাৰ্থনা কৰিলে। কেভিনে আইতাকৰ মৃত্যুৰ খবৰটো স্থানীয় পুলিচ চকীত দিয়া
আৰু প্ৰশাসনৰ ওচৰত মৃত্যুৰ পঞ্জীয়ন কৰা কামত প্ৰশান্তৰ সহায় বিচাৰিলে। স্থানীয়
প্ৰশাসনৰ পৰা পোৱা চাৰ্টিফিকেটৰ ভিত্তিতহে আইতাকৰ মৃত্যু তেওঁৰ নিজৰ দেশত পঞ্জীয়ন
কৰা হ’ব। তদুপৰি মৃত্যু হোৱা আইতাকে
পাছপোৰ্টত লিপিবদ্ধ তাৰিখত উভতি যাব নোৱাৰা খবৰটো ভাৰতত থকা বৃটিছ দূতাবাসক জনাবলৈ
তেনে এখন চাৰ্টিফিকেটৰ প্ৰয়োজন হ’ব। কেভিনে তাৰ হাতত থকা আইতাকৰ পাছপোৰ্ট আৰু উভতি যোৱা টিকেট প্ৰশান্তৰ হাতত
দিলে। প্ৰয়োজন হ’লে সিও ডিব্ৰুগড়লৈ আহিব। প্ৰশান্তই যি কোনো উপায়ে
কামটো কৰি দিবলৈ গাত ল’লে।
অনুপমা আৰু ক্লাৰা এখন গাড়ীত আৰু অনুপমাৰ দেউতাকৰ
সৈতে কেভিন আনখন গাড়ীত উঠি ডিগবৈলৈ ওভতনি যাত্ৰা আৰম্ভ কৰিলে।
গাড়ীত উঠাৰ আগে আগে ক্লাৰাই প্ৰশান্তৰ ওচৰলৈ আহি ক’লে, “আমি যোৱাৰ আগতে এদিন আহিবা। একো কাৰণ নাথাকিলেও আমাক বিদায় দিবলৈকে আহিবা।
তোমাৰ পৰা বিদায় নোলোৱাকৈ গুচি যাবলৈ মোৰ ভাল নালাগিব”।
“ভালকৈ থাকিবা ক্লাৰা। মই নিশ্চয়
তোমালোক যোৱাৰ আগতে এবাৰ যাম”। প্ৰশান্তই অনুভৱ কৰিলে সিও কিছু আবেগিক হৈ পৰিছে।
ক্লাৰা গুচি যোৱাৰ বেদনা সি অনুভৱ কৰিছে।
প্ৰশান্ত বাইকত আৰু মাক দেউতাক গাড়ীৰে দুলীয়াজানলৈ গ’ল। ডিগবৈলৈ যোৱাৰ পথত বৰুৱাই কেভিনক ক’লে, “মোৰ সঁচাকৈয়ে বেয়া লাগিছে। তুমি আইতাক তেওঁৰ জন্মভূমি দেখুৱাবলৈ লৈ আহিছিলা।
এতিয়া তেওঁক ইয়াতেই এৰি তুমি অকলে উভতি যাবগৈ লাগিব। তোমাৰ মা-দেউতা হঁতেও আইতাক
শেষ মূহুৰ্তত দেখা নাপালে। হঠাতে ক’ৰ পৰা কি যে হৈ গ’ল”।
কেভিনে ক’লে, “আংকল, আপোনালোকে ইমান যে সহায় সহযোগ কৰিলে তাৰ কাৰনে মই
আপোনালোক সকলোৰে ওচৰত কৃতাৰ্থ। মই ইমান দুৰৰ পৰা অহা অচিনাকী মানুহ এজনক ইমান বোৰ
মানুহে যে বিপদত সহায় কৰিলে তাকে দেখি মই আভিভুত হৈ পৰিছোঁ। আইতাৰ এনে অৱস্থা
হোৱাত মই বৰ চিন্তাত পৰিছিলোঁ, কিন্তু আপুনি, অনুপমা, প্ৰশান্ত, ফুকন আংকল হঁতে যিমানখিনি সহায় কৰিলে সেইখিনিৰ ঋণ মই
কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। আইতাক মই ঘুৰাই নাপাওঁ সঁচা, কিন্তু ইয়ালৈ আহি মোৰ যি অভিজ্ঞতা হ’ল, সেয়া সদায় মোৰ লগতে থাকিব”।
বৰুৱাই ক’লে, “তুমি খুব সুস্থিৰ মগজুৰ ল’ৰা। সেয়ে সকলো খিনি ধুনীয়াকৈ চম্ভালি ল’ব পাৰিছা। তোমাৰ জীৱনত বহুত উন্নতি হ’ব”।
অহা বাটত অনুপমা আৰু ক্লাৰাই নিজৰ নিজৰ চিন্তাৰ জগতত
মগ্ন হৈ থাকিল। বহুত সময় নিৰৱে থকাৰ পিছত ক্লাৰাই মাত লগালে, “আমাৰ উভতি যাবলৈ হ’ল নহয়নে পমা। এটা সময়ত মোৰ এনে লাগিছিল যেন ইয়াত থকা
সময়বোৰ নাযায়, নুপুৱাই। এতিয়া মোৰ এনে লাগিছে
যেন আৰু কেইটামান দিন থাকিব পাৰিলে ভাল আছিল”।
“কিয় ক্লাৰা?” অনুপমাই তাইলৈ চাই সুধিলে।
“ইয়াত থকা সময়খিনিত মই কোন
পাহৰিয়েই গৈছিলোঁ। এতিয়া মনলৈ আহিছে যে মই চোন এখন বেলেগ দুনীয়াৰ মানুহ। ইয়ালৈ
আৰুতো কেতিয়াও উভতি অহা নহয়। লণ্ডনলৈ ঘূৰি গৈ আকৌ জীয়াই থাকিবলৈ, নিজকে প্ৰতিস্থিত কৰিবলৈ সংগ্ৰাম কৰিব লাগিব। এনেকৈ
একো বিশেষ চিন্তা মনলৈ ননাকৈ, নিৰিবিলিকৈ আৰু কেইটামান দিন কটাবলৈ বৰ মন গৈছে”।
“মই বুজিছোঁ। কিন্তু আমি সকলোৱে
উভতি যাবই লাগিব। আইতাকহে আমি ইয়াতে অকলে এৰি থৈ গ’লোঁ”। অনুপমাই আকৌ এবাৰ উচুপি উঠিল।
“আইতাই তোমাক এটা ডাঙৰ দায়িত্ব
দি থৈ গৈছে পমা। তেওঁ তোমাক কেভিনৰ দায়িত্ব দি থৈ গৈছে”। ক্লাৰাই ক’লে।
“কেভিনে নিজকে চম্ভালিব পাৰিব
ক্লাৰা। তুমি আছাই। গতিকে মই সেইটো চিন্তা কৰা নাই”।
“নহয় পমা, সেই দ্বায়িত্ব তোমাৰ। আইতাই কৈ যোৱা শেষ কথা। মই
সাক্ষী আছোঁ”। ক্লাৰাই ক’লে।
অনুপমাই একো নামাতিলে। তাই ভাবিলে, আইতাকে কৈ গ’লেও কিছুমান দায়িত্ব লোৱাটো তাইৰ বাবে হয়তো সম্ভৱ নহ’ব। তাইৰ আন দায়িত্বও বহুত আছে।
তাইৰ মনত পৰিল, হৰিকাইক আইতাকৰ খবৰটো দিওঁ দিওঁকৈয়ো তাইৰ দিয়া নহ’ল।
কোনো নথকা ঘৰটোত হৰিকাই আৰু ৰুবীয়ে হামিয়াই-হিকটিয়াই
সময় পাৰ কৰি আছিল। যোগেন বৰুৱাই এদিন ফোন কৰি আইতাক হস্পিটেলত ভৰ্তি হোৱাৰ কথা আৰু
তেওঁৰ যোৱা-থোৱা অৱস্থা হোৱাৰ কথা হৰিকাইক কৈছিল। সেইদিনাৰ পৰা হৰিকায়ে ঘৰৰ নামঘৰত
চাকি এগছ জ্বলাই ৰাতিপুৱা-গধুলি প্ৰাৰ্থনা কৰি আছিল, আইতাজনী যেন ভাল হৈ ঘৰলৈ আহে। ৰুবী অন্য ধৰ্মৰ হ’লেও তাৰ লগতে নামঘৰত বহি তায়ো আইতাকৰ মংগলৰ কাৰনে
দোৱা কৰিছিল। সেইদিনাৰ পিছত আৰু ফোন অহা নাছিল। সেয়ে দুয়োখন গাড়ী একেলগে ঘুৰি অহা
দেখি হৰিকায়ে ৰুবীক চিঞৰি ক’লে, “ৰুবী, দৌৰ মাৰি আহ। আইতাক লৈ আইজনীহঁত আহি পালে”।
গাড়ী দুখন ৰোৱাৰ পিচত বুঢ়ী মানুহজনীক নেদেখি হৰিকাইৰ
বুকুখন চিৰিংকৈ গ’ল। অনুপমা নামি আহি যেতিয়া ক’লে, “হৰিকাই, আইতাই আমাক এৰি গুচি গ’ল”, সি ফেকুঁৰি ফেকুঁৰি সৰু ল’ৰাৰ দৰে কান্দিবলৈ ধৰিলে।
কেভিনৰ কামটোৰ কাৰনে প্ৰশান্তৰ অলপ দৌৰা-দৌৰি হ’ল। বছৰৰ শেষ কাৰনে টেবুলত মানুহ পাবলৈ নাই। বেছিভাগেই
ছুটী লৈ আছে। প্ৰশান্তই দুই-এঠাইত পইচা খুৱাই কাম কৰোৱাব লগীয়া হ’ল। কামখিনি কৰিবলৈ তাৰ হাতত মাত্ৰ তিনিটা দিন আছে।
দ্বিতীয় দিনা সি কেভিনক এখন আৱেদন পত্ৰত চহী কৰিবলৈ ডিগবৈৰ পৰা মতাই আনিব লগীয়া হ’ল। বিদেশী বুলি জানিব পাৰি কেভিনৰ পৰা কামটোৰ কাৰনে কেৰাণী এজনে অধিক পইচা
সৰকাবলৈ চেষ্টা কৰিলে। পিছে প্ৰশান্তই লগতে থকা কাৰণে একো অসুবিধা নহ’ল। ডিছেম্বৰৰ ৩১ তাৰিখে কেভিনে বিচৰা কাগজ কেইখন
প্ৰশান্তৰ হাতত পৰিল। প্ৰশান্তই কেভিনক ফোন কৰি জনালে যে ১ জানুৱাৰীৰ দিনা মাক
দেউতাকক লগত লৈ সি ডিগবৈলৈ যাব। ২ তাৰিখে লণ্ডন অভিমুখে ৰাওনা হোৱাৰ আগতে মাক
দেউতাকেও আটাইকে লগ পাবলৈ বিচাৰিছে।
ডিব্ৰুগড়ৰ পৰা অহাৰ পিছৰ তিনিদিন কেভিনে বস্তুৰ পেকিং
কৰাত আৰু নিজৰ গৱেষণা পত্ৰ লিখাৰ কামত খৰচ কৰিলে। সি কলৈকো ওলাই যাবলৈ মন নকৰিলে।
অনুপমাই আইতাকৰ কাপোৰ বোৰ উলিয়াই সেইবোৰ ধুই, ৰ’দাই বাকচ এটাত ভৰাই থলে। তাই কেভিনক ক’লে যে আইতাকৰ স্মৃতি স্বৰূপে তাই সেইবোৰ তাইৰ ওচৰতে
ৰাখি থব। আইতাকৰ পেইণ্টিং খন তাই আকৌ এবাৰ ভালদৰে বন্ধাই ল’লে। আইতাকৰ ভৰিৰ চাপ থকা কাগজখনো তাই বন্ধাই ল’লে। আইতাকে পিন্ধা মেখেলা চাদৰজোৰ ধুই ভালদৰে ইস্ত্ৰী
কৰি ভালদৰে বাকচত ভৰাই থলে।
প্ৰশান্তই সম্পাদনা কৰি দিয়া ক্লিপটো কেভিনৰ লেপটপত
চলাই চাই ক্লাৰাই আন কেইটামান ঠাইত কাট-কুট কৰাৰ কথা চিন্তা কৰিলে। কিছুমান নতুন
আইডিয়া তাইৰ মনলৈ আহিল। কিন্তু কেভিনৰ লেপেটপত দৃশ্যগ্ৰহণ সম্পাদনা কৰা ছফটৱেৰ
নথকা কাৰনে তাই অসহায় অনুভৱ কৰিলে।
তাই প্ৰশান্তলৈ ফোন কৰিলে, “তোমাৰ ওচৰত মই আকৌ সহায় বিচাৰিছোঁ। ক্লিপটো অলপ সলনি
কৰিবলৈ বিচাৰিছোঁ। তুমি এদিন তোমাৰ লেপটপটো লৈ আহানা। তুমি অনুমতি দিলে ময়েই গ’লোঁহেঁতেন”।
“মই এই কেইদিন সাংঘাটিক ব্যস্ত
ক্লাৰা। দিনটো কেভিনে দিয়া কাম কেইটাৰ কাৰনে ডিব্ৰুগড়ত ঘুৰা ঘুৰি কৰোঁ। ৰাতি অফিচৰ
কাম কৰোঁ। মোৰ একেবাৰে সময় নাই”। প্ৰশান্তই পোনপেটীয়াকৈ ক’লে।
ক্লাৰা কিছু সময় মনে মনে থাকিল। “মোৰ কাৰণে তুমি অকণমানো সময় উলিয়াব নোৱাৰানে’?
তাইৰ এনেবোৰ কথাই তাক বিপাঙত পেলায়। তাইৰ কথা পেলাবলৈ
তাৰ মন নাযায়। কিন্তু সি কেতিয়াবা হৈ পৰে নিৰুপায়। “মই ১ তাৰিখে ডিগবৈলৈ আহিম। সেইদিনা লেপেটপটো লৈ আহিম।
যি পাৰোঁ সেইদিনাই চাই দিম”। সি ক’লে।
“হ’ব, সকলো তোমাৰ মতেই হ’ব। মোৰ কথাৰ কিবা গুৰুত্ব আছেনে”? ক্লাৰাই অভিমানেৰে ফোনৰ সংযোগ বিচ্ছিন্ন কৰিলে। প্ৰশান্তৰ বেয়া লাগিল। আকৌ তাই তাৰ ওপৰত খং কৰিছে।
কিন্তু তাইতো নাজানে পৰা হ’লে সি এই কেইটা দিন তাইৰ লগতে কটাবলৈ ভাল পালে হেতেন। মাজে মাজে প্ৰশান্তৰ এনে
লাগে ক্লাৰাৰ দৰে তাক ওচৰত পাবলৈ বলিয়া, ৰূপহী, যৌন আবেদনময়ী ছোৱালী এজনীকেই সি
জীৱনত বিচাৰে। কিন্তু সেয়া যে সম্ভৱ নহয়।
১ জানুৱাৰীৰ দিনা দুপৰীয়া প্ৰশান্ত আৰু মাক দেউতাক
ডিগবৈলৈ আহিল। প্ৰশান্তৰ দেউতাকে অহাৰ আগে আগে
অনুপমাৰ দেউতাকলৈ ফোন কৰিলে।
“আমি আজিৰ পৰা বন্ধু নহয়, মিতিৰ হৈ যাম হে। আজিয়েই মাজনীক আঙুঠি পিন্ধাই আহিম
বুলি ঠিক কৰিছোঁ”।
“তুমি ঠিকেই কৈছা বন্ধু। মই তাইক
কথাটো কৈ থৈছোঁ। তাই একো আপত্তি কৰা নাই যেতিয়া শুভ কাম হৈয়েই যাওক দিয়া। আমি বন্ধুৰ পৰা মিতিৰ হ’ব পাৰিলে মই বৰ সুখী হ’ম”। বৰুৱাই প্ৰসন্ন মনেৰে ক’লে।
“আমাৰ ইয়াকো মাকে কৈছে। সিও কথাটোত না কৰা নাই হে। দুয়ো ৰাজী হ’লে সোনকালে বিয়া খন পাতি পেলাব লাগে, নে কি কোৱা”?
“নিশ্চয়। তাই অহাবাৰ আহিলে
বিয়াখন পাতিব পৰাকৈ বিয়াৰ দিন ল’ব লাগিব। তাইৰ বিয়াখনৰ কাৰণেই মোৰ চিন্তা বুজিছানে’?
তেওঁলোক অহাৰ আগতে দেউতাকে অনুপমাকো কৈ থ’লে, “মাজনী, প্ৰশান্তৰ মাক-দেউতাকক তই আজি
উপহাৰ দি মান ধৰি সেৱা কৰিবি। তেওঁলোকেও হয়তো তোৰ কাৰনে উপহাৰ আনিব। তেওঁলোকে
প্ৰশান্তৰ লগত তোৰ সম্পৰ্কটো পকা কৰিব বিচাৰিছে”।
দেউতাকৰ কথা শুনি অনুপমা কিছু সময় স্তম্ভিত হোৱাৰ দৰে
হ’ল।
“দেউতা, আইতা ঢুকোৱা এসপ্তাহেই হোৱা নাই। এনে সময়ত বিয়া-বাৰুৰ
কথা নুলিয়াবা। মই মানসিক ভাৱে প্ৰস্তুত নহয়। আৰু অলপ দিন অপেক্ষা কৰিব নোৱাৰানে”?
তাইৰ কথাত দেউতাকৰ খং উঠিল। তেওঁ খঙেৰে ক’লে, “কাইলৈ তই গুচিয়েই যাবিগৈ। আৰু ক’ত অপেক্ষা কৰিবলৈ সময় আছে। প্ৰশান্তৰ দৰে ভাল ল’ৰা এটা সদায় পোৱা নাযায়”।
“কিন্তু দেউতা। এইবোৰ কথা
ভাবিবলৈ মোৰ একেবাৰে মন যোৱা নাই। প্ৰশান্তৰ বিষয়ে ভাবিবলৈ মোক অলপ সময় দিয়া”।
“মই তোক তাৰ কথা আগতেই কৈ থৈছোঁ।
ল’ৰাটো ভাল, ঘৰখন ভাল, পৰিয়ালটো আমাৰ বহুদিনৰ চিনাকী। মই তোৰ অহিত চিন্তা কৰিম জানো? মই এক প্ৰকাৰ কথা দিয়েই থৈছোঁ। আজি তোক তেওঁলোকে
আঙুঠি পিন্ধাব”।
অনুপমা শিলপৰা কপৌৰ দৰে ৰৈ থাকিল। কিন্তু দেউতাকৰ
কথাৰ প্ৰতিবাদ কৰিবলৈও তাই কোনো যুক্তি বিচাৰি নাপালে। তাইৰ বিয়াৰ বয়স হৈছে।
দেউতাকে বিয়াৰ কথা চিন্তা কৰিবই। দেউতাকৰ দৃষ্টিত এই সময়ত হয়তো প্ৰশান্ততকৈ ভাল ল’ৰা কোনো নাই। দেউতাকে দিয়া কথা তাই অমান্য কৰিব পাৰিব
জানো?
প্ৰশান্তহঁত অহাৰ পিছত অনুপমা আৰু দেউতাকে তেওঁলোকক
আদৰি আনিলে। কেভিন আৰু ক্লাৰাও ওলাই আহিল। আটায়ে বহা কোঠাত বহিল। “তোমালোক কাইলৈ যাবাগৈ। আমাৰ বেয়াই লাগিছে। তোমালোকক
চাই যাবলৈকে আহিলোঁ”। প্ৰশান্তৰ দেউতাকে কেভিনলৈ চাই ক’লে।
“আংকল, ইমান দিনে ইয়াত থাকি, আপোনালোকৰ মাজত থাকি মোৰ আপোন ঘৰত থকাৰ দৰেই লাগি
গৈছে। আইতা এতিয়া নাই যদিও আইতাৰ কাৰণে আপোনালোক সকলোৱে যিমান খিনি কৰিলে তাৰ ঋণ
মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। আইতায়ো চাগে সৰগৰ পৰা চাই থাকি আমাক সকলোকে
আশীৰ্বাদ দি আছে”। কেভিনে ক’লে।
“তোমাৰ আইতাক লগ পাই আমাৰো নিজৰ
মানুহ লগ পোৱা যেনেই লাগিছিল। তেওঁ যে হঠাতে এইদৰে গুচি যাব, কোনে জানিছিল”। প্ৰশান্তৰ দেউতাকে ক’লে।
“আইতা নাই, কিন্তু আমি যিমান পাৰি আইতাৰ স্মৃতিক জীয়াই ৰাখিবলৈ
চেষ্টা কৰিম”। অনুপমাই নিজকে কোৱাৰ দৰে ক’লে।
ক্লাৰাই হঠাতে সকলোকে উদ্দেশ্যি ক’লে, “পিছে আমি তেওঁৰ শেষ ইচ্ছা পূৰ কৰাৰ কথা এতিয়ালৈ চিন্তা কৰাই নাই”।
কেভিনে উচপ খাই উঠিল, “শেষ ইচ্ছা। আইতাৰ কি শেষ ইচ্ছা আছিল ক্লাৰা”?
“তুমি পাহৰিলা নেকি কেভিন, আইতাই শেষ মূহুৰ্তত তোমাক আৰু পমাক ওচৰলৈ মাতি নি কি
কৈছিল”?
“কি কৈছিল? শেষ ইচ্ছাৰ কথা একোতো কোৱা নাছিল”, কেভিনে প্ৰশ্নবোধক চাৱনিৰে ক্লাৰা আৰু অনুপমা
দুয়োলৈকে চালে। অনুপমায়ো ক্লাৰাৰ মুখলৈ আচৰিত হোৱাৰ দৰে চাই থাকিল।
“মই কওঁ শুনা। আইতাই পমাক কৈছিল, তাই যেন তোমাৰ চোৱাচিতা কৰে। তোমাকো কৈছিল, তুমি যেন তাইক খুব মৰম কৰা। তোমালোক দুয়োকে দুয়োৰে লগ
নেৰিবলৈ কৈছিল। মই নিজেই সেই সময়ত তাত সাক্ষী আছিলোঁ। আইতাৰ এই কথাৰ অৰ্থ কি
তোমালোকে বুজা নাই নেকি”?
আটায়ে ক্লাৰাৰ মুখলৈ উত্কণ্ঠাৰে চালে। কিবা যেন এক
অনাহূত দুৰ্ঘটনাৰ আশংকাত বৰুৱাৰ মুখ খন বিবৰ্ণ হৈ উঠিল।
“তোমালোক দুয়ো গোটেই জীৱন স্বামী-স্ত্ৰী
হিচাপে একেলগে থকাটোৱেই আইতাৰ শেষ ইচ্ছা আছিল”!!!
ক্লাৰাই ষ্পষ্ট মাতেৰে ঘোষণা কৰিলে।
অনুপমাই লগে লগে প্ৰতিবাদ কৰি উঠিল, “নাই, নাই ক্লাৰা। আইতাই কেতিয়াও আমাক স্বামী-স্ত্ৰী হিচাপে থকাৰ কথা কোৱা নাই। তেওঁ
আমাক সদায় বন্ধু হৈ থকাৰ কথাহে ক’বলৈ বিচাৰিছিল। তুমি ভুল বুজিছা ক্লাৰা”।
“মই ভুল বুজা নাই পমা, মই যেতিয়া তোমালোকৰ দুয়োৰে হাত দুখন লগ লগাই আইতাৰ
চকুৰ আগত ডাঙি ধৰিছিলোঁ, তেওঁ হাহোঁ হাহোঁ কৰি মুৰ দুপিয়াইছিল। তাৰ মানে কি তুমি বুজা নাছিলা পমা? তেওঁ এই সম্বন্ধটো হোৱাটোকে বিচৰিছিল”।
“এয়া সম্ভৱ নহয় ক্লাৰা” - অনুপমাই চিত্কাৰ কৰি উঠিল।
“কিয় সম্ভৱ নহয় পমা। মই জানো, তোমালোক দুয়োৰে মাজত যথেষ্ট অনুৰাগ আছে, মনৰ মিল আছে। তোমালোকৰ মাজত কিয় সম্পৰ্ক হ’ব নোৱাৰে”?
“কাৰণ, কেভিন আৰু তোমাৰ মাজত এটা সম্পৰ্ক আছেই। মই তোমাক
আতঁৰাই সেই সম্পৰ্কত কেতিয়াও সোমাব নোৱাৰোঁ”। কথাখিনি কৈ অনুপমাই দুহাতেৰে
মুখখন ঢাকি দিলে।
ক্লাৰাই মিচিকিয়াই হাঁহিলে। “তুমি ভুল বুজি আছা অনুপমা, কেভিন আৰু মোৰ মাজত এনে কোনো এৰিব নোৱাৰা সম্পৰ্ক
নাই। আমি দুয়ো দুয়োৰে পৰা আঁতৰি আহিলে এজনৰো মনত কোনো কষ্ট নহয়। তুমি বিশ্বাস কৰা
নাই যদি কেভিনক সুধি চোৱা”, এই বুলি তাই কেভিনৰ পিনে চালে। সি তলমুৰ কৰি নিৰৱে ৰ’ল।
“কেভিনৰ নিৰৱতাই বহুতো কথা কৈ
দিলে পমা। তুমি মোৰ কাৰণে একো চিন্তা নকৰিবা। মই ঠিকেই থাকিম”। চলচলীয়া চকুৰে ক্লাৰাই ক’লে। তাই জোৰকৈ মুখত হাঁহিটো ফুটাই ৰাখিলে।
অনুপমাই কেভিনক উভতি ধৰিলে, “কেভিন, তুমি মনে মনে আছা কিয়? তুমি কৈ নিদিয়া কিয়, ক্লাৰাই কোৱা কথা সমূলি মিছা বুলি। কৈ দিয়া তাইৰ লগতে তুমি সুখী বুলি। কৈ দিয়া
তুমি তাইকেই বিয়া কৰাবা বুলি”।
অনুপমাৰ দেউতাক আৰু প্ৰশান্তৰ দেউতাকে ইজনে সিজনলৈ
চোৱা চুই কৰিলে। দুয়োৰে চকুত উত্কণ্ঠাৰ ভাৱ ষ্পষ্ট হৈ উঠিল।
কেভিনে লগে লগে একো নামাতিলে। অলপ পৰ নিৰৱে ৰোৱাৰ
পিছত সি ক’লে, “আচলতে অনুপমা, ক্লাৰাই সঠিক কথাই কৈছে। আমাৰ মাজত তুমি ভবাৰ দৰে একো
সম্পৰ্ক নাই”।
ক্লাৰাৰ চকুহাল সেমেকি উঠিল। হাঁহিৰে নিজৰ চকুলো লুকাবলৈ চেষ্টা কৰি তাই ক’লে, “কেভিন তোমাক বহুত ধন্যবাদ, পমাৰ এই ভুল ধাৰাণাটো আজি ভাঙি দিয়াৰ বাবে। অন্য একো নহ’লেও মই নিজকে তোমাৰ বান্ধৱী বুলিতো ক’ব পাৰোঁ। আজি তোমাৰ বান্ধৱী হিচাপে মই তোমাক এটা
অনুৰোধ কৰিব বিচাৰিছোঁ। তুমি মোৰ অনুৰোধ ৰাখিবানে”?
“কি অনুৰোধ ক্লাৰা”? কেভিনে চকু তুলি তাইলৈ চালে।
“আজি তুমি সকলোৰে আগত অনুপমাক
বিয়াৰ প্ৰস্তাৱ দিয়া! মোৰ কাৰনে এয়া অতি আনন্দৰ কাৰণ হ’ব। তোমালোকৰ মিলন আইতাৰ কাৰণে আটাইতকৈ উত্তম শ্ৰদ্ধাঞ্জলী হ’ব”।
কেভিন হতবাক হৈ গ’ল। সি অলপ পৰ নিৰৱে ঠিয় হৈ ৰ’ল।
অনুপমাই হাহাকাৰ কৰি উঠিল, “তুমি বলিয়া হ’লা নেকি ক্লাৰা? এইবোৰ কি বলকিছা”?
“যোৱা কেভিন। তুমি অনুপমাৰ ওচৰলৈ
আগবাঢ়ি যোৱা। আজি তুমি যদি অনুপমাক আকোঁৱালি লোৱা, আইতাই তোমাক আশীৰ্বাদ কৰিব। আইতাৰ আত্মাই শান্তি পাব”। ক্লাৰাই আবেগ বিহ্বল হৈ ক’লে।
কেভিনে ধীৰ খোজেৰে অনুপমাৰ ওচৰলৈ গ’ল। সি সকলোৱে শুনাকৈ তাইক ক’লে, “এয়া সম্ভৱ হ’বনে অনুপমা? তুমি মোৰ জীৱনলৈ আহিবানে। মোক তুমি জীৱন সংগী হিচাপে
স্বীকাৰ কৰিব পাৰিবানে”?
বহা কোঠাটো কাঁহ পৰি জিন যোৱাৰ দৰে হ’ল। কিছু সময় ধৰি আটায়ে হতবাক হোৱাদি হ’ল। অনুপমাই ডাঙৰ ডাঙৰ চকুৰে কেভিনলৈ চাই থাকিল।
নিৰৱতা ভংগ কৰি অনুপমাৰ দেউতাকে চিঞৰি উঠিল, “এইবোৰ কি হৈছে মাজনী”?
লগে লগে অনুপমায়ো চিত্কাৰ কৰি উঠিল, “তুমি এয়া কি কৰিছা কেভিন, এয়া সম্ভৱ নহয়। মোক প্ৰস্তাৱ দিবলৈ তুমি সাহস ক’ৰ পৰা পালা”?
কেভিন চক খোৱাৰ দৰে হ’ল। অনুপমাৰ মূৰ্তি দেখি সি যেন ভয় খাই গ’ল।
“তুমি নাজানা নেকি, আমাৰ দেশত এতিয়াও মাক-দেউতাকে ল’ৰা-ছোৱালীৰ বিয়া ঠিক কৰে। ময়ো মোৰ দেউতাৰ কথা মতেহে
নিজৰ জীৱন সংগী নিৰ্বাচন কৰিম। তুমি মোক বিয়া কৰোৱাৰ কথা সপোনতো নাভাবিবা”। অনুপমাই ৰুক্ষ সুৰত কৈ পেলালে।
“তুমি কি কৰিছা পমা। তুমি কেভিনক
এইদৰে অপমান কৰিছা কিয়?” ক্লাৰাই অনুপমালৈ চাই চিঞৰি উঠিল।
“চোৱা কেভিন। ক্লাৰাই কেনেকৈ
চিঞৰি উঠিছে। মই ক্লাৰাৰ চকুত তোমাক হেৰুৱাৰ বেদনা দেখিছোঁ কেভিন। তাই তোমাক বহুত
ভাল পায়। তাই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰে। কিয় জানো আজি তাই নিজৰ প্ৰেম ত্যাগ
কৰি মহান হ’বলৈ বিচাৰিছে। তাইৰ প্ৰেমৰ গভীৰতা তুমি কেতিয়াও উপলব্ধি কৰা নাই
কেভিন। তোমাৰ কাৰণে তাই সকলো ত্যাগ কৰিব পাৰে”।
অনুপমাৰ কথা শুনি কেভিনে তাইৰ মুখলৈ কিছু পৰ চাই
থাকিল। সি লাহে লাহে গৈ মুঢ়া এটাত বহি দিলে।
“পমা, মই স্বীকাৰ কৰিছোঁ যে কেভিনক মই মোৰ জীৱনত
বিচাৰিছিলোঁ। কিন্তু এতিয়া মই ভালকৈয়ে বুজি উঠিছোঁ যে আমি কেতিয়াও এজনে আনজনৰ লগত মিলেৰে
থাকিব নোৱাৰিম, সুখী হ’ব নোৱাৰিম। কিন্তু কেভিন আৰু তুমি লগ হ’লে দুয়োজন সুখী হ’ব পাৰিবা”। অশ্ৰুসিক্ত নয়নেৰে ক্লাৰাই ক’লে।
“কিয় ক্লাৰা? তুমি কিয় এনেকৈ ভাবিলা? সৌ সিদিনালৈ তুমিতো কেভিনকে ভাল পাই আছিলা”? অনুপমাই ক’লে।
“এটা কথা কি জানা অনুপমা, প্ৰশান্তক লগ পোৱাৰ পিছত মোৰ এনে লাগিছে, কেভিনতকৈ প্ৰশান্তৰ লগতহে মই বেছিকৈ সুখী হ’ব পাৰিম”।
ক্লাৰাৰ এই স্বীকাৰোক্তিত অনুপমাৰ দেউতাক, প্ৰশান্তৰ মাক দেউতাক সকলো স্তম্ভিত হ’ল। আটায়ে প্ৰশান্তৰ মুখলৈ চালে। সি একো নোকোৱাকৈ
তলমুৰ কৰিলে।
প্ৰশান্তৰ দেউতাকে তাক গভীৰ মাতেৰে সুধিলে, “তই মনে মনে আছ কিয় বাবা। তোৰ একো ক’ব লগীয়া নাই নেকি?”
প্ৰশান্তই একো নমতা দেখি দেউতাক তাৰ ওচৰলৈ উঠি আহিল। “তোৰ মুখৰ মাত নোহোৱা হ’ল কিয়? এইবোৰ কি শুনিছোঁ। তই তলে তলে কি পৰিকল্পনা কৰিছ”? তেওঁ গৰজি উঠিল।
“দেউতা, মোক ভুল নুবুজিবা। মোৰ বহুদিনৰ সপোন এটা আছিল যে মই
ফটোগ্ৰাফী আৰু চিনেমাৰ লাইনত কিবা এটা কৰিম। কি কৰিম, কেনেকৈ কৰিম একো জনা নাছিলোঁ। ক্লাৰাক লগ পোৱাৰ পিছত
মই বুজিব পাৰিছোঁ, মই যিখিনি জানো, সেইখিনিৰেও মই বাহিৰলৈ ওলাই গ’লে বহুত কিবা কিবি কৰিব পাৰিম। ক্লাৰাই মোক এটা ৰাস্তা দেখুৱাইছে। মই এই লাইনত
তাইৰ সৈতে বিদেশত কাম কৰিব বিচাৰিছোঁ”। প্ৰশান্তই তলমুৰ হৈয়েই ক’লে।
“শুনিছা লীনা, তোমাৰ সুপুত্ৰই এতিয়া সকলো বাদ দি ফটো তুলিবলৈ যাব
বিদেশলৈ। ইমান পঢ়ি-শুনি সি ইয়াকেহে কৰিবগৈ”। প্ৰশান্তৰ মাকৰ পিনে চাই
দেউতাকে চিঞৰি উঠিল।
প্ৰশান্তৰ মাকে চিঞৰি উঠিল, “তই এইবোৰ কি বলকিছ বাবা। ইমান ভাল চাকৰি এটা বাদ দি
তই ফটো তুলিবলৈ বিদেশলৈ যাবি? তোৰ মগজ ঠিকে আছেতো”?
“মা, তুমিতো জানাই ছবি অঁকা, ফটো তোলা, ভিডিঅ’ কৰা এইবোৰ মোৰ সৰুৰে পৰা থকা
নিচা। মোৰ এনে লাগে, এইবোৰ যদি মোৰ পেছা হ’লহেতেন, মই বহুত ওপৰলৈ যাব
পাৰিলোঁহেতেন। গতানুগতিক চাকৰি এটা কৰি থাকি মই বৰ অশান্তি অনুভৱ কৰি আছোঁ। সেই
কাৰণে মোৰ বৰ মন গৈছে এবাৰ বিদেশলৈ গৈ চেষ্টা কৰি চাবলৈ। ক্লাৰাই মোক সহায় কৰাৰ
প্ৰতিশ্ৰুতি দিছে। তাই নিজেও এই লাইনৰ মানুহ”।
প্ৰশান্তৰ দেউতাকৰ খং উঠিল। তেওঁ অসমীয়াতে চিঞৰি উঠিল, “বিদেশী ৰমণী দেখি তোৰ মতিভ্ৰম হৈছে। তোৰ মুৰৰ গণ্ডগোল হৈছে। তই এই বিদেশী জনীৰ লগত সংসাৰ
পতাৰ পৰিকল্পনা কৰিছ নেকি? এইজনীক বিয়া পাতিলে তই ঘৰত সোমাব নোৱাৰ”।
অনুপমাৰ দেউতাকে তেওঁক গাত ধৰি শান্ত হৈ থাকিবলৈ ক’লে। প্ৰশান্তই মুখেৰে একো নমতাকৈ তলমুৰকৈ বহি থাকিল।
কেভিনে পৰিস্থিতিটো শান্ত কৰিবলৈ প্ৰশান্তৰ দেউতাকৰ
ওচৰলৈ গ’ল।
“আংকল, মই ভবাত প্ৰশান্তই সঠিক সিদ্ধান্তই লৈছে। বিদেশত তাৰ
দৰে অৰ্হতা থকা মানুহৰ খুব চাহিদা আছে। সি কম সময়ৰ ভিতৰতে ইয়াত কৰাতকৈ বহুত বেছি
উপাৰ্জন কৰিব পাৰিব। আপুনি তাক বাধা নিদিব”।
প্ৰশান্তৰ দেউতাকে গুজৰি উঠিল। “মই ঠিক বুজিছোঁ। সি বিদেশলৈ গৈ ক্লাৰাক বিয়া কৰোৱাৰ
পাং পাতিছে। সি ক্লাৰাৰ প্ৰেমত পৰিছে”।
কেভিনে প্ৰশান্তৰ দেউতাকৰ খং উঠাৰ কাৰণটো তেতিয়াহে
যেন ভালদৰে বুজি পালে।
“আংকল, ক্লাৰাক মই বহুদিনৰ পৰা জানো। আপুনি ভয় নাখাব।
ক্লাৰাই ভাৰতীয় সংস্কৃতিক শ্ৰদ্ধা কৰে। তাই কষ্ট কৰি নিজকে প্ৰতিষ্ঠা কৰা ছোৱালী।
প্ৰশান্ত আৰু ক্লাৰাই যদি দুয়ো দুয়োকে পছন্দ কৰে, মই ভাবো আপুনি আপত্তি কৰিব নালাগে”।
কেভিনৰ কথাত প্ৰশান্তৰ দেউতাকৰ খঙে মুৰৰ চুলিৰ আগ
পালে। “তুমি কি কোৱাহে কেভিন। সি মোৰ
একমাত্ৰ ল’ৰা। সি পছন্দ কৰিলে বুলিয়েই সি
বিদেশী ছোৱালী এজনীক বিয়া পাতিব নেকি”?
প্ৰশান্তই শান্ত আৰু নিৰুদ্বেগ স্বৰত ক’লে, “দেউতা, বিয়াৰ কথা মই এতিয়াই একো ভবা
নাই। কিন্তু এই সিদ্ধান্তটো তোমালোকে মোৰ ওপৰত এৰি দিয়া। মই কাক, কেতিয়া বিয়া কৰাম সেই কথাটো মই নিজেই ঠিক কৰিম”।
ক্লাৰাই কথাবোৰ শুনি হাঁহি মাৰি নিজকে কোৱাৰ দৰে কৈ
উঠিল, “প্ৰশান্ত মোৰ কাৰনে কেৱল এজন
বন্ধু, খুব ভাল বন্ধু। মই বন্ধুত্বৰ
বাহিৰে তাৰ পৰা একো বিচৰা নাই। মই কেৱল জানো, সি এজন জিনিয়াছ, খুব টেলেন্টেড ল’ৰা। কেমেৰাৰ কাম আৰু এডিটিঙত তাৰ তুলনা নাই। সি
বিদেশলৈ গ’লে খুব নাম কৰিব পাৰিব”।
পিছ মূহুৰ্ততে তাই আকৌ সকলোকে কোৱাদি ক’লে, “মোৰ কথা কোনেও চিন্তা কৰিব নালাগে। প্ৰশান্তক মই একোতে বাধ্য নকৰাওঁ। সি
বিদেশলৈ যোৱা নোযোৱাটো তাৰ নিজৰ কথা। কিন্তু মই আইতাৰ শেষ ইচ্ছাটো পূৰণ হোৱাটোহে
বিচাৰিছোঁ। আমি মূল কথাটোৰ পৰাই আঁতৰি আহিছোঁ”।
তাই অনুপমাৰ ওচৰলৈ গৈ ক’লে, “পমা, তুমি কেভিনৰ প্ৰস্তাৱটো গ্ৰহণ
কৰিছানে”?
অনুপমাই কিছু সময় ক্লাৰাৰ পিনে চাই থাকিল। তাই অনুচ্ছ
স্বৰত ক’লে, “এয়া মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত। এই সিদ্ধান্ত
মই এনেদৰে খৰখেদাকৈ ল’ব নোৱাৰোঁ ক্লাৰা। মোৰ সিদ্ধান্তত মোৰ দেউতা সহমত হ’ব লাগিব। দেউতাই আপত্তি কৰিলে মই আইতাৰ শেষ ইচ্ছা হ’লেও এই প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰোঁ”।
ক্লাৰা অনুপমাৰ ওচৰতে বহিল।
হৰিকায়ে আটাইৰে কাৰনে চাহ জলপান আনিলে। কথাবোৰ
প্ৰতিজনেই নিজৰ ভাগে চিন্তা কৰিবলৈ লোৱা কাৰণে পৰিৱেশটো যথেষ্ট গহীন হৈ পৰিল।
অনুপমাই সকলোৰে হাতে হাতে চাহ জলপান দিলে।
চাহ দিয়া হোৱাৰ পিছত অনুপমাই হৰিকাইক ক’লে, “হৰিকাই, আমি কাইলৈ যামগৈ। তোমাৰ ভাল
খবৰটো আজিয়েই সকলোকে কৈ দিয়া”।
হৰিকায়ে লাজ কৰিলে।
সি ক’লে, “আইদেউ, তুমিওযে আৰু”।
অনুপমাই ক’লে, “একো নহয় হৰিকাই, কৈ দিয়া”। হৰিকাই আকৌ লাজতে মুৰ তল কৰিলে।
অনুপমাই ক’লে, “তুমি কোৱা, নহ’লে ময়ে কৈ দিম”।
হৰিকায়ে লাজ লাজকৈ ক’লে, “মই মানে ভাবিছোঁ, এই বয়সত হ’লেও ঘৰখন পাতি পেলাওঁ নেকি”?
বৰুৱা আচৰিত হৈ সুধিলে, “ঘৰ পাতিবি? কাৰ লগত ঘৰ পাতিবি”?
অনুপমাই ক’লে, “দেউতা, ইমান দিনৰ মূৰত হৰিকায়ে ছোৱালী এজনী পছন্দ কৰিছে।
তুমি পিছে না নকৰিবা”।
দেউতাকে আচৰিত হৈ সুধিলে, “কোন ছোৱালী ও হৰি”?
হৰিয়ে লাজ লাজ কৈ ক’লে, “তাইৰ নাম ৰুবী চাৰ”।
প্ৰশান্তই হাত তালি বজালে। সি ক’লে, “বা: হৰিকাই বঢ়িয়া। সকলোতকৈ আগতে
তোমাৰ বিয়াখনেই পাতি দিয়া”।
অনুপমাৰ দেউতাকে হৰিকাইলৈ চাই ক’লে, “ইয়ো তলে তলে সাত ঘাটৰ চেঙেলী ওলাল। একেবাৰে বিয়াই ঠিক কৰি পেলালে”। প্ৰশান্তই কেভিন আৰু অনুপমাক
হৰিকাইৰ কথা ভাঙনি কৰি দিয়াত দুয়ো খুব ফূৰ্তি পাই হাত তালি বজালে।
অনুপমাই মান ধৰি প্ৰশান্তৰ মাক দেউতাকক উপহাৰ দিয়াৰ
কথা বৰুৱাই নুলিয়ালে। গোটেই কথাবোৰেই কিবা খেলি মেলি খন হৈ যোৱা যেন লাগিল তেওঁৰ।
অনুপমাকো তেওঁলোকে একো উপহাৰ আগ নবঢ়ালে। আঙুঠি পিন্ধোৱাৰ কথাটো তল পৰিল। বৰুৱাৰ
দুখ লাগিল। মনে ভবা কথাবোৰ ভবা ধৰনে নহয়। প্ৰশান্তৰ ওপৰত তেওঁ বৰ আশা কৰিছিল। ল’ৰাটোক তেওঁৰ বৰ ভাল লাগিছিল। কিন্তু তাৰ অনুপমাতকৈ
ক্লাৰাৰ প্ৰতিহে বেছি আগ্ৰহ যেন দেখি তেওঁৰ বুকুখন শেলে বিন্ধা দি বিন্ধিলে।
তেওঁৰ এটা কথা ভাবি ভাল লাগিল যে অনুপমাই নিজাকৈ একো
সিদ্ধান্ত লোৱা নাই। শেষ সিদ্ধান্ত তাই তেওঁৰ ওপৰতে এৰিছে। কিন্তু তেওঁ অনুভৱ
কৰিলে, কেভিনৰ হকে মতামত দিলেহে তাই
যেন সুখী হ’ব।
প্ৰশান্তৰ মাক দেউতাকে নিজৰ ল’ৰাৰ হাততে অপমান পোৱা যেন বোধ কৰিলে। বিদেশী
ছোৱালীজনীয়ে যে ল’ৰাটোৰ ওপৰত ইমান যাদু কৰিব তেওঁলোকে কেতিয়াও ভাবিব পৰা নাছিল। অনুপমাৰ দেউতাকৰ
আগত দুয়ো বৰ লাজ পালে। অনুপমাক আঙুঠি পিন্ধাবলৈ আহি তেওঁলোকে যেন নিজৰ ল’ৰাৰ কাৰণে লাজ পাব লগীয়া হ’ল। প্ৰশান্তৰ দেউতাকে দুখেৰে মাকক বুজালে, “বুইছা, এইবোৰকে কয়, ভাগ্যৰ লিখন, নাযায় খণ্ডন”।
চাহ-জলপান খাই এসময়ত আটায়ে গ’লগৈ। প্ৰশান্তই লেপটপটো লৈ আহিছিল যদিও ক্লাৰাৰ
এডিটিঙৰ কামত ধৰা নহ’ল। আটাইৰে মনবোৰ যেন গধুৰ গধুৰ হৈ পৰিল। এটা নিমিলা অংকৰ বেমেজালিত যেন
গোটেইখন খেলিমেলি হৈ থাকিল।
No comments:
Post a Comment