ৰাতিপুৱাই আইতাকক এবাৰ চাই আহি কেভিনে মাকলৈ ফোন
কৰিলে।
“মা যোৱা ৰাতিৰ পৰা আইতাকৰ লক্ষণ
বোৰ ভাল হৈ আহিছে আৰু মোৰ এনে লাগিছে যেন আইতা সোনকালেই আৰোগ্য হ’ব। মোৰ বিবেচনাত তুমি ইমান কষ্ট কৰি ইয়ালৈ নাহিলেও হ’ব। আইতাক আৰোগ্য হ’লে ডাক্তৰে নিশ্চয় লৈ যাবলৈ পৰামৰ্শ দিব। মই আশা
কৰিছোঁ আমি সময়মতেই উভতি যাব পাৰিম”।
তাৰ কথা শুনি মাক আনন্দিত হ’ল। তেওঁ ক’লে, “মই ভিছাৰ কাৰনে খবৰ কৰি গম
পালোঁ যে এসপ্তাহৰ আগতে ইণ্ডিয়া যাবলৈ ভিছা পোৱাৰ আশা নাই। আইতাই যদি ভাল পাইছে, তেনেহ’লে মই যোৱাৰ কোনো অৰ্থ নাই। আইতাক খুব ভালদৰে চাবা”।
“মা, মই ইয়াত একো চিন্তা কৰিব লগীয়া হোৱা নাই। সকলো
মানুহৰে বহুত সহায় পাইছোঁ। অনুপমাই আইতাৰ লগত অনবৰতে ছাঁ টোৰ দৰে লাগিয়েই আছে। তাই
সাংঘাটিক ভাল ছোৱালী”।
“তাই কৰা উপকাৰৰ বিনিময়ত মই তাইক
এটা ধুনীয়া উপহাৰ দিম। তুমিও তাইক এটা ভাল উপহাৰ দি দিবা”। মাকে চিন্তা কৰি ক’লে।
“মা, তুমি বুজা নাই। অনুপমাই যিখিনি কৰিছে সেইখিনি কোনো
উপহাৰ দি আমি পুৰণ কৰিব নোৱাৰোঁ”।
মাকে অলপ সময় মনে মনে থাকিল। “মই যোৱাহ’লে ভাল আছিল কেভিন। অনুপমাৰ পৰিয়ালৰ মানুহক লগ পালোঁহেতেন। ছোৱালীজনী ইমান ভাল
যেতিয়া তাইৰ ঘৰৰ মানুহবোৰো চাগে খুব ভাল”। তেওঁ ক’লে।
“মই অনুপমাৰ দেউতাকক লণ্ডনলৈ
ফুৰিবলৈ যাবলৈ নিমন্ত্ৰণ কৰিছোঁ। তেওঁ খুব মৰমিয়াল। তুমি লগ পালে খুব ভাল
পালাহেতেন। তেওঁ আমাক খুব সহায় কৰিছে”।
মাকৰ লগত কথা পাতি থাকোঁতে কেভিনৰ এনে লাগিল যেন সি
মাকৰ অভাৱ অনুভৱ কৰিছে, মাকক মিছ কৰিছে। এনে সময়ত মাক লগত থকা হ’লে সি বৰ সকাহ পালেহেতেন।
দুপৰীয়া অনুপমাৰ দেউতাকক লগত লৈ প্ৰশান্তৰ মাক দেউতাক
আহি ওলাল। আইতাকৰ অৱস্থাৰ উন্নতি হোৱা বুলি জানিব পাৰি তেওঁলোকৰ সন্তোষ লাগিল।
অনুপমাৰ দেউতাকে ডাক্তৰৰ লগত কথা পাতিলে। ডাক্তৰে অৱশ্যে ক’লে যে, হৃৎ ষ্পন্দন আগতকৈ উন্নত হৈছে যদিও এতিয়াও আইতাকক বিপদমুক্ত বুলি ক’ব নোৱাৰি। সেয়ে
আৰু কেইদিনমান পৰ্য্যবেক্ষণ কৰাত পিছতহে তেওঁক বিপদমুক্ত বুলি ক’ব পৰা যাব।
আবেলি প্ৰশান্তও .আহি ওলাল। সি হস্পিতালত কৰ্মৰত তাৰ চিকিত্সক বন্ধু
এজনক লগত লৈ আহিল। কেভিনৰ লগত চিনাকী কৰি দি সি ক’লে, “এয়া মোৰ ডাক্তৰ বন্ধু জিতেন। তেওঁ এইখন হস্পিতালতে বেলেগ এটা বিভাগত কাম কৰে।
সি আইতাৰ খবৰ লৈ থাকিব। তোমালোকেও যি কোনো প্ৰয়োজনত এওঁৰ ওচৰলৈ যাব পাৰিবা”। কেভিনে জিতেনৰ লগত কৰমৰ্দন
কৰিলে।
প্ৰশান্তক দেখি ক্লাৰা তাৰ ওচৰলৈ আহিল। তাই ক’লে, “কালি ওৰে ৰাতি সাৰে থাকিলোঁ জানা। এয়া মোৰ এটা বেলেগ ধৰনৰ অভিজ্ঞতা। মই আগতে কেতিয়াও এনেদৰে হস্পিতালত ৰখীয়া হৈ
পোৱা নাই। মোৰ তোমালৈ হিংসা লাগিছে। তুমি
কালি খুব নাক বজাই শুলা চাগে”।
প্ৰশান্তই মিচিকিয়াই হাঁহিলে।
এটা দুষ্টালি ভৰা হাঁহি মাৰি আৰু ওচৰলৈ আহি তাই ফুচ
ফুচাই কোৱাৰ দৰে ক’লে, “এই…. কালি ৰাতি মোৰ কথা মনত পৰিছিলনে নাই তোমাৰ”?
প্ৰশান্তই লাজুকীয়া হাঁহি এটা মাৰি ক’লে, “বৰকৈ পৰিছিল। তোমাৰ”?
“মোৰো পৰিছিল জানা। তোমাক খুব
মিছ কৰিছিলোঁ। এই প্ৰশান্ত, তোমাৰ লগত পূৰা এনিশা কটাবলৈ মন হৈছে মোৰ। ব’লানা আমি আজি নিশা একেলগে কটাওঁ”।
“ধেত। এনে পৰিস্থিতিত কি কথা
কৈছা তুমি”? প্ৰশান্তই লাজ পাই যোৱাৰ দৰে ক’লে।
“মইতো অহা সপ্তাহত যামেই। আৰু
কেতিয়া লগ পোৱা হয় ঠিক নাই। মাথোন এনিশা তোমাক মোৰ ওচৰত অকলশৰীয়াকৈ পাবৰ মন গৈছে।
প্লিজ, মোক নিৰাশ নকৰিবা”। ক্লাৰাই আকুলতাৰে ক’লে।
প্ৰশান্তৰ মুৰটো ঘূৰাই যোৱা যেন লাগিল। এজাক উত্তাল ধুমুহাই যেন তাক চৌদিশৰ পৰা আগুৰি ধৰিছে।
ধুমুহা জাকে যেন লাহে লাহে তাক এটা চাকনৈয়াৰ মাজলৈ টানি নিবলৈ ধৰিছে এনে লাগিল
তাৰ। তাৰ ভৰিৰ তলৰ মাটিত যেন কঁপনি উঠিল।
“মোক অলপ সময় দিয়া ক্লাৰা। মোক
ভাবিবলৈ সময় দিয়া”। ক্লাৰালৈ চাই অসহায় ভাৱে সি ক’লে।
“তুমি কৈছিলা, তুমি মোক ভাল পোৱা। সেই ভাল পোৱা তুমি প্ৰমাণ কৰা
প্ৰশান্ত। মই তোমাৰ কাৰণে সকলো ত্যাগ কৰিবলৈ সাজু হৈ আছোঁ। মাথোন তুমি অলপ আগবাঢ়ি
আহিলেই হ’ল। তোমাৰ কাৰণে মই অধীৰ
আগ্ৰহেৰে অপেক্ষা কৰিছোঁ প্ৰশান্ত”।
ধুমুহা জাক ইমান জোৰেৰে ব’বলৈ আৰম্ভ কৰিলে যেন তাৰ দেহ মন প্ৰাণ বিদ্ধস্ত কৰি
নিবলৈ ওলাইছে এনে লাগিল তাৰ। সি চকু দুটা মুদি দিলে।
“মই কেভিনক প্ৰতাৰণা কৰাৰ দৰে
হোৱা নাই জানো ক্লাৰা? এই কথাটোত মই সহজ হ’ব পৰা নাই”। খুব লাহে লাহে সি ক’লে।
ক্লাৰাই বিষ্ফোৰিত চকুৰে কিছুপৰ প্ৰশান্তৰ পিনে চাই
থাকিল। “তুমি মোক ভাল পাওঁ বুলি ক’বলৈ কেভিনৰ পৰা অনুমতি নল’লা কিয়? মোৰ লগত বিছনালৈ যাবলৈ অনুমতি নল’লা কিয়? প্ৰতাৰণা কৰাৰ কথা তোমাৰ মনলৈ
আহিল কেনেকৈ। প্ৰতাৰণা যদি কোনোবাই কৰিছে, মই কৰিছোঁ। মোৰতো সেই কাৰণে কোনো অনুশোচনা হোৱা নাই।
তোমাৰ হৈছে কিয়’?
তাইৰ মাতটো ডাঙৰকৈ ওলোৱা কাৰণে প্ৰশান্ত সাৱধান হ’ল। সি তাইক মনে মনে থাকিবলৈ ইঙ্গিত কৰি ক’লে, “আমি এই বিষয়ে পিছত কথা পাতিম ক্লাৰা’।
ক্লাৰাই উচাত মাৰি আঁতৰি গ’ল। প্ৰশান্তৰ মনটো এক অবুজ বেদনাৰে ভৰি পৰিল। ক্লাৰাৰ
মনত দুখ দিয়াটো তাৰ উদ্দেশ্য নাছিল। কিন্তু তাই বিচৰাৰ দৰে আগবাঢ়ি যাবলৈ তাক যেন
মনৰ ভিতৰৰ কিবা এটাই বাধা দিয়ে। সি কেভিনক বিচাৰিলে। সি ভাবিলে, কেভিনক কিছুমান কথা সি খুলি ক’বই লাগিব, নহ’লে যেন সি শান্তি নাপাব।
কেভিনৰ খবৰ কৰি সি জানিব পাৰিলে যে সি অলপ জিৰণি
লৈছে।
আবেলি ডিম্ব ফুকন আকৌ খবৰ কৰিবলৈ আহিল। আহিয়েই
অনুপমাৰ দেউতাকৰ ওচৰলৈ গ’ল।
“তেখেতৰ গাটো আজি অলপ ভাল বুলি
শুনি ভাল লাগিছে। মায়ে মোক বাৰে বাৰে কৈ আছে খবৰ লবলৈ”। তেওঁ ক’লে।
“খুব ভাল কৰিলে ফুকন। আমিও আশা
কৰিছোঁ তেখেত যেন সোনকালে সুস্থ হৈ উঠে”। বৰুৱাই তেওঁৰ হাত দুখন নিজৰ হাতত লৈ ক’লে।
“আজি ৰাতি আপোনালোকৰ কেইজনমানে
গৈ আমাৰ ঘৰতে জিৰণি লব পাৰিব। মই সকলো ব্যৱস্থা কৰিয়েই থৈছোঁ”।
“বহুত ধন্যবাদ ফুকন”। বৰুৱাই ক’লে।
আই চি ইউৰ বাহিৰত থকা এখন বেঞ্চত দুয়ো বহি কিছু সময়
কথা পাতিলে।
সন্ধিয়া হঠাতে আই চি ইউৰ পৰা নাৰ্চ এগৰাকীয়ে দৌৰা
দৌৰিকৈ আহি খবৰ দিলেহি যে আইতাক হঠাতে অস্থিৰ হৈ পৰিছে। তেওঁ বিচনাখনতে ইকাতি
সিকাতি কৰিবলৈ লৈছে। কেভিন, অনুপমা আৰু ক্লাৰাই এচুকত বহি কথা পাতি আছিল। নাৰ্চৰ কথাখিনি শুনিয়েই তিনিও
উধাতু খাই আই চি ইউৰ ভিতৰলৈ সোমাই গ’ল। তেওঁলোকে দেখিলে আইতাকে মুৰটো ইফালে সিফালে জোকাৰি আছে। তেওঁ যেন কিবা
অশান্তি পাইছে। কেভিনে নাৰ্চ জনীক লগে লগে ডাক্তৰক মাতিবলৈ ক’লে।
অনুপমাই এখন হাতেৰে আইতাকৰ হাত এখন আৰু আনখন হাতেৰে
মুৰত হাত বুলাই সুধিলে, “তোমাৰ কি হৈছে আইতা, কিয় এনে কৰিছা”?
আইতাকে চকু মেলি অতি কৰুণ দৃষ্টিৰে তাইৰ পিনে চালে।
তেওঁ যেন কিবা ক’বলৈ বিচাৰিলে। অনুপমা আৰু
ক্লাৰা দুয়ো কাণ পাতি আইতাকৰ মুখৰ ওচৰলৈ গ’ল। তেওঁ অনুপমালৈ চাই সেহাই সেহাই ক’লে, “মোৰ আৰু বেছি সময় নাই অনুপমা, তুমি কেভিনক চাবা। মই মৰি গ’লে সি বৰ অকলশৰীয়া হৈ পৰিব।
তুমি তাৰ লগ নেৰিবা”।
অনুপমাৰ চকুপানী ওলাই আহিল। ক্লাৰাৰো চকু চলচলীয়া হ’ল। অনুপমাই কেভিনকো ওচৰলৈ মাতিলে। কেভিনেও আইতাকৰ
মুখৰ ওচৰলৈ গৈ কাণ পাতিলে।
আইতাকে কেভিনলৈ চাই বৰ কষ্টেৰে ক’লে, “অনুপমা মোৰ বৰ মৰমৰ। তাই বৰ ভাল ছোৱালী। তুমি তাইক মৰম কৰিবা। তুমি কেতিয়াও
তাইৰ লগ নেৰিবা”। কেভিনে মুৰ দুপিয়ালে। তাৰ চকুও চলচলীয়া হ’ল।
ক্লাৰাই চলচলীয়া চকুৰে আইতাকলৈ চালে। তেওঁ তাইৰ কাৰণে
একো দ্বায়িত্ব দি যোৱা নাই। তাইক কৈ যাবলৈ তেওঁৰ যেন একো কথাই নাই। কেভিনক চাবলৈ, কেভিনৰ লগত থাকিবলৈ তেওঁ অনুপমাকহে কৈছে। তাইৰ বুকুৰ
মাজত থকা এখন পাহাৰ যেন হৰহৰাই খহি পৰিল।
তাই কেভিনৰ হাত এখনত আৰু অনুপমাৰ হাত এখন লগলগাই
আইতাকৰ চকুৰ আগত দেখুৱালে। আইতাকৰ মুখ খন যেন উজ্বলি উঠিল। তেওঁ মুৰ দুপিয়ালে।
ক্লাৰাৰ ওলাওঁ ওলাওঁকৈ ৰৈ থকা চকুপানী খিনি সৰ সৰকৈ ওলাই আহিল।
ডাক্তৰ এজন খৰখেদাকৈ কোঠাটোলৈ সোমাই আহিল। তেওঁ কেভিন
হঁতক আই চি ইউৰ পৰা বাহিৰলৈ যাবলৈ ক’লে। তেওঁ ক’লে, “মই সকলো পৰীক্ষা কৰি আপোনালোকক
জনাম”।
কেভিন, ক্লাৰা আৰু অনুপমাই আই চি ইউৰ পৰা ওলাই আহিল। তিনিও বাহিৰত অধীৰ আগ্ৰহেৰে
অপেক্ষা কৰি থাকিল ডাক্তৰ জন ওলাই অহালৈ। ডাক্তৰ জনে যিমানে সময় লগালে সিমানে
আটাইৰে হৃৎপিণ্ডৰ কম্পন বাঢ়ি গ’ল।কেভিনে উচ পিচ লগালে। সি বাৰাণ্ডা খনতে পাইচাৰি কৰিবলৈ ধৰিলে। অনুপমাই আহি
তাৰ হাতত ধৰি শান্ত হৈ থাকিবলৈ ক’লে। বাকী মানুহবোৰ য’ত যেনেকৈ আছিল তেনেকৈয়ে ৰৈ থাকিল।
এসময়ত আই চি ইউ কোঠাৰ দুৱাৰ খন খোল খালে। ডাক্তৰ জনে
খৰখেদাকৈ ওলাই আহি কেভিনক হাতত ধৰি আন এটা কোঠালৈ লৈ গ’ল। তাক চকী এখনত বহিবলৈ দি ডাক্তৰ জনে ক’লে, “তেখেতৰ অৱস্থা হঠাতে আগতকৈ বেয়াৰ পিনে ঢাল খাইছে। তেওঁৰ এটা হাৰ্ট এটেক হৈছে”।
“আকৌ এটা হাৰ্ট এটেক? হে ভগৱান”। কেভিনে চিঞৰি উঠিল।
“আপুনি ধৈৰ্য ধৰক মি: কেভিন। আমি সকলো প্ৰকাৰে চেষ্টা কৰি আছোঁ। কিন্তু
তেখেতৰ বয়সত বাৰে বাৰে হাৰ্ট এটেক হৈ থকাটো ভাল লক্ষণ নহয়”।
“আপনি কি ক’ব বিচাৰিছে ডাক্তৰ”?
“মই আপোনাক মাথোন প্ৰাৰ্থনা
কৰিবলৈহে ক’ব পাৰোঁ মি: কেভিন। এনে অৱস্থাৰ
পৰা আমি যদি তেওঁক বচাব পাৰোঁ, সেয়া হ’ব এটা মিৰাকল। আমি শেষ চেষ্টা
হিচাপে তেওঁৰ হৃত্পিণ্ডত বেজী এটা দিম। কিন্তু এই বেজীটো দিবলৈ আপোনাৰ অনুমতি
লাগিব, কাৰণ বেজীটোৱে কাম নকৰিলে
মৃত্যু নিশ্চিত। আপুনি এখন কাগজত চহী কৰিব লাগিব”।
কেভিনে চকু দুটা মুদি দিলে। তাৰ মনটোৱে যেন হাহাকাৰ
কৰি উঠিল। তাৰ এনে লাগিল যেন সি আইতাকৰ মৃত্যুপত্ৰত চহী কৰিবলৈ ওলাইছে।
সি কাগজ খনত চহীটো মাৰি ডাক্তৰৰ দুহাতত ধৰি ক’লে, “মাত্ৰ কেইদিন মানৰ কাৰণে যি কোনো উপায়েৰে আইতাক জীয়াই ৰাখক ডাক্তৰ। মোৰ মায়ে
তেওঁক চাবলৈ নাপালে খুব দুখ পাব”।
“আমি চেষ্টা কৰি আছোঁ মি: কেভিন। কিন্তু আপুনি ধৈৰ্য ধৰি থাকক”। এই বুলি কৈ ডাক্তৰ জন আকৌ ভিতৰলৈ সোমাই গ’ল।
ক্লাৰা আৰু অনুপমা দুৱাৰ দলিতে ৰৈ আছিল। কেভিনে
দুয়োকে দুহাতেৰে সাৱটি ধৰিলে। সি উচুপি উচুপি ক’লে, “আমি চাগে আইতাক বিদায় দিবলৈ সাজু হ’বৰ হ’ল”।
অনুপমাই হুকহুকাই কান্দি পেলালে। তাই কেভিনক ক’লে, “নহয় কেভিন, আইতা এনেদৰে গুচি গ’লে মই গোটেই
জীৱন নিজকে ক্ষমা কৰিব নোৱাৰিম। আইতাক আমি বচাবই লগিব। মই আইতাক ভালে কুশলে ওভতাই
লৈ যাম বুলি শপত খাইছিলোঁ। আইতা এনেদৰে গুচি যাব নোৱাৰে কেভিন”।
ক্লাৰা আৰু কেভিন দুয়ো অনুপমাৰ গাত ধৰিলে। কেভিনে ক’লে, “‘আমি এতিয়া মাথোন ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰোঁ অনুপমা”।
অনুপমাই হস্পিতালৰ এটা চুকত কোনোবাই স্থাপন কৰি থোৱা
গণেশৰ মুৰ্তি এটাৰ ওচৰত বহি প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। “হে ভগৱান, মই এসময়ত মাৰ জীৱনৰ কাৰনে তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ। তেতিয়া তুমি মোৰ কথা
নুশুনিলা। এইবাৰ মোক নিৰাশ নকৰিবা প্ৰভু। মোৰ আইতাক বচাই দিয়া ভগৱান। মোৰ আয়ুস
তেওঁক দান কৰি হ’লেও আইতাক বচাই দিয়া”। তাই কাতৰ হৈ প্ৰাৰ্থনা কৰিলে।
এটা সময়ত আইতাকৰ কাৰনে অনুপমাৰ প্ৰাৰ্থনাৰ প্ৰয়োজন
নাইকীয়া হ’ল। তেওঁ লাহে লাহে জামৰি আহিল।
অংগ প্ৰত্যংগ বোৰে লাহে লাহে কাম কৰা বন্ধ হ’বলৈ আৰম্ভ কৰিলে। নাৰ্চ এগৰাকীয়ে বাহিৰলৈ আহি ঘোষণা
কৰিলে, “আইতাজনীৰ শেষ অৱস্থা। আপোনালোকে
ভিতৰলৈ গৈ এবাৰ চাই আহক”।
কেভিনে অনুপমাক গণেশৰ মুৰ্তিৰ সন্মূখৰ পৰা উঠাই
আনিলে। সি অনুপমা, ক্লাৰা আৰু প্ৰশান্তৰ লগত আই চি ইউৰ ভিতৰ সোমাল।
আইতাকৰ দেহত সংলগ্ন তাঁৰ এডালৰ মুৰত থকা মণিটৰটোলৈ
চাই কেভিনে দেখিলে আগতে এটা নিৰ্দিষ্ট বেগত সলনি হৈ থকা ৰেখাবোৰ যেন স্থিৰ হ’বলৈ আৰম্ভ কৰিছে। আইতাকে খুব কষ্টেৰে অলপ সময়ৰ মুৰে মুৰে উশাহ টানি
আছে।
এহাতে কেভিন আৰু এহাতে অনুপমাই আইতাকৰ গাত ধৰি থাকিল।
ক্লাৰাই চলচলীয়া চকুৰে এচুকত থিয় হৈ থকা প্ৰশান্তৰ গাতে গা লগাই থিয় হৈ ৰ’ল।
উশাহৰ মাজৰ দূৰত্ব লাহে লাহে বৃদ্ধি পাই আহিল। এসময়ত
উশাহ সম্পূৰ্ণ ভাৱে ৰৈ গ’ল। মণিটৰৰ ৰেখা আটাইকেইডাল স্থিৰ হৈ গ’ল।
“আইতা, তুমি উশাহ লোৱা আইতা। তুমি উশাহ লবলৈ বন্ধ কৰি দিলা
কিয়? নাৰ্চ, ডাক্তৰ চাওক, কিবা এটা হৈছে। কেভিন তুমি কিবা এটা নকৰা কিয়? দেখা নাই? আইতাই উশাহ লোৱা নাই”। অনুপমা বলিয়াৰ দৰে হ’ল।
কেভিনে আইতাকৰ আধা মেলি থকা চকুহাল জপাই দিলে। অনুপমাই
আইতাকৰ গাৰ ওপৰত পৰি চিঞৰি চিঞৰি বলিয়াৰ দৰে কান্দিবলৈ ধৰিলে। কেভিন আৰু ক্লাৰাই
ধৰি তাইক বাহিৰলৈ লৈ গ’ল।
বাহিৰত তাই কেভিনৰ ডিঙিত ধৰি আৰু জোৰেৰে কান্দি উঠিল।
কেভিনে তাইৰ পিঠিত চপৰিয়াই চপৰিয়াই তাইক শান্ত কৰিবলৈ চেষ্টা কৰিলে। অনুপমাৰ
দেউতাক তাইৰ ওচৰলৈ আহিল। তাই কেভিনক এৰি দেউতাকৰ ডিঙিত সাৱটি ধৰিলে।
কেভিনে চকী এখনত হতভম্ব হোৱাৰ দৰে বহি ৰ’ল। প্ৰশান্ত তাৰ ওচৰত বহিল। “ধৈৰ্য নেহেৰুৱাবা কেভিন। আমি সকলো তোমাৰ লগতেই আছোঁ”। কেভিনৰ কান্ধত হাত থৈ প্ৰশান্তই
ক’লে।
কেভিনে মাকলৈ ফোন কৰিলে। ৰাতিপুৱা আইতাক আৰোগ্য হোৱাৰ
পথত বুলি কৈ সন্ধিয়া অপ্ৰত্যাশিত খবৰটো দিবলৈ তাৰ ডিঙিটো যেন শুকাই গ’ল।
“মা আইতা আৰু নাই। তেওঁ হঠাতে গুচি গ’ল। মই তেওঁক ৰাখিব নোৱাৰিলোঁ”। তাৰ কান্দোন ওলাই আহিল।
“কেভিন মোৰ লগত ধেমালি নকৰিবা।
তুমি অথনি কৈছিলা আইতাই ভাল পাইছে”। মাকে যেন তাৰ কথা বিশ্বাস কৰিব নোৱাৰিলে।
“আইতাই আমাক ঠগিলে মা। তেওঁ ভাল
হোৱা যেন দেখুৱাই হঠাতে এইদৰে গুচি গ’ল। মই এতিয়া কি কৰোঁ কোৱা মা”? কেভিনে উচুপি উঠিল।
মাকে এইবাৰহে যেন কথাটো বুজিব পাৰিলে। “হে ভগৱান। এয়া কি হৈ গ’ল। মই কথাটো বিশ্বাসেই কৰিব পৰা নাই কেভিন”। তেওঁ ফেকুৰি ফেকুৰি ক’লে।
“মা, মই বৰ অসহায় হৈ পৰিছোঁ। কি কৰোঁ একো ধৰিব পৰা নাই।
অনুপমাও কান্দি কাটি বাউলি হৈছে”।
“তুমি ধৈৰ্য ধৰা কেভিন। তুমি
নিজকে চম্ভালি লোৱা।“ মাকে তাক বুজনি দিলে।
“আইতাক যে তুমি দেখা নাপালা মা।
মোৰ সেই কাৰণে খুব বেয়া লাগিছে। তুমি বাৰে বাৰে কৈছিলা, আইতাক যেন ভালে ভালে ওভতাই আনো। মই এতিয়া তেওঁৰ
মৃতদেহটো নিব লাগিব”।
“আইতাৰ মৃতদেহটো ইমান দুৰ আনিব
নালাগে কেভিন। শেষ কৃত্য তুমি তাতেই ভালদৰে সমাপন কৰি আহিবা। মৰাৰ আগতে তেওঁক দেখা পোৱাৰ সৌভাগ্য কিজানি মোৰ নাছিল”। মাকে বুজনি দিলে।
তেতিয়া ৰাতি ভালেমান হৈছিল। অনুপমাৰ দেউতাকে প্ৰস্তাৱ
দিলে যে ৰাতিটো শৱদেহটো মৰ্গতে ৰখা হওক। পিছদিনা পুৱা সমাধিষ্ট কৰাৰ ব্যৱস্থা কৰা
হওক। কেভিনে কথাটোত হয়ভৰ দিলে।
“আংকল, আমাৰ নিয়ম মতে শৱদেহটোক নোৱাই ধোৱাই, নতুন কাপোৰ পিন্ধাই এটা কফিনত ভৰাই সমাধিস্থ কৰিব
লাগে। লগতে এজন খ্ৰিষ্টান পুৰোহিতৰ দৰকাৰ হ’ব। এইবোৰ কেনেকৈ কৰা যাব”। কেভিনে যেন উৱাদিহ নোপোৱা হ’ল।
“তুমি চিন্তা নকৰিবা। মই ফুকনৰ
লগত আলোচনা কৰি ঠিক কৰিছোঁ যে শৱদেহটো ৰাতিপুৱা প্ৰথমতে ফুকন হঁতৰ ঘৰলৈকে লৈ যোৱা
হওক। তেওঁৰ মাতৃ অনুৰাধায়ো শেষ বাৰৰ কাৰনে বান্ধৱী নেন্সিক এবাৰ দেখা পাব।
তেওঁলোকৰ ঘৰতে মৃতকক সমাধিস্থ কৰাৰ কাৰনে লাগতিয়াল কাম বোৰ কৰা হওক। তেওঁলোকৰ
গাৱঁৰ ওচৰতে হেনো এটা গিৰ্জা ঘৰ আছে। সেই গিৰ্জাৰ পৰা মৃতকক সমাধিস্থ কৰাৰ নিয়ম বোৰ কৰাৰ কাৰনে এজন পুৰোহিত পোৱা
যাব”।
“আংকল, সেইটোৱে ভাল হ’ব। কিন্তু আমি ৰাতিটো ক’ত কটাম”?
“মোৰ বোধেৰে তোমালোক আটায়ে ফুকনৰ
ঘৰলৈ যোৱা। মই প্ৰশান্তৰ দেউতাকৰ লগত দুলীয়াজানলৈ যাওঁ। ইচ্ছা কৰিলে প্ৰশান্তয়ো
তোমালোকৰ লগতে থাকিব পাৰে”। অনুপমাৰ দেউতাকে পৰিকল্পনাটোৰ কথা ক’লে।
“ময়ো যাওঁগৈ আংকল। কাইলৈ
ৰাতিপুৱা অফিচত এটা বৰ জৰুৰী কাম আছে। মই কামখিনি শেষ হ’লেই আহি যাম”। প্ৰশান্তই ক’লে।
প্ৰশান্তই ওলাই আহি বাইক ষ্টাৰ্ট কৰা দেখি পিচে পিচে
অহা ক্লাৰা পোনেই আহি তাৰ বাইকৰ পিছপিনে বহি দিলে।
“তুমি মোক এবাৰো নুসুধিলা, মই থাকিম নে যাম। মোক মাত নলগোৱাকৈয়ে তুমি কিয় গুচি
আহিলা? তোমাৰ দৰে স্বাৰ্থপৰ প্ৰেমিক মই
ক’তো দেখা নাই”। তাই উষ্মাৰে ক’লে।
“মোৰ বোধেৰে তুমি আজিৰ দিনটোত
কেভিনক সংগ দিয়াটোৱেই ভাল হ’ব ক্লাৰা। সি ভাঙি পৰিছে”। প্ৰশান্তই ক’লে।
“তাৰ মানে তোমাৰ মোক লগত নিয়াৰ
মতলব নাই নহয়নে”? ক্লাৰাৰ মাতটো ডাঙৰকৈ ওলাল। “তুমি পাহৰিলা নেকি যে মোৰ কেমেৰা, কাপোৰ কানি সকলো দুলীয়াজানত আছে। এনেকৈ লেতেৰা পেতেৰা
হৈ একেজোৰ পোচাকেই মই যে কালিৰ পৰা পিন্ধি আছোঁ, তোমাৰ খবৰ আছেনে? মই তোমাৰ লগত যামেই”।
“ঠিক আছে, তুমি ব’লা। কিন্তু আজি ৰাতি মই কোৱাৰ্টাৰলৈ নাযাওঁ। মা দেউতা হঁত থকা ঘৰতহে থাকিম।
আমি তালৈকে যাম”। প্ৰশান্তই গহীন ভাৱত ক’লে।
“তুমি ভয় খাইছা নেকি যে মই তোমাৰ
বদনাম কৰিম? নাই প্ৰশান্ত, মই তোমাৰ কথা বুজি পাইছোঁ। মই আৰু তোমাক আমনি নিদিওঁ।
মোৰ কাৰণে কোনো মানুহে আমনি পোৱাটো মই নিবিচাৰোঁ। তুমি মোক য’তে থাকিবলৈ কোৱা তাতেই থাকিম”। হঠাতে ক্লাৰা নৰম হৈ পৰিল।
প্ৰশান্তই অনুভৱ কৰিলে তাইৰ প্ৰতি তাৰ ব্যৱহাৰ সমীচিন হোৱা নাই।
প্ৰশান্তৰ বাইকে গতি ল’লে। ক্লাৰাই শান্ত হৈ পিছপিনে বহি গ’ল। অনবৰতে কথা কৈ থকা ক্লাৰাৰ অস্বাভাৱিক নীৰৱতাই
প্ৰশান্তকো অস্বস্তিত পেলালে। সি বুজি পাইছে, ক্লাৰাই তাৰ পৰা যিখিনি মৰম বিচাৰিছে, সেইখিনি সি দিব পৰা নাই। ইমান মৰম দিবলৈ আগবাঢ়ি যাবলৈ
তাৰ সাহস নহয়। তাৰ ভয় হয় অচিৰেই তাৰ প্ৰেমৰ জাহাজ খন সাগৰত ডুব মাৰিব আৰু সি এবুকু
বেদনা লৈ পাৰতে থাকি যাব। সেই জাহাজখন নিজৰ বন্দৰত আৱদ্ধ কৰিবলৈ সি যেন অপাৰগ।
ক্লাৰাই যিমানে তাৰ ওচৰ চাপি আহিছে সিমানেই যেন সি
মাক, দেউতাক, বন্ধু বান্ধৱ, আনকি অনুপমা আৰু কেভিনৰ পৰাও বহুত দুৰলৈ আঁতৰি গৈ আছে, এনে লাগিল তাৰ। ক্লাৰা আৰু তাৰ সম্পৰ্কৰ কথা অনুপমা
আৰু কেভিনে কেনেভাৱে লয়, সেই কথাও সি চিন্তা কৰিলে। অনুপমায়ো হয়তো জানে যে তাৰ লগত তাইৰ বিয়াৰ কথা
চলিছে, আনহাতে আকৌ কেভিন ক্লাৰাৰ
বহুদিনৰ প্ৰেমিক। তাৰ নিজকে দোষী দোষী লাগিল।
ইপিনে অনুপমা আৰু কেভিন ডিম্ব ফুকনৰ লগত আহি তেওঁলোকৰ
ঘৰ পালে। শুবলৈ লোৱা ঘৰৰ মানুহক জগাই ফুকনে কেভিনৰ কাৰণে বিচনা এখন সাজু কৰি দিলে।
অনুপমাই আইতাকৰ সখীয়েকৰ লগতে থাকিবলৈ মন কৰিলে। আইতাকৰ খবৰটো পাই ঘৰৰ মানুহ হতভম্ব
হ’ল।
অনুপমাই আইতাকৰ সখীয়েকৰ গাত ধৰি কান্দিলে। সখীয়েক
অনুৰাধাক কোনেও একো ক’ব লগীয়া নহ’ল। তেওঁ নিজেই সকলো বুজি পালে। “নেন্সিও গুচি গ’ল নহয়নে”? অনুপমাৰ গাত ধৰি তেওঁ ক’লে।
“অ’ আইতা। মোৰ কথা ভগৱানে নুশুনিলে। তেওঁক লৈ গুচি গ’ল”। অনুপমাই ফেঁকুৰি উঠিল।
“নেন্সিয়ে মোকো লগ নধৰিলে। তাই
অকলেই গুচি গ’ল”। নিজকে কোৱাৰ দৰে অনুৰাধাই ক’লে।
অনুপমাৰ গাত পৰি
তেওঁ বিনাবলৈ ধৰিলে, “অ’ নেন্সি। মাত্ৰ অকণমান মোক দেখা
দি তই ক’লৈ গুচি গ’লি অ’। মোকো লগতে লৈ যা। মাত্ৰ দেখাটো দিবলৈ তই কিয় আহিছিলি
অ’ নেন্সি। তোৰ লগত অকণমান হাঁহি
ধেমালিয়ো কৰিবলৈ নাপালোঁ”।
অনুপমাই তেওঁক আকোৱালি ধৰি উচুপি উচুপি ক’লে, “আইতা, সঁজাৰ চৰাই আজি মুকলি আকাশলৈ
ওলাই গ’ল। ঠিক তেওঁ তাহানিতে অঁকা
পেইণ্টিং খনৰ দৰেই”।
আইতাক অনুৰাধাই অনুপমাৰ হাত এখন ধৰি ক’লে, “তাই কিয় গুচি গ’ল অ’ আইজনী? তাই মোক মাত নলগোৱাকৈয়ে গুচি গ’ল। কাক জানো লগ পাবলৈ তাই গুচি গ’ল”।
“আইতাই মোকো ঠগি গুচি গ’ল”, অনুপমায়ো ফেঁকুৰি উঠিল।
“তাই কিজানি পৱিত্ৰ কোৱাউদেউক লগ
পাবলৈকে ইমান খৰখেদা কৰিলে অ’”। অনুৰাধাই বিনাই বিনাই কান্দিলে।
অনুপমাই কল্পনা কৰিলে যেন ইমান দিনে সঁজাত বন্দী হৈ
থকা চৰাই এজনী উৰি গৈছে কোনোবা এজোপা গছৰ ডালত ৰৈ থকা তাইৰ সুহৃদক বিচাৰি।
ৰাতি কাৰো ভাল টোপনি নহ’ল। ৰাতিপুৱাই ডিম্ব ফুকনে গিৰ্জাৰ পৰা বয়সিয়াল ফাডাৰ
এজনক লৈ আহিল। ফাডাৰৰ লগত আন এজন সহকাৰী আহিল। ফাডাৰে আহি কেভিনৰ লগত কথা পাতিলে।
তেওঁ উপযোগী কফিনৰ যোগাৰ কৰাৰ কাৰনে সহকাৰী জনক নিৰ্দেশ দিলে। ন মান বজাত কেভিন, অনুপমা আৰু ডিম্ব ফুকন আইতাকৰ শৱদেহটো আনিবলৈ ওলাই গ’ল। দুলীয়াজানৰ পৰা প্ৰশান্তৰ মাক দেউতাক, অনুপমাৰ দেউতাক আহি পালে। ক্লাৰাও তেওঁলোকৰ লগতে
আহিল। মৰ্গৰ পৰা উলিয়াই শৱদেহটো এটা কাঠৰ বাকচত ভৰাই এখন মৃতদেহ কঢ়িওৱা ভানত লৈ
অনা হ’ল।
মৃতদেহটো আহি পোৱাৰ পিছত কাঠৰ বাকচৰ ঢাকোন আঁতৰোৱা হ’ল। বাকচটোৰ ভিতৰত আইতাকক মুগাৰ মেখেলা চাদৰজোৰ পিন্ধি গভীৰ শান্তিৰে শুই থকা যেন
লাগিল। অনুপমাই গায়ে মুৰে হাত ফুৰাই দিলে। ফাডাৰ জনে নিৰ্দেশ দিলে যে শৱদেহটোক
নোৱাই ধোৱাই নতুন কাপোৰ পিন্ধাই অন্তিম যাত্ৰাৰ কাৰনে সাজু কৰিব লাগে। অনুপমাই
আইতাকৰ বেগটো খুলি আইতাকে কোনোদিনে নিপিন্ধা বগা ৰঙৰ দীঘল গাউন এটা উলিয়াই আনিলে।
কেইজনমানে ধৰা ধৰিকৈ শৱদেহটো ধোৱাই কপোৰ সলাবলৈ ঘৰৰ ভিতৰলৈ লৈ গ’ল।
ঘৰৰ ভিতৰত অনুৰাধাই সখীয়েক নেন্সিৰ দেহটো সাৱটি ধৰি
হুকহুকাই কান্দিলে। অনুপমাই তেওঁক কোনোমতে চম্ভালি ৰাখিলে। ডিম্ব ফুকনৰ পৰিবাৰ আৰু
বোৱাৰীয়েকে শৰীৰটো নোওৱাত লাগি ভাগি দিলে। অনুপমাই বৰ আদৰেৰে আইতাকৰ গাত নতুন
পোচাক জোৰ সুমুৱাই দিলে।
ফাডাৰে কেভিনৰ লগত শৰীৰটো সমাধিস্থ কৰাৰ কাৰনে
কৰিবলগীয়া কাম বোৰৰ বিষয়ে আলোচনা কৰিলে। গাৱঁৰ খ্ৰিষ্টধৰ্মী লোক বেছি নাই বাবে
তেওঁলোকৰ বাবে নিৰ্দিষ্ট সমাধি স্থল নাই। যেয়ে যেনেকৈ সুবিধা কৰিব পাৰে তাতেই
সমাধিস্থ কৰে। কেভিনে কথাটো আলোচনা কৰিবৰ কাৰনে অনুপমাকো মতাই আনিলে।
“অনুপমা। আইতাক সমাধিস্থ কৰিবলৈ
এডোখৰ ঠাইৰ প্ৰয়োজন হ’ব। এই বিষয়ে তোমাৰ পৰামৰ্শ বিচাৰিছোঁ”। কেভিনে ক’লে।
অনুপমাই অলপ চিন্তা কৰিলে। “মই এটা কথা ভাবিছোঁ কেভিন”। কেভিনে তাইৰ মুখলৈ চালে।
“আইতাৰ যে পুৰণি বন্ধুজন আছিল।
তেওঁ থকা পজাঁটোত এতিয়া কোনো নাথাকে। আমি সেইখিনি মাটিতে আইতাক সমাধিস্থ কৰিম।
পিছলৈ আমি আইতাৰ নামত সেইখিনি ঠাইত কিবা এটা নিৰ্মাণ কৰিম”।
“তোমাৰ সিদ্ধান্তত মই একমত।
কিন্তু এই বিষয়ে কিবা অনুমতি লোৱাৰ প্ৰয়োজন আছে নেকি তুমি কথা পাতি চোৱা”। কেভিনে ক’লে।
অনুপমাই ডিম্ব ফুকনৰ লগত কথা পাতিলে। প্ৰস্তাৱটোত তেওঁ হয়ভৰ দিলে। তেওঁ ক’লে, “কমৰেড মোমাইদেৱৰ মৃত্যুৰ পিছত সেই মাটি ডোখৰৰ কোনো গৰাকী নাইকীয়া হৈছে। গতিকে কাৰো অনুমতি লোৱাৰ কোনো প্ৰশ্ন নুঠে। মাটিখিনিত যদি কিবা এটা ভাল কামত লগাব পৰা যায় খুব
ভাল হ’ব। পিছলৈ মাটিখিনি আবেদন কৰি
হস্তান্তৰ কৰিব পৰা যাব”।
অনুপমাই ভাবিলে মাটিখিনিৰ চাৰিসীমাত এখন পকী বেৰ দি
মাটিডোখৰ দুয়োৰে নামত এটা স্মাৰক নিৰ্মাণ কৰি থোৱাৰ কথা। অন্তত: এইখন দেশৰ মাটিত আইতাকৰ এটা চিন থাকি যাব।
বেলি বঢ়াৰ লগে লগে ডিম্ব ফুকনৰ ঘৰত ওচৰ চুবুৰীয়া বহুত
মানুহ গোট খালে। বিদেশী পৰিয়াল এটাৰ লগত ফুকনৰ পৰিয়ালৰ আত্মীয়তা সম্পৰ্কে বহুত বু
বু বা বাও চলিল। মানুহে কোৱা কুই কৰিলে ফুকন এলাপেচা মানুহ নহয়। তেওঁৰ ঘৰলৈ বিদেশৰ
পৰাও মানুহ মিতিৰ খাবলৈ আহে।
এটা সময়ত কাঠৰ ছয়চুকীয়া কফিন এটা আহি পালে। সমাধিস্থ
কৰাৰ কাৰনে এনে ধৰনৰ কফিন তৈয়াৰ কৰা হয়। আনপিনে অনুপমা, ক্লাৰা আৰু ফুকনৰ ঘৰৰ মানুহে নতুন পোচাক পিন্ধাই, মুৰ ফণিয়াই, মুখত পাউদাৰ ঘঁহি দি আইতাকক শেষ যাত্ৰাৰ কাৰনে সাজু কৰি তুলিলে।
প্ৰশান্ত দুলীয়াজানৰ পৰা আহি পোৱা সময়ত শৱদেহটো লৈ
আটায়ে সমাধিস্থ কৰা স্থান আহি পাইছিল। দুজন শ্ৰমিকৰ হতুৱাই পৱিত্ৰৰ উৱলা ঘৰটোৰ
চোতালতে নিৰ্দিষ্ট দৈৰ্ঘ্য আৰু গভীৰতাৰ সমাধি স্থল এটা খান্দি উলিওৱা হ’ল। ফাডাৰে শেষ বিদায়ৰ ধাৰ্মিক ৰীতি নীতি খিনি
সম্পূৰ্ণ কৰিলে। সকলোৱে এজন এজনকৈ শেষ বাৰৰ কাৰনে শেষ নিদ্ৰাত শুই থকা নেন্সিক চাই
শেষ শ্ৰদ্ধা জনালে। কেভিনে কফিনটোৰ ওচৰত বহু সময় আঠুকাঢ়ি চকু মুদি বহি ৰ’ল। অনুপমাই আইতাকৰ ভৰিত ধৰি সেৱা কৰিলে আৰু ভৰিৰ
তলুৱা দুখনৰ এটা চাপ এখন কাগজত ৰাখি থলে। কফিনটোৰ ঢাকোন খন বন্ধ কৰি দিয়াৰ লগে লগে
এটা মৃদু কান্দোনৰ ৰোল উঠিল। অনুপমাই কেভিনৰ গাত ধৰি আকৌ এবাৰ হুকহুকাই কান্দিলে।
ডিম্ব ফুকনৰ পৰিবাৰ আৰু বোৱাৰীয়েকেও কান্দিলে। ক্লাৰাই তাইৰ কেমেৰাটোৰে সকলো বোৰ
ৰেকৰ্ড কৰি থলে।
ডিম্ব ফুকন আৰু তেওঁৰ পৰিবাৰে কফিনটোৰ ওচৰত মাটিত আঠু
লৈ ঘোষা এফাঁকি গালে। সকলোৱে হাত জোৰ কৰি প্ৰাৰ্থনা কৰিলে। কেভিন, প্ৰশান্ত আৰু কেইবাজনেও ধৰা ধৰিকৈ কফিনটো গাঁতটোত
লাহে লাহে নমাই দিলে। গাতটো মাটিৰে পুৰ কৰি দিয়াৰ সময়ত আকৌ উচুপনিৰে পৰিৱেশটো ভৰি
পৰিল।
No comments:
Post a Comment