কেম্পাছৰ কেফেটেৰিয়া খন অনুপমাৰ বৰ প্ৰিয়।
কেফেটেৰিয়া খনত কফি, লেমন টি, আইচ টি আদি
পানীয় আৰু বাৰ্গাৰ, হট ডগ আদি খোৱা বস্তু পোৱা যায়। টেনিছ খেলি আহি বা কেতিয়াবা আবেলি খোজকাঢ়ি আহি
কেফেটেৰিয়াখনত একাপ কফিৰ জুতি লোৱাটো তাইৰ এটা চখ।
লেফটেনেণ্ট উইলকক্সৰ কাহিনীটোৱে কিছুদিন তাইৰ
মনত তোলপাৰ লগাই থাকিল। তাই নিজেও যেন অনুভৱ কৰিলে সেই ৰোমাঞ্চকৰ আৱিষ্কাৰৰ
উত্তেজনা। ক্লাৰাক কাহিনীটো বুজাই দিয়াৰ কথা চিন্তা কৰিলে যাতে তাই ডকুমেণ্টৰী খনৰ
বাবে এখন ভাল স্ক্ৰিপ্ট লিখিব পাৰে। কেভিনে দিয়া কাগজবোৰ এতিয়াও আৰু বহুত পঢ়িব
লগীয়া আছে।
এদিন সময় পাই অনুপমাই কেভিন আৰু ক্লাৰাক
কেফেটেৰিয়া খনলৈ মাতি পঠিয়ালে। কথাবোৰ তাইৰ দুয়োৰে লগত আলোচনা কৰিবলৈ মন গৈ আছিল।
অনুপমাই আবেলি পাঁচ বজাত সময় দিছিল। পাঁচ
বাজিবলৈ কেই মিনিটমান থাকোতেই কেভিন ক্লাৰাক লৈ উপস্থিত হ’ল।
একাপ একাপ কফি লৈ তিনিও বহিল। অনুপমাই কেভিনৰ
গৱেষণাৰ সমল আৰু নিজৰ অভিজ্ঞতাৰ সহায়ত হৃদয়ঙ্গম কৰা লেফটেনেণ্ট উইলকক্সে অসমৰ
বুকুত প্ৰথম খনিজ তেল প্ৰত্যক্ষ কৰা কাহিনীটো বৰ্ণনা কৰিলে। কেভিনে মন দি শুনিলে।
পিছে ক্লাৰাই কাহিনীটোত বৰ ৰস নাপালে যেন
অনুভৱ হ’ল অনুপমাৰ।
কাহিনীটো কৈ থাকোঁতে তাইৰ আগ্ৰহ ক্লাৰাৰ প্ৰতিক্ৰিয়া দেখি অলপ কোঁচ খাই গ'ল।
“মই এই
কাহিনীটোত একো নতুনত্ব বিচাৰি পোৱা নাই। এখন নদীয়েদি এটা সৈনিকৰ দল গৈ থাকোঁতে
এঠাইত মাটিৰ পৰা নিগৰি ওলোৱা খনিজ তেল আৰু গেছ দেখিলে। সেয়ানো কি ডাঙৰ কথা হ’ল”। বহা চকীখনত হাউলি লৈ ক্লাৰাই ক’লে।
“এটা কথা মন
কৰিবা ক্লাৰা। আমি যি সময়ৰ কথা পাতি আছো, সেই সময়ত ভূ পৃষ্ঠত
নিগৰি ওলোৱা খনিজ তেলৰ কথা পৃথিৱীৰ মাথোন কেইখন মান দেশৰ মানুহেহে জানিছিল।
তেতিয়ালৈ খনিজ তেলৰ ব্যৱসায়িক উত্পাদন হোৱা নাছিল বুলিবই পাৰি । অৱশ্যে মাটিৰ তলৰ
শিলৰ মাজতে যে পেট্ৰ’লিয়াম আছে সেই কথা মানুহে জানিছিল।”, কেভিনে ক’লে।
“নৈৰ বুকুত
নাৱেৰে গৈ থাকোঁতে তেওঁলোকে যে মাটিৰ পৰা তেল ওলাই থকাটো লক্ষ্য কৰিলে, সেই তেল যে খনিজ তেল
বুলি চিনি পালে, সেইটোতো কম
ডাঙৰ কথা নহয়”, অনুপমাই
ক্লাৰাৰ মুখলৈ চাই ক'লে।
“বুজিলোঁ বাৰু।
মাটিত নিজে নিজে ওলাই থকা খনিজ তেল তেওঁলোকে যদি চিনি নাপালেহেঁতেন, অসমৰ মাটিত তেল থকাৰ
বিষয়ে কোনেও গমেই নাপালেহেঁতেন”, ক্লাৰাই বুজি পোৱাৰ দৰে ক’লে।
“ভাগ্য ভাল আছিল
যে লেফটেনেণ্ট উইলকক্সে খনিজ তেলৰ বিষয়ে আগতে জানিছিল”- অনুপমাই ক’লে।
“এৰা, সেই সময়ত শক্তিৰ উত্স
হিচাপে খনিজ তেল ইউৰোপত প্ৰসিদ্ধ হৈ পৰিছিল। খননৰ জৰিয়তে খনিজ তেল ব্যৱসায়িক
ভিত্তিত নিষ্কাসন কৰাৰ প্ৰযুক্তি নাছিল যদিও পৰম্পৰাগত পদ্ধতিত ভূ পৃষ্ঠত পোৱা
কিছুমান শিলৰ পৰা তেল নিষ্কাসন কৰি
ব্যৱহাৰ কৰা হৈছিল। উইলকক্সে সেই তেল নিষ্কাসন কাৰ্য আগতে দেখিছিল। অলপ-অচৰপ খনন
কাৰ্যও আৰম্ভ হৈছিল। অৱশ্যে সেই সময়ত খনন কাৰ্যত কোনো যান্ত্ৰিক আহিলা ব্যৱহাৰ কৰা
হোৱা নাছিল। খনিজ তেলৰ সহজ উত্স প্ৰায়বোৰ দেশে বিচাৰি
ফুৰিছিল। সেয়ে ভাৰতত থকা ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰণে ভাৰতৰ মাটিত খনিজ তেলৰ
আৱিষ্কাৰ এক যুগান্তকাৰী ঘটনা আছিল” - কেভিনে কৈ গ’ল।
“সেই সময়ত
ইংলেণ্ডত থকা ব্ৰিটেইনৰ মহাৰাণীৰ কাৰণেও হয়তো এইটো এটা ডাঙৰ খবৰ আছিল”। অনুপমাই ক’লে।
“এৰা। এইটো বৰ
ডাঙৰ খবৰ আছিল। সেই সময়ত ব্ৰিটিছ আৰু ফৰাছী সাম্ৰাজ্যবাদী শক্তিৰ তীব্ৰ
প্ৰতিদ্বন্দ্বিতা হৈ আছিল। ১৮২১ চনত নেপোলিয়নৰ মৃত্যু হৈছিল। নেপোলিয়নৰ মৃত্যু
ফৰাছী সকলৰ কাৰণে ডাঙৰ আঘাত আছিল। নেপোলিয়নৰ
মৃত্যুৰ পিছতে ফৰাছী সাম্ৰাজ্যবাদী শক্তি দুৰ্বল হৈ পৰিছিল আৰু ব্ৰিটিছ সকলৰ বাবে
এক নতুন সুযোগ আনি দিছিল”।
“বুজিলোঁ, ফৰাছী সকল দুৰ্বল
হোৱাৰ বাবে ব্ৰিটিছ সকল শক্তিশালী হৈ পৰিছিল”, অনুপমাই ক’লে।
“সময়ৰ সুবিধা লৈ
ব্ৰিটিছ সকলে বিশ্বৰ নতুন নতুন দেশলৈ উপনিৱেশ সম্প্ৰসাৰিত কৰি সমগ্ৰ বিশ্বকে নিজৰ
হাতৰ মুঠিত লব খুজিছিল। পদানত দেশবোৰৰ পৰা প্ৰাকৃতিক সম্পদ সমুহ আহৰণ কৰাটো
তেওঁলোকৰ মূল উদ্দেশ্য হৈ পৰিছিল। সেয়েহে অসমত খনিজ তেল আৱিস্কাৰ হোৱাটো এটা অতি
উত্সাহজনক খবৰ আছিল” - কেভিনে কৈ গ'ল।
“আৰু এটা কথা
কেভিন। উইলকক্সে নিগৰি ওলোৱা খনিজ তেলৰ বিষয়ে নিজৰ টোকা বহীত নিলিখিলে হয়তো কথাটোক
ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰয়োজনীয় গুৰুত্ব নিদিলে হেঁতেন”- অনুপমাই মাত লগালে। “উইলকক্সৰ টোকাৰ পৰাই ভৱিষ্যতে
মানুহে অসমৰ বুকুত খনিজ তেলৰ সন্ধান কৰিবলৈ অনুপ্ৰাণিত হ’ল। গতিকে ভাৰতত খনিজ তেলৰ সন্ধানৰ ইতিহাসত
লেফটেনেণ্ট উইলকক্সৰ টোকাটোৰ বিশেষ গুৰুত্ব আছে নহয়নে ”।
ক্লাৰাই মন দি শুনি আছিল। তাইৰ মুখখন লাহে
লাহে ফৰকাল হৈ উঠিল।
ক্লাৰাই মূৰ দুপিয়াই জানিবলৈ দিলে যে কথাবোৰ
তাই এতিয়াহে বুজি পাইছে। “মই বুজিছোঁ। লেফেটেনেণ্ট উইলকক্সে নাৱেৰে গৈ থাকোঁতে কৰবাত খনিজ তেল আৰু গেছ
নিগৰি ওলাই থকা দেখি সেই বিষয়ে টোকা এটা লিখি থৈ গ’ল। হয়তো আগতেও বহুতে কথাটো লক্ষ্য কৰিছিল, পিছে সেই বিষয়ে কোনেও একো
নিলিখিলে। তোমালোকে ক’ব বিচাৰিছা সেইটো কাৰণতে এই কাহিনীটো
গুৰুত্বপূৰ্ণ”।
কেভিনে মাত লগালে, “আচলতে এই ঘটনাটো নাথাকিলে তোমাৰ ডকুমেণ্টৰীখন
সম্পূৰ্ণ নহ’ব। অকল ভাৰতৰে
নহয়, সমগ্ৰ এছিয়া
মহাদেশৰ বাবে এইটো আছিল এক যুগান্তকাৰী ঘটনা"।
ক্লাৰা অলপ ৰ’ল, তাই কিবা এটা চিন্তা কৰিলে। দুবাৰমান তাই
মূৰ খজুৱালে।
“ঠিক আছে, মই মানিছোঁ যে এই
কাহিনীটো মোৰ ডকুমেণ্টৰী খনত দেখুৱাব লাগিব। পিছে সেই নদীখনতো আগৰ দৰে হৈ থকা নাই।
সেই দিনত ব্যৱহাৰ কৰা নাও আমি ক’ত পাম। নাটকীয় ভাৱে কাহিনীটো আকৌ পুনৰ নিৰ্মাণ কৰাটো সহজ হ’ব জানো”? ক্লাৰাই কলমটোৰে নেপকিন এখনত আঁক বাঁক কৰি
সুধিলে।
“ইমান কম সময়ত
কাহিনীটোৰ পুনৰ নিৰ্মাণ কৰি চিনেমাৰ নিচিনা কৰাটো সম্ভৱ নহ’ব। পিছে আমি এতিয়াৰ
নদীখন, ঠাইবোৰ দেখুৱাব
পাৰিম। সম্ভৱ হ’লে খনিজ তেল
নিগৰি ওলোৱা ঠাইবোৰ চাবগৈ পাৰিম। সেইবোৰেই সমল হ’ব মোৰ গৱেষণাৰ আৰু তোমাৰ ডকুমেণ্টৰীৰ”, কেভিনে ক’লে।
"আন কিবা সমল পোৱা যাবনে অনুপমা"? অনুপমালৈ ঘুৰি চাই কেভিনে সুধিলে।
“ডিগবৈত এটা
মিউজিয়াম আছে। ডিগবৈ চেণ্টিনেৰী মিউজিয়াম। ডিগবৈ তৈলক্ষেত্ৰৰ এশ বছৰ হোৱা উপলক্ষে
এই মিউজিয়ামটো স্থাপন কৰা হৈছে। এই বছৰতে সেইটো মুকলি কৰা হৈছে। ময়ো এতিয়ালৈকে
দেখা নাই। পিছে শুনিছোঁ সেই মিউজিয়ামটোত অসমৰ তৈল অন্বেষণৰ এশ বছৰৰো অধিক সময়ৰ
ঐতিহাসিক নথি পত্ৰ, ফটো আৰু বিভিন্ন যন্ত্ৰ পাতি সংৰক্ষণ কৰি থোৱা আছে। সেইটো আমাৰ ঘৰৰ ওচৰতে। তাত
এই বিষয়ে বহুতো সমল পাবা”।
অনুপমাৰ কথাত কেভিন জাপ পাৰি উঠিল - ‘ৱাহ, এই কথাটো মই জনাই
নাছিলোঁ। এয়া খুব ভাল খবৰ। মোৰ পৰিশ্ৰম
চাগে বহুতখিনি কমি যাব”।
অনুপমাই কফি কাপৰ শেষ শোহাটো মাৰি ক’লে, “তোমালোকে যদিও অসমৰ তৈল অন্বেষণৰ ইতিহাসৰ
ওপৰত তথ্য আহৰণ কৰিবলৈ যাবা, মোৰ কাৰণে পিছে আইতাক তেওঁ জন্ম হোৱা, ডাঙৰ-দীঘল হোৱা ঠাই বোৰ দেখুৱাবৰ কাৰণেহে বৰ
মন গৈ আছে। ভাবি চোৱা চোন ইমান বছৰৰ পিছত নিজে জন্ম হোৱা
আৰু ডাঙৰ দীঘল হোৱা ঠাই খনলৈ গৈ আইতাৰ কেনে লাগিব”।
ক্লাৰাই ক’লে, “মোৰ সঁচাকৈয়ে ভাবিলে আচৰিত লাগে যে আইতাৰ জন্ম অসমত হৈছিল। কিমান যে বিচিত্ৰ
জীৱন তেওঁৰ। কেভিনৰ মুখত তেওঁৰ বিষয়ে শুনি মই অবাক হৈ
গৈছোঁ”।
“আইতাৰ মনত বৰ আশা
যে তেওঁ আকৌ এবাৰ অসম খন দেখা পাব। এই আশাৰ কাৰণেই তেওঁ এই বয়সতো যাবলৈ সাহস
কৰিছে।”, অনুপমাই ক’লে।
কেভিনে ক’লে - “তুমি ঠিকেই কৈছা। এইবাৰ নগ’লে আইতাৰ চাগে আৰু কেতিয়াও নিজৰ
জন্ম হোৱা ঠাইখনলৈ যোৱা ইচ্ছা পূৰ নহ’ব। আইতা যে আমাৰ লগত ইমান দুৰ যাবলৈ ওলাইছে, সেইটোৱে ডাঙৰ কথা। আমি নিজৰ কামৰ মাজতে
আইতাকো কিছু সময় দিব লাগিব”।
“আইতাৰ কাৰণে কি
কৰিম মই ভাবিয়েই থৈছোঁ। তোমালোকে সেই বিষয়ে চিন্তা কৰিব নালাগে। তোমালোকে নিজৰ কাম
খিনি যাতে ভালদৰে হয়, তাৰেই চিন্তা কৰিবা” - অনুপমাই ক’লে।
ক্লাৰাই এপাকত উঠি গৈ কেফেটেৰিয়া খনৰ এচুকত থকা
একুৰিয়ামটোত সাঁতুৰি থকা মাছ কেইটা চাই চাই কিবা এটা চিন্তা কৰিলে।
খোৱা মেজলৈ উভতি আহি তাই চিন্তাক্লিষ্ট ভাৱত
ক’লে, “আমি আলোচনা কৰা ঘটনাটো
মই কিছুমান ফটোগ্ৰাফ আৰু ছবিৰ সহায়ত দেখুৱাম। মাজে মাজে থাকিব আচল নদীখনৰ ভিডিঅ’। লগতে এটা লোকেল বেক গ্ৰাউণ্ড মিউজিক বা গান। লোকেল মিউজিকত পমাৰ সহায় পামেই। ভাল হ’ব নে”?
"মিউজিকত মোৰ বিশেষ জ্ঞান নাই ক্লাৰা। কিন্তু ঠাইবোৰ তোমালোকক দেখুৱাব পাৰিম।
মই তোমাক লোকেল মিউজিকৰ কেছেট বজাই শুনাম। তুমি নিজেই সিদ্ধান্ত ল'বা"।
"সকলো কাম তোমালোকে মোৰ মূৰতে জাপি দিব বিচৰা নহয়নে? এখন কোনোদিনে নেদেখা ঠাইত মই অকলে কেনেকৈ এখন
ভাল ডকুমেণ্টৰী বনাব পাৰিম বাৰু"? - ক্লাৰাৰ মুখত অসন্তুষ্টিৰ চিন ফুটি উঠিল।
কেভিন আৰু অনুপমাই হাঁহিলে। কেভিনে ক’লে, “তুমি নিজেই পাৰিবা। মাথোন ভালদৰে পৰিকল্পনা
কৰি লোৱা। আমি দুয়োতো আছোঁৱেই সহায় কৰিবলৈ। কেৱল ছবিখন চাই দৰ্শকে তুমি দেখুৱাব
বিচৰা কথাখিনি বুজিব পৰা হ’ব লাগিব”।
ক্লাৰাই লাহে লাহে কাহিনীটোত ইণ্টাৰেষ্ট
পালে। কাহিনীটো কেনেদৰে চিত্ৰগ্ৰহণ কৰিব তাকে তাই মনতে জুঁকিয়াই ল'লে।
“মোক এটা কথা
কোৱা চোন। এই ঘটনাটোৰ পাছত কি হ’ল? ইয়াৰ পাছত মই
কি দেখুৱাম”? ক্লাৰাই
কেভিনলৈ চাই সুধিলে।
"তাৰ পাছত কি হ'ল এই কথা আমি পাছত পাতিম। কিন্তু সেই সময়ত অসমৰ পৰিৱেশ কেনে আছিল, সেই বিষয়ে জনাটো ভাল হ'ব" - কেভিনে ক্লাৰালৈ চাই ক'লে।
ক্লাৰাই হাতৰ তলুৱাত থুঁতৰিটো থৈ কেভিনলৈ চাই
সুধিলে, "কেনে পৰিৱেশ আছিল"?
“সেই সময়ত অসমৰ
অৱস্থা অতি ভয়াবহ আছিল। বাৰ্মিজ সকলে অসমৰ মানুহৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল। বাৰ্মিজ সকলৰ অত্যাচাৰত অসমৰ গাওঁ বোৰৰ পৰা মানুহ পলাইছিল। অসমৰ ৰজাই ব্ৰিটিছৰ
ওচৰত সহায় ভিক্ষা কৰিছিল। ব্ৰিটিছ সকলে বাৰ্মিজ সকলৰ লগত যুদ্ধ কৰি বাৰ্মিজ সকলক
অসম এৰি যাবলৈ বাধ্য কৰিছিল। বাৰ্মিজ সকলৰ লগত ব্ৰিটিছ চৰকাৰে ১৮২৬ চনত এখন চুক্তি
কৰিলে। চুক্তিখনৰ নাম ইয়াণ্ডাবু চুক্তি" - কেভিনে কৈ গ'ল।
"কি চুক্তি বুলি ক'লা"?
"ইয়াণ্ডাবু চুক্তি। বাৰ্মাৰ ইয়াণ্ডাবু নামৰ ঠাইখনত চুক্তিখন হৈছিল। এইখন
চুক্তিৰ পিছত অসমৰ শাসনৰ দায়িত্ব ব্ৰিটিছে ল’লে। এইখিনি কথা ময়ো জানো"। এই বুলি কৈ
অনুপমাই কেভিনলৈ চাই হাঁহিলে।
“বুজিলোঁ, কিন্তু এইবোৰো মই
দেখুৱাব লাগিব নেকি? ই - য়া -ণ্ডা - বু কিযে নাম। মনত ৰখাই
টান"। ক্লাৰাৰ কপালৰ ৰেখা দুডাল কোঁচ খাই আহিল।
“ইয়াণ্ডাবুক লৈ
তুমি টেনছন ল'ব নালাগে।
পুৰণি কথাবোৰ কৈ যাওঁতে সেই সময়ৰ পৰিৱেশৰ এটা চমু আভাস দিলেই হ’ব”, কেভিনে ক’লে।
“মোৰ পিছে তাৰ পাছত
কি হ'ল সেয়াহে
জানিবৰ মন গৈ আছে। উইলকক্সে তেল দেখা পোৱাৰ পিছত কি কৰিলে? খনিজ তেল বিচৰাৰ কাম কেতিয়া আৰম্ভ হ’ল? উইলকক্সৰ টোকাটোত থকাৰ দৰে খনিজ তেল পোৱা গ’লনে”? - ক্লাৰাই সুধিলে।
"উইলকক্সৰ কাম আছিল আহোম ৰাজ্য আৰু চিংফৌ ৰাজ্যৰ বিষয়ে যিমান পৰা যায় তথ্য
সংগ্ৰহ কৰা। সেয়েহে তেওঁ তথ্য সংগ্ৰহ কৰি কলিকতালৈ উভতি গ'ল। কলিকতাত তেওঁ সংগ্ৰহ কৰা তথ্য সমূহ দাখিল
কৰিলে"। কেভিনে ক'লে।
"উইলকক্সে ভবাৰ দৰে তেওঁৰ টোকা পঢ়ি আৰু খনিজ তেলৰ বিষয়ে জানিব পাৰি কোম্পানীৰ
বৰমূৰীয়া সকল আনন্দিত হোৱা নাছিল নে"? অনুপমাই উত্সাহেৰে সুধিলে।
"উইলকক্সে আশা কৰাৰ দৰে কোম্পানীৰ বৰমূৰীয়া সকলে কথাটো সিমান গুৰুত্ব সহকাৰে নল'লে। অসম তেতিয়াও তেওঁলোকৰ বাবে এখন
আওহতীয়া ঠাই আছিল। সেয়ে ইমান দূৰলৈ গৈ খনিজ তেলৰ উত্পাদন কৰাৰ
একো বাণিজ্যিক কাৰণ তেওঁলোকে বিচাৰি পোৱা নাছিল" - কেভিনে ক'লে।
"মাই গড ! উইলকক্সৰ ইমান উত্সাহ তেনেহ'লে অথলে গ'ল নেকি"? ক্লাৰাই চকু ডাঙৰ কৰি কেভিনলৈ চাই সুধিলে।
“লেফটেনেণ্ট
উইলকক্সৰ টোকাত পোৱা ঠাই ডোখৰৰ বিষয়ে বিশেষ অনুসন্ধান নহ’ল যদিও মই পঢ়া তথ্য মতে ১৮৩৭ চনত গ্ৰিফিথ
নামৰ এজন সৈনিকে নগা পাহাৰৰ ওচৰত প্ৰাকৃতিক ভাৱে ওলাই থকা সেউজীয়াৰ পৰা নীলা বগা
ৰঙৰ খনিজ তেল দেখিবলৈ পাইছিল। ইয়াৰ পিচতে ব্ৰিটিছ সৈনিক সকলে কেইবা ঠাইতো
প্ৰাকৃতিক ভাৱে নিৰ্গত খাৰুৱা তেলৰ উত্সৰ সন্ধান পাইছিল। মেজৰ হোৱাইটে ১৮৩৭ চনত নামপঙত, লেফটেনেণ্ট বিগে ১৮৩৭ চনত নামৰূপত, কেপ্তেইন জেনকিন্সে ১৮৩৮ চনত বৰহাট আৰু মাকুমত আৰু কেপ্তেইন হানয়ে ১৮৪৫ চনত
নামচিকত খনিজ তেলৰ নিৰ্গমন আৱিষ্কাৰ কৰিছিল”, কেভিনে কৈ থাকোঁতে অনুপমা আৰু ক্লাৰাই হাকৈ
মুখ মেলি তাৰ পিনে চাই থাকিল।
অনুপমাৰ মুখৰ পৰা আপোনা আপুনি ওলাই আহিল, “ইমানবোৰ কথা তোমাৰ মনত
কেনেকৈ থাকে, বিশেষকৈ ঠাইৰ
নাম বোৰ? "
কেভিনে হাঁহি মাৰি ক’লে, “মই তোমালোকৰ দেশৰ বহুত কথাই জানো। এতিয়াই সকলো কৈ নিদিওঁ বাৰু”।
"নাজানিব? সি দিন ৰাতি
ভাৰতৰ বিষয়েই পঢ়ি থাকে। মোৰ মতে তো ই ভাৰততে ওপজিব লাগিছিল"। ক্লাৰাই অভিযোগৰ
সুৰত ক'লে।
অনুপমাই হাঁহিলে। তাইৰ দেশখনৰ প্ৰতি কেভিনৰ
ইমান ইণ্টাৰেষ্ট দেখি তাইৰো ভাল লাগে।
বাহিৰত বেলি লহিয়াইছিল। এজাক ঠাণ্ডা বতাহ
কেফেটেৰিয়া খনৰ ভিতৰলৈও সোমাই আহিছিল। তিনিও কেফেটেৰিয়া খনৰ পৰা ওলাই আহিল।
কেভিন আৰু ক্লাৰাই চিগাৰেট জ্বলালে। অনুপমাই
গাত শ্ব’ল খন মেৰিয়াই ল’লে।
“অনুপমা আজি
তুমি কি ৰান্ধিবা ডিনাৰৰ কাৰণে”? ক্লাৰাই সুধিলে।
“ভাত, দাইল আৰু হেৰিং মাছ
ভজা খাম”, অনুপমাই ক’লে।
“মোৰ আজি
ইণ্ডিয়ান ডিনাৰ কৰিবলৈ মন গৈছে। তুমি খুৱাব পাৰিবানে”? - ক্লাৰাই ক’লে।
“কিয় নোৱাৰিম? মই তোমালোকক ইণ্ডিয়ান
খানা খুৱাই অভ্যস্ত কৰাৰ কথা ভাবিয়ে আছিলোঁ। নহ’লে ইণ্ডিয়ালৈ গৈ তোমালোকৰ খোৱা বোৱাত অসুবিধা
হ’ব। আজি আমি
তিনিওটাই একেলগে মোৰ তাত ডিনাৰ কৰিম দিয়া” - অনুপমাৰ মুখ খন উজ্বলি উঠিল।
অনুপমাৰ ডিনাৰৰ প্ৰস্তাৱত কেভিনে বৰ উত্সাহ
নেদেখুৱালে। সি ক’লে, “হঠাতে এইদৰে
সকলোৰে কাৰণে ডিনাৰ তৈয়াৰ কৰিবলৈ তোমাৰ অসুবিধা হ’ব অনুপমা। আমি আন এদিন খাম”।
অনুপমাই হাঁহি মাৰি ক’লে, “মোৰ একো অসুবিধা নহয়। মোৰ কেৱল চিন্তা হৈছে
তোমালোকে খাই জানো কেনেকুৱা পোৱা”।
ক্লাৰাই খিলখিলাই হাঁহি মাৰি ক’লে, “চিন্তাই নকৰিবা। কেভিনৰ লগত থাকি থাকি মোৰ
বেলেগ বেলেগ খাদ্যৰ জুতি লোৱা অভ্যাস হৈ গৈছে। ইয়াৰ লগত মই মেক্সিকান, চাইনীজ, থাই, কোৰিয়ান, জাপানীজ সকলো খাদ্য
খাই পাইছোঁ। ইণ্ডিয়ান খাদ্যও চেষ্টা কৰি চাইছিলোঁ। কিন্তু খুব মছলা পালোঁ"।
"মই তোমালোকক এবিধো মছলা নিদিয়াকৈ ৰান্ধি খুৱাম"।
"তুমি জাপানীবোৰৰ ছুছি খাই পাইছানে? মই খাই খুব ভালপাওঁ। বেছি দামো নহয়"।
"নাই, মই খাই পোৱা
নাই। সুবিধা পালে কেতিয়াবা খাই চাম" - অনুপমাই হাঁহিলে।
ঠাণ্ডা বতাহৰ মাজে মাজে বৰষুণৰ কণিকাও
পৰিছেহি। অতি সোনকালে বৰষুণ জোৰেৰে অহাৰ সম্ভাৱনা আছে। কেফেটেৰিয়া খনৰ পৰা ওলাই
তিনিও অনুপমাৰ হোষ্টেলৰ পিনে খোজ ল’লে।
"ডিনাৰৰ কাৰণে কিবা কিনিব লগীয়া আছে নেকি অনুপমা? ব'লা, আমি শ্ৱপিং
চেণ্টাৰত সোমাই যাওঁ", শ্বপিং চেণ্টাৰৰ ওচৰ পাই কেভিনে মাত লগালে।
"নাই, মই যোৱাকালি
শ্বপিং কৰিছোঁৱেই। ফ্ৰিজত বস্তু ভৰি আছে। যি আছে তাৰেই আজিৰ ডিনাৰ হৈ যাব"।
“বিয়েৰ লওঁ ব’লা। আমি আজি পাৰ্টি কৰোঁ”। ক্লাৰাই উত্সাহেৰে ক'লে।
“কোনো কথা নাই।
তোমালোকে বিয়েৰ লোৱা, মই বাৰু ফ্ৰুট জুছ ল’ম”। অনুপমাই ক’লে।
ক্লাৰাই আঁকোৰগোঁজকৈ ধৰিলে - “সেইটো নহ’ব। আজি আমি সকলোৱে একেলগে ফূৰ্তি
কৰিম। তুমি আজি বিয়েৰ খাবই লাগিব। আমি তোমাৰ দেশলৈ গৈ সকলো নোখোৱা খাদ্য খাবলৈ
সাজু আৰু তুমি বিয়েৰ অকণ মুখত দিব নোৱাৰা। সেইটো নচলিব”।
কেভিনে লগে লগে ক’লে, “আমি অনুপমাক জোৰ কৰাটো ঠিক নহয় ক্লাৰা। আগতে তুমি এবাৰ তাইক জোৰ কৰি চিগাৰেট
খুৱাইছা। এতিয়া বিয়েৰৰ কাৰণে জোৰ নকৰিবা। তাইৰ নিজৰ বিশ্বাস আছে, মতামত আছে”।
ক্লাৰাই পিছে নেৰিলে - “মই নামানো। ইণ্ডিয়ান
ছোৱালীয়ে বিয়েৰ, মদ নাখায়, এইটো মিছা কথা। মোৰ
ইণ্ডিয়ান ফ্ৰেণ্ড এজনী আছিল, দুৰ্ঘোৰ মদপী। তাই মোতকৈ দুগুণ খায়। মই হাৰ্ড ড্ৰিংক কৰিবলৈ জোৰ কৰা নাই।
কিন্তু বিয়েৰ অকণ খালে একো নহয়। মই আজি
তোমালোকক মোৰ পইচাৰে বিয়েৰ খুৱাম”।
এই বুলি তাই ঘপ ঘপকৈ শ্বপিং চেণ্টাৰলৈ সোমাই
গৈ পাঁচটা বিয়েৰৰ বটল কিনি আনিলে। দুটাকৈ কেভিন আৰু নিজৰ কাৰণে, এটা অনুপমালৈ।
"আজি ফ্ৰুট জুছ নচলিব পমা। তোমাৰ কাৰণেও বিয়েৰ আনিছোঁ"। বটল কেইটা দেখুৱাই
ক্লাৰাই ক'লে।
অনুপমাই তাইৰ উত্পাতত হাৰ মানি ক’লে, “ঠিক আছে বাৰু। আজি তোমাৰ কথা মতেই হওক”।
"ইয়েছ, খুব ভাল লাগিব
পমা", ক্লাৰা ফূৰ্তিত
উত্ফুল্লিত হৈ উঠিল।
অনুপমা কোঠাত সোমাই ডিনাৰৰ যোগাৰত ব্যস্ত হ’ল। তাই এপ্ৰ'নটো পিন্ধি ল'লে। গাজৰ, বন্ধাকবি আৰু টিয়ঁহ উলিয়াই চালাড কটাৰ
প্ৰস্তুতি কৰিলে।
মজিয়াত নিউজ পেপাৰ পাৰি লৈ ক্লাৰাই বিয়েৰ
পাৰ্টীৰ প্ৰস্তুতি আৰম্ভ কৰিলে।
ফ্ৰিজৰ পৰা ফ্ৰেঞ্চ ফ্ৰাইৰ পেকেট এটা উলিয়াই
অ’ভেনত গৰম কৰি ল’লে। ফ্ৰেঞ্চ ফ্ৰাই খিনি পেপাৰৰ
ওপৰত বাকি দি বটল কেইটা মাজত লৈ দি তাই তিনিওৰে বহাৰ ঠাই উলিয়ালে।
ক্লাৰাই আয়োজন কৰি থকা সময়ত কেভিনে অনুপমাৰ
কোঠাত থকা কাগজ বোৰত কিবা বিচাৰিবলৈ ধৰিলে। তাৰ মনটো তেতিয়াও অসমৰ নিগৰি নিগৰি
খনিজ তেল ওলোৱা ঠাইবোৰৰ আশে পাশে ঘূৰি ফুৰিছে।
"কেভিন, মই পৃথিৱীত
তোমাৰ সমান ব'ৰ মানুহ
দ্বিতীয় এজন দেখা নাই"। ক্লাৰাই কেভিনলৈ চাই ক'লে।
"কিয়? কি হ'লনো"?
"আজি আমি পাৰ্টী কৰিম আৰু তুমি এতিয়া কাগজ সোপা লৈ বহি গৈছা। মোৰ মতে কামৰ সময়ত
কাম, পাৰ্টীৰ সময়ত
পাৰ্টী"।
"মই তোমাৰ ডকুমেণ্টৰী খনত দিব পৰা আৰু দুটমান দৃশ্যৰ কথা ভাবি আছোঁ। তাকেই
বিচাৰি আছোঁ। বেছি সময় নালাগে। তোমালোক সাজু হোৱালৈ মোৰ হৈ যাব"।
"মোৰ আয়োজন হ'লেই, তুমি আৰু
অনুপমা আহিলেই হ'ল", ক্লাৰাই
কেভিনলৈ পেন্দোৱাকৈ চাই ক'লে।
কেভিনে কাগজ খিনিত কিবা এটা বিচাৰি পালে। সি
উত্সাহেৰে ক’লে, “এয়া চোৱাঁ ১৮৪৫ চনত
নামচিকৰ ওচৰত নিগৰি ওলোৱা খনিজ তেল প্ৰত্যক্ষ কৰা কেপ্টেইন পি এছ হানয়ে কি লিখিছে।
তেওঁ দেখা খনিজ তেল আৰু গেছৰ নিৰ্গমনৰ দৃশ্যৰ কথা সুন্দৰকৈ লিখি থৈ গৈছে। তেওঁ
লিখিছে, ‘মই দেখা
পাইছিলোঁ অনবৰতে আন্দোলিত অৱস্থাত থকা এটা বোকা পানীৰ পুখুৰী। সেই পুখুৰীটোৰ পৰা
অলপ সময়ৰ মূৰে মূৰে খনিজ তেল মিহলি বগা বোকা উফৰি আহিছিল। সেইখিনি ঠাই বৰ আচহুৱা
আছিল। এক ৰহস্যময় পৰিৱেশ দেখা পাইছিলোঁ। দূৰত শুনিবলৈ পোৱা বতাহৰ গৰ্জনৰ দৰে কিছু
সময় এটা শব্দ শুনিবলৈ পোৱা যায়। তাৰ পিছতে গুলী ফুটাৰ দৰে আৰু এটা ডাঙৰ শব্দ কৰি
বোকাবোৰ ওপৰলৈ উফৰি আহে। তাৰ পিচত কিছু সময় আকৌ নিটাল মাৰে’”।
ক্লাৰাই কেভিনৰ কথাত বিশেষ ইণ্টাৰেষ্ট
নেদেখুৱালে। "পাৰ্টীৰ সময়ত মই বেলেগ কথা নাপাতোঁ", নেপকিন কেইখনমান ভাঁজ
দি সজাই থাকি তাই ক'লে।
“কিন্তু ক্লাৰা, এই খিনি বৰ
ইণ্টাৰেষ্টিং। কল্পনা কৰি চোৱাঁচোন। তুমি এইখিনি
দেখুৱাব পাৰিলে খুব ভাল লাগিব"। অনুপমাই মাত
লগালে।
"মই যে আজিলৈকে খনিজ তেলৰ খাদেই দেখা নাই। মই সেইকাৰণে দৃশ্যবোৰৰ একো কল্পনাও
কৰিব পৰা নাই। কিন্তু তেলৰ খাদ চাবলৈ বৰ মন আছে”। নিজকে নিজে কোৱাৰ দৰে ক্লাৰাই ক’লে।
"অসমলৈ গ'লে মই তোমালোকক
তেলৰ খাদ দেখুৱাবলৈ লৈ যাম", অনুপমাই পাচলি কাটি কাটি কৈ থাকিল।
"ৱাও। বৰ বঢ়িয়া হ'ব। ড্ৰিলিং কৰটো খুব এডভেন্সাৰ থকা কাম চাগে
নহয়নে"? ক্লাৰাৰ মুখখন
এইবাৰ উজ্বলি উঠিল।
“পিছে তুমি
এতিয়া আৰু আগৰ দৰে মাটিৰ পৰা আপোনা আপুনি নিগৰি ওলোৱা তেল আৰু গেছ দেখিবলৈ নোপোৱা।
সেইবোৰ কেতিয়াবাই শেষ হ’ল। এতিয়া বৈজ্ঞানিক পদ্ধতিত খনন কৰা হয়। এতিয়া আৰু হানয়ে বৰ্ণনা কৰাৰ দৰে
আপুৰুগীয়া দৃশ্য দেখিবলৈ পোৱা নাযায়”, কেভিনে ক’লে।
“তোমালোকে পিছে
ডিগবৈত পুৰণি তেলৰ খাদবোৰ দেখি খুব ভাল পাবা। তাহানিতে খনন কৰা খাদৰ ৰিগবোৰৰ লোহাৰ
আকৃতিবোৰ এতিয়াও আছে। সেই খাদবোৰৰ কিছুমানৰ পৰা এতিয়াও কম পৰিমাণে হ’লেও খনিজ তেলৰ উত্পাদন হৈ আছে”, অনুপমাই ৰঙালাও, বেঙেনাৰে তৰকাৰী খন
ইলেক্ট্ৰিক ষ্টোভটোত বহাই দিলে।
হাত দুখন মচি মচি তাই কৈ গ’ল, “ভাবিলে আচৰিত লাগে জানা, সেই যুগতে কিমান উদ্যম
আৰু সাহসেৰে যে তেওঁলোকে অসমৰ নিচিনা আওহতীয়া, হাবি জংঘলেৰে ভৰা ঠাই এখনত খনিজ তেলৰ সন্ধান
কৰিছিল। এতিয়া সই সমগ্ৰ তৈল ক্ষেত্ৰ অঞ্চলটো এটা হেৰিটেজ ছাইট হৈ পৰিছে। তোমালোকে
চাই খুব ভাল পাবা”।
ক্লাৰাই বিয়েৰ খোৱাৰ আয়োজন সম্পূৰ্ণ কৰিলে।
ইপিনে অনুপমাই হেৰিং মাছ কেইটা ভাজি ল’লে। তৰকাৰীখন সিজি থাকোঁতে আন এটা বাৰ্ণাৰত দাইল বহাই দিলে। খোৱাৰ আগে আগে ভাত
কেইটা সিজাবলৈ থৈ দিলে।
ইতিমধ্যে ক্লাৰা আৰু কেভিনে মজিয়াতে বহি লৈ
বটল কেইটাৰ সাঁফৰ খুলিলে।
অনুপমাই আগতে বিয়েৰ মুখত দি পাইছে। দিল্লীত
পঢ়ি থাকোঁতে হোষ্টেলত এবাৰ নতুন বছৰৰ পাৰ্টীত কেইজনীমান ছোৱালীয়ে মদ আৰু বিয়েৰ
আনিছিল। সেইদিনা তাই কৌতুহলেৰে বিয়েৰ অকণ মুখত দি চাইছিল। তিতা তিতা যেন লগা সোৱাদটো তাইৰ মুঠেই ভাল লগা নাছিল।
এঢোক খায়েই তাই মুখ বিকটাই দিছিল। তাইৰ ধাৰণা
আছিল পৃথিৱীৰ সকলো মদ আৰু বিয়েৰৰ একেই সোৱাদ, তিতা তিতা লগা।
ঘটনাটোৰ কথা তাই দেউতাকক কৈছিল, “দেউতা, মই বিয়েৰ খাই
চাইছিলোঁ। খাই ইমান বেয়া লাগিল। তুমি এইবোৰ কেনেকৈ খোৱা? নাখাবা, এইবোৰ এৰি দিবা”।
দেউতাকে কৈছিল, “মনটো খুব বেয়া লাগিলেহে মই খাওঁ মাজনী।
চিন্তা নকৰিবি। মইতো কেতিয়াও বেছিকৈ নাখাওঁ। তই পিছে ভৱিষ্যতে এইবোৰ বস্তু মুখত
নিদিবি”।
অনুপমাই ভাবিছিল, জীৱনত কেতিয়াও এইবোৰ বস্তু আৰু মুখত নিদিয়ে। বহুত বাৰ তাই এইবোৰ বস্তু খাবলৈ আনৰ অনুৰোধ, প্ৰৰোচনা আওকাণ কৰিছে। পিছে কিয় জানো, তাই ক্লাৰাৰ আগ্ৰহক উপেক্ষা কৰিব নোৱাৰিলে। ক্লাৰাই নিজৰ জেপৰ পইচা খৰচ কৰি
পাৰ্টী দিব বিচাৰিছে। তাইৰ ভাব হ’ল, তাই নাখালে
ক্লাৰাই মনে মনে বেয়া পাব।
সেয়ে বহু দিনৰ মূৰত ক্লাৰাৰ সন্তোষৰ বাবেই
তাই বিয়েৰ অকণ মুখত দিলে। এইবাৰ পিছে তাইৰ প্ৰথম বাৰৰ দৰে ইমান বেয়া নালাগিল। আগতে
খোৱাটোৰ দৰে সিমান কাঢ়া নহয়।
অনুপমাই বিয়েৰ দুঢোক মান খোৱা দেখি আনন্দতে
কিৰিলি পাৰি ক্লাৰাই ক’লে, “চোৱা কেভিন, এতিয়া তাই খাই কি মজা
পাইছে। নাখাওঁ বুলি এনেয়ে নাটক কৰি আছিল”।
কেভিনে অনুপমাই বিয়েৰ খোৱা চাই হাঁহিলে।
"তুমি ইমানকৈ কৈছা যে তাই নোখোৱাকৈ থাকিব পাৰেনে"?
অনুপমাই ক্লাৰালৈ চাই ক’লে, “তুমি ইমান আগ্ৰহ কৰি যে খুৱাইছা, সেই কাৰণেই খাব
পাৰিছোঁ”।
“তুমি চেম্পেইন
খাইছা নে নাই, আমি এদিন
ফ্ৰেন্স চেম্পেইন খাম, তুমি ভাবিব নোৱাৰা কি মজা লাগে চেম্পেইন খাই”, ক্লাৰাই চকু দুটা মুদি দিলে। তাই যেন চেম্পেইনৰ
সোৱাদটো জিভাত অনুভৱ কৰিবলৈ চেষ্টা কৰিলে।
“মই চেম্পেইন
দেখিছোঁ। চেম্পেইনৰ বটলৰ পৰা ফোঁৱাৰা উলিয়াই চেলিব্ৰেট কৰা দেখিছোঁ। চেম্পেইনেৰে ফূৰ্তিত মানুহক জুৰুলি জুপুৰি হোৱা দেখিছোঁ। কিন্তু আজিলৈকে মুখত
দি পোৱা নাই। মই শুনিছোঁ, চেম্পেইন বহুতে ভেজাল কৰিও বিক্ৰী কৰে। আচল
চেম্পেইন হেনো চিনি পোৱাই টান”।
ক্লাৰাই উত্সাহৰে ক’লে, “আচল চেম্পেইন মই পিছে চিনি পাওঁ। গিলাচৰ তলিৰ পৰা বুৰবুৰণি পানীয় খিনিৰ
সোমাজেৰে ওপৰলৈ উঠি আহে”। ক্লাৰাই গিলাচ এটা হাতত লৈ অনুপমাক বুজাবলৈ চেষ্টা কৰিলে কেনেদৰে বুৰবুৰণি বোৰ
ওপৰলৈ উঠি আহে।
“কেভিন তুমি
অহাবাৰ পেৰিছ কেতিয়া যাবা তোমাৰ মাৰ ওচৰলৈ”? হঠাতে ক্লাৰাই সুধিলে।
“অহা শনিবাৰে মই
যাম। কিয় সুধিলা”? কেভিনে বিয়েৰৰ বটলত শোহা মাৰি ক’লে।
“বা: বঢ়িয়া কথা।
আমিও তোমাৰ লগত যাম। অনুপমা আৰু মই পেৰিছ ঘুৰিম। আমি চেম্পেইন ভেলীলৈকো যাম।
চেম্পেইন ক’ত কেনেকৈ তৈয়াৰ
কৰে চাম। অনুপমা তুমি ৰাজী নে”? ক্লাৰাই ফূৰ্তিৰে ক’লে।
পেৰিছৰ কথা অনুপমাই মেলিনাৰ মুখত বহুতবাৰ
শুনিছে। সুবিধা পালে পেৰিছখন চাবলৈ তাই মনত হেঁপাহ পুহি ৰাখিছে।
“পেৰিছখন চাবলৈ
মোৰো মন আছে। সেইখনটো ৱৰ্ল্ডৰ ফেছন কেপিটেল। পিছে মোৰ ফ্ৰেন্স ভিছা নাই”, অনুপমাই ক’লে।
“সেইটো একো
সমস্যা নহয়। লণ্ডনৰ পৰা ফ্ৰান্সলৈ টুৰিষ্ট ভিছা সহজে পোৱা যায়”, ক্লাৰাই তপৰাই মাত
লগালে।
কেভিন আৰু ক্লাৰাই তেওঁলোকৰ ভাগৰ দুটাকৈ বটল
শেষ কৰালৈ অনুপমাৰ বটলটোৰ আধা মানহে শেষ হৈছিল। তেনেতে ৰাইচ কুকাৰটোৱে পিঁ পিঁ কৈ
শব্দ কৰিলে। তাই বাকীখিনি পাছত খাব বুলি উঠি আহিল আৰু ৰাইচ কুকাৰটো নমাই থলে।
অনুপমাই অলপ সময় পাকঘৰত ব্যস্ত থকা দেখি
ক্লাৰাই মাত লগালে, "পমা, তোমাৰ বটলটো
শেষ কৰি যোৱা"।
"মই আৰু খাব নোৱাৰিম। তোমালোকে যদি বেয়া নোপোৱা ভগাই খাই লোৱা"। কাঁহী
কেইখন বেছিনত ধুই থাকোঁতে তাই ক'লে।
অলপ পিছত তাই তিনিওৰে বাবে ভাত বঢ়াৰ আয়োজন
কৰিলে। তিনিখন কাহীত ভাত, তৰকাৰী, আচাৰ আৰু
ভজামাছ বাঢ়ি তাই মজিয়ালৈ লৈ আহিল। মাজত এটা ডাঙৰ বাটিত দাইল ৰাখিলে।
“মাছ ভজা খুব
সোৱাদ হ’ব যেন লাগিছে”, খোৱা বস্তুখিনিলৈ চাই
ক্লাৰাই ক’লে। “পিছে চামুচ ক’ত। কেনেকৈ খাম? আমি মজিয়াতে বহি খাম
নেকি"?
“আজি আমি ভাৰতত
খোৱাৰ দৰে হাতেৰে খাম। তোমালোক দুয়ো বেচিনত হাত ধুই লোৱা”, অনুপমাই ক’লে।
“হাতেৰে খাম? তুমি সঁচাকৈয়ে কৈছানে”? ক্লাৰাই নাক কোঁচাই ক'লে। হাতেৰে খোৱা কথাটো তাইৰ বৰ পচন্দ
নহ’ল।
“মজিয়াত বহি
হাতেৰে খোৱাৰ সোৱাদেই চাগে বেলেগ”, এই বুলি কেভিনে বেচিনত হাত ধুবলৈ আগুৱাই গ’ল। পিছে পিছে ক্লাৰা।
অনুপমাই দাইলেৰে সানি কিদৰে ভাত খাব লাগে
দেখুৱাই দিব লগীয়া হ’ল। ক্লাৰাই খাই প্ৰথমতে বৰ সোৱাদ নাপালে যেন লাগিল। অনুপমাই আচাৰৰ লগত খাবলৈ
দিহা দিয়াত তাই আচাৰ সানি ল'লে। বাকীখিনি ভাত তাই তৃপ্তিৰে খালে। কেভিনেও
ভালদৰেই খালে। দুয়ো কাহী শেষ কৰি খোৱা কাৰণে অনুপমাৰ ভাল লাগিল।
খোৱা বোৱা হোৱাৰ পিছত ক্লাৰাই ক’লে, “ভাৰতীয় আহাৰৰ ওপৰত আজিলৈকে মোৰ যি ধাৰনা আছিল, সেই ধাৰণা তুমি সলনি
কৰি দিলা। মোৰ এনে লাগিছে, ভাৰতলৈ গ’লে মোৰ চিন্তা
কৰিব লগীয়া একো নাই”।
কেভিনে ক’লে, “ইমান কম সময়ৰ ভিতৰতে নিজৰ হাতেৰে বনাই ইমান ধুনীয়া ডিনাৰ এটা আমাক উপহাৰ দিয়াৰ
বাবে তোমাক বহুত ধন্যবাদ অনুপমা”।
ক্লাৰাৰ অলপ অলপ নিচা হৈছিল। তাইৰ টোপনি লাগি
আহিছিল। তাই কেভিনৰ গাত ধৰি ক’লে, “মোক অলপ ধৰি
ভালকৈ লৈ যাবা দেই কেভিন। মোৰ তোমাৰ কোঁচত উঠি যাবলৈ মন গৈছে। খোজ কাঢ়িবলৈকে
একেবাৰে মন যোৱা নাই”।
কেভিনে ক’লে, “তুমি এনেয়েহে বিয়েৰ খাওঁ খাওঁ কৰি থাকা। অলপ খালেই তোমাৰ নিচা হয়”।
“কোনে কৈছে
তোমাক মোৰ নিচা হৈছে বুলি, মই এতিয়া আৰু খাব পাৰিম”। তাই কেভিনৰ গা এৰি পোনকৈ ঠিয় হৈ ক’লে। অনুপমাই খোৱা বটলটো হাতত লৈ বাকি ৰোৱা বিয়েৰ খিনিও তাই ঘটঘটকৈ গিলি দিলে।
পিছ মূহুৰ্ততে তাই আকৌ কেভিনৰ গাত হাউলি পৰিল, “মোৰ নিচা হোৱা নাই
কেভিন। মোৰ খুব ভাগৰ লাগিছে। খুব টোপনি ধৰিছে”।
"তোমাৰ যদি খুব ভাগৰ লাগিছে আৰু তুমি যদি বেয়া নোপোৱা, তুমি মোৰ লগতে থাকি যাব পাৰা ক্লাৰা"।
ক্লাৰাৰ অৱস্থাটো দেখি অনুপমাই ক'লে।
কেভিনে ক’লে, “নালাগে দিয়া। তাই তোমাক আমনি কৰি থাকিব। ৰাতিপুৱা তোমাৰ ক্লাছ আছে। তোমাৰো
শোৱা নহ'ব। আমি যাওঁ
দিয়া অনুপমা, শুভ ৰাত্ৰি”। এই বুলি ক্লাৰাক
এহাতেৰে ধৰি কেভিন ওলাই গ’ল।
তেওঁলোক ওলাই যোৱাৰ পিনে চাই থাকোঁতে অনুপমাৰ
ভাৱ হ’ল ক্লাৰাৰ দৰে
ছোৱালী এজনীক চম্ভালি ৰাখিবলৈ কেভিনৰ দৰে স্থিৰ ল’ৰা এজনৰে দৰকাৰ।
বেলকণিত থিয় হৈ তাই আকাশখনলৈ চাই পঠিয়ালে।
আকাশখন গোমা হৈ আছে। হয়তো এজাক বৰষুণ অহাৰ আগলি বতৰা দিছে আকাশখনে।
তাইৰ মনটো এনেয়ে উদাস উদাস লাগিল।
No comments:
Post a Comment