ক্লাৰাই যিমান সহজতে হ’ব বুলি ভাবিছিল, সিমান সোনকালে অনুপমাৰ
ফ্ৰেন্স ভিছা নহ’ল। খবৰ কৰি গম পোৱা গ’ল যে আন দেশৰ নাগৰিকৰ বাবে নথি-পত্ৰ জমা দিয়াৰ পিছত কমেও পোন্ধৰ দিন লাগে ভিছা
আহিবলৈ। অনুপমা সেইখন দেশত এগৰাকী বিদেশী নাগৰিক হোৱাৰ কাৰণে কিছুমান অতিৰিক্ত
নিয়ম নীতিৰ মাজেদি ভিছাৰ অনুমোদন হয়। সেয়েহে ভিছাৰ কাৰণে অলপ সমস্যা হ’ল। ইপিনে কেভিন আৰু ক্লাৰাৰ বাবে
তেনে সমস্যা নহ’ল।
এদিন কেভিনে লৰালৰিকৈ আহি ক’লে - “অনুপমা, তুমি এতিয়াই ওলোৱা। আমি ফ্ৰান্সৰ দূতাবাসলৈ যাব লাগিব”।
“কিয়”?
“তেওঁলোকে ভিছাৰ
বাবে তোমাক দুটামান প্ৰশ্ন সোধা-পোচা কৰিব। মই মাৰ পৰা এখন ফৰাছী ভাষাত লিখা এখন
নিমন্ত্ৰণী পত্ৰ লৈ আহিছোঁ। গতিকে ভিছা হৈ যাব লাগে”।
“মোৰ ভিছাৰ কাৰণে
ইমান ব্যতিব্যস্ত হ’ব নালাগে দিয়া কেভিন, মই পাছতো পেৰিছলৈ যাব পাৰিম। এইবাৰ তুমি আৰু ক্লাৰাই যোৱা” - অনুপমাই ক’লে।
তাইৰ ভিছা খনৰ কাৰণে কেভিনে ইমান দৌৰা দৌৰি
কৰিবলগীয়া হোৱা কথাটো তাইৰ ভাল নালাগিল। তাই তাৰ হাতত পাছপোৰ্ট খন জমা দিয়াৰ পিছৰে
পৰা সি এইটো কামতে লাগি আছে।
“মায়ে তোমাক লগ
পাবলৈ মন কৰিছে। আইতাই মাৰ আগত তোমাৰ ইমান গুণ বখানি থৈছে যে এতিয়া তোমাক লগত
নিনিলে মায়ে মোক শুদাই নেৰিব”, কেভিনে অনুপমালৈ চাই ক’লে। তাই হাঁহিলে।
“পিছে তোমাৰ
মায়ে কি চিঠি লিখিবলগীয়া হ’ল”?
“চিঠিখনত লিখা
আছে যে ফ্ৰান্সত থকা সময়খিনিত তেওঁ তোমাৰ দায়িত্ব ল’ব”।
অনুপমাৰ বেয়া লাগিল, তাইৰ কাৰণে মিছা-মিছি ইমান আলৈ-আথানি হৈছে। “মই লগত যাবলগীয়া হ’লে তুমি পৰিকল্পনা কৰা মতে শনিবাৰে
তোমাৰো যোৱা নহ’ব। সেই কাৰণে
মোৰ বেয়া লাগিছে”।
“মোৰ একো ডাঙৰ
কাম নাই যে মই শনিবাৰে যাবই লাগিব। তুমি সেইবোৰ কথা ভাবি থাকিব নালাগে। এতিয়া সোনকালে তুমি মোৰ লগত ওলোৱা”।
কেভিনে তাইক লগত লৈ ফ্ৰান্স দূতাবাস পালেগৈ।
ফ্ৰান্স দূতাবাসত সুৰক্ষা বেষ্টনীৰ মাজেদি
পাৰ হৈ গৈ কেভিনে অনুপমাক থিয় কৰালেগৈ এগৰাকী পকামূৰীয়া ফৰাছী মহিলাৰ সমুখত। মহিলা
গৰাকী এটা ডাঠ আইনাৰ ঘেৰৰ মাজত সোমাই আছিল। মহিলা গৰাকীৰ লগত কথা হ’বলৈ মাইক এটাৰ ব্যৱহাৰ কৰিব লাগে।
“তুমি অনুপমা
বৰুৱা”? মহিলাগৰাকীয়ে
গলগলীয়া মাতেৰে ইংৰাজীত সুধিলে। ফ্ৰান্সৰ মানুহে কোৱা ইংৰাজীবোৰ অলপ বুজিবলৈ কঠিন।
“হয়”, অনুপমাৰ ছুটি উত্তৰ।
“তুমি ফ্ৰান্সলৈ
কিয় যোৱা”?
“ফুৰিবলৈ যাম, পেৰিছ চাবলৈ যাম”।
মহিলা গৰাকীয়ে এইবাৰ কেভিনক সুধিলে - “অনুপমা তোমাৰ গাৰ্ল
ফ্ৰেণ্ড নেকি”?
অনুপমাই প্ৰশ্নটো শুনি হতভম্ব হ'ল। তাই কেভিনৰ চকুলৈ চালে।
“হয় !!”, কেভিনে নিৰ্বিকাৰ ভাৱে
উত্তৰ দিলে।
অনুপমাৰ গাটো জিকাৰ খাই গ'ল। এইবোৰ কি বলকিছে কেভিনে? তাইৰ চেলাউৰিযোৰ কোঁচ
খালে।
“মই এই বিষয়ে
সিধান্ত ল’ম। তোমালোকক
ডাকযোগে জনাম”, এই বুলি নথি
পত্ৰ খিনি হাতত লৈ মহিলা গৰাকীয়ে দুয়োকে যাবলৈ ক’লে।
দূতাবাসৰ পৰা ওলাই আহিয়েই অনুপমাই কেভিনক
জেৰা কৰিলে - “কেভিন, তুমি কেনেকুৱা মানুহ
বাৰু? তুমি মিছাকৈ
কিয় ক’লা যে মই তোমাৰ
গাৰ্ল ফ্ৰেণ্ড? কথাটো মই
একেবাৰে ভাল পোৱা নাই"।
“তাৰ বাহিৰে
তোমাৰ কাৰণে সোনকালে ভিছা যোগাৰ কৰাৰ কোনো উপায় নাছিল”। কেভিনে শান্ত ভাৱে ক’লে।
“তাৰ মানে তুমি
নিজৰ ইচ্ছামতে যাকে তাকে তোমাৰ গাৰ্ল ফ্ৰেণ্ড বুলি কৈ দিব পাৰা”, অনুপমাৰ খং উঠিল।
“তুমি ভুল
নুবুজিবা অনুপমা। মা আৰু তোমাৰ মনৰ ইচ্ছা পূৰণ কৰাৰ বাবেহে মই এইটো কাম কৰিলোঁ”।
“তথাপি এয়া
ক্লাৰাৰ প্ৰতি অন্যায়। তুমি এইটো ভুল কাম কৰিছা কেভিন”, অনুপমাই উষ্মাৰে ক'লে।
কেভিন মনে মনে থাকিল। উভতি অহা বাটত সি একো
কথা নাপাতিলে। অনুপমাক হোষ্টেলৰ সন্মুখত নমাই দি সি ক’লে - “আই এম ছ'ৰি অনুপমা। মোৰ
কাৰণে আজি হয়তো তুমি আঘাত পাইছা। কিন্তু, যি হ'ল, হ'ল। এই কথাটো চিন্তা কৰি নাথাকিবা”।
হোষ্টেললৈ আহি অনুপমাই বিচনাখনত বাগৰি দিলে।
তাইৰ নিজকে দোষী দোষী লাগিল। কেভিনে এনে এটা কাম কৰিব বুলি তাই ভবা নাছিল। তাইৰ
ক্লাৰাৰ ওচৰত ক্ষমা বিচাৰিবলৈ মন গ’ল।
অনুপমাই ফোন কৰিম কৰিম বুলি ভবি থাকোঁতে
ক্লাৰাইহে ফোন কৰিলে।
তাই খিলখিলাই হাঁহি ক’লে, “আজি বোলে তোমালোক দুয়ো অভিনয় কৰি আহিলা
ফ্ৰান্স দূতাবাসত। মোৰ কথাটো শুনিয়েই খুব মজা লাগিছে। কেভিনে বোলে তোমাক তাৰ গাৰ্ল
ফ্ৰেণ্ড বুলি চিনাকি দিলে আৰু তুমি বোলে খুব নাৰ্ভাছ হৈছিলা। নাৰ্ভাছ নহ’বলৈ অভিনয় শিকিব লাগিব বুজিছা।
অভিনয়ত তুমি মোক আৰু কেভিনক নোৱাৰিবা”।
অনুপমাৰ মনটো অলপ ভাল লাগিল যে ক্লাৰাই
কথাটোৰ কাৰণে বেয়া পাই থকা নাই। পাছ মুহূৰ্ততে তাই ভাবিলে এয়া তাইৰ অভিনয়ো হ'ব পাৰে।
কিছুমান মানুহে নিজৰ মনৰ দুখ লুকুৱাবলৈও মন
কৰিলেই খিলখিলাই হাঁহি দিব পাৰে। তাতে ক্লাৰাই
ভাল অভিনয় কৰিব জানে।
ভিছাৰ বাবে নথি পত্ৰ জমা দিয়াৰ দহ দিনৰ পিছত
অনুপমাৰ নামত ডাকযোগে এটা পাৰ্চেল আহিল। পাৰ্চেলটো খুলি চাই তাই দেখিলে যে তাইৰ
পাছপোৰ্টৰ লগত ফ্ৰান্সলৈ যোৱা ভিছা আহিল। তাই লগে লগে কেভিনলৈ ফোন কৰিলে, “মোৰ পাছপ’ৰ্ট আৰু ভিছা আহি গ’ল”।
অলপ পিছতে ক্লাৰাই অনুপমালৈ ফোন কৰিলে, “লাকি গাৰ্ল। তোমাৰ
ভিছা বাতিল হ’ল বুলি মই বৰ
ভয় খাই আছিলোঁ। পিছে মই মনে মনে জানিছিলোঁ তুমি ভিছা পাবাই। কেভিন জৰুৰী কাম এটাত
ওলাই গৈছে। মোক টিকেট বুক কৰিবলৈ কৈ গৈছে। তোমাৰ পাছপ’ৰ্টৰ সবিশেষ
লাগিব। মই তোমাৰ ওচৰলৈ আহি আছোঁ আধা ঘণ্টাৰ ভিতৰত। তোমাৰ কম্পিউটাৰৰ পৰাই বুকিং হৈ
যাব”।
বিছ মিনিট মান পিছতে ক্লাৰা অনুপমাৰ কোঠালৈ
আহিল। অনুপমাৰ পাছপ’ৰ্ট আৰু ভিছা খন চাই কেইটামান তথ্য কাগজ এখনত লিখি ল’লে। তাৰ পিছত বিচনাখনত পেট পেলাই বাগৰি তাই
কম্পিউটাৰটো খুলি খট খটকৈ কি বোৰ্ডত আঙুলি বোলাই গ’ল। অনুপমাই কফি কৰিবলৈ ল’লে।
কফি তৈয়াৰ কৰাৰ মাজতে ক্লাৰালৈ চাই তাই ক’লে, “ক্লাৰা, মোৰ টিকেটটোৰ পইচা মই নিজেই দিম দেই”। তাই জানে যে লণ্ডনৰ
পৰা ইউৰো ৰেলত পেৰিছলৈ অহা যোৱা কৰাটো এটা খৰছী কাৰবাৰ। সেয়ে তাই নিজৰ ভাড়াটো
নিজেই বহন কৰিবলৈ বিচাৰে।
ক্লাৰাই তাইক মনে মনে থাকিবলৈ ক’লে আৰু ক্ৰেডিট কাৰ্ড এখনৰ পৰা
পইচা জমা কৰিলে। অলপ পিছত তাই হাঁহি মাৰি ক’লে, “হৈ গ’ল। তোমাৰ ওচৰত
প্ৰিণ্টাৰ নাই। গতিকে মই পিছত কেভিনৰ প্ৰিণ্টাৰৰ পৰা টিকটৰ প্ৰিণ্ট এটা লৈ দিম”।
“মোৰ টিকেটৰ
খৰছটো কোৱা। মই এতিয়াই তোমাক নগদ পাউণ্ড দিম” - অনুপমাই ক’লে।
কম্পিউটাৰটো বন্ধ কৰি ক্লাৰাই ক’লে, “পইচা-পাতিৰ যি কথা পাতিব লগীয়া আছে কেভিনৰ
লগত পাতিবা। মই মাথোন সি নিৰ্দেশ দিয়া মতে কাম কৰিছোঁ। তোমালোক দুয়োলৈ মোৰ পিনৰপৰা
শুভ যাত্ৰা জনালোঁ। কেভিনৰ লগত যি লেন দেন আছে পাছত পেৰিছলৈ গৈ
আৰামত কৰিব পাৰিবা”।
“তুমি কি কথা
কৈছা? আমি তিনিওটাই
পেৰিছলৈ গৈ আছোঁ তো, তুমি, মই আৰু কেভিন”? অনুপমাই মৃদু চিত্কাৰ
কৰি ক’লে।
ক্লাৰাই হাঁহি মাৰি ক’লে, “এইবাৰ মই যাব নোৱাৰিম ডিয়েৰ। মাথোন কেভিন আৰু
তুমি যাবা”।
অনুপমাৰ চকু কপালত উঠিল, “সেইটো কেনেকৈ হ’ব, তুমি কিয় নাযাবা”?
ক্লাৰাই এটা পাতল হুমুনিয়াহ মাৰি ক’লে, “সঁচা কথা কওঁ? আচলতে ইমান পইচা খৰছ কৰিবলৈ মোৰ হাতত পইচাই
নাই। সিদিনা ফূৰ্তিতে পেৰিছ যোৱাৰ কথা কৈ পেলালোঁ যদিও মোৰ কোঠালৈ গৈ হিচাপ কৰি
দেখিলোঁ মোৰ হাতত থকা পইচা কেইটা খৰচ কৰি পেলালে মোৰ ইণ্ডিয়ালৈ যোৱা নহ’ব। ইণ্ডিয়ালৈ নগ’লে মোৰ ডকুমেণ্টৰী খন নহ’ব”।
পানী এগিলাচ খাই ক্লাৰাই হাঁহি মাৰি ক’লে, “তুমি হয়তো মোক পাগলী বুলি ভাবিছা। হাতত পইচা-পাতি
নাই, অথচ ইমান ডাঙৰ
ডাঙৰ কথা কওঁ, ডাঙৰ ডাঙৰ সপোন
দেখোঁ, বেপৰোৱাকৈ পইছা
উৰুৱাওঁ”।
“নাই, নাই, নহ’ব। তুমি যাবই লাগিব ক্লাৰা। তুমি
কোৱা কাৰণেহে মই যাবলৈ ওলাইছোঁ। মইতো পেৰিছলৈ যোৱাৰ কথাই নাছিল। দৰকাৰ হ’লে মই আৰু কেভিনে মিলি তোমাৰ টিকেটৰ
পইচা দিম” - অনুপমাই
প্ৰতিবাদ কৰি ক’লে।
“নাই অ’ পমা। আৰুনো কিমান ধাৰত
পোত গৈ থাকিম। কেভিনে মোৰ কাৰণে যিমান কৰিছে, আন কোনেও কৰা নাই। তাৰ
পৰা মই আৰু অনুগ্ৰহ ল’ব নোৱাৰোঁ”।
“তেনেহ’লে মই অকলেই তোমাৰ টিকেটৰ পইচা
দিম। মইতো তোমাক সহায় কৰিব পাৰোঁ”।
“মই তোমাৰ ওচৰতো
ধৰুৱা হ’ব নিবিচাৰোঁ।
মই জানো তোমাৰ নিজৰ উপাৰ্জন নাই, তুমি পাৰ্ট টাইম জব নকৰা। তোমাৰ সকলো খৰচ তোমাৰ দেউতাই পঠিয়ায়। মই নিজে পইচা
জমা কৰিব পাৰিলে পিছে-পৰে কেতিয়াবা পেৰিছলৈ ফুৰিবলৈ যাম”, ক্লাৰাৰ চকুজুৰি যেন অলপ সেমেকি উঠিল।
অনুপমাৰ মনটো হাহাকাৰ কৰি উঠিল। ক্লাৰাৰ
অৱস্থাটোৰ কথা তাই বুজিব পাৰিলে। কিন্তু এনে পৰিস্থিতিত কেভিনে তাইক নিজেই সহায়
কৰাটো উচিত আছিল। ক্লাৰাৰ লগতনো সি ইমান হিচাপ-নিকাচ কৰিব লাগেনে? তাই কেৱল কেইটামান
পাউণ্ডৰ কাৰণে পেৰিছলৈ যাব নোৱাৰে বুলি জানিও সি কথাটো কিয় মানি ল’লে?
“ক্লাৰা, তুমি মোৰ কথা শুনা।
তুমি ওলোৱা, পইচাৰ যোগাৰ হৈ
যাব। তুমি নগ’লে ময়ো নাযাওঁ।
তুমিহে মোক পেৰিছলৈ যোৱাৰ কাৰণে লগ ধৰিছিলা। প্লিজ তুমি ওলোৱা !”, অনুপমাই কাতৰ অনুৰোধ
কৰি ক’লে।
“এইবাৰলৈ মোক
ক্ষমা কৰি দিয়া পমা। অহাবাৰ তুমি আৰু মই
যাম। মই এটা ভাল পাৰ্ট টাইম কাম পাইছোঁ। মোৰ হাতত কেইটামান পইছা আহিবলৈ অপেক্ষা
কৰা”। ক্লাৰাই ক’লে।
“তেনেহ’লে তুমি মোৰ টিকেটটো
কেনছেল কৰি দিয়া। তুমি নগ'লে মই পেৰিছলৈ নাযাওঁ। মোৰ পেৰিছলৈ যাবলৈ ইমান একো দৰকাৰ হোৱা নাই”। অনুপমাই দৃঢ় ভাবে
ক্লাৰালৈ চাই ক’লে।
“তুমি তেনে
নকৰিবা অনুপমা। তুমি যাবা বুলি কেভিনৰ মাকে বাট চাই আছে। তুমি নগ’লে আইতায়ো বেজাৰ পাব। তেওঁ হেনো
তুমি কেভিনৰ মাকক লগ পাবলৈ যাবা বুলি গম পাই খুব ৰং পাইছে”।
“মই আইতাৰ ওচৰত
ক্ষমা বিচাৰিম। আইতাই বুজি পাব। কেভিনক ক’ম তুমি লগত ওলালেহে মই যাম”।
“মই যিটো টিকেট
কাটিলোঁ সেইটো কেনছেল কৰিলে বহুত পইচা এনেয়ে ভৰিব লাগিব। মোৰ মতে তুমি কেনছেল কৰাৰ
কথা নাভাবিবা। মই যোৱা নোযোৱাটো একো ডাঙৰ কথা নহয়”, ক্লাৰাৰ মুখ খন ক্ষণিকৰ বাবে বিষন্ন হৈ পৰিল।
পাছ মুহূৰ্ততে আকৌ তাইৰ মুখ খন উজ্জ্বলি
উঠিল। তাই হাঁহি মাৰি ক’লে - “তুমি সঁচাকৈয়ে
মোৰ খুব ভাল বান্ধৱী। মই তোমাৰ লগত যাব পাৰিলে খুবেই ভাল লাগিলহেঁতেন। পিছে, এইটো সময়ত মোৰ কাৰনে
পেৰিছলৈ ফুৰিবলৈ যোৱাতকৈ ইণ্ডিয়ালৈ যোৱাটো বেছি দৰকাৰী পমা। আচলতে এইটো লাইনত
প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে মই এখন ভাল ডকুমেণ্টৰী কৰিবই লাগিব। এখন ভাল ডকুমেণ্টৰি
কৰিবলৈ বহুত গৱেষণা, সাধনাৰ প্ৰয়োজন হয়। মোৰতো সেইবোৰ একো নাই। সেই কাৰণে কেভিনৰ গৱেষণাৰ ওপৰতে
নিৰ্ভৰ কৰি মই এখন ডকুমেণ্টৰী কৰিম বুলি ভাবিছোঁ। পিচলৈ এনে সুযোগ আৰু নাপাবও
পাৰোঁ”।
“কিন্তু কেভিনতো
তোমাৰ জীৱন সংগী হিচাপে আছেই। সি পিছলৈয়ো তোমাক নিশ্চয় সহায় কৰিব”, অনুপমাই ক’লে।
ক্লাৰাই হঠাতে খিল খিলকৈ হাঁহি উঠিল - “জীৱন সংগী ? হা: হা: হা:। কোনে ক’লে তোমাক কেভিন মোৰ জীৱন সংগী?"
অনুপমা জিকাৰ খাই উঠিল। তাই একে দৃষ্টিৰে ক্লাৰাৰ মুখলৈ চাই থাকিল।
"কেভিন মোৰ বন্ধু, আমি একেলগে থাকিলোঁ বুলিয়েই আমি জীৱন সংগী হ’লোঁ নেকি? এই কোৰ্চটো শেষ হোৱালৈকেহে কেভিনে মোক
থাকিবলৈ অনুমতি দিছে। তাৰ পিছত কোনে জানে মই কলৈ যাওঁ, সি ক’ত থাকে”। ক্লাৰাৰ চকু দুটা চলচলীয়া হৈ গ'ল।
অনুপমা কিছু সময় বাকৰুদ্ধ হৈ গ’ল। অলপ সময় পিছত তাই ক’লে, “তুমি ক’ব বিচাৰিছা যে কেভিন আৰু তোমাৰ
মাজত কোনো আবেগিক সম্পৰ্ক নাই? মই ভাবিছিলোঁ, তোমালোকে এজনে আনজনক ভাল পোৱা আৰু সদায় একেলগে থাকিবা”।
“তোমালোকৰ দেশত
চাগে এনে ঘটনা নহয়। আমাৰ ইয়াত একেলগে থকা এহাল মানুহে সন্তান জন্ম দিয়াৰ পিছতো
সিদ্ধান্ত ল’ব নোৱাৰে
তেওঁলোকে বিয়া পাতিব নে নাই। তেওঁলোকে নিশ্চিত হ’ব নোৱাৰে এজনে আনজনক ভাল পায় নে নাই। আমাৰ
সম্পৰ্ক বোৰত কোনো নিশ্চয়তা, কোনো সুৰক্ষা নাই। আজি ভাল লাগিছে, একেলগে আছে। কাইলৈ বেয়া লাগিব, কিবা কথাত কাজিয়া লাগিব এজনে আনজনক এৰি গুচি যাব। কাইলৈ যদি কেভিনে কিবা কথাত
খং উঠি মোক তাৰ ঘৰৰ পৰা খেদি দিয়ে, তাত আচৰিত হ’ব লগীয়া একো নাই”, ক্লাৰাই কৈ গ’ল।
অনুপমাৰ বুকুখন যেন বিষাই গ’ল। তাই অনুভৱ কৰিলে ক্লাৰাৰ অন্তৰৰ
বেদনাৰ কথা। এজনী ছোৱালীৰ বাবে তাইৰ আটাইতকৈ ভাল পোৱা মানুহ জনৰ লগত থকা
সম্পৰ্কটোৰে নিশ্চয়তা নথকাতো কিমান বেদনাদায়ক হ’ব পাৰে তাই উপলব্ধি কৰিলে। তাইৰ বাবে যি
সম্পৰ্কত নিৰাপত্তাৰ আশ্বাস নাই, তেনে সম্পৰ্কৰ কোনো অৰ্থই নাই।
ক্লাৰাই মুখলৈ হাঁহি আনি ক’লে, “ইণ্ডিয়াৰ বিষয়ে মই শুনিছোঁ। তোমালোকৰ সম্পৰ্ক
বোৰ আমাৰ দৰে ঠুনুকা নহয়। এই কথাটো মোৰ খুব ভাল
লাগে”।
অনুপমাই মুখেৰে নামাতিলে। তাই ভাবিলে, দেশ ভেদে নাৰীৰ অন্তৰৰ
আবেগ জানো বেলেগ বেলেগ হ’ব পাৰে। নাৰীয়ে পুৰুষৰ পৰা যি বিচাৰে সেয়াতো সকলো দেশতে একেই। মনৰ মানুহ জনৰ পৰা মৰম, আশ্বাস, বিশ্বাস, নিৰাপত্তা সকলো
নাৰীয়েইতো বিচাৰে।
হেঙাৰত আঁৰি থোৱা ওভাৰ কোটটো পিন্ধি লৈ
ক্লাৰা যাবলৈ ওলাল।
“তুমি মোৰ কথা
চিন্তা নকৰিবা ছুইট হাৰ্ট। তুমি ভালদৰে পেৰিছ চাই আহাঁ, তাতেই মই সুখী হ’ম”। এই বুলি অনুপমাক সাবটি ধৰি গালত চুমা খাই তাই শুভ ৰাত্ৰি জনালে।
অক্টোবৰ মাহ কাৰণে বাহিৰত অলপ অলপ জাৰ পৰিছে।
ক্লাৰাই বাটত খোজ কাঢ়ি ওলাই যোৱা দৃশ্যটো অনুপমাই বেলকনিৰ পৰা চাই থাকিল। ক্লাৰাই মাফলাৰ খন ডিঙিয়ে মূৰে মেৰিয়াই ল’লে। লাহে লাহে এজাক আন্ধাৰৰ মাজত তাই বিলীন
হৈ গ’ল।
অনুপমাই বহু সময় ক্লাৰাৰ কথাই ভাবি থাকিল।
হাঁহি-ধেমালি কৰি সকলোকে হঁহুৱাই থকা মানুহৰ অন্তৰতো যে একোখন দুখৰ সাগৰ থাকিব
পাৰে, তাই যেন মৰ্মে
মৰ্মে উপলব্ধি কৰিলে। ক্লাৰাতকৈ নিজকে বহুত ভাগ্যৱতী যেন অনুভৱ হ’ল তাইৰ। তাইৰ মনলৈ আহিল, ইমান দিনে মনৰ মানুহ
এজন বিচাৰি ল’ব নোৱৰাটো
আচলতে একো দুখৰ কথা নহয়।
তাই ভাবিলে, পেৰিছলৈ ক্লাৰাও যাব পাৰিলে ভাল হ’লহেঁতেন।
অৱশ্যে কেভিন এতিয়া আৰু অচিনাকী হৈ থকা নাই।
তাৰ লগত যাবলৈ তাইৰ বিশেষ অসুবিধা নহয়।
No comments:
Post a Comment