পেৰিছলৈ যোৱাৰ দিন চমু চাপি অহাৰ লগে লগে
অনুপমাই নিজকে প্ৰশ্ন কৰিলে, তাই কি কাৰণত এইদৰে কেভিনৰ লগত পেৰিছলৈ যাবলৈ ওলাইছে। এনেদৰে এজন পুৰুষৰ লগত
অকলে কলৈকো তাই ফুৰিবলৈ যোৱা নাই। দেউতাকেও কথাটো হয়তো সহজ ভাৱে নল'ব।
এটা কথা সত্য যে পেৰিছ চহৰ চাবলৈ তাইৰ সৰুৰে
পৰা অদম্য হাবিয়াস আছে। সেইখন তাইৰ সপোনৰ চহৰ। সেইখন চহৰ বিশ্বৰ ফেছনৰ ৰাজধানী।
বহুতেই কয় সেইখন প্ৰেমৰ চহৰ। মেলিনাৰ মতেতো পেৰিছ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ চহৰ।
কথাবোৰ জুকিয়াই চাই তাই অনুভৱ কৰিলে, কেৱল পেৰিছ চোৱাৰ বাবে
নহয়, আইতাকৰ আগ্ৰহৰ
বাবেও তাই পেৰিছলৈ যাবলৈ ওলাইছে। আইতাকৰ বৰ ইচ্ছা তাই যেন এবাৰ তেওঁৰ জীয়ৰী মেৰিক
লগ পায়।
অন্তত: আইতাকৰ কথা অমান্য কৰিবলৈ তাই টান
পায়।
এটা শুকুৰবাৰৰ আবেলি লণ্ডনৰ ছেইণ্ট পাংক্ৰাছ
টাৰ্মিনাছত পেৰিছৰ গ্যৰ দ্যু নৰ্ড ষ্টেচনলৈ যোৱা ইউৰো ষ্টাৰ ৰেলৰ নিৰ্ধাৰিত চকীত
সমুখা সমুখিকৈ কেভিন আৰু অনুপমা বহিল। ৰেলৰ খিৰিকীৰ আইনাৰে বাহিৰৰ সকলো দৃশ্য
ফটফটীয়াকৈ দেখা যায়।
ষ্টেচনলৈ অহাৰ আগতে অনুপমাৰ অনুৰোধত দুয়ো
আইতাকৰ ঘৰত এঘণ্টা কটাই আহিছে।
আইতাকে অনুপমাৰ মুৰত হাত বুলাই কৈছিল - “মেৰিয়ে তোমাক লগ পাই
খুব ভাল পাব। মই তোমাৰ কথা ফোনত তাইক কৈছোঁ। তাই আগ্ৰহেৰে ৰৈ থাকিব। মোৰ শুভেচ্ছা
থাকিল, তোমালোক ভালে
ভালে ঘূৰি আহিবা”।
ৰেলত বহাৰ পিছতেই অনুপমাই কেভিনক ক’লে, “মোৰ টিকেটৰ পইচা তোমাক দিবলৈ পাহৰিছোঁৱেই।
পইচাখিনি মই এতিয়াই দিব খুজিছোঁ”।
“এতিয়া থাকিবলৈ
দিয়া। মই নিজেই তোমাৰ পৰা বিচাৰি ল’ম”।
“নহয় কেভিন।
আচলতে পইচা মই কেতিয়াবাই দিব লাগিছিল। দেৰি হৈ গ’ল। এতিয়া তুমি না নকৰিবা”।
কেভিনে হিচাপ কৰি অনুপমাৰ পৰা টিকেটৰ দামটো ল’লে।
“তুমি যিহেতু
মোৰ আলহী, মইহে তোমাৰ টিকেটৰ
দাম দিয়া উচিত আছিল”, সি তাইলৈ চাই ক’লে।
“মোৰ এটা কথাত
বেয়া লাগিছে কেভিন। কেইটামান পইচাৰ কাৰণে ক্লাৰাই আমাৰ লগত আহিব নোৱাৰিলে”। অনুপমাৰ কণ্ঠত অভিযোগৰ
সুৰ। তাই যেন ক’বলৈ বিচাৰিলে, মোৰ টিকেটৰ দাম
দিয়াতকৈ তুমি ক্লাৰাৰ টিকটৰ দাম দিব লাগিছিল।
“এৰা। তাই হিচাপ
কৰি দেখিলে যে তাইৰ হাতত পইচা কম আছে। মই তাইক কৈছিলোঁ মোৰ পৰা ল'বলৈ। কিন্তু তাই মোৰ সহায় লবলৈ
মান্তি নহ’ল” - এই বুলি কৈ কেভিনে
খিৰিকীৰে বাহিৰলৈ চাই পঠিয়ালে।
সি নিজকে কোৱাৰ দৰে ক’লে, “তাই কেতিয়াবা খুব স্বাভিমানী হৈ পৰে। তাইক মই
বুজিবই নোৱাৰোঁ অনুপমা”।
অনুপমাৰ এনে লাগিল, সঁচাকৈয়ে যেন ক্লাৰা এগৰাকী ৰহস্যময়ী নাৰী।
তাইক বুজি পোৱাটো সহজ নহয়। পুৰুষৰ বাবে তাইক বুজি পোৱাটো হয়তো আৰু কঠিন।
ক্লাৰাৰ কথা মনলৈ অহাত অনুপমাই হৃদয়ত এক হিম
শীতল শিহৰণ অনুভৱ কৰিলে। ক্লাৰাই কেনেবাকৈ কেভিন আৰু তাইৰ মাজত এটা সম্পৰ্ক গঢ়ি
উঠিছে বুলি সন্দেহ কৰা নাইতো? পইচা নোহোৱাৰ অজুহাত দেখুৱাই ক্লাৰাই ইচ্ছা কৰিয়েই এই যাত্ৰাৰ পৰা আঁতৰি থকা
নাইতো? ক্লাৰাৰ মনত
তেনে সন্দেহ সৃষ্টি হ'লে তাই নিজেই কেভিনৰ পৰা আঁতৰি যাব।
ৰে’ল চলিবলৈ ধৰাৰ লগে লগে খিৰিকীৰে অনুপমাই
বাহিৰৰ দৃশ্যবোৰ চাই যাবলৈ ধৰিলে। লণ্ডন চহৰৰ মাজেদি ৰেলখন আগবাঢ়িল। দুয়োকাষে
সন্ধিয়া লাহে লাহে লাইটৰ পোহৰত জিলিকি উঠিবলৈ লোৱা চহৰখনলৈ তাই তন্ময় হৈ চাই গ’ল। বিজুলী বাতিৰে চমকি থকা এখন
ধুনীয়া চহৰ। তাই খিৰীকিৰে চাই গ’ল, দূৰণিত সৌৱা
ঘূৰ্ণীয়মান সুবিশাল লণ্ডন আই, সৌ বোৰ বিশাল প্ৰাসাদ, সৌখন টেমচ নৈ।
দিনটোৰ ক’ত মানুহৰ দুখ-বেদনা, হাঁহি-আনন্দ বুকুত সাবটি সন্ধিয়াৰ আলোকত
জিলিকি উঠিছে চহৰখন। তাইৰ এনে লাগিল যেন এই যাত্ৰাই তাইক লৈ যাব এনে এখন দেশলৈ, যিখন দেশ হাঁহি আৰু
ফূৰ্তিৰ দেশ, প্ৰাণ-প্ৰাচুৰ্যৰে
ভৰা দেশ।
ৰে’লৰ গতিবেগ বঢ়াৰ লগে লগে যেন চহৰখন তড়িৎ গতিত
পিচলৈ দৌৰিবলৈ ধৰিলে। অনুপমাই ইংলিছ চেনেলৰ তলৰ সুৰঙ্গৰে চলা ৰেলৰ কথা শুনি আছিল।
তাই বাহিৰলৈ চাই ইংলিছ চেনেল পোৱালৈকে অপেক্ষা কৰি থাকিল।
কেভিনে কাণত হেডফোন লগাই গান শুনি শুনি
পঢ়িবলৈ এখন কিতাপ উলিয়াই ল’লে।
“তুমি অসমৰ কয়লা
খনি বোৰ দেখিছানে”? পঢ়ি থকা কিতাপ খনৰ পৰা মূৰ তুলি হঠাতে কেভিনে প্ৰশ্ন কৰিলে।
নিজৰ চিন্তাত বিভোৰ হৈ থকা অনুপমাই তাৰ মাতত
চক খোৱা যেন হ’ল। তাই যেন
কেভিনৰ কথা বুজিব নোৱাৰিলে।
সি আকৌ সুধিলে, “লিডু, মাৰ্ঘেৰিটাত থকা কয়লা খনি দেখিছানে”?
“দেখিছোঁ। লিডুত
অ’পেন কাষ্ট মাইনিং কৰি কয়লা উলিওৱা দেখিছোঁ। সমগ্ৰ অঞ্চলটোৱেই কয়লা কয়লা গোন্ধায়”। অনুপমা বাস্তৱলৈ ঘূৰি আহিল।
কিবা এটা মনত পৰাৰ দৰে তাই কেভিনলৈ চাই ক’লে, “তুমি জানানে? লিডুৰ পৰা বাৰ্মা হৈ চীন দেশলৈ যোৱা ৰাস্তা
এটা আছে"।
"ৰাস্তা"? কেভিনে আগ্ৰহেৰে তাইৰ মূখলৈ চালে।
"দ্বিতীয় মহাযুদ্ধৰ সময়ত চীন দেশত যুদ্ধৰত সৈনিক সকলক খাদ্য সামগ্ৰী পঠিয়াবলৈ
এই ৰাস্তাটোৰ নিৰ্মাণ কৰা হৈছিল। সেই ৰাস্তাটো
এতিয়াও আছে”।
কেভিনে মুৰ দুপিয়াই ক’লে, “তুমি ষ্টিল ৱেল ৰ’ডৰ কথা কৈছা নহয়নে? মই পঢ়িছোঁ, অৰুণাচল প্ৰদেশৰ পাংচু
পাছ হৈ এই ৰাস্তাটো বাৰ্মাত সোমাইছে। পাটকাই পৰ্বতৰ
এটা চুড়াত ভূ পৃষ্ঠৰ পৰা ৩৮০০ ফুট মান উচ্চতাত এই গিৰিপথটো আছে। দ্বিতীয়
বিশ্বযুদ্ধৰ সময়ত এই গিৰিপথটোৰ ব্যাপক ব্যৱহাৰ হৈছিল”। সি হাতেৰে ভংগিমা কৰি তাইক বুজালে পাটকাই
পৰ্বতৰ দুটা শৃংগৰ মাজত কেনেকৈ গিৰিপথটো আছে।
"মোৰ পাংচু পাছ চাবলৈ বৰ মন আছে। তালৈ যাব পৰা যায়নে"? - কেভিনে আগ্ৰহেৰে
অনুপমালৈ চাই সুধিলে।
কেভিনৰ অসমৰ বিষয়ে থকা জ্ঞানৰ পৰিধি দেখি
অনুপমাই তবধ মানিলে। তাই ক’লে, “মই পাংচু পাছ দেখা নাই। পিছে মোৰ দেউতাই
দেখিছে। তালৈ যোৱা ৰাস্তা আছে"।
“তুমি জানানে, অসমত বৈজ্ঞানিক
ভিত্তিত তৈল খাদৰ খননৰ কাৰণে আচলতে কয়লাইহে বাট দেখুৱাইছিল"।
"হয় নেকি? মই সেই কথা
নাজানো"। তাই কথাটোত আকৰ্ষণ পালে।
"মই পোৱা তথ্য মতে মাকুম-মাৰ্ঘেৰিটা অঞ্চলত কয়লা প্ৰত্যক্ষ কৰাৰ পিছত পদ্ধতিগত
আৰু পৰিকল্পিত ভাৱে কয়লা আহৰণৰ কাৰণে ব্ৰিটিছ চৰকাৰে চিন্তা কৰিছিল। সেই কাৰণে ১৮৫০ চন মানৰ পৰা কয়লা খননৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈছিল"।
"তাৰ মানে এইটো লেফটেনেণ্ট উইলকক্স অসমলৈ যোৱাৰ পিছৰ ঘটনা"।
"হয়, উইলকক্সে
খাৰুৱা তেল ওলাই থকা দেখিহে গৈছিল। কিন্তু তেতিয়ালৈ খননৰ বাবে কোনো উদ্যম লোৱা
হোৱা নাছিল। ১৮৬৫ চনত জিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ বিষয়া মেডলিকটে উজনি অসমৰ কয়লা ক্ষেত্ৰ সমূহৰ
পৰিদৰ্শন কৰিবলৈ আহিছিল। তেওঁ মাকুম অঞ্চলত ভূগৰ্ভৰ পৰা নিগৰি ওলোৱা খনিজ তেল
প্ৰত্যক্ষ কৰে"।
"সেই উইলকক্সে দেখা ধৰণেই মাটিৰ পৰা নিজে নিজে ওলাই থকা তেল দেখিলে চাগে"।
অনুপমাই হাতৰ তলুৱাত মুখখন ভেজা দি কেভিনলৈ চাই ক'লে।
"হয়। তেনেকুৱাই হ'ব। পিছে মেডলিকট এজন ভূবিজ্ঞানী আছিল। সেয়েহে তেওঁ এই প্ৰাকৃতিক পৰিঘটনাৰ মহত্ত্ব ভালদৰে বুজি পালে। তেওঁ ততালিকে
সেই অঞ্চলত পৰীক্ষামূলক ভাৱে খনন আৰম্ভ কৰিবলৈ বংগৰ ব্ৰিটিছ চৰকাৰক পৰামৰ্শ দিয়ে।
মেডলিকটৰ এই পৰামৰ্শ এই কাৰণেই গুৰুত্বপূৰ্ণ যে সেই সময়লৈ অসমত বৈজ্ঞানিক ভিত্তিত
তৈল খাদ খনন কৰাৰ কথা ব্ৰিটিছ চৰকাৰে চিন্তাই কৰা নাছিল” - কেভিনে পঢ়ি থকা কিতাপ খনৰ পাত লুটিয়াই কৈ গ’ল।
অনুপমাই এইবোৰ কথা নাজানে। এসময়ত খনিজ তেলত
ওপঙি থকা ডিগবৈ চহৰত ডাঙৰ-দীঘল হোৱা সত্ত্বেও তাই তৈল অন্বেষণৰ ইতিহাস আগতে
কেতিয়াও পঢ়ি চোৱা নাই। তাই মাথোন দুটা মান কাহিনী জানে। ব্ৰিটিছ সকলে ৰেল পথ
নিৰ্মান কৰিবলৈ আহোঁতে অৰণ্যত গছ কাটি কটা টুকুৰাবোৰ কঢ়িয়াবলৈ হাতী ব্যৱহাৰ কৰিছিল। সেই হাতীবোৰৰ ভৰিত তেল লাগি আহিছিল। তাৰে পম খেদি অসমত তেওঁলোকে তেল আৱিষ্কাৰ কৰিছিল।
আৰু এটা কাহিনী তাই জানে যিটো সকলোৰে মুখে
মুখে। সেইটো হৈছে ‘ডিগ্ বয় ডিগ্’ৰ কাহিনী। খনন ৰত মানুহবোৰক কৰ্ম প্ৰেৰণা যোগাবলৈ
ব্যৱহাৰ কৰা এই ‘ডিগ্ বয় ডিগ্’ শব্দ কেইটাৰ ব্যৱহাৰ কৰা হৈছিল। এই শব্দ কেইটাৰ পৰাই ডিগবৈ নামৰ উত্পত্তি হ’ল।
এজন বিদেশী ডেকাৰ মুখত নিজৰ দেশৰ ইতিহাস
অনুপমাৰ কাৰণে এক নতুন কাহিনী যেন লাগিল। কেভিনৰ প্ৰতি তাইৰ সন্মান উপজিল। অসমৰ
বিষয়ে, অসমৰ তৈল
অন্বেষণৰ বিষয়ে সি সকলো কথা খৰচি মাৰি অধ্যয়ন কৰিছে। অসমীয়া ল'ৰা এজনতকৈ সি অসমৰ কথা যেন বহুত
বেছি জানে, এনে লাগিল
তাইৰ।
“তাৰ পাছত কি হ’ল? মেডলিকটৰ পৰামৰ্শ মতে চৰকাৰে খনন আৰম্ভ কৰিলে
নেকি”? অনুপমাই
ঘটনাটোৰ প্ৰতি আগ্ৰহী হৈ উঠিল।
“নাই, প্ৰথমতে বংগৰ ব্ৰিটিছ
চৰকাৰে মেডলিকটৰ পৰামৰ্শক গুৰুত্বই নিদিলে। সুচল পৰিবহণৰ ব্যৱস্থা নথকা ঠাই এখনত
তেল খাদ খননৰ দৰে খৰছী আৰু অভিলাষী কামত বিনিয়োগ কৰিবলৈ যোৱাটো তেওঁলোকে মূৰ্খামি
বুলিয়েই ভাবিলে”।
“সেই সময়ত
পৰিবহণৰ ব্যৱস্থা কি আছিল নো”?
“ব্ৰহ্মপুত্ৰ
নদীয়েদি নাও বা জাহাজেৰে উজাই অহাটোৱেই পৰিবহনৰ আটাইতকৈ সহজ উপায় আছিল। পিচলৈ বাট
পথ আৰু ৰেলপথ হ’ল যদিও
বহুদিনলৈ জলপথেই বেছিকৈ ব্যৱহাৰ হৈ আছিল”, কেভিনে ক’লে।
অনুপমাই সেই সময়ৰ অৱস্থাৰ কথা কল্পনা কৰি
চাবলৈ চেষ্টা কৰিলে। অৰণ্যৰে আৱৰা এখন আওহতীয়া ৰাজ্য, বাট পথ নাই। কোনেনো বাৰু তালৈ তেল খাদ খনন
কৰিবলৈ যোৱাৰ কাৰনে মৰসাহ কৰিব?
কেভিনে পঢ়ি থকা কিতাপ খনৰ কোনোবা এটা পৃষ্ঠা
উলিয়াই ল'লে।
“তুমি মিষ্টাৰ
গুডিনাফৰ (Goodenough) বিষয়ে শুনিছানে”? কেভিনে অনুপমালৈ চাই সুধিলে।
“হয়, মই শুনিছোঁ। তুমি দিয়া
সমল বোৰৰে কৰবাত মই পাইছোঁ মিষ্টাৰ গুডিনাফৰ কথা। তেওঁৰ উদ্যোগতে অসমৰ বুকুত এছিয়া
মহাদেশৰ প্ৰথমটো যান্ত্ৰিক পদ্ধতিৰে উত্পাদনক্ষম খাদ খন্দা হোৱা নাছিল জানো”? অনুপমাই ক’লে।
"বিশ্বৰ প্ৰথমটো বাণিজ্যিকভাৱে উত্পাদনশীল তেলৰ খাদ ক'ত খন্দা হৈছিল কোৱাঁচোন"? কেভিনে প্ৰশ্ন কৰিলে।
"আমেৰিকাত নহয় জানো"?
"হয়, আমেৰিকাৰ
পেনচিলভেনিয়াত। সকলোতকৈ মন কৰিব লগীয়া কথা কি জানা। ১৮৫৯ চনত আমেৰিকাৰ
পেনচিলভেনিয়াত এডৱিন ড্ৰেকে বিশ্বৰ প্ৰথমটো বাণিজ্যিকভাৱে উত্পাদনক্ষম তৈল খাদৰ
খনন কৰাৰ মাথোন ৮ বছৰ পিছতে সকলো পিনৰ পৰা অনগ্ৰসৰ, যোগাযোগ আৰু যাতায়াতৰ ব্যৱস্থা নথকা, অৰণ্যৰে আৱৰা অসমত
১৮৬৭ চনত মিষ্টাৰ গুডিনাফৰ তত্পৰতাত এটা উত্পাদনক্ষম খাদৰ খনন কৰা হৈছিল”। কেভিনে কৈ গ’ল।
“এইটো সঁচাকৈয়ে
আচৰিত কথা নহয়নে? ক’ত আমেৰিকা আৰু
ক’ত অসম। কথাটো
এতিয়া অসম্ভৱ যেনেই লাগে”। অনুপমা যেন ৰোমাঞ্চিত হৈ উঠিল।
“এৰা, এইটো সেই সময়ৰ এক আচৰিত, ভাবিব নোৱৰা ধৰণৰ
সফলতা আছিল। এই খাদটোৰ পৰা ৩০০ গেলন খনিজ তেল উত্পাদন কৰা হৈছিল। সেই সময়ত পৃথিৱীৰ
বেছিভাগ দেশতে খনিজ তেল অন্বেষণৰ বিশেষ কোনো প্ৰচেষ্টা আৰম্ভ হোৱাই নাছিল। বহুতো
দেশৰ মানুহে খননৰ দ্বাৰা খনিজ তেল আৰু প্ৰাকৃতিক গেছ উদ্ঘাটনৰ কথা নাজানিছিলেই”। কেভিনে ক’লে।
“চোৱাঁ, আমাৰ অসম তেতিয়াই
কিমান আগবঢ়া আছিল” - অনুপমাই গৌৰৱেৰে ক’লে।
কেভিনে হাঁহিলে। সি ক’লে - “অসমক বিশ্বৰ তৈল মানচিত্ৰত এই গৌৰৱৰ স্থান
দিয়াৰ বাবে মিষ্টাৰ গুডিনাফ বিশেষ ভাৱে ধন্যবাদৰ পাত্ৰ”।
"কিন্তু জানানে, আমাৰ অসমৰ বেছিভাগ মানুহে মিষ্টাৰ গুডিনাফৰ নামেই শুনা নাই। ময়ো নাজানিছিলোঁ"। অনুপমাই
আক্ষেপেৰে ক'লে।
"মানুহে তেওঁৰ অৱদানৰ কথা পাহৰি যাব নালাগিছিল। এই ক্ষেত্ৰত মই মিষ্টাৰ
গুডিনাফক দুৰ্ভগীয়া বুলিয়েই ক'ম"। কেভিনে ক'লে।
ৰেলখন কোনোবা এটা ষ্টেচনত ৰ’ল। কেভিনৰ কাষৰ আসনত বহা যাত্ৰীজন
নামি গ’ল।
কেভিনে অলপ আৰামকৈ বহিল। কিতাপখন জপাই থৈ সি
তাৰ আসনত ভৰি দুটা তুলি বহিল।
“আমি আমাৰ
গৱেষণাত গুডিনাফৰ প্ৰচেষ্টাক বিশেষ গুৰুত্ব দিব লাগিব। বিশ্বৰ মানুহে, ভাৰতৰ মানুহে, অসমৰ মানুহে মিষ্টাৰ
গুডিনাফৰ অৱদানৰ বিষয়ে জানিব লাগিব"। কেভিনে দৃঢ়তাৰে ক'লে।
"নিশ্চয়। ক্লাৰাৰ ডকুমেণ্টৰি খনতো দেখুৱাব লাগিব মিষ্টাৰ গুডিনাফৰ কথা"।
"ক্লাৰাই ডকুমেণ্টৰি নিৰ্মাণ কৰিবলৈ লৈছে যদিও তাই একেবাৰে পঢ়া শুনা নকৰে।
ভালদৰে অধ্যয়ন নকৰিলে ভাল ডকুমেণ্টৰি তৈয়াৰ কৰিব নোৱাৰি। এই বিষয়ে অলপ পঢ়া শুনা
কৰি তুমিয়েই তাইক সহায় কৰি দিবা”। অনুপমালৈ চাই কেভিনে ক’লে।
“মই নিশ্চয় কৰিম।
তুমিও তাইক যথেষ্ট সহায় কৰিব লাগিব কেভিন। তাই তোমাৰো সহায় আৰু সহানুভূতি
বিচাৰে"। অনুপমাই কেভিনৰ চকুলৈ চাই ক'লে।
কেভিনে নীৰৱে মূৰ দুপিয়ালে। এটা শূন্য
দৃষ্টিৰে খিৰিকীৰে বাহিৰলৈ চাই সি জপাই থোৱা কিতাপখন আকৌ মেলি ল’লে।
অনুপমাই ভাবিলে, অসমৰ তৈল অন্বেষণৰ ইতিহাস অধ্যয়নৰপৰা ক্লাৰাক
সহায় কৰাৰ উপৰি তাই অসমৰ বিষয়েও বহু নজনা কথা জানিব পাৰিব। অসমীয়া ছোৱালী হিচাপে
তাইৰ এই ইতিহাস জনাটো প্ৰয়োজনীয়।
ইতিমধ্যে ৰেল খন ইংলিছ চেনেলৰ তলৰ সুৰঙ্গ
পথেৰে আগবাঢ়িছিল। দীঘলীয়া সুৰঙ্গ পথটো এক নিৰ্দিষ্ট দূৰত্বত থকা লাইটৰ পোহৰত আলোকিত
হৈ আছিল। এক নিৰ্দিষ্ট দূৰত্বত কিবা বিপদত পৰিলে সহায়ৰ কাৰণে টেলিফোনৰ ব্যৱস্থা
আছিল। অনুপমাই যেন অনুভৱ কৰিবলৈ চেষ্টা কৰিলে সাগৰৰ কিমান তলেদি ৰেলখনে যাত্ৰা
কৰিছে।
এখন সাগৰৰ বিশাল বুকুৰ মাজেৰে তাইৰ এই
যাত্ৰা। ভাবিয়েই তাইৰ মনটো ভাল লাগি গ'ল।
মাজে মাজে অনুপমা আলোড়িত হ'ল এই কথা ভাবি যে আৰু অলপ সময়
পিছতে তাই পদাৰ্পণ কৰিব তাইৰ সপোনৰ পেৰিছ নগৰীত। সৌন্দৰ্য্য সাধনা আৰু ফেছনত পেৰিছ
বিশ্বৰ ৰাজধানী।
সৰুৰে পৰা শুনি থকা এখন যেন সপোনৰ দৰে চহৰ।
পেৰিছ চহৰ!
ৰাতি দহ বজাত পেৰিছৰ গ্যৰ দ্যু নৰ্ড ষ্টেচনত
নামি দুয়ো বস্তু বাহানি লৈ বাহিৰলৈ ওলোৱা গেটৰ পিনে আগবাঢ়িল। ৰেল ষ্টেচনটোত বেছি
হাই উৰুমি নাই। কেইবাখনো ধুনীয়া ধুনীয়া ৰেল ষ্টেচনটোত ৰৈ আছে।
কেভিনে অনুপমাক ক’লে, “Sortie বুলি লিখা থকা ফলক বোৰ চাই চাই গৈ থাকা”।
তাই বুজিলে, ফৰাচী ভাষাৰ Sortie শব্দটোৱে ইংৰাজী Exit বুজায়। দুয়ো বাহিৰলৈ ওলাই টেক্সীৰ কাৰণে
অপেক্ষা কৰিলে। এটা কথাত তাই আচৰিত হ’ল যে পেৰিছত টেক্সী চালক বোৰে ভাৰতৰ দৰে ভাড়াৰ ওপৰত দৰদাম কৰে। টেক্সীত থকা মিটাৰত দেখুওৱা ভাড়াতকৈ অতিৰিক্ত পইচা বিচাৰে।
কেভিনে ক’লে, “ৰাতিৰ পেৰিছ নগৰী অপৰাধীৰ ৰম্যভূমি হৈ পৰে। ফৰাচী ভাষা নাজানিলে এইখন চহৰত ঠগ
খোৱাৰ প্ৰৱল সম্ভাৱনা আছে”।
অনুপমাই ভাবিলে - বৰ বৰ চহৰবোৰ কিয় জানো ৰাতি ভয়লগা হৈ পৰে।
একে কথাই তাই দিল্লী, কলিকতা আৰু লণ্ডনৰ বিষয়েও শুনিছে।
কেইবাখনো টেক্সী সমুখেৰে পাৰ হৈ গ’ল। কেভিনে ড্ৰাইভাৰ বোৰৰ লগত কথা
পাতিলে, কিন্তু
টেক্সীবোৰত নুঠিল। অলপ পৰ অপেক্ষা কৰি ইংৰাজী ক’ব পৰা চালক এজন পাই কেভিনে অনুপমাক ক’লে, “ফৰাছী ভাষা নাজানিলে এইখন চহৰত চলা মস্কিল। ব’লা আমি এজন ইংৰাজী জনা চালক পাইছোঁ”।
পেৰিছৰ অলিয়ে গলিয়েদি টেক্সী খন আগবাঢ়িল।
ৰাষ্টাৰ দুয়োকাষে দোকান পোহাৰ বোৰ অনুপমাই চাই গ’ল। বেছিভাগ ঠাইতে বহল ফুটপাথত ৰেষ্টোৰাঁ
বহিছে। ওপৰত ছামিয়ানা তৰা অস্থায়ী ৰেষ্টোৰাঁ কেইখনমানো চকুত পৰিল। ৰাতি প্ৰায় চাৰে
দহ বজাতো ৰেষ্টোৰাঁবোৰত মানুহৰ ভীৰ। হয়তো শুকুৰবাৰ হোৱা বাবে ৰাতি বহুত মানুহে
বাহিৰত খাবলৈ ওলাই আহিছে। সপ্তাহটোত পাঁচদিন কাম কৰাৰ পিছত শুকুৰবাৰৰ সন্ধিয়া
মানুহৰ মৌজ-মস্তি কৰাৰ সময়, কাৰণ শনি আৰু দেওবাৰ বন্ধ। ডাঙৰ ডাঙৰ বিয়েৰৰ গিলাছ লৈ একেবাৰে ৰিলাক্স মুডত
কথাত বিভোৰ হৈ থকা লোক সকললৈ চাই তাইৰ ভাল লাগিল। তাই কেইবাখনো উপন্যাসত ভোজন
বিলাসী আৰু ফূৰ্তিবাজ ফৰাছী লোকসকলৰ কথা পঢ়িছে।
টেক্সীখন গৈ এসময়ত এটা ধুনীয়া ঘৰৰ ওচৰত ৰৈ গ’ল। ৰাস্তাৰ দাঁতিতে কোনো চৌহদ, বেৰ নথকা ডাঙৰ ঘৰটো
কোনোবা ব্যৱসায়িক প্ৰতিষ্ঠান যেনহে লাগে।
কেভিনে ক’লে, “এইটোৱেই মোৰ মাৰ ঘৰ। আহাঁ”। টেক্সীখনক বিদায় দি কেভিনে ঘৰৰ কলিং বেলটো বজালে। অলপ পিছত পৰিচাৰক এজনে দুৱাৰ
খুলি দিলে। কেভিনক দেখি পৰিচাৰক জনে হাঁহি মাৰি ভিতৰলৈ
আহিবলৈ ক’লে।
ঘৰটোৰ ভিতৰচোৱা ৰাজপ্ৰসাদৰ দৰে লাগিল
অনুপমাৰ। বেৰত ওলোমাই থোৱা আছে কেইবাখনো আটক ধুনীয়া পেইণ্টিং। চিলিঙৰ পৰা ধুনীয়া
কাঁচৰ আৱেষ্টনিত লাইটৰ থোপা ওলমি আছে। কোঠাৰ
ফাৰ্ণিচাৰ বোৰত নানা ধৰণৰ চালে চকুৰোৱা কলাকৃতি। কেভিনে ছোফা এখনত তাইক বহিবলৈ
দিলে। দুয়োৰে বেগ দুটা পৰিচাৰকজনক ভিতৰলৈ নিবলৈ দি সিয়ো তাইৰ ওচৰতে বহিল।
অলপ পাছতে বহা কোঠাটোৰ এচুকত থকা খটখটিয়েদি
ফুলাম গাউন পিন্ধা মহিলা এগৰাকী খৰ ধৰকৈ নামি আহিল। মানুহগৰাকীয়ে চুলিখিনি গোটাই
ওপৰলৈ নি জঁটা বন্ধাৰ দৰে কৰি এক আকৰ্ষণীয় কেশ সজ্জা কৰি ৰাখিছে।
“তোমালোক আহিলা” বুলি কৈ তেওঁ আহি
প্ৰথমতে কেভিনক আৰু তাৰ পিছত অনুপমাক সাৱটি ধৰিলে।
তেওঁ অনুপমালৈ চাই ক’লে, “মই মেৰি। কেভিনৰ মাক। তুমি অনুপমা নহয়নে? তোমাক মোৰ মায়ে খুব মৰম কৰে। তোমাৰ কথা কৈয়ে
থাকে”।
“মা, আমাৰ ভাগৰ লাগিছে। কি
আছে খাবলৈ দিয়া”, কেভিনে সৰু ল’ৰাৰ দৰে মাকৰ ওচৰত আবদাৰ কৰিলে।
অনুপমাই মানুহজনীলৈ চালে। যথেষ্ট ওখ মানুহগৰাকী ধুনীয়া আৰু সুগঢ়ী। নিজৰ শৰীৰৰ
যথেষ্ট যতন লোৱা বাবে হয়তো বয়সে তেওঁৰ দেহত আঁচোৰ পেলাব পৰা নাই, কাৰণ মানুহ গৰাকীক
দেখিলে তেওঁৰ বয়সৰ বিষয়ে ধাৰণা কৰা মস্কিল। পোচাকত আভিজাত্য আৰু ৰুচিবোধৰ চিন
বিদ্যমান। কিন্তু দেখিলে মানুহগৰাকীক যথেষ্ট সাদৰী যেন
লাগে।
“তোমালোকে
কোঠালৈ গৈ হাত-মুখ ধুই লোৱা, মই ডিনাৰ ৰেডী কৰিছোঁ”। এই বুলি তেওঁ বহা কোঠাতে সংলগ্ন পাকঘৰটোত ব্যস্ত হৈ পৰিল।
কেভিনে অনুপমাক আলহী শোৱা কোঠাটোলৈ লৈ গ’ল। তাই আচৰিত হ’ল যেতিয়া তাই জানিব পাৰিলে যে
সেইটো কোঠাতে দুয়োৰে বিছনা ঠিক কৰা হৈছে। তাই আগতে সম্পৰ্কীয় মানুহৰ বাদে কেতিয়াও
কোনো পুৰুষৰ লগত একেটা কোঠাত থকা নাই। তাই কথাটো ভাল নাপালে।
কোঠাটোৰ দুৱাৰ দলিত সংকোচ ভাৱত তাই অলপ সময়
থিয় দি ৰ’ল। কেভিনে তাইৰ
মনৰ কথা ধৰিব পাৰিলে।
“আমাৰ সমাজত
দুজন বন্ধু, ল’ৰাই হওক বা ছোৱালীয়ে হওক একেটা
কোঠাত থকাটো অশোভনীয় কথা নহয়। পিছে মই বুজিছোঁ তুমি কথাটোত অসুবিধা পাইছা। চিন্তা
নকৰিবা, মই ইয়াত
নোশোওঁ। মই বহা কোঠাৰ ছোফাতে শুম”, কেভিনে ক’লে।
অনুপমাই কিবা কোৱাৰ আগতেই সি সংলগ্ন বাথৰূমত
হাত ভৰি ধুই কাপোৰ সলাই আহি তাইক ক’লে, “এতিয়া এই কোঠাটো
তোমাৰ। তুমি নিজৰ মতে ব্যৱহাৰ কৰিব পাৰা”।
তাই মিচিকিয়া হাঁহি মাৰি ক’লে, “ধন্যবাদ কেভিন”। তাই অনুভৱ কৰিলে, কেভিনে তাইৰ মনৰ কথা নক'লেও বুজি পায়।
ডিনাৰ টেবুলত খোৱাৰ আয়োজন দেখি অনুপমাৰ চকু
কপালত উঠিল। ফ্ৰান্স খাদ্য ৰসিকৰ দেশ বুলি তাই জানে। কিন্তু একেলগে ইমানবোৰ আয়োজন
তাই আগতে দেখা নাছিল।
প্ৰথমতে আহিল এপিটাইজাৰ হিচাপে এপিৰিটিফ নামৰ
ককটেইল।
তাই মুখত দিবলৈ ইতস্তত: কৰাত মেৰীয়ে ক’লে, “এয়া ফ্ৰান্সৰ নিজা এপিটাইজাৰ। একদম মাইল্ড।
তুমি একো অসুবিধা নোপোৱা”।
তাই মেজত থকা বটলৰ পৰা নেমু ৰস গিলাছ এটাত
ঢালি ক’লে, “এইটোৱে মোৰ পচন্দৰ
এপিটাইজাৰ। এইটো ইণ্ডিয়ান এপিটাইজাৰ। চুপাৰ মাইল্ড”। তাইৰ কথাত কেভিন আৰু মাকে হা্ঁহিলে।
এপিটাইজাৰৰ পিছতে আছিল বন্ধাকবিৰ পাত, পিয়াজ, বিলাহী আদিৰে সজোৱা
মাছৰ তৰকাৰী এবিধ। সেইবিধ খাই তাই বৰ সোৱাদ পালে। মাছৰ পিছত আছিল বিভিন্ন পাচলিৰে
সজোৱা সিজোৱা হাড় নোহোৱা কুকুৰাৰ মাংস। লগতে সেউজীয়া শাক পাচলিৰ ছালাড, ফ্ৰেন্স ব্ৰেড আৰু
ব্ৰাউন টোষ্ট। শেষত আছিল চিজৰ লগত পকা অমিতা আৰু তৰমুজ। ডেজাৰ্ট হিচাপে সবাতোকৈ
শেষত চকলেট কে’ক আৰু আইচক্ৰীম।
এই সুস্বাদু খাদ্যবোৰ খাই থাকোঁতে অনুপমাই
ধৰিবই নোৱাৰিলে তাই কিমান খালে। পিছে শেষলৈ তাইৰ পেটটো গধুৰ লাগি আহিল।
খোৱা হোৱাৰ পিছত বহা কোঠাত আটায়ে বহিল। মেৰিয়ে ক’লে - “তোমালোক আটায়ে ইণ্ডিয়ালৈ
যাবলৈ ওলোৱা দেখি মোৰো যাবলৈ বৰ মন গৈছে। মা এই বয়সতো যে যাবলৈ ওলাইছে, সেই কথাত মই আচৰিত
হৈছোঁ। মা পেৰিছলৈ আহিবলৈ টান পায়, অথচ ইণ্ডিয়ালৈ যাবলৈ ওলাইছে। জানো কিহৰ টানত বুঢ়ী মানুহ জনী যাবলৈ ওলাইছে”।
অনুপমাই তপৰাই ক’লে, “আণ্টি, আপুনিও ওলাওক, বৰ ভাল লাগিব”।
মেৰিয়ে হাঁহি মাৰি ক’লে, “মই নোৱাৰিম। তোমাৰ আংকলৰ বিশাল ব্যৱসায়ৰ কেইটামান ব্যৱসায়
মোৰ ভাগতো পৰিছে। পেৰিছৰ ৰু দ্য লাপেত মোৰ এখন বুটিক আছে, তদুপৰি চেম্পছ ইলিছিছত মোৰ এখন প্ৰসাধনৰ
দোকান আছে। মই এইবোৰ এৰি কলৈকো ওলাব নোৱাৰোঁ।
"কেভিন ইয়ালৈ নাহিলে কেতিয়াবা মোৰ তাকো লগ পোৱাৰ সময় নহয়। মোৰ ছোৱালী মিচেল
পেৰিছতে থাকে। তাইকো বহুদিন লগ পোৱা নাই”। এজনী ধুনীয়া ছোৱালীৰ ফটো এখনলৈ অঙুলিয়াই তেওঁ ক'লে।
কেভিনে ফটোখনৰ পিনে চাই অনুপমাক বুজাই দিলে, “এইজনী মিচেল, মোৰ ষ্টেপ ছিষ্টাৰ”। অনুপমাই বুজিলে।
বিদেশত এনে ধৰণৰ সম্পৰ্কবোৰ সাধাৰণ কথা। কেভিন আৰু মিচেলৰ মাক একেজনী যদিও দেউতাক
একেজন নহয়।
“আণ্টি, পেৰিছ খন বৰ ধুনীয়া
নহয়নে? মই সৰুৰে পৰা
এই চহৰখনৰ বিষয়ে কিমান যে শুনিছোঁ।” অনুপমাই ক’লে।
“এৰা, সকলোৱে পেৰিছৰ প্ৰেমত
পৰে। ময়ো এবাৰ আহি পেৰিছৰ প্ৰেমত পৰি থাকিয়েই গ'লোঁ"।
মেৰীয়ে হাঁহিলে।
"কাইলৈৰ দিনটো কেভিনে তোমাক পেৰিছ খন দেখুৱাব”। কেভিনলৈ চাই তেও ক'লে, "কাইলৈ তোমাৰ বান্ধৱীক পেৰিছ চহৰখন এনেকৈ দেখুৱাবা যাতে তায়ো পেৰিছৰ প্ৰেমত
পৰে"।
খোৱা-বোৱাৰ পিছত অনুপমা সোনকালেই বিচনালৈ গ’ল। কিন্তু তাইৰ সোনকালে টোপনি
নাহিল। ইমান কোমল, মখমলী বিচনাত তাই কেতিয়াও শুই পোৱা নাই। বিচনাখনত পৰিলেই অকণমান তললৈ সোমাই
যোৱা যেন লাগে।
বিচনাত পৰি পৰি তাইৰ দেউতাকৰ কথা মনলৈ আহিল।
পেৰিছলৈ অহাৰ কথা দেউতাকক কৈছে যদিও এইদৰে কেভিনৰ লগত অকলে অহাৰ কথা কোৱা হোৱা
নাই। অকলশৰীয়াকৈ থকা দেউতাকে সৰু সৰু কথা কিছুমানতে উদ্বিগ্ন হৈ পৰে। তাই আজিকালি
অনুভৱ কৰে ইমান দূৰৰ পৰা তেওঁক কিছুমান কথা নোকোৱাই ভাল।
অনুপমাৰ ক্লাৰাৰ কথাও মনলৈ আহিল। তাইৰ
তেতিয়াহে চিন্তা হ’ল, কেভিনৰ লগত তাই
এনেদৰে গুচি অহাৰ কাৰণে ক্লাৰাৰ মনত হয়তো বেজাৰ লাগিছে। হাজাৰ হওক, এগৰাকী নাৰীয়ে তাইৰ
পুৰুষ সংগীয়ে আন নাৰীৰ সান্নিধ্য উপভোগ কৰাটো সহ্য কৰিব নোৱাৰে। তাতে ক্লাৰাৰ
অন্তৰত ভূমুকি মাৰি তাই দেখিছে তাইৰ মনৰ মাজত লুকাই থকা দুখৰ সাগৰ।
তাই ভাবিলে, অহাৰ আগতে ক্লাৰাক এবাৰ লগ ধৰা উচিত আছিল, কিন্তু কামৰ হেঁচাত
তাই সুবিধাই কৰিব নোৱাৰিলে। তাইৰ তেতিয়াই ক্লাৰাৰ লগত কথা পাতিবলৈ মন গ’ল।
তাই ফোন কৰিলে, “ক্লাৰা, আমি পেৰিছ পালোঁহি। তুমি কি কৰিছা”?
“আজি মই অকলে
অকলে খুব মদ খালোঁ। খুব ফূৰ্তি লাগিছে। অকলশৰে ঘৰটোত নাচিমেই নে গানেই গাম ধৰিবই
পৰা নাই। হা: হা: হা:” - ক্লাৰাই জোৰ জোৰকৈ
হাঁহিলে।
অনুপমা শিয়ৰি উঠিল। সেয়া ক্লাৰাৰ হাঁহি নহয়। হাঁহিৰ
শব্দত তাইৰ ডিঙিৰ কান্দোনবোৰ জোৰ জোৰকৈ ওলাই আহিছে।
“তোমালোকে
পেৰিছত খুব মস্তি কৰিবা অনুপমা। আফটাৰ অল ইট ইজ অ'নলি ওৱান লাইফ। জীয়াই আছোঁ মানে জীৱন আছে, মৰাৰ পাছততো সকলো শেষ।
মন খুলি এনজয় কৰা”, তাই চিঞৰি চিঞৰি ক’লে।
“তুমি ডিনাৰ
কৰিলানে”? অনুপমাই লাহেকৈ
সুধিলে।
“নাই, আজি আৰু ডিনাৰ ৰান্ধিবলৈ
মোৰ শক্তি নাই। মোৰ খুব টোপনি ধৰিছে। মই এতিয়া আৰামকৈ শুম। মোক আমনি কৰিবলৈ এই কেভিনটোও নাই। শুভ ৰাত্ৰি”, এই বুলি ক্লাৰাই ফোনটো
কাটি দিলে।
অনুপমাৰ বুকুখন যেন মোচৰ খাই উঠিল। তাইৰ
নিজকে ক্লাৰাৰ সমুখত অপৰাধী যেন লাগিল। জীৱনত কেতিয়াও কোনো মানুহকে তাই জানি-শুনি
আঘাত দিয়া নাই। কিন্তু তাই এইদৰে গুচি অহাৰ কাৰণে ক্লাৰাই আঘাট পালে তাই নিজকে
ক্ষমা কৰিব নোৱাৰিব।
বহুত সময় তাই চকু মেলি বিছনাতে পৰি থাকিল।
ক্লাৰাৰ নি:সঙ্গতাখিনি তাই যেন অনুভৱ কৰিব পাৰিলে। তাইৰ জীৱনত এতিয়ালৈ কোনো পুৰুষ
সংগী নাই যদিও অনুপমাই কেতিয়াও নি:সঙ্গতাৰ বেদনা অনুভৱ কৰা নাছিল। তাই নিজৰ কামৰ মাজত, নিজৰ আজৰি পৰৰ চখ বোৰৰ মাজত জীয়াই থকাৰ আনন্দ বিচাৰি লয়।
কিন্তু ক্লাৰাই বিচাৰে অনবৰতে তাইক কোনোবাই মৰমেৰে
ওপচাই ৰাখক। সেয়েহে নিসঙ্গতাই তাইক হয়তো উন্মাদ কৰি পেলায়।
তাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে, ক্লাৰা যেন কুশলে
থাকে।
ৰাতি শোওঁতে দেৰী হ’ল যদিও ৰাতিপুৱা তাই সোনকালেই সাৰ পালে। গা
পা ধুই এজোৰ ভাল পোচাক পিন্ধি কোঠাৰ পৰা ওলাই আহি তাই দেখিলে যে কেভিনো সাজু হৈ
আছে।
সি ক’লে, “আমি ব্ৰেকফাষ্ট কৰি সোনকালেই ওলাই যাওঁ ব’লা। সোনকালে গ’লে আইফেল টাৱাৰৰ ভিৰ কম পাম”।
ব্ৰেকফাষ্ট টেবুলত বহি অনুপমাই কেভিনক ক’লে, “মোৰ ওলাই যাবলৈ একেবাৰে মন যোৱা নাই। আমি
আজিয়েই উভতি যাওঁ ব’লা”।
“উভতি যাবা? কিন্তু কিয়”? - কেভিন আচৰিত হ’ল।
“মোৰ মনটো ভাল
লগা নাই। ক্লাৰাই চাগে খুব অকলশৰীয়া অনুভৱ কৰিছে। তাই মোক পেৰিছলৈ আহিবলৈ লগ
ধৰিছিল। তাই নথকাকৈ পেৰিছ চাবলৈ মোৰ মন যোৱা নাই” - অনুপমাৰ মাতত বিষাদৰ সুৰ ভাঁহি আহিল।
“কোনে ক’লে তোমাক ক্লাৰাই অকলশৰীয়া অনুভৱ
কৰিছে। মই অলপ আগতে তাইৰ লগত কথা পাতিছোঁ। তাই লগৰ ল’ৰা কেইটামানৰ লগত হাইকিং কৰিবলৈ ওলাই গৈছে”।
“হাইকিং? হাইকিং মানে কি”? অনুপমাই কেভিনলৈ চাই
সুধিলে।
“হাইকিং মানে
কেইজনমানে লগে ভাগে খোজকাঢ়ি কিছুমান ধুনীয়া ঠাই চোৱা। ছাছেক্সৰ পৰা ২০ মিনিট মান
টেক্সীৰে গৈ কোকোং নামৰ এখন গাওঁ আছে। তাৰ পৰা ১২ কিল’মিটাৰ এটা পাহাৰীয়া পথেৰে খোজকাঢ়ি গ’লে অৰণ্যৰ দৃশ্য, বনৰীয়া ভেড়া, ম’হ আদি দেখা পোৱা যায়। ক্লাৰাই এটা
দলৰ লগত গৈ তেওঁলোকৰ ফটো তোলাৰ কাম এটা পাইছে। তাই আজি দিনটো তাতেই ঘূৰি ফুৰিব”।
অনুপমাই ভাবিলে, ক্লাৰাই ফূৰ্তি কৰক, সুখী হওক। ক্লাৰা সুখী হ’লে তায়েই আটাইতকৈ সুখী হ’ব। তাইৰ মনটো ফৰকাল হ'ল। তাই ভাবিলে ক্লাৰাই যিহেতু ফূৰ্তিত আছে, ব্যস্ত হৈ আছে, তাইৰ একো চিন্তা কৰিবলগীয়া নাই।
কেভিনৰ লগত খোজকাঢ়ি ওলাই গৈ তাই ৰিপাব্লিক
নামৰ ঠাই ডোখৰ পালে। এই ঠাইডোখৰ ফ্ৰান্সৰ এক ঐতিহাসিক স্থান। ফৰাচী বিপ্লৱৰ বহুতো
স্মৃতি এই ডোখৰ ঠাইৰ লগত জড়িত হৈ আছে।
ৰিপাব্লিকত খটখটিয়েদি মাটিৰ তললৈ নামি গৈ
দুয়ো এটা মেট্ৰ' ষ্টেছনত
উপস্থিত হ'ল।
ট্ৰোকাডেৰো নামৰ মেট্ৰ’ ষ্টেচনটোত মাটিৰ তলেৰে
যোৱা ৰেলৰ পৰা নামি দুয়ো ততাতৈয়াকৈ ওলাই আহিল। ষ্টেচনটোৰ পৰা বাহিৰ হৈয়েই সমুখলৈ চাই অনুপমা বাকৰুদ্ধ হৈ গ’ল।
তাইৰ সমুখত সগৰ্বে ঠিয় হৈ আছে ফ্ৰান্সৰ সেই
বিখ্যাত অৱয়ব যিটোৱে যুগ যুগ ধৰি বিশ্বৰ সকলো প্ৰান্তৰ পৰ্যটকক মন্ত্ৰমুগ্ধ কৰি
ৰাখিছে।
আইফেল টাৱাৰ!!! ফ্ৰান্সৰ গৌৰৱ!
অনুপমাই মন্ত্ৰমুগ্ধৰ দৰে টাৱাৰটোলৈ চালে। এই
টাৱাৰটো চাবলৈ হেনো বিশ্বৰ সৰ্বাধিক পৰ্য্যটক আহে। মানুহবোৰলৈ চাই অনুপমাৰ এনে
লাগিল যেন পৃথিৱীৰ প্ৰায় সকলো দেশৰে নাগৰিক যেন তাত সমবেত হৈছেহি। জাপানী, চীনা, ভাৰতীয়, আমেৰিকান, আফ্ৰিকান সকলো প্ৰকাৰৰ
মানুহ তাত আছে।
আইফেল টাৱাৰৰ নিচেই ওচৰেদি বৈ গৈছে ছিয়েন
নদী। এই ছিয়েন নদী পেৰিছ চহৰৰ প্ৰাণস্বৰূপ। আইফেল টাৱাৰৰ কাষৰ পৰা ছিয়েন নদীত নৌকা
বিহাৰৰ সুবিধা আছে।
কেভিনে ক’লে, “আমাৰ হাতত সময় কম। সেয়ে নৌকা ভ্ৰমণ কৰিলে আমি কম সময়তে পেৰিছ চহৰখনৰ বেছিভাগ
ঠাই চাব পাৰিম”।
অনুমপাই পিছে চকুৰ পলক নমৰাকৈ আইফেল টাৱাৰ
টোকে ঘূৰি ঘূৰি চাবলৈ ধৰিলে। এখন এলিভেটৰ টাৱাৰটোৰ মাজেৰে উঠা নমা কৰি থকা দেখি
তাই কেভিনক ক’লে, “ওপৰলৈ যাওঁ ব’লা। কেনেকৈ ওপৰলৈ যাব পৰা যায়”?
কেভিনে ক’লে - “আইফেল টাৱাৰৰ ওপৰলৈ যাবলৈ এলিভেটৰ আৰু খটখটি দুইবিধেই আছে। বিশাল অৱয়বটোৰ
ভিতৰত তিনিটা খলপ আছে। প্ৰথম আৰু দ্বিতীয় খলপ দুটালৈ খটখটিয়েদিও যাব পাৰি। এই দুটা
খলপত ৰেষ্টোৰাঁ আছে। একেবাৰে ওপৰলৈ যাবলৈ হ’লে এলিভেটৰ ল’বই লাগিব। ওপৰলৈ যাবলৈ হ’লে আমি টিকেটৰ কাৰণে শাৰীত থিয় হ’ব লাগিব”। এই বুলি কেভিনে মানুহৰ ভিৰৰ মাজত অনুপমাক
হাতত ধৰি বাট উলিয়াই গৈ শাৰীত থিয় হ’ল।
ইতিমধ্যে শাৰী যথেষ্ট দীঘল হৈছিল। শাৰীৰ শেষত
দুয়ো থিয় হ’ল।
ওচৰতে ভাৰতীয় যেন লগা চেহেৰাৰ দুজন ডেকা ল’ৰাই আইফেল টাৱাৰৰ প্ৰতিমূৰ্তি, ছাতি, ছাবিৰ ৰিং আদি বিক্ৰী
কৰি আছিল। অনুপমাক দেখি ভাৰতীয় বুলি ধৰিব পাৰি আগুৱাই আহি হিন্দীতে ক’লে, “নিজৰ প্ৰিয়জনক উপহাৰ দিবলৈ লৈ যাওক। একেবাৰে
সস্তা”।
কথাৰ সুৰৰ পৰা অনুপমাই ধৰিব পাৰিলে ল’ৰা দুজন বাংলা ভাষী। তাই ঘৰ ক’ত বুলি সোধোতে ক’লে বাংলাদেশ। তাই ভঙা ভঙা বাংলাতে
সুধিলে, “তোমালোকে
বাংলাদেশৰ পৰা আহি ইয়াত বেপাৰ কৰিছাহি”।
অনুপমাই বাংলা কোৱা দেখি ল’ৰা দুজনৰ মুখত হাঁহি বিৰিঙি উঠিল।
এজনে ক’লে, “দিদি, আমি বাংলাদেশৰ পৰা অহা
বহু ল’ৰা ছোৱালী ইয়াত
বেপাৰ কৰি আছোঁ। ইউৰোপৰ বহুত দেশত আমাৰ মানুহ আছে। ইটালীত সকলোতকৈ বেছি আছে। আপুনি
ক’ৰ পৰা আহিছে? আসাম নেকি?”
অনুপমাই মূৰ দুপিয়ালে। ল’ৰা জনে লগে লগে কৈ উঠিল, “তেনেহ’লে আপুনি দেখোন আমাৰ ঘৰৰ ওচৰৰ
মানুহ। বাংলাদেশ আৰু অসম আগতে এখনেই দেশ আছিল। আপুনি আমাৰ পৰা কিবা এটা লওক। আনক দিয়াতকৈ আপোনাক সস্তাত দিম। আনক আইফেল টাৱাৰ
পাঁচ টাকাত দিওঁ, আপোনাক তিনি টাকাত দিম”।
অনুপমাৰ হাঁহি উঠিল। ইউৰোপত বেপাৰ কৰিলেও
তেওঁলোকে ‘ইউৰো’ৰ সলনি নিজৰ মাজত ‘টাকা’ শব্দটোৱেই ব্যৱহাৰ কৰে। তাইৰ এনে লাগিল, বাংলাদেশ আৰু অসমৰ
যিমানেই সমস্যা নাথাকক কিয়, বিদেশৰ মাটিত অসমীয়া আৰু বাংলাদেশী সকল ঘৰৰ ওচৰৰ আপোন মানুহ।
কেভিনে কৈছিল, “এইবোৰ ইহঁতৰ পৰা নিকিনিবা। ইয়াত ভাল বস্তু
নাপাবা। মই তোমাক ভাল উপহাৰ পোৱা দোকানলৈ লৈ যাম”। তাইৰ পিছে ল’ৰা দুজনক নিৰাশ কৰিবলৈ মন নগ’ল। তাই সিহঁতৰ পৰা দুটা ছাবিৰ ৰিং
আৰু এটা আইফেল টাৱাৰৰ প্ৰতিমূৰ্তি কিনিলে।
শামুকীয়া গতিত শাৰীটো টিকেট কাউণ্টাৰৰ পিনে
আগবাঢ়িছে। অনুপমাৰ পিছতে কেভিন। অনুপমাই বৰ আগ্ৰহেৰে শাৰী পাতি থিয় হৈ থকা বিভিন্ন
দেশৰ, বিভিন্ন
প্ৰকাৰৰ মানুহবোৰ চাইছে।
অনুপমাৰ সন্মুখত এহাল বগা ছালৰ ডেকা গাভৰু
শাৰীত থাকিও এজনে আনজনক সাবটি ধৰি আদিম ৰসত বিভোৰ হৈ আছে। মাজে মাজে দুয়ো গভীৰ চুম্বনত
মত্ত হৈ পৰে। শাৰীৰ লগত আগুৱাই যাবলৈ পাহৰি যায়। দুজনমানে পিছৰ পৰা সঁকীয়াই দিয়ে, ‘পাছেৰ, পাছেৰ, মুভ অ’ন’। তেতিয়াহে তেওঁলোক আগবাঢ়ে। অনুপমাই ডেকা গাভৰু
হালৰ কাণ্ড কাৰখানা দেখি অন্য পিনে মূৰ ঘূৰালে। তাই লাজত ৰঙা চিঙা পৰিল। এইবোৰ
দেশত মানুহে ব্যক্তি স্বাধীনতাৰ নামত ৰাজহুৱা স্থানত যি মন যায় কৰিবলৈ কুণ্ঠাবোধ
নকৰে।
এইবোৰ কাণ্ড কাৰখানা তাই সহজভাৱে ল'ব নোৱাৰে। কেভিনৰ লগত কথা পাতিবলৈকো তাইৰ লাজ লাগিল।
এসময়ত শাৰীত আগবাঢ়ি দুয়ো এলিভেটৰৰ কাষ চাপিল।
ডাঙৰ এলিভেটৰটোত বহুত মানুহ একেলগে যাব পৰাৰ
ব্যৱস্থা আছে। এলিভেটৰটো ওপৰলৈ উঠি যোৱাৰ লগে লগে এজাক ঠাণ্ডা বতাহ বলিবলৈ ধৰিলে।
অনুপমাই জেকেট এটা পিন্ধি আহিছে যদিও বতাহ জাকে হাড়লৈকে কোবাই যোৱা যেন অনুভৱ হ’ল তাইৰ। কেভিনে তাইক ওপৰত মাকৰ অ’ভাৰকোট এটা পিন্ধি আহিবলৈ কৈছিল। তাই ভাবিলে অ’ভাৰকোট পিন্ধিবলৈ ইমান ঠাণ্ডা পৰা নাই। নিপিন্ধিলে। ঠাণ্ডা দেশবোৰত মানুহে চুৱেটাৰ, কোটৰ ওপৰত গৰম অ'ভাৰকোট পিন্ধে। কিন্তু বছৰৰ এই সময়ত ইমান
ঠাণ্ডা হ'ব পাৰে বুলি
তাই ভবা নাছিল।
আইফেল টাৱাৰৰ ওপৰলৈ উঠি গৈ থকা অৱস্থাত তাই
অনুভৱ কৰিলে অ’ভাৰকোট এটা
নানি তাই ভুল কৰিলে। কেভিনে অৱশ্যে অ’ভাৰকোট এটা পিন্ধি আহিছিল।
আইফেল টাৱাৰৰ একেবাৰে ওপৰ খলপাটো পোৱাৰ পাছত
বতাহ তীব্ৰভাৱে বলিবলৈ ধৰিলে। সেইখিনিৰ পৰা প্ৰায় সমগ্ৰ পেৰিছ চহৰখন দেখা পোৱা
যায়। পিছে বতাহৰ কোবত তাত থিয় হৈ থকাই মস্কিল হ’ল। অনুপমাই ঠাণ্ডাত থৰ থৰকৈ কঁপিবলৈ ধৰিলে।
“অনুপমা, তুমি ঠাণ্ডাত বৰকৈ
কঁপিছা। তুমি মোৰ কোটটো পিন্ধি লোৱা”, তাইৰ অৱস্থা দেখি কেভিনে ক’লে।
“নালাগে, তোমাৰ কোটটো মই
পিন্ধিলে তুমি কি পিন্ধিবা। তোমাৰো ঠাণ্ডা লাগিব।”, থৰ থৰকৈ কঁপি তাই ক’লে।
“মোৰ এই বহল অ'ভাৰকোটটো আমাৰ দুয়োৰে বাবে হ’ব”, এই বুলি সি তাইক টানি আনি নিজৰ অ’ভাৰকোটটোৰ মাজত সুমুৱাই তাইক সাৱটি
ধৰিলে।
অনুপমাৰ বুকু খনে ধান বানিবলৈ ল'লে। তাইৰ বুকুৰ ধপধপনিৰ উমান
কেভিনেও পায় বুলি তাই শংকিত হ'ল।
কেভিনৰ তাইক হঠাতে সাবটি ধৰা কাণ্ডত তাই
আচৰিত হ’ল যদিও অ'ভাৰকোটটোৰ আৱৰণত সোমাইহে তাই অলপ
সকাহ পালে।
কেভিনৰ বুকুৰ উমত তাইৰ আমেজ পোৱা যেন লাগিল। পুৰুষৰ বাহুবন্ধনত নাৰীয়ে যে নিজকে সুৰক্ষিত বুলি ভাবিব পাৰে সেই কথাৰ উমান
তাই যেন প্ৰথম বাৰৰ বাবে অনুভৱ কৰিলে।
সি তাইক তেনেকৈয়ে কিছু সময় সাবটি ধৰি থাকিল।
তাইৰ চকুযুৰি যেন আমেজত জাপ খাই আহিল।
এসময়ত কেভিনে ক’লে, “বলা নামি যাওঁ। ইয়াত বেছি সময় থাকিব নোৱাৰি”।
নামি আহি থাকোঁতে অনুপমাৰ এনে লাগিল তাই যেন
হিমালয়ৰ শিখৰ স্পৰ্শ কৰি উভতি আহিল। ক্ৰমান্বয়ে তাই মৰ্তলৈ নামি আহিছে।
তলত ঠাণ্ডা বতাহ জাক বলি আছিল যদিও তলত
ওপৰতকৈ তীব্ৰতা কম। ইতিমধ্যে কিনকিনীয়াকৈ বৰষুণ এজাকো আৰম্ভ হ’ল।
দুযো গৰম কফি একাপৰ প্ৰয়োজন অনুভৱ কৰিলে।
“ব’লা, আমি ছিয়েনৰ পাৰত বহি কফি খাওঁ”, কেভিনে ক’লে।
ছিয়েন নদীৰ পাৰত এখন ৰেষ্টোৰাঁত দুয়ো কফি
খাবলৈ সোমাল। ৰেষ্টোৰাঁখনৰ ভিতৰত বহিবলৈ আৰাম, গৰম হৈ আছে। দুয়ো কফি লৈ বহিল।
ৰেষ্টোৰাঁখনৰ পৰা নদীখন দেখি থাকি। দুয়োপাৰে
সুন্দৰকৈ পকা কৰি বান্ধি থোৱা ধুনীয়া নদী ছিয়েন। নদীত কেইবাখনো জাহাজ, নাও চলিছে। পৰ্যটকৰ
কাৰণে নৌকা বিহাৰৰ অতি সুব্যৱস্থা আছে।
লণ্ডনত টেমচ নদীৰ পাৰত বহি যেনে লাগে ছিয়েনৰ
পাৰত বহিও অনুপমাৰ তেনেই লাগিল। দুয়োখন নদীয়েই খুব সুন্দৰ। কিন্তু লুইতৰ বিশালতা
নাই। বাৰিষাৰ লুইতৰ উচ্ছল, বলিয়া ৰূপ হয়তো টেমচ বা ছিয়েনত দেখিবলৈ পোৱা নাযায়। কিন্তু প্ৰতিখন নদীয়েই
মানুহৰ মনত পুলক জগায়, মন ফৰকাল কৰি তোলে।
কফিৰ কাপত চুমুক দি কেভিনে ক’লে, “ইয়াৰ পিছত আমি লুভ মিউজিয়ামলৈ যাম। তুমি চাগে
এই মিউজিয়ামটোৰ বিষয়ে শুনিছা। ইউৰোপৰ প্ৰায় সকলো মহান কলাকাৰ, চিত্ৰ শিল্পী, ভাস্কৰৰ কলা কৃতি এই
মিউজিয়ামটোত সংগৃহীত হৈ আছে। পেৰিছ চহৰৰ
এইটো এটা মুখ্য আকৰ্ষণ। পিছে তোমাৰ মিউজিয়াম চাবলৈ মন আছেনে?”
পেৰিছৰ সৌন্দৰ্য্যই ইতিমধ্যে অনুপমাৰ মন
মুহিছিল। লণ্ডন চহৰৰ সকলো ঠাই তাইৰ ভালদৰে চোৱা হোৱা নাই যদিও তাইৰ এনে লাগিল যে
পেৰিছ খন লণ্ডনতকৈও ধুনীয়া। মানুহ বোৰো ধুনীয়া। ইমান ধুনীয়াকৈ পোচাক পাতি পিন্ধে। সকলো ফেছনৰ প্ৰতি সজাগ।
এই চহৰ খন হেপাহ পলুৱাই চাবলৈ তাইৰ মন গ’ল। তাই কেভিনক কৈ পেলালে, “চহৰখন ভালদৰে চাবলৈ
মোৰ মন গৈছে। তুমি য'লৈকে যাবলৈ কোৱা, মই তালৈকে যাম”।
কেভিনে দিনটোৰ কাৰণে পৰিকল্পনা কৰি পেলাইছিল।
সি কৈ গ’ল, “লুভ মিউজিয়ামত আমাৰ
কিছু সময় লাগিব। মিউজিয়াম চাই আমি লান্স কৰি ছিয়েনৰ পাৰে পাৰে খোজকাঢ়ি নট্ৰ’ ডাম গিৰ্জালৈ যাম। এই গিৰ্জা
ঘৰটোৰ ভাস্কৰ্য্য চাব লগীয়া। খ্ৰীষ্টিয়ান সকলৰ কাৰনে অতি পৱিত্ৰ স্থান। তাৰ পিছত
আমি চেম্পচ ইলিছিছলৈ যাম। এই অঞ্চলটো পেৰিছৰ আটাইতকৈ সম্ভ্ৰান্ত অঞ্চল। ইয়াতে মাৰ
প্ৰসাধনৰ দোকান আছে। সন্ধিয়া খোজকাঢ়ি ঘূৰি ফুৰিবলৈ এই অঞ্চলটো বৰ ভাল। কাইলৈ মাও
আমাৰ লগত ওলাব। আমি ভাৰ্ছাইত থকা ৰাজপ্ৰাসাদ চাবলৈ যাম। ভাৰ্ছাইতো আমাৰ কিছু সময়
লাগিব কাৰণ এই অঞ্চলটো পেৰিছৰ পৰা আঁতৰত। ভাৰ্ছাইৰ পৰা আহি সময় হ’লে মণ্টমাৰ্টেত ছেক্ৰেট হাৰ্ট
বেছিলিকালৈ যাম। আমি পাঁচ বজাত লণ্ডনলৈ যোৱা ৰেল ধৰিব লাগিব”।
ইমান খৰধৰকৈ কৰা কেভিনৰ পৰিকল্পনাৰ কথা শুনি
অনুপমাৰ কিয় জানো এনে লাগিল, আৰু দুদিন মান পেৰিছত থাকিব পৰা হ’লে ভাল আছিল। ইমান কম সময়ত পেৰিছ চাই শেষ কৰিব নোৱাৰি।
পেৰিছৰ বিশ্ব বিখ্যাত লুভ মিউজিয়ামত সোমাই
ইউৰোপৰ নৱ জাগৰণৰ সময়ৰ অনেক বচা বচা চিত্ৰকৰে অঁকা ছবি, অনেক বিখ্যাত ভাস্কৰে গঢ়া প্ৰতিমা, ইউৰোপীয়ান সকলে বিশ্বৰ
বিভিন্ন দেশত থকা উপনিৱেশ সমূহৰপৰা সংগ্ৰহ কৰা নানান সামগ্ৰী চাই অনুপমা অভিভূত হৈ
পৰিল।
মিউজিয়ামটোৰ ভিতৰত অতি আগ্ৰহেৰে বেৰত অঁকা
ছবিবোৰ চাই যাওঁতে অনুপমাৰ এনে লাগিল যেন তাই ঘূৰি ফুৰিছে মাইকেল এঞ্জেলো, লিওনাৰ্ড’ ভিন্সি, ৰাফেল, জ্যাঁ লুই ডেভিড আদি
বিখ্যাত চিত্ৰকৰৰ ছবি অঁকা গৃহত। লগতে স্থাপত্য শিল্পৰ অনুপম স্বাক্ষৰ বহনকাৰী
ইজিপ্ত, ৰোমান আৰু
গ্ৰীক সভ্যতাৰ কিছুমান উত্কৃষ্ট প্ৰতিমূৰ্তি স্বচক্ষে দেখি তাই নিজকে ধন্য মানিলে।
এঠাইত কেভিনে তাইক মানুহৰ জুম এটালৈ আঙুলিয়াই
দেখুৱালে। তাই বুজিলে তাত অতি আকৰ্ষণীয় কিবা এটা আছে। তাই আগবাঢ়ি গৈ মানুহৰ জুমৰ মাজেৰে চাই দেখিলে এটা ঈষৎ ৰহস্যপূৰ্ণ হাঁহিৰে বেৰত
সেয়া তাইৰ অতি চিনাকী নাৰী।
‘মনালিছা’!!!!
লিওনাৰ্ড’ দ্য ভিন্সিয়ে অঁকা বিখ্যাত ছবি ‘মনালিছা’। এগৰাকী নাৰীৰ মুখাবয়বৰ সেই মনোমোহা ছবি, যিখন ছবিয়ে যুগে যুগে
মানুহক সন্মোহিত কৰি ৰাখিছে। কোনেও যেন আজিলৈকে বুজিব পৰা নাই সেই হাঁহি আনন্দৰ নে
বিষাদৰ।
অনুপমাৰ শৰীৰৰ মাজেৰে বিজুলী খেলি গ’ল। তাইৰ অন্তৰ যেন আবেগত উথলি উঠিল। তাই যেন বিশ্বাস কৰিব নোৱাৰিলে তাইৰ সন্মুখত সেইখন লিওনাৰ্ড’ দ্য ভিন্সিয়ে অঁকা সেই
বিখ্যাত ছবিখন। মনালিছাক ওচৰৰ পৰা চাবলৈকে তাত মানুহৰ হেতা ওপৰা লাগিছে।
এটা কোঠাত ইজিপ্তৰ মামি কৰি থোৱা হেজাৰ হেজাৰ
বছৰ পুৰণি মৃতদেহবোৰ দেখি তাই শিয়ৰি উঠিল। মামী এটাৰ নিচেই কাষত ঠিয় হওঁতে তাই
কেভিনৰ হাত এখনত ধৰি থাকিল।
সেই মিউজিয়ামৰে এঠাইত দেখিবলৈ পালে ব্ৰিটিছ
সকলে ভাৰতৰ পৰা লৈ যোৱা হীৰা মুকুতাৰ ভাণ্ডাৰ। ‘ৰিজেণ্ট’ নামৰ ভাৰতীয় হীৰা টুকুৰা সুন্দৰকৈ সজাই থোৱা
আছে। দুখীয়া দেশৰ সম্পদে এতিয়া বিদেশৰ যাদুঘৰৰ শোভা বঢ়াইছে।
লুভ মিউজিয়ামৰ পৰা ওলাই আহি অনুপমাৰ এনে
লাগিল যেন তাই যেন ইমানপৰে বহু শতিকাৰ চিত্ৰ, কলা আৰু ভাস্কৰ্যৰ এক মায়া নগৰীত বিচৰণ কৰি
ফুৰিছিল। সেই মায়া নগৰীৰ পৰা ওলাই আহিবলৈও যেন টান।
তাৰ পিছত দুয়ো ছিয়েনৰ পাৰে পাৰে ফুটপাথেৰে
খোজকাঢ়ি নট্ৰা ডাম গিৰ্জাঘৰলৈ গ’ল। এই গিৰ্জা ঘৰটোত আটক ধুনীয়া স্থাপত্য কলাৰ নিদৰ্শন আছে। কেভিনে অনুপমাক দেখুৱালে খ্ৰীষ্টিয়ান সকলৰ বাবে অতি পৱিত্ৰ এই গিৰ্জাঘৰৰ ভিতৰে
বাহিৰে থকা অনুপম শিল্পকলা। ইউৰোপৰ সকলো পাকৈত শিল্পীয়ে যেন তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ
উজাৰি সাজি উলিয়াইছিল এই গীৰ্জাঘৰটো।
নট্ৰা ডামৰ ওচৰে পাজৰে কিছুমান শিল্পীয়ে গান
গাই, নাচ দেখুৱাই
পৰ্য্যটকক আকৰ্ষণ কৰে। সমগ্ৰ অঞ্চলটো আবেলিৰে পৰা উত্সৱমুখৰ হৈ পৰে। ভৰিত চকা
লগোৱা জোতা পিন্ধি স্কেটিং কৰা ডেকা গাভৰু সকলে বিশেষ নিপুণতাৰে ক্ৰীড়া কুশলতা
প্ৰদৰ্শন কৰি ঘূৰি ফুৰে। কোনোবা এঠাইত লাউড স্পীকাৰত গান বজাই থাকে, মানুহে সেই গানৰ তালে
তালে নৃত্য কৰে। চৌপাশে যেন জীৱনৰ জয়গান, যৌৱনৰ উত্সৱ।
কেভিনে তাইক ক’লে, “বলা আমিও ডান্স কৰোঁ”।
“কি কোৱা কেভিন? এইদৰে বাটৰ মাজত মই
নাচিব নোৱাৰোঁ”। এনেদৰে বাটৰ মাজত নচাটো অনুপমাৰ সপোনৰো অগোচৰ কথা।
লাউড স্পীকাৰত গান বজোৱা মানুহজন আফ্ৰিকান, ক’লা বৰণৰ। তেওঁ অনুপমাক ভাৰতীয় বুলি ধৰিব পাৰি আগবাঢ়ি তাইৰ পিনে আগবাঢ়ি আহি সুধিলে, “তোমাক হিন্দী গান লাগে
নেকি”?
হিন্দী গান? তাই আচৰিত হ’ল। পেৰিছৰ মাজ মজিয়াতো হিন্দী গান? তাইৰ মনটো ভাল লাগি গ’ল।
"বলিউড ছং, শ্বাহৰুখ খান, ইউ লাইক ইট"? মানুহজনে তাইক উত্সাহ
দিবলৈ ধৰিলে।
তাইৰ মুখত হাঁহি দেখি মানুহজনে বুজিলে তাই
হিন্দী গান ভাল পাব।
অলপ পিছতে লাউড স্পীকাৰত বাজি উঠিল, “তুঝে দেখা তো য়ে জানা
চনম, দিল হোতা হে
দিৱানা চনম”। গানটো বাজি উঠাৰ লগে লগে তাত থকা সকলোৱে কিৰিলি পাৰি হাত চাপৰি বজালে। হিন্দী
গান যে তাত কিমান জনপ্ৰিয় অনুপমাৰ বুজিবলৈ বাকী নাথাকিল।
"কাম অন মাডাম, ডান্স। ইণ্ডিয়ান বলিউড ছং"।
গান বজোৱা মানুহ জনে অনুপমাক নাচি থকা
মানুহবোৰৰ লগত নাচিবলৈ বাৰে বাৰে আহ্বান জনালে। কেভিনেও তাইক উত্সাহ দিলে।
অনুপমাৰ মন উত্সাহত ভৰি পৰিল। তাই ৰৈ থাকিব
নোৱাৰিলে। এপাকত তাই কেভিনকো হাতত ধৰি টানি নাচি থকা মানুহবোৰৰ মাজলৈ গৈ নাচিবলৈ
ধৰিলে। তাই ভাৰতীয় বুলিয়েই হয়তো আন মানুহ বোৰেও তাইক
হাত চাপৰি মাৰি নাচৰ মাজলৈ আদৰণি জনালে।
বাটৰ মাজত এইদৰে কোনোবাদিনা ডান্স কৰিব পাৰিব
বুলি অনুপমাই কেতিয়াও ভবা নাছিল। নাচি থাকোঁতে তাই অনুভৱ কৰিলে নাচে মানুহৰ মন
মুকলি কৰে। মনৰ সকলো সংকোচ আঁতৰাই পেলায়।
নাচৰ শেষত গান বজাই থকা মানুহজনক কেভিনে
সৌজন্যমূলক মাননি যাচিলে। মানুহজনে ফৰাছী ভাষাত "বুকু মেচি" বুলি কৈ
কেভিনক ধন্যবাদ জনালে।
কেভিনে ক’লে, “এইদৰে গান বজাই মানুহৰ মনোৰঞ্জন কৰি নাচিবলৈ উত্সাহ যোগোৱাই সেই মানুহ জনৰ
পেছা। মানুহে স্ব ইচ্ছাই তেওঁক দিয়া মাননিৰেই তেওঁৰ
সংসাৰ চলে। কোনোবাই একো নিদিলেও তেওঁ জোৰ জুলুম নকৰে”।
অনুপমাই ভাবিলে, জীৱিকা অৰ্জনৰ বাবে ইয়াতকৈ ভাল উপায় থাকিব
পাৰেনে? আনক হঁহুৱাই, নচুৱাই জীৱিকা উলিওৱা
লোক সঁচাকৈয়ে বিৰল। জীৱিকাৰ বাবে অভিনৱ উপায়ৰ বাট এইবোৰ দেশৰ মানুহে চিনি পায়।
ছিয়েন নদীৰ পাৰত এনে আনন্দ মুখৰ পৰিৱেশত
অনুপমাৰ মন ভৰি আহিল। তাইৰ সপোনৰ চহৰ খনে তাইক নিৰাশ নকৰিলে। পেৰিছৰ প্ৰতিটো
বস্তুৱে তাইৰ ভাল লাগিল।
প্ৰায় একে শৈলীত বনোৱা দুই তিনি মহলীয়া ঘৰবোৰ, সৰু সৰু ৰাষ্টা বোৰ, বহল ফুটপাথ বোৰ, ফুটপাথত থকা ফুলৰ
দোকানবোৰ সকলো মিলি যেন চহৰখনক সঁচাকৈয়ে এখন সপোন পুৰীত পৰিণত কৰিছে।
পেৰিছৰ মানুহ বোৰো লণ্ডনৰ মানুহৰ দৰে সকলো
কামতে ইমান ফৰ্মেল নহয়। বাহিৰত খাই, নাচি বাগি ভাল পোৱা, ধুনীয়া পোচাক পিন্ধা ফৰাছী মানুহবোৰো অনুপমাৰ ভাল লাগিল। এই সকলোবোৰ মিলি
পেৰিছক যেন লণ্ডনতকৈ অধিক আকৰ্ষণীয় কৰি তুলিছে। সন্ধিয়া চেম্পছ ইলিছিছত কেভিন আৰু অনুপমাই
খোজকাঢ়ি ফুৰিলে। ইয়াতো বিশাল ফুটপাথত অনবৰতে যেন এক উত্সৱমুখৰ, আনন্দৰ পৰিৱেশ বিৰাজ
কৰি আছিল।
ঠায়ে ঠায়ে গীটাৰ বজাই কিছুমানে গীত গাইছিল।
গীতৰ তালে তালে কিছুমান কম বয়সীয়া ছোৱালীয়ে নাচিছিল। কিছুমানে ভৰিত চকা লগোৱা জোতা
বা স্কেটচ পিন্ধি ইফালে সিফালে ঘূৰি ফুৰিছিল। কিছুমানে নেপোলিয়ন, জুলিয়াছ চিজাৰৰ পোচাক
পিন্ধি, মুখত ৰং ঘঁহি
পৰ্য্যটকৰ লগত ফটো উঠি তাৰ বিনিময়ত পইচা লৈছিল।
অনুপমাৰ এইবোৰ দেখি এনে লাগিছিল যেন পেৰিছ
পৃথিৱীৰ আটাইতকৈ সুখী, ফূৰ্তিবাজ মানুহৰ চহৰ।
No comments:
Post a Comment