কেভিনে অনুপমাক মাকৰ ব্যৱসায়িক
প্ৰতিষ্ঠানটোলৈ লৈ গ’ল। এখন বিশাল প্ৰসাধনৰ দোকান।
মূৰৰ পৰা ভৰিলৈকে, শৰীৰৰ প্ৰতিটো অংগৰ বাবে সুকীয়া প্ৰসাধনৰ
সামগ্ৰী তাত পোৱা যায়।
"বঁজু, মছিঁয়, মাডাম, প্লিজ কাম
ইন"।
পেৰিছৰ পৰম্পৰাগত আপ্যায়নেৰে এজনী
ধুনীয়া গাভৰুৱে দুয়োকে আদৰি ভিতৰলৈ লৈ গ’ল। তাই
দুয়োকে গ্ৰাহক বুলিয়েই ভাবি বিভিন্ন প্ৰসাধনৰ ছবি থকা কেটেলগ জাতীয় কিতাপ কিছুমান
আনি দিলেহি। ভঙা ভঙা ইংৰাজীৰে বুজাই দিলে যে পৃথিৱীত এনে কোনো প্ৰসাধন সামগ্ৰী নাই,
যিটো তাত পোৱা নাযায়। সেইখন দোকানত নোপোৱা প্ৰসাধনৰ সামগ্ৰী হয়তো
এতিয়াও আৱিষ্কাৰেই হোৱা নাই।
কেভিনে গাভৰু গৰাকীক বুজালে যে
তেওঁলোক গ্ৰাহক নহয়, দোকান খনৰ স্বত্ত্বাধিকাৰী
মেৰিক লগ কৰিবৰ বাবেহে তেওঁলোক তালৈ আহিছে। গাভৰু গৰাকী লগে লগে সন্ত্ৰস্ত হৈ পৰিল। তাই লগে লগে মেৰিলৈ খবৰ পঠিয়ালে।
প্ৰসাধনৰ সামগ্ৰী অনুপমাই নিজে খুব
কম ব্যৱহাৰ কৰে। এটা মূৰত লোৱা ছেম্পু, এটুকুৰা
সুগন্ধি চাবোন, মুখত ঘঁহা এটা ক্ৰিম, এটা
পাতল লিপষ্টিকেই তাই ব্যৱহাৰ কৰা প্ৰসাধনৰ সামগ্ৰী। কিন্তু সেই দোকান খনলৈ আহি তাই
আৱিষ্কাৰ কৰিলে প্ৰসাধনৰ পৃথিৱীখনৰ বিষয়ে তাইৰ জ্ঞান সীমিত। পৃথিৱীত ইমানবোৰ
প্ৰসাধনৰ সামগ্ৰী থাকিব পাৰে বুলি তাইৰ ধাৰণাই নাছিল।
মেৰি ওলাই আহি দুয়োকো আঁকোৱালি
ধৰিলে।
"তোমালোকক মোৰ দোকানত
দেখা পাই বৰ ভাল লাগিছে। পিছে এইখন দোকানত কেভিনৰ কামত লগা বস্তু একো নাই। যি আছে
অনুপমাৰ ভাল লগা বস্তুহে আছে"। এই বুলি তেওঁ অনুপমাক হাতত ধৰি আচুতীয়াকৈ এটা চুকলৈ লৈ গ'ল। সেইখিনিত নামী দামী ব্ৰেণ্ড বোৰৰ প্ৰসাধনৰ সামগ্ৰীবোৰ সজাই
থোৱা আছিল। এপদ এপদকৈ তেওঁ অনুপমাক সামগ্ৰীবোৰ দেখুৱালে।
পৃথিৱীৰ সকলো দেশৰে নাৰীৰ নিজকে
ধুনীয়া কৰিবলৈ হাবিয়াস আছে। এই হাবিয়াসেই হ’ল
প্ৰসাধনৰ জগত খন চলাই ৰাখিছে। অনুপমাই সামগ্ৰী কেইবিধ লিৰিকি বিদাৰি চাবলৈ ধৰিলে।
এগৰাকী মহিলাই তাইৰ হাতৰ ছালখনত
এটোপাল পনীয়া দ্ৰব্য পেলাই ছালখনৰ আৰ্দ্ৰতা পৰীক্ষা কৰিলে। ছালৰ আৰ্দ্ৰতা অনুসৰি
প্ৰসাধনো বেলেগ বেলেগ হয়। মহিলাগৰাকীয়ে অনুপমাক তাইৰ ছালৰ আৰ্দ্ৰতাৰ লগত খাপ খোৱা
এটা ছালৰ ক্ৰীম আনি দিলে। মেৰিয়ে সেইটো তাইৰ হাতত তুলি দি ক’লে, “এইটো পেৰিছৰ আটাইতকৈ জনপ্ৰিয়
কোম্পানী ল’ৰিয়েলৰ ক্ৰীম। ৰ'দত বাহিৰলৈ
ওলালে এই ক্ৰীমটো মুখ, ডিঙি আৰু হাতত লগাবা। তোমালৈ মোৰ মৰমৰ
উপহাৰ”।
উপহাৰটো আলফুলে হাতত লৈ অনুপমাই মেৰিক
ধন্যবাদ জনালে।
মেৰিয়ে ক’লে, “তোমালোকৰ হয়তো এতিয়া ভোক লাগিছে। ব’লা মোৰ কেবিনত বহি কিবা এটা খাবা”। অনুপমাৰ তেতিয়াহে খেয়াল হ’ল যে সঁচাকৈয়ে
ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পিছত বিশেষ একো খোৱা হোৱা নাই। আচলতে তেনেকৈ খাবলৈ মনেই
যোৱা নাই। ন’ট্ৰা ডামৰ ওচৰত এঠাইত দুয়ো ফ্ৰেন্স ফ্ৰাইৰ দুটা
পেকেট কিনি খাইছিল।
মেৰিৰ কেবিনটো এটা সৰু চাৰিচুকীয়া
কোঠা। এখন টেবুলত কম্পিউটাৰটো লৈ মেৰিয়ে নিজৰ কাম কৰে। আৰু দুজন মাত্ৰ মানুহ কোঠাটোত
বহিব পাৰে।
কেভিন আৰু অনুপমা কোঠাটোত বহাৰ অলপ
পিছতে মেৰিয়ে চিকেন ফ্ৰাইড ৰাইচ আৰু কোক অনালে। মেৰিয়ে দুয়োকে খাবলৈ দি ক’লে, “আজি তোমালোকৰ কাৰণে চাইনিজ খাদ্য
অনাইছোঁ। চাইনিজ খাদ্য গেটেই পৃথিৱীতে জনপ্ৰিয়। মই ভাবিলোঁ অনুপমাই খাই ভাল পাব”।
অনুপমাই খাই ভাল পালে। চাইনিজ
খাদ্য সঁচাকৈয়ে তাইৰ প্ৰিয়। পেৰিছৰ চাইনীজ খাদ্য যেন বেছি সোৱাদ লগা। আন এখন ঠাইলৈ
ওলাই গ’লে চাইনীজ খাদ্যৰ ওপৰতে তাই কেইবা বাৰো ভৰসা
কৰিব লগীয়া হৈছে।
খোৱা হোৱাৰ পিছত কেভিনে ক’লে, “মা আমি ওলাই যাওঁ। ইয়াত বহি থাকিলে অনুপমাৰ একো চোৱাই নহ’ব”।
মেৰিয়ে ক’লে, “অলপ ৰ’বা। মই
মাৰ্কক মাতি পঠিয়াওঁ”। অনুপমাৰ পিনে
চাই তেওঁ ক’লে, “তোমাক
মোৰ পাৰ্টনাৰ মাৰ্কৰ লগত চিনাকী কৰি দিওঁ ৰ'বা”।
তেওঁ ফোন কৰি মাৰ্কক মাতি পঠিয়ালে।
অলপ পিচতে বগা ছুট পৰিহিত দীঘল মোচ থকা ওখ বয়সিয়াল মানুহ এজন তেওঁলোক বহি থকা মেৰিৰ
কেবিনটোলৈ সোমাই আহিল।
“এয়া মোৰ পাৰ্টনাৰ মাৰ্ক। আৰু
মাৰ্ক এয়া কেভিনৰ নতুন ইণ্ডিয়ান বান্ধবী অনুপমা। কেভিনৰ লগত পেৰিছ চাবলৈ আহিছে”,
মেৰিয়ে চিনাকী কৰি দিলে।
মাৰ্কে অনুপমাৰ লগত কৰমৰ্দন কৰিলে।
“তোমাক লগ পাই বৰ ভাল লাগিল
অনুপমা। মই ইণ্ডিয়ান মানুহক বৰ ভাল পাওঁ"। মাৰ্কে হাঁহি হাঁহি ক’লে।
কেভিনৰ ওচৰলৈ গৈ তেওঁ তাক সাবটি
ধৰিলে। “বহুত দিনৰ মূৰত তোমাক দেখিলোঁ কেভিন। কেনে
আছা তুমি? তোমাৰ ইণ্ডিয়ান বান্ধবী থকা বুলি জানি ভাল লাগিল।
কিন্তু দুষ্ট ল'ৰা, তুমি মোক কেতিয়াও
এইজনী বান্ধৱীৰ কথা কোৱা নাই”।
কেভিনে হাঁহি মাৰি ক’লে, “ভালে আছোঁ মাৰ্ক। মই ভাৰতীয়
বান্ধৱীক লগ পোৱা বেছি দিন হোৱাই নাই”।
অনুপমাই মন কৰিলে কেভিনে তেওঁক
কোনো সম্বোধন ধৰি নামাতে, বন্ধুক মতাৰ দৰে নাম কাঢ়ি
মাতে।
মাৰ্কে বাকচ কেইটামানৰ ওপৰতে বহি ল’লে। “তোমাৰ আইতা কেনে আছে কেভিন? বহুদিন হ'ল তেওঁক লগ পোৱা নাই"। মাৰ্কে কেভিনলৈ
চাই সুধিলে।
“আইতা ভালে আছে। তুমি হয়তো গম
পাইছাই মাৰ্ক, অহা ডিছেম্বৰত আইতাক লগত লৈ আমি আটায়ে
ইণ্ডিয়ালৈ ফুৰিবলৈ যাম”।
"হেই কেভিন। মোৰ লগত
ধেমালি নকৰিবা দেই। তেওঁ ইণ্ডিয়ালৈ ফুৰিবলৈ যোৱা কথাটো মই বিশ্বাস নকৰোঁ"।
"সঁচা মাৰ্ক। তোমাক কোৱাই হোৱা নাই। মা সঁচাকৈয়ে কেভিন আৰু তাৰ বান্ধৱীৰ লগত ইণ্ডিয়ালৈ
যাবলৈ ওলাইছে"। মেৰিয়ে মাত দিলে।
“অঁ এয়া সঁচাকৈয়ে সাংঘাতিক
খবৰ। তেখেত ইমান সুস্থ হৈ গ’লনে যে পোনেই ইণ্ডিয়া যাব পৰা হ’ল। পেৰিছলৈ আহিবলৈকে তেখেতে মন নকৰে”। মাৰ্কে হাঁহি হাঁহি ক’লে।
“আইতা এতিয়া আগতকৈ যথেষ্ট ভাল।
অনুপমাক লগ পোৱাৰে পৰা আইতাই কেনেকৈ জানো মনত বহুত বল পাইছে। শুনি আচৰিত হ’বা মাৰ্ক, আজিকালি আইতাই বিছনাত আগৰ দৰে শুই নাথাকে।
আইতাই অলপ-অচৰপ খোজ কাঢ়িব পৰাও হৈছে। সেই কাৰণেই আইতাক লগত লৈ যোৱাৰ সাহস কৰিব
পাৰিছোঁ”। কেভিনে অনুপমালৈ চালে। তাই হাঁহিলে।
"তেওঁৰ ভালদৰে চোৱা-চিতা
কৰিবা কেভিন। এই বয়সত দীঘলীয়া বিমান যাত্ৰা কৰাটো অলপ বিপজ্জনক"। মাৰ্কে ক'লে।
"মই আশা কৰিছোঁ তেওঁ এই
যাত্ৰাটো কৰিবলৈ সুস্থ অৱস্থাতে থাকিব। মই যোৱাৰ আগতে চিকিত্সকৰ পৰামৰ্শ ল'ম"। কেভিনে ক'লে।
“কেভিনে তোমাক পেৰিছ ভালদৰে দেখুৱাইছে
নে নাই?” অনুপমালৈ চাই ধেমালিৰ সুৰত মাৰ্কে ক’লে।
“দেখুৱাইছে আংকল। আমি
ৰাতিপুৱাৰ পৰা ঠাই চাই ঘূৰিয়েই ফুৰিছোঁ”, তাই ক’লে।
“এতিয়া ইয়াত বহি কি কৰিছা।
যোৱা ফুৰাগৈ। পেৰিছৰ ৰাতিৰ মাদকতা
লোৱাগৈ। নাইট ইজ ষ্টিল ইয়াং মাই ডিয়েৰ"। মাৰ্কে উচ্ছাসেৰে ক'লে।
পেৰিছৰ মাদকতা ভৰা নৈশ জীৱনৰ বিষয়ে
বহুত কথাই অনুপমাই শুনিছে। কেইবাখনো উপন্যাসত তাই পঢ়িবলৈ পাইছে।
"কেভিন, তুমি তোমাৰ বান্ধৱীক কেবাৰে নাচ দেখুৱাবলৈ নিনিয়া নেকি?” মাৰ্কে কেভিনক নিৰ্দেশ দিয়াৰ দৰে ক’লে।
মেৰিয়ে সহযোগ কৰিলে, “চেম্পছ ইলিছিছৰ লিডো বিশ্ব বিখ্যাত কেবাৰে। পেৰিছৰ নৈশ জীৱনৰ
বিষয়ে জানিবলৈ অনুপমাক লিডো শ্ব’ দেখুৱাবলৈ লৈ যোৱা কেভিন”।
পেৰিছৰ কেবাৰে নাচৰ বিষয়ে অনুপমাই
শুনিছে। উন্মুক্ত বক্ষৰ নৰ্তকী সকলে হেনো স্বপ্নৰ মায়াজাল ৰচে। মেলিনাই তাইৰ
বয়ফ্ৰেণ্ডৰ লগত পেৰিছলৈ আহোঁতেও কেবাৰে চাইছিল। মেলিনাই তাইক কেবাৰেৰ অভিজ্ঞতাৰ কথা
বৰ উচ্ছাসেৰে কৈছিল। কেতিয়াবা সুবিধা পালে তায়ো চাবলৈ মনত এটা আশা পুহি ৰাখিছিল।
কিন্তু তাই কেভিনৰ লগত কেবাৰে
চাবলৈ যাব বুলি কেতিয়াও ভবা নাছিল। তাই এটা কথাত বেছ আচৰিত হ’ল যে মাক-দেউতাকে ল’ৰাক বান্ধবীক লগত লৈ
কেবাৰে চাবলৈ পৰামৰ্শ দিছে। ভাৰতীয় সংস্কৃতিত এয়া নাভূত-নাশ্ৰুত ঘটনা।
ছেম্পছ ইলিছিছৰ ফুটপাথেৰে খোজ কাঢ়ি
আহি সোনকালেই দুয়ো লিডো শ্বো পাইছিলহি। এই অঞ্চলটো নাইট ক্লাব, পাব আদিৰ বাবে বিখ্যাত। খোজকাঢ়ি গৈ থাকোঁতে অনুমপাই মন কৰিছিল
কেইবাটাও নাইট ক্লাবৰ সন্মুখত অৰ্ধ উলংগ নাৰীৰ পোষ্টাৰ। কেইজনমান যুৱকে ফুটপাথত
ঘূৰি ফুৰিছিল নাইট ক্লাব সন্ধানী মানুহক সহায় কৰিবলৈ। হাতে হাতে লিফলেট বিলাইছিল।
ফুটপাথত উগ্ৰ প্ৰসাধনেৰে থিয় হৈ থকা ছোৱালী বোৰ দেখি তাইৰ বুজিবলৈ বাকী নাছিল সেই
ছোৱালীবোৰৰ ব্যৱসায় কি আছিল।
“এই অঞ্চলটো পেৰিছৰ ৰাতিৰ
ৰম্যপুৰী। পেৰিছৰ পৰ্যটনৰ এটা মুখ্য আকৰ্ষণ। এয়াও পেৰিছ চহৰৰ এটা অংশ। বহুতে কয়, নৈশ জীৱন প্ৰত্যক্ষ নকৰাকৈ পেৰিছ ভ্ৰমণ সম্পূৰ্ণ নহয়। আশাকৰোঁ
তুমি কোনো অসুবিধা পোৱা নাই"। কেভিনে খোজকাঢ়ি থাকোঁতে কৈ গ'ল।
"নাই নাই। ইট ইজ ওকে"। তাই তাক অপ্ৰস্তুত
অৱস্থাত পেলাব নিবিচাৰে। কিন্তু ভিতৰি ভিতৰি এক অপৰাধবোধে যেন তাইক গ্ৰাস কৰিবলৈ ল'লে। দেউতাকক কোনো দিনে ক'ব নোৱৰা কাম এটা
কৰিবলৈ যেন তাই আগবাঢ়ি গৈ আছে, এনে লাগিল তাইৰ।
টিকেট কাটি তাই যেতিয়া প্ৰদৰ্শনী
অনুষ্ঠিত হোৱা বিশাল প্ৰেক্ষাগৃহটোলৈ সোমাই গৈছিল, তাইৰ বুকু খনে কিবা এক উত্তেজনাত যেন ঢিপিং ঢিপিং কৰি উঠিছিল। তাই মনে মনে
ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, তাইক যেন মনত সাহস আৰু শক্তি
দিয়ে।
আন মানুহবোৰৰ মুখবোৰ তাই ঘূৰি ঘূৰি
চাইছিল, তাইৰ এনে লাগিছিল যেন হঠাতে চিনাকী মানুহ
এজন লগ পাই যাব আৰু তাইক দেখি আচৰিত হৈ সুধিব, “তুমি ইয়াত”?
এক লাজৰ ভাৱে তাইক আৱৰি ধৰিলে।
প্ৰেক্ষাগৃহটোত সোমাবলৈ সুৰক্ষা
বেষ্টনীৰ মাজেৰে যাব লগীয়া হয়। কোট, জেকেট
আদি বাহিৰতে খুলি থৈ যাব লাগে। সেইবোৰ সংৰক্ষণৰ বিশেষ ব্যৱস্থা আছে।
ভিতৰলৈ সোমাই গৈ অনুপমাই দেখিলে
চাৰ্কাছৰ দৰে অৰ্ধ গোলাকাৰ আকৃতিৰ দৰ্শকৰ গেলাৰীত বিৰাজমান অনেক পুৰুষ, মহিলা। মহিলাৰ সংখ্যাই অধিক যেন বোধ হ’ল
অনুপমাৰ। ইমানবোৰ মহিলা দৰ্শক দেখি অনুপমাই অলপ সকাহ পোৱা যেন পালে।
অলপ পিছতে প্ৰদৰ্শনী আৰম্ভ হ’ল। সোঁমাজত থকা মঞ্চত আৰম্ভ হ’ল অপূৰ্ব
কাৰিকৰী কৌশলৰ মাজত নৃত্য আৰু কলাবাজী। সুঠাম চেহেৰাৰ ডেকা গাভৰু সকলে কলাসুলভ
নৃত্য আগবঢ়ালে।
প্ৰদৰ্শনী চলি থকাৰ মাজতে দুয়োকে আহি
ফ্ৰেন্স ৱাইন পৰিৱেশন কৰিলে। এগৰাকী বিকিনি
পৰিহিতা সুন্দৰী যুৱতীয়ে সমুখত থকা গিলাছত ৱাইন বাকি দিলে। এগিলাছকৈ ৱাইন পৰিৱেশন সৌজন্যতামূলক আৰু প্ৰদৰ্শনীৰে এটা অংশ।
কেভিনে ক’লে, “লিডো চাবলৈ অহা মানুহক ৱাইন পৰিৱেশন
কৰাটো এটা বহুদিনীয়া পৰম্পৰা। সোৱাদ লৈ চোৱা। ফ্ৰান্সৰ ৱাইন জগত বিখ্যাত”। অনুপমাই লওঁ-নলওঁকৈ গিলাছটো মুখলৈ নি খাই চালে। খাবলৈ তাইৰ বেয়া নালাগিল।
সোৱাদটো ভালেই।
মেলিনাই বৰ্ণনা কৰাৰ দৰেই অলপ সময়ৰ
পিছতে আৰম্ভ হ’ল অনাবৃত বক্ষৰ যুৱক আৰু
যুৱতী সকলৰ নানান কলা সুলভ নৃত্য। নৃত্যৰ মাজে মাজে বিজুলীৰ চমকেৰে প্ৰদৰ্শিত হয়
নানান কাৰিকৰী ভেল্কী বাজি।
ভাৰতীয় সংস্কৃতিৰ দেৱী দুৰ্গাৰ
অসুৰ নিধনৰ কাহিনী সাঙুৰিও অনাবৃত বক্ষৰ যুৱতী সকলৰ নৃত্যৰ যোগেদি প্ৰদৰ্শিত হ’ল। অনুপমাই এই কথাটো হজম কৰিব নোৱাৰিলে। তাইৰ এনে লাগিল যেন
হিন্দু ধৰ্মৰ পূজনীয় দেৱী এগৰাকীক অনাহকত অৰ্ধ নগ্ন হিচাপে উপস্থাপন কৰাটো শোভনীয়
হোৱা নাই।
কিন্তু পিছ মুহূৰ্ততে তাই চিন্তা
কৰিলে যে শোভনীয়তাৰ পৰিভাষা সকলো সংস্কৃতিতে একে নহয়।
সমগ্ৰ প্ৰদৰ্শনীৰ সময়ছোৱাত অনুপমাৰ
এবাৰো এনে অনুভৱ নহ’ল যে তাই বাহ্যিক দৃষ্টিত এটা
নিষিদ্ধ শ্বো’ চাই আছিল। দৰ্শক সকলেও সম্পূৰ্ণ শিষ্টতাৰে প্ৰদৰ্শনী
উপভোগ কৰিছিল। কেনিও অসভ্য চিঞৰ-বাখৰ, হাই-উৰুমি নাই।
প্ৰদৰ্শনীৰ পাছত উভতি আহোঁতে
কেভিনে ক’লে, “আশাকৰোঁ, তুমি শ্ব’ টো উপভোগ কৰিলা”।
তাই একো উত্তৰ নিদিলে। উপভোগ কৰাৰ
বাবে নহয়, এক কৌতূহলৰ বাবেহে তাই কেভিনৰ লগত লিডোলৈ
যাবলৈ আপত্তি কৰা নাছিল।
ৰাতি ঘৰ পাওঁতে দুয়োৰো পলম হ’ল। মেৰি আৰু
মাৰ্কে ডিনাৰৰ কাৰণে দুয়োৰো অপেক্ষা কৰি আছিল।
মাৰ্কে দুৱাৰ খুলি দি ক’লে, “আশাকৰোঁ তোমালোকে সন্ধিয়াটো ভালদৰে
কটালা"। দুয়োকে তেওঁ আদৰ সম্ভাষণ জনালে।
অনুপমাই মাৰ্ক আৰু মেৰিক সম্ভাষণ
জনাই তাই থকা কোঠাটোলৈ গ’ল। কেভিনে জোতা যোৰ খুলি মজিয়াতে
বহি পৰিল।
"যোৱাঁ কেভিন ফ্ৰেছ হৈ
আহাঁ। আমি দুয়ো আজি ড্ৰিংক কৰিম, খুব স্ফূৰ্তি কৰিম”। মাৰ্কৰ হাতত এটা খোলা বিয়েৰৰ বটল।
চোফাত পৰি থকা আলোচনী এখনৰ পাতবোৰ
লিৰিকি বিদাৰি সি ক’লে, “মাৰ্ক,
আজিৰ কাৰণে মোক ক্ষমা কৰিবা। মোৰ ড্ৰিংক কৰিবলৈ একেবাৰে মন যোৱা
নাই"।
"হেই কেভিন। আমি আজি
কিমান দিনৰ পিছতযে লগ পাইছোঁ। লেট আছ চেলিব্ৰেট মেন। তুমি যদি বিচৰা, তোমাৰ বান্ধৱীয়েও আমাৰ লগত যোগদান কৰিব পাৰে"।
"নাই মাৰ্ক। তাই অলপ
বেলেগ ধৰণৰ ছোৱালী। তাই ড্ৰিংক কৰাটো পচন্দ নকৰে । লিডো শ্ব’ চাই অহাৰ পিছত তাই
মোৰ লগত ভালদৰে কথাই পতা নাই। তাই শ্ব’টো ভাল
নাপালে যেন লাগিছে। আমি লিডো চাবলৈ যাবই নালাগিছিল"।
“তুমি কি ক’ব বিচাৰিছা কেভিন। তুমি হয়তো জানা, লিডো শ্ব’
পেৰিছৰ এটা বিখ্যাত টুৰিষ্ট এট্ৰেকচন”। মাৰ্কে ক’লে।
“অনুপমা বুজন ছোৱালী কিন্তু
তাইৰ মাইণ্ডছেটটো হয়তো অলপ কনজাৰ্ভেটিভ। লিডো শ্ব’ত ভাৰতীয় সংস্কৃতিৰ কিছুমান
বস্তু নগ্ন ৰূপত দেখুওৱাটো হয়তো তাই ভাল পোৱা নাই। মোৰ এনে লাগিছে তাইৰ মনটো ভাল
নহয়"। কেভিনে ক’লে।
মাৰ্কে কেভিনৰ পিনে পোনে পোনে চাই
ক’লে, “তোমাৰ বান্ধবীৰ
প্ৰতি তোমাৰ সহানুভূতি দেখি মই কিন্তু মুগ্ধ হৈ পৰিছোঁ। তুমি এজন নাৰীৰ মন বুজা
দায়িত্বশীল পুৰুষ হৈ পৰিছা কেভিন"।
"বুজিছা মেৰি, তোমাৰ ল’ৰা বহুত ডাঙৰ হ’ল”। এইবুলি তেওঁ মেৰিৰ পিনে চাই হো হোৱাই হাঁহি দিলে।
“মোৰ আকৌ আজি বহুত দিনৰ মূৰত
তোমাৰ লগত বহি মদ খাই স্ফূৰ্তি কৰিবলৈ বৰ মন গৈছিল। কিন্তু একো কথা নাই। ইয়াৰ পাছৰ
বাৰ যেতিয়া তুমি আহিবা, তেতিয়া আমি বহিম। তোমালোকে খোৱা বোৱা
কৰি জিৰণি লোৱা"।
দিনটো ঘূৰি ফুৰি অনুপমাৰ মূৰটো
কামুৰিছিল। এনেকৈ মূৰ বিষালে তাইৰ একো খাবলৈ মন নাযায়। ডিনাৰত যত্সামান্য খাই তাই
শুবলৈ গ’ল।
বিছনাত শুই শুই তাই দিনটোৰ বিচিত্ৰ
অভিজ্ঞতাৰ কথা ভাবিলে। ৰাতিপুৱা আইফেল টাৱাৰত কেভিনৰ অ’ভাৰকোটৰ তলত সোমোৱাৰ পৰা তাৰ কাষত বহি অৰ্ধনগ্ন যুৱতীৰ নৃত্য
উপভোগ কৰালৈকে সমস্ত ঘটনা এটা এটাকৈ তাইৰ মনলৈ আহিল। মাজে মাজে তাইক এক অনামী
শিহৰণে আৱৰি ধৰিলে।
তাইৰ এনে লাগিল যেন তাই নভবাকৈয়ে
নিজৰ পৰিচিত জগত খনৰ পৰা আঁতৰি লাহে লাহে অন্য এখন জগতত প্ৰৱেশ কৰিবলৈ লৈছে।
বিছনাত পৰি থাকোঁতে অনুপমাই শুনিলে
কোনোবাই গিটাৰ বজাইছে। তাই দুৱাৰ খুলি ওলাই আহি দেখিলে মজিয়াত বহি কেভিনে গিটাৰ
বজাই ব্ৰায়ান আডামছৰ ‘আই ডু ইট ফ’ৰ ইউ’ গানটোৰ দুটামান কলি আওৰাইছে। মাৰ্ক আৰু মেৰি
হয়তো শুবলৈ গ’ল।
“মই গিটাৰ বজাই তোমাক জগাই
দিলোঁ নেকি”? অনুপমাক দেখি গিটাৰ বজাবলৈ এৰি কেভিনে ক’লে।
“নাই, মোৰ
টোপনি অহাই নাছিল। তুমি বজোৱা । বৰ ভাল লাগিছে”, এই বুলি কৈ
তাই কেভিনৰ ওচৰতে মজিয়াত বহিল।
“তোমাৰ টোপনি ধৰা নাই কেভিন”?
তাই কেভিনলৈ চাই সুধিলে।
“নাই। মোৰ সদায় পলমকৈ শোৱা
অভ্যাস”, এই বুলি সি গিটাৰ খনত আকৌ সুৰ এটা বজোৱাত লাগিল।
“এইখন গিটাৰ মোৰ বৰ প্ৰিয়।
মাৰ্কৰ গিটাৰ। ইয়ালৈ আহিলে মই সদায় অলপ বজাওঁ”, কেভিনে ক’লে।
“তোমাৰ মা-দেউতা হঁত বৰ ভাল।
বৰ মৰমিয়াল। মোৰ ইয়ালৈ আহি বৰ ভাল লাগিল”। কেভিনলৈ চাই অনুপমাই ক'লে।
“মায়ে মোক আজি কৈছে, মই হেনো জীৱন সংগী এগৰাকী বিচাৰি ল’ব লাগে। কিন্তু
এয়া মোৰ কাৰণে খুব টান কাম”, কেভিনে হাঁহি হাঁহি ক’লে।
“টান কাম? কিয় টান কাম কেভিন”? তাই আচৰিত হৈ তাৰ পিনে চালে।
“মই নাজানো অনুপমা। হয়তো মোক
ভালদৰে বুজি পোৱা আৰু মই সম্পূৰ্ণকৈ ভাৰসা কৰিব পৰা
পাৰ্ফেক্ট ছোৱালী এজনী মই লগেই পোৱা নাই”। কেভিনে খিলখিলাই হাঁহি দিলে।
পাৰ্ফেক্ট ছোৱালী এজনী মই লগেই পোৱা নাই”। কেভিনে খিলখিলাই হাঁহি দিলে।
অনুপমাৰ ক্লাৰাৰ কথা মনলৈ আহিল।
ক্লাৰাৰ লগত একেটা ঘৰতে একেলগে বাস কৰা কেভিনৰ কাৰণে বিয়া কৰাবলৈ ছোৱালী এজনী
বিচৰাটো টান কাম নে? ক্লাৰাৰ মাজত সি তেনে এজনী
ছোৱালী বিচাৰি পোৱা নাই নে?
তাই অনুভৱ কৰিলে, কেভিনে এতিয়াও ক্লাৰাৰ মনৰ কথা, তাইৰ
তাৰ প্ৰতি থকা প্ৰেমৰ কথা উপলব্ধি কৰাই নাই।
ক্লাৰাৰ কথা সুধিব খুজিও তাইৰ
সংকোচ হ’ল। তাইৰ ভাৱ হ’ল
কিছুমান ব্যক্তিগত কথা সোধাটো এইখন দেশত মানুহে পচন্দ নকৰে। তদুপৰি কিছুমান সিহঁতৰ ব্যক্তিগত কথা হয়তো তাই নজনাকৈ থকাই ভাল।
“তোমাৰ কাৰণে মোৰো চিন্তা হয়
কেভিন। তোমাৰ মায়ে হয়তো সঠিক কথাই কৈছে। তুমি সোনকালে বিয়া পাতি লোৱা”। তাই সহানুভূতিৰ সুৰত ক’লে।
“মোৰ কাৰণে চিন্তা নকৰিবা
অনুপমা। মই যেনেদৰে আছোঁ, তাতেই মই সুখী”। কেভিনে ক’লে।
“মোৰ কাৰণে এইখিনি ভবাৰ বাবে
তোমাক ধন্যবাদ অনুপমা। তোমাৰ এখন ধুনীয়া অন্তৰ আছে। এতিয়া তুমি শুই থাকাগৈ যোৱাঁ।
কাইলৈ আকৌ সোনকালে উঠিব লাগিব”।
কেভিনে গিটাৰ সামৰিলে। অনুপমা নিজৰ
কোঠালৈ আহিল। তাই অলপ শুবলৈ চেষ্টা কৰিলে।
তাই চিল মিলকৈ টোপনি যাওঁতেই
ক্লাৰাৰ ফোন আহিল।
ক্লাৰাৰ ফোন দেখি অনুপমাৰ বুকুখন
মৃদুভাৱে কঁপি উঠিল।
"হেল্ল’, ক্লাৰা। মই তোমাক ফোন কৰিম বুলি ভাবিছিলোঁৱেই"।
“হেই পমা। কি কৰি আছা। খুব
মস্তি কৰিছা নহয়। তোমাৰ প্ৰতি মোৰ খুব
ঈৰ্ষা হৈছে”, এই বুলি ক্লাৰাই খিলখিলাই
হাঁহি দিলে।
“আজি ঘূৰি-ফুৰি ভাগৰি পৰিছোঁ
ক্লাৰা। এতিয়া বিছনাত”।
“ময়ো ঘূৰি ফুৰিলোঁ দিনটো।
হাবিয়ে-বননিয়ে ঘূৰি ফুৰিলোঁ। এগাল মান ফটো তুলিলোঁ"।
"তোমাৰ দিনটো নিশ্চয়
ভালেৰেই গ'ল নহয়নে ক্লাৰা"। অনুপমাই আগ্ৰহেৰে সুধিলে।
"দিনটো ভালেৰেই পাৰ হ'ল। পিছে মোৰ দেখোন একোকে ভাল নালাগিল। খুব ব’ৰ হ’লোঁ"।
"ব'ৰ
হ'লা? কিয়"? অনুপমা আচৰিত হ'ল।
"মাই ডিয়েৰ, তোমালোকে পেৰিছত মস্তি কৰি আছা আৰু মই হাবিয়ে-বননিয়ে ঘূৰি ফুৰিছোঁ। মই কিয় ব'ৰ নহ’ম কোৱাচোন"?
"তুমি কেভিনক মিছ কৰিছা
ক্লাৰা"? অনুপমাই কওঁ নকওঁকৈ ক'লে।
"কৰিছোঁ। তোমাক কি মিছা ক'ম। কেভিন থাকিলেও দিনটো তাৰ লগত কাজিয়া কৰি থাকোঁ, সি
নাথাকিলেও একো ভাল নালাগেচোন। খুব ব'ৰ হওঁ। মই কি যে পাগলী”। এই বুলি তাই আকৌ খিলখিলাই হাঁহি দিলে।
অনুপমাই ক্লাৰাৰ নি:সঙ্গতা খিনি
অনুভৱ কৰিব পাৰিলে। তাইৰ দুচকু সেমেকি উঠিল।
“তুমি চিন্তা নকৰিবা ক্লাৰা। কাইলৈ তোমাৰ কেভিনক ভালে-কুশলে তোমাৰ হাতত গতাই দিম”, তাই বুজনি দিয়াৰ সুৰত ক’লে।
“সোনকালে আহি যোৱানা পমা।
তোমালোক দুয়োকে লগ পাবলৈ মই ৰৈ আছোঁ”। ক্লাৰাই আকৌ এবাৰ হাঁহিলে। কিন্তু আগৰ বাৰৰ দৰে খিলখিলাই নহয়।
অনুপমাই অনুভৱ কৰিলে কেভিন
নাথাকিলে এই ছোৱালীজনী জীয়াই থকাই মস্কিল হ’ব।
ক্লাৰাৰ ফোনটোৰ পিচত বহু পৰলৈ
অনুপমাৰো টোপনি নাহিল। তাই যেন অনুভৱ কৰিব পাৰিলে ক্লাৰাৰ বুকুত লুকাই থকা বেদনাৰ
গভীৰতা। ক্লাৰাই কেভিন নথকা কাৰণে অকলে চটফটাই আছে, অথচ কেভিনে সেই কথা অলপো উপলব্ধি কৰিব পৰা নাই। এবাৰো তাৰ মুখত ক্লাৰাৰ
নাম ওলোৱা নাই।
ক্লাৰাৰ কাৰণে তাইৰ দুখ লাগিল, কেভিনৰ ওপৰত খং উঠিল। কেভিনক খুব স্বাৰ্থপৰ যেন লাগিল।
কেভিনৰ লগত কটোৱা মুহূৰ্তবোৰৰ বাবে
নিজকো তাইৰ দোষী দোষী লাগিল। তাই ভাবিলে, ক্লাৰা
লগত নহাকৈ কেভিনৰ লগত তাই এইদৰে আহিবই নালাগিছিল।
ৰাতিপুৱা সাত বজাতে কেভিনে অনুপমাৰ
কোঠাৰ দুৱাৰত নক কৰিলে। সি কোঠাৰ বাহিৰৰ পৰাই চিঞৰি ক’লে যে ভাৰ্ছাইলৈ যাবলৈ সাজু হ’বৰ হ’ল। অনুপমাৰ টোপনি কম হৈছিল যদিও কেভিনৰ মাতত সাৰ পাই খৰধৰকৈ উঠিল। মুখ হাত
ধুই লৈ তাই কাপোৰ-কানি বোৰ সামৰি বেগত ভৰোৱাত লাগিল।
পেৰিছৰ পৰা ভাৰ্ছাই পেলেছ পাবলৈ
ৰেলেৰে প্ৰায় এঘণ্টা সময় লাগে। পেৰিছ মহানগৰীৰ পৰা কিছু নিলগত হোৱা বাবে মহানগৰীত
চলা মেট্ৰ’ ৰেল সেৱাই ভাৰ্ছাই ঢুকি নাপায়। দুৰণিবটীয়া
ৰেলত উঠিহে পাবগৈ পাৰি।
এই প্ৰাসাদটো এসময়ত ফ্ৰান্সৰ
ৰাজনৈতিক ক্ষমতাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ, ফ্ৰান্সৰ
ৰজা সকলৰ বাসভৱন আৰু ফৰাচী ৰাজতন্ত্ৰৰ ধ্বজাবাহী আছিল। ২৩০০ কোঠা আৰু ৬৭ টা
খটখটীৰে, ৬৭ বৰ্গ কিলোমিটাৰ মজিয়াৰ এই প্ৰাসাদটো বিশ্বৰ
বৃহত্তম ৰাজ প্ৰসাদ বোৰৰ অন্যতম আছিল।
এতিয়াও এই ৰাজ প্ৰাসাদৰ
সৌন্দৰ্য্যই মানুহৰ মন মুহি নিয়ে। বিশ্বৰ অনেক
দেশৰ পৰ্য্যটকে এই প্ৰাসাদটো চাবলৈ যায়। পেৰিছবাসীয়ে এই প্ৰাসাদক লৈ গৌৰৱ কৰে। এই
প্ৰাসাদ যেন ফ্ৰান্সৰ আভিজাত্য আৰু গৌৰৱোজ্জ্বল ইতিহাসৰ এক প্ৰতীক।
ব্ৰেকফাষ্ট খাই লৰা লৰিকৈ অনুপমা, কেভিন আৰু মেৰি চাৰে আঠ মান বজাত ঘৰৰ পৰা ওলাল। কেভিন আৰু
অনুপমাই নিজৰ নিজৰ বেগ দুটাও লগত লৈ ল’লে। বাহিৰে বাহিৰে
দুয়ো লণ্ডনলৈ পোনাব। টেক্সী এখন লৈ তেওঁলোক প্ৰথমতে মেট্ৰ’ ষ্টেচন
এটালৈ গ’ল। মেট্ৰ’ৰে গৈ জৱেল নামৰ ষ্টেচন এটাত ৰেল সলাই RER-C
লাইনত চলা দূৰণিবটীয়া ৰেল ধৰিলে। প্ৰায় এঘণ্টা মান যোৱাৰ পাছত
ভাৰ্ছাই ৰিভৰ গ্যচ্ছ নামৰ ষ্টেচন এটাত নামি অলপ খোজকাঢ়ি গৈ ভাৰ্ছাই পেলেচটো পালে।
কেভিনে ইণ্টাৰনেট যোগে টিকট বুক কৰিয়েই থৈছিল। গতিকে পোনেই সোমাই যাবলৈ কোনো অসুবিধা নহ’ল।
মেৰীয়ে অনুপমাক ক’লে, “এই ৰাজপ্ৰাসাদটো ফ্ৰান্সৰ গৌৰৱ।
১৬৮২ চনত ফ্ৰান্সৰ সম্ৰাট ষোড়শ লুয়ে এই প্ৰাসাদ টোত প্ৰথম বাস কৰিবলৈ আহিছিল। এই
প্ৰাসাদটো ত্ৰয়োদশ লুইৰ পৰা আৰম্ভ কৰি কেইবাজনো সম্ৰাটে সাজি উলিয়াইছিল। ১৭৮৯ চনৰ
ফৰাচী বিপ্লৱৰ সময়লৈ এই প্ৰাসাদটোত ফ্ৰান্সৰ সম্ৰাট আৰু তেওঁৰ বংশৰ লোকে বাস
কৰিছিল। এই প্ৰাসাদ আছিল ফ্ৰান্সৰ ৰাজতন্ত্ৰৰ গৌৰৱৰ প্ৰতীক”।
ভাৰ্ছাই পেলেচত ফ্ৰান্স ৰাজতন্ত্ৰৰ
চালে চকুৰোৱা আভিজাত্য, প্ৰাসাদটোৰ অনুপম ভাস্কৰ্য্য,
সাজ সজ্জা, পেইণ্টিং চাই অনুপমা মুগ্ধ হ’ল। মেৰিয়ে ঠায়ে ঠায়ে ৰৈ অনুপমাক প্ৰদৰ্শিত সামগ্ৰী সমুহৰ ঐতিহাসিক
সংযোগবোৰ বুজাই দিলে। এফালৰ পৰা চাই গৈ থাকিলে এই ৰাজপ্ৰাসাদটো চাই শেষ কৰিব
নোৱাৰি যেন লাগে। প্ৰতিটো কোঠাতে আছে
ভিন্ন ভিন্ন আকৰ্ষণ। সম্ৰাট বা তেওঁৰ ৰাণীসকলে ব্যৱহাৰ কৰা কোঠা, আচবাব ইমান ধুনীয়াকৈ সংৰক্ষণ কৰা হৈছে যে দেখিলে এনে লাগে যেন
এতিয়াও সম্ৰাটে সেই ঠাইত বাস কৰে।
দুপৰীয়া এক মান বজাত কেভিনে ক’লে, “আমি এতিয়া উভতিবলৈ সময় হ’ল। নহ’লে সময় মতে গৈ লণ্ডনলৈ যোৱা ৰেল ধৰিব নোৱাৰিম”।
অনুপমাৰো ইতিমধ্যে ভাগৰ লাগি
আহিছিল। খটখটিৰে কেইবাবাৰো উঠা নমা, ইটোৰ
পিছত সিটো মহললৈ যোৱা, বাৰে বাৰে শাৰী পাতি কোঠাবোৰত সোমোৱা
কামবোৰত তাইৰ আমনি লাগিছিল। বেছি পৰ চাই থাকিলে আকৰ্ষণীয় বস্তুৱেও এসময়ত আমুৱায়।
তাইৰ মন গৈছিল ৰজা ৰাণীয়ে ব্যৱহাৰ
কৰা বস্তুবোৰ চাই থকাতকৈ প্ৰাসাদটোৰ চাৰিওপিনে থকা ৰং-বিৰঙৰ ফুল ফুলি থকা ধুনীয়া
বাগিচাখনত কিছু সময় কটাবলৈ। প্ৰাসাদৰ ওপৰৰ পৰাই বাগিচাখনত নানান বৰণীয়া অৰ্কিডৰ
সমাহাৰ দেখি তাই মুগ্ধ হৈ পৰিছিল। তাই দেখিছিল তাই ভাল পোৱা শাৰী শাৰী টিউলিপ ফুল।
প্ৰাসাদটোৰ চৌদিশে কেইবাটাও বিশাল
পুখুৰী আছে। প্ৰাসাদটোলৈ খোৱা পানীৰ যোগানৰ বাবে এই পুখুৰীবোৰ খন্দা হৈছিল। এই
পুখুৰী কেইটাৰ ওচৰলৈকো অনুপমাৰ যাবলৈ মন গৈছিল। তাইৰ মনত পৰিছিল জয়সাগৰ
পুখুৰীটোলৈ।
পিছে সময়ৰ নাটনিৰ বাবে কেভিনৰ কথাত
হয়ভৰ দি তিনিও প্ৰাসাদ টোৰ পৰা ওলাই আহিল। পুনৰ ৰেলত উঠাৰ আগতে ৰেষ্টোৰাঁ এখনত
তিনিও লান্স কৰিলে।
খোৱা মেজত মেৰিয়ে অনুপমাৰ হাতত হাত
থৈ ক’লে, “তোমাক লগ পাই খুব
ভাল লাগিল অনুপমা। মাৰ মুখত ইণ্ডিয়াৰ কথা শুনিয়েই থাকোঁ। মোৰ দেউতাও কিছুদিন
ইণ্ডিয়াত আছিল, কিন্তু চোৱা, মই ইণ্ডিয়া দেখা নাই। ইণ্ডিয়ান
মানুহো তেনেকৈ লগ পোৱা নাই। তোমাক লগ পাই মোৰ এনে লাগিছে যে মই আজিলৈকে ইণ্ডিয়া
নেদেখাটো আৰু ইণ্ডিয়ান মানুহৰ লগত পৰিচিত নোহোৱাটো মোৰেই দুৰ্ভাগ্য”।
মেৰিৰ দেউতাক ভাৰতত আছিল?!! তাৰ মানে আইতাৰ হাজবেণ্ড!!! অনুপমাৰ বাবে এয়া আন এক ছাৰপ্ৰাইজ।
এই কথা আইতাকে তাইক কেতিয়াও কোৱা
নাই। তায়ো আইতাকক তেওঁৰ স্বামী বা জীৱন-সংগীৰ বিষয়ে একো সোধা নাই। ভাৰতৰ লগত সংযোগ
যেন পৰিয়ালটোৰ বাবে এক চিৰাচৰিত ঘটনা, এনে
লাগিল তাইৰ। কিন্তু আইতাকে তাইক এই কথা নক'লে কিয়?
তাই ভাবিলে, এই কথা কেভিনকে ভালকৈ সুধিব লাগিব।
প্লেটৰ মাংস এটুকুৰা হাতৰ ফৰ্ক
খনেৰে মুখত সুমুৱাই চোবাই চোবাই মেৰিয়ে পুনৰ ক’লে,
“মোৰ পিছে ভাল লাগিছে যে কেভিনে তোমাৰ সহায়ত ইণ্ডিয়াৰ বিষয়ে বহুত
কথা জানিব পাৰিব। ইণ্ডিয়া যাত্ৰাৰ কাৰণে
তোমালোক আটাইলৈকে মোৰ শুভেচ্ছা থাকিল”।
“আপোনালোকক লগ পাই মোৰ যে
কিমান ভাল লাগিল, মই কেনেকৈ বুজাম। মই পাৰিলে আকৌ আহিম আণ্টি”। অনুপমাই আবেগিক কণ্ঠেৰে ক'লে।
দূৰণিবটীয়া ৰেলত উঠি তেওঁলোক পুনৰ
পেৰিছ চহৰলৈ উভতি আহিল। জৱেল ষ্টেচনত দুৰণিবটীয়া ৰেল সলাই মেট্ৰ’ ৰেলত উঠাৰ সময়ত কেভিনে ক’লে, “মই ভাবিছিলোঁ সময় পালে মোমেটত (মন্টমাৰ্টেৰ ফৰাচী উচ্চাৰণ) থকা ছেক্ৰেট
হাৰ্ট বেছিলিকালৈ যাম। তাত এটা খুব ধুনীয়া গিৰ্জাঘৰ আছে। সেইখিনি ঠাইৰ পৰা সমগ্ৰ
পেৰিছ চহৰ খন দেখিবলৈ পোৱা যায়। পিছে এতিয়া সময় নহ’ব। এতিয়া
আমি পোনে পোনে গ্যৰ দ্য নৰ্ডলৈ যাব লাগিব”।
অনুপমাই হাত ঘড়ীটোলৈ চালে। ঘড়ীত
তিনি বাজিছে।
মেট্ৰ’ ৰেলে সমগ্ৰ পেৰিছ চহৰ খন জালৰ দৰে চানি ধৰি আছে। যিকোনো ঠাইলৈ
অতি সামান্য খৰচত মেপৰ সহায়ত সঠিক মেট্ৰ’ লাইন ধৰি ওলাবগৈ
পাৰি। কেভিনে মেপ চাই গ্যৰ দ্য নৰ্ডলৈ যোৱা মেট্ৰ’ লাইনটো
ঠিক কৰি ল’লে।
মেৰীৰ নিজৰ জৰুৰী কাম আছিল। তেওঁ
মাজতে এটা ষ্টেচনত নামি দুয়োৰে পৰা বিদায় ল’লে।
ওভতা ৰেলত বহি অনুপমাই কেভিনক ক’লে, “তোমাৰ মা সঁচাকৈয়ে বৰ ৰঙিয়াল,
সাদৰী মহিলা। তেখেতক লগ পাই মোৰ বৰ ভাল লাগিল”। কেভিনে হাঁহিলে।
অনুপমাৰ মনত এটা কথাই বাৰে বাৰে
খুন্দিয়াই আছিল। আইতাকৰ স্বামী কোন আছিল? তেওঁৰ
ভাৰতৰ লগত কি সম্পৰ্ক আছিল। কেভিনে নিশ্চয় এই কথা জানিব।
“মোৰ এটা কথা জানিবৰ মন যায়
কেভিন। তোমাৰ ককা, মানে তোমাৰ মাৰ দেউতা কোন আছিল। তেওঁৰ
বিষয়ে কোৱাঁচোন”, অনুপমাই সুধিলে।
কেভিনে অলপ পৰ ভাবি লাহেকৈ ল’লে, “সেয়া ময়ো ভালদৰে নাজানো। মাথোন এটা
কথাই জানো যে দ্বিতীয় বিশ্বযুদ্ধত অসমৰ পাটকাই পৰ্বতত মিত্ৰ পক্ষৰ হৈ জাপানী
সৈনিকৰ বিৰূদ্ধে যুদ্ধ কৰি তেওঁ মৃত্যু বৰণ কৰিছিল"।
"পাটকাই পৰ্বতত মৃত্যু
বৰণ কৰিছিল?!!' অনুপমাৰ গাৰ মাজেদি এটা শিহৰণ পাৰ হৈ গ'ল।
"পাটকাই পৰ্বত মোৰ চহৰখনৰ
গাতে লাগি আছে বুলিব পাৰি। তাৰ পিছত কি হ'ল?", অনুপমাই অধীৰ আগ্ৰহেৰে সুধিলে।
"সেই যুদ্ধত নিহত হোৱা
কেইবাজনো সৈনিকৰ ছিন্ন ভিন্ন মৃতদেহ বাকচ এটাত ভৰাই ইংলেণ্ডলৈ পঠিয়াই দিয়া হৈছিল।
সেই ছিন্ন-ভিন্ন টুকুৰা বোৰৰ পৰা কোনোজনকে চিনি উলিওৱাটো সম্ভৱ নাছিল। সেই
বাকচটোতে মোৰ ককাৰ মৃতদেহো আছিল"।
"হে ভগৱান!!!"
অনুপমাই দৃশ্যটো মনতে ভাবি কঁপি উঠিল।
"সেই বাকচটোত কেৱল লিখা
আছিল ‘পাটকাই’ শব্দটো। তেখেতৰ স্মৃতি হিচাপে ‘পাটকাই’ লিখা থকা সেই বাকচটো হেনো আইতাই খুজি আনি তেওঁৰ স্মৃতি হিচাপে বহুত দিন থৈ
দিছিল। তেখেতৰ মৃত্যুৰ ক্ষতিপূৰণ হিচাপে চৰকাৰৰ পৰা পোৱা ধনেৰে আইতাই তেওঁ থকা
ঘৰটো কিনিছিল। সেয়ে হেনো আইতাই ঘৰটোৰ নাম ৰাখিলে ‘পাটকাই’
ভিলা’। তুমি এদিন মোক
পাটকাই ভিলা নামটোৰ কথা সুধিছিলা”। কেভিনে ক'লে।
অনুপমাৰ মনৰ পৰা এখন ৰহস্যৰ পৰ্দা
আঁতৰ হ’ল। 'পাটকাই ভিলা'
নামটো কেনেকৈ হ'ল তাই বুজিব পাৰিলে।
কিন্তু আন এখন ৰহস্যৰ পৰ্দাৰ
সৃষ্টি হ’ল!!!!
আইতাকৰ হাজবেণ্ড, কেভিনৰ ককাকেও অসমৰ বুকুতে প্ৰাণ এৰিছিল। কি যে এক অপূৰ্ব
সংযোগ!!! এই পৰিয়ালটোৰ লগত অসমৰ যেন এক যাউতিযুগীয়া সম্পৰ্ক আছে।
তাই যেন অনুভৱ কৰিলে কিবা এক
অদ্ভূত, অনামী, ঐশ্বৰিক
আকৰ্ষণে কেভিনকো অসমৰ বুকুলৈ টানি নিবলৈ ওলাইছে। এই যাত্ৰাত তায়ো যেন লাহে লাহে
সাঙোৰ খাই পৰিছে।
ৰেলখন তীব্ৰ বেগত লণ্ডন অভিমুখে
আগবাঢ়িছিল। বহুপৰ কোনেও একো কথা কোৱা নাছিল। অনুপমাৰ
মনটোৱে বাৰে বাৰে ঘূৰি ফুৰিছিল আইতাকৰ অতীতৰ সেই দিনকেইটাত।
আইতাকে তাইক ইমান ডাঙৰ কথা এটা কিয়
কোৱা নাছিল তাই বুজি নাপালে। তেওঁ পৱিত্ৰৰ কথা ক'লে, অনুৰাধাৰ কথা ক'লে,
অথচ তেওঁৰ মানুহজনে অসমৰ বুকুত মৃত্যুবৰণ কৰাৰ কথা নক'লে। হয়তো অতীতৰ সেই স্মৃতি তেওঁৰ বাবে এতিয়াও অতি কৰুণ।
এসময়ত কেভিনে নিৰৱতা ভাঙি মাত
লগালে, “আমি দুয়ো ক্লাৰাৰ লগত সোনকালে আকৌ বহিব
লাগিব"।
"ক্লাৰাৰ লগত"?
অনুপমা উচপ খোৱাৰ দৰে হ'ল।
"মিষ্টাৰ গুডিনাফৰ কাহিনী
কেনেকৈ উপস্থাপন কৰা যায় চিন্তা কৰি উলিয়াব লাগিব। তুমি এই কেইদিন মিষ্টাৰ
গুডিনাফৰ তৈল অন্বেষণৰ বিষয়ে অলপ পঢ়া শুনা কৰিবা”। কেভিনে কৈ গ'ল।
নিজৰ ভাৱত তন্ময় হৈ থকা অনুপমাই
মূৰ দুপিয়ালে।
ভ্ৰমণৰ প্ৰায় সমগ্ৰ সময় জুৰি তাইৰ
মনলৈ ক্লাৰাৰ কথাই আহি আছিল। ক্লাৰাৰ
নি:সঙ্গতা খিনি পলে পলে অনুভৱ কৰিছিল। তাই নিজকে বুজাইছিল, এইখন দেশত তাই মাথোন কেইদিনমানৰ আলহী। এদিন তাই এই চহৰ এৰি
আঁতৰি যাব লাগিব তাইৰ সেউজীয়া সৰু চহৰ খনলৈ। ক্লাৰাৰ নি:সঙ্গতা খিনি আঁতৰ কৰিবলৈ
কেভিন তাইৰ লগতে থাকি যাব। চিৰকাললৈ।
অনুপমাই যাত্ৰাটো সোনকালে শেষ
হোৱাটোকে মনে মনে প্ৰাৰ্থনা কৰিলে। কেভিন সোনকালে ক্লাৰাৰ ওচৰলৈ উভতি যাওক।
হোষ্টেলত নিজৰ কোঠালৈ আহি অনুপমাই
সকাহ অনুভৱ কৰিলে। কেইমাহমান ধৰি এই কোঠাটোৱেই তাইৰ পৃথিৱীখন হৈ পৰিছে। এই
কোঠাটোৱে যেন তাইৰ মনৰ সকলো কথাই বুজি পায়। কোঠাটোৰ বেৰ কেইখনেই তাইৰ আটাইতকৈ
প্ৰিয় বন্ধু।
এই কোঠাটোত সোমাই থাকিলে তাইক যেন
পৃথিৱীৰ কোনো কথাই আমনি কৰিব নোৱাৰে। সেই কাৰণে কোঠাটোতে তাইৰ আটাইতকৈ বেছি আৰাম
লাগে।
ভাগৰে তাইক হেঁচা মাৰি ধৰিছিল।
ফ্ৰিজৰ পৰা ব্ৰেড দুচকলমান উলিয়াই গৰম কৰি মাখনেৰে সৈতে খাই তাইৰ ৰাতিৰ আহাৰ
সামৰিলে।
বিছনাত পৰি টোপনি যাবলৈ চেষ্টা
কৰিলে। অলপ পৰ ইকাটি-সিকাটি কৰি তাই অনুভৱ কৰিলে তাইৰ সোনকালে টোপনি নাহে। মনত বাহ
লোৱা অহেতুক চিন্তাবোৰ আঁতৰ কৰিবলৈ তাই মনটোক আনপিনে ঢাল খুৱাব লাগিব।
তাইৰ মনত পৰিল কেভিনে পঢ়িবলৈ কোৱা
মিষ্টাৰ গুডিনাফৰ কথা। এইখিনি কাম তাই কৰিবই লাগিব। কেভিন আৰু ক্লাৰাই তাইৰ ওপৰতে ভাৰসা কৰি আছে।
No comments:
Post a Comment