কেভিনে দিয়া কাগজ-পত্ৰ বোৰ তাই উলিয়াই ল’লে। চকু দুটা মুদি তাই মনটো সুস্থিৰ কৰিবলৈ চেষ্টা কৰিলে।
কাগজত থকা কথাবোৰ পঢ়ি থাকোঁতে তাইৰ মনটো যেন
লাহে লাহে বহু বছৰ আগলৈ উৰি গ’ল ।
এশ বছৰৰো পুৰণি সেই সময়লৈ।
সেয়া ১৮৬৬ চনৰ কথা। কলিকতা চহৰ। সেই সময়ৰ
দেশৰ ৰাজনৈতিক আৰু বাণিজ্যিক প্ৰাণকেন্দ্ৰ।
মেককিলপ, ষ্টিৱাৰ্ট
এণ্ড কোম্পানীৰ কাৰ্য্যালয়ত মেনেজাৰ যোছেফৰ সন্মুখৰ চকীত এজন সপ্ৰতিভ ডেকা অধীৰ
উত্কণ্ঠাত বহি আছে। ডেকা জনে আগবঢ়োৱা প্ৰস্তাৱটো মেনেজাৰ জনে একান্ত মনে পঢ়ি চালে।
ডেকাজনৰ মুখত এক চেঁপা উত্তেজনা বিৰাজ কৰিছে।
মেনেজাৰ যোছেফে ডেকা জনলৈ চাই হাঁহি মাৰি ক’লে - “মিষ্টাৰ গুডিনাফ। তুমি আমাৰ
কোম্পানীয়ে আসামত খনিজ তেলৰ কাৰণে খনন কৰাৰ প্ৰস্তাৱ দিছা। কিন্তু এই প্ৰস্তাৱ
কাৰ্যকৰী কৰাটো ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সম্ভৱ হ'ব
জানো"?
"ছাৰ, জিঅ’লজিকল ছাৰ্ভে অৱ ইণ্ডিয়াৰ বিষয়া মেডলিকটে
ইতিমধ্যে আসামত খনন কাৰ্য আৰম্ভ কৰিবলৈ পৰামৰ্শ দিছে। তেওঁ নিজেই গৈ মাটিৰ পৰা
নিগৰি নিগৰি ওলোৱা খনিজ তেল প্ৰত্যক্ষ কৰি আহিছে। চৰকাৰে তেওঁৰ পৰামৰ্শ এতিয়াও
গুৰুত্ব সহকাৰে লোৱা নাই। আমাৰ কোম্পানীৰ বাবে এয়া এক ডাঙৰ সুযোগ। আমি যদি খনিজ
তেল পাই যাওঁ....." ডেকাজনৰ চকুদুটা উজ্জ্বলি উঠিল।
"কিন্তু তুমি জানানে?
তেল অন্বেষণৰ ব্যৱসায় অতি খৰচী কাৰবাৰ, কিন্তু
সাফল্যৰ কোনো গেৰাণ্টী নাই। ই এক প্ৰকাৰ জুৱা। তাতে আমাৰ এই বিষয়ত কোনো অভিজ্ঞতা
নাই”। ডেকাজনৰ কথাৰ মাজতে মেনেজাৰ যোছেফে মাত দিলে।
যোছেফৰ কথাত ডেকাজন বিতত নহ’ল।
উজ্জ্বল হাঁহি এটা মাৰি তেওঁ ক’লে - “ছাৰ, এটা কথা
ভাবি চাওক, আমি যদি সফল হওঁ, আমাৰ
কোম্পানীৰ কাৰণে এয়া কিমান যে ডাঙৰ সাফল্য হ’ব। আমেৰিকাৰ পেনছিলভেনিয়াত
আজি মাত্ৰ সাত বছৰ আগতে কৰ্ণেল ড্ৰেকে প্ৰথম তেল খাদৰ খনন কৰি ব্যৱসায়িক ভিত্তিত
তেল উত্পাদন কৰি দেখুৱাইছে। এতিয়া সমগ্ৰ পৃথিৱীতে খনিজ তেল উত্পাদন কৰিবলৈ খদমদম
লাগিছে। তেল বিচাৰি বহুতো দেশে হাবি বন চলাথ কৰিছে। এই সময়ত যদি আমি ভাৰতত খনিজ
তেল পাই যাওঁ, এয়া বৰ ডাঙৰ কথা হ’ব”।
যোছেফে ক’লে,
“কি গেৰাণ্টি আছে যে আমি খনিজ তেল পোৱাত সফল হ’ম”?
“ছাৰ, মোৰ
বিশ্বাস আছে আমি সাফল্য পামেই। আপুনি চাগৈ শুনিছে আসামত হেনো বহুতো ঠাইত খনিজ তেল
আপোনা আপুনি নিগৰি ওলাই থাকে। কোনেও আজিলৈকে তাত মাটিৰ তলতনো কি আছে খান্দি চোৱা
নাই। মই ভাবোঁ সেই অঞ্চলটোত এবাৰ খনন কৰি নাচালে প্ৰাকৃতিক সম্পদৰ এক বিশাল
ভাণ্ডাৰ হাততে পাই হেৰুৱাব লগীয়া হ’ব। ছাৰ এবাৰ প্ৰস্তাৱটো
মহামান্য লেফটেনেণ্ট গৱৰ্ণৰৰ ওচৰলৈ পঠিয়াই চাওক। মোৰ বিশ্বাস, তেওঁ মান্তি হ’ব”।
গুডিনাফৰ আত্ম বিশ্বাস দেখি যোছেফ স্তম্ভিত হ’ল। যিখন ঠাইলৈ মানুহে ৰেলপথ নিৰ্মাণৰ কামলৈ যাবলৈ ভয় কৰে,
যিখন ঠাইত মেলেৰিয়াত আক্ৰান্ত হৈ প্ৰতি বছৰে বহুত মানুহ মৰে সেইখন
ঠাইত এই ডেকাজনে খনিজ তেলৰ বাবে খনন কৰাৰ কথা চিন্তা কৰিছে। ডেকাজনৰ উত্সাহ দেখি
তেওঁৰ খুব ভাল লাগিল।
তেওঁ ক’লে,
“মই তোমাৰ প্ৰস্তাৱটোৰ বিষয়ে আমাৰ কোম্পানীৰ উৰ্ধ্বতন মহলৰ লগত কথা
পাতিম। মই কৰ্তৃপক্ষক অনুৰোধ কৰিম যাতে মহামান্য লেফটেনেণ্ট গৱৰ্ণৰৰ ওচৰলৈ
প্ৰস্তাৱটো লৈ যায়। মহামান্য
গৱৰ্ণৰ সন্মত হ’লে আমি খননৰ অনুমতিৰ ববে
আবেদন কৰিব পাৰিম”।
গুডিনাফৰ মনটো হঠাতে আনন্দেৰে ভৰি পৰিল। এটা
প্ৰত্যাহ্বানপূৰ্ণ কাম কৰিবলৈ তেওঁ সুযোগ বিচাৰি ফুৰিছিল। ঈশ্বৰ সুপ্ৰসন্ন হ’লে এইটোৱেই তেওঁ বিচাৰি থকা কামটো হ’বগৈ
পাৰে।
১৮৫৮ চনৰ পৰা ভাৰতৰ শাসন ভাৰ ইষ্ট ইণ্ডিয়া
কোম্পানীৰ পৰা ব্ৰিটেইনৰ মহাৰাণীৰ হাতলৈ যোৱাৰ পিচত ভাৰতৰ প্ৰাকৃতিক সম্পদ সমূহৰ
আৱিষ্কাৰৰ ওপৰত চৰকাৰে মন কাণ দিবলৈ আৰম্ভ কৰিছিল। পিছে অসমত সুগম পৰিবহন ব্যৱস্থা
নথকা কাৰণে অসমত প্ৰচুৰ প্ৰাকৃতিক সম্পদ থকাৰ উমান পালেও সেইবোৰৰ উদ্ঘাটন কৰিবলৈ
চৰকাৰে হেঁহো-নেহো কৰি আছিল।
যোছেফে জানিছিল যে মেককিলপ, ষ্টিৱাৰ্ট এণ্ড কোম্পানীৰ অসমৰ বুকুত খনিজ তেল অন্বেষণৰ
প্ৰয়াসক চৰকাৰে সমৰ্থনেই কৰিব। কাৰণ তেওঁ জানিব পাৰিছিল যে চৰকাৰে খনিজ তেল খননৰ
বাবে আগ্ৰহী কোম্পানীৰ পৰা নিবিদা আহ্বান কৰিবলৈ গুণাগঁথা কৰি আছিল।
কেইদিনমান পিছতে যোছেফে গুডিনাফক তেওঁৰ
অফিচলৈ মাতি পঠিয়ালে। লৰালৰিকৈ গুডিনাফ যোছেফৰ আগত হাজিৰ হ’ল।
গুডিনাফক দেখি যোছেফ নিজৰ চকীৰ পৰা উঠি আহি
কৰমৰ্দন কৰি ক’লে, “খুব
ভাল খবৰ মিষ্টাৰ গুডিনাফ। মহামান্য গৱৰ্ণৰে আমাৰ কোম্পানীয়ে খননৰ অধিকাৰৰ বাবে
জনোৱা আবেদন মঞ্জুৰ কৰিছে”।
গুডিনাফে আনন্দতে জঁপিয়াই উঠিল।
“অতি সুখৰ খবৰ ছাৰ। আপুনি মোক
তালৈ পঠিওৱাৰ ব্যৱস্থা কৰক। খননৰ কাম ময়েই আৰম্ভ কৰিব বিচাৰোঁ”।
যোছেফে ক’লে -
“মই সেই বিষয়ে কৰ্তৃপক্ষৰ লগত কথা পাতিছোঁ। তেওঁলোকেও তোমাৰ নামেই বিবেচনা কৰিছে”।
কেইদিনমান মিষ্টাৰ গুডিনাফে অসমলৈ অহাৰ বাবে
প্ৰস্তুতিৰ কাম কৰিলে। তেওঁ জিঅ’লজিকেল ছাৰ্ভে অৱ
ইণ্ডিয়াৰ পৰা অসমত তেল পোৱাৰ সম্ভাৱনা থকা সকলো অঞ্চলৰে মানচিত্ৰ সংগ্ৰহ কৰিলে।
খননৰ কাৰণে কি কি আহিলা লাগিব, সেইবোৰৰো খবৰ ল’লে আৰু কেইপদমান সঁজুলিৰ চিত্ৰ অংকন কৰি ল’লে।
আমেৰিকাত খননত ব্যৱহাৰ হোৱা প্ৰযুক্তিৰ বিষয়ে পঢ়া-শুনা কৰিলে। অসমৰ ভৌগোলিক আৰু
ৰাজনৈতিক পৰিৱেশৰ বিষয়ে আগতে তালৈ যোৱা মানুহক সোধা-পোছা কৰি টোকা প্ৰস্তুত কৰিলে।
মিষ্টাৰ গুডিনাফৰ মনত তেতিয়া খনিজ তেল
আৱিষ্কাৰৰ উন্মাদনা বিৰাজ কৰিছিল।
১৮৬৬ চনৰ নৱেম্বৰ মাহ। ব্ৰহ্মপুত্ৰ নৈৰ
ওপৰেদি এখন ভাপত চলা জাহাজ ডিব্ৰুগড় অভিমুখে ধাৱমান হৈছে। বতৰত শীতৰ আগজাননী।
কুঁৱলীৰ পাতল চাদৰ এখন যেন নৈৰ ওপৰত পাৰি দিয়া আছে।
ভাপ জাহাজ খনত ব্ৰহ্মপুত্ৰ নদীয়েদি উজাই
আহোঁতে মিষ্টাৰ গুডিনাফে পাৰৰ মাটিলৈ ভালদৰে লক্ষ্য কৰি আহিল। ক’ৰবাত কেনেবাকৈ মাটিৰ পৰা নিগৰি থকা তেল দেখিবলৈ পায়েই নেকি।
নাই। একোকে দেখা নাযায়। নৈ খনৰ পাৰত থকা
অটব্য অৰণ্যৰ কাৰণে একো ধৰিব নোৱাৰি। কুঁৱলীৰ কাৰণেও বেছি দূৰলৈ দেখা নাযায়।
নদীপথেৰে কেইবাদিনীয়া যাত্ৰাৰ অন্তত তৈল
অন্বেষণৰ বাবে প্ৰয়োজনীয় অনুজ্ঞা পত্ৰ লৈ মিষ্টাৰ গুডিনাফে কেইজনমান সংগীৰ সৈতে
ডিব্ৰুগড়ত পদাৰ্পণ কৰিলে। সেই সময়ত ডিব্ৰুগড়ত জাহাজৰ যোগাযোগৰ বাবে এটা ঘাট গঢ়ি
উঠিছে।
মিষ্টাৰ গুডিনাফৰ বাবে এখন নজনা, নুশুনা নতুন দেশ। ইয়াৰ মানুহৰ ভাষা তেওঁ নুবুজে। কিন্তু তেওঁ শুনিছে মানুহবোৰ খুব সহজ সৰল। তেওঁলোকৰ লগত বন্ধুত্ব কৰা সহজ।
এটুকুৰা কেক, কেইখনমান বিস্কুট বা
কেইডোখৰমান চকলেট দিলেই মানুহবোৰ কাষ চাপি আহে। ইটো সিটো কামত সহায় কৰে।
তেওঁ আৰু শুনিছে, মানুহবোৰ এলেহুৱা। কিন্তু এবাৰ কামত লগাব পাৰিলে খুব ভালকৈ
কাম কৰে।
ডিব্ৰুগড়ত পদাৰ্পণ কৰাৰ পিছতে মিষ্টাৰ
গুডিনাফ কামত লাগিল। তেওঁৰ প্ৰথম কাম হ’ল
অস্থায়ী ভাৱে ডিব্ৰুগড়ত তেওঁৰ কোম্পানীৰ এটা কাৰ্যালয় নিৰ্মাণ কৰাটো। নদীৰে
যোগাযোগ সুচল হোৱাৰ বাবে ডিব্ৰুগড়েই কাৰ্যালয়ৰ বাবে উপযুক্ত ঠাই বুলি তেওঁ বিবেচনা
কৰিলে।
গুডিনাফক স্থানীয় মানুহৰ সহায়ৰ প্ৰয়োজন হ'ল। স্থানীয় মানুহৰ সহায় পালে তেওঁৰ কাম কৰিবলৈ সুবিধা হ'ব।
বগা চাহাব দেখি দূৰত ৰৈ চুচুক-চামাক কৰি থকা
ডেকা কেইজনক তেওঁ ওচৰলৈ মাতিলে। জুই একুৰা
জ্বলাই কেটলিত পানী গৰম কৰি চাহ বনালে আৰু ডেকা কেইজনক কেকেৰে সৈতে চাহ খুৱালে।
তেওঁলোকৰ লগত আকাৰে ইঙ্গিতেৰে বাঁহ খেৰৰ ঘৰ এটা নিৰ্মাণ কৰাৰ কথা পাতিলে।
অতি সোনকালে মিষ্টাৰ গুডিনাফে নামমাত্ৰ
পাৰিশ্ৰমিকৰ বিনিময়ত স্থানীয় বনুৱাৰ দ্বাৰা বাঁহ-খেৰৰ ঘৰ এটা সজোৱাই কোম্পানীৰ এটা
অস্থায়ী কাৰ্য্যালয় স্থাপন কৰিলে। লগতে তেওঁৰ আৰু সংগী সকলৰ বাবে এটা অস্থায়ী
বাসগৃহও নিৰ্মাণ কৰোৱালে।
দুদিন পাছতে দুজন কোম্পানিৰ কৰ্মচাৰী আৰু এজন
স্থানীয় মানুহ লগত লৈ তেওঁ খনিজ তেল মাটিৰ পৰা আপোনা আপুনি নিগৰি ওলোৱা ঠাই সমূহ
পৰিদৰ্শন কৰিবলৈ ওলাল। বাট দেখুৱাই দিবলৈ স্থানীয় মানুহজন লগত ল’লে। তেতিয়া আধুনিক বাট-পথ নিৰ্মাণ হোৱাই নাই। হাবিৰ মাজে মাজে
থকা কেঁচা বাটেৰে অহা যোৱা কৰিব লাগে।
কিছুদূৰ ঘোঁৰাত গৈ ডাঠ হাবিৰ ওচৰ পাই তেওঁলোক
হাতীত উঠিল। হাতীৰ পিঠিত উঠি হাবি-বন মহতিয়াই তেল নিগৰি থকা অঞ্চল বিচাৰিবলৈ আৰম্ভ
কৰিলে।
তেনেদৰে এদিন এবেলা যোৱাৰ পিছত তেওঁলোকে
জয়পুৰ পালে।
জয়পুৰৰ ওচৰত নাহৰপুং নামৰ ঠাইত তেওঁ এক বিশাল
এলেকা জুৰি খনিজ তেলৰ নিৰ্গমন হোৱা দেখিলে। হাতীৰ পিঠিৰ পৰা নামি মিষ্টাৰ গুডিনাফ
আৰু তেওঁৰ সংগী দুজনে নিগৰি ওলাই থকা তেল হাতেৰে চুই চালে। গুডিনাফে হাতত লগা তেলখিনি
দীঘলীয়াকৈ উশাহ টানি শুঙি চালে।
এক মাদকতা ভৰা গোন্ধে তেওঁৰ মন ভৰাই তুলিলে।
গুডিনাফৰ মুখত হাঁহি বিৰিঙি উঠিল। ইয়াকেই
বিচাৰি তেওঁ ইমান দূৰৰ পৰা ঢপলিয়াই আহিছে।
সংগী দুজনৰ সৈতে তেওঁ সমষ্ট অঞ্চলটো পৰিভ্ৰমণ
কৰিলে। সেইখিনি অঞ্চল সমভূমি, হাবি বননি কম।
ওচৰতে পানীৰ সুবিধা আছে। গুডিনাফ পতিয়ন গ’ল যে সেই অঞ্চলত
তেওঁ খননৰ কাম আৰম্ভ কৰিব পাৰিব।
সেই ঠাইডোখৰতে তেওঁলোকে অস্থায়ী বাহৰ পাতিলে।
গুডিনাফে কলিকতাত লগ পোৱা এজন আমেৰিকান তৈল
কৰ্মীৰ লগত কথা পাতি খনন কৰাৰ প্ৰাথমিক সঁজুলি আৰু উপায়ৰ কথা জানিব পাৰিছিল আৰু
সেই সঁজুলি বোৰৰ চিত্ৰ অংকন কৰাই আনিছিল।
তেওঁ অসমত নিজৰ সহকৰ্মী সকলৰ সৈতে তেনে
সঁজুলি বোৰ যোগাৰ কৰা কামত ব্যস্ত হৈ পৰিল। খনন কৰিবলৈ ঠিৰাং কৰা ঠাই ডোখৰত হাবি-বন
কাটি চাফা কৰি লোৱা হ’ল।
লোহাৰ শকত খুঁটা এটা খননৰ প্ৰাথমিক সঁজুলি
হিচাপে ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰা হ’ল। এই খুঁটাটো জাহাজত কলিকতাৰ পৰাই লৈ অনা হৈছিল। স্থানীয় লোক নিয়োগ কৰি বাঁহেৰে
নিৰ্মিত ওখ তিনি ঠেঙীয়া গাঁথনি এটা বনোৱা হ’ল।
বাঁহেৰে মানুহ উঠিব পৰাকৈ চাং এখন আৰু খেৰেৰে ওপৰত ৰ’দ-বৰষুণৰ
পৰা ঢাকি ৰখা আচ্ছাদন বনোৱা হ’ল। মানুহ কেইজনমানে চাং খনত
উঠি দীঘল শকত লোহাৰ খুঁটাটোৰে মাটিত খুন্দিয়াই খুন্দিয়াই খনন কৰাৰ উপায় কৰা হ’ল। খুঁটাটো ওপৰলৈ দাঙি পিছ মূহুৰ্ততে তল কৰিবলৈ কেইবাজনো মানুহ কামত লগোৱা
হ’ল।
সম্পূৰ্ণ নিজস্ব সৃষ্টিশীলতাৰে লোহাৰ
খুঁটাটোৰে গুডিনাফে খনন কাৰ্য আৰম্ভ কৰিলে। মানুহে হাতেৰে নিজৰ কায়িক শ্ৰমেৰে
খুঁটাটো ৰছীৰ সহায়েৰে এবাৰ ওপৰলৈ তুলি আনে আৰু এবাৰ ধপকৈ মাটিলৈ এৰি দিয়ে।
প্ৰতিবাৰতে অলপ অলপ মাটি তললৈ বহি যায় আৰু গাঁতটো দ হৈ গৈ থাকে। স্থানৰ পৰা
বিচ্যুত হোৱা মাটিবোৰ আকৌ গাঁতটোতে যাতে পৰি নাযায় তাৰ কাৰণে মাটিবোৰ আঁতৰাবলৈ
কেইজনমান মানুহ সাজু হৈ থাকে।
মানুহৰ কায়িক শ্ৰমেৰে অশেষ কষ্টেৰে ১০২ ফুট
গভীৰতালৈ খনন কৰা হ’ল। আৰু গভীৰতালৈ খান্দিবলৈ
সমস্যা আহিল। উপযুক্ত আহিলাৰ অভাৱ হ’ল।
ইমানখিনি খন্দাৰ পিচতো গুডিনাফে আশা কৰা মতে
ভূ গৰ্ভৰ খনিজ তেলৰ অস্তিত্ব পাবলৈ সমৰ্থ নহ’ল।
পিছে এই বিফলতাই গুডিনাফক বিচলিত কৰিব
নোৱাৰিলে। এই বিফলতাৰ পৰা তেওঁ শিকনি ল’বলৈ
চেষ্টা কৰিলে। প্ৰথম খননৰ অভিজ্ঞতাৰ পৰা গুডিনাফে বুজিলে যে কেৱল কায়িক শ্ৰমৰ
জৰিয়তে খনন কৰি সফলতা লাভ কৰা সম্ভৱ নহয়।
তেওঁ খননৰ বাবে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰিব
লাগিব।
গুডিনাফে কিছুদিনৰ কাৰণে কলিকতালৈ যোৱাৰ
সিদ্ধান্ত কৰিলে। উন্নত প্ৰযুক্তিৰ প্ৰয়োগৰ বাবে তেওঁ কোম্পানিৰ বৰমূৰীয়া সকলৰ লগত
আলোচনা কৰিব লাগিব।
জাহাজত উঠি তেওঁ কলিকতা পালেগৈ। বৰমূৰীয়া
সকলে তেওঁক সেই সময়ত উপলব্ধ ভাপ ইঞ্জিন ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিলে। খনন কাৰ্যত ভাপ
ইঞ্জিনৰ ব্যৱহাৰৰ বিষয়ে তেওঁ কিছু তথ্য সংগ্ৰহ কৰিলে। কলিকতাত থকা মাথাৰ এণ্ড প্লাট নামৰ বিখ্যাত ব্ৰিটিছ কোম্পানিটোৰ শাখা
কাৰ্যালয়ত ভাপ ইঞ্জিন ক্ৰয় কৰাৰ বাবে কথা বতৰা পাতিলে।
কলিকতাৰ মাথাৰ এণ্ড প্লাট কোম্পানিৰ পৰাই ভাপ
ইঞ্জিন কিনা হ’ল। যথেষ্ট ওজনৰ ইঞ্জিনটো
অসমলৈ পঠিয়াবলৈ নৈপথৰ বাহিৰে অন্য উপায় নাছিল। সেয়েহে ইঞ্জিনটো এখন বিশেষ জাহাজত
ব্ৰহ্মপুত্ৰ নৈৰে অসমলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰা হ’ল। সকলো
ব্যৱস্থা কৰি গুডিনাফ ততাতৈয়াকৈ ডিব্ৰুগড়লৈ উভতি আহিল।
ডিব্ৰুগড়ৰ ষ্টিমাৰ ঘাটত যেতিয়া ইঞ্জিনটো আহি
পালে, গুডিনাফৰ মুখত হাঁহি বিৰিঙি উঠিল। তেওঁৰ
হাতত পৰিলহি অধিক গভীৰতালৈ কম সময়ত খনন কৰিব পৰা এক অতি উপযোগী আহিলা।
তেওঁ ততাতৈয়াকৈ ইঞ্জিনটো জয়পুৰলৈ পঠিয়াই
দিয়াৰ ব্যৱস্থা কৰিলে। হাতীৰে টনা চকা থকা গাড়ী এখনত ইঞ্জিনটো উঠাই দিয়া হ’ল। কেইবাদিনৰ যাত্ৰাৰ পিছত ইঞ্জিনটো জয়পুৰ পালেগৈ।
ভাপ ইঞ্জিন আহি পোৱাৰ লগে লগে খননৰ কামত জড়িত
মানুহ বোৰৰ মাজত হৈ চৈ লাগিল। মানুহ বোৰৰ কোনেও এনে ইঞ্জিন আগতে দেখা নাই। ইঞ্জিন
যোগান ধৰা কোম্পানীটোৰ পৰা অহা মেকানিকে তিনিদিনৰ প্ৰচেষ্টাৰ পিছত কেইবাটাও
অতিৰিক্ত ৰবৰৰ নলী আৰু ষ্টিল পাইপৰ সংযোগেৰে ইঞ্জিনটো কাৰ্যক্ষম কৰি তুলিলে।
ভাপ ইঞ্জিন ব্যৱহাৰ কৰাৰ ফলত খনন কাৰ্য
খৰতকীয়া হ’ল। কেইবাডালো পাইপ জোৰা দি খনন কৰাৰ
ব্যৱস্থা হ’ল। আগতে এদিনত ১০ ফুট খনন কৰাটোৱেই সম্ভৱ হোৱা
নাছিল। কিন্তু নতুন ইঞ্জিনৰ সহায়ত নিতৌ ২৫ ফুটলৈকে খনন কৰিব পৰা গ’ল।
ভাপ ইঞ্জিন ব্যৱহাৰ কৰি গুডিনাফৰ
তত্ত্বাৱধানত জয়পুৰ অঞ্চলতে খৰতকীয়াকৈ ১৭১ আৰু ১৬২ ফুট গভীৰতালৈ দুটা তুলনামূলক
ভাৱে গভীৰ খাদৰ খনন কৰা হ’ল। এই খাদ কেইটাত কিছু
প্ৰাকৃতিক গেছৰ উপস্থিতি দেখা গ’ল যদিও গুডিনাফে আশা কৰা
ধৰণে খনিজ তেল লেখত লব লগীয়া মাত্ৰাত পোৱা নগ’ল। তৃতীয়
খাদটোৰ খননৰ সময়ত ইঞ্জিনৰ বেমেজালিয়ে দেখা দিলে। সেয়েহে ৯৯ ফুট খনন কৰাৰ পিছতে খনন
বন্ধ কৰিবলগীয়া হ’ল।
গুডিনাফে বৰ আশা কৰিছিল যে খাদৰ পৰা কোনোবা
এদিন ভূ গৰ্ভৰ পৰা জোৰেৰে ফোঁৱাৰাৰ দৰে খনিজ তেল ওলাই আহিব। আন দেশত খনন কাৰ্যৰ
অভিজ্ঞতা থকা মানুহৰ মুখত তেওঁ এনেদৰে তেল ওলাই অহাৰ কাহিনী শুনিছে।
কিন্তু তেনে নহ’ল। অলপ অচৰপ গেছ
ওলাল যদিও তেওঁ বিচাৰি অহা খনিজ তেল পোৱা নগ’ল।
জয়পুৰ অঞ্চলত খনন কৰি সফল হ’ব নোৱাৰি গুডিনাফ কিছু পৰিমাণে হতাশ হ’ল।
কোম্পানিৰ বৰমূৰীয়া সকলে তেওঁৰ ওপৰত বহুত আশা কৰিছিল। তেওঁ খনন কৰিলে তেল পোৱা
যাবই বুলি বৰমূৰীয়া সকলক আশ্বাস দিয়াৰ বাবেহে কোম্পানিয়ে তেওঁক অসমলৈ এই
প্ৰত্যাহ্বানপূৰ্ণ কামৰ বাবে পঠিয়াইছিল। কোম্পানীয়ে তেওঁ দিয়া আশ্বাসৰ ওপৰত ভাৰসা
কৰিয়েই ইমান খৰচ কৰি এই খনন প্ৰকল্প আৰম্ভ কৰিছে। এই কাৰ্যত যদি তেওঁ সম্পূৰ্ণ
বিফল হয়, তেনেহ’লে কোম্পানীৰ বৃহৎ
লোকচান হ’ব আৰু বৰমূৰীয়া সকলৰ চকুত তেওঁৰ স্থান অৱনমিত হ’ব।
কিন্তু গুডিনাফ ইমান সহজে ভাগি পৰা বিধৰ লোক
নাছিল। নিজৰ বিফলতা স্বীকাৰ কৰি লৈ তেওঁ আগন্তুক দিনবোৰৰ পৰিকল্পনা হাতত ল’লে। তেওঁ ধৰি ল’লে যে জয়পুৰ অঞ্চলত কেৱল
মাটিৰ ওপৰত বিৰিঙি থকা তেল দেখি খনন কাৰ্য চলোৱাটো তেওঁৰ এটা ভুল সিদ্ধান্ত আছিল।
জয়পুৰ অঞ্চলত কেৱল যাতায়াতৰ সুবিধাৰ বাবে অনুমানৰ ভিত্তিত তেওঁ খনন কাৰ্য চলাইছিল।
তেওঁ বুজিব পাৰিলে এইদৰে যধে মধে, য’তে
ত’তে খনন কৰিলে তেল পোৱা নাযায়।
তেওঁ কোম্পানীৰ উৰ্ধতন কৰ্তৃপক্ষলৈ লিখিলে - “এতিয়ালৈ চাৰিটা খাদ খনন কৰি আমি এই অঞ্চলত খনন কৰাৰ যথেষ্ট
অভিজ্ঞতা অৰ্জন কৰিছোঁ। মই নিশ্চিত যে এই অভিজ্ঞতাই অচিৰেই আমালৈ সাফল্য কঢ়িয়াই
আনিব। মই আশা কৰিছোঁ যে সোনকালেই মই এটা ভাল খবৰ
দিব পাৰিম”।
তেওঁ জিঅ’লজিকেল
ছাৰ্ভে অৱ ইণ্ডিয়াৰ বিষয়া মেডলিকটৰ প্ৰতিবেদনৰ নকলটো পঢ়িবলৈ মেলি ল’লে। প্ৰতিবেদন খনত মেডলিকটে যি স্থানত খনন কৰাৰ পৰামৰ্শ দিছিল, সেই অঞ্চলত পৰৱৰ্তী লানি খনন কাৰ্য চলোৱাৰ পৰিকল্পনা কৰিলে। সেই অঞ্চলটো হ’ল মাকুম – নামদাং অঞ্চল। জয়পুৰৰ পৰা কিছু দূৰত। তেওঁ
শুনিবলৈ পাইছিল অঞ্চলটো অতি দুৰ্গম। কথাটো তেওঁ কোম্পানিৰ কৰ্মচাৰী সকলৰ লগত আলোচনা কৰিলে।
অসমৰ সেমেকা বতৰত কৰ্মচাৰী সকল অতিষ্ঠ হৈ
পৰিছিল। কেইবাজনো নৰিয়াত পৰিছিল। কোনো মনোৰঞ্জনৰ
ব্যৱস্থা নোহোৱাকৈ হাবি-বনৰ মাজত দিনবোৰে তেওঁলোকক আমুৱাইছিল। অনবৰতে বন্য জন্তুৰ
আক্ৰমণৰ সম্ভাৱনা থকা, মহ ডাঁহ জোকে আৱৰি থকা
অৰণ্যৰ মাজত দিনৰ পিছত দিন পাৰ কৰি তেওঁলোক ক্ষুব্ধ হৈ পৰিছিল। কামত সফলতা নোপোৱা
বাবেও তেওঁলোক হতাশ হৈ পৰিছিল। তেওঁলোকে তেল বিচৰা কাম এৰি কলিকতালৈ উভতি যোৱাৰ
পোষকতা কৰিছিল।
গুডিনাফৰ যেতিয়া নতুন ঠাইলৈ খননৰ বাবে
স্থানান্তৰিত হোৱাৰ প্ৰস্তাৱ দিলে কৰ্মচাৰী কেইজনে ইয়াৰ বিৰোধিতা কৰিলে। গুডিনাফৰ
এই তেল বিচৰা কাৰ্যক তেওঁলোকে বলিয়ালি বুলিয়েই ভাবিবলৈ লৈছিল।
কিন্তু গুডিনাফ আছিল দৃঢ় প্ৰতিজ্ঞ। এক অদ্ভুত
আত্মবিশ্বাসেৰে তেওঁ কৰ্মচাৰী সকলক কৈছিল, “আমি
তেলৰ ভাণ্ডাৰৰ একেবাৰে কাষত আহি উপস্থিত হৈছোঁ। আৰু মাত্ৰ অলপ চেষ্টাৰ প্ৰয়োজন।
তোমালোকে মোক সহযোগ কৰা। মই কথা দিছোঁ, আমি সফল হ’মেই। আমি এদিন খাদৰ পৰা তেল উত্পাদন কৰি আমাৰ কোম্পানিৰ নাম উজলাই
তুলিম"।
গুডিনাফে কৰ্মচাৰী সকলক বুজাই-বঢ়াই সৈমান
কৰালে। অতি কষ্টেৰে দলটোৱে মেডলিকটে আঙুলিয়াই দিয়া মাকুম – নামদাং অঞ্চললৈ খনন কাৰ্য্য স্থানান্তৰিত কৰে। আটাইবোৰ সঁজুলি,
ইঞ্জিন, বয় বস্তু এঠাইৰ পৰা আন ঠাইলৈ
স্থানান্তৰিত কৰাটো সহজ কথা নাছিল। হাতী আৰু ঘোঁৰাৰ সহায়ত অৰণ্যৰ মাজেৰে
কেইবাদিনীয়া প্ৰচেষ্টাৰ অন্তত গুডিনাফ উপস্থিত হৈছিল নামদাঙত। মেডলিকটে দেখুৱাই থৈ
যোৱা অঞ্চলত।
নামদাঙত উপস্থিত হোৱাৰ পিছত গুডিনাফৰ
অন্তৰাত্মাই বাৰে বাৰে কৈছিল, “এতিয়াহে তুমি
সঠিক ঠাইলৈ আহিছা। সাফল্য তোমাৰ একেবাৰে ওচৰত আছে”।
তেওঁ দুহাত মুঠি মাৰি প্ৰভু যিছুৰ ওচৰত
প্ৰাৰ্থনা কৰিলে, "হে প্ৰভু, এইবাৰ মোক নিৰাশ নকৰিবা"।
মাকুম-নামদাং অঞ্চলটোত খনন কাৰ্য আৰম্ভ কৰা
কাম সহজ নাছিল। সমগ্ৰ অঞ্চলটো আছিল ডাঠ হাবিৰে ঢকা। বন্য জীৱ জন্তু সকলোপিনে
পিয়াপি দি ঘূৰি ফুৰিছিল। বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ কৰিছিল।
হাবি-বন মোকলাই লোৱা কামত দলটোৰ বৰ কষ্ট হ’ল। আকৌ এবাৰ বাঁহ আৰু খেৰেৰে খননৰ বাবে অস্থায়ী অৱয়ব এটা
নিৰ্মাণ কৰিবলগীয়া হ’ল। আগৰ অভিজ্ঞতাই সহায় কৰিলে। এইবাৰ
অৱয়বটো আগতকৈ মজবুত হ’ল। ভাপ ইঞ্জিন মেৰামতি কৰি পুনৰ
কাৰ্যক্ষম কৰি তোলা হ’ল।
এই অঞ্চলত প্ৰথমটো খাদ ১৯৫ ফুট গভীৰতালৈ খনন
কৰা হ'ল যদিও খাদটোত আশাব্যঞ্জক পৰিমানৰ খনিজ তেল
পোৱা নগ’ল। জয়পুৰৰ তিনিটা খাদৰ দৰেই অলপ প্ৰাকৃতিক গেছ আৰু
অলপ খাৰুৱা তেল দেখা দিয়েই খাদটো নিস্ক্ৰিয় হৈ গ'ল।
এই খাদটোত পূৰ্বৰ তুলনাত অধিক গভীৰতালৈ খনন
কৰিও সফল নোহোৱাত গুডিনাফ কিছু চিন্তিত হৈ পৰিল। কোম্পানিৰ বৰমুৰীয়া সকলে সঘনে খননৰ ফলাফলৰ বিষয়ে খবৰ লৈ আছিল। বাৰে বাৰে
নিৰাশাজনক বাতৰি দি তেওঁ ভাগৰি পৰিছিল।
মেনেজাৰ যোছেফে তেওঁলৈ লিখিছিল - “খননৰ কামত কোম্পানিৰ সম্পদ আৰু সময়ৰ ব্যাপক অপচয় হৈছে। তুমি
কৈছিলা যে আসামত তেল মাটিৰ ওপৰতে বিৰিঙি আছে। কোম্পানিয়েও ভাবিছিল খনন কৰিলে
সোনকালেই সফলতা পাব বুলি। কিন্তু এতিয়া ইমান কেইটা খাদৰ খনন কৰাৰ পিছতো সফলতা
নোপোৱাত কোম্পানি চিন্তিত হৈ পৰিছে। মোৰ তৰফৰ পৰা তোমাক পৰামৰ্শ দিছোঁ, তুমি অচিৰেই খননৰ কাম বন্ধ কৰি উভতি আহা। কোম্পানিয়ে তোমাৰ বিৰুদ্ধে
ব্যৱস্থা লোৱালৈ ৰৈ নাথাকিবা”।
গুডিনাফ হতভম্ব হৈ পৰিছিল। তেওঁৰ বাবে এয়া
অতি কঠিন সিদ্ধান্ত আছিল। কোম্পানিয়ে খননৰ সকলো কাম বন্ধ কৰিব বিচাৰিছিল। আকৌ এবাৰ
বিফল হ'লে হয়তো তেওঁ চাকৰিটোৱেই হেৰুৱাব লগীয়া হ'ব। কিন্তু বাৰে বাৰে তেওঁৰ মনত এটা কথাই খুন্দিয়াই আছিল, তেওঁ সাফল্যৰ একেবাৰে ওচৰত উপস্থিত হৈছিল। ইয়াৰ পৰা পিছহোঁহকা সঠিক
সিদ্ধান্ত নহয়।
তেওঁ মেনেজাৰক কাকূতি-মিনতি কৰি লিখিছিল, “ছাৰ মোক আৰু এটা মাত্ৰ সুযোগ দিয়ক। আৰু এটা মাত্ৰ খাদৰ খনন
কৰিবলৈ অনুমতি দিয়ক। মোৰ ভাব হৈছে সাফল্য অতি ওচৰতে আছে”।
যোছেফে বহুত গুণাগঁথা কৰি সেউজ সংকেত দি
লিখিছিল - “এয়াই তোমাৰ শেষ সুযোগ। এইবাৰ বিফল হ’লে টালি টোপোলা বান্ধি গুচি আহিবা”।
গুডিনাফে মনে প্ৰাণে-আশা কৰিছিল যে এইবাৰ যেন
কিবা এটা ‘মিৰাকল’ হৈ যাব। তেওঁ
ঈশ্বৰৰ ওচৰত নিতৌ প্ৰাৰ্থনা কৰিলে এইবাৰ যেন তেওঁ সফল হয়।
ধাৰাবাহিক বিফলতা আৰু ওপৰৱালাৰ ধমকনিত বিতত
নহৈ গুডিনাফে অদম্য সাহস আৰু দুগুণ উত্সাহেৰে মাকুম নামদাং অঞ্চলত হাবিৰ মাজত আন
এডোখৰ ঠাই মোকলাই আন এটা খাদৰ খনন কৰিবলৈ আৰম্ভ কৰিলে। এই খাদটোৱেই তেওঁৰ বাবে শেষ
সুযোগ। এইবাৰো বিফল হ’লে হয়তো টালি-টোপোলা বান্ধি
উভতি যোৱাৰ বাহিৰে তেওঁৰ অন্য উপায় নাথাকিব।
এই খাদটোত খনন কাৰ্য্য আগবঢ়াৰ লগে লগে
গুডিনাফে উত্সাহ জনক লক্ষণ দেখা পালে। কিছু খনন কৰাৰ পিছতে প্ৰাকৃতিক গেছ ওলাবলৈ
ধৰিলে। গভীৰতা বৃদ্ধি হোৱাৰ লগে লগে খনন কৰা লোহাৰ পাইপত তলৰ পৰা কিহবাই
খুন্দিয়াবলৈ ধৰিলে।
খনন কৰি থকা বিষয়া জনে ততাতৈয়াকৈ গুডিনাফক
খবৰ দিলে -“খনন কৰাত বহুত অসুবিধা হৈছে।
অধিক গভীৰতালৈ ভালদৰে আগবাঢ়িব পৰা নাই। পাইপৰ তলৰ পৰা কিবা এটাই যেন খুন্দিয়াবলৈ আৰম্ভ কৰিছে। কিবা এটা শক্তিয়ে যেন
পাইপবোৰ ওপৰলৈ ঠেলিব বিচাৰিছে”। কথাটো শুনি গুডিনাফ উত্তেজিত হৈ পৰিল। তেওঁ খনন কৰা চাং খনলৈ লৱৰি গ’ল। তেওঁ দেখা পালে পাইপৰ মুখেৰে খনিজ তেল লাহে লাহে নিগৰি
নিগৰি ওলাবলৈ ধৰিছে।
গুডিনাফৰ বুকু উত্তেজনাত ঢিপিং ঢিপিং কৰিবলৈ
ধৰিলে। তেওঁ চিঞৰি উঠিল, “নৰ’বা,
খনন চলাই যোৱা। আমি আমাৰ লক্ষ্যৰ নিচেই কাষত আহি উপস্থিত হৈছোঁহি।
একো ভয় নকৰিবা, খনন কৰি যোৱা”।
খনন কৰি যোৱাৰ লগে লগে ক্ৰমান্বয়ে তলৰ পৰা
আপোনা-আপুনি ওলাই অহা খনিজ তেলৰ মাত্ৰা বাঢ়িবলৈ ধৰিলে। ১১৮ ফুট গভীৰতা পোৱা
মাত্ৰকে ভূ গৰ্ভত সঞ্চিত ভাণ্ডাৰৰ পৰা সজোৰে শব্দ কৰি খনিজ তেল ফোৱাৰাৰ দৰে প্ৰায়
৭৪ ফুট উচ্চতালৈ ওলাই আহিল!! খনন কৰি থকা আটাই কেইজন কৰ্মী তেলেৰে তিতি জুৰুলি-জুপুৰি
হ’ল। গুডিনাফে আনন্দতে কিৰিলি পাৰি তেলৰ
ফোৱাৰাৰ তললৈ আহি কৰ্মী সকলক সাবটি ধৰিলে।
তেওঁ আনৰ মুখত শুনাতকৈও মনোমোহা আছিল সেই
দৃশ্য। তেওঁ বুকুত হাত থৈ ঈশ্বৰলৈ ধন্যবাদ জনালে। তেওঁৰ দুচকুৰে আনন্দৰ চকুলো ওলাই আহিল।
এইদৰেই ১৮৬৭ চনৰ ২৬ মাৰ্চ তাৰিখে অসমৰ এখন
অখ্যাত ঠাইত পোন প্ৰথম বাৰৰ বাবে খনিজ তেল আৱিষ্কাৰ হ’ল। বিশ্বৰ তৈল ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হ'ল অসমৰ নাম। সমগ্ৰ এছিয়া মহাদেশতে নামদাঙৰ হাবিতলীয়া সেই খাদটো আছিল
যান্ত্ৰিক পদ্ধতিৰে খনন কৰা প্ৰথম খনিজ তেল উত্পাদন হোৱা খাদ। আমেৰিকা
যুক্তৰাষ্ট্ৰত কৰ্ণেল ড্ৰেকে পেনেছিলভেনিয়াৰ এটা খাদৰ পৰা ব্যৱসায়িক ভাৱে প্ৰথম
তেল উত্পাদন কৰাৰ মাথোন আঠ বছৰ পিছতে জকাইচুকীয়া অসমৰ বুকুত অসাধ্য সাধন কৰিছিল
অদম্য সাহসী গুডিনাফ নামৰ ব্যক্তিজনে।
পঢ়ি থাকোঁতে অনুপমাৰ মনটো আবেগত উপচি পৰিল।
তাইৰ এনে মন গ’ল, তাই
যেন এতিয়াই নামদাঙৰ হাবিৰ মাজত তেল পোৱাৰ আনন্দত মতলীয়া হৈ থকা মিষ্টাৰ গুডিনাফৰ
দুয়োখন হাত সাবটি ক’ব - “বহুত ধন্যবাদ
মিষ্টাৰ গুডিনাফ। তোমাৰ এই সাফল্যত এজনী অসমীয়া ছোৱালী হিচাপে মই গৌৰৱ বোধ কৰিছোঁ।
তুমি অসমৰ নাম সমগ্ৰ বিশ্বৰ দৰবাৰত উজলাই তুলিলা”।
এতিয়া ক’ত আছে
এই খাদটো? তাই এই খাদটোৰ বিষয়ে কেতিয়াও শুনা নাই, ক’তো পঢ়াও নাই। খাদটো ইতিহাসৰ গৰ্ভত হেৰাই গ’ল নেকি?
গুডিনাফৰ সপোন ফলৱতী হোৱা সেই খাদটো সংৰক্ষণ
কৰা হ’লে আজি এক ঐতিহাসিক ঘটনাৰ স্বাক্ষৰ হৈ থাকিল
হেঁতেন। বিশ্বৰ তৈল ইতিহাসৰ মহান ঐতিহ্য হ’লহেঁতেন সেই
খাদটো। কাগজখিনি সামৰি চকু দুটা মুদি অনুপমাই ভাবিলে।
ৰাতি বহুত হৈছিল। পঢ়ি পঢ়ি অনুপমাৰ চকু জাপ
খাই আহিছিল। তাই যেন হঠাতে দুৰণিত ক'ৰবাত
মিষ্টাৰ গুডিনাফৰ কিৰীলি শুনিবলৈ পালে। তেওঁ যেন বোকা আৰু খনিজ তেলেৰে লুতুৰি-পুতুৰি
হৈ আনন্দতে নাচি নাচি চিঞৰি ফুৰিছে, “ইউৰেকা! ইউৰেকা!”
No comments:
Post a Comment