পেৰিছৰ পৰা আহি পোৱাৰ পিছৰ শনিবাৰটোত
ৰাতিপুৱা অনুপমাই কেভিনলৈ ফোন কৰিলে - “মই
মিষ্টাৰ গুডিনাফৰ কাহিনী পঢ়িলোঁ। আজি আবেলি তুমি আৰু ক্লাৰা মোৰ ইয়ালৈ আহাঁ। আমি
কথাখিনি ভালদৰে আলোচনা কৰিব লাগিব”।
“খুব ভাল হ’ব। মই এই কথাটোকে ভাবি আছিলোঁ। ক্লাৰাকো মই কাহিনীটো কৈছোঁ। আমি চাৰি বজাত আহিম”। - কেভিনে ক’লে।
ঠিক চাৰি বজাৰ লগে লগে অনুপমাৰ কোঠাৰ বেলটো
বাজিল। দুৱাৰ খুলিলত কেভিন আৰু ক্লাৰা সোমাই আহিল। ক্লাৰাই সোমায়েই তাইৰ বেগটো
বিছনা খনলৈ দলিয়াই দি বিছনাতে ভৰি উঠাই বহিল। অনুপমাই কেভিন বহিবলৈ ছোফাখন খালী
কৰি ৰাখিছিল। সি তাত বহিল।
“পমা, পেৰিছৰ
পৰা আহি তুমি মোৰ লগত কথাই পতা নাই যে। মোৰ কাৰণে পেৰিছৰ পৰা কি আনিছা দিয়া”। ক্লাৰাই পোনচাটেই অভিযোগৰ সুৰত ক’লে।
অনুপমাৰ বুকুখন চিৰিংকৈ গ’ল। সঁচাকৈয়ে ক্লাৰাৰ কাৰণে একোকে অনা নহ’ল। তাইলৈ ফ্ৰেন্স চেম্পেইনৰ বটল এটাকে আনিব পাৰিলেহেঁতেন। তাইৰ বাবে সেইটোৱেই
আটাইতকৈ প্ৰিয় উপহাৰ হ'লহেঁতেন।
পেৰিছত তেনেকৈ বজাৰ কৰিবলৈ সময়েই নহ’ল। অহাৰ পিছত নানান ব্যস্ততাৰ মাজত ক্লাৰালৈ ফোন এটাও কৰা হোৱা
নাই। তাইৰ নিজকে অপৰাধী যেন লাগিল।
তাইৰ হঠাতে মনত পৰিল বাংলাদেশী যুৱক কেইজনৰ
পৰা আইফেল টাৱাৰত কিনা সৰু উপহাৰ কেইবিধৰ কথা।
“মই তোমাৰ কাৰণে অকণি আইফেল
টাৱাৰ এটা আনিছোঁ”। এই বুলি তাই
আলমাৰিটো খুলি টোপোলা এটাৰ পৰা সৰু আইফেল টাৱাৰৰ প্ৰতিমূৰ্তি এটা উলিয়াই আনি
ক্লাৰাৰ হাতত দিলে।
আইফেল টাৱাৰটো লিৰিকি বিদাৰি চাই ক্লাৰাই ক’লে, “ধুনীয়া। বহুত ধন্যবাদ দেই। আমাৰ এটা
বিশ্বাস আছে কি জানা, এহাল ডেকা গাভৰু আইফেল টাৱাৰ একেলগে
চাবলৈ গ’লে তেওঁলোক প্ৰেমত পৰে”। এই বুলি তাই খিলখিলাই হাঁহি দিলে।
“হেই তোমালোকে আইফেল টাৱাৰলৈ
ফুৰিবলৈ গৈ প্ৰেমত পৰা নাইতো”? এটা দুষ্টালি ভৰা হাঁহিৰে তাই
অনুপমালৈ চালে।
অনুপমাৰ অন্তৰাত্মা যেন জোকাৰ খাই উঠিল। নাই, নাই। আইফেল টাৱাৰলৈ একেলগে গ’লেও তাই
কেতিয়াও কেভিনৰ প্ৰেমত পৰিব নোৱাৰে। এয়া অনুচিত, অসম্ভৱ।
“তুমি মোক সন্দেহ নকৰিবা দেই
ক্লাৰা, মই জনাত আইফেল টাৱাৰৰ লগত প্ৰেমৰ কোনো সম্পৰ্ক নাই”। মুখত হাঁহি বিৰিঙাই অনুপমাই ক’লে।
“আজি আমি মিষ্টাৰ গুডিনাফৰ কথা
পাতিম। তুমি গুডিনাফৰ কথা জানা নহয়নে ক্লাৰা”? কথাৰ দিশ
সলাবলৈ তাই ক্লাৰালৈ চাই সুধিলে।
“মিষ্টাৰ গুডিনাফ। কিন্তু মই
ভাবোঁ হি ৱাজ নট গুড ইনাফ”। - এই বুলি ক্লাৰাই খিলখিলকৈ
হাঁহি দিলে।
কেভিন আৰু অনুপমাই তাইৰ মুখলৈ চালে। অনুপমাৰ
মুখৰ ৰং সলনি হ’ল।
“মিষ্টাৰ গুডিনাফৰ বিষয়ে কিয়
তেনেকৈ কৈছা ক্লাৰা”? অনুপমাই সুধিলে।
“কিযে কাহিনী এটা লৈ মই
ডকুমেণ্টৰিখন বনাবলৈ লৈছোঁ, মই বুজিয়েই পোৱা নাই পমা। মিষ্টাৰ
গুডিনাফ নামৰ মানুহ এজনে ভাপ ইঞ্জিন ব্যৱহাৰ কৰি ড্ৰিলিং কৰি তেল পালে। আৰে তেলতো
পাবই। তাত হেনো একো নকৰাকৈয়ে মাটিৰ তলৰ পৰা নিগৰি নিগৰি তেল ওলাই থাকে। এই কথাটো
লৈ কিনো স্ক্ৰিপ্ট লিখিম মই ধৰিব পৰা নাই। পমা, তুমি মোক সহায় কৰিব লাগিব। মই অকলে
নোৱাৰিছোঁ”। ক্লাৰাই ক’লে।
কেভিনে তাইৰ কথা শুনি মিচিক মাচাককৈ হাঁহি
থাকিল।
“মোৰ পিয়াহ লাগিছে পমা। ডিঙি
তিয়াবলৈ কিবা এটা দিয়া। আজি মই চেম্পেইন খাম বুলি আশা কৰি আহিছিলোঁ”। ক্লাৰাই ক’লে।
অনুপমা লাজত পৰিল। “চেম্পেইনৰ কথা পাহৰিলোঁৱেই। ইমান যে ব্যস্ততাৰ মাজত পেৰিছৰ দিন
দুটা গ’ল। ৰ’বা মই ফ্ৰুট জুচকে আনিছোঁ”। এই বুলি তাই কিচেনলৈ গৈ তিনিওৰে কাৰণে তিনি গিলাছ ফলৰ ৰস লৈ আহিল।
গিলাচ কেইটা হাতে হাতে দি তাই ক’লে, “স্ক্ৰিপ্ট খনৰ কাৰণে ইমান চিন্তা
কৰিব নালাগে ক্লাৰা। মই ছিকুৱেন্সটো ভাবিয়েই থৈছোঁ”।
ক্লাৰা জঁপিয়াই উঠিল। “কেভিন, মই তোমাক কোৱা নাছিলোঁনে, পমাই সকলো কৰিবই। তুমি এনেয়ে মোক ভয় খুৱাই থাকা । পমা, তুমি মোৰ আটাইতকৈ প্ৰিয় বান্ধৱী। ছিকুৱেন্সটো কোৱাঁ এতিয়া”। তাই আগ্ৰহেৰে ক'লে।
অনুপমাই ক্লাৰাৰ ওচৰতে বহি ল'লে।
“মই ভাবিছোঁ স্ক্ৰিপ্টখনত আমি
খনিজ তেল ব্যৱসায়িক ভিত্তিত উত্পাদন কৰিবলৈ মিষ্টাৰ গুডিনাফৰ নেৰা নেপেৰা চেষ্টাৰ
কথাটোত বেছিকৈ গুৰুত্ব দিব লাগিব। ভাবি চোৱাঁচোন, কিমান
কষ্টেৰে দুৰ্গম হাবি কাটি, বাট উলিয়াই বিশেষ একো সা সঁজুলি
নোহোৱাকৈ, যত্সামান্য যন্ত্ৰ পাতি লৈ তেওঁলোকে ড্ৰিলিং
কৰিছিল। এনে কৰিবলৈ কিযে সাংঘাটিক এডভেন্সাৰাছ হ’ব লাগিব। মই তোমাক অসমৰ দুৰ্গম হাবি জংগল বোৰ দেখুৱাম। সেইবোৰৰ দৃশ্য তুমি ৰেকৰ্ড কৰি
অতীতৰ ঘটনাটো ৰিজাব পাৰিবা”।
অনুপমাৰ কথাত ক্লাৰাই ৰস পালে।
“ৱাও, ৰিয়েলি?
সঁচাকৈয়ে বৰ মজা লাগিব। মোৰ জংগল বৰ ভাল লাগে”। তাই চিঞৰি উঠিল।
“আটাইতকৈ মন কৰিবলগীয়া কথা কি
জানানে? গুডিনাফে ধাৰাবাহিক বিফলতাতো ধৈৰ্য হেৰুওৱা নাছিল।
অসমত খনন কৰাৰ এই সমগ্ৰ প্ৰকল্পটো তেওঁ নিজেই পৰিকল্পনা কৰিছিল। সেই বাবে
প্ৰকল্পটো সফল কৰাৰ বাবে তেওঁৰ ওপৰত চাপো আছিল বহুত। বিফল হোৱা প্ৰতিটো খাদৰ বাবে তেওঁ ওপৰৱালাৰ পৰা কথা শুনিবলগীয়া হৈছিল।
ওপৰৱালাৰ ককৰ্থনা তেওঁ সহ্য কৰি গৈছিল মাথোন তেওঁৰ সপোন ফলৱতী হ’ব বুলি থকা পৰম বিশ্বাসৰ বলত। প্ৰথম চাৰিটা খাদ খান্দি একো
নাপাই তেওঁ উভতি যাব পাৰিলেহেঁতেন। কিন্তু তেওঁ নগ’ল। তেওঁ
কিজানি মনে মনে বিশ্বাস কৰিছিল, তেওঁ এদিন সফল হ’বই”, কেভিনে ফলৰ ৰস খাই খাই কৈ গ'ল।
“মোৰ ভাল লাগিল তেওঁৰ সাহস আৰু
আত্মবিশ্বাসৰ কথা জানিব পাৰি। সেই সময়ত খনিজ তেলৰ বাবে খনন কৰাটো একেবাৰে নতুন কথা
আছিল। মাত্ৰ আঠ বছৰ আগতেহে আমেৰিকা যুক্তৰাষ্ট্ৰত খনিজ তেলৰ ব্যৱসায়িক উত্পাদন
আৰম্ভ হৈছিল। খনন কাৰ্যৰ বাবে প্ৰয়োজনীয় সঁজুলি, যন্ত্ৰ পাতি
সকলো আমেৰিকাতহে পোৱা গৈছিল। এই সঁজুলিবোৰ কলিকতালৈ
অনোৱা হৈছিল। কলিকতাৰ পৰা অসমলৈ আনিবলৈ উপযুক্ত ৰাস্তাই নাছিল। মাথোন জলপথৰ ওপৰত
হে একমাত্ৰ ভাৰসা কৰিব পৰা গৈছিল। এইবোৰ কথা জানিও গুডিনাফে অসমৰ দৰে এখন আওহতীয়া, হাবি-জংগলেৰে ভৰা ঠাইত খনিজ তেলৰ বাবে খনন কৰিবলৈ মৰসাহ
কৰিছিল”। অনুপমাই বিছনাখনত ভৰি উঠাই বহি লৈ ক’লে।
“এতিয়াহে ঘটনাটো মোৰ অলপ
ইণ্টাৰেষ্টিং যেন লাগিছে”। - মূৰ দুপিয়াই
ক্লাৰাই ক’লে।
"পমা, তুমি চাগে মোক খুব ধুনীয়াকৈ বুজাই দিব পাৰিবা। কেভিনে কাহিনীটো কওঁতে মই
একো ইণ্টাৰেষ্ট পোৱা নাছিলোঁ"। ক্লাৰাই অনুপমালৈ চাই ক'লে।
“ভালদৰে পঢ়িলেহে ইণ্টাৰেষ্ট
পাবা। ওপৰে ওপৰে জানিলে ক’ৰ পৰা ভাল লাগিব। যিখিনি তথ্য আছে
সেইখিনি চালি জাৰি চাই নিজে অনুভৱ কৰিব পাৰিব লাগিব”। কেভিন ক’লে।
“অনবৰতে মোক গালি পাৰি থকাৰ
বাহিৰে তোমাৰ অন্য কাম নাই নেকি”? ক্লাৰাই মুখ বিকটাই ক’লে। তাইৰ খং উঠিল।
“ক্লাৰা, ঘটনাটো সঁচাকৈয়ে ইণ্টাৰেষ্টিং। কোৱাঁচোন দৃশ্যটোৰ কথা কি ভাবিছা? শ্বুটিঙৰ বিষয়ে তুমি মোতকৈ বহুত বেছি কথা জানা”, অনুপমাই
কথা সলনি কৰিবলৈ ক’লে।
“নাই পমা, মই একো নাজনোঁ। মই একেবাৰে মূৰ্খ। সকলো এখেতেহে জানে”। ক্লাৰাই মুখ ওফোন্দাই ক’লে।
কেভিনে হাঁহি মাৰি ক’লে, “ধেৎ, মই তোমাক
গালি পৰা নাই নহয়। ভালদৰে পঢ়িলে যে ইণ্টাৰেষ্ট পাবা তাকেহে কৈছোঁ। দৃশ্যটোৰ কথা কি
ভাবিছা মোৰো জানিবলৈ মন গৈছে। কোৱাঁনা”।
“নকওঁ। তুমিয়ে সকলো জানা।
তুমিয়েই কোৱাঁ”।
“ছিনেমাৰ কথা, ফটোগ্ৰাফীৰ কথা মই নাজানোঁ নহয়। এয়া তোমাৰহে বিষয়। গতিকে তুমিয়েই ক’ব লাগিব”। কেভিনে ক’লে।
এইবাৰ ক্লাৰাৰ মন কুমলিল। তাইৰ মুখলৈ পোহৰ
ঘূৰি আহিল।
“ক’ম,
কিন্তু মাজতে ওষ্টাদি মাৰি মোক গালি নাপাৰিবা। কৈ দিছোঁ”।
“তুমি কৈ যোৱা, মই মুখেৰে নামাতোঁ”। কেভিনে ক’লে।
“দৃশ্যটো কেনেকুৱা হ’ব জানা, ভয়ানক জংগলৰ মাজত কেইজন মান শ্ৰমিক লৈ
মিষ্টাৰ গুডিনাফে কাম কৰি আছে। ওচৰে পাজৰে বনৰীয়া
জন্তু ঘূৰি ফুৰিছে। বাঘে গোঁজৰিছে, হাতীয়ে চিঞৰিছে। আনপিনে ভাপ ইঞ্জিনৰ ঘৰ ঘৰ শব্দ। শ্ৰমিক বোৰে বাঘৰ
গোঁজৰণিত ভয় খাইছে। হাতীয়ে খেদি আহিব বুলি ভয়ে ভয়ে কাম কৰিছে। গুডিনাফে ভয় নাখাই
কাম কৰি যাবলৈ উত্সাহ দিছে। তেওঁৰ লগত হাতত বন্দুক লৈ মাত্ৰ এজন চিপাহী”।
“বাহ ক্লাৰা বাহ। একেবাৰে
থ্ৰিলাৰ চিনেমাৰ দৃশ্য যেন লাগিছে। কৈ যোৱা। তাৰ পিছত”? অনুপমাই
তাইক উত্সাহ দিলে।
“এফালে আতংক, এফালে উত্সাহ। এফালে মৰাৰ ভয়, আনহাতে নতুন কিবা
পোৱাৰ আনন্দ। তাৰ মাজতে হঠাতে এদিন তেলৰ খাদৰ পৰা ফোৱাৰাৰ দৰে তেল ওলাই আহিছে।
জোৰেৰে, বিকট শব্দ কৰি। সেই শব্দত ইঞ্জিনৰ ঘৰ ঘৰ শব্দও তল
পৰিছে। মানুহবোৰে আনন্দত কিৰিলি পাৰিছে। ভয় নাইকিয়া হৈ গৈছে। সকলোৱে স্ফূৰ্তিত
জঁপিয়াইছে। নাচিছে, মস্তি কৰিছে।”, কথা
খিনি কৈ ক্লাৰাৰ মুখেৰে হাঁহি ওলাই গ’ল। তাই হাত চাপৰি বজাই
দিলে।
“বঢ়িয়া। খুব ভাল হ’ব ক্লাৰা”। অনুপমাই তাইক
উত্সাহ দিলে।
“তোমাৰ দৃশ্যটোৰ পৰিকল্পনা
বঢ়িয়া হৈছে। পিছে মই এটা কথা কৈছোঁ, আমি মূলত: গুডিনাফৰ
সংগ্ৰাম আৰু নেৰানেপেৰা চেষ্টাৰ কথাটোত প্ৰাধান্য দিব লাগিব। বাৰে বাৰে বিফল হোৱাৰ
পিছতো তেওঁ যে উত্সাহ হেৰুওৱা নাছিল, আৰু একাণপতীয়া চেষ্টাৰে
সফলতা লাভ কৰিছিল, সেই কথাখিনি ভালদৰে ফুটি উঠিব লাগিব”। কেভিনে ক’লে।
“হ’ব
কেভিন, এইখিনি সংযোগ কৰা কামত মই ক্লাৰাক সহায় কৰিম”। - অনুপমাই কেভিনক আশ্বস্ত কৰিলে।
“পিচে অসমত ইমান কম সময়ৰ ভিতৰত
আমি নাটকীয় ৰূপত ইমানবোৰ কাহিনী কেনেদৰে ৰেকৰ্ড কৰিম, তাকো
তাৰ স্থানীয় মানুহৰ হতুৱাই”? এইবাৰ ক্লাৰাৰ চকু মুখত শংকাৰ
চিন ফুটি উঠিল।
“ক্লাৰা, আমি সকলো ঘটনা নাটকীয় ৰূপত ৰেকৰ্ড কৰি অনা সম্ভৱ নহয়। আমি গৈ যিমান পাৰোঁ
তথ্য সংগ্ৰহ কৰিম আৰু সেইখন ঠাইৰ পৰিৱেশ, পৰিস্থিতি আৰু
মানুহৰ বিষয়ে চাক্ষুস অভিজ্ঞতা লাভ কৰিম। ইয়ালৈ ঘূৰি আহি সেই অভিজ্ঞতাবোৰ কামত
লগাই ঘটনাবোৰৰ নাট্যৰূপ দিবলৈ চেষ্টা কৰিম। মোৰ থেছিছ খন লিখোঁতেও এই অভিজ্ঞতাই
সহায় কৰিব”, কেভিনে ক’লে।
“তেনেহ’লে
মই মিছাকৈয়ে ইমান চিন্তা কৰি মৰিছোঁ। মই মোৰ কেমেৰাটোৰে যি দেখোঁ সকলো ফটো আৰু
ভিডিঅ’ কৰি লৈ আহিম। পিচত ইয়ালৈ আহি সেইবোৰ ঠিক ঠাক কৰি এখন
ডকুমেণ্টৰি কৰিম আৰু”। স্বস্তিৰ উসাহ
লোৱা যেন কৰি ক্লাৰাই ক’লে।
“ডকুমেণ্টৰী এখন কৰিম আৰু বুলি
ক’লেই হ’ব নেকি”? কেভিনে আকৌ তাইক উভতি ধৰিলে।
“সমস্ত ঘটনাটোৰ ওপৰত থুলমূলকৈ এখন স্ক্ৰিপ্ট বনাই থ’লেহে তুমি তালৈ গৈ পৰিকল্পনা মতে ৰেকৰ্ডিং কৰিব পাৰিবা। পৰিকল্পনা নকৰাকৈ এনেয়ে যধে মধে ফটো তুলি আনিলে সেইবোৰ তোমাৰ একো কামত নাহিবও পাৰে। কিছুমান প্ৰয়োজনীয় দৃশ্য ৰেকৰ্ড কৰিবলৈ থাকি যাব পাৰে। সেই কাৰণেই মই কৈ আছোঁ গোটেই কাহিনীটো পঢ়ি লৈ সকলো ঘটনা সাঙুৰি এটা ভাল পৰিকল্পনা কৰা”। - সি ক’লে।
“সমস্ত ঘটনাটোৰ ওপৰত থুলমূলকৈ এখন স্ক্ৰিপ্ট বনাই থ’লেহে তুমি তালৈ গৈ পৰিকল্পনা মতে ৰেকৰ্ডিং কৰিব পাৰিবা। পৰিকল্পনা নকৰাকৈ এনেয়ে যধে মধে ফটো তুলি আনিলে সেইবোৰ তোমাৰ একো কামত নাহিবও পাৰে। কিছুমান প্ৰয়োজনীয় দৃশ্য ৰেকৰ্ড কৰিবলৈ থাকি যাব পাৰে। সেই কাৰণেই মই কৈ আছোঁ গোটেই কাহিনীটো পঢ়ি লৈ সকলো ঘটনা সাঙুৰি এটা ভাল পৰিকল্পনা কৰা”। - সি ক’লে।
“অনুপমাই পঢ়া কামটো কৰিছেই।
ময়োতো তোমালোকৰপৰা শুনি শুনি সকলো গম পাইছোঁৱেই। এতিয়া তুমি যি ৰেকৰ্ড কৰিবলৈ
কোৱাঁ, মই তাকেই ৰেকৰ্ড কৰি আনিম। হ’বনে
ডাৰ্লিং?”- ক্লাৰাই কেভিনৰ পিনে চাই দুষ্টালি ভৰা হাঁহিৰে ক’লে। এইবাৰ তাইৰ মুখত খঙৰ চিন নাই।
“মুঠতে তুমি নিজে কোনো চেষ্টা
নকৰা। আনৰ ওপৰতে সদায় নিৰ্ভৰশীল হৈ থাকিবা”, কেভিনে হাঁহি হাঁহি ক্লাৰালৈ চাই ক’লে।
“আৰে মোৰ তোমালোক দুয়োৰে ওপৰত
সম্পূৰ্ণ ভাৰসা আছে, তোমালোকে মোক কেতিয়াও বিপদত পৰিবলৈ
নিদিয়া। হয়নে নহয় তুমিয়ে কোৱাঁ পমা। আচলতে কি জানা। এই পঢ়া শুনা জাতীয় কামবোৰ মই
ভালদৰে কৰিবই নোৱাৰোঁ। মোৰ আমনি লাগে, মূৰ বিষায়। সেই কাৰণে
পঢ়া শুনা কৰিবলৈ মই ভাল নাপাওঁ। মোৰ বিশ্বাস তোমালোকৰ মতে কৰিলেহে কামটো বেছি ভাল
হ’ব”।
কেভিনৰ পিনে চাই ক্লাৰাই এইবাৰ মৰমসনা মাতেৰে
ক’লে, “কেভিন, তুমি সদায় মই কৰি ভাল নোপোৱা কাম বিলাক কিয় কৰিবলৈ কৈ থাকা”?
“হ’ব
দিয়া ক্লাৰা। পঢ়া কামটো ময়েই কৰিম। এনেয়ো আজৰি সময়ত মই পঢ়ি ভাল পাওঁ। অসমৰ ইতিহাস
পঢ়িবলৈ মই খুব আগ্ৰহ অনুভৱ কৰিছোঁ। আইতাকো এইবোৰ কাহিনী শুনাবলৈ মন গৈছে। তেওঁ
শুনিও চাগে খুব আমোদ পাব”, অনুপমাই মাত দিলে।
“একদম ঠিক কথা কৈছা পমা। আইতাই
এইবোৰ কাহিনী শুনিলে আকৌ অসমলৈ যোৱা যেন অনুভৱ কৰিব। তুমি আইতাক শুনাবৰ বাবেই
ভালদৰে পঢ়া”। ক্লাৰাই খিলখিলাই
হাঁহি দিলে।
“কাইলৈ ওলাই যাওঁ বলা। আইতাৰ
ওচৰলৈকো যাম”, কেভিনে প্ৰস্তাৱ দিলে।
অনুপমাই ক’লে, “মই কথাটো কওঁ কওঁ বুলিয়ে ভাবিয়েই আছিলোঁ। একো
অসুবিধা নহ’লে আমি তিনিও কাইলৈ দিনটো আইতাৰ লগত কটাওঁ ব’লা”।
পিছদিনা দেওবাৰ। ৰাতিপুৱাই কেভিনৰ গাড়ীত উঠি
তিনিও গৈ আইতাক নেন্সিৰ ঘৰ পালে।
চোতালৰ মুকলি ঘাঁহনিত ৰ’দ লৈ বহি থকা আইতাকক দেখি আটাইৰে ভাল লাগিল।
“এখেত এতিয়া সম্পূৰ্ণ সুস্থ হৈ
উঠিছে। ইণ্ডিয়ালৈ যোৱাৰ কথা ঠিক হোৱাৰ পিছৰে পৰা আগতকৈ বহুত তজবজীয়া হৈ পৰিছে”,
এঞ্জেলাই হাঁহি মাৰি ক’লে।
কেভিন, ক্লাৰা,
অনুপমা আটাইকেইটা গৈ আইতাকৰ চকীখনৰ কাষতে ঘাঁহনিত বহিল। আইতাকে
আটাইকে সম্ভাষণ জনালে।
“আইতা, আপুনি
সুস্থ হৈ উঠা দেখি মোৰ কিমান যে আনন্দ লাগিছে আপোনাক কেনেকৈ বুজাম”। অনুপমাই ক’লে।
“এখেতে এতিয়া সহায় নোহোৱাকৈ
অলপ অচৰপ খোজ কাঢ়িব পৰাও হৈছে। এখেতৰ স্বাস্থ্যৰ এই উন্নতি দেখি তেওঁক চোৱাচিতা
কৰা ডাক্তৰ ষ্টিফেনিও আচৰিত হৈছে”। এঞ্জেলাই ক’লে।
কেভিনে আইতাকৰ হাত এখন ধৰি চুমা খালে। “তোমাক সুস্থ কৰি তোলাৰ বাবে মই ঈশ্বৰক ধন্যবাদ জনাইছোঁ। মই
এতিয়াহে নিশ্চিত হ’ব পাৰিছোঁ তুমি ভাৰতলৈ যাত্ৰা কৰিব পাৰিবা”।
আইতাকে হাঁহিলে।
“কেভিন, আমি
তিনি গৰাকী মহিলাৰ সম্পূৰ্ণ দায়িত্ব এতিয়া তোমাৰ ওপৰত। কাৰণ আমাৰ দলত তুমিয়েই
একমাত্ৰ পুৰুষ”, তেওঁ ৰগৰ কৰি ক’লে।
“আমি ইণ্ডিয়ালৈ যাবলৈ বেছি দিন
নায়েই নহয়নে কেভিন? এতিয়া ভিছা আৰু টিকেট যোগাৰ হ’লেই হ’ল”। ক্লাৰাই ক’লে।
ক্লাৰাৰ কথা শুনি হঠাতে কিবা এটা মনত পৰাৰ
দৰে কেভিন জাঁপ মাৰি উঠিল। সি যেন তেতিয়াহে অনুভৱ কৰিব পাৰিলে ইণ্ডিয়ালৈ যাবলৈ হ’লে কেইটামান কাম কৰিবলগীয়া আছে।
“মই আটাইৰে ইণ্ডিয়া ভিছাৰ
কাৰণে কাইলৈকে আবেদন কৰিম। আইতাৰ পাছপোৰ্ট খন আজিয়েই লৈ ল'ম।
বেছি পলম কৰিলে ইণ্ডিয়ান ভিছা পোৱাত কেতিয়াবা অসুবিধা হয়। অনুপমাৰ কাৰণে অৱশ্যে
ইণ্ডিয়ালৈ যোৱাত কোনো অসুবিধা নাই। তাইৰ ভাৰতীয় পাছপোৰ্ট আছেই। ভিছা পোৱাৰ পিচতহে
টিকেট কৰিব পাৰিম”। সি ক'লে।
অনুপমায়ো যেন তেতিয়াহে অনুভৱ কৰিলে সঁচাকৈয়ে
বেছিদিন নাই। দেউতাকক কৈ ডিগবৈত সকলো সাজু কৰিব লাগিব। আইতাকৰ যাতে কোনো অসুবিধা
নহয়, তাৰো ব্যৱস্থা কৰিব লাগিব।
গোটেই দুপৰীয়াটো তিনিওটাই আইতাক নেন্সিৰ লগত
উমলি-জামলি কটালে। মিউজিক ছিষ্টেমত গান বজাই সেই গানৰ তালে তালে নাচিলে। গিটাৰ
হাতত লৈ কেভিনে নিজেও গান গালে।
এঞ্জেলাৰ সহযোগত আটাইকেইটাই মিলি দুপৰীয়াৰ
আহাৰ তৈয়াৰ কৰিলে। আইতাকেও সময়খিনি সমানে উপভোগ কৰিলে।
অনুপমাৰ আইতাকক কথা এটা সুধিবলৈ বাৰে বাৰে মন
গৈ আছিল। তেওঁৰ জীৱনৰ সকলোবোৰ কথাই জানিবলৈ তাই তীব্ৰ আকৰ্ষণ অনুভৱ কৰে। তাই
সপোনতো আইতাকৰ জীৱনৰ কথাবোৰেই দেখে।
আবেলি কেভিন আৰু ক্লাৰাই চিগাৰেট খাবলৈ
মুকলিলৈ ওলাই গ’ল। এঞ্জেলা ঘৰ চফা কৰা কামত ব্যস্ত হৈ পৰিল।
আইতাকক অকলে পাই অনুপমাই তেওঁৰ ওচৰত বহিল।
“আইতা, আপোনাৰ
অতীতৰ বিষয়ে আৰু কথা জানিবৰ মন গৈছে”।
আইতাকে মৰমসনা চাৱনিৰে তাইৰ পিনে চালে, “মোৰ কথা কি জানিবৰ মন গৈছে কোৱা। মই তোমাক সকলো ক’ম”।
“আপোনাৰ হাজবেণ্ডৰ কথা জানিবলৈ
বৰ মন গৈছে। তেওঁৰ বিষয়ে মোক ক’বনে”?
“মোৰ হাজবেণ্ড”? আইতাক যেন উচপ খাই উঠিল।
“কেভিনে মোক কৈছে আপোনাৰ
হাজবেণ্ড, মানে কেভিনৰ ককা দেউতাকো যুঁজ কৰি অসমত মৃত্যু বৰণ
কৰিছিল”।
আইতাক অলপ পৰ নিৰৱে থাকিল। তেওঁৰ মুখখনত
আনন্দ আৰু বিষাদৰ এক অদ্ভূত সমন্বয় অনুপমাই দেখা পালে। তাইৰ বেয়া লাগিল। তাই যেন
এটা নুসুধিবলগীয়া কথা সুধি পেলালে এনে লাগিল তাইৰ। সকলো ক’ম বুলি ক’লেও কিছুমান কথা হয়তো আইতাকে ক’বলৈ নিবিচাৰে!
“মই কথাটো উলিয়াইছোঁ, কাৰণ মই সঁচাকৈয়ে আচৰিত হৈছোঁ যে আপোনাৰ জীৱনৰ ইমানবোৰ ঘটনা অসমৰ লগত
সাঙোৰ খাই আছে। কেভিনৰ ককাকো অসমলৈ গৈছিল। মোৰ শুনিয়েই ভাল লাগিছে”। আইতাকৰ মুখলৈ চাই অনুপমাই ক’লে।
আইতাকে এটা হুমুনিয়াহ কাঢ়ি ক’লে, “এৰা কেভিনৰ ককাদেউতাকো যুদ্ধ কৰিবলৈ
অসমলৈ গৈছিল। তেওঁ আৰু উভতি নাহিল”। আইতাকৰ চকুজুৰি সেমেকি উঠিল।
“মই বুজিছোঁ আইতা, সেই ঘটনাটো মনত পৰিলে আপোনাৰ এতিয়াও দুখ লাগে”, সহমৰ্মিতাৰে
অনুপমাই ক’লে।
“পিচে তেওঁ মোৰ হাজবেণ্ড নাছিল”!!
এঞ্জেলাৰ হাতৰ পৰা এটা কাচৰ গিলাছ মজিয়াত পৰি
ভাঙিল। গিলাছটো পৰি ভঙা শব্দৰ ঝনাঝননিটো যেন অনুপমাৰ বুকুৰ মাজলৈ বিয়পি পৰিল। তাই
কিছুপৰ ভেবা লাগি আইতাকৰ মুখলৈ চাই ৰ’ল।
“মই একো বুজি পোৱা নাই আইতা”।
“মই এদিন তোমাক সকলো ক’ম। তুমি কিছু দিন অপেক্ষা কৰা”। এই বুলি তেওঁ চকু দুটা মুদি দিলে। তেওঁ যেন উভতি গ’ল তেওঁৰ ৰহস্যময় অতীতৰ সেই দিনবোৰলৈ। সেই দিনবোৰত বিচৰণ কৰিবলৈ
তেওঁ যেন অনুপমাক এতিয়াও অনুমতি দিয়া নাই।
অনুপমাৰ মনত নানান ভাবে খেলা কৰিবলৈ ধৰিলে।
হয়তো আইতাকৰ বাবে অতীতৰ সেইখিলা পৃষ্ঠা অতি গোপন। হয়তো কেভিনৰ ককাকে কিবা কাৰণত
তেওঁক বিয়া নকৰালে যিটো দুখে তেওঁক এতিয়াও আমনি দিয়ে।
তাই ভাবিলে কিমান যে ৰহস্য লুকাই আছে এই
মানুহ গৰাকীৰ হৃদয়ত। এই ৰহস্যই যেন তাইক
তেওঁৰ লগত এক অনামী আকৰ্ষণৰ ডোলেৰে বান্ধি ৰাখিছে।
আইতাকৰ ওচৰত থাকিলে তাইৰ মাকলৈ মনত পৰে। মাক
থাকিলে তাই আইতাকৰ কথাবোৰ মাককে ক’লেহেঁতেন। মাকে হয়তো বুজি পালেহেঁতেন আইতাকৰ মনৰ কথাবোৰ। মাকৰ লগত হয়তো তাই আলোচনা কৰিব পাৰিলেহেঁতেন আইতাকৰ বিচিত্ৰ জীৱনৰ কথা।
মাক নোহোৱাৰ দুখটো মাজে মাজে তাইৰ ডিঙিলৈকে
উজাই আহে।
দেউতাকে তাইক খোলা খুলিকৈ সকলো কথা ক’বলৈ কয়, কথা লুকুৱালে দেউতাকে বেয়া পায়।
কিন্তু তাই অনুভৱ কৰে তাইৰ সকলো কথা তেওঁ বুজি নাপায়, বুজিব
নোৱাৰে। তাইৰ মনৰ অনুভূতিবোৰ তেওঁ অনুভৱেই নকৰে। আইতাকৰ বিষয়ে কিবা ক’ব বিচাৰিলেই তেওঁ কৈ উঠে আইতাকৰ লগত ইমান ব্যস্ত হোৱাৰ একো দৰকাৰ নাই। তাই
পঢ়া শুনা নকৰি লোকৰ কথা খুচৰি ফুৰা কাৰণে তেওঁ অসন্তুষ্ট হৈছে।
কেভিনৰ কথা ওলালেও তেওঁ অনাহকত জাঙুৰ খাই উঠে। তেওঁ তাইক বাৰে বাৰে বুজায় - “পঢ়া শুনা কৰিবলৈ
গৈছ, পঢ়া শুনা কৰি ঘৰলৈ উভতি আহ। এইবোৰ বিদেশৰ বাটৰ কচু গাত
ঘঁহি ল’ব নালাগে”।
সেয়েহে তাইৰ সকলো কথা দেউতাকক খুলি ক’বলৈ সংকোচ হয়। তথাপি নিজৰ কথা ক’বলৈ,
পৰামৰ্শ বিচাৰিবলৈ দেউতাকৰ বাহিৰে তাইৰ কোন আছে? তাইৰ বাহিৰে দেউতাকৰো খবৰ কৰিবলৈ কোনো নাই।
সেয়েহে সময় পালেই তাই দেউতাকলৈ ফোন কৰি
দীঘলীয়াকৈ কথা পাতে।
অনুপমাই দেউতাকক কথাবোৰ নোকোৱাকৈও থাকিব নোৱাৰে। দেউতাকৰ লগত ফোনত কথা পাতিলে
কথাবোৰ নিজে নিজেই ওলাই আহিব বিচাৰে।
কওঁ-নকওঁকৈ কথাৰ মাজতে তাই এদিন দেউতাকক ক’লে,
“তুমি জানানে দেউতা, কেভিনৰ ককাকো অসমলৈ
গৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পাটকাই পাহাৰত তেওঁৰ মৃত্যু হৈছিল”।
কথাটো শুনি দেউতাক অলপ সময় তভক মাৰি থাকিল।
"তই তালৈ ছ'চিয়'লজি পঢ়িবলৈ গৈছ' নে বিশ্বযুদ্ধৰ বুৰঞ্জী পঢ়িবলৈ
গৈছ"।
অনুপমাই বুজিলে দেউতাকৰ খং উঠিছে।
"দেউতা, মইতো মোৰ পঢ়া শুনা ঠিকেই কৰি আছোঁ। আইতাক লগ পাই ইয়াত অসমৰ পৰা যোৱা আপোন
মানুহ লগ পোৱা যেন লাগিছে"। তাই ভয়ে ভয়ে ক'লে।
দেউতাকে আকৌ খঙেৰে ক’লে, “তই এইবোৰ লোকৰ কথা চিন্তা কৰিবলৈ
এৰি পেলা মাজনী। মনত ৰাখিবি, পঢ়ে পঢ়ায় ৰোৱে পান, ই তিনি নিচিন্তে আন”। দেউতাকৰ সদায়
মুখত লাগি থকা এটা ডায়লগ।
“দেউতা, কি আচৰিত কথা চোৱাঁচোন। একেটা
পৰিয়ালৰ লোকৰ অসমৰ লগত ইমান সম্পৰ্ক আছে। এয়া এক বিৰল ঘটনা নহয়নে”? তাই নিজৰ
অনুভূতিখিনি দেউতাকক বুজাবলৈ যিমান সম্ভৱ চেষ্টা কৰি চালে।
দেউতাক যোগেন বৰুৱাই অনুপমাৰ কথাত জাঙুৰ খাই উঠিল।
এইবাৰ তেওঁ পোনপটীয়াকৈ তাইক কৈয়ে পেলালে, “তই কি কৰিব বিচাৰিছ মই একো ধৰিব পৰা নাই মাজনী। তোৰ মতি-গতি
মই ভাল দেখা নাই। তই সেই বিদেশী ল’ৰাটোৰ লগত কিবা সম্পৰ্ক কৰিব খুজিছ নেকি? মোক সকলো খোলাখুলিকৈ ক”।
অনুপমাই দেউতাকৰ কথা শুনি মৃদু অভিযোগেৰে ক’লে - “দেউতা, তুমিয়ো যে আৰু।
কেভিন, ক্লাৰা আৰু মই ভাল বন্ধু। তুমি এইবোৰ অনাহকত চিন্তা
কৰি আছা”।
“মই পিছে তেওঁলোক অঙহীয়ে-বঙহীয়ে এনেদৰে অসমলৈ অহা কথাটো ভাল
দেখা নাই মাজনী, মই কৈ দিছোঁ।”। দেউতাকে খাৰাংখাচকৈ ক’লে।
অনুপমাই শান্ত হৈ থাকি ক’লে - “কেভিন আৰু ক্লাৰাই নিজৰ নিজৰ কামৰ বাবে তথ্য সংগ্ৰহ কৰিবলৈ আহিব। কেভিনে
অসমৰ অয়ল এক্সপ্লোৰেশ্যনৰ ওপৰত গৱেষণা কৰি আছে, ক্লাৰাই অসমৰ
তৈলক্ষেত্ৰৰ ওপৰত এখন ডকুমেণ্টৰি কৰিব। কেভিনৰ আইতাক আহিব তেওঁৰ পুৰণি স্মৃতি
বিচাৰি। তুমি ভবা ধৰণৰ একো কথা নাই"।
"আৰু দেউতা শুনা, মই কথা দিছোঁ,
মই তোমাৰ অনুমতি নোলোৱাকৈ বিদেশী ল’ৰা এজনৰ
লগত কেতিয়াও সম্পৰ্ক নকৰোঁ”। অনুপমাই
দৃঢ়তাৰে ক'লে।
অনুপমাৰ কথা দেউতাকে বিশ্বাস কৰে। তাই কেতিয়াও কথা দি কথা নৰখাকৈ থকা নাই।
তাইৰ কথাত যোগেন বৰুৱাই নিজৰ বুকুখন শাঁত পৰা যেন পালে। তেওঁ নিজৰ মনক প্ৰবোধ দিলে
যে তেওঁ তাইক দিয়া সংস্কাৰ অথলে নাযায়।
তথাপি তেওঁ তাইৰ কাণ চোৱাই থ’লে, “মই তোৰ কাৰণে ল’ৰা এটাৰ কথা পাতি থৈছোঁ। এইবাৰ আহিলে তই তাক লগ কৰিব লাগিব”।
"কোন ল'ৰা দেউতা"? অনুপমা উচপ খাই উঠিল।
"তই আহিলে সকলো গম পাবি মাজনী। মই তোৰ কাৰণে এজন সুপাত্ৰৰ
সন্ধান কৰি থৈছোঁ। মই বৰ আশা কৰিছোঁ যে তই না নকৰ। মাৰ' থাকিলে
কথাবোৰ তোক ভালদৰে বুজাই ক'ব পাৰিলেহেঁতেন"। দেউতাকৰ
মাতটো থোকা থুকি হৈ গ'ল।
অনুপমাই মুখেৰে নামাতিলে। দেউতাকে তাইৰ
বাবে হয়তো সঠিক সিদ্ধান্তই ল'ব। হয়তো তাইৰ
আপত্তি কৰিবলগীয়া একো নাথাকিব। তথাপিও কিয় জানো, তাইৰ মনটো
এজাক উদাস ডাৱৰে যেন ঢাকি ধৰিলে।
জীয়েকৰ লগত কথা হোৱাৰ পিছত যোগেন বৰুৱাই ভাবিলে, তাই এইবাৰ আহিলে যেনে-তেনে প্ৰশান্তৰ সৈতে তাইৰ বিয়াখনৰ কথা পাতিব লাগিব।
বেছি পলম কৰি থাকিলে পাছলৈ সকলো কথা খেলিমেলি হৈ যাব পাৰে। মাক নোহোৱা ছোৱালীজনীৰ
সকলো কথা তেৱেঁই চিন্তা কৰিব লাগিব।
এইবোৰ কথা গুণাগঁথা কৰি বহি থাকোঁতেই ফোনটো আকৌ বাজিল। প্ৰশান্তৰ দেউতাক
প্ৰবীৰ দত্তৰ ফোন।
“এটা কথাৰ কাৰণে ফোন কৰিলোঁহে যোগেন। মোৰ ল'ৰাটো ডিগবৈলৈ এটা কামত যাবলগীয়া হৈছে। তুমি মোক এটা সহায় কৰি দিয়াহে। তাৰ
কাৰণে গেষ্ট হাউছত এৰাতি থকাৰ ব্যৱস্থা কৰি দিয়াহে”।
বৰুৱাই লগে লগে হুলস্থূল কৰি উঠিল - “কি
কোৱাঁহে প্ৰবীৰ। তোমাৰ ল’ৰা ডিগবৈলৈ আহি গেষ্ট হাউছত থাকিব।
মই মৰি গ’লো বুলি ভাবিছা নেকি? সেইবোৰ
নচলিব। সি মোৰ ইয়াতে থাকিব। মই অকলশৰীয়া মানুহটো ভূতটোৰ দৰে এই প্ৰকাণ্ড ঘৰটোত থাকোঁ। সি আহি ইয়াত কোনো
অসুবিধা নাপায়। তুমি কোনো চিন্তাই নকৰিবা”।
সিপিনৰ পৰা ঢেক ঢেককৈ হাঁহি দত্তই ক’লে, “মইতো তাকেই কৈছিলোঁহে। পিছে এওঁহে ক’লে তুমি অকলশৰীয়াকৈ থাকা, আমনিও পাব পাৰা। মই বোলোঁ
কিহৰ আমনি হে, যোগেনৰ ছোৱালী আমাৰ ইয়াত আহি থাকিলে আমি কিবা
আমনি পাম নেকি? নে কি কোৱাঁহে যোগেন"।
"লীনাক কৈ দিবা প্ৰবীৰ,
তোমাৰ ল'ৰা মোৰ ঘৰত নিজৰ ঘৰত থকাদি থাকিব।
কোনো চিন্তা কৰিব নালাগে। পিছে সি আহিব কেতিয়া"?
"সি অহা শনিবাৰে গৈ
ৰবিবাৰে উভতি আহিব। ফিল্ডৰ কাম, দুদিন লাগিব হেনো। মই তোমাৰ ঘৰটো বুজাই দিম দিয়া”।
ফোনটো থৈ যোগেন বৰুৱাই লগে লগে হৰিকাইক চিঞৰিলে - “হেৰ’ শুনিছনে? আলহী
থকা কোঠাটো সাজু কৰি থ'বি। পৰহিলৈ আলহী আহিব"।
পিছ মুহূৰ্ততে তেওঁ কিবা এটা ভাবি আকৌ চিঞৰি
ক'লে, "এ: নালাগে
দে। সি আলহী থকা কোঠাত নালাগে। মাজনীৰ কোঠাটোতে তাক থাকিবলৈ দিবি। এৰাতিহে থাকিব
সি”।
হৰিকায়ে কাষত থিয় হৈ সুধিলে, “কোনোবা নিজা
মানুহ আহিব নেকি ছাৰ”?
বৰুৱাৰ মুখত মনখোলা হাঁহি এটা বিৰিঙি উঠিল -“নিজা মানুহ বুলিয়ে ধৰচোন। মাজনীক বিয়া দিলে তাইক বিয়া পতা ল’ৰাজন আমাৰ নিজা মানুহ নহ’ব জানো”?
হৰিকায়ে কথাটো প্ৰথমতে বুজিব নোৱাৰিলে। পিছত কিবা এটা বুজি পোৱা যেন হৈ তাৰ
মুখেদিও হাঁহি ওলাই আহিল।
“বৰ ভাল কথা, বৰ ভাল কথা”, বুলি কৈ সি কোঠাৰ পৰা ওলাই গ’ল।
শনিবাৰে আবেলি টাটা ছুম’ গাড়ী এখন যোগেন
বৰুৱাৰ ঘৰৰ সমুখত ৰ’ল। হাতত তেলখাদত ব্যৱহাৰ কৰা হালধীয়া হেলমেটটো আৰু পিঠিত এটা বেগ লৈ ডেকা এজন
গাড়ী খনৰ পৰা নামিল। সি গেট খুলি সোমাই অহাৰ লগে লগে বৰুৱা খটখটিয়েদি ওপৰৰ পৰা নামি
আহিল।
“হেল’ প্ৰশান্ত,
মাই বয়। আহাঁ আহাঁ”, বুলি সম্ভাষণ জনাই বৰুৱাই
তাক খটখটি বগাই ওপৰলৈ লৈ গ’ল। প্ৰশান্তই আগতে এনে কাঠৰ খটখটি
আৰু মজিয়া থকা চাং ঘৰ আকাৰৰ বঙলা দেখা নাছিল। সি ঘৰটোৰ সাজসজ্জা আৰু নিৰ্মাণ শৈলী
মনোযোগেৰে চালে।
ওপৰ পাই কাঠৰ বাৰাণ্ডা খনত থিয় হৈ সি
চাৰিওপিনে এবাৰ চাই পঠিয়ালে। তাৰ অৰণ্যৰ মাজৰ কোনোবা ৰিজৰ্টলৈ অহা যেন লাগিল।
বিস্তৃত মাটিত সেউজীয়া অৰণ্য ঘৰটোৰ চৌহদতে লাগি আছে। টিলাৰ ওপৰত থকা ঘৰটোৰ পৰা
বহুদূৰলৈ বননি দেখা যায়। অলপ দূৰৰ টিলা এটাত আন এটা একে ধৰণৰ ঘৰ দেখা পোৱা যায়।
"আংকল, ইট ইজ বিউটিফুল। ৰিয়েলি এমেজিং !!", সি মন্ত্ৰমুগ্ধ হোৱাৰ দৰে চাৰিওপিনৰ দৃশ্য উপভোগ কৰি কিছু সময়
থৰ হৈ ৰৈ থাকিল।
"ডিগবৈ ধুনীয়া বুলি
সকলোৱে কয়। বিদেশৰ মানুহেও ইয়ালৈ আহি ভাল পায়"। বৰুৱাই ক'লে।
"আংকল, ইমান ধুনীয়া চৌপাশে সেউজীয়াৰে আৱৰা, দূৰণিত সৌৱা
নীলা আকাশ, আকাশত ভাহি থকা শুকুলা ডাৱৰ, গছৰ ডালত সৌৱা ইমানবোৰ ৰংচঙীয়া চৰাই। এনেকুৱা সুন্দৰ দৃশ্য সহজতে বিচাৰি পোৱা নাযায়"। নিজকে কোৱাৰ দৰে প্ৰশান্তই ক'লে।
“আংকল, মই
কেমেৰাটো নানি বৰ ভুল কাম কৰিলোঁ। ইয়াত কেইখন মান ভাল ফটো ল'ব পাৰিলোঁহেঁতেন।
আপোনাৰ ওচৰত কেমেৰা আছে নেকি”? বৰুৱালৈ চাই প্ৰশান্তই
সুধিলে।
“আছে, আছে।
ৰ'বাচোন। মোৰতো সেইবোৰৰ ব্যৱহাৰেই নাই। মাজনীয়েহে ব্যৱহাৰ
কৰিছিল। বিচাৰিব লাগিব। হৰি, হৰি”, এই বুলি তেওঁ হৰিকাইক চিঞৰি
মাতিলে। হৰিকাই আহি হাজিৰ হ’ল।
“আমাৰ কেমেৰাটো ক’ত আছে অ’ হৰি। আন চোন আন। এওঁ ফটো তুলিব খুজিছে"।
হৰিকায়ে অচিনাকি ডেকা ল'ৰাজনৰ মূৰৰ পৰা ভৰিলৈ চাই তভক মাৰি অলপ সময় থিয় দি ৰ'ল।
"এওঁ প্ৰশান্ত। মই যে তোক
কৈছিলোঁ, এৱেঁই আমাৰ ইয়াত আজি থাকিব। এওঁৰ বেগ চেগ-বোৰো
ভিতৰলৈ লৈ যা । আৰু সোনকালে কেমেৰাটো বিচাৰি আন।”, মানুহজন
যেন হঠাতে ব্যস্ত হৈ পৰিল।
প্ৰশান্তৰ বেগটো ভিতৰলৈ নি বৰুৱাৰ পুৰণি
কেমেৰাটো হাতত লৈ হৰিকাই উভতি আহিল।
হৰিকায়ে হাতত তুলি দিয়া কেমেৰাটো লিৰিকি
বিদাৰি চাই প্ৰশান্তই ক’লে - “এইটো
কেমেৰাৰে নহ’ব আংকল। এইটো কেমেৰাৰে ভাল ফটো তুলিব নোৱাৰি। মই জুম কৰি সেই গছজোপাত পৰি থকা চৰাই কেইটাৰ ফটো লব বিচাৰিছিলোঁ। এই কেমেৰাটো
পুৰণি, জুমৰ ব্যৱস্থা নাই। মই আকৌ আহিলে মোৰ ফটো
তোলাৰ সকলো সামগ্ৰী লৈ আহিম। চৰাই আৰু জীৱ-জন্তুৰ ফটো তুলিম। মোৰ কেমেৰাটোত এশ
মিটাৰ দূৰৰপৰাও চৰাইৰ ফটো ধুনীয়াকৈ ল'ব পাৰি। প্ৰাকৃতিক
দৃশ্য, জীৱ জন্তু, চৰাই চিৰিকতিৰ ফটো
তোলাটো মোৰ হবি”।
বৰুৱাই শলাগিলে - “বৰ ভাল কথা প্ৰশান্ত। সকলোৰে এটা হবি থাকিব লাগে। তেতিয়াহে
আজৰি সময় বোৰ ভালদৰে ব্যৱহাৰ হয়। আমাৰ মাজনীয়েও ফটো তুলি ভাল পাইছিল। পিচে তাইৰ সেয়া হবি নহ’লগৈ। তাই পঢ়া শুনাতে বেছি
ব্যস্ত হৈ পৰিল”।
প্ৰথম দৃষ্টিতে ল’ৰাটো বৰুৱাৰ বৰ ভাল লাগিল। অমায়িক আৰু ভদ্ৰ ল’ৰা। তাৰ নিজৰ এটা ব্যক্তিত্ব আছে। এটা সৌন্দৰ্যপিপাসু মন আছে। এনে এজন ল'ৰাই তেওঁ যেন অনুপমাৰ বাবে বিচাৰি আছিল।
তেওঁৰ অৰুণিমালৈ মনত পৰিল। অৰুণিমাৰো হয়তো ল’ৰাটো ভাল লাগিলহেঁতেন।
প্ৰশান্তক ভিতৰলৈ নি তাৰ বাবে সাজু কৰা কোঠাটো দেখুৱাই দি তেওঁ অৰুণিমাৰ ফটোখনৰ
ওচৰলৈ আহিল।
"অৰুণিমা, মোৰ পছন্দ কেনে দেখিছা? আমাৰ মাজনীৰ কাৰণে এই ল'ৰাজন বৰ উপযুক্ত হ'ব যেন লাগিছে নহয়নে? তুমি আশীৰ্বাদ কৰিবা ইহঁতৰ বিয়াখন যাতে সুকলমে পাতিব পাৰোঁ"। ফটোখনত অৰুণিমাৰ চকুযুৰিলৈ কিছুসময় চাই থাকোঁতে তেওঁৰ এনে লাগিল যেন অৰুণিমাও
সুখী হৈছে। বৰুৱাৰ চকু চলচলীয়া হৈ গ'ল।
প্ৰশান্ত কোঠাত সোমোৱাৰ পাছত হৰিকায়ে তালৈ
চাহ জলপান আনিলে। বৰুৱায়ো নিজে গৈ সকলো ঠিকে আছেনে এবাৰ চাই আহিল। বহুত দিনৰ মূৰত
ঘৰলৈ যেন কোনোবা আপোন মানুহ আহিছে, এনে
লাগিল তেওঁৰ। মনটো যেন আনন্দেৰে ভৰি
পৰিল। হৰিকাইক নিৰ্দেশ দিলে আলহীৰ ভালদৰে আলপৈচান ধৰিবলৈ।
সন্ধিয়া হোৱাৰ লগে লগে ঘৰটোৰ চৌপাশ নিজম পৰি
আহে। ঝিলীৰ মাত, দুই এটা নিশাচৰ চৰাইৰ মাত,
মাজে মাজে হাতীৰ চিঞৰৰ বাহিৰে বাহিৰৰ একো শব্দ শুনা পোৱা নাযায়। এনে
পৰিৱেশত আগতে নথকা মানুহৰ বাবে এক ভয়লগা অভিজ্ঞতাও হ'ব পাৰে।
আন দিনা বৰুৱাই সন্ধিয়া সময়ত টিভিৰ সন্মুখত
বহে নতুবা মদৰ গিলাচ হাতত লৈ জগজিত সিঙৰ গজল শুনে। কিন্তু প্ৰশান্ত ঘৰত থকা কাৰণে
এনেদৰে সময় কটাবলৈ তেওঁৰ মন নগ'ল। তাতে গোটেই
সন্ধিয়াটো ডেকা ল’ৰা জনক অকলে কোঠাত সুমুৱাই থ'বলৈও তেওঁৰ ভাল নালাগিল। পিচে তাক ফুৰাবলৈ নিবনো ক’লৈ।
ডিগবৈ চহৰ সন্ধিয়া হোৱাৰ পিচতেই নিজম পৰে, বজাৰত মানুহৰ
সমাগম কমে, ৰাস্তাবোৰ সেৰেঙা হয়।
তেওঁৰ মনলৈ আহিল, তেওঁ তাক এবাৰ ডিগবৈ ক্লাবলৈ নিব পাৰে। তেওঁ নিজেও বহুদিন
ক্লাবলৈ যোৱা নাই।
তেওঁ উঠি গৈ তাৰ দুৱাৰত খটখটালে। দুৱাৰ খন
খোলাই আছিল। সি ওলাই নহা দেখি তেওঁ নিজেই সোমাই গ’ল। সি বিছনাত বাগৰি কাণত হেডফোন লগাই গান শুনাত ব্যস্ত। বিছনাত পৰি আছে
কেইখনমান পাশ্চাত্য সংগীতৰ কেছেট।
তেওঁক দেখি সি বিছনাৰপৰা উঠিল।
হেডফোনটো আতঁৰাই থৈ সি ক’লে, “গুড ইভিনিং আংকল”।
“তোমাৰ কিজানি আমনি লাগিছে। এপাক ওলাই যাবা নেকি? ডিগবৈ ক্লাবলৈ যাওঁ ব’লা”।
সি ততালিকে ক’লে - “ব’লক, মোৰ ওলাই যাবলৈ পালে ভালেই লাগিব। কিন্তু আংকল, ক্লাবলৈ
যাব পৰাকৈ ফৰ্মেল পোছাক মই লগত অনা নাই”। প্ৰশান্তই জানে ব্ৰিটিছৰ দিনৰ সংস্কৃতি এই ক্লাববোৰত এতিয়াও বিৰাজমান। ক্লাবলৈ
যাবলৈ হ'লে পৰিপাটী হৈ ফৰ্মেল পোছাক পিন্ধিহে যোৱাটো
নিয়ম।
“একো কথা নাই। তুমি যি
পিন্ধিছা তাৰেই হ’ব। ওপৰত মোৰ কোট এটা পিন্ধি ল’লেই হ’ল। মোৰ টাই এডালো লগাই ল’বা। মোৰ কোট তোমাৰ গাত ধুনীয়া ফিটিং হ’ব যেন লাগিছে”।
“আংকল মোৰ জোতাযোৰ অলপ লেতেৰা
হৈ আছে”।
“কোনো কথা নাই। হৰিয়ে তোমাৰ
জোতা এতিয়াই ৰং কৰি চিকচিকিয়া কৰি দিব”। এইবুলি বৰুৱাই হৰিকাইক মাতি প্ৰশান্তৰ জোতাযোৰ ৰং কৰিবলৈ নিৰ্দেশ দিলে।
আধা ঘণ্টা মানৰ ভিতৰতে দুয়ো ৰেডী হৈ খটখটিৰে
তললৈ নামি আহিল। বৰুৱাৰ এনে লাগিল, বহুত
দিনৰ মূৰত তেওঁ ডেকা মানুহৰ দৰে সন্ধিয়া ক্লাবলৈ ফূৰ্তি কৰিবলৈ ওলাইছে।
গাড়ীৰে অকোৱা-পকোৱা ৰাস্তাৰে নামি গৈ সমতল
পোৱাৰ পিছত ডিগবৈ শোধনাগাৰৰ কাষে কাষে অলপ দূৰ গৈ ৰে'ল লাইনটো পাৰ হৈ বাওঁপিনে ঘূৰি অকণমান আগুৱাই গ'লেই ডিগবৈ ক্লাবৰ চৌহদ। ৰাতি শোধনাগাৰত জ্বলি থকা লাইটবোৰে যেন এক মায়াবী
পৰিৱেশৰ সৃষ্টি কৰিছে।
ক্লাবৰ চৌহদৰ ভিতৰত গাড়ী ভৰাই চাহাবী কায়দাৰে
বৰুৱা গাড়ীৰ পৰা নামিল। তেওঁৰ মুখমণ্ডলত এক সন্তুষ্টিৰ ভাব ফুটি উঠিল। প্ৰশান্তই
গাড়ীৰ পৰা নামি লৈ তাৰ টাইডাল ঠিক কৰি ল’লে।
ক্লাবৰ চৌহদত কেইখনমান গাড়ী দেখি বৰুৱাৰ মনটো
ভাল লাগিল। কেতিয়াবা ক্লাবটো একেবাৰে জনশূন্য হৈ থাকে। তেতিয়া আহি ভাল নালাগে।
আজিকালি মানুহে আগৰ দৰে ক্লাবলৈ নাহে। এটা সময়ত এই ক্লাবটোৱেই আছিল আবেলিৰ পিছত
কোম্পানীৰ মানুহৰ দ্বিতীয ঘৰৰ দৰে। দিনটোৰ কৰ্মব্যস্ততাৰ পিছত অলপ জিৰণি ল'বলৈ, সামাজিক ভাৱে সকলোৰে লগত মত বিনিময়
কৰিবলৈ, অলপ ৰং-ৰহইচ কৰিবলৈ ক্লাবলৈ মানুহ আহিছিল। ব্ৰিটিছৰ
দিনত ক্লাবলৈ অহাটো এজন ভাল কৰ্মচাৰীৰ লক্ষণ বুলি বিবেচনা কৰা হৈছিল।
পিছে এতিয়া সেই দিন নাই। এতিয়া মানুহে
ক্লাবলৈ অহাতকৈ ঘৰতে টেলিভিচনৰ আগত বহি থাকিবলৈ ভাল পায়। তথাপি মানুহ থাকিলে
ক্লাবৰ পৰিৱেশটো ভাল লগা হয়। মানুহ দুনুহ লগ
নোপোৱা হোৱাৰ পৰা বৰুৱাৰো ক্লাবলৈ কমেই অহা হয়।
"এইটোৱেই ১৯২৭ চনতে
ব্ৰিটিছ চাহাবৰ দিনত নিৰ্মাণ কৰা বিখ্যাত ডিগবৈ ক্লাব। ব'লা
আমি ভিতৰলৈ যাওঁ", এই বুলি প্ৰশান্তক
লৈ তেওঁ ক্লাবত প্ৰৱেশ কৰিলে।
প্ৰশান্তই ডিগবৈ ক্লাবৰ কথা বহুত শুনিছে যদিও
আগতে সি তালৈ অহা নাছিল। প্ৰতি বছৰে ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহত ডিগবৈ ক্লাব মিট
হয়। দুলীয়াজানৰ পৰাও বহুত মানুহ ডিগবৈ ক্লাব মিটলৈ আহে। সি জালনি ক্লাব, টিংৰাই ক্লাব, পানীতোলা ক্লাব আদিলৈ
গৈছে যদিও ডিগবৈ ক্লাবলৈ তাৰ অহা হোৱা নাছিল। ক্লাবটোৰ লগত সংলগ্ন ১৮ টা হোল যুক্ত
গ’ল্ফ কোৰ্ছ এখনৰ কথাও সি জানে। বহুতে গ’ল্ফ খেলিবলৈও ডিগবৈলৈ আহে।
ব্ৰিটিছৰাজৰ সময়ত স্থাপিত হোৱা এই ক্লাবটোৰ
বাটচ'ৰা, আন্ত:গাঁথনি, বৈঠক খানা, বাৰ, ৰেষ্টোৰাঁ সকলোতে ব্ৰিটিছ স্থাপত্য শিল্পৰ
প্ৰভাৱ এতিয়াও বিদ্যমান হৈ আছে। ব্ৰিটিছ আৰু থলুৱা সংস্কৃতিৰ সংমিশ্ৰণো এই
ক্লাবটোত অনুভৱ কৰিব পাৰি।
প্ৰশান্তই বৰ আগ্ৰহেৰে ক্লাবৰ ভিতৰচ'ৰাত চকু ফুৰালে। ক্লাবৰ সাজ সজ্জাত সি যেন এক ব্যতিক্ৰমী
প্ৰচেষ্টা প্ৰত্যক্ষ কৰিলে। ব্ৰিটিছ স্থাপত্য আৰু ভাৰতীয় কলাৰ সংমিশ্ৰণত ক্লাবঘৰটো
বৰ সুন্দৰকৈ সজাই ৰখা হৈছে। তদুপৰি প্ৰাচীন আৰু আধুনিক সাজ সজ্জাৰ এক অপূৰ্ব
সমাহাৰ সি লক্ষ্য কৰিলে। তাৰ মনলৈ আকৌ
তাৰ কেমেৰাটোৰ কথা মনলৈ আহিল। ক্লাবটোৰ দুখন মান ভাল ছবি সি তুলিব পাৰিলেহেঁতেন।
বৰুৱাই নিজৰ চিনাকি মানুহ লগ পালে।
প্ৰশান্তকো তেওঁলোকৰ লগত চিনাকি কৰাই দিলে।
ক্লাবটোত সেই সময়ত মহিলা আৰু শিশু সকলে এটা
সাংস্কৃতিক অনুষ্ঠানৰ বাবে গান আৰু নাচৰ অনুশীলন কৰি আছিল। সেয়ে পুৰুষ সকলে গোট
খাইছিল গৈ ক্লাবটোৰ মদিৰালয় বা বাৰত। বৰুৱায়ো তেওঁৰ চিনাকি মানুহৰ লগত বাৰৰ পিনে
আগবাঢ়িল। লগত প্ৰশান্ত।
ধুনীয়াকৈ সজোৱা বাৰটোত সোমায়েই প্ৰশান্তৰ ভাল
লাগিল। এক কলাসুলভ হাতৰ পৰশ বাৰটোতো যেন অনুভৱ কৰিব পাৰি। ব্ৰিটিছ সংস্কৃতিক ধৰি
ৰখাৰ সূক্ষ্ম প্ৰয়াস এতিয়াও যেন বিদ্যমান হৈ আছে, এনে লাগিল তাৰ। সি পঢ়া বহুতো
ইংৰাজী উপন্যাসত পোৱা ব্ৰিটিছ ৰাজৰ সময়ৰ বাৰৰ পৰিৱেশৰ বৰ্ণনা বোৰেই জীৱন্ত ৰূপত
দেখা পোৱা যেন লাগিল তাৰ।
“তুমি ড্ৰিংক এটা ল'বা নেকি? মই হুইস্কি ল’ম”,
বৰুৱাই লাহেকৈ প্ৰশান্তক সুধিলে।
মাজে-সময়ে পাৰ্টি বা কোনোবা বিশেষ দিনত
সৌজন্যমূলক ভাৱে সুৰাপান কৰিবলৈ প্ৰশান্তই আপত্তি নকৰে। সি পৰিমিত পৰিমাণৰ ড্ৰিংক
লয়, নিজৰ সীমা পৰাপক্ষত অতিক্ৰম নকৰে। বেছিকৈ
মদ খালে তাৰ নিজৰ ওপৰত সংযম হেৰাই যায় আৰু আনৰ সমুখত অশোভনীয় আচৰণ কৰে বুলি সি
জানে। হোষ্টেলত থকা সময়ত বেছিকৈ মদ খাই লগৰ ল’ৰাৰ লগত মাৰপিট
কৰাৰো ৰেকৰ্ড আছে তাৰ। এইটো কাৰণতে কেইবা বাৰো সি আনৰ আগত লাজ পাব লগীয়া হৈছে।
পিছে দেউতাকৰ সমকক্ষ আৰু বন্ধু স্থানীয়
ব্যক্তি এজনৰ লগত মদ খাবলৈ তাৰ অলপ সংকোচ হ’ল।
তেনে বয়সৰ মানুহৰ লগত বহি সি কেতিয়াও মদ খোৱা নাই।
সি হেঁহো নেহো কৰা দেখি বৰুৱাই হো হোৱাই
হাঁহি ক’লে, “তোমাৰ বয়সত তোমাৰ
দেউতা আৰু মই গোটেই ৰাতি বহি মদ খাইছিলোঁ। এইবোৰ কথা তোমাক হয়তো সি কোৱাই নাই। একো
সংকোচ নকৰিবা ডেকা ল’ৰা। মই তোমাৰ দেউতাৰ আগত কমপ্লেইন নকৰোঁ”।
প্ৰশান্তই না কৰিব নোৱাৰিলে। সিও হুইস্কিৰ
পেগ এটা হাতত ল'লে।
বৰুৱা চিনাকি মানুহ কেইজনৰ লগত হাতত সুৰাৰ
পেগ একোটা লৈ বাৰৰ চুক এটাত বহিল। প্ৰশান্তকো লগতে বহুৱালে।
অলপ অলপ নিচা লগাৰ পিছত তেওঁলোকৰ মাজতে
চুৰ্চুৰীয়াকৈ গানৰ কলি আওৰোৱা আৰম্ভ হ’ল।
এজনে ভূপেন হাজৰিকাৰ গানেৰে আৰম্ভ কৰিলে, “বিমূৰ্ত মোৰ
নিশাটি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ…….”। আটায়ে হাত চাপৰি মাৰিলে।
আন এজনে আৰম্ভ কৰিলে, “সুৰাত মগন ভয়াল ৰাতি, মৌন সমদল……”। দুজন মানে টেবুলত হাতেৰে চপৰিয়াই গানটোৰ লগত বাদ্য সংগত কৰিলে।
এজনে টেবুলতে আঙুলিৰে টুকুৰিয়াই টুকুৰিয়াই
গালে, “চাদেৰ লাউ, বানাইলো
আমায় বৈৰাগী…….”।
আন এজনে ৰোমাণ্টিক ভংগিমাৰে গালে, “পল পল দিল কে পাছ তুম ৰহতী হো……….”।
অলপ সময়ৰ ভিতৰতে মেহফিল জমি উঠিল। বিয়াৰাৰ
জনে পেগৰ পিছত পেগ আনি দি থাকিল। লগতে ভজা বাদাম, ডালমুট, সিজোৱা বুট আদি স্নেক্স। কোট-টাই পিন্ধা
ভদ্ৰলোক সকল লাহে লাহে স্কুল কলেজৰ উতনুৱা ডেকালৈ পৰিৱৰ্তিত হ’ল।
প্ৰশান্তকো সকলোৱে জোৰ কৰিলে গান এটা গাবলৈ।
সি ক’লে যে সি ইংৰাজী গান হে জানে। সি অসমীয়া,
বাংলা বা হিন্দী গান নাজানে। ঠিক নজনা নহয়, কিন্তু
আনৰ আগত গাব পৰাকৈ গানবোৰ তাৰ মুখস্থ নাই। সি পাশ্চাত্য সংগীতৰ ভক্ত। ইংৰাজী গান
সি প্ৰায় নিতৌ শুনে। সেয়েহে
কেইটামান গান তাৰ মুখতে লাগি থাকে। সকলোৱে তাক ইংৰাজী গান এটাকে গাবলৈ অনুৰোধ কৰিলে।
সি লাজ লাজকৈ আৰম্ভ কৰিলে - “অন এ ডাৰ্ক ডেজাৰ্ট হাই ৱে, কুল উইণ্ড
ইন মাই হেয়াৰ……..হোটেল কেলিফ'ৰ্ণিয়া”। আটায়ে হাত চাপৰি মাৰি তাক উত্সাহ দিলে।
ৰাতি চাৰে দহ বজাত বৰুৱাই প্ৰশান্তক ক’লে, “ব’লা, ঘৰলৈ যাওঁ। ৰাতি বহুত হ’ল”।
ইতিমধ্যে ক্লাবৰ বাৰ খন বন্ধ হৈছিল। মাইকী
মানুহ আৰু সৰু ল’ৰা-ছোৱালীবোৰ কেতিয়াবাই ঘৰা-ঘৰি
গৈছিল। বাৰত বহি থকা লোক সকলো এজন এজনকৈ উঠি ঘৰমুৱা হৈছিল।
প্ৰশান্তই অনুভৱ কৰিলে সি ক’ব নোৱৰাকৈয়ে জোখতকৈ বেছি মদ খাই দিলে। মূৰটো ৰিমঝিম কৰিছে।
কিন্তু সি সংযম হেৰুৱাব লগীয়া অৱস্থা হোৱা নাই। বৰং বৰুৱাৰহে খোজ বোৰ থৰক-বৰক
হৈছে।
গাড়ীৰ ওচৰলৈ আহি প্ৰশান্তই বৰুৱাক ক’লে - “আংকল, আজি
আপুনি গাড়ী চলাব নালাগে। মোক দিয়ক, মই চলাম”।
বৰুৱাৰ মুখত হাঁহি বিৰিঙি উঠিল, “এৰা গানৰ মজলিছত বহি কিমান খালোঁ ক'বই
নোৱাৰিলোঁ। আজি মই ইমান মদ খাইছোঁ বুলি গম পালে মোৰ ছোৱালীজনীয়ে খুব খং কৰিব। মই
বেছিকৈ মদ খোৱাটো তাই বেয়া পাই বুইছা। আজি পিছে তুমি আছা যেতিয়া মোৰ চিন্তা নাই।
ভালে ভালে ঘৰ পামগৈ”।
প্ৰশান্তৰ হাতত গাড়ীৰ ছাবিকোচা দি বৰুৱা তাৰ
কাষৰ আসন খনত বহিল। গাড়ী ষ্টাৰ্ট কৰিবলৈ লওঁতেই হঠাতে বৰুৱাই তাৰ
হাত খনত ধৰি ক'লে - “আজি
বহুত দিনৰ মূৰত মই এনেদৰে স্ফূৰ্তি কৰিছোঁ জানা। ইয়াৰ আগতে ক্লাবলৈ কেতিয়া
আহিছিলোঁ, মই পাহৰিলোঁ বুলিয়েই ক’ব
পাৰা। মোৰ কোনো আলহী দুলহীও নাহে। বন্ধু বান্ধবো মোৰ বেছি নাই। আজি তোমাক পাই মোৰ
কি হ’ল জানো, মই সকলো পাহৰি এনেদৰে
স্ফূৰ্তি কৰিলোঁ, তোমাৰ দৰে সৰু ল’ৰা
এটাৰ লগত বহি ইমানকৈ মদ খালোঁ, মোক বেয়া নাপাবা”, তেওঁৰ মাতটো যেন আবেগত উথলি উঠিল।
“মই কিয় বেয়া পাম আংকল। ময়োতো
স্ফূৰ্তি কৰিলোঁ। মোৰ ভাল হে লাগিছে”, প্ৰশান্তই ক’লে।
প্ৰশান্তই লাহে লাহে বৰুৱাৰ বঙলা অভিমুখে
গাড়ী চলাই দিলে।
"এই ক্লাব সংস্কৃতি আমাক
ব্ৰিটিছে দি থৈ গ'ল বুজিছানে। সিহঁত আছিল সাংঘাতিক কৰ্মী,
কাম যেনেকৈ কৰিছিল স্ফূৰ্তিও কৰিছিল তেনেকৈ। কামৰ পিছত ক্লাবলৈ আহি
মদ খাইছিল, স্ফূৰ্তি কৰিছিল। ব্ৰিটিছৰ পৰা আমি ক্লাব
সংস্কৃতি ল'লোঁ, কিন্তু কাম কৰাৰ
সংস্কৃতি নল'লোঁ"। - বৰুৱাই বাটত কৈ গ'ল।
"তুমি জানানে, ব্ৰিটিছ শাসিত ভাৰতত ডিগবৈ ভাৰতৰ ভিতৰতে এখন আকৰ্ষণীয় ঠাই আছিল। বহুত
ব্ৰিটিছ বিষয়াই শান্ত পৰিৱেশত, প্ৰকৃতিৰ মাজত থাকিবলৈ স্বইচ্ছাই
ডিগবৈ আৰু ওচৰৰ চাহ বাগান বোৰলৈ চাকৰি কৰিবলৈ আহিছিল। সেয়েহে ডিগবৈ খন তেওঁলোকে
নিজে বিচৰা ধৰণে সাজি লৈছিল'। বৰুৱাৰ কথাবোৰ
মাজে মাজে লাগি ধৰিল।
প্ৰশান্তই একান্ত মনে গাড়ী চলাই গ'ল। সি ভাবিলে কিমান যে কাহিনী হয়তো লুকাই আছে এই চহৰখনৰ বুকুত।
ঘৰলৈ আহি দুয়ো মুখ হাত ধুই ডাইনিং টেবুলত
বহিল। হৰিকায়ে ভাত সাজু কৰিয়েই থৈছিল। দুয়োৰে পেট
মদ আৰু স্নেক্সেৰে ভৰি আছিল। দুয়োৰো খাবলৈ বিশেষ মন যোৱা নাছিল।
ভাতৰ পাতত বহি বৰুৱাই ক’লে, “বুইছা প্ৰশান্ত। সদায় অকলে এইখন
টেবুলত ভাত খাই খাই আমনি লাগি গৈছিল। মোৰ ছোৱালীজনী বছৰেকৰ মূৰত এবাৰহে ঘৰলৈ আহে। তাই থকা দিন কেইটাহে এইখন ঘৰ ঘৰ
লাগে"।
"তাই এতিয়া লণ্ডনত আছে
নহয়নে আংকল"।
"তাই এতিয়া অক্সফ'ৰ্ড ইউনিভাৰ্ছিটিত ছচিয়'লজীত এম ফিল কৰি আছে। তাই ডিচেম্বৰত
আহিব। তুমি তাইক চিনি পোৱাই নহয়”। বৰুৱাই আগ্ৰহেৰে প্ৰশান্তৰ মুখলৈ চালে।
প্ৰশান্তই হাঁহি মাৰি ক’লে - “মাহঁতে অনুপমাৰ কথা কৈয়েই থাকে। মই
তাইক বহুত দিন আগতে দেখিছিলোঁ, এতিয়া চাগে চিনিয়েই নাপাম”।
বৰুৱাৰ মুখত হাঁহি বিৰিঙি উঠিল।
“পাবা, পাবা।
এইবাৰ আহিলে ময়েই তাইক তোমাৰ লগত লগ কৰাই দিম”।
“হ’ব
আংকল” - তলমূৰকৈ ভাত
খাই থাকি প্ৰশান্তই ক’লে।
“তাইৰ লগত একেলগে পঢ়া ইংৰাজ ল’ৰা ছোৱালী এহালো আহিব বোলে, অসম চাবলৈ। কিবা হেনো
অসমৰ তেলৰ আৱিষ্কাৰৰ ওপৰত গৱেষণা কৰিব”।
“অসমৰ তেল আৱিষ্কাৰৰ ওপৰত
গৱেষণা? বেছ ইণ্টাৰেষ্টিং”। ভাত এগৰাহ মুখত ভৰাই প্ৰশান্তই ক'লে।
“বুইছা, মই
অনুপমাক কৈছোঁ, এই ব্ৰিটিছ বোৰক বেছি চল নিদিবি। সিহঁতৰ এদেও,
দুদেও লোটা নিবৰ চেও। তুমিতো জানাই, ব্যৱসায়
কৰিবলৈ আহি সিহঁতে কেনেদৰে আমাৰ দেশ খন লুটি পুতি খাইছিল”।
প্ৰশান্তই মুখেৰে নামাতিলে। তাৰ বেছি খাবলৈ
ইচ্ছা হোৱা নাছিল। সেয়েহে লাহে লাহে খাই বৰুৱাই শেষ কৰালৈকে সি
ৰৈ আছিল।
“সিহঁত আটাইবোৰ হয়তো
দুলীয়াজানলৈকো যাব। দুলীয়াজানত তুমি যি পাৰা সহায় কৰি দিবা”। বৰুৱাই প্ৰশান্তৰ মুখলৈ চাই ক’লে।
বেৰত আঁৰি থোৱা দেউতাকৰ লগত উঠা অনুপমাৰ ফটো
খনলৈ চাই সি ক’লে, “হ’ব আংকল”।
প্ৰশান্তই ফটো খনলৈ চোৱা দেখি বৰুৱাই ক’লে, “সেইজনীয়েই মোৰ ছোৱালী অনুপমা। তাই
মোৰ বৰ মৰমৰ বুজিছা। তাইৰ বাহিৰে মোৰ আৰু কোনো নাই”।
“মোৰ মনত পৰিছে আংকল, তাই সৰুতে খুব ভাল বিহু নাচিছিল নহয়” - প্ৰশান্তই ক’লে।
“এৰা তাই সত্ৰীয়া আৰু বিহু নাচ
শিকিছিল। ভালেই নাচিছিল। কিন্তু তাই ক্লাচ নাইনত থাকোঁতেই মাক ঢুকাল। তেতিয়াৰ পৰা তাই
নাচ-গান সকলো এৰিলে। তাই পঢ়া শুনাতে
ব্যস্ত হৈ পৰিল”।
“মাহঁতে কৈ থাকে, তই পঢ়াতো খুব চোকা আছিল”।
“এৰা, মই
তাইক ডাক্টৰ হোৱাটো বিচাৰিছিলোঁ। তাই খুব ভাল নম্বৰ পাই মেট্ৰিক পাছ কৰিছিল। কিন্তু তাই ছাইন্স নপঢ়োঁ বুলি নপঢ়িলে।
তাই আৰ্টছ পঢ়িবলৈহে আগ্ৰহী আছিল। ছচিয়'লজীত
বি এ কৰাৰ পিছত তাই দিল্লীত থাকি মাষ্টাৰ ডিগ্ৰিও কৰিলে। এবছৰ মান দিল্লী
বিশ্ববিদ্যালয়ৰ কলেজ এখনত চাকৰিও কৰিলে। তাৰ পিছত অক্সফ'ৰ্ড
বিশ্ববিদ্যালয়ত এম ফিল কৰাৰ সুযোগটো পাই দুবছৰৰ কাৰণে তালৈ গৈছে। অহা বছৰ তাই ঘূৰি
আহিব”। অনুপমাৰ কথা ওলালে বৰুৱাৰ মুখ খন জাপ খাবই
নোখোজে। প্ৰশান্তই নীৰৱে শুনি গ’ল।
ভাতৰ টেবুলৰ পৰা উঠি দুয়ো নিজৰ নিজৰ কোঠালৈ গ’ল। প্ৰশান্তৰ সোনকালেই টোপনি আহিল।
বৰুৱাই আৰামী চকীখনত বহি লৈ অৰুণিমাৰ ফটোখনলৈ
চাই ক’বলৈ ধৰিলে, “বুইছা
অৰুণিমা, ল’ৰাটো ভাল। মদ খোৱাৰ পিছতো
সি নিজকে চম্ভালি ৰাখিব পাৰিছে। মোৰ বিশ্বাস হৈছে আমাৰ মাজনীকো সি ভালদৰেই ৰাখিব।
তাক তোমাৰো ভালেই লাগিলহেঁতেন”।
হঠাতে অনুপমাক কোৱাৰ দৰে তেওঁ কৈ উঠিল, “আই অ’ মাজনী। তই মোক নিৰাশ নকৰিবি দেই। মই তোৰ ভালৰ কাৰণেই চিন্তা কৰিছোঁ”।
No comments:
Post a Comment