অনুপমাই দেউতাকৰ লগত কেইদিনমানৰ
পৰা হোৱা কথা বতৰা বোৰৰ পৰা বুজিব পাৰিলে, দেউতাকে
তাইৰ বিয়াৰ কাৰণে খুব চিন্তিত হৈ পৰিছে। পাৰিলে তেওঁ যেন এইবাৰেই তাইৰ বিয়াখন ঠিক
কৰি পেলাব। দেউতাকে হয়তো ভাবিবলৈ লৈছে, সোনকালে তাইৰ বিয়াখন
ঠিক কৰি নেপেলালে তাই কোনোবা বিদেশী ল’ৰাৰ লগতে গুচি যাবগৈ।
কিন্তু ইমান সহজ জানো বিয়া বাৰুৰ
বিষয়ে সিদ্ধান্ত লোৱাটো?
নিজৰ জীৱন সংগীৰ বিষয়ে অনুপমাই
কেতিয়াও দ কৈ চিন্তা কৰা নাই। কেতিয়াও তাই জীৱন সংগীৰ কথা ভাবি কল্পনাৰ সাগৰত বুৰ
যোৱা নাই।
তথাপি তাইৰ মনে এনে এজন মানুহ
বিচাৰে যিজনে তাইৰ মনটোক ভালদৰে বুজি পায়। দেউতাকে ক’লে বুলিয়েই খৰধৰকৈ এই বিষয়ে একো সিদ্ধান্ত ল'বলৈ তাই ৰাজী নহয়।
তাই মনৰ দিগন্তত ভুমুকিয়াই চালে।
তাই যেন অনুভৱ কৰিলে, ঠিক যিমান খিনি ৰং থাকিলে
এজন মানুহক নিজৰ কৰি লোৱাৰ কথা ভাবিব পাৰি, সিমান খিনি ৰং
তাইৰ মনৰ আকাশত আজিলৈকে হয়তো কোনেও সিঁচিব পৰা নাই।
দেউতাকে কিয় বাৰু সন্দেহ কৰিছে তাই
এজন বিদেশী ল’ৰালৈ যাবগৈ বুলি?
দেউতাকে কোৱা কথাখিনি ভাবিলে
অৱ্ধাৰিত ভাবে এজনৰ কথাই তাইৰ মনলৈ আহে। তাইৰ জীৱনত বিদেশী ল’ৰা আৰু আছেনো কোন?
কেভিন!
কেভিন তাইৰ জীৱনলৈ অহা এজন বিশেষ
ব্যক্তি। আন কোনোৱে তাইৰ মনৰ ইমান ওচৰ চাপিব পৰা নাছিল। সি তাইৰ মতামতক সন্মান
কৰে। তাইৰ মনৰ কথাবোৰ নোকোৱাকৈয়ে বুজি পায়। তাইৰ মনৰ দুখ, বেজাৰ, হাঁহি, আনন্দ
সকলোবোৰ সি যেন অনুভৱ কৰিব পাৰে। তদুপৰি সকলো কথাতে সি খুব লজিকেল।
তাৰ ব্যক্তিত্বত তাই মুগ্ধ হৈ
পৰিছে। তাই অনুভৱ কৰে, ঠিক এনেকুৱা ব্যক্তিত্বৰ
মানুহ এজনেই হয়তো তাই মনে মনে বিচাৰি ফুৰিছিল।
কিন্তু তাৰ পৃথিৱীখনত তাইৰ বাবে
হয়তো কোনোদিনেই ঠাই নহ'ব। তাতযে আন কাৰোবাৰ অধিকাৰ
আছে। সেই পৃথিৱীখনত তাই প্ৰৱেশ কৰিলে কাৰোবাৰ প্ৰতি হয়তো অন্যায় কৰা হ’ব। কাৰোবাক ঘোৰ প্ৰতাৰণা কৰা হ'ব। আনৰ চকুলোৰে নিজৰ বাবে সঞ্জীৱনী সুধা তাই বিচাৰিব নোৱাৰে। আনক
দুঃখ দি নিজৰ বাবে সুখ কাঢ়িবলৈ যোৱা বিধৰ ছোৱালী তাই নহয়।
তাইৰ মাজে মাজে ভাৱ হয় তাই দেউতাকৰ
কথা মতে সকলো পাহৰি পঢ়া শুনাতে ব্যস্ত হৈ থকাই হয়তো সঠিক পথ। এদিন তাই দেউতাকৰ
ওচৰলৈকে উভতি যাব লাগিব।
কেভিনৰ মনৰ কথা কেতিয়াও তাই বুজিব
নোৱাৰিলে। মনৰ দুৱাৰ খিৰিকী আনৰ বাবে বন্ধ কৰি মুখত সদায় হাঁহি বিৰিঙাই থকা মানুহ
সি। কেতিয়াবা আবেগ অনুভূতি নথকা প্ৰস্তৰৰ মূৰ্তি এটা যেন লাগে তাক। তাইৰ প্ৰতি
কিবা অনুভূতি থাকিলেও সি হয়তো কেতিয়াও তাইক জানিবলৈ নিদিব।
কিন্তু আগতে তাই স্কুল কলেজত লগ
পোৱা বন্ধু বান্ধৱীৰ দৰে কেভিনো তাইৰ বাবে এদিন ইতিহাস হৈ পৰিব। হয়তো তাৰ গৱেষণাৰ
সমল গোটোৱা শেষ হ’লে, তাৰ
অসমৰ লগত সম্পৰ্ক থকা কাম শেষ হ'লে তাইৰ লগত বন্ধুত্ব ৰখাৰ
কোনো কাৰণ তাৰ বাবে নাথাকিব। এদিন হাঁহি হাঁহি বিদায় লৈ হয়তো সি আঁতৰি যাব। এই
কথাটো মনলৈ আহিলে তাইৰ বুকুৰ ভিতৰৰ পৰা যেন এটা তপত হুমুনিয়াহ ওলাই আহে।।
তাইৰ কেতিয়াবা তাৰ ওপৰত খং উঠে।
তাইৰ এনে ভাব হয়, তাই যেন কেভিনক গৈ কৈ দিবগৈ,
সি তাৰ গৱেষণাৰ সমল গোটাবলৈ তাইৰ লগত ইণ্ডিয়ালৈ যোৱাৰ কোনো প্ৰয়োজন
নাই। ক্লাৰা তাৰ সংগী, সি ক্লাৰাৰ লগতে নিজৰ সুবিধামতে যাওক।
তাই ঘৰলৈ যোৱাৰ সময়লৈ ৰ'ব নালাগে। তাই বন্ধু হিচাপে যিখিনি পাৰে তাক সহায় কৰি দিব।
কিন্তু তাই তাক তেনেকৈ কৈ দিব
নোৱাৰে। কেতিয়াও ক'ব নোৱাৰে। অন্তত: আইতাকৰ
কাৰণেই নোৱাৰে। সি নগ’লে আইতাকো যাব নোৱাৰিব। আইতাকে যে
অসমলৈ এবাৰ উভতি যাবলৈ অসীম হেঁপাহেৰে তাইলৈকে বাট চাই আছে।
কিন্তু তাই মাজে মাজে অনুভৱ কৰে, তাই ক'ব নোৱৰাকৈয়ে আইতাক আৰু কেভিন যেন
তাইৰ জীৱনৰ অংশ হৈ পৰিছে।
যিকোনো প্ৰয়োজনত তাইৰ কেভিনৰ কথাই
মনলৈ আহে। ৰাতি দহ বজাতো কেতিয়াবা তাক কৈ তাই প্ৰজেক্টৰ কাৰণে চাৰ্ট পেপাৰ
অনোৱাইছে। কেতিয়াবা তাইৰ একোটা প্ৰেজেণ্টেছন ৰাতি উজাগৰে থাকি সিয়েই বনাই দিছে।
এদিন পুৱতি নিশা গাটো বেয়া লগাত তাই কেভিনক মাতি অনাই তাৰ লগত হস্পিটেললৈ গৈছে।
এই নিৰ্ভৰশীলতাই মাজে মাজে তাইক
আমনি কৰে। তাই অনুভৱ কৰে কেভিনৰ ওপৰত এনেদৰে নিৰ্ভৰশীল হৈ পৰিলে সি আঁতৰি যোৱাৰ
পিছত তাইৰ বৰ কষ্ট হ’ব। এই কথা মনলৈ আহিলে তাইৰ
বুকুখন যেন মোচৰ খাই যায়।
দিনবোৰ পাৰ হৈ যোৱাৰ লগে লগে
অনুপমাৰ মনৰ উত্কণ্ঠা বাঢ়িবলৈ ধৰিলে। কেভিনে ভিছাৰ বাবে আবেদন কৰাৰ পৰা তাইৰ মনটো
বেছিকৈ উগুল থুগুল লাগিবলৈ ধৰিলে। আইতাক লগত যাবলৈ ওলোৱা কথাটোৱে তাইক যিদৰে
ৰোমাঞ্চিত কৰি তোলে সেইদৰে তাইক আশংকিতও কৰি তোলে।
তাইৰ আশ্বাসতে কেভিনে বুঢ়ী আইতাকক
লৈ অসমলৈ যাবলৈ ওলাইছে। তাইৰ ওপৰত যেন দায়িত্বও আহি পৰিছে বহুত।
কেভিনে ভিছা পাবলৈ যিমান সময় লাগিব
বুলি ভাবিছিল, সিমান সময় নালাগিল। গৱেষণা
বা পঢ়া শুনা সংক্ৰান্তীয় কামত যোৱা বুলি প্ৰমাণ কৰিব পাৰিলে ভিছা সোনকালে পোৱা যায়। বুঢ়ী আইতাকক নিজৰ ওপৰত নিৰ্ভৰশীল বুলি দেখুৱাই আইতাক নেন্সিৰ ভিছা পোৱাতো কোনো
অসুবিধা নহ’ল। অনুপমাৰ মাল্টিপল এণ্ট্ৰি
ইউ কে ভিছা থকা বাবে ভাৰতলৈ যাবলৈ কোনো অসুবিধা এনেয়ো নাই।
ভিছা হাতত পৰাৰ পিছতে কেভিনে
অনুপমালৈ ফোন কৰিলে, “ভিছা হৈ গ’ল। আজি টিকট কাটিম”।
অনুপমাই ক’লে, “মোৰ টিকটটো মই দুদিনমান আগতে কাটিলোঁৱেই।
সিদিনা হঠাতে দাম কমি যোৱা দেখি কাটি পেলালোঁ”। অনুপমাৰ কথাটো কৈ অলপ অনুশোচনা হ’ল। তাই
টিকটটো কৰাৰ আগতে কেভিনৰ লগত এবাৰ কথা পতা উচিত আছিল।
কিন্তু কেভিনে বেয়া পোৱা যেন
নেদেখুৱালে। সি হাঁহি মাৰি ক’লে, “তুমি বৰ সাংঘাতিক দেই। আমাক নোকোৱা নেমেলাকৈ সস্তাত পাই টিকট কৰি দিলা।
এতিয়া তোমাৰ টিকটটো মোক ই মেইল কৰি পঠিয়াই দিয়া। বিমানৰ নম্বৰ, এয়াৰপোৰ্ট আদিৰ সঠিক তথ্য মোক লাগে”।
কেতিয়াবা নভবা নিচিন্তাকৈ তাই
কিছুমান কাম কৰি পেলায়। আটাইবোৰ একেলগে যোৱাটো ঠিক হৈ যোৱাৰ পিছত এনেদৰে অকলে টিকট
টো তাই কাটিব নালাগিছিল। সিদিনা হঠাতে কি জানো মন গ'ল, তাই টিকটটো কৰি পেলালে।
তাই নিজকে প্ৰবোধ দিলে যে, যিদিনা টিকটৰ দাম কমি যোৱা অফাৰ আহিছিল সেইদিনা কেভিন হঁতৰ
ভিছা হোৱাই নাছিল। তাই সেইদিনা টিকট টো নাকাটিলে ইমান কম পইচাৰ টিকট নাপালেহেঁতেন।
তদুপৰি টিকট কটাৰ বাবেও কেভিনৰ
ওপৰত নিৰ্ভৰশীল হ’বলৈ তাইৰ মন যোৱা নাছিল।
অনুপমাই টিকটৰ সবিশেষ কেভিনলৈ ই
মেইল যোগে পঠিয়াই দিলে।
পিছদিনা আবেলি ক্লাৰাৰ ফোন আহিল।
“পমা, কেভিনে
টিকট কাটিলে। আমি দিল্লী হৈ ডিব্ৰুগড় পামগৈ। মোৰ কিন্তু একেবাৰে যাবৰ মন নাই জানা”। ক্লাৰাৰ মাতত বিষণ্ণতা অনুভৱ কৰিলে অনুপমাই।
“কিয়? তোমাৰ
আকৌ কি হ’লনো”? অনুপমা আচৰিত হ’ল।
“মই তোমাৰ ওচৰলৈ গৈ আছোঁ ৰ'বা। মই সকলো ক’ম”।
অলপ পিছতে ক্লাৰাই চাইকেল চলাই আহি
অনুপমাৰ কোঠা পালেহি।
এই কেইদিন বৰকৈ ঠাণ্ডা পৰিছে।
অনুপমাৰ কোঠাত থকা শীত তাপ নিয়ন্ত্ৰণ কৰা যন্ত্ৰটোত কিবা এটা হৈছে। গৰম কৰাৰ পিনে
নবটো ঘূৰালেও অলপ সময় গৰম বতাহ ওলাই আকৌ বন্ধ হৈ যায়। সেয়ে তাই সৰু হিটাৰ এটা কিনি
লৈছে। হিটাৰ নহ’লে নৱেম্বৰ মাহৰ অক্সফোৰ্ডৰ
ঠাণ্ডাত কোঠাত থকাই মস্কিল। ক্লাৰাই অ’ভাৰকোটটো খুলি
হিটাৰটোৰ ওচৰতে বহিল। তাইৰ মুখত কিবা অসন্তুষ্টিৰ চিন।
“মোৰ এই কেভিন টোক একদম দেখিবৰ
মন নাযায় জানা। চব কথা তাৰ মতেই হ’ব লাগিব। ইণ্ডিয়ালৈ গৈ
ডকুমেণ্টৰী এখন কৰাৰ আইডিয়া সিহে মোক দিছিল। তাৰ কথা মতেই ইমান পইচা পাতি খৰচ কৰি
মই ইণ্ডিয়ালৈ যাব ওলাইছোঁ। এতিয়া সদায় মোক সি কথা শুনাই থাকে, মই বোলে কোনো কথাতে ছিৰিয়াছ নহয়, পঢ়া শুনা নকৰি মৌজ
মস্তি কৰি ভাল পাওঁ। সি অনবৰত সুধি থাকিব, স্ক্ৰিপ্টখনৰ কি হ’ল। আৰে বাবা, হ’ব নহয়, সময়ত সকলো হৈ যাব। নাই, তাৰ মতে গোটেই স্ক্ৰিপ্টখন
যোৱাৰ আগতে হ'বই লাগিব। বিৰক্তি লাগি গৈছে মোৰ। এনেকুৱা মন
গৈছে, মোৰ টিকটটো কেনচেল কৰি দিওঁ। যাওক সিয়েই অকলে
ইণ্ডিয়ালৈ”, ক্লাৰাৰ মাতত উষ্মাৰ সুৰ।
অনুপমাই ক’লে, “আৰুনো কি হ’ল?
মইতো প্ৰায় গোটেইখিনি কাহিনী পঢ়ি থৈছোঁৱেই। মই তোমাক সহায় কৰি দিম বুলি কথা দিছোঁৱেই”।
অনুপমাৰ কথা শুনি ক্লাৰাৰ মুখ খন
ফৰকাল হ’ল। তাইৰ মুখত হাঁহি বিৰিঙি উঠিল,“মই জানো পমা, তুমি মোক সহায় কৰিবা। তুমি মোৰ আটাইতকৈ
ভাল বান্ধৱী। তোমাৰ প্লেনিং মতেই ডকুমেণ্টৰী খন বনাম"।
বিছনাত ভৰি তুলি বহি লৈ ক্লাৰাই ক'লে, "মোক কেৱল তুমি কোৱা মিষ্টাৰ
গুডিনাফে খান্দি তেল উলিওৱাৰ পিছত আৰু কিমান ঘটনা আছে”?
“আৰু বেছি ঘটনা নাই। আজি আকৌ
তোমাৰ গুডিনাফলৈ মনত পৰিছে নেকি? মোৰ এনে লাগিছে, তুমি একেবাৰে গুডিনাফৰ ফেন হৈ গৈছা"। অনুপমাই ধেমালিৰ সুৰত ক'লে।
"সঁচাকৈয়ে গুডিনাফৰ দৰে
এডভেন্সাৰ ভাল পোৱা মানুহ এজন পালে মই কেভিনক এৰি তেওঁৰ ওচৰলৈকে গ'লোহেঁতেন"। ক্লাৰাই খিলখিলাই
হাঁহি দিলে। অনুপমায়ো হাঁহিলে।
"কফি খাবা নেকি? আমি কফি খাই খাই কথা পাতোঁ”। অনুপমাই ক’লে।
“আনা, তোমাৰ
হাতৰ কফি খাই মোৰ খুব ভাল লাগে”। ক্লাৰাই হিটাৰটো ওচৰলৈ আনি হিটাৰৰ ওচৰত হাত ভৰি সেকিবলৈ ধৰিলে।
অনুপমাই কফি দুকাপ আনিলে। তাই ক্লাৰাৰ ওচৰতে বহিল।
“পঢ়ি চাই মই গম পালোঁ মিষ্টাৰ
গুডিনাফে আচলতে আৰু অধিক খনন কৰি যাব পাৰিলেহেঁতেন। তেওঁ হয়তো আৰু অধিক খনিজ তেল
উত্পাদন কৰিব পাৰিলেহেঁতেন। পিছে অধিক তেল
উলিয়াই নো বেচেৰাই কি কৰিলেহেঁতেন"?
"কি কৰিলেহেঁতেন মানে?
তেওঁতো তেল উলিয়াবৰ বাবেই অসমলৈ গৈছিল"। ক্লাৰা আচৰিত হ'ল।
"দুখৰ কথা কি জানা,
সেই সময়ত অসমত খনিজ তেল শোধন কৰাৰ ব্যৱস্থাতো নাছিলেই, উত্পাদিত খনিজ তেল আন ঠাইলৈ পঠিওৱাৰো কোনো সুব্যৱস্থা নাছিল। ভাল ৰাস্তা
এটা নাছিল, ৰেল পথ নিৰ্মাণ হোৱাই নাছিল, প্ৰদূষণ হোৱাৰ আশংকাত নদীপথেদি খনিজ তেল পৰিবহণ কৰিবলৈ চৰকাৰে অনুমতি
নিদিছিল। সেয়ে আৰু দুটা মান খাদ খনন কৰি তেওঁ নিজৰ
প্ৰচেষ্টা বাদ দিবলৈ বাধ্য হ’ল”। কফি খাই খাই অনুপমাই কৈ গ’ল।
“মোৰ মতে, তেওঁ খনন কৰাৰ আগতে এই বোৰৰ ভালদৰে পৰিকল্পনা কৰিব লাগিছিল। তেওঁ যদি তেল
পাব বুলি ইমানেই নিশ্চিত আছিল, তেনেহ’লে
তেল পোৱাৰ পিছত কি কৰিব সেই কথা খিনিও ভাবি থ'ব লাগিছিল”। ক্লাৰাই ক’লে।
“ঠিকেই কৈছা ক্লাৰা। তেওঁ
আচলতে ইমান অত্যুত্সাহী আছিল যে খনিজ তেল আৱিষ্কাৰ কৰাৰ গৌৰৱৰ অধিকাৰী হোৱাৰ
উত্সাহত তেওঁ সেইবোৰ কথা আগতিয়াকৈ নাভাবিলেই। সেইকাৰণে আমিও সকলো কাম পৰিকল্পনা
কৰিহে কৰিব লাগে"। ক্লাৰালৈ চাই তাই
হাঁহিলে। ক্লাৰাই চাৱনিৰ অৰ্থ বুজি মূৰ দুপিয়ালে।
"আৰু এটা কথা কি জানা,
তেওঁ কাম কৰা কোম্পানীটোৱেও সাফল্যৰ বিষয়ে নিশ্চিত নাছিল। তেওঁলোকে
গুডিনাফৰ মূৰৰ ওপৰতে সমষ্ট দায়িত্ব জাপি দি তেওঁক অসমলৈ পঠিয়াই দিছিল তেওঁৰ আগ্ৰহৰ
বাবে। প্ৰথম অৱস্থাত ক্ৰমাগত ব্যৰ্থতাৰ বাবে কোম্পানীটোৱে ভাবিছিল, এনে কঠিন কামত গুডিনাফ কেতিয়াও সফল হ'ব নোৱাৰে। সেয়েহে কোম্পানীয়ে তেল আহৰণ কৰি ব্যৱসায় কৰাৰ বাবে কোনো পৰিকল্পনা নকৰিলে"।
“অ’ নৌ। বেচেৰাৰ কষ্টবোৰ এনেয়ে
গ’ল”, ক্লাৰাই ক’লে।
"এৰা। সেয়া বৰ দুখৰ কথা।
গুডিনাফে সফলতা লাভ কৰাৰ পিছতো কোম্পানীটোৱে তেওঁক বিশেষ একো সহায় নকৰিলে। উপায়
নাপাই তেওঁ তেল অন্বেষণৰ কাম সামৰি কলিকতালৈ উভতি গ'ল"।
"হাও ষ্ট্ৰেঞ্জ। তেওঁৰ এই
আৱিষ্কাৰৰ ফলেই নাপালে। আমাৰ দেশত হ'লে কেতিয়াও এনেকুৱা নহয়
দেই"। ক্লাৰাই মুখ বিকটাই ক'লে।
"সেই সময়ত পিছে আমাৰ দেশো
ব্ৰিটিছ শাসনৰ অধীনতে আছিল"। অনুপমাই কৈ হাঁহিলে। "আচলতে কি জানা, সময় তেওঁৰ কাৰণে অনুকূল নাছিল। আৰু কেইবছৰ মান পিছত যেতিয়া
অসমৰ যাতায়াত ব্যৱস্থাৰ উন্নতি হ'ল, তেতিয়া
তেলৰ সন্ধান পালে হয়তো এনে অৱস্থা নহ'লহেঁতেন"। তাই কৈ গ'ল।
"তাৰ পিছত কি হ'ল কোৱাঁনা"? ক্লাৰাই
আগ্ৰহেৰে সুধিলে।
“তাৰ পিছত প্ৰায় কুৰি বছৰ কাল
অসমত খনিজ তেল খননৰ কোনো কামেই হোৱা নাছিল”, অনুপমাই কৈ গ’ল।
“হে ভগৱান। ইমান এটা ডাঙৰ
আৱিষ্কাৰৰ পিছত কুৰি বছৰ কোনেও একো নকৰিলে। সঁচাকৈয়ে আচৰিত দেই”,এইবাৰ ক্লাৰাই বিছনাত ভৰি তুলি ভালদৰে বহি ল’লে।
“মিষ্টাৰ গুডিনাফৰ কাৰণে মোৰ
সঁচাকৈয়ে বেয়া লাগিছে। তেওঁৰ নিজৰ চাগে কিমান বেয়া লাগিছিল, নহয়নে"? ক্লাৰাই অনুপমালৈ চাই সুধিলে।
"তুমি সঁচাকৈয়ে গুডিনাফৰ
ভক্ত হৈ পৰিছা দেই ক্লাৰা"। অনুপমাই হাঁহি মাৰি ক'লে।
"ভাবাচোন, তেওঁ যদি উত্পাদন কৰা তেল ব্যৱহাৰ কৰি উদ্যোগ স্থাপন কৰিব পাৰিলেহেঁতেন,
তেওঁৰ কথা সমগ্ৰ বিশ্বই জানিলেহেঁতেন। ' দ্য
ফাৰ্ষ্ট অয়ল মেন অৱ ইণ্ডিয়া' বুলি তেওঁকেই মানুহে
জানিলেহেঁতেন"।
“এৰা, গুডিনাফে
যদি তেওঁ আৱিষ্কাৰ কৰা তেলৰ ওপৰত ভিত্তি কৰি তৈল উদ্যোগ গঢ়ি তুলিব পাৰিলেহেঁতেন,
তেওঁ হয়তো ভাৰতৰ তৈল উদ্যোগৰ পিতৃ স্বৰূপ হ’লহেঁতেন।
কিন্তু তেওঁ সেই সন্মানৰ পৰা বঞ্চিত হ’লে। খনিজ তেল আৱিষ্কাৰৰদৰে এটা মহান কাম কৰিও শেষত তেওঁ দুখমনে ঘৰমুৱা হ’ব লগীয়া হ’ল”।
“বৰ দুখ লগা কথা নহয়নে পমা?
তাৰ পিছত”? ক্লাৰাই আগ্ৰহ পালে।
“অসমত তৈল অন্বেষণ কাৰ্যত
গুডিনাফে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে কলিকতাত সকলোৱে গম পালে। খনিজ তেলৰ শোধন আৰু
পৰিবহণৰ সু ব্যৱস্থা নোহোৱাকৈ খনন কৰি যে লাভ নাই সেই কথা সেই সময়ৰ কোম্পানীবোৰে
বুজিব পাৰিলে। সেই কাৰণে অতি মূল্যৱান
বুলি জানিও খনিজ তেলৰ খননৰ বাবে কোনো কোম্পানী আগবাঢ়ি নাহিল। এনেদৰেই বিছটা বছৰ
পাৰ হৈ গ’ল”।
“বিছ বছৰ পিছত কি হ’ল”?
“বিছ বছৰ পিছত অসমত প্ৰথম
ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ হ’ল। অসমত আৱিষ্কাৰ হোৱা কয়লা আৰু
চাহ পাত কলিকতাৰ বজাৰলৈ উলিয়াই নিয়াৰ কাৰণেই ৰেলপথ এটাৰ অতি প্ৰয়োজন হ’ল। তেতিয়ালৈকে কয়লা নদীপথেৰেহে কলিকতা আৰু ঢাকালৈ লৈ যোৱা হৈছিল। কিন্তু
নদী পথেৰে কয়লা পঠিয়াবলৈ বহুত সমস্যা হৈছিল। জাহাজ ডুবি কয়লা নষ্ট হৈছিল। কয়লা নদীত পৰি নদীৰ পানী প্ৰদূষিত কৰিছিল”।
“বুজিলোঁ। তেতিয়া সেই ঠাইত ৰেল
পথ নিৰ্মাণো চাগে খুব চেলেঞ্জিং আছিল, নহয়নে”?
“এৰা। সেই সময়ত অটব্য অৰণ্যৰ
মাজেৰে ৰেলপথ উলিওৱা কামটো আছিল এটা ডাঙৰ চেলেঞ্জ। বৰ্ষাৰণ্যৰ অতি ডাঠ হাবি কাটি
পথ উলিয়াব লগীয়া হৈছিল। তদুপৰি হাবিবোৰ আছিল বন্য জীৱ জন্তুৰে ভৰা। মহ, বৰল, জোকৰ উত্পাতো আছিল সাংঘাতিক"।
"মই অনুমান কৰিব পাৰিছোঁ,
কিমান চাগে সমস্যা হৈছিল। ভাবিয়েই মোৰ গা শিঁয়ৰি উঠিছে"। ক্লাৰাৰ গাটো জিকাৰ খাই উঠিল।
"এনেবোৰ সমস্যাৰ বাবেই
ৰেলপথ নিৰ্মাণৰ বাবে কেইবাটাও কোম্পানীয়ে প্ৰচেষ্টা চলাইছিল যদিও সফল হোৱা নাছিল।
শেষত আছাম ৰেইলৱে এণ্ড ট্ৰেডিং কোম্পানীহে এই কামত সফল হৈছিল"।
"আছাম ৰেইলৱে এণ্ড
ট্ৰেডিং কোম্পানী? নামটো শুনিবলৈ বৰ ভাল লগা। ৰেইলৱে'
আৰু ট্ৰেডিং দুয়োটা বৰ সম্পৰ্ক থকা বিষয়"। ক্লাৰাই ক'লে।
"প্ৰথমতে তেওঁলোকে
ডিব্ৰুগড়ৰ ষ্টিমাৰ ঘাটৰ পৰা মাকুম নামৰ এখন ঠাইলৈ এটা ৰেলপথ নিৰ্মাণ কৰি উলিয়ায়। সেই পথটো মাৰ্ঘেৰিটাৰ কয়লা পোৱা অঞ্চললৈ সম্প্ৰসাৰিত কৰাৰ কাৰণে তেওঁলোকে গভীৰ
অৰণ্যৰ মাজে মাজে কেম্প কৰি কৰি হাবি কাটি ৰেলপথৰ কাৰণে মাটি মুকলি কৰিব লগীয়া হ’ল”, অনুপমাই হিটাৰত নিজৰ হাত দুখন সেকি
সেকি ক’লে। ঠাণ্ডাটো যেন হঠাতে বাঢ়ি আহিছে।
“ইণ্টাৰেষ্টিং। এই যে হাতীৰ
ভৰিত তেল লাগি অহাৰ ঘটনাটো, সেইটো কেতিয়া হৈছিল”? ক্লাৰাই সুধিলে।
“মই তাকেই ক’বলৈ ওলাইছোঁ। ৰেল পথ বহুওৱা কামত কোম্পানীৰ এটা কেম্প বৰবিল অঞ্চলত বহুওৱা
হৈছিল। এই কেম্পটোৰ বাসিন্দা সকলে মাজে সময়ে এটা উত্কট গোন্ধ পাই আছিল। কেম্পটোৰ
কাষৰ অৰণ্যৰ পৰা এই গোন্ধটো আহিছিল। এই গোন্ধটোৱে মানুহবোৰক অনবৰত আমনি দি আছিল"।
"সেই যে লেফটেনেণ্ট
উইলকক্সে নদীয়েদি আহি থাকোঁতে গোন্ধ এটা পাইছিল। ঠিক তেনেকুৱা গোন্ধেই হ'ব চাগে, নহয়নে"? ক্লাৰাই ৰং মনেৰে ক'লে।
"এৰা খনিজ তেলৰ গোন্ধ
সকলো ঠাইতে প্ৰায় একেই। কিন্তু, এই গোন্ধটো ক’ৰ পৰা আহিছিল, কিহৰ পৰা ওলাইছিল তেওঁলোকে জনা নাছিল"।
"তেওঁলোকৰ লগত হয়তো
উইলকক্সৰ দৰে ওস্তাদ মানুহ নাছিল", এই বুলি ক্লাৰাই খিলখিলকৈ হাঁহি দিলে।
"সেই সময়ত অৰণ্যৰ গছ কাটি
ৰেল পথ নিৰ্মাণৰ কাৰণে হাতী ব্যৱহাৰ কৰা হৈছিল। হাতীবোৰে কটা গছৰ টুকুৰাবোৰ হাবিৰ
ভিতৰৰ পৰা কঢ়িয়াই আনিছিল। হাতীয়ে কাঠ কঢ়িওৱা কাম কৰি থাকোঁতে এদিন কেইজনমানে মন
কৰিলে যে অৰণ্যৰ মাজৰ পৰা ওলাই অহা হাতী বোৰৰ ভৰিত এবিধ তেলেতীয়া বোকা লাগি আহিছে।
তেওঁলোকে ভালদৰে চাওঁতে ধৰিব পাৰিলে যে সেই বোকাৰ পৰা সেই অঞ্চলত অনবৰতে পাই থকা
উত্কট গোন্ধটো ওলাইছে”।
“তেওঁলোকে চাগে ইউৰেকা বুলি
চিঞৰি দিছিল নহয়নে”? ক্লাৰাই আকৌ খিল খিলকৈ হাঁহি দিলে।
“গোন্ধটোৰ উত্স সেই তেলেতীয়া
বোকাখিনি বুলি গম পাই তেওঁলোক অতি উত্সাহী হৈ উঠিছিল। সেই বোকা খিনিৰ উত্স জানিবলৈ
উত্সুক হৈ পৰিছিল। হাতী অহা পথটো অনুসৰণ
কৰি তেওঁলোক অৰণ্যৰ মাজলৈ সোমাই গৈ এঠাইত দেখিলে মাটিৰ তলৰ পৰা এবিধ তেলেতীয়া
বস্তু আৰু গেছ নিগৰি ওলাই আছে। আৰু তাৰ পৰাই
সেই উত্কট গোন্ধটো চাৰিওদিশে বিয়পি পৰিছে। সেই তেলেতীয়া বোকা তেওঁলোকে সংগ্ৰহ কৰি
লৈ আনিলে। সেই বোকাখিনি পৰীক্ষা কৰি তেওঁলোকে বুজিব পাৰিলে সেয়া আপুৰুগীয়া খনিজ
তেলৰ বাহিৰে আন একো নহয়”, অনুপমাই কৈ গ’ল।
‘ৱাও, এই
কাহিনীটো মই কেভিনৰ মুখত শুনিছোঁ। মই ভাবিয়েই আছিলোঁ, এই
হাতীৰ ভৰিত তেল লাগি অহা কাহিনীটো তুমি মোক কেতিয়া, কোন
প্ৰসংগত ক’বা। এই দৃশ্যটোৰ স্ক্ৰিপ্ট মই অতি সহজে লিখিব
পাৰিম। দৃশ্যটো কেনেকুৱা হ'ব জানা? অৰণ্যৰ
মাজৰ পৰা এদল হাতী ওলাই আহিছে। ভৰিত লাগি আহিছে ক’লা মটীয়া
ৰঙৰ তেলেতীয়া বোকা। বতাহত ভাহি আহিছে এটা ফুৰফুৰীয়া উত্কট গোন্ধ। কেম্পৰ কেইজনমানে
নাকত ৰুমাল লৈছে, কিন্তু কেইজনমানে সোমাই গৈছে হাবিৰ মাজলৈ
সেই গোন্ধটো ক’ৰ পৰা আহিছে চাবলৈ"।
"বা:, বঢ়িয়া হ’ব”, অনুপমাই
আনন্দতে হাত চাপৰি মাৰিলে।
“মই এই দৃশ্যটো অসমতে শ্বুট
কৰিম বুলি ভাবিছোঁ। হাতীৰ যোগাৰ কৰিব পৰা যাবনে? আৰু লাগিব
কেইজনমান অভিনেতা। মই ভাবিছোঁ এইটো এটা সুন্দৰ দৃশ্য হ’ব”,
ক্লাৰা যেন কল্পনাৰ সাগৰত ডুব গ’ল।
“মই দেউতাৰ লগত কথা পাতি চাম
বাৰু। পিছে হাতী পোৱাটো মস্কিল। অভিনেতাও ইমান কম সময়ৰ ভিতৰত পাম যে সন্দেহ আছে”,
অনুপমাই ক’লে।
"তুমি না বুলি ক'লে নহ'ব পমা। মই তোমাৰ ওপৰত নিৰ্ভৰ কৰিয়েই ইণ্ডিয়ালৈ
যাবলৈ সাহস কৰিছোঁ। তুমি যেনে তেনে হাতী আৰু মানুহ যোগাৰ কৰিবই লাগিব"। ক্লাৰাই অনুৰোধৰ সুৰত ক'লে।
"অভিনেতা বাৰু উলিয়াব
পাৰিম। দুজনমান নাটক কৰা ল'ৰাৰ লগত মোৰ চিনাকি আছে। কিন্তু
হাতী পোৱা যাবনে নাই মই সঠিককৈ ক'ব নোৱাৰিম জানা"। চিন্তিত হৈ অনুপমাই ক'লে।
"হাতী আমি কিবা উপায়ে
যোগাৰ কৰিবই লাগিব। আন সকলো দৃশ্য ইয়াত হৈ যাব, কিন্তু অসমৰ
হাতীৰ দৰে হাতী ইয়াত ক’ত পাম”? ক্লাৰাই
ক’লে।
No comments:
Post a Comment