ভাৰতলৈ যোৱাৰ দিন চমু চাপি অহাৰ লগে লগে কেভিনৰ
গৱেষণা সম্পৰ্কীয় কামৰ ব্যস্ততাও বাঢ়িল। সি সকলো কাম আগতীয়া পৰিকল্পনা অনুসৰিহে
কৰিব বিচাৰে। সি থেছিছখন কেনেকৈ লিখিব তাৰে এটা জুমুঠি তৈয়াৰ কৰা কামত ব্যস্ত হ'ল।
কম্পিউটাৰত বহি থেছিছৰ কাম কৰি থাকোঁতে মাজে মাজে
কেভিনৰ আইতাকে কোৱা কথা কেইটা মনলৈ আহে।
"তাইৰ নাম অনুপমা!!!" আইতাকৰ কণ্ঠস্বৰ যেন
বাৰে বাৰে তাৰ কাণত বাজি থাকে।
কিন্তু মানুহে বিচৰা মতেই সকলো হয় জানো? মানুহৰ
সকলো প্ৰাৰ্থনাই ঈশ্বৰে শুনেনে? সি নিজকে প্ৰশ্ন কৰে।
“কেভিন। মোক কথা এটা কোৱাঁচোন”,
ক্লাৰাৰ মাতত কেভিন সচকিত হৈ উঠিল। কাম কৰি থাকোঁতে কিছু সময়ৰ বাবে
তাৰ মনটো অনুপমা আৰু আইতাকৰ ওচৰ পাইছিলগৈ।
তাইৰ বিছনাখনত বেচিজিল ভাৱে কিতাপ কাগজ সিঁচৰতি কৰি
সেইবোৰৰ ওপৰত পেট পেলাই শুই কাম কৰি থকাটো ক্লাৰাৰ অভ্যাস। পিছদিনাৰ শ্বুটিঙৰ
প্ৰেক্টিকেলৰ কাৰণে কাগজ এখনত তাই দৃশ্য এটা লিখি আছিল। তাই মাজে মাজে দৃশ্যৰ
পৰিকল্পনা কৰোঁতে কেভিনৰ সহায় লয়।
“কি হ’ল, কোৱাঁ”, কেভিনে তাইলৈ চাই সুধিলে।
তাই কলমটো কামুৰি ক’লে,
“কেভিন মোক এটা কথা কোৱাঁচোন, এগৰাকী নাৰীয়ে
কেনে পৰিস্থিতিত নিজৰ বয়ফ্ৰেণ্ড বা পতি থকা সত্ত্বেও আন এজন পুৰুষৰ ওচৰত নিজকে
সমৰ্পন কৰিব”?
তাইৰ অবান্তৰ যেন লগা প্ৰশ্নটো শুনি কেভিনে হাঁহিলে।
সি কিছু পৰ নিতাল মাৰি থাকিল। “মই বুজা নাই কি প্ৰসংগত তুমি কি ক’ব বিচাৰিছা”?
“মোৰ পৰীক্ষাৰ অংশ হিচাপে কালি যিটো
কাহিনীৰ ওপৰত শ্বুটিং হ’ব তাৰে দৃশ্য এটাৰ ডাইলগ লিখি আছোঁ। কোৱাঁনা তুমি কি ভাবা, কেতিয়া
এনে হ’ব পাৰে”। তাই আগ্ৰহেৰে সুধিলে।
কেভিনে মিচিকিয়া হাঁহি মাৰি ক’লে,
“যেতিয়া তেওঁ নিজৰ পতিৰ লগত সন্তুষ্ট নহ’ব।
ছিম্পল”।
তাই বিছনাত বহি লৈ ক’লে,
“তুমি কেনে সন্তুষ্টিৰ কথা ক’ব বিচাৰিছা?
যৌন সন্তুষ্টি নে আন কিবা”?
কেভিনে এটা অঁকৰা হাঁহি মাৰি ক’লে,
“মোৰ মতেতো যৌন সন্তুষ্টিয়েই মূল কাৰণ হ’ব
লাগে”।
“তোমাৰ অনুমান ভুল। এগৰাকী নাৰীয়ে কেৱল
যৌন অসন্তুষ্টিৰ কাৰণেই আন এজন পুৰুষৰ ওচৰত নিজকে কেতিয়াও সমৰ্পন নকৰে। তোমালোক
পুৰুষবোৰে সদায় নাৰীৰ বাবে যৌন সন্তুষ্টিয়েই সকলো বুলি ভাবা"। ক্লাৰাই অভিযোগৰ
সুৰত ক'লে।
কেভিনে তাইৰ কথাত আগ্ৰহ পাই চকীখন তাইৰ পিনে ঘূৰাই লৈ
বহিল। "মই এই বিষয়ে বিশেষ একো নাজানো। তুমিয়েই কোৱাঁচোন"। সি তাইলৈ চাই
ক'লে।
"মোৰ হাতত যিটো কাহিনী আছে, সেই
কাহিনীটোত নায়িকাৰ নিজৰ পতিৰ লগত বাহ্যিক দৃষ্টিত এক সুন্দৰ সম্পৰ্ক আছে। তেওঁৰ
পতিৰ লগত যৌন সম্পৰ্কও মধুৰ। বেছি কাজিয়া
পেচালো নাই। ল'ৰা
ছোৱালী দুটিৰে সৈতে তেওঁলোকে সমাজত খুব ভালদৰে থাকে"। ক্লাৰাই কৈ গ'ল।
"আন মানুহৰ চকুত এটা সুখী পৰিয়াল। বুজিছোঁ"।
"কিন্তু নায়িকাই তাইৰ কামৰ জগতত এদিন এনে এজন
মানুহক লগ পালে যিজনক লগ পাই তাইৰ সমস্ত সত্তা কঁপি উঠিল। তাইৰ এনে লাগিল এনে এজন
মানুহকে তাই গোটেই জীৱন বিচাৰি ফুৰিছিল। মানুহজনেও তাইক খুব পাত্তা দিলে, তাইৰ
প্ৰতিটো কথাকে গুৰুত্ব দিলে। তাইৰ মনৰ সকলো কথাকে যেন সেই মানুহজনে বুজি পায়,
তাইৰ এনে অনুভৱ হ'ল"।
"ইণ্টাৰেষ্টিং। তাৰ পিছত কি হ'ল"।
কেভিনে আগ্ৰহেৰে সুধিলে।
"তাৰ পিছত এদিন সেই মানুহ জনৰ হাতত এদিন তাই
নিজকে সমৰ্পন কৰিলে। তেওঁলোকে ৰাত্ৰিযাপন কৰিলে"।
"ওহ, বাৰু বুজিলোঁ ,
তাৰ পিছত"?
"মই এতিয়াও বুজিব পৰা নাই কেভিন, তাই
কিয় এনে কৰিলে। কাৰণটো দৰ্শকৰ বোধগম্য হোৱাকৈ মই এখন স্ক্ৰিপ্ট লিখিব লাগে। কি
পৰিস্থিতিত তাই এনে কৰিব পাৰে বাৰু”? ক্লাৰাই অসহায় ভাৱত ক'লে।
কেভিনে অলপ ভাবিলে। সে ক’লে,
“আচলতে কি জানা ক্লাৰা। দুজন মানুহ একেলগে থাকিলেই দুয়ো যে দুয়োজনৰ
প্ৰতি সদায় সমৰ্পিত হৈ থাকিব তাৰ একো নিশ্চয়তা নাই। মানুহে জীৱনত সুখ শান্তিৰ
কাৰণে বহুতো এৰা ধৰা কৰিব লগীয়া হয়। এনে এৰা ধৰা বা বুজাবুজিৰ জৰিয়তে কিছু সময়ৰ
কাৰণে শান্তিপূৰ্ণ জীৱন এটা জীয়াই থকাৰ অভিনয় কৰি থাকিব পাৰি। কিন্তু মানুহৰ
অৱচেতন মনত কিছুমান ইচ্ছা, সপোন, আকাংক্ষা
অপূৰ্ণ হৈ ৰৈ যায়”।
“তুমি কেনেকুৱা ইচ্ছা, কেনেকুৱা সপোনৰ কথা কৈছা কেভিন”? ক্লাৰাই বাগৰি থকাৰ
পৰা উঠি বিছনাখনত বহি ল’লে।
“সেইটো ব্যক্তিবিশেষে বেলেগ বেলেগ হ’ব পাৰে। যেনে ধৰা এগৰাকী পত্নীয়ে আশা কৰিছিল, তেওঁৰ
পতিয়ে তেওঁৰ প্ৰতিটি কথাই গুৰুত্ব দিব, তেওঁৰ মনৰ সকলো কথাই
বুজিব পাৰিব, তেওঁৰ প্ৰতিটো ইচ্ছা প্ৰতিটো আকাংক্ষাকে বাস্তৱ
কৰিবলৈ সদায় যত্নপৰ হ'ব। কিন্তু মূৰকত এনে হ'ল যে প্ৰতিটো কথাকে গুৰুত্ব দিয়াটো
দূৰৰে কথা একেলগে কথা এষাৰ পাতিবলৈকো মানুহজনৰ সময় নোহোৱা হ’ল। মনৰ ইচ্ছা পূৰণ কৰাটো বাদ দিয়া মানুহজনে ঘৈণীয়েকৰ জন্মদিনটোও পাহৰিলে।
তেতিয়া সেই ইচ্ছা, সেই সপোন বোৰ অপূৰ্ণ হৈ ৰৈ যায়”।
“তুমি ক’ব খুজিছা
যে সেই সপোন বোৰ পূৰ কৰাৰ সুযোগ পালে মানুহ পৰিৱৰ্তন হ’ব
পাৰে”।
“যেতিয়া পৰিস্থিতিয়ে মানুহক আকৌ তেনে
অৱদমিত ইচ্ছা বা সপোন বাস্তৱায়িত কৰাৰ সুযোগ আনি দিয়ে, কোনো
ব্যক্তিৰ জৰিয়তে যেতিয়া অৱচেতন মনত থকা সপোন বাস্তৱিত কৰাৰ উপায় আহি পৰে, তেতিয়াই মানুহে সেই ব্যক্তিজনৰ হাতত নিজকে সমৰ্পন পৰ্য্যন্ত কৰিব পাৰে।
মোৰ বোধেৰে তোমাৰ কাহিনীৰ নায়িকা গৰাকীৰো এনে অৱস্থাই হ’ল”। কেভিনে ক্লাৰালৈ চাই ক'লে।
‘ৱাহ, তুমি কি
বঢ়িয়া কথা কৈছা। একেবাৰে সঁচা কথা। বিচৰা বস্তু নাপালে সেয়া আমাৰ ভাগ্যত নাই বুলি
আমি নিজকে প্ৰবোধ দি আমি নিবিচৰা কিবা এটাতে সন্তুষ্টি লাভ কৰিবলৈ চেষ্টা কৰোঁ।
কাহিনীৰ নায়িকাৰো আচলতে তেনে পৰিস্থিতিয়েই হৈছিল”। ক্লাৰাৰ মুখত হাঁহি বিৰিঙি উঠিল।
কেভিনে আগ্ৰহ দেখুৱাই ক’লে,
“কাহিনীটো ভালদৰে কোৱাঁচোন”।
“নায়িকাৰ সদাব্যস্ত, হৃদয়হীন পতিৰ মাজত মনে বিচৰা মানুহ জন তাই বিচাৰি পোৱা নাছিল। অথচ,
সেইটো জীৱনত নিজকে অভ্যস্ত কৰিবলৈ তাই অহৰহ চেষ্টা কৰিছিল। তাইৰ
নিজৰ যিবোৰ প্ৰতিভা আছিল, সেইবোৰো ল'ৰা
ছোৱালী আৰু ঘৰখনৰ স্বাৰ্থত তাই ত্যাগ কৰিছিল। সকলো মানুহে তাইক এগৰাকী সুখী,
সদাহাস্যময়ী মহিলা বুলিয়েই ভাবিছিল"। ক্লাৰাই ক'লে।
"মই বুজিছোঁ। এনেয়ে বাহিৰৰ পৰা চালে তাইৰ জীৱন
সুখী আছিল, কিন্তু ভিতৰি ভিতৰি তাই পঁজাত আৱদ্ধ চৰাইৰ দৰে ককবকাই আছিল।
সেয়ে মনে বিচৰা ধৰণৰ মানুহ এজন পাই তাই নিজৰ পতিক বিশ্বাস ঘাটকতা কৰিবলৈও
কুণ্ঠাবোধ নকৰিলে”। কেভিনে সহজকৈ বুজাই দিয়াৰ দৰে ক'লে।
“এতিয়াহে মই কাহিনীটো বুজি উঠিছোঁ’,
এই বুলি তাই হাতৰ কাগজ বোৰ ঠাইতে থেকেচা মাৰি থৈ জাঁপ মাৰি আহি
কেভিনৰ ডিঙিত সাবটি ধৰি তাক চুমা খাই ক’লে, ‘থেংক ইউ ছ' মাচ্চ’।
সিদিনা ৰাতি নিজৰ অবিন্যস্ত বিছনাখন চিজিল নকৰাকৈ তাই
কেভিনৰ বিচনাখনত তাৰ কাষতে বাগৰ দি ক’লে, “মোৰ আজি তোমাৰ লগত শুবলৈ বৰ মন গৈছে। বহুদিন আমি একেলগে শোৱাই নাই”।
এইবুলি তাই কেভিনক নিবিড় ভাৱে সাবটি ধৰিলে। কেভিনৰ
বুকুৰ মাজত কুচি মুচি সোমাই তাই যেন খুব নিৰাপদ অনুভৱ কৰে, এনে
লাগিল তাইৰ। কেভিনে তাইক বুকুত সাবটি ধৰি ভাবিলে, এজনী সৰু
ছোৱালীৰ দৰে ক্লাৰাকো যেন সঘনে নিৰাপত্তাৰ আশ্বাস লাগে। সেই আশ্বাসখিনি তাই তাৰ
পৰাই বিচাৰে।
কেভিনৰ বাহু বন্ধনত আৱদ্ধ হৈ থাকিয়েই ক্লাৰাই আবেগিক
হৈ থোকাথুকি মাতেৰে ক’লে, “তুমি মোক
কেতিয়াও এৰি থৈ নোযোৱাতো কেভিন। তুমি এৰি থৈ গ'লে মই মৰি
থাকিম"।
কেভিনে মুখেৰে একো নামাতিলে। ক্লাৰা আৰু তাৰ এই
সহবাসী জীৱনৰ ভৱিষ্যত কি হ'ব সেই কথা সি নিজেও নাজানে। সি একো
সিদ্ধান্ত ল'ব নোৱাৰে। কিন্তু সি জানে তাইক এতিয়া প্ৰয়োজন তাৰ দুবাহুৰ আশ্বাসৰ। সি তাইক জোৰেৰে সাবটি
ধৰিলে।
ক্লাৰাই তাক সেই নিশা তাক অন্তৰ উজাৰি মৰম কৰিলে।
তাইৰ মৰেমেহে যেন তাক তাইৰ ওচৰত বান্ধি ৰাখিব পাৰিব।
পিছদিনা ৰাতিপুৱা শুই উঠোতে কেভিন আৰু ক্লাৰাৰ পলম হ'ল।
আবেগ আৰু মৰমৰ জগতখনত বহু সময় সাতুৰি নাদুৰি টোপনি যাওঁতে দুয়োৰে পলম হৈছিল।
হঠাতে সাৰ পাই কেভিনে তাৰ বুকুত শুই থকা ক্লাৰাক জগাই
দিলে, "উঠা ক্লাৰা। বেলি বহুত হ'ল"।
"একো বেলি হোৱা নাই। আৰু অলপ শুই থাকানা", তন্দ্ৰালস
ভাৱত ক্লাৰাই তাৰ ডিঙিত সাৱটি ধৰি ক'লে।
"আমাৰ হাতত বেছি দিন নাই ক্লাৰা। ইণ্ডিয়া যাবলৈ
দিন চমু চাপি আহিছে"।
"তাতে কি হ'ল? ৰাতিপুৱাই তোমাৰ মুখত ইণ্ডিয়া যোৱাৰ কথা যে। তুমি এনেয়ে ইমান চিন্তা কৰিছা"। ক্লাৰাই
তন্দ্ৰাৰ আমেজত চকুদুটা আকৌ মুদি দিলে।
কেভিনে ক’লে, “আমি অনুপমাৰ লগত কথা পাতি যাত্ৰাৰ সকলো কথা ঠিক কৰিবলৈ হ’ল”।
ক্লাৰাই হাঁহি মাৰি ক’লে,
“চিন্তা নকৰিবা ডাৰ্লিং। মই আৰু পমাই সকলো কথা পাতিয়েই থৈছোঁ"।
"কি কথা পাতি থৈছা মোকো কোৱা"।
"তোমাক পমাই একো কোৱাই নাই নেকি? মই
ভাবিছিলোঁ তাই তোমাক সকলো কৈছেই"। ক্লাৰাই ধেমালিৰ সুৰত ক'লে।
"নাই কোৱা। তাইৰ লগত মই কেইদিনমান কথাই পতা
নাই"। কেভিনে গহীন হৈ ক'লে।
"আৰে, তাই তোমাকেই
কোৱা নাই। মইতো ভাবিছিলোঁ, তাই তোমাৰ বেষ্ট ফ্ৰেণ্ড",
এইবুলি ক্লাৰাই খিলখিলকৈ হাঁহিবলৈ ধৰিলে।
"ঠিক আছে। তাই কোৱা নাই। তুমিয়েই কোৱাচোন"।
কেভিনে ক্লাৰাৰ হাতখন আঁতৰাই বিচনাৰ পৰা উঠিল।
"শুনা। ১৩ ডিছেম্বৰত অনুপমাৰ পৰীক্ষা
শেষ হ’ব। সেইদিনাই আবেলি আমি তিনিও ভাৰতলৈ যাবলৈ সাজু হৈ বেগ,
ছুটকেছ লৈ আইতাৰ ঘৰলৈ যাম। আইতাৰ ঘৰত ৰাতিটো কটাম। পিছদিনা সন্ধিয়া
চাৰে পাঁচ বজাত হে দিল্লীলৈ বিমান আছে। ইণ্ডিয়া গৈ পোৱাৰ পিছত পমাই আমাক গাইড
কৰিব", ক্লাৰাই গাৰুৰ পৰা মূৰটো তুলি হাতেৰে গালখনত
ভেজা দি ক'লে।
“পিছে আমি সেইদিনা পাটকাই ভিলাৰ পৰা
সোনকালেই ওলাব লাগিব। সন্ধিয়া হিথৰো বিমান বন্দৰত খুব ভিৰ হয়। তাতে আইতা লগত
থাকিব। আমি বৰ বেছি দৌৰা দৌৰি কৰিব নোৱাৰিম। তুমি অনুপমাৰ লগত কথা পাতি সকলো ঠিক
ঠাক কৰিবা”। কেভিনে ক’লে।
সেইদিনা ৰাতি
ক্লাৰাই অনুপমালৈ ফোন কৰিলে, “পমা, তুমি ১৩ তাৰিখে আবেলি তিনি বজাত সাজু হৈ থাকিবা। আমি টেক্সী লৈ আহি তোমাক
পিক আপ কৰিম”।
১২ তৰিখৰ নিশাই অনুপমাই নিজৰ বেগটো সাজু কৰি ৰাখিলে।
তাই নিজৰ পাছপোৰ্ট, আইডেণ্টিটি কাৰ্ড, পইচা আদি পৰিপাটীকৈ নিজৰ হাতত লোৱা বেগটোতে ভৰাই থৈ দিলে যাতে দৌৰাদৌৰিত
লাগতিয়াল বস্তু একো থাকি নাযায়। হোষ্টেলৰ নিয়ম মতে উইন্টাৰ ব্ৰেকত গ’লেও নিজৰ সকলো বস্তু সামৰি সুতৰি লাগেজ ৰূমত ৰাখি কোঠাটো খালি কৰি যাব
লাগে। তাই ঘৰলৈ যোৱা সময়খিনিত কোঠাটো কতৃপক্ষই যাতে আন কামত খটুৱাব পাৰে তাৰ বাবেই
এই ব্যৱস্থা। কেতিয়াবা কম সময়ৰ বাবে কোঠাটো
কাৰোবাক ভাড়ালৈও দিয়াৰ নিয়ম আছে।
১৩ ডিছেম্বৰ, শনিবাৰে আবেলি
কেভিন আৰু ক্লাৰাই অনুপমাক লগত লৈ ৰে'ল ষ্টেচনলৈ গ'ল। সন্ধিয়া তিনিও ৰে'লেৰে গৈ আইতাকৰ ঘৰ পাটকাই ভিলা
ওলালগৈ।
অনুপমাই সেইদিনা আইতাকক বেছ উত্ফুল্লিত দেখিলে। তেওঁ
যেন হঠাতে আগতকৈ বহু খিনি সুস্থ হৈ উঠিছে। এটা দীঘলীয়া যাত্ৰাৰ ববে তেওঁ যেন
সম্পূৰ্ণ সাজু হৈ উঠিছে। তেওঁক দেখি তাইৰ মনটো বৰ ভাল লাগি গ'ল।
এঞ্জেলাই অনুপমাক আইতাকৰ কাৰণে বেগ দুটা খুলি ভৰাই
থোৱা কাপোৰ, দৰৱ, পথ্য আদি
দেখুৱালে। আইতাকক লব লগা যতন সমুহ আৰু খুৱাব লগীয়া দৰৱ সমুহৰ বিষয়ে অনুপমাই নোট
বুকত লিখি ল’লে। কোনটো দৰৱ কোন সময়ত খুৱাব লাগিব, ব্লাড প্ৰেছাৰ আৰু ছুগাৰ সাধাৰণ অৱস্থাত কিমান থাকে সকলো কথা তাই এঞ্জেলাৰ
পৰা জানি ল'লে।
আইতাক ফুৰিবলৈ যোৱা কেইদিন এঞ্জেলাৰ ছুটী। তাই সেই
কেইদিন ঘৰতে থাকিব আৰু সুবিধা পালে অন্য পাৰ্ট টাইম চাকৰি কৰিব।
সন্ধিয়া ক্লাৰাই ক’লে,
“অক্সফোৰ্ডতকৈ লণ্ডনত ঠাণ্ডা কম। ইয়াত অক্সফোৰ্ডৰ দৰে বৰফ পৰা নাই।
ব’লা আমি তিনিওটাই অলপ ফুৰি আহোঁ”।
অনুপমাই ক’লে, “ঠাণ্ডাত ওলাই যোৱা মোৰ অভ্যাস নাই। গ’লে মোৰ বেমাৰ হ’ব। তোমালোক দুয়ো ওলাই যোৱা। মই আইতাৰ ওচৰতে বহোঁ”। ক্লাৰাই কেভিনৰ হাতত ধৰি অনুপমালৈ চাই হাঁহি মাৰি ক’লে,
“চিন্তা নকৰিবা, আমি সোনকালেই আহিম”।
দুয়ো ওলাই যোৱাৰ পিছত অনুপমা আইতাকৰ লগত ঘৰৰ ভিতৰতে
থকা জুহালৰ ওচৰত বহিল। তাই আইতাকৰ লগত একান্ত মনে কথা পাতিবলৈ এইখিনি সময়ৰ বাবেই
অপেক্ষা কৰি আছিল।
ঠাণ্ডা বেছি হৈ অহা কাৰণে এঞ্জেলাই জুহালৰ জুইকুৰা
অলপ বঢ়াই দিলে।
আইতাকে অনুপমাৰ মুৰত হাত বুলাই ক’লে,
“তুমি মোৰ কাৰনে যিমান কৰিছা, মোৰ নিজৰ জী
এজনী থাকিলেও হয়তো ইমান খিনি নকৰিলে হেতেন। মই তোমাক কি বুলি আশীৰ্বাদ দিম বুজিয়েই
পোৱা নাই”।
আইতাকৰ হাত এখন নিজৰ হাতত লৈ তাই ক’লে, “মোৰ মা নাই। মই সৰু থাকোঁতেই মা ঢুকাল। আইতাকো মই বেছিকৈ নাপালোঁ। মোৰ এনে
লাগে আপুনিয়েই যেন মোৰ আইতা। মই ভগৱানৰ ওচৰত কৃতজ্ঞ যে তেওঁ আপোনাৰ দৰে এগৰাকী
আইতা দিলে”।
আইতাক হঠাতে যেন ভাবুক হৈ পৰিল। তেওঁ ক’লে,
“তোমাৰ পঢ়া শেষ হ’লে তুমিতো আকৌ ভাৰতলৈ ঘুৰি
যাবা। তুমি ওচৰতে আছা কাৰনে মাজে মাজে লগ পাই আছোঁ, ভাৰতলৈ
গুচি গ’লে আৰু হয়তো লগ পোৱাই নহ’ব।
অৱশ্যে তুমি উভতি যোৱাৰ আগতে ময়েই কিজানি এই পৃথিৱীৰ পৰাই যাবগৈ পাৰোঁ”।
অনুপমাৰ বুকুখনো যেন হঠাতে মোচৰ খাই উঠিল। আইতাকক তাই
যেন হেৰুৱাব নিবিচাৰে। আইতাকৰ লগত তাইৰ
গঢ়ি উঠা আত্মীয়তা খিনি হেৰুৱাই পেলালে তায়ো যেন নিঠৰুৱা হৈ পৰিব।
“আইতা, মই য’তেই নাথাকোঁ কিয়, আপোনাৰ লগত সদায় সম্পৰ্ক ৰাখিম। লগ
পাব নোৱাৰিলেও ফোনত কথা হ’ম। যদি সম্ভৱ হ'লহেঁতেন, মই আপোনাক মোৰ লগতে ৰাখিলোঁ হেতেন আইতা”,
থোকাথুকি মাতেৰে অনুপমাই ক’লে।
"মোৰো মন যায় আইজনী, তোমাক
ওচৰত পাই থাকোঁতেই যেন মই মৰিব পাৰোঁ"। আইতাকে তাইত হাতখন খামুচি ধৰি ক'লে
"তেনেকৈ নক'ব আইতা। আপুনি
বহুত দিন জীয়াই থাকিব। আপোনাক মই ইমান সোনকালে মৰিবলৈ নিদিওঁ"। অনুপমাৰ চকু
দুটা চলচলীয়া হৈ পৰিল।
আইতাকলৈ চাই তাই ক’লে,
“মোৰ এটাই ভাল লাগিছে যে মই আপোনাৰ জীৱনৰ এটা ডাঙৰ সপোন, অসম খন আকৌ এবাৰ চাই অহাৰ হেপাহ পূৰণ কৰিব পাৰিম”।
আইতাকে চকুদুটা মুদি দিলে। তেওঁৰ ওঁঠেৰে এটা মৃদু
হাঁহি ওলাই আহিল।
অলপ ৰৈ আইতাকলৈ চাই তাই ক’লে,
“আইতা, আপুনি ওৰেটো জীৱন অসমতে থাকি গ’লে সুখী হ’ল হেঁতেন নে”?
আইতাকে তাইৰ পিনে মৰমলগাকৈ চালে।
“সেই কথা মই কেনেকৈ ক’ম। মই মাথোন ক’ব পাৰোঁ যে সেই দিন কেইটাৰ স্মৃতিয়ে
মোক এতিয়াও আমনি কৰে”।
“মই বুজিছোঁ আইতা”, তাই আইতাকৰ গাত ধৰি ক’লে।
“এটা কথা সঁচা যে, গোটেই জীৱন মই কিবা এটা নোপোৱাৰ বেদনাতে তিল তিল কৈ ভুগি থাকিলোঁ। সকলো
পায়ো যেন জীৱনত একো নাপালোঁ”। আইতাকৰ মাতটো
আবেগত ভৰি আহিল।
আইতাকৰ কথাত অনুপমা যেন চক খাই উঠিল। আইতাকৰ নোপোৱাৰ
বেদনা? এই নোপোৱাৰ বেদনা
খিনিৰ মৰ্ম বুজিবলৈ তাইৰ যেন অসুবিধা হ’ল।
“অসমতে থাকি যাব পৰা হ’লে কিজানি ভাল আছিল। কিন্তু মোৰ থাকি যাবলৈ কোনো উপায় নাছিল। মোৰ ইমান
সাহস নাছিল যে মা দেউতাৰ সন্মতি নোহোৱাকৈ পৱিত্ৰৰ লগত….”, কিবা
ক’ব বিচাৰিও তেওঁ হঠাতে ৰৈ গ’ল।
তেওঁক যেন শোকে খুন্দা মাৰি ধৰিলে। হাতৰ ৰুমাল খনেৰে
তেওঁ চকু দুটা মোহাৰি ল’লে।
আইতাকৰ চকুপানী দেখি অনুপমাৰো চকু চলচলীয়া হ'ল।
তাই কিছুপৰ আইতাকক সাবটি ধৰি থাকিল। কিন্তু আইতাকৰ মনৰ কথাবোৰ জানিবলৈ তাইৰ বৰ
আগ্ৰহ হ'ল।
“পৱিত্ৰই আপোনাক বিয়াৰ প্ৰস্তাৱ দিছিল
নেকি আইতা”? অনুপমাই সৰু মাতেৰে আইতাকক সুধিলে।
আইতাকৰ চকুযুৰি উজ্জ্বলি উঠিল। অলপমান ৰৈ তেওঁ ক’লে,
“নাই, নাই, তাৰ সাহস নহ’ল। মই আশা কৰিছিলোঁ, কিন্তু সি সাহস কৰিবই নোৱাৰিলে"।
অনুপমাৰ বুকুখন বিষাই গ'ল। আইতাকৰ বেদনাখিনি তাই যেন অনুভৱ কৰিব পাৰিলে। কাৰোবাৰ
মুখত শুনিবলৈ বাট চাই থকা কথাখিনি শুনিবলৈ নোপোৱাৰ দুখ খিনি তাই বুজি পায়।
অলপ ৰৈ আইতাকে লাহে লাহে ক'লে,
"সি নক’লেও পিছে মই জানিছিলোঁ, সি মোক ভাল পাইছিল। সি প্ৰতিবাৰেই মোক লগ কৰিবলৈ আহোঁতে মই তাৰ চকুত
দেখিছিলোঁ মোৰ প্ৰতি থকা তাৰ আকুলতা”।
আইতাকৰ মুখত লাজুকীয়া হাঁহি এটা বিৰিঙি উঠিল।
অনুপমাৰো মুখতো হাঁহি ফুটি উঠিল। "অ' আইতা, আপুনিও তেওঁৰ প্ৰেমত পৰিছিল", এই বুলি তাই
তেওঁক আকৌ সাবটি ধৰিলে।
“সি একেবাৰে গাঁৱলীয়া চহা ল’ৰা আছিল। ভালপোৱা কেনেদৰে প্ৰকাশ কৰিব লাগে সি নাজানিছিল। মই অসম এৰি অহাৰ
কথা যেতিয়া তাক কৈছিলোঁ, তাৰ চকু দুটা চলচলীয়া হৈ
গৈছিল"।
"তেতিয়া তেওঁ আপোনাক একো কোৱা নাছিল আইতা"?
"চকু দুটা চলচলীয়া হ’লেও
সি মোক হাঁহি হাঁহিয়েই কৈছিল, যোৱাৰ আগতে সি মোক
ব্ৰহ্মপুত্ৰৰ শিহু বোৰ দেখুৱাব। শিহুবোৰ হেনো তাৰ বৰ মৰমৰ, বৰ
আপোন। শিহুবোৰ মোক দেখুৱাবলৈ তাৰ হেনো বৰ মন গৈছিল"। আইতাক অলপ ৰ'ল। তেওঁ পানী খাব বিচাৰিলে। অনুপমাই তেওঁক লাহে লাহে পানী খুৱাই দিলে।
"সেই বছৰ হেনো ব্ৰহ্মপুত্ৰত শিহু বহুত বেছিকৈ
ওলাইছিল। ডিব্ৰুগড়ৰ ঘাটৰ পৰাই বহুত শিহু দেখা গৈছিল। সি মোক কৈছিল হাতেৰে চলোৱা
নাৱত উঠি গৈ বঠা নমৰাকৈ নৈৰ মাজত ৰৈ দিলে শিহুবোৰ ওচৰতে দেখা যায়”। আইতাকৰ কণ্ঠ যেন উচ্ছাসিত হৈ উঠিল।
“আপুনি শিহু চাবলৈ গ’ল নে আইতা”, অনুপমাই সুধিলে।
“মোৰো ইচ্ছা হৈছিল শিহুবোৰ ওচৰৰ পৰা
চাবলৈ। সি ইমান আগ্ৰহ কৰিছিল যে তাৰ মন ৰাখিবলৈকে এদিন মই তাৰ লগত নৈৰ পাৰলৈ ওলাই
গৈছিলোঁ, অকলে। সেইদিনা অনুৰাধা অহা নাছিল”, জ্বলি থকা জুইকুৰাৰ পিনে চাই আইতাক অলপ পৰ নিৰৱ হ’ল।
"আপুনি অকলে তাৰ লগত যাবলৈ অনুমতি পইছিল নে
আইতা"? অনুপমাই ধেমালিৰ সুৰত ক'লে।
"অনুমতি লোৱা নাছিলোঁ। মেখেলা চাদৰ এজোৰ পিন্ধি
ওৰণিৰে মুখ ঢাকি ওলাই যাওঁতে দাৰোৱানে ধৰিবই নোৱাৰিলে। গাৱঁৰ কোনোবা তিৰোতা বুলি
ভাবিলে। সেইবাৰেই প্ৰথম ঘৰৰ পৰা কাকো নজনোৱাকৈ ওলাই গৈছিলোঁ"। আইতাকৰ মুখত
এটা মিচিকিয়া হাঁহি বিৰিঙি উঠিল।
“সেই দিনটো এতিয়াও চাগে আপোনাৰ মনত পৰে,
নহয়নে আইতা”?
“এৰা, ভালদৰেই
মনত আছে। সি পাৰত ৰৈ থকা নাও এখন লৈ নিজে বঠা মাৰি মোক নৈৰ মাজলৈ লৈ গৈছিল। কোনোবা
এঠাইত সি বঠা নমৰাকৈ ৰৈ গৈছিল। সি কৈছিল, শিহু চাবলৈ হ'লে একেবাৰে শব্দ নকৰাকৈ ৰৈ থাকিব লাগে।
সঁচাকৈয়ে এজাক শিহুৱে যেন আমাৰ নাওখন আগুৰি ধৰিছিল। নাৱৰ চাৰিওপিনে
কেইবাটাও শিহুৱে এবাৰ ওলাই, এবাৰ সোমাই পানীত খেলি আছিল। শিহু
যে দেখিবলৈ বহুত খিনি কিতাপৰ ছবিত দেখা সাগৰীয় ডলফিনৰ দৰে সিদিনা ওচৰৰ পৰা দেখিহে
গম পাইছিলোঁ। মই অভিভূত হৈ পৰিছিলোঁ”। আইতাক অলপ সময় ৰ’ল।
জুইকুৰাই
কোঠাটো বেছ তপত কৰি তুলিছিল। অনুপমাই এঞ্জেলাক কৈ জুইকুৰা অলপ কমাই দিয়ালে।
এঞ্জেলাই দুয়োকে দুবাটি চুপ দি গ’ল। আইতাকে বাটিৰপৰা নিজে নিজে চামুচেৰে খাব পৰা হৈছে।
“তাৰ পিছত কি হ’ল
আইতা”? অনুপমাই আগ্ৰহেৰে সুধিলে।
“সেইদিনা নাৱৰ পৰা আহি আমি বহুত দেৰি
পাৰতে বহি আছিলোঁ। আমি দুয়ো বহুত পৰ একো কথা পতা নাছিলোঁ। দুয়োৰে মনত দুখ লাগিছিল।
আকৌ কেতিয়া দেখা হ’ব আমি দুয়ো নাজানিছিলোঁ”।
“সেই সময়ত তেওঁ একো কথা নক’লে নেকি আইতা”?
“সি মোক সুধিছিল, ‘তুমি কেতিয়াবা আকৌ আমাৰ ইয়ালৈ আহিবানে’? মই একো
নভবাকৈয়ে কৈ পেলাইছিলোঁ, ‘মই আহিম। মই এদিন নিশ্চয় আহিম’"।
"আপুনি ঘূৰি আহিম বুলি তেওঁক কথা দিছিল
আইতা"? অনুপমাই আইতাকৰ মুখলৈ চাই সুধিলে।
"এৰা, ময়ো অন্তৰৰ পৰা
বিচাৰিছিলোঁ আকৌ ঘূৰি যাবলৈ। সেই কাৰণেই হয়তো নভবাকৈয়ে কৈ পেলাইছিলোঁ ঘূৰি আহিম
বুলি"।
"তেতিয়া, তেওঁৰ
প্ৰতিক্ৰিয়া কেনে আছিল আইতা"?
"মই ঘূৰি আহিম বুলি কোৱাত তাৰ মুখখন উজ্জ্বলি
উঠিছিল। সি লাহেকৈ কৈছিল, ‘তুমি আহিলে মোক এবাৰ বিচাৰি আহিবা
নেন্সী। মই তোমাৰ কাৰণে অপেক্ষা কৰিম’”।
অনুপমাৰ চকু দুটা ভৰি আহিল।
“আপুনি তেওঁক আৰু কিবা ক’লেনে আইতা”? তাই সুধিলে।
“সেইদিনা সি মোক ঘৰত থৈ যাবৰ সময়ত মই
তাক এটা উপহাৰ দিছিলোঁ। মই অঁকা এখন পেইণ্টিং”।
“পেইণ্টিং। আপুনি নিজে অঁকা পেইণ্টিং
আইতা”? অনুপমাই এই
শিহৰণ অনুভৱ কৰিলে।
“এৰা,
সি মোলৈ মেখেলা চাদৰ এযোৰ আনিছিল, কিন্তু মোৰ
তাক দিবলৈ একোকে নাছিল। সেয়ে পেইণ্টিং খনকে দিছিলোঁ। মই নিজে অঁকা পেইণ্টিং"।
"আপুনি ছবি আঁকিছিল, আইতা?
পেইণ্টিং কৰিছিল"? অনুপমাই আচৰিত হোৱাৰ
দৰে ক'লে।
"আজৰি পৰত মই কাগজত ৰং বোলাই ভাল পাইছিলোঁ। পেইণ্টিং
কৰিছিলোঁ। মনৰ কথাবোৰ ছবিত আঁকিছিলোঁ"। আইতাকে ক'লে।
"পেইণ্টিং খন লৈ তেওঁ কি কৈছিল আইতা"?
"পেইণ্টিং খন হাতত লৈ সি মোক কৈছিল, মোৰ
স্মৃতি হিচাপে সেইখনকে সি সদায় সযতনে ৰাখিব”।
No comments:
Post a Comment