কেভিন আৰু ক্লাৰা উভতি অহাত পলম কৰিছে। বতৰ বেয়া হৈ
আহিছে। এঞ্জেলাই আহি অনুপমাক জনালে যে টেলিভিচনত খবৰ দি আছে সোনকালেই হেনো বৰফৰ
ধুমুহা আহিব পাৰে। সেয়েহে সকলোকে সোনকালে ঘৰৰ ভিতৰত সোমাই থাকিবলৈ সকীয়নি দিছে।
অনুপমাৰ অলপ চিন্তা হ’ল।
এইখন দেশত বৰফৰ ধুমুহা কিমান ভয়ংকৰ হ'ব পাৰে তাই জানে। খুব
ডাঙৰ ধুমুহা হ'লে দুদিনমানলৈ যাতায়াত, বিমান
সকলো বন্ধ হৈ যাবও পাৰে। তাই ক্লাৰালৈ ফোন কৰিলে।
“আমি এইমাত্ৰ ষ্টোৰ এখনৰ পৰা ওলাইছোঁ।
গৈ আছোঁ। তুমি ভয় নাখাবা পমা। বতৰ এতিয়াও সিমান বেয়া হোৱা নাই। ধুমুহা এতিয়াও আৰম্ভ হোৱা নাই”। ক্লাৰাই ক’লে।
অলপ সময় পিছত দুয়ো বৰফত জলৌ জপৌ হৈ বেগ কেইটামান
কঢ়িয়াই কোনোমতে আহি ঘৰ সোমাল। আহি বৰফবোৰ জাৰি জোকাৰি দুয়ো জুহালৰ ওচৰলৈ আহিল।
তেতিয়া মৃদু ভাৱে ধুমুহাজাক আৰম্ভ হৈছে।
“তোমালোকে কি বজাৰ কৰিলা”, অনুপমাই আগ্ৰহেৰে সুধিলে।
“মোৰ কেমেৰাটোৰ কাৰণে ভাল ট্ৰাইপড এটা
বিচাৰিলোঁ। এডাল খুব ধুনীয়া ট্ৰাইপড পাই গ'লোঁ জানা। কেমেৰাৰ
বেটাৰীটোও সলনি কৰিব লগীয়া আছিল। বস্তু কেইটা বিচাৰি থাকোঁতে দেৰি হ’ল। কেভিনে আংকলৰ কাৰণে ছাৰ্ট কিনিলে”। ক্লাৰাই ক’লে।
“কোন আংকল”? অনুপমা
আচৰিত হ’ল।
“তোমাৰ দেউতা আকৌ। সি ক’লে আংকলৰ কাৰণে এটা উপহাৰ নিলে তেওঁ ভাল পাব”।
“তোমালোকো যে আৰু। মই দেউতাৰ কাৰণে
উপহাৰ লৈছোঁৱেই”।
“মই কেভিনক ইমান ক'লো, আংকলক তুমি দেখাই নাই, তুমি
কি জোখত কাপোৰ ল'বা। সৰু বা ডাঙৰ হ'লে
কি কৰিবা? সি ক’লে সি তোমাৰ এলবামত
আংকলৰ ফটো দেখিছে। সেই কাৰণে জোখটো সি ধৰিব পাৰিছে”। ক্লাৰাই ক’লে।
“বেছি দামী উপহাৰ নহয়। আশা কৰিছোঁ
আংকলে উপহাৰটো ভাল পাব”। হাত দুখন জুহালত
সেকি কেভিনে ক’লে।
"আৰু সি কি আনিছে জানা পমা, চাবিৰ
ৰিং, টুপী, চিগাৰেট লাইটাৰ, সৰু টৰ্চ এনেকুৱা কম দামী কিছুমান উপহাৰ। মই ইমান ক'লোঁ,
এইবোৰ উপহাৰ লৈ একো লাভ নাই, সি নুশুনে। সি হেনো
ভাৰতত লগ পোৱা মানুহবোৰক এইবোৰ উপহাৰ দিব"। ক্লাৰাই খিলখিলাই হাঁহি ক'লে।
দেউতাকৰ প্ৰতি আৰু ভাৰতৰ মানুহৰ প্ৰতি কেভিনৰ
আন্তৰিকতাখিনি অনুপমাই মনে মনে উপভোগ কৰিলে। তাইৰ ওঁঠত হাঁহি বিৰিঙি উঠিল।
ক্লাৰালৈ চাই তাই সুধিলে, "তুমি আৰু কি কিনিলা"?
“মই এসোপামান চকলেট কিনিলোঁ। কাৰোবাক
উপহাৰ দিব লাগিলে দিব পাৰিম। নহ’লে নিজে খাম। মোৰ চিগাৰেটৰ
যোগাৰ খিনি লৈ থ'লো"। ক্লাৰাই হাঁহি মাৰি ক’লে।
“আজি ৰাতি খাবলৈ টাৰ্কী আনিছোঁ।
এঞ্জেলা তুমি মোনাটো চাই লোৱাঁ”। কেভিনে ক’লে।
এঞ্জেলাই খোৱাৰ যোগাৰ কৰিছিলেই। আধা সিজোৱা টাৰ্কীৰ
মঙহ তৈয়াৰ কৰিবলৈ তাইৰ বেছি সময় নালাগে। মাইক্ৰ'ৱেভত
গৰম কৰিলেই হ'ব। তাই মোনাটো ভিতৰলৈ নি আটাইৰে কাৰণে বাটিত
গৰম চুপ লৈ আহিল। কেভিন আৰু ক্লাৰা পোছাক
সলাবলৈ ভিতৰৰ কোঠালৈ গ’ল। এঞ্জেলা ৰাতিৰ আহাৰ তৈয়াৰ কৰাত
ব্যস্ত হৈ পৰিল।
খোৱা বোৱাৰ যোগাৰ হোৱাৰ পিছত এঞ্জেলা অনুপমাৰ ওচৰলৈ
আহিল। “মোক আজি ছুটী দিব পাৰিবানে”?
অনুপমাই হাঁহি মাৰি ক’লে,
“নিশ্চয়। মই আছোঁ যেতিয়া তুমি নিশ্চিন্ত মনে যাব পাৰা”।
কেভিনক নোসোধাকৈয়ে এঞ্জেলাক তাই ছুটী
দি দিলে। তাই ভাবিলে এইখিনিৰ কাৰণে কেভিনে অন্তত: তাইক বেয়া নাপায়।
“ধন্যবাদ। মই খোৱা বোৱা সাজু কৰি থৈছোঁৱেই”। এঞ্জেলাৰ মনটো প্ৰফুল্লিত হৈ উঠিল।
“তোমাৰ ঘৰত সকলোৰে ভাল নে এঞ্জেলা”?
অনুপমাই সুধিলে।
যাবলৈ ওলায়ো এঞ্জেলা ৰৈ গ’ল।
তাইৰ চকু দুটা সেমেকি উঠিল। অনুপমাৰ ওচৰলৈ আহি তাই ক'লে,
“মোৰ ভাইটিৰ আজি জন্মদিন। মই গ’লে সি খুব ভাল
পাব। মোৰ ঘৰৰ খবৰ লোৱাৰ বাবে তোমাক বহুত ধন্যবাদ”।
অনুপমাই ভাবিলে, এইখন দেশত
মানুহে আনৰ ব্যক্তিগত কথা নোসোধে, ব্যক্তিগত কথা সোধাটো
শিষ্টতাৰ বাহিৰত বুলি ভাবে। কিন্তু সোধা হ’লে মানুহবোৰ চাগে
কিমান সুখী হ’লহেঁতেন।
“ভাইটিৰ জন্মদিন খুব ভালদৰে উদযাপন
কৰিবা। খুব ফূৰ্তি কৰিবা। কাইলৈ ৰাতিপুৱা তোমাক লগ পাম”। ঘৰৰ মানুহে কোৱাৰ দৰেই কথাখিনি ক’লে
অনুপমাই।
এঞ্জেলাই অনুপমাৰ হাত দুখন কৃতজ্ঞতাত সাবটি ধৰিলে। আইতাকক খুৱাবলগীয়া দৰৱ
কেইটাৰ বিষয়ে বুজাই দি তাই গ'লগৈ।
আইতাকৰ কাষৰ বিছনাখনতে অনুপমাৰ শোৱাৰ ব্যৱস্থা হ’ল।
কেভিন আৰু ক্লাৰা আলহী থকা কোঠাত থাকিল।
ৰাতিলৈ ধুমুহা নাইকিয়া হ'ল।
অমুপমাই ভয় খাই আছিল, ধুমুহাৰ কাৰণে । কেনেবাকৈ এয়াৰপোৰ্ট
বন্ধ হৈ গ'লে পিছদিনাৰ যাত্ৰাই বাতিল হ'ব পাৰে। তাই বাৰে বাৰে ভগৱানক খাটিলে, পিছদিনা বতৰ
যেন ভাল হয়।
খোৱা বোৱা হোৱাৰ পিছত অনুপমা আইতাকৰ ওচৰত বহিল। তাইৰ
টোপনি ধৰি আহিছিল। আগনিশাও পঢ়াৰ চিন্তা আৰু
যাত্ৰাৰ উদ্বেগত তাইৰ ভাল টোপনি নহ’ল।
পিছে আইতাকৰ জীৱনৰ কাহিনী তাইৰ কাৰণে টোপনিৰ আমেজতকৈ
বেছি মনোগ্ৰাহী। আইতাকৰ জীৱনৰ বহু কথা জানিবলৈ তাইৰ এতিয়াও বাকী আছে।
আইতাকে অকলশৰে তাইক ওচৰত পালে পুৰণি দিনলৈ উভতি
যায়গৈ। তাইৰ শুনাৰ আগ্ৰহে তেওঁক কথাবোৰ আকৌ এবাৰ পাগুলি মনত পেলাই ল’বলৈ
উত্সাহ দিয়ে।
“আইতা, আপোনাৰ
টোপনি ধৰিছে নেকি? আপুনি শোৱক, মই
আপোনাৰ মূৰত হাত বুলাই দিছোঁ”, এই বুলি অনুপমাই আইতাকৰ মূৰত
হাত থ’লে।
“মোৰ আজি টোপনি ধৰা নাই আইজনী। মোৰ
কেনে লাগিছে মই তোমাক হয়তো বুজাব নোৱাৰিম। মই যেন বিশ্বাসেই কৰিব পৰা নাই যে মই
আকৌ অসমলৈ ঘূৰি যাম”। আইতাকৰ চকু মুখ
উজ্জ্বলি উঠিল।
"অসমলৈ এবাৰ ঘূৰি যোৱাটো মোৰ বহুদিনৰ সপোন। পিছে
মই আশা এৰি দিছিলোঁ"। আইতাকে অনুপমালৈ চাই ক'লে।
“কিন্তু আপুনিতো এদিন অসমলৈ ঘূৰি যাব
লগীয়া আছেই। আপুনিযে কাৰোবাক কথা দি আহিছিল। কোনোবাই কিজানি এতিয়াও আপোনালৈ বাট
চাই আছে”। কথাখিনি হাঁহি হাঁহি কওঁতেও
অনুপমাৰ চকুযুৰি চলচলীয়া হ'ল।
আইতাকৰ চকুযুৰি সেমেকি উঠিল। "তুমি বিশ্বাস
কৰানে কোনোবাই সঁচাকৈয়ে মোৰ বাবে বাট চাই থাকিব পাৰে"।
"পাৰে আইতা। কিয় নোৱাৰে? যদি
সঁচাকৈয়ে আছে কিমান যে ভাল লাগিব, নহয়নে আইতা"।
"নাই অনুপমা। এতিয়া বহুত দেৰী হৈ গ'ল। মই বহুত পলম কৰিলোঁ। মোলৈ বাট চাই
কোনো হয়তো এতিয়া বাচি থকা নাই"। তেওঁৰ কণ্ঠ যেন আবেগত ভৰি আহিল।
অনুপমাই তেওঁৰ হাত দুখন খামুচি ধৰিলে।
আইতাকে লাহে লাহে কৈ গ’ল,
“তুমি চাগে ভাবিছা, মই পৱিত্ৰক কিয় উভতি যাম
বুলি কথা দি কথা নাৰাখিলোঁ। একো নভবাকৈয়ে
কথাষাৰ কৈছিলোঁ যদিও বহুদিনলৈ মই অসমলৈ উভতি যাম বুলি এটা ক্ষীণ আশা মনত পুহি
ৰাখিছিলোঁ”।
“সঁচা আইতা? আপুনি
আকৌ অসমলৈ যোৱাৰ পৰিকল্পনা কৰিছিল?” অনুপমাৰ চকু মুখত
উত্তেজনাই ভিৰ কৰিলে।
“খ্ৰিষ্টিয়ান মিছনেৰীৰ কাম কাজ কৰিবলৈ
মই অসমলৈ ঘূৰি যাম বুলি মনতে পাঙিছিলোঁ। মোৰ নাৰ্চিং বিদ্যাই এই ক্ষেত্ৰত মোক সহায়
কৰিব বুলি ভাবিছিলোঁ। মই ভাবিছিলোঁ ভাৰতলৈ গৈ দুখীয়া দৰিদ্ৰ মানুহৰ সেৱাত জীৱনটো
কটাই দিম। হয়তো আকৌ ঘূৰি যাম বুলি ভাবিছিলোঁ সেই চাহ বাগিচাৰ মানুহবোৰৰ
মাজলৈ"।
"আপুনি গ'লে হয়তো
আটাইবোৰকে আকৌ লগ পালেহেঁতেন"। অনুপমাই ক'লে।
"কিন্তু মই যাব নোৱাৰিলোঁ, মোৰ
জীৱনৰ চকৰি এনেদৰে অন্য দিশত ঘূৰিবলৈ ল’লে যে অসমলৈ ঘূৰি যোৱাৰ কোনো বাটেই মই বিচাৰি নাপালোঁ”। কথা কৈ দীঘল দীঘল দুটামান উশাহ লৈ তেওঁ অলপ পানী
খাবলৈ বিচাৰিলে। অনুপমাই লাহে লাহে তেওঁক পানী খুৱাই দিলে।
“আমি যেতিয়া লণ্ডনলৈ আহোঁ, তেতিয়া দ্বিতীয় মহাসমৰৰ সময়। লণ্ডনত সকলো পিনে যুদ্ধৰ বিভীষিকা"।
"সেয়া চাগে ১৯৪০ চন মানৰ কথা নহয়নে আইতা"।
"এৰা, তেনেকুৱাই হ'ব। আমি যিটো চুবুৰীত আছিলোঁ, সেই চুবুৰীটোৰ বহু
কেইটা ঘৰ যুদ্ধত বিধ্বস্ত হৈছিল। যুদ্ধত আঘাতপ্ৰাপ্ত সৈনিক আৰু সাধাৰণ মানুহৰ
কাৰণে কেইবাটাও চিকিত্সা শিবিৰ স্থাপন কৰা হৈছিল। দেউতা চিকিত্সক আৰু মই নাৰ্চ
হোৱা কাৰণে আমিও সেই শিবিৰ বিলাকত নিজৰ সেৱা
অৰ্পণ কৰিব লগীয়া হৈছিল"।
"যুদ্ধৰ সময়ৰ কথা। কিমান চাগে কষ্টৰ আছিল দিনবোৰ"। অনুপমাই যেন সেই দিনবোৰৰ বিষয়ে অনুমান কৰিবলৈ চেষ্টা কৰিলে।
"সেই সময়ত খাদ্য, বস্ত্ৰ
সকলোৰে ব্যৱহাৰত ৰেচন প্ৰয়োগ কৰা হৈছিল। মানুহে নিৰ্ধাৰিত পৰিমাণৰ খাদ্য খাব পাৰিছিল আৰু নিৰ্ধাৰিত দামৰ
কাপোৰহে কিনিব পাৰিছিল। সকলো মানুহে পৰিচয় পত্ৰ সম্বলিত বেজ পৰিধান কৰিব লগীয়া
হৈছিল”। আইতাকে লাহে লাহে কৈ গ'ল।
“দ্বিতীয় মহাসমৰৰ বিষয়ে মই পঢ়িছোঁ
আইতা। সেই সময়ত মানুহৰ বিলাই বিপত্তিৰ কথা মই জানো”। অনুপমাই ভৰি কোঁচাই বিছনাত বহি ল’লে।
“লণ্ডন চহৰখন শত্ৰু পক্ষৰ বোমা বৰ্ষণৰ
মূল লক্ষ্য হৈ পৰিছিল। সেই কাৰণে চৰকাৰে লণ্ডন চহৰ এৰি অন্য সুৰক্ষিত ঠাইলৈ যাবলৈ
পৰামৰ্শ দিছিল। চৰকাৰে ঠায়ে ঠায়ে মাটিৰ তলত লুকাব পৰা বাংকাৰ সাজি দিছিল। আমাৰ ঘৰৰ
ওচৰতো তেনে এটা বাংকাৰ সজা হৈছিল। সেই বাংকাৰবোৰৰ নাম এটা আছিল। কি জানো আছিল
নামটো"। আইতাকে কথাটো মনত পেলাবলৈ চেষ্টা কৰিলে।
"এণ্ডাৰছন ছেলটাৰ নহয় জানো আইতা"? অনুপমাৰ
চকুদুটা উজ্জ্বলি উঠিল।
"এৰা ঠিকেই। মনত পৰিছে। এনে বাংকাৰক ‘এণ্ডাৰছন
ছেলটাৰ’ বুলিয়েই কোৱা হৈছিল”। আইতাকৰ মনত পৰি গ'ল।
“মই এই কথাটো ক'ৰবাত
পাইছিলোঁ। বোমা বৰ্ষণ আৰম্ভ হ’লেই মানুহবোৰে দৌৰি গৈ ‘এণ্ডাৰছন ছেলটাৰ’ত আশ্ৰয় লৈছিল। আপোনালোকো সেই বাংকাৰত সোমাব লগীয়া হৈছিল নেকি আইতা”?
“আমাৰ পৰিয়ালটোৰ ক'লৈকো পলাই যোৱা নহ’ল। মা আৰু মাৰ্গাৰেটে ভীষণ সংশয়ৰ
মাজত ঘৰতে আছিল। বোমা বৰ্ষণ আৰম্ভ হ’লেই তেওঁলোকে দৌৰ মাৰি
গৈ বাংকাৰত সোমাইছিল"।
"আৰু আপুনি"?
"মই আৰু দেউতাই
আহত মানুহ বোৰৰ মাজত শিবিৰে শিবিৰে চিকিত্সা কৰি ঘূৰি ফুৰিছিলোঁ”, কথাবোৰ মনত পেলাই আইতাকৰ চকুযুৰি যেন মুদ খাই আহিল।
কথাবোৰ কৈ যাওঁতে আইতাক মাজে মাজে ভাগৰি পৰে। অলপ সময়
তেওঁ মনে মনে থাকিল। পুৰণি কথাবোৰ ৰোমন্থন কৰিবলৈ তেওঁৰ যেন অলপ অসুবিধা হয়।
অনুপমাই উদ্গ্ৰীৱ হৈ আইতাকৰ মুখলৈ চাই থাকিল। তেওঁ
আকৌ কথা কবলৈ সাজু হ'বলৈ তাই বাট চালে।
অলপ সময় ৰোৱাৰ পিছত তেওঁ লাহে লাহে ক’বলৈ
ধৰিলে, “তাৰ পিচত আহিছিল ১৯৪১ চনৰ ১০ মে’ৰ সেই অভিশপ্ত নিশাটো। সেই নিশাটো ইমান ভয়ংকৰ হ'ব
পাৰে বুলি কোনেও ভাবিবই পৰা নাছিল"।
অনুপমাৰ বুকু খন চিৰিংকৈ গ'ল।
এক অজান আশংকাই যেন তাইক আৱৰি ধৰিলে।
"সেইদিনা বহু ঘণ্টা জুৰি গুলী বা বোমাৰ শব্দ
কোনেও শুনা নাছিল। পৰিস্থিতি কিছু স্বাভাৱিক হ’বলৈ ধৰা দেখি মা
আৰু মাৰ্গাৰেট সেই নিশা বাংকাৰত শুবলৈ যোৱা নাছিল। মই আৰু দেউতায়ো আমি থকা কেম্পত
কথা পাতিছিলোঁ, যুদ্ধৰ চাগে অৱসান হ'ল।
সোনকালেই হয়তো আমি ঘৰলৈ যাব পাৰিম"। আইতাকে লাহে লাহে কৈ গ'ল।
"তাৰ পিছত কি হ'ল
আইতা"? কঁপা কঁপা মাতেৰে অনুপমাই সুধিলে।
"সেই নিশা ১১ মান বজাৰ পৰা হঠাতে হিটলাৰৰ
জাৰ্মান নাৎছিবাহিনীয়ে লণ্ডন চহৰৰ ওপৰত এটাৰ পিচত এটাকৈ কেইবাটাও বোমাৰে আক্ৰমণ
কৰিলে। তেনে এটা বোমা আমাৰ ঘৰটোৰ ওপৰতো পৰিল। সেই বোমাৰ আঘাতত আমাৰ ঘৰটো উৰি গৈছিল
আৰু লগতে নিঃচিহ্ন হৈ গৈছিল মা আৰু মাৰ্গাৰেট…..”। হঠাতে চকু মুখ ঢাকি আইতাকে উচুপি উঠিল।
অনুপমাই তেওঁক
সাবটি ধৰিলে। আইতাকক সাবটি ধৰি তায়ো উচুপি উঠিল। আইতাকৰ জীৱনৰ সেই আঘাত যেন
তাই অনুভৱ কৰিব পাৰিলে।
অলপ সময়ৰ পিছত কিছু শান্ত হোৱাৰ পিছত আইতাকে পুনৰ ক’বলৈ
ধৰিলে, “মা হঁতে বাংকাৰলৈ যাবলৈ কিজানি সময়েই নাপালে।
যুঁজাৰু বিমানৰ শব্দ শুনি তেওঁলোকে হয়তো বাংকাৰলৈ যাবলৈ লৰাধপৰা কৰিছিল। কিন্তু এই
আক্ৰমণ ইমান অতৰ্কিতে হৈছিল যে বেছিভাগ মানুহে তলকিবই নোৱাৰিলে"।
"আপুনি তেতিয়া ক'ত
আছিল আইতা"? অনুপমাই ধীৰ শান্ত কণ্ঠেৰে সুধিলে।
"মই আৰু দেউতা সেনাৰ ছাউনি এটাত থকা অস্থায়ী
চিকিত্সালয় এখনত আছিলোঁ। আমাৰ ওপৰতো বোমা পৰিব বুলি ভাবিছিলোঁ। নপৰিল। আমাকো
ঈশ্বৰে মাৰি নিয়া হ'লেই ভাল আছিল"। আইতাকে পুনৰ এবাৰ
উচুপি উঠিল।
অলপ ৰৈ অনুপমাই ক'লে,
"আপুনি চাগে পিছদিনাহে খবৰ পালে"। আইতাকে কাপোৰ এখনেৰে
চকুপানী মচি ল'লে।
"পিচদিনা ৰাতিপুৱা বোমাবৰ্ষণ শেষ হোৱাৰ পিচত মই
আৰু দেউতা সেনাৰ ছাউনিৰ পৰা উধাতু খাই আমাৰ ঘৰ পাইছিলোঁগৈ। আমাৰ ঘৰটো ধংসস্তুপত
পৰিণত হৈছিল। ধংসস্তুপৰ মাজৰ পৰা আমি মা আৰু মাৰ্গাৰেটৰ মৃতদেহ দুটাও অক্ষত
অৱস্থাত বিচাৰি উলিয়াব নোৱাৰিলোঁ। দেহৰ টুকুৰা কিছুমানহে পালোঁ। প্ৰায় সঠিক অৱস্থাত
বিচাৰি পালোঁ মাথোন ঘৰৰ লোহাৰ আলমাৰীটো, যিটোৰ পৰা দুই
এপদ বস্তু উদ্ধাৰ কৰিব পাৰিলোঁ”। আইতাকৰ আকৌ চকুলো ওলাই আহিল। অনুপমাৰো চকুযুৰি সেমেকি গ’ল।
অনুপমাই আইতাকৰ অৱস্থাটো অনুমান কৰিবলৈ চেষ্টা কৰিলে।
তাইৰ গাৰ নোমবোৰ যেন থিয় হৈ গ'ল।
"আপোনাৰ দেউতাই হয়তো বৰ আঘাত পাইছিল"। অনুপমাই থোকা থুকি মাতেৰে ক'লে।
চকুলোখিনি মচি আইতাকে কৈ গ’ল,
“এই ঘটনাটোত দেউতা সম্পূৰ্ণভাৱে ভাঙি পৰিছিল। এই দুৰ্ভাগ্য সহ্য
কৰাৰ শক্তি তেওঁৰ নাছিল। তেওঁ লাহে লাহে মানসিক ভাৰসাম্যও হেৰুৱাই পেলাইছিল। তেওঁ
ভুল বকিবলৈ আৰম্ভ কৰিছিল। সকলো কথা পাহৰিবলৈ লৈছিল। ডাক্টৰে কৈছিল, তেওঁৰ স্মৃতিশক্তি হেৰুওৱা বেমাৰ হৈছিল। ডিমেনচিয়া আৰম্ভ হৈছিল"।
অনুপমা আকৌ এবাৰ শিয়ঁৰি উঠিল। আইতাকৰ মূৰৰ ওপৰেদি পাৰ
হৈ যোৱা ধুমুহাজাকে তাইকো যেন বিধ্বস্ত কৰিলে। তাই আইতাকৰ হাত দুখন খামুচি ধৰিলে।
"আপোনাৰ চাগে খুব কষ্ট হৈছিল নহয়নে আইতা"?
"তেওঁক অনবৰতে চোৱা চিতা কৰিবলগীয়া হ’ল।
খোজকাঢ়ি ক’লৈ ওলাই যায়, কি কৰে,
তেওঁৰ হুঁচ নাইকিয়া হৈছিল। তেওঁ চৰম হতাশাত ভুগিছিল আৰু স্মৃতিশক্তি
প্ৰায় হেৰুৱাই পেলাইছিল। মই দেউতাক অকলে ক’তো এৰিব নোৱৰা হ’লোঁ। সকলো সময়তে তেওঁক চকুৰ আগত ৰাখিব লগীয়া হ'ল"।
“ঘৰটো ধ্বংস হৈ যোৱাৰ পিছত আপোনালোকে
থাকিল ক’ত”?
“এটা আশ্ৰয় শিবিৰত কেইদিনমান থাকিলোঁ।
লগত পইচা পাতি একো নাছিল। দেউতাক চাব লগীয়া হোৱা কাৰণে কামলৈ ওলাই যাবলৈ মোৰ কাৰণে
সম্ভৱ নাছিল। আশ্ৰয় শিবিৰত যি খাবলৈ দিছিল, তাকেই খাই জীয়াই
আছিলোঁ। সেই দিন কেইটাত মই প্ৰভু যীশুৰ ওচৰত মোক আৰু দেউতাকো মাৰি নিবলৈ প্ৰাৰ্থনা
কৰিছিলোঁ”। আইতাকৰ চকু পুনৰ চলচলীয়া হৈ
পৰিল।
তেওঁ বাগৰ সলালে। পোন হৈ শুই তেওঁ পুনৰ ক’বলৈ
ধৰিলে, “পিছে ভগৱানৰ অন্য কিবা হে পৰিকল্পনা আছিল। আশ্ৰয়
শিবিৰত থকা সময়তে ডেনিছ নামৰ এজন সৈনিকৰ আমাৰ ওপৰত দয়া উপজিল। দেউতাই কোনোবা এটা
শিবিৰত ডেনিছক চিকিত্সা কৰি সুস্থ কৰিছিল। সেয়ে আমি থকা আশ্ৰয় শিবিৰটোলৈ খাদ্য
বিতৰণৰ কাৰণে আহোঁতে দেউতাক সি চিনি পালে। আমাৰ দুৰ্দশাৰ কথা শুনি আমাক সি তাৰ ঘৰলৈ আমাক লৈ গ’ল।
তাৰ ঘৰত আছিল তাৰ পত্নী জেচমিন আৰু এবছৰীয়া ছোৱালী এজনী”।
“তেওঁ চাগে খুব দয়ালু মানুহ আছিল,
নহয়নে আইতা”? অনুপমাৰ মনটো যেন হঠাতে ভাল লাগি
গ'ল। আইতাকৰ মুখেৰেও ক্ষীণ হাঁহি এটা ওলাই আহিল।
“যুদ্ধৰ সেই দিন কেইটাত লণ্ডনৰ মানুহে
এজনে আনজনৰ দুখৰ সমভাগী হৈছিল। ডেনিছ আৰু জেচমিন খুব মৰমিয়াল আছিল। এনে এটা
পৰিয়ালৰ লগত থাকিব পাৰি মই হাততে স্বৰ্গ ঢুকি পোৱা যেন পালোঁ। দেউতা আৰু মোক
পৰিয়ালটোৱে বৰ ভালকৈ ৰাখিলে"। আইতাকৰ চকুযুৰি যেন উজ্জ্বলি উঠিল।
"আপুনি কিবা কাম বিচাৰিলেনে আইতা"?
"কাম বিচাৰিলোঁ। নহ'লে আমি পিছলৈ চলিম কেনেকৈ? সেনা ছাউনিৰ
চিকিত্সালয়তে কাম পালোঁ। দেউতাও আগতকৈ সুস্থ হ’ল। আমাৰ কাৰণে
সেই পৰিয়ালটো স্বয়ং দেৱদূতৰ দৰেই আছিল। মই তেওঁলোকৰ উপকাৰ কেতিয়াও পাহৰিব নোৱাৰোঁ”। আইতাকে আকৌ চকু দুটা মুদি দিলে।
“সঁচাকৈয়ে আইতা, দুখৰ
সময়তহে মানুহৰ মহত্ত্ব অনুভৱ কৰিব পৰা যায়”। অনুপমাই নিজকে কোৱাৰ দৰে ক'লে।
“এৰা, পৰিয়ালটো
আমাৰ ঘৰৰে মানুহ যেন লগা হ’ল। জেচমিনৰ ছোৱালীজনীয়ে মোৰ খুব
লগ ল’লে। ঘৰত থকা সময়খিনি তাইৰ লগত খেল ধেমালি কৰি, তাইৰ লগত গান গাই, নাচি বাগি মই জীৱনৰ দুখবোৰ
পাহৰিবলৈ চেষ্টা কৰিলোঁ। তায়ো মোক নেদেখাকৈ এক্ষন্তেকো থাকিব নোৱাৰা হ’ল"। আইতাকৰ মুখখন পোহৰ হ'ল।
"আপোনাক ঈশ্বৰে সঁচাকৈয়ে দয়া কৰিলে যে এজনী
কণমানি ছোৱালীক লগলগাই দিলে। নহয়নে আইতা"? অনুপমাই আইতাকৰ
মুখলৈ চালে।
"এৰা। তাই থকা বাবেই মই দুখবোৰ পাহৰিব পৰা
হৈছিলোঁ। জেচমিনে মোক কথাই কথাই কৈয়েই পেলাইছিল, ‘মই মৰি গ’লেও ছোৱালীজনীৰ কাৰণে কোনো চিন্তা নাই,
নেন্সীয়েই তাইক ডাঙৰ দীঘল কৰিব’”।
অনুপমাৰ চকুৰ আগত যেন এজনী কণমানি ছোৱালীৰ সৈতে নাচি
বাগি দৌৰা দৌৰি কথা ৰঙিয়াল তাহানিৰ নেন্সী জনীৰ ছবি ভাহি আহিল।
আইতাকে এটা এটাকৈ কৈ গৈছিল হেৰোৱা দিনবোৰৰ কথা।
“সেই সময়তে ডেনিছ যুদ্ধৰ কাৰণে ভাৰতলৈ
যাব লগীয়া হ’ল। বহু দিনৰ বাবে। আমি লগতে থকা কাৰণে জেচমিনে
সকাহ পালে। তাই ডেনিছক ক’লে,’ ‘তুমি
আমাৰ কাৰণে কোনো চিন্তা নকৰি যুদ্ধ কৰিবা। বিজয়ী হৈ উভতি আহিবা’”।
এক উৎকণ্ঠাত অনুপমাৰ কাণ দুখন থিয় হৈ গ’ল।
তাৰ পিছত কি হ’ল শুনিবলৈ তাই উদ্গ্ৰীৱ হৈ ৰ’ল।
“মই দুৰ্ভগীয়া জনীয়ে তেওঁলোকৰ লগত
থাকিবলৈ অহা কাৰণেই নেকি, তেওঁলোকৰো দুৰ্ভাগ্যৰ দিন আৰম্ভ হ’ল”। আইতাকৰ কথাত অনুপমাৰ হাত ভৰি
যেন কোঁচ খাই আহিল।
বাহিৰত সৰ সৰকৈ বৰফ পৰিছিল। এক হিমচেঁচা ভাবে কোঠাটো
আগুৰি ধৰিছিল। অনুপমাৰ ভৰি দুখন ঠাণ্ডাত গোট মৰা যেন লাগিছিল। সোনকালে কম্বলৰ তলত
সোমাই উম লবলৈ তাইৰ মন গৈছিল।
কিন্তু আইতাকৰ কথাই তাইক লৈ গৈছিল অন্য এক কাহিনীৰ
মাজলৈ।
“আকৌ কি দুৰ্ভাগ্য হ’ল আইতা”? আইতাকৰ পিনে একেথৰে চাই তাই ক’লে।
“জেচমিনে বিজয়ী হৈ আহিবলৈ কোৱা ডেনিছ
এমাহমান পিছত বিজয়ী হৈ ঘূৰি আহিছিল। কিন্তু সি ঘূৰি আহিছিল ‘পাটকাই’
বুলি লিখা থকা সেই কাঠৰ বাকচটোৰ ভিতৰত সোমাই"।
অনুপমাৰ বুকুৰ মাজেৰে এটা চেঁচা শিহৰণ পাৰ হৈ গ'ল।
বৰফতকৈও চেঁচা।
"বাকচটোৰ ভিতৰত তাৰ অন্তৰ্বাসটোৰ বাহিৰে একোৱে
চিনিব পৰা অৱস্থাত নাছিল। পাটকাই পৰ্বতৰ ওপৰত জাপানী সৈন্যৰে হোৱা সমুখ সমৰত বোমা
ফুটি তাৰ মৃত্যু হৈছিল”। আইতাকৰ মাতটো
থোকা থুকি হৈ পৰিছিল। এজাক হিমচেঁচা বতাহ যেন কোবাকুবিকৈ অনুপমাৰ বুকুৰ মাজলৈ
সোমাই আহিছিল।
অলপ পৰ কোনেও কথা কোৱা নাছিল। আইতাক ডুব গৈছিল অতীতৰ
সেই হৃদয় বিদাৰক স্মৃতিৰ মাজত। অনুপমাই মনৰ মাজত সন্ধান কৰিছিল তাহানিৰ সেই
নেন্সীজনীৰ মনৰ অনুভূতিবোৰক।
“তাৰ পিছত”? নীৰৱতা
ভংগ কৰি অনুপমাৰ মুখৰ পৰা ওলাইছিল শব্দ কেইটা।
“ডেনিছৰ ছিন্ন ভিন্ন মৃতদেহ দেখাৰ পিছত
জেচমিন বাউলী হৈ পৰিছিল। ডেনিছক লৈ অহা বাকচটোকে সাবটি তাই দিনে ৰাতিয়ে চিঞৰি
চিঞৰি কান্দিছিল। তাইক মই বুজাই বঢ়ায়ো শান্ত কৰিব পৰা নাছিলোঁ। দেউতায়ো ঘটনাটোত
পুনৰ এটা আঘাত পাই আকৌ আগৰ দৰে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল। দুজনকৈ মানসিক
ভাৱে অস্থিৰ লোক আৰু এজনী কণমানি ছোৱালীক লৈ মই কিংকৰ্তব্য বিমূঢ় হৈ পৰিছিলোঁ”। আইতাকে চকুযুৰি মচি ল'লে।
অনুপমাই আইতাকৰ মুখলৈ একে থিৰে চাই ৰ’ল।
কিমান যে ধুমুহা পাৰ হৈ গৈছে এই মানুহ গৰাকীৰ মূৰৰ ওপৰেৰে।
“জেচমিনে মোৰ কষ্ট কিজানি বুজিব
পাৰিছিল। তাই মোক কৈছিল, ‘মোৰ কাৰণে তোমাৰ খুব কষ্ট হৈছে। তোমাক কষ্ট দিয়াটো মোৰ ভুল হৈছে। মই তোমাৰ দায়িত্ব ল'ব
লাগিছিল। কিন্তু এতিয়া তুমিহে মোক আৰু মোৰ ছোৱালীজনীক চোৱা চিতা কৰিবলগীয়া হৈছে'"।
অনুপমাই আইতাকৰ মুখলৈ চাই ৰ'ল।
তাই যেন সাজু হৈ ৰ'ল আইতাকৰ বিষয়ে আন এটা নতুন কথা জানিবলৈ।
"ছোৱালীজনীক মোৰ লগত শুবলৈ দি এদিন ৰাতি জেচমিন
ঘৰৰ পৰা নোহোৱা হ'ল”।
“ক’লৈ গ’ল জেচমিন”? অনুপমা উচপ খাই উঠিল।
“পুলিচে বহুত বিচাৰিও তাইৰ কোনো সম্ভেদ
উলিয়াব নোৱাৰিলে। ছোৱালীজনীক মোৰ কোলাত দি তাই কিজানি গুচি গ’ল ডেনিছৰ ওচৰলৈ।” আইতাকে আকৌ এবাৰ চকুপানী টুকিলে।
"তাৰ পিছত আইতা"? এই
প্ৰশ্নবোধক চাৱনিৰে অনুপমাই আইতাকলৈ চাই থাকিল।
“মোৰ দেউতাও বেছি দিন জীয়াই
নাথাকিল। বিছনাত শুই থাকোঁতেই এদিন তেওঁৰ
মৃত্যু হ’ল। ডেনিছ, জেচমিন, দেউতা সকলো মোক এৰি গুচি গ’ল। মই থাকি গ'লো অকলে ছোৱালীজনীক বুকুত সাবটি লৈ।
“সেই ছোৱালীজনী কোন আইতা”?
“তায়েই মেৰী। মোৰ ছোৱালী মেৰী। তুমি লগ পোৱা মেৰী”।
অনুপমাৰ শৰীৰৰ মাজেৰে এইবাৰ যেন এক তপত শিহৰণ বৈ গ’ল।
বৰফ গলাই চূৰমাৰ কৰিব পৰা তপত শিহৰণ। তাইৰ দুচকু পানীৰে ভৰি পৰিল।
কথা কৈ কৈ আইতাক ভাগৰি পৰিছিল। তেওঁৰ কণ্ঠস্বৰ সৰু হৈ
আহিছিল। অনুপমাই অনুভৱ কৰিলে তেওঁ আৰু
বেছি কথা কোৱা ঠিক নহয়।
ৰাতিও গভীৰ হৈ আহিছিল। অনুপমাই আইতাকৰ গাৰ কম্বলখন
ডিঙিলৈকে টানি দি ক’লে, “আইতা,
তুমি এতিয়া শুই থাকা। আমি পিছতো কথা পাতিব পাৰিম। কাইলৈ আমি ওলাম
তোমাৰ অতীতক বিচাৰি। শুভ ৰাত্ৰি”। আইতাকক শুৱাই তাই নিজৰ বিছনালৈ আহিল।
অলপ আগতে টোপনিয়ে ব্যাকুল কৰা অনুপমাৰ চকু দুটা বিচনাত
পৰিও মেল খাই থাকিল। ৰহস্যৰ দুৱাৰ বোৰ যেন এখন এখনকৈ
তাইৰ চকুৰ আগতে খোল খাই যাবলৈ ধৰিলে।
তাই যেন উভতি গ’ল আইতাকে
সন্মুখীন হোৱা সেই বিভীষিকাময় দিন বোৰলৈ। এজন মানসিক ভাৱে ব্যধিগ্ৰস্থ হোৱা পিতৃ,
এজনী মানসিক স্থিতি হেৰুওৱা মহিলা আৰু এজনী কণমানি ছোৱালী লগত লৈ
নেন্সীৰ অৱৰ্ণনীয় দুখ কষ্টৰ দিনবোৰ যেন তাই অনুভৱ কৰিব পাৰিলে। তেনে অৱস্থাৰ পৰা
নেন্সীয়ে সৰু ছোৱালীজনী তুলি তালি ডাঙৰ দীঘল কৰিলে।
সেই ছোৱালীজনীয়েই কেভিনৰ মাক মেৰী !!!
তাই ভাবিবই পৰা নাছিল মেৰীযে আইতাকে তুলি তালি ডাঙৰ
কৰা ছোৱালী। আইতাকে হয়তো তাইক সাৱটি ধৰিয়েই জীৱনটো কটাই দিলে। কেতিয়াও কাকো জীৱন
সংগী হিচাপে গ্ৰহণ কৰিব নোৱাৰিলে। তেওঁ নিসংগ হৈয়েই থাকিল ওৰেটো জীৱন।
কিন্তু তেওঁ যে কাৰোবাক কথা দি আহিছিল আকৌ ঘুৰি যাব
বুলি !!!
সেই দুৰ্যোগৰ দিনবোৰত তেওঁৰ মন হয়তো বাৰে বাৰে সাত সাগৰ তেৰ নদী
নেওচি উৰি গৈছিল লুইতৰ পাৰৰ এজন গাৱঁলীয়া ডেকাৰ ওচৰলৈ। তেওঁৰ হয়তো মন গৈছিল আকৌ
এবাৰ লুইতৰ পাৰত বহি মনৰ কথা পাতিবলৈ।
কিন্তু তেওঁৰ বাবে এয়া সম্ভৱ হৈ থকা নাছিল। তেওঁৰ
জীৱনলৈ আহিছিল এজনী কণমানি পৰী, আশা নকৰাকৈ, কেতিয়াও
নভবাকৈ।
কথাবোৰ ভাবি ভাবি অনুপমাই উচুপি বহুসময় উচুপি থাকিল।
পিচদিনা ৰাতিপুৱাই এঞ্জেলা আহি সকলোকে জগালে। অনুপমাই
সাৰ পাই অনুভৱ কৰিলে আইতাকে আৰু অলপ সময় শোৱাটো উচিত। কাৰণ ৰাতি শোওঁতে পলম হৈছিল।
আইতাকে সাৰ পাইছিল যদিও অনুপমাই তেওঁক আকৌ শুই থাকিবলৈ ক’লে।
তাই তেওঁৰ মুৰ শিতানত বহি মুৰত হাত বুলাই আকৌ শুৱাই থবলৈ যত্ন কৰিলে।
মুৰৰ পকা চুলি বোৰেৰে আইতাকৰ উজ্জ্বল বগা মুখখন হঠাতে
অনুপমাৰ কোনোবা দেৱদূতৰ মুখৰ দৰে লাগিল। গভীৰ প্ৰশান্তিত শুই থকা মানুহ গৰাকীয়ে
যেন জীৱনৰ হেজাৰ ধুমুহা গৰকি এতিয়াহে জিৰনি পাইছে, এনে
লাগিল অনুপমাৰ।
তাই যেন মনে মনে কৈ উঠিল, “আপুনি আৰু অলপ জিৰণি লওক আইতা। কষ্টকৰ জীৱনটোৰ বিয়লি বেলা আপুনি অলপ আৰাম
কৰক”।
পিচদিনা ৰাতিপুৱাই ঘৰখনত যাত্ৰাৰ পূৰ্বৰ ব্যস্ততা আৰু
লৰা ধপৰা আৰম্ভ হ’ল।
ক্লাৰাই তাইৰ মুভি কেমেৰা, ট্ৰিপড
আৰু অন্য সৰঞ্জাম বোৰ যি ধৰণে কাপোৰৰ মাজত পেক কৰিছিল, সেয়া
কেভিনৰ পচণ্ড নহ’ল। সি ক্লাৰাৰ বেগৰ পৰা বস্তু কেইপদ উলিয়াই
বেলেগকৈ এটা বেগত ভালদৰে পেক কৰিলে। তাৰ মতে এই কেইটা বস্তু বেলেগকৈ পেক কৰি “Handle
With Care” বুলি এটা ষ্টিকাৰ মৰাই ল’ব লাগে।
আন্তৰ্জাতিক বিমানৰ লাগেজ কিমান বেয়াকৈ উঠোৱা নমোৱা কৰে সি জানে। বিশেষ ব্যৱস্থা নল’লে
বস্তু বেয়া হোৱাৰ সম্ভাৱনা থাকে।
"মোৰ আটাইতকৈ মৰমৰ বস্তুকেইপদ এইদৰে বেলেগ এটা
বেগত দিবলৈ মন যোৱা নাই। তাতকৈ কেবিন বেগেজত হাতত লৈ যাম মই"। ক্লাৰাই আপত্তি
কৰিলে।
"এইবোৰ প্ৰফেছনেল ফটোগ্ৰাফীৰ সা সৰঞ্জাম কেবিন
বেগেজত নিবলৈ নিদিব। তুমি চিন্তা নকৰিবা। মই এয়াৰপোৰ্টত বেগটো ভালদৰে নিবলৈ সকীয়াই
দিম"। কেভিনে অভয় দি ক'লে।
ৰাতিপুৱাৰ সময় খিনিত পেকিংবোৰ ঠিকে ঠাক কৰোঁতে পাৰ হ'ল।
আইতাক উঠাৰ পিছত এঞ্জেলাই তেওঁৰ প্ৰাত: কৰ্ম খিনি
কৰাত সহায় কৰি দিলে। অনুপমাই লগতে লাগি সকলো খিনি চাই ল’লে।
বুঢ়ী মানুহ গৰাকীক বহুতো কামত সহায়ৰ আৱশ্যক হয়। অৱশ্যে নিজৰ গা ধোৱা আৰু শৌচাগাৰৰ কাম খিনি তেওঁ নিজেই কৰিব পাৰে।
“আজিৰ পৰা এইখিনি কামত তুমিয়েই এখেতক
সহায় কৰি দিব লাগিব”। এঞ্জেলাই
অনুপমালৈ চাই ক'লে।
"মই জানো এঞ্জেলা। কিন্তু আইতাই হয়তো তোমাক বহুত
মিছ কৰিব। তুমি সদায় তেওঁৰ লগতে থাকা"। অনুপমাই ক'লে।
"ময়ো তেখেতক বহুত মিছ কৰিম। তোমালোক সোনকালে
ঘূৰি আহিবা"। এঞ্জেলাই হাঁহি মাৰি ক'লে।
ক্লাৰাই অনুপমাৰ পৰা লোৱা চেলোৱাৰ কুৰ্তাযোৰ পিন্ধি ল’লে।
"হেই পমা, চোৱাহি। মোক এই নতুন পোচাকত কেনে
লাগিছে"? তাই চিঞৰ বাখৰ লগালে।
তাই আইনাৰ
সমুখত থিয় হৈ ইফালে সিফালে ঘুৰি চাবলৈ ধৰিলে তাইক নো এই নতুন সাজত কেনে লাগিছে।
কেভিন, এঞ্জেলা আৰু অনুপমাই হাত চাপৰি মাৰি তাইক উত্সাহ দিলে।
"তোমাক একেবাৰে ইণ্ডিয়ান ছোৱালী যেন লাগিছে
ক্লাৰা"। অনুপমাই ক'লে।
আইতাক নেন্সীয়েও তাইক নতুন সাজত বৰ ভাল দেখিলে।
"ইণ্ডিয়ান পোচাক পিন্ধিবলৈ বৰ ভাল"। তেওঁ শলাগিলে।
তেওঁ হঠাতে কিবা এটা মনত পৰাৰ দৰে অনুপমাক ক’লে,
“মই তাহানিতে অসমৰ পৰা অনা মেখেলা চাদৰযোৰ বিচাৰি পাইছোঁ"।
"সেইযোৰ নেকি আইতা? আপুনি
যে উপহাৰ পাইছিল"? অনুপমাৰ চকুযুৰি উজ্বলি উঠিল।
আইতাকে মূৰ দুপিয়াই হাঁহিলে। "তুমি যদি মন কৰা, সেইযোৰ
তুমিয়েই পিন্ধিব পাৰিবা অনুপমা। সেই
মেখেলা চাদৰযোৰ এতিয়াও ধুনীয়া হৈয়েই আছে। মোৰ কেতিয়াও পিন্ধা নহ’ল”।
আইতাকে এঞ্জেলাক নিৰ্দেশ দিলে। এঞ্জেলাই আলমাৰিৰ পৰা
সেই মেখেলা চাদৰযোৰ উলিয়াই অনুপমাৰ হাতত
দিলে। মুগাৰ খমখমীয়া কাপোৰযোৰ হাতত লওঁতে
অনুপমাৰ শৰীৰৰ মাজেদি যেন এসোঁতা বিজুলী পাৰ হৈ গ’ল।
পৱিত্ৰ নামৰ নৈপৰীয়া গাওঁ এখনৰ ডেকা এজনৰ বুকুৰ উত্তাপ যেন সেই কাপোৰযোৰত এতিয়াও
লাগি আছে, কাপোৰযোৰ চুই তাই যেন সেই উত্তাপ অনুভৱ কৰিব
পাৰিলে।
কাপোৰযোৰ চুই চুই অনুপমাই ক'লে,
"মুগাৰ কাপোৰযোৰ বৰ ধুনীয়া হৈ আছে আইতা। এইবাৰ অসমত আপোনাক মই এইযোৰ মেখেলা চাদৰকে পিন্ধাম”।
"মই মেখেলা চাদৰ কেনেকৈ পিন্ধিব লাগে
পাহৰিলোঁৱেই"। আইতাকে হাঁহিলে।
"মই আপোনাক পিন্ধাই দিম আইতা। আপুনি চিন্তা কৰিব
নালাগে"।
No comments:
Post a Comment