Sunday, September 3, 2017

খণ্ড ১৯

ক্লাৰাই কাপোৰযোৰ চুই চাই বৰ ভাল পালে। "ইমান ধুনীয়া সোণালী ৰঙৰ কাপোৰ মই ক'তো দেখা নাই। মোকো এবাৰ পিন্ধিবলৈ দিবা দেই"
"নিশ্চয়। অসমৰ মুগাৰ কাপোৰ বিশ্ব বিখ্যাতঅসমলৈ গৈ মই তোমাক এযোৰ অনাই দিম"
ইপিনে কেভিনে হুলস্থুল লগালে। "তোমালোকে এইদৰে কাপোৰৰ কথা থাকিলে আমাৰ আৰু যোৱা নহ'বগৈ। সোনকালে সাজু হোৱা"।
দুপৰীয়া খাই বৈ আটায়ে হিথৰো বিমানকোঠলৈ যাবলৈ সাজু হল।
কেভিনে এঞ্জেলাক চেক এখন লিখি তাইৰ পাওনা পইচা খিনি দিলে। সকলোকে মাত লগাই আৰু বিদায় সম্ভাষণ জনাই এঞ্জেলা আগতে ওলাই গল। কেভিনে তাইক কোনো নথকা অৱস্থাত ঘৰটো সপ্তাহত এদিন আহি চাফ-চিকুণ কৰাৰ দায়িত্ব দিলে।
কেভিনে আইতাকৰ গাড়ী খন উলিয়ালেগাড়ীত বস্তু বাহানি বোৰ উঠালে। তাৰ পৰিকল্পনা মতে গাড়ীখন এয়াৰপোৰ্টৰ পাৰ্কিং লটত থৈ যাব। এযাৰপোৰ্টত এনেদৰে দীৰ্ঘ সময়ৰ বাবে গাড়ী পাৰ্ক কৰি ৰখাৰ সুবিধা আছে। আহোঁতে সেইখন গাড়ীকে চলাই ঘৰ পাবহি পাৰিব।
গাড়ীখনত লাগেজবোৰ উঠোৱাৰ পিছত অনুপমা আৰু ক্লাৰাই ধৰি মেলি আইতাকক সমুখৰ ড্ৰাইভিং ছীটৰ ওচৰৰ আসনত বহুৱালে। সেইখন আসনত ভৰি মেলি বহিবলৈ সুবিধা। ছীট বেল্ট মাৰি ললে কোনো চিন্তা নাই।
হিথৰো বিমানকোঠত আইতাকক কেভিনে আগতীয়াকৈ বন্দোবস্ত কৰি থকা হুইল চেয়াৰ এখনত বহুৱালে। বিশাল বিমান বন্দৰটোত অজস্ৰ যাত্ৰীৰ ভীৰ। দুখন ট্ৰলীত বস্তু বাহানিবোৰ লৈ কেভিন আৰু ক্লাৰা আগে আগে আৰু আইতাকৰ হুইল চেয়াৰখন ঠেলি লৈ যোৱা মানুহ জনৰ কাষে কাষে অনুপমা আগবাঢ়িল। ব্ৰিটিছ এয়াৰৱেজৰ কাউণ্টাৰৰ শাৰী এটাত আটায়ে থিয় হল। শামুকীয়া গতিৰে আগবাঢ়ি এসময়ত তেওঁলোক কাউণ্টাৰৰ ওচৰ পালেগৈ।
বেগ কেইটা দিওঁতে কেভিনে কাউণ্টাৰত দঢ়াই দঢ়াই কলে যাতে ক্লাৰাৰ কেমেৰা থকা বেগটো সাৱধানতাৰে উঠোৱা নমোৱা কৰে। কেভিনে "Handle With Care" ষ্টিকাৰ এটা কাউণ্টাৰৰ পৰাও মৰাই ল'লে। কাউণ্টাৰৰ মানুহজনে কলে যে বেগবোৰ দিল্লী হৈ ডিব্ৰুগড়লৈ যাব। দিল্লীলৈকে ভালদৰে যোৱাটো তেওঁ নিশ্চিত কৰিলে। তাৰ পিছত কি হয় তেওঁ গেৰাণ্টী দিব নোৱাৰে কাৰণ দিল্লীৰ পৰা আন এয়াৰলাইনচে বেগৰ দায়িত্ব লব।
মানুহজনৰ কথা শুনি ক্লাৰাৰ মুখ শুকাই গল। তাই কেভিনৰ মুখলৈ চালে। "কেভিন, কি হ'ব এতিয়া। যদি পিছৰ এয়াৰলাইনচে বেগটো হেৰুৱায়"?
কেভিনে হাঁহি মাৰি কলে, “আশা কৰোঁ সকলো ঠিকেই থাকিব ক্লাৰা। তুমি চিন্তা নকৰিবা"।
কেভিনে আগতীয়াকৈ বিশাল বিমান খনৰ এটা কাষলৈ থকা দুজনীয়া আসন সংৰক্ষিত কৰি থৈছিল। মাজৰ শাৰীত পৰিলে ওলোৱা সোমোৱা কৰাত অসুবিধা হয়।
বোৰ্ডিং পাছ হাতত লৈ আটায়ে ইমিগ্ৰেছন বিভাগলৈ গৈ পাছপোৰ্ট আৰু ভিছাত মোহৰ মৰালে। কোনো অসুবিধা নোহোৱাকৈ আটায়ে ছিকিউৰিটি চেকৰ দিশলৈ আগবাঢ়িল।
বিমানত উঠাৰ আগে আগে অনুপমাই দেউতাকলৈ ফোন কৰিলে। দেউতা, আমি হিথৰো বিমান বন্দৰত আছোঁ। কাইলৈ পিচবেলা ডিব্ৰুগড় পাই যাম। তুমি এয়াৰপোৰ্টৰ পৰা ঘৰলৈ যাবলৈ এখন গাড়ী ঠিক কৰি থবা
, ব। তই চিন্তা নকৰিবি। কিন্তু এটা সমস্যা হল"। দেউতাকে ক'লে।
"কি সমস্যা হ'ল আকৌ"? অনুপমাৰ বুকুখন চিৰিংকৈ মাৰিলে।
"কালি এটা সংগঠনে অসম বন্ধ দিছে। যদি বন্ধটো হয়, তেনেহলে গাড়ী পোৱা নাযাব। তেতিয়া মই হয়তো ঘৰৰ গাড়ীখন লৈ যাব লাগিব
দেউতাকৰ কথা শুনি অনুপমাৰ মনটো দমি গল। এই বন্ধ বোৰৰ উত্পাতত অসমত থাকিব নোৱৰা হৈছে। কোন দিনা, কেতিয়া হঠাতে বন্ধ হৈ যায় কোনেও কব নোৱাৰে। কোন সংগঠনে কি কাৰণত বন্ধ দিছে, এইবোৰ কোনেও চিন্তা নকৰে।
দেউতা, বন্ধত তুমি কেনেকৈ গাড়ী লৈ আহিবা? সেইটো ছেফ হ'ব জানো? তুমিও যদি আহিব নোৱাৰা কি হ”? তাইৰ চিন্তা হ
মই আন কথাও ভাবি থৈছোঁ। তেনেকুৱা হলে তহঁতে অয়ল ইণ্ডিয়া কোম্পানীৰ এয়াৰপোৰ্ট ডিউটিৰ বাছ খনতে উঠি দুলীয়াজানলৈ যাব লাগিব। দুলীয়াজানৰ বাছ খনৰ লগত ছিকিওৰিটি দিব বুলি গম পাইছোঁ
কিন্তু দেউতা, আমাক অয়ল ইণ্ডিয়াৰ বাছত উঠিবলৈ দিব জানো”?
তোৰ প্ৰশান্তৰ কথা মনত আছেনে? সেই যে দুলীয়াজানৰ প্ৰবীৰ আংকলৰ লৰাবৰুৱাই সুযোগতে প্ৰশান্তৰ কথা উলিয়ালে।
', 'প্ৰশান্ত। মনৰ পৰিছে”, অনুপমাই প্ৰশান্তৰ কথা জানে।
সি এতিয়া অয়ল ইণ্ডিয়াত চাকৰি কৰে। মই তাৰ লগত কথা পাতি থৈছোঁ। তহঁতে বাছ খনত অহাত একো অসুবিধা নাই। দুলীয়াজান আহি পালে সন্ধিয়া মই গৈ তহঁতক লৈ আহিম। তই চিন্তা নকৰিবিদেউতাকে অনুপমাক অভয় দিলে।
অনুপমাই পিছদিনাৰ অসম বন্ধৰ কথাটো তেতিয়াই সকলোকে কৈ দিব নিবিচাৰিলে। তেওঁলোকে কথাটোত বেছিকৈ ভয় খাই যাব পাৰে।
কেভিন হঁতক অসমৰ বিষয়ে ভাল কথাবোৰেই কৈছিল। অসমত সঘনাই হৈ থকা বন্ধ বোৰ আৰু মাজে মাজে হৈ থকা হিংসাত্মক ঘটনা বোৰৰ বৰ বেছি আভাস দিয়া নাছিল। এইবোৰ কবলৈ তাইৰ লাজ লাগিছিল।
এদিন কেভিনে তাইক সুধিছিল, “আমি বিদেশৰ মানুহ অসমলৈ যোৱাটো সুৰক্ষিত নে? মই জনাত তাত এতিয়াও সন্ত্ৰাসবাদী কাৰ্য্য কলাপ চলি আছে। মাজে মাজে বন্ধ হৈ থাকে"
তাই বাহাদুৰি মাৰি কৈছিল, “বাহিৰৰ পৰা অসমখনৰ পৰিস্থিতি খুব বেয়া যেন লাগে। কিন্তু প্ৰকৃততে সিমান বেয়াও নহয়। আচলতে অসমৰ মানুহবোৰ শান্তিপ্ৰিয়। মাজে মাজে দুই এটা অনাকাংক্ষিত ঘটনা হৈ থাকে যদিও সাধাৰণ মানুহৰ কাৰনে বিশেষ সমস্যা নহয়
অসমৰ ওপৰত পৰিয়ালটোৰ সকলোৰে যি ভাল ধাৰণা আছে সেয়া মলিয়ন কৰিবলৈ তাইৰ মন যোৱা নাছিল। তাইৰ ভয় হৈছিল, অসমৰ পৰিস্থিতিৰ বিষয়ে এটা নেতিবাচক ধাৰণা দিলে তাই আইতাকক অসমলৈ অনাৰ একমাত্ৰ সুযোগটো হেৰুৱাই পেলাব।
কিন্তু অসমত প্ৰথম পদাৰ্পণ কৰা দিনটোতেই অসম বন্ধৰ সন্মুখীন হব লগীয়া হোৱাত তাইৰ বেয়া লাগিল।
বোৰ্ডিং পাছ অনুসৰি কেভিনে আইতাকৰ ওচৰত বহিব লাগিছিল যদিও অনুপমাই তাক অনুৰোধ কৰি নিজে আইতাকৰ ওচৰত বহিল।
"আইতা আপোনাৰ কেনে লাগিছে:। আইতাকৰ হাত এখন নিজৰ হাতত লৈ অনুপমাই আইতাকক সুধিলে।
"নাজানো অনুপমা। মই এয়া প্ৰথম বিমানত উঠিছো‍ঁ"।
"আপুনি আগতে কেতিয়াও বিমানত উঠাই নাই আইতা"অনুপমা আচৰিত হল।
"নাই অনুপমা। মই কেতিয়াও দীঘলীয়া যাত্ৰা কৰাই নাই। সেইযে কলিকতাৰ পৰা বোম্বেলৈ ৰেলত আৰু তাৰ পৰা জাহাজত লণ্ডনলৈ আহিছিলোঁ, সেইটোৱেই মোৰ জীৱনৰ আটাইতকৈ দীঘলীয়া যাত্ৰা আছিল"। আইতাকে ক'লে।
বিমানত উঠি তেওঁ বিমান খনৰ ইফালে সিফালে চাবলৈ ধৰিলে।
এই বিমান খনেই মাত্ৰ আঠ ঘণ্টাত আমাক ভাৰত পোৱাই দিব নহয়নে? আমি যেতিয়া জাহাজত আহিছিলোঁ, তেতিয়া প্ৰায় এমাহ লাগিছিল
আপুনি অহাৰ পৰা পৃথিৱীখন বহুত সলনি হল আইতাঅনুপমাৰ এনে লাগিল, তাই এজনী কণমানি ছোৱালীক এখন নতুন পৃথিৱীৰ লগত পৰিচয় কৰি দিবলৈ ওলাইছে।
অনুপমাই বিমান পৰিচাৰিকা এগৰাকীক মাতি আগতিয়াকৈ কম্বল আৰু এটা অতিৰিক্ত গাৰু অনাই আইতাকে আৰামকৈ বহাৰ ব্যৱস্থা কৰিলে। বয়সিয়াল মানুহ গৰাকীক দেখি বিমান পৰিচাৰিকা কেইগৰাকীও সহায় কৰিবলৈ আগবাঢ়ি আহিল।
"আৰু যদি কিবা প্ৰয়োজন হয়, আমাক ততাকিলে মাতি দিব", গাৰু আৰু কম্বল অনুপমাৰ হাতত দি পৰিচাৰিকা গৰাকীয়ে ক'লে।
"নিশ্চয়"। মিচিকিয়া হাঁহিৰে পৰিচাৰিকা গৰাকীক বিদায় দি অনুপমাই আইতাকৰ মূৰ আৰু ডিঙিৰ মাজত গাৰু এটা সুমুৱাই দিলে। গাত ভালকৈ কম্বলখন উৰাই দিলে।
আইতাকে অৰামকৈ বহি লোৱাৰ পিছত অনুপমাই আইতাকৰ হাতত নিজৰ হাতখন থৈ কলে, “আপুনি নিশ্চিন্ত মনে শুই থাকক আইতা। মই আছোঁ, কোনো চিন্তা নকৰিব
"যেতিয়া পাবৰ হ', মোক জগাই দিবা দেই"। সৰু ছোৱালী এজনীৰ দৰে আইতাকে ক'লে।
আইতাকৰ চশমা জোৰ খুলি নিজৰ হাতবেগটোত ভৰাই তাই কলে, “খোৱাৰ সময় হলেই মই আপোনাক জগাই দিম আইতা। আপুনি একো কথাৰে চিন্তা নকৰিব"।
কেভিনে নিজৰ আসনৰ পৰা উঠি আহি আইতাকৰ হাতৰ নাড়ী পৰীক্ষা কৰিলে।
"আজি আইতা একেবাৰে ঠিক আছে। পালচ নৰ্মেল আছে। অমুপমা, আইতাই আনকমফৰ্টেবল অনুভৱ কৰিলে মোক মাতি দিবা"। আইতাকৰ হাতখন এবাৰ নিজৰ হাতৰ মুঠিত লৈ কেভিনে আইতাকক উত্সাহ দি নিজৰ আসনলৈ উভতি গ'ল।
চকু দুটা মুদি আইতাক পৰি ৰল। পিছে বিমানে ৰান ৱেলৈ আগবঢ়া মূহুৰ্তত বিমান পৰিচাৰিকা সকলৰ খদমদম, চকী পোন কৰি ৰখাৰ নিৰ্দেশ, সুৰক্ষা বিধি প্ৰদৰ্শন আদিৰ হুলস্থুলত তেওঁ চকু মেলি পোন হৈ বহিল।
এইবোৰ কি কৰিছে অনুপমা, আমাৰ বিমানখনৰ দুৰ্ঘটনা হব নেকি”? লাইফ জেকেট পিন্ধি সুৰক্ষা বিধি প্ৰদৰ্শন কৰি থকা বিমান পৰিচাৰিকা গৰাকীৰ পিনে আঙুলিয়াই আইতাকে কলে।
নহয় আইতা, দুৰ্ঘটনা হলে কি কৰিব লাগিব সেইবোৰহে দেখুৱাইছে
আইতাকে তাইৰ হাত এখন খামোচ মাৰি ধৰিলে। তাই বুজিলে নতুন অভিজ্ঞতাৰ সন্মুখীন হৈ আইতাকে এজনী সৰু ছোৱালীৰ দৰে ভয় খাই উঠিছে।
ৰান ৱেত প্ৰচণ্ড বেগত প্ৰকাণ্ড বিমানখন দৌৰিবলৈ লোৱাৰ সময়ত আইতাকে তাইৰ হাত খন জোৰেৰে খামোচ মাৰি ধৰি থাকিল।
 মোৰ জানা বিশ্বাসেই হোৱা নাই, মই সঁচাকৈয়ে এজনী অসমীয়া ছোৱালীৰ কাষত বহি আকৌ অসমলৈ গৈ আছোঁ। মই কি হেপাহত, কাক লগ পাবলৈ, কি চাবলৈ গৈছোঁ মই একোকে নাজানো"।  বিমানখনে ৰানৱে'ৰ পৰা উৰা মৰাৰ পিছত আইতাকে লাহে লাহে ক'লে।
"আপুনি আপোনাৰ ওপজা ঠাইখন চাবলৈ ওলাইছে আইতা। আপোনাৰ মৰমৰ অসমখন"।
"সকলোবোৰতো এতিয়া সলনি হৈ গল। কিয় জানো, তোমাক লগ পোৱাৰ পিছৰে পৰা মৰাৰ আগতে এবাৰ অসমখন চাবলৈ মোৰ ইমান হেপাহ হৈছে। সেইকাৰণেই মই মৰসাহ কৰি এনেদৰে যাবলৈ ওলাইছোঁ"। আইতাকে সৰু সৰু মাতেৰে কৈ গ'ল।
"আপুনি খুব ভাল সিদ্ধান্ত ল'লে আইতা। আপোনাক লগত আনিবলৈ পাই ময়ো যে কিমান সুখী, মই আপোনাক কেনেকৈ বুজাম"। অনুপমাই আইতাকলৈ চালে।
"জানানে, মেৰীয়ে মোক বহুত মানা কৰিছিল, বুজনি দিছিল। মই কেৱল এটা কথাকে কৈছিলোঁ মোক যাবলৈ দে, কাৰণ এয়ে মোৰ শেষ ইচ্ছাতহঁতে মোক হকা বধা নকৰিবি"
বিমানখন ৰান ৱেৰ পৰা উৰি গৈ নিৰ্ধাৰিত উচ্চতা পোৱালৈকে এই গোটেই সময়খিনি আইতাকে অনুপমাৰ হাত এখন খামোচ মাৰি ধৰি থাকিল। মাজে মাজে তেওঁ ডিঙিত পিন্ধি থকা ক্ৰছটো চুই ওঁঠটো লৰাই মনে মনে কিবা বিৰবিৰালেহয়তো সুকলমে যাত্ৰা সমাপন হোৱাৰ কাৰনে ওপৰৰ নেদেখা জনলৈ প্ৰাৰ্থনা কৰিলে। বিমানখন নিৰ্দিষ্ট উচ্চতা পোৱাৰ পিছত যেতিয়া ছীট বেল্ট বান্ধি থোৱাৰ সংকেট আঁতৰিল, অনুপমাই আইতাকৰ আসনখন যিমানখিনি পাৰি পিছপিনে হাওলাই দি আৰামত শোৱাৰ ব্যৱস্থা কৰি দিলে।
আইতাকে চকু মুদি পৰি থাকিল। তেওঁৰ বহু দিনৰ নিস্তৰংগ জীৱনলৈ নতুন বতাহ এছাটিৰ আগমনত তেওঁৰ শান্ত সমাহিত মনতো যেন খলকনিৰ সৃষ্টি হল। হেৰাই যোৱা স্মৃতি কিছুমানে মনৰ মাজত যেন হঠাতে জুমুৰি দি ধৰিলে।
চিলমিল টোপনিত তেওঁ দেখিলে লুইতৰ পাৰৰ পথাৰ এখনত তেওঁ আকাশী পথৰ পৰা ধৰালৈ নামি আহিছে। সেই পথাৰ খনত তেওঁক লগ পাবলৈ, আদৰণি জনাবলৈ ৰৈ আছে অনুৰাধা, গোলাপী, নাহৰ হঁত।
কিন্তু পৱিত্ৰ, পৱিত্ৰ ক?
তেওঁৰ চকুৱে ইফালে সিফালে পৱিত্ৰক বিচাৰি ফুৰিলে। হঠাতে শুনা পালে তাৰ ভূবন ভুলোৱা বাঁহীৰ সুৰ। কৃষ্ণচূড়া এজোপাৰ ফেৰেঙনিত বহি আপোন মনে বাহী বজাই আছে সেইটো পৱিত্ৰ।
পৱিত্ৰক দেখি নেন্সিৰ মনটো কৃষ্ণচূড়াৰ দৰে ৰঙচুৱা হৈ গ'ল। তাই লৱৰি গ'ল কৃষ্ণচূড়াজোপাৰ গুৰিলৈ।
কিন্তু সি নেন্সিক দেখিও তাইক মাত লগাবলৈ গছৰ পৰা নামি অহা নাই। সি আপোন মনে বাঁহী বজাই আছে। 
সি নাহে, সি অভিমান কৰিছে, নেন্সিয়ে আহোঁতে ইমান দেৰী কৰিছে কাৰণেই তাৰ ইমান অভিমান……..নেন্সিৰ চকুলো ওলাই গ'ল।
হঠাতে সাৰ পাই আইতাকে চকু মেলি দেখিলে অনুপমাই হেডফোনটো কানত লগাই গান শুনিছে।
আইতাকৰ চকু সেমেকি উঠা দেখি তাই সুধিলে, “আইতা, আপুনি সপোন দেখিছিল নেকি”?
এৰা, মই সপোনত সিহঁত আটাইজাককে মোক আদৰিবলৈ অহা দেখিছিলোঁমই অহাৰ খবৰ পাই অনুৰাধা, গোলাপী, নাহৰ হঁত যেন মোক লগ পাবলৈ আহিছে
আৰু পৱিত্ৰ”? আইতাকৰ মুখলৈ চাই অনুপমাই আগ্ৰহেৰে সুধিলে।
সি নাই অহা। সি মোৰ ওপৰত অভিমান কৰিছে, মই যে আহিম বুলি কথা দিও ইমান দিন আহিব নোৱাৰিলোঁ। সি মোক বৰ বেয়া পাই আছে অনুপমা", তেওঁ চকু দুটা আকৌ মুদি দিলে।
বিমান পৰিচাৰিকাই পানীয় পৰিৱেশন কৰিলে। পানীয় হিচাপে বিমানত পৰিমিত পৰিমাণৰ সুৰাও পৰিৱেশন কৰা হয়।
মই এতিয়া দুটা পেগ মাৰি শুই দিম। খোৱা বস্তু আহিলে মোক জগাই দিবা দেইক্লাৰাই অনুপমালৈ চাই কলে।
অনুপমাই হাঁহিলে। সুৰাৰ গোন্ধ পালে ক্লাৰাই থাকিব নোৱাৰে।
ক্লাৰা আৰু কেভিনে সুৰাপান কৰিলে। অনুপমাই নিজৰ কাৰণে আৰু আইতাকৰ কাৰণে আপেলৰ ৰস ললে। আইতাকে ফলৰ ৰস খিনি খাই ভাল পালে। 
সন্ধিয়া চাৰে পাঁচ বজাত উৰা মৰা বিমানখনৰ লণ্ডনৰ পৰা নতুন দিল্লী পাবলৈ আঠ ঘণ্টা সময় লাগে যদিও সময়ৰ তাৰতম্যৰ কাৰণে ভাৰতীয় সময় মতে ৰাতিপুৱা চাৰে ছয় বজাত বিমানখন নতুন দিল্লী পোৱাৰ কথা। অৰ্থাত লণ্ডনৰ সময়ৰ হিচাপত ৰাতি ডেৰ বাজিব।
সুৰাপান কৰি কেভিন আৰু ক্লাৰা টোপনি গল। আইতাকেও চকু দুটা মুদি তন্দ্ৰাগ্ৰস্থ হল। অনুপমাই চিন্তা কৰিলে, যাত্ৰাৰ সময়ত অলপ শুব নোৱাৰিলে জেট লেগৰ প্ৰভাৱত দুদিনমানলৈ গা মুৰ বেয়া লাগি থাকিব।
তাই টোপনি যাবলৈ চেষ্টা কৰিলে যদিও তাইৰ টোপনি নাহিল। মনটো উৰুঙা উৰুঙা লাগিল। আইতাকৰ বাবে তাই কি বিচাৰি আহিছে, কি পাবগৈ তাই নিজেই নাজানে। আৰু নিজৰ বাবে? পাব বিচৰা সকলো বস্তুৱেই যেন তাইৰ পৰা আতৰি গৈ থাকে, এনে লাগিল তাইৰ।
হেডফোনটো কানত লগাই তাই সমুখৰ সৰু মণিটৰটোত কিনো আহিছে চাওঁ বুলি চোৱাত লাগিল। এখন হিন্দী চিনেমাকে ধৰি কেইবাখনো চিনেমা চলি আছিল। অলপ পৰ বুটাম বোৰ টিপা টিপি কৰি চাই তাই একো মনত লগা বস্তু নাপাই আকৌ সেইটো অফ কৰি থলে।
এটা সময়ত পৰিচাৰিকাই ৰাতিৰ আহাৰ দিবলৈ আহিল। অনুপমাই ক্লাৰা আৰু কেভিনক জগাই দিলে। আইতাকৰ টোপনি আহিছিল বাবে জগাই দিবলৈ মন যোৱা নাছিল যদিও নিৰ্দিষ্ট সময়ত আহাৰ গ্ৰহণ নকৰিলে পিছত অসুবিধা হব পাৰে। সেয়েহে তাই আইতাকক জগাই দিলে।
কেভিনে পৰিচাৰিকা গৰাকীক মাতি আইতাকৰ কাৰণে সি আগতীয়াকৈ নিৰ্দেশ দি থোৱা কেভিনে বিশেষ সিজোৱা পাচলি আৰু ফল মুলৰ আহাৰ পৰিৱেশণ কৰিবলৈ সঁকীয়াই দিলে। পৰিচাৰিকা গৰাকীয়ে হাঁহি মাৰি জনালে তাই সেই বিষয়ে জানে।
অলপ পিছতে পৰিচাৰিকা এগৰাকীয়ে সিজোৱা পাচলি আৰু ফলমূলৰ দুটা বাতি লৈ আহিল। খাদ্য খিনি চাই আইতাকে কলে, “ইমানবোৰ মই অকলে কেনেকৈ খাম
পাৰিব আইতা, যিমান খিনি পাৰে সিমান খিনি খাওকঅনুপমাই আইতাকক বহুৱাই লৈ চামোচেৰে লাহে লাহে খুৱাই দিলে। আইতাকে লাহে লাহে খালে।
অনুপমাই নিজেও সামান্য আহাৰ গ্ৰহণ কৰিলে। বিমানত পৰিৱেষণ কৰা খাদ্য তাইৰ খাই ভাল নালাগে। তাই সোৱাদ নাপায়।
খোৱা হোৱাৰ পিছত তাই কেভিনৰ সহায়ত আইতাকক ধৰি ধৰি বিমানৰ টয়লেটলৈ লৈ গল।
টয়লেটৰ বাবে কেইবাজনো মানুহে শাৰী পাতি ৰৈ আছিল। অনুপমায়ো আইতাকক লৈ শাৰীত থিয় হল। আইতাকৰ বেছি পৰ থিয় দি থাকিব পৰা শক্তি নাছিল। বিমান পৰিচাৰিকা এগৰাকীয়ে আগবাঢ়ি আহি শাৰী পাতি থকা লোক সকলক অনুৰোধ কৰিলে বুঢ়ী মানুহ গৰাকীক যেন আগতে যাবলৈ দিয়া হয়। ৰৈ থকা মানুহবোৰে আইতাকক আগবাঢ়িবলৈ বাট উলিয়াই দিলে।
কেভিন আৰু অনুপমাৰ গাত ধৰি আইতাক আকৌ নিজৰ ছীটলৈ উভতি আহিল। ক্লাৰাই ছীটত বহি হেডফোনটো কাণত লগাই সমুখৰ মণিটৰত কিবা চাই আছিল। কেভিনক দেখি তাই কলে, “মোৰ খুব ছিগাৰেট এটা খাবলৈ মন গৈছে জানা। কিবা এটা উপায় কৰানা
তুমি এতিয়া ছিগাৰেট কমকৈ খোৱাৰ অভ্যাস কৰা। বিমানত ছিগাৰেট খোৱাত মানা আছে। শুই থাকা এতিয়া
কেভিনৰ ধমক খাই ক্লাৰা নিতাল মাৰিলে। কেভিনেও শুবলৈ চেষ্টা কৰিলে। অনুপমাই আইতাকৰ গাত কম্বলখন উৰাই দি আৰামকৈ শুবলৈ ব্যৱস্থা কৰি দি নিজেও অলপ শুবলৈ চেষ্টা কৰিলে।
অনুপমাৰ চিল মিলকৈ টোপনি ধৰিছিলহে মাথোন, বিমান অৱতৰনৰ আগে আগে পৰিচাৰিকা বোৰে লগোৱা খদমদমত তাই সাৰ পালে।
খিৰিকীৰ জপনাখন ওপৰলৈ কৰি তাই দেখিলে কাহিলি কাহিলি পোহৰ হৈছে। অৱতৰন কৰিব লগীয়া বিমান খন ক্ৰমান্বয়ে ফট ফটীয়া মুকলি আকাশৰ পৰা কুঁৱলীয়ে আৱৰা পৃথিৱীৰ বুকুলৈ ধাৱমান হৈছেনিৰ্ধাৰিত সময় মতে বিমান খন অৱতৰন কৰিবলৈ তেতিয়াও আধা ঘণ্টা সময় বাকী। সমুখৰ মণিটৰলৈ চাই দেখিলে পাকিস্তানৰ সীমান্ত অতিক্ৰম কৰি বিমানখনে লাহে লাহে ভাৰতত প্ৰৱেশ কৰিছে।
তাই আইতাকলৈ চালে। তেওঁ নিশ্চিন্ত মনে টোপনি গৈ আছে। তাই যিমান সময় পাৰি তেওঁক নজগোৱাকৈ ৰাখিব বিচাৰিলে। পিছে অলপ সময় পিছতে বহা আসন পোন কৰিবলৈ পৰিচাৰিকা এগৰাকীয়ে তেওঁক জগাই দিলে।
বিমানখন ধীৰ গতিত দিল্লীৰ ইন্দিৰা গান্ধী আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰিলে। অনুপমাই হাতৰ ঘড়ী চাই দেখিলে ছয় বাজি চল্লিশ মিনিট গৈছে। দিল্লীত ভালদৰে পোহৰ হোৱাই নাই।
আইতাকৰ কাৰণে হুইল ছেয়াৰ লৈ এজন কৰ্মচাৰী বিমানৰ দুৱাৰ মুখত ৰৈ আছিল। বাকী যাত্ৰীবোৰ নমা হলত শেষত কেভিন, ক্লাৰা আৰু অনুপমাই আইতাকক ধৰি ধৰি বহা স্থানৰ পৰা উঠি দুৱাৰমুখলৈ আহিল।
দিল্লীৰ আন্ত:ৰাষ্ট্ৰীয় টাৰ্মিনেলত বিমানৰ পৰা নামি ঘৰুৱা বিমানত ডিব্ৰুগড়লৈ যাবলৈ আকৌ বোৰ্ডিং পাছ সংগ্ৰহ কৰিব লগীয়া হকেভিনে সোধা পোচা কৰি গম পালে আন্ত:ৰাষ্ট্ৰীয় টাৰ্মিনেলৰ পৰা অন্তৰ্দেশীয় টাৰ্মিনেললৈ আঠ কিলোমিটাৰ দুৰ। বাছত যাব লাগিব।
ডিব্ৰুগড়লৈ যোৱা বিমান ধৰিবলৈ আটায়ে আন্ত:ৰাষ্ট্ৰীয় টাৰ্মিনেলৰ পৰা অন্তৰ্দেশীয় টাৰ্মিনেললৈ চলা বাছত উঠিব লগীয়া হল। ভিৰ বাছ খনত আইতাকক উঠাই নিবলৈ অলপ কষ্ট হল। বাছখনত হুইল ছেয়াৰ উঠাই তাত আইতাকক বহুৱাই নিব পৰাৰ সুবিধা নাছিল। আটায়ে কোনোমতে ধৰাধৰিকৈ তেওঁক বাছত উঠাই দিলে। এজন সদাশয় ব্যক্তিয়ে বয়সিয়াল মানুহ জনীক দেখি নিজৰ আসন এৰি দিয়াতহে কোনোমতে আইতাকৰ বহি যাব পৰা সুবিধা হ
ক্লাৰাই ভোৰভোৰালে, “ইণ্ডিয়াৰ চৰকাৰে অসহায়, বৃদ্ধ মানুহৰ সুবিধাৰ কাৰনে বিশেষ ব্যৱস্থা কৰিব লাগে। মানুহে এনেদৰে যাত্ৰা কৰিব পাৰে নেকি”?
অনুপমাই তাইৰ কথাৰ কোনো উত্তৰ নিদিলে। নিজৰ দেশক লৈ সদায় আনৰ আগত গৰ্ব কৰা অনুপমা অলপ লজ্জিত হল। তায়ো ভাবিলে, পশ্চিমীয়া দেশৰ দৰে সকলোৰে সা সুবিধাৰ কথা ভাৰত চৰকাৰে কিয় চিন্তা নকৰে বাৰু?
অন্তৰ্দেশীয় বিমান বন্দৰটোলৈ আহি ছাহাৰা এয়াৰলাইন্সৰ নিৰ্দিষ্ট কাউণ্টাৰত পাছপোৰ্ট আৰু বোৰ্ডিং পাছ সমুহ আকৌ এবাৰ দেখুৱাব লগীয়া হল। কেভিনে লণ্ডনত বুক কৰা লাগেজ বোৰৰ খবৰ ললে। লাগেজ বোৰ স্থানান্তৰিত কৰি বিমানত উঠাই দিয়া হব বুলি তাক আশ্বাস দিয়া হল।
বিমান অহা যোৱা কৰা সূচী ওলাই থকা মনিটৰটোত চাই অনুপমাই দেখিলে ডিব্ৰুগড়লৈ যাবলগীয়া ছাহাৰাৰ বিমানখন বাৰ নং গেটৰ পৰা দহ বজাত যাব। তেতিয়াও হাতত দুঘণ্টা মান আছে।
ছিকিউৰিটি চেক হৈ যোৱাৰ পিছত অনুপমাই কলে, “আমি আটায়ে মুখ হাত ধুই, টয়লেটলৈ গৈ ফ্ৰেছ হৈ লওঁ। তাৰ পিছত আমি ব্ৰেকফাষ্ট কৰিম
তুমি আৰু ক্লাৰাই আইতাক লৈ টয়লেটলৈ যোৱা। মই হাতত অনা বস্তুখিনি ৰখি থাকোঁকেভিনে কলে।
অনুপমা আৰু ক্লাৰাই আইতাকক লৈ মহিলাৰ টয়লেটলৈ আগবাঢ়িল। কেভিনে তাৰ ফোনটো পৰীক্ষা কৰি চালে। ফোনটোত ছিগনেল পাই তাৰ মনটো ভাল লাগিল। সি মাকলৈ ফোন কৰিলে, “মা, আমি ভালে ভালে দিল্লী আহি পালোঁ। আইতা ভালেই আছে। আইতাৰ কোনো অসুবিধা হোৱা নাই। তুমি চিন্তা নকৰিবা
তোমালোক যোৱাৰে পৰা মোৰ চিন্তা হৈ আছিল। মায়ে যে ইমান দুৰ যাত্ৰা কৰিব পাৰিছে, তাৰ কাৰণে ঈশ্বৰক বহুত ধন্যবাদমাকৰ মাতটো আবেগত উঠলি উঠিল।
কেভিনে ভাবিলে, মাকে তাৰ ওপৰত ভৰসা কৰিয়েই আইতাকক লৈ আহিবলৈ অনুমতি দিছে। এতিয়া আইতাকক একো বিঘিনী নঘটাকৈ উভতাই নিব পাৰিলেই হয়। 
আইতাক আৰু ক্লাৰাৰ পিছত অনুপমাই নিজৰ প্ৰাত:কৰ্ম সমাপন কৰি ওলাল। গামোচা এখন উলিয়াই তাই মুখ হাত বোৰ মচি ললে। তেনেতে তাইৰ ফোনটো বাজিল। ইণ্টাৰনেছনেল ৰোমিঙত থকা তাইৰ মোবাইল ফোনটো দিল্লীত কাম কৰা দেখি তাই ৰং পালে। তাই ফোনটো অন কৰা সময়ত মোবাইল ফোনটোৱে কোনো ছিগনেল নোপোৱা দেখি তাই হতাশ হৈছিল। দেউতাকৰ ফোন। তাই যিটো বেয়া খবৰ আহিব বুলি ভয় কৰি আছিল, সেইটোৱেই হল।
মাজনী, বন্ধটো হৈছে। গাড়ী মটৰ একো চলা নাই। অফিচ বজাৰ সকলোবোৰ বন্ধ। মই অকলে গাড়ী চলাই যোৱাটো ঠিক নহদেউতাকে কলে।
এতিয়া কি হব দেউতাতাই ভয় খালে।
তই ভয় কৰিব নালাগে মাজনী। মই প্ৰশান্তৰ লগত কথা পাতি সকলো ব্যৱস্থা কৰি থৈছোঁ। এয়াৰপোৰ্টৰ বাহিৰতে অয়ল ইণ্ডিয়াৰ বাছখন ৰৈ থাকিব। তহঁত আটায়ে সেইখনত উঠি আহিবি। একো অসুবিধা নহয়। মই প্ৰশান্তক তোৰ নম্বৰটো দিছোঁ। সিয়ো তোক ফোন কৰিব
তাই অলপ সকাহ পালে। কেৱল যাত্ৰাটো দীঘলীয়া হোৱাৰ কাৰণে তাইৰ চিন্তা হল।
দেউতাকৰ ফোনৰ অলপ পৰ পিছতে এটা অপৰিচিত নম্বৰৰ পৰা অনুপমালৈ ফোন আহিল।
হেলো, অনুপমাই কৈছানে, মই প্ৰশান্ত
হয়, মই অনুপমাই কৈছোঁ, দেউতাই মোক কৈছিল আপুনি ফোন কৰিব বুলি
মোক তুমি বুলিয়েই কবা। তোমালোকে একো চিন্তা নকৰিবা। এয়াৰপোৰ্টৰ পৰা বাহিৰ ওলাই ‘On Oil India Duty’ বুলি লিখা বাছখন দেখিবাই। মই ড্ৰাইভাৰক কৈ থৈছোঁ
বহুত ধন্যবাদএইখিনি সহায় নাপালে আমাৰ বহুত অসুবিধা হল হেঁতেন। কিন্তু আমি বাছৰ পৰা নামিম ক”?
মোৰ কোৱাৰ্টাৰ থকা অঞ্চলটো ট্ৰোকো বাছা’ (TROCO Basha) অঞ্চল বুলি কোৱা হয়। মই পয়ষষ্ঠি নম্বৰ ঘৰত থাকোঁসেইখিনি আহি পালে মোলৈ ফোন এটা কৰিবামই আগবঢ়াই লৈ যাম
অনুপমাই মনতে তাৰ কোৱাৰ্টাৰটোৰ ঠিকনাটো মনতে আওৰাই ললে।
অনুপমাই চিন্তাক্লিষ্ট ভাৱত ফোনত কথা পাতি থকা দেখি কেভিন আগবাঢ়ি আহি সুধিলে, “তুমি খুব চিন্তা কৰি আছা। কিবা প্ৰব্লেম হৈছে নেকি”?
তাই কলে, “একো প্ৰব্লেম হোৱা নাই, আমি মাথোন আৰু এটা দীঘলীয়া বাছ যাত্ৰা কৰিব লাগিব, ডিব্ৰুগড়ৰ পৰা দুলীয়াজানলৈ, তাৰ পিছত দুলীয়াজানৰ পৰা ডিগবৈলৈ গাড়ীৰে যাম। মোৰ আইতাৰ কাৰনেই চিন্তা হৈছে
ডিগবৈলৈ পোনে পোনে যোৱাত কিবা অসুবিধা আছে নেকি”? কেভিনে সুধিলে।
এৰা, সেইটো ৰাষ্টা কিবা এটা কাৰণত বন্ধ হৈ আছে। আমি অন্য এটা ৰাষ্টাৰে যাব লাগিব। এই ৰাষ্টাটো কিছু দীঘলীয়াবন্ধৰ কথা কৈ কেভিনক তাই বিমোৰত পেলাব নিবিচাৰে।
কেভিনে হাঁহি মাৰি কলে, “অসম পোৱাৰ পিছত চাবা আইতাই ফূৰ্তিতে কষ্টৰ কথা সমুলি পাহৰি যাব। ৰাষ্টা দীঘলীয়া হলেও একো অসুবিধা নহয়
কেভিনৰ এনে ইতিবাচক মনোভাৱ অনুপমাৰ বৰ ভাল লাগেতাই যেতিয়া মানসিক উত্কণ্ঠাত ভোগে, মনৰ চিন্তাবোৰ খেলি মেলি হয়, তেতিয়াই কেভিনৰ প্ৰত্যয় ভৰা কথাই তাইৰ মনত সকাহ দিয়ে। সি কথাবোৰ সহজ ভাৱে লব পাৰে। বিপৰীত পৰিস্থিতিও সহজে গ্ৰহণ কৰি লব জানেসি।
তাই আইতাকলৈ চালে। তেওঁ ডিঙি ঘূৰাই ঘূৰাই চাৰিওপিনে চাইছে, যেন কোনোবা চিনাকী মুখৰ সন্ধানহে কৰিছে। তাই কেভিনক কলে, “চোৱা কেভিন, আইতাই তেওঁৰ কোনোবা পুৰণি বয়ফ্ৰেণ্ড ওলাই নেকি বিচাৰি চাইছেকেভিনে তাইৰ কথাত হাঁহিলে।
হাঁহিৰ ভাগ দিবলৈ অনুপমাই ক্লাৰাক বিচাৰিলে। কিন্তু ক্লাৰা ওচৰত নাই। কেভিনে তাইলৈ আঙুলিয়াই দেখুৱালে। তাই স্মোকিং জোনলৈ গৈ ছিগাৰেট হুপিবলৈ লৈছে। কেভিনে কলে, “ক্লাৰাই এতিয়াহে শান্তি পাইছে যেন লাগিছে
স্মোকিং জোনৰ পৰা আহি ক্লাৰাই চোফা এখনত বহি লৈ সৰু আৰ্চী এখনত চাই নিজৰ সাজ সজ্জা ঠিক ঠাক কৰিবলৈ ললে। চুলি ফণিয়ালে, ওঁঠত নতুনকৈ লিপ ষ্টিক লগালে।
অনুপমাৰ চকুৱে চকুৱে পৰাত তাই কলে, “হেই পমা, তোমাকো অলপ ষ্টাইল কৰি দিওঁ আহা। তোমাক আজি ইমান আপচু লাগিছেঅনুপমাই তেতিয়াহে ধৰিব পাৰিলে তাই ৰাতিপুৱাৰ পৰা চুলিকোচাও ফণিওৱা নাই। তাই ক্লাৰাৰ ওচৰলৈ আগবাঢ়ি গল।
ক্লাৰাৰ ওচৰত বহি তাই মুৰটো ফণিয়ালে। ক্লাৰাৰ পৰা লৈ মুখত ঘঁহা ক্ৰীম অলপ লগালে। বেগৰ পৰা লিপষ্টিকডাল উলিয়াই ওঁঠত লগালে।
তোমালোকে ষ্টাইল কৰি থাকোঁতে আমাৰ ব্ৰেকফাষ্টৰ সময় পাৰ হৈ যাবহাতৰ ঘড়ীটোলৈ চাই কেভিনে কলে। কেভিনৰ কথাত ক্লাৰা আৰু অনুপমা লৰালৰিকৈ উঠিল।
ব্ৰেকফাষ্ট হিচাপে আটায়ে বাৰ্গাৰ আৰু ফ্ৰেন্স ফ্ৰাই খালে। খোৱা হোৱাৰ পিছতে অনুপমাই ব্যস্ততাৰে কলে, “ন বাজি গলেই। আমি এতিয়া সোনকালে আমাৰ গেটৰ ওচৰ পাবগৈ লাগিব
তাইৰ তত্পৰতাত আটায়ে গেটৰ পিনে খোজ ললে। আইতাকৰ হুইল ছেয়াৰখন চলোৱা লৰা জনেও খৰধৰকৈ আইতাকক লৈ গেটৰ পিনে আগবাঢ়িল। গেটৰ ওচৰ পাই অনুপমাই দ্বায়িত্বত থকা এয়াৰলাইন্সৰ কৰ্মচাৰী এজনক অনুৰোধ কৰিলে যাতে গেটৰ পৰা বাছেৰে গৈ বিমানত উঠালৈকে তেওঁলোকৰ মানুহে আইতাকক ধৰি মেলি অলপ সহায় কৰি দিয়ে। বিমানকোঠটোত এয়াৰ ৱেযোগে পোনে পোনে বিমানত প্ৰৱেশ কৰাৰ ব্যৱস্থা নথকা বাবে গেটৰ পৰা বিমানলৈ বাছত যাব লাগে। অনুপমাৰ অনুৰোধত তিনিজন পোৰ্টাৰ সহায় কৰিবলৈ উপস্থিত হল। তেওঁলোকে একেবাৰে বিমানত উঠালৈকে সহায় কৰি দিবলৈ দ্বায়িত্ব ললে।   
দিল্লীৰ পৰা গুৱাহাটী হৈ ডিব্ৰুগড়লৈ বিমানত প্ৰায় চাৰে তিনিঘণ্টাৰ বাট। অনুপমাৰ ভাৱ হৈছিল, লণ্ডনৰ পৰা ইমান দীঘলীয়া যাত্ৰাৰ পিছত ততাতৈয়াকৈ দিল্লীৰ পৰা ডিব্ৰুগড় যোৱাৰ পৰিকল্পনা কৰাটো উচিত হোৱা নাছিলআইতাকৰ বয়সৰ মানুহ এগৰাকীৰ কাৰনে এই দীঘলীয়া যাত্ৰা যে ক্লান্তিকৰ হৈছে, তাত কোনো সন্দেহ নাছিল। এটা দিন দিল্লীত জিৰণি লোৱা আৱশ্যকীয় আছিল। পিছে কেভিন আৰু ক্লাৰাৰ কামৰ কাৰনে প্ৰয়োজনীয় সময়ৰ অভাৱ হব বুলি ভাবিয়েই তাই যাত্ৰাটো এনেধৰণে পৰিকল্পনা কৰিছিল।
লণ্ডনৰ পৰা দিল্লীলৈ অহা আন্তৰ্জাতিক বিমান খনতকৈ আকাৰত সৰু বিমান খনত সোমাই আটায়ে নিজৰ নিজৰ আসনত বহিল। তিনিজনীয়া আসনৰ শাৰী এটাত আইতাকক খিৰীকিৰ কাষত লৈ কেভিন আৰু অনুপমা বহিলক্লাৰা পিছৰ শাৰীত খিৰীকিৰ কাষৰ আসনত বহিল। তাই পচন্দ কৰিয়েই খিৰিকি কাষৰ আসন এখন লৈছিল। তাই যিমান পাৰি তলৰ দৃশ্যবোৰ চাই যাব বিচাৰে। অনুপমাই তাইক কৈছিল, বিমান ডিব্ৰুগড়ত অৱতৰণ কৰাৰ আগতে খিৰীকিৰে বিশাল ব্ৰহ্মপুত্ৰ আৰু দুৰৰ হিমালয়ৰ নয়নাভিৰাম দৃশ্য দেখিবলৈ পোৱা যায়।
বিমানত ছীট বেল্ট লগোৱা হোৱাৰ পিছত অনুপমাই আইতাকক কলে, “আৰু বেছি সময় নাই আইতা, আমি সোনকালেই আপোনাৰ সৰু কালৰ ডিব্ৰুগড় চহৰত অৱতৰণ কৰিম
মই বিশ্বাসেই কৰিব পৰা নাই অনুপমা। আকৌ মই ডিব্ৰুগড় দেখিবলৈ পামআইতাকৰ চকু মুখ উজ্বলি উঠিল। ডিব্ৰুগড়ৰ নাম শুনিলেই তেওঁ যেন ৰোমাঞ্চিত হৈ পৰে।
অনুপমাই ভাবিলে, তাইৰ হাতত এটা ডাঙৰ দায়িত্ৱ আছে। তাই আইতাকৰ হেৰাই যোৱা দিনবোৰৰ কেনেবাকৈ এক সংযোগ উলিয়াব লাগিব। তাই জানে ডিব্ৰুগড়তে ফুল বাগানৰ ওচৰত বেৰী হোৱাইট মেডিকেল স্কুলৰ অৱশেষ আছে। সেই ঘৰটো সংৰক্ষণ নকৰাৰ বাবে এতিয়া ভাঙি চিঙি গৈছে। সেই স্থানৰ ওচৰে পাজৰেই হয়তো নেন্সী ডাঙৰ দীঘল হৈছিলদেউতাকে কোৱা মতে ৰঙাজান গাৱঁৰ এতিয়া অস্তিত্ৱই নাই। আছে মাথোন চাহ বাগিচা এখন, যিখনত মধুপুৰ বাগিচা এদিন জাহ গৈছিল। কেনেকৈ উলিয়াব তাই ইমান পুৰণি কথাৰ সন্ধান।
কেভিনে প্ৰায়ে কৈ থকা কথা এষাৰ তাইৰ মনলৈ আহিল। কেভিনে কৈ থাকে, মানুহৰ ইচ্ছা যেতিয়া সৎ হয়, তেতিয়া ঈশ্বৰে টানতকৈ টান কাম সমাধা কৰিবলৈ বাট উলিয়াই দিয়ে। এয়াই ঈশ্বৰৰ মহত্ব। তাই ভাবিলে, তাইৰ ইচ্ছা সৎ আৰু নিস্বাৰ্থ। গতিকে তাই নিশ্চয় কিবা নহয় কিবা শুং-সূত্ৰ উলিয়াব পাৰিব। তাই ভাবত তন্ময় হৈ চকু দুটা মুদি থাকিল। যাত্ৰাৰ অৱসাদে আইতাককো আগুৰি ধৰিছিল। তেওঁ নিশ্চিন্ত মনে টোপনি গৈছিল।
ডিব্ৰুগড় বিমানকোঠলৈ বিমানখন অৱতৰন কৰিবলৈ লোৱাৰ পিছত লাহে লাহে তলৰ দৃশ্যবোৰ দেখা পোৱা হৈ আহিল। বিশাল ব্ৰহ্মপুত্ৰৰ নীলাভ পানী দেখা পোৱা গল। দুৰণিৰ গাওঁ, চহৰ বোৰো ওপৰৰ পৰা লাহে লাহে চিনি পোৱা হৈ আহিল। ক্লাৰাই হঠাতে চিঞৰি উঠিল, ‘পমা, মই এখন বিশাল নৈ দেখিছোঁ। নৈ খনৰ মাজত অসংখ্য বালিচৰ। সেইখনেই ব্ৰহ্মপুত্ৰ নহয়নে’?
ক্লাৰাৰ মাতত অনুপমাৰ তন্দ্ৰা ভাঙিল। তায়ো আইতাকৰ কাষৰ খিৰীকিখন খুলি তললৈ চাই পঠিয়ালে। এৰা সেয়াই বিশাল বৰ লুইত, মহাবাহু ব্ৰহ্মপুত্ৰ। ওপৰৰ পৰা ব্ৰহ্মপুত্ৰৰ বিশালতা যেন আৰু প্ৰষ্ফুটিত হৈ পৰিছে। নদীখনৰ বিশালতাই তাইক যেন নতুনকৈ অবাক কৰিলে। ওঁ, ক্লাৰা। সেইখনেই ব্ৰহ্মপুত্ৰ নদী
ইমান ধুনীয়া। মোৰ ফটো লবলৈ বৰ মন গৈছে জানা পমাব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যই ক্লাৰাৰ মন উতলা কৰিলে
আমাৰ দেশত বিমানৰ ভিতৰত ফটো লোৱা আইনবিৰুদ্ধ। তুমি চকুৰে চায়েই তৃপ্তি লোৱা। তাতে তোমাৰ কেমেৰাও তোমাৰ লগত নাইঅনুপমাই কলে।
কেমেৰাৰ কথা মনত পেলাই দিয়াৰ লগে লগে ক্লাৰাৰ মুখ আকৌ শংকাত বিবৰ্ণ হৈ গল। মোৰ কেমেৰাটো ভালে ভালে আহি পাব নহয়নে পমা। কেমেৰাটো হেৰালে মই মৰি যাম জানা
দেউতাকে অনুপমাক সৰুৰে পৰা এটা কথা শিকাইছে। সেয়া হ, যি হয় সকলো ভালৰ কাৰণেই হয়। সকলো ভাল হৈছে আৰু আগলৈও ভাল হব বুলি ভাবিব লাগে। তাই ক্লাৰাক কলে, “তুমি চিন্তা নকৰিবা ক্লাৰা, সকলো ঠিকে থাকিব
বিমানখন লাহে লাহে উচ্চতাৰ পৰা তললৈ নামিবলৈ ধৰিলে। অনুপমাই আইতাকক জগাই দিলে, “আইতা আমি ডিব্ৰুগড় পাবৰ হল। উঠক
হঠাতে হেৰোৱা বস্তু বিচাৰি পোৱাৰ আনন্দত মতলীয়া হোৱাদি আইতাকে উঠি বহিল। বিমানৰ ঘূৰণীয়া খিৰিকীৰে তললৈ চাবলৈ ধৰিলে।
সেইখনেই ব্ৰহ্মপুত্ৰ নহয়নে”? ক্ৰমে ষ্পষ্টকৈ জিলিকি উঠা ডাঙৰ নৈ খনলৈ চাই আইতাকে সুধিলে।
অনুপমাই কলে, “হয় আইতা, আপুনি যে শিহু চাবলৈ গৈছিল, সেইখনেই এই নদীখন
আইতাকৰ চকু মুখ উজ্বলি উঠিল। অনুপমাই অৱতৰণ কৰাৰ আগে আগে তেওঁৰ ছীট বেল্ট ডাল ভালদৰে লগাই দিলে।
এটা জোকাৰণিৰে বিমান খন ডিব্ৰুগড়ত অৱতৰণ কৰিলে। অনুপমাই জানে ডিব্ৰুগড়ত ৰান ৱেছুটি কাৰনে বিমান অৱতৰন কৰোঁতে এনে জোকাৰণি প্ৰায়ে অনুভূত হয়।
ডিব্ৰুগড়ৰ বতৰ ফৰকাল হৈ আছিল। আটায়ে ধৰাধৰিকৈ বিমানৰ চিৰিৰে আইতাকক নমাই চিৰিৰ ওচৰত ৰৈ থকা হুইল ছেয়াৰত বহাই দিলে। হুইল ছেয়াৰ খনৰ লগতে আটাইকেইজন আহি বিমান কোঠৰ আদৰণি কক্ষত সোমাল।


No comments:

Post a Comment