তেনেই সৰু ডিব্ৰুগড় বিমান কোঠটো দেখি ক্লাৰাই কৈ
পেলালে, “মই ইমান সৰু এয়াৰপোৰ্ট জীৱনত দেখা নাই। লণ্ডনৰ বাছ টৰ্মিনাছটোও ইয়াতকৈ
ডাঙৰ”। তাই ভাবিছিল তাইক কথাৰ সমৰ্থনত কেভিনে কিবা ক’ব।
কিন্তু সি তাইৰ কথা যেন নুশুনিলেই। অনুপমায়ো তলমুৰ কৰি আইতাকৰ কাষে কাষে আগবাঢ়ি গ’ল।
বস্তু বাহানি অহালৈ কনভেয়ৰ বেল্টৰ ওচৰত তেওঁলোকে
অপেক্ষা কৰিলে। তেওঁলোকৰ লাগেজবোৰ অলপ দেৰীকৈ আহিল। এটা এটাকৈ চিনাক্ত কৰি
লাগেজবোৰ ট্ৰ’লী এখনত উঠাই গ’ল। পিছে সকলোৰে লাগেজ আহি
শেষ হোৱাৰ পিছত তেওঁলোকে আৱিস্কাৰ কৰিলে -
ক্লাৰাৰ কেমেৰাৰ বেগটো নাহিল !
ক্লাৰা কান্দো কান্দো হ’ল।
কনভেয়ৰ বেল্ট ৰৈ যোৱাৰ পিছতো তাইৰ বেগটো আহিব বুলি কিছু সময় তাতে ৰৈ থাকিল। এসময়ত দুহাতেৰে
মুখ ঢাকি তাই হুকহুকাই কান্দি উঠিল।
ক্লাৰাৰ বেগটো নহা দেখি কেভিন আৰু অনুপমাৰ মুখ শুকাই
গ’ল।
কেভিনে বিমূঢ় ভাৱত অনুপমালৈ চালে।
অনুপমাৰ প্ৰশান্তৰ কথা মনলৈ আহিল। হয়তো সি কিবা সহায়
কৰিব পাৰিব। তাই ততাতৈয়াকৈ ফোনটো উলিয়াই প্ৰশান্তৰ নম্বৰটো ডায়েল কৰিলে।
“প্ৰশান্ত, মই অনুপমাই কৈছোঁ। আমি
ডিব্ৰুগড় আহি পালোঁ। কিন্তু বৰ বিপদত পৰিছোঁ। আমাৰ খুব দৰকাৰী বস্তু থকা বেগ এটা
নাহিল। তুমি কিবা সহায় কৰিব পাৰিবানে”?
“ও হয় নেকি? তোমালোকে এটা কাম কৰা।
এয়াৰপোৰ্ট মেনেজাৰৰ ওচৰলৈ গৈ সহায় বিচৰা। তেওঁ মোৰ চিনাকী। মই ফোন কৰি কৈ থম। তেওঁ
সহায় কৰিব”।
কেভিন আৰু অনুপমাই তত্পৰতাৰে এয়াৰপোৰ্ট মেনেজাৰৰ
ওচৰলৈ গ’ল।
মেনেজাৰে নিজেই আহি তেওঁলোকক ছাহাৰা এয়াৰলাইন্সৰ বিষয়াৰ ওচৰলৈ লৈ গ’ল। বিষয়া জনে টেলিফোন যোগে কথা পাতিলে। ততাতৈয়াকৈ এখন লিখিত আবেদন কৰিবলগীয়া হ’ল।
অলপ সময়ৰ পিছত বিষয়া জনে খবৰ দিলে যে বেগটো দিল্লী এয়াৰপোৰ্টতে আছে। ‘বিশেষ সাৱধানতা’ ল’ব লগীয়া
বেগটো বিশেষ বাকচ এটাৰ পৰা ভুলবশত: নমোৱা নহ’ল। অফিচৰ পৰা আশ্বাস দিলে যে পিচদিনাৰ বিমানতহে বেগটো আহি পাব, কাৰণ সেইদিনা ডিব্ৰুগড়লৈ অহা আৰু কোনো বিমান নাই।
“কেভিন, মই এতিয়াই ঘূৰি যাওঁ। মোৰ
কেমেৰাটো হেৰাল। মোৰ ইয়াত একো কাম নাই। মোক লণ্ডনলৈ যোৱা টিকট এখন কৰি দিয়া”। ক্লাৰাই
কোবাকুবিকৈ কেভিনৰ ওচৰলৈ আহি ক’লে।
“ৰ’বাচোন ক্লাৰা, মই
কথা পাতিছোঁ নহয়। মাজে সময়ে এনে অসুবিধা সকলোতে হয়। মই আশা কৰিছোঁ আমি বেগটো কাইলৈ
পাই যাম”।
“কি দৰকাৰ আছিল মিছাতে মোৰ কেমেৰা বেলেগকৈ পেক কৰিবলৈ। এতিয়া
কেমেৰাটো নাহিলে মই ইয়াত কাৰ মূৰটো কৰিবলৈ আহিছোঁ”? তাই
কেভিনৰ ওপৰত খং উজাৰিলে।
অনুপমাই তাইক বুজনি দিলে, “বেগটো দিল্লীত বিচাৰি যে পাইছে, সেইটোৱে ভাল খবৰ।
তুমি অলপ ধৈৰ্য্য ধৰা। বেগটো সোনকালেই আহি পাব। আমি কাইলৈ আকৌ আহি বেগটো লৈ যাম।
এতিয়া আমি যাওঁ ব’লা”।
“তোমলোক যোৱা, মই বেগটো নহালৈ ইয়াতে থাকিম”,
ক্লাৰাই জিদ কৰিলে।
“ইয়াত থাকিবলৈ একো সুবিধা নাই ক্লাৰা। অলপ পিছতে এয়াৰপোৰ্টটো
বন্ধ কৰি দিব। আবেলিৰ পিচত ইয়ালৈ কোনো বিমান নাহে”। অনুপমাই বুজনি দিলে।
“কি যে এখন ঠাইলৈ তোমালোকে মোক লৈ আহিছা। আবেলিৰ পৰা এয়াৰপোৰ্ট
বন্ধ হোৱাৰ কথা মই ক’তো শুনা নাই”। ক্লাৰাই চিঞৰি
চিঞৰি ক’লে।
কেভিনে ক্লাৰাৰ কান্ধত হাত থৈ তাইক শান্ত কৰিবলৈ
চেষ্টা কৰিলে। অলপ পিছত তাই চকুপানী মচি আটাইৰে লগত এয়াৰপোৰ্টৰ পৰা বাহিৰ ওলাল।
প্ৰশান্তই বাছখনক অলপ সময় অপেক্ষা কৰিবলৈ কৈ থৈছিল।
তেওঁলোকৰ অয়ল ইণ্ডিয়াৰ বাছখন বিচাৰি উলিওৱাত অসুবিধা নহ’ল।
আইতাকক আটায়ে ধৰি মেলি উঠাই বহুৱাই দিলে। বাছখনত বেছি মানুহ নাই কাৰণে আৰামকৈ
বহিবলৈ অসুবিধা নহ’ল। বাছৰ হেন্দিমেন জনে হাতত থকা তালিকাখনৰ
পৰা মিলাই সকলো মানুহ আহিছেনে চাই ল’লে। অলপ পিছতে বাছখন
চলিবলৈ আৰম্ভ কৰিলে।
মোহনবাৰীৰ পৰা ওলাই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিয়েদি যোৱা
ৰেলপথটো দেখি আইতাকৰ মুখত হাঁহি বিৰিঙি উঠিল। তেওঁ অনুপমাক ওচৰলৈ মাতি ক’লে,
“এই ৰাস্তাটো মই চিনি পাইছোঁ। ৰাস্তাৰ ইমান ওচৰেদি যোৱা ৰেলপথ মই আন
ক’তো দেখিবলৈ পোৱা নাই। ৰাস্তাটো আগতকৈ বহুত ভাল হ’ল, কাষৰ হাবি বোৰ নাইকিয়া হ’ল,
কিন্তু মই এই ৰেলপথটো আৰু ৰাস্তাটো ঠিকেই চিনি পাইছোঁ।এইটো
ৰাস্তাৰেই আমি দেউতাৰ লগত ডিব্ৰুগড়ৰ পৰা চাবুৱালৈ গৈছিলোঁ”।
অনুপমাৰ মন গৈছিল, সেইখিনিতে বাছ খন ৰখাই আইতাকক আৰু
অলপ স্মৃতি ৰোমন্থন কৰিবলৈ সুবিধা কৰি দিবলৈ। পিছে সেইখন অয়ল কোম্পানীৰ বাছ,
তাতে অসম বন্ধৰ দিন। সেয়ে তেনে কৰাটো সম্ভৱ নাছিল।
ডিব্ৰুগড়ৰ পৰা দুলীয়াজানলৈ যোৱা বাটটোত মাজে মাজে চাহ
বাগিচা আৰু মাজে মাজে খেতি পথাৰৰ দৃশ্য চাই কেভিনে বৰ ভাল পালে। বাটৰ ওচৰতে চাহ
বাগিচা আগতে সি দেখা নাছিল। গাড়ী যোৱা বাটত গৰুৰ জুম, বাটৰ
দাঁতিতে ধুলি মাকতিৰ মাজত শাক পাচলি, মাছ মাংসৰ বজাৰ,
মুল পথত মানুহ, চাইকেল, জীৱ
জন্তুৰ অবাধ গতি আদিয়ে তাক বেছ আমোদ দিলে।
মাজে মাজে উত্সাহতে সি ক্লাৰাক ইটো সিটো দেখুৱাই গ’ল।
“চোৱা ক্লাৰা, সেই গৰু কেইটা ৰাষ্টাৰ মাজত
কেনেকৈ বহি আছে”। ৰাষ্টাৰ মাজতে বহি থকা গৰু কেইজনীলৈ আঙুলিয়াই কেভিনে
ক’লে।
ক্লাৰাৰ সেইবোৰ চাবলৈ ধৈৰ্য নাছিল। তাইৰ মনত খুব দুখ
লাগিছিল। সকলোৰে বেগ ঠিকে ঠাকে আহি পালে, তাইৰ কেমেৰাৰ বেগটোহে হেৰাবলৈ পালে।
তাই কিছু নিজৰ সাঁচতীয়া ধন খৰচ কৰি আৰু কিছু ধাৰ লৈ বহুদিনৰ পৰিকল্পনাৰ অন্তত সেই
দামী মুভি কেমেৰাটো কিনিছিল। কেমেৰাটো কিনাৰ ধাৰ তাই এতিয়াও পৰিশোধ কৰিব পৰাই নাই।
কেমেৰাটো কিবা কাৰণত হেৰালে তেনেকুৱা এটা কেমেৰা তাই পুনৰ কেনেকৈ কিনিব। তাই যিটো
পৰিকল্পনা কৰি গাঁঠিৰ ধন ভাঙি ইণ্ডিয়ালৈ আহিছিল, সকলো
কেমেৰাটোৰ অভাৱত ফুটুকাৰ ফেন হ’ব।
“চোৱা ক্লাৰা, সৌৱা চাহ বাগিচা, সৌবোৰ মানুহৰ গাৱঁৰ জুপুৰি ঘৰ। সৌখন চোৱা নদী, নদীৰ
পাৰত উৰি থকা সৌজাক চৰাই”।
তাইৰ মনৰ এই অৱস্থাত কেভিনে প্ৰাকৃতিক দৃশ্য চাই আমোদ
পাইছে। তাইৰ তাৰ চকু কেইটাই উঘালি আনিবৰ মন গ’ল।
“তুমি খুব ফূৰ্তি পাইছা নহয়। মইতো একো কাম কৰিব নাজানোৱেই। মইতো
অপদাৰ্থই। এতিয়া কেমেৰাটো নহ’লে মোৰতো সঁচাকৈয়ে একো কাম
নাথাকিব। তুমি সকলোকে ক’বা এইজনী খাবলৈ, শুবলৈকে ইণ্ডিয়ালৈ আহিছে”। তাইৰ চিঞৰি চিঞৰি কান্দিবৰ মন গ’ল।
তাইৰ দুখত সমভাগী নহৈ দৃশ্য উপভোগ কৰাত ব্যস্ত কেভিনক এটা নিৰ্বোধ প্ৰাণী যেন
লাগিল তাইৰ।
৪৩
ডিব্ৰুগড়ৰ পৰা দুলীয়াজান যোৱা ৰাস্তাটো ভাল নহয়।
ৰাস্তাৰ মাজে মাজে প্ৰকাণ্ড খাল। বাছৰ চালকৰ গাঁত বোৰ বচাই চলাবলৈ অসুবিধা হয়।
সেয়ে বাছ খনৰ গতি সীমিত হয়। মাজে মাজে বাছ খনত একোটা জোকাৰণি অনুভূত হয়। অনুপমাই
আইতাকক সাৱটি ধৰে।
“আপোনাৰ অসুবিধা হোৱা নাইতো আইতা। ৰাষ্টাটো ভাল নহয়”।
আইতাকে নীৰৱে হাঁহিলে। তেওঁ যেন কিবা এক ভাবত বিভোৰ
হৈ আছে। বাছৰ খিৰীকিৰে পিচলৈ দৌৰি থকা যেন লগা দৃশ্যবোৰ তেওঁ প্ৰাণভৰি চাই গৈছে।
তেনেদৰে প্ৰায় ডেৰ ঘণ্টা মানৰ পিছত বাছ খন দুলীয়াজান
তৈল নগৰীত প্ৰৱেশ কৰিলে। চহৰ খনত থকা অয়ল ইণ্ডিয়াৰ আৱাসিক অঞ্চলত ঘুৰি পকি বাছ খনে
বাছৰ মানুহ বোৰ নমালে। এঠাইত হেন্দিমেন জনে অনুপমা হঁতৰ দলটোক উদ্দেশ্যি ক’লে,
“আপোনালোক ইয়াতে নামক”।
প্ৰশান্ত ৰৈয়ে আছিল। বস্তু বাহানিবোৰ হেন্দিমেন জনে
নমাই দিলে। আটায়ে ধৰি মেলি আইতাকক নমালে। অনুপমাই আইতাৰ হাতত লাখুটিডাল দিলে।
“তুমিয়েই প্ৰশান্ত নহয় জানো? তুমি দেখিবলৈ
একেবাৰে বেলেগ হৈ গ’লা। তোমাক বহুদিনৰ আগতে দেখিছিলোঁ মই”। অনুপমাই
প্ৰশান্তক দেখি ক’লে। সি এটা লাজুকীয়া হাঁহি মাৰিলে।
“তোমাকো বহুদিনৰ মুৰত দেখিছোঁ। বাটত দেখিলে চিনিয়েই
নাপালোহেঁতেন”। সি ক’লে।
“প্ৰশান্ত, এয়া কেভিন, এয়া ক্লাৰা আৰু এয়া কেভিনৰ আইতাক নেন্সী”। অনুপমাই চিনাকী কৰি দিলে।
প্ৰশান্তই কেভিন আৰু ক্লাৰাৰ লগত কৰমৰ্দন কৰিলে। সি
আইতাক নেন্সীৰ দুইহাত জোৰ কৰি প্ৰণাম কৰিলে। নেন্সীয়ে তাক সাৱটি ধৰি দুয়োগালে চুমা
যাদিলে। সি আটাইকে তাৰ সৰু কোৱাৰ্টাৰটোলৈ লৈ গ’ল। দুটা মাত্ৰ কোঠালীৰ সেই সৰু সৰু ঘৰবোৰ নতুনকৈ যোগদান
কৰা সকলৰ বাবে কোম্পানীয়ে অস্থায়ী ভাৱে
সাজিছিল। সেয়ে ঘৰবোৰৰ নাম এতিয়াও TROCO অৰ্থাত Temporary
Residence of Company Officers.
পিছে সময় যোৱাৰ লগেলগে এই অস্থায়ী ঘৰবোৰ নতুনকৈ
অহাসকলৰ কাৰণে দীৰ্ঘদিনৰ ঠিকনাৰ দৰে হৈ পৰিল।
প্ৰশান্তৰ ঘৰটো সৰু যদিও অতি ধুনীয়াকৈ সজাইপৰাই ৰখা
ঘৰটোত এক শিল্পীসুলভ হাতৰ পৰশ অনুভৱ কৰিব পাৰি।বহাকোঠাটোৰ দেৱালত কেইবাখনো ধুনীয়া
আলোকচিত্ৰ বন্ধাইথোৱা আছে।ফ্ৰিজটোৰ দুৱাৰত বিভিন্ন আলোচনী, বাতৰিকাকতত
ওলোৱা ছবিৰ ক’লাজ। কোঠাটোৰ আলোকসজ্জা এনেদৰে কৰা হৈছে যাতে
চোফাত বহা মানুহকেইজনৰ গালৈহে পোহৰ আহে। একেবাৰে যেন ষ্টুডিঅ’ৰ পৰিৱেশ। বাদ্যসংগীত কম ভলিউমত বাজি থকা কোঠাটোত যেন এক মায়াবী পৰিৱেশৰ
সৃষ্টি হৈছিল।
কোঠাটোৰ পৰিৱেশ দেখি ক্লাৰাৰ মনটো ভাল লাগি গ’ল।
তাইৰ উদাস ভাৱটো যেন অলপ আঁতৰি গ’ল। তাই ধৰিব পৰিলে কোঠাটো
এনেদৰে সজাইপৰাই ৰখা মানুহজন ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী ব্যক্তি।
“মই অনুমান কৰিছোঁ যেএই ছবিবোৰৰ ফটোগ্ৰাফাৰ তুমিয়েই। ছবিবোৰ
সঁচাকৈয়ে বৰধুনীয়া হৈছে”। দেৱালৰ ফটোবোৰ ভালদৰে নিৰীক্ষণ কৰি তাই ক’লে।
বিদেশী গাভৰু গৰাকীৰ প্ৰশংসা লাভকৰি প্ৰশান্তৰ ভাল
লাগিল। সি অলপ লাজলাজকৈ ক’লে, “হয়। মোৰ ফটোগ্ৰাফীত চখ আছে”।
“ৱাও। তোমাক লগ পাই খুব ভাল লাগিল। মইয়ো কেমেৰাৰ কামত আগ্ৰহী।
তোমাৰ আৰু মোৰ পচন্দৰ বেছ মিল আছে”। ক্লাৰাৰ মুখ খন বহু সময় পিচত উজ্বলি উঠিল।
প্ৰশান্তই নেন্সীক গ্ৰেণ্ড মা বুলিয়ে সম্বোধন কৰি ক’লে,
“গ্ৰেণ্ড মা, আপুনি মোৰ শোৱনিকোঠাৰ বিচনাতে
জিৰণি লওক। অনুপমা, তুমি গ্ৰেণ্ডমাক সহায় কৰি দিয়া”।
অনুপমাই আইতাকৰ হাতত ধৰি শোৱনিকোঠালৈ লৈ গ’ল।
লগতে ক্লাৰাও সোমাই গ’ল। শোৱনিকোঠালৈ গৈ ক্লাৰা মুগ্ধ হৈ গ’ল। প্ৰশান্তৰ মজিয়াত পৰা বিচনাৰ ওচৰতে এটা ট্ৰাইপডৰ ওপৰত এটা আধুনিক
ডিজিটেল মুভি কেমেৰা, মজিয়াৰ অ’ত-ত’ত সিঁচৰিত হৈ আছে ফটোগ্ৰাফীত প্ৰয়োজন হোৱা সা-সৰঞ্জাম, লেন্স, ৱাইড এঙ্গল
ঝুম, টেলিস্ক’পিক ঝুম আদি। কিতাপৰ ঠাকত
ফটোগ্ৰাফী আৰু চিনমাটোগ্ৰাফীৰ ওপৰত কেইবাখনো আলোচনী আৰু কিতাপ। তাৰ খুলি থোৱা
কম্পিউটাৰটোৰ মনিটৰত ওলাই আছে ফটো এডিটিঙৰ আধৰুৱা কাম।
অনুপমাই আইতাকক মজিয়াত পাৰি থোৱা বিচনা খনতে শুৱাই
দিলে। তাই অনুভৱ কৰিলে
তেওঁৰ কিছু সময় বিশ্ৰামৰ প্ৰয়োজন। প্ৰশান্তৰ কোঠাৰ সাজ সজ্জা বোৰ তাইৰ ভাল লাগিল।
ক্লাৰাই কম্পিউটাৰটোত বহি প্ৰশান্তৰ অনুমতি
নোলোৱাকৈয়ে সি কৰা এডিটিঙৰ কামবোৰ চাবলৈ ধৰিলে। তাৰ কাম দেখি তাই মুগ্ধ হৈ গ’ল।
বহুত প্ৰফেছনেল এডিটৰেও এনে কাম কৰিব নোৱাৰে। দৃশ্যছবিৰ লগত স্থিৰ ছবি আৰু সংগীতৰ
কি যে অপূৰ্ব মিশ্ৰণ। এনেকৈ এডিটিঙ কৰিব জনাটো তাইৰ এটা বহুদিনীয়া সপোন। তাই
প্ৰশান্তৰ কামত আভিভূত হৈ পৰিল।
অনুপমাই আইতাকক শুৱাই থৈ আইতাকৰ ওচৰতে বাগৰি দিলে।
কেভিনে প্ৰশান্তৰলগত বহাকোঠাত কথাপাতি থাকিল। প্ৰশান্তৰ ঘৰত খোৱাবোৱা প্ৰস্তুত কৰা
কামকৰা মাইকীমানুহ এজনীয়ে আটাইৰে কাৰণে চিকেন চাওমিন বনোৱাত ব্যস্ত হ’ল।
অয়ল ইণ্ডিয়াৰ দৰে তৈল ক্ষেত্ৰ অন্বেষণ আৰু উত্পাদনৰ
কামত ব্ৰতী কোম্পানী এটাৰ এজন বিষয়া প্ৰশান্তক লগ পাই কেভিনে বৰ ভাল পালে। তৈল খাদ
খননৰ বহুতো কথা সি কিতাপত পঢ়িছে, আনৰ মুখত শুনিছে। কিন্তু কেতিয়াও
ড্ৰিলিং ৰিগ এটালৈ গৈ পোৱা নাই। সেয়ে সি প্ৰশান্তৰ পৰা খনন কাৰ্য্যৰ কাৰিকৰী খুটি
নাতি বোৰ জানি লবলৈ চেষ্টা কৰিলে। অয়ল ইণ্ডিয়া কোম্পানীটোৰ ইতিহাস আৰু বিশ্বৰ তৈল
ইতিহাসত কোম্পানীটোৰ গুৰুত্বৰ কথাও আলোচনা কৰিলে। অয়ল ইণ্ডিয়াৰ গৌৰৱোজ্জ্বল ইতিহাসৰ বিষয়ে কেভিনে
পঢ়িছে। ডিগবৈত তেল আৱিস্কাৰ হোৱাৰ পিছত আছাম ৰেইলৱে এণ্ড ট্ৰেডিং কোম্পানীৰ পৰা
কিদৰে আছাম অয়ল কোম্পানীৰ গঠন হ’ল, তাৰ পিছত
কিদৰে কোম্পানীটো বাৰ্মা অয়ল কোম্পানীৰ হাতলৈ গ’ল আৰু শেষত
অয়ল ইণ্ডিয়াৰ গঠন হ’ল, সেই বিষয়ে সি
কিছু কথা জানে। তেনে এটা ঐতিহ্যশালী কোম্পানীৰ মুখ্য কাৰ্যালয় থকা চহৰ খনলৈ আহিব
পাৰি সি খুব আনন্দিত হ’ল।
“মই আকৌ তোমাৰ ওচৰলৈ আহিম। তুমি মোক ড্ৰিলিং ৰিগ দেখুৱাবলৈ নিব
লাগিব”।
“আহিবা এদিন সময় লৈ। ৰাতিপুৱা সোনকালে ওলালে ভাল। মোক আগতিয়াকৈ
খবৰ দিবা”।
সেই মূহুৰ্ততে ক্লাৰা শোৱনি কোঠাৰ পৰা ওলাই আহি
প্ৰশান্তক ক’লে, “তুমি সঁচাই জিনিয়াছ”।
হঠাতে কি কথাত কিহৰ কাৰনে ক্লাৰাই তাক জিনিয়াছ বুলি ক’লে
প্ৰশান্তই ধৰিব নোৱাৰিলে।
“মোক তোমাৰ সহায় লাগিব প্ৰশান্ত। তুমি মোক সহায় কৰিবানে?”
ক্লাৰাই আহি প্ৰশান্তৰ ওচৰত বহিল।
“কেনেকুৱা সহায় বিচাৰিছা”।
“তুমি গম পোৱানে নাই নাজানো, মই ইয়ালৈ
আহিছোঁ তৈল উদ্যোগৰ পটভূমিত এখন ডকুমেণ্টৰী বনাম বুলি। মই নিজৰ কেমেৰাটো লগত লৈ
আহিছিলোঁ। কিন্তু মোৰে ভাগ্য বেয়া যে কেমেৰা থকা বেগটো আহি নাপালে”।
“অ:, মোক অনুপমাই কৈছে কথাটো। পিছে চিন্তা
নকৰিবা, তুমি বেগটো পাই যাবা”।
“মই নাজানো বেগটো পাম নে নাই”, এই বুলি
তাই এটা হুমুনিয়াহ কাঢ়িলে। পিছ মূহুৰ্ততে তাই উচ্ছাসেৰে ক’লে,
“তোমাৰ মুভি কেমেৰাটো মই দেখিলোঁ। সেইটো মোৰটোতকৈও ভাল। তুমি মোক
তোমাৰ কেমেৰাটোৰে কিছু অংশ ছুটিং কৰিবলৈ দিবানে? আৰু তোমাৰ
কম্পিউটাৰটো চাই মই বুজিলোঁ, ফটো আৰু ভিডিঅ’ এডিটিঙত তুমি এজন বিশেষজ্ঞ, এজন জিনিয়াছ। তুমি মোক এডিটিঙতো সহায় কৰিব লাগিব”।
প্ৰশান্তই লগে লগে ক’লে, “নিশ্চয়,
নিশ্চয়। তোমাক সহায় কৰিবলৈ পোৱাটো মোৰে সৌভাগ্য”।
কেভিনে হাঁহি হাঁহি ক’লে, “চোৱা
ক্লাৰা, ইয়ালৈ আহি তোমাৰ কিমান লাভ হ’ল।
প্ৰশান্তৰ দৰে এজন জিনিয়াছক লগ পালা”। তাৰ কথাত প্ৰশান্ত আৰু ক্লাৰাই হাঁহিলে।
প্ৰশান্তই ক’লে, “এয়া পিছে
মোৰ চখ হে। মই এতিয়াও প্ৰফেছনেল কাম কৰিব নাজানো”।
কাম কৰা মানুহ জনীয়ে খোৱা প্ৰস্তুত কৰি খোৱা মেজত
সজাই দিলে। আটাইৰে ভোক লাগি আছিল। কেভিন, ক্লাৰা, অনুপমা
আৰু প্ৰশান্ত খাবলৈ বহিল। আইতাকৰ কাৰনে অনুপমাই মাংসৰ চুপ আৰু ব্ৰেড টোষ্ট তৈয়াৰ
কৰোৱাইছিল। পিছে আইতাক টোপনি যোৱাত তেওঁক নজগালে।
“কেতিয়াবা এনেদৰে হঠাত আলহী আহিলে বৰ ভাল লাগে”। প্ৰশান্তই খোৱা
মেজত বহি ক’লে।
“তেনেহ’লে মাজে মাজে আমি আলহী হৈ আহিয়েই
থাকিম”, ক্লাৰাই খিলখিলাই হাঁহি ক’লে।
“যেতিয়াই মন যায় আহি যাবা, মোৰ বৰ ভাল
লাগিব”। প্ৰশান্তয়ো হাঁহিলে।
আটায়ে খোৱা বোৱা শেষ কৰাৰ সময়তে ঘৰটোৰ বাহিৰত গাড়ী
এখন আহি ৰ’লহি। অনুপমাৰ দেউতাক প্ৰশান্তৰ দেউতাকৰ সৈতে গাড়ীৰ পৰা নামিল।
তেওঁলোক দুয়ো ঘৰটোলৈ সোমাই আহিল।
“দেউতা, আংকল আহক। এওঁলোক আহি পোৱা
ডেৰ ঘণ্টা মান হ’ল”। দুয়োকে আদৰি প্ৰশান্তই বহিবলৈ দিলে।
“অ’ মাজনী আহি পালি” এই বুলি অনুপমাক দেউতাকে সাৱটি ধৰিলে।
“আহি পালোঁ দেউতা। আপুনি ভালে আছে খুড়া”।
“আছোঁ আইজনী। তোমাক বহুত দিনৰ মুৰত দেখিলোঁ। ভালে আছা নহয়”।
“আছোঁ খুড়া। এয়া কেভিন আৰু এইজনী ক্লাৰা”। তাই কেভিন আৰু
ক্লাৰাক চিনাকী কৰি দিলে।
প্ৰশান্তৰ দেউতাকে মাত লগালে, “তোমালোকক লগ পাই বৰ ভাল লাগিল। ইমান দুৰৰ পৰা যে অসমৰ বিষয়ে গৱেষণা কৰিবলৈ
আহিছা, সেইটোৱেই ডাঙৰ কথা”।
অনুপমাৰ দেউতাকে ক’লে, “তোমালোকে
আহি অলপ জিৰণি ল’লানে? আজি তোমালোকৰ বৰ
কষ্ট হ’ল নহয়নে? ইয়াত তোমালোকৰ দেশৰ
দৰে সুবিধাবোৰ নাই”। ক্লাৰা আৰু কেভিনে সৌজন্যৰ হাঁহি মাৰিলে।
“দেউতা, তোমালোকে আইতাক এতিয়াও লগ পোৱাই
নাই। তেওঁ শুই আছে। অলপ বহা মই তেওঁক চাই আহিছোঁ”, এইবুলি
অনুপমা ভিতৰলৈ গ’ল।
আইতাকে ইতিমধ্যে সাৰ পাইছিল। অনুপমাই তেওঁৰ কাপোৰযোৰ
অলপ ঠিক ঠাক কৰি দি দেউতাকহতঁক ভিতৰলৈ মাতিলে। বৰুৱা আৰু দত্ত দুয়ো সোমাই আহিল।
তেওঁলোকক দেখি আইতাক নেন্সীয়ে হাতজোৰ কৰি প্ৰণাম কৰিলে। দুয়ো হাত জোৰ কৰি প্ৰত্যুত্তৰ দিলে।
বৰুৱাই আগবাঢ়ি গৈ অসমীয়াতে ক’লে,
“আপুনি ভালে ভালে আহি পালে”?
আইতাকে কথাখিনি বুজি পাই হাঁহি মুৰ দুপিয়াই অসমীয়াতে
ক’লে,
“ওঁ, পালোঁ”।
এগৰাকী বিদেশী বুঢ়ী মহিলাৰ লগত বৰুৱাই অসমীয়াত কথা
পতা দেখি দত্ত বৰ আচৰিত হ’ল। তেওঁ বৰুৱাৰ মুখৰ পিনে ভেবা লাগি চাই থাকিল। তাকে দেখি
বৰুৱাই তেওঁক ক’লে,“কি হ’ল। আচৰিত হৈছা নহয়? এয়া আমাৰ দূৰণিৰ মিতিৰ”। এই বুলি তেওঁ হো
হোৱাই হাঁহি উঠিল।
দত্তৰ মুখৰ সাথঁৰটো মাৰ নোযোৱা দেখি পুনৰ ক’লে,
“এয়া কেভিনৰ আইতাক। এখেতৰ অসমতে জন্ম, বহুদিন
অসমতে আছিল। এতিয়া আকৌ জন্মভূমি খন চাবলৈ আহিছে”।
“ও হয় নেকি? তুমি মোক এইবোৰ কথা কোৱাই নাই
হে”। দত্তৰ ওঁঠত এটা
ক্ষীণ হাঁহি বিৰিঙি উঠিল।
অনুপমাই আইতাকক বাতি এটাৰ পৰা এচামুচ এচামুচ কৈ চুপ
খুৱাই দিলে। বৰুৱা আৰু দত্ত কথা পাতি পাতি সমুখৰ বাৰাণ্ডা খনলৈ ওলাই আহিল। বাহিৰত
ঠাণ্ডা পৰিছে। কুৱঁলী লাহে লাহে বাঢ়িবলৈ লৈছে।
“তোমাৰ ছোৱালীজনী বৰ লখিমী ছোৱালী হে। তাই একেবাৰে নিজৰ
বুঢ়ীমাকৰ যতন লোৱাদি বুঢ়ী মানুহ গৰাকীৰ যতন লৈছে হে”।
দত্তৰ কথাষাৰে অলপ বৰুৱাৰ গা চেবালে।
“তাই তেনেকুৱাই। কাকো আপোন পৰ নাভাবে। তাই মানুহৰ সেৱা শুশ্ৰূষা
কৰি সৰুৰে পৰা ভাল পায়”।
“তথাপি তাই বৰ সোনকালে মানুহক আপোন কৰি ল’ব
পাৰে হে। এইটো বৰ ডাঙৰ গুণ”।
“এই বিদেশী মানুহবোৰ আৰু নিজৰ আপোন হ’ব
পাৰেনে? সেই কেভিন বোলাটোক দেখিছাই। বিয়া নপতাকৈ নিজৰ
বান্ধৱীক লগত লৈ আহিছে। মই জনাত দুয়োটাই বহুদিনৰ পৰা একেলগেই থাকে”, ফুচফুচাই কোৱা দি বৰুৱাই দত্তৰ কানৰ ওচৰত ক’লে।
দত্তই মুৰ দুপিয়ালে। তেওঁ কি বুজিলে বৰুৱাই ধৰিব
নোৱাৰিলে।
অনুপমাই আইতাকক খুৱাই বুৱাই হ’লত
বাৰাণ্ডালৈ ওলাই আহি ক’লে, “ব’লা দেউতা, আমি গৈ থাকোঁ”।
“কি কোৱাহে এতিয়াই যাবা। আজি ৰাতি আটায়ে ভাত খাই যাবা। আমাৰ
ঘৰটো বেছি দুৰ নহয়। মই খুড়ীয়েৰাক কৈয়েই আহিছোঁ আটায়ে ভাত খাবা বুলি”। দত্তই হুলস্থুল
কৰি উঠিল।
বৰুৱাই আপত্তি কৰিলে, “এনেকৈ ঘপহকৈ ভাত খাবলৈ কলেই যামনে?
তুমি সুদাই নিকাই কিবা এটা খুৱাই আজৰি হ’ব
বিচাৰিছা। এদিন সকলোকে লৈ আহি তোমাৰ ঘৰত ভালদৰে খাম”।
অনুপমাই ক’লে, “খুড়া,
আজি থাকক দিয়ক। বহুত দীঘলীয়া যাত্ৰা কৰি আমাৰ সকলোৰে খুব ভাগৰ
লাগিছে। আমি অন্য এদিন আহিম। এনেয়ো কেভিনৰ কামত দুলীয়াজান আহিবই লাগিব”।
“এ: হয় নেকিহে ? আজি
বাৰু মই জোৰ নকৰোঁ। এদিন পিছে আটায়ে আহিব লাগিব দেই”।
বৰুৱাই ঘৰৰ গাড়ী খনকে নিজে চলাই আনিছিল। কেভিন আৰু প্ৰশান্তই ধৰা ধৰিকৈ বস্তু
বাহানিবোৰ গাড়ীত তুলিলে। চালকৰ কাষৰ আসনত কেভিন বহিল। আইতাকক পিছৰ আসনত অনুপমা আৰু
ক্লাৰাৰ মাজতে বহুৱাই দিয়া হ’ল।
“যাওঁ দিয়া প্ৰশান্ত। তোমাৰ এইখিনি সহায়ৰ কাৰণে বহুত
ধন্যবাদ”।
গাড়ীত উঠিবলৈ লৈ
অনুপমাই ক’লে।
“তোমালোকক আটাইকে লগ পাই মোৰ খুব ভাল লাগিল”, প্ৰশান্তই ক’লে।
“হেই প্ৰশান্ত। মোক পাহৰি নাযাবা। মোক তোমাৰ সহায় লাগিব”। ক্লাৰাই আগবাঢ়ি আহি
প্ৰশান্তৰ হাত এখনত ধৰি ক’লে।
প্ৰশান্তৰ লাজ লাজ লাগিল। “নিশ্চয়, তোমাক সহায় কৰিব পাৰিলে মোৰ বৰ ভাল লাগিব”।
“বাই প্ৰশান্ত। বাই আংকল” গাড়ীত বহি কেভিলে হাত জোকাৰিলে।
লাহে লাহে কুৱঁলী ঘন হৈ আহিল। দুলীয়াজানৰ পৰা ডিগবৈলৈ প্ৰায় ৩৫ কিলোমিটাৰ বাট।
ভাদৈ পাঁচালি পাৰ হোৱাৰ পিছতে এজাক ডাঠ কুঁৱলীয়ে চাৰিওপিনে আৱৰি ধৰিলে। আৰম্ভ হ’ল যোৰাজান
হাবিখন।বৰুৱাই গাড়ী যথেষ্ট লাহে লাহে চলাবলগীয়া হ’ল। কেঁকুৰি বোৰত আগৰে পৰা হৰ্ণ
মাৰি আৰু গাড়ীৰ লাইট জ্বলোৱা নুমোৱা কৰি বিপৰীত পিনৰ পৰা অহা গাড়ীক সংকেত দিব
লগীয়া হ’ল।
No comments:
Post a Comment