আহাৰ খোৱাৰ অলপ সময়ৰ পিছতে প্ৰশান্তই অনুপমালৈ ফোন
কৰি জনালে যে ক্লাৰাৰ বেগটো আহি পাইছে আৰু সি নিজেই গৈ বেগটো এয়াৰপোৰ্টৰ পৰা নিজৰ
দ্বায়িত্বত সংগ্ৰহ কৰি আনিছে।
কথাটো গম পাই ক্লাৰা জঁপিয়াই উঠিল। অনুপমাৰ পৰা ফোনটো লৈ তাই প্ৰশান্তক ক’লে,
“তোমাক বহুত ধন্যবাদ প্ৰশান্ত। আমি এতিয়াই কেমেৰাটো আনিবলৈ যাম”।
“আহা, আহা। তোমাৰ
কেমেৰাৰ বেগটো মই এতিয়াও খোলা নাই। কিন্তু বেগটো খুলি কেমেৰাটো চাবলৈ মন গৈ আছে”।
“আমি অহালৈ তুমি বেগটো নুখুলিবা। মই
নিজেই তোমাক মোৰ কেমেৰাটো দেখুৱাম”।
অনুপমাই কেভিনলৈ চালে। তাইৰ চকুলৈ চাই কেভিনে বুজিলে
তাই পিছবেলাৰ পৰিকল্পনাটো সলনি কৰি দুলীয়াজানলৈ যোৱা কথাটোত তাৰ ৰায় বিচাৰিছে।
কেভিনে ক্লাৰাৰ পৰা ফোনটো লৈ কেভিনে ক’লে,
“প্ৰশান্ত, তুমি বেগটো অনাই আমাৰ বৰ উপকাৰ
কৰিলা। আমি আজিয়েই যাম বেগটো আনিবলৈ। তুমি আমাক আজিয়েই ড্ৰিলিং ৰিগ দেখুৱাবলৈ নিব
পাৰিবানে”? কেভিনে দুলীয়াজানলৈ কৰা যাত্ৰাটোও কিবা কামত
অহাটো বিচাৰে।
“আজি নোৱাৰিবা কেভিন। ড্ৰিলিং ৰিগলৈ
যাবলৈ হ’লে আগতিয়াকৈ অনুমতি লোৱাৰ প্ৰয়োজন হয়। তোমালোকে
ড্ৰিলিং ৰিগ চাবলৈ হ’লে এদিন আগতে মোক খবৰ দিব লাগিব”। প্ৰশান্তই ক’লে।
দুপৰীয়াৰ আহাৰ কৰাৰ পিছত কেভিন, ক্লাৰা
আৰু অনুপমা দুলীয়াজানলৈ যাবলৈ ওলাল।
দুলীয়াজানলৈ যাবলৈ ওলোৱা বুলি গম পাই অনুপমাৰ দেউতাকে
অনুপমাক ক’লে, “আহোঁতে খুৰায়েৰৰ ঘৰত সোমাই তেওঁলোকক
মাত দি আহিবি। যোৱা নিশা আমি তেওঁলোকৰ ঘৰ সোমাই নহা কাৰণে প্ৰশান্তৰ মাকে অলপ
বেয়াই পাইছে”।
“হ’ব দেউতা। আজি
নিশ্চয় যাম। ময়ো খুৰীক বহুদিন দেখানাই”।
“এতিয়া পাছবেলা যাবলৈ ওলাইছ। কথাটো বৰ
ভাল হোৱা নাই। এতিয়া ঠাণ্ডা দিনত সন্ধিয়াৰ পৰাই কেতিয়াবা হাতী ওলায়”। তেওঁ ড্ৰাইভাৰক নিৰ্দেশ দিলে যাতে যোৰাজান হাবিৰ
মাজেদি নগৈ তিনিচুকীয়া হৈ দুলীয়াজানলৈ যায়।
ওলাই অহাৰ আগতে অনুপমাই আইতাকৰ পৰিচৰ্যাৰ খবৰ কৰিলে।
হৰিকাইৰ সহায়ত ৰুবীয়ে আইতাকৰ যত্নত কোনো ক্ৰুটি কৰা নাই। আইতাকক বাথৰুমত সহায় কৰি
দিয়াৰে পৰা গা পা ধুৱাই নতুন সাজ পিন্ধোৱালৈকে ৰুবীয়ে সকলো কৰিছে। অনুপমাই এটা
কথাত আমোদ পালে যে ইংৰাজী নজনা বাবে হৰিকায়ে হাতৰ অংগী ভংগীৰে আইতাকৰ লগত কথা পাতি
আছিল। পিছে সোনকালেই হৰিকায়ে আৱিস্কাৰ কৰিলে যে আইতাকে অসমীয়া কথা বহুত খিনি বুজি
পায়। তাৰ পিছৰ পৰা সি আৰু ৰুবীয়ে আইতাকৰ লগত অসমীয়াতে কাম চলাই আছে। আইতাকৰ মুখৰ
পৰাও মাজে মাজে অসমীয়া কথা ওলোৱা দেখি হৰিকাই আৰু ৰুবীয়ে খুব ফুৰ্তি পাইছে।
হৰিকায়ে মাজে মাজে গীত জুৰিও আইতাকৰ মনোৰঞ্জন কৰিছে।
গাড়ীত বহি যোৰাজান হাবিৰ মাজেৰে নগৈ তিনিচুকীয়া হৈ
যাবলৈ অনুপমাই গাড়ী চালক জনক আকৌ এবাৰ সোঁৱৰাই দিলে। ডিগবৈৰ পৰা মাকুম আৰু
তিনিচুকীয়া হৈ দুলীয়াজান যোৱা ৰাস্তাটো অলপ দীঘলীয়া হয়, কিন্তু
ৰাস্তাটো ভাল, বাটত হাবিও নাপায়। ডিগবৈৰ পৰা তিনিচুকীয়ালৈ
যোৱা ঘাই পথ অভিমুখে গাড়ী আগবাঢ়িল।
মাকুমৰ নামটো শুনিয়েই কেভিনে ক’লে,
“মিষ্টাৰ গুডিনাফে প্ৰথম সাফল্য পোৱা খাদটো এই মাকুম নামৰ ঠাইখনৰ
ওচৰে পাজৰেই আছিল। সেইটোৱেই এছিয়া মহাদেশৰ প্ৰথম যান্ত্ৰিক পদ্ধতিত খনন কৰি সাফল্য
পোৱা খাদ আছিল। সেই খাদটোৰ কিবা অস্তিত্ব এতিয়াও আছেনে”?
অনুপমাই ক’লে, “এই বিষয়ে মই একো নাজানো। ডিগবৈৰ ১ নং খাদটো সংৰক্ষিত কৰাৰ দৰে এই খাদটো
হয়তো সংৰক্ষিত কৰা নহ’ল”।
কেভিনে ক’লে, “এৰা, মিষ্টাৰ গুডিনাফে অহোপুৰুষাৰ্থ কৰি হাবি-জংগলেৰে
ভৰা অসমত খনিজ তেলৰ খাদ খনন কৰাৰ দৰে সেই সময়ৰ অতি কঠিন কাম কৰিবলৈ আগবাঢ়ি আহিছিল।
তেওঁৰ মুল উদ্দেশ্য অৱশ্যে আছিল অসমৰ খনিজ তেল বাহিৰলৈ উলিয়াই নি ইয়াৰ ব্যৱসায় কৰি
প্ৰচুৰ লাভ অৰ্জন কৰা। পিছে তেওঁ নিজৰ উদ্দেশ্যত সফল হোৱা নাছিল, কিয়নো তেওঁ ব্যৱসায়িক ভিত্তিত লাভজনক ভাৱে খনিজ তেল উত্পাদন কৰিব পৰা
নাছিল”।
“আচলতে মিষ্টাৰ গুডিনাফৰ নামত এটা
বেলেগ কোম্পানী আৰম্ভ হ’ব লাগিছিল। অসমৰ তৈল উদ্ঘাটন
প্ৰক্ৰিয়া তেওঁ পেটেণ্ট কৰিব লাগিছিল। ভাবিলে আচৰিত লাগে, তেওঁ
কিয় যে লাভজনক ভাবে তেল উত্পাদন কৰিব নোৱাৰিলে”? ক্লাৰাই ক’লে।
“ইয়াৰ মুখ্য কাৰণ আছিল সেই সময়ত পৰিবহন
ব্যৱস্থাৰ বিকাশ হোৱা নাছিল। বাট পথৰ অবিহনে গধুৰ গধুৰ মেচিনবোৰ অনোৱাত অসুবিধা
হৈছিল। তদুপৰি অসমৰ পৰা উদ্ঘাটিত তেলে কলিকতাৰ বজাৰত বাৰ্মাৰ পৰা অহা তেলৰ লগত ফেৰ
মাৰিব পৰা নাছিল, কাৰণ পৰিবহন সমস্যাৰ বাবে অসমৰ তেলৰ
উত্পাদন খৰচ বহুত বেছি হৈছিল।এইবোৰ সমস্যা নাথাকিলে মি: গুডিনাফৰ
নাম ভাৰতৰ খাৰুৱা তেল উদ্যোগৰ জনক হিচাপে হয়তো সোনালী আখৰেৰে খোদিত হৈ থাকিলহেতেন”। কেভিনে কৈ গ’ল।
গাড়ীখন ডিগবৈৰ পৰা মাকুম অভিমূখে আগবাঢ়িছিল। অলপ
দূৰেদি যোৱা ৰেলপথেৰে উকি মাৰি এখন ৰেলগাড়ী গৈ আছিল। কেভিনে অনুপমাক সুধিলে, “মাকুমৰ পৰা ডিগবৈ হৈ মাৰ্ঘেৰিটালৈ যোৱা ৰেলপথ এইটোৱেই নে”?
অনুপমাই মুৰ দুপিয়ালে। কেভিনে ক’লে,
“অনুপমা, তুমি জানানে, ১৮৮৪
চনৰ ফেব্ৰুৱাৰী মাহৰ ১৮ তাৰিখে মাকুমৰ পৰা মাৰ্ঘেৰিটা অভিমূখে অসমৰ মাটিত প্ৰথমখন
যাত্ৰীবাহী ৰেল গাড়ী চলিছিল। এইটোৱেই সেই ৰেলপথটো”।
“মই এই ৰেলপথটো সৰুৰে পৰা দেখি আহিছোঁ।
কিন্তু এই ৰেলপথটোৱেদি প্ৰথম যাত্ৰীবাহী ৰেল চলাৰ কথাটো জনা নাছিলোঁ”। অনুপমাই ক’লে।
“মই জনা মতে ৰেল পথটো সেই সময়ত অটব্য
বৰ্ষাৰণ্যৰ মাজেৰে পাৰ হৈ গৈছিল। প্ৰথম ৰেল যাত্ৰাটোৰ যাত্ৰী এজনে বৰ্ণনা কৰা মতে
সেই সময়ত প্ৰকৃতিৰ নিবিড় বুকুত বিভিন্ন উদ্ভিদ আৰু জীৱ – জন্তু
আৰু চৰাই চিৰিকতি ওচৰৰ পৰা চোৱাৰ সুবিধা দিয়া এই যাত্ৰা আছিল অৱিস্মৰণীয়”।
“অটব্য অৰণ্যৰ মজেৰে ৰেলপথ নিৰ্মান
কৰিবলৈ সেই সময়ত চাগে বহুত কষ্ট হৈছিল নহয়নে”? ক্লাৰাই
সুধিলে।
“তেওঁলোকে কৰা সেই কষ্টৰ ফল এতিয়া
মানুহে ভোগ কৰিছে। এই কথাটোত মই আচৰিত হওঁ জানা। এটা যুগৰ কামৰ ফল পিছৰ যুগৰ
মানুহে সদায় ভোগ কৰে, কাম ভালেই হওক বা বেয়াই হওক”। কেভিনে ক’লে।
“আমি যদি আমাৰ দিনত ভাল কাম কৰি যাওঁ,
আমাৰ সতি সন্ততিয়ে সেই ফল লাভ কৰিব নহয়নে”? অনুপমাই
মিচিকিয়াই হাঁহি ক্লাৰাৰ পিনে চাই ক’লে।
“তুমি আৰু কেভিনে আওপকীয়াকৈ এইটো ক’ব বিচাৰিছা নেকি যে মই জীৱনত একো ভাল কাম কৰি পোৱাই নাই। এদিন চাবা,
মই এনে এটা ভাল কাম কৰিম, তোমালোকে অবাক হৈ
যাবা”, ক্লাৰাই অভিমানৰ সুৰত ক’লে।
“এই ঠাইবোৰ এতিয়াও উন্নত হোৱা নাই।
অনুমান কৰাচোন আজিৰ পৰা এশ বছৰ আগতে পৰিৱেশ কেনে আছিল। আছাম ৰেইলৱে এণ্ড ট্ৰেডিং
কোম্পানীয়ে যে কিমান যে প্ৰত্যাহ্বানৰ মাজত ৰেলপথ নিৰ্মান কৰিছিল সহজেই বুজিব পাৰি”। কেভিনে ক’লে।
“এই ৰে’লপথটোৱেই বৰবিলৰ মাজেৰে পাৰ হৈ
গৈছিল নহয়নে, যি ঠাইত হাতীৰ ভৰিত লাগি অহা তেল দেখা পাইছিল”,
অনুপমাই উত্সাহিত হৈ সুধিলে।
“এৰা এই ৰে’লপথটো নিৰ্মানৰ সময়তে হাতীৰ
ভৰিত লাগি অহা আঠালেতীয়া ক’লা তেলেতীয়া মাটিৰ সন্ধান কৰি
খনিজ তেল অহৰহ নিগৰি ওলাই থকা এলেকাটো পোৱা গৈছিল। কিন্তু সেই ডোখৰ ঠাই কোন খিনিত
আছিল কিবা উলিয়াব পৰা যাবনে”?
“এই বিষয়ত মই একো নাজানো কেভিন।
দেউতাকেই সুধিব লাগিব”।
গাড়ীখন মাকুম পাৰ হৈ তিনিচুকীয়ালৈ পোনাইছিল। ক্লাৰাই
তিনিচুকীয়া চহৰখন চোৱাৰ ইচ্ছা কৰিলে। ভাৰতৰ চহৰবোৰনো
কেনে তাইৰ জানিবৰ মন গ’ল। ড্ৰাইভাৰে তিনিচুকীয়া চহৰৰ ৰেল পথৰ
কাষৰ ৰাষ্টাটোৰে নি বজাৰৰ মাজৰ ৰাষ্টাটোৰে গাড়ীখন ঘুৰাই আনিলে। বজাৰৰ মাজত গাড়ীখন
ৰখাই ক্লাৰাই ভাৰতৰ বজাৰৰ অভিজ্ঞতা লব বিচাৰিলে। অনুপমাই তাইক আৰু কেভিনক ডেইলি
বজাৰৰ গলিটোৰে এপাক দোকান পোহাৰ বোৰ দেখুৱাই আনিলে। সস্তাত পাই ক্লাৰাই দোকান এখনত
নিজৰ কাৰণে জোতা এজোৰ কিনিলে।
বজাৰৰ পৰা ওলাই গাড়ীত বহি ক্লাৰাই ছিগাৰেট জ্বলালে। “জানানে,
যোৱাকালিৰ পৰা মোৰ ছিগাৰেট খোৱা বহুত কমিছে”। তাই ক’লে।
“মই ভাৰতত থকা সময়খিনি যিমান পাৰি
ছিগাৰেট মুখত নিদিয়াকৈ থাকিবলৈ চেষ্টা কৰিছোঁ”। ক্লাৰাই আগবঢ়াই দিয়া ছিগাৰেটটো ওভতাই দি কেভিনে ক’লে।
দুলীয়াজান পাওঁতে প্ৰায় সন্ধিয়াই হৈছিল। জাৰকালি বেলি
বৰ সোনকালে লহিয়ায়। প্ৰশান্তই ভেংগাবয়জৰ জনপ্ৰিয় গীত এটা অলপ বেছি ভলিউমত শুনি
কম্পিউটাৰত বহি তাৰ বন্ধু এজনৰ বিয়াত লোৱা ভিডিঅ’ এটাৰ
এডিটিং কৰি আছিল। কেভিন, ক্লাৰা আৰু অনুপমা গৈ ওলোৱাত সি কাম
বন্ধ কৰি তেওঁলোকৰ লগত বহা কোঠাত বহিল।
সি ক্লাৰাৰ হাতত বেগটো তুলি দিয়াত তাই ‘থেংক
ইউ’ বুলি কৈ তাৰ গাল খনত লাহেকৈ মৰমেৰে চিকুটি দিলে। সি লাজ
পাই গ’ল।
ক্লাৰাই বেগটো খুলি তাইৰ কেমেৰাটো পাই কেমেৰাটো সাৱটি
ধৰিলে। তাই প্ৰশান্তক ক’লে, “তুমি মোক
এটা সহায় কৰানা। তুমি কেমেৰাটো ঠিকে আছেনে এবাৰ চেক কৰি দিয়ানা প্লিজ”। প্ৰশান্তই তাইৰ কেমেৰাটো হাতত লৈ লিৰিকি বিদাৰি চালে।
ছনি কোম্পানীৰ দামী মুভি কেমেৰা।
“এইটো চেক কৰিবলৈ কি আছে নো? ৰেকৰ্ড কৰি চালেই হ’ল। প্লে’ বেক যদি ঠিকেই আহে,
কেমেৰা ঠিকেই আছে”।
ক্লাৰাই ক’লে, ‘তুমি কম্পিউটাৰত ৰেকৰ্ডিং বোৰ এডিটিং কৰিব পাৰিবানে? মোৰ এডিটিঙৰ বিশেষ জ্ঞান নাই’।
প্ৰশান্তই হাঁহি মাৰি ক’লে,
“তুমি চিন্তাই নকৰিবা, মই এডিটিঙত এক্সপাৰ্ট”।
ক্লাৰাৰ অনুৰোধত প্ৰশান্তই সৰু ক্লিপ এটা ৰেকৰ্ড আৰু
প্লে বেক কৰি চাই মন্তব্য দিলে যে কেমেৰা একেবাৰে ঠিকে আছে। সি কম্পিউটাৰত ক্লিপটো
ডাউনলোড কৰি প্লে কৰি দেখুৱালে। ক্লিপটোত অলপ এডিটিং কৰি আৱহ সংগীত যোগ কৰি
দেখুৱালে। ক্লাৰা তাৰ কামত খুব আপ্লুত হ’ল।
“তুমি মোকো এই বিদ্যা শিকাই দিয়ানা
প্লিজ। মই যে একেবাৰে এডিটিং নাজানো জানা”।
“এই বিদ্যা ইমান সোনকালে আয়ত্ব কৰিব
পৰা বিদ্যা নহয়। ইয়াৰ কাৰণে সাধনা লাগিব”। কেভিনে মাত লগালে। কেভিনৰ কথাত প্ৰশান্তই হাঁহিলে। ক্লাৰাই কেভিনলৈ পেন্দোৱাকৈ
চালে।
প্ৰশান্তই ক’লে, “আজি কিন্তু তোমালোকে আমাৰ ঘৰত ডিনাৰ কৰি যাব লাগিব। মায়ে মোক কৈয়ে থৈছে।
চিন্তা নকৰিবা, ৰাতি সোনকালেই তোমালোকক বিদায় দিম”।
“আজি যাবই লাগিব। দেউতাই মোক যাবলৈ
দঢ়াই দঢ়াই কৈয়েই পঠিয়াইছে”। অনুপমাই ক’লে।
অনুপমা হতঁৰ গাড়ীখনক তাৰ মাক দেউতাক থকা ঘৰটোলৈ যোৱা
বাটতো দেখুৱাই দিবলৈ প্ৰশান্তই আগে আগে বাইক চলাই গ’ল।
নিশাৰ ষ্ট্ৰিট লাইটৰ পোহৰেৰে আলোকিত হৈ থকা দুলীয়াজানৰ তেল কোম্পানীৰ আৱাসিক
অঞ্চলটো পাৰ হৈ তেওঁলোকে মুল পথেৰে কিছুদুৰ গৈ এটা সৰু গলিৰে সোমাই গ’ল। দুলীয়াজান কলেজলৈ যোৱা এই ৰাষ্টাটোতে প্ৰশান্ত হঁতৰ স্থায়ী ঘৰ। বাটত যাওঁতে তেওঁলোকে ঢেকীৰ দৰে পাম্প এটা চলি থকা
এটা খাদ, অয়ল ইণ্ডিয়াৰ মুখ্য কাৰ্য্যালয়, ঔদ্যোগিক
অঞ্চল, গৱেষণা কেন্দ্ৰ আদি
দেখা পালে।
প্ৰশান্তৰ ঘৰত তাৰ মাক দেউতাকে আটাইকে আদৰ সাদৰ কৰি
বহিবলৈ দিলে। প্ৰশান্তৰ মাক লীনাই অনুপমাক ভিতৰলৈ মাতি নি তাইৰ বন্ধু কেইজনে কেনে
খাদ্য খাই ভাল পায় সুধিলে।
অনুপমাই হাঁহি মাৰি ক’লে,
“মই তেওঁলোকক আগতেই কৈ থৈছোঁ যে অসমলৈ গ’লে
অসমীয়া খাদ্যই খাব লাগিব। আপুনি একো চিন্তা নকৰিব খুৰী। আমি ঘৰত যেনেকে খাওঁ,
তেনেকে দিলেই হ’ব। অৱশ্যে ইহঁতে মাংস খাই ভাল
পায়”।
লীনাই ক’লে, “মই চিকেন ৰান্ধিছোঁৱেই, লগতে বৰিয়লা মাছ ভাজিছোঁ,
তেওঁলোকে বেয়া নাপালেই হয়। তুমি মোক অলপ সহায় কৰি দিবা দেই অনুপমা”।
অনুপমাই ক’লে, “হ’ব খুড়ী, মই আপোনাৰ লগতে লাগি
দিছোঁ বাৰু”।
লীনাই অনুপমালৈ চাই হঠাতে ক’লে,
“তুমি বিদেশলৈ গৈ বৰ ধুনীয়াজনী হ’লা। লগতে
আগতকৈ বহুত স্মাৰ্ট হ’লা”। অনুপমাই এটা লাজুকীয়া হাঁহি মাৰিলে।
বহা কোঠাত প্ৰশান্ত, দেউতাক
আৰু কেভিনৰ কথাৰ মহলা জমি উঠিল। প্ৰশান্তৰ দেউতাক দুলীয়াজানত বহুদিন থকাৰ বাবে
দুলীয়াজান তথা অয়ল ইণ্ডিয়াৰ বহুতো কথাই তেওঁৰ নখ দৰ্পনত আছে। কেভিনে জানিবলৈ আগ্ৰহ
কৰাৰ কাৰনে তেওঁ দুলীয়াজানৰ পুৰণি কথা কিছুমান ক’বলৈ আৰম্ভ
কৰিলে। তেওঁলোকৰ কথা বতৰাৰ বিষয় বস্তুত ক্লাৰাই কোনো আগ্ৰহ নাপালে। তাই কিছুপৰ
ইফালে-সিফালে চাই বহি থাকিল।
প্ৰশান্তই কথাটো লক্ষ্য কৰি ক্লাৰাক ক’লে,
“মোৰ এনে লাগিছে যে তুমি অলপ ব’ৰ হৈছা। মা আৰু
অনুপমাৰ লগতে চাগে তুমি ভাল পাবা”।
সি তাইক অনুপমাৰ ওচৰলৈ লৈ গৈ ক’লে,
“অনুপমা, তুমি ক্লাৰাক অকলে অকলে আমি মতা
মানুহ কেইটাৰ মাজত বহুৱাই থৈ ইয়াত কথা পাতি আছা। তাই ব’ৰ
হোৱা কাৰনে মই ইয়ালৈ লৈ আহিছোঁ’।
প্ৰশান্তৰ মাকে ক’লে, “মই আকৌ ভাবিছিলোঁ, তাই আমাৰ লগত পাকঘৰৰ কামত হে ব’ৰ হ’ব। ভালেই হ’ল দে তাইকো লৈ
আহিলি”।
অনুপমাই চালাড বনাবলৈ গাজৰ, টিয়ঁহ
কাটি থকা দেখি ক্লাৰাই ক’লে, “ময়ো
পাচলি কটাত সহায় কৰিব পাৰোঁ। মোকো কিবা কাটিবলৈ দিয়া”। অনুপমাই তাইক গাজৰ কেইটামান আগবঢ়াই দি নিজে পিয়াজ কেইটামান তুলি ল’লে।
প্ৰশান্তৰ মাকে ভঙা ভঙা ইংৰাজীত ক্লাৰাৰ লগত কথা
পাতিলে, “তোমালোকৰ দেশ বৰ ধুনীয়া, আমাৰ দেশ বৰ
লেতেৰা”।
ক্লাৰাই হাঁহি ক’লে, “কিন্তু আপোনালোক মানুহ বোৰ বৰ ভাল। আপোনাৰ ল’ৰাটো
এজন জিনিয়াছ। তাৰ ফটোগ্ৰাফী আৰু ফটো এডিটিং খুব ধুনীয়া”। ক্লাৰাই ইংৰাজীতে খৰকৈ কোৱা কথাবোৰ প্ৰশান্তৰ মাকে
ভালদৰে নুবুজিলে। অনুপমাই কথাবোৰ অসমীয়াত ভাঙনি কৰি দিলে।
বহা কোঠাত প্ৰশান্তৰ দেউতাকে কেভিনক দুলীয়াজান চহৰৰ
ইতিহাসৰ বিষয়ে কৈ গ’ল, “তুমি তো
চাগে জানাই, অসমত খনিজ তেলৰ ব্যৱসায় নিয়াৰিকৈ চলাবলৈ আছাম ৰে’লৱে
এণ্ড ট্ৰেডিং কোম্পানীয়ে ১৮৯৯ চনত ‘আছাম অইল কোম্পানী’
(Assam Oil Company) নামৰ এটা সুকীয়া কোম্পানী গঠন কৰিলে। এই নতুন
কোম্পানীটোৰ ওপৰত খনিজ তেলৰ উত্পাদন আৰু পৰিশোধনৰ সমস্ত দ্বায়িত্ব ন্যস্ত হ’ল। আছাম অইল কোম্পানীয়ে তেলৰ সন্ধান কৰি ১৯৫৩ - ৫৪
চনত নাহৰকটীয়া আৰু ইয়াৰ আশে পাশে থকা অঞ্চল সমুহত প্ৰচুৰ পৰিমানে খাৰুৱা তেল পোৱাৰ
সম্ভাৱনাৰ বিষয়ে জানিব পাৰিলে। তেতিয়াৰ পৰা কোম্পানীৰ কাম – কাজ
বোৰ ডিগবৈৰ পৰা নাহৰকটীয়া অভিমুখে স্থানান্তৰিত হ’বলৈ ধৰিলে”।
“নাহৰকটীয়া তৈলক্ষেত্ৰৰ পৰা প্ৰথম তেলৰ
উত্পাদনো সেই দশকতে হৈছিল নহয় জানো”? কেভিনে সুধিলে।
“তুমি বহুত কথা জানাই দেখোন হে। বৰ ভাল
কথা। এৰা ১৯৫৩ চনতে নাহৰকটীয়া তৈলক্ষেত্ৰৰ আৱিস্কাৰ হৈছিল। ১৯৫৬ চনলৈ ১৬ টা মান
খাদৰ খনন কৰা হৈছিল আৰু কেইটামানত তেলৰ সন্ধান পোৱা গৈছিল। কোম্পানীৰ বিশেষজ্ঞ
সকলে ভূ তলৰ অৱয়ৱ আদি অধ্যয়ন কৰি জানিব পাৰিছিল যে নাহৰকটীয়া অঞ্চলত তেলৰ এক বিশাল
ভাণ্ডাৰ আছে। সেয়েহে এই অঞ্চলত অধিক খননৰ সুবিধা হোৱাকৈ তেওঁলোকে ডিগবৈৰ পৰা নাহৰকটীয়াৰ
ওচৰৰ এখন ঠাইলৈ কাৰ্যালয় স্থানান্তৰিত কৰিব বিচাৰিছিলে”।
“তেওঁলোকে কাৰ্যালয় আৰু বসতিৰ বাবে
দুলীয়াজানকে উপযুক্ত বুলি ভাবিলে”। প্ৰশান্তই মাত লগালে। “তুমি দুলীয়াজান এতিয়াও ভালদৰে দেখাই
নাই। এইখন এখন ধুনীয়া সৰু চহৰ”।
কেভিনে হাঁহিলে। “দুলীয়াজানৰ পৰা নাহৰকটীয়াৰ
দুৰত্ব বেছি হ’ব নালাগে, নহয় জানো
প্ৰশান্ত”।
“এৰা, দহ বাৰ কিল’মিটাৰ মাত্ৰ। ইয়াৰ পৰা বেছি সময় নালাগেই”। প্ৰশান্তই ক’লে।
“মোৰ নাহৰকটীয়াত প্ৰথম তেল উত্পাদন
হোৱা খাদটো চাবলৈ মন আছে”।
“নিশ্চয়। তোমালোক দিনে পোহৰে আহিবা।
সুবিধা হ’লে ময়েই লৈ যাব পাৰিম”।
“তাৰ পিছত কি হ’ল
আংকল”, কেভিনে দত্তলৈ চাই সুধিলে।
“সেইসময়তে দুলীয়াজান ৰেল ষ্টেচনটোক
কেন্দ্ৰ কৰি বুঢ়ী দিহিং নদীৰ পাৰত এখন নতুন চহৰ নিৰ্মান আৰু আধুনিক প্ৰযুক্তিৰে এক
নতুন তৈল উদ্যোগ স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছিল। প্ৰথমতে বুঢ়ী দিহিং নৈৰ ওচৰৰ ‘বৰুৱা কেম্প’ নামৰ ঠাইডোখৰতে খেৰ বাঁহেৰে সজা
অস্থায়ী ঘৰত কোম্পানীৰ কাম কাজ আৰম্ভ হৈছিল। পিছলৈ দিনে নিশাই কাম কৰি হাবি জংগল
কাটি, বাট পথ নিৰ্মান কৰি এখন নতুন চহৰ গঢ়ি তোলা হৈছিল।
সেইখনেই আজিৰ এই দুলীয়াজান চহৰ। ১৯৬০ চনত এই নতুন চহৰখন মানুহৰ বাসযোগ্য হৈ পৰিছিল”। বৰুৱাই কৈ গ’ল।
প্ৰশান্তৰ দেউতাকে এসময়ত তেল কোম্পানীতে কাম কৰাৰ
সূত্ৰে আৰু দুলীয়াজানতে বহুদিন থকাৰ কাৰনে বহুতো কথাই জানে। তেওঁ কৈ গ’ল,
“সেমেকা, মেলেৰিয়া অধ্যুষিত হাবিয়নিৰে ভৰা এই
অঞ্চলটোত মানুহৰ বসবাসৰ উপযোগী চহৰ এখন গঢ়ি তুলিবলৈ আমি কিমান যে কষ্ট কৰিছিলোঁ,
খাৱন শোৱন বাদ দিও দিনে নিশাই কামত লাগি আছিলোঁ। সেই সময়ত আমাক কিবা
এটা নিচাই ধৰিছিল, কামৰ নিচাই। তেনে কামৰ নিচা মই পিছলৈ আৰু
নেদেখা হ’লোঁ”। কেভিনে তেওঁৰ দুই এটা কথা নোট কৰি ল’লে।
“আছাম অইল কোম্পানীৰ পৰাই যে অইল
ইণ্ডিয়া লিমিটেডৰ জন্ম হ’ল, সেই বিষয়ে
তুমি তো জানাই চাগে”, প্ৰশান্তই কেভিনলৈ চালে।
“মই পঢ়িছিলোঁ এই বিষয়ে। কিন্তু তোমাৰ
মুখত শুনিবলৈ বেছি ভাল পাম”।
“নাহৰকটীয়া আৰু মৰাণ তৈলক্ষেত্ৰত খনিজ
তেল আৱিস্কাৰ হোৱাৰ পিছত বাৰ্মা অয়ল কোম্পানীয়ে ভাৰত চৰকাৰৰ সহযোগত এই দুখন
তৈলক্ষেত্ৰৰ ব্যৱস্থাপনা আৰু পৰিচালনাৰ বাবে এটা নতুন কোম্পানী গঠন কৰাৰ কথা
চিন্তা কৰিলে। ইতিমধ্যে স্বাধীন ভাৰতত প্ৰাকৃতিক সম্পদ সমুহ জাতীয়কৰনৰ প্ৰক্ৰিয়া
আৰম্ভ হৈছিল। ভাৰত চৰকাৰে ১৯৫৭ চনত দেশৰ বিভিন্ন অঞ্চলত খনিজ তেল আৰু প্ৰাকৃতিক
গেছৰ অনুসন্ধান আৰু উত্পাদন কৰিবলৈ তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰিছিল। অসমৰ
বাৰ্মা অইল কোম্পানীৰ অধীনত থকা তৈলক্ষেত্ৰ সমূহৰ ওপৰতো চৰকাৰৰ চকু পৰিল। ১৯৫৮ চনত
বাৰ্মা অইল কোম্পানীৰ দুই তৃতীয়াংশ আৰু ভাৰত চৰকাৰৰ এক তৃতীয়াংশ অংশিদ্বাৰিত্বৰে
এটা নতুন কোম্পানী গঠন কৰাৰ যো জা কৰা হ’ল। ১৯৫৯ চনৰ ১৮
ফেব্ৰুৱাৰী তাৰিখে অইল ইণ্ডিয়া লিমিটেড নামেৰে নতুন কোম্পানীটোৰ জন্ম হ’ল। ক’বলৈ গ’লে আগৰ আছাম অইল কোম্পানীটোৱেই অইল ইণ্ডিয়া
লিমিটেড নাম ল’লে”। প্ৰশান্তই ক’লে।
ইতিমধ্যে আহাৰ প্ৰস্তুত হৈছিল। প্ৰেছাৰ কুকাৰৰ
হুইছেলৰ শব্দ শুনি প্ৰশান্তই ভিতৰলৈ গৈ মাকক ক’লে, “মা, তেওঁলোকক সোনকালে ভাত বাঢ়ি দিয়া। যোৱাকালি ৰাতি
এওঁলোকক বোলে হাতীয়ে যিহে আমনি কৰিলে। ৰাতি সোনকালে ওভতাই ভাল হ’ব”।
“তই চিন্তা কৰিব নালাগে। আৰু পোন্ধৰ
মিনিটৰ ভিতৰত ভাত বাঢ়িম। অনুপমা আৰু ক্লাৰাই মোক বৰ সহায় কৰি দিছে”। মাকে ক’লে।
ডাইনিং টেবুলত ছালাড সজাই থকা ক্লাৰাই প্ৰশান্তলৈ চাই
মিচিকিয়াই হাঁহিলে। “এই মোক তোমালোকৰ ভাষাটো শিকাই দিবা
দেই। তুমি কিনো কৈছা, মই একো বুজিব পৰা নাই”। তাই ক’লে।
ক্লাৰাই পাকঘৰত মাকক সহায় কৰি থকা দেখি প্ৰশান্তৰ
মনটো কিবা এটা ভাল লাগি গ’ল। ইমান ৰূপহী ছোৱালী সিহঁতৰ পাকঘৰত
হয়তো কেতিয়াও সোমোৱা নাই। সি হাঁহি মাৰি তাইলৈ চাই ক’লে,
“দুদিন মান আহি মাৰ লগত থাকিলে নিজে নিজেই তুমি অসমীয়া ভাষাটো শিকি
যাবা”।
পাকঘৰৰ পৰা হাত মচি মচি ওলাই আহি মাকে ক’লে,
“এওঁলোকে খাই কেনেকুৱা পাই নাজানো পাই। অনুপমাক দেখুৱায়েই ৰান্ধিছোঁ”।
অনুপমাই কাহী বাতি খিনি ঠিক ঠাক কৰি আছিল। তাই মাত
লগালে, “আমি এওঁলোকক লাহে লাহে অসমীয়া খাদ্যত অভ্যস্ত কৰাই আছোঁ”।
ক্লাৰাই অনুপমালৈ পেন্দোৱাকৈ চাই ক’লে,
“তুমি অন্তত: মই বুজা ভাষাত কথা পাতা”।
ক্লাৰালৈ চাই হাঁহি মাৰি অনুপমাই ইংৰাজীত ক’লে,
“আমি তোমালোকক অসমীয়া খাদ্যত কিদৰে অভ্যস্ত কৰাব পাৰি, তাকে কথা পাতিছোঁ”।
ক্লাৰাই খিল খিলাই হাঁহিলে। প্ৰশান্তৰ মাকে ক’লে,
“মইহে এতিয়া ভালদৰে ইংৰাজী শিকিব লাগিব যেন পাইছোঁ”।
খোৱা টেবুলত বহি খোৱাৰ মাজতে ক্লাৰাই ক’লে,
“মই খুব ভয় খাই আছিলোঁ, ভাৰতীয় মানুহে খোৱা
খাদ্য খাব নোৱাৰিম বুলি। কিন্তু এই দুদিন মই খোৱাত অকনো অসুবিধা পোৱা নাই। খাদ্যৰ
সোৱাদ আমাৰ খাদ্যৰ সোৱাদৰ লগত নিমিলে, কিন্তু মই খাই ভালেই
পাইছোঁ। আজি মই ভাৰতীয় ষ্টাইলত মুৰ্গীৰ
মাংস ৰান্ধিবলৈও শিকিলোঁ”।
কেভিনে তাইৰ কথাত হাঁহি মাৰি ক’লে,
“ভালেই হৈছে দিয়া। তোমাৰ কাৰনে এতিয়া ভাৰতীয় ল’ৰা এটা বিচাৰিবও পাৰি”। তাৰ কথাত সকলোৱে
হাঁহিলে।
ক্লাৰাই তালৈ খঙৰ চকুৰে চাই ক’লে,
“বুজিছোঁ নহয়, তুমি মোৰ পৰা হাত সাৰিব
বিচাৰিছা। মোক তুমি অকণো ভালেই নোপোৱা”।
অনুপমাই হাঁহি হাঁহি ক’লে,
“সি হাত সাৰিব বিচাৰিলেও আমি তাক এৰি নিদিওঁ নহয়”।
খোৱা বোৱা হোৱাৰ পিছত ক্লাৰাই প্ৰশান্তক ক’লে,
“মই দুই এদিনতে ছুটিং আৰম্ভ কৰিম। তোমাৰ ঝুম থকা নিকনৰ ডিজিটেল
কেমেৰাটো মোক ব্যৱহাৰ কৰিবলৈ দিবা নে? ষ্টিল ফটো বোৰ তোমাৰ
কেমেৰাটোৰে ল’লে বেছি ভাল হ’ব যেন
লাগিছে”।
প্ৰশান্তই ক’লে “তুমি
ছুটিং আৰম্ভ হোৱাৰ আগদিনা ফোন কৰিবা, মই কেমেৰা লৈ আহি যাম। মোক তুমি দেখুৱাই দিলেই হ’ল কি ফটো ল’ব
লাগে। প্ৰয়োজন হ’লে মুভি ৰেকৰ্ডিঙো মই কৰিব
পাৰিম। ময়ে বাৰু তোমাৰ কেমেৰামেন হৈ দিম”।
কেভিনে ক’লে,
“অৱশ্যে তোমাৰ কোনো অসুবিধা
নোহোৱাকৈ যদি পাৰা, তেতিয়াহে আহিবা। ক্লাৰাৰ
কেমেৰাটোৰেও আমাৰ কাম চলিব”।
“আৰে, প্ৰশান্তই আহিম বুলি কৈছে, তুমি আকৌ কি সুবিধা, অসুবিধাৰ কথা উলিয়াইছা”? কেভিনৰ
কথাত ক্লাৰা জিকাৰ খাই উঠিল।
প্ৰশান্তই হাঁহি মাৰি ক’ল,
“ চিন্তা নকৰিবা । মই
যেনে তেনে আহিম”।
অনুপমাই প্ৰশান্তৰ মাক দেউতাকক মাত লগালে, “আমি
যোৱাৰ আগতে এদিন দিনটো থকাকৈ আপোনালোক দুয়ো ডিগবৈ লৈ আহক। কেভিনৰ আইতাকে আপোনালোকক
লগ পালে খুব ভাল পাব”।
“যাম, যাম। দেউতাৰাই মাতিয়েই আছে।
আমাৰহে যোৱা হোৱা নাই”। প্ৰশান্তৰ
দেউতাকে ক’লে।
সকলোকে মাত দি কেভিন অনুপমা আৰু ক্লাৰা গাড়ীত উঠিল। প্ৰশান্তয়ো তাৰ বাইক ষ্টাৰ্ট দিলে।
সকলো ওলাই যোৱাৰ পিছত প্ৰশান্তৰ মাকে দেউতাকক ক’লে, “অনুপমা
ছোৱালীজনী বৰ সাদৰী। কামে-কাজেও পটু। মোৰ হ’লে তাইক বৰ পচন্দ হৈছে।
প্ৰশান্তৰ লগত ভালেই মিলিব যেন লাগিছে। সোনকালেই কথাটো আগবঢ়োৱা ভাল হ’ব
নেকি”?
দেউতাকে অলপ ভাবি চাই ক’ল,
“এৰা আমি সোনকালেই এদিন ডিগবৈলৈ যাওঁ
ব’লা”।
No comments:
Post a Comment