অনুপমাহঁত আহি পাওঁতে ৰাতি দহ
বাজিল। তাই আহি পোনেই হৰিকাইৰ পৰা আইতাকৰ খবৰ ল’লে। হৰিকায়ে ক’লে যে দিনটো তেওঁ আনন্দেৰেই পাৰ কৰিলে। ৰুবীৰ সহায়ত
হৰিকাইৰো আইতাকক চোৱা চিতা কৰিবলৈ অকণো অসুবিধা হোৱা নাই। আইতাকে ইতিমধ্যে ৰাতিৰ
সাজ খাই শুই পৰিছিল। ৰুবীয়ে তেওঁৰ কোঠাটো হিটাৰ এটা লগাই গৰম কৰি ৰাখিছিল।
হৰিকায়ে অনুপমাক ক’লে, “আইতাজনী বৰ ভালঅ’ আইজনী। আমাৰ লগত একেবাৰে ঘৰুৱা হৈ গ’ল। অসমীয়া কথাও দুই এটা কৈছে। আগতে বোলে বহুদিন অসমতে আছিল। বিহুগীত শুনি খুব
ভাল পালে। বিহু নাচিবও জানিছিল হেনো”।
অনুপমাই ক’লে, “আইতা অসমতে জন্ম হৈ ডাঙৰ দীঘল হোৱা হৰিকাই। সৰুতে আইতা ডিব্ৰুগড়তে আছিল”।
“অ’ সেই কাৰণে আইতাই ডিব্ৰুগড়ৰ নাম
লৈ আছিল। ডিব্ৰুগড় কেনি যায় মোক সুধিছিল”। হৰিকায়ে ক’লে।
কিবা এটা ভাবি অনুপমা অলপ পৰ
মনে মনে থাকিল। তাই পুনৰ ক’বলৈ ধৰিলে, “বাৰু হৰিকাই, তুমি বহুদিন ডিব্ৰুগড়তে আছিলা নহয় জানো। তুমি বাৰু
ডিব্ৰুগড়ৰ মধুপুৰ চাহ বাগিচাৰ নাম শুনিছিলানে? মধুপুৰ চাহ বাগিচাৰ ওচৰতে ৰঙাজান নামৰ গাওঁ এখনো
আছিল। তুমি কিবা জানা নে”?
হৰিকায়ে চিন্তা কৰিলে। অলপ পৰ
পিছত তেওঁ ক’লে, “মইতো তেনে নাম শুনা নাই। আইতায়ো কৈছিল মধুপুৰ বাগিচাৰ
কথা। তেওঁৰ বোলে মধুপুৰ বাগিচা খন চাবলৈ বৰ মন যায়। পিছে ক’তনো আছে সেই বাগিচা খন”।
“দেউতাৰ খবৰ মতে সেই বাগিচাখন এতিয়া বিশাল মাইজান চাহ বাগিচাত জাহ গ’ল। সেইদৰে গাওঁখনো হেনো ডিব্ৰুগড় চহৰে গ্ৰাস কৰিলে”।
“হয়তো। ইমান দিনৰ কথা। মই দেখাৰ পৰাই ডিব্ৰুগড়ৰ ক’ত কিমান সলনি হ’ল”।
“এৰা, বহুত সময় পাৰ হৈ গ’ল”। অনুপমাৰ বুকুখন যেন অলপমান বিষাই গ’ল। “পুৰণি দিনৰ কোনোবা মানুহ জীয়াই
থাকিলে কিবা সম্ভেদ ওলাবও পাৰে। তুমি পাৰিলে খবৰ এটা কৰি চাবাচোন”।
“মই ক’ত, কেনেকৈ খবৰ পাম আইজনী। মই ডিব্ৰুগড়ৰ পৰা গুচি অহাই
কিমান দিন হৈ গ’ল”।
“তথাপি হৰিকাই, তোমাক মই অনুৰোধ কৰিছোঁ, চেষ্টা এটা কৰি চোৱা। আইতাৰ নাম নেন্সী। তেওঁৰ নামটো তাহানিতে শুনা কোনোবা
মানুহ পায়ো যাব পাৰা”।
হৰিকাই চিন্তাত পৰিল। কিবা এটা
কৰিব লাগিব। আইজনীৰ কথা সি কেতিয়াও পেলোৱা নাই। সি ক’লে, “এ:, আইজনী কথাটো জটিল হ’ল নহয়। মই ইয়াত থাকি কেনেকৈ খবৰ কৰিম। তাতে ইমান বছৰৰ
পুৰণি কথা। মই চিনি পোৱা মানুহ খিনিৰ মাজতে সোধা পোচা কৰিব লাগিব। কামটো কৰিবলৈ হ’লে মই এদিনৰ কাৰনে হ’লেও ডিব্ৰুগড়লৈ যাব লাগিব। পিছে, দেউতাই বা কি কয়”।
অনুপমাই ক’লে, “তুমি কালিয়েই যোৱা। ৰুবী আছে যেতিয়া একো সমস্যা নহয়। দেউতাক কথাটো ময়ে জনাম
দিয়া”।
হৰিকায়ে চিন্তা কৰিলে। তাৰ
চিনাকী নৰহৰিৰ ককাক সি চিনি পোৱা আটাইতকৈ বয়সিয়াল ব্যক্তি। তেওঁৰ বয়স আইতাৰ বয়সৰ
সমানেই হ’ব লাগে। পিছে ইমান দিনৰ পুৰণি
কথা বুঢ়া মানুহ এজনৰ মনত থকাটোও সম্ভৱ নহ’ব পাৰে।
অনুপমাৰ দেউতাকে ভাত পানী খাই
তেওঁৰ কোঠাত সোমাই টেলিভিচনত নিউজ চাই আছিল। তেওঁ ৰাতি ন বজাৰ পিছত দেশ বিদেশৰ খবৰ
টেলিভিচনৰ পৰা লয়।
“দেউতা, মই কাইলৈ হৰিকাইক ডিব্ৰুগড়লৈ
পঠিয়াম”। কোঠাটোলৈ সোমাই আহি কোমল মাতেৰে
অনুপমাই ক’লে।
“কিয়? ঘৰখন আলহী দুলহীৰে ভৰ্তি হৈ
থাকোঁতে হৰিক আকৌ ডিব্ৰুগড়লৈ কিয় পঠিয়াৱ”? দেউতাকে তীক্ষ্ন দৃষ্টিৰে তাইলৈ চালে।
“মই ভাবিছিলোঁ, হৰিকায়ে এবাৰ তেওঁৰ চিনাকী মানুহ বোৰক সোধা পোচা কৰি মধুপুৰ বাগিচা আৰু ৰঙাজান
গাৱঁৰ বিষয়ে জনা কোনোবা মানুহ পায় নেকি চেষ্টা কৰি চাৱক নেকি? মাত্ৰ দিনটোৰ কাৰণে যাব”।
দেউতাকে জিকজিকাই উঠিল, “হৰিয়ে অকলে ডিব্ৰুগড়লৈ গৈ কি কৰিব? সি এতিয়া তাত কাক চিনি পায় ? এদিনতে সি ক’ৰ উৰহি গছৰ ওৰ উলিয়াব? জালান নগৰ বাগিচাৰ মেনেজাৰ জন মোৰ অলপ চিনাকী। মোৰ
লগত ওলাবি এদিন। তোৰ আইতাৰক বাগিচা খন ভালদৰে দেখুৱাই দিব। বচ, তাতকৈ বেছি আৰু কি লাগে”?
অনুপমাই ভাবিলে, দেউতাকক ইয়াতকৈ বেছি কৈ লাভ নাই। ইমান দূৰৰ পৰা এই
অশীতিপৰ মানুহগৰাকী যে কেৱল এখন চাহ বাগিচা চাবলৈকে অহা নাই এই কথাটো তাই দেউতাকক
কেনেকৈ বুজাব। এনে এখন চাহ বাগিচাতে তাহানিৰ কোমল বয়সীয়া নেন্সীয়ে এৰি যোৱা সেই
আবেগ অনুভূতিবোৰৰ স্মৃতি বিজড়িত কিবা এটি অৱশেষ বিচাৰিয়েই হয়তো আইতাকে এই কষ্টকৰ
যাত্ৰা কৰিছে। কিন্তু কিবা এটা সংযোগ সূত্ৰ নাপালে সেই অৱশেষ বিচৰা যে অতি কঠিন
কাম। কিন্তু তাই ভাবি নাপালে সেই সংযোগ সূত্ৰ কেনেকৈ উলিয়াব পৰা যায়। এনে সংযোগ
সূত্ৰ উলিয়াবৰ বাবে হৰিকাই তাইৰ কাৰণে এক নিৰ্ভৰযোগ্য অৱলম্বন। কাৰন তাই জানে
হৰিকায়ে কষ্ট কৰি হ’লেও কিবা নহয় কিবা খবৰ এটা আনিবই। কিন্তু দেউতাকে অনুমতি নিদিলে হৰিকায়েও
যাবলৈ ইতস্তত: কৰিব। তাই দেউতাকক সৈমান কৰিবলৈ
এটা উপায় উলিয়ালে।
তাই দেউতাকক ক’লে, “দেউতা হৰিকায়ে ইমান দিনৰ পৰা এদিনো ছুটি নোলোৱাকৈ আমাৰ ঘৰত কাম কৰি আছে। সকলো
মানুহে কাম কৰিলে ছুটি পায়। হৰিকায়েও পোৱা উচিত। এতিয়াতো সহায় কৰিবলৈ ৰুবীও আছে।
মই হৰকাইক এদিনৰ কাৰনে ছুটি দিব বিচাৰিছোঁ। সি য’তে মন যায়, এদিনৰ কাৰনে ঘুৰি আহক”।
দেউতাক বৰুৱাই অনুপমাৰ বুদ্ধিটো
নুবুজাকৈ নাথাকিল। তেওঁ অৱশেষত লাহেকৈ ক’লে, “তই যি ভাল দেখ, তাকে কৰ। কিন্তু চাবি, হৰিৰ যাতে একো অসুবিধা নহয়। অলৈ তলৈ ঘুৰি ফুৰিব পৰা
তাৰ বয়স নাই। তহঁতবোৰ গুচি যোৱাৰ পিছত সিয়েই এইখন ঘৰত মোৰ সকলো। তাৰ যাতে কোনো
কষ্ট নহয়”।
অনুপমাই বুজিলে, হৰিকাইক পঠিয়াব খোজা কথাটো দেউতাকে সিমান ভাল পোৱা
নাই। তাই বুজি পায়, দেউতাকৰ কাৰণে হৰিকায়েই একমাত্ৰ সাৰথি। হৰিকাই নহ’লে দেউতাকে এই ডাঙৰ বঙলাটোত অকলে থাকিবই নোৱাৰিব। তাই
হৰিকাইক কেতিয়াও বিপদত পৰিবলৈ দিব নোৱাৰে।
পিচদিনা ৰাতিপুৱাই হৰিকাই
ডিব্ৰুগড়লৈ যাবলৈ ওলাল। সি অনুপমা আৰু ক্লাৰা থকা কোঠাটোৰ দুৱাৰত টোকৰ মাৰিলে। অলপ
পিছতে অনুপমা ওলাই আহিল।
“মই যাবলৈ ওলালোঁ আইজনী। তুমি মোক নাম কেইটা কাগজ এখনত লিখি দিয়া। কথাবোৰ
আজিকালি বৰকৈ মনত নাথাকে নহয়”।
অনুপমাই কাগজ এখনত তিনিটা নাম
লিখিলে, ‘নেন্সী’, ‘পৱিত্ৰ’ আৰু ‘অনুৰাধা’। কাগজখন হৰিকাইৰ হাতত দি তাই ক’লে, “নাম কেইটা কাগজ খনতে লিখা আছে। পৱিত্ৰ বোলা মানুহ জন ৰঙাজান গাৱঁত আছিল। তেওঁ
সৰু ল’ৰা ছোৱালীবোৰক ঘৰতে ইংৰাজী
পঢ়ুৱাইছিল। সমাজৰ কাম কাজ কৰিছিল। অনুৰাধা মধুপুৰ বাগিচাত আছিল। তেওঁ আইতাৰ লগৰী, একে বয়সৰ হ’ব। তেও খুব ভাল বিহু নাচিছিল। আৰু নেন্সী যে আইতাৰ নাম সেইটো তুমি জানাই।
পৱিত্ৰ আৰু অনুৰাধা এওঁলোকৰ যিকোনো এজনৰ সন্ধান পালেই যথেষ্ট”।
“মই জালান নগৰ চাহ বাগিচা খন চিনি পাওঁ। সেইখন বাগিচাত কাম কৰা লেবাৰ মানুহ
কেইজনমান মোৰ চিনাকী। তেওঁলোকৰ সহায়ত কিবা খবৰ পাওঁ নেকি এবাৰ চেষ্টা কৰি চাম।
বয়সিয়াল মানুহ যদি কোনোবা আছে, কিবা খবৰ পাবও পাৰোঁ”।
অনুপমাই হৰিকাইৰ হাতত পাঁচশ
টকাৰ নোট এখন দি ক’লে, “এই পইচা খিনি লৈ যোৱা। বেছি
দৰকাৰ হ’লে তোমাৰ পৰা খৰচ কৰিবা। মই
পিছত দি দিম”।
“এ আইজনী, ইমান পইচা কেলেইনো দিছা? ডিব্ৰুগড়লৈ অহা যোৱা কৰোঁতে ইমান পইচা নালাগে নহয়”।
“নহয় হৰিকাই। এতিয়া তুমি ৰাখি থোৱা। খবৰ আনিবলৈ তোমাৰ কিমান বা ঘুৰা ঘুৰি হয়, খবৰৰ কাৰণে কাক বা কি দিব লগীয়া হয়”।
“হ’ব দিয়া। ইমান পইচা লগত লগত
নিবলৈ আজিকালি ভয়েই লগা হ’ল”, এই বুলি হৰিকায়ে নোটখন জাপি লৈ
জেপত ভৰাই থলে।
“মই ৰুবীক সকলোখিনি বুজাই থৈ গৈছোঁ। তাই পাৰিব, বৰ কৰ্মী তিৰোতা। দুখ ভাগৰৰ একো চিন চাব নাই। তুমি
ৰান্ধোতে অলপ চোৱা চিতা কৰি দিবা। একো চিন্তা নাই”। হৰিকায়ে বিদায় লোৱাৰ সময়ত ক’লে।
সেই দিনটো হৰিকাই ঘৰত নথকা
কাৰনে অনুপমাই সিদ্ধান্ত ল’লে যে তাই অন্তত: আগবেলাটো কলৈকো ওলাই নাযায়। হৰিকায়ে পাৰিব বুলি ক’লেও ৰুবী একেবাৰে নতুন। তাই ঘৰখনৰ তলা নলা ভালকৈ গম
পোৱা হোৱাই নাই। তাইৰ হাতত অকলে ঘৰখন এৰি যাব নোৱাৰি।
অনুপমাই কেভিন আৰু ক্লাৰাক ক’লে, “আজি তোমালোক দুয়ো ওলাই যোৱা। মই আজি ঘৰতে আছোঁ। হৰিকায়ে আজি ছুটী লৈছে।
যোৱাকালি আমি কেমেৰা নিনিয়াকৈ ঠাইবোৰ চালোঁ। আজি তোমালোকে কেমেৰাৰে দৃশ্যবোৰৰ ছবি
তুলি আনাগৈ। মই গাড়ীখনৰ ড্ৰাইভাৰ অনিলক সকলো বুজাই থৈছোঁ। তোমালোকৰ একো অসুবিধা
নহয়”।
কেভিনে ক’লে, “আজি মই ডিগবৈৰ পৰা আগলৈ মাৰ্ঘেৰিটা আৰু লিডুলৈ যাম বুলি ভাবিছিলোঁ। কিন্তু
তুমি নোযোৱা যেতিয়া ইমান দুৰলৈ নাযাওঁ। কালি চোৱা ঠাই ডোখৰ আকৌ চাওঁ, ক্লাৰাৰ ছবিৰ কাৰনে ঠাই নিৰ্বাচন কৰোঁ, পাৰিলে পিছবেলা আমি মিউজিয়ামটো চাম দিয়া”।
অনুপমাই ক’লে, “মিউজিয়াম চাবলৈ ময়ো লগত যাব পাৰিম। দেউতাক মই আজি সোনকালে আহিবলৈ কৈছোঁ।
মিউজিয়ামটো ময়ো দেখা নাই”।
কেভিন আৰু ক্লাৰা ওলাই যোৱাৰ
পিছত অনুপমাই আইতাকক গা ধুৱাই উঠি ৰ’দত বহুৱাই মুৰ ফণিয়াই দিলে। তাই আইতাকক সুধিলে, “আইতা, ইয়ালৈ আহি তোমাৰ কেনে লাগিছে”?তাইৰ সম্বোধনত আগৰ ‘আপুনি’, ‘আপুনি’ ভাবৰ সলনি ‘তুমি’, ‘তুমি’ ভাৱ ষ্পষ্ট হৈ উঠিল।
“তোমাৰ গা টো ভালে থকা কাৰনে মই ভগৱানক
কিমান যে ধন্যবাদ জনাইছোঁ। মই তোমাক সোনকালেই তোমাৰ চিনাকী ডিব্ৰুগড় চহৰলৈ লৈ যাম।
তোমাৰ চিনাকী চাহ বাগিচা আৰু গাওঁ খনলৈয়ো লৈ যাব পাৰিম বুলি আশা কৰিছোঁ। তোমাক
ইয়ালৈ আনিবলৈ পাই মোৰ কিমান যে ভাল লাগিছে”।
অনুপমাৰ পিঠিত হাত এখন দি
আইতাকে ক’লে, “তই থকা কাৰনেই মোৰ অসমলৈ অহাৰ সপোন পুৰা হ’ল আই। আৰুনো মোক কি লাগিছে। মোৰ কাৰনে তই যিমান খিনি
কৰিছ, আন কোনেও কৰা নাই। মোৰ এনে লাগে
তই মোৰ কোনোবা জনমৰ অতি আপোন মানুহ”।
অনুপমাই আইতাকৰ বুকুত মুৰ গুজি
ক’লে, “আইতা, তুমি যিদিনা ডিব্ৰুগড়লৈ যাবা, মই তোমাক অসমীয়া সাজ এজোৰ পিন্ধাই লৈ যাম। তোমাৰ সাজ জোৰৰ কাৰণে মই যোগাৰ
কৰিছোঁৱেই”।
আইতাকে হাঁহি মাৰি ক’লে, “তোৰ মতেই সকলো হ’ব, আই”।
অনুপমাই আইতাকক হুইল ছেয়াৰ খনত
বহুৱাই চৌহদ টোত ফুৰালে। ফুলনি খনৰ ফুলবোৰ দেখুৱালে। খৰিকাজাই এজোপাৰ ওচৰত আইতাকে
তাইক ৰ’বলৈ ইঙ্গিত কৰিলে।
“এনে এজোপা ফুল আমাৰ ডিব্ৰুগড়ৰ ঘৰতো আছিল”। আইতাকে ক’লে। অনুপমাই খৰিকাজাই এপাহ চিঙি আনি আইতাকৰ হাতত দিলে। ফুলপাহ গালত লগাই তেওঁ
শুঙি চালে। তেওঁ যেন অনুভৱ কৰিব বিচাৰিলে বহুযুগ আগতে এৰি অহা ডিব্ৰুগড়ৰ ঘৰৰ সেই
খৰিকাজাই ফুলজোপাৰ সান্নিধ্য।
অনুপমাই বিদেশী বৃদ্ধা এগৰাকীক
হুইল ছেয়াৰত ফুৰাই থকা দেখি চুবুৰীয়া দুগৰাকী মহিলাই মাত লগাবলৈ আহিল। অনুপমাক
এনেয়ো বহুত দিনৰ পিছতহে ওচৰ চুবুৰীয়াই দেখিবলৈ পায়। তেওঁলোকে আইতাকৰ লগত চিনাকী হ’ল। আইতাকৰ মুখত অসমীয়া কথা শুনি তেওঁলোকে বৰ ৰং পালে।
কেভিন আৰু ক্লাৰাই দুঘণ্টা মান
ঘুৰি মেলি অঞ্চলটোৰ কিছু ফটো আৰু কিছু ভিডিঅ’ সংগ্ৰহ কৰিলে। ক্লাৰাই হাতীৰ লগত ছুটিং কৰাৰ কাৰনে
এটা স্পট চাই থলে। ডিগবৈৰ পৰা পেঙেৰীলৈ যোৱা ৰাস্তাৰ দাঁতিত এডোখৰ মুকলি ঠাই আছে।
সেই ঠাই ডোখৰৰ চাৰিওপিনে হাবি। ওচৰতে ডাঙৰ ডাঙৰ গছো আছে। ঠাইডোখৰত সূৰ্য্যৰ পোহৰ
পৰ্য্যাপ্ত পৰিমানে পৰে কাৰনে দৃশ্যগ্ৰহণত একো অসুবিধা নহয়। কেভিনেও ক্লাৰাই পচণ্ড
কৰা ঠাই টুকুৰা ভাল পালে।
দুপৰীয়াৰ খোৱা হোৱাৰ পিছত ডিগবৈ ছেণ্টিনেৰী মিউজিয়ামটো চাবলৈ কেভিন, ক্লাৰা আৰু অনুপমা যাবলৈ ওলাল। আইতাককো নিয়াৰ কথা অনুপমাই ভাবিছিল। পিছে মিউজিয়ামৰ বন্ধ পৰিৱেশত বেছি সময় থাকিলে তেওঁ অসুবিধা পাববুলি ভাবিলে। তথাপি মিউজিয়ামত আইতাকে আগ্ৰহী হ’ব পৰা কিবা দেখিলে পিছত এবাৰ লৈ যোৱাৰ কথা তাই মনতে ভাবি থলে। মিউজিয়ামটো মুকলি হোৱা বেছি দিন হোৱা নাই। সেয়ে তাই নিজেই মিউজিয়ামটো দেখা নাই। দেউতাক সোনকালে অফিচৰ পৰা আহি পোৱা কাৰনে তাইৰ ওলাই যাবলৈ সুবিধা হ’ল। আইতাকৰ কাৰণে ৰুবীৰ ওপৰতে ভৰসা কৰি তাই ওলাল।
দুপৰীয়াৰ খোৱা হোৱাৰ পিছত ডিগবৈ ছেণ্টিনেৰী মিউজিয়ামটো চাবলৈ কেভিন, ক্লাৰা আৰু অনুপমা যাবলৈ ওলাল। আইতাককো নিয়াৰ কথা অনুপমাই ভাবিছিল। পিছে মিউজিয়ামৰ বন্ধ পৰিৱেশত বেছি সময় থাকিলে তেওঁ অসুবিধা পাববুলি ভাবিলে। তথাপি মিউজিয়ামত আইতাকে আগ্ৰহী হ’ব পৰা কিবা দেখিলে পিছত এবাৰ লৈ যোৱাৰ কথা তাই মনতে ভাবি থলে। মিউজিয়ামটো মুকলি হোৱা বেছি দিন হোৱা নাই। সেয়ে তাই নিজেই মিউজিয়ামটো দেখা নাই। দেউতাক সোনকালে অফিচৰ পৰা আহি পোৱা কাৰনে তাইৰ ওলাই যাবলৈ সুবিধা হ’ল। আইতাকৰ কাৰণে ৰুবীৰ ওপৰতে ভৰসা কৰি তাই ওলাল।
গাড়ীৰে অলপ দুৰ গৈয়েই তেওঁলোকে
ডিগবৈ শতবাৰ্ষিকী সংগ্ৰহালয় বা ছেণ্টিনেৰী মিউজিয়াম পালেগৈ। সংগ্ৰহালয়টোৰ দুৱাৰ
দলিত থকা ফলক এখনত লিখা আছে যে ১৯০১ – ২০০১ চনৰ সময়চোৱাৰ ডিগবৈ ইতিহাস এই সংগ্ৰহালয়টোত সংৰক্ষিত হৈ আছে। অনুপমাই
গৱেষণাৰ বাবে সংগ্ৰহালয়টোৰ ভিতৰ চৰাৰ ছবি তুলিবলৈ অনুমতি পত্ৰ এখনো সংগ্ৰহ কৰি ল’লে। সংগ্ৰহালয়ৰ ঘৰটোত সোমোৱাৰ আগতে মুকলি ঠাই ডোখৰত
তৈল উদ্যোগত ব্যৱহাৰ কৰা বিভিন্ন যান্ত্ৰিক সামগ্ৰী মানুহৰ প্ৰতিমূৰ্তিৰ সৈতে
স্থাপন কৰা আছে। প্ৰথমতেই তেওঁলোক সেইপিনে আগবাঢ়িল। কেভিনে যন্ত্ৰ পাতি বোৰৰ বিষয়ে কিবা তথ্য পায়
নেকি বিচাৰিবলৈ ধৰিলে। যন্ত্ৰ পাতি বোৰৰ বিষয়ে বৰ্ণনা থকা ফলক থাকিলে তাৰ সুবিধা হ’ল হেঁতেন, কাৰন এই যন্ত্ৰ পাতি বোৰৰ লগত সি অভ্যস্ত নহয়। সি পাম্প, মেচিন বোৰত লিখা থকা কিছুমান নাম বা নম্বৰ সংগ্ৰহ
কৰিলে। সেইবোৰৰ ভিতৰত আছিল ‘large Borsig stationary
engine’, ‘Large duplex pump- Dow 41245’, ‘steam hammer from B & S Massey’,
‘Clarke, Chapman steam winch’ আদি। সি বুজিলে, তৈল অন্বেষণৰ আদি সময়ত বিভিন্ন কোম্পানীৰ পৰা বিভিন্ন যন্ত্ৰ পাতি সংগ্ৰহ কৰা
হৈছিল আৰু এইবোৰ তাৰেই নমুনা।
সংগ্ৰহালয়টোৰ খোলা পৰিৱেশ
আটাইৰে ভাল লাগিল। ক্লাৰাই কেমেৰাটোৰে সংগ্ৰহালয়টোৰ প্ৰায় সকলো প্ৰদৰ্শিত বস্তুৰে
স্থিৰ আৰু চলমান ছবি সংগ্ৰহ কৰিলে। অনুপমাই ভাবিলে, আইতাকে হয়তো এই খোলা পৰিৱেশত প্ৰদৰ্শিত বস্তুবোৰ চাই
ভালেই পালে হঁতেন। এপদ এপদকৈ প্ৰদৰ্শিত বস্তুবোৰ কেভিন আৰু ক্লাৰাই নিৰীক্ষন
কৰিলে। কেভিনে কিছুমান কথা নোট কৰি ল’লে আৰু ক্লাৰাক কিছুমান দৃশ্যৰ ফটো ল’বলৈ ক’লে। বেছিভাগ সামগ্ৰীয়েই তৈল ক্ষেত্ৰত ব্যৱহাৰ কৰা পাম্প জাতীয় যন্ত্ৰ পাতি। এই
সামগ্ৰী বোৰত খোদিত হৈ থকা শব্দ কিছুমানৰ পৰা বুজিব পৰা যায় যে এই যন্ত্ৰ পাতি
সমুহৰ কোনোবাটো ইংলেণ্ড, কোনোবাটো আমেৰিকা বা কোনোবাটো ৰোমানিয়াৰ পৰা অনা হৈছিল।
প্ৰদৰ্শিত যন্ত্ৰ পাতিবোৰৰ পৰা
অনতি দুৰত আছিল ডিগবৈৰ ঐতিহাসিক ডিস্ক’ভাৰী ৱেল বা ডিগবৈ ৱেল নং ১। এইটোৱেই ডিগবৈৰ সেই খাদটো যিটোৰ উত্পাদনৰ যোগেদি ভাৰতৰ তৈল উদ্যোগৰ সূচনা
হৈছিল। এই খাদটো বৰ্তমান প্ৰদৰ্শনৰ কাৰনে সংৰক্ষিত কৰি ৰখা
হৈছে। খাদটোৰ ফলক খনত লিখা আছে, ১৮৮৯ চনৰ ছেপ্তেম্বৰ মাহত খান্দিবলৈ লোৱা ২০২ মিটাৰ গভীৰতাৰ এই খাদটোত ১৮৮৯
চনৰ অক্টোবৰ মাহৰ ১৯ তাৰিখে প্ৰথম খনিজ তেলৰ সন্ধান পোৱা হৈছিল। দৈনিক গড়ে ৯০৯
লিটাৰ হিচাপে মুঠ ৬২২ কিলোলিটাৰ তেল উত্পাদন কৰা এই খাদটো ১৯৩২ চনত ব্যৱসায়িক
ভিত্তিত পৰিত্যক্ত বিবেচিত হয়। কেভিনে এই সংৰক্ষিত খাদটো দেখি উত্ফুল্লিত হৈ পৰিল।
সি সংগ্ৰহালয়টোৰ কৰ্মচাৰী সকলৰ পৰা এই খাদটোৰ বিষয়ে অধিক কথা জানিবলৈ চেষ্টা
কৰিলে। অনুপমাৰ সহযোগত কৰ্মচাৰী সকলৰ পৰা জানিব পাৰিলে যে সেই এশ বছৰতকৈও পুৰণি
খাদটোৰ পৰা এতিয়াও বিৰিঙি বিৰিঙি তেল ওলাই থাকে। কৰ্মচাৰী এজনে ক’লে, এই খাদটোৰ পৰা এতিয়াও দিনে এবাল্টি খনিজ তেল সংগ্ৰহ কৰিব পাৰি। কেভিনে আন এটা
কথাত আচৰিত হ’ল যে ডিগবৈ ৱেল নং ১ থকা
অঞ্চলটোৰ মাটি সেমেকা, বৰণ কজলা। সেই মাটিৰ পৰা হেনো এতিয়াও নিগৰি নিগৰি খনিজ তেল ওলাই থাকে।
সংগ্ৰহালয় টোৰ একাষত এখন সৰু
মিটাৰ গজ লাইনত দুটা ডবাৰ পুতলা ৰেলগাড়ী ৰখা হৈছে। সেই সময়ত এনে সৰু ৰেলগাড়ীৰে
হয়তো মানুহ আৰু বস্তু কঢ়িওৱা কাম কৰা হৈছিল।
সংগ্ৰহালয়টোৰ বাহিৰৰ মুকলি ঠাইত
প্ৰদৰ্শিত সামগ্ৰীবোৰ চোৱাৰ পিছত তেওঁলোকে মুল সংগ্ৰহালয় ভৱনটোৰ ভিতৰলৈ সোমাল।
সোমায়েই চকুত পৰিল, ডাঠ হাবিৰ মাজত হাতী ব্যৱহাৰ কৰি হাবি মুকলি কৰাৰ প্ৰদৰ্শিত দৃশ্য। এটা দঁতাল
হাতীয়ে হাবিৰ পৰা কাঠ কঢ়িয়াই আনি থকা দেখুওৱা হৈছে। হাতীটোৰ ভৰিত লাগি আছে অৰণ্যৰ
মাজত নিগৰি ওলাই থকা তেলৰ দাগ। হাতীটোৰ ভৰিত লাগি অহা তেলৰ বিষয়ে দুজন ইংৰাজ লোকে
আলোচনা কৰিছে। পিছপিনে এটা খেৰ আৰু টকৌ গছৰ পাতেৰে সজা ৰিগত কেইজন মানে হাতত
সঁজুলি লৈ পাইপ ভৰাই ড্ৰিলিং কৰা দেখুওৱা হৈছে। এই মনোগ্ৰাহী দৃশ্যটো আটায়ে উপভোগ
কৰিলে।
দৃশ্যটো দেখি ক্লাৰাই উচ্ছাসিত
হৈ ক’লে, “মই ছুটিং কৰিব বিচৰা দৃশ্যটোও ঠিক এনেকুৱাই হ’ব লাগিব। ঠিক এনেদৰেই অৰণ্যৰ মাজৰ পৰা দুটা হাতী ওলাই
আহিব। হাতীৰ ভৰিত লাগি অহা তেলৰ গোন্ধ মানুহ বোৰৰ নাকত লাগিব। ভালদৰে চাই তেওঁলোকে
হাতীৰ ভৰিত লাগি অহা পদাৰ্থ বিধৰ পৰাই এই গোন্ধটো আহিছে বুলি পতিয়ন যাব। দুজনে
কথাটো আলোচনা কৰি অৰণ্যৰ মাজলৈ সোমাই যাব। অৰণ্যৰ মাজত তেওঁলোকে তেল ওলাই থকা
পুখুৰী এটা পাব। পুখুৰীটো পাই তেওঁলোকে আনন্দতে জপিয়াই উঠিব। বচ, মোৰ পৰিকল্পনা হৈ গ’ল। কি যে মজা লাগিব”।
“তুমি এতিয়া তোমাৰ স্ক্ৰিপ্ত খন আৰু সুন্দৰকৈ লিখি উলিয়াব পাৰিবা, নহয়নে ক্লাৰা”, অনুপমাই ক’লে।
“মই যথেষ্টখিনি লিখিয়েই পেলালোঁ। এতিয়া অলপ অচৰপ সলনি কৰিব লাগিব। মই আজি ৰাতি
তোমাক পঢ়িবলৈ দিম। মই আশা কৰিছোঁ আমাৰ কামটো ভালেই হ’ব”। ক্লাৰাৰ চকু দুটা উজ্বলি উঠিল।
সংগ্ৰহালয়টোত সেই সময়ত ব্যৱহাৰ
কৰা বিভিন্ন সামগ্ৰী, টেলিফোন, টাইপ ৰাইটাৰ, টেলিগ্ৰাফ যন্ত্ৰ, গ্ৰামোফোন, বিজুলী বাতি, পাংখা আদিয়েও স্থান পাইছে। আছাম
অয়ল কোম্পানীৰ প্ৰশাসনিক, কৰ্মচাৰী আদি বিভাগৰ পুনৰ নিৰ্মিত দৃশ্যৰাজিয়ে দৰ্শক সকলত সেই পুৰণি দিনলৈ লৈ
যায়। এজন ইংৰাজ বিষয়াই এজন ভাৰতীয় ছাপ্ৰাচীক হুকুম কৰি থকা দৃশ্য এটা প্ৰদৰ্শিত
হৈছে যিটোৰ জৰিয়তে সেই সময়ৰ সামাজিক পৰিৱেশৰ এক আভাস দিয়াৰ প্ৰয়াস কৰা হৈছে।
সংগ্ৰহালয়টোত বিশ্বৰ তৈল অন্বেষণৰ ইতিহাসো কিছু পৰিমানে সাঙুৰিবলৈ যত্ন কৰা
হৈছে।কৰ্ণেল ড্ৰেক, জৰ্জ বিছেল, ৰকফেলাৰ, কাৰ্গিল আদি ব্যক্তিৰ তৈল অন্বেষণৰ বাবে কৰা
আশাশুধীয়া প্ৰচেষ্টাৰ ছবি আৰু কাহিনী প্ৰদৰ্শিত হৈছে। ওপৰ মহলাত থকা ফটো গেলাৰীত
অসমৰ তৈল উদ্যোগৰ ১০০ বছৰীয়া বৰেণ্য ইতিহাস আলোকচিত্ৰৰে বৰ্ণনা কৰা আছে। সংগ্ৰহালয়টোৰ
পৰা কেভিনে তাৰ গৱেষণাৰ বাবে বহুতো সমল আৰু তথ্য পালে। সেই তথ্য সমুহ সি তাৰ টোকা
বহীত লিখি লোৱাৰ উপৰিও কেইবাখনো ফটোও তুলিলে।
কেভিনে তাৰ টোকা বহীত তথ্যবোৰ
লিখি থকা সময়ত অনুপমা আৰু ক্লাৰাই এঠাইত বহি তাৰ কাৰণে অপেক্ষা কৰিলে।
“তৈলক্ষেত্ৰৰ ওপৰত ইমান ধুনীয়া এটা মিউজিয়াম আছে, কিন্তু আমাৰ বাহিৰে চাবলৈ অহা মানুহ কোনো নাই যে”? ক্লাৰাই অনুপমালৈ চাই ক’লে।
“এৰা, ডিগবৈলৈ ফুৰিবলৈ অহা মানুহ বহুত
কম। স্থানীয় মানুহৰো হয়তো ইমান আগ্ৰহ নাই। সেই কাৰণে আমি
কোনো দৰ্শনাৰ্থী দেখা নাই”। অনুপমাই ক’লে।
“কিন্তু এয়াতো ভাল কথা নহয়। মানুহে কিয় মিউজিয়ামলৈ আকৰ্ষিত নহয়? লণ্ডন বা পেৰিছলৈ বহুত মানুহ কেৱল মিউজিয়াম চাবলৈকে
যায়”।
“ডিগবৈ চহৰ খনৰ ঐতিহ্যৰ কথা মানুহৰ মাজত এতিয়াও ভালদৰে প্ৰচাৰ হোৱা নাই। এই
ঐতিহ্যমণ্ডিত তৈলক্ষেত্ৰখনৰ ওপৰত নিৰ্ভৰ কৰিয়েই হয়তো এক সুসংহত পৰ্যটন ব্যৱস্থা
গঢ়ি উঠিব পাৰিলেহেঁতেন। কিন্তু এতিয়াও তেনে হোৱা নাই। আনকি অসমৰ মানুহেও ডিগবৈ
শোধনাগাৰৰ বিষয়েহে জানে, ইয়াত যে ইতিহাস প্ৰসিদ্ধ বিশ্বৰ আদিম তৈলক্ষেত্ৰ এখনৰ অৱশিষ্ট আছে, সেই বিষয়ে বহুতেই নাজানে”। অনুপমাই ক’লে।
“মই কেভিনক ক’ম এই বিষয়ে লণ্ডনৰ বাতৰি কাকতত
লিখিবলৈ। দেশ বিদেশৰ মানুহেও ভাৰতৰ তৈল উদ্যোগৰ ইতিহাস সংৰক্ষণ কৰি থোৱা এই
মিউজিয়ামৰ বিষয়ে জানিব লাগে”। ক্লাৰাই ক’লে।
ক্লাৰাৰ কথাত অনুপমাৰ মনত ৰং
লাগিল। অসমৰ মানুহে মোল নুবুজা ডিগবৈৰ ঐতিহ্যৰ কথা বিদেশী হৈয়ো ক্লাৰাই উপলব্ধি
কৰিব পাৰিছে। আনে আঙুলিয়াই দিলেহে অসমীয়া মানুহৰ কথাবোৰ চকুত পৰে।
সংগ্ৰহালয় টোৰ পৰা ওলাই অহাৰ
সময়ত কেভিনে অনুপমাক ক’লে, “মোৰ ভাৰতলৈ অহাৰ উদ্দেশ্য আজি
বহুখিনি সফল হ’ল। ইমানখিনি তথ্য একেলগে এঠাইত
পাম বুলি মই ভবাই নাছিলোঁ। মিউজিয়ামটোৱে মোৰ পৰিশ্ৰম বহুখিনি লাঘৱ কৰিলে”।
অনুপমাহঁত ঘৰলৈ উভতি অহাৰ পিছত
স্থানীয় মিলন যুৱক সংঘৰ ডেকা ল’ৰা তিনিজন আহিল। অনুপমাই কোৱাত দেউতাকে তেওঁলোকক মাতি পঠিয়াইছিল। ক্লাৰাৰ
ছুটিঙৰ কাৰনে কেইজনমান অভিনেতাৰ প্ৰয়োজন হ’ব। দেউতাকে আগতীয়াকৈ সংঘটোৰ লগত অভিনয় জনা ডেকা ল’ৰা কেইজনমানৰ কাৰনে কথা পাতি থৈছিল। অনুপমাই কেভিন
আৰু ক্লাৰাক লগত লৈ তেওঁলোকৰ লগত আলোচনাত বহিল।
পাৰ্থ নামৰ ল’ৰাজনক অনুপমাই আগৰ পৰাই চিনি পায়। আগতে স্কুলত সি ভাল
নাটক কৰিছিল। তাই শুনিছিল সি ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চতো অভিনয় কৰিছিল। তাৰ লগত
কথা পাতি তাই গম পালে যে সি স্থানীয় ভাৱে মঞ্চস্থ হোৱা কেইবাখনো নাটকৰ লগত জড়িত হৈ
আছে। সি মূলত: বাংলা ভাষী যদিও অসমীয়া আৰু
হিন্দী ভালদৰে ক’ব পাৰে। ইংৰাজীও ভালদৰে বুজি
পায়, পিছে সলসলীয়াকৈ ক’ব নোৱাৰে। আন দুজন ল’ৰা জয়দীপ আৰু দিলীপে স্থানীয় ভাৱে অভিনয় কৰিছে যদিও
বিশেষ অভিজ্ঞতা নাই। ক্লাৰাই ক’লে যে তাইক কমেও পাঁচ জন অভিনেতাৰ প্ৰয়োজন হ’ব। মূল অভিনেতা হিচাপে থাকিব কেভিন। কেভিনৰ মুখতে বেছিভাগ সংলাপ থাকিব। বাকী
চাৰিজন স্থানীয় হ’ব কাৰনে তেওঁলোকৰ সংলাপতকৈ অভিনয় বেছি গুৰুত্বপূৰ্ণ হ’ব। কেভিনে এজন বৃটিছ বিষয়াৰ ৰূপত অভিনয় কৰিব কাৰনে
তাৰ পোচাক হ’ব চাহাবী পোচাক, মুৰত হেট থাকিব, পিন্ধনত থাকিব গাৰলেচ থকা ফুলি থকা ছাৰ্ট আৰু ওপৰত
বহল, তললৈ চেপা পেণ্ট। তেনে পোচাক
এটা ক্লাৰাই লগত লৈয়ে আহিছে। বাকী কেইজনে গোটেই শৰীৰ ঢকা ডাঙৰি বা কাভাৰ অল একোটা
পিন্ধিব। তেনে পোচাক শোধনাগাৰৰ কৰ্মী সকলৰ পৰাই যোগাৰ কৰিব পৰা যাব বুলি পাৰ্থই
আশ্বাস দিলে। ক্লাৰাই পাৰ্থক ওচৰত বহুৱাই আটাইখিনি কথা বুজাই দিলে। তাই নিজে
প্ৰস্তুত কৰা চিত্ৰনাট্য খনৰ বিষয়ে অলপ থুল মুল আভাস দিলে। পাৰ্থই ক’লে যে, সি চিনেমাৰ ছুটিং দেখিছে। গতিকে এই সৰু দৃশ্যটোত অংশ গ্ৰহন কৰিবলৈ কোনো
অসুবিধা নহয়। পাৰ্থই বাকী অভিনেতা কেইজনক প্ৰস্তুত কৰি তুলিবলৈ গাত ল’লে। ক্লাৰাই ক’লে যে তাই নিজেই দৃশ্যটো
পৰিচালনা কৰিব। দুদিন মান অনুশীলনীৰ
প্ৰয়োজন হ’ব। হাতী যোগাৰ হ’লেই মুল ছুটিং কৰা হ’ব।
“হাতী কেইটা আমি কেতিয়ালৈ পাম পমা? আমি ছুটিং কৰিবলৈ হাতী লাগিবই”। ক্লাৰাই অনুপমালৈ চাই সুধিলে
“দেউতাই ইতিমধ্যে বন বিভাগৰ লগত কথা পাতিছে। আজিকালি এনেবোৰ কামত বন বিভাগৰ
হাতী পোৱাটো বৰ মস্কিল। তথাপি এটা দিনৰ কাৰনে দুটা হাতী পোৱা যাব বুলি কৈছে। আমি
অহা ৰবিবাৰে ৰাতিপুৱা দুটা হাতী পাম বুলি আশা কৰিছোঁ। এই কেইদিনৰ ভিতৰতে ছুটিঙৰ
কাৰনে সকলো তৈয়াৰ কৰিব লাগিব”। অনুপমাই ক’লে।
পাৰ্থলৈ চাই ক্লাৰাই ক’লে, “মই তোমালোকক খবৰ দিম। এই চৌহদতে আমি অনুশীলন কৰিম। তোমালোক সময় মতে আহিবা”।
পাৰ্থই বিদায় লৈ ক’লে, “আহিম, আমাৰ কাৰণে এয়া ডাঙৰ সুযোগ”।
যুৱক সংঘৰ ল’ৰা কেইজনক কেভিনে কিছুদুৰ আগবঢ়াই থৈ আহিল। অনুপমা আৰু
ক্লাৰা বাৰাণ্ডাত বহিল।
ক্লাৰাই কিবা এটা মনত পৰাৰ দৰে
অনুপমাক ক’লে, “আমি এটা ডাঙৰ ভুল কৰিলোঁ। আমি তেওঁলোকক কিছু আগধন দি
এখন কণ্ট্ৰেক্ট ছহী কৰাই ল’ব লাগিছিল। তদুপৰি তেওঁলোকক মাননী কিমান দিয়া হ’ব, কিমান সময় কাম কৰিব লাগিব এই আটাইবোৰ টাৰ্মচ এণ্ড কণ্ডিছনৰ বিষয়ে কথা পতাই নহ’ল”।
অনুপমাৰ হাঁহি উঠিল। “তুমি চিন্তা নকৰিবা ক্লাৰা। আমাৰ ইয়াত মুখৰ কথাতে কাম
হয়। তেওঁলোকে কথা দিছে যেতিয়া আহিবই। আৰু মাননীৰ বিষয়ে ইমান একো ধৰা বন্ধা নাই।
ভাত এসাজ ভালকৈ খুৱাই দিলেও তেওঁলোক সন্তুষ্ট হ’ব”।
“আমি তেওঁলোকক ভালদৰে পইচা নিদিলে যদি তেওঁলোক কোৰ্টলৈ যায়”?
এইবাৰ অনুপমাই জোৰেৰে হাঁহি ক’লে, “ইয়াত এইবোৰ কথাত মানুহ কোৰ্ট কাছাৰীলৈ নাযায়। পৰস্পৰৰ বিশ্বাসৰ ওপৰতে কাম হয়।
সন্তুষ্ট নহ’লে মুখৰ আগতে ক’ব, দাবী কৰিব, প্ৰতিবাদ কৰিব। কিন্তু কোৰ্টলৈ
নাযায়”।
“ছুটিঙৰ কাৰনে মই প্ৰশান্তকো ইয়ালৈ মাতিব বিচাৰিছোঁ। তাৰ ফটোগ্ৰাফী আৰু পোহৰৰ
ওপৰত ভাল আইডিয়া আছে। সি থাকিলে মোৰ কামত বহুত সহায় হ’ব। তাকোতো আমি কিবা দিব লাগিব”।
“ধেৎ, কি কৈছা তুমি। তেনে কৰিলে সি
বেয়াহে পাব। আমাৰ দেশত এইবোৰ কাম মানুহে নিজৰ ইচ্ছাতে কৰে। এইবোৰ কামৰ দৰ দাম নহয়”।
“মই তোমালোকৰ দেশৰ মানুহৰ ওপৰত সঁচাকৈয়ে আভিভূত হৈ পৰিছোঁ। আমি টকা পইচাৰে সকলো
হিচাপ কৰোঁ বাবেই মানুহৰ আন্তৰিক বিশ্ৱাস আৰু সহযোগৰ কথাবোৰ মনলৈ নাহেই”। ক্লাৰাই ক’লে।
“পমা, তুমি নিশ্চিত নে, প্ৰশান্ত আহিবই। সি অহাটো বৰ প্ৰয়োজনীয়”। ক্লাৰাৰ চিন্তা মাৰ যোৱা নাই।
“মইতো নিশ্চিতই যে সি আহিব। তুমিয়েই তাৰ লগত এবাৰ কথা পাতি চোৱা”।
অনুপমাই প্ৰশান্তলৈ নম্বৰ লগাই
ক্লাৰাক ফোনটো দিলে। ক্লাৰাই প্ৰশান্তক ক’লে, “তুমি আহিবা বুলি মই বৰ আশা কৰি আছোঁ। ৰবিবাৰে ৰাতিপুৱাৰ পৰাই আমি ছুটিং কৰিম।
তুমি শনিবাৰে পিছ বেলা ডিগবৈলৈ আহিবা”।
প্ৰশান্তই সিপিনৰ পৰা ক’লে, “মই পাৰিলে শনিবাৰেই যাম। কিন্তু কিবা কাৰণত শনিবাৰে নোৱাৰিলে ৰবিবাৰে ৰাতিপুৱা
নিশ্চয়কৈ পাই যাম। তুমি চিন্তা নকৰিবা”।
প্ৰশান্তৰ লগত কথা পতাৰ পিছত
ক্লাৰাৰ মুখখন ফৰকাল হ’ল। তাইৰ মুখত হাঁহি বিৰিঙি উঠিল। “পমা, আজি মোৰ ভাল লাগিছে। মোৰ ছুটিঙৰ
কামটো হ’ব যেন লাগিছে। ব’লা না আজি ছেলিব্ৰেট কৰোঁ। ব’লা, আমি দুয়ো ক’ৰবাত বহি অলপ ড্ৰিংক কৰোঁ”।
“তোমাৰ দেশৰ দৰে কিছুমান সুবিধা আমাৰ দেশত নাপাবা। ইয়াৰ বাৰত বহি খোৱাটোও
খুব সুবিধাজনক নহয়। ঘৰতে তুমি আৰু কেভিনে ক’ৰবাত বহি খাব পাৰা”।
“কেভিনে কৈছে ইণ্ডিয়াত থকা কেইদিন বোলে সি ড্ৰিংক নকৰাকৈ থাকিব। সি কোনোবা দিনা
গীৰ্জাৰ পুৰোহিত হ’ব যেনহে লাগিছে। তাক কৈ লাভ নাই। ব’লানা আমি দুয়ো ওলাই যাওঁ”।
অনুপমাই ক্লাৰালৈ চাই হাঁহিলে।
তাইলৈ সহানুভূতি হ’ল। মদ অকণ ডিঙিত নপৰিলে তাই শান্তি নাপায়। “মই তোমালোক দুয়োকে এদিন আমাৰ ক্লাৱলৈ লৈ যাম। তদুপৰি
আমাৰ দুলীয়াজানলৈ যোৱাৰো এটা পৰিকল্পনা আছে। তুমি ড্ৰিংক কৰিবলৈ পাবা। অলপ ধৈৰ্য
ধৰা। মোৰ মতে আজি তুমি তোমাৰ স্ক্ৰিপ্ত খন অলপ থিক থাক কৰাৰ কামটো কৰি লোৱা। সেইটো
বেছি প্ৰয়োজনীয় কাম”।
ক্লাৰাৰ মুখখনত উজ্জ্বলতা অলপ
জামৰি গ’ল। তাই একো নকৈ কোঠালৈ গৈ চিত্ৰনাট্যখন আৰু পেঞ্চিল লৈ বহিল।
ক্লাৰাই ৰাতি শোৱাৰ আগতে তাই
অলপ অচৰপ সলনি কৰা চিত্ৰ নাট্য খনৰ খচৰা কপিটো উলিয়াই অনুপমাক পঢ়িবলৈ দিলে। “মই যিখিনি পাৰোঁ থিক থাক কৰি এইখন সজাই লৈছোঁ। তুমি
এবাৰ ভালদৰে পঢ়ি চোৱা”।
অনুপমাৰ মনটো ভাল লাগি থকা
নাছিল।
ৰাতি তেতিয়া প্ৰায় এঘাৰ বাজিছে।
হৰিকাই তেতিয়াও উভতি অহা নাই। তাইৰ মনত চিন্তা হ’ল, গাৱঁলীয়া হোজা মানুহ জনক অকল শৰীয়াকৈ ডিব্ৰুগড়লৈ পঠিয়াই তাই বাৰু ভাল নকৰিলে
নেকি? কিবা বিপদ আপদ হ’লে হৰিকায়ে ঘৰৰ ফোনটোত ফোন এটা কৰিও জনাব পাৰিলে
হেঁতেন। হৰিকাইৰ যদি কিবা ডাঙৰ বিপদ হয়, তাই দেউতাকক কি জবাব দিব।
ক্লাৰাৰ চিত্ৰনাট্যখন হাতত লৈযো
তাইৰ পঢ়িবলৈ মন নগ’ল। তাই ক্লাৰাক ক’লে, “তুমি শুই থাকা ক্লাৰা, হৰিকাই উভতি নহালৈকে মোৰ টোপনি নাহে। মই তোমাৰ চিত্ৰ
নাট্য খন পিচত পঢ়িম”।
ক্লাৰাক শুবলৈ কৈ গাত চাদৰ এখন
মেৰিয়াই অনুপমা তলত হৰিকাই থকা কোঠাটোলৈ খটখটীৰে নামি গ’ল। হৰিকাইৰ কোঠাটোৰ কাষতে লাগি থকা আন এটা কোঠাত ৰুবী
থাকে। সেইটো কোঠাত আগতে ৰাতি পহৰা দিয়া ল’ৰা এজন থাকিছিল। দুবছৰ মান আগতে গুপ্ত হত্যা, অপহৰন, ধন দাবী আদি ঘটনাবোৰ বেছিকৈ সংঘটিত হ’বলৈ ধৰা সময়ত বৰুৱাই এজন ৰাতি পহৰা দিয়া ল’ৰা ৰাখিছিল। পিছে পৰিস্থিতি ভাললৈ অহাত ল’ৰাজনক অব্যাহতি দিয়া হ’ল। সেই কোঠাটোতে হৰিকায়ে ৰুবীৰ বিচনা ঠিক কৰিছিল।
ৰুবীয়ে ৰাতি অকলে কেম্পলৈ উভতি যোৱাতকৈ তাতেই থাকিবলৈ ভাল পায়। অনুপমাই দেখিলে যে
ৰুবীৰ কোঠাটোৰ লাইটটো জ্বলি আছে। তাই লাহেকৈ ৰুবীৰ কোঠাৰ দুৱাৰত টুকুৰিয়ালে।
ৰাতি সেই সময়ত দুৱাৰত টোকৰ পৰাত
ৰুবীয়ে হয়তো ভয় খালে। তাই ভয়ে ভয়ে মাত লগালে, “কোন”?
“মই। দুৱাৰখন খোলাচোন ৰুবী”।
ৰুবীয়ে অনুপমাৰ মাতটো চিনি পাই
দুৱাৰখন খুলি দিলে।
“তুমি শোৱা নাই ৰুবী”?
“নাই। ভাত খাবলৈ ৰৈ আছোঁ। ইমান দেৰী হ’ল, তেখেত এতিয়াও আহি পোৱা নাই”। ৰুবীৰ কণ্ঠত উদ্বিগ্নতা। অনুপমাই বুজিলে তাই হৰিকাইৰ লগত একেলগে ভাত খাবলৈ ৰৈ
আছে।
অনুপমা তাইৰ বিচনা খনতে বহিল।
ৰুবীয়ে কঁপা কঁপা মাতেৰে ক’লে, “বাইদেউ, মানুহ জনৰ একো হোৱা নাই তো”।
অনুপমাই লগে লগে কৈ উঠিল, “নাই, নাই। একো হোৱা নাই। তুমি হৰিকাইক নাজানা। তেওঁ কৰিবলৈ লোৱা কামটো হৈ নুঠালৈ সকলো কথা পাহৰি যায়।
কিবা অসুবিধা হ’লেও তেওঁ ঘুৰি আহিবই”।
ৰুবীৰ আগত কথাখিনি প্ৰত্যয়েৰে ক’লে যদিও অনুপমাৰ বুকুখন কিবা এক অজান আশংকাত দুৰু
দুৰু কৈ কঁপি উঠিল। তাই হঠাতে ৰুবীৰ হাতখন ধৰি ক’লে, “হৰিকাইক তুমি অলপ চাবা ৰুবী। মানুহজনৰ চাওঁতা কোনো নাই”।
ৰুবীৰ চকুজুৰি চলচলীয়া হৈ পৰিল।
তাই আঁচলেৰে চকু দুটা মচি ল’লে।
“বাইদেউ মোক ইয়াতেই সদায় থাকিবলৈ দিবনে”? তাই হঠাতে কৈ পেলালে।
তাইৰ দুচকুৰ কাতৰতা অনুপমাই
অনুভৱ কৰিব পাৰিলে।
“তুমি ঘূৰি যাব নিবিচৰা নেকি”?
ৰুবী উচুপি উঠিল। “মই ঘুৰি গ’লে মই মই জীয়াই নাথাকিম বাইদেউ। মই মৰি থাকিম”।
অনুপমাৰ বুকুখন মোচৰ খাই উঠিল।
তাই যেন মানুহজনীৰ এটা নতুন ৰূপ দেখিবলৈ পালে। তাই অনুভৱ কৰিলে সকলো মানুহেই বুকুত
কিজানি কঢ়িয়াই লৈ ফুৰে কিছু অব্যক্ত বেদনা।
“তুমি কিয় মৰিবা? কোনে তোমাক মাৰিব ৰুবী? কিয় তুমি ইমান ভয় খাইছা”?
“মই এখন নৰকৰ পৰা ওলাই এইখিনি পাইছোঁ বাইদেউ। মই সেইখন নৰকত পঁচি পঁচি জীয়াই আছিলোঁ। মোক কোনোৱে মানুহ হিচাপে গণ্যই
নকৰিছিল। আল্লাই মোক এই নতুন বাট দেখুৱাইছে। আপোনালোকৰ দৰে মৰমিয়াল, ভাল মানুহৰ ওচৰত আশ্ৰয় দিছে”।
অনুপমাই ঈশ্বৰক বিশ্বাস কৰে।
মানুহে যি নামেৰেই নামাতক কিয়, ঈশ্বৰ এজনেই। আজি হয়তো সেই মানুহ জনীৰ কাৰণে তাইৰ ঘৰখনেই ঈশ্বৰৰ বৰদান স্বৰূপ
হৈ পৰিছে।
ৰুবীৰ হাতখনত লাহেকৈ চেঁপা মাৰি
অনুপমাই ক’লে, “তুমি ইয়াতেই থাকা ৰুবী। তুমি থাকিলে হৰিকাইৰো বৰ সহায়
হ’ব”।
বাহিৰৰ গেট খন খোলাৰ শব্দ শুনি
অনুপমা আৰু ৰুবী দুয়োজনী লৰালৰিকৈ কোঠাৰ পৰা বাহিৰ ওলাল। হৰিকাইক গেট খন জপাই
ভিতৰলৈ সোমাই অহা দেখি দুয়োজনীয়ে স্বস্তিৰ নিশ্বাস পেলালে।
অনুপমাক সেই সময়ত তাত দেখি
হৰিকাই আচৰিত হ’ল। সি ক’লে, “আইজনী, তুমি ইয়াত? তুমি এতিয়াও শোৱা নাই”?
অনুপমাই ক’লে, “তুমি ইমান দেৰী কৰিছা। আমি দুজনীয়েই শুব পৰা নাই”।
স্বভাৱ সুলভ হাঁহিটো মাৰি
হৰিকায়ে ক’লে, “শেষৰ বাছ খন ধৰিব নোৱাৰিলোঁ বুজিছা। কোনোমতে ট্ৰাক
এখনত উঠি আহি এইখিনি পালোঁহি। মই পিছে বিশেষ একো খবৰ আনিব নোৱাৰিলোঁ আইজনী। ইমান
পুৰণি কথা, কোনেও নাজানে। মই বহু ঠাই
ঘুৰিলোঁ, বহুত মানুহক লগ কৰিলোঁ, নাই কোনেও একো কব নোৱাৰিলে”।
অনুপমাই ক’লে, “সেইবোৰ কথা আমি পিছে পৰেও পাতিম। তুমি হাত ভৰি ধুই ভাত খাই লোৱা। ৰুবীও তোমাৰ
কাৰনে ৰৈ আছে”।হৰিকায়ে একো খবৰ আনিব নোৱাৰাৰ কথা গম পাই তাইৰ অলপ বেয়া লাগিল। তাই কিবা এটা
খবৰ পাব বুলি বৰ আশা কৰি আছিল। তাই ৰুবীলৈ চাই দেখিলে তাইৰ মুখ খন আনন্দেৰে উপচি
পৰিছে।
ৰুবীয়ে লৰালৰিকৈ ভাত বাঢ়িবলৈ
পাক ঘৰলৈ দৌৰ মাৰিলে। হৰিকায়ে হাত ভৰি দুটা ধুবলৈ পিছফালে থকা টেপটোৰ ওচৰ পালেগৈ। অনুপমা লাহে লাহে খটখটীৰে উঠি কোঠালৈ উভতি আহিল।
কোঠালৈ
সোমাই আহি অনুপমাই ছিগাৰেটৰ গোন্ধ পালে। ক্লাৰাই হয়তো ব’ৰ হৈ ছিগাৰেট
হুপিছিল। কেভিনৰ মাফলাৰ খন চকীত পৰি থকা
দেখি তাই বুজিলে কেভিনো কোঠাটোলৈ আহিছিল।
এতিয়া
পিছে ক্লাৰাই মুৰলৈ লেপ টানি নাক ঘোৰঘোৰাই শুই আছে। অনুপমাই লাইটটো অফ কৰি লাহেকৈ বিচনাত বাগৰ দিলে।
ৰাতি অনুপমাৰ ভাল টোপনি নহ’ল। আইতাকৰ কথা ভাবি তাইৰ মনটো বেয়া লাগি থাকিল।এই
কেইদিন তেওঁৰ কাৰণে একোকে কৰিব নোৱাৰাৰ কাৰণে তাইৰ নিজকে দোষী দোষী লাগিল। হৰিকায়ে
কিবা এটা খবৰ আনিব পৰা হ’লেও অন্তত: আইতাকক তেওঁ তাহানিতে এৰি যোৱা
জগত খনৰ লগত এবাৰ সংযোগ কৰাই দিব পাৰিলেহেঁতেন। দেউতাকেও এই বিষয়ত বিশেষ সহায় কৰিব
যেন তাইৰ লগা নাই। যিমানে উভতি যোৱাৰ দিন চমু চাপি আহিছে, সিমানে আইতাকৰ কাৰণে তাই যেন অস্থিৰ হৈ পৰিছে। কিন্তু
তাই নাজানে কেনেকৈ তাই আইতাকক তেওঁৰ অতীতৰ জগত খনৰ মাজলৈ এবাৰ হ’লেও লৈ যাব পাৰিব।
ৰাতিপুৱা সোনকালেই বিচনাৰ পৰা
উঠি বাহিৰলৈ ওলাই আহি তাই দেখিলে কেভিনে তাইতকৈও আগতে উঠি সন্মুখৰ বাৰাণ্ডা খনত
বহি তাৰ কাগজ পত্ৰ বোৰ উলিয়াই লৈছে। অনুপমাক দেখি সি হাঁহি মাৰি ক’লে, “যোৱাকালি ৰাতি ক্লাৰাই অকলে ব’ৰ হৈ মোক তোমাৰ কোঠালৈ মাতি নিছিল। তুমি ক’ত আছিলা”?
“হৰিকাই আহোঁতে কালি বহুত দেৰী হ’ল। সেই কাৰনে মই ৰুবীৰ লগত তেওঁ অহালৈ অপেক্ষা কৰি
আছিলোঁ”।
“তেওঁ ভালে কুশলে আহি পালেনে? একো চিন্তাৰ কাৰণ হোৱা নাইতো”?
“নাই, নাই। সকলো ঠিকে আছে। তুমি ৰাতিপুৱাই ইয়াতে বহি কি কৰি আছা”। এইবুলি তাই কেভিনৰ কাষতে চকী এখন টানি আনি বহিল।
“মই কালি মিউজিয়ামত নোট কৰি অনা কথাবোৰ ভালদৰে লিখি লৈছোঁ। মই মোৰ গৱেষণাৰ
কাৰণে প্ৰয়োজনীয় কিমান যে তথ্য পালোঁ, বিশেষকৈ চালুকীয়া অৱস্থাত তৈল অন্বেষন তথা পৰিশোধনৰ কামত ব্যৱহৃত হোৱা
কেইবাবিধো সঁজুলি আৰু যন্ত্ৰ পাতিবোৰ দেখা পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা। এতিয়া
মোৰ সেই সময়ত ভাৰতৰ এই প্ৰান্তৰত তেলৰ অন্বেষণৰ ওপৰত ভাল আইডিয়া হ’ল। সেইবোৰকে জুকিয়াই চাই আছোঁ”।
“তুমি কেইবাখনো দুস্প্ৰাপ্য নথি পত্ৰ পোৱা বুলি কৈছিলা”। কাগজবোৰ অলপ চিজিল কৰি অনুপমাই কেভিনেলৈ চাই ক’লে।
“এৰা মই যিমান পাৰি কথাবোৰ নোট কৰিছোঁ। কেইবাখনো দুস্প্ৰাপ্য
ফটোও দেখিলোঁ। ক্লাৰাৰ কেমেৰাটোত ফটো আৰু ভিডিঅ’বোৰ আছে। সেইখিনিও মোৰ লেপটপটোত ডাউনলোড কৰি ল’ব লাগিব। আজি এইখিনি কাম কৰিবলৈ মোক কিছু সময় লাগিব। সেই
কাৰণে ৰাতিপুৱাৰ পৰাই কামত ধৰিছোঁ”।
“আজি তোমাৰ পৰিকল্পনা কি? কোনফালে যাম বুলি ভাবিছা? মই ভাবিছিলোঁ আমি আইতাক লৈ ৱাৰ চিমেটেৰীলৈ যাম”। কেভিনলৈ চাই অনুপমাই ক’লে।
“অ’ ৱাৰ ছিমেটেৰীলৈ নিশ্চয় যাব
লাগিব। মই জনামতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মৃত্যু হোৱা সৈনিক সকলৰ সমাধি আছে এই
ঠাইত”।
“মই ভাবিছোঁ আজি দুপৰীয়াৰ আহাৰ খোৱাৰ আগতে আমি ৱাৰ ছিমেটেৰীটো চাই আহিম। তুমি
কি কোৱা কেভিন”?
“নিশ্চয়। তাৰ আগতে মই মোৰ কাম খিনি শেষ কৰি ল’বলৈ চেষ্টা কৰোঁ। তুমি ফ্ৰেছ হৈ ক্লাৰাৰ স্ক্ৰিপ্তখন
এবাৰ পঢ়ি চাবা। তুমি যোৱাকালি সেইখন নপঢ়িলা বুলি তাই মোৰ ওচৰত অভিযোগ কৰিছে”। এই বুলি কেভিনে হাঁহিলে।
“অ’, মই আজি স্ক্ৰিপ্তখন পঢ়িমেই।
কালি ৰাতি পঢ়িবলৈ একেবাৰে মন যোৱা নাছিল। কিয় জানো ৰাতি টোপনিও ভাল নহ’ল। মই গা পা ধুই ক্লাৰাৰ স্ক্ৰিপ্ত খন লৈ বহিম”।
“টোপনি ভাল হোৱা নাই যদি তুমি অলপ শুই লোৱাগৈ যোৱা। এই কেইদিন আমাৰ লগতে তোমাৰো
বহুত কষ্ট হৈছে”। কেভিনৰ এই মৰমসনা কথাবোৰেই তাইৰ ভাল লাগে। সি তাইৰ দুখ কষ্ট বুজিবলৈ চেষ্টা
কৰে।
গা ধুই আহি অনুপমাই ক্লাৰাই
লিখা চিত্ৰ নাট্য খন পঢ়িলে। তাই দুই এটা সংলাপ ইফাল সিফাল কৰাৰ বাহিৰে বেছি একো
কৰিব লগীয়া নাছিল। ক্লাৰায়ো সাৰ পালে। অনুপমাই পঢ়ি থাকোঁতে তাই আহি অনুপমাৰ গাত গা লগাই বহিল।
“কালি ৰাতি মোৰ খুব অকলশৰীয়া অনুভৱ হৈছিল। পমা, তুমি মোক একো নোকোৱাকৈ ক’লৈ গৈছিলা”?
“মই হৰিকাইৰ কাৰণে চিন্তাত আছিলোঁ ক্লাৰা। তেওঁ আহি পোৱা নাছিল কাৰণে মোৰ মনটো
বেয়া লাগি আছিল”। চিত্ৰনাট্য খনৰ পৰা মুৰ নোতোলাকৈয়ে অনুপমাই ক’লে।
“পমা, তুমি ভাবানে কেভিনে মোক ভাল পায়”? আউলি বাউলি চুলিবোৰ হাতেৰে লিৰিকি বিদাৰি ক্লাৰাই
সুধিলে।
অনুপমা উচপ খাই উঠাৰ দৰে
ক্লাৰাৰ মুখলৈ চালে। “সেইটো আৰু সুধিব লগীয়া কথা নেকি? নিশ্চয় পায়”।
“নাই, মোৰ সন্দেহ হয়। সি মোক ভাল
নাপায় পমা। কালি ৰাতি সি আমাৰ কোঠালৈ আহিছিল। ইমান দিনৰ পিছত তাক মই অকলে লগ
পাইছিলোঁ। মোৰ বৰ মন গৈছিল তাক মোৰ বাহুৰ মাজত লৈ চুমা এটা খাবলৈ। কিন্তু সি মোক
তাৰ ওচৰৰ পৰা আঁতৰাই পঠিয়ালে। মোৰ এনে লাগিছিল মই যেন তাক মৰম কৰিব বিচাৰি এটা
ডাঙৰ ভুলহে কৰিছিলোঁ”। ক্লাৰাৰ চকু চলচলীয়া হ’ল।
ক্লাৰাৰ কান্ধত এখন হাত থৈ
অনুপমাই ক’লে, “ধেৎ, ইমান সৰু কথাৰ কাৰণে মন বেয়া কৰে নেকি? আমি উভতি যোৱাৰ পিছত চোন তাক তুমি সম্পূৰ্ণ নিজৰ
হিচাপে পাবাই। তেতিয়া যিমান ইচ্ছা মৰম কৰিবা। আজি তোমাক এখন বৰ ধুনীয়া ঠাইলৈ লৈ
যাম। আইতাকো লগত ল’ম। তুমি বৰ ভাল পাবা”।
“কি ঠাই? এমিউজমেণ্ট পাৰ্ক”? ক্লাৰাৰ চকু দুটা উজ্বলি উঠিল।
মিচিকিয়া হাঁহি মাৰি অনুপমাই ক’লে, “নহয়, হুলস্থুল ভৰা এমিউজমেণ্ট পাৰ্ক
নহয়, বৰং শান্তি ভৰা এখন পাৰ্কলৈ
তোমাক লৈ যাম। তাত দ্বিতীয় বিশ্বযুদ্ধত মৃত্যুবৰণ কৰা নানান দেশৰ
সৈনিক সকলৰ সমাধি আছে”।
ক্লাৰাই মুখকন বিকটাই দিলে। “তোমালোক যোৱা, মোৰ কলৈকো যাবলৈ মন নাই। মই ঘৰতে থাকিম। মোৰ শুই
থাকিবলৈ মন গৈছে”।
“তুমি কিয় নাযাবা। ইয়াতে অকলে তুমি কি কৰি থাকিবা। তুমি ব’ৰ হৈ যাবা”। অনুপমাই অলপ ডাঙৰ মাতেৰে ক’লে।
“পাৰিলে অভিনয় কৰা ল’ৰা কেইজনক মাতি দিবা। সিহঁতৰ লগতে মই আড্ডা মাৰিম। সিহঁতক দৃশ্যটোৰ বিষয়ে
বুজাব লগীয়াও আছে”।
অনুপমাই বুজিলে ক্লাৰাই অভিমান
কৰিছে। কিন্তু তাই ভাবিলে, ক্লাৰাই যিহেতু সমাধি ক্ষেত্ৰৰ কথা শুনিয়েই নাযাওঁ বুলি ভাবিছে, তাইক জোৰ কৰাটো ঠিক নহ’ব।
অনুপমাই ক্লাৰাৰ চিত্ৰনাট্য খন
ভালদৰে পঢ়িলে। দুই এঠাইত অলপ আসোঁৱাহ আছিল। সেইখিনি ক্লাৰাক দেখুৱাই দিলে।
ৰাতিপুৱাৰ আহাৰ খোৱাৰ পিছত তাই আইতাকক ওলাই যাবলৈ সাজু কৰিলে। আইতাকক বাহিৰলৈ যোৱা পোচাক এজোৰ পিন্ধাই দিলে। তেওঁৰ গাত নতুন কোট এটা পিন্ধাই দিলে।
ৱাৰ ছিমেটেৰীলৈ বেছি দুৰ নহয়।
কেভিন, অনুপমা আৰু আইতাক ওলাল। ক্লাৰাই
মুৰ ধুই ৰ’দত বহি চুলি শুকুৱাই আছিল।
ক্লাৰা লগত নোলোৱা দেখি কেভিন আৰু আইতাক আচৰিত হ’ল। অনুপমাই ক’লে, “তাইৰ বোলে আজি ওলাবলৈ মন যোৱা নাই। ভাগৰ লাগিছে। তাই আজি অলপ জিৰণি লওক দিয়া”।
যাবৰ সময়ত অনুপমাই ক্লাৰাক ক’লে, “মই অভিনয় কৰা ল’ৰা কেইজনলৈ খবৰ পঠিয়াইছোঁ। তেওঁলোক আহিবই। আমি বেছি দেৰী নকৰোঁ। তুমি সিহঁতক
আমি আহি পোৱালৈ ৰ’বলৈ ক’বা”।
অলপ সময়ৰ পিছতে তেওঁলোকে গৈ ৱাৰ
ছিমেটেৰী পালে। গাড়ীৰ পৰা নামি অনুপমাই আইতাকক লগত নিয়া হুইল ছেয়াৰ খনত বহুৱাই
দিলে। লোহাৰ গেটখন পাৰ হৈ ভিতৰ সোমাই তেওঁলোকে দেখিলে শাৰী শাৰীকৈ থোৱা সমাধিবোৰ।
সমাধিবোৰৰ ফলকত লিখা আছে সৈনিক সকলৰ নাম, বিষয় বাব।
অনুপমাই আইতাকক সমাধি ক্ষেত্ৰ
খনৰ কথা বুজাই দিলে। আইতাকে হাত দুখন মুঠি মাৰি ধৰি মনে মনে প্ৰাৰ্থনা কৰিলে। তেওঁ
অনুপমাৰ সহায়ত হুইল ছেয়াৰৰ পৰা উঠি গৈ দুখনমান সমাধি ফলক হাতেৰে চুই চালে। তেওঁৰ
মুখত এক অনাবিল হাঁহি দেখিবলৈ পোৱা হ’ল।
“কেভিনৰ ককাদেউতাকৰ সমাধিও হয়তো এই ঠাইতে থাকিলহেঁতেন নহয়নে”? হঠাতে আইতাকৰ মাত শুনি অনুপমা ওচৰ চাপি গ’ল। কেভিন তেতিয়া ফটো তোলাত ব্যস্ত।
“হয়তো ইয়াতেই থাকিলহেঁতেন আইতা। তেওঁৰ নামৰো হয়তো এখন ফলক থাকিল হেঁতেন”।
“এই সমাধি খনত অকল যুদ্ধত মৰা মানুহৰে সমাধি আছেনে”? আইতাকে অনুপমালৈ চাই সুধিলে।
“হয় আইতা, বিশ্বযুদ্ধৰ সময়ত ডিগবৈত হেনো
এখন মিলিটাৰী হস্পিতাল আছিল। সেই হস্পিতাল খনত মৃত্যু হোৱা সৈনিক সকল আৰু ওচৰে
পাজৰে যুদ্ধত নিহত হোৱা সৈনিক সকলক ডিগবৈতে সমাধিস্থ কৰা হৈছিল। আগতে সমাধিৰ ঠাই
খন অলপ দুৰত আছিল। কিন্তু ভূমিকম্পৰ বাবে সেই ঠাই ডোখৰ ধ্বংস হোৱা কাৰণে সমাধিবোৰ
এই ঠাইলৈ আনি থ’লে। এতিয়া এই ঠাইখিনি ধুনীয়াকৈ
ৰাখিছে। দেশ বিদেশৰ বহুত মানুহ এই ঠাইখন চাবলৈ আহে”।
কেভিনে খোজকাঢ়ি দুৰৰ পৰা ঘুৰি
আহিল। “ইয়াত প্ৰায় ২০০ মান সমাধি আছে।
দ্বিতীয় বিশ্বযুদ্ধৰ এয়া এক অতি গুৰুত্বপূৰ্ণ স্মাৰক। কিন্তু এই সমাধিক্ষেত্ৰ খনৰ
বিষয়ে বহুত কম মানুহেই জানে”। কেভিনে ক’লে।
“ইয়াত প্ৰতি বছৰ নৱেম্বৰ মাহৰ দ্বিতীয় শনিবাৰে সকলো ধৰ্মৰ মানুহে ইয়াত লগ হৈ
প্ৰাৰ্থনা কৰে। হিন্দু, খ্ৰিষ্টিয়ান, মুছলমান, শিখ, বৌদ্ধ সকলো ধৰ্মৰ মানুহে প্ৰাৰ্থনা কৰি দ্বিতীয় বিশ্বযুদ্ধত মৃত্যুবৰণ কৰা
সৈনিক সকলৰ কথা মনত পেলায়”। অনুপমাই ক’লে।
সমাধি ক্ষেত্ৰৰ নিজম, শান্তিময় পৰিৱেশত কিছু সময় কটাই তেওঁলোক উভতি আহিল।
তেতিয়া দুপৰীয়াৰ চোকা ৰ’দ ওলাইছে। আইতাকে পিন্ধি থকা কোটতো খুলি অনুপমাৰ হাতত দিলে।
ইপিনে অনুপমাহঁত ওলাই যোৱাৰ
কিছু সময় পিছত অভিনয় কৰা দলটো আহি ওলালহি। ক্লাৰাই হৰিকাইক কৈ বাহিৰৰ চোতালতে চকী
পাৰি তেওঁলোকক বহুৱালে। হৰিকায়ে তেওঁলোকক চাহ জলপান পৰিৱেশণ কৰিলে।
ক্লাৰাই ছুটিং কৰিব লগীয়া
দৃশ্যটোৰ বিষয়ে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিলে। তাইৰ ইংৰাজী উচ্চাৰণ তেওঁলোকৰ বাবে
বুজাত অসুবিধা। কিন্তু তাই যিমান পাৰি সহজ ইংৰাজীৰে বুজাবলৈ চেষ্টা কৰিলে। “প্ৰথমতে আমি দেখুৱাম যে ৰেলপথ নিৰ্মানৰ বাবে হাবি বন
মুকলি কৰা কাম চলি আছে। সকলো শ্ৰমিক কামত ব্যস্ত হৈ আছে। দুটা হাতী অৰণ্যৰ মাজৰ
পৰা ওলাই আহিছে। পাৰিলে কটা গছৰ টুকুৰা শুৰেৰে ডাঙি অনা দেখুৱাম”।
অভিনেতা কেইজনৰ মুখৰ ভাৱ ভংগী
দেখি ক্লাৰাই বুজিব পাৰিলে তেওঁলোকে ‘এলিফেণ্ট’, ‘ৰেইল’, ‘জাংগল” আদি কেইটামান শব্দৰ বাহিৰে একো বুজা নাই। তাই চকীৰ পৰা উঠি গৈ হাতেৰে অংগী
ভংগী কৰি বুজাবলৈ চেষ্টা কৰিলে। ওচৰৰ গছ এজোপা দেখুৱাই কুঠাৰেৰে ফালি টুকুৰা কৰাটো
হাতেৰে তাই অভিনয় কৰি দেখুৱালে। তাইৰ কাণ্ড দেখি ল’ৰা কেইজনৰ হাঁহি উঠিল।
পাৰ্থই অলপ অচৰপ ইংৰাজী বুজি
পায়, ক’বও পাৰে। সি ক্লাৰাক সহায় কৰিবলৈ গাত ল’লে। সি ক্লাৰাৰ ওচৰলৈ গৈ ক্লাৰাৰ কথাখিনি অনুবাদ কৰি
দৃশ্যটো বুজাবলৈ চেষ্টা কৰিলে, “হাতী কেইটা ওলাই অহাৰ লগে লগে সকলোৱে উত্সুকতাৰে হাতীকেইটাৰ পিনে ঘুৰি চাব।
হাতী কেইটাৰ ভৰিত লাগি অহা বোকা আৰু আঠালেতিয়া মাটিৰ পৰা অহা গোন্ধটোৱে সকলোৰে
দৃষ্টি আকৰ্ষিত কৰিব। বুজি পাইছনে”। এইবাৰ আটায়ে মুৰ জোকাৰি শলাগিলে।
ক্লাৰাই দেখুৱাই যোৱা মতে সি
বুজাই গ’ল, “সকলোৰে মাজত বু বু – বা বা আৰম্ভ হ’ব। তেওঁলোকৰ মুৰব্বী জনে হাতীৰ ভৰিত লাগি অহা পদাৰ্থ
বিধ হাতেৰে চুই আৰু শুঙি চাব। সেই তেওঁ তেওঁৰ কনিষ্ঠ সহকাৰী জনৰ লগত এই বিষয়ে কথা
পাতিব আৰু সেই পদাৰ্থ বিধ খনিজ তেল বুলি সন্দেহ কৰিব। তেওঁ নিজে কনিষ্ঠ সহকাৰী জনৰ
লগত হাতীৰ পিঠিত উঠি অৰণ্যৰ মাজলৈ গৈ সেই পদাৰ্থ বিধৰ উত্স উলিয়াবলৈ যাব। হাতীয়ে
লৈ গৈ খনিজ তেল ওলাই থকা বোকা মাটিৰ ওচৰ পোৱাবগৈ। তাত নামি তেওঁ হাতেৰে চুই খনিজ
তেলৰ উত্স আৱিস্কাৰ কৰাৰ আনন্দত মতলীয়া হ’ব। এইখিনেয়েই দৃশ্য”। এইবাৰ তাৰ কথাত সকলোৱে হাত তালি বজাই সংকেত দিলে যে
তেওঁলোকে বুজি পাইছে। ক্লাৰাই ক’লে, “এতিয়া সকলোৱে দৃশ্যটো বুজি
পাইছা যেতিয়া, আমি অলপ অনুশীলন কৰিম”।
কেভিনে কৰিব লগীয়া অংশটো
ক্লাৰাই নিজেই কৰি দেখুৱালে। দুখন চাইকেল সমান্তৰালকৈ থিয় কৰাই দুটা হাতী বুলি
কল্পনা কৰি লোৱা হ’ল। পাৰ্থই ক’ব লগীয়া সংলাপ খিনি তাক ক্লাৰাই
শিকাই বুজাই দিলে। অভিনয়ত অভ্যস্ত পাৰ্থৰ
কাৰনে নিজৰ অংশটো আয়ত্ব কৰিবলৈ অসুবিধা নহ’ল। ক্লাৰাই ইংৰাজীৰ শুদ্ধ উচ্চাৰণৰ ওপৰত গুৰুত্ব
দিলে। বাকী তিনিজনৰ মুখত খুব সামান্য
সংলাপ হে আছিল। তেওঁলোকেও নিজৰ কৰিব লগীয়া খিনি আয়ত্ব কৰোঁতে বেছি সময় নালাগিল।
অনুশীলনী চলি থকাৰ মাজতে অনুপমা
হঁত আহি পালেহি। গাড়ীৰ পৰা নামি অনুপমাই আইতাকক তেওঁৰ কোঠালৈ লৈ গ’ল। কেভিন ক্লাৰাৰ ওচৰ পালেগৈ। সি অলপ সময় অনুশীলনী
চাই নিজেও ইটো সিটো নিৰ্দেশ দিলে। ক্লাৰাৰ পৰা স্ক্ৰিপ্ত খন লৈ সি অভিনয় কৰিব
লগীয়া অংশটোৰ সংলাপ খিনি চাই নিজেও এবাৰ
অনুশীলন কৰিলে। অনুপমাও আহি তাত উপস্থিত হ’ল।
সি ক্লাৰাক ক’লে, “তুমি বৰ ভাল কাম কৰিছা। স্ক্ৰিপ্ত খন খুব সুন্দৰ হৈছে। ছুটিং কৰাৰ আগদিনা গৈ
আমি ঠাইখিনি এবাৰ তৈয়াৰ কৰি আহিব লাগিব। বিশেষকৈ ৰেল পথৰ কাম চলি থকা দেখুৱাবলৈ
আমাক কিছুমান সা সঁজুলি দৃশ্য সজ্জাৰ কাৰনে লাগিব। তদুপৰি অৰণ্যৰ মাজত বোকা পানীৰ
খাল এটা লাগিব। সেইটোও আমি নিজে তৈয়াৰ কৰি ল’ব লাগিব। তাৰ কাৰনে আমাক দুজনমান শ্ৰমিকৰ দৰকাৰ হ’ব। লগতে সংলাপ খিনি ষ্পষ্ট ভাৱে ৰেকৰ্ড কৰিবলৈ ভাল
মাইক্ৰ’ফোনৰ দৰকাৰ হ’ব। পোহৰ ভাল নহ’লে ৰিফ্লেক্টৰৰ দৰকাৰ হ’ব পাৰে”।
“এইবোৰৰ যোগাৰ মই অকলে কেনেকৈ কৰিম। তুমিও অলপ মোক সহায় কৰা। তুমি কেৱল নিজৰ
কাম লৈয়েই ব্যস্ত হৈ থাকা”। ক্লাৰাই উষ্মাৰে ক’লে। কেভিনৰ প্ৰতি তাইৰ খং আৰু অভিমান এতিয়াও মাৰ যোৱা নাই।
কেভিনে নাটকৰ কামত অভিজ্ঞতা থকা
পাৰ্থৰ লগত দৃশ্যসজ্জাৰ বিষয়ে কথা পাতিলে। এক নিৰ্দিষ্ট পৰিমাণৰ ধনৰ বিনিময়ত সকলো
যোগাৰ কৰি দিবলৈ পাৰ্থ সন্মত হ’ল।
অনুশীলনী চলি থকা সময় খিনিত
আইতাক নেন্সি, হৰিকাই আৰু ৰুবীয়ে বাৰাণ্ডাৰ
পৰাই সকলো চাই আছিল। আইতাকে বাৰে বাৰে হৰিকাই আৰু ৰুবীক বাৰাণ্ডাৰ পৰা তললৈ নামি
গৈ চাই আহিবলৈ কৈ আছিল। কিন্তু দুয়ো ওপৰৰ পৰাই চাই থাকিবলৈ ভাল পালে।
ৰুবীয়ে চিনেমাৰ ছুটিং হ’ব বুলি শুনি খুব আগ্ৰহ পালে। তাইক হৰিকায়ে বুজালে, “কেভিন চাহাব চিনেমা খনৰ হিৰো আৰু ক্লাৰা মেম হ’ল হিৰোৱিন। বাকী মানুহ বিলাক যে দেখিছ, সেইবোৰ গুণ্ডা। সেই গুণ্ডা কেইটাই ক্লাৰা মেমক আক্ৰমন
কৰিব। কেভিন চাহাবে আহি চব গুণ্ডাকে মাৰি ক্লাৰা মেমক বচাব। এইটোৱেই চিনেমা খনৰ
কাহিনী”।
ৰুবীয়ে তাৰ কথাত বিশ্বাস কৰি
চকু দুটা ডাঙৰ ডাঙৰ কৰি সুধিলে, “ইচ, ইমান খিনিয়েই কাহিনী। ইমান ছুটি
চিনেমা কোনে চাবলৈ যাব”?
হৰিকায়ে তাইক বুজালে, “আমাৰ ইয়াতহে দীঘল দীঘল চিনেমা চলে, তিনি ঘণ্টা বহি বহি টিকা বিষায় যায়। চাহাবৰ দেশত বোলে চিনেমাবোৰ তেনেই ছুটি। তই ভাত
খাওঁতে যিমান সময় লাগে, সিমান সময়ত চিনেমা এখন শেষ হৈয়েই যায়। মই জানো নহয়”।
হৰিকায়ে মাজে মাজে এনে বাৰভচহু
কথা কৈ ৰুবীৰ আগত ফিটাহি মাৰি ভাল পায়। সিহঁত হালে হাঁহি ফুৰ্তিৰে কথা পাতি থকা
দেখি আইতাকে মাজতে ক’লে, “মোকো কোৱা। কি কথা”। আইতাকে তেওঁৰ পাহৰা অসমীয়া ভাষাৰ শব্দ বোৰ আকৌ
ব্যৱহাৰ কৰিবলৈ শিকিছে। হৰিকাই আৰু ৰুবীৰ লগত অসমীয়া শব্দই তেওঁ ক’বলৈ লৈছে।
অনুশীলনীৰ কাম হৈ যোৱাৰ পিছত
অনুপমাই আইতাকৰ ওচৰলৈ আহি বহিল। আইতাকৰ ওচৰত তাই দোষী অনুভৱ কৰি আছে। তাই ক’লে, “আইতা, ছুটিঙৰ কামটো শেষ হ’লেই এদিন আমি ডিব্ৰুগড়লৈ যাম। কেভিন আৰু ক্লাৰাৰ কাম
বোৰ অলপ থান থিত লাগক। মই এই কেইদিন তোমাৰ কাৰণে একোকে কৰিব পৰা নাই”।
মৰমলগা হাঁহি এটা মাৰি আইতাকে ক’লে, “কিয় তেনেকৈ কৈছা। তুমি মোৰ কাৰণে আৰু ইয়াতকৈ কি কৰিবা”?
“আইতা, মই তোমাৰ পুৰনি দিনৰ সংযোগ কিবা
প্ৰকাৰে উলিয়াব পাৰোঁ নেকি চেষ্টা কৰি আছোঁ। একো নাপালেও তুমি অন্তত: ডিব্ৰুগড়ৰ বেৰী হোৱাইট মেডিকেল স্কুলৰ পুৰণি ভৱন টো, ব্ৰহ্মপুত্ৰৰ পাৰ, এতিয়াও দেখা পোৱা দুই এটা শিহু চাব পাৰিবা। মই এতিয়াও আশা কৰি আছোঁ, তোমাৰ পুৰনি স্মৃতিৰ কিবা এটা যোগসূত্ৰ পাম”।
“মই বুজিছোঁ অনুপমা, তুমি মোৰ কাৰনে চিন্তা নকৰিবা। মই ভালেই আছোঁ। ময়ো মোৰ পুৰণি স্মৃতিৰ কিবা
চানেকি দেখিবলৈ পাম বুলি আশা কৰা নাই। মোৰ দিনৰ মানুহবোৰ চাগে কতিয়াবাই মৰি শেষ হ’ল। মোৰ মাথোন এবাৰ ডিব্ৰুগড় চহৰ খন চাই আহিবলৈ মন এটা
আছে”।
সন্ধিয়াৰ ৰঙচুৱা বেলিটোলৈ চাই
অনুপমাই ক’লে, “সেই বেলিটোলৈ চোৱাচোন আইতা। তুমি যেতিয়া পৱিত্ৰৰ লগত
এদিন লুইতৰ পাৰত বহি আছিলা, সেইদিনাও বেলিটো এনেকুৱাই নাছিল নে”?
আইতাকেও বেলিটোলৈ চালে। তেওঁ
যেন অনুপমাৰ কথা বুজি পালে। এৰা, আন কোনো নাথাকিলেও সেইটো দিনৰ
সাক্ষী বেলিটোতো আছে। তেওঁৰ চকু দুটা উজ্জ্বল হৈ উঠিল।
সন্ধিয়া হৈ অহাত সদায় কৰাৰ দৰে
হৰিকায়ে ঘৰৰ চুকে কোণে ধুনাৰ মলাটো ঘুৰাই দিলে। শীত কাল যদিও এতিয়াও দুই এটা মহ ওলায়।
ছুটিঙৰ বাবে অনুশীলনীৰ কাম
কিছুদুৰ আগবঢ়াৰ কাৰণে ক্লাৰাৰ মনটো ভাল লাগিল। এয়া তাইৰ জীৱনৰ প্ৰথমটো ডাঙৰ
প্ৰজেক্ট। তাইৰ সপোন আছিল তাই ইয়াতেই ছবি নিৰ্মানৰ কাম আৰম্ভ কৰি পিছলৈ কেভিনৰ
গৱেষনাৰ কামত তাৰ লগে লগে থাকি বিশ্বৰ বিভিন্ন ঠাইৰ তৈল উদ্যোগৰ ইতিহাস সামৰি এখন অতি
সুন্দৰ তথ্য চিত্ৰ নিৰ্মান কৰিব। কিন্তু সেই সপোন ফলিয়াব নে নাই তাই নিশ্চিত নহয়।
তাইৰ প্ৰতি কেভিনৰ উদাসীনতাই তাইক শংকিত কৰি তোলে। কেভিনে তাইক কিমান দিন সহযোগ
কৰিব সেই বিষয়েও তাইৰ সন্দেহ আছে। তাৰ লগত একেলগে ইমান দিন থকাৰ পিছতো তাই যেন তাৰ
মাজত কিবা এটাৰ অভাৱ মৰ্মে মৰ্মে অনুভৱ কৰে। কেভিনে তাইক কামত উত্সাহ দিয়ে, তাইক সফল হ’বলৈ অনুপ্ৰাণিত কৰে। কিন্তু তাই প্ৰেমিক হিচাপে তাৰ পৰা আৰু কিবা কিবি বিচাৰে।
সেইখিনি দিবলৈ যেন কেভিন কোনোদিনে সন্মত হোৱা নাই।
তাইৰ এনে লাগে, এদিন নহয় এদিন কেভিন তাইৰ জীৱনৰ পৰা আঁতৰি যাব। সেই দিনটো সোনকালে আহে বুলি তাইৰ শংকা হয়। কেভিনৰ
অবিহনে তাই কাৰ ওপৰত ভৰসা কৰি আগবাঢ়ি যাব? নিজৰ ওপৰত তাইৰ ইমান বিশ্বাস নাই। তাই অনুভৱ কৰে তাই
চম্ভালি ৰাখিবলৈকে তাইৰ জীৱনত এজন পুৰুষৰ প্ৰয়োজন।
তাইৰ মাজে মাজে প্ৰশান্তৰ কথা
মনলৈ আহে। প্ৰশান্তৰ ফটোগ্ৰাফী দেখিয়েই তাই বুজি গৈছিল যে কেমেৰাৰ ব্যৱহাৰত
প্ৰশান্তৰ হাতত যাদু আছে। পোহৰ আৰু ৰঙৰ বিষয়ে তাৰ জ্ঞান গভীৰ। সি তাইতকৈ বহুত
পাকৈত। তাই কোৰ্চ কৰি যিখিনি শিকিছে, তাতকৈ প্ৰশান্তই এনেয়েই ফটোগ্ৰাফীৰ বিষয়ে বহুত বেছি কথা জানে। তাৰ হাতৰ এই যাদু তাই নিজৰ কামত লগাব বিচাৰে। তাই নিৰ্মান কৰা তথ্যচিত্ৰ খনত প্ৰশান্তই কেমেৰাৰ কাম
কৰিলে খুব ভাল হয়। তাই মাথোন পৰিচালকৰ কামতে সন্তুষ্ট থাকিব বিচাৰে। এইটো হ’বলৈ হ’লে প্ৰশান্ত অন্তত: এদিন আগতে আহি কামবোৰ বুজি লোৱাটো দৰকাৰ। প্ৰশান্তই তাৰ নিজৰ কেমেৰাটো ব্যৱহাৰ
কৰিলে দৃশ্যগ্ৰহণ আৰু সুন্দৰ হ’ব।
ৰাতি তাই প্ৰশান্তলৈ আকৌ ফোন
কৰিলে, “প্লিজ, তুমি যিকোনো উপায়ে এদিন আগতে আহি যাবা। তোমাৰ মুভি
আৰু ষ্টিল দুয়োটা কেমেৰাই লৈ আনিবা। মই তোমাৰ পৰা এইখিনি সহায় পালে তোমাৰ ওচৰত চিৰ
কৃতজ্ঞ হৈ থাকিম”।
ক্লাৰাৰ কাতৰ অনুৰোধত প্ৰশান্ত
বিচলিত হ’ল। “মই যাম, এদিন আগতেই যাম। তুমি মোক তোমাৰ চিত্ৰনাট্যখন ই মেইল কৰি পঠিয়াই দিব পাৰিবানে”?
“ঠিক আছে। মই তোমাৰ ই-মেইলত মোৰ চিত্ৰ নাট্য খন পঠিয়াই দিবলৈ চেষ্টা কৰিম। তুমি কিন্তু আহিবই লাগিব”।
ক্লাৰাৰ লগত কথা পাতিলে
প্ৰশান্তৰ মনটো কিবা যেন এক অবুজ শিহঁৰণেৰে ভৰি পৰে। তাইৰ সোনালী চুলিকোচা আৰু ধুনীয়া
চকুজুৰিৰে তাইৰ শুৱনি মুখ খনিয়ে তাক মাজে মাজে আমনি কৰে। কোনো বিদেশী বগা ছালৰ
গাভৰুক ইমান ওচৰৰ পৰা সি কেতিয়াও লগ পোৱা নাছিল। সি বুজি পাবলৈ ক্লাৰাই লাহে লাহে
কোৱা ইংৰাজীবোৰ তাৰ বৰ ভাল লাগে। সিও তাইৰ লগত কথা পাতোতে যিমান পাৰি লাহে লাহে
কথা পাতে, যাতে তাৰ ভাৰতীয় উচ্চাৰনৰ
কথাবোৰ তাই সহজে বুজিব পাৰে।
কেভিন তাইৰ সংগী বুলি সি জানে।
ক্লাৰা যে ডিগবৈৰ কেইদিনমানৰ অতিথি সেই কথাও সি বুজি পায়। কিছু দিন পিছতে তাই নিজ
দেশলৈ উভতি যাব। তাৰ কথাও পাহৰি যাব। কিন্তু কিয় জানো তাইৰ কথা ভাবি তাৰ ভাল লাগে।
তাইৰ লগত কথা পাতিবলৈ মন যায়। তাইৰ প্ৰতিটো অনুৰোধেই ৰক্ষা কৰিবলৈ আগ্ৰহ অনুভৱ কৰে। তাই তাক বাৰে বাৰে
শনিবাৰে পোৱাকৈ ডিগবৈলৈ যাবলৈ অনুৰোধ কৰিছে। এই অনুৰোধ সি কেনেকৈ ৰক্ষা নকৰাকৈ
থাকিব?
সি শনিবাৰে দুপৰীয়া অফিচৰ পৰা
আহিয়েই ডিগবৈলৈ যোৱাৰ পৰিকল্পনা কৰিলে।
সি ডিগবৈলৈ যাবলৈ ওলোৱা বুলি গম
পাই মাকে তাক ঘৰলৈ মাতি পঠিয়ালে। তাৰ হাতত অনুপমাক দিবলৈ উপহাৰ এটা দিলে। “এইটো অনুপমালৈ মই পঠিয়াইছোঁ। তাইৰ হাতত দিবি”।
“অনুপমালৈ উপহাৰ কিয়? পঠিয়ালে সিহঁত আটাই কেইটালৈ পঠোৱা”।
মাকে অকল অনুপমালৈ উপহাৰ পঠিওৱা
কাৰণে সি অলপ আচৰিত হ’ল।
মাকে তাক বুজনি দি ক’লে, “অনুপমাছোৱালীজনী বৰ ভাল ছোৱালী। মোৰ খুব মৰম লাগে। তাইৰ ঘৰখনো আমাৰ বহুদিনৰ চিনাকী, নিজৰেই ঘৰৰ নিচিনা। তহঁত দুটাও প্ৰায় সমনীয়াৰ দৰেই। মই তাইলৈ মৰম কৰি কিবা এটা
পঠিয়াইছোঁ, তই দি আহিবি”।
“তই অনুপমাক কেনে পাৱ বাৰু”? মাকৰ প্ৰশ্নটো শুনি সি কিছুপৰ মাকৰ মুখলৈ চাই থাকিল। এই প্ৰশ্নৰ কি উত্তৰ দিব
সি ভাবি নাপালে।
“ভালেই লাগে আৰু। কিনো বেয়া লাগিব”। তাৰ মুখৰ পৰা ওলাল।
মাকে এইবাৰ তাক পোনপেটীয়াকৈয়ে ক’লে, “দেউতাৰে কৈছে তোৰ বিয়া পাতিবৰ হ’ল আৰু। অনুপমাক দেউতাৰেও খুব পচন্দ কৰিছে। তই বা কি কৱ”?
প্ৰশান্ত জিকাৰ খাই উঠিল। “কি কথাবোৰ কৈছা মা। মই বিয়া চিয়াৰ কথা এতিয়াই ভবা
নাই। তোমালোকে এইবোৰ একো নুলিয়াবা এতিয়া”, এই বুলি সি উচাত মাৰি গুচি গ’ল।
মাকৰ কথাখিনি প্ৰশান্তৰ কাণত
বহু পৰ বাজি থাকিল। বিয়া বাৰুৰ ক্ষেত্ৰত মাক দেউতাকে সোৱঁৰণি চাই, ৰাশি মিলাই ছোৱালী পচন্দ কৰাৰ আওপুৰণি ৰীতি সি সমৰ্থন
নকৰে। সি বিয়া কৰাব বিচৰা ছোৱালীজনী এনে হ’ব লাগিব যাক তাৰ বাৰে বাৰে লগ পাবলৈ, যাৰ লগত কথা পাতিবলৈ আৰু সময় কটাবলৈ তাৰ মন যাব।
অনুপমাক লগ পাই, তাইৰ লগত কথা পাতি এনে কোনো
অনুভুতি তাৰ হোৱা নাই। সি কোনোবা এজনী ছোৱালী ভাল পালে তাইৰ জাত পাত, ভাষা ধৰ্ম এইবোৰ কেতিয়াও বিচাৰ কৰি নাচায়। আজিলৈকে সি
এনে এজনী ছোৱালী লগ পোৱা নাই যাক লগ পালে তাৰ হিয়া খন দুৰু দুৰু কৈ বাজি উঠিব, যাক পাবলৈ সি সকলো বাধা শৃংখল পাৰ হৈ যাব পাৰিব। অনুপমা তাৰ হিয়াত এনে খলকনি তুলিব পৰা ছোৱালী নহয়।
কিন্তু কোন হয়সেই ছোৱালীজনী? তাৰ জীৱনত তেনে এজনী ছোৱালী আছেনে?
ক্লাৰা?.......
কিন্তু এয়া সম্ভৱ হ’ব পাৰে জানো? তাই যে আন এজনৰ….
নে সেই সপোনৰ ছোৱালী জনী সি
এতিয়াও লগেই পোৱা নাই। তাৰ মনটো খেলি মেলি লাগি গ’ল।
শনিবাৰে এঘাৰ বজাত প্ৰশান্তৰ
অফিচ শেষ হয়। সি সিদিনা সোনকালে অফিচৰ পৰা ওলাই আহিল। ভাত কেইটা খাই তাৰ পিঠিত
লোৱা বেগটোত তাৰ দুয়োটা কেমেৰা, লেন্স, ট্ৰিপড সকলো ভৰাই লৈ সি বাইকত
উঠিল। ক্লাৰাই এঘাৰ বজাতে গৈ পোৱাৰ কথা কৈছিল। সি হিচাপ কৰি চাই দেখিলে চাৰে বাৰ
মান বজাত সি ডিগবৈ পাই যাব। অলপ সময়ৰ পিছতে সি ভাদৈ পাচাঁলী পালে। মাকে তাক তাৰ পৰা মিঠাই অলপ কিনি নিবলৈ
কৈ পঠিয়াইছিল। ভাদৈ পাচাঁলীৰ মিঠাই ভাল বুলি
নাম এটা আছে। মিঠাই এবাকচ লৈ সি জোৰাজান হাবিৰ মাজেৰে তীব্ৰ গতিত বাইক
চেঁকুৰাই দিলে।
প্ৰশান্ত যেতিয়া ছুটিঙৰ ঠাইখিনি
পালেগৈ, তেতিয়া ক্লাৰাৰ দৃশ্য সজ্জাৰ
প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ হৈ উঠিছে। হাবিৰ মাজত এডোখৰ ঠাইত পানী ঢালি বোকা মিহলাই
তেল নিগৰি থকা ঠাই হিচাপে প্ৰস্তুত কৰা হৈছে। এডাল পাইপ সংযোগ কৰি পাইপেৰে বতাহ
ভৰাই বোকা খিনিত গেছৰ বুৰবুৰনিৰ সৃষ্টি কৰা হৈছে। অৰণ্যৰ পৰা হাতী ওলাই আহিব লগীয়া
বাটটো চিকুনাই মুকলি কৰা হৈছে। হাতীয়ে শুৰেৰে কঢ়িয়াবৰ কাৰনে বন বিভাগৰ পৰা কেই
ডোখৰ মান কটা গছৰ টুকুৰা সাজু কৰি থোৱা হৈছে। ৰেলপথৰ কাম কৰি থকা দেখুৱাবৰ কাৰনে
কাঠৰ দীঘলীয়া কিন্তু ঠেক তক্তা কিছুমান ৰং কৰি ৰেলপথত পৰা চিৰি হিচাপে প্ৰস্তুত
কৰা হৈছে। কেই ঠেলা মান শিলগুটি আনি নিৰ্মিয়মান ৰেলপথৰ দৰে সজাই তোলা হৈছে। অয়োজন
দেখি প্ৰশান্তৰ ভাল লাগি গ’ল।
তাক দেখা পাই বহুত সকাহ পোৱাৰ
দৰে ক্লাৰাই ক’লে, “তুমি আহোঁতে দেৰী কৰাৰ কাৰনে মোৰ চিন্তাই হৈছিল। তুমি
প্ৰস্তুতি খিনি এবাৰ চাই লোৱা আৰু কেমেৰাৰ পজিছন ক’ত ক’ত হ’লে ভাল হ’ব সিদ্ধান্ত লোৱা। মোৰ চিত্ৰনাট্যখন তো তুমি ছাগে
পঢ়িছাই”।
প্ৰশান্তই ক্লাৰাৰ পৰা
চিত্ৰনাট্য অনুসৰি কি কি শ্বট আহিব এবাৰ আলোচনা কৰি ল’লে। সি ক্লাৰাই ই মেইলত পঠিওৱা চিত্ৰ নাট্য খন ওপৰে
ওপৰেহে চাইছিল, ভালকৈ পঢ়িবলৈ সময়েই পোৱা নাছিল।
প্ৰশান্ত আৰু ক্লাৰাই প্ৰতিটো
শ্বট আৰু কেমেৰা পজিচনৰ এটা থুলমুল পৰিকল্পনা কৰি ল’লে। দুটা মুভি কেমেৰাৰে বেলেগ বেলেগ এংগলৰ পৰা ছুটিং
কৰাটো ঠিক কৰা হ’ল। পিছত প্ৰশান্তই এডিটিঙৰ সময়ত
প্ৰয়োজন অনুসৰি দৃশ্যাংশ সলনি কৰি সকলো ঠিক কৰি ল’ব পাৰিব। ক্লাৰাই ভাবিলে, তাই প্ৰশান্তক এদিন আগতে মাতি আনি বৰ ভাল কাম কৰিলে।
ক্লাৰাৰ তথ্যচিত্ৰখনৰ
প্ৰস্তুতিৰ কামত ব্যস্ত হৈ থকাৰ কাৰনে এই কেইদিন তেওঁলোকৰ কলৈকো যোৱা হোৱা নাই বা
অন্য কাম কৰা হোৱা নাই। কেভিনৰ তালিকা মতে কেইটামান কাম কৰিবলৈ থাকি গ’ল। সেই কেইটা হ’ল – বুঢ়ী দিহিং নদীয়েদি নাও এখনত উজাই গৈ কৰ্ণেল উইলকক্সে প্ৰথম খনিজ তেল
প্ৰত্যক্ষ কৰা অঞ্চল সমুহ চোৱাৰ লগতে বুঢ়ী দিহিং নদীয়েদি নৌকা যাত্ৰাৰ সোৱাদ লোৱা, দুলীয়াজানৰ আশে পাশে হোৱা খনন কাৰ্য্য ড্ৰিলিং ৰিগলৈ
গৈ চোৱা, ডিগবৈ শোধনাগাৰটো চোৱা আৰু
মাকুমৰ পৰা মাৰ্ঘেৰিটালৈ এই অঞ্চলটো এবাৰ গাড়ীৰে পৰিভ্ৰমন কৰা। বাকী থকা দিন
কেইটাত সি সেই কেইটা কাম কৰিবলৈ পৰিকল্পনা কৰিলে।
ৰাতি খোৱা মেজত বহি কেভিনে
প্ৰশান্তক সুধিলে, “আমাক ড্ৰিলিং ৰিগ আৰু খনন কাৰ্য্য দেখুৱাবলৈ কেতিয়া লৈ যাবা”?
প্ৰশান্তই ক’লে, “অহা বৃহস্পতিবাৰে খ্ৰিষ্টমাছৰ বন্ধ আছে। তোমালোক বুধবাৰে ৰাতিপুৱাই পোৱাকৈ দুলীয়াজানলৈ আহা। দুদিনৰ ভিতৰত মই তোমালোকক
সকলোবোৰ দেখুৱাই দিম। দুলীয়াজানৰ ওচৰতে বুঢ়ী দিহিং নদীত নৌকা যাত্ৰাৰ সোৱাদো ল’ব পাৰিবা। তদুপৰি বুধবাৰে আমাৰ ক্লাৱত হোৱা
খ্ৰিষ্টমাছ ইভৰ অনুস্থানতো ভাগ ল’ব পাৰিবা”।
কেভিন আৰু ক্লাৰাই প্ৰশান্তৰ
প্ৰস্তাৱটো ভাল পালে।
অনুপমাই কেভিনলৈ চাই ক’লে, “দুলীয়াজানলৈ গ’লে তোমালোকৰ লগত প্ৰশান্ত থাকিবই যেতিয়া মই নাথাকিলেও হ’ব চাগে। সেইটো সময়ত মই আইতাক লৈ ডিব্ৰুগড়লৈ যোৱাৰ কথা
ভাবিছোঁ। আমাৰ কামৰ মাজত আমি আইতাৰ মনৰ ইচ্ছা টোৰ কথা পাহৰিয়েই পেলাইছোঁ”।
অনুপমাৰ দেউতাকে ক’লে, “মোৰ বোধেৰে বুধবাৰে দুলীয়াজানলৈ আটাইকেইতাই ওলাই যা। পিছদিনা তই আইতাৰক
ডিব্ৰুগড় দেখুৱাই আনিবি। সেইতো সময়ত ইহঁতে ড্ৰিলিং ৰিগ চাবলৈ যাব। আহোঁতে একেলগে
আটাইকেইতা ঘুৰি আহিবি”। দেউতাকে বিচাৰে অনুপমাও দুলীয়াজানলৈ যাওক, এদিন থাকি আহক।
“সেইটোৱেই ভাল হ’ব দেউতা”, অনুপমাই শলাগিলে।
পিছদিনা ৰাতিপুৱাৰ পৰা ক্লাৰাৰ
তথ্যচিত্ৰৰ ছুটিঙৰ খদমদম আৰম্ভ হ’ল। ৰাতিপুৱা আঠ মান বজাতে বন বিভাগৰ হাতী দুটা মাউতেৰে সৈতে নিৰ্দিষ্ট ঠাইত
হাজিৰ হ’ল। তাৰ কিছুপৰ পিছতে কেভিন, ক্লাৰা, অনুপমা আৰু প্ৰশান্ত গৈ পালে। পাৰ্থ, তাৰ লগৰীয়া কেইজন, শব্দ গ্ৰহণকাৰী দুজন আৰু ৰিফ্লেক্টৰ কঢ়িওৱা মানুহ কেইজন অলপ সময়ৰ অগা পিছাকৈ
আহিল।
হাতীৰ মাউট কেইজনক প্ৰশান্তই
সকলো বুজাই দিলে। তেওঁলোকৰ দ্বাৰা হাতী দুটাই অৰণ্যৰ মাজৰ পৰা শুৰেৰে কটা গছৰ
টুকুৰা কঢ়িয়াই অনা দৃশ্যটো দুবাৰ মান অনুশীলনীও কৰোৱালে। হাতী কেইটাৰ ভৰিত বোকা
মাটি সানি দিয়াৰ কামটো মাউত কেইজনেই কৰিলে। কেভিনে নিজৰ দৃশ্য গ্ৰহণৰ পোচাক
পিন্ধিয়েই আহিছিল। বাকী অভিনেতা কেইজনেও নিজৰ নিজৰ পোচাক পিন্ধি ল’লে। প্ৰশান্তই পোহৰৰ ৰেহ ৰূপ চাই ৰিফ্লেক্টৰ কেইখনৰ
আৰু কেমেৰা দুটাৰ প’জিচন ঠিক কৰিলে। শব্দযন্ত্ৰী দুজনে বেটাৰিৰ লগত তাঁৰ জোৰা দি নিজৰ সা
সঁজুলিবোৰ তৈয়াৰ কৰিলে।
অৰণ্যৰ পৰা হাতীয়ে কটা গছৰ
টুকুৰা কঢ়িয়াই অনা দৃশ্যটোৰ খুব ভালদৰেই ছুটিং হৈ গ’ল। এটা কেমেৰাত প্ৰশান্তই আৰু আন এটা কেমেৰাত ক্লাৰাই
দৃশ্যটো ৰেকৰ্ড কৰিলে। সমস্যা আহিল কেভিন আৰু পাৰ্থৰ কথোপকথনৰ দৃশ্যটোত। পাৰ্থৰ
ইংৰাজী উচাৰণ ক্লাৰাৰ মন:পূত নোহোৱাত দৃশ্যটো কেইবাবাৰো ৰিটেক কৰা হ’ল। পাৰ্থৰ অভিনয় ভাল যদিও সংলাপ প্ৰক্ষেপনত উজুটি
খোৱাৰ বাবে দৃশ্যটোত বহু সময় লাগিল। কেভিনে অৱশ্যে সাৱলীল অভিনয় কৰিলে। সি পাৰ্থক সহযোগ কৰি দৃশ্যটো কেইবাটাও
ৰিটেকৰ পিছত ‘ও কে’ কৰোৱালে। বাকী কেইজনৰ মুখত বেছি সংলাপ নাছিল কাৰনে
বিশেষ অসুবিধা নহ’ল।
হাতীৰ পিঠিত উঠি কেভিন আৰু
পাৰ্থই খনিজ তেলৰ উত্স বিচাৰি যোৱা দৃশ্যটো ৰেকৰ্ড কৰোঁতে আটাইতকৈ বেছি সময় লাগিল।
আগে আগে এটা হাতীত উঠি মাউতৰ লগত কেভিন আৰু পাৰ্থ আৰু আনটো হাতীৰ পিঠিত মাউতৰ লগত
হাতত কেমেৰা লৈ প্ৰশান্ত আৰু ক্লাৰা।
হাতীৰ পিঠিত উঠা ক্লাৰাৰ সেয়া
প্ৰথম অভিজ্ঞতা আছিল। হাতীৰ পিঠিত উঠি যাওঁতে হাতীৰ পিঠিখন বেছিকৈ লৰচৰ কৰা কাৰনে
তাই বৰ ভয় খালে।
“মই নোৱাৰিছোঁ প্ৰশান্ত। মোৰ বৰ ভয় লাগিছে। পৰি যাম যেন লাগিছে”। এহাতেৰ কেমেৰা চম্ভালিব নোৱাৰি ক্লাৰাই প্ৰশান্তকে
পিছ পিনৰ পৰা গবা মাৰি ধৰিলে।
প্ৰশান্তৰ সৰ্ব শৰীৰ কঁপি উঠিল।
পিঠিত ক্লাৰাৰ নিপোটল বক্ষ
যুগলৰ চাপত তাৰ দেহৰ মাজেৰে যেন এসোঁতা বিজুলী পাৰ হৈ গ’ল। ক্লাৰাৰ লগতে তাৰো নিজকে যেন চম্ভালা কঠিন হৈ
পৰিল। তাৰ হাতৰ কেমেৰা থৰক বৰক হ’ল।
তাই তাক সাৱটি ধৰি থকা অৱস্থাতে
সি দৃশ্যটো কোনোমতে ৰেকৰ্ড কৰিলে যদিও দৃশ্যটো তাৰ মন:পূত নহ’ল। হাতীটো কেইবা বাৰো অগা পিছা কৰি কেইবাটাও বেলেগ বেলেগ শ্বটত দৃশ্যটো ৰেকৰ্ড
কৰিব লগীয়া হ’ল। কেভিন আৰু পাৰ্থ নামি গৈ
বোকা পানীৰ খালটোত খনিজ তেলৰ সন্ধান কৰা দৃশ্যটো প্ৰশান্তই হাতীৰ পিঠিৰ পৰাই
ৰেকৰ্ড কৰিলে। ক্লাৰাই তেতিয়াও তাৰ গাত ধৰি আছিল। তাই নামি যাবলৈ সাহস কৰিব
নোৱাৰিলে। প্ৰশান্তকো নামিবলৈ নিদিলে।
হাতীৰ পিঠিত উঠি কৰা দৃশ্য গ্ৰহণ
যেতিয়া সমাপ্ত হ’ল, প্ৰশান্তৰ এনে লাগিল যেন সেইখিনি দৃশ্য আৰু অলপ
দীঘলীয়া হ’লে ভাল আছিল।
হাতীৰ দৃশ্যটোৰ পিছত আৰু
কেইটামান শ্বটৰ পিছতে দৃশ্যগ্ৰহণ সম্পূৰ্ণ হ’ল। ক্লাৰাই স্বস্তিৰ নিশ্বাস পেলালে। তাই আনন্দতে
প্ৰশান্ত, কেভিন, অনুপমা সকলোকে এবাৰ এবাৰ সাৱটি ধৰি ধন্যবাদ দিলে। তাই
পাৰ্থ আৰু তাৰ সহযোগী অভিনেতা কেইজন, শব্দযন্ত্ৰী দুজন আৰু অন্য সহায় কাৰী সকলক ধন্যবাদ দিয়াৰ লগতে মাননি বোৰ দিলে। তাইৰ মুখ খন কিবা এক সাফল্যৰ আনন্দত উজ্জ্বল হৈ উঠিল।
প্ৰশান্তই ক্লাৰাই ৰেকৰ্ড কৰা
টেপটো লৈ নিজৰ কেমেৰা সামৰি বেগটোত ভৰাই যাবলৈ ওলাল।
ক্লাৰা তাৰ ওচৰলৈ আহি ক’লে, “এডিটিঙৰ সময়ত ময়ো তোমাৰ লগত থাকিব বিচাৰোঁ। তুমি চাগে আজি ৰাতিয়েই এডিটিঙৰ কাম
কৰিবা। মই তোমাৰ লগতে গৈ আজি ৰাতিটো তোমাৰ ঘৰতে থাকিলে তোমাৰ কিবা অসুবিধা হ’ব নেকি”?
তাইৰ কথা শুনি প্ৰশান্তৰ মুখৰ
মাত হৰিল। তাই তাৰ ঘৰলৈ গৈ এৰাতি থকাটো তাইৰ কাৰনে একো ডাঙৰ কথা নহ’ব পাৰে। কিন্তু এনে দৰে গাভৰু ছোৱালী এজনী গৈ তাৰ ঘৰত
থকাটো সি থকা সমাজ খনত কোনেও সহজভাৱে নলয়। তাৰ মাক দেউতাকেও কথাটো ভাল নাপাব।
সি অলপ পৰ চিন্তা কৰি ক্লাৰাক ক’লে, “মই আজিয়েই কাম আৰম্ভ নকৰোঁ। অহা বুধবাৰে তোমালোক আহিবাই নহয়, সেইদিনা ৰাতি বহিম একেলগে। কেভিনেও তাৰ আইডিয়া বোৰ দি
আমাক সহায় কৰি দিব পাৰিব। মই এই কেইদিনত ডাটা খিনি কম্পিউটাৰত লৈ থম”।
সন্ধিয়া অকলশৰে যোৰাজান হাবিৰ
মাজেৰে বাইক চলাই আহি থাকোঁতে প্ৰশান্তৰ মনলৈ আহিল, যদি তাৰ বাইকৰ পিছৰ ছীটত বহি
আহিলহেঁতেন আৰু আহি থাকোঁতে যদি হঠাতে সন্মুখত বনৰীয়া হাতী এটা আহি ওলালহেঁতেন,
তাই বাৰু কি কৰিলেঁহেতেন?
সি ব্ৰেক মাৰি বাইক খন ৰখাই দিলেহেতেন আৰু তাই চাগে
তাক পিছপিনৰ পৰা জোৰেৰে সাৱটি ধৰিলে হেতেন।
তাৰ সৰ্ব শৰীৰ যেন ৰোমাঞ্চিত হৈ উঠিল। হঠাতে তাৰ
পিঠিখনত যেন ক্লাৰাৰ দেহৰ চাপ সি অনুভৱ কৰিলে। তাৰ বুকুখনেও যেন ধান বানিবলৈ
ধৰিলে।
No comments:
Post a Comment