দেওবাৰে আটাইবোৰ ছুটিঙৰ কামত ব্যস্ত হৈ থকাৰ সময়ত হৰিকায়ে সময় কটাবলৈ পুৰণি
এলবাম দুখন আনি আইতাকক চাবলৈ দিলে। তাৰে এখনত যোগেন বৰুৱাৰ বিয়াৰ ফটো আৰু আনখনত
অনুপমাৰ ল’ৰালি কালৰ ফটোবোৰ আছিল। ফটো চাবলৈ ৰুবীও আইতাকৰ কাষতে বহি ল’লে।
তাই আইতাকৰ চকুৰ আগত এলবাম খন ডাঙি ধৰি এলবামৰ পাতবোৰ লুটিয়াই গ’ল।
মাজে মাজে হৰিকায়ে আহি ফটোত থকা সি চিনি পোৱা মানুহ একোজনক চিনাকী কৰি দিয়েহি।
বহুত মানুহক সিও চিনি নাপায়। বিয়াৰ সময়ত যোগেন বৰুৱা যথেষ্ট ক্ষীন আছিল, বেক
ব্ৰাছ কৰা একোচা ধুনীয়া চুলিৰে একেবাৰে চিনেমাৰ নায়কৰ দৰে চেহেৰা আছিল। তাকে চাই
তিনিও খুব হাঁহিলে। অনুপমাৰ মাক অৰুণিমাও খুব ধুনীয়া আছিল। দুয়োকে বিয়াত দৰা কইনাৰ
পোছাকত বৰ সুন্দৰ দেখাইছিল।
বিয়াৰ অভ্যৰ্থনাৰ এখন ফটোত হঠাতে আইতাকৰ চকু থৰ হৈ গ’ল। তেওঁ ফটোখন বাৰে বাৰে ভালদৰে
চাবলৈ ধৰিলে। ফটোখনত দৰা-কইনাৰ লগত এজন আদহীয়া ব্যক্তিৰ ফটো আছিল। ফটোখন কেইবা
বাৰো চাই তেওঁ হৰিকাইক ওচৰলৈ মাতি ফটোত থকা মানুহ জন কোন সুধিলে। ফটোখন ভালদৰে চাই
হৰিকায়ে মানুহ জন কোন ধৰিব নোৱাৰিলে। মুখত দাঢ়ি থকা গভীৰ চাৱনিৰ দৃঢ় মুখ মণ্ডলৰ
এজন ওখ পাখ মানুহ। পিন্ধনত পাঞ্জাৱী-পাইজামা। কান্ধত এখন মোনা। তেনে এজন মানুহক সি
কেতিয়াও লগ পোৱা নাই। কেতিয়াও দেখাও নাই। আইতাকে ক’লে সেই মানুহ জনক তেওঁৰ খুব
চিনাকী যেন লাগিছে। তেওঁৰ এনে ভাব হৈছে, মানুহজনক কিজানি তেওঁ চিনি পায়।
সেই মানুহ জনৰ পৰিচয় তেওঁক লাগে।
আটায়ে ছুটিঙৰ পৰা আহি পোৱাৰ পিছত হৰিকায়ে পোনচাটেই কথাটো অনুপমাৰ কাণ চোৱালে।
তাই পোনেই আইতাকৰ ওচৰ পালেহি আৰু আইতাকক কথাটো সুধিলে।
আইতাকে লাহে লাহে ক’লে, “ফটোখনৰ মানুহ জনক দেখি মোৰ হঠাতে পৱিত্ৰলৈ মনত পৰি গ’ল।
পৱিত্ৰৰ চেহেৰাটোও এনে ওখ পাখ আছিল। চকুজুৰি অবিকল পৱিত্ৰৰ নিচিনা। মানুহ জন
পৱিত্ৰ নহ’লেও তেওঁৰে কোনোবা আত্মীয় হ’ব পাৰে। তুমি দেউতাৰাক সুধি চাবা চোন তেওঁ চিনি পায়
নেকি”?
অনুপমাই নিজেও ফটো খন চালে। তায়ো মানুহ জনক চিনি নাপালে। তেনে এজন মানুহক লগ
পোৱাৰ কথা তাইৰ মনত নপৰে। তাই এলবাম খন দেউতাকৰ ওচৰলৈ লৈ গ’ল।
যোগেন বৰুৱাই ফটো খন দেখি মানুহ জনক পটকৈ চিনি নাপালে। তেওঁ অলপ পৰ ফটো খন
ভালদৰে চোৱাৰ পিছত তেওঁৰ মুখত হাঁহি বিৰিঙি উঠিল।
তেওঁ ক’লে, “এয়া চোন আমাৰ কমৰেড খুড়া। আমাৰ দুৰ সম্পৰ্কীয় আত্মীয়ই হয়”।
অনুপমাই সুধিলে, “কোন কমৰেড খুড়া? মই কেতিয়াও তেওঁৰ কথা শুনা নাই”।
দেউতাকে ক’লে, “ময়েই তেওঁক বহুত বছৰ দেখা নাই। এতিয়া আছে নে নাই তাকো নাজানো। তেওঁ এজন
স্বাধীনতা যুঁজাৰু আছিল। পিছে দেশ স্বাধীন হোৱাৰ পিছত তেওঁ দেশৰ শাসন প্ৰণালীত
বিতুস্ত হৈ কমিউনিষ্ট হয়। তেওঁ বিষ্ণু ৰাভাৰ মতাদৰ্শত বিশ্বাস কৰিছিল। কমিউনিষ্ট
আৰু নক্সাল আন্দোলনত জড়িত হৈ পৰাৰ কাৰনে এটা সময়ত তেওঁ আত্মগোপন কৰি থাকিব লগীয়া
হৈছিল। তেওঁক কমৰেড বুলিয়েই সকলোৱে জানিছিল”।
“তেওঁৰ আচল নামটো কি আছিল দেউতা”? অনুপমাত
চকু দুটা তিৰবিৰাই উঠিল।
দেউতাকে বহুত চিন্তা কৰিও তেওঁৰ আচল নামটো ভাবি উলিয়াব নোৱাৰিলে। তেওঁ ক’লে, “মাজনী। মই
নামটো মনত পেলাব পৰা নাই”।
“পৱিত্ৰ? পৱিত্ৰ আছিল নেকি তেওঁৰ নাম”? অনুপমাই
উত্কণ্ঠাৰে সুধিলে।
“পৱিত্ৰ? অ’ হয় হয় মাজনী। পৱিত্ৰই আছিল
তেওঁৰ নাম। এতিয়া মনত পৰিছে”। অনুপমাৰ
দেহৰ মাজেৰে যেন এক তীব্ৰ শিহঁৰণ পাৰ হৈ গ’ল। তাৰ মানে সেই ফটোখন তাই ইমান
দিনে বিচাৰি থকা পৱিত্ৰ নামৰ মানুজনৰ ফটো।
দেউতাকে কৈ গ’ল, “তেওঁ মাজে মাজে ৰগৰ কৰি কৈছিল যে গুৱাহাটীৰ ওচৰৰ পৱিতৰা নামৰ হাবিখন বোলে
তেওঁৰ নামটোৰপৰাই দিছে। মোৰ এই কথাটো মনত আছে। পিছে তই তেওঁৰ নামটো কেনেকৈ জানিলি”?
অনুপমাৰ চকু দুটা আনন্দৰ আৱেগত চলচলীয়া হৈ উঠিল।
“দেউতা, তুমি যেনে তেনে তোমাৰ কমৰেড
খুড়াৰ সন্ধান উলিওৱা। তেওঁ যদি জীয়াই আছে তো ভালেই, নাই যদিও তেওঁৰ ঘৰটো হ’লেও
বিচাৰি উলিয়াব লাগিব”।
তাইৰ কথাত দেউতাক আচৰিত হ’ল। তেওঁ ক’লে, “মই ধৰিব পৰা নাই মাজনী, হঠাতে
কমৰেড খুড়াৰ কি ইমান প্ৰয়োজন হ’ল। ইমান দিনৰ মুৰত কেনেকৈ তেওঁক বিচাৰি উলিয়াম”?
অনুপমাই ক’লে, “দেউতা, আইতাই অসমত থকা সময়ত তেখেতক লগ পাইছিল। তেওঁৰ কথা আইতাৰ এতিয়াও মনত আছে।
তেৱেঁই চাগে সেই সময়ৰ লগত আইতাৰ বৰ্তমানৰ একমাত্ৰ যোগসূত্ৰ। তেওঁ যদি জীয়াই আছে
আমি তেখেতক এবাৰ লগ ধৰিব লাগিব। তুমি পাৰিবা দেউতা। তুমি চেষ্টা কৰিলে কিবা এটা
সন্ধান উলিয়াব পাৰিবা”।
দেউতাকে তাইৰ কথা শুনি অলপ চিন্তা কৰিলে। তেওঁ ক’লে, “কমৰেড খুড়াই ডিব্ৰুগড়তে মানকটা
ৰ’ডৰ কোনোবা খিনিত ঘৰ কৰিছিল বুলি শুনিছিলোঁ। মোক অলপ সময় দে চোন। মই খবৰ কৰি
চাওঁ। তেওঁ আমাৰ দুৰ সম্পৰ্কীয় আত্মীয় হয় যেতিয়া কিবা নহয় কিবা সন্ধান নিশ্চয় ওলাব”।
অনুপমাই লৱৰি গৈ আইতাকক সাৱটি ধৰিলে। তাই আইতাকৰ দুগালে দুটা চুমা দি ক’লে, “ইমান
বছৰৰ মুৰতো যে তুমি ফটো দেখিয়েই মানুহ জনক চিনি পাইছা আইতা। হয়, আইতা, সেইজন
তোমাৰ পৱিত্ৰই হয়”। তাইৰ কথা শুনি আইতাকে চকুজুৰি
মুদি দিলে। হয়তো তেওঁৰ মন গহনত থকা পৱিত্ৰ নামৰ ডেকা জনৰ ছবি আকৌ এবাৰ মনলৈ আনিবলৈ
চেষ্টা কৰিলে।
অনুপমাই উচ্ছাসেৰে কৈ গ’ল, “আৰু কি জানা আইতা, তেওঁ আমাৰ দুৰ সম্পৰ্কীয়
আত্মীয়ই হয়। দেউতাই নিশ্চয় তেওঁক বিচাৰি উলিয়াব পাৰিব। তেওঁ যদি জীয়াই আছে, তুমি
তেওঁক আকৌ এবাৰ লগ পাব পাৰিবা আইতা। আজি মোৰ কাৰণে আটাইতকৈ আনন্দৰ দিন”।
আইতাকৰ দুচকুৰেও চকুপানী ওলাই আহিল। হাতত থকা ৰুমাল খনেৰে চকু দুটা ঢাকি তেওঁ
ক’লে, “তেওঁ যদি সঁচাকে জীয়াই আছে, মোৰ কথা তেওঁৰ মনত থাকিবনে? তেওঁ মোক চিনিব পাৰিব নে”?
অনুপমাই ক’লে, “পাব আইতা। মোৰ বিশ্বাস, তেওঁ তোমাক কেতিয়াও পাহৰিব নোৱাৰে”।
অনুপমাই আইতাকৰ অসমত থকা জীৱন চোৱাৰ বিষয়ে কেভিনৰ লগত কথা পাতিছিল। সেয়ে সি
অনুপমাৰ ভাৱ ভংগী, আইতাকৰ আৱেগ, দুয়োৰে কথা বতৰাৰ পৰা ধৰিব পাৰিলে তাই আইতাকৰ আগৰ জীৱনৰ লগত কিবা সংযোগ উলিয়াব
পাৰিছে।
সি অনুপমাক ওচৰলৈ মাতি আনি ক’লে, “আইতা আজি হঠাতে ইমান আৱেগিক হৈ পৰিছে অনুপমা। খুব
বেছি আৱেগিক হৈ পৰাটো তেওঁৰ স্বাস্থ্যৰ পক্ষে ভাল নহয়। তেওঁৰ হৃদ যন্ত্ৰ দুৰ্বল”।
অনুপমাই ক’লে - “আজি আমি আইতাই তাহানিতে লগ পোৱা পৱিত্ৰৰ সন্ধান পাইছোঁ কেভিন। সেয়ে ময়ো হঠাতে
খুব আৱেগিক হৈ পৰিছোঁ। আইতাও কিছু পৰিমানে আৱেগিক হৈছে। পিছে তুমি চিন্তা নকৰিবা, মই
আইতাক চম্ভালি ল’ম”।
কেভিনে তাইৰ হাত খন চুই ক’লে - “তোমাৰ ওপৰত মোৰ ভাৰসা আছে অনুপমা”।
অনুপমাৰ ইমান ফূৰ্তি আৰু আইতাকৰ লগত ইমান আৱেগিক কথা বতৰাৰ কাৰণ ক্লাৰাই ধৰিব
নোৱাৰিলে। সকলো কথাৰে আগ গুৰি লৈ ফুৰা তাইৰ অভ্যাস নাই। তাই ভাবিলে অনুপমাৰ লগত আইতাকে
তাহানি দিনৰ কিবা কথা পাতিছে। সেইবোৰ কথাত তাইৰ একো বিশেষ আগ্ৰহ নাই।
তাইৰ মনলৈ বাৰে বাৰে দিনটোৰ দৃশ্য ৰেকৰ্ডিঙৰ কথাবোৰ আহি থাকিল। ৰেকৰ্ডিং খিনি
কম্পিউটাৰত লৈ এডিটিঙৰ কাম সেইদিনাই আৰম্ভ কৰিবলৈ তাইৰ মন আছিল। প্ৰশান্তৰ ওপৰতে
ভৰসা কৰি আটাইখিনি ৰেকৰ্ডিং তাৰ হাততে তাই পঠিয়াই দিছে। সি সকলোবোৰ ঠিকে ঠাকে
ৰাখিলেই হয়। তাই ঠিক কৰিলে, ৰাতিলৈ তাই প্ৰশান্তক ফোন কৰিব। প্ৰশান্ত ল’ৰাজন
ভাল। তাৰ লগত কথা পাতি তাইৰ ভাল লাগে, তাইৰ লগত টিউনটো মিলে। সি
অন্তত: তাইৰ কথা মন দি শুনে। তাইৰ কথাবোৰৰ মূল্য দিয়ে। অনবৰতে তাইৰ দোষ নেদেখে। সি
কেভিনৰ দৰে নহয়। তাই ঘৰৰ চৌহদতে অলপ মুকলিলৈ ওলাই হৈ ছিগাৰেট এটা জ্বলাই লৈ অলপ
খোজকাঢ়িলে। কেভিনক মাতিবলৈ তাইৰ মন নগ’ল।
আগদিনাৰ দিন যোৰা ছুটিঙৰ
অৱসাদত সোমবাৰে ক্লাৰা ৰাতিপুৱা দেৰীলৈ শুই থাকিল। অনুপমাই ৰাতিপুৱা উঠি সমুখৰ
ঘাঁহনিত খোজ কাঢ়িলে। সেই সময়ত চৰাই চিৰিকতিৰ কলৰৱেৰে চৌপাশ মুখৰ হৈ থাকে। আগনিশাৰ নিয়ৰত
তিতা ঘাঁহত শুদা ভৰিৰে খোজ কাঢ়ি অনুপমাই এক স্বৰ্গীয় তৃপ্তি পায়। অক্সফ’ৰ্ডতো তাই
সময় সুবিধা পালেই শুদা ভৰিৰে ঘাঁহনিত খোজ কাঢ়িছিল। তাই খোজ কাঢ়ি থাকোতে কেভিনো আহি
তাইৰ লগত খোজ কাঢ়িবলৈ ল’লে।
“সুপ্ৰভাত অনুপমা। তোমাৰ ঘাঁহনিত শুদা ভৰিৰে খোজ কঢ়া
অভ্যাসটো ক’ৰ পৰা হ’ল মই বুজিলোঁ। ইয়াত ৰাতিপুৱা খোজ কাঢ়িবলৈ সঁচাকৈয়ে বৰ
ভাল। কালি ৰাতিপুৱা প্ৰশান্ত আৰু মই খোজ কাঢ়ি সৌ হাবিৰ মাজলৈ সোমাই গৈছিলোঁ।
কিছুমান বৰ ধুনীয়া চৰাই দেখিলোঁ। প্ৰশান্তই তাৰ কেমেৰাৰে বৰ ধুনীয়া ফটো কেইখন মান
তুলিলে। ইয়াত থাকিলে একেবাৰে প্ৰকৃতিৰ কোলাত থকা যেন লাগে” - কেভিনে ক’লে।
অনুপমাই লগে লগে ক’লে, “মোক
আৰু ক্লাৰাক নজগালা কিয়। আমিও যাব পাৰিলোঁ হেতেন”।
কেভিনে ক’লে, “হাবিৰ
মাজলৈ যাবলৈ তোমালোকৰ অসুবিধা হ’ব বুলিয়েই নামাতিলোঁ।
পিছে যাব পাৰিলাহেঁতেন। তোমালোকৰ ডিগবৈ চহৰ খন বৰ ধুনীয়া। বহুত খিনি ইউৰোপৰ নিচিনাই”।
অনুপমাই ক’লে, “ইউৰোপিয়ান
সকলে ডিগবৈৰ আশে পাশে যেতিয়া খনিজ তেল, কয়লা, চাহ পাত আৱিস্কাৰ কৰিলে, তেওঁলোকে ডিগবৈৰ প্ৰাকৃতিক পৰিৱেশত মোহিত হৈ গোটেই চহৰ খন ইউৰোপিয়ান আৰ্হিত গঢ়
দিবলৈ চেষ্টা কৰিলে। এই ঘৰ বোৰতো দেখিছাই, আটাইবোৰেই ইউৰোপিয়ান আৰ্হিতে বনোৱা। ডিগবৈ চহৰখনৰ প্ৰাকৃতিক পৰিৱেশ এতিয়াও
বিনষ্ট নোহোৱাকৈ আছে। এটা শোধনাগাৰৰ নিচেই কাষত থকা স্বত্বেও এতিয়াও ইয়াত থাকিলে
সঁচাকৈয়ে প্ৰকৃতিৰ কোলাত থকা যেনেই লাগে। দেশ বিদেশৰ পৰ্য্যটক ইয়ালৈ আহি বিমুগ্ধ
হৈ পৰে”।
কেভিনে ক’লে, “তোমালোক
সঁচাকৈয়ে বৰ ভাগ্যবান। অন্তত: মুকলি বায়ুত ভালদৰে উশাহ
ল’ব পাৰিছা। ডাঙৰ চহৰৰ হাই উৰুমি, দৌৰা দৌৰি, প্ৰদূষণ একোৱেই নাই ইয়াত”।
অলপ পিছত ঘাঁহনি এৰি দুয়ো
আগফালৰ ৰাস্তাটোলৈ ওলাই গ’ল। অনুপমাই হাৱাই
চেন্দেলজোৰ পিন্ধি ল’লে। তাই ক’লে, “এয়া
মোৰেই সৌভাগ্য যে তোমালোকক মই মোৰ ঠাইখন দেখুৱাব পাৰিলোঁ। আইতাক যে আকৌ এবাৰ অসমলৈ
আনিব পাৰিলোঁ, সেই কাৰনে মই খুব সুখী। আৰু
জানা, আইতাৰ তাহানিৰ বয়ফ্ৰেণ্ড এজনৰ
সন্ধান পাইছোঁ। আমি ডিব্ৰুগড়লৈ গ’লে তেওঁক লগ পাবলৈ চেষ্টা
কৰিম”।
কেভিনে আমোদ পাই ক’লে, “বা:, এয়া বৰ ইণ্টাৰেষ্টিং কথা। আইতাৰ বয়ফ্ৰেণ্ড এতিয়াও
ইয়াত আছেনে”?
অনুপমাই ক’লে, “তেওঁ
জীয়াই আছে নে নাই ময়ো সঠিককৈ নাজানো। কিন্তু আমি এবাৰ তেওঁক বিচাৰি যাম”।
কেভিনে ক’লে, “মোৰ
কেৱল এটাই চিন্তা অনুপমা। আইতা যাতে বেছি আৱেগিক হৈ নপৰে। মানসিক বা আৱেগিক চাপ
সহ্য কৰাৰ শক্তি তেওঁৰ নাই। এই কেইদিন তোমালোকে খুব
ভালকৈ আইতাৰ চোৱা চিতা কৰিছা। সেয়ে তেওঁৰ স্বাস্থ্যও ভালে আছে। পিছে কেইদিনমান
পিছতে আমি আকৌ এটা দীঘলীয়া যাত্ৰা কৰিব লগীয়া আছে। তেওঁক ভালে কুশলে লৈ যাব পৰাতো
হে এতিয়া ডাঙৰ কথা”।
অনুপমাই কিছু চিন্তা কৰি
ক’লে, “কথাটো
মই বুজিছোঁ কেভিন। পিছে ইমান দুৰ অহাৰ পিছত আমি আইতাক এবাৰ তেওঁৰ অতীত জীৱনটোৰ
অৱশিষ্ট কিবা যদি পায় সেইখিনি চাই যাবলৈ সুযোগ দিয়া উচিত। তেওঁ আকৌতো চাগে কেতিয়াও
আহিব নোৱাৰিব”।
কেভিনে ক’লে, “আইতাৰ
কথা এতিয়া মোতকৈ তুমিহে বেছিকৈ জানা অনুপমা। মই জানো তুমি আইতাৰ অহিত চিন্তা কৰিব
নোৱাৰা। তুমি যি ভাল দেখা কৰিবা”।
একা-বেঁকা বাটটোৰে অলপ
দুৰ গৈ দুয়ো উভতি আহিল। আহি থাকোঁতে কেভিনে ক’লে, “আজি গাড়ী খনেৰে এপাক
মাৰ্ঘেৰিটাৰ পৰা আহোঁগৈ ব’লা। কয়লা খনি চামগৈ”।
অনুপমাই ক’লে, “মাৰ্ঘেৰিটাৰ
পৰা অলপ আগুৱাই গ’লে লিডু পায়। তাত বাটৰ
কাষতেই কয়লা খনি আছে। আজি তালৈকে যাম বাৰু”।
দুয়ো খোজকাঢ়ি উভতি আহি দেখিলে
অনুপমাৰ দেউতাকে চৌহদৰ ঘাঁহনি দৰাত ব্যায়াম কৰিছে। কেভিনে তেওঁক সম্ভাষণ জনালে, “গুডমৰ্ণিং আংকল”।
“গুড মৰ্ণিং। তোমাৰ বান্ধৱী জনী ক’ত। তাইক তোমালোকে লগত নিয়া নাই কিয়”?
অনুপমাই বুজিলে ক্লাৰা
লগত নথকাকৈ কেভিনৰ লগত তাই বাটত খোজকাঢ়ি ফুৰাটো দেউতাকে বৰ ভাল পোৱা নাই। তেওঁ
অনুপমাক ক’লে - “তুমি কেভিন আৰু ক্লাৰা দুয়োকে একেলগে চুবুৰিটো দেখুৱাই ওচৰ চুবুৰীয়াৰ লগত
চিনাকী কৰি দিবা”।
ৰাতিপুৱাৰ আহাৰৰ খোৱাৰ
সময়ত অনুপমাই দেউতাকক তেওঁৰ ‘কমৰেড খুড়া’কৰ সন্ধান উলিওৱাৰ কথা মনত পেলাই দিলে। “দেউতা তুমি আজিৰ ভিতৰতে তোমাৰ ‘কমৰেড খুড়া’ৰ এটা খবৰ কৰা। লাগিলে
তুমি নিজেই যোৱাগৈ। যেনে-তেনে আমি তেওঁৰ সন্ধান কৰিবই লাগিব”।
বৰুৱাই জানে, ছোৱালী জনীয়ে যিটো কথাত লাগে, সহজে এৰি নিদিয়ে।
“মই খবৰ কৰিম। তই চিন্তা নকৰিবি। ডিব্ৰুগড়ত মোৰ চিনাকী
মানুহ আছে। কিবা এটা খবৰ পাম”। তেওঁ আশ্বাস দিলে।
ৰাতিপুৱাৰ আহাৰ খাই উঠি
কেভিন, ক্লাৰা আৰু অনুপমা ওলাই যাবলৈ
সাজু হ’ল। ক্লাৰাই ওলাই যাবলৈ সিমান মন
কৰা নাছিল। আগদিনাৰ পৰিশ্ৰমৰ পিছত তাইৰ গাটো ভাল লগা নাছিল। পিছে ঘৰত থাকিও ব’ৰ হ’ব বুলি ভাবিয়েই তাই যাবলৈ
ওলাল।
ডিগবৈৰ পৰা মাৰ্ঘেৰিটালৈ
আহল বহল ৰাস্তাটোৰে গাড়ী আগবাঢ়িল। ডিগবৈৰ উপকণ্ঠত ডিগবৈ গ’ল্ফ কোৰ্চ খন আছে। গাড়ীখন ৰখাই কেভিনে গাড়ীৰ পৰা নামি ৰ’ লাগি বিশাল গ’ল্ফ কোৰ্চ খন চালে। সি অনুপমাক ক’লে, “তুমি আগতে কোৱা হ’লে মই মোৰ গ’ল্ফ ছেটটো ইয়ালৈ লৈ
আহিলোঁ হেতেন। এই খন কোৰ্চ মই এতিয়ালৈ দেখা পোৱা ধুনীয়া গ’ল্ফ কোৰ্চ বোৰৰ ভিতৰত অন্যতম”।
ক্লাৰা আৰু অনুপমাও গাড়ীৰ
পৰা নামিল। ৰাতিপুৱাৰ কোমল ৰ’দজাকে সেউজীয়া ঘাঁহে
দলিচা পৰা গল্ফ ফিল্ডখনৰ চৌপাশে এক স্নিগ্ধ সৌন্দৰ্যৰ সৃষ্টি কৰিছে। সেউজীয়া
ঘাঁহনিত পৰি থকা বগলী কেইটা মান আৰু দেও দি ফুৰা ডাউক কেইটামানে সৌন্দৰ্যত ৰহণ
চৰাইছে। অনুপমাই দুৰলৈ গছ এজোপাত পৰি থকা ভাটৌ এজাক, চাকৈ চকোৱা কেইটামান আঙুলিয়াই
দেখুৱালে। ক্লাৰাই কেমেৰাটোৰে ঝুম কৰি
কেইবাখনো চৰাইৰ ফটো তুলিলে।
“আমাৰ এই অঞ্চলটো চৰাইৰ বাবেও বিখ্যাত। শীত কালি বহুতো
পৰিভ্ৰমী চৰাই ইয়ালৈ আহে”। অনুপমাই ক’লে।
“ৱাও, পৰিভ্ৰমী চৰাই ক’ৰ পৰা ইয়ালৈ আহে”? কেভিনে কথাটোত আমোদ পালে।
“মই জনাত ছাইবেৰিয়াৰ পৰা বহুতো চৰাই আহে। হিমালয় আৰু
লাডাখৰ পৰাও আহে বুলি শুনিছোঁ। শীতকালি আগমন হোৱা এটা প্ৰধান চৰাই হ’ল কুলি। কুলিৰ মাতৰ লগত অসমৰ মানুহৰ বিশেষ সম্পৰ্ক
আছে। কুলিৰ মাতে আমাৰ বিহু উত্সৱৰ আগজাননী দিয়ে। কুলিৰ উপৰিও বালিমাহী, সাৰেং, ধৃতৰাজ, চাকৈ চকোৱা আদি চৰাইবোৰ আহে। দেশ বিদেশৰ বহুতো পৰ্যটক
এই অঞ্চললৈ কেৱল চৰাই চাবলৈকে আহে”। অনুপমাই ক’লে।
“মোৰো মন গৈছে চৰাইবোৰ চাবলৈ। চৰাই চাবলৈ আটাইতকৈ ভাল
ঠাই কোনখিনি”? কেভিনে সুধিলে।
“মই শুনিছো ডিব্ৰু ছৈখোৱা সংৰক্ষিত বনাঞ্চল চৰাই চাবলৈ
আটাইতকৈ উপযুক্ত স্থান। সেই ঠাইত মতাপুং আৰু মাগুৰী নামৰ দুখন বিল আছে। সেই দুখন
বিলত বহুতো পৰিভ্ৰমী চৰাই দেখা যায়। সময় থাকিলে আমি তালৈ যাব পাৰিলোঁহেতেন”। অনুপমাই ক’লে।
“মই আচৰিত হৈছোঁ পমা, তোমালোকৰ এই অঞ্চলত ইমানবোৰ আকৰ্ষণীয় ঠাই আছে। কিন্তু এতিয়াও পৰ্যটকসকলে এই
বিষয়ে নাজানে। মোৰ মতে ইমানবোৰ বৈচিত্ৰময় প্ৰাকৃতিক বস্তু একেলগে থকা ঠাই সমগ্ৰ
পৃথিৱীতে বিৰল”। ক্লাৰাই ক’লে।
“ক্লাৰাই থিকে কৈছে অনুপমা। মোৰ মতে এই অঞ্চলত পৰ্যটনৰ
বিশাল সম্ভাৱনা আছে”। কেভিনে মাত লগালে।
গ’ল্ফ কোৰ্চ এৰি অলপ দুৰ যোৱাৰ পিছত পাৱৈ চাহ ফেক্টৰী
আৰু গাতে লাগি থকা বিশাল চাহ বাগান খন দেখিলে। অতি নিয়াৰিকৈ ৰোৱা চাহ গছ বোৰ আৰু
সুন্দৰ ভাৱে ৰখা চাহ বাগিচা খন দেখি ক্লাৰাই বৰ ভাল পালে। তাই গাড়ী ৰখাই কেইখনমান
ফটো তুলিলে। পিঠিত টুকুৰী লৈ চাহ বাগানলৈ পাত তুলিবলৈ যোৱা গাভৰু কেজনীমানৰ লগতো
ক্লাৰাই ফটো উঠিলে।
মাৰ্ঘেৰিটা পোৱাৰ ঠিক
আগতে বুঢ়ী দিহিং নদী পাৰ হোৱাৰ সময়ত অনুপমাই নৈ খন দেখুৱাই ক’লে, “সৌ খন
চোৱা বুঢ়ী দিহিং নৈ। এই নদীখনেদিয়েই কেপ্তেইন উইলকক্সে উজাই আহি ভূ গৰ্ভৰ পৰা
নিগৰি ওলাই থকা সেউজীয়া পেট্ৰ’লিয়াম আৱিস্কাৰ কৰিছিল”।
দলংখন পাৰ হৈ কেভিনে গাড়ী
ৰখাবলৈ কৈ নামি গৈ নৈ খন চালে। সি ক’লে, “এই নৈ খনেৰে উজাই গৈ থাকিলে অৰুনাচল আৰু আগলৈ
ম্যানমাৰ পৰ্য্যন্ত পাবগৈ পাৰি বুলি পঢ়িছিলোঁ”।
“এৰা এইখন নদীয়েই হয়তো এসময়ত ম্যানমাৰৰ লগত সংযোগ পথ
আছিল”। অনুপমাই ক’লে।
“নাও এখন পোৱা হ’ল আমি কিছুদুৰ আগুৱাই যাব পাৰিলোঁহেঁতেন”। কেভিনে ক’লে।
“নাৱেৰে গৈ আকৌ তেল আৱিস্কাৰ কৰিব খুজিছা নেকি”? অনুপমাই হাঁহি সুধিলে।
“সি ভাবিছে, এতিয়াও কৰবাত তেল ওপঙি
থকা দেখিবলৈ পাব আৰু ইউৰেকা ইউৰেকা বুলি চিঞৰিব”, ক্লাৰাৰ কথাত কেভিন আৰু অনুপমাই হাঁহিলে।
অনুপমাই ৰাস্তাটোকৈ চাই ক’লে, “আমি
যিটো পথেৰে গৈ আছোঁ, সেই পথটো লিডুৰ পৰা ষ্টিল
ৱেল ৰোডত লাগিবগৈ। ষ্টিল ৱেল ৰোডেৰে গৈ থাকিলে পাংচু পাছ হৈ প্ৰথমতে ম্যানমাৰ আৰু
তাৰ পিছত চীন ওলাবগৈ পৰা যায়”।
ক্লাৰাই আচৰিত হৈ ক’লে - “সঁচাকৈয়ে নে? আমি এই ৰাস্তাটোৰে গৈ চীন দেশ পাবগৈ পাৰিম নেকি”?
অনুপমাই ক’লে, “বৰ্তমান
ষ্টিলৱেল ৰোড বন্ধ হৈ আছে। এই ৰাষ্টাটো দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত আমেৰিকান সৈনিক
সকলে সাজিছিল। জাপানৰ আক্ৰমনত চীন দেশত থকা সৈনিক সকলৰ ৰচদ-পাতি যোগানৰ পথ বন্ধ হৈ
পৰিছিল। তেতিয়া এটা সৈন্য সকলক খাদ্য যোগান ধৰিবলৈ অন্য এটা পথৰ সন্ধান কৰি এই
পথটো সাজিছিল। পাংচু পাছলৈ যাব পৰা যায়, কিন্তু ম্যানমাৰলৈ যোৱা
সকলো সময়তে সম্ভৱ নহয়। বছৰৰ মাত্ৰ কেইটামান নিৰ্দিষ্ট দিনতহে ভাৰত আৰু ম্যানমাৰৰ
মানুহক সীমান্ত পাৰ হৈ অহা যোৱা কৰিবলৈ দিয়া হয়”।
কেভিনে হাঁহি মাৰি ক’লে, “ষ্টিল
ৱেল ৰোডটো খুলিলে পিছত কেতিয়াবা আমি আকৌ আহিম আৰু গাড়ীৰে চীন দেশ ফুৰি আহিম”।
“তোমালোক দুয়ো পাছত ল’ৰা-ছোৱালী লৈ ফুৰিবলৈ আহিবা। তেতিয়ালৈ ষ্টিল ৱেল ৰোড নিশ্চয় খুলিব”। অনুপমাই হাঁহি মাৰি ক’লে। তাইৰ কথাৰ ইংগিত
বুজিব পাৰি ক্লাৰাই তাইলৈ পেন্দোৱাকৈ চালে।
“আমি এতিয়া ইয়াত কিয় ৰৈ আছোঁ ? আগলৈ যাওঁ ব’লা। পিছে আমি যামনো ক’লৈ”? ক্লাৰাই
অনুপমালৈ চাই ক’লে।
“আমি মাৰ্ঘেৰিটাৰ কয়লা খনিচাবলৈ যাম। কয়লাৰ কাৰনে এইখন
ঠাই বহুত আগৰে পৰা এখন বিকশিত ঠাই আছিল। বৃটিছ সকলে মাকুম, ডিগবৈত তৈল অন্বেষণৰ কাম কৰোঁতেও সা সজুলি যোগানৰ বাবে মাৰ্ঘেৰিটাৰ ওপৰতে নিৰ্ভৰশীল
আছিল”। কেভিনে ক’লে।
মাৰ্ঘেৰিটাত উপস্থিত হৈ
ক্লাৰাই ক’লে, “এই চহৰখনৰ মাৰ্ঘেৰিটা নামটো ইউৰোপিয়ান নাম যেন লাগে। এই নামটো মই আগতে
শুনিছোঁ। ইটালীত এই নামটো খুব জনপ্ৰিয়। আনকি মাৰ্ঘেৰিটা নামৰ
ইটালিয়ান পিজাও মই খাই পাইছোঁ”।
অনুপমাই ক’লে, “তুমি
ঠিকেও কৈছা ক্লাৰা। মাৰ্ঘেৰিটা ইউৰোপিয়ান সকলে দি লোৱা নাম। কয়লা খনি আৱিস্কাৰ
হোৱাৰ পিছত এজন বিখ্যাত ইটালিয়ান ইঞ্জিনিয়াৰে ইয়াত ৰে’লপথ আৰু দিহিং নদীৰ ওপৰেদি
দলং সজাৰ কাম কৰিছিল। সেই ইটালিয়ান ইঞ্জিনিয়াৰ জনেই হেনো সেই সময়ৰ ইটালীৰ ৰাণী
মাৰ্ঘেৰিটাৰ নাম অনুসৰি ঠাইখনৰ নাম মাৰ্ঘেৰিটা দিছিল। এয়া মই দেউতাৰ মুখত শুনা কথা”।
কেভিনে ক’লে - “তুমি ঠিকেই শুনিছা
অনুপমা। এই নামটো শুনি ময়ো নামটোৰ উত্স জানিবলৈ চেষ্টা কৰিছিলোঁ। ময়ো একেটা কথাই পাইছিলোঁ। সেই ইটালিয়ান ইঞ্জিনিয়াৰ
জনৰ নাম আছিল পাগিনিনি। তেওঁ আছাম ৰেইলৱে এণ্ড ট্ৰেডিং কোম্পানীত কাম কৰিছিল। কোনো
কোনোৱে অৱশ্যে কব বিচাৰে যে পাগিনিনিৰ কামত সন্তুষ্ট হৈ কোম্পানীয়ে ইটালীৰ ৰাণীৰ
নামেৰে ঠাইখনৰ নাম মাৰ্ঘেৰিটা ৰাখিছিল”।
মাৰ্ঘেৰিটা চহৰ খন
সোমোৱাৰ পিছত ক’ল ইণ্ডিয়াৰ নৰ্থ-ইষ্টাৰ্ণ ক’ল ফিল্ডৰ মুখ্য কাৰ্য্যালয়ৰ ফলক
তেওঁলোকৰ চকুত পৰিল। কয়লা খনিলৈ সোমাই যোৱা
বাটটোও কাঁড় মাৰি নিৰ্দেশ দি থোৱা আছে।
কেভিনে ক’লে, “ব’লা আমি কয়লা খনি চাই আহোঁ”।
“ইয়াৰ পৰা আগলৈ গ’লে আমি লিডু পাম। তাত আমি বাটৰ কাষতে কয়লা খনি দেখিবলৈ পাম”। অনুপমাই ক’লে।
অনুপমাৰ নিৰ্দেশত গাড়ী
আগবাঢ়িল। সঁচাকৈয়ে লিডু পাবলৈ অলপ দুৰ থকাৰ পৰা মাটিৰ বৰণ ক’লা হৈ আহিল। বাটৰ কাষে কাষে কয়লাৰ দম দেখা গ’ল। ৰেল লাইনত কয়লা কঢ়িয়াই লৈ যোৱা খোলা ট্ৰ’লীবোৰ দেখা গ’ল। অলপ দুৰ আগুৱাই গৈ দম দম কয়লাৰ পাহাৰ দেখা গ’ল। ওচৰতে এটা খনিত ওপেন কাষ্ট মাইনিং চলি আছে। তাৰ পৰা দমে দমে কয়লা আনি
ৰেলপথৰ দাঁতিতে দমাই থোৱা হয়। কয়লাৰ দম বোৰৰ পৰা বনুৱা বোৰে কয়লা বোৰ ৰেল পথত থকা
ডবা বোৰত ভৰ্তি কৰেহি।
লিডুৰ সৰু চহৰ খনৰ গাতে
লাগি থকা কয়লা খনিটোৰ কাৰনে চহৰ খনৰ বতাহত একেবাৰে মিহি কয়লাৰ গুড়ি মিহলি হৈ থাকে।
সেয়ে কিছু সময় চহৰখনত থকাৰ পিছত উশাহ লবলৈ কষ্ট হোৱা যেন লাগে। কয়লাৰ গোন্ধ এটা
অনবৰতে নাকত লাগি থাকে। কেভিনে খনিৰ ভিতৰলৈ গৈ কয়লা খনন কৰা চাই আহিব বিচাৰিছিল। কিন্তু
আগতীয়া অনুমতি নোহোৱাকৈ আৰু সুৰক্ষাৰ কোনো ব্যৱস্থা নোহোৱাকৈ অতি বিপদ
সংকুল বুলি পৰিচিত কয়লা খনিৰ ভিতৰলৈ প্ৰৱেশ নিষিদ্ধ। সেয়ে কয়লা খনি থকা অঞ্চলটোত
অলপ ঘুৰি ফুৰি আটায়ে আহি গাড়ীত বহিল।
লিডুত তেওঁলোকে এখন হ’ৰ্ডিঙত
সেই ঠাইৰ পৰা ম্যানমাৰ আৰু চীন দেশৰ বিভিন্ন ঠাইলৈ দুৰত্ব লিখি থোৱা আছে। লিডুৰ
পৰা ষ্টিল ৱেল ৰোডেৰে তেওঁলোক আগুৱাই গ’ল। অনুপমাই ক’লে - “মোৰ বিশ্বাস আছে জানা, এদিন নহয় এদিন এই ৰাস্তাটো চীন দেশলৈ যাবলৈ মুকলি হ’বই। সঁচাকৈয়ে আমি হয়তো এদিন একেলগে এইদৰে গাড়ীত উঠি
এইটো ৰাস্তাৰে চীন দেশলৈ যাব পাৰিম”।
ক্লাৰাই ক’লে - “মইতো আৰু ভৱিষ্যতে যে
কেতিয়াবা ইয়ালৈ আহিব পাৰিম আশা দেখা নাই। তুমি আৰু কেভিনেই গৈ চীন দেশ চাই আহিবা”।
“তুমি কিয় তেনেকৈ কৈছা ক্লাৰা? তোমালোক একেলগে আহিবা। মইতো মোৰ পঢ়া-শুনা শেষ হ’লে চাগে ঘৰলৈকে ঘুৰি আহিম”। অনুপমাই অনুভৱ কৰিলে ক্লাৰাই কেভিনৰ লগত এতিয়াও আগৰ
দৰে সহজ হৈ থকা নাই।
“তোমালোকৰ কিজানি ভোক লাগিছে নহয়নে? আমি বাটত এই অঞ্চলৰ পৰম্পৰাগত জনজাতীয় খাদ্য খাম দেই।
মই হৰিকাইক কৈ আহিছোঁ আজি আমি বাহিৰত খাম বুলি”। অনুপমাই পৰিৱেশটো সহজ
কৰিবলৈ ক’লে।
উভতি আহি থকা বাটত
মাৰ্ঘেৰিটা পোৱাৰ আগতে চিংফৌ সকলৰ পৰম্পৰাগত খাদ্য পোৱা এখন ৰেষ্টোৰাঁ আছে।
অনুপমাই সেই ঠাইত গাড়ী ৰখাবলৈ দিলে।
তাই ক’লে, “আজি মই
তোমালোকক আমাৰ ইয়াৰে এটা প্ৰাচীন জনগোষ্ঠী চিংফৌ সকলৰ খাদ্য খুৱাম। চিংফৌ সকলৰ
খাদ্য এই অঞ্চলত খুব জনপ্ৰিয়। তোমালোকেও চাগে তেওঁলোকৰ খাদ্যত জুতি পাবা”।
কেভিনে ক’লে, “চিংফৌ
নামটো বৰ ধুনীয়া। মই চিংফৌ জাতিৰ বিষয়ে পঢ়িছোঁ। চিংফৌ সকলৰ পৰাই ৰবাৰ্ট ব্ৰুছে চাহ
গছৰ পুলি নি অসমৰ চাহক সকলোৰে লগত চিনাকী কৰি দিছিল। এইখন যদি চিংফৌ সকলৰ গাওঁ হয়, তেনেহ’লে ৰবাৰ্ট ব্ৰুছে বুঢ়ী দিহিং নদীয়েদি উজাই আহি
এনেকুৱা কোনোবা এখন চিংফৌ ৰাজ্যতে হয়তো চিংফৌ ৰজা বিছা গামক লগ পাইছিল”।
ৰেষ্টোৰাঁ খনৰ চকীত বহি
মেনু কাৰ্ড খন হাতত লৈ অনুপমাই হাঁহি মাৰি ক’লে, “আমি যলৈকে যাওঁ, যিহৰ কথাই নাপাতো, সেই ঠাইৰ বৰ্ণনা, সকলো তথ্য কেভিনৰ জিভাৰ
আগতে থাকে। মোক এতিয়া কেইবিধ মান চিংফৌ বিশেষ ৰেচিপিৰ কথা কোৱাচোন, তুমি এই বিষয়ে কিমান জানা চাওঁ”।
কেভিনে হাঁহি ক’লে, “সেইটো
তোমালোকৰ বিভাগ। এই বিষয়ে মোৰ একো জ্ঞান নাই”।
“আমি আজি আটায়ে পৰম্পৰাগত জনজাতীয় মদ খাম”। অনুপমাৰ কথাত ক্লাৰাৰ মুখখন উজ্বলি উঠিল।
“ৱাও, এইটো এটা সুন্দৰ আইডিয়া।
জনজাতীয় মদ কেনেকুৱা”?
“আমাৰ এই অঞ্চলত জনজাতি সকলৰ সুকীয়া পানীয় আছে যিবোৰক
আমি ৰাইচ বিয়েৰ বুলি ক’ব পাৰোঁ। তেওঁলোকৰ ধৰ্ম
বিশ্বাস আৰু সংস্কৃতিৰ লগতো এই পানীয় বিধৰ সম্পৰ্ক আছে। বহুতো ধৰ্মীয় কামত
তেওঁলোকে এই পানীয় ব্যৱহাৰ কৰে”। অনুপমাই ক’লে।
“এই পানীয় বোৰৰ কিবা নাম আছেনে”? ক্লাৰাই সুধিলে।
“আছে। সাঁজ, আপং, জু, জোঙা, ৰহী, ছাইমদ এই বোৰ ভিন ভিন
ধৰণৰ পানীয়। খাদ্যবোৰৰো তেওঁলোকৰ বেলেগ বেলেগ নাম আছে। মেনুখন চালেই গম পাবা”।
অনুপমাৰ হাতৰ পৰা মেনু
কাৰ্ড খন টান মাৰি নি ক্লাৰাই ক’লে, “মই কওঁ শুনা। তোমালোকে মোক কোৱা তোমালোকে খাদ্য কি
খাবা। ‘ৱা চাপুঙ’ খাবানে ‘উ পিং’ খাবা নে ‘ঙাচান চিথু’ খাবা”।
ক্লাৰাৰ কথা শুনি কেভিন
আৰু অনুপমাই গিৰ্জনি মাৰি হাঁহিলে। কেভিনে ক’লে, “তুমি চীন দেশৰ কোনোবা
ৰেষ্টোৰেণ্টৰ মেনু পঢ়া যেনহে লাগিল”।
অনুপমাই ক’লে “তেওঁলোকে পৰম্পৰাগত
খাদ্যৰ নামটোও ৰাখি থৈছে যাতে নাম বোৰ হেৰাই নাযায়। ‘ৱা চাপুং’ হ’ল গাহৰিৰ মাংস, ‘উ পিং’ হ’ল কুকুৰাৰ মাংসৰ ৰোষ্ট
আৰু ‘ঙাচান চিথু’ হ’ল মাছৰ চাটনি। আমি এতিয়া
খাদ্য নিৰ্বাচন কৰি ক’ব লাগিব। কাৰণ তেওঁলোকৰ
বনাওতে সময় লাগে। লগতে আমি ৰাইচ বিয়েৰ লম, তেওঁলোকে ঘৰত বনোৱা মদ”।
মেনু খন চাই কেভিন আৰু
ক্লাৰাই অনুপমাৰ লগত আলোচনা কৰি আলোচনা কৰি টোপোলা ভাত, খৰিচাৰে বনোৱা কুকুৰাৰ মাংস আৰু খৰিকাত দিয়া গাহৰি মাংস অৰ্ডাৰ কৰিলে। লগতে
স্থানীয় ভাৱে প্ৰস্তুত কৰা ৰাইচ বিয়েৰ ৰহী। খাদ্য পৰিৱেশন কৰিবলৈ কিছু পৰ অপেক্ষা
কৰিব লগীয়া হ’ল।
পৰম্পৰাগত পদ্ধতিত
পৰিৱেশন আৰু পৰম্পৰাগত মছলাৰে ৰন্ধা সুস্বাদু চিংফৌ খাদ্য আটায়ে টকালি পাৰি খালে।
কেভিনে খৰিচাৰে ৰন্ধা কুকুৰাৰ মাংস খুব সোৱাদ পালে। ক্লাৰাই ৰাইচ বিয়েৰ খাই খুব
তৃপ্তি পালে। ইমান মিঠা সুস্বাদু বিয়েৰ তাই কেতিয়াও খাই পোৱা নাই। তাই পিছত খাবলৈ
এটা বটল পেক কৰিবলৈ দিলে।
অনুপমাৰ মনত খুদুৱনি লাগি
আছিল দেউতাকে ‘কমৰেড খুডা’কৰ কিবা সম্ভেদ পালে নে নাই। তাই ঘৰলৈ উভতি আহি পোনেই
দেউতাকৰ ওচৰলৈ গৈ সুধিলে, “দেউতা, ফটোত দেখা ককা জনৰ কিবা খবৰ পালানে”?
দেউতাকে আৰামী চকীখনত বহি
খবৰ কাগজ পঢ়ি আছিল। তেওঁ খবৰ কাগজখন কাষত থৈ চকুৰ চশমাজোৰ খুলি হাতত লৈ অনুপমালৈ
চাই ক’লে, “মই আত্মীয় মানুহ এজনৰ পৰা অলপ খবৰ পাইছোঁ। কমৰেড খুড়াই বহু বছৰৰ পৰা হেনো
পৰিয়ালৰ মানুহ, আত্মীয় স্বজনৰ লগত সম্পৰ্ক ৰখা
নাছিল। তেওঁ এক প্ৰায় অঘৰী জীৱন কটাইছিল। কেতিয়াবা কাচিৎ তেওঁক পৰিয়ালৰ মানুহে লগ
পাইছিল”।
অনুপমাই দেউতাকৰ বিচনাত
বহিল। তাইৰ বুকুখন যেন এক অবুজ বেদনাৰে ভৰি পৰিল। “কিয় দেউতা, কিয় তেওঁ এনে অঘৰী জীৱন
কটাইছিল। তেওঁ এতিয়া ক’ত আছে”?
“তেওঁ ক’ত আছে, আছে নে নাই কোনেও সঠিক কৈ ক’ব নোৱাৰে বোলে”।
অনুপমাৰ এটা হুমুনিয়াহ
ওলাই আহিল। “আৰু তেওঁৰ বিষয়ে কি গম পাইছা
দেউতা”?
“তেওঁ কমিউনিষ্ট আছিল। গাৱঁৰ দুখীয়া মানুহবোৰক লৈ
তেওঁলোকৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰিছিল। গাৱেঁ গাৱেঁ ঘুৰি সৰু ল’ৰা ছোৱালী বোৰক বিনামুলীয়াকৈ পঢ়ুৱাইছিল, স্কুললৈ যাবলৈ অনুপ্ৰাণিত কৰিছিল”।
“কিন্তু তেওঁ আছিল ক’ত? জীৱিকাৰ কাৰণে কি কাম কৰিছিল”?
“তেওঁ ক’ত থাকিছিল, উপাৰ্জনৰ কাৰনে কি কৰিছিল সেই কথা উলিয়াব পৰা নাই।
তেওঁৰ গাৱঁৰ মাটি টুকুৰা চৰকাৰে চহৰ উন্নয়নৰ নামত অধিগ্ৰহণ কৰাৰ পিছত মানকটা পথৰ
ভিতৰুৱা অঞ্চল এটাত হেনো মাটি এডোখৰ ক্ষতিপুৰণ হিচাপে দিছিল। তাতেই তেওঁ ঘৰ এটা সাজি আছিল বুলি মানুহজনে কৈছে, পিছে কোনখিনিত তেওঁ নাজানে”।
“তেওঁৰ ঘৰৰ মানুহেও তেওঁৰ বিষয়ে একো নাজানে নে”?
“তেওঁৰ মাক জীয়াই থকালৈকে কোনোবাই কোনোবাই তেওঁৰ খবৰ
পাইছিল। পিছে মাকৰ মৃত্যুৰ পিছত তেওঁ হেনো কেৱল পাৰ্টীৰ কামতে ঘুৰি ফুৰা হ’ল। দেশ বিদেশলৈও গ’ল। তেওঁ আত্মীয় মানুহৰ খবৰ নৰখা হ’ল কাৰনে আত্মীয় মানুহেও
তেওঁৰ খবৰ নৰখা হ’ল”।
অনুপমাই ক’লে, “তেওঁৰ
নিজৰ পৰিয়াল আছেনে? আমি মানকটা পথত থকা তেওঁৰ
ঘৰটো উলিয়াব পাৰিম নে”?
“সেই কথা মই কেনেকৈ ক’ম? ময়োতো কেতিয়াও ইমান দিনে তেওঁৰ
খবৰ একো পোৱা নাছিলোঁ”।
“দেউতা আমি তেওঁক বিচাৰি যাওঁ ব’লা। মানকটা পথত সোধা পোচা কৰিলে কিবা খবৰ কিজানি
পাওঁৱেই। আমি কিজানি তেওঁৰ ঘৰটো বিচাৰি উলিয়াব পাৰোঁৱেই”।
“কোনো নিৰ্দিষ্ট ঠিকনা নোহোৱাকৈ কেনেকৈ বিচাৰি উলিয়াবি? সেয়া সম্ভৱেই নহয়। মানকটা ৰ’ড তই আমাৰ চুবুৰীটোৰ সমান বুলি ভাবিছ নেকি”?
“নাই দেউতা, ইমান খিনি খবৰ পাইছোঁ
যেতিয়া বাকীখিনি খবৰো আমি পামেই। তুমি না নকৰিবা দেউতা। এইটো কামত মোক তোমাৰ সহায়
লাগিব। তোমাৰ চিনাকী, আত্মীয় যিমান মানুহ আছে
সকলোৰে সহায় লৈ হ’লেও আমি তেওঁক বিচাৰি
উলিয়াবই লাগিব”।
অনুপমাৰ মনৰ দৃঢ়তা দেখি
দেউতাকে বুজিলে তেওঁ কিবা এটা কৰিবই লাগিব। তথাপি তেওঁ ভাবি উলিয়াব নোৱাৰিলে ইমান
দিনৰ পিছত কোনো এটা শুংসুত্ৰ নোহোৱাকৈ মানুহ এজনক কিদৰে বিচাৰি উলিয়াব।
“তেওঁ জীয়াই আছেনে নাই সেই কথাকেই কোনেও নাজানে। আমি
কেনেকৈ বিচাৰিম মই ধৰিবই পৰা নাই”।
“দেউতা, তেখেত আমাৰোতো আত্মীয়
মানুহ হয়। তেখেতৰ বিষয়ে খবৰ কৰাটো আমাৰো কৰ্তব্য। ভাবাচোন তেওঁ যদি জীয়াই আছে, আমাক লগ পায় কিমান ভাল পাব। তেওঁক আমি যদি কিবা সহায়
কৰিব পাৰোঁ সেয়া কিমান পুণ্যৰ কথা হ’ব। তেওঁ জীয়াই নাথাকিলেও
তেওঁৰ পৰিয়ালটোক অন্তত: আমি লগ ধৰিব পাৰোঁ।
তেওঁলোকৰ লগত আমাৰ হেৰোৱা সম্পৰ্ক পুনৰ স্থাপন কৰিব পাৰোঁ”।
অনুপমাৰ কথাৰ অৰ্থ বৰুৱাই
বুজিলে। তাই যিটো কৰিম বুলি ভাবিছে, যিকোনো উপায়ে কৰিবই। তাই ‘কমৰেড খুড়া’ৰ সন্ধান উলিয়াব বিচাৰিছে
যেতিয়া উলিয়াবই। তেওঁ তাইৰ মতেই সকলো কৰিব লাগিব।
“মই ভাবিছোঁ খ্ৰিষ্টমাছৰ দিনা তহঁতৰ লগত ময়ো
ডিব্ৰুগড়লৈ যাওঁ। মই ইতিমধ্যে আৰু খবৰ কৰোঁ আৰু কিবা সন্ধান পাওঁ নেকি। সেইদিনা
আমি ‘কমৰেড খুড়া’ক বিচাৰি যাম একেলগে। দেখা যাওক কি হয়”।
দেউতাকৰ কথাত অনুপমাৰ মুখ
উজ্বলি উঠিল। তাই দেউতাকৰ ডিঙিত সাৱটি ধৰি ক’লে, “দেউতা, তুমি পৃথিৱীৰ আটাইতকৈ ভাল দেউতা। মই তোমাক খুব ভাল পাওঁ”।
তাইৰ এনে আদৰৰ মাজত
বৰুৱাই তেওঁৰ জীৱনৰ অৰ্থ বিচাৰি পায়। তেওঁ অনুভৱ কৰে তাইৰ মুখত যেতিয়া তেওঁ এনে
ফূৰ্তি দেখা পায়, সেয়াই তেওঁৰ কাৰণে চৰম
সুখৰ মূহুৰ্ত। তেওঁ তাইৰ বিষাদেৰে ভৰা মুখ খন কেতিয়াও চাবলৈ নিবিচাৰে। তেওঁ নিজৰ সকলো উজাৰি হ’লেও তাই সুখী হোৱাটো বিচাৰে।
অনুপমা কোঠাটোৰ পৰা ওলাই
যোৱাৰ পিছত বৰুৱাই অৰুণিমাৰ ফটোখনৰ ওচৰত থিয় হ’ল।
“আমাৰ ছোৱালীজনী বহুত ডাঙৰ হ’ল অৰু। তাই বহুত কথা নিজে ভাবিব পৰা হ’ল। তাই এতিয়া মোকো চলাব পৰা হ’ল। চোৱা, তাইক মই ভালকৈয়ে ৰাখিছোঁ। তাই যি বিচাৰে সেইমতেই সকলো
হ’ব অৰু। তাই ‘কমৰেড খুড়া’ক বিচাৰি উলিয়াবলৈ কৈছে। মই
বিচাৰি উলিয়াবই লাগিব। তাইৰ কথামতেই মই সকলো কৰিম। তুমি চাই থাকিবা, তাই সদায় ফূৰ্তিত থাকিব, হাঁহি থাকিব। তাইক মই কেতিয়াও দুখ পাবলৈ নিদিওঁ অৰু। তাই নিজেও সুখী হ’ব আৰু সকলোকে সুখী কৰিব”।
ফটোখন হাতেৰে চুই তেওঁ
যেন অনুভৱ কৰিব বিচাৰিলে তাহানিতে হেৰাই যোৱা তেওঁৰ পত্নীৰ সান্নিধ্য। তেওঁ থোকা
থুকি মাতেৰে অৰুণিমাক কৈ গ’ল, “মাজনীক বিয়া দিবৰো হ’ল অৰু। কথাটো ভাবিলেই মোৰ বুকুখন বিষাই যায়। তাই বিয়া হৈ গুচি গ’লে ঘৰখনত মই একেবাৰে অকলশৰীয়া হৈ যাম যেন লাগে।
কিন্তু তাইৰ বিয়াৰ চিন্তা মই কৰিবই লাগিব। মই প্ৰশান্তৰ কথাকে ভাবিছোঁ। ল’ৰাটো ভাল। আজি কেইবাদিনো মই তাইক কথাটো ক’ম ক’ম বুলিয়ো ক’ব পৰা নাই। এইবোৰ কথা কেনেকৈনো কয় তুমিহে ভালদৰে
জানিলাহেঁতেন। কিন্তু মই কবইতো লাগিব। তাই ঘূৰি যাবলৈও এতিয়া আৰু বেছি দিন নাই।
তাই যোৱাৰ আগতে আঙুঠি পিন্ধাই থোৱাৰ কথা মোক প্ৰবীৰে কৈছে। তাইক কথাটো সোনকালে ক’বই লাগিব”।
No comments:
Post a Comment