পিছদিনা ৰাতিপুৱা সাৰ পাই উঠি অনুপমাই হিচাপ কৰি
চালে। উভতি যাবলৈ আৰু বেছি দিন নায়েই। অথচ এতিয়ালৈ আইতাকৰ কাৰণে তাই একোকে কৰিব
পৰা নাই। যিকোনো উপায়েৰে দেউতাকৰ ‘কমৰেড খুড়া’ৰ সম্ভেদ উলিয়াবই লাগিব। তাই
মনে মনে প্ৰাৰ্থনা কৰিলে মানুহজনক যেন আইতাকে জীৱিত অৱস্থাত লগ পাব পাৰে। সেয়াই
হয়তো আইতাকলৈ হ’ব তাইৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ।
ইফালে কেভিনৰ কাম কিছুমানো বাকী আছে। ডিগবৈ শোধনাগাৰ
চোৱাটো কেভিনৰ তালিকাত সকলোতকৈ আগত আছে। ডিগবৈত ইমান দিন থাকি বিশ্বৰ আটাইতকৈ
পুৰণি কাৰ্য্যক্ষম শোধনাগাৰটো দৰ্শন নকৰাকৈ যোৱাটো বেয়া কথা হ’ব। কেভিনৰ গৱেষণাটো এই শোধনাগাৰৰ পৰা পোৱা কিছুমান
তথ্য কামত লাগিব পাৰে।
শোধনাগাৰ দৰ্শন কৰাৰ কাৰনে আগতীয়াকৈ অনুমতি ল’ব লাগে। শোধনাগাৰটোত প্ৰৱেশ কৰিবলৈ কিছুমান সুৰক্ষা
নিয়ম পালন কৰিব লগীয়া হয়। অতি ষ্পৰ্শকাতৰ এলেকাত অৱস্থিত হোৱা কাৰনে এই
শোধনাগাৰটোৰ সুৰক্ষা বিধি সমুহ কটকটীয়া। অনুপমাই দেউতাকক শোধনাগাৰত প্ৰৱেশ কৰিবলৈ
অনুমতি পত্ৰ বা পাছ উলিওৱাৰ কাৰণে অনুৰোধ কৰিলে। তাই, কেভিন আৰু ক্লাৰা যাব। আইতাকক বয়সৰ কাৰণে তালৈ নিবলৈ
অনুমতি নিদিব। দেউতাকে ক’লে যে পিছবেলাহে তেওঁলোকে শোধনাগাৰটো চাবলৈ পাছ পাব।
ৰাতিপুৱা ব্ৰেকফাষ্টৰ সময়ত শোধনাগাৰ চাবলৈ যোৱাৰ আগতে
হাতত থকা সময় খিনিৰ সদ্ব্যৱহাৰ কৰাৰ কাৰনে অনুপমাই পৰিকল্পনা কৰিলে।
“মই ভাবিছোঁ আমি আইতাক লৈ আগবেলা
মিউজিয়ামলৈ যাওঁ। আইতাকো এবাৰ মিউজিয়ামটো দেখুৱাওঁ। আইতাই ভাল পাব”।
“মোৰ অলপ কাম আছে অনুপমা। মই এই
কেইদিন দেখা কথাবোৰ লিখিব লাগিব। তুমি আৰু ক্লাৰাই আইতাক লৈ যোৱা”- কেভিনে ক’লে।
“একেটা মিউজিয়াম আৰু কিমান চাম।
মোৰো যাবলৈ মন যোৱা নাই”। ক্লাৰাৰ যাবলৈ মন যোৱা নাছিল।
“নহয় ক্লাৰা, তুমি ওলোৱা। হুইল ছেয়াৰখন গাড়ীখনত নোসোমাব। আইতাক
খোজকাঢ়োতে ধৰিব লাগিব। তুমি থাকিলে অলপ ভাল হয়”- অনুপমাই ক’লে।
“আইতাই মিউজিয়াম চাই কি বুজি পাবনো? ময়ে ভালদৰে বুজি পোৱা নাই”। ক্লাৰাই অনিচ্ছা ষ্পষ্টকৈ
জনালে।
“আইতাক আমি এই কেইদিন ক’লৈকো
নিয়া নাই। মোৰ অনুভৱ হৈছে মিউজিয়ামটোৰ বস্তুবোৰ চাই আইতাই ভাল পাব। আইতাৰ দিনত
ব্যৱহাৰ হোৱা বস্তুবোৰ দেখিবলৈ পাব। আইতাৰ বহুত পুৰণি কথা মনত পৰিব পাৰে”।
অনুপমাৰ কথা পেলোৱা টান। অনিচ্ছা স্বত্বেও ক্লাৰা
ওলাল। তাই ভাবিলে কাম কৰি থকা সময়ত কেভিনৰ বাবে তাই থকা নথকা একেটা কথা। সি তাইলৈ মূৰ
তুলিও নাচায়।
মিউজিয়ামটোত অনুপমা, ক্লাৰা আৰু গাড়ীৰ ড্ৰাইভাৰ অনিলে আইতাকক নামি অহাত
সহায় কৰি দিলে। হুইল চেয়াৰখনৰ অবিহনে লাখুটি ডালৰ সহায়তেই আইতাকে খোজ কাঢ়িব লগীয়া
হ’ল। মিউজিয়ামটোৰ বাকৰিত
প্ৰদৰ্শনৰ কাৰনে ৰখা পেট্ৰ’ল পাম্প এটাত এখন পুৰনি মডেলৰ ফোৰ্ড গাড়ীত পেট্ৰ’ল ভৰোৱা দৃশ্য সজাই ৰখা হৈছিল। গাড়ী খনৰ ওচৰতে এহাল ইউৰোপিয়ান দম্পত্তিৰ প্ৰতিমূৰ্তি
সাজি ৰখা হৈছিল। অনুপমাই পোনতে আইতাকক সেই গাড়ীখনৰ ওচৰলৈ লৈ গ’ল।
গাড়ীখন দেখি আইতাকৰ মুখত হাঁহি বিৰিঙি উঠিল।
“এনে গাড়ী আমাৰ সময়ত ডিব্ৰুগড়ত
দুই এখনহে আছিল। এনেকুৱা এখন গাড়ীতে দেউতাই আমাক মাজে মাজে ফুৰাবলৈ লৈ গৈছিল। আমি মাকুমলৈ
গৈছিলোঁ, ডিগবৈলৈ গৈছিলোঁ”। আইতাকৰ চকু দুটা উজ্বলি উঠিল।
গাড়ী খন তেওঁ হাতেৰে চুই চালে। গাড়ীখনৰ ষ্পৰ্শৰ পৰা
তেওঁ যেন অনুভৱ কৰিবলৈ চেষ্টা কৰিলে তাহানিতে হেৰুওৱা এক সন্নিধ্যৰ স্মৃতি।
আইতাকক অনুপমাই বাকৰিত থকা যন্ত্ৰ পাতি, পাম্প আদিও দেখুৱালে। তেওঁ পিছে বেছি আমোদ পালে এচুকত
থকা এখন পুতলা ৰেলগাড়ী দেখিবলৈ পাই। এনে আকৃতিৰ ৰেলগাড়ী তেওঁ হেনো ডিব্ৰুগড়তো
দেখিবলৈ পাইছিল। ৰেল লাইন বোৰ পৰীক্ষা কৰিবলৈ আৰু কম দূৰত্বত যাত্ৰী আৰু বস্তু অনা
নিয়া কৰিবলৈ হেনো এনে ৰেলগাড়ী ব্যৱহাৰ কৰিছিল।
আইতাকক মিউজিয়ামটোৰ ভিতৰলৈ নিয়াৰ পৰিকল্পনা অনুপমাৰ
নাছিল যদিও মিউজিয়ামটোত থকা পুৰণি দিনৰ কিছুমান সামগ্ৰী আইতাকে দেখি ভাল পাব বুলি
তেওঁক তাই ভিতৰলৈও লৈ গ’ল। তাহানি দিনত ব্যৱহাৰ হোৱা ৰেডিঅ’, টাইপ ৰাইটাৰ, টেলিফোন, ফেন আদি দেখি আইতাকৰ চকু দুটা উজ্বলি উঠিল। তেওঁ
বস্তুবোৰ ৰ’ লাগি চাই থাকিল।
“মোৰ আজি মোৰ অতীতৰ দিনলৈ ঘুৰি
যোৱা যেন লাগিছে জানা। এনে বোৰ বস্তু মই তাহানিতে দেখিছিলোঁ। তোমালোকে এই বোৰ দেখা
নাই”। আইতাকৰ মুখত সন্তুষ্টিৰ ভাৱ ফুটি উঠিল।
মিউজিয়ামত কিছু সময় কটাই আইতাকক লাহে লাহে তেওঁলোকে
যেতিয়া গাড়ীত বহুৱালেহি হাতৰ ঘড়ী চাই ক্লাৰাই চিঞৰি উঠিল, “আমি এক বজাত ৰিফাইনেৰী চাবলৈ যোৱাৰ কথা আছিল। এতিয়া
বাৰ বাজিলেই। আমি সোনকালে খাই বৈ আকৌ আহিব লাগিব”।
অনুপমাই ক’লে, “চিন্তা নকৰিবা ক্লাৰা। ইয়াত
কামবোৰ একেবাৰে ঘড়ীৰ কাটাই কাটাই নহয়। আমি দৌৰা দৌৰি কৰাৰ দৰকাৰ নাই। ডেৰ বজাত গৈ
পালেও কোনো কথা নাই”।
দৌৰা দৌৰি নকৰিলেও খৰখেদাকৈ ভাত কেইটা খাই কেভিন, ক্লাৰা আৰু অনুপমা শোধনাগাৰ চাবলৈ ওলাল। এই কেইদিন অসমীয়া
খাদ্য খাই খাই কেভিন আৰু ক্লাৰা অভ্যস্ত হৈ গৈছে। অমিতা আৰু খাৰেৰে ৰন্ধা মাছৰ
মুৰৰ তৰকাৰী, ঢেকীয়া আৰু ঔ টেঙাৰে ৰন্ধা মাছৰ
জোল, খৰিচাৰে ৰন্ধা কুকুৰাৰ মাংস
আদিৰ সোৱাদ দুয়োৰে ভাল লগা হৈ পৰিছে।
ক্লাৰাই হৰিকাই আৰু ৰুবীৰ লগত মাজে মাজে পাক ঘৰত
সোমাই ৰন্ধন প্ৰণালীও চাই আহেগৈ। তাই কেভিনক কয়, “এনে পৰম্পৰাগত খাদ্যৰ এখন ৰেষ্টোৰেণ্ট লণ্ডনত খুলিব
পৰা হ’লে বেছ চলিব জানা। মোৰ ধাৰনা
মতে মানুহে এনে নন স্পাইছি সোৱাদলগা খাদ্য খাবলৈ খুব ভালে পাব”।
“পিছে খাদ্য বনাবৰ কাৰনে চেফ
কেইজনক ইয়াৰ পৰা পঠিয়াব লাগিব”। কেভিনৰ উত্তৰ।
ক্লাৰাই ক’লে, “তুমি হৰিকাইক অলপ কৈ চোৱানা।
তেওঁক লৈ গৈ আমি দুয়ো এখন ৰেষ্টোৰাঁ আৰম্ভ কৰোঁ”।
কেভিনে ক’লে, “আগতে তুমি ভালদৰে চিনেমা নিৰ্মাণ
কৰিবলৈ শিকা। ৰেষ্টোৰাঁ পিছতো খুলিব পাৰিবা”। এইবোৰ কাৰণতে ক্লাৰাৰ কেভিনৰ
ওপৰত খং উঠে। তাইৰ ব্ৰিলিয়েণ্ট আইডিয়া বোৰত সি অলপো গুৰুত্ব নিদিয়ে।
শোধনাগাৰৰ সুৰক্ষা বেষ্টনিৰ মাজেৰে পাৰ হৈ যাবলৈ অলপ
সময় লাগিল। এজন জনসম্পৰ্কৰক্ষী বিষয়াই গাইড হিচাপে তেওঁলোকক আগবঢ়াই লৈ গ’ল। বিষয়া জনে শোধনাগাৰটোৰ বিষয়ে তেওঁলোকক কিছু কথা জনালে। কেৱল ০.৬৫ মেট্ৰিক টন
শোধন ক্ষমতাৰ বৰ্তমান যুগৰ হিচাপত অতি ক্ষুদ্ৰ এই শোধনাগাৰটো বিশ্বৰ এক
ঐতিহাসিক স্থান। যি সময়ত ডিগবৈ শোধনাগাৰ স্থাপন কৰা হৈছিল, সেই সময়ত বিশ্বৰ মুষ্টিমেয় মাত্ৰ কেইখনমান দেশতহে
খনিজ তেলৰ শোধনাগাৰ আছিল। সেই সময়ৰ কোনো শোধনাগাৰেই ইমান দিন কাৰ্য্যক্ষম হৈ থকা
নাই। সেয়ে ১৯০১ চনত স্থাপন হোৱা ভাৰতৰ এই প্ৰথম শোধনাগাৰটো এতিয়া বিশ্বৰ আটাইতকৈ
পুৰণি শোধনাগাৰ বুলিব পৰা যায়। পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আদি উত্পাদন কৰা শোধনাগাৰটোৰ এটা মুখ্য
উত্পাদন হৈছে পাৰাফিন ৱাক্স। এই শোধনাগাৰটোত শোধিত হোৱা তেলত যথেষ্ট পৰিমানে মম
জাতীয় পদাৰ্থ মিহলি হৈ থকাৰ কাৰনে এই তেল শোধন কৰোঁতে বহু পৰিমানৰ মম বা ৱাক্স
পৰিশিষ্ট হিচাপে বাহিৰ হয়।
শোধনাগাৰটোৰ ডিষ্টিলেচন টাৱাৰ, বয়লাৰ, হাইড্ৰ’ ট্ৰিটাৰ, কেটেলাইটিক ৰিফৰ্মাৰ আদি এটা এটাকৈ বিষয়া জনে
তেওঁলোকক দেখুৱাই গ’ল। উচ্চ চাপ যুক্ত গেছ পৰিবাহী পাইপৰ বাহিৰ পিনে জমা
হোৱা বৰফ দেখি তেওঁলোক আপ্লুত হ’ল। খনিজ তেলৰ পৰা পেৰাফিন নিষ্কাষণ আৰু তাৰ পৰা মম তৈয়াৰ কৰা তেওঁলোকে নিজ
চকুৰে দেখিবলৈ পালে। বিষয়া জনে শোধনাগাৰটোৰ স্মাৰক হিচাপে মমৰ টুকুৰা তেওঁলোকক
উপহাৰ দিলে।
শোধনাগাৰটোত আদিতে মাৰ্ঘেৰিটাৰ প্ৰাথমিক শোধনাগাৰত
ব্যৱহৃত হোৱা কেইপদমান সা সঁজুলিও ঐতিহাসিক গুৰুত্বৰ কাৰনে সংৰক্ষণ কৰি ৰখা হৈছে।
কেভিনে মন্তব্য কৰিলে, “ব্যৱসায়িক দৃষ্টিত এসময়ত হয়তো এই শোধনাগাৰটো বন্ধ হৈ
পৰিব, কাৰন আজিৰ দিনত ইমান কম ক্ষমতাৰ
শোধনাগাৰ এটা চলাই ৰখাটো সম্ভৱ নহয়।
কিন্তু ঐতিহাসিক গুৰুত্বৰ কাৰনে এই শোধনাগাৰটো সংৰক্ষণ কৰাটো প্ৰয়োজনীয়। এই
শোধনাগাৰটোৱেই ভাৰতৰ তৈল উদ্যোগৰ সাফল্যৰ সূচনা কৰিছিল। যিমান দিনলৈ অসমৰ ভূ গৰ্ভৰ
পৰা খনিজ তেল উত্পাদন হৈ থাকিব, সিমান দিনলৈ এই শোধনাগাৰটো চলি থাকিবলৈ দিয়া উচিত”।
কেভিনৰ কথা শোধনাগাৰৰ বিষয়াজনে শলাগিলে। “আমি এই শোধনাগাৰটো যেনে তেনে হ’লেও জীয়াই ৰাখিম”। তেওঁৰ কথাত শোধনাগাৰটোৰ প্ৰতি
মৰম আৰু নিষ্ঠা ফুটি উঠিল।
শোধনাগাৰৰ পৰা উভতি অহাৰ পিছত দেউতাকে অনুপমাক কোঠালৈ
মতাই নি ক’লে, “আজি ৰাতি আমাৰ অফিচৰ এটা পাৰ্টী আছে। মোৰ আহোঁতে পলম
হ’ব। মই ভাত পানী তাতেই খাম।
তহঁতে ভাত পানী খাই শুই যাবি। কাইলৈ দুলীয়াজানলৈ যোৱাৰ কথা আছে। ৰাতি শোওঁতে পলম
নকৰিবি”।
অনুপমাই এক মিঠা উত্তেজনা অনুভৱ কৰিলে। পিচদিনা
আইতাকক লৈ দুলীয়াজানলৈ যোৱাৰ কথা। তাৰ পিছত ডিব্ৰুগড়। আইতাকৰ সপোনৰ চহৰ ডিব্ৰুগড়।
হয়তো ডিব্ৰুগড়তে সন্ধান ওলাব পাৰে আইতাকৰ কোনোবা পুৰণি স্মৃতিৰ।
তাই অনুভৱ কৰিলে আইতাকৰ লগত তাই বহুদিনে ভালদৰে সময়
লৈ কথা পতা নাই। তাইৰ মন গ’ল আইতাকৰ লগত একান্ত হৈ কিছু সময় পাৰ কৰিবলৈ। দেউতাক ওলাই যোৱাৰ পিছত তাই
ক্লাৰাৰ ওচৰলৈ গ’ল।
“ক্লাৰা, আজি মোৰ আইতাৰ লগত শুবলৈ মন গৈছে। কেভিনক আমি থকা
কোঠাটোলৈ পঠিয়ালে তুমি অসুবিধা পাবা নেকি”?
অনুপমাৰ কথাত ক্লাৰাই অলপ চিন্তা কৰিলে। “মোৰ কি অসুবিধা হ’ব। কেভিনৰ যদি অসুবিধা হয় মই নাজানো। ভাৰতীয়
সংস্কৃতিক লৈ তাৰহে চিন্তা বেছি”।
“মই জানো, তুমি বহুদিন ধৰি কেভিনৰ সান্নিধ্যৰ পৰা বঞ্চিত হৈ আছা।
সেয়েহে আজি তোমালোক দুয়ো মুকলিমুৰীয়াকৈ নিজৰ মতে সময় পাৰ কৰা”। এই বুলি কৈ অনুপমাই হাঁহিলে।
অনুপমাৰ কথা মতেই হ’ল। খোৱা বোৱা হোৱাৰ পিছত তাই আইতাকৰ কোঠালৈ আহিল আৰু
কেভিন ক্লাৰা থকা কোঠাটোলৈ গ’ল। অনুপমাক কাষত পাই আইতাকৰ মুখ খন উজ্বলি উঠিল।
“আইতা, আমি যদি সঁচাকৈয়ে পৱিত্ৰক লগ পাই যাওঁ, কিমান যে ভাল লাগিব, নহয়নে”?
অনুপমাৰ কথাত আইতাকৰ ওঁঠেৰে হাঁহি এটা বিৰিঙি উঠিল।
তেওঁৰ চকু দুটা চলচলীয়া হৈ উঠিল।
“তেওঁ চাগে মোক কিমান বেয়া পাই
আছে নহয়নে? উভতি আহিম বুলি কথা দিও আহিব
নোৱাৰিলোঁ”।
“নাই আইতা। ইমান দিন পিছত তোমাক
লগ পালে তেওঁ খুব আনন্দ পাব। পুৰণি কথাবোৰৰ কাৰণে তোমাক কেতিয়াও বেয়া পাই নাথাকে”।
“মই দেখিবলৈ কিমান যে সলনি হ’লোঁ। তেওঁ মোক চিনিব পাৰিবনে বাৰু”?
“নিশ্চয় পাৰিব আইতা। তোমাক এবাৰ
লগ পালে মানুহে তোমাক কেতিয়াও পাহৰিব নোৱাৰে”। অনুপমাই আইতাকৰ গাত লেপখন
ভালদৰে দি ক’লে।
“তেওঁ যদি জীয়াই আছে, মই তেওঁক ক’ব পাৰিম নহয়নে যে দেৰীকৈ হ’লেও মই মোৰ কথা ৰাখিলোঁ”। এই বুলি আইতাকে চকুদুটা মুদি চিত হৈ পৰি ৰ’ল। অলপ পিছতে তেওঁ টোপনি গ’ল। অনুপমাৰ আৰু কথা পাতিবৰ মন আছিল যদিও আইতাকৰ টোপনি
অহা দেখি তাই নিজেও শুবলৈ চেষ্টা কৰিলে।
ইপিনে বহুদিনৰ মুৰত কেভিনক কোঠাত একান্তকৈ পাই
ক্লাৰাই তাৰ গাত গা লগাই বহিল।
“কেভিন। তুমি মোক ভাল পোৱানে”?
কেভিনে ক্লাৰাৰ এই আচম্বিত প্ৰশ্নত হতভম্ব হোৱাৰ দৰে
হ’ল। সি প্ৰশ্নটো শুনি কি পটকৈ
উত্তৰ দিব ভাবি উলিয়াব নোৱাৰিলে। সি তাইৰ পিনে বহুপৰ চাই থাকিল।
“কেভিন। মই এজনী পাগলী নহয়নে? তোমাক সদায় আমনি কৰি থাকোঁ। তোমাৰ পিছে পিছেই ঘুৰি
ফুৰোঁ। তুমি মোক পাত্তা নিদিলেও মই নিজেই পাত্তা বিচাৰি যাওঁ। কিন্তু তুমি জানানে, মোৰো বুকুৰ ভিতৰত এখন অন্তৰ আছে”। তাই আবেগিক হৈ উঠিল।
কেভিনে তাইৰ এনে কথা আগতে শুনা নাই। তাই খং উঠিলে
কাজিয়া কৰে, বস্তু দলিয়াই চিঞৰ বাখৰ কৰে।
কিন্তু আবেগ অনুভূতিৰ কথা তাইৰ মুখত শুনা তাৰ মনত নপৰে।
“ক্লাৰা, ৰাতি হৈছে। আমি এখন বেলেগ দেশত আছোঁ। এতিয়া শুই যোৱা।
তোমাক খুব ক্লান্ত যেন লাগিছে”।
“ক্লান্ত? মই নে তুমি? মোৰ ওচৰত আহিলেই তুমি ক্লান্ত হোৱাৰ অভিনয় কৰা। তুমি অনুভৱ নকৰানে ময়ো এজনী
তেজ মঙহৰ মানুহ। মোৰো আবেগ, অনুভূতি আছে। মোৰো শৰীৰৰ কিছুমান দাবী আছে”। ক্লাৰাৰ মাত ডাঙৰকৈ ওলাল।
“নিচিঞৰিবা ক্লাৰা। আমাৰ কাজিয়া
লাগিছে বুলি মানুহ দৌৰি আহিব। ইয়াত সকলো কিমান নিজান তুমি গম পাইছাই। ক’তো হাই উৰুমি নাই। আমাৰ চিঞৰি কোৱা কথা বহুত দুৰলৈ
মানুহৰ কাণত পৰিব”।
“অ’ মই এতিয়া কথা কওঁতেও তোমাৰ নিয়ম মানি চলিব লাগিব নেকি? মোৰ লগত শুবলৈ তোমাৰ এই কাৰণেই ভয় হয় নেকি যে
যৌনকাৰ্যৰ সময়ত মোৰ তপত উশাহ নিশাহ আৰু তৃপ্তিৰ আৰ্তনাদৰ শব্দ সকলোৱে শুনিব। মই
তোমাৰ সকলো নিয়ম মানি চলিছোঁৱেই। এতিয়া কথা কোৱাটো বন্ধ কৰিবলৈহে বাকী আছেগৈ”। তাইৰ মাতত কান্দোন মিহলি হৈ
ওলাই আহিল।
“তোমাৰ টোপনি ধৰা নাই যদি তুমি
ছুটিঙৰ স্ক্ৰিপ্ত খন চোৱা। কালি বহি এডিটিং কৰিবলৈ আছে। স্ক্ৰিপ্ত খন মনত সোমাই
থাকিলে এডিটিঙত সহায় হ’ব”। কেভিনে নিৰুদ্দেগ ভাবে ক’লে।
“কিয় কেভিন? কিয় তুমি মোক সদায় আঘাট দি ভাল পোৱা? তুমি এই কথাটোও বুজি নোপোৱা নেকি যে এই সময়ত মোৰ
স্ক্ৰিপ্ত পঢ়াৰ মানসিকতা নাই। মই তোমাক পোনপেটীয়াকৈ ক’ব লাগিব নেকি এই সময়ত মই তোমাৰ পৰা কি বিচাৰিছোঁ”? ক্লাৰা উত্তেজিত হৈ উঠিল।
“তুমি যদি এনেদৰে চিঞৰি থাকা, মই কোঠাটোৰ পৰা ওলাই যাম। মোৰ টোপনি ধৰিছে ক্লাৰা।
মোক শুবলৈ দিয়া। তুমিও শুই যোৱা”। এই বুলি কেভিনে গাৰুটোত বাগৰি দিলে।
ক্লাৰাই হুক হুকাই কান্দি পেলালে। “তুমি বৰ নিষ্ঠুৰ কেভিন, বৰ নিষ্ঠুৰ। মই তোমাক ঘিণ কৰোঁ, খুব ঘিণ কৰোঁ। মোক তুমি কেতিয়াও নামাতিবা”। এই বুলি তাই কেভিনলৈ পিঠি দি
শুই গ’ল।
পিছদিনা ৰাতিপুৱা ক্লাৰাৰ বাহিৰে আটায়ে সোনকালে উঠিল।
কেভিন ৰাতিপুৱাই খোজ কাঢ়িবলৈ ওলাই যোৱাৰ পিছত অনুপমা কোঠাটোলৈ আহি দেখিলে ক্লাৰাই
গায়ে মুৰে কম্বল লৈ শুই আছে।
“ক্লাৰা, উঠা। আমি সোনকালেই ওলাই যাম”।
ক্লাৰাৰ সাৰ সুৰ নাই। অনুপমাই তাইৰ গাত হেচুকি জগাবলৈ
চেষ্টা কৰিলে। এইবাৰ ক্লাৰাই তন্দ্ৰাগ্ৰস্থ অৱস্থাত মাত দিলে, “মোৰ সোনকালে উভতি যাবলৈ মন গৈছে পমা। মোৰ টিকটটো
আগুৱাই ল’ব পৰা যাবনে? মই চব বাদ দি মোৰ গাৱঁলৈ উভতি যাম”।
“ধেৎ, কি কথাবোৰ কৈছা। আজি তোমাৰ প্ৰশান্তৰ লগত এডিটিঙৰ কাম
আছে। ইমান কষ্ট কৰিছা, এইখিনি শেষ কৰি লোৱা। আমি সকলোৱে একেলগে উভতি যাম”।
এইবাৰ ক্লাৰা বিচনাত উঠি বহিল। “প্ৰশান্ত আছে কাৰণেই মোৰ ডকুমেণ্টৰী খনৰ কিবা এটা গতি
লাগিব। সি নহ’লে মই নিগমে মৰিলোঁহেতেন”। এইবাৰ তাইৰ মুখ খন উজ্বলি উঠিল।
“এতিয়া উঠা। মই আইতাক তৈয়াৰ
কৰিবলৈ আছে”। এইবুলি অনুপমা ওলাই গ’ল। ক্লাৰা বাথৰুমত সোমাল।
অলপ সময়ৰ পিছতে ঘৰখনত যাত্ৰাৰ প্ৰস্তুতিৰ এটা সৰু
সুৰা খদমদম আৰম্ভ হ’ল। ৰুবীয়ে আইতাকৰ কাপোৰ কানি সামৰি
দৰকাৰী বস্তু বোৰ বেগ এটাত ভৰাই দিলে। কেভিনে তাৰ পিঠিত লোৱা সৰু বেগটোতে দুজোৰ
কাপোৰ ভৰাই ল’লে। অনুপমা আৰু ক্লাৰাৰ কাপোৰ
অনুপমাৰ বেগটোত সোমাল। হৰিকায়ে ৰাতিপুৱাতে সকলোৰে কাৰনে জলপান তৈয়াৰ কৰিলে। বাটত
খাবলৈও সি আপেল কেইটামান বান্ধি দিলে।
ওলাই যোৱাৰ আগতে দেউতাকে অনুপমাক নিজৰ কোঠালৈ মাতিলে।
তেওঁ তাইক বহুৱাই লৈ ক’লে, “মাজনী, তোক মোৰ এটা কথা ক’বলৈ আছে। এইবোৰ কথা আচলতে তোক মাৰই হে ক’ব লাগিছিল। মাৰ নাই যেতিয়া ময়ে ক’ব লাগিব”।
এই বুলি তেওঁ অলপ ৰ’ল। অনুপমাই উত্কণ্ঠাৰে দেউতাকৰ মুখলৈ চাই ৰ’ল। দেউতাকৰ ছিৰিয়াছ মুখখন দেখি তাই অলপ সন্ত্ৰস্ত হ’ল।
“তই এতিয়া পঢ়া শুনা কৰি উপযুক্ত
হৈছ। পিছে তোৰ প্ৰতি মোৰ এটা ডাঙৰ কৰ্তব্য আছে। তোৰ বিয়া খন মই পাতিব লাগিব”। এটা এটাকৈ দেউতাকে ক’লে।
অনুপমাই লগে লগে কৈ উঠিল, “মোৰ বিয়াৰ কথা তুমি চিন্তা কৰিব লগীয়া হোৱা নাই
দেউতা। এতিয়াও তাৰ কাৰণে সময় আছে। মই পঢ়া শুনা শেষ কৰি লওঁ ৰ’বা। মোৰতো আগলৈ গৱেষণা কৰাৰো পৰিকল্পনা আছে”।
বৰুৱাই ক’লে, “সেইবোৰ হৈ থাকিব মাজনী। কিন্তু
মই তোক এটা বিশেষ কথা হে ক’ব বিচাৰিছোঁ”।
“বিশেষ কথা”? অনুপমাৰ বুকুত যেন এটা মৃদু কঁপনি উঠিল। তাই দেউতাকৰ
মুখলৈ চাই ৰ’ল।
“প্ৰশান্তক তই তো সৰুৰে পৰা জান।
দত্ত হতঁৰ ঘৰখনৰ লগতো আমাৰ আগৰে পৰা ভাল। মাৰ জীয়াই থাকোঁতেতো আমি দুলীয়াজানলৈ
মাজে মাজে গৈয়েই আছিলোঁ। তহঁত আটাইবোৰ তেওঁলোকৰ ঘৰলৈ যোৱাৰ পিছত তোক হেনো তেওঁলোকে
বৰ পচন্দ কৰিছে। প্ৰবীৰে প্ৰশান্তৰ কাৰণে তোৰ কথা মোক কৈছে। ময়ো ভাবো প্ৰশান্ত এজন
ভাল স্বভাৱৰ, তোৰ কাৰনে উপযুক্ত ল’ৰা”।
অনুপমাৰ বুকুৰ মাজেদি এসোঁতা বিজুলী পাৰ হৈ গ’ল। তাইৰ এনে লাগিল, দেউতাকৰ মুখত তাই শুনিব নলগীয়া কথা এটা শুনিলে।
দেউতাক যেন হঠাতে এজন বৰ আচহুৱা মানুহ হৈ পৰিল।
অনুপমাই একে ঠিৰে দেউতাকলৈ কিছু সময় চাই থাকিল। তাই
এটা এটাকৈ ক’লে, “দেউতা, প্ৰশান্ত ভাল ল’ৰা বুলি মই জানো। কিন্তু মই তুমি কোৱা ধৰনে কথাটো কেতিয়াও ভবাই নাই”।
দেউতাকে ক’লে, “সিদিনা প্ৰশান্ত আহোঁতে তোৰ
কাৰনে উপহাৰ লৈ আহিছিল। তাকো মাক দেউতাকে হয়তো কথাটো জনাইছে। তই কথাটো এবাৰ ভাবি
চাবি মাজনী। তই যদি এতিয়াও নিজে একো পচন্দ কৰি থোৱা নাই, তই মোৰ কথাটো বিবেচনা কৰি চালে মই সুখী হ’ম”।
দেউতাকৰ কোঠাৰ পৰা ওলাই অহা অনুপমা জনী যেন বহুত সলনি
হৈ গ’ল। চোতালত দেও দি দি ঘুৰি ফুৰা
চৰাইজনীৰ ডেউকা দুখন যেন কোনোবাই কাটি দিলে।
দুলীয়াজানলৈ যোৱা বাটচোৱা অনুপমা প্ৰায় নিৰৱে থাকিল।
আনহাতে ক্লাৰাই মাজে মাজে কথা কৈ গৈ থাকিল। জোৰাজান হাবিৰ মাজেৰে যাওঁতে আগতে
হাতীৰ সমুখীন হোৱা ঠাইখিনি তাই অনুমান কৰিবলৈ চেষ্টা কৰিলে।
“পমা, আমি এইখিনি ঠাইতে হাতীৰ মুখা মুখি হৈছিলোঁ যেন
লাগিছে। সেইজোপা গছ মোৰ দেখা মনত আছে। মই চাবা এদিন নহয় এদিন ডাঙৰ চিত্ৰ নিৰ্মাতা
হ’ম। মোক কোনেও সহায় কৰাৰ দৰকাৰ
নাই। তেতিয়া মই হাতী আৰু মানুহৰ
সংঘাতক লৈ এখন খুব ধুনীয়া ডকুমেণ্টৰী নিৰ্মান কৰিম”। তাই যেন কেভিনক উদ্দেশ্য কৰি ক’ব বিচাৰিলে, তুমি সহায় নকৰিলেও মই এদিন ডাঙৰ চিত্ৰ নিৰ্মাতা হ’মেই।
“এই হাতীবোৰ যে মুকলিলৈ ওলাই আহে, ৰাস্তাত থিয় হৈ থাকে, ইয়াত হাতীৰ দোষ নাই, দোষ মানুহৰ হে। মানুহে গছ গছনি কাটি হাতীৰ প্ৰাকৃতিক বাসস্থান আৰু খাদ্য ধ্বংস নকৰা হ’লে হাতীয়ে কেতিয়াও মানুহৰ মাজলৈ নাহে। তুমি এটা খুব
ধুনীয়া বিষয়ৰ কথা ভাবিছা ক্লাৰা”, কেভিনে মাত লগালে।
“এইবোৰ কথা ময়ো জানো। মই এতিয়া
কাৰো ওপৰত নিৰ্ভৰশীল নহওঁ”। কেভিনৰ প্ৰতি তাইৰ খং টো মাৰ যোৱা নাই।
এইবাৰ তাই আইতাকক ছুটিঙৰ সময়ৰ অভিজ্ঞতাৰ কথাবোৰো ক’বলৈ ধৰিলে।
“আইতা, হাতীৰ পিঠিত উঠি কেমেৰা লৈ ছুটিং কৰাটো কিমান
ৰোমাঞ্চকৰ মই আপোনাক কেনেকৈ বুজাম। হাতীটোৱে ইমান লৰচৰ কৰে যে মই পৰি মৰি যাম
বুলিয়েই ভাবিছিলোঁ। সেইদিনা প্ৰশান্ত লগত নথকা হ’লে আপুনি মোক জীয়াই থকা নেদেখিলেহেতেন”।
আইতাকে মুৰ দুপিয়ালে। “জানেনে আইতা, প্ৰশান্ত ল’ৰাটো বিৰাট ব্ৰিলিয়েণ্ট। মোৰ মতে সি এটা জিনিয়াছ। ছাঁ আৰু পোহৰৰ ওপৰত তাৰ দৰে
জ্ঞান থকা মানুহ মই দ্বিতীয় দেখা নাই। আপুনি তাৰ ফটোগ্ৰাফিৰ আইডিয়া দেখিব লাগিছিল।
মইতো দেখি পাগল হৈ গৈছোঁ। তাৰ দৰে মানুহ লণ্ডনত থাকিব লাগিছিল, একেকোবে মিলিয়নিয়াৰ হৈ গ’লহেঁতেন”। প্ৰশান্তৰ প্ৰশংসাৰে তাই কেভিনক আঘাট কৰিব বিচাৰিলে।
কিন্তু কেভিনে নিৰ্বিকাৰ হৈ খিৰীকিৰে বাহিৰলৈ চাই চাই গৈ থাকিল।
“পমা, তোমালোকে য’লৈকে যোৱা যাবা। মই কিন্তু অকল এডিটিঙৰ কামৰ কাৰণে আহিছোঁ। এইখিনি কামৰ কাৰণে মোক আৰু প্ৰশান্তক অকলে এৰি দিবা
প্লিজ”। এইবাৰ তাই অনুপমালৈ চালে।
অনুপমাই একো নোকোৱা দেখি তাই সুধিলে, “আজি তোমাৰ গা বেয়া নেকি পমা? ইমান মনে মনে আছা যে?” কেভিনেও অনুপমালৈ ঘুৰি চালে।
তাই মিচিকিয়াই হাঁহি ক’লে, “নহয়, এনেয়ে কথা পাতিবলৈ মন যোৱা নাই”।
তাইৰ সঁচাকৈয়ে কথা ক’বলৈ মন যোৱা নাছিল। মনটো যেন হঠাতে ভাৰাক্ৰান্ত হৈ
পৰিছিল। বহুত ধৰণৰ চিন্তাই তাইৰ মনত ভিৰ কৰিছিল। তাইৰ বাৰে বাৰে মাকৰ কথা মনত
পৰিছিল। মাক থাকিলে হয়তো কথাবোৰ মাকৰ লগতে খোলা খুলিকৈ আলোচনা কৰিব পাৰিলেহেঁতেন।
দেউতাকে তাইৰ বিয়াৰ কথা চিন্তা কৰাটো স্বাভাৱিক কথা। প্ৰশান্তৰ পৰিয়ালে দেউতাকলৈ
তাইৰ কাৰনে বিয়াৰ প্ৰস্তাৱ দিয়াটোও স্বাভাৱিক কথা। জনা শুনা পৰিয়াল এটালৈ তাইক
উলিয়াই দিবলৈ দেউতাকে সন্তোষ পাবই। কিন্তু কথাবোৰ ইমান সহজ জানো? দেউতাকৰ কথামতে এবাৰো একো নভবাকৈ প্ৰশান্তৰ লগত যুগ্ম জীৱন আৰম্ভ কৰিবলৈ তাই
সাজু নে? তাই নিজকে নিজে প্ৰশ্ন কৰিলে, তাইৰ অৱচেতন মনত যি ধৰনৰ জীৱন সংগী এজনৰ ছবি তাই বহন
কৰি আহিছে, প্ৰশান্তক তাই তাত খাপ খুৱাব
পাৰিবনে?
তাই নিজৰ চৌবিশ বছৰীয়া জীৱনটোত কেইবা জনৰো পৰাপ্ৰেম - ভাল পোৱাৰ প্ৰস্তাৱ, বিয়াৰ প্ৰস্তাৱ পাইছে। তেনে প্ৰস্তাৱত তাই কেতিয়াও
সঁহাৰি দিয়া নাই। স্কুলত পঢ়ি থকা সময়তে তাইৰ
তাইতকৈ দুবছৰ ওপৰ শ্ৰেণীত পঢ়া এজন ল’ৰাক ভাল লাগিছিল। কিন্তু সেই অনুভূতি কেতিয়াও প্ৰকাশ কৰা নহ’ল। সেই ল’ৰা জন এতিয়া ক’ত আছে, কি কৰিছে সেইবোৰ খবৰো তাই ৰখা
নাই। মাকৰ মৃত্যুৰ পিছত তাই এনেবোৰ চিন্তা জোৰ কৰিয়েই সমুলি বাদ দিলে। মাকৰ অবিহনে
ঘৰখনৰ বহুতো দ্বায়িত্ব তায়েই ল’ব লগীয়া হ’ল। তাইক আন মানুহে বয়সতকৈ বেছি
পৰিপক্ক বুলিয়েই জানে। সমাজত ভাল ছোৱালী বুলি তাইৰ এটা সুনাম আছে।
এইবোৰ কথা পাতিবলৈ মনৰ লগত মিল থকা মানুহ লাগে।
কিন্তু কোন আছে তাইৰ, কাৰ লগত তাই অন্তৰৰ গভীৰতাত থকা কথাবোৰ মুকলিমুৰীয়াকৈ পাতিব পাৰিব? ক্লাৰাই ক’ব পৰা নাযায়, তাইৰ কাৰণে নিজৰ জীৱনটোৱেই এটা
ডাঙৰ সাঁথৰ। কেভিনক ক’ব পৰা যায়। সি মন দি তাইৰ কথাবোৰ শুনিব। কিন্তু সি জানো তাইৰ মনটো বুজিব পাৰিব? তাৰ হাতত জানো কিবা সমাধান থাকিব?
প্ৰশান্তৰ লগত কথা পাতি থোৱা মতে দুলীয়াজানত গাড়ীখন
প্ৰথমতে প্ৰশান্ত হঁতৰ নিগাজী ঘৰলৈ গ’ল। প্ৰশান্তৰ মাক দেউতাকে আটাইকে আদৰ সাদৰ কৰি সম্ভাষণ জনালে। আইতাকক দুয়ো প্ৰনাম
কৰিলে। তেওঁক আথে বেথে আনি ড্ৰয়িং ৰুমত আৰামী চকী এখনত বহুৱালে।
“আপোনাৰ আহোঁতে একো অসুবিধা হোৱা
নাই তো? ৰাষ্টাটো বৰ ভাল নহয়”, প্ৰশান্তৰ দেউতাকে ওচৰতে বহি লৈ সুধিলে।
“নাই নাই। মই ভালেই আছোঁ। একো
অসুবিধা হোৱা নাই”। আইতাকে হাঁহি মাৰি ক’লে।
“আপোনাক লগ পাই খুব ভাল লাগিছে।
আপুনি আমাৰ মাত কথাও বুজি পায় বুলি জানি আচৰিত লাগিছে”। প্ৰশান্তৰ মাকে অসমীয়াতে কোৱা কথা
কেইটা শুনি আইতাকে মুৰ দুপিয়াই জনালে যে তেওঁ কথা খিনি বুজি পাইছে।
আইতাকৰ কাৰনে তেওঁলোকে এটা কোঠা বিশেষ ভাৱে সাজু কৰি
ৰাখিছিল। বাগানৰ মিনি এজনীক আইতাকৰ চোৱা চিতা কৰিবলৈ দিনটোৰ কাৰনে ঠিক কৰি থৈছিল।
আন এটা কোঠা অনুপমা আৰু ক্লাৰাৰ কাৰণে সাজু কৰি থৈছিল। কেভিন প্ৰশান্তৰ লগতে তাৰ
কোৱাৰ্টাৰত থকাৰ ব্যৱস্থা হৈছিল।
প্ৰশান্তই অফিচৰ পৰা মাকলৈ ফোন কৰি আটাইৰে খবৰ ল’লে। সি মাকক ক’লে যে দহ বজাত সি অফিচৰ গাড়ী এখনত আহি পাব। কেভিন, ক্লাৰা আৰু অনুপমাক ড্ৰিলিং খাদ দেখুৱাবলৈ লৈ যাব।
আইতাকৰ বয়সৰ মানুহৰ কাৰনে তালৈ যোৱাটো সম্ভৱ নহয়। তেওঁলোকক ড্ৰিলিং হৈ থকা খাদ
এটালৈ লৈ যাবলৈ আৱশ্যক হোৱা অনুমতি আৰু সুৰক্ষা সাধন হেলমেট, সুৰক্ষা জোতা (Safety shoe) আদি সি সাজু কৰি থৈছে।
অনুপমাই তাই নথকা সময় খিনিত আইতাকৰ লব লগীয়া যতন
সমুহৰ বিষয়ে প্ৰশান্তৰ মাক আৰু লক্ষ্মী নামৰ মিনি জনীক বুজাই দিলে। প্ৰশান্তৰ মাকে
তাইক চিন্তা কৰিবলৈ মানা কৰিলে। বাটত খাবলৈ প্ৰশান্তৰ মাকে আটাইকেইজনৰ কাৰনে ৰুটি
ভাজি এটা টিফিনত ভৰাই অনুপমাৰ হাতত দিলে। তেওঁ জানে যে খাদলৈ ওলাই গ’লে কেতিয়া ঘুৰি আহি পায় ঠিকনা নাই। দুপৰীয়াৰ ভাত খোৱা
সময়ত তেওঁলোক আহি নাপাবও পাৰে।
ঠিক দহ বজাৰ লগে লগে প্ৰশান্ত অফিচৰ টাটা ছুমো এখনত
আহি উপস্থিত হ’ল।
ক্লাৰাই তাক দেখি হাঁহি মাৰি উত্সাহেৰে ক’লে, “মই আজি দ্বিতীয় পৰ্যায়ৰ ছুটিঙৰ বাবে সাজু হৈ আহিছোঁ। আজি মই তোমাৰ কৰ্মস্থলীৰ
ছুটিং কৰিম”।
প্ৰশান্তই ক’লে, “মই দু:খিত ক্লাৰা। ড্ৰিলিং চলি থকা
খাদত কোনো ধৰনৰ ফটো বা ভিডিঅ’ লোৱা নিষেধ। আজি আমি চকুৰে চাবহে পাৰিম”। ক্লাৰাৰ মনটো অলপ সেমেকি গ’ল।
প্ৰশান্তই তেওঁলোকক কঠালনী অঞ্চলত ড্ৰিলিং চলি থকা
খাদ এটালৈ লৈ গ’ল। খাদটোলৈ গৈ থাকোঁতে দুৰৰ
পৰাই সু উচ্চ ৰিগটো চকুত পৰিছিল। ঔদ্যোগিক সুৰক্ষা বাহিনীৰ নিয়ন্ত্ৰণত থকা খাদটোত
সোমাবলৈ অনুমতি পত্ৰ সমুহ দেখুওৱাৰ লগতে তালৈ যোৱাৰ কাৰন সম্পৰ্কে কেইটামান
প্ৰশ্নৰ উত্তৰ দিব লগীয়া হ’ল। বেষ্টনীৰ মাজত সোমোৱাৰ পিছত কেভিনে লোহাৰে নিৰ্মিত প্ৰকাণ্ড ৰিগটোলৈ চাই ৰ’ল। ৰিগত সেই সময়ত ড্ৰিলিং চলি আছিল। পাইপ বোৰ এডাল
এডালকৈ জোৰা লগাই তললৈ সুমুৱাই দিয়া হৈছিল। অনবৰতে ৰিগৰ ইঞ্জিনৰ ঘৰ ঘৰ শব্দ এটা চলি আছিল। পাইপ বোৰ জোৰা লগাই টান কৰা
সময়ত একোটা বিকট শব্দ ওলাইছিল।
ড্ৰিলাৰক আগতীয়াকৈ তেওঁলোক যোৱাৰ কথা জনাই থোৱা আছিল।
সেয়ে ড্ৰিলাৰৰ কাৰনে থকা আছুতীয়া কেবিনত তেওঁলোকৰ বহাৰ ব্যৱস্থা কৰা হৈছিল।
ড্ৰিলাৰ জন আছিল প্ৰশান্তৰ বন্ধু অমিত। প্ৰশান্ত হঁতক অহা দেখি হেড মেনক কৈ অমিত
এটা ঠেক লোহাৰ চিৰিৰে ওপৰৰ পৰা নামি আহিল। অমিতে ড্ৰিলাৰৰ কেবিনত চাহৰ ব্যৱস্থা
কৰিছিল। ল’ৰা এজনে আহি চাহ আৰু বিস্কুট দি
গ’লহি। প্ৰশান্তই অমিতক আটাইৰে
লগত চিনাকী কৰি দিলে। অমিতে আটাইৰে লগত কৰমৰ্দন কৰিলে।
প্ৰশান্তই অমিতক ক’লে, “মোৰ এই বন্ধু কেইজনক তই অলপ ড্ৰিলিঙৰ কথা বুজাই দে। তেওঁলোকে প্ৰথম বাৰৰ কাৰনে
ড্ৰিলিং খাদ চাবলৈ আহিছে”।
অমিতে ক’লে, “মই বেছি সময় বহিব নোৱাৰিম, ড্ৰিলিং চলি আছে। আমি টাৰ্গেটৰ ওচৰ পাওঁ পাওঁ হৈছোঁ।
তয়ে প্ৰাথমিক কথা খিনি কৈ দে। মই পিছত লাগিলে ভালকৈ দেখুৱাই দিম”।
অমিতে সৌজন্যমূলক দুই এটা কথা পাতি ঠেক লোহাৰ চিৰি
বগাই আকৌ ওপৰত উঠি তাত থকা এটা বাংকত সোমাল।
প্ৰশান্তই ওপৰলৈ আঙুলিয়াই ক’লে, “ড্ৰিলিং কৰিবলৈ এনে ধৰণৰ এখন ওখ প্লেটফৰ্ম লাগে। সেই ওখ প্লেটফৰ্ম খনৰ এটা নাম
আছে। সেইখনক ডেৰিক ফ্ল’ৰ বুলি কোৱা হয়। আৰু সেই যে দেখিছা বাংকটো, য’ৰ পৰা ড্ৰিলাৰ জনে ড্ৰিলিং কাৰ্য্য পৰিচালনা কৰে, সেইটোক কোৱা হয় ডগ হাউছ। ওপৰলৈ উঠাৰ অনুমতি পালে
তোমালোকে ভালদৰে চাব পাৰিবা”।
ক্লাৰাই ক’লে, “মোক এটা কথা কোৱা চোন। এই
ঠাইখিনিত যে তেল আছে সেইটো কেনেকৈ গম পালে। এই ঠাইত নাথাকি অন্য ঠাইতো তো তেল
থাকিব পাৰে”।
প্ৰশান্তই ক’লে, “আচলতে কি জানা, কিছুমান ছাৰ্ভে-ডাটাৰ ওপৰত নিৰ্ভৰ কৰি কোনো এখন ঠাইত ড্ৰিলিঙৰ সিদ্ধান্ত লোৱা হয়। পিছে খান্দি
নোচোৱালৈ তেল সঁচাকৈ আছে নে নাই কোনেও ক’ব নোৱাৰে”।
কেভিনে ক’লে, “কথাটো মোক অলপ ভালদৰে বুজাই
দিয়াচোন”।
প্ৰশান্তই কৈ গ’ল, “তোমালোকেতো জানাই, লাখ লাখ বছৰ আগতে জীৱ জন্তু, গছ গছনি আদি মাটিৰ তলত পোত খাই ভূগৰ্ভৰ আখলত এক দীঘলীয়া জৈৱিক প্ৰক্ৰিয়াৰ
মাজেৰে খনিজ তেলৰ সৃষ্টি হৈছে। পিছে এই খনিজ তেল ব্যৱসায়িক ভিত্তিত উদ্ঘাটন কৰিবলৈ
হ’লে এই খনিজ তেল জমা হ’ব পৰা কিছুমান বিশেষ আকাৰৰ শিলাস্তৰৰ প্ৰয়োজন। এইবোৰক
কেপ ৰক বুলি কোৱা হয়। এই শিলাস্তৰ বোৰৰ আকাৰ টুপীটোৰ দৰে। তদুপৰি ভুমিকম্প, ভূ গৰ্ভৰ প্লেট বোৰৰ লৰ চৰ আদিৰ কাৰনে কিছুমান ঠাইত
বিচ্যুতিৰ সৃষ্টি হয়। এই বিচ্যুতিবোৰতো তেল জমা হয়। সেই কাৰনে বিভিন্ন ছাৰ্ভেৰ
সহায়ত খনন কৰাৰ আগতেই কোনো এখন ঠাইৰ ভূ গৰ্ভৰ এনে ধৰনৰ আকাৰৰ শিলাস্তৰৰ সন্ধান কৰা
হয়”।
ক্লাৰাই সুধিলে, “এয়া কেনেকুৱা ধৰনৰ ছাৰ্ভে বাৰু? ভূ গৰ্ভৰ শিলাস্তৰত আকাৰৰ কথা গম পাই যায়”।
প্ৰশান্তই ক’লে, “মূলত: দুই ধৰনৰ ছাৰ্ভে কৰা হয়, এয়ৰোমেগনেটিক ছাৰ্ভে আৰু জিঅ’ফিজিকেল ছাৰ্ভে। এয়ৰোমেগনেটিক ছাৰ্ভেত যিকোনো এটা
অঞ্চলৰ ওপৰেৰে হেলিকপ্টাৰেৰে গৈ সেই অঞ্চলটোত পৃথিৱীৰ ভূ চৌম্বকীয় গুণ পৰীক্ষা কৰা
হয়। যি বোৰ ঠাইত খনিজ তেল জমা হ’ব পৰা আকাৰৰ শিলাস্তৰ থাকে সেই বোৰ ঠাইত ভূ চৌম্বকীয় গুণৰ বিচ্যুটি ঘটে। এনে
ছাৰ্ভেৰ জৰিয়তে কোনো অঞ্চলৰ এনে বিচ্যুটি পৰিলক্ষিত হোৱা স্থান সমুহ মেপ এখনত চিন
দি ৰখা হয়। পিছলৈ জিঅ’ফিজিকেল ছাৰ্ভেৰ সহায়ত সেই বোৰ ঠাইত শিলাস্তৰৰ বিশিষ্ট আকাৰৰ অৱস্থিতি নিশ্চিত
কৰা হয়। তাৰ পিছতহে ঠাইখনত ড্ৰিলিং কৰা হয়”।
অনুপমাই মাত লগালে, “জিঅ’ফিজিকেল ছাৰ্ভে মানে ছাইছমিক ছাৰ্ভেৰ কথা কৈছা নেকি? সেই যে মানুহবোৰে ৰঙা ৰঙা তাঁৰ কিছুমান টানি হাবিয়ে
জংগলে বোমা ফুটায়”।
প্ৰশান্তই হাঁহি মাৰি ক’লে, “হয়, মই সেই বোমা ফুটোৱা ছাৰ্ভেটোৰ
কথাই কৈছোঁ। সেই বোমা ফুটোৱাৰ জৰিয়তে শব্দ তৰংগ ভূ গৰ্ভলৈ প্ৰেৰন কৰা হয়। ভূ গৰ্ভৰ
শিলাস্তৰ সমুহত খুন্দা খাই সেই শব্দ তৰংগ বোৰ ভূ পৃষ্ঠলৈ উভতি আহে। সেই উভতি অহা
শব্দ তৰংগ সমুহৰ আকৃতি আৰু উভতি অহা সময় বিশ্লেষণ কৰি ভূ গৰ্ভৰ শিলাস্তৰ সমুহৰ
আকাৰৰ বিষয়ে সবিশেষ জানিব পাৰি। ভিন ভিন দূৰত্বত কেইবালানিও বোমা ফুটাই বিভিন্ন
দূৰত্বত উভতি অহা শব্দ তৰংগ সমুহৰ বিশ্লেষণ কৰি ভূ গৰ্ভৰ শিলাস্তৰ সমুহৰ এখন ছবি
প্ৰস্তুত কৰা হয়। সেই ছবিখনৰ পৰা শিলাস্তৰৰ আকাৰ মন:পূত হ’লেহে ড্ৰিলিং কৰিবলৈ যো জা কৰা হয়”।
কেভিনে ক’লে, “এই চিনাক্ত কৰা ঠাইবোৰলৈ যদি
যাব পৰা নহয়, মানে ধৰা ঠাইবোৰ যদি নদী, পাহাৰ, ঘন অৰণ্য বা চহৰৰ মাজত হয়, তেনেহ’লে কি কৰা হয়”?
প্ৰশান্তই ক’লে, “আজিকালি ড্ৰিলিং যে অকল চিধা কৈ কৰা হয় তেনেও নহয়। কোনো এখন ঠাইৰ পৰা বেঁকাকৈ
খান্দি বিভিন্ন দিশে বিভিন্ন দূৰত্বত থকা শিলাস্তৰ সমুহ পাবগৈ পাৰি”। প্ৰশান্তই ড্ৰিলাৰৰ কেবিনত থকা
ছবি কিছুমান দেখুৱাই বুজাই দিলে কেনেদৰে ডেভিয়েটেড ড্ৰিলিং বা বক্ৰ পথেৰে খনন কৰা
হয়।
তেওঁলোকে কথা পাতি থাকোঁতে অমিত আহি যোগ দিলেহি। সি ক’লে, “ৱেলটো চাৰ্কুলচনত দি আহিছোঁ। এতিয়া মই অলপ ফ্ৰি”।
কেভিনে কথাটো বুজি নাপাই সুধিলে, “চাৰ্কুলেচন মানে কি”?
অমিতে বুজাই দি ক’লে, “ড্ৰিলিং কৰাৰ সময়ত খনন কৰা মাটিবোৰ তলৰ পৰা ওপৰলৈ ঠেলি পঠিওৱা হয়। নহ’লে সেই মাটিবোৰে ভিতৰত ড্ৰিলিং কৰা পাইপেই জাম কৰি
পেলাব। ড্ৰিলিং কৰা পাইপবোৰৰ মাজেদি ঘোলা
মাটিৰ দৰে বৰণৰ ‘মাড’ বুলি কোৱা এবিধ বোকাজাতীয় জুলীয়া পদাৰ্থ পাম্প কৰি
পাইপৰ বাহিৰ ফালেৰে উলিয়াই দিয়া হয়। এই ‘মাড’ৰ সহায়ত তলত খান্দি উলিওৱা মাটি, শিল বোৰ ওপৰলৈ উঠি আহে। ড্ৰিলিং কৰা পাইপ বোৰ ঠাণ্ডা
কৰি ৰাখিবলৈকো মাডে সহায় কৰে কাৰন ড্ৰিলিঙৰ ফলত পাইপ বোৰ যথেষ্ট গৰম হয়। এইদৰে মাড
পাম্প কৰি ভিতৰত জমা হোৱা আৱৰ্জনা বোৰ বাহিৰ কৰি দিয়া কাম টোকে চাৰ্কুলেচন বুলি
কোৱা হয়”।
“দেখিবলৈ একেবাৰে বোকাৰ দৰে
কাৰনে পদাৰ্থ বিধক মাড বোলা হয়। মাডৰ আন এটা মুল কাম হ’ল খননৰ সময়ত ভূ গৰ্ভৰ চাপ দমন কৰি ৰখাটো। মাডৰ চাপ
কমি গ’লে তৰল গেছ, পানী, তেল আপোনা আপুনি নিয়ন্ত্ৰণ হীন হৈ ওলাই আহিব”, প্ৰশান্তই ক’লে।
অমিতে ক’লে, “আমি ডেৰিক ফ্ল’ৰলৈ যাওঁ ব’লা। কথাবোৰ তাৰ পৰা ভালদৰে বুজি পাবা”।
আটায়ে হেলমেট আৰু ছেফটি শ্বু পিন্ধি থকা কাৰনে ঠেক
লোহাৰ চিৰিৰে ডেৰিক ফ্ল’ৰলৈ উঠি যাওঁতে অসুবিধা নহ’ল। ওপৰৰ পৰা চৌপাশৰ চাহ বাগান বোৰৰ দৃশ্য চাই ক্লাৰাই প্ৰশান্তক ক’লে, “কেমেৰাটো কিবা কৰি আনিব নোৱাৰি নে? ড্ৰিলিং ৰিগৰ ফ্ল’ৰৰ পৰা চাহ বাগানৰ এনে মনোমোহা দৃশ্য আৰু মই ক’ত দেখিবলৈ পাম। এইবোৰ দৃশ্য দিব পাৰিলে মোৰ
ডকুমেণ্টৰী খন বহুত ধুনীয়া হ’লহেতেন”।
প্ৰশান্তই ক’লে, “এনে ফটো আমাৰ কোম্পানীৰ অফিচত বিচাৰিলে পোৱা যাব। মই পিছত তোমালৈ ই মেইলত
পঠিয়াই দিম”।
চাৰ্কুলেচন চলি থকা কাৰনে ডেৰিক ফ্ল’ৰত মানুহ বেছি নাছিল। অমিতে ৰিগৰ মুল আহিলা ড্ৰ’ ৱৰ্কচ টো দেখুৱালে। ড্ৰ’ ৱৰ্কচৰ জৰিয়তে এডাল শকত ষ্টিলৰ ৰচীৰ দ্বাৰা লোহাৰে
তৈয়াৰী, পাইপ বোৰ খামোচ মাৰি ধৰিব পৰা
সঁজুলি ‘ট্ৰেভেলিং ব্লক’ ওপৰ তল কৰিব পাৰি। অমিতে ৰিগত শাৰী পাতি সজাই থোৱা
ড্ৰিল পাইপ বোৰ দেখুৱালে। খননৰ নিৰ্দিষ্ট লক্ষ্য পাবলৈ হোৱা কাৰনে বেছি ড্ৰিল পাইপ
বাকী নাছিল। অমিতে ৰিগৰ মাজভাজত থকা এখন সৰু প্লেটফৰ্মলৈ আঙুলিয়াই ক’লে, “সেয়া যে ওপৰত প্লেটফৰ্ম খন দেখিছা, তাত মানুহ ঠিয় হৈ পাইপ বোৰ ইফাল সিফাল কৰে। সেই প্লেটফৰ্ম খনক মাংকি বোৰ্ড
বুলি কোৱা হয়। ইমান উচ্চতাত কাম কৰা মানুহ কেইজনক তলৰ পৰা বান্দৰ যেন দেখি বাবেই
চাগে এই নাম পৰিল”।
ফ্ল’ৰ খনৰ প্ৰায় সোমাজত এখন ঘুৰণীয়া প্লেট পাইপৰ সৈতে নিৰ্দিষ্ট বেগত ঘুৰি আছে।
অমিতে বুজালে যে পাইপ ডালৰ মাজেৰে মাড পাম্প কৰি থকা হৈছে আৰু পাইপ বোৰ ক’তো লাগি নধৰিবৰ কাৰনে পাইপবোৰ ধীৰ গতিত ঘুৰাই থকা
হৈছে। নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে এইটো ব্যৱস্থাৰ জৰিয়তে খনন কৰা দীঘলীয়া গাতটোত জমা
হোৱা আৱৰ্জনা বোৰ চফা কৰা হয়। ওপৰলৈ উঠি অহা শিল, মাটিৰ টুকুৰাবোৰ দেখুৱাবলৈ সি ৰিগটোৰ কাষতে থকা ‘ছেল ছেকাৰ’ টো দেখুৱালে। ছেল ছেকাৰটোত কঁপি থকা লোহাৰ চালনী এখনেৰে শিল, মাটিৰ টুকুৰাবোৰ পৃথক কৰা হয়। পৃথক কৰাৰ পিছত সেই
একেখিনি ‘মাড’কে পুনৰ সঞ্চালন কৰা হয়। মাড তৈয়াৰ কৰিবলৈ অন্য এটা
ব্যৱস্থা আছে। ভূ গৰ্ভৰ চাপ অনুসৰি মাডৰ তৰলতা ভিন ভিন হয়। ভূ গৰ্ভৰ চাপ বৃদ্ধি
পালে মাডৰ ঘনত্ব বৃদ্ধি পায়।
অমিতে ৰিগৰ সকলো কাম নিয়ন্ত্ৰণ কৰিব পৰা পেনেল আৰু
ব্ৰেকডাল দেখুৱালে। কেভিনে অমিতৰ পৰা ৰিগটোৰ পাৱাৰ, ইঞ্জিনৰ ক্ষমতা আদি টেকনিকেল কথা কিছুমান নোট কৰি ল’লে। ক্লাৰাই ক’লে, “এনেকুৱা এটা পৰিৱেশত কাম কৰিবলৈ কি মজা লাগিব। মইতো বন্ধ অফিচৰ চাকৰিতকৈ
এনেকুৱা মুকলি আকাশৰ তলত কৰা চাকৰি বেছি পচণ্ড কৰোঁ”।
অনুপমাই ধেমালি কৰি অমিতক ক’লে, “তোমালোকৰ ইয়াত চাকৰি ওলালে এওঁলৈ খবৰ পঠিয়াবা”।
ড্ৰিলিং ৰিগৰ ডেৰিক ফ্ল’ৰত দুজনী গাভৰু ছোৱালী উঠি ইটো সিটো চাই ফুৰাটো এটা
সচৰাচৰ ঘটা ঘটনা নহয়। সাধাৰনতে ড্ৰিলিঙৰ নিচিনা কষ্টসাধ্য কামত মহিলাক কামত লগোৱা
নহয়। সেয়ে ড্ৰিলিং খাদত মহিলাৰ উপস্থিতি কাচিৎ কেতিয়াবা হে হয়। সেয়ে খাদটোত কাম
কৰি থকা মানুহ বোৰে অন্য কাম এৰি ক্লাৰা আৰু অনুপমাক চিৰিয়াখানাৰ জন্তু চোৱাদি
চাবলৈ ধৰিলে। তেওঁলোকৰ বহুতেই বিদেশী গাভৰু এগৰাকীক এনেদৰে ওচৰৰ পৰা লগ পোৱা নাই। খোলা সোনালী চুলিকোচাৰে ক্লাৰাক দুৰৰ পৰা কোনোবা
ইংৰাজী ছবিৰ নায়িকা যেনেই লাগিছিল।
মানুহবোৰৰ মাজৰে কোনোবা এজনে ক্লাৰাক উদ্দেশ্যি কৰা
অশোভনীয় মন্তব্য এটা প্ৰশান্তৰ কানত পৰিল। সি লগে লগে মানুহজনলৈ চোঁচা মাৰি খেদি
যাবলৈ ওলাল। অমিতে তাক বাধা দিলে। অমিতে ক’লে, “এই মানুহবোৰ লোহা লক্কৰৰ লগত কাম কৰি থকা বাবে মগজবোৰো এনেয়ে গৰম হৈ থাকে।
ইহঁতৰ মাত কথা বোৰো এনেকুৱা হৈ যায়। কাজিয়া কৰিলে কথা বেয়াহে হ’ব। আমি ইয়াৰ পৰা সোনকালে নামি যোৱাই ভাল হ’ব”। প্ৰশান্ত আৰু অমিতৰ মাজত অসমীয়াত হোৱা কথা বতৰা খিনি
কেভিন আৰু ক্লাৰাই বুজি নাপালে।
অনুপমাই অৱস্থাটোৰ গুৰুত্ব অনুধাৱন কৰিব পাৰি কেভিন
আৰু ক্লাৰাক ক’লে, “ব’লা আমি তললৈ যাওঁ। ইয়াত বেছি সময় ৰৈ থকাটো ঠিক নহয়। আমি থাকিলে মানুহবোৰৰ কাম
কৰাত অসুবিধা হ’ব। সোনকালেই আকৌ ড্ৰিলিং আৰম্ভ
হ’ব”।
অমিতে সহযোগ কৰি ক’লে, “আমি তললৈ গৈয়ো কথা পাতিব পাৰিম। ব’লা”।
প্ৰশান্তৰ খং টো কমা নাছিল। তললৈ আহি সি জুম পাতি থকা
মানুহ বোৰৰ ওচৰলৈ গৈ অলপ খঙৰ সুৰত ক’লে, “আপোনালোকে কথা ভালদৰে ক’ব দেই। মানুহৰ প্ৰতি যি মন যায় মন্তব্য নিদিব। এখেত
সকল বিদেশৰ পৰা আমাৰ ইয়ালৈ ড্ৰিলিং চাবলৈ আহিছে। আমাৰ আলহী হয়”।
তাৰ কথাত আগতে মন্তব্য দিয়া জনে জুমটোৰ মাজৰ পৰা বেয়া
শব্দ এটা মাতি ক’লে, “**** চাহাবগিৰি দেখুৱাবলৈ আহিছে। কিনো ভুল কথা ক’লো। ইমানেই যদি কথা গাত লাগে ছেক্সী ছোৱালী লগত লৈ
খাদলৈ আহিব লাগে কিয়। ছেক্সীক আমি ছেক্সী বুলি ক’মেই”।
প্ৰশান্ত অগ্নিশৰ্মা হৈ পৰিল। সি খঙত থৰ থৰকৈ কঁপিবলৈ
ধৰিলে। সি মানুহজনক মাৰিবলৈ খেদি গ’ল। অমিত আৰু দুজনমান মানুহে তাক কোনোমতে ধৰি ৰাখিলে। অনুপমাই খৰখেদাকৈ কেভিন
আৰু ক্লাৰাক ড্ৰিলাৰৰ কেবিনটোৰ ভিতৰত সুমুৱাই দিলে। দুয়ো কিনো হৈছে একো তত ধৰিব
নোৱাৰিলে।
অমিতে বুজাই বঢ়াই মানুহ বোৰক শান্ত কৰিলে। প্ৰশান্তকো
সি ডবিয়ালে, “এনে সৰু সৰু ঘটনাবোৰত ইমান
ৰিয়েক্ট কৰ কিয়? বাদ দে এইবোৰ”।
“সেইবুলি সেই বান্দৰটোৱে তেনেকৈ
ক’ব নেকি? সি মোক চিনি পোৱা নাই চাল্লা”। প্ৰশান্ত গোঁজৰি উঠিল।
“এইবোৰ মানুহৰ লগত কাজিয়া কৰি
একো লাভ নাই। তই এটা কবি, সিহঁতে দহটা ক’ব। ইহঁতৰ লগত কেনেকৈ কাম চলাব লাগে মই জনা হৈ গৈছোঁ”। অমিতে ক’লে।
“তই সিহঁতক অলপ ভাল মাত কথা
শিকাব পৰা নাই কিয়? যাকে তাকে যি মন যায় কোৱাৰ অধিকাৰ সিহঁতে ক’ত পালে”।
“মানুহ বোৰ আচলতে বেয়া নহয়।
কিন্তু নিৰস পৰিৱেশত কাম কৰি কৰি তেওঁলোকো কঠুৱা হৈ গৈছে। মাত কথাবোৰো তেনে হৈ
গৈছে। তই বেছিকৈ ৰিয়েক্ট কৰিলে ঘটনা খুব
বেয়া হৈ যাব পাৰে। তেতিয়া বছৰ পৰা তয়েই গালি খাবি”। অমোতে প্ৰশান্তক ঠাণ্ডা কৰিবলৈ
চেষ্টা কৰিলে।
প্ৰশান্তই একো নামাতিলে। তাৰ মুৰটো কিন্তু কিছু সময়
গৰম হৈয়েই থাকিল।
কেবিনলৈ আহি সি অনুপমাক ক’লে, “অনুপমা, আমি সোনকালে ইয়াৰ পৰা যাওঁ ব’লা। এওঁলোককো কোৱা ওলাবলৈ। ইমান অসভ্য মানুহ মই দেখা
নাই”।
অনুপমাই শান্ত সুৰত ক’লে, “যি হ’ল হ’ল। বেছি হুলস্থুল কৰিলে এওঁলোকৰ আগত আমি লাজেই পাব
লাগিব। তুমি শান্ত হৈ বহি থাকাচোন। তেওঁলোকক একো কোৱাৰ দৰকাৰ নাই। মই কথাটো বেলেগ
ধৰনে কৈছোঁ”।
ক্লাৰাই প্ৰশান্তৰ ওচৰলৈ আহি ক’লে, “তোমাৰ পইচা মানুহ জনে ঘূৰাই দিয়া নাই যদি পুলিচত গোচৰ দিয়া। এনেদৰে মাৰ পিট
কৰিলে কি হ’ব”। প্ৰশান্তই বুজিলে কথাটো অনুপমাই
তাইক বেলেগ ধৰনে বুজাই থৈছে। তাই হয়তো বুজাই থৈছে যে পাবলগীয়া পইচা নোপোৱা কাৰণেহে
তাৰ খং উঠিছে।
ক্লাৰাই পুনৰ ক’লে, “তুমি অলপ সংযত হোৱা প্ৰশান্ত। আমাৰ ভিডিঅ’ এডিটিঙৰ কাম একো আৰম্ভই হোৱা নাই। তুমিতো জানাই
এইখিনি কামৰ কাৰনে মোৰ তোমাৰ ওপৰতে ভৰসা”।
“আমি খুড়ীয়ে ঘৰৰ পৰা দি পঠিওৱা
টিফিনটো খোলাই নাই। তোমালোকৰ ভোক লগা নাইনে? মোৰ হ’লে লাগিছে। টিফিনটোকে আমি সকলোৱে ভগাই খাওঁ আহা”। অনুপমাই ৰুটি ভাজিৰ টিফিনটো
উলিয়ালে। ইতিমধ্যে দুপৰীয়াৰ ভাত খোৱাৰ সময় উকলি গৈছিল। আটাইৰে অলপ চলপ ভোক লাগি
আহিছিল।
ইতিমধ্যে অমিতৰ ছিফ্ট শেষ হৈছিল। তাক সলনি কৰা ইঞ্জিনিয়াৰজন পলমকৈ আহি পোৱা কাৰণে
সি সময়তকৈ অলপ বেছি পৰ ৰব লগীয়া হ’ল। সি যাবলৈ ওলোৱাত অনুপমাই দৌৰাদৌৰিকৈ লগত অনা কাগজৰ
প্লেট এখনত তাক ৰুটি ভাজি অলপ খাবলৈ দিলে। সি খাব বিচৰা নাছিল যদিও অনুপমাৰ আগ্ৰহত
নোখোৱাকৈ নোৱাৰিলে। কেভিন, প্ৰশান্ত আৰু ক্লাৰাৰ কাৰনেও তাই ৰুটি ভাজি প্লেটত সজাই হাতে হাতে দিলে।
অৱশিষ্ট খিনি টিফিন টোতে লৈ তাইও খাবলৈ ল’লে। ৰুটি খোৱাত অভ্যস্ত নহয় বাবে অনুপমাই কেভিন আৰু
ক্লাৰাক ৰুটি কেনেকৈ খাব লাগে অলপ শিকাই দিব লগীয়া হ’ল।
No comments:
Post a Comment