Friday, February 23, 2018

খণ্ড ২৯

বৰুৱাই ন বাজিবলৈ দহ মিনিট মান থাকোতে ডিব্ৰুগড় আহি পাই কনভয় ৰোডত চৌকিডিঙি খেলপথাৰৰ ওচৰতে ৰলহি। আগদিনা অনুপমা হঁতকো সেইখিনিলৈকে আহিবলৈ কৈ থোৱা আছিল। কমৰেড খুড়াৰ ঘৰ চিনি পোৱা মানুহ জন আহি পোৱালৈকো তেওঁ অপেক্ষা কৰি আছিল। চেতিয়া উপাধিৰ এই মানুহ জনৰ বিষয়ে তেওঁ ডিব্ৰুগড়ৰ পৰিচিত মানুহৰ পৰা খবৰ কৰি জানিব পাৰিছিল। এসময়ত এই মানুহজন হেনো কমৰেড খুড়াৰ হাতৰ লাখুটিৰ দৰে আছিল। কমৰেড খুড়া কমিউনিষ্ট হৈ গাঁৱে গাঁৱে ঘুৰি ফুৰা সময়ত এইজন কম বয়সীয়া অনুগামীক লগত লৈ ফুৰিছিল। বৰুৱাই কোনোমতে তেওঁৰ লগত যোগাযোগ কৰি ২৫ ডিছেম্বৰৰ ৰাতিপুৱা চৌকিডিঙি খেল পথাৰৰ ওচৰত লগ পাবলৈ খবৰ এটা পঠিয়াইছিল। মানুহজনৰ লগত যোগাযোগৰ বাবে কোনো ফোন নম্বৰ নথকা কাৰনে পোনপেটীয়াকৈ কথা পাতিব পৰা হোৱা নাছিল।
প্ৰায় নবজাৰ লগে লগে অনুপমা হঁতৰ গাড়ীখন আহি পালে। অনুপমাই নামি আহি দেউতাকৰ ওচৰ পালেহি।
মানুহজন এতিয়াও আহি পোৱাহি নাই। ন বজাতে অহাৰ কথা আছিলৰাস্তাৰ দুয়োপিনে চাই দেউতাকে কলে।
দেউতা, মই ভাবিছোঁ আইতাক এবাৰ চহৰখন দেখুৱাই আনোগৈ। তুমি ইয়াতে আছা যেতিয়া মানুহ জন আহিলে লগ ধৰিব পাৰিবা। আমি বেছি দেৰী নকৰোঁঅনুপমাই কলে।
ঠিক আছে। ইয়াত এনেয়ে ৰৈ থকাতকৈ এবাৰ ঘূৰি আহ। এতিয়া বাট পথত ভীৰো নাই। সোনকালে আহিবি
দেউতাকৰ অনুমতি লৈ অনুপমা আহি গাড়ীত বহিলহি।
লা আইতা। আমি বেৰী হোৱাইট মেডিকেল স্কুললৈ যাওঁঅনুপমাৰ কথাত আইতাকে আচৰিত হোৱাৰ দৰে কিছুপৰ তাইৰ পিনে চাই ৰল। অনুপমাই গাড়ী চালকক বাটৰ নিৰ্দেশ দিলে।
আইতা। বেৰী হোৱাইট মেডিকেল স্কুলৰ বিল্ডিংটোৰ ভগ্নাৱশেষ এতিয়াও আছে। সংৰক্ষণ নকৰাৰ বাবে ঘৰটো ভাঙি চিঙি গৈছে। কেৱল অৱশিষ্ট খিনিহে আছে
নদীৰ পাৰেদি যোৱা ৰাষ্ট্ৰীয় ঘাইপথত থকা বেৰী হোৱাইট মেডিকেল স্কুলৰ ভগ্নাৱশেষৰ ওচৰত আহি গাড়ীখন ৰল। অনুপমাই খিৰীকিৰে আইতাকক দেখুৱালে জহি খহি যাবলৈ ধৰা এটা প্ৰাচীন ধুনীয়া ঘৰৰ অৱশিষ্ট অংশ।
ঘৰটো কিছুপৰ ৰলাগি চাই থাকি আইতাকে কলে, “মই চিনিব পাৰিছোঁ। এইটোৱেই আছিল মোৰ দেউতাই কাম কৰা বেৰী হোৱাইট মেডিকেল স্কুলৰ ঘৰটো। এই ঘৰটো এসময়ত চালে চকুৰোৱা ঘৰ আছিল। কিন্তু কেনেকৈ এই ঘৰটোৰ এনে দুখলগা অৱস্থা হ”?
ঘৰটো সংৰক্ষণ কৰিব পৰা নগলনে? হয়তো এটা মিউজিয়াম কৰিব পৰা গলহেঁতেন। এইটো অসমৰ এটা ঐতিহাসিক সম্পদকেভিনে মন্তব্য কৰিলে। সি গাড়ীৰ পৰা নামি ঘৰটোৰ ভিৰতলৈ সোমাই গৈ চাই আহিল।
এই খিনিতে কৰবাত কাঠ আৰু বাঁহেৰে সজা, ওখ খেৰী ঘৰ এটাত আমি আছিলোঁ। সেইবোৰৰ এতিয়া চাগে চিন চাব নোহোৱা হআইতাকে কলে।
আইতা ঘৰবোৰ যদি একে ধৰণে ৰাখিলে হেতেন, তুমি চাগে কিমান ফূৰ্তি পালাহেতেন নহয়নে আইতা”? অনুপমাই আইতাকলৈ চাই কলে।
ইমান বছৰ একো বস্তুৱেই একে নাথাকে আইজনী। মই যে ইয়ালৈ আহিব পাৰিছোঁ, এই ঘৰটো দেখা পাইছোঁ সেয়াই মোৰ বাবে বহুত। ব্ৰহ্মপুত্ৰ নৈ খনৰ ওচৰৰ এইখন ঠাই মোৰ পৃথিৱীৰ সকলোতকৈ আপোন ঠাইআইতাকৰ মাতটো থোকা থুকি হৈ হল।
উভতি যাওঁতে তেওঁলোকে কিছুদুৰ আগবাঢ়ি মাইজান বাগিচা খনৰ ওচৰেৰে চাই গল। অনুপমাই আইতাকক বুজালে, “আইতা, এই চাহবাগিচা খনৰ কোনোবা চুকতে মধুপুৰ আছিল, ওচৰতে ৰঙাজান আছিল। এতিয়া কোনেও চিনি নাপায়। সকলো এই ডিব্ৰুগড় চহৰতে জাহ গবাগিচা খনকে আইতাকে কিছু সময় চাই থাকিল।
ইপিনে অনুপমাৰ দেউতাকে বাৰে বাৰে হাতৰ ঘড়ীটোলৈ চাই চেতিয়ালৈ অপেক্ষা কৰি থাকিল।
আধা ঘণ্টা মান ৰোৱাৰ পিছত কুৰ্তা পাইজামা আৰু এটা হলৌ জেকেট পৰিহিত এজন দঢ়ীয়া মানুহ তেওঁৰ পিনে মটৰ চাইকেলত আগবাঢ়ি অহা দেখি বৰুৱাই উত্সুকতাৰে মানুহ জনলৈ চালে।
নমস্কাৰ, আপুনিয়েই যোগেন বৰুৱা নহয় জানো। মোৰ নাম মোহন চেতিয়া”, মটৰ চাইকেলৰ পৰা নামি মানুহ জনে কলে।
হয়, হয়। মই আপোনাৰ কাৰনেই অপেক্ষা কৰি আছোঁ। মোৰ ছোৱালী আৰু তাইৰ লগৰীয়া দুটা মানো আহিব। আমি একেলগেই যাম”, বৰুৱাই আগ্ৰহেৰে আগবাঢ়ি গৈ কলে।
মানুহ জনে কলে, “গৈ নো কি কৰিব। একো লাভ নাই। তেওঁৰ জৰাজীৰ্ণ ঘৰটোত এতিয়া কোনো নাথাকে
কোনো নাথাকে মানে”? বৰুৱাৰ মাতটো কঁপি উঠিল।
তেওঁ কেতিয়াবাই ঢুকাল
ঢুকাল”? কথাটো শুনি বৰুৱা অলপ থমকি ৰল।
আপোনাৰ ফোন নম্বৰটো জনা হলে মই ফোন কৰি আহিবলৈকে মানা কৰি দিলোঁ হেতেন। ইমান দুৰ আপুনি এনেয়ে কষ্ট কৰি আহিল। 
বৰুৱাই অৱশ্যে এনে এটা খবৰেই পাব বুলি তেওঁ মনে মনে ভাবি আছিল। অনুপমাই মানুহজনক লগ পাবলৈ বৰ আশা কৰি আছিল কাৰণেহে তেওঁ ইমানখিনি আগবাঢ়িছিল। তেওঁ ভাবিলে কমৰেড খুড়া ঢুকাল যদিও তেওঁৰ ঘৰটোকে এবাৰ চাই আহিব পৰা যাব। ইমান দুৰ আহি এনেয়ে ঘূৰি যাবলৈ অনুপমায়ো ভাল নাপাব।
তেওঁ কলে, “নহয় চেতিয়া, আমি এবাৰ ঘৰটো চাবলৈ হলেও যাবই লাগিব। বহুত দূৰৰ পৰা, বিদেশৰ পৰা তেওঁৰ খবৰ লবলৈ মানুহ আহিছে। আপুনি আমাক কেৱল বাট দেখুৱাই লৈ গলেই হ
বিদেশৰ পৰা”? চেতিয়া অবাক হল। যি মানুহজনক মৰাৰ সময়ত মুখত পানী অকণ দিবলৈ কোনো নোলাল, সেইজন মানুহৰ খবৰ লবলৈ বিদেশৰ পৰা মানুহ আহিছে”?
বৰুৱাই একো নোকোৱা দেখি চেতিয়াই কলে, “বহুত দুৰ যাব লাগিব। যাওঁতে মোৰ মটৰ চাইকেলৰ তেলৰ খৰচটো দি যাববৰুৱাই জেপৰ পৰা পঞ্চাশ টকীয়া নোট এখন উলিয়াই তেওঁৰ হাতত দি কলে, “এয়া আগধন দিলোঁৱেই। আপুনি সেই কথা চিন্তাই নকৰিব
এনেতে অনুপমা হঁতৰ গাড়ী খন আহি পালে। বৰুৱাই তেওঁলোকক মাত এষাৰ দি ড্ৰাইভাৰক তেওঁৰ গাড়ীৰ পিছে পিছে আহিবলৈ দিলে। তেওঁ মটৰ চাইকেলত ৰৈ থকা চেতিয়াক কলে, “লক, আপুনি আগবাঢ়ক। আমি পিছে পিছে গৈছোঁ
চেতিয়াৰ মটৰ চাইকেল চৌকিডিঙি খেল পথাৰৰ কাষেদি ঘূৰি মানকটা ৰোডেৰে আগবাঢ়িল। পিছে পিছে দুয়োখন গাড়ী।
গৈ গৈ তেওঁলোকে মুল ডিব্ৰুগড় চহৰ পাৰ হৈ গল। কোনোবা এঠাইত চেতিয়াৰ মটৰ চাইকেল মুল পথৰ বাওঁফালে কেঁচা মাটিৰ ৰাস্তাৰে সোমাই গল। গাড়ী দুখনো পিছ ললে। মাজে মাজে ওখোৰা মোখোৰা ৰাস্তাত গাড়ী দুখনৰ গতি কমাব লগীয়া হল। বৰুৱাই হৰ্ণ মাৰি চেতিয়াক মাজে মাজে অলপ ৰবলৈ সংকেত দি থাকিল। খৰাং কাল কাৰনেহে ইমান বেয়া ৰাস্তাত গাড়ী সোমাব পাৰিছিল। বাৰিষা এনে ৰাস্তাৰে গাড়ী অনা সম্ভৱেই নহয়। পিছৰ গাড়ী খনত অনুপমাই আইতাকক প্ৰায় সাৱটি ধৰি থাকিব লগীয়া হ
কিছুদুৰ যোৱাৰ পিছত এটা জৰাজীৰ্ণ জুপুৰি ঘৰৰ সমুখত চেতিয়াৰ মটৰ চাইকেল খন ৰল। পিছত আহি থকা গাড়ী দুখনো ৰল। বাটৰ ধুলি উৰুৱাই অহা গাড়ী দুখন দেখি গাৱঁৰ সৰু সৰু লৰা ছোৱালীবোৰ আগবাঢ়ি আহি অলপ দূৰত অৱস্থান কৰিলে। এইটো ৰাস্তাৰে সতকাই মটৰ গাড়ী নাহে কাৰনে কোন নো আহিছে জানিবলৈ সকলো উত্সুক হল। ধুলিৰ কাৰনে নাকে মুখে ৰুমালৰ সোপা দি বৰুৱা গাড়ীৰ পৰা নামিল। কেভিনো নামি আহিল। অনুপমাই আইতাকৰ গাত ধৰি গাড়ীৰ গ্লাছ বন্ধ কৰি গাড়ীতে বহি থাকিল। গাড়ীয়ে উৰুৱাই অনা ধুলিখিনি শাম কাটিবলৈ তাই অপেক্ষা কৰিলে।
বৰুৱাই চেতিয়াৰ লগত কেভিনক চিনাকী কৰি দিলে। চেতিয়াই ইংৰাজী জানে। গতিকে কথা পাতিবলৈ অসুবিধা নহল।  বগা ছালৰ কেভিনে তেওঁৰ কমৰেড কোৱাইদেউক বিচাৰি অহা কাৰনেচেতিয়া অলপ আচৰিত হল। তেওঁ দুয়োকে ঘৰটোৰ পিৰালিলৈ লৈ গল। গাড়ীৰ পৰাই ঘৰটো দেখি অনুপমাই বুজিলে, তেওঁলোকে বিচাৰি অহা ঘৰ সেইটোৱেই। কিন্তু ঘৰটোত মানুহ থকাৰ কোনো চিন নাই। বহু দিন মেৰামতিৰ অভাৱত ঘৰটো এফালে হাউলি পৰোঁ পৰোঁ হৈ আছে। তাই বুজিলে সেই ঘৰটোত এতিয়া কোনেও নাথাকে। তাইৰ বুকুখন যেন অলপ বিষাই গল।
চেতিয়াৰ লগত কথা পাতি কেভিনে সকলো বুজিলে। আইতাকে ইমান হেপাহেৰে লগ পাব বিচৰা মানুহ জন যে এই পৃথিৱীত নাই সেইটো সি বুজিলে। আইতাকৰ কাৰনে হয়তো এইটো এটা অপ্ৰত্যাশিত খবৰ হব। আইতাকক কথাটো কেনেকৈ কোৱা যায় সি চিন্তা কৰিলে। আইতাকক আৱেগিক হৈ পৰাটো নিবিচাৰে, তেওঁৰ হৃদযন্ত্ৰ দুৰ্বল।
সি ধীৰ খোজেৰে গাড়ী খনৰ ওচৰলৈ গৈ অনুপমাক কলে, “লা, আইতাক এবাৰ নমাই দেখুৱাই আনো
কোনেও একো নকলেও আইতাকে সকলো বুজিলেকেভিন আৰু অনুপমাৰ গাত ধৰি দুৰ্বল খোজেৰে ঘৰটোৰ পিৰালিলৈ আহি তেওঁ ঘৰটোৰ বেৰ বোৰত হাত ফুৰালে। বেৰৰ জলঙাৰে ভিতৰৰ এন্ধাৰ খিনিলৈ জুমি চালে। তেওঁ যেন অনুভৱ কৰিবলৈ চেষ্টা কৰিলে কেনেবাকৈ ঘৰটোৰ এই বেৰ বোৰত তেওঁ চিনি পোৱা পৱিত্ৰ নামৰ মানুহ জনৰ ষ্পৰ্শৰ কিবা চানেকি আছে নেকি।
চেতিয়াই কলে, “কমৰেড কোৱাইদেউ বৰ বেলেগ ধৰণৰ মানুহ আছিল। তেওঁ যিটো কৰোঁ বুলি ভাবিছিল কৰিহে এৰিছিল। নিজে দৰিদ্ৰ হৈয়ো গাৱেঁ গাৱেঁ দুখীয়া, দৰিদ্ৰ মানুহক সহায় কৰি ফুৰিছিল। গাৱঁৰ লৰা ছোৱালীবোৰক বিনামুলীয়াকৈ পঢ়ুৱাইছিল, নিজৰ গাঁঠিৰ ধন ভাঙি লোকৰ চিকিত্সা কৰোৱাইছিল
তেওঁ কি কৰিছিল? মানে কাম কি কৰিছিল?”, বৰুৱাই সুধিলে।
তেওঁ ইয়াৰে প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ কাম কৰিছিল। কিন্তু দৰমহাৰ পইচা কেইটা সৰহ ভাগ লোকক বিলাওঁতেই শেষ হৈছিল। জীয়াই থকালৈকে তেওঁ মানুহৰ মাজত ভগৱান স্বৰূপ আছিল। কিন্তু ইমান কৰিও তেওঁ কি পালে। বুঢ়া হোৱাৰ পিছত তেওঁক চাবলৈ মানুহ নোহোৱা হল। শেষত এই ঘৰটোতে পাঁচ বছৰ মান আগতে তেওঁ ঢুকালআইতাকে চাদৰ খনৰ আচল টোৰে চকু দুটা ঢাকি ধৰিলে। অনুপমাই তেওঁক এহাতেৰে সাৱটি ধৰি থাকিল।
তেওঁৰ পৰিয়াল, ৰা ছোৱালী”? অনুপমাই সুধিলে
তেওঁ বিয়াই নাপাতিলে। গোটেই জীৱন ৰাইজৰ কাম কৰি থাকোঁতেই হেনো তেওঁৰ বিয়া পাতিবলৈকে নহ”, চেতিয়াই কলে।
অনুপমাৰ বুকুখন যেন কিবা এটাই হেঁচা মাৰি ধৰিলে। কেতিয়াও লগ নোপোৱা, কেতিয়াও দেখা নোপোৱা মানুহ এজনৰ বুকুৰ দুখবোৰৰ তাই যেন উমান পালে।
তাইৰ এনে লাগিল আইতাকৰ দৰে তেৱোঁ যেন এবুকু দুখ, এবুকু বেদনা লৈয়েই জীয়াই আছিল।
কোনোবা তো আছে, যিয়ে তেওঁক বুঢ়া বয়সত চোৱা চিতা কৰিছিল। কোনোবা তো তেওঁ আপোন বুলি ভবা মানুহ আছিলঅনুপমাই খুব আগ্ৰহেৰে চেতিয়ালৈ চালে।
মই জনাত এগৰাকী বুঢ়ী আছিল, ওচৰতে ঘৰ আছিল। তেওঁ আৰু তেওঁৰ পৰিয়ালে কোৱাইদেউৰ খবৰ ৰাখিছিল। বেমাৰ হওঁতে বুঢ়ী গৰাকীৰ লৰা কেইজনেই তেওঁক হস্পিতাললৈ লৈ গৈছিল”, চেতিয়াই কলে।
অনুপমাই চেতিয়ালৈ চাই কলে, “আমি অন্তত: তেওঁলোককেই লগ ধৰিব লাগিব। আপুনি আমাক তেওঁলোকৰ ঘৰটো দেখুৱাই দিব পাৰিবনে”?
পাৰিম। অলপ আগলৈ গৈয়েই ঘৰটো। মই আগুৱাই গৈছোঁআপোনালোক আহি থাককএই বুলি কৈ চেতিয়া মটৰ চাইকেলত বহিল।
চেতিয়াই অলপ আগুৱাই গৈ আন এটা ঘৰৰ সমুখত ৰআইতাকক বৰুৱাৰ গাড়ীখনতে বহুৱাই লৈসেই ঘৰটোলৈ লৈ যোৱা হল। কেভিন আৰু অনুপমাই ওচৰতে হোৱা কাৰণে খোজ কাঢ়িয়েই গল। চেতিয়াই মটৰ চাইকেল খন পদূলিতে ৰখাই ভিতৰলৈ সোমাই গল।
চুৰিয়া আৰু কামিজ পিন্ধা মানুহ এজন ওলাই আহিল। চেতিয়াই তেওঁৰ লগত কথা পাতিলে। ইতিমধ্যে বৰুৱাৰ গাড়ী, কেভিন আৰু অনুপমাও সেইখিনি আহি পালে।
চেতিয়াই আটাইকে মানুহজনৰ লগত চিনাকী কৰি দিলে, “এয়া ডিম্ব ফুকন। এখেতে কমৰেড কোৱাইদেউক ওচৰ চুবুৰীয়া হিচাপে পাইছিলবৰুৱা আৰু কেভিনে তেওঁৰ লগত কৰমৰ্দন কৰিলে।
গাৱঁৰ ৰাস্তাত বগা ছালৰ মানুহ দেখি আন মানুহ বোৰেও নিজৰ নিজৰ ঘৰৰ পৰা জুমি চাবলৈ ধৰিলে। এজন বগা ছালৰ ডেকা আৰু লগতে অসমীয়া মেখেলা চাদৰ পৰিহিত বগা ছালৰ বৃদ্ধা এগৰাকীক দেখি মানুহ বোৰ বৰ আচৰিত হল।
ডিম্ব ফুকনে বৰ আথে বেথে আটাইকে ভিতৰলৈ লৈ গল। বহা কোঠাটোত থকা বেতৰ চকী কেইখনৰ ধুলিবোৰ কান্ধৰ গামোচা খনেৰে মচি আটাইকে বহিবলৈ দিলে। অনুপমাই আইতাকক ধৰি আনি বহুৱাই দিলে। গাৱঁৰ দুখীয়া মানুহৰ ঘৰ যদিও বস্তুবোৰ বৰ আটোম টোকাৰিকৈ থোৱা আছিল। ফুকনে ঘৰলৈ বিদেশী আলহী অহা খবৰ দিবলৈ ভিতৰ সোমালবোৱাৰীয়েকক নিৰ্দেশ দিলে ভালদৰে চাহ জলপানৰ যোগাৰ কৰিবলৈ।
বহা কোঠাটোৰ বেৰত আঁৰি থোৱা পুৰণি পেইণ্টিং এখনে কোঠাটো ধুনীয়া কৰি তুলিছে। পেইণ্টিং খন পুৰণি হৈছে যদিও ৰং বোৰ এতিয়াও নিস্তেজ হৈ যোৱা নাই। সঁজাৰ পৰা মুকলি হৈ আকাশলৈ পাখি মেলি উৰি যোৱা এহাল চৰাই চিত্ৰকৰৰ তুলিকাত যেন প্ৰাণ পাই উঠিছে। কোঠাটোত সোমালে পোনচাটেই সেই পেইণ্টিং খনলৈ চকু যায়। 
অনুপমাই মন কৰিলে আইতাকে সেই পেইণ্টিং খনলৈ আঙুলিয়াই তাইক কিবা কবলৈ বিচাৰিছে। কিন্তু আবেগত তেওঁৰ মুখৰ কথা যেন ষ্পষ্ট হৈ ওলোৱা নাই।
অনুপমাই তাইৰ কাণ খন আইতাকৰ মুখৰ ওচৰলৈ নি সুধিলে, “তুমি কি কবলৈ বিচাৰিছা আইতা”?
আইতাকে থোকা থুকি মাতেৰে কলে, “সেই পেইণ্টিং খন মই আঁকিছিলোঁ
অনুপমাই যেন নিজৰ কাণ দুখনকে বিশ্বাস কৰিবলৈ টান পালে। তাই সুধিলে, “আইতা আকৌ এবাৰ কোৱা চোন
আইতাকে লাহে লাহে কলে, “এই খন পেইণ্টিঙেই মই পৱিত্ৰক উপহাৰ দিছিলোঁ
অনুপমাৰ আনন্দতে চকুপানী ওলাই আহিল। তাই পেইণ্টিং খন চুই চালে। তাই কেভিনৰ পিনে চাই কলে, “শুনিছা কেভিন, এইখন আইতাই সেই তাহানিতে অঁকা পেইণ্টিং। আন সকলো মৰহি গলেও এই পেইণ্টিং খন অন্তত: এতিয়াও জীয়াই আছেতাই চলচলীয়া চকুৰে আৰু কিছুপৰ পেইণ্টিং খন চাই থাকিল। বৰুৱা আৰু চেতিয়া তাইৰ কথাত হতবাক হল।
অলপ ৰৈ তাই সুধিলে, “কিন্তু এই পেইণ্টিং খন ইয়ালৈ কেনেকৈ আহিল”?
চেতিয়াই কলে, “মই এইখন পেইণ্টিং কমৰেড কোৱাইদেউৰ ওচৰত দেখিছিলোঁ, কোৱাইদেৱে সদায় পেইণ্টিং খন মচি কাচি ধুনীয়াকৈ ৰাখিছিল
ডিম্ব ফুকনে তেওঁৰ পত্নীক চিনাকী কৰি দিবলৈ লৈ আহিল। মানুহ গৰাকীয়ে আটাইকে তামোল পান যাচিলে। মেখেলা চাদৰ পিন্ধা আইতাকৰ ওচৰলৈ গৈ তেওঁ ভৰিত ধৰি সেৱা এটা কৰিলে।
ইংৰাজী কব নোৱাৰি তেওঁ আইতাকক হিন্দীতেই সুধি পেলালে, “আপ লোগ ফৰেইন চে আয়া নেকি? হামকো বহুত আচ্ছা লগতা হ্যেই
অনুপমাই কলে, “আইতা বহু বছৰ আগতে অসমতে আছিল। অসমতে ডাঙৰ দীঘল হৈছিল। তাৰ পিছত লণ্ডনলৈ গুচি গৈছিল। এতিয়া বহু বছৰ মুৰত লণ্ডনৰ পৰা আকৌ অসম চাবলৈ আহিছে
তাই অলপ ৰৈ পেইণ্টিং খনৰ ওচৰলৈ গৈ কলে, “মোক এটা কথা কওক চোন। এই পেইণ্টিং খন আপোনালোকে কত পালে”?
মানুহ গৰাকীয়ে পেইণ্টিং খনলৈ চাই কলে, “সেইখন কমৰেড মোমাইদেৱে মৰিবৰ সময়ত মোৰ শাহুক দি থৈ গৈছে। মোমাইদেৱে এই ছবিখন বৰ মৰম কৰিছিল। সদায় ছবিখন নিজৰ বিচনাৰ ওচৰতে ৰাখিছিল। মৰাৰ সময়ত কৈ গৈছিল, এই ছবিখন যেন আমিও মৰমেৰে ৰাখোঁ। সেই দিন ধৰি এইখন ইয়াতে আছে। আমিও ছবিখন সদায় মচি কাচি ধুনীয়াকৈ ৰাখিছোঁ
অনুপমাই সুধিলে, “আপোনাৰ শাহু…...? তেখেত এতিয়াও আছে নে”?
মানুহ গৰাকীয়ে লগে লগে কলে, “আছে, আছে মা এতিয়াও আছে। মাৰ বহুত বয়স হল। এতিয়া তেওঁ বিচনাৰ পৰা উঠিবই নোৱাৰে। চকুৰে ভালদৰে মনিবও নোৱাৰে। কোনোমতেহে জীয়াই আছে
অনুপমাৰ মনৰ মাজেদি যেন এক আনন্দৰ লহৰ বাগৰি গতাই সুধিলে, “আপোনাৰ শাহুক আমি এবাৰ লগ পাব পাৰিম নে? তেওঁৰ নাম টো জানিব পাৰোঁ নে”?
মানুহ গৰাকীয়ে কলে, “মাৰ নামটো বৰ ধুনীয়া। মাৰ নাম টো অনুৰাধা
অনুৰাধা?”
অনুপমাৰ গাৰ মাজেদি যেন তীব্ৰ গতিৰে বিজুলী পাৰ হৈ গল। তাইৰ দুচকু ভৰি আহিল। তাইৰ অনুমান সঁচা হল। এয়া আইতাকৰ সখীয়েক অনুৰাধাৰ বাহিৰে আন কোনো হব নোৱাৰে। তাই আইতাকক সাৱটি ধৰি কলে, “আইতা, তুমি যে কৈছিলা তোমাৰ সখী অনুৰাধা, সেই যে মধুপুৰ বাগিচাত লগ পাইছিলা অনুৰাধা, তেওঁ জীয়াই আছে। আইতা, এয়া কাৰ ঘৰ জানা, এয়া তোমাৰ সখী অনুৰাধাৰ ঘৰ
আইতাকে তাইৰ পিনে কিছুপৰ মুখ মেলি চাই থাকিল। তেওঁৰ মুখেৰে বিৰ বিৰ কৈ ওলাই আহিল, “অনুৰাধা?? অনুৰাধা জীয়াই আছে? ত আছে অনুৰাধা”?
ডিম্ব ফুকনৰ পৰিবাৰক অনুপমাই কলে, “আমাক এবাৰ আপোনাৰ শাহুৰ ওচৰলৈ লৈ বলক। এই আইতা তেওঁৰ শৈশৱৰ বান্ধৱী
ডিম্ব ফুকন, তেওঁৰ পৰিবাৰ, চেতিয়া সকলো আচৰিত হল। মাৰ সখীয়েক, বিদেশৰ পৰা আহিছে? মই যেন বিশ্বাসেই কৰিব পৰা নাইফুকনে কলে।
ফুকনৰ পৰিবাৰ আৰু অনুপমাই ধৰা ধৰিকৈ আইতাকক ভিতৰলৈ লৈ গল।


No comments:

Post a Comment