এখন খাটৰ ওপৰত গাত এজাপ কাপোৰ লৈ শুই থকা বুঢ়ী মানুহ
গৰাকীৰ কাণৰ ওচৰলৈ গৈ ডিম্ব ফুকনে ক’লে, “মা, উঠচোন, চকু মেল চোন। কোন আহিছে চা চোন। তোৰ ল’ৰালি কালৰ সখী আহিছে”।
তেওঁ চকু দুটা মেলি পুতেকলৈ চাই চকু দুটা আকৌ জপাই
দিলে। কোন আহিছে চাবলৈ কোনো আগ্ৰহ নেদেখুৱালে। পুতেকে আকৌ ক’লে, “চা মা, তই তাহানিতে মধুপুৰ বাগিচাত লগ
পাইছিলি যে, তোৰ সখী আহিছে। বহুত দূৰৰ পৰা
আহিছে”।
এইবাৰ তেওঁ কোনো সাৰ সুৰ নকৰিলে। অনুপমাই আইতাকক
সখীয়েকৰ ওচৰলৈ লৈ গ’ল। আইতাকে তেওঁৰ মুখ খনলৈ কিছুপৰ চাই থাকিল। তাহানিতে দেখা অনুৰাধাৰ মুখ খনৰ
কিবা অস্তিত্ব বিচাৰি পাই নেকি তেওঁ যেন বিচাৰি চালে। সখীয়েকৰ কপালত থকা তিলটো
আঙুলিৰে চুই চুই তেওঁ যেন কিবা মনত পেলাবলৈ চেষ্টা কৰিলে। কপালত পৰা চুলি কেইডাল আঁতৰাই মুৰত হাত ফুৰাই তেওঁ লাহে লাহে অসমীয়াতে ক’লে, “অনুৰাধা, চোৱা মই আহিছোঁ, মই নেন্সি”।
এইবাৰ অনুৰাধাই লাহে লাহে চকু মেলিলে। তেওঁৰ চকু দুটা
যেন অলপ উজ্বলি উঠিল। তেওঁ আইতাকৰ মুখ খনলৈ অলপ পৰ ৰ’ লাগি চাই থাকিল। অতীতৰ স্মৃতিৰ এক চিনাকী শব্দ যেন
তেওঁৰ কাণত পৰিল অথচ কথাটো যেন তেওঁৰ বিশ্বাস নহ’ল।
হঠাতে কিবা মনত পৰাৰ দৰে তেওঁৰ চকু দুটা তিৰবিৰাই
উঠিল। তেওঁ অতি ক্ষীণ মাতেৰে ক’লে, “নেন্সি? কোন নেন্সি”? আইতাকৰ চকু চলচলীয়া হ’ল, “মই তোমাৰ লগৰী নেন্সি। সৰুতে আমি একেলগে বিহু নচা নেন্সি”।
বহুদিনৰ মুৰত শুনা নেন্সি নামটোৱে অনুৰাধাৰ সমস্ত
সত্বা আলোড়িত কৰি তুলিলে। তেওঁ নেন্সিৰ চকু জুৰি চিনি পালে। তথাপিও তেওঁ যেন
বিশ্বাস কৰিবলৈ টান পালে। বহু পৰ তেওঁ নেন্সিলৈ চাই থাকিল।
নেন্সিৰ হাতখনত ধৰি অতি ক্ষীণ মাত এটাৰে তেওঁ ক’লে, “নেন্সি, তুমি নেন্সি? সঁচাকৈয়ে তুমি আহিছা নেন্সি”?
“অ’ অনুৰাধা, এয়া মই নেন্সি। অমি দুয়ো বহুত বুঢ়া হৈ গ’লোঁ অনুৰাধা”।
সমুখত দেখা বৃদ্ধা মানুহগৰাকীৰ মাজত তেওঁৰ চকুজুৰিয়ে
যেন তাহানিৰ ল’ৰালিৰ নেন্সিক বিচাৰিবলৈ ধৰিলে।
তেওঁ অতি কষ্টেৰে সেহাই সেহাই ক’লে, “নেন্সি, তুমি ইমান দিনৰ মুৰত আহিছা। তুমি আহিবলৈ এতিয়াহে সময়
পালা নেন্সি”? নেন্সিয়ে অনুৰাধাক সাৱটি ধৰিলে।
দুয়োৰে চকুপানী ওলাই আহিল। এজনীয়ে আনজনীক সাৱটি সেইদৰেই কিছু পৰ পৰি ৰ’ল।
নেন্সিয়ে অনুৰাধাৰ হাতখন নিজৰ হাতৰ মুঠিত লৈ ক’লে, “মই আগতে আহিব নোৱাৰিলোঁ অনুৰাধা। সঁচাকৈয়ে মোৰ বহুত দেৰী হৈ গ’ল”।
বাল্যকালৰ বান্ধৱী নেন্সিক পাই অনুৰাধাও যেন অলপ
সুস্থ হৈ পৰিল। বহুদিনৰ মুৰত তেওঁ উঠি বহিবলৈ বিচাৰিলে। পুতেক বোৱাৰীয়েকে তেওঁক
বিচনাতে বহুৱাই দিলে। কথা বতৰাৰ ভাষা নুবুজিলেও কেভিনে বুজিলে যে আইতাকে নিজৰ
পুৰনি সখীয়েক এগৰাকীক লগ পাই আৱেগিক হৈ পৰিছে। সি বাৰে বাৰে অনুপমাক সঁকিয়াই থাকিল
যে আইতাকক এনে আৱেগিক পৰিৱেশত বেছি সময় থাকিবলৈ দিয়াটো ঠিক নহয়। অনুপমাই তাক
আশ্বাস দিলে। তাই নিজে ছাঁ টোৰ দৰে আইতাকৰ গাতে লাগি থাকিল।
ডিম্ব ফুকনৰ বোৱাৰীয়েকে চাহ জলপান আনিলে। বহা কোঠাতে
খোৱাৰ ব্যৱস্থা কৰা হ’ল। আইতাকক অনুপমাই জলপান খাবলৈ বহা কোঠালৈ নিব বিচৰাত তেওঁ ক’লে, “মোক অলপ অনুৰাধাৰ লগত বহিবলৈ দিয়া আইজনী। আজি ইমান দিনৰ মুৰত মই তাইক লগ
পাইছোঁ”।
অনুপমাই সখীয়েকৰ বিচনাখনতে আইতাকক বহুৱাই দিলে। বহি
লৈ তেওঁ তাইক ক’লে, “তুমিও বহা অনুপমা। আজি আমাক কথা পাতিবলৈ তোমাৰ সহায়
লাগিব। ইমান দিন পাৰ হ’ল, মই জন্ম হোৱা ঠাইখনৰ ভাষাটোৱেই
মোৰ মুখত ভালদৰে নুফুটা হৈ থাকিল”।
অনুৰাধাই চকু দুটা মুদি থাকিয়েই লাহে লাহে ক’লে, “নেন্সি, তুমি ক’ৰ পৰা আজি হঠাতে আহি ওলালা। মোৰ এতিয়াও সপোন দেখা
যেনেই লাগি আছে”।
“মই তোমালোকক লগ পাবলৈকে বহুত
দুৰৰ পৰা আহি এইখিনি পাইছোঁ। তোমাক লগ পাই যাম বুলি মই আশা কৰাই নাছিলোঁ। মই অহাটো আজি সাৰ্থক হৈছে অনুৰাধা”।
অনুৰাধাই চকু মেলি নেন্সিলৈ চালে। “নেন্সি, তুমি এতিয়াও বহুত ধুনীয়া হৈ আছা। মই দেখিবলৈ একেবাৰে আপচু হৈ গ’লোঁ নহয়নে নেন্সি। মোৰ দাত সৰিল, চকুৰেও ভালদৰে মণিব নোৱাৰোঁ”।
“তোমাৰ কপালৰ তিলটো মোৰ এতিয়াও
মনত আছে অনুৰাধা”। নেন্সিয়ে ক’লে। অনুৰাধাই কপালৰ তিল থকা
ঠাইখিনি চুই চালে।
“তুমি যোৱাৰ পিছত আমাক একেবাৰে
পাহৰি গ’লা নেন্সি। আমি তোমাৰ একোকে খবৰ
নাপালোঁ। তুমি যে আকৌ আহিবা বুলি কৈছিলা। আমি ভাবিছিলোঁ সোনকালেই তুমি আহি ওলাবাহি”।
“মোৰ খুব মন আছিল আহিবলৈ। কিন্তু
নোৱাৰিলোঁ অনুপমা। মোক ঈশ্বৰে আহিবলৈ সুবিধা কৰি নিদিলে”।
“মই মাথোন প্ৰাৰ্থনা কৰিছিলোঁ
তুমি য’তেই থাকা যেন ভালকৈ থাকা। মোৰ
খুব মন আছিল মোৰ বিয়ালৈ তোমাক মাতিবলৈ। কিন্তু ক’ত বিচাৰি পাম তোমাক”?
“তোমাৰ বিয়ালৈ আহিব পাৰিলে মই
খুব সুখী হ’লোঁহেতেন অনুৰাধা। তোমাৰ কথা
এতিয়াও মোৰ সদায়েই মনত পৰে। সেই সৰু কালৰ একেলগে বাগিচাত খেলি ফুৰা অনুৰাধা জনী
সদায় মোৰ বুকুৰ মাজতে থাকে”।
“নেন্সি তুমিতো কলিকতালৈ গৈছিলা।
কলিকতাতো বেছি দুৰ নহয়।সেই কাৰনে ভাবিছিলোঁ এদিন তুমি আমাৰ খবৰ লবলৈ আহিবাই। আমিতো
তোমাৰ খবৰ ল’বলৈ যাব নোৱাৰোঁ”।
“মই তোমাক কেনেদৰে বুজাম
অনুৰাধা। পৰিস্থিতিয়ে আমাক কলিকতাৰ পৰা ইংলেণ্ডলৈ গুচি যাবলৈ বাধ্য কৰাইছিল।
যুদ্ধৰ সময়তে আমাৰ পৰিয়ালটো গুচি গৈছিলোঁ। যোৱাৰ আগতে মই কলিকতাৰ পৰা সকলো কথা
জনাই তোমালৈ এখন চিঠি লিখিছিলোঁ। তোমাৰ সঠিক ঠিকনাটো জনা নাছিলোঁ কাৰনে মনে ভাবি
ঠিকনা এটা লিখি পঠিয়াইছিলোঁ। হয়তো সেই চিঠিখন তোমাৰ হাতত নপৰিল”।
অলপ সময় নীৰৱতাৰ পিছত অনুৰাধাই সুধিলে, “নেন্সি, তুমি এতিয়া ক’ত থাকা, এতিয়া তোমাৰ পৰিয়ালত কোন কোন
আছে? এই ছোৱালীজনী তোমাৰ কোন হয়। আৰু
সেই বগা ল’ৰাটো? মোক সকলো কোৱা”।
নেন্সিয়ে হাঁহিলে। অনুপমাৰ হাত খন ধৰি তেওঁ ক’লে, “এইজনী মোৰ নাতিনীৰ দৰে, মোৰ নাতিটোৰ বান্ধৱী। তাইক মই সৌভাগ্যক্ৰমে লণ্ডনত লগ পাইছিলোঁ। কিন্তু এতিয়া
তাই মোৰ আটাইতকৈ আপোন বন্ধুৰ নিচিনা। তাইক লগ নোপোৱা হ’লে মোৰ হয়তো কেতিয়াও আকৌ অসমলৈ অহা নহ’ল হেতেন। আৰু সেই ল’ৰাটো মোৰ নাতি কেভিন। এতিয়া মোৰ পৰিয়ালটো ইমান খিনিয়েই। ইয়াৰ উপৰিও মোৰ এজনী জী আৰু এজন জোঁৱাই
আছে। তেওঁলোক বেলেগ এখন চহৰত, পেৰিছত থাকে। মই আৰু নাতিটো থাকোঁ লণ্ডনত”।
নেন্সিলৈ চাই তেওঁ পুনৰ ক’লে, “নেন্সি, আজি মেখেলা চাদৰত তোমাক ইমান যে
ধুনীয়া লাগিছে। তোমাৰ মনত আছেনে, মোৰ মায়ে তোমাক যে প্ৰথম মেখেলা চাদৰ পিন্ধাই দিছিল”।
নেন্সিয়ে হাঁহিলে। “মোৰ সকলো কথাই মনত আছে অনুৰাধা। তোমাৰ লগত বিহু নচা, বাগিচাৰ বস্তিত নাচ চাবলৈ যোৱা কথাবোৰ এতিয়াও মোৰ
চকুৰ আগত ভাঁহি থাকে। সেইবোৰ কথা মনত পৰি থাকে কাৰণেই মই ইমান দুৰৰ পৰা এই বয়সত
অসমলৈ আহিছোঁ”।
“মই তোমাক লগ পোৱাৰ আশা বাদেই
দিছিলোঁ নেন্সি। কিন্তু তুমি আহিবা বুলি এজন মানুহে বহুদিনলৈ আশা কৰি আছিল”। অনুৰাধাই এটা ক্ষীণ হাঁহি মাৰিলে।
“কোনে”?
“পৱিত্ৰ দাদাই !!! কিয় জানো, তেওঁ সদায় কৈছিল এদিন নহয় এদিন তুমি আহিবাই”।
নেন্সিয়ে বুকুৰ মাজত যেন সামান্য বিষ অনুভৱ কৰিলে।
তাতকৈ পৱিত্ৰই তেওঁক পাহৰি যোৱা বুলি ক’লেই কিজানি তেওঁ বেছি ভাল পালেহেতেন।
“পৱিত্ৰ দাদাই তোমাক লগ পালে কি
যে ভাল পালে হেতেন !!বহুদিনলৈ মোক লগ পালেই সুধিছিল, তোমাৰ কিবা খবৰ পাওঁ নেকি?”।
নেন্সিয়ে চকু দুটা মুদি দিলে। দুয়ো বান্ধৱী কিছু পৰ
নীৰৱে থাকিল।
“তেওঁক লগ পোৱাটো মোৰ ভাগ্যত
নাছিল অনুৰাধা”। নেন্সিক যেন শোকে খুন্দা মাৰি ধৰিলে।
“আজি মোৰ তেওঁলৈ বৰ মনত পৰিছে
নেন্সি। এনে লাগিছে তেওঁ যেন আছে, তুমি আহিছা বুলি খবৰ পাই এই যেন তেওঁ লৱৰি আহিব আৰু মোক ক’ব, মই কোৱা নাছিলোঁনেঅনুৰাধা, নেন্সি এদিন আহিবই বুলি”।
নেন্সিয়ে নীৰৱে আচলৰ আগেৰে চকুপানী মচিলে।
“মই যোৱাৰ পিছত কি হ’ল কোৱা অনুৰাধা। মধুপুৰ বাগিচাত, ৰঙাজান গাৱঁত কি হ’ল, তোমাৰ কেতিয়া বিয়া হ’ল, পৱিত্ৰই কি কৰিলে সকলো কোৱা”। অনুৰাধালৈ চাই নেন্সিয়ে ক’লে।
“সকলো কথা মোৰ ভালদৰে মনতেই নাই
নেন্সি। বহুত কথা পাহৰি গৈছোঁ। বয়সো বহুত হ’ল। তোমালোক যোৱাৰ পিছতে দেউতাই বাগানৰ চাকৰি বাদ দি
ডিব্ৰুগড়ত ঠিকা কৰিবলৈ লৈছিল। তেতিয়াই আমাৰ পৰিয়ালটো বাগানৰ পৰা উঠি আহিছিলোঁ।
মিলন নগৰত আছিলোঁ। তাৰ পৰাই মোৰ ইয়ালৈ বিয়া হৈছিল”, অনুৰাধাই লাহে লাহে কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰিলে।
“পৱিত্ৰ দাদাৰ লগত মাজে মাজে
দেখা দেখি হৈছিল। মিলন নগৰলৈ আহিলে তেওঁ আমাৰ ঘৰত সোমাই গৈছিল”।
“তেওঁ তেতিয়া কি কৰিছিল?”
“তেওঁ কিবা কমিউনিষ্ট বিপ্লৱ কৰি
ফুৰিছিল। কি কৰিছিল ময়ো ভালদৰে ক’ব নোৱাৰিম”।
সেই সময়তে ডিম্ব ফুকন কোঠাটোলৈ সোমাই আহিল।
“ডিম্ব, পৱিত্ৰ দাদাই কি বিপ্লৱ কৰিছিল অলপ বুজাই দে চোন। মই
ভালদৰে ক’ব পৰা নাই”। পুতেকলৈ চাই অনুৰাধাই ক’লে।
“তেখেতৰ কথানো কি কম। এনে মানুহ
সঁচাকৈয়ে বিৰল। তেওঁ বৰ আদৰ্শ বাদী আছিল। গান্ধীজীৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত হেনো
তেওঁ আনৰ দৰে সকলো বাদ দি আন্দোলনত জপিয়াই পৰা নাছিল। ১৯৪২ চনত স্বাধীনতা আন্দোলনৰ
লগতে গুপ্ত বাহিনী গঠন হৈছিল। তেওঁ সেই গুপ্ত বাহিনীত যোগদান কৰি ৰে’লৰ ফিচপ্লেট আঁতৰোৱা, ৰে’লৰ দলঙত জুই দিয়া আদি কামত লাগিছিল”।
“তেওঁ বেআইনী কাম কৰিছিল নেকি”? অনুপমাই সুধিলে।
“তেওঁ অকল এইবোৰেই কৰা নাছিল। তেওঁ গাৱেঁ গাৱেঁ ঘুৰি
গাৱঁৰ মানুহ বোৰক শিক্ষা দীক্ষাৰে সবল কৰি তুলিবলৈ চেষ্টা কৰিছিল। তেওঁ কৈছিল,
সমাজৰ দুখীয়া মানুহ বিলাক শিক্ষিত আৰু নিজৰ ওপৰত নিৰ্ভৰশীল নহ’লে ভাৰত স্বাধীন হৈ
একো লাভ নহ’ব। ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ সময়তো তেওঁ হেনো সকলোকে কৈ ফুৰিছিল, এই
স্বাধীনতা ভুৱা স্বাধীনতা। তেওঁ খগেন্দ্ৰনাথ বৰবৰুৱা আৰু বিষ্ণু ৰাভাৰ আদৰ্শত
বিশ্বাসী হৈ বিপ্লৱী কমিউনিষ্ট পাৰ্টীত সোমাইছিল। তেওঁ ডিগবৈ, মাৰ্ঘেৰিটা, লিডু এই
ঠাইবোৰত শ্ৰমিক সংগঠন তৈয়াৰ কৰা কামত লাগিছিল”। ডিম্ব ফুকনে কৈ গ’ল। মাজে মাজে
অনুপমাই আইতাক নেন্সিয়ে বুজি পোৱাকৈ অনুবাদ কৰি দিব লগীয়া হ’ল।
“তেওঁ ইয়ালৈ, মানে এইখিনি ঠাইলৈ,
আপোনালোকৰ
চুবুৰীয়া হৈ কেতিয়া আহিল”? অনুপমাই ডিম্ব ফুকনক
সুধিলে।
“ডিব্ৰুগড় চহৰত চৰকাৰী অফিচ, ৰাস্তা সাজিবলৈ গাৱঁৰ মাটি চৰকাৰে অধিগ্ৰহণ কৰিলে। নৈপৰীয়া
গাৱঁৰ বহুত মাটি নৈৰ গৰাখহনীয়াতো জাহ গ’ল।চৰকাৰে মানুহবোৰক
ক্ষতিপূৰণ হিচাপে ইয়াতেই মাটি দিছিল। মোৰ দেউতাহঁতো কমৰেড মোমাইদেউ হঁতৰ গাৱঁৰে
আছিল। সেয়ে আমি মোমাইদেউক ইয়াত চুবুৰীয়া হিচাপে পালোঁ। তেওঁ ওচৰৰে প্ৰাথমিক
বিদ্যালয় এখনত শিক্ষকৰ চাকৰিও কৰিছিল”।
ডিম্ব
ফুকন অলপ ৰ’ল। অনুপমালৈ চাই ক’লে, “চাহ জলপান খিনি ইয়ালৈ
লৈ অনাও নেকি”?
“হ’ব, মই আইতাক পিছত খুৱাই
দিম। এতিয়া নালাগে”। অনুপমাই ক’লে। ফুকন সমুখৰ বহা কোঠালৈ ওলাই
গ’ল।
“তাৰ পিছত কি হ’ল মোক কোৱা অনুৰাধা”, নেন্সিয়ে সখীয়েকৰ হাতত ধৰি ক’লে।
“পৱিত্ৰ দাদা মাক আৰু ভনীয়েকক লৈ
আমাৰ ওচৰতে আছিল। তেওঁৰ ঘৰটো মই তোমাক দেখুৱাই দিম”।
“আমি ঘৰটো চাই আহিছোঁ অনুৰাধা।
তুমি কৈ যোৱা কথাবোৰ”।
“তুমি দেখিছা ঘৰটো? এতিয়া একেবাৰে ভাঙি চিঙি গৈছে”।
“তেওঁৰ পৰিয়ালৰ কি হ’ল? ঘৰটোত এতিয়া যে কোনো নাথাকে’?
“তেওঁৰ ভনীয়েক জনীৰ বিয়াও ইয়াৰ
পৰাই দিলে। সেই সময়ত সকলোৱে তেওঁক বিয়া কৰাবলৈ খুব জোৰ কৰিছিল। মাকে ছোৱালীও ঠিক
কৰিছিল। কিন্তু তেওঁ মাকৰ কথা নুশুনিলে। মাকে পচন্দ কৰি অহা ছোৱালীৰ ঘৰলৈ গৈ বিয়া
নকৰাওঁ বুলি কৈ থৈ আহিছিল। ময়ো কিমান ক’লোঁ বিয়া পাতিবলৈ। কিন্তু তেওঁ কাৰো কথা নুশুনিলে”।
“কিয় অনুৰাধা? তেওঁ কিয় বিয়া নকৰালে? তুমি সুধি চাইছিলান”?
“সুধিছিলোঁ। তেওঁৰ হেনো দেশৰ
মানুহৰ কাৰনে বহুত কৰিবলগীয়া কাম বাকী আছিল। বিয়া পাতিলে সেইবোৰ কাম তেওঁ কৰিব
নোৱাৰিলেহেতেন”।
অনুৰাধাই কিবা এটা ক’বলৈ গৈও যেন অলপ থমকি ৰ’ল। তেওঁ আন
পিনে মুৰ ঘুৰাই ক’লে, “তেওঁক আমি কোনেও বুজি নাপালোঁ
নেন্সি। কেতিয়াও মানুহ জনে মুখ খুলি মনৰ কথা নক’লে”। অলপ সময় কোনেও মুখেৰে নামাতিলে।
অলপ সময় পিছত অনুৰাধাই ক’লে, “মানুহজন দিনে দিনে খুব খঙাল হৈ পৰিছিল। কমিউনিষ্ট হৈ বন্দুক চলাবলৈ শিকিছিল।
মোনাত এটা ষ্টেনগান লৈ ফুৰিছিল। বন্দুকেৰে দুখীয়া মানুহবোৰৰ কাৰনে যুদ্ধ কৰিব বিচাৰিছিল।
ক’ৰবাত বোলে মানুহো গুলীয়াইছিল”।
“মানুহ গুলীয়াইছিল”? নেন্সি শিঁয়ৰি উঠিল।
“দুখীয়া মানুহক ঠগি ঠগি খোৱা
মহাজনবোৰ, ঘোচখোৰ মানুহবোৰ আছিল তেওঁৰ
শত্ৰু। সেই মানুহবোৰক মাৰি তেওঁ এখন ভাল দেশ গঢ়িব বিচাৰিছিল। তেওঁ বুজিব নোৱাৰিলে
কেইজনমান বেয়া মানুহক মাৰিলেই দেশখন ঠিক হৈ নাযায়। তেওঁ ভাবিছিল তেওঁ পঢ়োৱা ল’ৰা ছোৱালীবোৰে, তেওঁ সহায় কৰা গাৱঁৰ দুখীয়া মানুহবোৰে দেশখন ভাল কৰি
তুলিব।কিন্তু তেওঁ পিছৰ কালত নিজৰ ভুল বুজি পাইছিল। সেই কাৰণে শেষ জীৱনত তেওঁ খুব
দুখত কটাইছিল”। অনুৰাধাই কথা কৈ কৈ ভাগৰি পৰিল।
অনুপমাই ক’লে, “আইতা, সকলো কথা আজিয়েই শুনিবানে? অলপ জিৰণি লোৱা, তোমালোকৰ দুয়োৰো ভাগৰ লাগিছে। আমি আজি দিনটো ইয়াত
আছোঁৱেই”।
“আজি মোৰ ভাগৰ লগা নাই আইজনী।
মোক কথাবোৰ শুনিবলৈ দিয়া”। অনুপমাই অনুভৱ কৰিলে আইতাক নেন্সিয়ে যেন এই দিনটোলৈকে অধীৰ আগ্ৰহেৰে অপেক্ষা
কৰি আছিল।
ডিম্ব ফুকনৰ পৰিবাৰ সোমাই আহি ক’লে, “চাহ জলপান সকলো ঠাণ্ডাই হ’ল। জলপান মই ইয়ালৈকে লৈ আনোগৈ”। এই বুলি তেওঁ জলপান সজোৱা প্লেট দুখন লৈ আহিল আৰু বিচনাৰ ওচৰতে থকা টেবুল খনত
থলে।
“খাই লোৱা। আইতাৰা হঁতকো খাবলৈ
দিয়া”, অনুপমালৈ চাই তেওঁ ক’লে। যাবলৈ ওলায়ো ঘুৰি আহি অনুপমাৰ একেবাৰে ওচৰলৈ গৈ
তেওঁ ক’লে, “এওঁলোকে আমাৰ দৰে ভাত দাইল তৰকাৰী খাব নহয়। মই আটাইৰে
কাৰণে ভাত বহাবলৈ দিছোঁ”।
“হ’ব, হ’ব খুড়ী। মই আপোনাক ভাত খাই যাম
বুলি কম বুলিয়েই ভাবিছিলোঁ। আইতা হঁতৰ ঢেৰ কথা আছে। ইমান কথা সোনকালে শেষ নহয়।
আপোনালোকে খোৱাৰ কাৰণে চিন্তা নকৰিব। কেৱল আইতাৰ কাৰণে ভাতটো অলপ বেছিকৈ সিজিবলৈ
দিব”। অনুপমাই ক’লে।
টেবুলত থৈ যোৱা প্লেট খনৰ পৰা নাৰিকলৰ লাৰু এটা লৈ
অলপ অলপ ভাঙি অনুপমাই দুই সখীয়েকৰ হাতত দিলে। “মই অলপ অলপকৈ খোৱা বস্তু দি আছোঁ। তোমালোক দুয়ো কথা
পাতা”। তাই ক’লে।
“মানুহ গুলীওৱা কাৰণে পুলিছে
তেওঁক বিচাৰি ফুৰিছিল নেকি”? অনুৰাধালৈ চাই নেন্সিয়ে আকৌ পৱিত্ৰৰ কথা উলিয়ালে।
“অ’। পুলিচ বিচাৰি ফুৰিছিল কাৰণে তেওঁ পলাই ফুৰিব লগীয়া
হৈছিল। ক’ত পলাই ফুৰিছিল, কোনেও নাজানে। আমি শুনিছিলোঁ তেওঁ হেনো অলপ দিন জেলতো
আছিল।কেতিয়াবা হঠাতে এদিন ভুটুককৈ আহি ওলাইছিল”। মুখত লোৱা লাৰুৰ টুকুৰাটো চোবাই চোবাই অনুৰাধাই ক’লে।
“সেই সময়ত তুমি তেওঁৰ লগত কথা
পাতিছিলা নে? তেওঁতো কেতিয়াও এনেকুৱা নাছিল।
মই লগ পাওঁতে তেওঁ অতি শান্ত আৰু ভদ্ৰ আছিল। তেওঁ কিয় তেনেকুৱা হৈ গৈছিল”?
অনুৰাধাই ক’লে, “মই সেই সময়ত তেওঁক খুব কমেই লগ
পাইছিলোঁ। তেওঁ ঘৰত প্ৰায়ে নাথাকিছিল। আত্মীয় কুটুম, ওচৰ চুবুৰীয়া, বন্ধু বান্ধৱৰ লগত খুব কম সম্পৰ্ক ৰাখিছিল। নাজানো ক’ত ঘুৰি ফুৰিছিল। কেতিয়াবা ভুটুংকৈ কৰবাৰ পৰা
ওলাইছিলহি। কেতিয়াবাহে মই তেওঁক দেখা পাইছিলোঁ”।
“তোমাৰ লগত কথা পাতিছিল নে”?
“পাতিছিল। মোক লগ পালে ভালদৰেই
মাত বোল কৰিছিল। পিছলৈ দাঢ়ি চুলি ৰাখি জধলা কাপোৰ কানি পিন্ধি মানুহজন বলিয়াৰ দৰে
হৈছিল। কোনোবাই কৈছিল, বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ কামত বেছিকৈ ঘুৰি ফুৰি তেওঁ তেনেকুৱা হৈ পৰিছিল”। নেন্সিয়ে কথাবোৰ নিৰৱে শুনি গ’ল। তেওঁ আচলৰ আগেদি সেমেকি আহিব বিচৰা চকুহাল মচি হ’লে।
অলপ নিৰৱতাৰ পিছত নেন্সিয়ে ক’লে, “সেই সময়ত তেওঁৰ চাগে এজন সংগীৰ প্ৰয়োজন হৈছিল অনুৰাধা। তোমালোকে তেওঁক জোৰ
কৰি বিয়া পাতি দিব লাগিছিল”।
অনুৰাধাই মুখেৰে নামাতিলে। তেওঁ অলপ সময় ভাবি
নেন্সিলৈ চাই ক’লে, “মোৰ এনে লাগে জানা নেন্সি, তেওঁ কাকো একো নক’লেও তেওঁ মনে মনে কিজানি কাৰোবাৰ কাৰণে অপেক্ষা কৰি
আছিল”।
“কাৰ কাৰণে”?
“তোমাৰ কাৰণে নেন্সি”!!
হঠাতে নেন্সিৰ দুধাৰি চকুলো সৰসৰকৈ ওলাই আহিল।
আইতাকৰ চকুলো দেখি অনুপমা সচকিত হ’ল। তাই আইতাকক ক’লে, “আইতা, এতিয়া অকণমান জিৰণি লৈ
জলপানখিনি খাই লোৱা। ভাত খোৱালৈ সময় আছে। আমি কথা পিছতো পাতিব পাৰিম”। হঠাতে আৱেগিক হৈ পৰা আইতাকৰ কাৰণে অনুপমাৰ চিন্তা হ’ল।
আইতাকে তাইক হাতত ধৰি ক’লে, “আজি মোক বাধা নিদিবা অনুপমা। এইবোৰ কথা মই এতিয়া নুশুনিলে কিজানি মোৰ আৰু
কেতিয়াও শুনাই নহ’ব। ইয়ালৈ নাহিলে মই এইবোৰ কথা নজনাকৈয়ে মৰি গ’লোঁহেতেন। মই এইখিনি শুনিবই লাগিব। কোৱা, অনুৰাধা তুমি কৈ যোৱা”।
অনুৰাধা অলপ সময় নীৰৱে থাকিল। নেন্সিয়ে অধীৰ আগ্ৰহেৰে
তেওঁলৈ চাই ক’লে, “তুমি কেনেকৈ জানিলা অনুৰাধা, তেওঁ মোৰ কাৰণেই অপেক্ষা কৰিছিল বুলি”?
অনুৰাধাই সামান্যকৈ নিজৰ অৱস্থান সলনি কৰি বহিল। তেওঁ
ক’লে, “তুমি যে উপহাৰ দি গৈছিলা পেইণ্টিং খন, সেইখন তেওঁৰ জীৱনৰ আটাইতকৈ মৰমৰ সম্পত্তি আছিল।
পেইণ্টিং খন তেওঁ ধুনীয়াকৈ ফ্ৰেমত বন্ধাই থৈছিল। সেইখন সদায় মচি কাচি চাফ চিকুণ
কৰিছিল। কৰবালৈ গ’লে খবৰ কাগজেৰে ভালকৈ বান্ধি মোনাটোতে ভৰাই লৈ গৈছিল। কেতিয়াবা নিব নোৱাৰিলে
মোৰ হাতত জমা দি গৈছিল। পেইণ্টিং খন তেওঁ বৰ মৰমেৰে ৰাখিছিল। আমাৰ বহা কোঠাত তুমি
চাগে পেইণ্টিং খন দেখিছাই”।
নেন্সিয়ে মুৰ দুপিয়ালে। তেওঁৰ মনৰ মাজত যেন হাহাকাৰ
লাগিল, ডিঙিৰ ওচৰতে কিবা এটাই যেন সোপা
মাৰি ধৰিলে।
অনুৰাধাই আপোন মনে কৈ গ’ল, “বয়স হোৱাৰ পিছত এবাৰ তেওঁৰ বেমাৰ হৈ অচেতন হৈ ঘৰতে পৰি আছিল। মোৰ ল’ৰা হঁতেই তেওঁক হস্পিতালত ভৰ্তি কৰোৱাই চিকিত্সা
কৰিছিল। হস্পিতালত সংজ্ঞা ঘুৰাই পায়েই তেওঁ পোন প্ৰথমে কি
সুধিছিল জানা? সুধিছিল পেইণ্টিং খনৰ কথা।
হস্পিতাললৈ যোৱাৰ পিছত মই সেইখন তেওঁৰ ঘৰটোৰ পৰা আনি আমাৰ ঘৰত থৈছিলোঁ। হস্পিতালৰ
পৰা অহাৰ পিছত তেওঁ বৰ দুৰ্বল হৈ পৰিছিল। ভাত ৰান্ধি খোৱাৰ শকতি দেহত নাছিল। আমাৰ
ঘৰতে আনি তেওঁক ৰাখিছিলোঁ। আমাৰ ঘৰত থাকোতে দেখিছিলোঁ, সদায় ৰাতি তেওঁ পেইণ্টিং খন তেওঁ মুৰ শিতানত থৈ
শুইছিল”।
কথাবোৰ শুনি নেন্সি লাহে লাহে যেন দুৰ্বল হৈ পৰিছিল।
তেওঁ লাহে লাহে উচুপিবলৈ আৰম্ভ কৰিছিল। তেওঁ অঁকা সাধাৰণ এখন পেইণ্টিং এজন মানুহৰ
যে জীৱনৰ আটাইতকৈ মৰমৰ সম্পদ হ’ব পাৰে সেই কথা তেওঁ কেতিয়াও কল্পনাই কৰিব পৰা নাছিল।
অনুপমাই তেওঁক সাৱটি ধৰি থাকিল। অনুৰাধাই আপোন মনে কৈ
গ’ল, “লাহে লাহে তেওঁৰ দেহৰ অৱস্থা বেয়া হৈ আহিল। জীৱনত
কেতিয়াও নিজৰ কোনো যতন নোলোৱা দেহাটোৱে বাৰ্ধক্যৰ হেঁচা সহ্য কৰিব নোৱাৰা হ’ল। মৃত্যুৰ আগে আগে এদিন তেওঁ মোক তেওঁৰ ওচৰলৈ মাতি নি পেইণ্টিং খন দেখুৱাই মোক
সেইখন সযতনে ৰাখিবলৈ ক’লে। তেওঁ ক’লে যেন তেওঁৰ উপহাৰ হিচাপে আমি
পেইণ্টিং খন ভালদৰে ৰাখি থওঁ। সেইখনকে তেওঁৰ মৰমৰ উপহাৰ বুলি ভাবি আমাৰ ঘৰত ৰাখি
থৈছোঁ”। তেওঁৰ কথা কৈ কৈ ভাগৰ লাগিছিল। চকু দুটা মুদি তেওঁ অলপ ৰ’ল।
“শেষ মুহুৰ্তত দেহৰ অৱস্থা অতি
বেয়া হৈ পৰাত এদিন তেওঁ নিজৰ ঘৰৰ ভেটীলৈ তেওঁক লৈ যোৱাৰ কথা ক’লে। তেওঁৰ ইচ্ছা অনুসৰি ল’ৰাহঁতে তেওঁক তেওঁৰ পজালৈ লৈ গ’ল। সেইদিনাই আবেলি তেওঁৰ মৃত্যু হ’ল। তেওঁৰ ইচ্ছা অনুসৰি তেওঁৰ ঘৰৰ চোতালতে তেওঁৰ শেষ
কৃত্য সমাপন কৰা হ’ল”।কথাখিনি কৈ থাকোঁতে অনুৰাধায়ো উচুপি উঠিল।
“আচৰিত কথা কি জানা, যি জন মানুহে ওৰেটো জীৱন লোকৰ কাৰণে কটাই দিলে সেইজন
মানুহ যেতিয়া নীৰৱে আতৰি গ’ল, খবৰ কৰিবলৈকো ওচৰ চুবুৰীয়াৰ
বাহিৰে কোনো মানুহ নাহিল। তেওঁৰ মৃত্যুৰ কথা ক’তো প্ৰচাৰ নহ’ল, তেওঁৰ মৃত্যু হোৱা কথাটোও মানুহে গমেই নাপালে”।
কথাখিনি শুনি নেন্সিয়ে হুকহুকাই কান্দি পেলালে।
অনুপমাই আইতাকৰ সখীয়েকক ইঙ্গিত দিলে তেওঁ যেন কথা ক’বলৈ বন্ধ কৰে।
“নেন্সি। তুমি নাকান্দিবা”। এই বুলি অনুৰাধায়ো কান্দি উঠিল।
“এইবোৰ কথা তোমাক ক’বলৈ কৰ পৰা শক্তি পাইছোঁ ময়ো নাজানো। মোৰ কথা কোৱাৰ
শক্তিয়েই নাইকীয়া হৈ গৈছিল। আজি তোমাক এইখিনি কথা ক’বলৈকে কিজানি ভগৱানে মোক শক্তি দিছে”। তেওঁ উচুপি উচুপি কৈ গ’ল।
“তুমি আজি কেনেকৈ মোক বিচাৰি
উলিয়ালা নেন্সি। মোৰ এনে লাগিছে, তুমিও কিজানি পৱিত্ৰ দাদাকেই বিচাৰি আহিছা। তেওঁৰ ঘৰটোও তুমি বিচাৰি উলিয়াইছা।
তুমি আৰু কেইবছৰমান আগতে কিয় নাহিলা নেন্সি? তোমাক লগ পালে পৱিত্ৰ দাদাই হয়তো আৰু কিছুদিন জীয়াই
থাকিলহেঁতেন। তোমাক চাই মৰিব পাৰিলে তেওঁ শান্তি পালেহেঁতেন নেন্সি”।
অনুপমাই অনুভৱ কৰিলে আইতাকৰ উশাহ নিশাহ হঠাতে ঘন হৈ
আহিছে। মাজে মাজে উচুপি উঠা মানুহ গৰাকীয়ে
চকু দুটা মুদি তাইৰ গাত হাউলি পৰিছে। লগে লগে তাই সখীয়েকৰ বিচনা খনতে তেওঁক গাত
কাপোৰ উৰাই শোৱাই দিয়াৰ ব্যৱস্থা কৰিলে।
আইতাকৰ এনে অৱস্থা দেখি সখীয়েক অনুৰাধায়ো ভয় খালে। তেওঁ নেন্সিৰ মুৰত হাত বুলাই ক’বলৈ ধৰিলে, “সেইবোৰ পুৰনি কথা পাহৰি যোৱা নেন্সি। যি হ’ব লগীয়া আছিল হ’ল। পৱিত্ৰ দাদা আৰু ঘুৰি নাহে। মোৰ দেখি ভাল লাগিছে
যে তুমি ভালদৰেই আছা। তোমাৰ এটা পৰিয়াল আছে, তোমাক মৰম কৰা, চোৱা চিতা কৰা মানুহ আছে। তাতকৈ বেছি আৰু কি লাগিছে”। অনুপমাই আইতাকৰ হাতৰ আঙুলিবোৰ টানি টানি দিলে। তেওঁ
লাহে লাহে উচুপিবলৈ এৰিলে যদিও উশাহ ঘন ঘনকৈ লৈয়েই থাকিল। মাজে মাজে তেওঁ যেন বিষত
ছটফটাবলৈ ধৰিলে।
“কেভিন, আইতা হঠাতে অসুস্থ হৈ পৰিছে। আমি সোনকালে তেওঁক
ডাক্তৰৰ ওচৰলৈ নিব লাগিব”। বহা কোঠালৈ খৰখেদাকৈ আহি অনুপমাই কথাখিনি কোৱাৰ লগে লগে আটাইবোৰ লগে লগে উঠি
আইতাক থকা কোঠাটোলৈ আহিল।
কেভিনে তত্পৰতাৰে তাৰ জেপৰ পৰা এটা ষ্প্ৰে’ উলিয়াই আইতাকৰ মুখত মাৰি দিলে। সি বুজিলে আইতাকৰ উশাহ
নিশাহ লোৱাত কষ্ট হৈছে। হয়তো হৃদযন্ত্ৰৰো অসুবিধা পাইছে।
“আইতাক আমি এতিয়াই হস্পিতালত
ভৰ্তি কৰিব লাগিব। তেওঁক অতি সোনকালে চিকিত্সাৰ প্ৰয়োজন”। কেভিনে অলপ উত্তেজিত হৈ ক’লে।
অনুপমাৰ কাণেৰে যেন গৰম বতাহ এচাটি সোমাই আহিল। “আমি এতিয়াই যাব লাগিব। আইতাক ধৰি গাড়ীত উঠাই দিয়ক”, তাই চিঞৰি দিলে।
অনুপমাৰ দেউতাকো হতভম্ব হ’ল। তেওঁ ডিম্ব ফুকনৰ ওচৰলৈ গৈ ক’লে, “ফুকন, এতিয়া কি কৰা যায়। কোনখন
হস্পিতাললৈ নিলে ভাল হ’ব”?
“এ এম চিলৈ লৈ যাওক। বেলেগ কথা
চিন্তাই নকৰিব। ভাল ডাক্তৰ খিনি এ এম চিতে পাব। হাৰ্টৰ প্ৰব্লেম থাকিলে এ এম চিলৈকে পঠিওৱা হয়”। ফুকনে ক’লে।
“আপুনিও ওলাওক। কি হয় ঠিকনা নাই”। বৰুৱাই ক’লে। ডিম্ব ফুকনে সাউতকৈ ভাল চোলা এটা পিন্ধি লগতে যাবলৈ ওলাল।
অনুপমাৰ নিৰ্দেশত ল’ৰা ল’ৰিকৈ আইতাকক চাৰিজনে ধৰি মেলি আনি ডিগবৈৰ পৰা তেওঁলোক অহা গাড়ী খনৰ পিছৰ চীটত
দীঘলীয়াকৈ শুৱাই দিলে। মুৰ শিতানত অনুপমাই বহি তেওঁৰ মুৰটো কোলাত ল’লে। ভৰি শিতানত কেভিন বহি ভৰি কেইটা কোলাত ল’লে। ওখোৰা মোখোৰা বাট চোৱাত ভালদৰে নধৰিলে আইতাক পৰি
যাব পাৰে বুলি তাৰ ভয় হ’ল। ডিম্ব ফুকনো লগতে ওলাল। এ এম চি অৰ্থাৎ অসম চিকিত্সা মহাবিদ্যালয়ৰ
হস্পিতাললৈ সেই ঠাইৰ পৰা ভালেমান দুৰ।
আগে আগে চেতিয়া মটৰ চাইকেলত, তাৰ পিছত গাড়ীত ডিম্ব ফুকনৰ সৈতে যোগেন বৰুৱা আৰু সদৌ
শেষত বলেৰ’ গাড়ী খনত আইতাকক লৈ অনুপমা আৰু
কেভিন গাৱঁৰ কেঁচা ৰাস্তাটোৰে মুল আলিবাটলৈ আগবাঢ়িল। কেভিনে ক’লে, “মই ঠিক এনেকুৱা এটা ঘটনাই হ’ব বুলি ভয় খাই আছিলোঁ অনুপমা। আইতাই এতিয়া ভাল চিকিত্সা পালেই হয়”। অনুপমাই মুখেৰে নামাতিলে। তাইৰ দেহৰ হৃৎস্পন্দন
বহুগুণে বাঢ়ি যোৱা যেন লাগিল। গাড়ীখন যেন খৰকৈ যাব পৰা নাই, কিন্তু সময়বোৰ যেন বৰ খৰকৈ পাৰ হৈ গৈছে এনে লাগিল
তাইৰ। আইতাকৰ মুৰত হাত বুলাই বুলাই তাই কৈ গৈ থাকিল, “আইতা, তোমাৰ একো নহয় আইতা। তুমি ভাল হ’বই লাগিব আইতা। মই তোমাৰ একো হ’বলৈ নিদিওঁ। আমি একেলগে লণ্ডনলৈ উভতি যাব লাগিব। তুমি শুনিছানে আইতা”।
তাইৰ নিজকে দোষী দোষী লাগিল। তাই মনে মনে ঈশ্বৰৰ ওচৰত
প্ৰাৰ্থনা কৰিলে, আইতাকৰ যেন একো নহয়। হস্পিতাললৈ
এইচোৱা বাট যেন নাযায় নুপুৱায়। ড্ৰাইভাৰক তাই মাজে মাজে কৈ থাকিল, “আৰু অলপ জোৰেৰে চলোৱা। …..আজি ৰাষ্টাত ইমান ভিৰ কিয় হৈছে। …….সেই গাড়ীখনে ছাইড দিয়া নাই কিয়। …….হৰ্ণ বজোৱা”।
অসম চিকিত্সা মহাবিদ্যালয়ৰ চৌহদ পায়েই বৰুৱা, চেতিয়া আৰু ফুকনে দৌৰাদৌৰিকৈ এখন ষ্ট্ৰেচাৰ আৰু মানুহ
কেইজনমান যোগাৰ কৰি আনিলে। ইমাৰজেন্সী বিভাগত আইতাকক খৰখেদাকৈ লৈ যোৱা হ’ল।
হস্পিতালত ডিউটিত থকা ডাক্তৰে আইতাকৰ অৱস্থা দেখি
পোনে পোনে আই চি ইউত ভৰ্তি কৰিবলৈ নিৰ্দেশ দিলে। ডাক্তৰে ক’লে যে তেখেতৰ এটা মাইল্ড ষ্ট্ৰোক হৈছে, গতিকে তেওঁৰ দেহৰ অহৰ্নিশ পৰিচৰ্য্যাৰ প্ৰয়োজন আছে।
ডাক্তৰৰ কথা মতে ততালিকে তেওঁক আই চি ইউত ভৰ্তি কৰি দিয়া হ’ল।
আই চি ইউত তেওঁক অক্সিজেনৰ সহায়ত উশাহ নিশাহ লোৱাৰ
ব্যৱস্থা কৰা হ’ল, হৃদযন্ত্ৰৰ কম্পন পৰ্য্যবেক্ষণ কৰা যন্ত্ৰ সংযোজিত
কৰা হ’ল, ড্ৰিপৰ সহায়ত শৰীৰৰ প্ৰয়োজনীয় জুলীয়া পদাৰ্থ যোগান
ধৰাৰ ব্যৱস্থা কৰা হ’ল। এই বোৰ দেখি কেভিন আৰু অনুপমা ভীষণ শংকিত হৈ পৰিল।
বৰুৱাই দুয়োকে শান্তনা দি ক’লে, “তোমালোকে এতিয়া ধৈৰ্য্য ধৰিব লাগিব। ইয়াত মোৰ চিনাকী ডাক্তৰ আছে। যিমান খিনি
সম্ভৱ সকলো কৰা হ’ব। তোমালোকে কিবা খাই লোৱাগৈ। মই অলপ ৰৈ দিছোঁ”।
ইতিমধ্যে দুপৰীয়াৰ আহাৰ খোৱা সময় উকলি গৈছিল। খাবলৈ
কেভিন আৰু অনুপমা কাৰো মন যোৱা নাছিল। অনুপমাই আই চি ইউৰ বাহিৰৰ চকী এখনত মুৰ তল
কৰি বহি ৰ’ল। তাই দেউতাকৰ কথা কাণত পৰাৰ
কোনো লক্ষণ নেদেখুৱালে।
কেভিনে তাইক হাতত ধৰি উঠাই দি ক’লে, “ব’লা কিবা এটা খাই ল’বা”। তাই হঠাতে হুক হুকাই কান্দি কেভিনক সাৱটি ধৰিলে। তাই ক’লে, “মোক ক্ষমা কৰি দিয়া কেভিন”।
“তুমি ভাঙি নপৰিবা অনুপমা। তুমি
ভাঙি পৰিলে মই অকলে কেনেকৈ চম্ভালিম। আমি দুয়ো যদি অসুখীয়া হৈ যাওঁ আমি আইতাৰ
শুশ্ৰূষা কেনেকৈ কৰিম”। কেভিনে অনুপমাক শান্ত কৰিবলৈ চেষ্টা কৰিলে।
“সেইপিনে কেণ্টিন এখন আছে। আমি
তালৈকে যাওঁ ব’লা”। এইবুলি সি তাইক আগবঢ়াই লৈ গ’ল।
কেণ্টিন খনত তেতিয়াও ভাত চলি আছিল যদিও এজনৰো ভাত
খাবলৈ মন যোৱা নাছিল। কেভিনে দুকাপ চাহ আৰু দুই প্লেট পৰঠা অৰ্ডাৰ কৰিলে। দুয়ো
সমুখা সমুখিকৈ বহিল।
সি অনুপমাক ক’লে, “নিজকে দোষী বুলি নাভাবিবা অনুপমা। মই জানো তুমি কেতিয়াও আইতাৰ অহিত চিন্তা
কৰিব নোৱাৰা। যি হ’বলগীয়া আছিল হ’ল। কিছুমান ঘটনা মানুহৰ নিজৰ আয়ত্বৰ বাহিৰত থাকে। এতিয়া মাথোন প্ৰাৰ্থনা কৰা
যাতে আইতা আমি উভতি যোৱা দিনটোলৈ সুস্থ হৈ উঠে”।
তাই তললৈ মুৰ কৰি বহি ৰ’ল। তাই হঠাতে ক’লে, “আমাৰ ইয়াত পৃথিৱীৰ আটাইতকৈ ভাল চিকিত্সা পোৱা অসম্ভৱ কেভিন। আইতাৰ যদি কিবা হৈ
যায়……”, তাই হাতেৰে চকু দুটা ঢাকি দিলে।
“ময়ো জানো অনুপমা, লণ্ডনৰ দৰে চিকিত্সা ইয়াত পোৱা নাযাব। কিন্তু যিখিনি
ইয়াত আছে, সেইখিনিকে যাতে ভালদৰে পায় তাৰ
কাৰণেহে আমি চেষ্টা কৰিব লাগিব। আইতাই অলপ ভাল পালে আমি তেওঁক লণ্ডনলৈ সুকলমে নিব
পাৰিব”।
ল’ৰা এজনে টেবুলত দুই প্লেট পৰঠা আৰু দুটা বাটিত আলু আৰু কাবুলি চানাৰ তৰকাৰী দি
থৈ গ’ল। অনুপমাই পৰঠাখন কিছু পৰ হাতৰ
নখেৰে চিকুটি থাকিল। কেভিনে তাইৰ হাতত হাত থৈ ক’লে, “তুমি দুৰ্বল নহ’বা অনুপমা। তুমি দুৰ্বল হৈ পৰিলে মই অকলে সকলো চম্ভালিব নোৱাৰিম। ইয়াত আৰু মোৰ
কোন আছে”।
তাই নখেৰে চিকুটি কৰা পৰঠাৰ টুকুৰা এটা তাইৰ মুখৰ
আগলৈ নি সি ক’লে, “এতিয়া একো নাভাবিবা। যি হয় দেখা যাব। এতিয়া এইখিনি
খাই লোৱা”, এই বুলি সি টুকুৰাটো তাইৰ মুখত
ভৰাই দিলে।
খোৱা হোৱাৰ পিছত কেভিনে তাৰ ফোনটোৰ পৰা মাকৰ নম্বৰ
ডায়েল কৰিলে। আইতাকৰ এনে অৱস্থাৰ বিষয়ে জনাবলৈ মাকৰ বাহিৰে তাৰ আন কোনো নাই। কিন্তু
কেইবাবৰো চেষ্টা কৰিও সংযোগ কৰিব নোৱাৰিলে। অনুপমাৰ ফোনটোৰ পৰা চেষ্টা কৰিও লাভ নহ’ল।
“আমাৰ ইয়াত এনেকুৱাই। ইণ্টাৰনেশ্যনেল
কানেকশ্যন পোৱাটো সহজ নহয়। আমি লেণ্ড লাইন ফোনত চেষ্টা কৰিব লাগিব”। এই বুলি অনুপমাই তাক পি চি অ’ এখনলৈ লৈ গ’ল।
পি চি অ’ খনৰ পৰা প্ৰথম চেষ্টাতে সংযোগ পাই গ’ল।
“মা, মই তোমাক বেয়া খবৰ এটা দিবলৈ ফোন কৰিলোঁ। আইতাৰ খুব
অসুখ। হস্পিতালৰ আই চি ইউত আছে”।
“কেভিন, তুমি যিমান সোনকালে পাৰা তেওঁক লণ্ডনলৈ লৈ আহা। মই
তোমাক কৈছিলোৱেই ইমান দীঘলীয়া ভ্ৰমণত যাব পৰা সামৰ্থ্য মাৰ নাই। তোমালোক কোনেও মোৰ
কথা নুশুনিলা।মাৰ নো এই বয়সত ইমান দুৰ ফুৰিবলৈ যাবলৈ ইমান চখ কিয় হ’ল মই বুজি নাপাওঁ”। কেভিনৰ মাকে উষ্মাৰে ক’লে।
“মা, তুমি চিন্তা নকৰিবা। এইখন ঠাইৰ আটাইতকৈ ভাল হস্পিতাল
খনতে আইতাক ভৰ্তি কৰাইছোঁ। ডাক্তৰে কৈছে এতিয়া তেওঁ ষ্টেবল হৈ আছে। অনুপমাও মোৰ
লগতে লাগি আছে। অনুপমাৰ দেউতাকো আছে। গতিকে তুমি একেবাৰে চিন্তা নকৰিবা। আমি
সোনকালেই ঘুৰি আহিম”।
“মই যাব পাৰিলে খুব ভাল হ’লহেতেন। কিন্তু অনুপমা আছে যেতিয়া তাই নিশ্চয় আইতাৰ যত্ন ল’ব। মোক অনুপমাৰ লগত কথা পতাই দিয়াচোন”।
কেভিনে ফোনৰ ৰিচিভাৰটো অনুপমাক দিলে।
“আণ্টি। আইতাৰ হঠাতে কি জানো হৈ
গ’ল। আজি দুপৰীয়ালৈকে তেওঁ ঠিকেই
আছিল”। অনুপমাই উত্কণ্ঠাৰে ক’লে।
“অনুপমা। তেওঁৰ চিকিত্সাৰ কাৰণে
যিমান সম্ভৱ সকলো খিনি কৰা। যিমান খৰচ হয় হ’ব, চিন্তা কৰিব নালাগে। মই প্ৰয়োজন হ’লে তোমাৰ নামত বা তোমাৰ দেউতাৰ নামত পইচা পঠিয়াই দিম”।
“আপুনি পইচাৰ কাৰণে চিন্তা নকৰিব
আণ্টি। আমি যিমান সম্ভৱ সকলো কৰিম। আইতাক আমি সুস্থ কৰি তুলিমেই। আইতা আমাৰ লগতে
সুস্থ হৈ লণ্ডনলৈ যাব”।
“তোমালোক দুয়োৰো ওপৰত মোৰ ভৰসা
আছে। মাজে মাজে মোক খবৰ জনাই থাকিবা। বেছি ছিৰিয়াচ হ’লে মই নিজেই গৈ তাত ওলামগৈ”।
মাকৰ লগত কথা পাতি কেভিনে সকাহ বোধ কৰিলে। সি অনুভৱ
কৰিলে দুৰত থাকিলেও মাকৰ উপস্থিতিয়ে তাৰ পৃথিৱীখনৰ বহুত খিনি আগুৰি আছে।
ফোন কৰি কেভিন আৰু অনুপমা আই চি ইউলৈ উভতি আহিল।
No comments:
Post a Comment