কেভিনে আই চি ইউৰ সমুখৰ
বাৰাণ্ডা খনত ৰৈ থকা অনুপমাৰ দেউতাকক ক’লে, “আংকল, আপুনি অনুপমাক লৈ ঘৰলৈ
যাওক। ক্লাৰাকো দুলীয়াজনৰ পৰা লৈ যাবগৈ। আমি আটাইবোৰ ইয়াত ৰৈ থকাৰ প্ৰয়োজন নাই।
কিবা প্ৰয়োজন হ’লে মই মাতি পঠিয়াম”।
কথাটো শুনি অনুপমাই
প্ৰতিবাদ কৰি ক’লে, “মই কলৈকো নাযাওঁ। ময়ো ইয়াতে থাকিম আইতা ভাল নোহোৱা পৰ্য্যন্ত। দেউতা তুমি
যোৱাগৈ। তোমাৰ চিনাকী ডাক্তৰৰ লগত এবাৰ কথা পাতি তুমি ঘৰলৈ যোৱাগৈ”।
দেউতাকে ক’লে, “তহঁতক
এনেকৈ এৰি মই নাযাওঁ। মই ইয়াতে এটা কোঠা ঠিক কৰিছোঁ। তাত আমি সলনা সলনিকৈ জিৰণি লব
পাৰিম। আজি ৰাতি ময়ো থাকিম। মই ৰাতি থকাৰ কাপোৰ কানি অনা নাই
যদিও এদিনৰ কাৰনে সমস্যা নহয়। কাইলৈ কি হয় দেখা যাওক”।
“আংকল, আপুনি যে কষ্ট কৰি আমাৰ
লগত থাকিব বিচাৰিছে তাৰ কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ। আপুনি থাকিলে আমাৰো সাহস হয়।
আপুনি কিবা এটা খাই আহি জিৰণি লওক। আপুনি ইয়াত ৰৈ থাকিব নালাগে”।
কেভিনে তেওঁক কেণ্টিনলৈ
গৈ খাই আহিবলৈ অনুৰোধ কৰিলে।
ইতিমধ্যে সন্ধিয়া হৈ
আহিছিল। কুৱঁলীৰ চাদৰ এখনে চাৰিওপিনে আৱৰি ধৰিছিল। অনুপমাৰ দেউতাকে কেণ্টিনলৈ গৈ
খোৱা বোৱা কৰি আহিল।
দেউতাক আহি পোৱাৰ পিছত
অনুপমাই ক’লে, “কেভিন, দেউতাক লৈ তুমিও অলপ জিৰণি লোৱাগৈ। মই ইয়াতে আছোঁ”।
কেভিনে অনুপমাৰ দেউতাকক
লগত লৈ জিৰনি লোৱা কোঠাটোলৈ আহিল। অনুপমা নাহিল। তাই বাৰাণ্ডাতে বহি থাকিল।
কোঠাটোত দুখন বিচনা আৰু
এটা সংলগ্ন টয়লেট আছে। বিচনা খনত বহি লৈ বৰুৱাই ক’লে, “মোৰ ছোৱালীজনী বৰ আবেগিক। তাই
হৃদয়েৰে যিটো কাম কৰিব বিচাৰে কৰিবই। তাইক মই কৈয়ো লাভ নাই। তাই এতিয়া আই চি ইউৰ
বাহিৰত বহিম বুলি কৈছে যেতিয়া বহিবই। কৈ একো লাভ নাই”।
কেভিনে ক’লে, “মই
জানো আংকল। কিন্তু তাইৰ এটা খুব শক্তিশালী ধুনীয়া মন আছে। তাইৰ আবেগ বোৰো অতি
বাস্তৱসন্মত। সস্তীয়া আবেগত উটি ভাঁহি যোৱা প্ৰকাৰৰ ছোৱালী তাই নহয়”।
বৰুৱাই তাৰ কথা শুনি অলপ
পৰ ৰ’ল। বিদেশী ডেকাজনৰ মুখত নিজৰ
জীয়ৰীৰ প্ৰশংসা তেওঁৰ যেন পচন্দ নহ’ল। তেওঁ ক’লে, “তোমাৰ
বান্ধৱী ক্লাৰা, তাই ক’ত? তাইক ক’ত এৰি থৈ আহিলা?”
কেভিনে ক’লে, “তাই
দুলীয়াজানতে আছে। তাই প্ৰশান্তৰ লগত ভিডিঅ’ এডিটিঙৰ কামত ব্যস্ত আছে। আমি দুলীয়াজান হৈ তাইক লৈ যোৱাৰ কথা আছিল। পিছে
এতিয়া তাই হয়তো দুলীয়াজানতে থাকিব লাগিব”।
বৰুৱাই ক’লে, “অ’ হয় নেকি? মই প্ৰশান্তৰ দেউতাকক ফোন
কৰি কৈ দিম। তেওঁলোকৰ ঘৰতে তাই থাকিব পাৰিব”।
বৰুৱাই অলপ পৰ ৰৈ কিবা
এটা ভাবিলে। তেওঁ ক’লে, “পঢ়া শুনা শেষ হোৱাৰ পিছত অনুপমাৰ বিয়াখন পাতিম বুলি
ভাবিছোঁ। তোমালোককো নিমন্ত্ৰণ কৰিম। সকলোৱে আহিবা”।
কেভিনে হাঁহি মাৰি ক’লে, “পাৰিলে
নিশ্চয় আহিম আংকল। আপোনালোকতো এতিয়া আমাৰ আপোন মানুহৰ নিচিনাই”।
বৰুৱাই ক’লে, “ক্লাৰাৰ
লগত তোমাৰ বিয়াৰ দিন ঠিক হ’লে আমাকো খবৰ দিবা। আমিও
পাৰিলে যাম”।
কেভিনে হাঁহি মাৰি ক’লে, “মোৰ
তেনেকুৱা একো পৰিকল্পনা নাই আংকল। আপোনালোক এনেয়ো ফুৰিবলৈ লণ্ডনলৈ আহিব”।
বৰুৱাই বিচনাখনত দীঘল দি
পৰিল। দিনটো তেওঁৰো জিৰনি লোৱা হোৱা নাই। অলপ সময় পিছতে
তেওঁ টোপনি গ’ল। তেওঁৰ নাক বাজিবলৈ ধৰিলে।
কেভিনেও অলপ পৰ বিচনাখনত পৰিল যদিও তাৰ টোপনি নাহিল। সি উঠি গৈ অনুপমাৰ কাষত বহিল।
অনুপমাই ক’লে, “ব’লা এবাৰ আইতাৰ ওচৰৰ পৰা আহোঁ। মই অলপ আগতে এবাৰ
গৈছিলোঁ। তেওঁ টোপনি গৈ আছিল”। কেভিনে ক’লে, “ব’লা। পিছে ডাক্তৰে কথা
পাতিবলৈ মানা কৰিছে”।
আইতাকে চকু মেলি আছিল।
দুয়ো ওচৰ চাপি যোৱাত তেওঁ সামান্য হাঁহিবলৈ চেষ্টা কৰিলে। অনুপমাই তেওঁৰ মুৰত হাত
বুলাই দিলে। আইতাকে কিবা ক’বলৈ চেষ্টা কৰিছিল যদিও
তাই তৰ্জনী আঙুলিটো মুখত লগাই কথা ক’বলৈ মানা কৰিলে। কেভিনে
হাঁহি মাৰি তাৰ বুঢ়া আঙুলিটো দেখুৱাই আইতাকক ভাল হৈ যাব বুলি উত্সাহ দিলে। সি
পৰিচৰ্য্যা কৰি থকা নাৰ্চ জনীৰ পৰা খবৰ কৰি জানিব পাৰিলে যে আইতাকৰ অৱস্থা আগতকৈ
উন্নত হৈছে। কেৱল হৃত্পিণ্ডৰ কম্পন আৰু ৰক্তচাপ কিছু পৰিমানে অনিয়মীয়া হৈ আছে। আন
অংগ প্ৰত্যংগ সমূহ বয়সৰ কাৰনে দুৰ্বল হৈছে যদিও সন্তোষজনক ভাৱে কাম কৰি আছে।
ডিম্ব ফুকনে হস্পিতালত
ভৰ্তি কৰা কাম হৈ যোৱাৰ পিছত ঘৰলৈ গৈছিল। ৰাতি তেওঁ পৰিবাৰৰ লগত খবৰ কৰিবলৈ আহিল।
তেওঁ ক’লে যে সখীয়েক অসুস্থ হৈ
হস্পিতালত ভৰ্তি হোৱাৰ খবৰ পোৱাৰ পিছত মাক অনুৰাধাও বেজাৰতে অসুস্থ হৈ পৰিল। তেওঁৰ
হঠাতে মাত কথা বন্ধ হৈ পৰিছে। তেওঁৰ এতিয়া চিন্তা হৈছে, সখীয়েকৰ লগতে মাককো হস্পিতালত ভৰ্তি কৰিব লগীয়া হয় নেকি। সেয়ে তেওঁ বেছি সময়
নাথাকিল। প্ৰয়োজন হ’লে যোগাযোগ কৰিবলৈ ফোন
নম্বৰ এটা দি তেওঁ যাবলৈ ওলাল।
অনুপমাই তেওঁক ক’লে, “খুড়া, খবৰ কৰি থাকিব। প্ৰয়োজন হ’লে আমিও খবৰ দিম”।
“নিশ্চয় খবৰ কৰিম। ভালদৰে থাকা। মই পিছত আকৌ আহিম”। এই বুলি তেওঁলোক ততাতৈয়াকৈ গ’লগৈ।
ৰাতি ভাত খোৱাৰ পিছত
কেভিনে অনুপমাক ক’লে, “দেউতা আৰু তুমি শুই থাকাগৈ। ৰাতিটো মই সাৰে থাকিম। ৰাতিপুৱা তুমি সাৰ পোৱাৰ পিছত মই অলপ শুম”।
অনুপমাৰ চকু দুটা টানি
ধৰিছিল। আগনিশাও তাইৰ ভাল টোপনি নহ’ল। তাই ভাবিলে, অলপ শুই নল’লে পিছদিনালৈ তাই নিজেই
অসুস্থ হৈ পৰিব। তাই কেভিনক ক’লে, “তুমি বহা। মই সাৰ পালেই গুচি আহিম”। কিবা এটা মনত পৰাৰ দৰে দুখোজমান গৈ আকৌ উভতি আহি তাই সুধিলে, “ক্লাৰাক খবৰ দিয়া হ’লনে? তাই চিন্তা কৰি থাকিব। মোৰ
কথাটো এতিয়াহে মনত পৰিছে।”
“মই প্ৰশান্তলৈ কেইবাবাৰো ফোন কৰিছোঁ। ক্লাৰাৰতো ফোন
নাই। কিন্তু সি ফোনটো উঠোৱা নাই। তুমিও চেষ্টা কৰি চাবাচোন”। কেভিনে ক’লে।
প্ৰশান্তই ফোন নুঠোৱা
কাৰণে অনুপমাৰ চিন্তা হ’ল। আন একো বিপদ নহ’লেই হয়, তাই ভাবিলে।
প্ৰশান্ত সেই সময়ত এখন
বেলেগ পৃথিৱীত ব্যস্ত।
কেভিন হঁত ওলাই যোৱাৰ
পিছতে প্ৰশান্তই বাইকত ক্লাৰাক তাৰ কোৱাৰ্টাৰলৈ লৈ গ’ল। এডিটিঙৰ বাকী থকা কামখিনি সি আৰম্ভ কৰিলে। প্ৰশান্তৰ এডিটিঙৰ কাৰ্য্য
কুশলতা দেখি ক্লাৰাই তবধ মানিলে। কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ কেৱল নিজৰ আগ্ৰহেৰে
ভিডিঅ’ এডিটিঙৰ সি যিখিনি কথা জানে সেইখিনি
তাই ছমহীয়া কোৰ্চ এটা কৰিও শিকিব নোৱাৰিলে। মাত্ৰ দুটা কেমেৰাৰে দুটা দিশৰ পৰা
দৃশ্যগ্ৰহণ মিহলি কৰি সি শেষত ইমান ধুনীয়াকৈ ক্লিপটো নিৰ্মাণ কৰি উলিয়ালে যে সেয়া
কোনোবা পেছাদাৰী নিৰ্মাতাই নিৰ্মাণ কৰা ছবিৰ অংশ যেন লাগিল।
এবাৰ কম্পিউটাৰত বহিলে
প্ৰশান্তই খাবলৈ শুবলৈ পাহৰি যায়। সি সাৱলীল ভাৱে কম্পিউটাৰৰ কি বোৰ্ড আৰু মাউচ
ব্যৱহাৰ কৰি এডিটিং কৰি থকাৰ সময়ত ক্লাৰাই বিমুগ্ধ নয়নেৰে সি কৰা কাম চাই থাকিল।
প্ৰশান্তই মাজে মাজে কামৰ
মাজত হাত ভৰি পোন কৰিবলৈ ৰৈ যায়।
“এতিয়া ব্ৰেক টাইম। কি খাবা কোৱা। মোক তুমি অৰ্ডাৰ
কৰিলেই হ’ল”। প্ৰশান্তই ৰৈ দিলেই
ক্লাৰাই ততাতৈয়াকৈ ফ্ৰিজৰ পৰা ফ্ৰুট জুচ, চকলেট, চানা উলিয়াই আনি থাকিল আৰু প্ৰশান্তৰ লগত সেইবোৰ ভগাই
খাই থাকিল।
মাজতে ভাত বনোৱা মানুহজনী
আহিল। মানুহজনীক প্ৰশান্তই ‘নানী’ বুলি সম্বোধন কৰা দেখি ক্লাৰাই আমোদ পালে। প্ৰশান্তই
বুজালে লিগিৰীৰ কাৰণে ব্যৱহাৰ কৰা ইংৰাজী ‘নেনী’ শব্দটোৱেই অসমীয়া জিভাত পৰি ‘নানী’ হৈছেগৈ।
“আজি কি খাবা কোৱা। চিকেন বনাবলৈ দিওঁ”? প্ৰশান্তই ক্লাৰাৰ মুখলৈ চাই ক’লে।
“এই আজি খ্ৰিষ্টমাছ। আজি মোৰ এইদৰে ঘৰত সোমাই থাকি ভাত
দাইল খাই থাকিবৰ মন যোৱা নাই। আমি খ্ৰিষ্টমাছৰ দিনা চাৰ্চলৈ যাওঁ, লগৰ বন্ধু বান্ধৱৰ ঘৰলৈ যাওঁ, ভোজ খাওঁ, পাৰ্টী কৰোঁ, কিমান যে ফূৰ্তি কৰোঁ। ব’লানা, আমি ক’ৰবাত বাহিৰলৈ ওলাই যাওঁ”। ক্লাৰাই খাটনি ধৰিলে
“পিকনিক খাবলৈ যাবা”?
ক্লাৰা জাপ পাৰি উঠিল, “নিশ্চয় যাম। ব’লা আমি সাগৰৰ পাৰলৈ যাওঁ। সাগৰৰ পাৰত বহি পিকনিক খাম”।
প্ৰশান্তৰ হাঁহি উঠিল। “ধেৎ, ইয়াত ক’ত সাগৰ পাবা। আমি নৈৰ পাৰলৈ যাব পাৰোঁ। ওচৰতে বুঢ়ী
দিহিং নদী আছে। নৈৰ পাৰত পিকনিক খাবা”?
“বা:, বঢ়িয়া হ’ব। নৈৰ পাৰত বহি জাহাজ বোৰ চাম, নৈত বোটিং কৰিম। নৈ খন থেমচৰ নিচিনা নে”?
“থেমচৰ নিচিনাই নৈ। পিছে জাহাজ দেখিবলৈ নোপোৱা। হাতেৰে
বঠা মৰা নাও পাবা। আমি নামফাকে গাৱঁলৈ যাম। ইয়াৰ পৰা পোন্ধৰ কিল’মিটাৰ দুৰ। সেই গাৱঁত এটা প্ৰসিদ্ধ বৌদ্ধ বিহাৰো আছে”।
“ৱাও। তোমালোকৰ ইয়াতো বৌদ্ধধৰ্মী মানুহ আছেনে”?
“আছে আছে। নামফাকে গাৱঁৰ বেছিভাগেই বৌদ্ধধৰ্মী। বুঢ়ী দিহিং নদীৰ ওচৰতে ফাকিয়াল মানুহৰ গাওঁখন আছে। ফাকিয়াল মানুহবোৰৰ পূৰ্ব পুৰুষ ম্যানমাৰৰ পৰা অহা।
গাওঁখনত পৰম্পৰাগত ফাকিয়াল পদ্ধতিত ৰন্ধা বৰ সোৱাদ লগা খোৱা বস্তু পোৱা যায়”।
“মই খাই পাইছোঁ। অনুপমাই এদিন আমাক ট্ৰেডিছনেল ফুড
খুৱাইছে। খুব টেষ্টি। বা: বঢ়িয়া হ’ব “। ক্লাৰাই টকালি মাৰি ক’লে।
দুপৰীয়া কামৰ পৰা অলপ
বিৰতি লৈ বাইকত ক্লাৰাক পিছৰ ছীটত বহুৱাই প্ৰশান্তই নাহৰকটীয়া অভিমুখে আগবাঢ়িল।
নাহৰকটীয়া কলেজৰ ওচৰতে নামফাকে গাওঁ খন আছে। বন্ধৰ দিন কাৰনে ৰাস্তাত বেছি ভিৰ, হাই উৰুমি নাই। অলপ সময়ৰ পিছতে তেওঁলোকে নাম ফাকে
গাৱঁত প্ৰৱেশ কৰিলে। মূল পথৰ পৰা বাওঁহাতে নামফাকে গাৱঁলৈ যোৱা বাট আৰম্ভ হৈছে।
অলপ দুৰ গৈয়েই এটা কেঁকুৰিত প্ৰশান্তই বাইক ৰখালে। এটা অস্থায়ী খেৰ বাহঁ টকৌপাতেৰে
সজা ঘৰত এহাল দম্পত্তীয়ে এখন পৰম্পৰাগত খাদ্যৰ সৰু ৰেষ্টোৰেণ্ট চলাইছে। অলপ
আগতিয়াকৈ অৰ্ডাৰ নিদিলে তেওঁলোকে খাদ্য পৰিৱেশন কৰোঁতে কিছু সময় লগায়। প্ৰশান্তই
মতা মানুহজনৰ লগত কথা পাতি বাহঁৰ গাজেৰে বনোৱা গাহৰিৰ মাংস আৰু তেওঁলোকৰ পৰম্পৰাগত
পদ্ধতিৰে বনোৱা মাছ ভাজিৰ অৰ্ডাৰ কৰিলে। লগত টোপোলা ভাত। তাক কোৱা হ’ল যে প্ৰস্তুত কৰিবলৈ আধা ঘণ্টা সময় লাগিব। এই সময়
খিনি প্ৰশান্তই ক্লাৰাক গাওঁখন দেখুওৱাৰ লগতে বৌদ্ধ বিহাৰটোত কটোৱাৰ কথা ভাবিলে।
সি ক্লাৰাক চাং ঘৰ আকৃতিত
সঁজা ঘৰবোৰ দেখুৱালে। বাহঁ, খেৰ আৰু টকৌ পাতেৰে সজা এনে চাং ঘৰ বোৰ যথেষ্ট মজবুত।
চাংঘৰবোৰৰ তলত হাতশালত শিপিনী বোৰে কাপোৰ বৈ থকা দেখি ক্লাৰা খুব আনন্দিত হ’ল। এনেদৰে হাতশালত কাপোৰ নিৰ্মান কৰা তাই কেতিয়াও
দেখা নাই।
প্ৰশান্তই ক্লাৰাক ক’লে, “এই
মানুহবোৰ মূলত: থাইলেণ্ডৰ পৰা অহা আৰু টাই সম্প্ৰদায়ৰ। তেওঁলোকে কেইবা শ বছৰ আগতে
পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল। তেওঁলোকে আগতে ম্যানমাৰত বাস কৰিছিল যদিও
কিছুমানে আহি বুঢ়ী দিহিং নদীৰ পাৰত বসতি কৰে। এওঁলোক মূলত: বুদ্ধ ধৰ্মৰ লোক আৰু
তেওঁলোকে এতিয়াও নিজৰ ভাষা সংস্কৃতি বজাই ৰাখিছে। সেয়ে তেওঁলোক এতিয়াও স্থানীয়
মানুহতকৈ কিছু পৃথক। তেওঁলোকক স্থানীয় মানুহে ফাকিয়াল বুলি কয়”। ক্লাৰাই ফাকিয়াল মানুহৰ ঘৰ বোৰৰ ফটো তুলিলে।
তৰ পৰা ওলাই প্ৰশান্তই ক্লাৰাক
লৈ অলপ আগলৈ থকা বৌদ্ধ বিহাৰটোলৈ বাইক পোনালে। বন্ধ দিন বাবে বৌদ্ধ বিহাৰটোত
মানুহৰ কিছু সমাগম হৈছিল। হয়তো বহুতে পিকনিক খাবলৈ আহি বৌদ্ধ বিহাৰটো দৰ্শন কৰিবলৈ
আহিছিল। বৌদ্ধ বিহাৰটো বৰ ধুনীয়া। কেইবা জনো বৌদ্ধ ভিক্ষু গেৰুৱা পোচাক পিন্ধি
ঘুৰি ফুৰা দেখা গ’ল। ১৮৫০ চনতে এই বৌদ্ধ
বিহাৰটো স্থাপিত হৈছিল বুলি জানিব পাৰি ক্লাৰা আচৰিত হ’ল। বৌদ্ধ বিহাৰটোত প্ৰৱেশ কৰিয়েই প্ৰাৰ্থনা গৃহত সুবিশাল সোনালী ৰঙৰ বুদ্ধ
মুৰ্তিটো দেখা যায়। সুন্দৰ বৌদ্ধ বিহাৰটোৰ চৌহদ টোত এটা অশোক স্তম্ভৰ প্ৰতিকৃতি
আৰু এটা সৰু পুখুৰী আকৃতিৰ মুছুলিন্দা আছে। দৰ্শনাৰ্থীৰ মাজত কেইজন মান বিদেশী
পৰ্য্যটকো আছিল। প্ৰশান্তই ক’লে যে বৌদ্ধ ধৰ্মৰ পালি
আৰু ফাকিয়াল ভাষাত লিখা বহুতো দুস্প্ৰাপ্য গ্ৰন্থ বিহাৰটোৰ পুথিভৰালত আছে। সেয়েহে
দেশ বিদেশৰ বহুতো গৱেষক তালৈ আহে। দুয়ো বৌদ্ধ বিহাৰটোৰ চৌহদত কিছু সময় কটালে।
ৰেষ্টোৰা খনত পেকিং কৰি
দিয়া খোৱা বস্তু খিনি লৈ দুয়ো নদীৰ পাৰলৈ গ’ল। বুঢ়ী দিহিং নদীখন সেইখিনিতে যেন অতি ৰূপহী হৈ উঠিছে। নদীখনৰ পানীবোৰ
ফটফটীয়া, বালিচৰবোৰ পৰিস্কাৰ। নদীৰ পাৰত
বহুতো মানুহৰ সমাগম হৈছিল। দুৰণিত কেইটামান দলে বনভোজ খোৱাৰ যা যোগাৰ কৰি আছিল।
প্ৰশান্ত আৰু ক্লাৰা খোজকাঢ়ি একেবাৰে নৈৰ ওচৰলৈ গ’ল। জোতা খুলি দুয়ো পানীত নামি পানীৰ লগত খেলিলে। প্ৰকৃতিৰ কোলাত এইদৰে আপোন
মনে খেলিবলৈ পাই ক্লাৰাই খুব আনন্দ পালে। তাই বালিচৰত চৰি থকা
শৰালি হাঁহৰ ফটো তুলিলে।
“প্ৰশান্ত, এই ঠাইখিনি ইমান ধুনীয়া।
মোৰ স্বৰ্গত থকা যেন লাগিছে”, ক্লাৰাই
উত্ফুল্লিত হৈ ক’লে”।
প্ৰশান্তই তাইক দুৰলৈ এটা
বালিচৰত পেলিকান হাঁহৰ জাক এটা দেখুৱালে। “এই সময়ত পৰিভ্ৰমী চৰাইবোৰ আহি গোটেই পৰিৱেশটো বৰ সুন্দৰ কৰি ৰাখে”।
“আমি নাওৰে ওচৰলৈ যাওঁ ব’লা। মোৰ বৰ মন গৈছে নাওত উঠি কিছুদুৰ যাবলৈ”।
প্ৰশান্তই নাও বাই থকা
নাৱৰীয়া এজনক ওচৰলৈ মাতিলে। দুয়ো নাৱত উঠি নৈখনত কিছুদুৰ গ’ল। পেলিকান চৰাইৰ জাকটো দেখা বালিচৰটোৰ ওচৰ পালেগৈ।
বতৰটো ডাৱৰীয়া হৈ আছিল।
হাতে চলোৱা নাৱত চলপ চলপ বঠাৰ শব্দত ধীৰ গতিত গৈ থাকোঁতে শীতল বতাহ এজাকে দুয়োকে
চুই গ’লহি।
“ৱাও। কি মজা লাগিছে। ঠাণ্ডা বতাহ জাকে একেবাৰে লণ্ডনৰ
কথা মনত পেলাই দিছে”। ক্লাৰাই জেকেটৰ পকেটত হাত সুমুৱাই প্ৰশান্তৰ একেবাৰে
ওচৰ চাপি বহিল। প্ৰশান্তই থওঁ নথওঁকৈ এখন হাত তাইৰ কান্ধৰ ওপৰত থ’লে। তাই আৰু ওচৰ চাপি তাৰ বুকুতে মুৰটো পেলাই দিলে
আৰু তাক লাহেকৈ সাৱটি ধৰিলে।
নাওখন কিছুদুৰ গৈ ঘুৰি
আহিল। পিকনিক খাবলৈ অহা মানুহবোৰৰ মাজত প্ৰশান্তৰ চিনাকী মানুহো আছিল। সি
মানুহবোৰৰ চকুৰ চাৱনিৰ পৰা যিমান পাৰি আঁতৰি
অলপ দুৰৰ বালি চৰ এটাত বহা ঠাই বিচাৰি ল’লে।
এসময়ত বালিচৰত বহি দুয়ো
পেকিং কৰি অনা খাদ্য খিনি খালে। পেকিং কৰি অনা কাগজ, প্লাষ্টিক বোৰ পেলাবলৈ কোনো ব্যৱস্থা নথকা কাৰনে ক্লাৰাই সেই বোৰ আন ঠাইত
পেলাবলৈ হাততে বুটলি আনিলে।
পিকনিক খোৱা মানুহবোৰে
নৈত খোৱা বস্তু, প্লাষ্টিকৰ গিলাছ, কাগজ উটুৱাই দিয়া দেখি ক্লাৰাই বেজাৰ পালে। নৈৰ
পাৰটোও চিপচৰ পেকেট, বিস্কুতৰ পেকেট, পাচলিৰ বাকলিৰে কদৰ্য কৰা দেখি তাইৰ খং উঠিল।
“এই মানুহবোৰ সভ্য, শিক্ষিত নহয় নেকি? য’তে ত’তে বস্তু পেলাই ইমান
লেতেৰা কৰি থৈছে। আৰু চোৱা, নৈ খনতে বস্তুবোৰ
পেলাইছে। মানুহে কিয় এইদৰে প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰিছে”?
প্ৰশান্তই এই কথাটোত অলপ
লাজ পালে। কিন্তু তাইৰ পৰিৱেশ সচেতনতা দেখি তাৰ ভাল লাগিল।
উভতি অহাৰ বাটত শীতল
বতাহজাক জোৰকৈ বলিবলৈ লৈছিল। বৰষুণ এজাক আহোঁ আহোঁ কৰিছিল। ক্লাৰাই ঠাণ্ডা পাই
বাইক চলাই থকা প্ৰশান্তক মাজে মাজে পিচপিনৰ পৰা সাৱটি ধৰিলে।
“আজি ইয়াৰ বতৰ একেবাৰে লণ্ডনৰ বতৰ যেন লাগিছে। এনে বতৰত আমি তাত মদ খাওঁ, বিয়েৰ খাওঁ, তাতে আজি খ্ৰিষ্টমাছ। আজি তো
আমাৰ এনেও বিয়েৰ খোৱাৰ কথা আছে। নে তুমি প্ৰমিজ পাহৰিলা?” ক্লাৰাই কৈ গ’ল।
“সোনকালে এডিটিঙৰ কাম খিনি শেষ কৰি লওঁ। তাৰ পিছত আজি
ৰাতি আমি পাৰ্টী কৰিম। কেভিন সোনকালে আহি পালেই হয়”। প্ৰশান্তইবাইকৰ বেগ অলপ
কমাই দিলে। তাৰ জেকেট টোৱে বতাহক বাধা দিব পৰা নাই।
কোৱাৰ্টাৰ আহি পায়েই
প্ৰশান্তই বাকী থকা এডিটিঙৰ বাকী থকা কাম খিনি আৰম্ভ কৰিলে। ইতিমধ্যে বাহিৰত এজাক
কিনকিনিয়া আবতৰীয়া বৰষুণ আৰম্ভ হ’ল।
প্ৰশান্তই কাম কৰি থাকোতে
ক্লাৰাই প্ৰশান্তৰ কোঠাটোত ক’ত কি আছে পিতপিতাই চাবলৈ
ধৰিলে। তাৰ আলমাৰীটো খুচৰি তাই জনী ৱাকাৰ হুইস্কিৰ নোখোলা বটল এটা পালে।
তাই খিলখিলাই হাঁহি ক’লে, “তোমাৰ
বাৰখন আলমাৰীৰ ভিতৰত আছে। মই এতিয়াহে গম পালোঁ”।
প্ৰশান্তই ক’লে, “মই
সেইটো ৰাখি থৈছোঁ, কোনোবা মদ খোৱা বন্ধু
আহিলে পাৰ্টী কৰিম বুলি। মোৰ অকলে অকলে তেনেকৈ মদ
খোৱাই নহয়। আজি ৰাতিলৈ সেইটোকে খুলিম বুলি ভাবিছোঁ”।
ক্লাৰা তাৰ আলমাৰীটো
খুচৰি থকা দেখি প্ৰশান্ত উঠি আহি সুধিলে, “তুমি
কি বিচাৰি আছা মোক কোৱা চোন”।
ক্লাৰাই ক’লে, “তুমি
ছিগাৰেট নোখোৱা নেকি? মই আহোঁতে মোৰ পেকেটটো
আনিবলৈ পাহৰিলোঁ। এতিয়া মোৰ ছিগাৰেট এটা খাবলৈ
খুব মন গৈছে”।
প্ৰশান্তই ক’লে, “মই
আগতে চেইন স্মোকাৰ আছিলোঁ, এতিয়া প্ৰায় এৰি দিলোঁ।
দুই এটা মাজে সময়ে খাওঁ, যেতিয়া মই কিবা ক্ৰিয়েটিভ
কাম কৰোঁ। এতিয়া অৱশ্যে মোৰো এটা ছিগাৰেট খাবলৈ মন গৈছে। পিছে মই ছিগাৰেট লগত
নাৰাখোঁ, যেতিয়া খুব প্ৰয়োজন হয়, তেতিয়াহে কিনি আনো”।
ক্লাৰাই ক’লে, “ব’লা আমি ছিগাৰেট আনিবলৈ যাওঁ”।
প্ৰশান্তই ক’লে, “তুমি
থাকা। বাহিৰত বৰ ঠাণ্ডা পৰিছে। ময়েই লৈ আহিম। মই খোৱা ব্ৰেণ্ড টোকে লৈ আহিম”। প্ৰশান্ত বাইক খন লৈ ওলাই গ’ল।
প্ৰশান্ত ওলাই যোৱাৰ
পিছতে তাৰ ফোনটো বাজিল। ক্লাৰাৰ ফোনটো উঠাবলৈ সংকোচ হ’ল। তাই এইখন ঠাইৰ মানুহৰ ভাষা নুবুজে, তাই কোৱা ইংৰাজীও ইয়াৰ মানুহে বুজি নাপায়। বৰং তাই প্ৰশান্তৰ পাক ঘৰ, বহা কোঠাত আৰু কি কি বস্তু আছে তাকেই চাবলৈ ধৰিলে।
পাকঘৰত চাহৰ কাৰনে পানী গৰম কৰাৰ উদ্দেশ্যে গেছৰ নবটো ঘুৰাই গেছ জ্বলাবলৈ তাইৰ মন
গ’ল। লাইটাৰটোৰে কেইবাবাৰো চেষ্টা কৰিও তাই নোৱাৰিলে।
অলপ পিছতে প্ৰশান্তই
ছিগাৰেট এপেকেট লৈ আহিল। ছিগাৰেট জ্বলাই দুয়ো হুপিবলৈ ধৰিলে। প্ৰশান্তই এহাতে
ছিগাৰেট আৰু এহাতে মাউচ লৈ তাৰ বাকী থকা কামখিনি কৰিবলৈ বহিল।
অলপ সময়ৰ পিছতে প্ৰশান্তৰ
কাম শেষ হ’ল। ক্লাৰাক ওচৰলৈ মাতি আনি সি
ক্লিপটো চলাই দেখুৱালে। ৩১ মিনিটৰ ক্লিপটো
সম্পাদনা কৰিবলৈ তাৰ প্ৰায় চাৰে তিনি ঘণ্টা সময় লাগিল। ক্লিপটো চাই ক্লাৰা খুব
আনন্দিত হ’ল।
“প্ৰশান্ত, তুমি মোৰ লগত লণ্ডনলৈ
বলা। অকল চিনেমা এডিটিং কৰিয়েই তুমি ইয়াতকৈ বহুত বেছি উপাৰ্জন কৰিব পাৰিবা। তোমাৰ
কাম ইমান নিখুঁত, একেবাৰে পেছাদাৰী শিল্পীৰ
নিচিনা। তদুপৰি তোমাৰ ফটোগ্ৰাফীৰ প্ৰতিভাও আছে। মোৰ মতে ইয়াত ইঞ্জিনিয়াৰৰ চাকৰি
কৰি তুমি তোমাৰ প্ৰতিভাখিনি নষ্ট কৰি আছা”। ক্লাৰাই উচ্ছাসেৰে ক’লে।
“তুমি কি কথা কৈছা ক্লাৰা। এইবোৰ এডিটিং কৰা একো ডাঙৰ
কথাই নহয়। এটা ছফটৱেৰ হে চলাইছোঁ”।
“ছফটৱেৰ সকলোৱে চলায়। কিন্তু তুমি এডিটিং কৰি যিখিনি
এফেক্ট আনি দিব পাৰিছা, বেক গ্ৰাউণ্ড মিউজিক আৰু
লাইট শ্বেডৰ যি সুন্দৰ মিশ্ৰণ কৰিছা এই কাম সকলোৱে কৰিব নোৱাৰে। এইখিনি কৰিবলৈ
মগজু লাগিব, ক্ৰিয়েটিভিটি লাগিব। যিটো তোমাৰ
আছে”। ক্লাৰাই তাৰ পিঠিত হাত চপৰিয়াই ক’লে।
“সঁচাকৈয়ে লণ্ডনত এনেকুৱা কামৰ চাকৰি আছে নেকি”?
“তুমি কি কথা কৈছা প্ৰশান্ত? গোটেই পৃথিৱীখনত এতিয়া ক্ৰিয়েটিভ মানুহ বিচাৰি হাহাকাৰ লাগিছে। ক্ৰিয়েটিভিটিৰ
ওপৰতে চিনেমা হিট হয়, মিউজিক বেষ্ট ছেলাৰ হয়।
তুমি যদি ক্লিক কৰিব পাৰা অতি কম সময়বে তুমি মিলিয়নিয়াৰ হৈ যাবা”।
প্ৰশান্তই তাইৰ কথাত
উত্সাহ পাই ক’লে, “মই যদি লণ্ডনলৈ যাওঁ বুলি ভাবো, তুমি মোক সহায় কৰিব
পাৰিবানে”?
ছিগাৰেটৰ অৱশিষ্ট খিনি
এছ-ট্ৰে টোত পেলাই ক্লাৰাই ক’লে, “নিশ্চয় পাৰিম প্ৰশান্ত। তুমি ব’লা না, মই এই লাইনৰ বহুত মানুহক
চিনি পাওঁ। মোৰ নিজৰে পেছা এইটো লাইনতে যেতিয়া বহুতৰে লগত সম্পৰ্ক ৰাখি চলিব লগীয়া
হয়। তেওঁলোকে ক্ৰিয়েটিভ মানুহ বিচাৰিয়ে থাকে। তুমি গ’লে মই তোমাক চিনাকী কৰাই দিম। তেওঁলোকে তোমাৰ কাম ভাল পালে ভাবি লোৱা তোমাৰ
লাইফ বনি গ’ল”।
প্ৰশান্তৰ মুখত হাঁহি
বিৰিঙি উঠিল। ইমান ডাঙৰ সপোন সি কেতিয়াও দেখা নাই। কিন্তু এটা নতুন সপোনে যেন তাক
তাত বাউল দি মাতিবলৈ ধৰিছে, এনে লাগিল তাৰ।
ক্লাৰাই ঘড়ী চাই হঠাতে
চিঞৰি দিলে। “আঠ বাজিবৰ হ’ল। কেভিনৰ এতিয়াও দেখা দেখি নাই”।
কেভিন আহি পোৱাত দেৰী
হোৱা কাৰনে প্ৰশান্তই চিন্তা কৰিলে। পাৰ্টী কৰিব লাগিলে সোনকালে আৰম্ভ কৰি শেষ
কৰাই ভাল যিহেতু ক্লাৰা আৰু কেভিন ৰাতিয়েই ডিগবৈলৈ যাব।
“মই কেভিনলৈ এটা ফোন কৰি খবৰ লওঁ নেকি”? প্ৰশান্তই ক’লে।
“কেভিনৰ কাৰনে তুমি চিন্তাই নকৰিবা। সি আহিম বুলি কৈছে
যেতিয়া আহিবই। দৰকাৰ হ’লে সি নিজেই ফোন কৰিব।
আমি পাৰ্টী আৰম্ভ কৰি দিওঁ। সি পিছত আহি আমাক জইন কৰিব”। ক্লাৰাই যেন কেভিনক হাড়ে
হিমজুৱে চিনি পায়।
হাত ঘড়ীটো চাই প্ৰশান্তই
ক’লে, “ঠিক
আছে। আমিয়েই আৰম্ভ কৰোঁ”। সি বটলটো খুলি দুটা চিঁচাৰ গিলাচত দুটা পেগ ঢালিলে।
ছিগাৰেট আনিবলৈ যাওঁতে সি মদৰ লগত খাবলৈ ডালমুট, চানাচুৰ, বাদাম লৈ আহিছিল।
দুঢোকমান খাই ক্লাৰাই ক’লে, “আজি
কিমান দিনৰ মুৰত যে ড্ৰিংক কৰিবলৈ পাইছোঁ। মই ডিগবৈত কেভিনক কেইবাদিনো কৈছোঁ, ব’লা মদ আনি খাওঁ। মোক মাজে
মাজে অলপ নিচাৰ দৰকাৰ হয়। পিছে তেখেত এজন মহাপুৰুষ। মোক কয়, ভাৰতীয় সংস্কৃতিত ঘৰুৱা পৰিৱেশত
ড্ৰিংক কৰা গ্ৰহণযোগ্য নহয়। তাৰ মুৰটো। মই অনুপমাৰ দেউতাকৰ কোঠাতো মদৰ বটল
দেখিছোঁ। লণ্ডনত সি মোৰ লগত বহি ড্ৰিংক কৰিব পাৰে, ডিগবৈত কিন্তু নোৱাৰে। এইবোৰ চব ভণ্ডামি”।
প্ৰশান্তই হাঁহিলে।
“কেভিনে চাগে তোমাক খুব মৰম কৰে নহয়নে”? হঠাতে সি সুধি পেলালে।
তাই যেন হঠাতে খঙত জ্বলি
উঠিল। “মৰম? সেই পাষাণ হৃদয় টোৱে মৰম বুজি পায় জানো। সি মোক মৰম নকৰে, মোক পুতৌ কৰে। মোৰ যে নিজৰ একো নাই, মই যে তাৰ ওপৰতে নিৰ্ভৰশীল, সেই কাৰনে সি পুতৌ কৰি তাৰ লগত থাকিবলৈ দিছে”।
“কিন্তু মই শুনিবলৈ পাইছোঁ, ইয়াৰ পৰা গৈ তোমালোক দুয়ো বিয়া পাতিবা”? এঢোক মদ মুখলৈ নি প্ৰশান্তই ক’লে।
“বিয়া? তোমালোকৰ সকলোৰে মুৰৰ
গণ্ডগোল হৈছে নেকি? কোনে ক’লে আমি বিয়া পাতিম বুলি”। তাইৰ নাকৰ পাহি দুটা ফুলি
উঠিল।
“চব কথাতে তাৰ কেৱল ওষ্টাদি। মোৰ কোনো কথাই সি ভাল
নাপায়। তই ইটোহে নোৱাৰ, সিটোহে নাজান, এইটো কৰিবি, সেইটো নকৰিবি। তাৰ মোৰ
ওপৰত কেৱল অভিভাৱক গিৰি। কেতিয়াবা খুব বিৰক্তি লাগি যায় জানা”। তাই খঙতে গিলাচৰ বাকী খিনি মদ কোঁট কোঁটকৈ গিলি দিলে।
ক্লাৰাৰ মুডটো হঠাতে বেয়া
হৈ যোৱা কাৰনে প্ৰশান্তৰ বেয়া লাগিল। সি উঠি গৈ মিউজিক ছিষ্টেমত অলপ বেছি ভলিউমত
গান বজাই দিলে।
“ক্লাৰা, কালি তুমি ডেন্স কৰিব
বিচাৰিছিলা নহয়, এতিয়া কৰা। মই মিউজিক লগাই
দিছোঁ”। সি ক্লাৰাৰ হাতত ধৰি উঠাই দিলে।
“মই অকলে নানাচো, তুমিও নাচিব লাগিব”। গিলাচটো থৈ ক্লাৰা উঠি আহিল।
প্ৰশান্তই আপত্তি নকৰিলে।
দুয়ো মিউজিকৰ তালে তালে নাচিবলৈ ল’লে। ক্লাৰাই মাজে মাজে
এঢোক এঢোক মদ খাই থাকিল। প্ৰশান্তয়ো খালে। নাচি নাচি লাহে লাহে ক্লাৰাৰ নিচা লাগি
আহিল। তাই হাত দুখনেৰে প্ৰশান্তৰ ডিঙিটো মেৰাই লৈ তাৰ গাত লিপিট খাই লাহে লাহে
নাচিবলৈ ধৰিলে। প্ৰশান্তৰ সৰ্ব শৰীৰ যেন ৰজন জনাই গ’ল।
সি তাইৰ লাহী ককালটো
দুহাতেৰে ধৰি তাইৰ নাচৰ লগত তাল মিলাই নাচিবলৈ ধৰিলে। ক্লাৰাৰ দেহৰ নিবিড় পৰশে তাৰ
হিয়া মন আলোড়িত কৰি তুলিলে। তাৰ গাতে লিপিট খাই থকা ক্লাৰাৰ সমুখত তাৰ দেহৰ
উত্তেজনা লুকাই ৰখা তাৰ পক্ষে কঠিন হৈ পৰিল। তাৰ উত্তেজিত পৌৰুষে ক্লাৰাৰ দেহৰ
কোমলতাখিনিত খুন্দা খাবলৈ ধৰিলে।
কিন্তু তাৰ এনে লাগিল, ক্লাৰাই তাক বাধা দিয়া নাই বা তাৰ পৰা আঁতৰি যাবলৈও
চেষ্টা কৰা নাই।
এসময়ত ক্লাৰাই তাৰ চকুত
চকু থৈ ক’লে, “মোক চুমা খোৱা প্ৰশান্ত”।
প্ৰশান্তই শিল পৰা কপৌৰ
দৰে তাইৰ পিনে অলপ সময় চাই থাকিল। তাৰ গাৰ মাজেৰে প্ৰচণ্ড গতিত বিজুলী পাৰ হ’বলৈ ধৰিলে। তাই আগবঢ়াই দিয়া ৰঙচুৱা ওঁঠ জুৰিৰ পিনে সি
ক’ব নোৱাৰাকৈয়ে তাৰ মুখ খন আগুৱাই গ’ল। তাই দুচকু মুদি দিলে। প্ৰশান্তৰ ওঠঁজোৰ নিজৰ ওঁঠৰ
মাজত লৈ ক্লাৰাই তাক বলিয়াৰ দৰে চুমা খাবলৈ ধৰিলে।
“মোক বিচনালৈ লৈ ব’লা”। তাৰ কাণত তাই ফুচফুচাই কোৱাৰ দৰে ক’লে।
প্ৰশান্তই তাইক দুহাতেৰে
ডাঙি নি বিচনা খনত শুৱাই দিলে। ক্লাৰাই তাই ডিঙিত ধৰি নিজৰ গাৰ পিনে টানি আনিলে।
তাৰ মুখ খন তাইৰ বুকুৰ মাজত সুমুৱাই তাই ক’লে, “মোক মৰম কৰা প্ৰশান্ত। হিয়া
উজাৰি মোক মৰম কৰা”।
প্ৰশান্তই ক্লাৰাৰ দেহৰ
উত্তাল সাগৰত সাতুৰিবলৈ ধৰিলে। শীতকালিৰ ৰাতি দুয়ো গাৰ কাপোৰ এপদ এপদকৈ কেতিয়া
খুলি পেলালে একো গমকে নাপালে। তাইৰ দেহৰ ভাজে ভাজে তাৰ শ্বাস প্ৰশ্বাস মিহলি হৈ গ’ল। তাই দেহৰ বান্ধোনেৰে তাক এনেকৈ মেৰিয়াই ধৰিলে যেন
তাৰ পৰা ওলোৱাৰ তাৰ কোনো উপায় নাথাকিল। বহু দিনৰ তৃষ্ণাতুৰ পখীৰ দৰে তাই যেন হেপাহ
পলুৱাই পান কৰিব বিচাৰিলে তাৰ যৌৱনৰ সুধা।
চৰম মুহুৰ্তত ক্লাৰাই
প্ৰশান্তক কৈ পেলালে, “মই
তোমাক ভাল পাওঁ ডাৰ্লিং”!!
প্ৰশান্তৰ বুকুখনে
প্ৰচণ্ড জোৰেৰে ধান বানিবলৈ ধৰিলে।
“ময়ো তোমাক বহুত ভাল পাওঁ ক্লাৰা”, প্ৰশান্তৰ মুখৰ পৰা আপোনা আপুনি ওলাই আহিল।
“মোক কেতিয়াও নেৰিবা ডাৰ্লিং। তুমি মোৰ হৈ যোৱা
প্ৰশান্ত। চিৰকাললৈ”। উত্তেজনাৰ শীৰ্ষ মুহুৰ্তত ক্লাৰাৰ কথাবোৰ মূল্যায়ন
কৰাৰ শক্তি সামৰ্থ প্ৰশান্তৰ নাছিল।
“মোক তুমি বিয়া কৰাবা, ক্লাৰা”? আবেগ সিক্ত হৈ সি কৈ পেলালে।
“তুমি সঁচাকৈয়ে কৈছানে ডিয়েৰ। তুমি মোক এনেয়ে কোৱা নাই
তো”।
“নাই ক্লাৰা, মই এনেয়ে কোৱা নাই। তোমাক
বহুত সুখত ৰাখিম। তোমাৰ সকলো কথা মানিম। তোমাক মই বহুত ভাল পাওঁ ক্লাৰা” ক্লাৰাৰ উদং বুকুত মুখ খন গুজি সি ক’লে।
ক্লাৰাই যেন সুখানুভূতিৰ
চৰম সীমা অতিক্ৰম কৰিলে। তাইৰ সুখানুভূতি তাৰ মুখৰ পৰা চৰম আনন্দৰ আৰ্তনাদৰ ৰূপত
বিচ্ছুৰিত হ’ল। সুখানুভূতিৰ অদ্ভূত শব্দবোৰৰ
মাজতে তাই চিঞ্ৰৰি উঠিল, “ও গড, তুমি মোক আজি কিয় ইমান সুখী কৰিছা। থেংক ইউ গড, আই লাভ ইউ”।
দুয়ো এক গৰ্জন মুখৰ
ধুমুহাৰ মাজেদি আগুৱাই গ’ল। উচ্চ ভলিউমত বাজি থকা
মিউজিক কাৰো কাণত নপৰা হ’ল।
ধুমুহাৰ পিছত শান্ত হোৱা
সাগৰৰ পাৰৰ বালিচৰৰ দৰে তাইৰ দেহটো সাৱটি থকা প্ৰশান্তৰ চুলিত আঙুলি বুলাই ক্লাৰাৰ
মনত এনে অনুভৱ হ’ল, তাই জীৱনত প্ৰশান্তৰ দৰে এজন মানুহকে বিচাৰি ফুৰিছিল, যিজনে তাইৰ অনুভূতিবোৰক সন্মান কৰিব জানে আৰু তাইৰ
শৰীৰটোক উন্মাদ কৰি তুলিব পাৰে।
এখন মোহময় জগতত
মন্ত্ৰমুগ্ধ হৈ বিচৰণ কৰি থকা প্ৰশান্তই যেতিয়া সম্বিত ঘুৰাই পালে তেতিয়াহে অনুভৱ
কৰিলে যে ইতিমধ্যে বহুত সময় পাৰ হৈ গৈছে। মিউজিক ছিষ্টেমত উচ্চ ভলিউমত বাজি থকা
বিটলচৰ গানবোৰ তেতিয়াহে যেন তাৰ কাণত পৰিল। ক্লাৰাৰ নিৰাভৰন দেহৰ ওপৰত কম্বল খন
জাপি দি সি উঠি আহি নিজৰ কাপোৰ পিন্ধিলে। মজিয়াত সিঁচৰিত হৈ থকা ক্লাৰাৰ কাপোৰ বোৰ
থুপ খুৱাই বিচনাখনৰ একাষে উঠাই থলে। মিউজিক ছিষ্টেমটোৰ ভলিউম কমাই দিলে। তাৰ মুৰটো
ৰিম ঝিম কৰি থকা যেন লাগিল। সি পানী এগিলাছ খাই বাথৰুমত সোমাল।
সি বাথৰুমৰ পৰা ওলাই
দেখিলে বিচনা চাদৰ খনকে গাত মেৰিয়াই ক্লাৰা উঠি আহিছে। তাই তাৰ পিনে চাই এটা
দুষ্টামি ভৰা হাঁহি মাৰি ক’লে, “হেই দুষ্ট, মোক এৰি উঠি আহিলা কিয়? এতিয়াৰ পৰা পলোৱাৰ মতলব নেকি ডাৰ্লিং?হেই মোক ইমান মৰম দিয়াৰ কৰণে বহুত ধন্যবাদতোমাক”।
প্ৰশান্তই তাইক কি ক’ব ভাবি নাপালে। তাইৰ চকুৰ পিনে চাবলৈকো তাৰ যেন লাজ
লাগিল।
ঘড়ীত তেতিয়া দহ বাজি
গৈছে। কেভিন আহি নোপোৱা কাৰনে তাৰ চিন্তা হ’ল। তাৰ বুকু খন কিবা এক অঘটনৰ আশংকাত চিৰিংকৈ গ’ল।
“কেভিন এতিয়াও আহি পোৱা
নাই ক্লাৰা। ৰাতি বহুত হ’ল”। প্ৰশান্তই ক্লাৰালৈ চালে।
ক্লাৰাই
খুলি থোৱা কাপোৰবোৰ এপদ এপদকৈ পিন্ধিবলৈ ল’লে। তাই মুখেৰে নামাতিলে।
No comments:
Post a Comment