হঠাতে ক্ৰিং ক্ৰিং শব্দ
কৰি ফোনটো বাজি উঠিল। “হেল্ল’”, খপজপকৈ প্ৰশান্তই ফোনটো ধৰিলে। কেভিনৰ ফোন।
“কেভিন। আমি তোমাৰ কাৰণে ৰৈ আছোঁ। তোমালোক ক’ত আছা”? প্ৰশান্তই ব্যস্ততাৰে
ক’লে।
“মই তোমালৈ কেইবা বাৰো ফোন কৰিছিলোঁ। তুমি ফোন উঠোৱা
নাই। আইতাৰ খুব অসুখ। তেওঁক এ এম চিত আই চি ইউত ভৰ্তি কৰা হৈছে। মই, অনুপমা আৰু আংকল ইয়াতেই আছোঁ। অনুপমা অলপ শুইছে। মই
সাৰে আছোঁ”।
“মই খুব দু:খিত কেভিন। ফোনটোত কিবা
এটা হৈছে। ৰিং শুনাই নাছিলোঁ”। প্ৰশান্তই বুজিলে মিউজিকৰ শব্দত আৰু বন্য উল্লাসৰ
মাজত ফোনৰ ৰিং তাৰ কাণত পৰা নাছিল।
“আইতাৰ অসুখ বুলি শুনি খুব বেয়া লাগিছে। কি হৈছে
তেওঁৰ। এতিয়া তেওঁ কেনে আছে কেভিন? মই কিবা সহায় কৰিব পাৰোঁ
নেকি”?
“এটা ষ্ট্ৰোক হৈছে বুলি ডাক্তৰে কৈছে। এতিয়া ষ্টেবল
আছে, কিন্তু আউট অৱ ডেঞ্জাৰ নহয়। ডাক্তৰৰ অৱজাৰ্ভেচনত আছে।
তুমি এতিয়া আহিব নালাগে। পাৰিলে কালিলৈ ৰাতিপুৱা আহিবা। ক্লাৰা ক’ত আছে? মই আহি নোপোৱা কাৰণে তাই
চাগে চিন্তা কৰিছে নহয়নে”?
“আছে, আছে ক্লাৰা ইয়াতে আছে। আমি এইমাত্ৰ কাম শেষ কৰিছোঁ। ক্লিপটো এডিট কৰোঁতে
বহুত সময় লাগিল”। ক্লাৰাৰ কথা ক’বলৈ গৈ সি যেন ডিঙিত চৰচৰনি খালে।
“ভালেই হৈছে দিয়া। মই গৈ নোপোৱা কাৰণে তাই খং কৰিব
লগীয়া হোৱা নাই। পাৰিলে ৰাতিপুৱা দুয়ো আহি যাবা”। এইবুলি কৈ কেভিনে ফোন
সামৰিলে।
কেভিনৰ আইতাকৰ অসুখ বুলি
জানিব পাৰি ক্লাৰাও চিন্তিত হ’ল।
“প্ৰশান্ত, ব’লা আমি এতিয়াই ডিব্ৰুগড়লৈ যাওঁ। আমি গ’লে হয়তো বহুত সহায় হ’ব”।
“এতিয়া নাযাওঁ ক্লাৰা। বাহিৰত চিপ চিপকৈ বৰষুণ দি আছে।
কেভিনে কৈছে ৰাতিপুৱা গ’লেই ভাল হ’ব। মোৰ গা টোও ভাল লগা নাই”।
“হেই মোৰ ডাৰ্লিং, কি হ’ল তোমাৰ। ঠিকে আছাতো? আহা না মোৰ কাষত বহা”, তাই তাক টানি আনি কাষত বহুৱালে। “মোৰ তোমাৰ বুকুৰ মাজত
সোমাবলৈ মন গৈছে”। তাই আদৰেৰে ক’লে।
ক্লাৰাৰ মুৰটো বুকুত
সুমুৱাই লৈ প্ৰশান্তই ক’লে, “আমি বৰ ডাঙৰ ভুল কৰিলোঁ নেকি ক্লাৰা? কথাটো জানিলে কেভিনে চাগে খুব দুখ পাব নহয়নে”?তাৰ বাহুবন্ধনত দুচকু মুদি ক্লাৰাই ক’লে, “সেই
কথা তুমি চিন্তা নকৰিবা প্ৰশান্ত। কেভিনে এই বিষয়ে কেতিয়াও
একো গম নাপায়”।
“কিন্তু ক্লাৰা, তুমি মোক বাধা নিদিলা কিয় ?”
“নাজানো। মই বিচাৰি থকা বহুত কিবা কিবি তোমাৰ মাজত
হঠাতে পাই যোৱা যেন লাগিছিল। তোমাক বাধা দিয়াৰ কথা মোৰ মনলৈ এবাৰো অহা নাছিল। বৰং
মই নিজেই বিচাৰিছিলোঁ তুমি আজি ৰাতি মোক হিয়া উবুৰিয়াই মৰম কৰা”। তাই প্ৰশান্তক জোৰকৈ সাৱটি ধৰিলে।
“কিন্তু ক্লাৰা, আমাৰ এই সম্পৰ্কটোৰ কি হ’ব? তুমি তো অহা সপ্তাহত গুচি যাবাগৈ”, বাহু বন্ধন অলপ শিথিল কৰি প্ৰশান্তই ক’লে।
ক্লাৰা অলপ পৰ নিশ্চুপ হৈ
ৰ’ল। তাই লাহে লাহে ক’লে, “তুমি মোৰ লগত লণ্ডনলৈ ব’লা মোৰ সোনটো। আমি দুয়ো একেলগে কাম
কৰিম। চিনেমা বনাম। আমি দুয়ো একেলগে কাম কৰিলে বহুত পইচা ঘটিব পাৰিম”।
“লণ্ডনলৈ”? প্ৰশান্তই তাইৰ চকুলৈ
চালে।
“অ’ লণ্ডনলৈ। মই জানো তুমি
লণ্ডনত বহুত ছাইন কৰিব পাৰিবা। মই তোমাক সহায় কৰিম”। প্ৰশান্তৰ চুলিত আঙুলি
বুলাই তাই ক’লে, “তোমাৰ কেতিয়াও বিদেশলৈ যোৱাৰ কথা মনলৈ নাহে’?
“মই বিদেশৰ কথা কেতিয়াও ভবা নাছিলোঁ ক্লাৰা। কিন্তু
তুমি কোৱাৰ পিছত মোৰো মন গৈছে। আচলতে কি জানা ক্লাৰা। ময়ো এই গতানুগতিক চাকৰি
জীৱনৰ মাজত বেছিদিন সোমাই থাকিব নোৱাৰোঁ। ৰাতিপুৱা সাত বজাৰ পৰা সন্ধিয়ালৈ এনে
গতানুগতিক কাম কৰি থকা জীৱনে মোক আমুৱাইছে। মোক পৰিৱৰ্তন লাগে। মোক আচলতে
ক্ৰিয়েটিভিটি থকা কাম লাগে। কিন্তু ক্লাৰা, এয়া সম্ভৱ হ’ব জানো”?
প্ৰশান্তৰ গালত চুমা এটা
দি ক্লাৰাই ক’লে, “সকলো সম্ভৱ ডাৰ্লিং। মাথোন তুমি ইচ্ছা কৰিলেই হ’ল”।
“ক্লাৰা, ব’লা তোমাক আমাৰ ঘৰত নমাই দি আহোঁগৈ। তুমি ৰাতিটো তাতেই
থাকা। ৰাতিপুৱা মই তোমাক লৈ যাম”। ক্লাৰাৰ বাহু বন্ধনৰ পৰা নিজকে মুকলি কৰি প্ৰশান্তই ক’লে।
“কিন্তু কিয়”? ক্লাৰা
উচপ খাই উঠিল।
“নহয় ক্লাৰা। ৰাতি তুমি মোৰ লগত ইয়াত একেলগে থকা কথাটো
আনে জানিব পাৰিলে বেয়া কথা হ’ব”।
“তুমি মোক এভইদ কৰিছা প্ৰশান্ত? তুমি মোৰ পৰা আতৰি যাব বিচাৰিছা নেকি”? ক্লাৰা জ্বলি উঠিল।
“কিয় তেনেকৈ ভাবিছা ক্লাৰা? আমি কাইলৈ আকৌ লগ পাম। মাথোন ৰাতিটোৰ কাৰণে তুমি
ইয়াত থাকিব নালাগে। আমাৰ সমাজত এয়া গ্ৰহণযোগ্য নহয়। বুজিবলৈ চেষ্টা কৰা”।
“মই তোমালোকৰ এই ষ্টুপিড নিয়ম বিলাক একেবাৰে বুজি
নাপাওঁ। যদি তুমি মোৰ লগত যৌন সোৱাদ ল’ব পাৰা, মোৰ লগত ৰাতি শুব নোৱাৰা কিয়? এইবিলাক ভণ্ডামি মই খুব বেয়া পাওঁ। যদি তুমি মোক সঁচাকৈয়ে ভাল পোৱা, মোক তোমাৰ লগত থাকিবলৈ দিবলৈ তোমাৰ সাহস নাই কিয়”? তাই চিঞৰি উঠিল।
“তোমাক মই কেনেকৈ বুজাম। এইটোৱে পিছলৈ ডাঙৰ সমস্যাৰ
সৃষ্টি কৰিব। মোৰ মা দেউতা ৰক্ষণশীল মনোভাৱৰ মানুহ। আজি নহয় কাইলৈ কথাটো তেওঁলোকে
গম পালে আমাৰ সম্পৰ্কটোকে হ’বলৈ নিদিব। তুমি প্লিজ
অলপ ধৈৰ্য ধৰা ক্লাৰা। আজিৰ কাৰণে মোৰ কথা শুনা”।
“কাইলৈ তুমি ক’বা মোৰ দৰে বিদেশী ছোৱালী তোমাৰ মা দেউতাই গ্ৰহণ নকৰে। তেতিয়া মই কি কৰিম কোৱা”?
“আমাৰ সম্পৰ্কটো আগবঢ়াই নিয়াৰ দায়িত্ব তুমি মোৰ হাতত
দিয়া ক্লাৰা। মই কিবা এটা উপায় উলিয়ামেই। এতিয়া তুমি জেদ নকৰিবা। মোৰ কথা শুনা”। প্ৰশান্তই হাত জোৰ কৰাৰ দৰে ক’লে।
ক্লাৰাই মুখেৰে নামাতিলে।
তাই নিজৰ কাপোৰ কানিবোৰ ঠিক ঠাক কৰি ল’লে। প্ৰশান্তই বনোৱা চি
ডি খন বেগত ভৰালে। চুলিখিনি আচুৰি লৈ তাই ক’লে, “ব’লা, তোমাৰ কথা মতে যাওঁগৈ। তোমাৰ মা
দেউতাৰ আগত কি কি মিছা মাতিব লাগিব মোক কৈ থোৱা। ইমান সময় কামত ব্যস্ত আছিলোঁ
বুলিতো কবই লাগিব নহয়নে। মই আশা কৰোঁ মোৰ মুখৰ মদৰ গোন্ধে তোমাৰ কাৰণে সমস্যাৰ
সৃষ্টি নকৰে”।
প্ৰশান্তই তাৰ টেবুলৰ
ড্ৰয়াৰৰ পৰা এটা মাউথ ফ্ৰেছনাৰ স্প্ৰে উলিয়াই নিজেও মাৰিলে আৰু ক্লাৰাৰ মুখতো মাৰি
দিলে। “মোক বেয়া নাপাবা ক্লাৰা। মই যি
কৰিছোঁ, আমাৰ দুয়োৰো ভালৰ কাৰণেই
কৰিছোঁ। তুমি বিশ্বাস কৰা”।
পিচদিনা ৰাতিপুৱাই
প্ৰশান্তই ঘৰলৈ গৈ ক্লাৰাক জগাই দিলে। আইতাকৰ অসুখৰ কথা জানিব পাৰি প্ৰশান্তৰ মাক
দেউতাকেও বৰ বেজাৰ পালে। আগদিনা প্ৰশান্তৰ দেউতাকৰ ফোনটো কিবা গোলমাল হোৱা কাৰণে
সময়মতে খবৰটো নাপালে। প্ৰশান্তই ৰাতি গৈ কওঁতেহে তেওঁ গম পালে।
প্ৰশান্তৰ মাকে যতনাই
দিয়া চাহ জলপান খাই দুয়ো ওলাল। মাকে ক’লে, “এনে বিপদৰ সময়ত সহায় কৰিবলৈ ওলাই খুব ভাল কৰিছ। তহঁত
দুয়ো যিখিনি পাৰ সহায় কৰিবি”।
মাকৰ পৰা বিদায় লৈ
ক্লাৰাক পিছত বহুৱাই প্ৰশান্তই বাইক ষ্টাৰ্ট দিলে। আগদিনাৰ বৰষুণৰ পিছত বতৰ ফৰকাল
হৈছিল। এজাক স্নিগ্ধ শীতল বতাহে দুয়োকে চুই গ’ল।
গৈ থাকোঁতে প্ৰশান্তই
ক্লাৰাক ক’লে, “যোৱা নিশা কি হৈছিল, সেয়া আমি পাহৰি যোৱাই ভাল
হ’ব ক্লাৰা। আমি দুয়োজনেই সংযম হেৰুৱাই পেলাইছিলোঁ।
এইবোৰ কথা কোনেও গম নোপোৱাই মংগল”।
“তোমাৰ হঠাতে হ’ল কি? ইমান সোনকালে মোৰ লগত আমনি
পালানে”?
“নহয় ক্লাৰা, মোৰ বৰ চিন্তা হৈছে। আমি
এনে এটা সম্পৰ্ক কৰিলোঁ, যিটো সম্পৰ্কৰ পৰা তোমাৰ
পেটত সন্তানে স্থিতি ল’ব পাৰে। তেতিয়া তোমাৰে
সমস্যা হ’ব। এইবোৰ কথা মোৰ মনলৈ অহাই
নাছিল”।
এইবাৰ ক্লাৰাই হাঁহি মাৰি
ক’লে, “তুমি
ভয় খাইছা নেকি মই প্ৰেগনেণ্ট হ’ম বুলি? তুমি সেইবোৰ একো চিন্তা নকৰিবা বুদ্ধু। তেনেকুৱা একো
নহয়। মই সকলো চম্ভালি ল’ম”।
ডিব্ৰুগড়লৈ এই দীঘল
ৰাষ্টাটোৰ প্ৰায়খিনি বাটেই ক্লাৰাই প্ৰশান্তক পিচপিনৰ পৰা সাৱটি ধৰি থাকিল। মাজে
মাজে আমনি পাই সি কয়, “তুমি
ভালদৰে বহা ক্লাৰা। মানুহে দেখিলে কি ভাবিব”?
“যি ভাবে ভাবক। মই মোৰ মনৰ মানুহজনক ধৰিবলৈকো ৰাষ্টাৰ
মানুহৰ অনুমতি ল’ব লাগিব নেকি”? প্ৰশান্তই ভাবিলে এইজনী ছোৱালী সঁচাকোয়ে পাগলী। তাইক
কোনো কথা বুজাব নোৱাৰি।
তেওঁলোকে গৈ অসম চিকিত্সা
মহাবিদ্যালয়ৰ আই চি ইউৰ সমুখ পালেগৈ। অনুপমাই আই চি ইউৰ সমুখত থকা চকীত আছিল।
ক্লাৰা পোনেই গৈ তাইৰ ওচৰ পালেগৈ।
“পমা। আইতা কেনে আছে? আমি খবৰটো পাই ইম্মান ভয় খালোঁ। তেওঁ ভাল হৈ উঠিব
নহয়নে”?
“এতিয়াও হৃত্পিণ্ডৰ কম্পন আৰু ৰক্তচাপ সুস্থিৰ হোৱা
নাই। উশাহ নিশাহতো অলপ কষ্ট পাই আছে। ডাক্তৰে কৈছে এতিয়াও আইতা বিপদমুক্ত নহয়”। অনুপমাই ক’লে।
ক্লাৰাই অনুপমাৰ হাত দুখন
নিজৰ হাতত লৈ ক’লে, “আইতা ঠিক হৈ যাব। চাবা, আইতা আমাৰ লগতে উভতি যাব
পৰাকৈ সোনকালে সুস্থ হৈ উঠিব”। তাই অনুপমাৰ কাষৰ চকীখনত বহিল।
“কেভিনে পাৰিলে আইতাক লণ্ডনলৈ নিয়াৰ কথা ভাবিছে।
কিন্তু ডাক্তৰে কৈছে তেওঁৰ অৱস্থা সুস্থিৰ নোহোৱা পৰ্য্যন্ত এনে দীঘলীয়া যাত্ৰা
কৰাটো অসম্ভৱ”। ক্লাৰালৈ চাই অনুপমাই ক’লে।
তাই হঠাতে উচুপি উঠিল, “এয়া সকলো মোৰ কাৰনেই হ’ল ক্লাৰা। মোৰ কি দৰকাৰ আছিল আইতাক তেওঁ এৰি অহা অতীতটোৰ ওচৰলৈ লৈ যাবলৈ। মই
তেওঁক আবেগিক হ’বলৈ সুবিধা কৰি দিলোঁ। সেই
কাৰণেই এনেকুৱা হ’ল জানা। আইতাৰ কিবা এটা হ’লে মই নিজকে ক্ষমা কৰিব নোৱাৰিম”।
ক্লাৰাই অনুপমাক সাৱটি
ধৰিলে। “এতিয়া কেৱল ভগৱানক প্ৰাৰ্থনা
কৰা। যীশুৱে ইচ্ছা কৰিলে আইতা সুস্থ হৈ নিশ্চয় আমাৰ লগতে যাব”। ক্লাৰাই শান্তনা দি ক’লে।
তাই পিছ মূহুৰ্ততে সুধিলে, “কেভিন ক’ত”?
“বেচেৰাই যোৱা ৰাতি নোশোৱাকৈ কটালে। এতিয়া ৰাতিপুৱা
দেউতাক লগত লৈ ডাক্তৰৰ লগত কথা পাতিবলৈ গৈছে। দেউতাই বিচাৰিছে ডিব্ৰুগড়ৰ বেলেগ
হস্পিতালৰ পৰা বা প্ৰয়োজন হ’লে গুৱাহাটীৰ পৰা ভাল
ডাক্তৰ আনি আইতাক চাৱক। কেভিনে পিছে বিদেশলৈ নিয়াটোতে জোৰ দি আছে”।
ক্লাৰা আৰু প্ৰশান্তই এজন
এজনকৈ আই চি ইউৰ ভিতৰলৈ গৈ আইতাকক চাই আহিল। আইতাকে দুয়োকে চিনি পাই সামান্যকৈ
হাঁহিলে। ওলাই আহি ক্লাৰাই ক’লে, “আইতাক দেখিলে অসুখ হোৱা যেন লগাই নাই। তেওঁ এতিয়াও
হাঁহিমুখেই আছে”।
অনুপমাই ক্লাৰা আৰু
প্ৰশান্তক জিৰণি কোঠটোত বহিবলৈ ক’লে। কিন্তু প্ৰশান্তই ক’লে, “তোমালোক
দুজনী জিৰনি কোঠালৈ যোৱাগৈ। মই অলপ ইয়াতে ৰৈ দিছোঁ”।
“তুমি অলপ ৰেষ্ট লোৱা দৰকাৰ অনুপমা। ব’লা মোৰ লগত”। এই বুলি ক্লাৰাই অনুপমাক জোৰ কৰি জিৰনি কোঠালৈ লৈ গ’ল।
ডাক্তৰৰ লগত কথা পাতি অহা
কেভিনক যথেষ্ট বিমৰ্ষ দেখা গ’ল। সি আহি প্ৰশান্তৰ ওচৰত
বহিলহি।
প্ৰশান্তই তাক সুধিলে, “কি হ’ল কেভিন”?
সি ম্লান হাঁহি এটা মাৰি
ক’লে, “একো
হোৱা নাই। অলপ মনটো বেয়া লাগিছে। তুমি আহি ভাল কৰিলা। ক্লাৰাও তোমাৰ লগত আহিছে
নেকি”?
প্ৰশান্তই ক’লে, “আমি
আহি পোৱা বেছি সময় হোৱা নাই। ডাক্তৰে কি কৈছে কোৱাচোন। একো ভয় খাব লগীয়া নাই তো”?
কেভিনে ক’লে, “আইতাক
মই লণ্ডনলৈ লৈ যাব বিচাৰোঁ। আইতাৰ ব্যক্তিগত চিকিত্সক জনৰ লগত কথা পাতিছিলোঁ। তেওঁ
যিমান পাৰি সোনকালে লৈ যাবলৈ কৈছে। কিন্তু ইয়াত ডাক্তৰে কৈছে এনে অৱস্থাত লৈ গ’লে এই দীঘলীয়া যাত্ৰাটো তেওঁ বাচি নাথাকিব। এতিয়া মই
ইয়াত যি ডাক্তৰ, যি চিকিত্সা ব্যৱস্থা আছে তাৰ
ওপৰতে ভৰসা কৰি থাকিব লাগিব। কেতিয়াবা মানুহ সঁচাকৈয়ে অসহায় হৈ পৰে প্ৰশান্ত”।
দুপৰীয়া আইতাকক পৰীক্ষা
কৰি ডাক্তৰে কেভিনক মাতি পঠিয়ালে। সেই সময়ত কেভিনে অলপ টোপনি গৈছিল। অনুপমাই
কেভিনক নজগাই নিজেই ডাক্তৰৰ ওচৰলৈ গ’ল।
ডাক্তৰ জনে অনুপমাক
সুধিলে, “ৰোগী আপোনাৰ কি হয়? মই ৰোগীৰ কোনোবা আত্মীয় স্বজনকহে বিচাৰিছিলোঁ”।
“ৰোগী মোৰ আইতা হয়। মোৰ অতি আপোন আইতা। আপুনি মোক সকলো
ক’ব পাৰে। আইতাৰ নাতি কেভিন এতিয়া অলপ শুইছে। কালি ৰাতি
সি শোৱা নাই। মই সেই কাৰনে তাক নজগালোঁ”।
ডাক্তৰ জনে এবাৰ অনুপমাৰ
মুৰৰ পৰা ভৰিলৈ চালে। তেওঁ অনুপমা কেনেকৈ বিদেশী মহিলাগৰাকীৰ নাতিনী হ’ব পাৰে সেই কথা যেন বুজিব নোৱাৰিলে। তেওঁ কিছু গহীন
ভাৱে ক’লে, “ৰোগীৰ অৱস্থা ভাল নহয়। বয়স হোৱাৰ কাৰনে তেওঁ সুস্থ হ’বলৈ সময় লাগিব। মিষ্টাৰ কেভিনে জোৰ কৰিছে ৰোগীক লণ্ডনলৈ লৈ যাবলৈ অনুমতি দিব
লাগে। পিছে এয়া এক অতি বিপদজনক সিদ্ধান্ত”।
“আপুনি কি পৰামৰ্শ দিব ডাক্তৰ। তেওঁক লৈ যাব পৰা নাযাব নেকি”? অনুপমাই
উত্কণ্ঠাৰে সুধিলে।
“মই মাথোন ইয়াকে ক’ব পাৰোঁ যে ৰোগীৰ আত্মবিশ্বাস আৰু এই যাত্ৰাটোৰ কষ্ট সহ্য কৰিবলৈ তেওঁৰ মানসিক
বলৰ ওপৰত সকলো নিৰ্ভৰ কৰে। সেয়েহে মোৰ পৰামৰ্শ হ’ল, ৰোগী যিহেতু সচেতন অৱস্থাতে আছে, কথাটো এবাৰ তেওঁকো জনাই চাওক। তেওঁ নিজে মন কৰিলহে, তেওঁৰ নিজৰ আত্মবিশ্বাস থাকিলেহে আপোনালোকে এই বিষয়ে
সিদ্ধান্ত এটা লোৱা উচিত। এটা কথা মনত ৰাখিব এই দীঘলীয়া বিমান যাত্ৰা কোনো মেডিকেল
এইড নোলোৱাকৈ কৰিলে ৰোগী বাচি থকাৰ আশা অতি ক্ষীণ। ইমান খিনি বুজোৱাৰ পিছতো
আপোনালোকে ৰোগীক উন্নত চিকিত্সাৰ কাৰনে বাহিৰলৈ লৈ যাবলৈ জোৰ কৰিলে আমি অনুমতি দিম”।
অনুপমা ডাক্তৰৰ ওচৰৰ পৰা
উভতি আহি দেখিলে কেভিনে সাৰ পাইছে। তাই কেভিনৰ লগত ডাক্তৰে কোৱা কথা খিনি আলোচনা
কৰিলে। কেভিনে ক’লে, “ডাক্তৰে ঠিকেই কৈছে। ব’লা অনুপমা, আমি দুয়ো এবাৰ আইতাৰ ওচৰৰ পৰা
আহোঁ”।
কেভিন আৰু অনুপমা দুয়োকে
দেখি আইতাকৰ মুখ খন যেন উজ্বলি উঠিল। অনুপমাই তেওঁৰ মুৰ শিতানত বহি হাতেৰে মুৰত
হাত ফুৰাই দিলে।
কেভিনে আইতাকৰ হাত এখন
ধৰি লাহে লাহে ক’লে, “আইতা, আমি ভাবিছোঁ সোনকালেই আমি
আটায়ে লণ্ডনলৈ ঘুৰি যাম। লাহে লাহে তুমি সুস্থ হ’বা। তুমি যাব পাৰিবা নহয়নে আইতা”?
আইতাকে কেভিনৰ মুখৰ পিনে
কিছুপৰ চাই থাকি লাহে লাহে মুৰ জোকাৰিলে। তেওঁ জনাব বিচাৰিলে যে তেওঁ যাব নোৱাৰিব।
কেভিনে আকৌ ক’লে, “আইতা, তোমাৰ কাৰনে এয়াৰ এম্বুলেন্সৰ ব্যৱস্থা কৰিম। তুমি
একো চিন্তা নকৰিবা। তুমি ভালে ভালেই লণ্ডন পাই যাবা”।
আইতাকে আকৌ লাহে লাহে মুৰ
জোকাৰিলে। তেওঁ কিবা ক’বলৈ বিচাৰিলে। কিন্তু
তেওঁৰ মাতটো ফুটি নোলাল। অনুপমাই তাইৰ কাণখন আইতাকৰ মুখৰ ওচৰলৈ লৈ গ’ল। তেওঁ প্ৰায় ফুচ ফুচনিৰ দৰে মাতেৰে ক’লে, “মোক
ইয়াতেই মৰিবলৈ দিয়া”।
অনুপমাৰ চকু দুটা চলচলীয়া
হৈ পৰিল। তাই কেভিনক ক’লে, “আইতা যাবলৈ বিচৰা নাই কেভিন”। কেভিনে একো নামাতিলে। সি
যেন আইতাকৰ অনুভূতি খিনি বুজি পালে। সি আইতাকৰ হাতখন অলপ সময় খামুচি ধৰি থাকিল।
কেভিনে আকৌ মাকৰ লগত কথা
পাতিলে। মাকক সি বুজালে যে আইতাকক এনে অৱস্থাত স্থানান্তৰিত কৰা সম্ভৱ নহয়। ইমান
দুৰ যাত্ৰা কৰিবলৈ আইতাকৰ মনোবল আৰু শাৰীৰিক বল দুইটাই নাই। তাৰ কথা শুনি মাকে
নিজেই অহাৰ কথা ভাবিলে।
তেওঁ ক’লে, “মই
আজিয়েই ভিছাৰ কাৰনে আৱেদন কৰিম। ভিছা পালেই মই গুচি যাম। তেতিয়ালৈ মাক তোমালোকে
জীয়াই ৰাখা”।
“তুমি যিমান পাৰা সোনকালে আহা মা। তোমাক দেখা পালে
আইতাই নিশ্চয় ভাল পাব। আইতাক আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিম মা”। কেভিনে ক’লে।
পিচবেলা খবৰ কৰিবলৈ
প্ৰশান্তৰ মাক দেউতাক, ডিম্ব ফুকনৰ পৰিয়াল আৰু
মোহন চেতিয়া আহিল। আই চি ইউৰ বাহিৰৰ বাৰাণ্ডাত সৰু
সুৰা ভিৰ এটা হ’ল। সকলোৱে কেভিনক লগ ধৰি আইতাক
সোনকালে আৰোগ্য হোৱাৰ শুভ কামনা জনালে।
প্ৰশান্তৰ দেউতাকে কেভিনৰ
লগত আইতাকৰ অৱস্থাটোৰ বিষয়ে আলোচনা কৰিলে। তেওঁ নিজেও চোৱা চিতা কৰা ডাক্তৰ জনৰ
লগত কথা পাতিলে। ডাক্তৰে অৱস্থা সুস্থিৰ যদিও বিপদমুক্ত নহয় বুলি ক’লে। দৰৱে কাম কৰিছে যদিও বয়সৰ কাৰনে কিছুমান অংগৰ স্ব
অৱনতি আৰম্ভ হোৱা কাৰনে আশানুৰূপ ভাৱে অৱস্থা ভাললৈ অহা নাই। ডাক্তৰে ক’লে যে এই সময়ত ধৈৰ্য্য আৰু প্ৰাৰ্থনাৰ প্ৰয়োজন।
ৰাতি হোৱাৰ পিছত
প্ৰশান্তৰ মাক দেউতাক যাবলৈ ওলাল। ডিম্ব ফুকন হঁতো গ’লগৈ।
“যোগেন, ইমান মানুহ ইয়াত থকাৰ
প্ৰয়োজন নাই। মই ভাবিছোঁ তুমি, অনুপমা আৰু ক্লাৰা আমাৰ
লগতে দুলীয়াজানলৈ ওলোৱা। ৰাতিটো জিৰণি লৈ ৰাতিপুৱা আকৌ আহিবা। ময়েই থৈ যাম। আজি
ৰাতি কেভিনৰ লগত ই প্ৰশান্তই থাকক”। প্ৰশান্তৰ দেউতাকে ক’লে।
“মই নাযাওঁ খুড়া। আপুনি দেউতা আৰু ক্লাৰাক লৈ যাওক”। অনুপমাই ক’লে।
ক্লাৰাৰ পিনে চাই তাই ক’লে, “তুমি
দেউতা হঁতৰ লগতে যোৱাগৈ ক্লাৰা। মই আছোঁৱেই”।
ক্লাৰাই আপত্তি কৰিলে। “আজি ময়ো তোমাৰ লগত থাকিম পমা। তোমাৰ বহুত কষ্ট হৈছে।
তুমি আজি ৰেষ্ট ল’বা”।
“অনুপামা আৰু ক্লাৰা দুয়োজনী যদিথাকা, মই আৰু নাথাকোঁ। কাইলৈ ৰাতিপুৱা মোৰ অফিচত দৰকাৰী কাম
আছে”। এইবুলি প্ৰশান্তই তাৰ বাইক ষ্টাৰ্ট দি যাবলৈ ওলাল।
ক্লাৰাই লৰ মাৰি তাৰ
ওচৰলৈ আহি ক’লে, “তুমি অকলেই যাবাগৈ? মোৰ তোমাৰ লগত গৈ যোৱাকালিৰ দৰে অলপ সময় কটাবলৈ মন
আছিল। কিন্তু মই লগত গ’লে কিজানি তোমাৰ
অসুবিধাহে হ’ব। সেই কাৰণে মই নাযাওঁ দিয়া”।
ক্লাৰাৰ চাৱনিৰ ভাষা
প্ৰশান্তই বুজি পোৱা হৈছে। চকুৰ চাৱনিৰেই তাই মানুহক ধৰাশায়ী কৰিব পাৰে। তাইৰ আবেগ
সনা চকুজুৰিয়ে তাৰ সকলো সংযম, সকলো শৃংখল খহাই নিব
বিচাৰে।
মানুহবোৰ যোৱাৰ পিছত
অনুপমাই কেভিনক খাই বৈ শুই যাবলৈ ক’লে। আগৰাতি টোপনি ক্ষতি
কৰাৰ পিছত তাৰ ভালদৰে শোৱাই হোৱা নাই।
তাই ক’লে, “তুমি
গা পা ধুই, খাই বৈ শুই লোৱা। আজি ৰাতি মই
আৰু ক্লাৰাই পহৰা দিম”।
কেভিনে ক’লে, “মোৰ
কাৰণে চিন্তা নকৰিবা। মোৰ টোপনি ক্ষতি কৰাৰ অভ্যাস আছে”। অনুপমাই নামানিলে। তাই
তাক খাই বৈ সোনকালে শুই থাকিবলৈ জোৰ দি ধৰিলে।
কেভিনে গা ধুই ভাত খাই
অহাৰ পিছত অনুপমা আৰু ক্লাৰায়ো ভাত খাই আহিল। কেভিনক শুবলৈ দি দুইজনী আই চি ইউৰ
বাহিৰত থকা চকী কেইখনত বহিল। অলপ সময় পিছতে ভাগৰ আৰু অৱসাদত অনুপমাৰ চকু দুটা টানি
ধৰিলে। তাই চকীতে ঢলি পৰোঁ পৰোঁ হ’ল। ক্লাৰাই তাইক জিৰনি
কোঠালৈ গৈ শুই থাকিবলৈ ক’লে।
তাই ক্লাৰাক ক’লে, “মই
মাত্ৰ আধাঘণ্টা মানহে জিৰনি ল’ম। আধা ঘণ্টা পিছতে তুমি
মোক জগাই দিবা”। তাই জিৰনি কোঠালৈ গৈ বিচনাত বাগৰি দিলে। অলপ
সময়ৰ পিছতে তাইৰ টোপনি আহি গ’ল।
অনুপমা আহি কাষৰ বিচনা
খনত শুই পৰা সময়লৈ কেভিনৰ টোপনি অহা নাছিল। আগত থকা দিন কেইটা কেনেকৈ পাৰ হ’ব তাকেই সি চিন্তা কৰি আছিল। অনুপমা আহি শুই পৰা দেখি
সি বুজিলে তাইৰ খুব ভাগৰ লাগিছে। নহ’লে তাই এনেদৰে শুই নপৰে।
সি তাইৰ গাত কম্বল খন দি বাহিৰলৈ ওলাই আহিল।
বাহিৰত তেতিয়া বৰ জাৰ
পৰিছে। সি ক্লাৰাৰ ওচৰত বহিল। ক্লাৰাই ক’লে, “বতৰটো একেবাৰে লণ্ডনৰ বতৰ যেন লাগিছে নহয়নে কেভিন”? ৰাতি এইটো সময়ত হস্পিতালৰ আই চি ইউৰ বাহিৰৰ চকীত বহি
বতৰৰ কথা পাতিবলৈ কেভিনে কোনো আগ্ৰহ অনুভৱ নকৰিলে। সি তলমুৰকৈ বহি থাকিল।
ক্লাৰাই ক’লে, “মই
তোমাক এটা কথা ক’ব বিচাৰিছোঁ কেভিন, আশাকৰোঁ তুমি বুজি পাবা”।
কেভিনে ক্লাৰাৰ মুখলৈ
চালে। তাই তাৰ পিনে নোচোৱাকৈ ক’লে, “মই যে তোমাক এদিন সুধিছিলোঁ, নাৰী এগৰাকী বিবাহিত হৈয়ো বা সংগী এজন থকা স্বত্বেও কেনেকৈ পৰ পুৰুষৰ প্ৰতি
আকৃষ্ট হ’ব পাৰে, তোমাৰ মনত আছেনে’?
কেভিনে মুৰ দুপিয়ালে। তাৰ
মনত আছে। তাই কৈ গ’ল, “মই নিজেই প্ৰমান পাইছো কেভিন, নাৰী এগৰাকীয়ে নিজৰ সংগীৰ মাজত তেওঁ মনে বিচৰা সকলোখিনি নাপালে পৰ পুৰুষৰ
প্ৰতি আকৃষ্ট হ’ব পাৰে”।
কেভিনে তাইৰ কথা মন দি
শুনিলে। সি একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে।
“কেভিন, যেতিয়া মই সেই দৃশ্যটোৰ
কাৰনে স্ক্ৰিপ্ত খন লিখি আছিলোঁ, এই সম্পৰ্কে মোৰ কোনো
অভিজ্ঞতা নাছিল। কিন্তু এতিয়া মই বুজি উঠিছোঁ নাৰী এগৰাকীয়ে তেওঁ মনে প্ৰাণে বিচৰা
কিছুমান গুণ দেখা পালে আন এজন পুৰুষৰ প্ৰতি দুৰ্বল হৈ পৰিব পাৰে। তুমি বুজিছানে মই
কি ক’ব বিচাৰিছোঁ”।
কেভিনে তাইৰ পিনে চাই
লাহেকৈ মুৰ লৰালে। সি একো বুজি পোৱা নাই। তাই অলপ ৰ’ল। উঠি গৈ তাই আই চি ইউৰ দুৱাৰখনৰ কাষৰ পৰা ঘূৰি আহিল।
আই চি ইউৰ বাহিৰত ৰৈ থকা
আন মানুহ বোৰেও বহি বহি টোপনিয়াবলৈ ধৰিছে। দুই এজনে সৰু সৰু মাতেৰে কথা পাতিছে।
ক্লাৰা উভতি আহিকেভিনৰ
ওচৰত বহি সৰু মাতেৰে তাক ক’লে, “মই যদি কোনোবা পৰ পুৰুষৰ প্ৰতি আকৰ্ষিত হওঁ আৰু
দুৰ্বল হৈ পৰোঁ, তোমাৰ কেনে লাগিব কেভিন”?
কেভিনে তাইৰ কথাত আমনি
পালে। সি ক’লে, “এইবোৰ তোমাৰ কল্পনাপ্ৰসূত কথা আমি পিছে পৰেও পাতিব পাৰিম। এইবোৰ কথা পাতিবলৈ
এয়া সঠিক সময় হয় জানো ক্লাৰা”?
তাৰ কথাত ক্লাৰা অলপ
ক্ষুন্ন হ’ল। তাই উষ্মা মিহলি সুৰত ক’লে, “তুমি
কেতিয়াবা মোৰ কথা বুজিবলৈ চেষ্টা কৰিছানে? কেতিয়াবা মোৰ কথা মন দি শুনিছানে”?
তাইৰ মাতটো অলপ ডাঙৰকৈ
ওলোৱাত কেভিনে তাইক মনে মনে থাকিবলৈ ইংগিত দিলে। ক্লাৰাই নিৰৱ হৈ বহি পৰিল। তাইৰ
মনটো যেন ভাঙি গ’ল। তাই ক্ষীণ মাতেৰে ক’লে, “তুমি
শুই থাকাগৈ যোৱা। কিবা দৰকাৰ হ’লে মই তোমাক জগাই দিম”।
কেভিন জিৰণি কোঠালৈ উভতি
আহিল। দুৱাৰখন খোলোতে হোৱা শব্দ এটাত অনুপমাই চক খোৱাৰ দৰে সাৰ পাই উঠিল। কেভিনক
দুৱাৰ খুলি সোমাই অহা দেখি তাই ক’লে, “তুমি শোৱা নাই কেভিন”?
সি ক’লে, “টোপনি
অহা নাই অনুপমা। মনটোক মই শান্ত কৰিব পৰা নাই। মায়ে আইতাক আনিবলৈ মানা কৰাৰ পিছতো
মই তেওঁক বুজাই বঢ়াই আইতাক লৈ আহিছিলোঁ। এতিয়া আইতাৰ এনে অৱস্থাত
মায়ে আইতাক লৈ যাবলৈ কৈ আছে, কিন্তু সেয়াও মই কৰিব পৰা
নাই। মায়ে ভিছা পালেই আহিব বুলি কৈছে। মা আহি পোৱালৈ আইতা বাচি থাকিলেই হয়”।
অনুপমাই চকু মোহাৰি
বিচনাতে বহিল। তাই ক’লে, “মনটোক শান্ত কৰি অলপ শুবলৈ চেষ্টা কৰা কেভিন। তোমাৰ
গা টো বেয়া হ’লে কি হ’ব কোৱাচোন? লাইটতো অফ কৰি তুমি শুই
যোৱা”।
কেভিনে বিচনাত দীঘল দি
লাইট টো অফ কৰি দিলে। সি ক’লে, “মই বৰ অসহায় অনুভৱ কৰিছোঁ অনুপমা”।
অনুপমাই লাহেকৈ ক’লে, “মই
বুজিছোঁ কেভিন”।
এটা সময়ত কেভিনৰ টোপনি
আহিল। অনুপমাই অলপ সময় বাগৰি থাকিল। তাইৰ গা টোও অৱশ অৱশ
লাগিল। তাইৰ আৰু অলপ শুবলৈ মন গ’ল। কিন্তু ক্লাৰাই এনে
পৰিৱেশত অকলে থকাটো ভাল নহ’ব বুলি ভাবি তাই উঠি
আহিল। ক্লাৰাই চকীত বহি মুৰটো বেৰত আউজাই চকু দুটা মুদি বহি বহিয়েই টোপনিয়াই আছিল।
অনুপমাই আই চি ইউত সোমাই এবাৰ আইতাকক চাবলৈ গ’ল।
আই চি ইউৰ ভিতৰত আইতাক
শুই আছে। বিভিন্ন মনিটৰত তেওঁৰ দেহৰ পৰা
অহা বিভিন্ন সংকেত নিদৰ্শন কৰা ৰেখা কিছুমান উঠা নমা কৰি আছে। তাইৰ এনে লাগিল যেন
ৰেখাবোৰ আগৰ দৰে উশৃংখল হৈ থকা নাই, এক নিয়মিত আৰ্হিত ৰেখাবোৰ
উঠা নমা কৰি আছে। তাইৰ মনটো ভাল লাগিল।
কৰ্তব্যত থকা নাৰ্চ জনীয়ে
অনুপমাক অনুচ্চ স্বৰত ক’লে, “আইতাজনী বৰ ধুনীয়া। বেলেগ দেশৰ মানুহ যদিও আমাৰ ইয়াৰে
মানুহ যেনেই লাগিছে। আমি আটায়ে প্ৰাৰ্থনা কৰিছোঁ তেওঁ যেন সোনকালে ভাল হয়”। অনুপমাই হাঁহিলে।
নাৰ্চ জনীয়ে আকৌ ক’লে, “বাইদেউ
এখেত আপোনাৰ কি হয়”? অনুপমাই ক’লে, “এয়া মোৰ আইতা, মোৰ অতি মৰমৰ আইতা”। নাৰ্চ জনীয়ে চকু দুটা ডাঙৰ কৰি এনেদৰে চালে যেন কথাটো
তেওঁৰ বিশ্বাস নহ’ল।
বাহিৰলৈ আহি অনুপমা
ক্লাৰাৰ ওচৰত বহিল। ক্লাৰাই সাৰ পালে। তাই অনুপমাক ক’লে, “তুমি কিয় উঠি আহিলা? কিবা প্ৰয়োজন হ’লে মই মাতিলোঁ হেতেন”।
অনুপমাই ক’লে, “আমি
একেলগে থাকিলে ভাল লাগিব। অকলে তুমি আমনি পাবা”।
ক্লাৰাই অনুপমাৰ গাত হাত
এখন দি ক’লে, “তুমি সঁচাকৈয়ে বৰ ছুইট পমা। তুমি সকলো মানুহৰ কথা ভাবা। সকলোৰে মনৰ কথা বুজিব
পাৰা। যিকোনো মানুহে তোমাক ভাল পাই পেলাব। মই আচৰিত হৈছোঁ
যে তোমাৰ এতিয়াও কোনো বয়ফ্ৰেণ্ড নাই”।
অনুপমাই হাঁহি ক’লে, “সকলো
বস্তু সকলোৰে ভাগ্যত নাথাকে ক্লাৰা। পিছে তাৰ কাৰনে মোৰ কোনো আক্ষেপ নাই। তুমি আছা, কেভিন আছে, মোৰ বাকী বোৰ বন্ধু আছে।
মোক আকৌ বয়ফ্ৰেণ্ড এজন লাগিছে কেলেই”।
ক্লাৰাই ক’লে, “ঠিকেই
অনুপমা। সকলো বস্তু সকলোৰে ভাগ্যত নাথাকে। কেতিয়াবা মানুহে কিছুমান বস্তু বিচাৰি
এনেয়ে হাবাথুৰি খায়। বিচৰা বস্তু সকলোৱে নাপায়। তাৰ কাৰনে আক্ষেপ কৰি লাভ নাই”।
অনুপমাই সুধিলে, “তুমি এতিয়া এইবোৰ কথা কিয় উলিয়াইছা ক্লাৰা”?
ক্লাৰাই ক’লে, “মই
তোমাৰ নিচিনা ছুইট গাৰ্ল কেতিয়াও হ’ব নোৱাৰিম। সেই কাৰনেই
চাগে কিছুমান মানুহে মোক ভাল নাপায়”।
অনুপমাই ক’লে, “তুমি
কি কথা কৈছা ক্লাৰা, তোমাক কোনে ভাল নাপায়? তোমাক ভাল পোৱা মানুহ এতিয়াও বহুত আছে। আৰু এটা কথা
জানা, তুমি হাজাৰ চেষ্টা কৰিলেও আনৰ
ভালপোৱা জোৰকৈ আদায় কৰিব নোৱাৰা। যি জনে তোমাক ভাল পাব, তুমি একো নকৰিলেও তেওঁ তোমাক ভাল পাব”।
ক্লাৰাই ক’লে, “তুমি
একেবাৰে সঁচা কথা কৈছা অনুপমা”।
এখন শ্বল গাত দীঘলকৈ
মেৰিয়াই অনুপমা আৰু ক্লাৰা দুয়ো বহি বহিয়েই টোপনি গ’ল। পুৱতি নিশা নাৰ্চ এজনীয়ে আহি অনুপমাক জগাই দি ক’লে, “বাইদেউ, আপোনালোকে কোঠাতে শোৱক গৈ। আইতা ধুনীয়াকৈ শুই আছে। মই চাই আহিছোঁ, সকলো নৰ্মেল থকা যেন লাগিছে”।
অনুপমাৰ মনটোত হঠাতে যেন
বৰ ৰং লাগিল। তাই ক্লাৰাই জগাই দি ক’লে, “শুনিছা ক্লাৰা, ঈশ্বৰে মোৰ প্ৰাৰ্থনা শুনিলে। আইতা ভাল হৈ আহিছে। আইতাক মই ভালে ভালে ওভতাই লৈ
যাব পাৰিম”।
ক্লাৰাই এঙামুৰি কাঢ়ি
টোপনিতে কোৱাৰ দৰে ক’লে, “‘খুব ভাল খবৰ অনুপমা”।
অনুপমাই ক’লে, “ব’লা আমি কেভিনক কথাটো কওঁ”।
No comments:
Post a Comment